Class 12 Business Studies Important Chapter 6 কৰ্মচাৰী নিয়োগ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Business Studies Important Solutions and select need one. Class 12 Business Studies Important Notes Assamese Medium Download PDF. Important Question Answer For Class 12 Business Studies.
Class 12 Business Studies Important Chapter 6 কৰ্মচাৰী নিয়োগ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Business Studies Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Business Studies Additional Question Answer Assamese Medium for All Chapters, You can practice these here.
কৰ্মচাৰী নিয়োগ
Chapter: 6
| প্ৰথম খণ্ড: পৰিচালনাৰ নীতি আৰু কাৰ্য |
| IMPORTANT QUESTION AND ANSWER |
অতি চমু প্ৰশ্ন উত্তৰ:
১। কৰ্মচাৰী নিয়োগ বুলিলে কি বুজা যায়?
উত্তৰঃ কৰ্মচাৰী নিয়োগ হৈছে এনে এখন প্ৰক্ৰিয়া যাৰ দ্বাৰা উপযুক্ত, দক্ষ, প্ৰতিভাসম্পন্ন ব্যক্তিক নিযুক্তি, প্রশিক্ষণ আৰু উন্নয়নৰ যোগেদি সংগঠনৰ উদ্দেশ্যত উপনীত হ’বলৈ ব্যৱস্থা কৰা হয়।
২। কৰ্মচাৰী নিয়োগ কেনেকৈ পৰিচালনাৰ অংশ?
উত্তৰঃ কৰ্মচাৰী নিয়োগ পৰিচালনাৰ এক অবিচ্ছেদ্য অংশ, কাৰণ ই সংগঠনৰ মানৱ সম্পদৰ সংস্থান, ব্যৱহাৰ, উন্নয়ন আৰু নিয়ন্ত্ৰণৰ দায়িত্ব পালন কৰে।
৩। মানৱ সম্পদৰ পৰিকল্পনা বুলিলে কি বুজা যায়?
উত্তৰঃ ভৱিষ্যতে কিমানসংখ্যক আৰু কেনেধৰণৰ যোগ্যতাসম্পন্ন কৰ্মচাৰী প্ৰয়োজন হ’ব, সেই বিষয়ে আগতীয়াকৈ অনুমান কৰি ব্যৱস্থা গ্ৰহণ কৰাক মানৱ সম্পদৰ পৰিকল্পনা বোলে।
৪। নিযুক্তিকৰণ আৰু বাছনিৰ ভিতৰত প্ৰধান পাৰ্থক্য কি?
উত্তৰঃ নিযুক্তিকৰণত প্ৰাৰ্থীক চাকৰিৰ বাবে উৎসাহিত কৰা হয়; আৰু বাছনিত সৰ্বশ্ৰেষ্ঠ প্ৰাৰ্থীক বাচি লৈ নিযুক্তি দিয়া হয়।
৫। কৰ্মচাৰী নিয়োগৰ ধাৰাবাহিকতাৰ অৰ্থ কি?
উত্তৰঃ কৰ্মচাৰী নিয়োগ এক ধাৰাবাহিক কার্য, অৰ্থাৎ ই সংগঠনৰ আৰম্ভণিৰ পৰাই অব্যাহতভাৱে চলি থাকে।
৬। অভিবিন্যাস (Orientation) বুলিলে কি বুজা যায়?
উত্তৰঃ নৱ নিযুক্ত কৰ্মচাৰীক কার্য পৰিৱেশ, নিয়ম-নীতি আৰু সহকৰ্মীৰ সৈতে পৰিচিত কৰাই অভিবিন্যাস।
৭। “Without human factors all the factors of production are useless.” – এই উক্তিটোৰ অৰ্থ কি?
উত্তৰঃ উৎপাদনৰ আন উপাদানবোৰ নিৰ্জীৱ, সেয়া মানুহৰ অবিহনে কাৰ্যক্ষম নহয়; সেইবাবে মানৱ উপাদান আটাইতকৈ গুৰুত্বপূৰ্ণ।
৮। বাহ্যিক নিযুক্তিকৰণৰ কিয় প্ৰয়োজন?
উত্তৰঃ বাহ্যিক নিযুক্তিকৰণৰ জৰিয়তে সংগঠন নতুন, আধুনিক দক্ষতাসম্পন্ন, প্রতিভাৱা“ন ব্যক্তি লাভ কৰে।
৯। নিযুক্তিকৰণক ধনাত্মক প্রক্রিয়া বুলি কিয় কোৱা হয়?
উত্তৰঃ কাৰণ ই সম্ভাৱ্য প্ৰাৰ্থীক নিযুক্তিৰ বাবে আবেদন কৰিবলৈ উৎসাহিত কৰে; বাছনি নহয়, কেৱল আগ্ৰহ সৃষ্টি কৰে।
১০। অভ্যন্তৰীণ নিযুক্তিকৰণৰ এটা সুবিধা আৰু এটা অসুবিধা লিখা।
উত্তৰঃ অভ্যন্তৰীণ নিযুক্তিকৰণৰ এটা সুবিধা হ’ল: খৰচ কম হয় আৰু সময় ৰাহি হয়।
অভ্যন্তৰীণ নিযুক্তিকৰণৰ এটা অসুবিধা হ’ল: সীমিত পছন্দ থাকে, বাহ্যিক নতুন প্ৰতিভা সংগঠনত নাহে।
১১। বাহ্যিক নিযুক্তিকৰণ বুলিলে কি বুজা যায়?
উত্তৰঃ বাহ্যিক নিযুক্তিকৰণ হৈছে সেই পদ্ধতি, যাৰ দ্বাৰা প্রতিষ্ঠানটোৰ বাহিৰৰ যোগ্য প্ৰাৰ্থীসকলৰ পৰা কৰ্মচাৰী নিযুক্তি কৰা হয়।
১২। আকস্মিক প্ৰাৰ্থী (Casual Caller) বুলিলে কাক বোলে?
উত্তৰঃ যিসকল প্ৰাৰ্থীয়ে নিজে আহি আগতীয়াকৈ আবেদন জমা দিয়ে আৰু পদ খালী হ’লে নিযুক্তিৰ আশাৰে অপেক্ষা কৰে, তেওঁলোকক আকস্মিক প্ৰাৰ্থী বোলে।
১৩। নিয়োগ বিনিময় কেন্দ্ৰৰ কাৰ্য কি?
উত্তৰঃ নিয়োগ বিনিময় কেন্দ্ৰ হৈছে চৰকাৰী সংস্থা, যি নিবনুৱা প্ৰাৰ্থীৰ নাম পঞ্জীয়ন কৰি নিয়োগকর্তাৰ প্ৰয়োজন অনুসৰি উপযুক্ত প্ৰাৰ্থীৰ তালিকা প্ৰেৰণ কৰে।
১৪। বাছনি (Selection) বুলিলে কি বুজা যায়?
উত্তৰঃ বাছনি হৈছে এনে প্ৰক্ৰিয়া, যাৰ যোগেদি বহু আবেদনকাৰীৰ ভিতৰৰ পৰা উপযুক্ত আৰু যোগ্য প্ৰাৰ্থীক নিৰ্বাচন কৰা হয়।
১৫। বাছনি প্ৰক্ৰিয়াৰ প্ৰথম খোজটো কি?
উত্তৰঃ বাছনি প্ৰক্ৰিয়াৰ প্ৰথম খোজটো হৈছে আবেদন-পত্ৰসমূহ পুনৰীক্ষণ কৰা।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.





