Class 12 Education Chapter – 5 ( খ ) মনােযােগ আৰু আগ্রহ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Education Chapter 5 ( খ ) মনােযােগ আৰু আগ্রহ and select needs one.
Class 12 Education Chapter – 5 ( খ ) মনােযােগ আৰু আগ্রহ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Education Chapter – 5 ( খ ) মনােযােগ আৰু আগ্রহ Solutions for All Subject, You can practice these here…
টোকা লিখা ( মূল্যাংক ৪ )
প্রশ্ন ১। মনােনীত আৰু অমনােনীত আগ্রহ ।
উত্তৰঃ সুপ্ত আগ্রহ হৈছে জন্মগত আৰু জৈৱিক প্রয়ােজন ভিত্তিক আনহাতে আজিত আগ্রহ হৈছে শিক্ষামূলক আৰু পৰিবেশৰ প্ৰভাৱ সাপেক্ষ । সুপ্ত আগ্রহ হৈছে অনৈচ্ছিক বিধৰ আৰু আর্জিত আগ্রহ হৈছে মনৰ ইচ্ছা আৰু ক্রিয়া তৎপৰতাই সক্রিয় কৰি তােলা মানসিক অৱস্থা । সুপ্ত আগ্রহ ব্যক্তিৰ গােটেই জীৱনত একেদৰে নাথাকে কিন্তু আর্জিত আগ্রহ গােটেই জীৱনব্যাপী একেদৰে থাকিব পাৰে । সুপ্ত আগ্ৰহৰ অভিজ্ঞতা সার্বজনীন কিন্তু আর্জিত আগ্রহ অভিজ্ঞতা একান্তব্যক্তিগত । শিশুৱে খেল – ধেমালিৰ প্ৰতি দেখুওৱা আগ্রহ হ’ল এই সুপ্ত আগ্রহ । উদাহৰণ এজন চিকিৎসকে ৰােগীৰ প্ৰতি দেখুওৱা আগ্রহ হ’ল আর্জিত আগ্রহৰ উদাহৰণ ।
প্রশ্ন ২। জ্ঞানেনিন্দ্রয়গত মনােযােগ আৰু ধাৰণাগত মনােযােগ ।
উত্তৰঃ উদ্দীপকৰ পৰা প্রত্যক্ষভাৱে সংবেদন লাভৰ ফলত যি মনােযােগ দিয়া হয় তাক সংবেদনাত্মক মনােযােগ বােলা হয় । এই মনােযােগৰ বাবেই আমি ইন্দ্রিয়গ্রাহ্য বস্তুৰ প্রতি আকর্ষিত হওঁ । দৃষ্টি , শক , গন্ধ , স্পর্শ , স্বাদ আদি সংবেদন অনুভূতিৰ ফলত দিয়া মনােযােগ এনে ধৰণৰ । প্রাকৃতিক সৌন্দর্য , সংগীত আদিৰ প্রতি মনােযােগ সংবেদনাত্মক মনােযােগ ।
ভাবাত্মক মনােযােগ ইন্দ্রিয়যােগে গােৱা প্রত্যক্ষ সংবেদনৰ ওপৰত নিৰ্ভৰ নকৰে । ইয়াৰ বাবে প্রয়ােজন হয় অতীত অভিজ্ঞতাৰ পূর্ব অভিজ্ঞতা থকা কোনাে বস্তু বা ভাব চিন্তা , আৱেগ আদিৰ প্রতি যেতিয়া মনােযােগ দিওঁ তাক ভাবত্মক মনােযােগ বােলে ।
প্রশ্ন ৩। প্রকাশ্য আৰু গুপ্ত মনােযােগ ।
উত্তৰঃ প্রকাশ্য আৰু গুপ্ত মনােযােগক ক্রমে স্পষ্ট আৰু অনুমিত মনােযােগ বুলিও কোৱা হয় । প্রকাশ্য মনােযােগ ব্যক্তি তৎকালীন পৰিস্থিতিৰ প্রয়ােজনীয়তাৰ দ্বাৰা প্ৰভাৱিত হয় । বাস্তৱ পৰিস্থিতিৰ প্ৰভাৱত ইচ্ছাকৃতভাৱে মনােযােগ দিয়াটো ইয়াত অনিবার্য হৈউঠে । যেনে— ছাত্ৰই পৰীক্ষাৰ সময়ত অধ্যয়নত দিয়া মনােযােগ ।
কোনাে এটা বিশেষ বিষয় বা কাৰ্যৰ প্ৰতি দীর্ঘ দিন ধৰি ঐচ্ছিক মনােযােগ প্রদান কৰা হয় , যাক অনুমিত বা গুপ্ত মনােযােগ বুলি কোৱা হয় । ইয়াত জ্ঞানৰ গভীৰতা আৰু ইচ্ছা আগ্রহে ব্যক্তিক কোনাে বিষয়ৰ প্রতি গভীৰভাৱে আভ্যন্তৰীণ ৰূপত জড়িত কৰি তােলে ।
প্রশ্ন ৪। বলবৎ কৰা আৰু স্বতঃস্ফূর্ত মনােযােগ ।
উত্তৰঃ আৰােপিত মনােযােগ :– আৰােপিত মনােযােগ হৈছে প্রবৃত্তিমূলক । এইবিধ অনৈচ্ছিক মনােযােগত বিষয়বস্তুৰ ইন্দ্রিয় আকর্ষণীয়তাই মনােযােগক টানি নিয়ে । উজ্জ্বল পােহৰ বা তীব্র শব্দই ইন্দ্রিয়ক আকর্ষণ কৰি পৰিবেশৰ আন উদ্দীপকৰ পৰিবৰ্তে সেই উদ্দীপকসমূহৰ প্রতি মনােযােগ নিক্ষেপ কৰে । ফলত আৰােপিত মনােযােগত ব্যক্তিয়ে অনিচ্ছাকৃতভাৱে হলেও মনােযােগ দিয়ে ।
স্বতঃস্ফূর্ত মনােযােগ :- এইবিধ মনােযােগ অনৈচ্ছিক যদিও ব্যক্তি মনৰ মুক্ততা আৰু স্বতঃস্ফুর্ততাৰ দ্বাৰা পৰিচালিত হয় । এই মনােযােগত ইন্দ্রিয় অনুভূতিৰ পুনৰাবৃত্তিৰ ফলত স্থায়ী ৰূপত গঢ়ি উঠা ভাববৃত্তিয়ে মনােযােগক প্ৰভাৱিত কৰি তােলে , ফলত ই স্বতঃস্ফুর্ত ভাৱে প্রকাশ পায় ।
প্রশ্ন ৫। মনােযােগ আৰু আগহৰ মাজত সম্পর্ক আলােচনা কৰা ।
উত্তৰঃ মনােযােগ আৰু আগ্ৰহৰ সম্বন্ধ :- মনােযােগ আৰু আগ্রহ এটাৰ লগত আনটো বিশেষভাৱে জড়িত । মনােযােগ হ’ল কোনাে বস্তু বা বিষয় সম্পর্কে একান্তভাবে সচেতন হােৱা । ই মনৰ এক সক্রিয় অবস্থা , য’ত মানসিক নির্বাচন , সংগঠন আৰু প্ৰচেষ্টামূলক কার্যসমূহ সংঘটিত হয় । আনহাতে আগ্রহ হৈছে মনােযােগৰ আভ্যন্তৰীণ কাৰণ । ই ব্যক্তিমনৰ প্রৱণতা , আৱেগ , অনুভূতি , ইচ্ছা , ভাব বৃত্তি আদিৰ এক সুপ্ত অবস্থা । ই ব্যক্তিৰ সুপ্ত আৰু সহজাত প্রবৃত্তিৰ ওপৰত অধিক নির্ভৰ কৰে । কোনাে বস্তুৰ প্রতি আগ্রহ জন্মিলেহে আমি তাৰ প্রতি মনােযােগ দিব পাৰোঁ । সেয়ে মনােযােগ আৰু আগ্রহক ষ্টাউটে এটা মুদ্ৰাৰ দুটা পিঠি বুলি ব্যাখ্যা কৰিছে । কিয়নাে কোনাে বস্তু বা বিষয়ৰ প্রতি আমাৰ আগ্রহ আছে বুলিলে বুজিব লাগিব যে তাৰ প্রতি মনােযােগ দিবলৈ মনৰ প্রস্তুতি আছে । আনহাতে কোনাে বস্তুৰ প্ৰতি মনােযােগী বুলি ক’লে বুজিব লাগিব সেই কামৰ প্রতি আমাৰ মানসিক প্রৱণতাৰ কার্যতৎপৰতা প্রকাশ পাইছে । সেইবাবে মেকডুগালে কৈছে যে— ‘ আগ্রহ হৈছে সুপ্ত মনােযােগ আৰু মনােযােগ হ’ল ক্রিয়াশীল আগ্রহ । ‘ মনৰ অন্তনিহিত আগ্রহৰ ফলত মনােযােগ সৃষ্টি হয় । আগ্রহেই মনােযােগৰ বিষয়বস্তু নিৰ্দ্ধাৰণ কৰে । অৱশ্যে আগ্রহ যিদৰে মনােযােগৰ কাৰণ , মনােযােগে সেইদৰে আগ্ৰহৰ কাৰণ হৈ উঠিব পাৰে ।
মনােবিদ ৰচৰ ( Ross ) মতে প্রত্যেক প্রেৰণামূলক কার্যৰ পাছত কোনাে এক মানসিক সংগঠনে কাম কৰে । গতিকে মনােযােগৰ পাছত কাম কৰা মানসিক প্রৱণতাই হৈছে আগ্রহ । সেয়েহে মনােযােগ আৰু আগ্রহক এটা মুদ্ৰাৰ ইপিঠি সিপিঠি বুলি ক’ব পাৰি ।
প্রশ্ন ৬। অস্থিৰ মনােযােগ বুলিলে তুমি কি বুজা ব্যাখ্যা কৰা ।
উত্তৰঃ মনযােগ স্থিতিশীল নহয় , ই সদায় গতিশীল আৰু অস্থিৰ । ব্যক্তি মনে চেষ্টা কৰিলেও কেৱল এটা বস্তু বা বিষয়ৰ ওপৰত মনক অধিক সময়ৰ বাবে ধৰি ৰাখিব পৰা নাযায় । মনােযােগ স্থায়িত্বহীনতা হৈছে এক : প্রধান বৈশিষ্ট্য । পৰিবেশৰ বিষয়বস্তুর প্রতি প্রবৃত্তিমূলক প্রভাৱত দিয়া মনােযােগেই হৈছে অস্থিৰ মনােযােগ । বিষয়বস্তুব উদ্দীপনা ক্ষমতা বা আকর্ষণীয়তাৰ ওপৰত ই নিৰ্ভৰ কৰে । উজ্জ্বল পােহৰ বা তীব্র শব্দই ইন্দ্রিয়ক আকর্ষণ কৰি মনোযােগৰ প্রৱণতা সৃষ্টি কৰে । ফলত ব্যক্তিয়ে অনিচ্ছাকৃতভাৱে মনােযােগ দিয়ে । শিশুসকলৰ মনােযােগক অস্থিৰ মনােযােগ বুলি ক’ব পাৰি ।
প্রশ্ন ৭। ‘মনােযােগ আৰু আগ্রহ একেটা মুদ্ৰাৰে ইপিঠি – সিপিঠি— ব্যাখ্যা কৰা ।
উত্তৰঃ মনােযােগ আৰু আগ্রহ এটাৰ লগত আনটো বিশেষভাবে জড়িত । মনােযোগ ই’ল কোনাে বস্তু বা বিষয় সম্পর্কে একান্তভাবে সচেতন হােৱা । ই মনৰ এক সক্রিয় অবস্থা , যত মানসিক নির্বাচন , সংগঠন আৰু প্ৰচেষ্টামূলক কাৰ্য্যসমূহ সংঘটিত হয় । আনহাতে আগ্রহ হৈছে মনােযােগৰ আভ্যন্তৰীণ কাৰণ । ই ব্যক্তিমনৰ প্রৱণতা , আৱেগ , অনুভূতি , ইচ্ছা , ভাব বৃত্তি আদিৰ এক সুপ্ত অৱস্থা । ই ব্যক্তিৰ সুপ্ত আৰু সহজাত প্রবৃত্তিৰ ওপৰত অধিক নির্ভৰ কৰে । কোনাে বস্তুৰ প্রতি আগ্রহ জন্মিলেহে আমি তাৰ প্রতি মনােযােগ দিব পাৰোঁ । সেয়ে মনােযােগ আৰু আগ্রহক ষ্টাউটে এটা মুদ্ৰাৰ দুটা পিঠি বুলি ব্যাখ্যা কৰিছে । কিয়নাে কোনাে বস্তু বা বিষয়ৰ প্রতি আমাৰ আগ্রহ আছে বুলিলে বুজিব লাগিব যে তাৰ প্রতি মনােযােগ দিবলৈ মনৰ প্রস্তুতি আছে । আনহাতে কোনাে বস্তুৰ প্রতি মনােযােগী বুলি ক’লে বুজিব লাগিব সেই কাম । প্রতি আমাৰ মানসিক প্রৱণতাৰ কাৰ্যতৎপৰতা প্রকাশ পাইছে । সেইবাবে মেকডুগালে কৈছে যে— ‘ আগ্রহ হৈছে সুপ্ত মনােযােগ আৰু মনােযােগ হ’ল ক্রিয়াশীল আগ্রহ । মনৰ অন্তনিহিত আগ্রহৰ ফলত মনােযােগৰ সৃষ্টি হয় । আগ্রহেই মনোযােগৰ বিষয়বস্তু নিৰ্দ্ধাৰণ কৰে । অৱশ্যে আগ্রহ যিদৰে মনােযােগৰ কাৰণ , মনােযােগাে সেইদৰে আগ্ৰহৰ কাৰণ হৈ উঠিব পাৰে ।
মনােবিদ ৰচৰ ( Ross ) মতে প্রত্যেক প্ৰেৰণামূলক কার্যৰ পাছত কোনাে এক মানসিক সংগঠনে কাম কৰে । গতিকে মনােযােগৰ পাছত কাম কৰা মানসিক প্রৱণতাই হৈছে আগ্রহ । সেয়েহে মনােযােগ আৰু আগ্রহক এটা মুদ্ৰাৰ ইপিঠি সিপিঠি বুলি ক’ব পাৰি ।
প্রশ্ন ৮। ‘শিক্ষাত মনোযােগ আৰু আগ্রহ হল উপায় আৰু পৰিসমাপ্তি ‘ — ব্যাখ্যা কৰা ।
উত্তৰঃ শিক্ষা ক্ষেত্ৰত আগ্রহৰ ভূমিকা অসীম । আগ্রহ হ’ল ব্যক্তিৰ সুপ্ত আৰু অন্তর্নিহিত মানসিক অবস্থা । এই আগ্রহে শিক্ষা ক্ষেত্ৰত ছাত্র – ছাত্রীৰ ক্রিয়া – আচৰণত গতিশীলতাৰ শক্তি প্রদান কৰে । আগ্রহে মনােযােগৰ সৃষ্টি কৰি শিক্ষাক সার্থক কৰি তুলিব পাৰে । আগ্রহ নাথাকিলে ছাত্র এজনে শিক্ষণীয় বিষয়ৰ প্রতি মনােযােগ দিব নােৱাৰে । সেয়েহে আগ্রহক শিক্ষাৰ মাধ্যম । বা উপায় ( mean ) আৰু সমাপ্তি বা লক্ষ্য ( end ) বুলিও কোৱা হয় । শিক্ষকে শিক্ষাদান আৰু শিক্ষা গ্রহণ কার্য অধিক সফল কৰি তুলিবৰ বাবে উপযুক্ত শিক্ষাদান পদ্ধতি আৰু কৌশল অবলম্বন কৰিব পাৰে । উপযুক্ত শিক্ষণীয় পৰিবেশ গঠনৰ জৰিয়তে ছাত্র – ছাত্রীৰ মনত শিক্ষা গ্রহণৰ প্রতি আগ্রহ জন্মােৱাত শিক্ষকৰ ভূমিকা অসীম । বর্তমানৰ শিশুকেন্দ্রিক শিক্ষা ব্যৱস্থাত ছাত্র – ছাত্রী প্রয়ােজনসমূহ পূৰণৰ জৰিয়তে তেওঁলােকৰ মনত স্থায়ী আগ্রহ স্থাপনৰ ব্যৱস্থা কৰিব লাগে ।
Sl. No. | Contents |
Chapter 1 | অসম আৰু ভাৰতৰ মাধ্যমিক শিক্ষা |
Chapter 2 | অনানুষ্ঠানিক শিক্ষা |
Chapter 3 | শিক্ষাৰ চলিত ধাৰাসমূহ |
Chapter 4 | শিক্ষন |
Chapter 5 | ( ক ) স্মৃতি আৰু বিস্মৃতি |
Chapter 5 | ( খ ) মনােযােগ আৰু আগ্রহ |
Chapter 6 | মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিধি |
প্রশ্ন ৯। মনােযােগৰ অস্থিৰতা কি ? উদাহৰণসহ ব্যাখ্যা কৰা ।
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজেই কৰা ।
প্রশ্ন ১০। আগ্রহ হ’ল মনােযােগৰ পূর্বচর্ত’— ব্যাখ্যা কৰা ।
উত্তৰঃ আগ্ৰহক মেডুগেলে মনােযােগৰ এক সুপ্ত অৱস্থা ৰূপে বর্ণনা কৰিছে । মনােযােগ মানসিক কাৰণ হৈছে মনৰ আগ্রহ । ইয়াৰ অভাৱত মনােযােগ দিব পৰা নাযায় , আকৌ আর্জিত শিক্ষা – অভিজ্ঞতা , অভ্যাস আদিয়েও মনত আগ্রহ সৃষ্টি কৰি মনােযােগৰ মানসিক প্রস্তুতি আনি দিয়ে । প্রত্যেক ব্যক্তিয়ে নিজৰ আগ্রহ থকা বস্তুৰ প্রতি বেছি মনােযােগী হয় । যেনে— ধর্মানুৰাগী এজন ব্যক্তিয়ে ধর্মমূলক কথা যেনেদৰে মনােযােগ দি শুনিব তেওঁ ফুটবল খেলৰ প্রতি কেতিয়াও সিমান মনােযােগী নহয় । সেইদৰে ৰাজনীতি কৰা বা ভালপােৱা ব্যক্তিজনে পুবাই বাতৰি কাকতখন মেলি লৈ প্রথমেই ৰাজনৈতিক ঘটনাৰ শিৰােনামবােৰ পঢ়ে । গতিকে আগ্রহক মনােযোগৰ পূর্বচর্ত বুলি কোৱা হয় ।
প্রশ্ন ১১। মনােযােগৰ অনুপস্থিতিয়ে আগ্রহ অনুপস্থিতিৰ ইংগিত দিয়ে ’ – আলােচনা কৰা ।
উত্তৰঃ মনােযােগ আৰু আগ্রহ এটাৰ লগত আনটো বিশেষভাৱে জড়িত । মনােযােগ হ’ল কোনাে বস্তু বা বিষয় সম্পর্কে একান্তভাবে সচেতন হােৱা ৷ ই মনৰ এক সক্রিয় অৱস্থা , য’ত মানসিক নির্বাচন , সংগঠন আৰু প্রচেষ্টামূলক কাৰ্য্যসমূহ সংঘটিত হয় । আনহাতে আগ্রহ হৈছে মনােযোগৰ আভ্যন্তৰীণ কাৰণ । ই বাক্তিমনৰ প্ৰৱণতা , আবেগ , অনুভূতি , ইচ্ছা , ভাব বৃত্তি আদিল এক সুপ্ত অৱস্থা । ই ব্যক্তিৰ সুপ্ত আৰু সহজাত প্রবৃত্তিৰ ওপৰত অধিক নির্ভৰ কৰে ।
কোনাে বস্তুৰ প্রতি আগ্রহ জন্মিলেহে আমি তাৰ প্রতি মনােযোগ দিব পাৰো । সেয়ে মনােযােগ আৰু আগ্রহক ষ্টাউটে এটা মুদ্ৰাৰ দুটা পিঠি বুলি ব্যাখ্যা কৰিছে । কিয়নাে কোনাে বস্তু বা বিষয়ৰ প্রতি আমাৰ আগ্রহ আছে বুলিলে বুজিব লাগিব যে তাৰ প্রতি মনােযােগ দিবলৈ মনৰ প্রস্তুতি আছে । আনহাতে কোনাে বস্তুৰ প্রতি মনােযােগী বুলি ক’লে বুজিব লাগিব সেই কামৰ প্রতি আমাৰ মানসিক প্রৱণতাৰ কার্যতৎপৰতা প্রকাশ পাইছে । সেইবাবে মেকডুগালে কৈছে যে–‘ আগ্রহ হৈছে সুপ্ত মনােযােগ আৰু মনােযােগ হ’ল ক্রিয়াশীল আগ্রহ মনৰ অন্তনিহিত আগ্রহৰ ফলত মনােযােগৰ সৃষ্টি হয় । আগ্রহেই মনােযােগৰ বিষয়বস্তু নিৰ্দ্ধাৰণ কৰে । অৱশ্যে আগ্রহ যিদৰে মনােযােগৰ কাৰণ , মনােযােগাে সেইদৰে আগ্ৰহৰ কাৰণ হৈ উঠিব পাৰে ।
মনােবিদ ৰচৰ ( Ross ) মতে প্রত্যেক প্রেৰণামূলক কার্যৰ পাছত কোনাে এক মানসিক সংগঠনে কাম কৰে । গতিকে মনােযোগৰ পাছত কাম কৰা মানসিক প্রৱণতাই হৈছে আগ্রহ । সেয়েহে মনােযােগ আৰু আগ্রহক এটা মুদ্রৰ ইপিঠি সিপিঠি বুলি ক’ব পাৰি ।
দীঘলীয়া প্রশ্নোত্তৰ ( মূল্যাংক -৫ / ৬ )
প্রশ্ন ১। মনােযােগ কি ? মনােযােগৰ কেইটামান গুৰুত্বপূৰ্ণ সূত্র দিয়া ।
উত্তৰঃ মনােযােগ হৈছে সচেতন মনক নিয়ন্ত্রিত কৰি পৰিবেশৰ কোনাে এক বিষয়বস্তুৰ ওপৰত কেন্দ্রিভূত কৰি তােলা মানসিক ক্রিয়া প্রচেষ্টা । নির্দিষ্ট কোনাে বস্তু বা বিষয়ৰ প্ৰতি এজন ব্যক্তিয়ে নিজৰ চেতনা আৰােপ কৰাটোৱেই হ’ল মনােযােগৰ মূল উদ্দেশ্য ।
মনােবিদ ৰছৰ ( Ross ) মতে মনৰ আগত কোনাে এটা বস্তুৰ ভাবধাৰা পৰিষ্কাৰকৈ পাবৰ বাবে মনােযােগ এটা প্রক্রিয়া মাথােন ।
উইলিয়াম মেকভূগেলৰ মতে মনােযােগ হৈছে ক্রিয়া বৃত্তি বা প্রচেষ্টা যাক সংজ্ঞাত্মক প্রক্রিয়াৰ স্বৰূপ বুলি ধৰি ল’ব পৰা যায় ।
মনােবিজ্ঞানী ৰাইবার্ণ ( Ryburn ) ৰ মতে মনােযােগ হৈছে কোনাে এক ব্যক্তিত্বৰ অনুভূতি , ইচ্ছা , ক্রিয়াবৃত্তি আৰু সংজ্ঞানাত্মক ক্রিয়া মাথােন ।
উডৱর্থে মনােযােগক মনৰ স্থিৰতা মাথােন বুলি অভিমত কৰিছিল । মনৰ স্থিতা সদায় বাছনিমুখী আৰু স্পষ্ট হয় ।
প্রশ্ন ২। শিক্ষা মনযােগৰ গুৰুত্ব সম্পর্কে আলােচনা কৰা ।
উত্তৰঃ শিক্ষাত মনােযােগ আৰু আগ্ৰহৰ গুৰুত্ব :- শাৰীৰিক , মানসিক আৰু আধ্যাত্মিক দিশত সকলাে ছাত্র – ছাত্রীৰ বিকাশ ঘটোৱাটোৱেই হৈছে শিক্ষাৰ উদ্দেশ্য । এই উদ্দেশ্য সাধনৰ বাবে বিভিন্ন বিষয়ৰ প্রতি ছাত্র – ছাত্রীৰ মনােযােগ আকর্ষণ কৰােৱাব পাৰিব লাগিব । কিন্তু আগ্রহৰ অবিহনে মনােযােগ সম্ভব নহয় আৰু মনােযােগৰ অবিহনে কোনাে কথা শিকা সম্ভৱ নহয় । সেইবাবে শিক্ষাৰ আচল মৌলিক কথা হল ছাত্র – ছাত্রীৰ মনত বিভিন্ন বিষয়ৰ প্ৰতি আগ্রহ জন্মােৱা ।
ছাত্র – ছাত্রীৰ মনবিলাক যদি কিছুমান খালী আৰু খােলা বটলৰ দৰে হ’লহেঁতেন তেন্তে সেইবিলাকক ইচ্ছানুযায়ী বিভিন্ন জ্ঞানেৰে ভৰপূৰ কৰিব পৰা হ’লহেঁতেন । কিন্তু দুর্ভাগ্যক্রমে শিক্ষা দান আৰু শিক্ষা আহৰণ কাৰ্য বটলত পানী ভৰােৱাৰ দৰে কেৱল এক যান্ত্রিক প্রক্রিয়া নহয় । এই প্রক্রিয়াত শিক্ষার্থী আৰু শিক্ষক দুয়ােৰে সুক্রিয় সহযােগিতাৰ নিতান্ত আৱশ্যক । এনে সহযােগিতাৰ বাবে প্রয়ােজন শিক্ষার্থীৰ ক্ষেত্ৰত বিভিন্ন বিষয়ত থকা উপযুক্ত পৰিমাণৰ আগ্রহ আৰু শিক্ষকৰ ক্ষেত্ৰত ছাত্র – ছাত্রীৰ মনােযােগ আকর্ষণ কৰিব পৰা ক্ষমতা আৰু কৌশল এই দুটাৰ সংমিশ্ৰণতহে শিক্ষাৰ দান – আহৰণ প্রক্রিয়া কার্যকৰী হ’ব পাৰে ।
এই সন্দৰ্ভত শিক্ষানুষ্ঠানসমূহৰ ঘাই দায়িত্ব দুটা :
১। ছাত্র – ছাত্রীৰ মনােযােগ আকর্ষণ কৰা ( Drawing students attention ) ।
২। ছাত্র – ছাত্রীৰ মনত নতুন আগ্রহ সৃষ্টি কৰা ( Creating new interests in students )
এই সংক্রান্তত কেইটামান প্রয়ােজনীয় কথা উল্লেখ কৰা হৈছে ।
ছাত্র – ছাত্রীৰ মনােযােগ আকর্ষণ কৰা :-
১। বয়সৰ বিভিন্ন স্তৰত মনােযােগৰ বিষয়বস্তু কেনেকৈ পৰিৱৰ্তন হয় সেই কথা শিক্ষক শিক্ষয়িত্ৰীসকলে ভালকৈ জনা প্রয়ােজন ।
২। কম বয়সীয়া শিশুৰ মনােযােগ অনৈচ্ছিক আৰু সংবেদনাত্মক । সেইবাবে প্রাথমিক স্তৰত শিক্ষাদান কৰা শিক্ষক – শিক্ষয়িত্ৰীসকলে সততে আকর্ষণীয় দৃশ্য – শ্ৰব্য সঁজুলি ব্যৱহাৰ কৰিব লাগে ।
৩। মাধ্যমিক স্তৰত শিক্ষক – শিক্ষয়িত্ৰীসকলে ছাত্র – ছাত্রীৰ আগ্রহ থকা বিষয়ৰ লগত পঠনীয় সামগ্রী সংযােগ কৰিবলৈ চেষ্টা কৰা উচিত ।
৪। নিম্নস্তৰত পিৰিয়ডবিলাক চুটি হ’ব লাগে যাতে ছাত্র – ছাত্রীয়ে পঢ়ি আমনি নাপায় ।
৫। পাঠ্যক্রম , পাঠদান পদ্ধতি আদি ছাত্র – ছাত্রীৰ বয়সৰ উপযােগী হ’ব লাগে ।
৬। পাঠ্যক্রমত সন্নিৱিষ্ট বিষয়সমূহৰ লগত পার্যমানে দৈনন্দিন জীৱন নির্বাহ প্রণালীৰ কৰিবলৈ চেষ্টা কৰিব লাগে ।
৭। মনােযােগ আকর্ষণৰ বাবে পুৰস্কাৰ আৰু শাস্তিৰ সস্তীয়া কৌশলৰ পৰিৱৰ্তে শিক্ষক শিক্ষয়িত্ৰীসকলে ছাত্র – ছাত্রীৰ মনত স্বতঃস্ফূর্ত মনােযােগ সৃষ্টি কৰিবলৈ চেষ্টা কৰা উচিত ।
ছাত্র – ছাত্রীৰ মনত আগ্রহ জন্মােৱা :-
১। শিক্ষক – শিক্ষয়িত্ৰীৰ কটুক্তি আৰু বক্র সমালােচনাই ছাত্র – ছাত্রীক পঢ়া – শুনাৰ প্রতি নিৰুৎসাহ কৰে । তেখেতসকলে প্রত্যেক ছাত্র – ছাত্রীক কৃতকার্যতাৰে অভিজ্ঞতা প্রদান কৰি বিষয়বস্তুৰ প্রতি আগ্রহ জন্মাবলৈ চেষ্টা কৰা উচিত ।
২। শিক্ষাদান পদ্ধতি ব্যৱহাৰিক আৰু কর্মমুখী হ’ব লাগে , আৰু দ্বিতীয়তে , বাস্তৱ জীৱনত আহৃত শিক্ষাৰ প্ৰয়ােগ ছাত্র – ছাত্রীয়ে স্পষ্টকৈ দেখিবলৈ পাব লাগে , তেহে তেওঁলােকৰ বিষয়বস্তু সম্বন্ধে আগ্রহ সৃষ্টি হ’ব ।
৩। পাঠ্যপুথিৰ সীমিত বিষয়বস্তুৰ অলিম লৈয়েই শিক্ষক – শিক্ষয়িত্ৰীয়ে বিষয়টোৰ বহল আৰু আকর্ষণীয় পৰিসৰৰ লগত ছাত্র – ছাত্ৰীক পৰিচয় কৰােৱাব পাৰিব লাগে । ইয়াৰ বাবে দৃষ্টান্ত , উপমা আৰু নানান কথাৰ প্রসংগ অৱতাৰণা কৰা প্রয়ােজন ।
৪। অধ্যয়ন আৰু কলা – সংস্কৃতিৰ বিভিন্ন দিশত শিক্ষক – শিক্ষয়িত্ৰীসকলৰ নিজৰ আগ্রহ থাকিব লাগিব , তেতিয়াহে তেখেতসকলে ছাত্র – ছাত্রীৰ মনত আগ্রহ জন্মাব পাৰিব ।
৫। শিক্ষানুষ্ঠানবিলাকে সহপাঠ্যক্ৰমৰ বিভিন্ন কার্যসূচী নিষ্ঠা সহকাৰে হাতত ল’ব লাগে , এইবিলাকে ছাত্র – ছাত্রীৰ মনত আগ্রহ সৃষ্টি হােৱাত প্ৰচুৰ সহায় কৰে ।
প্রশ্ন ৩। মনােযােগৰ বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰা ।
উত্তৰঃ মনােবিজ্ঞানীসকলে মনােযােগৰ কেইটামান বৈশিষ্ট্যৰ বিষয়ে উল্লেখ কৰিছে । সেইবােৰ হ’ল—
( ১ ) মনােযােগ মনৰ শক্তি নহয় , ই এক মানসিক ক্রিয়াহে ।
( ২ ) মনােযােগৰ ক্ষেত্ৰত সচেতন মনক পৰিৱেশৰ কোনাে বিষয় বস্তুৰ ওপৰত আৰােপিত কৰা হয় ।
( ৩ ) আমাৰ পঞ্চেন্দ্রিয়ক প্রভাৱিত কৰা সকলাে বিষয় প্রতি মনােযােগ প্রদান কৰা নহয় , মনােযােগ এটা সময়ত এক বিশেষ বস্তু বা বিষয়ৰ ওপৰতহে নিবদ্ধ কৰা হয় ।
( ৪ ) নির্বাচনধর্মিতা মনােযােগৰ এক বিশেষ বৈশিষ্ট্য । মনােযােগ প্রদানৰ বাবে মনে সদায় এক বিশেষ বিষয় বা বস্তু নির্বাচন কৰি লয় ।
( ৫ ) মনোেযােগ গতিশীল । এটা বস্তু বা বিষয়ৰ ওপৰত মনােযােগ বেছি সময় ধৰি ৰাকিব নােৱাৰি । ই এটা বিষয়ৰ পৰা আন এটা বিষয়লৈ অতি ক্ষীপ্র গতিত সঞ্চাৰিত হােৱা দেখা যায় ।
( ৬ ) মনােযােগৰ আন এটি বৈশিষ্ট্য হ’ল ইয়াৰ নিৰ্দ্ধাৰণী বা নিয়ন্ত্রণমূলক ক্রিয়া । মনােযােগ প্ৰদানৰ ক্ষেত্ৰত মনক জোৰ কৰি কোনাে বিশেষ বস্তু আৰু বিষয়ৰ ওপৰত নিবদ্ধ বা আৰােপিত কৰা হয় ।
( ৭ ) মনােযােগৰ সহায়ত মানুহৰ কৌতুহল পূৰণ হয় । কাৰণ ই ব্যক্তিক অনুসন্ধান কার্যত সহায় কৰে । সেইকাৰণে অনুসন্ধানধর্মিত মনােযােগৰ এক বৈশিষ্ট্য বুলি গণ্য কৰে ।
( ৮ ) সীমাবদ্ধতা মনােযােগৰ আন এক বৈশিষ্ট্য । এটা বিশেষ সময়ৰ ভিতৰত মাথােন , কেইবিধমান বিষয় বা বস্তুৰ প্ৰতিহে মনােযােগ প্রদান কৰিব পাৰি। বহুসংখ্যক বিষয়লৈ মনােযােগ প্রদান অসম্ভৱ ।
প্রশ্ন ৪। মনােযােগক বিভিন্ন ধৰণে শ্রেণীবিভক্ত কৰা আৰু প্ৰতিটো ধাৰণকে উদাহৰণসহ ব্যাখ্যা কৰা ।
উত্তৰঃ মনােবিজ্ঞানীসকলে মনােযােগক বিভিন্ন ভাগত ভাগ কৰিছে । সেয়া হল–
( ১ ) ঐচ্ছিক আৰু অনৈচ্ছিক মনোেযােগ ( Voluntary and non – voluntary at tention ):- যেতিয়া মনােযােগ ব্যক্তিৰ নিজস্ব ইচ্ছাৰ দ্বাৰা নিয়ন্ত্রিত আৰু পৰিচালিত হয় তাকে ঐচ্ছিক মনােযােগ বােলা হয় । ঐচ্ছিক মনোযােগ ব্যক্তিৰ ইচ্ছা , আগ্রহ আৰু মানসিক প্রস্তুতিৰ ওপৰত নিৰ্ভৰ কৰে । বিভিন্ন ধৰণৰ বাধা অতিক্রম কৰিও এই মনােযােগে ব্যক্তিক লক্ষ্যত উপনীত হােৱাত সহায় কৰে । উদাহৰণ স্বৰূপে পৰীক্ষাত সময়ৰ পৰিমাণ নির্ধাৰিত হােৱা বাবে বাহিৰৰ হাই – উকলি আওকাণ কৰিও প্রশ্নৰ উত্তৰ ছাত্র ছাত্রীয়ে কৰে ।
এই মনােযােগক দুই ভাগত ভাগাৱা হৈছে—
( ক ) স্পষ্ট মনােযােগ । আৰু
( খ ) গুপ্ত মনােযােগ যেতিয়া আমাৰ ইচ্ছা শক্তিক বাৰে বাৰে প্ৰয়ােগ কৰিব লাগে তেতিয়া তাক স্পষ্ট মনােযােগ বােলে হয় । যেতিয়া কোনাে বস্তুৰ প্রতি মনােযােগ দিওঁতে সামান্য ইচ্ছা শক্তি প্রয়ােজন হয় তেতিয়া তাক গুপ্ত মনােয়ােগ বােলা ।
যেতিয়া আমি উদ্দীপনাৰ তীৰুতাৰ কাৰণে অনিচ্ছাসত্বেও স্বতঃস্ফূর্তভাৱে কোনাে কামত মনােযােগ দিবলৈ বাধ্য হওঁ তাকে অনৈচ্ছিক মনােযােগ বােলা হয় । এই প্ৰকাৰৰ মনােযােগত কোনাে চেষ্টা বা শক্তিৰ প্ৰয়ােজন নহয় । এই মনােযােগ ইন্দ্রিয়সমূহৰ দৈহিক আকর্ষণীয়তাৰ ওপৰত নিৰ্ভৰশীল হােৱা বাবে ইয়াক প্রবৃত্তি পৰিচালিত আৰু স্বতঃস্ফুর্ত বুলি ক’ব পাৰি । উদাহৰণস্বৰূপে , আকর্ষণীয় বিজ্ঞাপন , ৰেডিঅ’ৰ গীত ইত্যাদি ।
অনৈচ্ছিক মনােযােগক আকৌ দুটা ভাগত বিভক্ত কৰা হৈছে — আৰােপিত আৰু স্বতঃস্ফূর্ত । উদ্দীপকৰ তীব্র আকর্ষণে যেতিয়া মনােযােগ টানি নিয়ে তেতিয়া তাক আৰোপিত মনােযােগ বােলা হয় । এই মনােযােগত জন্মগত প্রবৃত্তিৰ প্ৰভাৱ বেছি । উজুল পােহৰ অথবা বিকট চিঞৰে আমাৰ এই প্রকাৰ মনােযােগ আকর্ষণ কৰে । আনহাতে বয়স বৃদ্ধিৰ লগে লগে যেতিয়া অনুভূতি , ভাববৃত্তি আদিৰ দ্বাৰা আমাৰ মনােযােগ নিয়ন্ত্রিত হয় , তেনে মনােযােগক স্বতঃস্ফূর্ত মনােযােগ বােলে । আমি পঢ়ি অহা বিদ্যালয়খনৰ বিষয়ে কিবা আলােচনা হলে স্বতঃস্ফূর্তভাৱেই সেই আলােচনা প্রতি মনােযােগ ধাবিত হয় ।
( ২ ) সংবেদনাত্মক আৰু ভাবাত্মক মনোযােগ :- উদ্দীপকৰ পৰা প্রত্যক্ষভাৱে সংবেদন লাভৰ ফলত যি মনােযােগ দিয়া হয় তাক সংবেদনাত্মক মনােযােগ বােলা হয় । এই মনােযােগৰ বাবেই আমি ইন্দ্রিয়গ্রাহ্য বস্তুৰ প্রতি আকর্ষিত হওঁ । দৃষ্টি , শক , গন্ধ , স্পর্শ , স্বাদ আদি সংবেদন । অনুভূতিৰ ফলত দিয়া মনােযােগ এনে ধৰণৰ । প্রাকৃতিক সৌন্দর্য , সংগীত আদিৰ প্রতি মনােযােগ সংবেদনাত্মক মনােযােগ ।
ভাবাত্মক মনােযােগ ইন্দ্রিয়যােগে পােৱা প্রত্যক্ষ সংবেদনৰ ওপৰত নিৰ্ভৰ নকৰে । ইয়াৰ বাবে প্রয়ােজন হয় অতীত অভিজ্ঞতাৰ । পূর্ব অভিজ্ঞতা থকা কোনাে বস্তু বা ভাৱ চিন্তা , আবেগ আদিৰ প্রতি যেতিয়া মনােযােগ দিওঁ তাক ভাবত্মক মনােযােগ বােলে ।
( ৩ ) প্রত্যক্ষ আৰু পৰােক্ষ মনােযােগ :- প্রত্যক্ষ মনােযােগত উদ্দীপক নিজস্ব আকর্ষণ শক্তি থাকে আৰু এই আকর্ষণীয় শক্তিৰ বাবেই মনােযােগ দিয়া হয় । ইয়াত ব্যক্তিৰ ইচ্ছ , আগ্রহ অথবা উদ্দেশ্যৰ কোনাে প্রয়োজন হয় । প্রত্যক্ষ মনােযােগৰ দৰে পৰােক্ষ মনােযােগত উদ্দীপকৰ এনে স্বাভাৱিক আকর্ষণীয়তা আৰু নতুনতা নাথাকে , কিন্তু তাৰ লগত এনে এটা আকর্ষণীয় বিষয় , ব্যক্তি বা ঘটনা সংশ্লিষ্ট হৈ থাকে যে তাৰ প্রতি মনােযােগ দিবলৈ বাধ্য হােৱা যায় । পৰােক্ষ মনােযােগৰ কাৰণ মূল বিষয়বস্তু নহয় , বৰং তাৰ লগত জড়িত আন এটা বিষয় বা ঘটনাহে মাথােন ।
( ৪ ) বিশ্লেষণাত্মক আৰু সংশ্লেষণাত্মক মনােযােগ :- কোনাে ব্যক্তিয়ে যেতিয়া বস্তুৰ প্ৰতিটো অংশৰ প্রতি মনােযােগ দিয়ে তেতিয়া এনে মনােযােগক বিশ্লেষাত্মক মনােযােগ বােলা হয় । বিজ্ঞানীসকল পৰীক্ষণ কার্য সমাপন কৰােতে এই মনােযােগৰ ব্যৱহাৰ কৰে । আনহাতে বস্তুৰ বিভিন্ন অংশলৈ মন নকৰি সমগ্র বস্তুটোত এককভাৱে মনােযােগ দিলে তাক সংশ্লেষণাত্মক মনােযােগ বােলে । দার্শনিকসকলৰ দৃষ্টিভংগী এই মনােযােগৰ অন্তৰ্গত ।
প্রশ্ন ৫। মনােযােগৰ বৈষয়িক চর্তসমূহ কি কি ? মনােযােগৰ কেইটামান গুৰুত্বপূৰ্ণ বৈষয়িক চৰ্তৰ বিষয়ে আলােচনা কৰা ।
উত্তৰঃ মনােযােগৰ কাৰণসমূহক দুটা ভাগত বিভক্ত কৰা হৈছে–
( ১ ) বস্তুনিষ্ঠ চৰ্ত ( Objective or External Condition )
( ২ ) ব্যক্তিনিষ্ঠ চর্ত ( Subjective or Internal Condition )
এই কাৰণসমূহ তলত আলােচনা কৰা হ’ল—
( ১ ) বস্তুনিষ্ঠ চর্ত ( Objective Condition )
( ক ) আকাৰ ( Size ) :- বস্তুৰ ডাঙৰ আকাৰে আমাৰ মন সহজে আকর্ষণ কৰে । ডাঙৰ ডাঙৰ আখৰেৰে লিখা বিজ্ঞাপন , দোকানত আঁৰি থােৱা ডাঙৰ আকাৰৰ বেলুন , চিনেমাৰ পােষ্টাৰ আদিয়ে মানুহৰ মনােযােগ অতি সােনকালে আকর্ষণ কৰে ।
( খ ) তীব্র ( Intensity ) :- পৰিবেশৰ যি উদ্দীপৰ তীব্রতা বেছি সেই উদ্দীপকৰ প্ৰতিয়েই আমাৰ মনােযােগ আকর্ষিত হয় । ক্ষীণ আৰু উচ্চ এই দুই স্তৰৰ ভিতৰত উচ্চ স্তৰৰ স্বৰে আমাৰ মনােযােগ সহজে আকর্ষণ কৰে ।
( গ ) নতুনত্ব ( Novelty ):- নতুন বস্তু , নতুন কথা , নতুন দৃশ্যৰ প্রতি সকলাে মানুহৰে আগ্রহ । নতুন পুতলা , পােছাক , নন কিতাপ , সংগীত আদিয়ে মানুহৰ মন সহজে আকর্ষণ কৰে ।
( ঘ ) বৈশাদৃশ্য ( Contrast ) :- সর্বসাধাৰণতকৈ বৰ বেছি ওখ আৰু বৰ বেছি ‘ চাপৰ মানুহ সদায় সকলােৰে আকৰ্ষণৰ বিন্দু । বগা বেৰখনৰ ওপৰত সামান্যকৈ লগা দাগ এটায়াে মানুহৰ মনােযােগ আকর্ষণ কৰে ।
( ঙ ) গতিশীলতা ( Mobility ) :- স্থিতিশীল বস্তুতকৈ গতিশীল বস্তুৱে মানুহৰ মন সহজে আকর্ষণ কৰে । নচা , দৌৰা , জপিওৱা , গৈ থকা এবােপ্লেন , চলন্ত ট্রেইন , দৌৰি থকা ঘোঁৰা আদিয়ে আমাৰ মনােযােগ সােনকালে আকর্ষণ কৰে ।
( চ ) পুনৰাবৃত্তি ( Repetition ) :- যিকোনাে এটা কথাৰ নাইবা ঘটনাৰ পুনৰাবৃত্তি হৈ থাকিলে তাৰ প্রতি মানুহ মনােযােগী হয় । সদায় একে সময়তে পাৰ হৈ যােৱা অচিনাকি মানুহজনৰ গতিবিধিত চুবুৰীয়াৰ লােকসকলৰ মনােযােগ আকর্ষিত হয় ।
( ছ ) গােপনীয়তা ( Secrecy ) :- কোনাে ৰহসাত্মক মানুহ বা ঘটনাৰ প্রতি আমাৰ মন সহজে আকর্ষণ হয় । বিষয়বস্তুৰ গােপনীয়তাই মানুহৰ মনত কৌতুহল তথা মনােযােগৰ সৃষ্টি কৰে । সেয়েহে কোনাে কথা ক’বলৈ মানা কৰিলে শিশুসকল অধিক মনােযােগী হৈ উঠা দেখা যায় ।
( জ ) শৃংখলাবদ্ধতা ( Discipline ) :- বিশৃংখল হৈ থকা বস্তুতকৈ শৃংখলাবদ্ধভাৱে সজ্জিত হৈ থকা বা শৃংখলাবদ্ধভাৱে প্ৰদান কৰা কথাই মনক অধিক সহজে আকর্ষণ কৰে । এটা বিশেষ আকৃতিত একেলগে উৰি যােৱা এৰোপ্লেন , একেলগে খােজ মিলাই আগবাঢ়ি যােৱা সৈনিকৰ দলে মানুহৰ মনােযােগ সহজে আকর্ষণ কৰে ।
প্রশ্ন ৬। মনােযােগ ব্যাক্তিনিষ্ঠ চর্তসমূহ কি কি ? মনোযােগৰ কেইটামান গুৰুত্বপূর্ণ ব্যক্তিনিষ্ঠ কাৰকৰ বিষয়ে আলােচনা কৰা ।
উত্তৰঃ মনােযােগৰ দ্বিতীয়বিধ কাৰণ হ’ল ব্যক্তিনিষ্ঠ । ব্যক্তি যিবিলাক নিজস্ব অভিজ্ঞতা আৰু মানসিক অৱস্থাই মনােযােগ নিৰ্ধাৰণ কৰে সেইবিলাককে ব্যক্তিনিষ্ঠ কাৰণ বােলে । এই কাৰণসমূহ তলত আলােচনা কৰা হ’ল—
( ক ) আগ্রহ ( Interest ) :- প্রত্যেক ব্যক্তিয়েই নিজৰ নিজৰ আগ্রহ থকা বিষয়ৰ প্রতি অধিক মনােযােগ দিয়ে । কাৰােবাৰ খেল – ধেমালিৰ প্রতি , কাৰােবাৰ সংগীতৰ প্রতি , কাৰােবাৰ পঢ়া – শুনাৰ প্রতি আগ্রহ ইত্যাদি । আগ্রহ নাথাকিলে মনােযােগৰ জন্ম নহয় । সেয়েহে মেডুগলে ( Mc . Dougall ) আগ্রহক মনােযােগৰ সুপ্ত অৱস্থা বুলি কৈছে ।
( খ ) আবেগ ( Emotion ) :- ভয় , ক্রোধ , স্নেহ , ঘৃণা আদি আবেগৰ বশৱৰ্তী হৈ মানুহে কিছুমান বিশেষ বস্তুৰ প্রতি মনােযােগ দিয়ে আৰু আন কিছুমানৰ পৰা মনােযােগ আঁতৰাই আনে । উদাহৰণস্বৰূপে কাৰোবাক শ্রদ্ধা কৰিলে তেওঁৰ সজগুণবিলাকৰ প্রতি মনােযােগ আঁতৰাই অনা হয় ।
( গ ) প্রবৃত্তি ( Instinct ) :- প্রবৃত্তিজাত সকলাে বস্তু বা কাৰ্যৰ প্রতি মানুহে মনােযােগ দিয়ে । ভােকাতুৰ ব্যক্তিৰ খােৱা বস্তুৰ প্রতি আৰু বিপদত পৰা মানুহৰ পৰিত্ৰাণৰ উপায় প্রতি মনােযােগ আকর্ষিত হয় ।
( ঘ ) মনােবৃত্তি ( Attitude ) :- কিছুমান বস্তু , কথা , কার্য আৰু ভাবৰ প্রতি আমাৰ মনােবৃত্তি । সন্তোষজনক বা ধনাত্মক আৰু আনহাতে আন কিছুমানৰ প্রতি ঋণাত্মক । মনােবৃত্তি ধনাত্মক হ’লে সেইবিলাকৰ প্রতি মনােযােগ সহজে আকর্ষিত হয় আৰু ঋণাত্মক হলে মনােযােগ বিকর্ষিত হয় ।
( ঙ ) অভ্যাস ( Habit ) :- কোনাে বিষয় বা কামত অভ্যাস গঠিত হলেও পিছত সিয়েই মনােযােগৰ কাৰণ হােৱা দেখা যায় ।
( চ ) পূর্ব অভিজ্ঞতা ( Past experience ) :- পূর্ব অভিজ্ঞতাই মানুহৰ মনত মনােযােগ সুদৃঢ় কৰে ।
( ছ ) ভাবাবেশ ( Mood ) :- কর্মব্যস্ত মানুহৰ মন সততে ভাব – চিন্তাৰে আচ্ছন্ন হৈ থাকে । আহৰি পৰত মন যেতিয়া উত্তেজনা আৰু দুশ্চিন্তাৰ পৰা কিছু পৰিমাণে হ’লেও মুক্ত হৈ থাকে তেতিয়া মানুহে সৰু – সুৰা আমােদ দায়ক কথাত বা কামত মনােযােগ দিয়ে , যেনে— ফুলনিৰ ফুলত , এটা পুৰণা কবিতা , কেঁচুৱাৰ সৰু পুতলাত ইত্যাদি ।
প্রশ্ন ৭। বিভিন্ন ধৰণৰ মনােযােগ কি কি ? উদাহৰণসহ ব্যাখ্যা কৰা ।
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজেই কৰা ।
প্রশ্ন ৮। মনােযােগ কি ? ইয়াৰ নিৰ্ধাৰকবােৰ ব্যাখ্যা কৰা ।
উত্তৰঃ কোনােবা এটা নির্বাচিত উদ্দীপকক সচেতন মনৰ কেন্দ্রস্থলত স্থাপন কৰা মানসিক প্রক্রিয়াকে মনােযােগ বােলে । মনােযােগৰ নিৰ্ধাৰকবােৰ হ’ল –
( ১ ) আকাৰ :- বাহ্যিক জগতৰ সৰু বস্তুতকৈ যিবােৰ বস্তুৰ আকাৰ ডাঙৰ সেইবােৰে আমাৰ মনােযােগ সােনকালে আকর্ষণ কৰে ।
( ২ ) তীব্রতা :- উজ্জ্বল পােহৰ , তীব্ৰ গোন্ধ , ডাঙৰ শব্দ আদিয়ে সহজে মনােযােগ আকর্যণ কৰে ।
( ৩ ) নতুনত্ব :- পুৰণা বস্তুতকৈ নতুন বস্তুৰ প্রতি মানুহৰ আগ্রহ স্বাভাবিকতে বেছি ।
( ৪ ) পৰিবর্তন :- কেতিয়াবা হঠাতে হােৱা কিছুমান পৰিবর্তনেও আমাৰ মনােযােগ আকর্ষণ কৰে ।
( ৫ ) বৈসদৃশ্য :- বাটেদি যােৱা এজন অতি ওখ আৰু অতি চাপৰ মানুহে আমাৰ মনােযােগ আকর্ষণ কৰে ।
( ৬ ) দীর্ঘস্থায়িত্ব :- উদ্দীপকৰ স্থায়িত্বব ওপৰতাে আমাৰ মনােযােগ বহু পৰিমাণে নিৰ্ভৰ কৰে ।
( ৭ ) আগ্রহ :- প্রত্যেক ব্যক্তিয়ে নিজৰ আগ্রহ থকা বস্তুৰ প্রতি বেছি মনােযােগী হয় ।
( ৮ ) প্রবৃত্তি :- প্রবৃত্তিজাত সকলাে বস্তু বা কাৰ্যৰ প্রতি মানুহ মনােযােগী হয় ।
( ৯ ) অভ্যাস :- অভ্যাস গঠন হােৱাৰ ফলতাে কোনাে বিষয় বা কামৰ প্রতি মানুহ মনােযােগী হয় ।
( ১০ ) অভিজ্ঞতা :- অতীত অভিজ্ঞতা হ’ল মনােযােগৰ এক অন্যতম কাৰণ । এই অভিজ্ঞতাৰ সহায়ত নতুন বিষয়ত জ্ঞান আহৰণৰ বাবে আমি মনােযােগ দিওঁ ।
প্রশ্ন ৯। আগ্রহ কি ? ই নিৰ্ভৰ কৰা উৎস / কাৰকসমূহ কি কি ?
উত্তৰঃ আগ্রহ হল মনােযােগৰ এটি অপৰিহার্য অংগ । আগ্রহ হৈছে কিছুমান মানসিক সংগঠন যি সংগঠনে ব্যক্তিক কিছুমান বস্তু বা কার্যৰ প্রতি মনােযােগ আকর্ষণ কৰাত সহায় কৰে ।
আগ্রহ শব্দটো আচলতে গ্রীক ভাষাৰ পৰা অহা যিটোৰ থুলমূল অৰ্থ হ’ল— ‘ যিয়ে আমাক কেন্দ্র কৰে সেয়াই আগ্রহ । পৰিবেশৰ বিষয়বস্তুৰ সংস্পৰ্শত বা সম্বন্ধ স্থাপনৰ ফলত সুপ্ত জৈৱ মানসিক উপাদানবােৰ সক্রিয় হৈ উঠে আৰু আগ্রহ সৃষ্টি হয় ।
আগ্রহৰ উৎস বা কাৰকসমূহ হ’ল –
( ১ ) দৈহিক অৱস্থা :- এজন দৈহিকভাবে সুস্থ মানুহ বিভিন্ন কাম তথা পৰিস্থিতিৰ প্রতি আগ্রহী হয় । দৈহিকভাৱে ক্লান্ত বা অসুস্থ ব্যক্তিয়ে কোনাে ক্ষেত্ৰতেই নিজৰ আগ্রহ ব্যক্ত কৰি নােৱাৰে ।
( ২ ) বৌদ্ধিক যােগ্যতা :- হীন বুদ্ধিৰ মানুহ এজনতকৈ তীক্ষ্ণ বুদ্ধিৰ মানুহৰ মনত পৰিবেশৰ বিভিন্ন বস্তুৱে আগ্রহ সৃষ্টি কৰিব পাৰে ।
( ৩ ) লিংগ পার্থক্য :- লিংগ অনুযায়ী ব্যক্তি আগ্রহ পৰিবর্তন হয় । মহিলাৰ আগ্ৰহৰ লগত পুৰুষৰ আগ্রহ পার্থক্য দেখা যায় ।
( ৪ ) পৰিবেশৰ প্ৰভাৱ :- আগ্ৰহৰ আন এটা প্রয়ােজনীয় উৎস হ’ল পৰিৱেশৰ প্ৰভাৱ । ভাল আৰু সুন্দৰ পৰিবেশে মানুহৰ মনত সহজে আৰু সােনকালে আগ্রহ সৃষ্টি কৰে ।
( ৫ ) শিক্ষণ পদ্ধতি :- শিক্ষা প্রদানৰ ক্ষেত্ৰত শিক্ষকে যদি বিজ্ঞানসন্মত আৰু উন্নত পদ্ধতি প্রয়ােগ কৰে তেনেহ’লে ছাত্র – ছাত্রীৰ মনত শিক্ষা গ্রহণৰ প্রতি আগ্রহ জন্মাব পাৰে ।
প্রশ্ন ১০। বিভিন্ন প্রকাৰৰ আগ্ৰহৰ বিষয়ে ব্যাখ্যা কৰা ।
উত্তৰঃ ৰাপ বা আগ্রহক তাৰ প্ৰয়ােগকৰণৰ বিবেচনাৰে নিম্নলিখিত বিভাজনকেইটা দাঙি ধৰিব পৰা যায় ।
( ১ ) সুপ্ত আগ্রহ :- আগ্রহৰ উৎস হৈছে সুপ্ত মানসিক প্রৱণতাসমূহ । এই জৈৱিক প্ৰৱণতাৰ বাবেই পৰিস্থিতিৰ সংস্পর্শ আৰু সান্নিধ্য লাভ কৰি আগ্রহ সৃষ্টি কৰে আৰু তাক সক্রিয় ৰূপত মনােযােগ আকাৰে প্রকাশ লাভ কৰি উঠে । যেনে — নৱজাত শিশুৰ মাতৃস্তন পানৰ আগ্রহ ।
( ২ ) আর্জিত আগ্রহ :- শিক্ষা – অভিজ্ঞতা আহৰণ আৰু অভ্যাস গঠনৰ ফলত পূর্বে আগ্রহ নথকা বস্তু আৰু বিষয়ৰ প্ৰতি অৱশেষত মানুহৰ সৃষ্টি হৈ উঠিব পাৰে । তেনে আগ্রহক আর্জিত আগ্রহ বােলা হয় । ব্যক্তিৰ প্রয়ােজন আৰু পৰিবেশৰ প্রাপ্ত অভিজ্ঞতা অনুসৰি এইবিধ আগ্রহ মনত গঢ়ি উঠে ।
( ৩ ) স্থায়ী আগ্রহ :- সময়ৰ ব্যৱধানেৰে আগ্ৰহক স্থায়ী আৰু অস্থায়ীভাৱে দুটা ভাগত বিভক্ত কৰিব পাৰি । মনৰ আগ্রহ দীর্ঘ সময়ৰ বাবে বৰ্তি থকা অৱস্থাক স্থায়ী আগ্রহ বােলা হয় । সময়ৰ অগ্রগতিয়ে ব্যক্তি – মনৰ আগ্ৰহক দুর্বল আৰু বিলুপ্ত কৰি পেলাব নােৱাৰে ।
( ৪ ) অস্থায়ী আগ্রহ :- স্থায়ী আগ্ৰহৰ বিপৰীতে ব্যক্তিৰ মনত কম সময়ৰ বাবে বৰ্তি থকা আগ্রহক অস্থায়ী আগ্রহ বােলা হয় । এনে আগ্রহ একো একোটা বিশেষ ক্ষণ বা পৰিস্থিতিতহে ব্যক্তি মনত শক্তিশালী ৰূপত দেখা দিয়ে । দৈনিক বাতৰি কাকতখন পুৱাৰ বেলিকা পঢ়ুৱৈজনৰ বাৰে যিমান আগ্রহৰ হৈ উঠে গধূলি সময়লৈ তাৰ প্রতি আগ্রহ তেনে অৱস্থাত নাথাকে ।
প্রশ্ন ১১। আগ্রহৰ বৈশিষ্ট্যবােৰ ব্যাখ্যা কৰা ।
উত্তৰঃ ৰাপ বা আগ্রহৰ বৈশিষ্ট্যবােৰ হ’ল—
( ১ ) আগ্রহ হৈছে ব্যক্তিৰ সুপ্ত আৰু অন্তর্নিহিত মানসিক অৱস্থা ।
( ২ ) ই মনৰ ব্যক্তিনিষ্ঠ আনুভূমিক অভিজ্ঞতাৰ পৰা সৃষ্টি হয় ।
( ৩ ) আগ্রহে ব্যক্তিৰ ক্রিয়া – আচৰণত গতিশীলতাৰ শক্তি প্রদান কৰে ।
( ৪ ) ই ক্ষণস্থায়ী আৰু দীর্ঘস্থায়ী দুয়াে বিধৰেই হৈ উঠিব পাৰে ।
( ৫ ) মনৰ আগ্রহসমূহৰ ব্যক্তিৰ জৈৱিক প্রয়ােজন , প্রেৰণা , কামনা আৰু অভিপ্রায় আদিৰ পৰা উদ্ভৱ হ’ব পাৰে ।
( ৬ ) আগ্রহে মনােযােগ সৃষ্টি কৰি শিক্ষাক সার্থক কৰি তুলিব পাৰে ।
( ৭ ) মনৰ স্থায়ী আগ্রহে ব্যক্তিৰ ক্রিয়া – আচৰণত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব পাৰে ।
প্রশ্ন ১২। ছাত্র – ছাত্রীৰ মাজত ৰাপ আৰু মনােযােগৰ বিকাশত শিক্ষকৰ ভূমিকাৰ বিষয়ে আলোচনা কৰা ।
অথবা , শিক্ষা ক্ষেত্ৰত মনােযােগ আৰু আৰু আগ্ৰহৰ গুৰুত্ব সম্পর্কে আলােচনা কৰা ।
উত্তৰঃ শাৰীৰিক , মানসিক আৰু আধ্যাত্মিক দিশত সকলাে ছাত্র – ছাত্রীৰ বিকাশ ঘটোৱাটোৱেই হৈছে শিক্ষাৰ উদ্দেশ্য । এই উদ্দেশ্য সাধনৰ বাবে বিভিন্ন বিষয়ৰ প্ৰতি ছাত্র– ছাত্রীৰ মনােযােগ আকর্ষণ কৰােৱাব পাৰিব লাগিব । কিন্তু আগ্ৰহৰ অবিহনে মনােযােগ সম্ভৱ নহয় আৰু মনােযােগৰ অবিহনে কোনাে কথা শিকা সম্ভৱ নহয় । সেইবাবে শিক্ষাৰ আচল মৌলিক কথা হ’ল ছাত্র – ছাত্রীৰ মনত বিভিন্ন বিষয়ৰ প্রতি আগ্রহ জন্মেৱা ।
এই সন্দৰ্ভত শিক্ষানুষ্ঠানসমূহৰ ঘাই দায়িত্ব দুটা –
১। ছাত্র – ছাত্রীৰ মনােযােগ আকর্ষণ কৰা ( Drawing students attention )
২। ছাত্র – ছাত্রীৰ মনত নতুন আগ্রহ সৃষ্টি কৰা ( Creating new interests in students ) এই সংক্রান্তত কেইটামান প্রয়ােজনীয় কথা উল্লেখ কৰা হৈছে ।
ছাত্র – ছাত্রীৰ মনােযােগ আকর্ষণ কৰা :-
১। বয়সৰ বিভিন্ন স্তৰত মনােযােগৰ বিষয়বস্তু কেনেকৈ পৰিৱৰ্তন হয় সেই কথা শিক্ষক শিক্ষয়িত্ৰীসকলে ভালকৈ জনা প্রয়ােজন ।
২। কম বয়সীয়া শিশুৰ মনােযােগ অনৈচ্ছিক আৰু সংবেদনাত্মক । সেইবাবে প্রাথমিক স্তৰত শিক্ষাদান কৰা শিক্ষক – শিক্ষয়িত্ৰীসকলে সততে আকর্ষণীয় দৃশ্য – শ্ৰব্য সঁজুলি ব্যৱহাৰ কৰিব লাগে ।
৩। মাধ্যমিক স্তৰত শিক্ষক – শিক্ষয়িত্ৰীসকলে ছাত্র – ছাত্রীৰ আগ্রহ থকা বিষয়ৰ লগত পঠনীয় সামগ্রী সংযোেগ কৰিবলৈ চেষ্টা কৰা উচিত ।
৪। নিম্নক্তৰত পিৰিয়ড়বিলাক চুটি হ’ব লাগে যাতে ছাত্র – ছাত্রীয়ে পঢ়ি আমনি নাপায় ।
৫। পাঠ্যক্রম , পাঠদান পদ্ধতি আদি ছাত্র – ছাত্রীৰ বয়সৰ উপযােগী হ’ব লাগে ।
৬। পাঠ্যক্রমত সন্নিৱিষ্ট বিষয়সমূহৰ লগত পার্যমানে দৈনন্দিন জীৱন নির্বাহ প্রণালীৰ সঙ্গতি স্থাপন কৰিবলৈ চেষ্টা কৰিব লাগে ।
৭। মনােযােগ আকর্ষণৰ বাবে পুৰস্কাৰ আৰু শাস্তিৰ সস্তীয়া কৌশলৰ পৰিবৰ্তে শিক্ষক শিক্ষয়িত্ৰীসকলে ছাত্র – ছাত্রীৰ মনত স্বতঃস্ফূর্ত মনােযােগ সৃষ্টি কৰিবলৈ চেষ্টা কৰা উচিত ।
ছাত্র – ছাত্রীৰ মনত আগ্রহ জন্মােৱা
১। শিক্ষক – শিক্ষয়িত্ৰীৰ কটুক্তি আৰু বক্র সমালােচনাই ছাত্র – ছাত্রীক পঢ়া – শুনাৰ প্রতি নিৰুৎসাহ কৰে । তেখেতসকলে প্রত্যেক ছাত্র – ছাত্রীক কৃতকার্যতাৰে অভিজ্ঞতা প্রদান কৰি বিষয়বস্তুৰ প্রতি আগ্রহ জন্মাবলৈ চেষ্টা কৰা উচিত ।
২। শিক্ষাদান পদ্ধতি ব্যৱহাৰিক আৰু কর্মমুখী হ’ব লাগে , আৰু দ্বিতীয়তে , বাস্তৱ জীৱনত আহৃত শিক্ষাৰ প্ৰয়ােগ ছাত্র – ছাত্রীয়ে স্পষ্টকৈ দেখিবলৈ পাব লাগে , তেহে তেওঁলােকৰ বিষয়বস্তু সম্বন্ধে আগ্রহ সৃষ্টি হ’ব ।
৩। পাঠ্যপুথিৰ সীমিত বিষয়বস্তুৰ আলম লৈয়েই শিক্ষক – শিক্ষয়িত্ৰীয়ে বিষয়টোৰ বহল আৰু আকর্ষণীয় পৰিসৰৰ লগত ছাত্র – ছাত্রীক পৰিচয় কৰােৱাব পাৰিব লাগে । ইয়াৰ বাবে দৃষ্টান্ত , উপমা আৰু নানান কথাৰ প্ৰসংগ অৱতাৰণা কৰা প্রয়ােজন ।
৪। অধ্যয়ন আৰু কলা – সংস্কৃতিৰ বিভিন্ন দিশত শিক্ষক – শিক্ষয়িত্ৰীসকলৰ নিজৰ আগ্রহ থাকিব লাগিব , তেতিয়াহে তেখেতসকলে ছাত্র – ছাত্রীৰ মনত আগ্রহ জন্মাব পাৰিব ।
৫। শিক্ষানুষ্ঠানবিলাকে সহপাঠ্যক্ৰমৰ বিভিন্ন কাৰ্যসূচী নিষ্ঠা সহকাৰে হাতত ল’ব লাগে , এইবিলাকে ছাত্র – ছাত্রীৰ মনত আগ্রহ সৃষ্টি হােৱাত প্ৰচুৰ সহায় কৰে ।
প্রশ্ন ১৩। আগ্রহ আৰু মনােযােগৰ শৈক্ষিক তাৎপর্যৰ বিষয়ে লিখা ।
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজেই কৰিব চেষ্টা কৰিবা ।
প্রশ্ন ১৪। মনােযােগৰ উন্নত মনােনিবেশৰ বাবে কেইটামান পৰামৰ্শ আগবঢ়োৱা ।
উত্তৰঃ মনােযােগ ধৰি বা উন্নত কৰি ৰাখিবৰ কাৰণে তলত সংক্ষেপে কেতবোৰ ব্যৱস্থা উল্লেখ কৰা হ’ল–
( ১ ) অভ্যাস গঠন :- মুনক নিয়ন্ত্রণ কৰাৰ প্রচেষ্টাক পুনৰাবৃত্তি কৰণৰ যােগে স্থায়ী ৰূপ দান কৰি অভ্যাসত পৰিণত কৰিব পৰা যায় ।
( ২ ) অনুশাসনৰ প্ৰভাৱ আনুষ্ঠানিক শিক্ষাব্যৱস্থাৰ যােগে অভ্যাস গঠনৰ লগে লগে ছাত্র – ছাত্রীৰ ক্রিয়া – আচৰণত শিক্ষকে অনুশাসনৰ প্ৰভাৱ পেলাবলৈ চেষ্টা কৰিব লাগে ।
( ৩ ) অভিবােচনৰ সৃষ্টিকৰণ :- শিক্ষকে পাঠদানকাৰী ৰূপে ভূমিকা গ্ৰহণৰ পৰিবৰ্তে ছাত্ৰৰ মনত অভিৰােচনৰ সৃষ্টিকাৰী ৰূপেহে ভূমিকা গ্ৰহণ কৰিব লাগে । ই এক মনােবৈজ্ঞানিক কৌশল যাৰ দ্বাৰা মনােযােগ ধৰি ৰাখিব পাৰি ।
( ৪ ) ক্রিয়াৰ যােগেদি শিক্ষা :- সক্রিয় শিক্ষা পদ্ধতিয়ে শিক্ষার্থী মনােযােগ সহজতে আকর্ষিত কৰিব পাৰে । – আত্ম – ক্রিয়াৰ যােগেদি আত্ম শিক্ষাই ছাত্ৰৰ মনত আত্মবিশ্বাস গঢ়ি তুলিব পাৰে , যি তেওঁৰ মনােযােগক ইচ্ছাকৃত কৰি তুলিব পাৰে ।
( ৫ ) আদর্শ পৰিবেশ :- মনােযােগ প্রদানৰ বাবে শিক্ষা – পৰিবেশক নিয়ন্ত্রিত কৰি তােলাটো অতি প্রয়ােজনীয় । এক আদর্শ পৰিবেশতহে ব্যক্তি প্রবৃত্তিমূলক প্রৱণতাবােৰক নিয়ন্ত্রিত কৰি মনক শিক্ষা বিষয়ত কেন্দ্রিভূত কৰি তুলিব পাৰি । ছাত্র – ছাত্রীসকলে পৰিবেশৰ পৰিস্থিতি অনুসৰিহে নিজৰ প্রতিক্রিয়া আচৰণ আৰু মনােযােগ প্রয়ােগ কৰে ।
প্রশ্ন ১৫। আগ্রহৰ বিভিন্ন উৎসৰ বিষয়ে ব্যাখ্যা কৰা ।
উত্তৰঃ আগ্ৰহৰ মূল উৎসসমূহ তলত আলােচনা কৰা হ’ল–
( ১ ) দৈহিক অৱস্থা :– আগ্রহৰ এটা মুখ্য উৎস হ’ল– দৈহিক সুস্থতা । এজন দৈহিকভাৱে সুস্থ মানুহ বিভিন্ন কাম তথা পৰিস্থিতিৰ প্রতি আগ্রহী হয় । কিন্তু দৈহিকভাৱে ক্লান্ত বা অসুস্থ ব্যক্তিয়ে কোনাে ক্ষেত্ৰতেই নিজৰ আগ্রহ ব্যক্ত কৰিব নােৱাৰে ।
( ২ ) বৌদ্ধিক যােগ্যতা :- বৌদ্ধিক যােগ্যতাও আগ্রহৰ আন এটা গুৰুত্বপূৰ্ণ দিশ । হীন বুদ্ধিৰ মানুহ এজনতকৈ তীক্ষ্ণ বুদ্ধিৰ মানুহৰ মনত পৰিবেশৰ বিভিন্ন বস্তুৱে আগ্রহ সৃষ্টি কৰিব পাৰে ।
( ৩ ) লিংগ পার্থক্য :- লিংগ অনুযায়ী ব্যক্তি আগ্রহৰ পৰিৱর্তন হয় । মহিলা বা ছােৱালীৰ আগ্রহৰ লগত পুৰুষ বা ল’ৰাৰ আগ্ৰহৰ পার্থক্য দেখা যায় ।
( ৪ ) পৰিবেশৰ প্ৰভাৱ :- আগ্রহৰ আন এটা প্রয়ােজনীয় উৎস হ’ল পৰিবেশৰ প্ৰভাৱ । ভাল আৰু সুন্দৰ পৰিবেশে মানুহৰ মনত সহজে আৰু সােনকালে আগ্রহ সৃষ্টি কৰিব পাৰে ।
( ৫ ) শিক্ষণ পদ্ধতি :- আগ্রহ সৃষ্টিৰ ক্ষেত্ৰত শিক্ষণ পদ্ধতিৰ ধনাত্মক আৰু ঋণাত্মক প্রভাৱ দেখা যায় । শিক্ষা প্রদানৰ ক্ষেত্ৰত শিক্ষকে যদি বিজ্ঞানসন্মত আৰু উন্নত শিক্ষণ পদ্ধতি প্রয়ােগ কৰে তেনেহ’লে ছাত্র – ছাত্রীৰ মনত শিক্ষা গ্রহণৰ প্রতি আগ্রহ জন্মাব পাৰে ।
প্রশ্ন ১৬। ‘প্রবৃত্তি মনােযােগৰ এটা গুৰুত্বপূৰ্ণ চর্ত ” —ব্যাখ্যা কৰা ।
উত্তৰঃ ব্যক্তিয়ে তেওঁৰ বিশেষ প্রবৃত্তিৰ তাড়নাত কোনাে বিশেষ বস্তুৰ প্রতি মনােযােগ প্রদান কৰে । প্রবৃত্তিয়ে ব্যক্তিক ইয়াৰ লগত যুক্ত বিষয়ৰ প্রতি মনােযােগ প্রদানত বাধ্য কৰে । সেইবাবে প্রবৃত্তি এক মনােযােগৰ গুৰুত্বপূৰ্ণ চর্ত বুলি কোৱা হয় ।
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.