Class 11 Finance Important Chapter 2 বিত্তীয় ব্যৱস্থা

Class 11 Finance Important Chapter 2 বিত্তীয় ব্যৱস্থা Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Finance Important Chapter 2 বিত্তীয় ব্যৱস্থা Solutions in Assamese and select need one. Class 11 Banking Additional Solutions Assamese Medium Download PDF. HS 1st Year Finance Important Question Answer in Assamese.

Class 11 Finance Important Chapter 2 বিত্তীয় ব্যৱস্থা

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Banking Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Finance Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 2

গোট- ১: বিত্ত
IMPORTANT QUESTION AND ANSWER

চুটি প্রশ্ন-উত্তৰ-

১। বিত্তীয় ব্যৱস্থা কাক বোলে?

উত্তৰঃ বিত্তীয় ব্যৱস্থা হৈছে এখন আন্তঃসংযুক্ত প্রতিষ্ঠান, বজাৰ, দলীল, সেৱা আৰু নিয়ন্ত্ৰণ সংস্থাৰ গোট, যি উদ্বৃত্ত ক্ষেত্ৰৰ পৰা ঘাটি ক্ষেত্ৰলৈ পুঁজিৰ স্থানান্তৰ নিশ্চিত কৰে।

২। বেংকিং প্ৰতিষ্ঠান আৰু অনা-বেংকিং প্ৰতিষ্ঠানৰ ভিতৰত এটা এটা পাৰ্থক্য দিয়া।

উত্তৰঃ বেংকিং প্ৰতিষ্ঠান আৰু অনা-বেংকিং প্ৰতিষ্ঠানৰ ভিতৰত এটা এটা পাৰ্থক্য হৈছে- বেংকে তাগিদা জমা গ্ৰহণ কৰিব পাৰে, কিন্তু অনা-বেংকিং প্ৰতিষ্ঠানে তাগিদা জমা গ্ৰহণ কৰিব নোৱাৰে।

৩। মুদ্ৰা বজাৰ কি?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ মুদ্ৰা বজাৰ হৈছে বিত্তীয় বজাৰৰ অংশ য’ত এবছৰৰ ভিতৰত পৰিশোধযোগ্য দলীলৰ লেনদেন কৰা হয়।

৪। মূলধনী বজাৰ ক’ত ব্যৱহৃত হয়?

উত্তৰঃ মূলধনী বজাৰত দীর্ঘম্যাদী প্রতিভূতি যেনে বণ্ড, শ্বেয়াৰ আদি ব্যৱহাৰ কৰা হয়।

৫। SEBI ৰ পূৰ্ণৰূপ কি?

 উত্তৰঃ SEBI ৰ পূৰ্ণৰূপ হৈছে- Securities and Exchange Board of India.

৬। কোনটো সংস্থাই বীমা খণ্ড নিয়ন্ত্ৰণ কৰে?

উত্তৰঃ IRDA (Insurance Regulatory and Development Authority) য়ে বীমা খণ্ড নিয়ন্ত্ৰণ কৰে।

৭। বিত্তীয় দলীলৰ এটা বৈশিষ্ট্য লিখা।

উত্তৰঃ বিত্তীয় দলীলৰ এটা বৈশিষ্ট্য হৈছে- সহজ স্থানান্তৰযোগ্যতা—এই দলীলবোৰ জটিলতা অবিহনে স্থানান্তৰ কৰিব পৰা যায়।

৮। কোনটো সংস্থাই পেঞ্চন খণ্ড নিয়ন্ত্ৰণ কৰে?

উত্তৰঃ PFRDA (Pension Fund Regulatory and Development Authority) সংস্থাই পেঞ্চন খণ্ড নিয়ন্ত্ৰণ কৰে।

৯। মূলধন গঠন কিয় প্ৰয়োজনীয়?

উত্তৰঃ ই উৎপাদনশীল সামগ্ৰী আৰু সেৱাৰ সৃষ্টি কৰি অৰ্থনৈতিক বিকাশ বৃদ্ধি কৰে।

১০। বিত্তীয় সেৱাৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ বীমা, মিউচুৱেল ফাণ্ড, ষ্টক ব্রোকাৰেজ আদি বিত্তীয় সেৱাৰ উদাহৰণ।

১১। বিত্তীয় বজাৰ কাক বোলে?

উত্তৰঃ বিত্তীয় বজাৰ হৈছে এক ব্যৱস্থা য’ত বিত্তীয় সম্পদ আৰু প্রতিভূতিৰ আদান-প্ৰদান হয়, যাৰ মাধ্যমে উদ্বৃত্ত ক্ষেত্ৰৰ পৰা ঘাটি ক্ষেত্ৰলৈ পুঁজি স্থানান্তৰ হয়।

১২। অনা-বেংকিং বিত্তীয় প্ৰতিষ্ঠানৰ এখন উদাহৰণ লিখা।

উত্তৰঃ LIC (Life Insurance Corporation) হৈছে এখন অনা-বেংকিং বিত্তীয় প্ৰতিষ্ঠান।

১৩। মূলধনী বজাৰৰ দলীলবোৰৰ মেয়াদ কিমান হয়?

উত্তৰঃ মূলধনী বজাৰৰ দলীলবোৰৰ মেয়াদ এবছৰৰ ওপৰত বা চিৰস্থায়ী হ’ব পাৰে।

১৪। বিত্তীয় দলীলৰ কাৰ্য কি?

উত্তৰঃ বিত্তীয় দলীল পুঁজিৰ স্থানান্তৰ, মুদ্ৰাৰ সমপৰ্যায়ৰ সম্পদ হিচাপে কাম কৰা, আৰু বিনিয়োগৰ সুৰক্ষা প্ৰদান কৰে।

১৫। SEBI কেতিয়া গঠন কৰা হৈছিল?

উত্তৰঃ SEBI ১৯৮৮ চনত গঠন কৰা হৈছিল আৰু ১৯৯২ চনত আইনী স্বীকৃতি লাভ কৰে।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top