Class 12 Business Studies Important Chapter 7 নির্দেশনা Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Business Studies Important Solutions and select need one. Class 12 Business Studies Important Notes Assamese Medium Download PDF. Important Question Answer For Class 12 Business Studies.
Class 12 Business Studies Important Chapter 7 নির্দেশনা
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Business Studies Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Business Studies Additional Question Answer Assamese Medium for All Chapters, You can practice these here.
নির্দেশনা
Chapter: 7
| প্ৰথম খণ্ড: পৰিচালনাৰ নীতি আৰু কাৰ্য |
| IMPORTANT QUESTION AND ANSWER |
অতি চমু প্ৰশ্ন উত্তৰ:
১। ‘নির্দেশনা’ বুলিলে কি বুজায়?
উত্তৰঃ নির্দেশনা হৈছে পৰিচালনাৰ এটা প্ৰক্রিয়া, যাৰ জৰিয়তে কৰ্মচাৰীসকলক দক্ষতা, অনুপ্ৰেৰণা আৰু পৰিদৰ্শনৰ জৰিয়তে আকাংখিত লক্ষ্যত উপনীত হ’বলৈ সহায় কৰা হয়।
২। নির্দেশনাৰ মুখ্য ৪টা উপাদানসমূহ উল্লেখ কৰা।
উত্তৰঃ নির্দেশনাৰ মুখ্য ৪টা উপাদান হ’ল –
(i) পৰিদৰ্শন (Supervision),
(ii) প্ৰণোদিতকৰণ (Motivation),
(iii) নেতৃত্ব (Leadership),
(iv) যোগাযোগ (Communication)।
৩। নির্দেশনাক কিয় পৰিচালনাৰ এটা গুৰুত্বপূর্ণ স্তম্ভ বুলি কোৱা হয়?
উত্তৰঃ কিয়নো নির্দেশনাই কর্মচাৰীসকলক বাস্তৱ কাম কৰিবলৈ প্ৰেৰণা দিয়ে, নেতৃত্ব প্ৰদান কৰে, কামৰ প্ৰতি দিশ নিৰ্দেশ কৰে আৰু সংগঠনৰ লক্ষ্য পূৰণত সহায় কৰে।
৪। নির্দেশনাৰ মূল উপাদান কেইটা?
উত্তৰঃ নির্দেশনাৰ মূল ৪টা উপাদান আছে।
৫। ‘নির্দেশনাৰ’ কাৰ্যত কেনেকুৱা কামবোৰ সম্পন্ন কৰা হয়?
উত্তৰঃ এই কাৰ্যত কৰ্মচাৰীসকল কেতিয়া কোনে কি কাম কৰিব, তাৰ দিশ নিৰ্দেশনা দিয়া হয় আৰু তেওঁলোকৰ কাম পৰ্যৱেক্ষণ কৰি অনুপ্ৰেৰণা প্ৰদান কৰা হয়।
৬। কাৰ্যৰ সফলতাৰ অন্তবালত কি থাকে?
উত্তৰঃ কৰ্মচাৰীসকলক উপযুক্তভাৱে প্ৰণোদিতকৰণ আৰু তেওঁলোকৰ ওপৰত নিৰীক্ষণ।
৭। নির্দেশনাৰ দ্বাৰা কি নিশ্চিত কৰা হয়?
উত্তৰঃ কৰ্মচাৰীসকলে দক্ষতা আৰু নিষ্ঠাৰে নিজ নিজ কাম সম্পাদন কৰে সেয়া নিশ্চিত কৰা হয়।
৮। নির্দেশনাই কিহৰ জৰিয়তে কাম কৰিবলৈ সহায় কৰে?
উত্তৰঃ পথনির্দেশনা, অনুপ্ৰেৰণা, পৰিদৰ্শন আৰু নেতৃত্ব প্ৰদানৰ জৰিয়তে।
৯। ‘নির্দেশনা’ কাৰ্য কেনেকৈ সংগঠনৰ লক্ষ্য পূৰণত সহায়ক?
উত্তৰঃ ই কৰ্মচাৰীসকলক সংগঠিতভাৱে কার্য সম্পাদনত সহায় কৰি লক্ষ্যৰ দিশে আগবঢ়ায়।
১০। যোগাযোগ নির্দেশনাৰ কোনটো উপাদান?
উত্তৰঃ যোগাযোগ হৈছে নির্দেশনাৰ চতুৰ্থ উপাদান।
১১। পৰিচালনাৰ কোনটো স্তম্ভ হৈছে ‘নির্দেশনা’?
উত্তৰঃ নির্দেশনা হৈছে পৰিচালনাৰ চতুৰ্থ স্তম্ভ।
১২। যোগাযোগ কাক বোলে?
উত্তৰঃ দুজন বা ততোধিক ব্যক্তিৰ মাজত তথ্য, ভাৱ, মতামত আৰু আবেগৰ আদান-প্ৰদানক যোগাযোগ বোলে।
১৩। যোগাযোগৰ প্রক্রিয়া কিমানটা উপাদানৰ পৰা গঠিত?
উত্তৰঃ ৭টা উপাদান – প্ৰেৰক, বার্তা, সংকেত, প্ৰণালী, প্রাপক, পাঠোদ্ধাৰ, মতামত।
১৪। যোগাযোগৰ এটা মুখ্য প্ৰকৃতি কি?
উত্তৰঃ যোগাযোগ হৈছে এটা দ্বি-মুখী প্ৰক্রিয়া।
১৫। নিউমেন আৰু ছমাৰৰ মতে যোগাযোগৰ সংজ্ঞা কি?
উত্তৰঃ তথ্য, মতামত, ভাৱ আদিৰ দুজন বা ততোধিক ব্যক্তিৰ মাজত আদান-প্ৰদান।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.





