Class 12 Business Studies Important Chapter 11 বজাৰকৰণ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Business Studies Important Solutions and select need one. Class 12 Business Studies Important Notes Assamese Medium Download PDF. Important Question Answer For Class 12 Business Studies.
Class 12 Business Studies Important Chapter 11 বজাৰকৰণ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Business Studies Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Business Studies Additional Question Answer Assamese Medium for All Chapters, You can practice these here.
বজাৰকৰণ
Chapter: 11
| দ্বিতীয় খণ্ড: ব্যৱসায় বিত্তায়ন আৰু বজাৰকাৰণ |
| IMPORTANT QUESTION AND ANSWER |
অতি চমু প্ৰশ্ন উত্তৰ:
১। বজাৰ কাক বোলে?
উত্তৰঃ বজাৰ বুলিলে কোনো নিৰ্দিষ্ট ঠাইক বুজোৱা হয় য’ত গ্ৰাহক আৰু বিক্ৰেতাই বস্তু কিনা-বেচা কৰে। ইয়াক এক কেন্দ্ৰীয় স্থান হিচাপে গণ্য কৰা হয় য’ত চাহিদা আৰু যোগানৰ মাজত সমন্বয় স্থাপন হয়, যাৰ ফলত বস্তুৰ মূল্য নিৰ্ধাৰিত হয়।
২। পৰম্পৰাগত অৰ্থত বজাৰ মানে কি?
উত্তৰঃ পৰম্পৰাগত অৰ্থত বজাৰ মানে হ’ল য’ত ক্রেতা-বিক্ৰেতাসকলে লেনদেন কৰে, তেনেকুৱা এখন ঠাই।
৩। লাইফবয় চাবোন কোন কোম্পানীৰ?
উত্তৰঃ লাইফবয় চাবোন হিন্দুস্তান লিভাৰ কোম্পানীৰ।
৪। ডেইৰী মিল্ক চকলেট কোন কোম্পানীৰ?
উত্তৰঃ ডেইৰী মিল্ক চকলেট নেচলে কোম্পানীৰ।
৫। বজাৰকৰণকাৰী কাক বোলে?
উত্তৰঃ বজাৰকৰণকাৰী হৈছে সেইজন ব্যক্তি বা গোট, যিয়ে কোনো বস্তু বা সেৱা বিক্ৰী কৰিবলৈ গ্ৰাহকৰ ওচৰত উপস্থিত হয় আৰু তেওঁলোকক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰে।
৬। উৎপাদক আৰু ব্যৱহাৰকাৰীৰ মাজত সংযোগ স্থাপন কোনে কৰে?
উত্তৰঃ উৎপাদক আৰু ব্যৱহাৰকাৰীৰ মাজত সংযোগ স্থাপন বজাৰকৰণকাৰীয়ে কৰে।
৭। বজাৰকৰণ কি?
উত্তৰঃ বজাৰকৰণ হৈছে এনে এক প্ৰক্ৰিয়া য’ত কোনো ব্যৱসায়ে তেওঁলোকৰ সামগ্ৰী বা সেৱা গ্ৰাহকৰ ওচৰলৈ লৈ যায়।
৮। ‘Atlas Cycle’ কোন কোম্পানীয়ে প্রস্তুত কৰে?
উত্তৰঃ ‘Atlas Cycle’ এটলছ চাইকেল কোম্পানীয়ে প্রস্তুত কৰে।
৯। ‘LG’ টেলিভিছন কোন কোম্পানীৰ?
উত্তৰঃ ‘LG’ টেলিভিছন এল জি ইলেকট্ৰনিক্সৰ কোম্পানীৰ।
১০। Kwality Walls আইচক্ৰীম কোন কোম্পানীৰ?
উত্তৰঃ Kwality Walls আইচক্ৰীম হিন্দুস্তান ইউনিলিভাৰ লিমিটেড (Hindustan Unilever Limited – HUL) কোম্পানীৰ।
১১। উৎপন্ন দ্ৰব্য চিনাক্তকৰণ কেনেদৰে হয়?
উত্তৰঃ উৎপন্ন দ্ৰব্য চিনাক্তকৰণ লেবেলৰ জৰিয়তে হয়। লেবেলত উৎপন্ন দ্ৰব্যৰ পৰিচয়জ্ঞাপক চিহ্ন, কোম্পানীৰ নাম, উৎপাদনৰ তাৰিখ, গুণাগুণ আদিৰ তথ্য থাকে, যাৰ মাধ্যমে সেই দ্ৰব্য চিনাক্ত কৰা সহজ হয়।
১২। ‘Product Promotion’ কাক বোলে?
উত্তৰঃ উৎপন্ন দ্ৰব্যৰ প্ৰৱৰ্তন বা উত্তীৰ্ণকৰণক ‘Product Promotion’ বোলে। ইয়াৰ মাধ্যমে উৎপাদকসকলে বিভিন্ন পদ্ধতিৰে দ্ৰব্যৰ বিষয়ে গ্ৰাহকক অৱগত কৰে আৰু বিক্ৰী বৃদ্ধি কৰিবলৈ উৎসাহিত কৰে।
১৩। লেবেলত (Lebel) কি লিখা থাকে?
উত্তৰঃ লেবেলত উৎপন্ন দ্ৰব্যৰ বিৱৰণ, গুণাগুণ, অন্তর্বস্তু, ব্যৱহাৰ প্ৰণালী, উৎপাদনৰ তাৰিখ, মূল্য, প্রস্তুতকাৰীৰ নাম আৰু ঠিকনা, আৰু সচেতনতা বিষয়ক তথ্য লিখা থাকে।
১৪। মূল্য কাক বোলে?
উত্তৰঃ মূল্য হৈছে পণ্য বা সেৱা ক্রয়-বিক্ৰয়ত ক্ৰেতাই বিক্ৰেতালৈ পৰিশোধ কৰা অৰ্থ। পণ্য বা সেৱাৰ বিনিময়ত যি টকা দিয়াৰ প্ৰয়োজন হয় তাক মূল্য বোলে।
১৫। মূল্য নিৰ্ধাৰণত গুৰুত্বপূৰ্ণ উপাদান কি?
উত্তৰঃ মূল্য নিৰ্ধাৰণত গুৰুত্বপূৰ্ণ উপাদান হৈছে উৎপাদন ব্যয়। উৎপাদন, বিতৰণ, বিক্ৰীৰ খৰচ আদিক ভিত্তি কৰি মূল্য নিৰ্ধাৰণ কৰা হয়।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.





