Class 12 Accountancy Chapter 3 অংশীদাৰী ব্যৱসায়ৰ পূৰ্ণ গঠনঃ নতুন অংশীদাৰৰ অন্তর্ভুক্তি

Class 12 Accountancy Chapter 3 অংশীদাৰী ব্যৱসায়ৰ পূৰ্ণ গঠনঃ নতুন অংশীদাৰৰ অন্তর্ভুক্তি Question Answer in Assamese Medium, AHSEC Class 12 Accountancy Chapter 3 অংশীদাৰী ব্যৱসায়ৰ পূৰ্ণ গঠনঃ নতুন অংশীদাৰৰ অন্তর্ভুক্তি Solutions to each chapter is provided in the list so that you can easily browse throughout different chapters Class 12 Accountancy Chapter 3 অংশীদাৰী ব্যৱসায়ৰ পূৰ্ণ গঠনঃ নতুন অংশীদাৰৰ অন্তর্ভুক্তি Notes and select needs one.

Class 12 Accountancy Chapter 3 অংশীদাৰী ব্যৱসায়ৰ পূৰ্ণ গঠনঃ নতুন অংশীদাৰৰ অন্তর্ভুক্তি

Join Telegram channel

Also, you can read the SCERT book online in these sections Class 12 Accountancy Chapter 3 অংশীদাৰী ব্যৱসায়ৰ পূৰ্ণ গঠনঃ নতুন অংশীদাৰৰ অন্তর্ভুক্তি Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 12 Accountancy Chapter 3 অংশীদাৰী ব্যৱসায়ৰ পূৰ্ণ গঠনঃ নতুন অংশীদাৰৰ অন্তর্ভুক্তি Solutions for All Subjects, You can practice these here.

অংশীদাৰী ব্যৱসায়ৰ পূৰ্ণ গঠনঃ নতুন অংশীদাৰৰ অন্তর্ভুক্তি

ACCOUNTANCY

Chapter: 3

PART – I

I. উদ্দেশ্যধর্মী প্রশ্নঃ

A. তলৰ বিবৃতিসমূহ ‘শুদ্ধ’নে ‘অশুদ্ধ’ লিখাঃ

(i) যেতিয়া ব্যবসায় বন্ধ হয়, তেতিয়া অংশীদাৰী ফাৰ্মৰ পুৰ্ণগঠন হয়।

উত্তৰঃ অশুদ্ধ।

(ii) সুনাম হৈছে এক সম্পত্তি, যাক ব্যৱসায়টো চলিত হিচাপত বিক্ৰী কৰোতে বিক্ৰী কৰিব পাৰি।

উত্তৰঃ শুদ্ধ।

(iii) সুনামৰ এটা সুবিধা হৈছে যে ই কেৱল নিয়মীয়া গ্ৰাহকৰ লগতহে সমন্বয় ৰাখে।

উত্তৰঃ অশুদ্ধ।

(iv) সুনাম সদায়েই আগৰ অংশীদাৰসমূহৰ মাজত তেওঁলোকৰ ত্যাগৰ অনুপাতত ভগোৱা হয়। 

উত্তৰঃ অশুদ্ধ।

(v) অংশীদাৰৰ অৰ্ন্তভূক্তিৰ সময়ত, পুৰণা অনুপাত আৰু ত্যাগৰ অনুপাত সদায় একে হয়। 

উত্তৰঃ অশুদ্ধ।

(vi) অর্ন্তভূক্তিৰ সময়ত থকা লাভসমূহ নতুন-পুৰণা সকলো অংশীদাৰৰ মূলধনত স্থানান্তৰ কৰা হয়। 

উত্তৰঃ অশুদ্ধ।

(vii) অর্ন্তভূক্তিৰ সময়ত থকা লাভ, পুঁজি সকলো পূর্ণমূল্যায়ন হিচাপত স্থানান্তৰ হয়।

উত্তৰঃ অশুদ্ধ।

(viii) পূর্ণ মূল্যায়নত হোৱা লাভ-লোকচান পুৰণা অংশীদাৰৰ মাজত ত্যাগৰ অনুপাতত ভগোৱা হয়।

উত্তৰঃ অশুদ্ধ।

(ix) অংশীদাৰৰ অৰ্ন্তভূক্তিৰ সময়ত সম্পত্তিৰ মূল্য বাঢ়িলে পুর্ণমূল্যায়ন হিচাপ ক্রেডিট হয়। 

উত্তৰঃ শুদ্ধ।

B. শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ

(i) যেতিয়া নতুন অংশীদাৰে সুনামৰ নামত নগদ দিয়ে, সেই পৰিমাণ ক্রেডিট হয়—

(a) নগদ হিচাপ।

(b) সুনামৰ বাবে প্রিমিয়াম হিচাপ।

(c) নতুন অংশীদাৰৰ মূলধন হিচাপ।

উত্তৰঃ (b) সুনামৰ বাবে প্রিমিয়াম হিচাপ।

(ii) হিচাপৰ মানক 10′ (AS-10) ৰ মতে যেতিয়া নতুন অংশীদাৰে মূলধন আনে কিন্তু সুনামৰ বাবদ টকা আনিব নোৱাৰে, তেতিয়া—

(a) সুনাম হিচাপ হিচাপত আনিব পাৰি।

(b) সুনাম হিচাপ হিচাপত আনিব নোৱাৰি।

(c) ইয়াৰ এটাও নহয়।

উত্তৰঃ (b) সুনাম হিচাপ হিচাপত আনিব নোৱাৰি।

(iii) অংশীদাৰৰ অৰ্ন্তভূক্তিৰ সময়ত সম্পত্তিৰ মূল্য কমিলে ডেবিট কৰা হয়—

(a) পূর্ণমূল্যায়ন হিচাপ।

(b) সম্পত্তি হিচাপ।

(c) পুৰণা অংশীদাৰৰ মূলধন হিচাপ।

উত্তৰঃ (a) পূর্ণমূল্যায়ন হিচাপ।

(iv) যদি পূর্ণ মূল্যায়নত লোকচান হয়, তেন্তে এই টকা কাৰ মূলধনত ডেবিট হ’ব?

(a) পুৰণা অংশীদাৰৰ মাজত নতুন লাভ-বিতৰণ অনুপাতত।

(b) নতুন লাভ-বিতৰণ অনুপাতত সকলো অংশীদাৰৰ মাজত।

(c) পুৰণা অংশীদাৰৰ মাজত পুৰণি লাভ-বিতৰণ অনুপাতত।

উত্তৰঃ (b) নতুন লাভ-বিতৰণ অনুপাতত সকলো অংশীদাৰৰ মাজত।

(v) পূর্ণমূল্যায়নত হোৱা লাভ পুৰণা অংশীদাৰে কি অনুপাতত পাব?

(a) ত্যাগৰ অনুপাত।

(b) নতুন অনুপাত।

(c) পুৰণি অনুপাত।

উত্তৰঃ (c) পুৰণি অনুপাত।

C. খালী ঠাই পূৰ কৰাঃ

(a) সুনাম ______ সম্পতি।

উত্তৰঃ অস্পর্শনীয়।

(b) যেতিয়া নতুন অংশীদাৰৰ অন্তৰ্ভূক্তি হয়, তেতিয়া অংশীদাৰীৰ _______ হয়।

উত্তৰঃ পুৰ্ণগঠন।

(c) নতুন অংশীদাৰে সুনামৰ বাবে টকা আনিলে সেই টকাক _______ বোলা হয়।

উত্তৰঃ সুনামৰ বাবে প্রিমিয়াম (Premium for Goodwill)।

(d) সুনামৰ মূল্যায়নৰ বাবে ______ লাভ লোৱা হয়।

উত্তৰঃ অতীতৰ।

(e) একে ধৰণৰ ব্যৱসায়ে সাধাৰণতে অৰ্জন কৰা লাভৰ ওপৰিঞ্চি লাভক _______ বোলে। 

উত্তৰঃ অধিক লাভ (super profit)।

(f) নতুন অংশীদাৰে সুনামৰ বাবে অনা প্রিমিয়াম পুৰণা অংশীদাৰে _______ অনুপাতত ভগাই লয়।

উত্তৰঃ ত্যাগৰ।

(g) যদি এখন ফাৰ্মৰ সুনামৰ মূল্য 30000 টকা হয় আৰু Cয়ে যদি 1/4 অংশৰ বাবে অন্তর্ভূক্তি হয়, তেন্তে তেওঁ সুনামৰ বাবদ প্রিমিয়াম দিব লাগিব _______ টকা।

উত্তৰঃ 7500.

(b) যদি লাভ-লোকচান হিচাপ উদ্ধৃত্ত পত্ৰৰ সম্পত্তিৰ দিশত থাকে তেন্তে নতুন অংশীদাৰৰ অন্তর্ভূক্তিৰ সময়ত সেই টকা পুৰণা অংশীদাৰৰ মূলধন হিচাপত _______ কৰা হ’ব।

উত্তৰঃ ডেবিট।

(i) সম্পত্তি আৰু দেনাৰ পূৰ্ণমূল্যায়নত যদি লাভ হয়, তেন্তে সেই টকা _______ অংশীদাৰে তেওঁলোকৰ ______ অনুপাতত ভগাই ল’ব।

উত্তৰঃ পুৰণা, পুৰণা লাভ-বিতৰণ।

II. অতি চমু প্রশ্নোত্তৰঃ

1. অংশীদাৰীৰ পূৰ্ণগঠন কি?

উত্তৰঃ অংশীদাৰীৰ চুক্তিৰ পূৰ্ণগঠন হোৱাকে অংশীদাৰীৰ পুনৰ গঠন বোলো। অংশীদাৰীৰ পুনব গঠন হয় যেতিয়া অংশীদাৰসকলে নিজৰ মাজত লাভ-লোকচান বণ্টনৰ অনুপাত সলনি কৰিলে, অংশীদাৰৰ আগমন, অৱসৰ বা মৃত্যু হয়, ব্যৱসায়ৰ একত্ৰীকৰণ হ’লৈ, ইত্যাদি।

2. সুনাম (Goodwill) কি?

উত্তৰঃ সুনাম হৈছে এক খ্যাতি। ইয়াক ব্যৱসায়ৰ এক ডাঙৰ সম্পত্তি বুলি গণ্য কৰা হয় যাক আমি দেখা নাপাও বা স্পর্শ কৰিব নোৱাৰো। ইয়াৰ উপৰিও, অতিরিক্ত আয় অর্জন কৰিব পৰা ক্ষমতাকে সুনাম বোলে।

3. সুনামৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ সুনামৰ দুটা বৈশিষ্ট্য হলঃ

(a) ইয়াক আমি দেখা নাপাও বা স্পৰ্শ কৰিব নোৱাৰো।

(b) যদিও ই অস্পর্শনীয়, ইয়াক মূল্যায়ন কৰিব পাৰি।

4. গড় লাভ (Average Profit) কি?

উত্তৰঃ যেতিয়া বিগত (past) কেইবছৰমানৰ মুঠ লাভক যিমান বছৰ লোৱা হয় সেই সংখ্যাৰে হৰণ কৰা হয়, তেন্তে গড় লাভ পোৱা যায়। উদাহৰণ স্বৰূপে যদি ধৰা হ’ল 2010, 2011 আৰু 2012 ৰ লাভ ক্রমে, 10000, 8000, 12000 তেন্তে গড় লাভ হ’ব।

₹ (10000+8000+12000) \ 3 = ₹ 30000 \ 3 = ₹ 10000

5. অতি লাভ কি?

উত্তৰঃ যেতিয়া প্ৰকৃত লাভ (Actual profit) স্বাভাৱিক লাভ (Normal profit) তকৈ বেছি হয়, তেন্তে সেই অতিৰিক্ত লাভক অতি লাভ বোলে।

6. ব্যৱসায়ৰ সুনামত প্ৰভাৱ পেলোৱা দুটা উপাদান লিখা।

উত্তৰঃ সুনামত প্ৰভাৱ পেলোৱা দুটা উপাদান হ’লঃ

(a) সামগ্ৰীৰ গুণগত মানদণ্ড।

(b) বিজ্ঞাপন আৰু প্ৰচাৰ।

7. সুনামৰ মূল্যায়ন কেতিয়া প্রয়োজনীয় হয়?

উত্তৰঃ সুনামৰ মূল্যায়ন প্রয়োজনীয় হয়, যেতিয়া—

(a) কোনো অংশীদাৰৰ আগমন হয়।

(b) কোনো অংশীদাৰৰ অৱসৰ হয়।

8. পৰিচালনৰ দক্ষতাই সুনামত কেনেদৰে প্ৰভাৱ পেলায়?

উত্তৰঃ সুনাম হৈছে অতিৰিক্ত লাভ অৰ্জনৰ ক্ষমতা। যদি পৰিচালকদক্ষ হয়, তেন্তে ই অতিৰিক্ত লাভ অৰ্জন কৰিব পাৰিব। গতিকে ই সুনামৰ ওপৰত প্ৰভাৱ পেলায়।

9. সামগ্ৰীৰ গুণে সুনামত কেনেকৈ প্ৰভাৱ পেলায়?

উত্তৰঃ সামগ্ৰীৰ গুণগত মান উন্নত হ’লে গ্ৰাহকৰ সংখ্যা বৃদ্ধি হ’ব। ইয়াৰ ফলত বিক্ৰী বাঢ়িব আৰু বিক্ৰী বাঢ়িলে লাভ বাঢ়িব আৰু সুনাম বাঢ়িব।

10. ব্যৱসায়ৰ স্থানে সুনামত কেনেকৈ প্রভাব পেলায়?

উত্তৰঃ যদিহে ব্যৱসায় কৰাৰ স্থান ভাল হয় বা বজাৰ আৱাসিক অঞ্চলত হয়, তেন্তে গ্ৰাহক বেছিকৈ অহাৰ সম্ভাৱনা থাকে আৰু ইয়াৰ ফলত বিক্ৰী বাঢ়ে। ফলত অতিৰিক্ত লাভ হয় আৰু সুনাম বাঢ়ে।

11. এজন নতুন অংশীদাৰ কেনেকৈ অন্তর্ভূক্ত কৰা হয়?

উত্তৰঃ নতুন অংশীদাৰে নিজৰ মূলধন ব্যৱসায়ক দিয়ে। লগতে তেওঁ ব্যৱসায়ৰ সুনামৰ বাবদ প্রিমিয়াম দিয়ে আৰু এই টকা পুৰণা অংশীদাৰক তেওঁলোকৰ ত্যাগৰ অনুপাতত দিয়া হয়।

12. যেতিয়া নতুন অংশীদাৰে সুনামৰ বাবে প্রিমিয়াম আনে তেতিয়া কি জাবেদা প্রবৃষ্টি দিয়া হ’ব?

উত্তৰঃ জাবেদা প্রবৃত্তিটো হ’ব—

(a) Cash  A/C  Dr.

To Premium for Goodwill A/C

(b) Premium for Goodwill A/C Dr.

To Old Partner’s Capital A/C (in sacrificing ratio)

13. নতুন অংশীদাৰৰ অন্তৰ্ভূক্তিৰ সময়ত পঞ্জীভূক্ত লাভ বা লোকচান কি কৰা হয়?

উত্তৰঃ অংশীদাৰৰ আগমনত পঞ্জীভূত লাভ থাকিলে এই হিচাপ ডেলিট কৰি পুৰণা অংশীদাৰৰ মূলধন হিচাপে ক্রেডিট কৰা হয়। আনহাতে লোকচান থাকিলে ইয়াক ক্রেডিট কৰা হয় আৰু পুৰণা অংশীদাৰৰ মূলধন হিচাপ ডেবিট কৰা হয়।

14. এটা পুনৰ মূল্যায়ন হিচাপ (Revaluation A/C) ৰ আৰ্হি প্ৰস্তুত কৰা।

উত্তৰঃ পুনৰ মূল্যায়ন হিচাপ

Date ParticularsJPDate ParticularsJP
To Assets A/C (Decrease in assets)XXX?By Assets A/C (increase in assets)XXX
To Liabilities A/C (Increase in liabilities)XXX?By liabilities A/C (Decrease in liabilities)XXX
To Partners CapitalA/C (Profit on revaluation)XXX?By Partner’s Capital A/C (loss on revaluation)XXX

15. ত্যাগৰ অনুপাতৰ ব্যৱহাৰ কেতিয়া হয়?

উত্তৰঃ যেতিয়া এজন অংশীদাৰে তেওঁৰ আগমনৰ সময়ত সুনামৰ বাবে টকা আনে, সেই টকা পুৰণি অংশীদাৰৰ মাজত ভগাই দিবলৈ ত্যাগৰ অনুপাত ব্যৱহাৰ হয়।

16. অংশীদাৰৰ আগমনৰ সময়ত থকা যৌথ জীৱন বীমা কি কৰা হ’ব যদিহে এই ব্যয় ৰাজহ ব্যয় বুলি ধৰা হৈছিল?

উত্তৰঃ অংশীদাৰীৰ পুনৰ গঠন হোৱাৰ লগে লগে যৌথ জীবন বীমা ডেবিট আৰু পুৰণা অংশীদাৰৰ হিচাপ ক্রেডিট কৰা হয়। জাবেদা প্ৰবৃষ্টিটো—

Joint life Policy  A/C  Dr.

To Old Partners Capital A/C

17. অংশীদাৰৰ অন্তৰ্ভূক্তিৰ সময়ত সম্পত্তি দেনাৰ কিয় পুনৰ মূল্যায়ন হয়?

উত্তৰঃ এজন অংশীদাৰৰ ভৰ্তিৰ সময়ত সম্পত্তি আৰু দেনাসমূহৰ পুনৰ মূল্যায়ন কৰা হয়। এনে পুনৰ মূল্যায়নৰ পৰা লাভ বা লোকচান পুৰণা অংশীদাৰসকলৰ মূলধন হিচাপত তেওঁলোকৰ পুনৰা লাভ লোকচানৰ বণ্টন অনুপাতত ক্রেডিট বা ডেবিট কৰিব লাগে। এটা নিৰ্দ্দিষ্ট তাৰিখত হিচাপ বহীত উল্লেখ থকা সম্পত্তিৰ আদায়কৰণৰ মূল্য আৰু দেনাৰ প্ৰকৃত অৱস্থা একে নহ’ব পাৰে। সেয়ে, সকলো অংশীদাৰৰ স্বাৰ্থতে নিৰ্দ্দিষ্ট ক্ষেত্ৰত সম্পত্তি আৰু দেনাসমূহৰ পুনৰ মূল্যায়ন কৰা হয়।

যেতিয়া এজন নতুন অংশীদাৰ অংশীদাৰী ব্যৱসায় এটাত ভৰ্তি কৰা হয়, তেতিয়া নতুন অংশীদাৰ্জনেও সম্পত্তিসমূহৰ ওপৰত মালিকানা স্বত্ব পায় আৰু ব্যৱসায়টোৰ দেনাবোৰৰ বাবে নিজকে দায়বদ্ধ ৰাখিবলগীয়া হয়। সেইবাবে নতুনকৈ অহা অংশীদাৰৰ লগতে পুৰণা অংশীদাৰসকলৰ বাবেও উদ্ধৃত্ত পত্ৰত উল্লেখ থকা সম্পত্তি আৰু দেনাবোৰৰ নতুন অংশীদাৰৰ ভৰ্তি কৰাৰ তাৰিখত, উপযুক্তভাৱে মূল্যায়ন হোৱাটো বাঞ্চনীয়। কাৰণ কিছুমান সম্পত্তিৰ মূল্য বৃদ্ধি বা অন্য কিছুমান সম্পত্তিৰ যথোপযুক্ত অৱক্ষয় ধার্য কৰা নহ’ব পাৰে আৰু হিচাপৰ বহীত এনেকুৱা পৰিবৰ্তনৰ কোনো লিখিত বৃত্তান্ত নাথাকিব পাৰে। সেইবাবে অংশীদাৰৰ ভৰ্তিকৰণৰ সময়ত সকলো সম্পত্তি আৰু দেনাৰ পুনর্মূল্যায়ন কৰাটো প্ৰয়োজনীয় যাতে ভৰ্তিকৰণৰ দিনা অংশীদাৰসকলৰ প্ৰকৃত অৱস্থা উলিয়াব পৰা যায়। পুনৰ মূল্যায়ন হিচাপ অংশীদাৰৰ অৱসৰ বা মৃত্যুৰ সময়তো প্রস্তুত কৰা হয়, কাৰণ ভৰ্তিকৰণৰ দৰে অংশীদাৰৰ অৱসৰ বা মৃত্যুতো কিছুমান সম্পত্তি আৰু দেনাৰ পুনৰ মূল্যায়ন কৰাৰ প্ৰয়োজন হয়।

18. পঞ্জীভূত লাভ কি?

উত্তৰঃ ব্যৱসায়ত হোৱা লাভ কেতিয়াবা অংশীদাৰে গ্ৰহণ নকৰি ব্যৱসায়ত থয়। এই লাভক পঞ্জীভূত লাভ বোলে।

III. চমু প্রশ্নোত্তৰঃ

1. যেতিয়া নতুন অংশীদাৰে সুনামৰ প্রিমিয়ামৰ বাবে নগদ টকা দিব নোৱাৰে, তেন্তে কি কৰা হয়?

উত্তৰঃ যেতিয়া নতুন অংশীদাৰজনে সুনমাৰ টকা পাৰ্মলৈ নগদ টকাৰে আদায় দিব নোৱাৰে তেতিয়া সুনামৰ হিচাপ পুনৰ মূল্যায়ন পদ্ধতিৰে কৰা হয়। এই পদ্ধতিত সুনাম হিচাপ পুৰণি অংশীদাৰবোৰৰ মূলধন হিচাপ তেওঁলোকৰ পুৰণি লাভৰ অনুপাতত ক্রেডিট কৰি হিচাপ বহীত দেখুওৱা হয়।

কেতিয়াবা নতুন অংশীদাৰ্জনে তেওঁৰ সুনামৰ অংশ আংশিকভাৱে আগবঢ়াব পাৰে। তেনেকুৱা অৱস্থাত সুনামৰ বাবদ আগবঢ়োৱা টকাখিনি পুৰণি অংশীদাৰবোৰৰ মাজত তেওঁলোকৰ ত্যাগৰ অনুপাতত বিতৰণ কৰাৰ পিছত, যিখিনি টকা সুনাম বাবদ নতুন অংশীদাৰে আগবঢ়াব নোৱাৰিলে সেইখিনি টকাৰে ফাৰ্মৰ বহীত সুনাম হিচাপে দেখুৱাব পাৰি। উদাহৰণস্বৰূপে সুলেন আৰু কুকিল 3:3 অনুপাতত লাভ বণ্টনৰ অংশীদাৰ। তেওঁলোকে মানবক 1/2 অংশৰ বাবদ ভর্তি কৰালে। যিহেতু ফাৰ্মৰ বহীত সুনামৰ মুঠ মূল্য 90,000 টকাত ধার্য কৰা হৈছে সেয়েহে, মানৱে তেওঁৰ সুনামৰ অংশ বাবদ 30,000 টকা আগবঢ়াব লাগে। কিন্তু মানৱে মাত্ৰ নগদ 15,000 টকাহে দিলে (তেওঁৰ দেয় টকাৰ আধা)। এই ক্ষেত্ৰত সুনেন আৰু কুকিলৰ মূলধন হিচাপত তেওঁলোকৰ ত্যাগৰ অনুপাতত ক্রেডিট কৰাৰ পিছত 45,000 টকাৰ বাবে ফাৰ্মৰ বহীত সুনাম হিচাপে ডেবিট কৰি পুনৰ সুনেন আৰু কুকিলৰ মূলধন হিচাপ তেওঁলোকৰ পুৰণি লাভ বিতৰণৰ অনুপাতত ক্রেডিট কৰা হ’ব।

2. ত্যাগৰ অনুপাত কি? ইয়াক কেনেকৈ গণনা কৰা হয়?

উত্তৰঃ ত্যাগৰ অনুপাত হ’ল পুৰণি অংশীদাৰবোৰে তেওঁলোকৰ লাভৰ অংশৰ নতুন অংশীদাৰৰ সপক্ষে ত্যাগ কৰা লাভৰ অনুপাত।

যেতিয়া পুৰণি অংশীদাৰসকলে, পুৰণি লাভৰ নিজৰ এটা অংশ নতুন অংশীদৰৰ সপক্ষে ত্যাগ কৰে তেতিয়া পুৰণি অংশীদাৰৰ লাভৰ অংশ আগতকৈ কম হয় যাক নতুন অংশীদাৰৰ বাবে পুৰণা অংশীদাৰ ত্যাগ বুলি জনা যায়। অর্থাৎ, এজন অংশীদাৰৰ ত্যাগৰ অনুপাত = পুৰণি লাভৰ অংশ— নতুন লাভৰ অংশ।

3. নতুন অংশীদাৰৰ ভৰ্তিৰ সময়ত প্ৰয়োজনীয় সংযোজনসমূহৰ বিভিন্ন বিষয়সমূহ চিনাক্ত কৰা।

উত্তৰঃ 1932 চনৰ অংশীদাৰী আইন অনুসৰি অংশীদাৰী চুক্তি পত্ৰত উল্লেখ নাথাকিলে ফার্মত এজন নতুন ব্যক্তিক অংশীদাৰ হিচাপে ভৰ্তি কৰিবলৈ আন সকলোবোৰ অংশীদাৰৰ অনুমতিৰ প্ৰয়োজন হয়। এজন নতুন অংশীদাৰ ভৰ্তি হোৱাৰ লগে লগে অংশীদাৰী ফাৰ্মখনৰ পুনৰ গঠন কৰিব লগা হয়। এজন নতুন অংশীদাৰৰ ভৰ্তিৰ সময় অংশীদাৰৰ ফাৰ্মখনত দুটা অধিকাৰ সংযোজন কৰিব লাগে—

(ক) অংশীদাৰী ফাৰ্মখনত থকা সম্পত্তিসমূহৰ অংশৰ অধিকাৰ। আৰু

(খ) অংশীদাৰী ফাৰ্মখনত হোৱা লাভৰ অংশ পোৱাৰ অধিকাৰ।

ইয়াৰ উপৰিও এজন নতুন অংশীদাৰ ভৰ্তিকৰণৰ সময়ত তলত উল্লেখ কৰা আন কিছুমান বিষয়ৰ ওপৰত গুৰুত্ব দিব লাগে—

(ক) লাভ বিতৰণৰ নতুন অনুপাত।

(খ) ত্যাগৰ অনুপাত।

(গ) সুনামৰ মূল্যায়ন আৰ সংযোজন।

(ঘ) সম্পত্তিৰ মূল্যায়ন আৰু আৰু দেনাৰ পুনৰ নিৰ্ধাৰণ।

(ঙ) সঞ্চিত লাভৰ বিতৰণ। আৰু

(চ) অংশীদাৰৰ মূলধনৰ সংযোজন।

4. নতুন অংশীদাৰৰ অন্তৰ্ভূক্তি হ’লে পুৰণি অংশীদাৰসকলৰ মাজত নতুন লাভ বিতৰণৰ অনুপাত নিৰ্ণয়ৰ প্ৰয়োজন কি?

উত্তৰঃ এজন নতুন অংশীদাৰ ভৰ্তি হ’লে পুৰণি অংশীদাৰবিলাকৰ লাভৰ অংশৰ পৰা তেওঁ লাভৰ অংশ পায়। অর্থাৎ নতুন অংশীদাৰৰ ভৰ্তিকৰণত পুৰণি অংশীদাৰবোৰে তেওঁলোকৰ এটা লাভৰ অংশ নতুন অংশীদাৰজনক দিব লাগে। আচলতে এইটো পুৰণি অংশীদাৰবোৰ আৰু নতুন অংশীদাৰজনৰ পাৰস্পৰিক সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিব। যদি এই সম্পৰ্কত নতুন অংশীদাৰজনে পুৰণি অংশীদাৰবোৰৰ পৰা কি হিচাপত লাভৰ অংশ পাব তাক নির্দিষ্টকৈ উল্লেখ নাথাকে তেতিয়া এইটো ধৰি লোৱা হ’ব যে তেওঁ এই লাভৰ অংশ পুৰণি অংশীদাৰবোৰৰ পৰা তেওঁলোকৰ লাভৰ অংশত পাব। সেয়েহে এজন নতুন অংশীদাৰ ভৰ্তি হ’লে পুৰণি অংশীদাৰবোৰে নতুন অংশীদাৰজনক তেওঁৰ লাভৰ অংশত আগবঢ়োৱা বৰঙণিৰ বাবে পুৰণি অংশীদাৰবোৰৰ লাভ বিতৰণৰ অনুপাতৰ সলনি হ’ব। ফলত সকলোবোৰ অংশীদাৰৰ মাজত নতুন লাভৰ অংশ নিৰ্ণয় কৰাটো প্ৰয়োজন হয়।

5. অংশীদাৰৰ অন্তৰ্ভূক্তিৰ সময়ত সম্পত্তি -দেনাৰ পুনৰ মূল্যায়ন কিয় কৰা হয়?

উত্তৰঃ এজন অংশীদাৰ ভৰ্তিৰ সময়ত ফাৰ্মৰ সম্পত্তিসমূহ ইয়াৰ হিচাপ বহীত বৰ্তমানৰ মূল্যত দেখুওৱা আছেনে নাই তাক নিৰ্ণয় কৰা সদায়েই দৰকাৰ হয়। যদি সম্পত্তিসমূহ অধিক মূল্যত বা অৱমূল্যত থাকে এইবোৰ পুনৰ মূল্যায়ন কৰা হয় যাতে এইবোৰ হিচাপৰ বহীত সিহঁতৰ বৰ্তমানৰ মূল্যত আনিব পাৰি। একে সময়তে ফার্মত কিছুমান নথি বহির্ভূত সম্পত্তি আৰু দেনা থাকিব পাৰে। এইসমূহকো ফাৰ্মৰ হিচাপৰ বহীৰ অন্তৰ্ভুক্ত কৰিব লাগিব। সেয়েহে ফাৰ্মে পুনৰ মূল্যায়ন হিচাপ প্ৰস্তুত কৰিব লাগে। প্ৰতিটো সম্পত্তি আৰু দেনাৰ পুনৰ মূল্যায়নৰ ফলত হোৱা লাভ বা লোকচান এই হিচাপলৈ স্থানান্তৰ কৰা হয় আৰু অৱশেষত এই হিচাপটোৰ উদ্ধৃত্ত পুৰণি অংশীদাৰৰ মূলধন হিচাপলৈ তেওঁলোকৰ পুৰণি লাভৰ অনুপাতত স্থানান্তৰ কৰা হয়। পুনৰ মূল্যায়ন হিচাপত প্ৰতিটো সম্পত্তিৰ মূল্যৰ বৃদ্ধি ডেবিট দেনাৰ মূল্যৰ হ্ৰাস ক্রেডিট কৰা হয়। কিয়নো ই হ’ল পুনৰ মূল্যায়নৰ লাভ। আকৌ সম্পত্তিৰ মূল্যৰ হ্ৰাস ক্রেডিট আৰু ডেনাৰ মূল্যৰ বৃদ্ধি এই পুনৰ মূল্যায়ন হিচাপত ডেবিট কৰা হয়। কিয়নো এইবোৰ হ’ল লোকচান। ঠিক তেনেদৰে নথি বহির্ভূত সম্পত্তিসমূহ এই হিচাপত ক্রেডিট কৰা হয়। যদি পুনৰ মূল্যায়ন হিচাপে শেষত ক্রেডিট উদ্ধৃত্ত দেখুৱায় তেতিয়া ইয়াক প্ৰকৃত লাভ আৰু যদি ডেবিট উদ্ধৃত্ত দেখুৱায় তেতিয়া ইয়াক প্ৰকৃত লোকচান বুলি ধৰা হয়। এই প্রকৃত লাভ বা লোকচানৰ পৰিমাণখিনি পুৰণি অংশীদাৰৰ মূলধন হিচাপলৈ পুৰণি লাভ বিতৰণৰ অনুপাতত স্থানান্তৰ কৰা হয়।

6. উদ্ধৃত্ত পত্ৰত যদিহে সুনাম আছে আৰু নতুন অংশীদাৰে সুনামৰ টকা আদায় দিয়ে, তেন্তে ফাৰ্মৰ বহীত থকা সুনামৰ হিচাপ কেনে হ’ব?

উত্তৰঃ যিহেতু সুনাম এটা অস্পর্শনীয় সম্পত্তি অর্থাৎ ইয়াৰ কোনো শাৰীৰিক অস্তিত্ব নাই। এজন নতুন অংশীদাৰ ভৰ্তিৰ সময়ত ফাৰ্মত সুনামৰ মালিক হ’ল ইয়াৰ বৰ্তমানৰ অংশীদাৰসকল। ইয়াৰ অৰ্থ হ’ল এজন নতুন অংশীদাৰ ভৰ্তিত সুনামৰ বাবে পুৰণি অংশীদাৰবোৰৰ মূলধন হিচাপত কিছুমান সংযোজন কৰিব লগা হয় যাতে নতুন অংশীদাৰে তেওঁৰ ভৰ্তিৰ আগত ফার্মে সুনামৰ বাবদ কোনো টকা পৰিশোধন কৰিবলগীয়া নোহোৱাকৈ অৰ্জন কৰা লাভৰ অংশত তেওঁৰ অংশ নাথাকে। নতুন অংশীদাৰ্জনে সুনামৰ বাবদ অদায় দিয়া টকাখিনিক সুনামৰ প্রিমিয়াম বুলি কোৱা হয়। হিচাপকৰণৰ দৃষ্টিকোণৰ পৰা নতুন অংশীদাৰ এজন ভৰ্তিৰ সময়ত এখন ফার্মে সুনামৰ হিচাপ ব্যৱস্থাৰ বাবে বিভিন্ন পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয়। নতুন অংশীদাৰ এজনে সুনামৰ বাবদ আগবঢ়োৱা টকাখিনি পুৰণি অংশীদাৰসকলে তেওঁলোকৰ ত্যাগৰ অনুপাতত ভগাই লয়। যদি নতুন অংশীদাৰজনে সুনামৰ বাবদ কোনো পৰিমাণৰ টকা নগদ আনিবলৈ অসমর্থ হয় তেতিয়া নতুন অংশীদাৰজনৰ মূলধন হিচাপ তেওঁৰ সুনামৰ অংশৰে ডেবিট কৰা হয় আৰু পুৰণি অংশীদাৰসকলৰ মূলধন হিচাপে তেওঁলোকৰ ত্যাগৰ অনুপাতত ক্রেডিট কৰা হয়।

IV. ৰচনাধৰ্মী প্রশ্নোত্তৰঃ

1. তলৰ সুনাম মূল্যায়নৰ পদ্ধতিসমূহ লিখা।

(i) গড় লাভ পদ্ধতি।

(ii) অতি লাভ পদ্ধতি।

(iii) মূলধনীকৰণ পদ্ধতি।

উত্তৰঃ সুনাম মূল্যায়নৰ বিভিন্ন পদ্ধতিবোৰ হ’লঃ

(i) গড় লাভ পদ্ধতি।

(ii) অতি লাভ পদ্ধতি।

(iii) মূলধনীকৰণ পদ্ধতি।

(i) গড় লাভ পদ্ধতি (Average profit method): এই পদ্ধতি অনুসৰি আগৰ কেইবছৰ মানৰ (সাধাৰণতে 3 বছৰৰ পৰা 5 বছৰ পর্যন্ত) গড় লাভৰ পৰিমাণৰ এক বা একাধিক বৰ্ষসংখ্যাৰ দ্বাৰা (যেনে 2, 3, 4, 5 ইত্যাদি) পূৰণ কৰি সুনামৰ মূল্য স্থিৰ কৰা হয়। কিমান বছৰৰ লাভৰ গড় উলিওৱা হ’ব বা এনে গড় লাভক কি বৰ্ষসংখ্যাৰে পূৰণ কৰা হ’ব সেইটো অংশীদাৰসকলৰ সন্মতি অথবা চুক্তিৰ ওপৰত নিৰ্ভৰ কৰিব। সুনামৰ মুঠ মূল্য স্থিৰ কৰোতে যি বৰ্ষসংখ্যাৰে গড় লাভক পূৰণ কৰা হয়, তাক হিচাপ শাস্ত্ৰত বৰ্ষগুণক বোলা হয়।

(ii) অতি লাভ পদ্ধতি (Super Profit Method): যেতিয়া এটা নতুন ব্যৱসায় প্রতিষ্ঠা কৰা হয়, ইয়ে ব্যৱসায় আৰম্ভ কৰাৰ প্রথম কেইটামান বছৰত লাভ উপাৰ্জন কৰিবলৈ সক্ষম নহ’বও পাৰে। সেয়েহে চলিত ব্যৱসায় এটা ক্ৰয় কৰা এজন ব্যক্তিয়ে ব্যৱসায়টোত প্ৰথম কেইটামান বছৰত হ’ব পৰা সাম্ভাৱ্য লাভৰ সম পৰিমাণৰ টকা সুনামৰ বাবদ আদায় দিব লাগে। কিন্তু এইটোও যুক্তিৰ বিষয় যে ক্ৰেতাৰ প্ৰকৃত লাভ মুঠ লাভত নপৰে, এইটো সেই পৰিমাণৰ লাভত সীমিত যিটো একে ধৰণৰ ব্যৱসায় এটাই মূলধন বিনিয়োগৰ ওপৰত উপার্জিত সাধাৰণ লাভতকৈ অধিক হয়। গতিকে, অতিৰিক্ত লাভৰ উপৰত ভিত্তি কৰি সুনাম মূল্যায়নৰ প্রয়োজন হয়, প্রকৃত লাভৰ ওপৰত ভিত্তি কৰি নহয়। স্বাভাৱিক লাভৰ উপৰি প্ৰকৃত লাভৰ অতিৰিক্ত লাভখিনিক অতি লাভ বুলি কোৱা হয়।

(iii) মূলধনীকৰণ পদ্ধতি (Capitalisation Method): এই পদ্ধতিটো দুই ধৰণে নিৰ্ধাৰণ কৰিব পাৰি—

(ক) গড়লাভ মূলধনীকৰণ কৰি। আৰু

(খ) অতিলাভ মূলধনীকৰণ কৰি।

(ক) গড়লাভ মূলধনীকৰণঃ এই পদ্ধতিত স্বাভাৱিক লাভৰ হাৰৰ ভিত্তিত গণনাপ্ৰাপ্ত গড়লাভৰ মূলধনীকৃত মূল্যৰ পৰা ফাৰ্মৰ প্ৰকৃত মূলধন বিনিয়োগক বাদ দি সুনাম গণনা কৰা হয়। ইয়াত তলত দিয়া কাৰ্যসমূহ বিবেচনা কৰা হয়—

(i) যোৱা কেইটামান বছৰৰ ব্যৱসায় পৰিচালনাৰ পৰা উদ্ভৱ হোৱা লাভৰ গড় লাভ নির্ণয় কৰা। 

(ii) গড় লাভৰ মূলধনীকৃত মুল্য নির্ণয় কৰিবলৈ স্বাভাৱিক লাভৰ হাৰৰ ওপৰত ভিত্তি কৰি গড়লাভৰ মূলধনীকৰণ কৰিব লাগে। ইয়াক তলত দিয়া ধৰণে নিৰ্ণয় কৰিব লাগেঃ

গড় লাভ × 100 / স্বাভাৱিক লাভৰ হাৰ

(iii) মুঠ সম্পত্তিৰ পৰা বাহ্যিক দেনা বাদ দি প্রকৃত মূলধন বিনিয়োগ নির্ণয় কৰিব লাগে। মূলধন বিনিয়োগ = মুঠ সম্পত্তি – বাহ্যিক দেনা।

(iv) গড়লাভৰ মূলধনীকৃত মূল্যৰ পৰা প্ৰকৃত সম্পত্তি (net assets) বাদ দি সুনাম গণনা কৰিব লাগে। অর্থাৎ, (ii) – (iii)

(খ) অতিলাভৰ মূলধনীকৰণঃ প্ৰত্যক্ষভাৱে অতি লাভক মূলধনীকৰণ কৰিও সুনাম নিৰূপণ কৰিব পাৰি। এই পদ্ধতি অনুসৰি গড়লাভক মূলধনীকৰণ কৰাৰ দৰকাৰ নপৰে। ইয়াত তলত দিয়া কাৰ্যসমূহ থাকে—

(i) ফাৰ্মৰ মূলধন বিনিয়োগ নির্ণয় কৰা, মূলধন বিনিয়োগ = মুঠ সম্পত্তি – বাহ্যিক দেনা।

(ii) মূলধন বিনিয়োগৰ ওপৰত স্বভাৱিক লাভ নিৰ্ণয় কৰা।

(iii) উল্লেখ কৰা মতে অতীতৰ বছৰবোৰৰ গড় লাভ নিৰ্ণয় কৰা।

(iv) গড় লাভৰ পৰা স্বাভাৱিক লাভ বাদ দি অতি লাভ নিৰূপণ কৰা। আৰু

(v) অতি লাভক প্রয়োজনীয় লাভৰ হাৰৰ পূৰক অংকৰে পূৰ্ণ কৰিব লাগে। যেনে—

সুনাম = অতি লাভ × 100/স্বাভাৱিক লাভৰ হাৰ

2. সুনাম কি? ইয়াক প্রভাবিত কৰা উপাদানবোৰ কি কি?

উত্তৰঃ সাধাৰণতে দেখা যায় যে যিবোৰ ব্যৱসায় প্রতিষ্ঠান দীর্ঘদিন ধৰি থাকে সেইবোৰ ব্যৱসায় প্রতিষ্ঠানে এখন নৱ প্ৰতিষ্ঠিত ব্যৱসায়ৰ তুলনাত বেছি পৰিমাণৰ লাভ উর্জন কৰে। ইয়াৰ কাৰণ এয়ে যে এখন পুৰণি ব্যৱসায়ে সৰ্বসাধাৰণ গ্ৰাহকৰ মাজত খ্যাতি অর্জন কৰে। ইয়াৰ খ্যাতিসম্পন্ন পুৰণি ব্যৱসায়খনৰ প্ৰতি পৃষ্ঠপোষকতা কৰে। গতিকে পুৰণি ব্যৱসায়খনে নতুন ব্যৱসায়খনৰ তুলনাত অধিক লাভৱান হোৱা পৰিলক্ষিত হয়। সেয়েহে এখন অংশীদাৰী প্ৰতিষ্ঠানৰ সাধাৰণ অৱস্থাত উপাৰ্জন কৰিবলগীয়া লাভৰ উপৰিও সম্ভাব্য ওপৰঞ্চি লাভৰ মুল্যকে সুনাম বুলি কোৱা হয়। অন্যাৰ্থত ক’বলৈ হ’লে কোনো এখন ব্যৱসায় প্ৰতিষ্ঠানৰ সুখ্যাতিৰ বাবে লাভ কৰা উপকাৰ আৰু সুবিধাসমূহকেই সুনাম বুলি কোৱা হয় সুনামেই এখন ব্যৱসায় প্রতিষ্ঠানক ব্যৱসায়ত বিনিয়োগ কৰা মূলধনৰ ওপৰত সাধাৰণতে আশা কৰা লাভতকৈ বেছি পৰিমাণে লাভ কৰাত সহায় কৰে।

ব্যবসায়ত সুনাম প্রভাৱান্বিত হোৱা উপাদানসমূহ হ’ল—

(i) ব্যৱসায়ৰ অৱস্থান।

(ii) উচ্চমান বিশিষ্ট সামগ্ৰী আৰু সুলভ মূল্য।

(iii) সুদক্ষ পৰিচালনা।

(iv) ব্যৱসায়ৰ মালিকৰ ব্যক্তিত্ব আৰু সাধুতা।

(v) সময় উপযোগী সামগ্ৰীৰ যোগান।

(vi) ব্যৱসায়ত পৰিৱেশন কৰা সামগ্ৰীৰ প্ৰকৃতি ইত্যাদি।

3. অংশীদাৰৰ ভৰ্তিৰ সময়ত সম্পত্তি দেনাৰ পুনৰ মূল্যায়ন কিয় হয় কাৰণ দর্শোৱা।

উত্তৰঃ এজন অংশীদাৰৰ ভৰ্তিৰ সময়ত সম্পত্তি আৰু দেনাসমূহৰ পুনৰ মূল্যায়ন কৰা হয়। এনে পুনৰ মূল্যায়নৰ পৰা লাভ বা লোকচান পুৰণা অংশীদাৰসকলৰ মূলধন হিচাপত তেওঁলোকৰ পুনৰা লাভ লোকচানৰ বণ্টন অনুপাতত ক্রেডিট বা ডেবিট কৰিব লাগে। এটা নিৰ্দ্দিষ্ট তাৰিখত হিচাপ বহীত উল্লেখ থকা সম্পত্তিৰ আদায়কৰণৰ মূল্য আৰু দেনাৰ প্ৰকৃত অৱস্থা একে নহ’ব পাৰে। সেয়ে, সকলো অংশীদাৰৰ স্বাৰ্থতে নিৰ্দ্দিষ্ট ক্ষেত্র ত সম্পত্তি আৰু দেনাসমূহৰ পুনৰ মূল্যায়ন কৰা হয়।

যেতিয়া এজন নতুন অংশীদাৰ অংশীদাৰী ব্যৱসায় এটাত ভৰ্তি কৰা হয়, তেতিয়া নতুন অংশীদাৰজনেও সম্পত্তিসমূহৰ ওপৰত মালিকানা স্বত্ব পায় আৰু ব্যৱসায়টোৰ দেনাবোৰৰ বাবে নিজকে দায়বদ্ধ ৰাখিবলগীয়া হয়। সেইবাবে নতুনকৈ অহা অংশীদাৰৰ লগতে পুৰণা অংশীদাৰসকলৰ বাবেও উদ্ধৃত্ত পত্ৰত উল্লেখ থকা সম্পত্তি আৰু দেনাবোৰৰ নতুন অংশীদাৰৰ ভৰ্তি কৰাৰ তাৰিখত, উপযুক্তভাৱে মূল্যায়ন হোৱাটো বাঞ্চনীয়। কাৰণ কিছুমান সম্পত্তিৰ মূল্য বৃদ্ধি বা অন্য কিছুমান সম্পত্তিৰ যথোপযুক্ত অৱক্ষয় ধার্য কৰা নহ’ব পাৰে আৰু হিচাপৰ বহীত এনেকুৱা পৰিবৰ্তনৰ কোনো লিখিত বৃত্তান্ত নাথাকিব পাৰে। সেইবাবে অংশীদাৰৰ ভৰ্তিকৰণৰ সময়ত সকলো সম্পত্তি আৰু দেনাৰ পুনর্মূল্যায়ন কৰাটো প্ৰয়োজনীয় যাতে ভৰ্তিকৰণৰ দিনা অংশীদাৰসকলৰ প্ৰকৃত অৱস্থা উলিয়াব পৰা যায়। পুনৰ মূল্যায়ন হিচাপ অংশীদাৰৰ অৱসৰ বা মৃত্যুৰ সময়তো প্রস্তুত কৰা হয়, কাৰণ ভৰ্তিকৰণৰ দৰে অংশীদাৰৰ অৱসৰ বা মৃত্যুতো কিছুমান সম্পত্তি আৰু দেনাৰ পুনৰ মূল্যায়ন কৰাৰ প্ৰয়োজন হয়।

4. পুনৰ মূল্যায়নৰ পিচত কেনেকৈ হিচাপৰ বহীত সম্পত্তি আৰু দেনাৰ মূল্য দেখুওৱা হয় লিখা।

উত্তৰঃ অংশীদাৰ ভৰ্তিৰ সময়ত ফাৰ্মৰ সম্পত্তিসমূহ ইয়াৰ হিচাপ বহীত বৰ্তমানৰ মূলত দেখুওৱা আছেনে নাই তাক নিৰ্ণয় কৰা সদায়েই দৰকাৰ হয়। যদি সম্পত্তিসমূহ অধিক মূল্যত বা অৱমূল্যত থাকে এইবোৰ পুনৰ মূল্যায়ন কৰা হয় যাতে এইবোৰ হিচাপৰ বহীত সিহঁতৰ বৰ্তমানৰ মূল্যত আনিব পাৰি। একে সময়তে ফাৰ্মত কিছুমান নথি বহির্ভূত সম্পত্তি আৰু দেনা থাকিব পাৰে। এইসমূহকো ফাৰ্মৰ হিচাপৰ বহীৰ অন্তৰ্ভুক্ত কৰিব লাগে। সেয়েহে ফার্মে পুনৰ মূল্যায়ন হিচাপ প্ৰস্তুত কৰিব লাগে। প্ৰতিটো সম্পত্তি আৰু দেনাৰ পুনৰ মূল্যায়নৰ ফলত হোৱা লাভ বা লোকচান এই হিচাপলৈ স্থানান্তৰ কৰা হয় আৰু অৱশেষত এই হিচাপটোৰ উদ্ধৃত্ত পুৰণি অংশীদাৰৰ মূলধন হিচাপলৈ তেওঁলোকৰ পুৰণি লাভৰ অনুপাতত স্থানান্তৰ কৰা। পুনৰ মূল্যায়ন হিচাপত প্ৰতিটো সম্পত্তিৰ মূল্যৰ বৃদ্ধি ডেবিট দেনাৰ মূল্যৰ হ্ৰাস ক্রেডিট কৰা হয়। কিয়নো ই হ’ল পুনৰ মূল্যায়নৰ লাভ। আকৌ সম্পত্তিৰ মূল্যৰ হ্ৰাস ক্রেডিট আৰু দেনাৰ মূল্যৰ বৃদ্ধি এই পুনৰ মূল্যায়ন হিচাপত ডেবিট কৰা হয়। কিয়নো এইবোৰ হ’ল লোকচান। ঠিক তেনেদৰে নথি বহির্ভূত সম্পত্তিসমূহ এই হিচাপত ক্রেডিট কৰা হয়। যদি পুনৰ মূল্যায়ন হিচাপে শেষত ক্রেডিট উদ্ধৃত্ত দেখুৱায় তেতিয়া ইয়াক প্ৰকৃত লাভ আৰু যদি ডেবিট উদ্ধৃত্ত দেখুৱায় তেতিয়া ইয়াক প্ৰকৃত লোকচান বুলি ধৰা হয়।

ফাৰ্মৰ হিচাপ বহীত সম্পত্তি আৰু দেনাসমূহৰ মূল্য দেখুওৱা কাল্পনিক উদ্ধৃত্ত সমূহ হ’ল—

(i) সম্পত্তিৰ মূল্য বৃদ্ধি হ’লেঃসম্পত্তি হিচাপ পুনৰ মূল্যায়ন হিচাপলৈডেবিট (লাভ)
(ii) সম্পত্তিৰ মূল্য হ্রাস হলে পুনৰ মূল্যায়ন হিচাপ সম্পত্তিৰ হিচাপলৈডেবিট (লোকচান)
(iii) দেনাৰ মূল্য বৃদ্ধি হ’লে পুনৰ মূল্যায়ন হিচাপ দেনাৰ হিচাপলৈডেবিট (লোকচান)
(iv) দেনাৰ মূল্য হ্ৰাস হ’লে দেনাৰ হিচাপ পুনৰ মূল্যায়ন হিচাপলৈডেবিট (লাভ)
(v) নথি বহির্ভূত সম্পত্তিৰ বাবে সম্পত্তিৰ হিচাপ পুনৰ মূল্যায়ন হিচাপলৈডেবিট (লাভ)
(vi) নথি বহির্ভূত দেনাসমূহৰ বাবে পুনৰ মূল্যায়ন হিচাপডেবিট (লোকচান)
(vii) পুনৰ মূল্যায়নৰ লাভৰ স্থানান্তৰ পুনৰ মূল্যায়ন হিচাপ পুৰণি অংশীদাৰৰ মূলধন হিচাপলৈ(ক্রেডিট উদ্ধৃত্তৰ বাবে) ডেবিট (পুৰণি লাভৰ অনুপাত) (ব্যক্তিগতভাৱে)
(viii) পুনৰ মূল্যায়নৰ লোকচান স্থানান্তৰৰ বাবে পুৰণি অংশীদাৰৰ মূলধন হিচাপ পুনৰ মূল্যায়ন হিচাপলৈ (পুৰণি লাভৰ অনুপাত)ডেবিট

5. নতুন অংশীদাৰৰ অন্তৰ্ভূক্তিত সুনাম হিচাপৰ ব্যৱস্থাৰ পদ্ধতি সমূহ লিখা।

উত্তৰঃ এজন নতুন অংশীদাৰৰ ভৰ্তিৰ সময়ত সুনামৰ হিচাপ ব্যৱস্থা দুই ধৰণে কৰিব পৰা যায়। এই পদ্ধতি দুটা হ’ল—

(ক) প্রিমিয়াম পদ্ধতি। আৰু

(খ) পুনৰ মূল্যায়ন পদ্ধতি।

(ক) প্রিমিয়াম পদ্ধতিঃ এই পদ্ধতিতো যেতিয়া এজন নতুন অংশদাৰে তেওঁৰ সুনামৰ টকা নগদ টকাৰে আদায় দিয়ে তেতিয়া প্ৰয়োগ কৰা হয়। নতুন অংশীদাৰে আদায় দিয়া প্রিমিয়ামৰ টকা পুৰণি অংশীদাৰবোৰে তেওঁলোকৰ ত্যাগৰ অনুপাতত ভগাই লয়। যদি এই সুনামৰ টকাখিনি নতুন অংশীদাৰে পুৰণি অংশীদাৰবোৰক প্ৰত্যক্ষভাৱে আদায় দিয়ে, তেতিয়া হিচাপৰ বহীত কোনো প্ৰৱিষ্টি দিয়া নহয়। কিন্তু যেতিয়া এই টকাখিনি ফাৰ্মৰ জৰিয়তে আদায় দিয়ে তেতিয়া তলত দিয়া জাবেদা প্রৱিষ্টি দিব লাগে—

বিকল্পৰূপে, ইয়াক নতুন অংশীদাৰৰ মূলধন হিচাপত ক্রেডিট কৰা হয় আৰু পিছত অংশীদাৰবোৰৰ মূলধন হিচাপত তেওঁলোকৰ ত্যাগৰ অনুপাত সংযোজন কৰা হয়। এই ক্ষেত্ৰত তলত দিয়া জাবেদা প্ৰৱিষ্টি দিব লাগে।

যদি অংশীদাৰবোৰে সিদ্ধান্ত লয় যে নতুন অংশীদাৰবোৰৰ মূলধন হিচাপত ক্রেডিট কৰা টকাখিনি তেওঁলোক ব্যৱসায়ত ৰাখি থ’ব, তেতিয়া অতিৰিক্ত জাবেদা প্ৰৱিষ্টি দিয়াৰ প্রয়োজন নহয়। কিন্তু যদি তেওঁলোকে উক্ত টকাখিনি ব্যৱসায়ৰ পৰা উঠাই নিয়াৰ সিদ্ধান্ত লয়। তেতিয়া তলত দিয়া অতিৰিক্ত জাবেদা প্ৰৱিষ্টি দিয়া হ’বঃ

(খ) পুনৰ মূল্যায়ন পদ্ধতিঃ যেতিয়া নতুন অংশীদাৰজনে সুনামৰ টকা নগদ আদায় নিদিয়ে তেতিয়া এই পদ্ধতিটো প্রযোজ্য হয়। এই পদ্ধতিত সুনাম হিচাপ পুৰণি অংশীদাৰবোৰৰ মূলধন হিচাপ তেওঁলোকৰ পুৰণি লাভৰ অনুপাতত ক্রেডিট কৰি হিচাপ বহীত দেখুওৱা হয়। সুনাম হিচাপ হিচাপৰ বহীত দুই ধৰণে দেখুৱাব পাৰি।

(i) নতুন অংশীদাৰ ভৰ্তিৰ সময়ত হিচাপৰ বহীত সুনাম হিচাপ নাথাকিলে। আৰু

(ii) নতুন অংশীদাৰ ভৰ্তিৰ সময়ত হিচাপৰ বহীত সুনাম হিচাপ থাকিলে।

6. যদি অংশীদাৰৰ মূলধন নতুন লাভ বিতৰণ অনুপাতৰ সমানুপাতিক হ’ব লাগে তেন্তে অংশীদাৰৰ মূলধন কেনেকৈ গণনা কৰা হ’ব?

উত্তৰঃ নতুন অংশীদাৰ ভৰ্তিৰ সময়ত অংশীদাৰবোৰ একমত হ’ব পাৰে যে তেওঁলোকৰ মূলধনৰ সংযোজন ঘটাব লাগে যাতে মূলধনৰ পৰিমাণ তেওঁলোকৰ লাভ বিতৰণৰ সমানুপাতিক হয়। তেনে অৱস্থাত যদি নতুন অংশীদাৰজনৰ মূলধনৰ পৰিমাণ উল্লেখ কৰা থাকে তাক পুৰণি অংশীদাৰবোৰৰ নতুন মূলধন নিৰূপণৰ ভিত্তি হিচাপে ব্যৱহাৰ কৰিব পৰা যাব। সুনাম, পুঁজি সম্পত্তি আৰু দেনা সংক্রান্তীয় সকলোবোৰ সংযোজন কৰাৰ পিছত নিৰূপণ কৰি পোৱা মূলধন তেওঁলোকৰ পুৰণি মূলধনৰ লগত তুলনা কৰি চাব লাগে আৰু তাৰ পিছত যাৰ মূলধনৰ ঘাটি হয় তেওঁ সেইখিনি আনিব লাগিব আৰু যাৰ মূলধনৰ ৰাহি হয় তেওঁ এই অতিৰিক্ত মূলধনখিনি উঠাই লৈ যাব লাগিব।

কেতিয়াবা ফাৰ্মৰ মুঠ মূলধনৰ পৰিমাণ স্পষ্টকৈ উল্লেখ থাকিব পাৰে আৰু অংশীদাৰবোৰৰ সন্মতিক্রমে প্রতিজন অংশীদাৰৰ (নতুন অংশীদাৰ সহ) মূলধন তেওঁলোকৰ লাভ-বিতৰণৰ হাৰৰ সমানুপাতিক কৰিব পাৰে। এনে অৱস্থাত প্ৰতিজন অংশীদাৰৰ মূলধন (নতুন অংশীদাৰ্জনে আগবঢ়াবলগীয়া মূলধনসহ) তেওঁৰ লাভৰ অংশৰ ভিত্তিত গণনা কৰা হয়। 

7. অংশীদাৰৰ অন্তৰ্ভূক্তিত সঞ্চিত লাভ-লোকচান আৰু পুঁজিৰ কি ব্যৱস্থা কৰা হয়?

উত্তৰঃ কেতিয়াবা ফাৰ্মত অংশীদাৰৰ মূলধন হিচাপলৈ স্থানান্তৰ নকৰা পুঞ্জীভূত লাভ থাকি যাব পাৰে এই বিলাক সাধাৰণতে সাধাৰণ পুঁজি, সঞ্চিত পুঁজি আৰু বা লাভ-লোকচানৰ উদ্ধৃত্তৰ আকাৰত থাকিব পাৰে। এই পুঞ্জীভূত লাভৰ অংশ নতুন অংশীদাৰে নাপায়। এইবোৰ পূৰণি অংশীদাৰবিলাকৰ মূলধন হিচাপলৈ তেওঁলোকৰ পুৰণি লাভৰ অনুপাতত স্থানান্তৰ কৰিবলাগে। ঠিক সেইদৰে ফাৰ্মৰ উদ্ধৃত পত্ৰত পুঞ্জীভূত লোকচান, লাভ-লোকচান হিচাপৰ ডেবিট উদ্ধৃতৰ আকাৰত থাকিলেও তাক বৰ্তমানৰ অংশীদাৰৰ মূলধন হিচাপলৈ স্থানান্তৰ কৰিব লাগে। অংশীদাৰ ভৰ্তিৰ সময়ত ফাৰ্মৰ হিচাপৰ বহীত কোনো পৰিমাণৰ পুঁজি আৰু অতীত লাভ বা লোকচানৰ পৰিমাণ থকা দেখা পোৱা যায় এইবোৰ পুৰণি অংশীদাৰৰ মূলধন চলিত হিচাপত তেওঁলোকৰ পুৰণি লাভ বিতৰণৰ অনুপাতত স্থানান্তৰ কৰা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top