Class 12 Accountancy Chapter 2 অংশীদাৰী ব্যৱসায়ৰ হিচাপকৰঃ মূল ধাৰণাসমূহ

Class 12 Accountancy Chapter 2 অংশীদাৰী ব্যৱসায়ৰ হিচাপকৰঃ মূল ধাৰণাসমূহ Question Answer in Assamese Medium, AHSEC Class 12 Accountancy Chapter 2 অংশীদাৰী ব্যৱসায়ৰ হিচাপকৰঃ মূল ধাৰণাসমূহ Solutions to each chapter is provided in the list so that you can easily browse throughout different chapters Class 12 Accountancy Chapter 2 অংশীদাৰী ব্যৱসায়ৰ হিচাপকৰঃ মূল ধাৰণাসমূহ Notes and select needs one.

Class 12 Accountancy Chapter 2 অংশীদাৰী ব্যৱসায়ৰ হিচাপকৰঃ মূল ধাৰণাসমূহ

Join Telegram channel

Also, you can read the SCERT book online in these sections Class 12 Accountancy Chapter 2 অংশীদাৰী ব্যৱসায়ৰ হিচাপকৰঃ মূল ধাৰণাসমূহ Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 12 Accountancy Chapter 2 অংশীদাৰী ব্যৱসায়ৰ হিচাপকৰঃ মূল ধাৰণাসমূহ Solutions for All Subjects, You can practice these here.

অংশীদাৰী ব্যৱসায়ৰ হিচাপকৰঃ মূল ধাৰণাসমূহ

ACCOUNTANCY

Chapter: 2

PART – I

I. উদ্দেশ্যধর্মী প্রশ্নঃ

A. তলৰ বিবৃতিসমূহ ‘শুদ্ধ’ নে ‘অশুদ্ধ’ লিখাঃ

(i) ‘ভাৰতীয় অংশীদাৰী আইন, 1932 ৰ শাখা 4 য়ে অংশীদাৰী ব্যৱসায়ৰ সংজ্ঞা দিছে।

উত্তৰঃ শুদ্ধ।

(ii) অংশীদাৰী ব্যৱসায় গঠন কৰিবলৈ অংশীদাৰী চুক্তিৰ প্ৰয়োজন।

উত্তৰঃ অশুদ্ধ।

(iii) ব্যবসায়ত সর্বনিম্ন অংশীদাৰৰ সংখ্যা দুজন।

উত্তৰঃ শুদ্ধ।

(iv) যদি লাভ-বিতৰণ অনুপাতৰ বাবে কোনো চুক্তি নাথাকে, তেন্তে লাভ সমানে বিতৰণ কৰিব লাগিব।

উত্তৰঃ শুদ্ধ।

(v) অংশীদাৰী ব্যৱসায়ত অংশীদাৰসকলৰ দেনা সীমিত।।

উত্তৰঃ অশুদ্ধ।

(vi) মূলধনৰ ওপৰত সুত হৈছে লাভৰ বিপৰীতে ধাৰণা কৰা।

উত্তৰঃ শুদ্ধ।

(vii) লাভক পুঁজিলৈ স্থানান্তৰ কৰাটো হৈছে লাভৰ এক সংযোজন।

উত্তৰঃ শুদ্ধ।

(viii) যদিহে অংশীদাৰী চুক্তি নাথাকে, তেন্তে অংশীদাৰৰ ঋণৰ ওপৰত সুত বাধ্যতামূলক।

উত্তৰঃ শুদ্ধ।

(ix) অংশীদাৰী চুক্তি অবিহণে আহৰণৰ ওপৰত সুত নিৰ্ধাৰণ কৰা নহয়।

উত্তৰঃ শুদ্ধ।

(x) যদি চুক্তিয়ে একো নকয়, তেন্তে অংশীদাৰৰ ঋণৰ ওপৰত সুত বছৰি 6% ধৰা হয়।

উত্তৰঃ শুদ্ধ।

(xi) সাধাৰণতে লাভৰ পৰা অংশীদাৰক মূলধনৰ ওপৰত সুত প্ৰদান কৰা হয়।

উত্তৰঃ শুদ্ধ।

B. খালী ঠাই পূৰণ কৰাঃ

(i) যদি প্রতিমাহৰ আৰম্ভণিত একে পৰিমাণৰ ধন আহৰণ কৰা হয়, তেতিয়া আহৰণ ওপৰত সুত গড় হিচাপে _______ % ধার্য কৰিব লাগে।

উত্তৰঃ 6 1/2%.

(ii) যেতিয়া অংশীদাৰৰ মূলধন হিচাপ স্থিৰ থাকে তেতিয়া অংশীদাৰৰ ______ হিচাপ প্রস্তুত কৰিব লাগে।

উত্তৰঃ চলিত।

(iii) অংশীদাৰৰ ঋণৰ ওপৰত সুত তেওঁৰ ______ হিচাপত ক্রেডিত কৰা হয়।

উত্তৰঃ মূলধন।

(iv) অংশীদাৰত্ব হৈছে দুজন বা তাতোধিক অংশীদাৰৰ মাজৰ ______।

উত্তৰঃ সম্পৰ্ক।

(v) কোনো চুক্তি অবিহনে অংশীদাৰে তেওঁৰ ঋণৰ ওপৰত বছৰি ______ % সুপ্ত পাব।

উত্তৰঃ 6%.

(vi) যেতিয়া অংশীদাৰৰ মূলধন স্থিৰ হয়, তেতিয়া মূলধনৰ উদ্বৃত্ত গোটেই জীৱন থাকে।

উত্তৰঃ একে।

II. চমু প্রশ্নোত্তৰঃ

1. অংশীদাৰী চুক্তি কি?

উত্তৰঃ যিখন দলিলত অংশীদাৰী কাৰবাৰৰ অংশীদাৰসকলৰ মত সাপেক্ষে কাৰবাৰখনৰ দৰকাৰী বিষয়সমূহ লিপিবদ্ধ কৰা থাকে, সেই দলিলকে অংশীদাৰী চুক্তি পত্র বোলে। দৰাচলতে এখন অংশীদাৰী কাৰবাৰ চুক্তি পত্ৰৰ দ্বাৰা সৃষ্টি কৰা হয়। এই চুক্তিপত্র মৌখিক বা লিখিত হ’ব পাৰে। কিন্তু ভৱিষ্যতে অংশীদাৰসকলৰ মাজত উদ্ভৱ হ’ব পৰা কাজিয়াৰ পৰা হাত সাৰিবৰ বাবে এই চুক্তিপত্র লিখিত হোৱাটো বাঞ্ছনীয়।

2. অংশীদাৰী ব্যৱসায়ৰ দুটা প্রয়োজন লিখা।

উত্তৰঃ অংশীদাৰী ব্যৱসায়ৰ দুটা প্রয়োজন হ’লঃ

(ক) দুজন বা তাতোধিক ব্যক্তিৰ মাজত সম্বন্ধ।

(খ) সকলোৱে বা সকলোৰে হৈ এজনে ব্যৱসায় চলাই নিয়া।

3. অংশীদাৰী ব্যৱসায়ৰ সৰ্বোচ্চ আৰু সৰ্বনিম্ন অংশীদাৰৰ সংখ্যা কিমান?

উত্তৰঃ অংশীদাৰী ব্যৱসায়ৰ সৰ্বনিম্ন সদস্যৰ সংখ্যা হ’ল 2 জন আৰু সর্বোচ্চ সংখ্যা 20 জন। যদিহে ব্যৱসায়টো বিত্তীয় প্রতিষ্ঠান তেন্তে এই সংখ্যা 10 জন।

4. যেতিয়া মূলধন হিচাপ ‘স্থিৰ মূলধন’ পদ্ধতিত প্ৰস্তুত কৰা হয়, তেতিয়া মূলধনৰ ওপৰত সুতৰ জাবেদা প্ৰবৃষ্টি কি হ’ব?

উত্তৰঃ যেতিয়া স্থিৰ মূলধনৰ ওপৰত সুত দিয়া হয়।

তেতিয়া জাবেদা প্ৰবৃষ্টি হ’ব—

Interest on capital A/C Dr.

To Partner’s Current A/C.

5. যেতিয়া অংশীদাৰী চুক্তি নাথাকে, তেন্তে তলৰ সমূহৰ বাবে কি কৰিবা?

(a) লাভ-লোকচান বিতৰণ অনুপাত।

উত্তৰঃ লাভ-লোকচান সমহাৰত বিতৰণ হ’ব।

(b) অংশীদাৰৰ দৰমহা।

উত্তৰঃ অংশীদাৰক দৰমহা দিয়া নহ’ব।

6. যেতিয়া অংশীদাৰী চুক্তি নাথাকে, তেতিয়া তলৰ সমূহৰ বাধে কি কৰিবা?

(a) মূলধনৰ ওপৰত সুত।

(b) মূলধনৰ উপৰি দিয়া অগিম।

উত্তৰঃ অংশীদাৰী দলিলৰ অবিহনে নিম্নলিখিত বিষয়ত তলত দিয়া নিয়ম প্রযোজ্য হয়—

(a) মূলধনৰ ওপৰত সুতঃ 1932 চনৰ ভাৰতীয় অংশীদাৰী আইনৰ 13 (c) ধাৰা অনুসৰি অংশীদাৰীসকলক মূলধনৰ ওপৰত কোনো সুত দিয়া নহয়।

(b) মূলধনৰ অতিৰিক্ত আগধনৰ ওপৰত সুতঃ 1932 চনৰ ভাৰতীয় অংশীদাৰী আইনৰ 13 (e) ধাৰা অনুসৰি মূলধনৰ অতিৰিক্ত আগধনৰ ওপৰত বছৰি 6 শতাংশ হাৰে সুত পাব।

7. অংশীদাৰসকলৰ মূলধন যেতিয়া স্থিৰ থাকে, তেতিয়া আহৰণৰ ওপৰত সুতৰ প্ৰবৃষ্টিটো কি হ’ব?

উত্তৰঃ স্থিৰ মূলধন থকা অংশীদাৰী প্ৰতিষ্ঠানত আহৰণৰ ওপৰত সুতৰ বাবে সংযোজন প্ৰৱিষ্টি হ’বঃ

Partners’ Current A/cs ………… Dr.

To Interest on drawings A/c.

(Being the adjustment entry for interest on drawings)

8. অংশীদাৰী ব্যৱসায়ৰ সংজ্ঞা দিয়া।

উত্তৰঃ অংশীদাৰী ব্যৱসায়ঃ ১৯৩২ চনৰ ভাৰতীয় অংশীদাৰী আইনৰ 4 নম্বৰ ধাৰা অনুসৰি অংশীদাৰী ব্যৱসায় হ’ল ব্যক্তিৰ মাজত থকা সম্পৰ্ক, যিসকলৰ সকলোৱে বা সকলোৰে হৈ এজনে কাম-কাজ পৰিচালনা কৰা আৰু ব্যৱসায়ৰ লাভৰ অংশগ্ৰহণ কৰাত সম্মতি প্ৰকাশ কৰে। যিসকল ব্যক্তিয়ে এজন বা এজনতকৈ অধিক ব্যক্তিৰ লগত চুক্তিভুক্ত আৰু সমুহীয়াভাৱে ই এটা অংশীদাৰী ব্যৱসায় হৈ পৰে। সংক্ষেপতে, সর্বনিম্ন দুজন আৰু সৰ্বাধিক বিশজন ব্যক্তিয়ে একেলগ হৈ লাভ উপাৰ্জনৰ হেতু ব্যৱসায় আৰম্ভ কৰিলে তেনে ব্যৱসায়কে অংশীদাৰী ব্যৱসায় বোলে।

III. চমু প্রশ্নোত্তৰঃ

1. অংশীদাৰৰ তিনিটা বৈশিষ্ট্য লিখা।

উত্তৰঃ ইয়াৰ বৈশিষ্ট্যসমূহ তলত ব্যাখ্যা কৰা হ’লঃ

(ক) অংশীদাৰী প্ৰতিষ্ঠান এজন, দুজন বা ততোধিক ব্যক্তিৰ মিলিত এক সংস্থা।

(খ) এনে প্ৰতিষ্ঠানৰ ব্যক্তিসকলৰ মাজত এখন লিখিত বা মৌলিক চুক্তিপত্র থাকিব লাগিব।

(গ) এনে প্ৰতিষ্ঠানৰ চুক্তিপত্ৰত কোনো এখন আইনগত ব্যৱসায় কৰিবলৈ উল্লেখ থাকিব লাগিব।

2. অংশীদাৰী ব্যৱসায়ৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ অংশীদাৰী ব্যৱসায়ৰ দুটা বৈশিষ্ট্য তলত উল্লেখ কৰা হ’লঃ

(ক) গঠন প্ৰণালী আৰু সভ্যঃ এটা অংশীদাৰী ব্যৱসায় গঠনৰ বাবে অতি কমেও দুজন অংশীদাৰৰ প্ৰয়োজন। অংশীদাৰৰ সংখ্যা ২০ জনৰ বেছি হ’ব নোৱাৰে। সন্মিলিত ব্যক্তিকেইজনে বিশেষ আইনগত বাধা-নিষেধৰ সন্মুখীন নোহোৱাকৈ ইয়াক গঠন কৰিব পাৰে।

(খ) অপৰিসীম দেনাঃ ব্যৱসায়ৰ সকলো দেনা আৰু দায়িত্বৰ বাবে অংশীদাৰসকল গাইগুটীয়া আৰু পৃথকভাৱে দায়ী থাকে। অর্থাৎ অংশীদাৰসকলৰ দেনা-দায়িত্ব অসীম।

3. অংশীদাৰী দলিলত সাধাৰণতে অন্তর্ভূক্ত হোৱা তিনিটা দফা উল্লেখ কৰা।

উত্তৰঃ অংশীদাৰী দলিলত সাধাৰণতে অন্তর্ভুক্ত হোৱা মুখ্য দফা তলত উল্লেখ কৰা হ’লঃ

(ক) ব্যৱসায় আৰু অংশীদাৰসকলৰ নাম।

(খ) অংশীদাৰসকলে কৰিব বিচৰা ব্যৱসায়ৰ প্ৰকৃতি।

(গ) মুঠ মূলধনৰ পৰিমাণ আৰু প্ৰত্যেক অংশীদাৰে কিমানকৈ মূলধনৰ অংশ যোগান ধৰিব।

4. অংশীদাৰৰ অপৰিসীম দেনা বুলিলে কি বুজায়?

উত্তৰঃ ব্যৱসায়ৰ সকলো দেনা আৰু দায়িত্বৰ বাবে অংশীদাৰসকল গাইগুটীয়া আৰু পৃথকভাৱে দায়ী হয়। যদি ভৱিষ্যতে লোকচান হয়, তেন্তে সেই লোকচানৰ পৰিমাণ কিমান হ’ব কোনেও নাজানে, অর্থাৎ যি পৰিমাণৰ লোকচনা হয়, সেইখিনি অংশীদাৰসকলে বহন কৰিব লাগিব।

5. অংশীদাৰী চুক্তি দলিল কি?

উত্তৰঃ যিখন দলিলত অংশীদাৰী কাৰবাৰৰ অংশীদাৰসকলৰ মত সাপেক্ষে কাৰবাৰখনৰ দৰকাৰী বিষয়সমূহ লিপিবদ্ধ কৰা থাকে, সেই দলিলকে অংশীদাৰী চুক্তি পত্র বোলে। দৰাচলতে এখন অংশীদাৰী কাৰবাব চুক্তি পত্ৰৰ দ্বাৰা সৃষ্টি কৰা হয়। এই চুক্তিপত্র মৌখিক বা লিখিত হ’ব পাৰে। কিন্তু ভৱিষ্যতে অংশীদাৰসকলৰ মাজত উদ্ভৱ হ’ব পৰা কাজিয়াৰ পৰা হাত সাৰিবৰ বাবে এই চুক্তিপত্র লিখিত হোৱাটো বাঞ্চনীয়।

6. কি কি হিচাপ প্ৰস্তুত কৰা হয় যেতিয়া—

(a) অংশীদাৰৰ মূলধন স্থিৰ। আৰু

(b) মূলধন পৰিৱৰ্তনশীল।

উত্তৰঃ (a) মূলধন হিচাপ স্থিৰ হ’লৈ প্ৰত্যেক অংশীদাৰৰ নামত চলিত হিচাপ (current Account) খোলা হয়।

(b) মূলধন হিচাপ পৰিৱৰ্তনশীল হ’লে কেৱল অংশীদাৰৰ মূলধন হিচাপ খোলা হয়।

7. অংশীদাৰী ব্যৱসায়ত অংশীদাৰী চুক্তি বা দলিল কিয় থাকিব লাগে।

উত্তৰঃ অংশীদাৰী চুক্তি বুলিলে অংশীদাৰসকলৰ মাজত অংশীদাৰী ব্যৱসায় চলোৱা নিয়ম আৰু চৰ্তসমূহ লিখা থকা দলিলকে বুজা যায়। অংশীদাৰী ব্যৱসায় অংশীদাৰসকলৰ মাজত হোৱা বৈধ চুক্তিৰ দ্বাৰাহে গঠন কৰা হয়, আইনৰ দ্বাৰা গঠন কৰা নহয়। এনে চুক্তি লিখিত বা মৌখিক হ’ব পাৰে। ব্যৱসায় গঠনব আদি অৱস্থাত অংশীদাৰসকলৰ মাজত স্নেহ একতা, বিশ্বাস আৰু প্ৰবল হৈ থাকে। দিন অতিবাহিত হোৱাৰ লগে লগে এনে একতাত ভাঙোন ধৰি অংশীদাৰসকলৰ মাজত বিবাদৰ সৃষ্টি হ’ব পাৰে। ভৱিষ্যৎ বিপদৰ পৰা হাত সাবিবলৈ সেয়ে অংশীদাৰী চুক্তি পত্র লিখিত হোৱাই উত্তম।

8. অজয় আৰু বিজয় এটা ব্যবসায়ৰ অংশীদাৰ। কিন্তু তেওঁলোকৰ কোনো অংশীদাৰী চুক্তি নাই। তলৰ সমস্যা সমূহ সমাধানৰ বাবে তুমি কি কৰিবা?

(a) অজয়ে লাভ মূলধন অনুপাতত বিচাৰে।

(b) বিজয়ে ব্যৱসায়ত বেছি কৰ্মনিবেশ কৰাৰ বাবে দৰমহা বিচাৰে।

উত্তৰঃ অংশীদাৰী আইনৰ মতে যদি অংশীদাৰী চুক্তি নাথাকে তেন্তেঃ

(a) অজয় আৰু বিজয়ৰ মাজত সমানে লাভ বিতৰণ হ’ব।

(b) বিজয়ে দৰমহা নাপায়।

9. অন্তিম হিচাপ প্ৰস্তুত কৰাৰ সময়ত অংশীদাৰী চুক্তি নাথাকিলে তলৰ বিষয়সমূহ কি কৰিব লাগিব?

(ক) লাভ-লোকচান বিতৰণ।

উত্তৰঃ লাভ-লোকচানৰ বিতৰণঃ লাভ-লোকচান উপযোজন হিচাপ হৈছে লাভ-লোকচান হিচাপৰ সম্প্ৰসাৰণহে মাথোন। এই হিচাপে লাভ কেনেকৈ অংশীদাৰসকলৰ মাজত বিতৰণ কৰা হয় তাকে দেখুৱায়। অংশীদাৰৰ দৰমহা, অংশীদাৰৰ দস্তুৰী, মুলধনৰ ওপৰত সুদ আহৰণৰ ওপৰত সুদ ইত্যাদি সকলোবোৰ সংযোজন এই হিচপৰ জৰিয়তে কৰা হয়। এই হিচাপ লাভ-লোকচান হিচাপৰ পৰা পোৱা প্ৰকৃত লাভ বা লোকচানৰ পৰিমাণেৰে আৰম্ভ হয়। (ধাৰা 13(e))। এইক্ষেত্ৰত অংশীদাৰসকলে আগবঢ়োৱা মূলধনৰ ওপৰত গুৰুত্ব দিয়া নহয়।

(খ) মূলধনৰ ওপৰত সুতৰ হাৰ।

উত্তৰঃ অংশীদাৰৰ মূলধনৰ ওপৰত সুদঃ 1932 চনৰ ভাৰতীয় অংশীদাৰী আইনৰ 13 (b) ধাৰা অনুসৰি অংশীদাৰীসকলে মূলধনৰ ওপৰত কোনো ধৰণৰ সুত লাভ নকৰে।

(গ) অংশীদাৰৰ ঋণৰ ওপৰত সুত।

উত্তৰঃ অংশীদাৰৰ ঋণৰ ওপৰত সুদঃ 1932 চনৰ ভাৰতীয় অংশীদাৰী আইনৰ 13 [b] ধাৰা অনসুৰি অংশীদাৰসকলে ব্যক্তিগতভাৱে ব্যৱসায়ৰ কাৰণে আগবঢ়োৱা ঋণৰ ওপৰত শতকৰা 6% হাৰত সুদ পাব।

10. এজন অংশীদাৰ লোকচানৰ পৰা বঞ্চিত হ’ব পাৰেনে? যদি পাৰে, তেন্তে কি কাৰণত?

উত্তৰঃ এজন অংশীদাৰ লোকচানৰ পৰা বঞ্চিত হ’ব পাৰে যদিহে অংশীদাৰজন ‘কেৱল লাভৰ অংশীদাৰ’ (partner in profits only) হয়। এইসকল অংশীদাৰে কেৱল লাভৰ অংশহে অৰ্জন কৰে, লোকচান বহন নকৰে।

11. আহৰণৰ ওপৰত সুত কেনেকৈ গণনা কৰা হয় যদিহে বছৰটোৰ প্ৰতিমাহৰ প্রথম দিনটোত আহৰণ কৰা হয়?

উত্তৰঃ ধৰাহ’ল ‘X’ এ প্রতিমাহৰ প্ৰথম দিনা 10000 টকাকৈ আহৰণ কৰে আৰু আহৰণৰ ওপৰত সুতৰ হাৰ 4% তেন্তে

যদি আহৰণ প্ৰতিমাহৰ আৰম্ভণিত কৰা হয়—

গড় সময় = মুঠ মাহ + 1 / 2 = 12+1 / 2 = 6 1/2 মাহ

আহৰণৰ ওপৰত সুদ = 1, 20, 000 × 8 × 13 / 100 × 2 × 12 = 5200 টকা

12. আহৰণৰ ওপৰত সুত গণনা কৰোতে কি কি বিষয় হিচাপত ল’ব লাগে?

উত্তৰঃ আহৰণৰ ওপৰত সুত গণনা কৰোতে হিচাপত ল’বলগীয়া বিষয়সমূহ হ’লঃ

(ক) আহৰণৰ তাৰিখ দিয়া আছে নে নাই।

(খ) যদি আহৰণৰ তাৰিখ দিয়া আছে, তেতিয়া মাহৰ আৰম্ভণিত, মাজত নে শেষত কৰিছে সেইটো।

(গ) সুত সমগ্ৰ বৰ্ষটোৰ বাবে সময় নির্বিশেষে কৰা হয় নেকি?

13. অংশীদাৰী চুক্তি অবিহনে A আৰু B এটা ব্যৱসায়ৰ অংশীদাৰ। A হৈছে সক্রিয় অংশীদাৰ আৰু তেওঁ প্ৰতিমাহে 18000 টকা দৰমহা বিচাৰে।তেওঁ দৰমহা পাবনে নাপাই?

উত্তৰঃ যদিও A সক্রিয় অংশীদাৰ তথাপিও তেওঁ দৰমহা নাপায়। কাৰণ, অংশীদাৰী আইনৰ মতে অংশীদাৰী চুক্তি অবিহনে কোনো অংশীদাৰে দৰমহা নাপায়।

14. সুৰেশ আৰু ৰমেশ এটা ব্যৱসায়ৰ অংশীদাৰ আৰু তেওঁলোকৰ মূলধন ক্ৰমে ₹300000 আৰু ₹400000। তেওঁলোকৰ কোনো চুক্তি নাই। ৰমেশে লাভ মূলধন অনুপাতত বিতৰণ হোৱাটো বিচাৰে। এই কথা যুক্তিসন্মত হয় নে?

উত্তৰঃ নহয়। কাৰণ অংশীদাৰী চুক্তি অবিহনে লাভ সমানে বিতৰণ হয়।

15. A, B আৰু C চুক্তি অবিহণে অংশীদাৰ আৰু তেওঁলোকৰ মূলধন ক্রমে ₹200000 ₹300000 আৰু ₹100000। A আৰু B য়ে লাভ মূলধন অনুপাতত বিতৰণ হোৱাটো বিচাৰে আৰু C য়ে নিবিচাৰে। এই সমস্যাটো কেনেদৰে সমাধান কৰিবা?

উত্তৰঃ যদি সকলো অংশীদাৰ লাভ বিতৰণৰ ক্ষেত্ৰত সমানে মান্তি নহয়, তেন্তে অংশীদাৰী আইনৰ সহয় ল’ব লাগিব। এই আইন মতে A, B আৰু C ৰ মাজত সমানে লাভ বিতৰণ হ’ব।

16. B য়ে বৰ্ষটোত ₹20000 আহৰণ কৰে আৰু ব্যৱসায়টোৱে এই টকাৰ ওপৰত 6% সুত বিচাৰে। যদি অংশীদাৰ আইনত এই বিষয়ে একো উল্লেখ নাথাকে তেন্তে এই সুত ধার্য কৰা হ’বনে?

উত্তৰঃ নহয়, কাৰণ অংশীদাৰী চুক্তিত একো উল্লেখ নাথাকিলে অংশীদাৰৰ পৰা আহৰণৰ ওপৰত সুত লোৱা নহয়।

17. A, B আৰু C য়ে সিদ্ধান্ত লৈছিল যে আহৰণৰ ওপৰত সুত লোৱা নহ’ব। এবছৰৰ পিছত C যে সকলোৰে পৰা এই সুত লোৱা হ’ব বুলি ক’লে। C যে এইটো কেনেকৈ কৰিব পাৰিব?

উত্তৰঃ যদিহে A, B আৰু C ৰ সৈতে একমত হয়, তেতিয়া Cয়ে সকলোৰে পৰা আহৰণৰ ওপৰত সুত ল’ব পাৰিব।

18. যেতিয়া অংশীদাৰৰ মূলধন স্থিৰ হয়, তেতিয়া আহৰণৰ ওপৰত সুত আৰু লাভৰ অংশ ক’ত দেখুওৱা হ’ব?

উত্তৰঃ যদি অংশীদাৰৰ মূলধন স্থিৰ হয়, তেন্তে আহৰণৰ ওপৰত সুত আৰু লাভ অংশ ‘অংশীদাৰ চলিত হিচাপ’ত দেখুওৱা হ’ব।

19. ৰাকেশে তেওঁৰ ব্যৱসায়ক 50000 টকা লোণ আগবঢ়ালে। তেওঁ এই টকাৰ ওপৰত বছৰি 12% সুত বিচাৰে। এইটো বৈধ হয়নে যদিহে অংশীদাৰী চুক্তিত এইটো উল্লেখ নাথাকে?

উত্তৰঃ এইটো বৈধ নহয়। অংশীদাৰী আইনৰ মতে যদিহে অংশীদাৰী চুক্তিত একো উল্লেখ নাথাকে, তেন্তে অংশীদাৰৰ ঋণৰ ওপৰত বছৰি 6% সুত দিয়া হ’ব।

20. দুটা বিষয়ৰ নাম লিখা যি দুটা অংশীদাৰৰ অস্থিৰ মূলধন হিচাপৰ ডেবিট দিশতয়দেখুওৱা হয়।

উত্তৰঃ তেন্তে দুটা বিষয় হল—

(ক) আহৰণ।

(খ) আহৰণৰ ওপৰত সুত।

21. দুটা বিষয়ৰ নাম লিখা যি দুটা অংশীদাৰৰ অস্থিৰ মূলধন হিচাপৰ ক্ৰেডিট দিশত দেখুওৱা হয়।

উত্তৰঃ তেন্তে দুটা বিষয় হ’ল—

(ক) অংশীদাৰৰ দৰমহা।

(খ) মূলধনৰ ওপৰত সুত।

22. দুটা বিষয়ৰ নাম লিখা যি দুটা অংশীদাৰৰ স্থিৰ মূলধন হিচাপৰ ক্রেডিটত দেখুওৱা হ’ব।

উত্তৰঃ চলিত হিচাপৰ তেনে দুটা বিষয় হ’ল—

(ক) লাভৰ অংশ।

(খ) দৰমহা।

23. অস্থিৰ মূলধনৰ ক্ষেত্ৰত আহৰণ আৰু আহৰণৰ ওপৰত সুত ক’ত দেখুওৱা হ’ব?

উত্তৰঃ অস্থিৰ মূলধনৰ ক্ষেত্ৰত আহৰণ আৰু আহৰণৰ ওপৰত সুত মূলধন হিচাপৰ ডেবিট দিশত দেখুওৱা হ’ব।

24. তলৰ বিষয়সমূহ কি কৰিবা? কাৰণ দর্শোৱা।

(a) X আৰু Y য়ে অংশীদাৰী চুক্তি অবিহনে ব্যৱসায় আৰম্ভ কৰিলে। তেওঁলোকে কি অনুপাতত লাভ বিতৰণ কৰিব?

উত্তৰঃ লাভ-লোকচান সমানে বিতৰণ হ’ব।

(b) X এ তেওঁৰ ঋণৰ ওপৰত 10% সুত বিচাৰে Y এ তেওঁক সুত দিব নিবিচাৰে।

উত্তৰঃ X এ ঋণৰ ওপৰত বছৰি 6% পাব লাগিব।

25. ৰিতু আৰু বিতুই অংশীদাৰী চুক্তি অবিহনে অংশীদাৰী ব্যৱসায় আৰম্ভ কৰিলে। ৰিতুয়ে লাভ মূলধন অনুপাতত বিতৰণ হোৱাটো বিচাৰে আৰু তেওঁ নিজৰ মূলধনৰ ওপৰত সুত বিচাৰে। ব্যৱসায়টোৱে তেনে কৰা উচিতনে? কাৰণ দর্শোৱা।

উত্তৰঃ ব্যৱসায়টোৱে তেনে কৰা উচিত নহয়। কাৰণ অংশীদাৰী আইনৰ মতে অংশীদীৰী চুক্তি অবিহনে লাভ সমান অনুপাতত বিতৰণ হ’ব আৰু মূলধনৰ ওপৰত সুত দিয়া নহয়।

26. অংকুৰ আৰু নূপুৰ ক্ৰমে ₹100000 আৰু ₹50000 টকাৰে অংশীদাৰ। তলৰ বিষয়সমূহ বৈধ হয়নে নহয় কাৰণ দৰ্শোৱা যদিহে অংশীদাৰী চুক্তি এই বিষয়ত নিমাত থাকে।

(a) নূপুৰে তেওঁৰ 30000 টকাৰ ঋণৰ ওপৰত 13% সুত বিচাৰে যিটো সাধাৰণভাৱে বেংকে ধার্য কৰে।

উত্তৰঃ অবৈধ কাৰণ অংশীদাৰী চুক্তি নিমাত থাকিলে অংশীদাৰী আইন মতে অংশীদাৰে তেওঁৰ ঋণৰ ওপৰত 6%বাৰ্ষিক সুত পাব।

(b) নূপুৰে লাভ সমানে বিতৰণ হোৱাটো বিচাৰে।

উত্তৰঃ বৈধ কাৰণ অংশীদাৰী চুক্তি নাথাকিলে বা নিমাত থাকিলে লাভ সমানে বিতৰণ হ’ব।

27. অংশীদাৰৰ মূলধনৰ ওপৰত সুত কিয় দিয়া হয়?

উত্তৰঃ কেতিয়াবা অংশীদাৰৰ মূলধনৰ ওপৰত সুত দিয়া হয়। কাৰণ টকা নহ’লে ব্যৱসায় চলাব নোৱাৰি যি টকা অংশীদাৰসকলে বিনিয়োগ কৰিছে। অর্থাৎ যদিহে অংশীদাৰসকলে মূলধন নিদিলেহেঁতেন, তেন্তে সেই টকা বেংক বা আন কাৰোবাৰ পৰা ল’ব লাগিলেহেঁতেন যাৰ বিনিময়ত সুত পৰিশোধ কৰিব লাগিব। এই বাবেই অংশীদাৰৰ মূলধনৰ ওপৰত সূত দিয়া হয়।

28. ‘লাভ-লোকচান সংযোজন’ হিচাপত দেখুওৱা দুটা প্ৰবৃষ্টিৰ নাম উল্লেখ কৰা।

উত্তৰঃ লাভ-লোকচান সংযোজন হিচাপ’ত দেখুওৱা দুটা প্ৰবৃষ্টি হ’লঃ

(ক) মূলধনৰ ওপৰত সুত।

(খ) সাধাৰণ পুঁজিলৈ স্থানান্তৰ।

29. ‘লাভ-লোকচান সংযোজন হিচাপ’ত ক্রেডিট দিশত দেখুওৱা দুটা প্ৰবৃষ্টিৰ নাম লিখা।

উত্তৰঃ ‘লাভ-লোকচান সংযোজন হিচাপ’ত ক্রেডিট দিশত দেখুওৱা দুটা প্রবৃষ্টি হল—

(ক) সৰ্বমুঠ লাভ।

(খ) আহৰণৰ ওপৰত সুত।

30. Rahul is a partner in a firm. he with drew ₹ 6,000 at the end of each month. The partnership deed provided for charging the interest on drawing @ 12% p.a. calculate interest on Rahul’s drawing for the year ending 31st December 2010.

Solution: Interest on Rahul Drawings = (6,000×12) 5.5 / 12 × 12 / 100 = 3960

31. Baruah is a partner in a firm. He withdraw ₹ 9000 p.m. at the begaining of each month during the year ended 31st March 2011. Calculate interest on drawing of the rate of interest is 10% p.a.

Solution: Baruah interest on during = (9000×12) x 6.5 / 12 × 10 / 100 ₹ = 5850

33. Anu and Binu are partners in a firm. Each of them withdrew ₹ 6000 p.m. Interest on drawings is to be charged @ 10% p.a. calculate interest on Anu’s drawing for the year 2010 assuming that money was withdrawn.

(i) In the beginning of every month.

(ii) In the middle of every month.

(iii) At the end of every month.

Solution: (i) Anu’s interest on drawing if drawn is made at the beginning of each month.

= (6000×12) × 6.5 / 12 × 10 / 100 = ₹ 3900

(ii) Anu’s interest on drawing of drawings are made at the end of each month.

= (6000×12) × 5.5 / 12 × 10 / 100 = ₹ 3300

35. A and B are partners in a firm. A is get a commission of 10% of net profit before charging any commission. B is to get a commission of 10% on net profit. After charging all commission net profit charging any commission was ₹ 1,65,000. Find out the commission of A and B.

Solution: (i) Calculation of commission to A

profit before charging any commission ₹ 1,65,000

∴ Commission on 1,65,000 = 16,500

(ii) Calculation of commission to B

profit after charging commission to A before charging commission to B (1,65,000-16,500) = 14,8,500

∴ Commission to B1,48,500 = 10 / 100 = 13,500

IV. ৰচনাধৰ্মী প্রশ্নোত্তৰঃ

1. অংশীদাৰী ব্যৱসায় বুলিলে কি বুজা? ইয়াৰ প্ৰয়োজনীয় উপাদানসমূহ কি কি?

উত্তৰঃ দুজন বা তাতোধিক মানুহে একেলগ হৈ ব্যক্তিগত লাভ উপাৰ্জনৰ হেতু ব্যৱসায় আৰম্ভ কৰিলে তেনে ব্যৱসায় প্রতিষ্ঠানকে অংশীদাৰী বোলে। অংশীদাৰী ব্যৱসায়ত ব্যক্তিসকলে ব্যৱসায়ৰ মূলধন, দায়িত্ব আৰু ইয়াৰ পৰা উদ্ভৱ হ’ব পৰা সম্ভাৱ্য সকলো বিপদ বা ক্ষতিৰ দায়িত্ব বহন কৰিবলৈ সন্মতি প্ৰকাশ কৰে। 1932 চনৰ ভাৰতীয় অংশীদাৰী আইনৰ চতুৰ্থ ধাৰা অনুসৰি অংশীদাৰী কাৰবাৰ হ’ল এনে এক প্রতিষ্ঠান য’ত কেইবাজনো ব্যক্তিয়ে সংঘবদ্ধ হৈ কোনো এটা ব্যৱসায়ৰ পৰা উপার্জিত লাভ ব্যক্তি কেইজনে ভাগ কৰি ল’বলৈ সন্মত হয়। এনে ব্যৱসায়ৰ কাম-কাজবোৰ আটাইকেইজন ব্যক্তিৰ দ্বাৰা অথবা সকলোৰে হৈ যিকোনো এজন ব্যক্তিৰ দ্বাৰা পৰিচালিত হ’ব পাৰে। যিসকল ব্যক্তিয়ে অংশীদাৰী কাৰবাৰত ভর্তি হয় তেওঁলোকক ব্যক্তিগতভাৱে অংশীদাৰী আৰু সমূহীয়াভাৱে অংশীদাৰী ব্যৱসায় প্রতিষ্ঠান বুলি কোৱা হয়।

ইয়াৰ প্ৰয়োজনীয় উপাদানসমূহ হ’ল—

(ক) অতি কমেও দুজন ব্যক্তি থাকিব লাগিব।

(খ) তেওঁলোকৰ কাম কাজ ব্যৱসায়িক হ’ব লাগিব।

(গ) তেওঁলোকৰ মাজত মৌখিক বা লিখিত চুক্তি থাকিব লাগিব।

(খ) ব্যৱসায়ৰ উদ্দেশ্য লাভ অৰ্জন কৰা হ’ব লাগিব।

2. অংশীদাৰীৰ সংজ্ঞা দিয়া। ইয়াৰ বৈশিষ্ট্যসমূহ লিখা।

উত্তৰঃ দুজন বা তাতোধিক মানুহে একেলগ হৈ ব্যক্তিগত লাভ উপাৰ্জনৰ হেতু ব্যৱসায় আৰম্ভ কৰিলে তেনে ব্যৱসায় প্রতিষ্ঠানকে অংশীদাৰী বোলে। অংশীদাৰী ব্যৱসায়ত ব্যক্তিসকলে ব্যৱসায়ৰ মূলধন, দায়িত্ব আৰু ইয়াৰ পৰা উদ্ভৱ হ’ব পৰা সম্ভাৱ্য সকলো বিপদ বা ক্ষতিৰ দায়িত্ব বহন কৰিবলৈ সন্মতি প্ৰকাশ কৰে। 1932 চনৰ ভাৰতীয় অংশীদাৰী আইনৰ চতুৰ্থ ধাৰা অনুসৰি অংশীদাৰী কাৰবাৰ হ’ল এনে এক প্রতিষ্ঠান য’ত কেইবাজনো ব্যক্তিয়ে সংঘবদ্ধ হৈ কোনো এটা ব্যৱসায়ৰ পৰা উপার্জিত লাভ ব্যক্তি কেইজনে ভাগ কৰি ল’বলৈ সন্মত হয়। এনে ব্যৱসায়ৰ কাম-কাজবোৰ আটাইকেইজন ব্যক্তিৰ দ্বাৰা অথবা সকলোৰে হৈ যিকোনো এজন ব্যক্তিৰ দ্বাৰা পৰিচালিত হ’ব পাৰে। যিসকল ব্যক্তিয়ে অংশীদাৰী কাৰবাৰত ভর্তি হয় তেওঁলোকক ব্যক্তিগতভাৱে অংশীদাৰী আৰু সমূহীয়াভাৱে অংশীদাৰী ব্যৱসায় প্রতিষ্ঠান বুলি কোৱা হয়।

ইয়াৰ মুখ্য বৈশিষ্ট্যসমূহ তলত ব্যাখ্যা কৰা হ’লঃ

(ক) অংশীদাৰী প্ৰতিষ্ঠান এজন, দুজন বা ততোধিক ব্যক্তিৰ মিলিত এক সংস্থা।

(খ) এনে প্ৰতিষ্ঠানৰ ব্যক্তিসকলৰ মাজত এখন লিখিত বা মৌলিক চুক্তিপত্র থাকিব লাগিব।

(গ) এনে প্ৰতিষ্ঠানৰ চুক্তিপত্ৰত কোনো এখন আইনগত ব্যৱসায় কৰিবলৈ উল্লেখ থাকিব লাগিব।

(ঘ) ব্যৱসায়ৰ কাম-কাজসমূহ প্ৰতিষ্ঠানৰ সকলো ব্যক্তি নাইবা সকলোৰে হৈ এজনে পৰিচালনা কৰিব পাৰিব।

(ঙ) অংশীদাৰী প্ৰতিষ্ঠানৰ দেনা দায়িত্বৰ পৰিমাণ অসীম।

(চ) এই প্ৰতিষ্ঠানৰ কোনো অংশীদাৰৰে নিজা অংশটো বাকী অংশীদাৰসকলৰ বিনা অনুমতিত কোনো ব্যক্তিলৈ হস্তান্তৰ কৰিব নোৱাৰে।

(ছ) ব্যৱসায়ৰ লাভ বিতৰণ আৰু লোকচানৰ অংশ বহন কৰাটো অংশীদাৰী কাৰবাৰৰ আন এটি সুকীয়া বৈশিষ্ট্য।

3. অংশীদাৰী দলিল কি? ইয়াত সাধাৰণতে অন্তৰ্ভূক্ত হোৱা আঠটা দফা উল্লেখ কৰা।

উত্তৰঃ অংশীদাৰী দলিলঃ অংশীদাৰী দলিল বা চুক্তি বুলিলে অংশীদাৰসকলৰ মাজত অংশীদাৰী ব্যৱসায় চলোনা নিয়ম আৰু চৰ্তসমূহ লিখা থকা দলিলকে বুজা যায়। অংশীদাৰী ব্যৱসায় অংশীদাৰসকলৰ মাজত হোৱা বৈধ চুক্তিৰ দ্বাৰাহে গঠন কৰা হয়, আইনৰ দ্বাৰা গঠন কৰা নহয়। এনে চুক্তি লিখিত বা মৌখিক হ’ব পাৰে। ব্যৱসায় গঠনৰ আদি অৱস্থাত অংশীদাৰসকলৰ মাজত স্নেহ, একতা, বিশ্বাস আৰু প্ৰবল হৈ থাকে। দিন অতিবাহিত হোৱাৰ লগে লগে এনে একতাত ভাঙোন ধৰি অংশীদাৰসকলৰ মাজত বিবাদৰ সৃষ্টি হ’ব পাৰে।

ভৱিষ্যৎ বিপদৰ পৰা হাত সাৰিবলৈ সেয়ে অংশীদাৰী চুক্তি লিখিত হোৱাই শ্রেয়। অংশীদাৰী ব্যৱসায়ৰ চুক্তি বা দলিলত অংশীদাৰসকলৰ মাজত ব্যৱসায়ৰ ফলত উদ্ভৱ হোৱা সমস্যাসমূহৰ সমাধানৰ দফসসমূহ থাকে।

অংশীদাৰী দলিলত সাধাৰণতে অন্তর্ভুক্ত হোৱা আঠোটা মুখ্য দফা তলত উল্লেখ কৰা হ’লঃ

(ক) ব্যৱসায় আৰু অংশীদাৰসকলৰ নাম।

(খ) অংশীদাৰসকলে কৰিব বিচৰা ব্যৱসায়ৰ প্ৰকৃতি।

(গ) মুঠ মূলধনৰ পৰিমাণ আৰু প্ৰত্যেক অংশীদাৰে কিমানকৈ মূলধনৰ অংশ যোগান ধৰিব।

(ঘ) যদি কোনো অংশীদাৰে মূলধনৰ উপৰি ঋণ আগবঢ়ায়, তেনে ঋণৰ ওপৰত ধার্য কৰিব লগা সুতৰ হাৰ।

(ঙ) অংশীদাৰসকলে ভৱিষ্যতে হোৱা লাভ-লোকচানৰ ভাগ-বিতৰণৰ অনুপাতৰ হাৰ।

(চ) অংশীদাৰসকলে আগবঢ়োৱা মূলধনৰ ওপৰত সুত দিব নে নিদিয়ে। যদি দিয়ে, তেনে সুতৰ হাৰৰ উল্লেখ।

(ছ) প্রত্যেক অংশীদাৰে ব্যৱসায়ৰ পৰা আহৰণ কৰিব পৰা ধনৰ পৰিমাণ আৰু এই আহৰণৰ ওপৰত সুত ধার্য কৰা হ’ব নে নহয়। যদি সুত ধার্য কৰে, তেন্তে সেই সুতৰ হাৰৰ উল্লেখ।

(জ) অংশীদাৰৰ ভৰ্তিকৰণ, মৃত্যু আৰু অৱসৰ গ্ৰহণৰ সময়ত সুনাম মূল্যায়ণ পদ্ধতি ইত্যাদি।

4. অংশীদাৰী চুক্তিত অন্তৰ্ভূক্ত হোৱা কেইটামান দফাৰ নাম উল্লেখ কৰা।

উত্তৰঃ অংশীদাৰী দলিলত সাধাৰণতে অন্তৰ্ভুক্ত হোৱা আঠোটা মুখ্য দফা তলত উল্লেখ কৰা হ’লঃ

(ক) ব্যৱসায় আৰু অংশীদাৰসকলৰ নাম।

(খ) অংশীদাৰসকলে কৰিব বিচৰা ব্যৱসায়ৰ প্ৰকৃতি।

(গ) মুঠ মূলধনৰ পৰিমাণ আৰু প্ৰত্যেক অংশীদাৰে কিমানকৈ মূলধনৰ অংশ যোগান ধৰিব।

(ঘ) যদি কোনো অংশীদাৰে মূলধনৰ উপৰি ঋণ আগবঢ়ায়, তেনে ঋণৰ ওপৰত ধার্য কৰিব লগা সুত্ৰ হাৰ।

(ঙ) অংশীদাৰসকলে ভৱিষ্যতে হোৱা লাভ-লোকচানৰ ভাগ-বিতৰণৰ অনুপাতৰ হাৰ।

(চ) অংশীদাৰসকলে আগবঢ়োৱা মূলধনৰ ওপৰত সুত দিব নে নিদিয়ে। যদি দিয়ে, তেনে সুতৰ হাৰৰ উল্লেখ।

(ছ) প্রত্যেক অংশীদাৰে ব্যৱসায়ৰ পৰা আহৰণ কৰিব পৰা ধনৰ পৰিমাণ আৰু এই আহৰণৰ ওপৰত সুত ধার্য কৰা হ’ব নে নহয়। যদি সুত ধার্য কৰে, তেন্তে সেই সুতৰ হাৰৰ উল্লেখ।

(জ) অংশীদাৰৰ ভৰ্তিকৰণ, মৃত্যু আৰু অৱসৰ গ্ৰহণৰ সময়ত সুনাম মূল্যায়ন পদ্ধতি ইত্যাদি।

5. ‘স্থিৰ’ আৰু ‘অস্থিৰ’ মূলধন বুলিলে কি বুজায়? পার্থক্য লিখা?

উত্তৰঃ স্থিৰ মূলধনঃ ব্যৱসায় চলাবৰ বাবে অংশীদাৰসকলে চুক্তি কৰি তেওঁলোকে আগবঢ়োৱা মূলধনৰ পৰিমাণ কোনো বিশেষ অৱস্থাৰ বাহিৰে ব্যৱসায়ৰ অন্ত নপৰালৈকে কম বেছি নকৰাকৈ একে পৰিমাণতে ৰাখিলে তেনে মূলধনক স্থিৰ মূলধন বোলে। আন কথাত অংশীদাৰী কাৰবাৰৰ অংশীদাৰসকলে ব্যৱসায়ৰ আৰম্ভণিতে আগবঢ়োৱা মূলধনৰ পৰিমাণ যদি প্ৰতি বছৰে একে থাকে অর্থাৎ পৰিৱৰ্তন নহয়, সেই মূলধনেৰে তেওঁৰ মূলধন হিচাপ ক্রেডিট কৰা হয় ৷ এইক্ষেত্ৰত, স্থিৰ মূলধন হিচাপত অনা কোনো লেনদেন উপযোজন কৰা নহয়।

পৰিৱৰ্তনশীল বা অস্থিৰ মূলধন হিচাপঃ যেতিয়া অংশীদাৰসকলে চুক্তি অনুসৰি তেওঁলোকৰ মূলধন হিচাপ স্থিৰ মূলধন হিচাপে ৰাখিব নিবিচাৰে, তেতিয়াসকলোবোৰ সংযোজন যেনে, লাভৰ অংশ, মূলধনৰ সুত, দৰমহা, আহৰণ,,আদি মূলধন হিচাপতে প্ৰবিষ্টি কৰা হয়। ফলত মূলধনৰ উদ্ধৃত্তৰ পৰিমাণ প্রত্যেক বছৰে কম-বেছি হৈ থাকে। সেয়ে একে মূলধন হিচাপক পৰিৱৰ্তনশীল বা অস্থিৰ মূলধন হিচাপ বোলা হয়। এনে মূলধন পদ্ধতিত অংশীদাৰৰ চলিত হিচাপ খোলা হয়।

স্থায়ীমূলধন হিচাপ আৰু পৰিৱৰ্তনশীল মূলধন হিচাপৰ মাজত পাৰ্থক্যঃ

ভিত্তিস্থায়ী মূলধনৰ হিচাপপৰিৱৰ্তনশীল মূলধন হিচাপ
১। ৰাহিৰ পৰিৱৰ্তন১। স্থায়ী মূলধন হিচাপত ৰাহি বা উদ্ধৃত্তৰ পৰিমাণ কাহানিও পৰিৱৰ্তন নহয়।১। পৰিৱৰ্তনশীল মূলধনৰ হিচাপত ৰাহি বা উদ্ধৃত্তৰ পৰিমাণ বছৰে বছৰে পৰিৱৰ্তন হৈ থাকে।
২। হিচাপৰ সংখ্যা২। এইক্ষেত্ৰত প্ৰতিজন অংশীদাৰৰ বাবে মূলধন হিচাপ আৰু চলিত হিচাপ নামেৰে দুটা হিচাপ কাৰবাৰৰ বহীত ৰখা হয়।২। এইক্ষেত্ৰত প্ৰতিজন অংশীদাৰৰ বাবে মাত্র এটা মূলধন হিচাপ কাৰবাৰৰ বহীত ৰখা হয়।
৩। সংযোগ প্ৰবিষ্টি৩। মুলধনৰ ওপৰত সুত, অংশীদাৰৰ দৰমহা আদি সংযোজনসমূহ অংশীদাৰৰ চলিত হিচাপত ৰখা হয়। মূলধন হিচাপত কৰা নহয়।৩। মূলধনৰ ওপৰত সুত, অংশীদাৰৰ দৰমহা আদি সংযোজন সমূহ অংশীদাৰৰ মূলধন হিচাপত কৰা হয়।

6. ‘স্থিৰ মূলধন’ বুলিলে কি বুজা? এই ক্ষেত্ৰত অংশীদাৰ আৰু প্ৰতিষ্ঠানৰ মাজত হোৱা বিভিন্ন লেনদেনসমূহ কেনেকৈ নথিভুক্ত কৰা হয়?

উত্তৰঃ স্থিৰ মূলধনঃ ব্যৱসায় চলাবৰ বাবে অংশীদাৰসকলে চুক্তি কৰি তেওঁলোকে আগবঢ়োৱা মূলধনৰ পৰিমাণ কোনো বিশেষ অৱস্থাৰ বাহিৰে ব্যৱসায়ৰ অন্ত নপৰালৈকে কম বেছি নকৰাকৈ একে পৰিমাণতে ৰাখিলে তেনে মূলধনক স্থিৰ মূলধন বোলে। আন কথাত অংশীদাৰী কাৰবাৰৰ অংশীদাৰসকলে ব্যৱসায়ৰ আৰম্ভণিতে আগবঢ়োৱা মূলধনৰ পৰিমাণ যদি প্ৰতি বছৰে একে থাকে অর্থাৎ পৰিৱৰ্তন নহয়, সেই মূলধনেৰে তেওঁৰ মূলধন হিচাপ ক্রেডিট কৰা হয়। এইক্ষেত্ৰত, স্থিৰ মূলধন হিচাপত অনা কোনো লেনদেন উপযোজন কৰা নহয়।

মূলধন স্থিৰ কৰা ক্ষেত্ৰত অংশীদাৰ আৰু প্ৰতিষ্ঠানৰ মাজত হোৱা বিভিন্ন লেনদেনসমূহ তলত দিয়া ধৰণে নথিভক্ত কৰা হয়।

মূলধন হিচাপ স্থিৰ হ’লে অংশীদাৰসকলৰ প্ৰত্যেকৰে নামত একোটাকৈ চলিত হিচাপ (Current Account) খোলা হয়। মূলধনৰ সুত, দৰমহা, দস্তুৰি, ঋণৰ সুত, আহৰণ, লাভ- লোকচানৰ অংশ আদি প্রয়োজনীয় প্ৰৱিষ্টিসমূহ এই চলিত হিচাপত প্ৰবিষ্টি কৰা হয়। এই চলিত হিচাপৰ উদ্ধৃত্ত উদ্ধৃত্তপত্ৰত মূলধন হিচাপৰ পৰা পৃথককৈ দেখুওৱা হয়। চলিত হিচাপৰ ক্রেডিট উদ্ধৃত্তই অংশীদাৰজনে লাভৰ অংশ সুত, দৰমহা, দস্তুৰি আদি সম্পূৰ্ণকৈ আহৰণৰ নকৰা বুজায়। এই ক্রেডিট উদ্ধৃত্ত হ’ল ব্যৱসায়টোৰ দেনা, সেয়ে ইয়াক উদ্ধৃত্তপত্ৰৰ দেনা দিশত দেখুওৱা হয়। আনহাতে, চলিত হিচাপৰ ডেবিট উদ্ধৃত্তই অংশীদাৰজনে পোৱা লাভৰ অংশ, সুত, দৰমহা, দস্তুৰি আদিতকৈ বেছি টকা ব্যৱসায়ৰ পৰা আহৰণ কৰা বুজায়। এই ডেবিট উদ্ধৃত্তৰ পৰিমাণৰ বাবে অংশীদাৰজন ব্যৱসায়ৰ ওপৰত ঋণী হৈ থাকে, সেয়ে চলিত হিচাপৰ ডেবিট উদ্ধৃত্ত উদ্ধৃত্তপত্ৰৰ সম্পত্তিৰ দিশত দেখুওৱা হয়। কেতিয়াবা অংশীদাৰৰ প্ৰকৃত মূলধনৰ পৰিমাণৰ বাবে চলিত হিচাপৰ ডেবিট উদ্ধৃত্ত স্থিব মূলধনৰ পৰা বিয়োগ কৰিও উদ্ধৃত্তপত্রত দেখুওৱা হয়। এইটো কেৱল উদ্ধৃত্তপত্ৰতহে দেখুওৱা হয়; খতিয়নত কিন্তু মূলধ আৰু চলিত হিচা দুটা পৃথককৈয়ে ৰখা হয়।

7. ‘লাভ লোকচান সংযোজন’ হিচাপ কি? ইয়াক কিয় প্রস্তুত কৰা হয়?

উত্তৰঃ ‘লাভ-লোকচান সংযোজন’ হিচাপ অংশীদাৰী ব্যৱসায়ৰ ক্ষেত্ৰত প্ৰস্তুত কৰা হয় যিটো একক ব্যৱসায়ত নহয়। এইটো হিচাপ হৈছে যিটোত মূলধনৰ ওপৰত সুত আৰু মূলধন, দৰমহা, দস্তুৰি আৰু লাভৰ অংশ যোগ কৰা হয় আৰু আহৰণ আৰু ইয়াৰ ওপৰত সুত বিয়োগ কৰা হয়।

প্ৰতিষ্ঠানৰ লাভ-লোকচান অংশীদাৰসকলৰ মাজত সন্মত অনুপাতত বিতৰণ কৰা হয়। অংশীদাৰী ব্যৱসায়ৰ ক্ষেত্ৰত কিছুমান সংযোজন যেনে আহৰণৰ ওপৰত সুদ, মূলধনৰ ওপৰত সুদ, অংশীদাৰৰ দৰমহা আৰু অংশীদাৰৰ দস্তুৰী ইত্যাদি কৰা হয়। ইয়াৰ বাবে লাভ-লোকচান উপযোজন হিচাপ প্ৰস্তুত কৰি বিতৰণ কৰিবলগীয়া লাভ-লোকচানৰ সঠিক পৰিমাণ নিৰ্ণয় কৰা হয়। সকলো অংশীদাৰৰ মাজত লাভ-লোকচান সমভাৱে বিতৰণ কৰিব লাগে আৰু এই ক্ষেত্ৰত অংশীদাৰসকলে আগবঢ়োৱা মূলধনৰ ওপৰত গুৰুত্ব দিয়া নহয়।

8. অংশীদাৰৰ আহৰণৰ ওপৰত উলিওৱা সুৰ পদ্ধতিসমূহ লিখা।

উত্তৰঃ বিভিন্ন পৰিস্থিতিত আহৰণৰ ওপৰত সুদ গণনা পদ্ধতি তলত দেখুওৱা হ’ল—

যেতিয়া প্রতিমাহত স্থিৰ পৰিমাণ আহৰণ কৰা হয়ঃ বহুতো সময়ত অংশীদাৰে স্থিৰ পৰিমাণৰ টকা সমান সময়ৰ ব্যৱধানত আহৰণ কৰে যেনে প্রতিমাহৰ মূৰে মূৰে বা প্ৰতি তিনিমাহৰ মূৰে মূৰে ইত্যাদি। সময় নিৰূপণ কৰাৰ বাবে মন কৰিব লাগে যে এই স্থিৰ টকা প্রতি মাহৰ আৰম্ভণি তাৰিখত নে মাজৰ তাৰিখত নে শেষৰ তাৰিখত আহৰণ কৰা হৈছে। যদি আহৰণসমূহ প্ৰতিমাহৰ আৰম্ভণিত কৰা হয় হয়, সুদত পৰিমাণ মুঠ আহৰণৰ ওপৰত 61/2 মাহৰ বাবে, যদি আহৰণ প্ৰতিমাহৰ শেষত কৰা হয়, সুদ 51/2 মাহৰ বাবে আৰু আহৰণ মাহৰ মাজৰ তাবিখত কৰা হ’লে, সুদ 6 মাহৰ ববে গণন কৰা হয়।

ধৰা হ’ল, ধ্রুৱই প্ৰতিষ্ঠানৰ পৰা ব্যক্তিগত খৰচৰ বাবে 31 মাৰ্চ 2009 তাৰিখত অন্ত পৰা বছৰটোত মাহিলী 10,000 টকা কৈ আহৰণ কৰে। সুদৰ হাৰ বছৰি ৪%। গড় সময় আৰু আহৰণৰ ওপৰত সুদ গণনা কৰিবলৈ ব্যৱহাৰ হোৱা বিভিন্ন পদ্ধতি সমূহ তলত দাঙি ধৰা হ’ল—

(ক) যদি আহৰণ প্ৰতিমাহৰ আৰম্ভণিত কৰা হয়—

গড় সময় = মুঠ মাহ + 1 / 2 = 12 + 1 / 2 = 6 1/2 মাহ

আহৰণৰ ওপৰত সুদ = 1,20,000 × 8 × 13 / 100 × 2 × 12 = 5200 টকা 

(খ) যদি আহৰণ প্ৰতিমাহৰ অন্তত কৰা হয়—

গড় সমান = মুঠ মাহ-1/2 = 12-1/2 =5 1/2 মাহ

আহৰণৰ ওপৰত সুদ = 1,200,000 × 8 × 11 × 1 / 100 × 2 × 12 = 4,400 টকা 

(গ) যেতিয়া আহৰণ প্ৰতিমাহৰ মাজত কৰা হয়—

গড় সময় = মুঠ সময় / 2 = 12/2 মাহ

আহৰণৰ ওপৰত সুদ = 1,20,000 × 8 × 6 ×1 / 100 × 12 = 4,800 টকা

আকৌ, যদি স্থিৰ পৰিমাণৰ ধন তিনি মাহ মূৰে মূৰে আহৰণ কৰা হয় তেতিয়া স্থিৰ পৰিমাণৰ টকা অংশীদাৰসকলে তিনিমাহৰ মূৰে মূৰে আহৰণ কৰে, সুদ গণনা কৰাৰ বাবে মুঠ সময় সীমাৰ গণনা কৰিবলৈ আহৰণ তিনিমহীয়া সময়ৰ আৰম্ভণিত নে অন্তত কৰা হয়, সেইটোৰ ওপৰত ভিত্তি কৰিহে কৰা হয়। যদি আহৰণ প্ৰতি তিনিমাহৰ আৰম্ভণিত কৰা হয়, তেন্তে মুঠ আহৰণৰ 7 1/2 মাহৰ বাবে সুদ গণনা কৰা হয় আৰু যদি আহৰণ তিনিমাহৰ অন্তিম তাৰিখত কৰা হয়, সুদ মুঠ আহৰণৰ ওপৰত 4 1/2মাহৰ বাবে গণনা কৰা হয়।

9. চলিত হিচাপ কি? চলিত হিচাপ আৰু মূলধন হিচাপৰ মাজত পাৰ্থক্য দেখুওৱা।

উত্তৰঃ যেতিয়া মূলধন স্থিৰ থাকে, তেতিয়া চলিত হিচাপ প্রস্তুত কৰিব লাগে। গতিকে মূলধনৰ ওপৰত সুত, অংশীদাৰৰ দৰমহা, লাভৰ অংশ, আহৰণ আদিৰ হিচাপসমূহ ৰাখিবলৈ এটা বেলেগ হিচাপ প্ৰস্তুত কৰা হয়। ইয়াক চলিত হিচাপ বোলে।

চলিত হিচাপ আৰু মূলধন হিচাপৰ পাৰ্থক্যসমূহ হ’লঃ

(ক) চলিত হিচাপ মূলধন স্থিৰ থাকিলে প্ৰস্তুত কৰা হয়। আনহাতে মূলধন হিচাপ স্থিৰ, অস্থিৰ দুয়ো ক্ষেত্ৰতে প্ৰস্তুত কৰা হয়।

(খ) চলিত হিচাপত আহৰণ, আহৰণৰ ওপৰত সুত, দৰমহা ইত্যাদি দেখুওৱা হয়। আনহাতে মূলধন হিচাপত অস্থিৰ থাকিলেহে এইবোৰ দেখুওৱা হয়।

10. লাভ লোকচান সংযোজন হিচাপৰ বৈশিষ্ট্য লিখা।

উত্তৰঃ এই হিচাপৰ বৈশিষ্ট্য হ’লঃ

(ক) লাভ-লোকচান সংযোজন হিচাপ অংশীদাৰী ব্যৱসায়ৰ ক্ষেত্ৰত প্ৰস্তুত কৰা হয়।

(খ) লাভ-লোকচান সংযোজন হিচাপত অংশীদাৰৰ লাভৰ অংশ, তেওঁলোকৰ দৰমহা, আহৰণৰ ওপৰত সুত ইত্যাদি দেখুওৱা হয়।

(গ) এই হিচাপত অংশীদাৰক কেনেকৈ কি ভগাই দিয়া হয় সেইবোৰ দেখুওৱা হয়।

11. ‘লাভ-লোকচান হিচাপ’ আৰু ‘লাভ-লোকচান সংযোজন হিচাপৰ মাজত পাৰ্থক্য দেখুওৱা।

উত্তৰঃ ‘লাভ-লোকচান হিচাপ’ আৰু ‘লাভ-লোকচান সংযোজন’ হিচাপৰ মাজৰ পার্থক্যসমূহ হ’ল—

(ক) একক ব্যৱসায়ত লাভ-লোকচান হিচাপ আৰু অংশীদাৰী ব্যৱসায়ৰ ক্ষেত্ৰত লাভ-লোকচান হিচাপ আৰু লাভ লোকচান সংযোজন হিচাপ উভয়ক প্রস্তুত কৰা হয়।

(খ) লাভ-লোকচান হিচাপত ব্যৱসায়ৰ কাম-কাজৰ খৰচ দেখুওৱা হয়।

আনহাতে লাভ-লোকচান সংযোজন হিচাপত কিছুমান বিশেষ খৰচ যেনে মূলধনৰ ওপৰত সুত অংশীদাৰৰ দৰমহা আদি দেখুওৱা হয়।

(গ) লাভ-লোকচান হিচাপত অংশীদাৰে পোৱা লাভৰ অংশ দেখুওৱা নহয়। আনাহতে লাভ-লোকচান সংযোজন হিচাপত অংশীদাৰক দিয়া লাভৰ অংশ দেখুওৱা হয়।

12. ‘লাভ-লোকচান সংযোজন হিচাপ’ দেখুওৱা যিকোনো পাঁচটা প্ৰবৃষ্টি উল্লেখ কৰা।

উত্তৰঃ ‘লাভ-লোকচান সংযোজন হিচাপ’ত দেখুওৱা পাঁচটা প্ৰবৃষ্টি হ’লঃ

(ক) মূলধনৰ ওপৰত সুত।

(খ) আহৰণৰ ওপৰত সুত। 

(গ) অংশীদাৰৰ দৰমহা।

(ঘ) সাধাৰণ পুঁজিলৈ স্থানান্তৰ। আৰু

(ঙ) অংশীদাৰে পোৱা লাভৰ অংশ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top