Class 12 Accountancy Chapter 7 ঋণপত্ৰৰ বিলি আৰু পৰিশোধ

Class 12 Accountancy Chapter 7 ঋণপত্ৰৰ বিলি আৰু পৰিশোধ Question Answer in Assamese Medium, AHSEC Class 12 Accountancy Chapter 7 ঋণপত্ৰৰ বিলি আৰু পৰিশোধ Solutions to each chapter is provided in the list so that you can easily browse throughout different chapters Class 12 Accountancy Chapter 7 ঋণপত্ৰৰ বিলি আৰু পৰিশোধ Notes and select needs one.

Class 12 Accountancy Chapter 7 ঋণপত্ৰৰ বিলি আৰু পৰিশোধ

Join Telegram channel

Also, you can read the SCERT book online in these sections Class 12 Accountancy Chapter 7 ঋণপত্ৰৰ বিলি আৰু পৰিশোধ Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 12 Accountancy Chapter 7 ঋণপত্ৰৰ বিলি আৰু পৰিশোধ Solutions for All Subjects, You can practice these here.

ঋণপত্ৰৰ বিলি আৰু পৰিশোধ

ACCOUNTANCY

Chapter: 7

PART – II

I. উদ্দেশ্যধর্মী প্রশ্নঃ

(A) ‘শুদ্ধ’ নে ‘অশুদ্ধ’ লিখাঃ

(i) ঋণৰ পৰিমাণ লিখিতভাবে স্বীকৃতি দিয়াকে ঋণপত্ৰ বোলে।

উত্তৰঃ শুদ্ধ।

(ii) ঋণপত্ৰধাৰকসকল কোম্পানীৰ মালিক।

উত্তৰঃ অশুদ্ধ।

(iii) ঋণপত্ৰধাৰকসকলে কোম্পানীৰ লোকচান হ’লেও সুদ পাব।

উত্তৰঃ শুদ্ধ।

(iv) ঋণপত্র বিলিকৰণত দিয়া বাট্টা হৈছে মূলধনী লোকচান।

উত্তৰঃ শুদ্ধ।

(v) কোম্পানীয়ে নিজৰ ঋণপত্ৰ ক্ৰয় কৰিব নোৱাৰে।

উত্তৰঃ অশুদ্ধ।

(vi) ঋণপত্র অধিহাৰত বিলি কৰি সমহাৰত পৰিশোধ কৰিব নোৱাৰি।

উত্তৰঃ অশুদ্ধ।

(vii) ঋণপত্র বিলিকৰণত হোৱা লোকচান ইয়াৰ সময়কালত লাভ-লোকচান হিচাপ পৰা বিয়োগ কৰা হয়।

উত্তৰঃ শুদ্ধ।

(B) খালী ঠাই পূৰ কৰাঃ

(i) ঋণপত্ৰ বিলিকৰণত দিয়া বাট্টা উদ্বৃত্ত পত্ৰৰ ______ ত দেখুওৱা হয়।

উত্তৰঃ সম্পত্তি দিশৰ সানমিহলি শিতানত।

(ii) ঋণপত্ৰ ধাৰকসকলে ______ পায়। 

উত্তৰঃ সুত।

(iii) ঋণপত্ৰ হৈছে লিখিতভাৱে স্বীকৃতি দিয়া ______ ৰ পৰিমাণ।

উত্তৰঃ ঋণ।

(iv) ঋণপত্ৰ হৈছে এক প্ৰকাৰৰ ______।

উত্তৰঃ ঋণ।

(v) ঋণপত্ৰৰ সুত ______ ৰ ভৰণি।

উত্তৰঃ লাভৰ।

(vi) যেতিয়া কোম্পানীয়ে মূল জামিনৰ উপৰি ঋণপত্ৰ আগবঢ়ায় তেনে ঋণপত্ৰক _______ বোলে।

উত্তৰঃ অতিৰিক্ত জামিন।

(C) শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ

(i) হস্তান্তৰৰ দ্বাৰা স্থানান্তৰ কৰিব পৰা ঋণপত্ৰবোৰ হ’ল—

(a) পঞ্জীকৃত।

(b) প্রথম।

(c) বাহক।

উত্তৰঃ (c) বাহক।

(ii) পৰিৱৰ্তনশীল ঋণপত্ৰবোৰ বাট্টাত বিলি কৰিব নোৱাৰি—

(a) যিবোৰ অতি সোনকালে ৰূপান্তৰযোগ্য।

(b) যিবোৰ অতি সোনকালে ৰূপান্তৰযোগ্য নহয়।

(c) ওপৰৰ এটাও নহয়।

উত্তৰঃ (a) যিবোৰ অতি সোনকালে ৰূপান্তৰযোগ্য।

(iii) ঋণপত্ৰ বিলিকৰণত হোৱা বাট্টাৰ পৰিমাণ উদ্বৃত্তপত্ৰৰ কোনটো শিতানত দেখুওৱা হয়—

(a) লাভ-ক্ষতি।

(b) সানমিহলি।

(c) ঋণপত্র।

উত্তৰঃ (b) সানমিহলি।

(iv) যেতিয়া ঋণপত্ৰসমূহ সমহাৰত বিলি আৰু অধিহাৰত পৰিশোধ কৰা হয়, সেই ক্ষতি ডেবিট হয়—

(a) লাভ-ক্ষতি হিচাপ।

(b) ঋণপত্র আবেদন হিচাপ।

(c) ঋণপত্র বিলিত হোৱা ক্ষতিৰ হিচাপ।

উত্তৰঃ (c) ঋণপত্ৰ বিলিত হোৱা ক্ষতিৰ হিচাপ।

(v) ব্যৱসায় ক্ৰয় কৰাৰ সময়ত প্ৰকৃত সম্পত্তিৰ মূল্য ক্রয় মূল্যতকৈ বেছি হ’লৈ ক্রেডিট কৰা হ’ব—

(a) সাধাৰণ পুঁজি।

(b) মূলধনী সংৰক্ষিত পুঁজি।

(c) বিক্ৰেতাৰ হিচাপ।

উত্তৰঃ (b) মূলধনী সংৰক্ষিত পুঁজি।

(vi) যেতিয়া সকলোবোৰ ঋণপত্ৰ পৰিশোধ কৰা হয়, ঋণপত্ৰ পৰিশোধ পুঁজিৰ উদ্বৃত্ত স্থানান্তৰ হয়—

(a) মূলধনী সংৰক্ষিত পুঁজি।

(b) সাধাৰণ পুঁজি।

(c) লাভ-ক্ষতি হিচাপ।

উত্তৰঃ (b) সাধাৰণ পুঁজি।

(vii) ঋণপত্ৰ পৰিশোধ বিনিয়োগ পুঁজিৰ নামিক বা লিখিত মূল্য ক্রমে 100000 আৰু 96000 টকা। কোম্পানীয়ে 30000 টকাৰ নামিক মূল্যৰ বিনিয়োগ বিক্ৰী কৰিলে যিখিনি নেকি 30000 টকাৰ ঋণপত্ৰ 10% অধিহাৰত পৰিশোধৰ বাবে যথেষ্ট আছিল, বিনিয়োগ বিক্ৰী কৰি হোৱা লাভ হ’ল—

(a) 4200 টকা।

(b) 3000 টকা।

(c) 7200 টকা।

উত্তৰঃ (a) 4200 টকা।

(viii) এটা কোম্পানীয়ে 28,80,000 টকাৰ সম্পত্তি ক্ৰয় কৰি মূল্য পৰিশোধৰ বাবে 100 টকাৰ 4% বাট্টাত ঋণপত্র বিলি কৰিলে। বিলিকৰা ঋণপত্ৰৰ সংখ্যা হ’ল—

(a) 30000.

(b) 28800.

(c) 32000.

উত্তৰঃ (a) 30000.

(ix) যেতিয়া ঋণপত্ৰবোৰ বাট্টাত বিলি কৰা হয় আৰু অধিহাৰত পৰিশোধ কৰিবলগীয়া হয়, বিলি কৰাৰ সময়ত ডেবিট হ’ব—

(a) ঋণপত্ৰ হিচাপ।

(b) ঋণপত্ৰ পৰিশোধ অধিহাৰ হিচাপ।

(c) ঋণপত্র বিলিত হোৱা ক্ষতি হিচাপ।

উত্তৰঃ (c) ঋণপত্ৰ বিলিত হোৱা ক্ষতি হিচাপ।

(x) বিনিয়োগ উদ্ধাৰ কৰাৰ পিছত প্ৰতিপূৰক পুঁজি বিনিয়োগ হিচাপৰ উদ্বৃত্ত স্থানান্তৰ হয়—

(a) লাভ-ক্ষতি হিচাপ।

(b) সাধাৰণ পুঁজি হিচাপ।

(c) প্রতিপূৰক পুঁজি হিচাপ।

উত্তৰঃ (c) প্রতিপূৰক পুঁজি হিচাপ।

II. চমু প্রশ্নোত্তৰঃ

1. ঋণপত্ৰ বুলিলে কি বুজা?

উত্তৰঃ কোম্পানীৰ নিজস্ব চিল মোহৰ খোদিত কোনো পত্ৰত ধাৰৰ বা ঋণৰ পৰিমাণ লিখিতভাৱে স্বীকৃতি দিয়া পত্ৰকে ঋণ-পত্ৰ বুলি কোৱা হয়। এই ঋণ পত্ৰত ঋণৰ পৰিমাণ, ঋণ পৰিশোধৰ ব্যৱস্থা আৰু ঋণৰ ওপৰত দিবলগীয়া সুত আদিৰ বিষয়েও উল্লেখ থাকে। ঋণপত্ৰৰ দ্বাৰা সাধাৰণতে ব্যৱসায় প্ৰতিষ্ঠানৰ সা-সম্পত্তিবোৰৰ ওপৰত জামিন লোৱাৰ ব্যৱস্থা থাকে। সাধাৰণতে কোনো এটা কোম্পানীয়ে তেওঁলোকৰ ব্যৱসায়ৰ প্ৰয়োজনীয় ঝাৰলৈ সংগ্ৰহ কৰাৰ ঋণপত্ৰই হ’ল প্ৰধান উৎস।

2. বাহক ঋণপত্র কি?

উত্তৰঃ যিবোৰ ঋণপত্র হস্তান্তৰ কৰি স্থানান্তৰ কৰা হয় আৰু কোম্পানীয়ে ঋণপত্র ধাৰকসকলৰ কোনো তথ্য লিপিবদ্ধ কৰি নাৰাখে সেইবোৰ ঋণপত্ৰক বাহক ঋণপত্ৰ বুলি কোৱা হয়। ঋণপত্ৰ খনৰ লগত সংলগ্ন সুদৰ কুপন যিজন ব্যক্তিয়ে দাখিল কৰে সেইজন ব্যক্তিক ঋণপত্ৰৰ সুদ প্ৰদান কৰা হয়।

3. ‘অতিৰিক্ত বন্ধকী হিচাপে ঋণপত্ৰৰ বিলি’ৰ অৰ্থ কি?

উত্তৰঃ ‘অতিৰিক্ত বন্ধকী হিচাপে ঋণপত্ৰৰ বিলি পদ্ধতি অংশপত্ৰৰ বিলি পদ্ধতিৰ লগত একে।কোম্পানীয়ে বিলি কৰা অনুষ্ঠানপত্ৰৰ ওপৰত ভিত্তি কৰি সাম্ভাব্য বিনিয়োগকাৰীয়ে ঋণপত্ৰৰ বাবে আবেদন কৰে। কোম্পানীয়ে ঋণপত্ৰৰ সম্পূর্ণ মূল্য আবেদন মাচুল হিচাপে বা আবেদন, আৱন্টন আৰু বিভিন্ন তলবত কিস্তিৰ সহায়ত সংগ্ৰহ কৰিব পাৰে। ঋণপত্র সমহাৰ অধিকাৰ বা বাট্টাত বিলি কৰিব পাৰি। ঋণপত্ৰ নগদ টকাৰ বাহিৰে অন্য প্রতিদানত বা অতিৰিক্ত বন্ধকী হিচাপেও বিলি কৰিব পাৰি।

4. নগদ টকাৰ বাহিৰে আন প্ৰতিদানত ঋণপত্ৰৰ বিলি বুলিলে কি বুজা?

উত্তৰঃ যেতিয়া কোম্পানীয়ে সম্পত্তি ক্রয় কৰোকে নগদ টকা প্ৰদানৰ পৰিৱৰ্তে ঋণপত্র বিলি কৰে তেতিয়া সেই ঋণপত্ৰক ‘নগদ টকাৰ বাদে আন প্ৰতিদানত ঋণপত্ৰ’ বিলি কৰা বুলি কোৱা হয়। কেতিয়াবা বিক্রেতা বা কৃতিস্বত্ব, প্রতিলিপিস্বত্ব যোগানকাৰীক আৰু বৌদ্ধিক সম্পত্তিৰ অধিকাৰ হস্তান্তৰ কৰাৰ বাবে অগ্ৰাধিকাৰ ভিত্তিত নগদ টকাৰ বাদে ঋণপত্র বিলি কৰিবলগীয়া হয়।

5. ঋণপত্ৰৰ বাট্টাত বিলি, অধিহাৰত পৰিশোধ বুলিলে কি বুজা?

উত্তৰঃ যেতিয়া ঋণপত্ৰৰ লিখিত মূল্যতকৈ বেছি মূল্যত বিলি কৰা হয় তেতিয়া ঋণপত্র অধিহাৰত বিলি কৰা বুলি কোৱা হয়। উদাহৰণস্বৰূপে 100 টকীয়া ঋণপত্ৰ 110 টকাত বিলি কৰিলে, 10 টকা হ’ব অধিহাৰ। অধিহাৰৰ পৰিমাণ প্রতিভূতি অধিহাৰ হিচাপত ক্রেডিট কৰা হয় আৰু উদ্ধৃত্ত পত্ৰৰ দেনা পক্ষত ‘সংৰক্ষিত পুঁজি আৰু ৰাহি’ শিতানত দেখুওৱা হয়।

6. ‘মূলধনী সংৰক্ষিত পুঁজি’ বুলিলে কি বুজা?

উত্তৰঃ কোনো এটা ব্যৱসায় লোৱাৰ সময়ত যদি বিলি কৰা ঋণপত্ৰৰ পৰিমাণ কোম্পানীয়ে লোৱা প্ৰকৃত সম্পত্তিতকৈ বেছি হয়, এই পার্থক্য সুনামৰ মূল্য হিচাপে বিবেচনা কৰা হয় আৰু তেতিয়া বিক্রেতাৰ ব্যৱসায় ক্ৰয় কৰাৰ বাবে জাবেদা প্ৰবিষ্টি দিয়াৰ সময়ত সুনামৰ বাবে ডেবিট প্রবিষ্টি দিয়া হয় আনহাতে যদি বিলি কৰা ঋণপত্ৰৰ মূল্য কোম্পানীয়ে লোৱা প্ৰকৃত সম্পত্তিৰ মূল্যতকৈ কম হয় তেতিয়া পাৰ্থক্যৰ পৰিমাণেৰে মূলধনী সংৰক্ষিত পুঁজি হিচাপে ক্রেডিট কৰা হয়।

7. ‘অৰূপান্তৰযোগ্য ঋণপত্র’ কি?

উত্তৰঃ যিবোৰ ঋণপত্র সমাংশ বা আন প্রতিভূতি পত্ৰলৈ পৰিৱৰ্তন কৰিব নোৱাৰি সেইবোৰ ঋণপত্ৰক অৰূপান্তৰযোগ্য ঋণপত্ৰ বুলি কোৱা হয়। কোম্পানীয়ে বিলি কৰা প্ৰায় ভাগ ঋণপত্ৰই এই শ্ৰেণীৰ ঋণপত্র।

8. ‘ৰূপান্তৰযোগ্য ঋণপত্র’ কি?

উত্তৰঃ যিবোৰ ঋণপত্র কোম্পানী বা ঋণপত্ৰধাৰক সকলৰ ইচ্ছামতে সমাংশ বা আন প্ৰতিভূত পত্ৰলৈ পৰিৱৰ্তন কৰিব পাৰি সেইবোৰ ঋণপত্ৰক ৰূপান্তৰযোগ্য ঋণপত্ৰ বুলি কোৱা হয়। এইবোৰ ঋণপত্ৰক আংশিক ঋণপত্ৰ বুলি কোৱা হয়। এইবোৰ ঋণপত্র আংশিক অথবা সম্পূৰ্ণৰূপে ৰূপান্তৰযোগ্য।

9. ‘বন্ধকী ঋণপত্র’ কি?

উত্তৰঃ বন্ধকী ঋণপত্ৰ হ’ল ন্যাস দলিলৰ অধীনত থকা এটা দায়িত্ব যাৰ দ্বাৰা কোম্পানীয়ে বিশেষ সম্পত্তি প্রথম বা দ্বিতীয় প্রতিভূতি হিচাপে আগবঢ়ায়। প্রথম বন্ধকীয়ে ঋণ পৰিশোধৰ ক্ষেত্ৰত থকা অগ্ৰাধিকাৰকে সূচায়। যিসকলে কোনো বিশেষ সম্পত্তিৰ ওপৰত প্ৰথম বন্ধকী ধাৰণ কৰে তেওঁলোকে সেই সম্পত্তিৰ পৰা উদ্ধাৰ কৰা প্ৰকৃত মূল্যৰ পৰা তেওঁলোকৰ দাবী উদ্ধাৰ কৰিব পাৰে। প্ৰথম বন্ধকীত দিয়া সম্পত্তিৰ পৰা পোৱা ৰাহিৰ পৰিমাণ দ্বিতীয় বন্ধকী ধাৰকৰ দাবী পূৰণ কৰোতে ব্যৱহাৰ কৰিব পাৰি।

10. ঋণপত্র বিলিৰ বাট্টা কি?

উত্তৰঃ যেতিয়া ঋণপত্ৰ নামিক মূল্য বা লিখিত মূল্যতকৈ কম মূল্যত বিলি কৰা হয় তেতিয়া ঋণপত্ৰ বাট্টাত বিলি কৰা বুলি কোৱা হয়। উদাহৰণস্বৰূপে 100 টকীয়া ঋণপত্র 95 টকাত বিলি কৰিলে, 5 টকা বাট্টাৰ পৰিমাণ। ঋণপত্ৰ বিলিৰ বাট্টা মূলধনীয়া লোকচান আৰু ইয়াক সম্পূৰ্ণৰূপে বাদ নিদিয়ালৈকে উদ্ধৃত্তপত্ৰৰ সম্পত্তি দিশত সানমিহলি খৰচ শিতানত দেখুওৱা হয়৷ ঋণপত্র বিলিৰ বাট্টা ঋণপত্ৰৰ ম্যাদকালত লাভ-লোকচান হিচাপ ডেবিট কৰি বা মূলধনী লাভৰ পৰা বাদ দিব পাৰি।

11. উদ্বৃত্ত পত্ৰৰ কোনটো শিতানত ‘ঋণপত্ৰ বিলিৰ বাট্টা হিচাপে’ দেখুওৱা হয়?

উত্তৰঃ ‘সানমিহলি খৰচ’ শিতানত দেখুওৱা হয়।

12. কোম্পানীয়ে ইয়াৰ নিজা ঋণপত্ৰ ক্ৰয় কৰিব পাৰেনে?

উত্তৰঃ কোম্পানীয়ে ইয়াৰ নিজা ঋণপত্ৰবোৰ ক্ৰয় কৰিব পাৰে, যেতিয়া সেইবোৰ বজাৰত বাট্টাত পোৱা যায়।

13. ঋণপত্ৰৰ পৰিশোধ কি?

উত্তৰঃ ঋণপত্ৰৰ পৰিশোধ বুলিলে বিলি কৰা চৰ্ত অনুসৰি ঋণপত্ৰৰ ওপৰত থকা দায়িত্ব বা দেনা বিলোপ কৰা বা মুক্ত কৰাকে বুজায়। আন কথাত পত্ৰৰ পৰিশোধ মানে ঋণপত্ৰৰ টকা কোম্পানীয়ে পৰিশোধ কৰাকে বুজায়।

14. তলত দিয়া লেনদেনবোৰৰ ক্ষেত্ৰত ডেবিট স্তম্ভত দেখুওৱা হিচাপবোৰ নিৰ্ণয় কৰা।

(a) ব্যৱসায় ক্ৰয় কৰাৰ প্ৰতিদান হিচাপে বিক্রেতা বা বিলি কৰিবলগীয়া ঋণপত্ৰসমূহ।

(b) ঋণপত্ৰ পৰিশোধৰ বাবে সৃষ্টি কৰা প্ৰতিপূৰক পুঁজিৰ টকা বাদ দিয়াৰ বাবে।

(c) ঋণপত্ৰ পৰিশোধ কৰাৰ পিছত থকা ঋণপত্ৰ পৰিশোধ পুঁজি হিচাপ উদ্বৃত্ত।

(d) কোম্পানীৰ দ্বাৰা নিজা ঋণপত্র ক্রয়।

(e) ঋণপত্র বিলিত বাদ দিয়া বাট্টাৰ বাবে।

উত্তৰঃ 1. বিক্ৰেতাৰ হিচাপ।

2. লাভ-লোকচান উপযোজন হিচাপ।

3. ঋণপত্ৰ পৰিশোধ সংৰক্ষিত পুঁজি হিচাপ।

4. নিজা ঋণপত্ৰ হিচাপ।

5. লাভ-লোকচান হিচাপ।

19. তলত দিয়া লেনদেনবোৰৰ ক্ষেত্ৰত ক্রেডিট স্তম্ভত দেখুওৱা হিচাপবোৰ নিৰ্ণয় কৰা।

(a) ঋণপত্ৰ বাট্টাত বিক্ৰী আৰু সমহাৰত পৰিশোধ।

(b) প্ৰতিপূৰক পুঁজি হিচাপলৈ প্ৰতিপূৰক পুঁজি বিনিয়োগৰ সুদ স্থানান্তৰ।

(c) ঋণপত্ৰ পৰিশোধ সংৰক্ষিত পুঁজিৰ উদ্বৃত্ত, ঋণপত্ৰ পৰিশোধ কৰাৰ পিছত।

(d) প্রতিপূৰক পুঁজি বিনিয়োগ হিচাপ বিক্ৰী কৰি পোৱা লাভ।

(e) ঋণপত্র বিলিত হোৱা ক্ষতি বাদ দিয়াৰ সময়ত।

উত্তৰঃ 1. ঋণপত্ৰ হিচাপ।

2. প্ৰতিপূৰক পুঁজি হিচাপ।

3. সাধাৰণ সংৰক্ষিত পুঁজি হিচাপ।

4. ঋণপত্ৰ পৰিশোধ সংৰক্ষিত পুঁজি হিচাপ।

5. ঋণপত্র বিলিৰ ক্ষতি হিচাপ।

20. ৰূপান্তৰৰ দ্বাৰা পৰিশোধ কি?

উত্তৰঃ যিহেতু ঋণপত্ৰবোৰ অংশপত্ৰলৈ বা নতুন ঋণপত্ৰলৈ ৰূপান্তৰ কৰি পৰিশোধ কৰিব পাৰি। যদি ঋণপত্ৰৰ ধাৰকসকলে এই প্রস্তাৱ লাভজনক বুলি ভাৱে তেওঁলোকে এই সুবিধা গ্ৰহণ কৰিব পাৰে। নতুন অংশ বা ঋণপত্ৰ সমহাৰ, বাট্টা বা অধিহাৰত বিলি কৰিব পাৰি। কিন্তু ৰূপান্তৰযোগ্য ঋণপত্ৰৰ ক্ষেত্ৰত ঋণপত্ৰ পৰিশোধ সংৰক্ষিত পুঁজিৰ প্ৰয়োজন নহয় কাৰণ ইয়াৰ পৰিশোধৰ বাবে কোনো পুঁজিৰ প্ৰয়োজন নহয়।

21. ঋণ পৰিশোধ পুঁজি পদ্ধতি কি?

উত্তৰঃ কোনো কোম্পানী বা ব্যৱসায়িক প্রতিষ্ঠানে ঋণ পৰিশোধৰ বাবে বছৰৰ লাভৰ এটা অংশ কাটি ৰাখি প্ৰয়োজনীয় পুঁজি সৃষ্টি কৰাকে ঋণ পৰিশোধ পুঁজি পদ্ধতি বোলে।

22. ‘ভাৰতীয় প্ৰতিভূতি আৰু বিনিময় পৰিষদে (SEBI) ঋণপত্ৰ পৰিশোধৰ কাৰণে বান্ধি দিয়া দুটা নিয়ম উল্লেখ কৰা।

উত্তৰঃ উক্ত নিয়মাৱলীবোৰ হ’ল—

(ক) বিলি কৰা তাৰিখৰ পৰা 18 মাহৰ বেছি সময়ৰ পিচত পৰিশোধ কৰিবলগীয়া ঋণ পত্ৰৰ ক্ষেত্ৰত প্ৰত্যেক কোম্পানীয়ে ঋণপত্ৰ পৰিশোধ সংৰক্ষিত পুঁজিৰ সৃষ্টি কৰিব লাগিব।

(খ) মাত্ৰ অৰূপান্তৰযোগ্য ঋণপত্ৰ আৰু আংশিক ৰূপান্তৰযোগ্য ঋণপত্ৰ অৰূপান্তৰযোগ্য অংশৰ বাবে ঋণপত্ৰ পৰিশোধ সংৰক্ষিত পুঁজি সৃষ্টি কৰাটো বাধ্যতামূলক।

III. ৰচনাধৰ্মী প্রশ্নোত্তৰঃ

1. ঋণপত্ৰৰ সংজ্ঞা দিয়া।

উত্তৰঃ ঋণপত্ৰঃ কোনো এক নিৰ্দিষ্ট পৰিমাণৰ ঋণ স্বীকাৰ কৰি আৰু ভৱিষ্যতৰ কোনো এক নিৰ্দিষ্ট দিনত বা তাৰ পিছত সেই ঋণ পৰিশোধ কৰাৰ আৰু বছৰি এক নিৰ্দিষ্ট হাৰত এক নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে সুত পৰিশোধ কৰাৰ প্ৰতিশ্রুতি দি কোম্পানীয়ে নিজৰ ছীল মোহৰ লগাই লিখিতভাৱে যি নথি প্ৰদান কৰে তাকে ঋণপত্ৰ বুলি কোৱা হয়। চমুকৈ, জামিন বা জামিন নোহোৱাকৈ কোনো এক নিৰ্দিষ্ট পৰিমাণৰ ঋণ স্বীকাৰ কৰি কোম্পানীয়ে যি প্রমাণপত্র প্ৰদান কৰে তাকে ঋণপত্ৰ বোলা হয়। ৰাজহুৱা বা ব্যক্তিগত—দুয়োবিধ কোম্পানীয়ে যিকোনো সময়তে ঋণপত্র বিলি কৰিব পাৰে। ঋণপত্র বিলি কৰাৰ ক্ষমতা একমাত্র সঞ্চালকমণ্ডলীৰহে থাকে।

2. ‘অংশপত্ৰ’ আৰু ‘ঋণপত্ৰ’ৰ পাঁচটা পার্থক্য লিখা।

উত্তৰঃ সমাংশ আৰু অগ্ৰাধিকাৰযুক্ত অংশপত্ৰৰ মাজত পার্থক্যঃ

পাৰ্থক্যৰ ডিত্তিঅংশপত্রঋণপত্র
১। পদমর্যাদা১। অংশপত্ৰ ধাৰকসকল কোম্পানীৰ আংশিক মালিক।১। ঋণপত্ৰ ধাৰকসকল কোম্পানীৰ পাওনাদাৰ।
২। আয়২। অংশ ধাৰকসকলৰ আয় সুনিশ্চিত নহয়। ই কোম্পানীৰ লাভ আৰু সঞ্চালকমণ্ডলীৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰে। অৰ্থাৎ অংশ ধাৰকসকলৰ আয় বঢ়া-টুটা হ’ব পাৰে।২। কোম্পানীৰ লাভ-লোকচানৰ লগত ঋণপত্ৰৰ আয়ৰ কোনো সম্পর্ক নাই। অর্থাৎ ঋণপত্র ধাৰকসকলে প্ৰতিবছৰে এক নিৰ্দিষ্ট হাৰত সুত পায়।
৩। ভেটাধিকাৰ৩। অংশপত্ৰৰ ধাৰকসকলৰ ভোট দিয়াৰ অধিকাৰ আছে আৰু সেয়ে তেওঁলোকে কোম্পানীৰ পৰিচালনাত অংশগ্ৰহণ কৰিব পাৰে।৩। ঋণপত্ৰ ধাৰকসকলৰ ভোট দিয়াৰ কোনো ক্ষমতা নথকাত তেওঁলোক কেম্পানী পৰিচালনাত অংশগ্ৰহণ কৰিব নোৱাৰে।
৪। জামিন৪। কোম্পানীৰ সম্পত্তিৰ ওপৰত অংশপত্ৰৰ কোনো জামিন নাথাকে।৪। ঋণপত্ৰৰ ক্ষেত্ৰত কোম্পানীৰ সম্পত্তিৰ ওপৰত সম্পূর্ণ জামিন থাকে।
৫। বোজা৫। অংশপত্ৰই কোম্পানীৰ বিত্তীয় অৱস্থাৰ ওপৰত অতিৰিক্ত বোজা জাপি নিদিয়ে।৫। ঋণপত্ৰই কোম্পানীৰ বিত্তীয় অৱস্থাৰ ওপৰত এটা নির্দিষ্ট পৰিমাণৰ বোজা জাপি দিয়ে।

3. প্ৰতিপূৰক পুঁজি পদ্ধতি কাৰ্যকৰী কৰাত অন্তর্ভূক্ত পদক্ষেপবোৰ কি কি?

উত্তৰঃ প্রতিপূৰক পুঁজি পদ্ধতি কার্যকৰী কৰাত অন্তৰ্ভুক্ত পদক্ষেপবোৰ হ’ল –

(ক) প্রত্যেক পৰৱৰ্তী বছৰৰ শেষত বিনিয়োগৰ ওপৰত সুদ গ্ৰহণ কৰা।

(খ) শেষ বছৰৰ কাৰণে বিনিয়োগৰ ওপৰত সুদ গ্ৰহণ কৰা।

(গ) পৰিশোধ কৰিবলগীয়া বছৰৰ শেষত বিনিয়োগ বিক্ৰী কৰিব লাগে।

(ঘ) প্রতিপূৰক পুঁজি টেবুলৰ সহায়ত লাভৰ পৰিমাণৰ পৰা বছৰি বাদ দিবলগীয়া টকা গণনা কৰা।

(ঙ) প্ৰথম বছৰৰ শেষত সমপৰিমাণে বিনিয়োগ ক্ৰয় কৰা আৰু ইয়াক ঋণপত্ৰ পৰিশোধ বিনিয়োগ পুঁজি হিচাপত ডেবিট কৰা।

(চ) প্ৰতি বছৰৰ শেষত লাভৰ পৰা কাটি ৰাখিবলগীয়া টকা ঋণপত্ৰ পৰিশোধ পুঁজি হিচাপলৈ ক্রেডিট কৰা।

(ছ) কাটি ৰখা স্থিৰ পৰিমাণৰ লাভ আৰু শেষ বছৰৰ বাদে (পৰিশোধ কৰা বছৰ) আৰ্জিত সুদৰ সমপৰিমাণেৰে বিনিয়োগ ক্ৰয় কৰা।

(জ) শেষ বছৰৰ কাৰণে স্থিৰ পৰিমাণৰ লাভ কাটি ৰখা।

(ঝ) বিনিয়োগ বিক্ৰী কৰি হোৱা লাভ/ক্ষতি ঋণপত্ৰ পৰিশোধ বিনিয়োগ পুঁজি হিচাপত প্রতিফলিত উদ্ধৃত্ত ঋণপত্ৰ পৰিশোধ পুঁজি হিচাপলৈ স্থানান্তৰ কৰিব লাগে।

(ঞ) ঋণপত্ৰ পৰিশোধ পুঁজি হিচাপৰ উদ্ধৃত্ত সাধাৰণ সংৰক্ষিত পুঁজি হিচাপলৈ স্থানান্তৰ কৰিব লাগে।

(ঢ) ঋণপত্ৰ ধাৰকসকলক টকা প্ৰদান কৰিব লাগে।

4. কিস্তিত প্ৰদানৰ দ্বাৰা পৰিশোধ কেনেদৰে কৰা হয় আলোচনা কৰা।

উত্তৰঃ যেতিয়া বিলিৰ চৰ্ত অনুসৰি ঋণপত্ৰবোৰ কোনো এটা নিদিষ্ট বছৰৰ পৰা আৰম্ভ কৰি কিস্তিত পৰিশোধ কৰিবলগীয়া হয় তেতিয়া পৰিশোধ কৰিবলগীয়া প্ৰকৃত ঋণপত্র সাধাৰণতে বাছনি প্ৰক্ৰিয়াৰ সহায়ত কৰা হয় আৰু লাভ বা মূলধনৰ পৰা পৰিশোধ কৰা হয়।

ইয়াৰ জাবেদা কৰা হ’ল—

(ক) যদি লাভৰ পৰা পৰিশোধ কৰা হয়-

(i) লাভ-ক্ষতি উপযোজন হিচাপ                              ডেঃ

ঋণপত্ৰ পৰিশোধ সংৰক্ষিত পুঁজি হিচাপলৈ

(ii) ঋণপত্ৰ হিচাপ ঋণপত্ৰ ধাৰকসকলৰ হিচাপলৈ    ডেঃ

(iii) ঋণপত্ৰ ধাৰকসকলৰ হিচাপ বেংক হিচাপলৈ      ডেঃ

(খ) যদি মূলধনৰ পৰা পৰিশোধ কৰা হয়

(i) ঋণপত্ৰ হিচাপ ঋণপত্ৰ ধাৰকসকলৰ হিচাপলৈ

(ii) ঋণপত্ৰ ধাৰকসকলৰ হিচাপ বেংক হিচাপলৈ

5. স্থায়ী কিস্তি পদ্ধতি আৰু পৰিৱৰ্তনশীল কিস্তি পদ্ধতি কি আলোচনা কৰা।

উত্তৰঃ স্থায়ী কিস্তি পদ্ধতিঃ যেতিয়া ঋণপত্ৰবোৰ এক নিৰ্দিষ্ট সময়ৰ পিচত পৰিশোধ কৰা হয় তেতিয়া বাট্টাৰ মুঠ পৰিমাণ সমান কিস্তিত ঋণপত্ৰৰ ম্যাদৰ কালত বিলোপ কৰা হয়। উদাহৰণস্বৰূপে যদি ঋণপত্ৰবোৰ 10 বছৰত পৰিশোধ কৰিবলগীয়া হয়, বাট্টাৰ মুঠ 1,00,000 টকা, 10,000 টকাকৈ প্ৰতি বছৰে বিলোপ হ’ব বা দিব লাগিব।

পৰিৱৰ্তনশীল কিস্তি পদ্ধতিঃ যেতিয়া ঋণপত্ৰবোৰ বছৰেকীয়া আহৰণ বা কিস্তিৰ দ্বাৰা পৰিশোধ কৰা হয় তেতিয়া প্ৰত্যেক হিচাপ বৰ্ষৰ শেষত অপ্ৰদত্ত ঋণ পত্ৰৰ পৰিমাণৰ অনুপাতত বাট্টা বাদ দিয়া হয়। এই পদ্ধতিত বাট্টাৰ পৰিমাণ প্রত্যেক বছৰে কমি যায় সেইবাবে ইয়াক ক্রমহ্রাসমান কিস্তি পদ্ধতি বুলিও জনা যায়। উদাহৰণস্বৰূপে এটা কোম্পানীয়ে 15,00,000 টকাৰ 9% ঋণপত্ৰ 10% বাট্টাত বিলি কৰিছে। এই ঋণপত্ৰ প্ৰতি বছৰে 3,00,000 টকাকৈ বাৰ্ষিক আহৰণৰ দ্বাৰা পৰিশোধযোগ্য। বিলোপ কৰিবলগীয়া বাট্টাৰ পৰিমাণ তলত দিয়া ধৰণে গণনা কৰা হ’ব—

বছৰবছৰটোত ব্যৱহাৰ কৰা পৰিমাণঅনুপাত
প্ৰথম বছৰ15,00,0005
দ্বিতীয় বছৰ12,00,0004
তৃতীয় বছৰ9,00,0003
চতুৰ্থ বছৰ6,00,0002
পঞ্চম বছৰ3,00,0001

গতিকে, প্রত্যেক বছৰে বাট্টাৰ বাবে বাদ দিবলগীয়া টকাৰ পৰিমাণ হ’বঃ

প্ৰথম বছৰ 15,00,000 টকা 5/15 50,000 টকা

দ্বিতীয় বছৰ 15,00,000 টকা 4/15 40,000 টকা

তৃতীয়বছৰ 15,00,000 টকা 3/15 30,000 টকা

চতুৰ্থ বছৰ 15,00,000 টকা 2/15 20,000 টকা

পঞ্চম বছৰ 15,00,000 টকা 1/15 10,000 টকা

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top