Class 12 Business Studies Important Chapter 8 নিয়ন্ত্রণ

Class 12 Business Studies Important Chapter 8 নিয়ন্ত্রণ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Business Studies Important Solutions and select need one. Class 12 Business Studies Important Notes Assamese Medium Download PDF. Important Question Answer For Class 12 Business Studies.

Class 12 Business Studies Important Chapter 8 নিয়ন্ত্রণ

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Business Studies Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Business Studies Additional Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 8

প্ৰথম খণ্ড: পৰিচালনাৰ নীতি আৰু কাৰ্য
IMPORTANT QUESTION AND ANSWER

অতি চমু প্ৰশ্ন উত্তৰ:

১। নিয়ন্ত্রণ বুলিলে কি বুজায়?

উত্তৰঃ নিয়ন্ত্রণ হৈছে পৰিকল্পনা অনুসৰি কাম-কাজ সম্পন্ন হৈছে নে নাই পৰীক্ষা কৰা আৰু বিচ্যুতি ঘটিলে সংশোধনমূলক ব্যৱস্থা লোৱা।

২। নিয়ন্ত্রণ পৰিচালনা কোনটো কার্য?

উত্তৰঃ নিয়ন্ত্রণ পৰিচালনা শেষ কার্য।

৩। নিয়ন্ত্রণৰ মূল উদ্দেশ্য কি?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ নিয়ন্ত্ৰণৰ মূল উদ্দেশ্য হৈছে কোনো বস্তু, পৰিঘটনা বা কাৰ্যকলাপক নিৰ্দিষ্ট সীমাৰ ভিতৰত ৰখা বা তাক ইচ্ছামতে পৰিচালনা কৰা।

৪। নিয়ন্ত্রণক Forward Looking বুলি কিয় কোৱা হয়?

উত্তৰঃ নিয়ন্ত্রণক Forward Looking বুলি কিয় কোৱা কাৰণ, নিয়ন্ত্রণ ভৱিষ্যৎ লক্ষ্যৰ প্ৰতি দৃষ্টি দিয়ে, অতীতক নিয়ন্ত্রণ কৰিব নোৱাৰে।

৫। নিয়ন্ত্রণে কিহত সহায় কৰে?

উত্তৰঃ নিয়ন্ত্রণে লক্ষ্য সাধনত সহায় কৰে।

৬। বিচ্যুতি (Deviation) বুলিলে কি বুজায়?

উত্তৰঃ মানদণ্ড আৰু বাস্তৱ কৃতকাৰ্যৰ মাজত হোৱা পাৰ্থক্যক বিচ্যুতি বোলে।

৭। ভাল নিয়ন্ত্রণ প্ৰণালীৰ এটা বৈশিষ্ট্য কি?

উত্তৰঃ সৰলতা  যেন সকলোয়ে সহজে বুজিব পাৰে।

৮। ‘ROI’ ৰ সম্পূৰ্ণ ৰূপ কি?

উত্তৰঃ ‘ROI’ ৰ সম্পূৰ্ণ ৰূপ হ’ল Return on Investment।

৯। ‘MIS’ ৰ সম্পূৰ্ণ ৰূপ কি?

উত্তৰঃ MIS ৰ সম্পূৰ্ণ ৰূপ হ’ল Management Information System।

১০। Break-even point মানে কি?

উত্তৰঃ যেতিয়া লাভ আৰু লোকচান সমান হয়, সেই বিন্দুটোক Break-even point বোলে।

১১। নিয়ন্ত্রণ প্ৰক্ৰিয়াৰ প্ৰথম পদক্ষেপ কি?

উত্তৰঃ নিয়ন্ত্রণ প্ৰক্ৰিয়াৰ প্ৰথম পদক্ষেপ হ’ল মানদণ্ড স্থাপন।

১২। নিয়ন্ত্রণ প্ৰক্ৰিয়াৰ শেষ পদক্ষেপ কি?

উত্তৰঃ নিয়ন্ত্রণ প্ৰক্ৰিয়াৰ শেষ পদক্ষেপ শুধৰণীৰ বাবে কার্যব্যৱস্থা গ্ৰহণ।

১৩। পৰিচালনীয় হিচাপ পৰীক্ষণত কি কৰা হয়?

উত্তৰঃ প্ৰতিটো বিভাগৰ কার্যক্ষমতা আৰু ফলাফল পৰ্যালোচনা কৰা হয়।

১৪। বাজেটৰ দ্বাৰা নিয়ন্ত্রণ ক’ত ব্যৱহৃত হয়?

উত্তৰঃ বাজেটৰ দ্বাৰা নিয়ন্ত্ৰণ ব্যৱহাৰ কৰা হয় প্ৰতিষ্ঠান আৰু ব্যক্তিগত দুয়োটা ক্ষেত্ৰতে। ইয়াৰ দ্বাৰা আয়-ব্যয়ৰ লেখ-জোখা ৰাখি নিৰ্ধাৰিত লক্ষ্যত উপনীত হ’বলৈ চেষ্টা কৰা হয়।

১৫। চকুত দেখা নেপোৱা মানদণ্ডক কি কোৱা হয়?

উত্তৰঃ চকুত দেখা নেপোৱা মানদণ্ডক অস্পৰ্শনীয় মানদণ্ড (যেনে – Goodwill) বুলি কোৱা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top