Class 12 Accountancy Chapter 1 অ-ব্যৱসায়িক সংগঠনৰ হিচাপকৰণ

Class 12 Accountancy Chapter 1 অ-ব্যৱসায়িক সংগঠনৰ হিচাপকৰণ Question Answer in Assamese Medium, AHSEC Class 12 Accountancy Chapter 1 অ-ব্যৱসায়িক সংগঠনৰ হিচাপকৰণ Solutions to each chapter is provided in the list so that you can easily browse throughout different chapters Class 12 Accountancy Chapter 1 অ-ব্যৱসায়িক সংগঠনৰ হিচাপকৰণ Notes and select needs one.

Class 12 Accountancy Chapter 1 অ-ব্যৱসায়িক সংগঠনৰ হিচাপকৰণ

Join Telegram channel

Also, you can read the SCERT book online in these sections Class 12 Accountancy Chapter 1 অ-ব্যৱসায়িক সংগঠনৰ হিচাপকৰণ Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 12 Accountancy Chapter 1 অ-ব্যৱসায়িক সংগঠনৰ হিচাপকৰণ Solutions for All Subjects, You can practice these here.

অ-ব্যৱসায়িক সংগঠনৰ হিচাপকৰণ

ACCOUNTANCY

Chapter: 1

PART – I

I. উদ্দেশ্যধর্মী প্রশ্নঃ

A. তলৰ বিবৃতিসমূহ ‘শুদ্ধ’ নে ‘অশুদ্ধ’ লিখাঃ

(i) ‘প্রাপ্তি-পৰিশোধ (Receipts & Payments) হিচাপ হৈছে নগদ লেনদেনসমূহৰ সংক্ষিপ্ত ৰূপ।

উত্তৰঃ শুদ্ধ।

(ii) ‘প্ৰাপ্তি-পৰিশোধ’ হিচাপ হৈছে ‘খৰচ হিচাপ’ (Expense Account)।

উত্তৰঃ অশুদ্ধ।

(iii) ‘আয় আৰু ব্যয় হিচাপ’ (Income and Expenditure Account) হৈছে ‘দেনা হিচাপ’ (liability Account)।

উত্তৰঃ অশুদ্ধ।

(iv) ‘আয় আৰু ব্যয় হিচাপ’ৰ ক্রেডিট উদ্বৃত্ত্বই আয়তকৈ বেছি ব্যয়ক নির্দেশ কৰে।

উত্তৰঃ অশুদ্ধ।

(v) কোনো অগ্রিম পদত্ত বৰঙনিক মূলধনী প্রাপ্তি বুলি ধৰা হয় আৰু সেয়েহে, উদ্বৃত্ত পত্ৰৰ দেনাৰ দিশত লোৱা হয়।

উত্তৰঃ শুদ্ধ।

(vi) পুৰণি সামগ্রী বিক্ৰীক উদ্বৃত্ত পত্ৰৰ মূলধনী পুঁজিলৈ ক্রেডিট কৰা হয়।

উত্তৰঃ অশুদ্ধ।

(vii) নিৰ্দিষ্ট পুঁজিৰ সৈতে জড়িত আয় আৰু ব্যয়ক ‘আয় ব্যয় হিচাপ’ত স্থান দিয়া নহয়।

উত্তৰঃ শুদ্ধ।

(viii) ‘প্ৰাপ্তি-পৰিশোধ হিচাপ’ত কেৱল মূলধনী প্রাপ্তি আৰু পৰিশোধ দেখুওৱা হয়।

উত্তৰঃ অশুদ্ধ।

(ix) পুৰণি সম্পত্তি বিক্ৰী কৰি পোৱা প্ৰাপ্তিক সদায় আয় বুলি ধৰা হয়।

উত্তৰঃ অশুদ্ধ।

(x) অগ্রিম প্রদত্ত আয় হৈছে দেনা হিচাপ।

উত্তৰঃ শুদ্ধ।

(xi) এখন ‘আয়-ব্যয় হিচাপ’ উদ্বৃত্তৰ সৈতে আৰম্ভ হয়।

উত্তৰঃ অশুদ্ধ।

(xii) অব্যবসায়িক সংগঠনৰ ৰাহি (Surplus) সাধাৰণ পুঁজিৰ পৰা বিয়োগ কৰা হয়।

উত্তৰঃ অশুদ্ধ।

(xiii) ‘প্রাপ্তি-পৰিশোধ হিচাপ’ ‘লাভ-লোকচান হিচাপ’ৰ সৈতে একে।

উত্তৰঃ অশুদ্ধ।

(xiv) নির্দিষ্ট উদ্দেশ্যৰ বাবে লাভ কৰা দান (Donation) সদায়েই মূলধনীকৃত (Capitalised) কৰা হয়।

উত্তৰঃ শুদ্ধ।

(xv) এটা অৱ্যবসায়িক সংগঠনে কেতিয়াও বেচা-কিনা কাম নকৰে।

উত্তৰঃ শুদ্ধ।

(xvi) চৰকাৰে আগবঢ়োৱা পুঁজিৰ পৰা ছাত্ৰ-ছাত্ৰীক দিয়া জলপানি ‘আয়-ব্যয় হিচাপ’ত ডেবিট কৰা হ’ব।

উত্তৰঃ শুদ্ধ।

(xvii) “Institute of Chartered Accountants of India.” হৈছে এটা ‘অব্যৱসায়ীক সংগঠন।

উত্তৰঃ শুদ্ধ।

(xviii) ‘আয়-ব্যয়’ হিচাপ প্রস্তুত কৰোতে অ-নগদ বিষয়সমূহ লোৱা নহয়।

উত্তৰঃ শুদ্ধ।

(xix) যদি আৰম্ভণি মূলধন পুঁজি (Capital Fund) দিয়া নাথাকে, তেন্তে আৰম্ভণি উদ্বৃত্ত পত্ৰ প্ৰস্তুত কৰা হয়।

উত্তৰঃ শুদ্ধ।

(xx) উত্তৰাধিকাৰীসূত্ৰে লাভ কৰা টকা আয়-ব্যয় হিচাপত ক্রেডিট হয়।

উত্তৰঃ অশুদ্ধ।

B. খালী ঠাই পূৰ্ণ কৰাঃ

(i) সাধাৰণতে প্ৰাপ্তি পৰিশোধ হিচাপে _______ ৰে আৰম্ভ হয়।

উত্তৰঃ উদ্বৃত্ত।

(ii) প্ৰাপ্তি পৰিশোধ হিচাপত ______ প্ৰকৃতিৰ লেনদেন সমূহ লিপিবদ্ধ হয়।

উত্তৰঃ ৰাজহ আৰু মূলধন।

(iii) প্রাপ্তি পৰিশোধ হিচাপে ______ ভিত্তিত প্ৰস্তুত কৰা হয়।

উত্তৰঃ নগদ।

(iv) অব্যৱসায়িক সংগঠনৰ আয় আৰু ব্যয় হিচাপ ______ ভিত্তিত প্ৰস্তুত কৰা হয়।

উত্তৰঃ উদ্ভূত।

(vi) এটা প্ৰাপ্তি পৰিশোধ হিচাপে _______ দেখুৱায়। 

উত্তৰঃ সামৰণি উদ্বৃত্ত।

(vi) অগ্রিম প্রদত্ত বৰঙণি হৈছে _______ হিচাপ।

উত্তৰঃ দেনা।

(vii) আয় আৰু ব্যয় হিচাপে _______ প্ৰকৃতিৰ লেনদেন লিপিবদ্ধ কৰে।

উত্তৰঃ ৰাজহ।

(viii) এটা পাবলগীয়া আয় উদ্বৃত্ত পত্ৰৰ _______ দিশত দেখুওৱা হয়।

উত্তৰঃ সম্পত্তি।

(ix) ‘পুঁজি ভিত্তি হিচাপ’ (Fund Based Accounting) _______ সংগঠনে ৰক্ষা কৰে।

উত্তৰঃ অ-ব্যৱসায়িক।

(x) অব্যবসায়িক সংগঠনে _______ হিচাপ প্রস্তুত কৰে। (আয় আৰু ব্যয়/লাভ লোকচান)

উত্তৰঃ আয়-ব্যয়।

(xi) প্রাপ্তি-পৰিশোধ হিচাপত _______ আৰু _______ দেখুওৱা হয়।

উত্তৰঃ নগদ প্রাপ্তি আৰু পৰিশোধ।

(xii) আজীবন ভৰ্ত্তিমাচুল _______ প্রাপ্তি।

উত্তৰঃ মূলধনী।

(xiii) পাবলগীয়া বৰঙণি উদ্ধৃত পত্ৰৰ ______ দিশত বহুওৱা হয়।

উত্তৰঃ সম্পত্তি।

(xiv) আয় আৰু ব্যয় হিচাপৰ ৰাহি মূলধনী পুঁজিৰ ______ হয়। 

উত্তৰঃ সৈতে যোগ।

(xv) যৌতুক পুঁজি (Endowment Fund) হৈছে ______ প্ৰাপ্তি। (ৰাজহ/মূলধনী)

উত্তৰঃ মূলধনী।

C. শুদ্ধ উত্তৰটি বাছি উলিওৱাঃ

(i) অ-ব্যৱসায়িক সংগঠনে _______ প্রস্তুত কৰে।

(a) আয় আৰু ব্যয় হিচাপ।

(b) লাভ-লোকচান হিচাপ।

(c) ক্রয়-বিক্রয় হিচাপ।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (a) আয় আৰু ব্যয় হিচাপ।

(ii) আয়-ব্যয় হিচাপ দেখুৱায়

(a) নগদ জমা।

(b) বেংকত জমা।

(c) ৰাহি বা মাটি।

(d) মূলধন হিচাপ।

উত্তৰঃ (c) ৰাহি বা মাটি।

(iii) অগ্রিম প্রদত্ত বৰঙণি কি হিচাপে ধৰা হয়।

(a) আয়।

(b) সম্পত্তি।

(c) দেনা।

(d) মূলধন।

উত্তৰঃ (c) দেনা।

(iv) বিশেষ উদ্দেশ্যৰ বাবে লাভ কৰা দান

(a) অতিৰিক্ত হিচাপত ক্রেডিট কৰা হ’ব আৰু উদ্ধৃত্ত পত্ৰত দেখুওৱা হয়।

(b) আয়-ব্যয় হিচাপত ক্রেডিট হ’ব।

(c) লিপিবদ্ধ কৰা নহ’ব।

উত্তৰঃ (a) অতিৰিক্ত হিচাপত ক্রেডিট কৰা হ’ব আৰু উদ্ধৃত্ত পত্ৰত দেখুওৱা হয়।

(v) এটা সংঘই আজীবন ভর্তি মাচুল দেখুৱাব—

(a) আয় ব্যয় হিচাপৰ ক্রেডিট দিশত।

(b) উদ্ধৃত্ত পত্ৰৰ দেনাৰ দিশত।

(c) নগদ বহীৰ ক্ৰেডিটত।

উত্তৰঃ (b) উদ্ধৃত্ত পত্ৰৰ দেনাৰ দিশত।

(vi) এটা সংঘই পুৰণি আচবাব বিক্ৰী কৰি পোৱা লাভ দেখুৱাব—

(a) লাভ-লোকচান হিচাপৰ ক্রেডিটত।

(b) আয়-ব্যয় হিচাপৰ ‘আয়’ৰ দিশত।

(c) ‘আয়’ দিশত আৰু উদ্বৃত্ত পত্ৰৰ দেনাৰ দিশত।

উত্তৰঃ (b) আয়-ব্যয় হিচাপৰ আয় ৰ দিশত।

II. চমু প্রশ্নোত্তৰঃ

1. ‘অ-ব্যৱসায়িক সংগঠন’ৰ অৰ্থ লিখা।

উত্তৰঃ যিবোৰ সংগঠন সভ্য তথা জনসাধাৰণক সেৱা কৰিবৰ বাবে গঠিত হয় তেনে প্রতিষ্ঠানকে লাভ অৰ্জনৰ উদ্দেশ্য নথকা প্ৰতিষ্ঠান বুলি কোৱা হয়। এইবোৰৰ প্ৰধান উদ্দেশ্য হ’ল কোনো নির্দিষ্ট শ্ৰেণীক বা জনসাধাৰণৰ সেৱা আগবঢ়োৱা। এনে প্রতিষ্ঠানবোৰৰ ভিতৰত বিদ্যালয়, মহাবিদ্যালয়, ক্লাব, চিকিৎসালয় আদিয়েই প্রধান। এই প্রতিষ্ঠানবোৰৰ লাভ অৰ্জন কৰা উদ্দেশ্য নহয়, সেৱা আগবঢ়োৱাহে মুখ্য উদ্দেশ্য। সভ্যসকলে এনে অনুষ্ঠানৰ পৰা লাভ্যাংশ নাপায়। অনুষ্ঠানৰ কাৰ্যকলাপৰ বাবে উদ্ভৱ হোৱা ৰাহি ধন অনুষ্ঠানৰ উন্নতিৰ হকে ব্যৱহাৰ কৰা হয়।

2. ‘প্ৰাপ্তি-পৰিশোধ হিচাপ’ৰ অৰ্থটো লিখা।

উত্তৰঃ প্রাপ্তি পৰিশোধ হিচাপ, বছৰৰ শেষত নগদ বহীত থকা নগদ প্রাপ্তি আৰু নগদ পৰিশোধৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হয়। উদাহৰণ স্বৰূপে— বছৰটোৰ বিভিন্ন সময়ত পৰিশোধ কৰা দৰমহা, খাজনা, বিজুলী ব্যয় আৰু অন্যান্য ব্যয় আদি নগদ বহীত ক্রেডিট পক্ষত বিভিন্ন তাৰিখত লিখা হয়। সেয়েহে জমা-খৰচৰ হিচাপে বিভিন্ন নগদ প্রাপ্তি আৰু নগদ পৰিশোধৰ সংক্ষিপ্ত ছবি দেখুৱায়। প্রাপ্তি পৰিশোধ হিচাপৰ প্ৰাপ্তিৰ দিশৰ আৰম্ভণি উদ্ধৃত্তই নগদ হাতে জমা / নগদ বেংকত জমা দেখুৱায় আৰু পৰিশোধৰ দিশৰ সামৰণি উদ্ধৃত্তই (ক্রেডিট) বছৰৰ শেষত নগদ হাতে জমা / বেংকত জমা দেখুৱায়।

3. ‘আয়-ব্যয় হিচাপ’ৰ অৰ্থটো লিখা।

উত্তৰঃ অব্যৱসায়ী প্রতিষ্ঠানসমূহে বিত্তীয় বছৰৰ শেষত আয়তকৈ ব্যয়ৰ পৰিমাণ বেছি নে ব্যয়তকৈ আয়ৰ পৰিমাণ বেছি তাক নিৰ্ধাৰণ কৰিবৰ বাবে যি হিচাপ প্ৰস্তুত কৰে তাকে আয়-ব্যয় হিচাপ বোলে। অব্যৱসায়ী প্রতিষ্ঠানসমূহৰ আয় ব্যয় হিচাপ আৰু ব্যৱসায়ী প্ৰতিষ্ঠানৰ লাভ-লোকচান হিচাপ প্ৰায় একে কাৰণ দুয়োটা হিচাপৰ মাজত যথেষ্ট মিল আছে। আয়-ব্যয় হিচাপক দুটা দিশত ভাগ কৰা হয়-বাওঁফালৰ দিশ অৰ্থাৎ ব্যয়ৰ দিশ আৰু সোঁফালৰ দিশ অর্থাৎ ব্যয়ৰ দিশ। ই এটা অবাস্তৱ হিচাপ। অব্যৱসায়ী প্রতিষ্ঠানৰ ই এটা ৰাজস্ব হিচাপ। এই হিচাপত কেৱল চলিত ব্যয় আৰু আয় সমূহহে অন্তৰ্ভুক্ত কৰা হয়।

4. এটা অ-ব্যৱসায়িক সংগঠনে প্রস্তুত কৰা বিত্তীয় বিবৃতিসমূহৰ নাম লিখা।

উত্তৰঃ অ-ব্যৱসায়ীক সংগঠনে প্ৰস্তুত কৰা বিত্তীয় বিবৃতিসমূহ হ’লঃ

(i) প্রাপ্তি-পৰিশোধ হিচাপ।

(ii) আয়-ব্যয় হিচাপ। আৰু

(iii) উদ্ধৃত্ত পত্র।

5. আয়-ব্যয় হিচাপ প্ৰস্তুত কৰা চাৰিটা অনুষ্ঠানৰ নাম লিখা।

উত্তৰঃ সংঘ, শিক্ষানুষ্ঠান, চিকিৎসালয় আৰু দাতব্য অনুষ্ঠান।

6. প্ৰাপ্তি-পৰিশোধ হিচাপ কি।

উত্তৰঃ প্রাপ্তি পৰিশোধ হিচাপ, বছৰৰ শেষত নগদ বহীত থকা নগদ প্রাপ্তি আৰু নগদ পৰিশোধৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হয়। উদাহৰণ স্বৰূপে— বছৰটোৰ বিভিন্ন সময়ত পৰিশোধ কৰা দৰমহা, খাজনা, বিজুলী ব্যয় আৰু অন্যান্য ব্যয় আদি নগদ বহীত ক্রেডিট পক্ষত বিভিন্ন তাৰিখত লিখা হয়। সেয়েহে জমা-খৰচৰ হিচাপে বিভিন্ন নগদ প্রাপ্তি আৰু নগদ পৰিশোধৰ সংক্ষিপ্ত ছবি দেখুৱায়। প্রাপ্তি পৰিশোধ হিচাপৰ প্ৰাপ্তিৰ দিশৰ আৰম্ভণি উদ্ধৃত্তই নগদ হাতে জমা / নগদ বেংকত জমা দেখুৱায় আৰু পৰিশোধৰ দিশৰ সামৰণি উদ্ধৃত্তই (ক্রেডিট) বছৰৰ শেষত নগদ হাতে জমা / বেংকত জমা দেখুৱায়।

7. ‘আয়-ব্যয় হিচাপ’ কি?

উত্তৰঃ অব্যৱসায়ী প্রতিষ্ঠানসমূহে বিত্তীয় বছৰৰ শেষত আয়তকৈ ব্যয়ৰ পৰিমাণ বেছি নে ব্যয়তকৈ আয়ৰ পৰিমাণ বেছি তাক নিৰ্ধাৰণ কৰিবৰ বাবে যি হিচাপ প্ৰস্তুত কৰে তাকে আয়-ব্যয় হিচাপ বোলে। অব্যৱসায়ী প্রতিষ্ঠানসমূহৰ আয় ব্যয় হিচাপ আৰু ব্যৱসায়ী প্ৰতিষ্ঠানৰ লাভ-লোকচান হিচাপ প্ৰায় একে কাৰণ দুয়োটা হিচাপৰ মাজত যথেষ্ট মিল আছে। আয়-ব্যয় হিচাপক দুটা দিশত ভাগ কৰা হয়-বাওঁফালৰ দিশ অৰ্থাৎ ব্যয়ৰ দিশ আৰু সোঁফালৰ দিশ অর্থাৎ ব্যয়ৰ দিশ। ই এটা অবাস্তৱ হিচাপ। অব্যৱসায়ী প্রতিষ্ঠানৰ ই এটা ৰাজস্ব হিচাপ। এই হিচাপত কেৱল চলিত ব্যয় আৰু আয় সমূহহে অন্তৰ্ভুক্ত কৰা হয়।

8. ‘প্ৰাপ্তি-পৰিশোধ হিচাপ’ প্ৰস্তুত কৰাৰ দুটা উদ্দেশ্য লিখা।

উত্তৰঃ ‘প্রাপ্তি-পৰিশোধ হিচাপ’ প্ৰস্তুত কৰাৰ দুটা উদ্দেশ্য হ’লঃ

(i) বিভিন্ন শিতানত হোৱা জমা আৰু খৰচৰ বিষয়ে জানিবলৈ। আৰু

(ii) এই হিচাপৰ পৰা সহজে ‘আয় ব্যয় হিচাপ’ প্ৰস্তুত কৰি উলিয়াবলৈ।

9. ‘প্ৰাপ্তি-পৰিশোধ হিচাপ’আৰু ‘আয়-ব্যয় হিচাপ’ৰ মাজত থকা দুটা পার্থক্য উল্লেখ কৰা।

উত্তৰঃ প্রাপ্তি-পৰিশোধ হিচাপ আৰু আয়-ব্যয় হিচাপৰ মাজৰ পাৰ্থক্যবোৰ তালিকা আকাৰত তলত দেখুওৱা হ’লঃ

পাৰ্থক্যৰ ভিত্তিআয়-ব্যয় হিচাপপ্ৰাপ্তি পৰিশোধ হিচাপ
(ক) প্রকৃতি(ক) ইলাভ-লোকচান হিচাপৰ(ক) ইনগদ সংক্ষিপ্ত টোকা
(খ) বিষয়ৰ প্ৰকৃতি(খ) ইয়াত কেৱল ৰাজহ জাতীয় আয়-ব্যয়বোৰছে লিখে।(খ) ইয়াত ৰাজহ আৰু মূলধনী দুয়োটাই ধৰনৰ প্ৰাপ্তি আৰু পৰিশোধ লিখা হয়।

10. ‘প্ৰাপ্তি-পৰিশোধ হিচাপ’ৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ প্ৰাপ্তি-পৰিশোধ হিচাপৰ বৈশিষ্টসমূহ হ’লঃ

(ক) ই নগদ বহীৰ সংক্ষিপ্ত টোকা। প্রাপ্তিবোৰ ডেবিট পক্ষত আৰু পৰিশোধবোৰ ক্রেডিট পক্ষত লিখা হয়।

(খ) ইয়াত কোনো ধৰণৰ সময় বা কাল বিবেচনা নকৰি সকলো ধৰণৰ নগদ প্ৰাপ্তি পৰিশোধৰ মুঠ পৰিমাণ ইয়াত উল্লেখ কৰা হয়।

11. ‘অ-ব্যৱসায়িক সংগঠনৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ লাভ আৰ্জনৰ উদ্দেশ্য নথকা প্ৰতিষ্ঠানৰ (বা অব্যবসায়ী প্রতিষ্ঠানৰ) দুটা বৈশিষ্ট্যঃ

(ক) স্বেচ্ছামূলক সংগঠনঃ এনে প্রতিষ্ঠানসমূহ সাধাৰণতে একে প্ৰকৃতিৰ বা একে ঠাইৰ ব্যক্তিৰ দ্বাৰা গঠিত স্বেচ্ছামূলক সংগঠন।

(খ) সেৱাৰ উদ্দেশ্যঃ এনে প্ৰতিষ্ঠানৰ লাভ অৰ্জন কৰা উদ্দেশ্য নহয়; সভ্য তথা জাসাধাৰণক সেৱা আগবঢ়োৱাহে মুখ্য উদ্দেশ্য। এনে অনুষ্ঠানবোৰে সভ্যসকলক আৰু জনসাধাৰণক সাংস্কৃতিক, খেলা-ধূলা, চিকিৎসা, আদিৰ সুবিধা প্ৰদান কৰে।

12. ‘প্ৰাপ্তি-পৰিশোধ হিচাপ’ কি ভিত্তিত প্ৰস্তুত কৰা হয়?

উত্তৰঃ ‘প্ৰাপ্তি-পৰিশোধ হিচাপ’ ‘নগদ’ ভিত্তিত প্ৰস্তুত কৰা হয়।

13. ‘প্ৰাপ্তি-পৰিশোধ হিচাপ’ প্ৰস্তুত কৰাৰ তিনিটা উদ্দেশ্য লিখা।

উত্তৰঃ ‘প্রাপ্তি-পৰিশোধ হিচাপ’ৰ তিনিটা উদ্দেশ্য হলঃ

(i) সংগঠনটোৰ বিভিন্ন শিতানত হোৱা জমা আৰু খৰচৰ বিষয়ে জানিবলৈ।

(ii) সংগঠনটোৰ আয়-ব্যয় হিচাপ প্ৰস্তুত কৰিবলৈ।

(iii) নগদ বহীৰ দৰে এই হিচাপৰ পৰা সম্পর্কিত হিচাপসমূহৰ বাবে পৃথক হিচাপ খতিয়ান বহীত কৰিবলৈ।

14. ‘প্রাপ্তি-পৰিশোধ হিচাপ’ৰ দুটা সীমাবদ্ধতা উল্লেখ কৰা।

উত্তৰঃ ‘প্রাপ্তি পৰিশোধ হিচাপ’ৰ দুটা সীমাবদ্ধতা হলঃ

(i) ইয়াৰ পৰা আমি চলিত বৰ্ষৰ আয় আৰু ব্যয়ৰ বিষয়ে জানিব নোৱাৰো।

(ii) ইয়াৰ পৰা উদ্ধৃত্ত পত্ৰ প্ৰস্তুত কৰিব নোৱাৰি।

15. ‘পুঁজি ভিত্তিক হিচাপকৰণ’ কি?

উত্তৰঃ অব্যৱসায়ী প্রতিষ্ঠানসমূহে সভ্য তথা জনসাধাৰণৰ বিশেষ প্রয়োজনীয়তা পূৰণাৰ্থে বহুতো বিশেষ পুঁজি যেনে— খেলা-ধূলা পুঁজি, দান পুঁজি, পুৰস্কাৰ বা বঁটা পুঁজি, ভৱন পুঁজি, আদি গঠন কৰে। পুঁজি ভিত্তিক হিচাপকৰণ হ’ল এক হিচাপৰক্ষণ কৌশল বা পদ্ধতি যাৰদ্বাৰা বিশেষ উদ্দেশ্যত প্ৰতিটো প্ৰাপ্তিৰ বাবে সম্পত্তি, দেনা, আয়, ব্যয় আৰু পুঁজিৰ ৰাহি হিচাপ পৃথকে ৰখা হয়। উদাহৰণস্বৰূপে, ভৱন নিৰ্মাণৰ উদ্দেশ্যে কোনো বিশেষ পুঁজি গঠন কৰিলে সেই পুঁজিৰ বাবদ প্রাপ্ত সকলো আয় আৰু আদায় দিয়া সকলো ব্যয় সেই পুঁজিলৈ স্থানান্তৰ কৰা হয়। এনে আয় বা ব্যয় হিচাপত দেখুওৱা নহয়।

16. ‘মূলধনী পুঁজি’ কি?

উত্তৰঃ এটা নিৰ্দিষ্ট বছৰৰ অন্তত প্ৰস্তুত কৰা অব্যৱসায়ী প্ৰতিষ্ঠানৰ উদ্ধৃত্তপত্ৰৰ সম্পত্তি আৰু দেনাৰ পাৰ্থক্যকে ‘মূলধন পুঁজি’ নামেৰে জনা যায়। অব্যৱসায়ী প্রতিষ্ঠানবিলাকৰ কোনো মূলধন হিচাপ নাথাকে। আয়-বায় হিচাপৰ সামৰণী উদ্ধৃত্ত অর্থাৎ ব্যয়ৰ ওপৰত আয়ৰ ৰাহি উদ্ধৃত্ত বা আয়ৰ ওপৰত ব্যয়ৰ ঘাটি উদ্ধৃত্ত প্রত্যেক বছৰে মূলধন পুঁজিলৈ স্থানান্তৰ কৰা হয়। মূলধন পুঁজিক সাধাৰণ পুঁজিৰ বাহিৰেও অব্যৱসায়ী প্রতিষ্ঠানে কোনো বিশেষ উদ্দেশ্যত বিশেষ পুঁজিৰ সৃষ্টি কৰিব পাৰে।

17. চমুটোকা লিখাঃ

(a) ভর্তি মাছুল।

উত্তৰঃ ভর্তি মাচুলঃ কোনো ব্যক্তি নতুনকৈ প্ৰতিষ্ঠানৰ সভ্য হবৰ বাবে ভর্তি মাচুল দিব লাগে। ভর্তি মাচুল মূলধনীকৰণৰ সপক্ষে যুক্তি আগবঢ়ায়; কিয়নো ই অপৌনঃপুনিক। এজন সভ্যই মাত্ৰ এবাৰহে এনে মাচুল দিয়ে। অপৌনঃপুনিক হিচাপে ধৰিলে উদ্ধৃত্তপত্ৰৰ মূলধন পুঁজিৰ লগত যোগ কৰিব লাগে। কিন্তু কিছুমানে ভর্তি মাচুল আয় হিচাপে ধৰাৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰে। তেওঁলোকৰ মতে প্রতিষ্ঠানলৈ প্ৰত্যেক বছৰেই বহুত সভ্য ভর্তি হ’ব পাৰে। সেয়ে এনে মাচুল পৌনঃপুনিক। পৌনঃপুনিক হিচাপে ধৰিলে আয়-ব্যয় হিচপৰ ক্রেডিটৰ ফালে লিখিব লাগেথ গতিকে ভর্তি মাচুল কি হিচাপে বিবেচনা কৰা হৈছে সেই বিষয়ে দ্রষ্টব্য দাঙি ধৰিব লাগে।

(b) আজীবন সদস্য মাচুল।

উত্তৰঃ আজীবন সদস্য মাচুলঃ আজীৱন সভ্যত্ব মাচুল বুলিলে সম্পূৰ্ণ জীৱনৰ বাবে সভ্য হ’বলৈ কোনো ব্যক্তিয়ে একেবাৰতে প্ৰদান কৰা ধনৰ পৰিমাণকে বুজা যায়। এনে সভ্যই মাহেকীয়া বা বছৰেকীয়া সভ্যত্ব মাচুলৰ বিকল্পহে মাথোন, সেয়ে ইয়াক ‘বিশেষ পুঁজিত ক্রেডিট কৰা উচিত আৰু এটা নিৰ্দিষ্ট অংশ উদ্ধৃত্তপত্ৰৰ দেনা দিশত দেখুৱাব লাগে। যদি বছৰেকীয়া আয়-ব্যয় হিচাপত ধার্য কৰিবলগীয়া ধনৰ পৰিমাণৰ কোনো নির্দেশ নাথাকে, তেনেক্ষেত্ৰত আটাইখিনি আজীৱন সভ্যত্ব মাচুলৰ ধন উদ্ধৃত্ত পত্ৰৰ দেনা দিশত দেখুৱাব লাগে।

(c) দান।

উত্তৰঃ দানঃ দান হ’ল সভা বা জনসাধাৰণৰ পৰা নগদ ধন বা সম্পত্তিৰ ৰূপত অব্যৱসায়ী প্রতিষ্ঠানসমূহে পোৱা একপ্ৰকাৰ উপহাৰ। দান যেতিয়া নগদ ধন হিচাপে পোৱা যায় তেতিয়া ইয়াক ‘জমা-খৰছ হিচাপত’ জমা (Receipts) ফালে লিখিব লাগে।

(d) নির্দিষ্ট উদ্দেশ্যৰ বাবে দান।

উত্তৰঃ নির্দিষ্ট উদ্দেশ্যৰ বাবে দানঃ যেতিয়া নির্দিষ্ট উদ্দেশ্যৰ বাবে দান পোৱা হয় ইয়াক মূলধর্মী কৰা হয় আৰু উদ্ধৃত্তপত্ৰৰ দেনাৰ ফালে দেখুওৱা হয়। এনেকুৱা দানৰ পৰিমাণ কম বা বেছি হ’লেও হিচাপ কৰাত উপৰোক্ত নীতিকেই অৱলম্বন কৰা হয়।

III. চমু প্রশ্নোত্তৰঃ

1. ব্যৱসায়িক আৰু অ-ব্যৱসায়িক সংগঠনৰ পাৰ্থক্যসমূহ লিখা।

উত্তৰঃ ব্যৱসায়ী প্রতিষ্ঠান (বা লাভৰ উদ্দেশ্য থকা প্ৰতিষ্ঠান) আৰু অব্যৱসায়ী প্ৰতিষ্ঠানৰ (বা লাভৰ উদ্দেশ্য নথকা প্ৰতিষ্ঠানৰ) মাজত থকা চাৰিটা পাৰ্থক্যঃ

ভিত্তিব্যবসায়ী প্রতিষ্ঠানঅব্যবসায়ী প্রতিষ্ঠান
১। মূল কামইয়াৰ মূল কাম হ’ল বস্তুৰ ক্ৰয় আৰু বিক্ৰয়।ইয়াৰ মূল কাম হ’ল সভ্য আৰু জনসাধাৰণৰ কল্যাণৰ বাবে সেৱা আগবঢ়োৱা।
২। উদ্দেশ্যলাভ অর্জনেই হ’ল এনে প্ৰতিষ্ঠানৰ উদ্দেশ্য।লাভ অর্জন এনে প্রতিষ্ঠানৰ উদ্দেশ্য নহয়। সভ্য আৰু জনসাধাৰণক সেৱা আগবঢ়োৱাহে মুখ্য উদ্দেশ্য।
৩। কার্যকলাপৰ ফলাফলএনে প্ৰতিষ্ঠানৰ কাৰ্যকলাপৰ বিত্তীয় ফলাফলক প্রকৃত লাভ বা প্ৰকৃত লোকচান বুলি কোৱা হয়।এনে প্ৰতিষ্ঠানৰ কাৰ্যকলাপৰ বিত্তীয় ফলাফলক ৰাহি বা ঘাটি বুলি কোৱা হয়।
৪। হিচাপকৰণৰ বিবৃতিএনে প্রতিষ্ঠানে নির্দিষ্ট বছৰৰ শেষত উৎপাদন হিচাপে, ক্রয়-বিক্রয় হিচাপ, লাভ-লোকচান হিচাপে আৰু উদ্ধৃত্তপত্র প্রস্তুত কৰে।এনে প্রতিষ্ঠানে নির্দিষ্ট বছৰৰ শেষত জমা খৰছ হিচাপ, আয়-ব্যয় হিচাপ আৰু উদ্ধৃত্ত পত্ৰ প্ৰস্তুত কৰে।

2. ‘প্ৰাপ্তি পৰিশোধ হিচাপ’ কি? ইয়াৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ অব্যৱসায়িক প্রতিষ্ঠানসমূহৰ এটা নিৰ্দিষ্ট সময়ৰ নগদ লেনদেনসমূহৰ সংক্ষিপ্ত বিৱৰণকে জমা-খৰছ হিচাপ বোলে। ই এটা বাস্তৱ হিচাপ। ই নগদ বহীৰ সংক্ষিপ্ত বিৱৰণ। হিচাপকৰণৰ নগদ পদ্ধতিত ইয়াক ৰখা হয়।

(ক) নগদ লেনদেনৰ সাৰাংশঃ ই নগদ বহীৰ দৰে য’ত ত’ত নগদ প্রাপ্তিসমূহ বাওঁফালে বা ডেবিটফালে আৰু নগদ ব্যয়সমূহ সোঁফালে বা ক্রেডিটফালে দেখুওৱা হয়। পার্থক্য এইখিনিতেই যে ইয়াত মাত্ৰ নগদ হিচাপসমূহৰ সংক্ষিপ্ত বিৱৰণীহে দিয়া হয়।

(খ) বাস্তৱ হিচাপঃ জমা-খৰছ হিচাপ এটা বাস্তৱ হিচাপ কিন্তু ই দ্বি-প্রবিষ্টি পদ্ধতিৰ এটা অংশ নহয়৷

3. ‘প্ৰাপ্তি-পৰিশোধ হিচাপ’ কিয় আৰু কেনেকৈ প্ৰস্তুত কৰা হয়?

উত্তৰঃ অব্যৱসায়িক প্রতিষ্ঠানসমূহ যেনে— ক্লাৱ, চিকিৎসালয়, শিক্ষানুষ্ঠান, ধর্মীয় আৰু দাতব্য অনুষ্ঠানসমূহ ইত্যাদিয়ে প্রাপ্তি আৰু খৰছৰ বিশদ বিৱৰণ আৰু এটা নিৰ্দিষ্ট সময়ৰ অন্তত বিত্তীয় অৱস্থা জনাবলৈ উপযুক্ত হিচাপ ৰখাৰ প্ৰয়োজন হয়। হিচাপকৰণৰ এই প্ৰয়োজনীয়তাৰ বাবে এনে অনুষ্ঠানসমূহে এটা নিৰ্দিষ্ট সময়ৰ অন্তত প্ৰথমতে জমা-খৰছ হিচাপ তৈয়াৰ কৰে। বিভিন্ন শিতানত, এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত কিমান ধন পোৱা বা দিয়া হ’ল আৰু নিৰ্দিষ্ট সময়ৰ অন্তত ৰাহি কিমান থাকিল জানিবৰ বাবে এই হিচাপ প্ৰস্তুত কৰা হয়। আন কথাত, বিত্তীয় বছৰৰ শেষত বেংকত বা হাতত জমা সামৰণি উদ্বৃত্তৰ পৰিমাণ নিৰ্ধাৰণ কৰাটো এই হিচাপৰ মূল লক্ষ্য।

এই হিচাপ নগদ বহীৰ আৰ্হিত প্রস্তুত করা হয়। এই হিচাপৰ ডেবিট পক্ষত আৰম্ভণি নগত হাতে জমা বা বেংকত জমাৰ পৰিমাণ দেখুওঁৱা হয় আৰু নগত বা চেকযোগে পোৱা ধনৰ হিচাপ লিখা হয়। সেইদৰে ক্রেডিট পক্ষত নগদ বা চেকযোগে খৰচ কৰা ধনৰ হিচাপ লিখা হয়। চলিত বিত্তীয় বছৰৰ ভিতৰত যদি আগৰ বিত্তীয় বছৰ বা ভৱিষ্যৎ বিত্তীয় বছৰৰ লগত সম্পর্ক থকা কোনো লেনদেন সংঘটিত হয়, তেন্তে তেনে লেনদেনসমূহো এই হিচাপত ধৰা হয়। ৰাজস্ব আৰু মূলধন জাতীয় লেনদেনৰ মাজত কোনো বিভেদ নাৰাখি সকলোবোৰ নগদ লেনদেন এই হিচাপত লিখি ৰখা হয়। নগদ লেনদেনৰ সংক্ষিপ্ত বিৱৰণী হোৱা বাবে এই হিচপত বাকী থকা আয় বা খৰছ দেখুওৱা নহয়।

4. ‘প্ৰাপ্তি-পৰিশোধ হিচাপ’ আৰু ‘আয় ব্যয় হিচাপ’ৰ পাঁচটা পার্থক্য লেখা।

উত্তৰঃ জমা-খৰছৰ হিচাপ আৰু আয়-ব্যয় হিচাপৰ মাজত থকা পার্থক্যঃ

ভিত্তিজমা-খৰছৰ হিচাপআয়-ব্যয়ৰ হিচাপ
১। হিচাপৰ প্রকৃতিএইটো এটা বাস্তৱ হিচাপ।এইটা এটা অবাস্তৱ হিচাপ।
২। উদ্দেশ্য এই হিচাপ কোনো অব্যৱসায়ী প্ৰতিষ্ঠানৰ কোনো বিত্তীয় বছৰৰ ভিতৰত সংঘটিত হোৱা নগদ লেনদেনসমূহৰ সংক্ষিপ্ত বিৱৰণী মাত্ৰ আৰু ইয়াৰ উদ্দেশ্য হ’ল সামৰণী উদ্ধৃত্তৰ দ্বাৰা নগদ হাতে জমা বা বেংগত থকা জমাৰ পৰিমাণ দেখুওৱা।এই হিচাপৰ দ্বাৰা কোনো অব্যৱসায়ী প্রতিষ্ঠানৰ কোনো বিত্তীয় বছৰৰ অন্তত আয়তকৈ ব্যয়ৰ পৰিমাণ কিমান বেছি বা ব্যয়তকৈ আয়ৰ পৰিমাণ কিমান বেছি বা ব্যয়তকৈ আয়ৰ পৰিমাণ কিমান বেছি সেয়া নিৰ্ধাৰণ কৰাই হ’ল ইয়াৰ উদ্দেশ্য।
৩। লেনদেনএই হিচাপত মূলধনী আৰু ৰাজহ জতীয় লেনদেনৰ কোনো পার্থক্য ৰখা নহয়। ইয়াত দুয়োবিধেই অন্তর্ভুক্ত কৰা হয়।এই হিচাপত কেৱল মাত্র চলিত আয়-ব্যয় সম্পৰ্কীয় লেনদেন সমূহহে অন্তৰ্ভুক্ত কৰা হয়। মূলধনী আয়-ব্যয়সমূহ এনে হিচাপত দেখুওৱা নহয়।
৪। হিচাপৰ ভিত্তিএই হিচাপত চলিত বছৰত প্ৰদান কৰা বা পোৱা নগদ লেনদেনসমূহহে লিপিবদ্ধ কৰা হয়। ইয়াত পাবলগীয়া বা দিবলগীয়া কোনো লেনদেন দেখুওৱা নহয়।ইয়াত কেৱল চলিত বছৰৰ প্রদত্ত আৰু অপ্রদত্ত ব্যয় আৰু প্রাপ্ত আৰু প্ৰাপ্য সকলোবোৰ চলিত আয় দেখুওৱা হয়। অর্থাৎ পাবলগীয়া বা দিবলগীয়া লেনদেনসমূহো ইয়াত দেখুওৱা হয়।
৫। দিশনগদ প্রাপ্তিসমূহ এই হিচাপৰ বাওঁ দিশত অর্থাৎ ডেবিট দিশত আৰু নগদ খৰছসমূহ সোঁ দিশত অর্থাৎ ক্রেডিট দিশত দেখুওৱা হয়।এই হিচাপত সকলোবোৰ খৰছ বাওঁ দিশত অর্থাৎ ডেবিট দিশত আৰু সকলোবোৰ আয় সোঁ দিশত অর্থাৎ ক্রেডিট দিশত দেখুওৱা হয়।

৫। ‘প্ৰাপ্তি-পৰিশোধ হিচাপ’ৰ পাঁচটা বৈশিষ্ট্য লিখা।

উত্তৰঃ প্রাপ্তি-পৰিশোধ হিচাপৰ বৈশিষ্টসমূহ হ’লঃ

(ক) ই নগদ বহীৰ সংক্ষিপ্ত টোকা। প্রাপ্তিবোৰ ডেবিট পক্ষত আৰু পৰিশোধবোৰ ক্রেডিট পক্ষত লিখা হয়।

(খ) ইয়াত কোনো ধৰণৰ সময় বা কাল বিবেচনা নকৰি সকলো ধৰণৰ নগদ প্রাপ্তি পৰিশোধৰ মুঠ পৰিমাণ ইয়াত উল্লেখ কৰা হয়।

(গ) মূলধনী বা ৰাজহ প্ৰকৃতি যি ধৰণৰেই নহওক কিয় সকলো নগদ প্রাপ্তি আৰু পৰিশোধবোৰ ইয়াত লিখা হয়।

(ঘ) প্ৰাপ্তি আৰু পৰিশোধৰ মুঠ পৰিমাণটো ইয়াত দেখুওৱা হয় কিন্তু নগদ বা বেংক যি পৰিশোধ / প্রাপ্তি নহওক তাৰ মাজত কোনো পার্থক্য নাই।

(ঙ) কোনো আন-নগদ বিষয়, যেনে-অৱক্ষয়, অপ্রদত্ত ব্যয়, উদ্ভূত ব্যয় আদি এই হিচাপত উল্লেখ কৰা নহয়।

(চ) এই হিচাপৰ সামৰণি উদ্ধৃত্তৰ (মুঠ প্রাপ্তি আৰু পৰিশোধৰ মাজৰ পাৰ্থক্য) যদিহে বেংক অভাৰ ড্ৰাফট নাথাকে, নগদ হাতে জমা আৰু নগদ বেংকত জমাই ডেবিট উদ্ধৃত্ত বুজায়।

6. ‘আয় ব্যয় হিচাপ’ৰ পাঁচটা বৈশিষ্ট্য লিখা।

উত্তৰঃ আয়-ব্যয় হিচাপৰ মুখ্য বৈশিষ্ট্যসমূহ হ’লঃ

(ক) অবাস্তৱ হিচাপঃ আয়-ব্যয় হিচাপ অব্যৱসায়ী প্রতিষ্ঠানসমূহে এটা নির্দিষ্ট সময়ৰ শেষত প্ৰস্তুত কৰা এটা অবাস্তৱ হিচাপ।

(খ) ৰাজস্ব হিচাপঃ এই হিচাপত মাথো ৰাজস্ব হিচাপসমূহহে লিপিবদ্ধ কৰা হয়। অর্থাৎ কোনো এক নিৰ্দিষ্ট বছৰৰ প্ৰাপ্ত আয়, প্রাপ্য আয়, প্রদত্ত ব্যয় আৰু অপ্রদত্ত ব্যয়সমূহহে ইয়াত লিপিবদ্ধ কৰা হয়।

(গ) মূলধনী আয়-ব্যয়ঃ ইয়াক মূলধনী আয়-ব্যয়সমূহ অন্তর্ভুক্ত কৰা নহয়। বিত্তীয় বছৰৰ বাহিৰে আগৰ বা পিছৰ বছৰৰ কোনো আয় বা ব্যয় ইয়াত অন্তর্ভুক্ত নহয়।

(ঘ) সামৰণী উদ্ধৃত্তঃ এই হিচাপৰ সামৰণী উদ্ধৃত্তই আয়তকৈ ব্যয়ৰ পৰিমাণ কিমান বেছি বা ব্যয়তকৈ আয়ৰ পৰিমাণ কিমান বেছি, তাক নির্ণয় কৰে।

(ঙ) মলধন পুঁজিঃ এই হিচাপৰ সামৰণী উদ্ধৃত্ত অর্থাৎ ৰাহি বা ঘাটি উদ্ধৃত্তপত্ৰত দেখুওৱাব লগা মূলধন পুঁজিলৈ স্থানান্তৰ কৰা হয়।

7. তলত দিয়া পদবোৰ আয়-ব্যয় হিচাপ প্ৰস্তুত কৰাৰ সময়ত কেনেদৰে দেখুওৱা হ’ব?

(ক) পুৰণি স্থায়ী সম্পত্তিৰ বিক্ৰীমূল্য।

উত্তৰঃ পুৰণি স্থায়ী সম্পত্তিৰ বিক্ৰীমূল্যঃ পুৰণি স্থায়ী সম্পত্তি বিক্ৰীৰ ফলত লাভ হ’লে লাভৰ পৰিমাপখিনি আয়-ব্যয় হিচাপৰ ক্রেডিট ফালে লিখিব লাগে আৰু লোকচান হ’লে লোকচানখিনি ডেবিটফালে লিখিব লাগে। বিক্রীত সামগ্ৰীৰ বহীমূল্য (Book value) উদ্ধৃত্তপত্ৰৰ সম্পত্তি ফালে নির্দিষ্ট সম্পত্তিৰ পৰা বিয়োগ কৰিব লাগে।

(খ) পুৰণি খেল সামগ্ৰীৰ বিক্ৰীমূল্য।

উত্তৰঃ পুৰণি খেল সামগ্ৰীৰ বিক্ৰীমূল্যঃ পুৰণি খেল সামগ্ৰী অৰ্থাৎ পুৰণি বেট, নেট, আদি বিক্ৰী কৰি যি মূল্য পোৱা যায় সেয়া ৰাজস্ব আয় হিচাপে ধৰা হয় আৰু আয়-ব্যয় হিচাপৰ ক্রেডিট ফালে লিখিব লাগে।

8. পুঁজি ভিত্তিক হিচাপকৰণ’ৰ বৈশিষ্ট্যসমূহ লিখা।

উত্তৰঃ পুঁজি ভিত্তিক হিচাকৰণৰ বৈশিষ্ট্যঃ

(ক) অব্যৱসায়ী প্রতিষ্ঠানসমূহৰ প্ৰাপ্ত বিত্তত সংলগ্ন সীমাবদ্ধতা সহিতে দান, সাহাৰ্য আদি অন্তর্গত। সেই কাৰণে প্ৰতিষ্ঠানসমূহে এনে পুঁজিৰ ধন নিজৰ ইচ্ছা অনুযায়ী ব্যৱহাৰ কৰিব নোৱাৰে।

(খ) আইনসংগতভাৱে সীমাবদ্ধতা থকা কোনো পুঁজি পালে, প্রতিষ্ঠানটোৱে এটা নিয়ন্ত্রিত বা সীমাবদ্ধ পুঁজি গঠন কৰিব লাগিবই।

(গ) প্ৰতিটো পুঁজিৰ বাবে পৃথক হিচাপ ৰখা হয়।

9. তলৰ পদসমূহ অ-ব্যৱসায়িক সংগঠনৰ ক্ষেত্ৰত কেনেদৰে দেখুৱা?

(i) নির্দিষ্ট দান।

(ii) উত্তৰাধিকাৰ দান।

উত্তৰঃ (i) যেতিয়া নিৰ্দিষ্ট উদ্দেশ্যৰ বাবে দান পোৱা হয় ইয়াক মূলধমী কৰা হয় আৰু উদ্ধৃত্তপত্ৰৰ দেনাৰ ফালে দেখুওৱা হয়। এনেকুৱা দানৰ পৰিমাণ কম বা বেছি হ’লেও হিচাপ কৰাত উপৰোক্ত নীতিকেই অৱলম্বন কৰা হয়।

(ii) অব্যৱসায়ী প্রতিষ্ঠানসমূহে দান হিচাপে কোনো ব্যক্তিৰ পৰা নগদ ধন বা সম্পত্তি পাব পাৰে। দাতাৰ ইচ্ছানুসৰি অব্যৱসায়ী প্রতিষ্ঠানসমূহক এনে ধন বা সম্পত্তি দিয়া হয়, যেতিয়া নগদ ধন উত্তৰাধিকাৰী সূত্রে পোৱা হয়, তেতিয়া ইয়াৰ ‘জমা-খৰছ হিচাপ’ৰ জমা (Receipts) দিশত লিখিব লাগে। ই অপৌনঃপুনিক প্ৰকৃতিৰ বাবে ইয়াক মূলধনীয় প্রাপ্তি হিচাপে ধৰা হয় আৰু উদ্বৃত্ত পত্ৰত মূলধনী পুঁজিৰ লগত যোগ কৰা হয়।

IV. ৰচনাধৰ্মী প্রশ্নোত্তৰঃ

1. ‘প্ৰাপ্তি-পৰিশোধ হিচাপ’ আৰু ‘আয়-ব্যয় হিচাপ’ৰ পাৰ্থক্যসমূহ লিখা।

উত্তৰঃ প্রাপ্তি-পৰিশোধ হিচাপ আৰু আয়-ব্যয় হিচাপৰ মাজৰ পাৰ্থক্যবোৰ তালিকা আকাৰত তলত দেখুওৱা হ’ল—

পার্থক্যৰ ভিত্তিআয়-ব্যয় হিচাপপ্ৰাপ্তি পৰিশোধ হিচাপ
(ক) প্রকৃতি(ক) ইলাভ-লোকচান হিচাপৰ দৰে(ক) ই নগদ সংক্ষিপ্ত টোকা।
(খ) বিষয়ৰ প্ৰকৃতি(খ) ইয়াত কেৱল ৰাজহ জাতীয় আয়-ব্যয়বোৰহেলিখে।(খ) ইয়াত ৰাজহ আৰু মূলধনী দুয়োটাই ধৰনৰ প্ৰাপ্তি আৰু পৰিশোধ লিখা হয়।
(গ) সময়(গ) আয়-ব্যয় হিচাপ কেৱল চলিত সময়ৰ লগত জড়িত(গ) প্রাপ্তি-পৰিশোধ হিচাপ, চলিত বৰ্ষৰ উপৰি আগৰ আৰু পাছৰ বছৰৰ লগত জড়িত হ’ব পাৰে।
(ঘ) ডেবিট দিশ(ঘ) এই হিচাপৰ ডেবিট দিশত ব্যয় বা লোকচানবোৰ দেখুওৱা হয়। (ঘ) এই হিচাপত সকলো প্রাপ্তিবোৰ ক্রেডিট দিশত দেখুৱা হয়।
(ঙ) ক্রেডিট দিশ(ঙ) এই হিচাপৰ ক্ৰেডিট দিশত আয় বা লাভবোৰ দেখুওৱা হয়।(ঙ) এই হিচাপত সকলো পৰিশোধবোৰ ক্রেডিট দিশত দেখুওৱা হয়।
(চ) অৱক্ষয়(চ) ইয়াত অৱক্ষয় ধৰা হয়(চ) ইয়াত অৱক্ষয় ধৰা নহয়।
(ছ) আৰম্ভণি উদ্বৃত্ত(ছ) কোনো আৰম্ভণি উদ্ধৃত নাথাকে(ছ) সামৰণি উদ্বৃত্তই নগদ হাতে জমাবা বেংকত জমা দেখুৱাই।

2. এটা হিচাপীয় বৰ্ষৰ শেষত বিত্তীয় ফলাফলৰ বাবে অ- ব্যৱসায়িক সংগঠনে কি কি হিচাপ প্রস্তুত কৰে?

উত্তৰঃ প্ৰতিটো হিচাপ কালৰ অন্তত বিত্তীয় ফলাফল নিৰ্ধাৰণ কৰাৰ বাবে লাভ অৰ্জনৰ উদ্দেশ্য নথকা প্রতিষ্ঠানসমূহে সাধাৰণতে তলত দিয়া হিচাপসমূহ প্ৰস্তুত কৰে।

(ক) জমা-খৰছ হিচাপঃ অব্যৱসায়ী প্ৰতিষ্ঠানৰ কোনো বিত্তীয় বছৰৰ ভিতৰত সংঘটিত হোৱা নগদ লেনদেনবোৰৰ সংক্ষিপ্ত বিৱৰণীকে জমা-খৰছ হিচাপ বোলে।

(খ) আয়-ব্যয় হিচাপঃ অব্যৱসায়ী প্রতিষ্ঠানৰ কোনো বিত্তীয় বছৰৰ শেষত আয়তকৈ ব্যয়ৰ পৰিমাণ কিমান বেছি বা ব্যয়তকৈ আয়ৰ পৰিমাণ কিমান বেছি তাক নিৰ্ধাৰণ কৰিবৰ বাবে যি হিচাপ প্ৰস্তুত কৰা হয় তাকে আয়-ব্যয় হিচাপ বোলে।

(গ) উদ্ধৃত্তপত্রঃ অব্যৱসায়ী প্রতিষ্ঠানৰ কোনো বিত্তীয় বছৰৰ শেষত বিত্তীয় অৱস্থা জানিবলৈ ব্যৱসায়ী প্রতিষ্ঠানৰ দৰেই উদ্ধৃত্তপত্ৰ তৈয়াৰ কৰা হয়। ইয়াত প্ৰতিষ্ঠানৰ সকলো দেনা আৰু সম্পত্তি সামৰি লোৱা হয়।

3. এটা অ-ব্যবসায়িক সংগঠনে প্রস্তুত কৰা ‘আয়-ব্যয় হিচাপ’ আৰু ‘উদ্ধৃত্ত পত্ৰ’ত তলত দিয়া পদসমূহ কেনেদৰে দেখুওৱা?

(ক) উত্তৰাধিকাৰ।

(খ) দান।

(গ) পুৰণি বাতৰি কাকত বিক্ৰী।

(ঘ) আজীবন সদস্য ভর্তি মাচুল।

উত্তৰঃ এটা অ-ব্যৱসায়িক সংগঠনে প্রস্তুত কৰা ‘আয়-ব্যয় হিচাপ’ আৰু ‘উদ্ধৃত্ত পত্ৰ’ত তলত দিয়া পদসমূহ হ’লঃ

(ক) উত্তৰাধিকাৰঃ অব্যৱসায়ী প্রতিষ্ঠানসমূহে দান হিচাপে কোনো ব্যক্তিৰ পৰা নগদ ধন বা সম্পত্তি পাব পাৰে। দাতাৰ ইচ্ছানুসৰি অব্যৱসায়ী প্রতিষ্ঠানসমূহক এনে ধন বা সম্পত্তি দিয়া হয়, যেতিয়া নগদ ধন উত্তৰাধিকাৰী সুত্ৰে পোৱা হয়, তেতিয়া ইয়াৰ ‘জমা-খৰছ হিচাপ’ৰ জমা (Receipts) দিশত লিখিব লাগে। ই অপৌনঃপুনিক প্ৰকৃতিৰ বাবে ইয়াক মূলধনীয় প্রাপ্তি হিচাপে ধৰা হয় আৰু উদ্ধৃত্ত পত্ৰত মূলধনী পুঁজিৰ লগত যোগ কৰা হয়।

(খ) দানঃ দান হ’ল সভা বা জনসাধাৰণৰ পৰা নগদ ধন বা সম্পত্তিৰ ৰূপত অব্যৱসায়ী প্রতিষ্ঠানসমূহে পোৱা একপ্ৰকাৰ উপহাৰ। দান যেতিয়া নগদ ধন হিচাপে পোৱা যায় তেতিয়া ইয়াক ‘জমা-খৰছ হিচাপত’ জমা (Receipts) ফালে লিখিব লাগে। দান দুই প্ৰকাৰৰ হ’ব পাৰে।

(গ) পুৰণি বাতৰি কাকত বিক্ৰীঃ পুৰণি বাতৰি কাকত বিক্ৰী কৰি যি মূল্য পোৱা যায় সেয়া সাধাৰণ আয় বুলি ধৰা হয় আৰু আয়-ব্যয় হিচাপ প্ৰস্তুত কৰাৰ সময়ত ক্রেডিট ফালে লিখিব লাগে।

(ঘ) আজীৱন সদস্য ভর্তি মাচুলঃ আজীৱন সভ্যত্ব মাচুল বুলিলে সম্পূৰ্ণ জীৱনৰ বাবে সভ্য হ’বলৈ কোনো ব্যক্তিয়ে একেবাৰতে প্ৰদান কৰা ধনৰ পৰিমাণকে বুজা যায়। এনে সভ্যই মাহেকীয়া বা বছৰেকীয়া সভ্যত্ব মাচুলৰ বিকল্পহে মাথোন, সেয়ে ইয়াক ‘বিশেষ পুঁজিত ক্রেডিট কৰা উচিত আৰু এটা নিৰ্দিষ্ট অংশ উদ্বৃত্তপত্ৰৰ দেনা দিশত দেখুৱাব লাগে। যদি বছৰেকীয়া আয়-ব্যয় হিচাপত ধার্য কৰিবলগীয়া ধনৰ পৰিমাণৰ কোনো নির্দেশ নাথাকে, তেনেক্ষেত্ৰত আটাইখিনি আজীৱন সভ্যত্ব মাচুলৰ ধন উদ্ধৃত্ত পত্ৰৰ দেনা দিশত দেখুৱাব লাগে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top