Class 12 Accountancy Chapter 8 কোম্পানীৰ বিত্তীয় প্রতিবেদনসমূহ

Class 12 Accountancy Chapter 8 কোম্পানীৰ বিত্তীয় প্রতিবেদনসমূহ Question Answer in Assamese Medium, AHSEC Class 12 Accountancy Chapter 7 ঋণপত্ৰৰ বিলি আৰু পৰিশোধ Solutions to each chapter is provided in the list so that you can easily browse throughout different chapters Class 12 Accountancy Chapter 8 কোম্পানীৰ বিত্তীয় প্রতিবেদনসমূহ Notes and select needs one.

Class 12 Accountancy Chapter 8 কোম্পানীৰ বিত্তীয় প্রতিবেদনসমূহ

Join Telegram channel

Also, you can read the SCERT book online in these sections Class 12 Accountancy Chapter 8 কোম্পানীৰ বিত্তীয় প্রতিবেদনসমূহ Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 12 Accountancy Chapter 8 কোম্পানীৰ বিত্তীয় প্রতিবেদনসমূহ Solutions for All Subjects, You can practice these here.

কোম্পানীৰ বিত্তীয় প্রতিবেদনসমূহ

ACCOUNTANCY

Chapter: 8

PART – II

I. উদ্দেশ্যধর্মী প্রশ্নঃ

(A) ‘শুদ্ধ’ নে ‘অশুদ্ধ’ লিখাঃ

(i) বিত্তীয় বিবৃতিৰ প্ৰস্তুতকৰণেই হৈছে হিচাপীয় ব্যৱস্থাৰ অন্তিম উৎপাদন।

উত্তৰঃ শুদ্ধ।

(ii) Going concern concept ৰ মতে এটা ব্যৱসায় দীর্ঘ সময় ধৰি চলি থাকে।

উত্তৰঃ শুদ্ধ।

(iii) বিত্তীয় বিবৃতিয়ে হিচাপসমূহৰ এক সংক্ষিপ্ত ৰূপ দেখুওৱায়।

উত্তৰঃ শুদ্ধ।

(iv) বিত্তীয় বিবৃতিসমূহ হৈছে লিপিবদ্ধ হোৱা ঘটনা।

উত্তৰঃ শুদ্ধ।

(v) আয় উলিয়াবৰ বাবে হিচাপৰ নগদ ভিত্তি অনুসৰণ কৰা হয়।

উত্তৰঃ অশুদ্ধ।

(B) খালী ঠাই পূৰণ কৰাঃ

(i) লাভ আৰু লোকচান হিচাপক _______ বিবৃতিও বোলা হয়।

উত্তৰঃ আয়।

(ii) কোম্পানীৰ প্ৰতি আগ্ৰহীসকলৰ বাবে তথ্যৰ উৎস হ’ল _______।

উত্তৰঃ বিত্তীয় বিবৃতি।

(iii) যিখন বিবৃতিয়ে কোম্পানীৰ সম্পত্তি আৰু দেনাসমূহ দেখুৱায়, সেইখনক _______ বোলে।

উত্তৰঃ উদ্ধৃত্ত পত্ৰ।

(iv) এটা কোম্পানীয়ে প্ৰতি বছৰে ইয়াৰ ______ প্ৰকাশ কৰিব লাগে।

উত্তৰঃ বিত্তীয় বিবৃতি।

(v) অংশ মূলধন উদ্বৃত্ত পত্ৰৰ ______ দিশত দেখুওৱা হয়।

উত্তৰঃ দেনা।

II. চমু প্রশ্নোত্তৰঃ

1. বিত্তীয় বিবৃতিসমূহ কি কি?

উত্তৰঃ এটা ব্যৱসায়ৰ বিত্তীয় বিবৃতিসমূহ হ’ল—

(ক) লাভ-লোকচান হিচাপ।

(খ) উদ্ধৃত্ত পত্র।

(গ) পুঁজি প্রবাহ বিবৃতি।

(ঘ) নগদ প্রবাহ বিবৃতি।

2. বিত্তীয় বিবৃতিৰ অৰ্থ লিখা।

উত্তৰঃ ব্যৱসায়ৰ চূড়ান্ত ফলাফল জানিবৰ বাবে বিত্তীয় বছৰৰ শেষত যিবোৰ হিচা আৰু প্ৰতিবেদন প্রস্তুত কৰা হয় তাকে বিত্তীয় প্রতিবেদন বোলা হয়। এই প্রতিবেদনসমূহৰ জৰিয়তে ব্যৱসায়ৰ আৰ্থিক লেনদেনবোৰৰ পৰা এটা বিত্তীয় বছৰত হোৱা লাভ বা লোকচানৰ পৰিমাণ আৰু বছৰৰ শেষৰ দিনত ব্যৱসায়ৰ আৰ্থিক অৱস্থাৰ বিষয়ে জানিব পাৰি। এই প্রতিবেদনসমূহ পৰিচালকমণ্ডলী, বিনিয়োগকাৰী, পাওনাদাৰ, বেংক, কৰ্মচাৰী, চৰকাৰ আৰু জনসাধাৰণ সকলোৰে বাবে উপকাৰী। বিত্তীয় প্রতিবেদনত অন্তর্গত দুবিধ প্রতিবেদন হ’ল—

(i) আয় প্রতিবেদন (বা ক্রয়-বিক্রয় হিচাপ আৰু লাভ-লোকচান হিচাপ)। আৰু

(ii) আর্থিক অৱস্থাৰ প্ৰতিবেদন (বা উদ্ধৃত্ত পত্র)।

3. মূখ্য বিত্তীয় বিবৃতিসমূহৰ নাম লিখা।

উত্তৰঃ মূখ্য বিত্তীয় বিবৃতিকেইখন হ’ল—

(ক) লাভ-লোকচান হিচাপ। আৰু

(খ) উদ্ধৃত্ত পত্র।

4. বিত্তীয় বিবৃতিৰ দুটা প্রকৃতি লিখা।

উত্তৰঃ বিত্তীয় বিবৃতিৰ দুটা প্ৰকৃতি হ’ল—

(ক) ইয়াৰ পৰা ব্যৱসায়ৰ লাভ বা লোকচান জানিব পৰা যায়৷

(খ) ব্যৱসায়ৰ আৰ্থিক অৱস্থাৰ বিষয়ে আমি জ্ঞাত হও।

5. আদর্শ বিত্তীয় বিবৃতিৰ বৈশিষ্ট্য লিখা।

উত্তৰঃ আদৰ্শ বিত্তীয় বিবৃতিৰ বৈশিষ্ট্য হ’ল—

(ক) এই বিবৃতিসমূহ সঁচা তথ্যৰ ওপৰত নিৰ্ভৰ কৰি প্ৰস্তুত কৰা হ’ব লাগিব।

(খ) ই সম্পূর্ণ তথ্য বহন কৰে।

6. বিত্তীয় বিবৃতিৰ দুটা সীমাবদ্ধতা লিখা।

উত্তৰঃ বিত্তীয় বিবৃতিৰ দুটা সীমাবদ্ধতা হ’ল যে—

(ক) বিত্তীয় বিবৃতিৰ মূল্যসমূহ অতীতৰ ৷

(খ) বিত্তীয় বিবৃতিসমূহে সম্পত্তি, দেনাসমূহৰ বৰ্তমান বিক্ৰী মূল্য নেদেখুৱায় ৷

7. বিত্তীয় বিবৃতিৰ দুটা উদ্দেশ্য লিখা।

উত্তৰঃ বিত্তীয় বিবৃতিৰ উদ্দেশ্য হল—

(ক) এটা হিচাপীয় বৰ্ষৰ শেষত লাভ-লোকচান উলিওৱা।

(খ) ব্যৱসায় পৰিচালনাৰ বাবে সঠিক সিদ্ধান্ত লোৱা।

৪. বিত্তীয় বিবৃতিৰ ব্যৱহাৰ কোনে কোনে কৰে?

উত্তৰঃ বিত্তীয় বিবৃতিৰ ব্যৱহাৰ কৰে—

(ক) পৰিচালনা গোষ্ঠী।

(খ) বিনিয়োগকাৰী।

(গ) অংশধাৰক।

(ঘ) কৰ্মচাৰী।

(ঙ) পাওনাদাৰ।

(চ) চৰকাৰ, ইত্যাদি।

IV. ৰচনাধৰ্মী প্রশ্নোত্তৰঃ

1. বিত্তীয় বিবৃতি বুলিলে কি বুজায়? ইয়াৰ প্ৰকৃতিসমূহ কি কি?

উত্তৰঃ ব্যৱসায়ৰ চূড়ান্ত ফলাফল জানিবৰ বাবে বিত্তীয় বছৰৰ শেষত যিবোৰ হিচাপ আৰু প্ৰতিবেদন প্রস্তুত কৰা হয় তাকে বিত্তীয় প্রতিবেদন বোলা হয়। এই প্রতিবেদনসমূহৰ জৰিয়তে ব্যৱসায়ৰ আৰ্থিক লেনদেনবোৰৰ পৰা এটা বিত্তীয় বছৰত হোৱা লাভ বা লোকচানৰ পৰিমাণ আৰু বছৰৰ শেষৰ দিনত ব্যৱসায়ৰ আৰ্থিক অৱস্থাৰ বিষয়ে জানিব পাৰি। এই প্রতিবেদনসমূহ পৰিচালকমণ্ডলী, বিনিয়োগকাৰী, পাওনাদাৰ, বেংক, কৰ্মচাৰী, চৰকাৰ আৰু জনসাধাৰণ সকলোৰে বাবে উপকাৰী। বিত্তীয় প্রতিবেদনত অন্তর্গত দুবিধ প্রতিবেদন হ’ল—

(i) আয় প্রতিবেদন (বা ক্রয়-বিক্রয় হিচাপ আৰু লাভ-লোকচান হিচাপ)। আৰু

(ii) আর্থিক অৱস্থাৰ প্ৰতিবেদন (বা উদ্ধৃত্ত পত্ৰ)

ইয়াৰ প্ৰকৃতিসমূহ হ’ল—

(ক) বিত্তীয় বিবৃতিসমূহ হৈছে হিচাপীয় প্ৰক্ৰিয়াৰ শেষ উৎপাদন।

(খ) ই ব্যৱসায়ৰ লাভ-লোকচান নিৰ্ণয় কৰে।

(গ) ই ব্যৱসায়ৰ বিত্তীয় অৱস্থা প্ৰদৰ্শন কৰে।

(ঘ) ইয়াক অতীতৰ হিচাপৰ ভিত্তিত দেখুওৱা হয়।

2. বিত্তীয় বিবৃতিৰ গুৰুত্ব উল্লেখ কৰা। 

উত্তৰঃ বিত্তীয় বিবৃতিৰ গুৰুত্বসমূহ হ’ল—

(ক) ই ব্যৱসায়ৰ পৰিচালনাত সহায় কৰে।

(খ) ই ব্যৱসায় চলাই নিয়াত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণত সহায় কৰে।

(গ) বিত্তীয় বিবৃতি পৰা সম্পত্তি আৰু দেনাৰ পৰিমাণ বুজিব পাৰি।

(ঘ) বিত্তীয় বিবৃতিৰ দ্বাৰা মূলধনৰ পৰিমাণ নির্ণয় কৰিব পাৰি।

(ঙ) ব্যৱসায়ৰ বিক্ৰী মূল্য নিৰ্ধাৰণত সহায় হয়।

3. আদর্শ বিত্তীয় বিবৃতিৰ বৈশিষ্ট্যসমূহ লিখা।

উত্তৰঃ আদৰ্শ বিত্তীয় বিবৃতিৰ বৈশিষ্ট্যসমূহ হ’ল—

(ক) এই বিবৃতিয়ে অর্থনৈতিক সিদ্ধান্ত গ্ৰহণত সহায় কৰে।

(খ) আদর্শ বিত্তীয় বিবৃতিক সহজতে বুজিব পৰা যায়।

(গ) এই বিবৃতিসমূহ সময়ে সময়ে প্রকাশ হয়।

(ঘ) আন ব্যৱসায়ৰ বা আগৰ বছৰসমূহৰ বিবৃতিৰ সৈতে তুলনা কৰিব পাৰি।

(ঙ) এই বিবৃতিসমূহে লেনদেনৰ বিশ্বাসযোগ্য প্ৰদৰ্শন কৰে।

4. বিভিন্ন ব্যৱহাৰক সকলক কেনেকৈ বিত্তীয় বিবৃতিয়ে সহায় কৰে?

উত্তৰঃ বিত্তীয় প্রতিবেদন সমূহৰ পৰা সংশ্লিষ্ট বিভিন্ন পক্ষই বিভিন্ন ধৰণৰ তথ্য পাবলৈ ইচ্ছা কৰে। ইয়াৰ কাৰণ এয়ে যে এনে তথ্যৰ পৰা তেওঁলোকে ব্যৱসায়টোৰ সৈতে থকা নিজৰ স্বাৰ্থ ৰক্ষা কৰিব পাৰি। তলত বিত্তীয় প্রতিবেদনসমূহৰ ব্যৱহাৰকাৰী সকলৰ ব্যাখ্যা কৰা হ’ল—

(i) পৰিচালনা গোষ্ঠীঃ বিত্তীয় প্রতিবেদনসমূহ পৰিচালনা গোষ্ঠীৰ বাবে অত্যন্ত প্রয়োজনীয়। পৰিচালনা গোষ্ঠীয়ে ব্যৱসায়ৰ উন্নতিৰ বাবে যথোপযুক্ত আঁচনি প্রস্তুত কৰে। আঁচনি ৰূপায়ণ কাৰ্যৰ কোন দিশত ত্রুটি হৈ গৈছে সেই কথা বিত্তীয় প্রতিবেদনসমূহে আগবঢ়োৱা তথ্যৰ পৰা জানি লৈ সেই ত্রুটি নিৰাকৰণৰ ব্যৱস্থা ল’ব পাৰি।

(ii) বিনিয়োগকাৰীঃ ব্যৱসায়ত ধন বিনিয়োগ কৰিব খোজা ব্যক্তিয়ে ব্যৱসায়টোৰ লাভদায়কতা, আর্থিক স্থিতি আদিৰ বিষয়ে বিত্তীয় প্রতিবেদনসমূহে আগবঢ়োৱা তথ্যৰ পৰা জানিব পাৰে। বিত্তীয় প্রতিবেদনসমূহত উল্লেখ থকা বিভিন্ন উন্নয়নমূলক আঁচনি পৰীক্ষা কৰি ব্যৱসায়টোৰ সাম্ভাব্য অগ্ৰগতিৰ বিষয়েও বিনিয়োগকাৰীয়ে বুজ ল’ব পাৰে।

(iii) পাওনাদাৰঃ ব্যৱসায়ৰ বিত্তীয় প্রতিবেদন পৰীক্ষা কৰি ব্যৱসায়টোৰ ঋণ পৰিশোধ ক্ষমতাৰ বিষয়ে পাওনাদাৰ বা ঋণদাতাসকলে সিদ্ধান্ত লয় অর্থাৎ আর্থিক স্বচ্ছলতা থাকিলেহে তেওঁলোকে ঋণ অনুমোদন কৰে। পাওনাদাৰসকলে বিত্তীয় প্রতিবেদন সমূহত থকা তথ্যৰ পৰা সম্পত্তিৰ তৰলতাৰ কথা জানিব পাৰে।

(iv) কৰ্মচাৰীঃ কৰ্মচাৰীসকল ব্যৱসায়ৰ স্বাৰ্থৰ সৈতে ওতঃপ্রোতভাবে জড়িত। ব্যৱসায়ৰ স্থায়িত্বৰ ওপৰত তেওঁলোকৰ অন্ন সংস্থান নিৰ্ভৰ কৰে। কিছুমান ব্যৱসায়ত বাৰ্ষিক লাভৰ ওপৰত নিৰ্ভৰ কৰি শতকৰা এক নিৰ্দিষ্ট হাৰত লাভৰ এটা অংশ কৰ্মচাৰীসকলৰ মাজত ভাগ কৰি দিয়া হয়। ইয়াক বনাচ বোলে। বিত্তীয় প্রতিবেদনসমূহৰ তথ্যৰ পৰা বাৰ্ষিক লাভৰ পৰিমাণ জানি লৈ তেওঁলোক উপযুক্ত হাৰত বনাচ পাইছে নে নাই সেই কথা জানিব পাৰে।

(v) চৰকাৰঃ ব্যৱসায়ীসকলৰ পৰা চৰকাৰে আয় কৰ, বিক্ৰী কৰ আদি সংগ্ৰহ কৰে। বিত্তীয় প্রতিবেদনত থকা তথ্যৰ ভিত্তি কৰি কৰ নিৰ্ধাৰণ কৰা হয়। সঠিক মানৰ পণ্য বা সেৱা জনসাধাৰণক উচিত মূল্যত ব্যৱসায়সমূহে যোগান ধৰিছে নে নাই সেই বিষয়টো চৰকাৰে চোকা দৃষ্টি ৰাখিব লাগে। এইবোৰ কাৰণতে ব্যৱসায়ৰ প্ৰতিবেদনসমূহৰ সৈতে চৰকাৰৰো স্বার্থ জড়িত থাকে।

5. কোম্পানীয়ে প্ৰস্তুত কৰা বিভিন্ন প্ৰকাৰৰ বিত্তীয় বিবৃতিৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ কোম্পানী ব্যৱসায়ে প্রস্তুত কৰা বিভিন্ন প্ৰকাৰৰ বিত্তীয় বিবৃতিসমূহ হ’ল—

(ক) আয়ৰ বিবৃতি (লাভ-লোকচান হিচাপ): কোনো বিত্তীয় বছৰৰ অন্তত ব্যৱসায়ৰ প্রকৃত লাভ বা প্রকৃত লোকচানৰ পৰিমাণ নিৰ্ধাৰণ কৰিবৰ বাবে যি হিচাপ প্ৰস্তুত কৰা হয় তাক লাভ-লোকচান হিচাপ বোলা হয়। এই হিচাপৰ ক্ৰেডিট দিশত সাধাৰণতে মুঠ লাভ আৰু পৰোক্ষ আয়সমূহ লিখা হয় আৰু ডেবিট দিশত পৰোক্ষ ব্যয়সমূহ লিখা হয়। ক্রেডিট দিশৰ যোগফল ডেবিট দিশৰ যোগফলতকৈ বেছি হ’লে তেনে বেছি পৰিমাণক প্ৰকৃত লাভ বোলে আৰু ডেবিট দিশৰ যোগফল ক্রেডিট দিশৰ যোগফলতকৈ বেছি হ’লে তেনে ব্যৱধানক প্রকৃত লোকচান বোলা হয়। প্রকৃত লাভ বা লোকচান মূলধন হিচাপলৈ স্থানান্তৰ কৰি লাভ-লোকচান হিচাপ সামৰা হয়।

(খ) উদ্ধৃত্ত পত্র (স্থিতি পত্ৰ): আর্থিক বছৰৰ শেষ তাৰিখত ব্যৱসায়ৰ বিত্তীয় অৱস্থাৰ বিষয়ে জানিবলৈ বিভিন্ন সম্পত্তি আৰু দেনাৰ উদ্ধৃত্ত সমুহেৰে যি বিবৃতি প্ৰস্তুত কৰা হয় তাকে উদ্ধৃত্ত পত্র বোলে। উদ্ধৃত্তপত্ৰৰ বাওঁফালৰ দিশটোক দেনাৰ দিশ বোলা হয় আৰু ইয়াত ক্রেডিট উদ্ধৃত্ত থকা দেনাসমূহহে দেখুওৱা হয়। সোঁফালৰ দিশটোক সম্পত্তিৰ দিশ বোলা হয় আৰু ইয়াত ডেবিট উদ্ধৃত্ত থকা সম্পত্তিসমূহ দেখুওৱা হয়। উদ্ধৃত্তপত্ৰত সম্পত্তি আৰু দেনাসমূহ বিভিন্ন শিতানত ভাগ কৰি দেখুওৱা হয়। ইয়াৰ ফলত সম্পত্তি আৰু দেনাৰ প্ৰকৃতিৰ বিষয়ে সবিশেষ জানিব পাৰি। বিত্তীয় অনুপাতসমূহ গণনা কৰি ব্যৱসায়ৰ বিত্তীয় অৱস্থাৰ বিষয়ে বিশদভাৱে জনাত উদ্ধৃত্ত পত্ৰই সহায় কৰে।

6. বিত্তীয় বিবৃতিৰ সীমাবদ্ধতাসমূহ লিখা।

উত্তৰঃ বিত্তীয় বিবৃতিৰ সীমাবদ্ধতা সমূহ হ’ল–

(ক) ইয়াক অতীতৰ লেনদেনৰ ভিত্তিতহে প্ৰস্তুত কৰা হয়।

(খ) ই দেনা আৰু সম্পত্তিৰ বৰ্তমান বিক্ৰী মূল্য নেদেখুৱায়।

(গ) বিত্তীয় বিবৃতিত দেখুওৱা হিচাপীয় নীতিসমূহ যেনে বিক্ৰী সামগ্ৰীৰ মূল্যকৰণ, অৱক্ষয়ৰ হাৰ, ইত্যাদি মানসন্মত নহ’বও পাৰে।

(ঘ) অনা-অর্থনৈতিক ঘটনাসমূহ যিবোৰ মুদ্ৰা মূল্যত প্ৰকাশ কৰিব নোৱাৰি, তেনে ঘটনাসমূহ ইয়াত দেখুওৱা নহয়।

(ঙ) এই বিবৃতিসমূহ কেবল বিত্তীয় হিচাপকৰণৰ ফল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top