Class 12 Accountancy Chapter 6 অংশপত্ৰ মূলধনৰ হিচাপকৰণ

Class 12 Accountancy Chapter 6 অংশপত্ৰ মূলধনৰ হিচাপকৰণ Question Answer in Assamese Medium, AHSEC Class 12 Accountancy Chapter 6 অংশপত্ৰ মূলধনৰ হিচাপকৰণ Solutions to each chapter is provided in the list so that you can easily browse throughout different chapters Class 12 Accountancy Chapter 6 অংশপত্ৰ মূলধনৰ হিচাপকৰণ Notes and select needs one.

Class 12 Accountancy Chapter 6 অংশপত্ৰ মূলধনৰ হিচাপকৰণ

Join Telegram channel

Also, you can read the SCERT book online in these sections Class 12 Accountancy Chapter 6 অংশপত্ৰ মূলধনৰ হিচাপকৰণ Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 12 Accountancy Chapter 6 অংশপত্ৰ মূলধনৰ হিচাপকৰণ Solutions for All Subjects, You can practice these here.

অংশপত্ৰ মূলধনৰ হিচাপকৰণ

ACCOUNTANCY

Chapter: 6

PART – II

I. উদ্দেশ্যধর্মী প্রশ্নঃ

A. ‘শুদ্ধ’ নে ‘অশুদ্ধ’ লিখাঃ

(i) এটা কোম্পানী হৈছে এজন কৃত্রিম ব্যক্তি।

উত্তৰঃ শুদ্ধ।

(ii) কোম্পানীৰ কাম-কাজৰ বাবে অংশপত্ৰধাৰকসকল দায়বদ্ধ।

উত্তৰঃ অশুদ্ধ।

(iii) কোম্পানীৰ অংশপত্ৰসমূহ সাধাৰণতে স্থানান্তৰ কৰিব পাৰি।

উত্তৰঃ শুদ্ধ।

(iv) অংশপত্ৰধাৰকসকল কোম্পানীৰ মালিক।

উত্তৰঃ অশুদ্ধ।

(v) বাজেয়প্রাপ্ত অংশপত্ৰৰ পৰা লাভ কৰা টকাতকৈ বাজেয়প্রাপ্ত অংশপত্ৰৰ পুনৰ বিক্ৰীত থকা বাট্টা বেছি হ’ব নোৱাৰে।

উত্তৰঃ শুদ্ধ।

(vi) অংশপত্র অধিহাৰত বিক্ৰী হৈছে মূলধনী লোকচান।

উত্তৰঃ অশুদ্ধ।

(vii) প্রতিভূতি অধিহাৰ হিচাপ উদ্ধৃত্ত পত্ৰৰ সম্পত্তিৰ দিশত দেখুওৱা হয়।

উত্তৰঃ অশুদ্ধ।

(viii) বাজেয়প্রাপ্ত অংশপত্র বাট্টাত বিক্ৰী কৰিব নোৱাৰি।

উত্তৰঃ অশুদ্ধ।

(ix) আদায়কৃত অংশ মূলধন তলবীকৃত মূলধনতকৈ বেছি হ’ব পাৰে।

উত্তৰঃ অশুদ্ধ।

(x) আবেদন মাচুল অংশপত্ৰৰ মূল মূল্যৰ অতি কমেও ৫ শতাংশ হ’ব লাগিব।

উত্তৰঃ শুদ্ধ।

B. খালী ঠাই পূৰণ কৰাঃ

(i) এটা নতুন কোম্পানীয়ে অংশপত্র ______ ত বিলি কৰিব নোৱাৰে।

উত্তৰঃ বাট্টা।

(ii) যিবোৰ অংশ অগ্ৰাধিকাৰ অংশ নহয়, সেইবোৰক ______ বোলে।

উত্তৰঃ সমাংশ।

(iii) ______ লাভৰ পৰা মূলধনী পুঁজি কৰা হয়।

উত্তৰঃ মূলধন।

(iv) এটা কোম্পানীয়ে অংশপত্র বাট্টাত বিক্ৰী কৰিব পাৰে যদিহে কোম্পানীটোৱে ব্যৱসায় আৰম্ভ কৰা অতি কমেও _______ বছৰ হৈছে।

উত্তৰঃ 1

(v) বাজেয়প্রাপ্ত অংশ পুনৰ বিক্ৰী কৰাৰ আগতে বাজেয়প্রাপ্ত অংশত থকা উদ্ধৃত্ত উদ্ধৃত্তপত্ৰৰ _______ দিশত দেখুওৱা হয়।

উত্তৰঃ দেনা।

(vi) বাজেয়প্রাপ্ত অংশৰ পুনৰ বিক্ৰীৰ ফলত হোৱা লাভ _______ হিচাপত স্থানান্তৰ হয়।

উত্তৰঃ মূলধনী পুঁজি।

(vil) কোম্পানী আইন 1956′ ৰ শাখা নং _______ য়ে কোম্পানীক ইয়াৰ নিজৰ অংশ পুনৰ ক্ৰয় কৰাৰ সুবিধা দিছে।

উত্তৰঃ 77A

(viii) ‘SEBI Guidelines, 2000′ ৰ মতে নূন্যতম অধিগ্রহণ বিলি কৰা পৰিমাণৰ ______ ৰ কম হ’ব নোৱাৰিব।

উত্তৰঃ 90%.

C. শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ

(i) সমাংশ ধাৰকসকল হৈছে—

(a) পাওনাদাৰ।

(b) মালিক।

(c) ক্রেতা।

উত্তৰঃ (b) মালিক।

(ii) অনাদায়ী তলবৰ ওপৰত সূত TABLE Aৰ মতে—

(a) 5%.

(b) 6%.

(c) 7%.

(d) 8%.

উত্তৰঃ (a) 5%.

(iii) অংশ বাজেয়প্রাপ্ত কৰিব পাৰি—

(a) তলব পৰিশোধ নকৰা বাবে।

(b) কোম্পানী সভাত উপস্থিত নাথাকিলে।

(c) বেংকক লোণ পৰিশোধ কৰিব নোৱাৰিলে।

(d) অংশপত্ৰৰ সুৰক্ষা হিচাপে বন্ধকত থলে।

উত্তৰঃ (a) তলব পৰিশোধ নকৰা বাবে।

(iv) ৰাজহুৱা সীমিত কোম্পানীয়ে বিক্ৰী কৰিব নোৱাৰে—

(a) সমাংশ পত্র।

(b) অগ্ৰাধিকাৰ অংশপত্র।

(c) ইয়াৰ এটাও নহয়।

উত্তৰঃ (c) ইয়াৰ এটাও নহয়।

(v) অগ্রিম তলবৰ ওপৰত Table A মতে সুত দিয়া হয়—

(a) 5%.

(b) 6%.

(c) 7%.

(d) 8%.

উত্তৰঃ (b) 6%.

(vi) বাজেয়প্রাপ্ত অংশ পুনৰ বিক্ৰী কৰোতে দিয়া বাট্টা ডেবিট হয়—

(a) বাট্টা হিচাপ।

(b) বাজেয়প্রাপ্ত হিচাপ।

(c) লাভ-লোকচান হিচাপ।

উত্তৰঃ (b) বাজেয়প্রাপ্ত হিচাপ।

(vii) অংশ বিলি কৰোতে লোৱা অধিহাৰ দেখুওৱা হয়—

(a) উদ্ধৃত পত্ৰৰ সম্পত্তিৰ দিশত।

(b) উদ্ধৃত পত্ৰৰ দেনাৰ দিশত।

(c) লাভ-লোকচান হিচাপৰ ডেবিট দিশত।

উত্তৰঃ (b) উদ্ধৃত পত্ৰৰ দেনাৰ দিশত।

II. চমু প্রশ্নোত্তৰঃ

1. কোম্পানী বুলিলে কি বুজায়?

উত্তৰঃ কোম্পানী হ’ল কিছুমান ব্যক্তিৰ সংগঠন যিয়ে ধন বা ধনৰ মূল্যৰ বৰঙণিৰে এটা উমৈহতীয়া পুঁজি গঠন কৰে আৰু ইয়াক সামূহিক উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰে।

2. কোম্পানীৰ তিনিটা বৈশিষ্ট্য লিখা।

উত্তৰঃ কোম্পানীৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল—

(ক) স্বেচ্ছাসেৱী সংস্থাঃ যিবিলাক ব্যক্তিয়ে কোম্পানী এটা গঠন কৰিব খোজে তেওঁলোকে ব্যবসায় চলাবলৈ স্বেচ্ছাই একত্রিত হ’ব লাগে।

(খ) পৃথক আইনগত সত্তাঃ কোম্পানী এটা ইয়াৰ সদস্যসকলৰ পৰা পৃথক আৰু নিজস্ব আইনগত সত্তা আছে। কোম্পানীয়ে নিজৰ নামত সম্পত্তি ৰাখিব পাৰে আৰু কিনা বেচা কৰিব পাৰে। আনৰ সৈতে চুক্তিবদ্ধ হ’ব পাৰে আৰু নিজৰ নামত বেংক হিচাপ খুলিব পাৰে। ই নিজৰ নামত মোকর্দমা তৰিব পাৰে আৰু আনেও ইয়াৰ ওপৰত মোকর্দমা কৰিব পাৰে।

(গ) সীমিত দেনা দায়িত্বঃ কোম্পানীৰ সদস্যসকলে ক্ৰয় কৰা অংশপত্ৰৰ বাবদ দিবলগীয়া ধনৰ পৰিমাণলৈকেহে তেওঁলোকৰ দেনা দায়িত্ব থাকে।

3. ৰাজহুৱা কোম্পানী কি?

উত্তৰঃ ৰাজহুৱা কোম্পানী হ’ল যিটো—

(ক) প্রাইভেট কোম্পানী নহয়।

(খ) নিম্নতম মূলধনৰ পৰিমাণ ৫ লাখ টকা অথবা ইয়াতকৈ অধিক পৰিমাণৰ আদায়ীকৃত মূলধন নিৰ্ধাৰণ কৰা।

(গ) এটা প্রাইভেট কোম্পানী, যিটো এনে এটা কোম্পানীৰ অধীনস্থ যি ঘৰুৱা কোম্পানী নহয়। 

4. ‘অংশ’ বুলিলে কি বুজায়?

উত্তৰঃ কোম্পানীৰ মূলধনৰ অংশপত্ৰ হ’ল কোম্পানীৰ মুঠ মূলধনক বিভক্ত কৰা একক বা গোট। গতিকে অংশপত্ৰ হ’ল, অংশপত্ৰ মূলধনৰ একোটা অংশ আৰু ইয়ে কোম্পানীৰ মালিকীস্বত্বৰ ভেটি গঠন কৰে।

5. প্রতিশ্রুত মূলধন কি?

উত্তৰঃ প্ৰতিশ্ৰুত মূলধন হ’ল, বিলিযোগ্য মূলধনৰ এটা অংশ যাৰ বাবে জনসাধাৰণৰ পৰা আবেদন পোৱা হয়। যেতিয়া জনসাধাৰণৰ ওচৰত বিক্ৰীৰ বাবে আগবঢ়োৱা অংশ পত্ৰৰ সকলোখিনিৰ বাবে জনসাধাৰণৰ পৰা ক্ৰয়সন্মতি পোৱা হয়, বিলিকৃত মূলধন আৰু প্ৰতিশ্ৰুত মূলধনৰ পৰিমাণ একে হয়।

6. ‘অংশপত্ৰৰ ন্যূনতম অধিগ্রহণ” বুলিলে কি বুজায়?

উত্তৰঃ অংশপত্ৰৰ ন্যূনতম অধিগ্রহণ হৈছে বিলি কৰা অংশ মূলধনৰ অধিগ্ৰহণৰ এক ন্যূনতম সীমা। 2000 নিয়ম, SEBI ৰ মতে নূন্যতম অধিগ্রহণ বিলি কৰা অংশ মূলধনৰ 90% কম হ’ব নোৱাৰিব। এই নূন্যতম অধিগ্রহণ বিভিন্ন কামত ব্যৱহাৰ হ’ব পাৰে যেনে— সম্পত্তি ক্ৰয় কৰি ইয়াৰ মূল্য পৰিশোধ কৰিবলৈ, কাৰ্যকৰী মুলধনৰ বাবে, ইত্যাদি।

7. ‘অতিৰিক্ত অধিগ্রহণ’ কি?

উত্তৰঃ যেতিয়া কোম্পানীলৈ বিলি কৰা অংশতকৈ অধিক অংশৰ বাবে আবেদন আহে তেতিয়া অতিৰিক্ত অধিগ্রহণ হয়। এই পৰিমাণ হৈছে বিলি কৰা অংশতকৈ যি বেছি পৰিমাণৰ আবেদন আহিছে।

৪. ‘চোৱেট সমাংশ’ কি?

উত্তৰঃ কিছুমান সমাংশ কোম্পানীৰ কৰ্মচাৰী বা সঞ্চালকসকলক কিছুমান নির্দিষ্ট বিবেচনাৰে নিৰ্বাচন কৰি বিশেষ দক্ষতাৰ বাবে বিলি কৰা হয়। তেনেবোৰ সমাংশক ‘চোৱেট সমাংশ’ বোলে।

9. ‘অংশৰ বাট্টাত বিলি’ বুলিলে কি বুজায়?

উত্তৰঃ যেতিয়া অংশপত্ৰ ইয়াৰ অভিহিত মূল্যতকৈ কম দামত বিলি কৰে, তেতিয়া ‘অংশপত্ৰৰ বাট্টাত বিলি’ হোৱা বুলি বুজা যায়।

10. ‘অংশপত্ৰৰ অধিহাৰত বিলি’ বুলিলে কি বুজায়?

উত্তৰঃ যেতিয়া অংশপত্ৰ ইয়াৰ অভিহিত মূল্য বা লিখিত মূল্যতকৈ অধিক দামত বিলি কৰে, এই অতিৰিক্ত ধনৰ পৰিমাণক অধিহাৰ বুলি কোৱা হয়।

11. অংশ বাজেয়প্রাপ্ত বুলিলে কি বুজা?

উত্তৰঃ বাজেয়াপ্ত মানে হ’ল চুক্তি ভঙ্গ কৰা বাবে আবণ্টন বাতিল কৰা আৰু এনে অংশপত্ৰৰ পৰা ইতিমধ্যে আদায় পোৱা ধন কোম্পানীয়ে বাজেয়াপ্ত কৰা।

বাজেয়াপ্তকৰণৰ হিচাপকৰণৰ ব্যৱস্থা হ’ল — বাজেয়াপ্ত হোৱাৰ সময়লৈকে লিপিবদ্ধ কৰা জাবেদাসমূহৰ বিপৰীত জাবেদা লিপিবদ্ধ কৰা; অংশপত্ৰৰ বাবদ ইতিমধ্যে আদায় পোৱা ধনৰ পৰিমাণক বাজেয়াপ্ত অংশপত্ৰ হিচাপত ক্রেডিট কৰা হয়।

12. বাজেয়প্রাপ্ত অংশৰ পুনৰ বিক্ৰী কি?

উত্তৰঃ অংশৰ মূল্য সম্পূৰ্ণ পৰিশোধ নকৰাৰ বাবে অংশসমূহ বাজেয়প্রাপ্ত কৰিব পাৰি আৰু বাজেয়প্রাপ্ত কৰাৰ পিছত এইসমূহ পুনৰ বিলি কৰা হয়। ইয়াকে বাজেয়প্রাপ্ত অংশৰ পুনৰ বিক্ৰী বোলা হয়। এনে অংশবোৰ সমহাৰ, অধিহাৰ আৰু বাট্টা বিলি কৰিব পাৰি।

13. মূলধন পুঁজি কি?

উত্তৰঃ মূলধন পুঁজি হৈছে মূলধন লাভৰ পৰা সৃষ্টি কৰা পুঁজি। এই পুঁজি সৃষ্টি কৰাটো বাধ্যতামূলক। মূলধনী লোকচান নোহোৱা কৰিবলৈ আৰু বোনাচ অংশ পৰিশোধ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়।

14. অংশৰ পুনৰ ক্ৰয় কি?

উত্তৰঃ যেতিয়া কোম্পানীয়ে ইয়াৰ নিজৰ ৰাহিৰ এটা অংশ নিজৰেই অংশ ক্ৰয় কৰাত খৰচ কৰে, তাকে ‘অংশৰ পুনৰ ক্ৰয়’ বোলে। শাখা 77A য়ে এটা কোম্পানীক অংশ পুনৰ ক্ৰয় কৰাৰ অনুমতি দিয়ে।

15. অগ্ৰাধিকাৰ অংশ কি?

উত্তৰঃ যিবোৰ অংশৰ ওপৰত কোম্পানী লাভ্যাংশ এটা স্থিৰ হাৰত সমাংশৰ ওপৰত দিয়াৰ আগতে পৰিশোধ কৰা হয় আৰু কোম্পানীৰ অৱসায়নৰ সময়ত মূলধন পৰিশোধৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ পায় তেনে অংশক অগ্ৰাধিকাৰ অংশ বোলে।

16. অংশ মূলধন কাক বোলে?

উত্তৰঃ কোম্পানীয়ে অংশপত্ৰ ধাৰকসকলৰ পৰা মূলধন যোগাৰ কৰে আৰু তেওঁলোকে যোগান ধৰা ধনৰ পৰিমাণক অংশপত্র মূলধন বোলা হয়।

III. চমু প্রশ্নোত্তৰঃ

1. ‘ন্যূনতম অধিগ্ৰহণৰ’ ওপৰত এটা টোকা লিখা।

উত্তৰঃ কম বা নিম্নতম ক্রয়সন্মতি এনে এটা অৱস্থা, য’ত কোম্পানীয়ে যিমান সংখ্যক অংশপত্র বিলি কৰাৰ বাবে আবেদন আহ্বান কৰে তাতোকৈ কমসংখ্যক অংশপত্ৰ ক্ৰয় কৰাৰ বাবে আবেদন পায়। উদাহৰণস্বৰূপে এটা কোম্পানীয়ে ২,০০,০০০ টা অংশপত্র বিলি কৰাৰ বাবে জনসাধাৰণলৈ আগবঢ়ালে কিন্তু মাত্র ১,৯০,০০০ টা অংশপত্ৰৰ বাবে আবেদন পালে। এনে অৱস্থাত ১,৯০,০০০ টা অংশপত্ৰৰ আবন্টন নিশ্চিত হয় আৰু সেইমতে প্রবিষ্টিসমূহ কৰা হয়। অৱশ্যে, এইটো নিশ্চিত হ’ব লাগে যে কোম্পানীয়ে নিম্নতম ক্রয়সন্মতি পাইছে অন্যথা অংশপত্র বিলিৰ প্ৰক্ৰিয়াটো আগবঢ়াব নোৱাৰে আৰু কোম্পানীয়ে সংগ্ৰহ কৰা আবেদনৰ ধন ঘূৰাই দিব লাগে।

2. বিভিন্ন প্ৰকাৰৰ কোম্পানীৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ ৰাজহুৱা কোম্পানীঃ

(ক) প্রাইভেট কোম্পানী নহয়।

(খ) নিম্নতম মূলধনৰ পৰিমাণ ৫ লাখ টকা অথবা ইয়াতকৈ অধিক পৰিমাণৰ আদায়ীকৃত মূলধন নিৰ্ধাৰণ কৰা।

(গ) এটা প্রাইভেট কোম্পানী, যিটো এনে এটা কোম্পানীৰ অধীনস্থ যি ঘৰুৱা কোম্পানী নহয়।

ঘৰুবা সীমিত কোম্পানীঃ এটা প্রাইভেট বা ঘৰুৱা সীমিত কোম্পানী হ’বলৈ ইয়াৰ আদায়ীকৃত মূলধনৰ পৰিমাণ ১ লাখ টকা বা কোম্পানীৰ অৰ্ন্তলিপি অনুসৰি ইয়াতকৈ অধিক পৰিমাণ নিৰ্ধাৰিত হ’ব পাৰে—

(ক) ইয়াৰ অংশপত্র হস্তান্তৰত বাধা আৰোপ কৰে।

(খ) সভ্যৰ সংখ্যা সর্বাধিক ৫০ জনত সীমাবদ্ধ (কৰ্মচাৰী বাদ দি)।

(গ) কোম্পানীৰ অংশপত্ৰ বা ঋণপত্ৰ কিনাৰ বাবে জনসাধাৰণলৈ কৰিবলগীয়া আমন্ত্ৰণ নিষিদ্ধ কৰে।

(ঘ) কোম্পানীৰ সভ্য, সঞ্চালক আৰু সম্পৰ্কীয় ব্যক্তিৰ বাদে আনৰ পৰা জমা ধন গ্রহণ বা জমা কৰিবলৈ আহ্বান কৰাত বাধা আৰোপ কৰে।

3. অংশপত্ৰৰ বাজেয়প্রাপ্তকৰণৰ হিচাপকৰণৰ বিষয়ে লিখা।

উত্তৰঃ বাজেয়াপ্ত হোৱাৰ সময়লৈকে লিপিবদ্ধ কৰা জাবেদসমূহৰ বিপৰীত জাবেদা লিপিবদ্ধ কৰা; অংশপত্ৰৰ বাবদ ইতিমধ্যে আদায় পোৱা ধনৰ পৰিমাণক বাজেয়াপ্ত অংশপত্র হিচাপত ক্রেডিট কৰা হয়।

অংশপত্ৰ বাজেয়াপ্ত কৰিলে অধিহাৰৰ জাবেদাৰ বাদে আগতে লিপিবদ্ধ কৰা হিচাপকৰণৰ আন জাবেদাসমূহৰ বিপৰীত ৰূপ দিয়া হয়। সেইমতে, বাজেয়াপ্ত কৰা অংশপত্ৰৰ তলব কৰা ধনৰ পৰিমাণেৰে অংশপত্র মূলধন হিচাপে ডেবিট কৰি—

(ক) নির্দিষ্ট অনাদায় তলব হিচাপ বা বাকী তলবী হিচাপ। আৰু

(খ) আদায় হোৱা ধনৰ পৰিমাণেৰে ‘বাজেয়াপ্ত অংশপত্ৰ হিচাপ’ক ক্রেডিট কৰা হয়।

জাবেদা প্ৰবিষ্টিটো তলত দিয়া হ’ল—

Share Capital A/c Dr.
To Share Forfeiture A/cTo Share Allotment A/c
To Share Calls A/c (individually)
(-Shares forfeited for non-payment of allotment money and calls made)

4. ‘প্ৰতিভূতি অধিহাৰ হিচাপ’ৰ ব্যৱহাৰসমূহ লিখা।

উত্তৰঃ ১৯৫৬ চনৰ কোম্পানী আইনৰ ৭৮ নম্বৰ ধাৰা অনুসৰি প্ৰতিভূত অধিহাৰক তলত দিয়া চাৰিটা উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰিব পাৰি—

(ক) কোম্পানীৰ অবিলিকৃত অংশপত্ৰ মূলধনৰ সম পৰিমাণলৈ সম্পূৰ্ণ প্ৰদত্ত বোনাছ অংশপত্র বিলি কৰিলে।

(খ) কোম্পানীৰ প্ৰাৰম্ভিক ব্যয় অৱলোপন কৰাৰ বাবে।

(গ) কোম্পানীৰ অংশপত্র বা ঋণপত্র বিলি কৰা সময়ত হোৱা ব্যয় বা দস্তুৰী বা অনুমোদিত বাট্টা অৱলোপন কৰাৰ বাবে।

(ঘ) কোম্পানীৰ অগ্ৰাধিকাৰযুক্ত অংশপত্র বা ঋণপত্ৰ পৰিশোধৰ সময়ত অধিহাৰ দিয়াৰ বাবে।

5. অংশপত্ৰ বাট্টাত বিলিকৰণৰ নীতিগত চৰ্তসমূহ লিখা।

উত্তৰঃ অংশপত্ৰ বাট্টাত বিলিকৰণৰ নীতিগত চৰ্তসমূহ হ’লঃ

(ক) কোম্পানীয়ে ইয়াৰ সাধাৰণ সভাত এটা সাধাৰণ প্ৰস্তাৱৰ জৰিয়তে অংশপত্ৰ বাট্টাত বিলিকৰণৰ বাবে অনুমোদন ল’ব লাগে আৰু কোম্পানী আইন বোৰ্ডৰ দ্বাৰা মঞ্জুৰ কৰিব লাগে।

(খ) এই প্ৰস্তাৱটোত অংশপত্র বিলিৰ সৰ্বাধিক বাট্টাৰ হাৰ উল্লেখ কৰিব লগিব কিন্তু কোনো কাৰণতে এনে বাট্টাৰ সৰ্বাধিক হাৰ অংশপত্ৰৰ অভিহিত মূল্যৰ 10 শতাংশতকৈ বেছি হ’ব নোৱাৰিব। অৱশ্যে বাট্টাৰ হাৰ 10 শতাংশতকৈ বেছি হ’ব পাৰে যদিহে কেন্দ্ৰীয় চৰকাৰে মানি লয় যে কোনো বিশেষ কাৰণত এনে উচ্চহাৰত বাট্টা দিয়াৰ অৱশ্যকতা আছে।

(গ) কোম্পানী ব্যৱসায় আৰম্ভ কৰাৰ অনুমতি পোৱাৰ অতি কমেও এবছৰ পাৰ হ’ব লাগিব।

(ঘ) বাট্টাৰ বিলি কৰা অংশপত্ৰ আগতে বিলি কৰা শ্ৰেণীৰ অংশপত্ৰ হ’ব লাগিব।

6. সঞ্চিত মূলধন আৰু মূলধন পুঁজিৰ মাজত পাঁচটা পার্থক্য লিখা।

উত্তৰঃ সঞ্চিত মূলধন আৰু মূলধন পুঁজিৰ মাজৰ পাৰ্থক্যসমূহ হ’লঃ

কাৰণসঞ্চিত মূলধনমূলধন পুঁজি
(ক) অর্থমূলধনৰ যি অংশ তলব কৰা নাই।মূলধনী লেনদেনৰ ফলত হোৱা লাভ এই পুঁজিলৈ স্থানান্তৰ হয় আৰু যিখিনি মুকলিকৈ বিতৰণ কৰা নহয়। 
(খ) উদ্ধৃত্ব পত্রইয়াক দেখুওৱা নহয়।ইয়াক উদ্ধৃত্ত পত্ৰত দেখুওৱা হয়।
(গ) বাধ্যবাধকতাইয়াৰ সৃষ্টি বাধ্যতামূলক নহয়।ইয়াৰ সৃষ্টি বাধ্যতামূলক।
(ঘ) মূলধনী লোকচানমূলধনী লোকচান নোহোৱা কৰিবলৈ ইয়াৰ ব্যৱহাৰ নহয়।ইয়াৰ ব্যৱহাৰ হয়।
(ঙ) ব্যৱহাৰঅৱসায়নৰ সময়ত ব্যৱহাৰ হয়।কোম্পানীৰ জীৱনকালত ব্যৱহাৰ হয়।

7. সমাংশ আৰু অগ্ৰাধিকাৰ অংশৰ মাজৰ পাঁচটা পার্থক্য উল্লেখ কৰা।

উত্তৰঃ সমাংশ আৰু অগ্ৰাধিকাৰ অংশৰ মাজৰ পাঁচটা পার্থক্য হ’ল–

পাৰ্থক্যৰ কাৰণসমাংশঅগ্ৰাধিকাৰ অংশ
(ক) লাভ্যাংশৰ হাৰইয়াৰ ওপৰত লাভ্যাংশৰ হাৰ স্থিৰ নহয়।অগ্ৰাধিকাৰ অংশৰ ওপৰত লাভ্যাংশৰ স্থিৰ হাৰ থাকে।
(খ) লাভ্যাংশৰ অধিকাৰইয়াৰ ওপৰত লাভ্যাংশ অগ্ৰাধিকাৰ অংশৰ পিছত দিয়া হয়।সমাংশক লাভ্যাংশ দিয়াৰ আগতে অগ্ৰাধিকাৰ অংশক দিয়া হয়।
(গ) মূলধন পৰিশোধঅৱসায়নৰ সময়ত সমাংশ মূলধন অগ্ৰাধিকাৰ মূলধন-তকৈ পিছত পৰিশোধ হয়।অগ্ৰাধিকাৰ অংশ মূলধন সমাংশ মূলধনতকৈ আগতে পৰিশোধ হয়।
(ঘ) পৰিৱৰ্তনই কেতিয়াও পৰিৱৰ্তনশীল নহয়।ই পৰিৱৰ্তনীয় হ’বও পাৰে।
(ঙ) পৰিচালনাত অংশইয়াৰ ধাৰকসকলৰ পৰি-চালনাত অংশ গ্ৰহণৰ অধিকাৰ থাকে৷কিছুমান বিশেষ অগ্ৰাধিকাৰ অংশৰ বাহিৰে আনসমূহৰ নাথাকে।

IV. ৰচনাধৰ্মী প্রশ্নোত্তৰঃ

1. বিভিন্ন ধৰণৰ কোম্পানীসমূহৰ বিষয়ে লিখা।

উত্তৰঃ বিভিন্ন ধৰণৰ কোম্পানীসমূহ হ’লঃ

(ক) ৰাজহুৱা কোম্পানীঃ প্রাইভেট কোম্পানী নহয়, নিম্নতম মূলধনৰ পৰিমাণ ৫ লাখ টকা অথবা ইয়াতকৈ অধিক পৰিমাণৰ আদায়ীকৃত মূলধন নিৰ্ধাৰণ কৰা, এটা প্রাইভেট কোম্পানী, যিটো এনে এটা কোম্পানীৰ অধীনস্থ যি ঘৰুৱা কোম্পানী নহয়।

(খ) ব্যক্তিগত কোম্পানীঃ এটা প্রাইভেট বা ঘৰুৱা সীমিত কোম্পানী হ’বলৈ ইয়াৰ আদায়ীকৃত মূলধনৰ পৰিমাণ ১ লাখ টকা বা কোম্পানীৰ অৰ্ন্তলিপি অনুসৰি ইয়াতকৈ অধিক পৰিমাণ নিৰ্ধাৰিত হ’ব পাৰে—

(i) ইয়াৰ অংশপত্ৰ হস্তান্তৰত বাধা আৰোপ কৰে।

(ii) সভ্যৰ সংখ্যা সর্বাধিক ৫০ জনত সীমাবদ্ধ (কৰ্মচাৰী বাদ দি)।

(iii) কোম্পানীৰ অংশপত্ৰ বা ঋণপত্ৰ কিনাৰ বাবে জনসাধাৰণলৈ কৰিবলগীয়া আমন্ত্রণ নিষিদ্ধ কৰে।

(iv) কোম্পানীৰ সভ্য, সঞ্চালক আৰু সম্পৰ্কীয় ব্যক্তিৰ বাদে আনৰ পৰা জমা ধন গ্রহণ বা জমা কৰিবলৈ আহ্বান কৰাত বাধা আৰোপ কৰে।

(গ) সীমিত কোম্পানীঃ যিবোৰ কোম্পানীৰ অংশধাৰকসকলৰ দেনা তেওঁলোকৰ অৰ্জন কৰা অংশৰ মুদ্রিত মূল্যতে সীমিত থাকে তেনে কোম্পানীক সীমিত কোম্পানী বোলে।

(ঘ) অসীমিত কোম্পানীঃ যিবোৰ কোম্পানীৰ অংশধাৰকসকলৰ দেনা সীমাবদ্ধ নহয় তেনে কোম্পানীক অসীমিত কোম্পানী বোলে।

(ঙ) জামিনপ্রাপ্ত কোম্পানীঃ যিবোৰে কোম্পানীত অংশধাৰকসকলৰ দেনা এটা নির্দিষ্ট পৰিমাণলৈ সীমাবদ্ধ থাকে তেনেবোৰ কোম্পানীক জামিনপ্রাপ্ত কোম্পানী বোলে।

(চ) চনদপ্রাপ্ত কোম্পানীঃ যিবোৰ কোম্পানী বিশেষ চনদৰ অধীনত ইংলেণ্ডৰ ৰজা / ৰাণীৰ অনুমোদনত গঠন কৰা হয় তেনে কোম্পানীক চনদপ্রাপ্ত কোম্পানী বোলে।

(ছ) পঞ্জীভূত কোম্পানীঃ এইবোৰ কোম্পানী ‘কোম্পানী আইন, ১৯৫৬’ৰ অধীনত গঠন আৰু পঞ্জীয়ন হয়।

(জ) বিধিগত কোম্পানীঃ যিবোৰ কোম্পানী বিধানসভাত বিশেষ আইনৰ দ্বাৰা গঠন হয়, তেনেবোৰ কোম্পানীক বিধিগত কোম্পানী বোলে।

2. কোম্পানীয়ে বাট্টাত অংশ বিলি কৰিব পাৰেনে? যদি পাৰে তেন্তে কি কি চর্ত মানিব লাগিব?

উত্তৰঃ কোম্পানীয়ে বাট্টাত অংশ বিলি কৰিব পাৰে।

কোম্পানী আইনৰ 73 নং ধাৰা অনুসৰি কোম্পানী এটাই তলত দিয়া চৰ্তসমূহ সাপেক্ষে অংশপত্র বাট্টাত বিলি কৰিব পাৰে–

(ক) কোম্পানীয়ে ইয়াৰ সাধাৰণ সভাত এটা সাধাৰণ প্ৰস্তাৱৰ জৰিয়তে অংশপত্র বাট্টাত বিলিকৰণৰ বাবে অনুমোদন ল’ব লাগে আৰু কোম্পানী আইন বোৰ্ডৰ দ্বাৰা মঞ্জুৰ কৰিব লাগে।

(খ) এই প্ৰস্তাৱটোত অংশপত্র বিলিৰ সৰ্বাধিক বাট্টাৰ হাৰ উল্লেখ কৰিব লগিব কিন্তু কোনো কাৰণতে এনে বাট্টাৰ সৰ্বাধিক হাৰ অংশপত্ৰৰ অভিহিত মূল্যৰ 10 শতাংশতকৈ বেছি হ’ব নোৱাৰিব। অৱশ্যে বাট্টাৰ হাৰ 10 শতাংশতকৈ বেছি হ’ব পাৰে যদিহে কেন্দ্ৰীয় চৰকাৰে মানি লয় যে কোনো বিশেষ কাৰণত এনে উচ্চহাৰত বাট্টা দিয়াৰ অৱশ্যকতা আছে।

(গ) কোম্পানী ব্যৱসায় আৰম্ভ কৰাৰ অনুমতি পোৱাৰ অতি কমেও এবছৰ পাৰ হ’ব লাগিব।

(ঘ) বাট্টাৰ বিলি কৰা অংশপত্ৰ আগতে বিলি কৰা শ্ৰেণীৰ অংশপত্ৰ হ’ব লাগিব।

(ঙ) কোম্পানী আইন বোৰ্ডৰ অনুমতি পোৱাৰ দুমাহৰ ভিতৰত অথবা চৰকাৰে অনুমতি দিয়া সম্প্ৰসাৰিত কালৰ ভিতৰত এনে অংশপত্ৰ বাট্টাত বিলি কৰিব লাগিব।

(চ) অংশপত্র বিলিৰ বাবে অনুষ্ঠান পত্র আগবঢ়ালে ইয়াত অংশপত্র বাট্টাত বিলি কৰাৰ বিৱৰণ উল্লেখ থাকিব লাগিব।

3. এটা কোম্পানীয়ে অংশ অধিহাৰত বিক্ৰী কৰিব পাৰেনে? যদি পাৰে, তেন্তে এই অধিহাৰ কি কামত ব্যৱহাৰ হ’ব পাৰে?

উত্তৰঃ কোম্পানীয়ে অধিহাৰত অংশ বিক্ৰী কৰিব পাৰে।

যেতিয়া অংশপত্ৰ ইয়াৰ লিখিত মূল্যতকৈ অধিক দামত বিলি কৰে, এই অতিৰিক্ত ধনৰ পৰিমাণক অধিহাৰ বুলি কোৱা হয় আৰু ইয়াক অংশপত্ৰ অধিহাৰত বিলি কৰা বুলি কোৱা হয়। অধিহাৰৰ ধনৰ পৰিমাণক প্ৰতিভৃতি ‘অধিহাৰ হিচাপ’ নামৰ এটা পৃথক হিচাপত ক্রেডিট কৰা হয়, আৰু উদ্ধৃত্ত পত্ৰৰ দেনা শিতানৰ ‘পুঁজি আৰু ৰাহি’ শিৰোনামৰ তলত দেখুওৱা হয়।

1956 চনৰ কোম্পানী আইনৰ 78 নম্বৰ ধাৰা অনুসৰি ইয়াক তলত দিয়া চাৰিটা উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰিব পাৰি—

(ক) কোম্পানীৰ অবিলিকৃত অংশপত্ৰ মূলধনৰ সম পৰিমাণলৈ সম্পূর্ণ প্রদত্ত বোনাছ অংশপত্র বিলি কৰিলে।

(খ) কোম্পানীৰ প্ৰাৰম্ভিক ব্যয় আৱলোপন কৰাৰ বাবে।

(গ) কোম্পানীৰ অংশ পত্ৰ বা ঋণপত্র বিলি কৰা সময়ত হোৱা ব্যয় বা দস্তুৰী বা অনুমোদিত বাট্টা আৱলোপন কৰাৰ বাবে। আৰু

(ঘ) কোম্পানীৰ অগ্ৰধিকাৰযুক্ত অংশপত্র বা ঋণপত্ৰ পৰিশোধৰ সময়ত অধিহাৰ দিয়াৰ বাবে।

4. অংশৰ পুনৰ ক্ৰয় কি? কোম্পানী আইনে অংশৰ পুনৰ ক্ৰয়ৰ বাবে কি কি পদ্ধতি দিছে?

উত্তৰঃ যেতিয়া কোম্পানীয়ে ইয়াৰ নিজৰ ৰাহিৰ এটা অংশ নিজৰেই অংশ ক্ৰয় কৰাত খৰচ কৰে, তাক অংশৰ পুনৰ ক্ৰয় বোলে। শাখা 77A য়ে কোম্পানী এটাক অংশ পুনৰ ক্ৰয় কৰিবলৈ অনুমতি দিছে।

অংশ পুনৰ ক্ৰয় কৰাৰ পদ্ধতিসমূহ হ’ল–

(ক) অংশৰ পুনৰ ক্ৰয় কৰাৰ অনুমোদন ইয়াৰ অৰ্ন্তলিপিয়ে দিব লাগিব।

(খ) কোম্পানীৰ সাধাৰণ সভাত ইয়াৰ বাবে এক বিশেষ অনুমোদন থাকিব লাগিব।

(গ) পুনৰ ক্ৰয় আদায়কৃত মূলধন আৰু মুকলি পুঁজিৰ 25% বা তাতকৈ কম হ’ব লাগিব।

(ঘ) পুনৰ ক্ৰয়ৰ পিছত মূলধন, পুঁজি আৰু ঋণৰ অনুপাত 2:1 তকৈ বেছি হ’ব নোৱাৰিব।

(ঙ) অংশসমূহ সম্পূর্ণভাবে আদায়কৃত হ’ব লাগিব।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top