Class 11 Finance Important Chapter 1 বিত্তৰ মূল

Class 11 Finance Important Chapter 1 বিত্তৰ মূল Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Finance Important Chapter 1 বিত্তৰ মূল Solutions in Assamese and select need one. Class 11 Banking Additional Solutions Assamese Medium Download PDF. HS 1st Year Finance Important Question Answer in Assamese.

Class 11 Finance Important Chapter 1 বিত্তৰ মূল

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Banking Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Finance Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 1

গোট- ১: বিত্ত
IMPORTANT QUESTION AND ANSWER

চুটি প্রশ্ন-উত্তৰ:

১। বিত্ত কি? 

উত্তৰঃ বিত্ত হৈছে- যিকোনো ধৰণৰ ব্যয়ৰ বাবে পুঁজি সংগ্ৰহ কৰাৰ প্ৰক্ৰিয়া।

২। বিত্তৰ প্ৰধান দুটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ বিত্তৰ প্ৰধান দুটা বৈশিষ্ট্য হৈছে –

(i) বিত্ত হৈছে এক প্ৰক্ৰিয়া। 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(ii) ই বিনিয়োগ আৰু ধনৰ সংগ্ৰহৰ সৈতে জড়িত।

৩। বিত্তৰ প্ৰধান উপাদানবোৰ কি কি?

উত্তৰঃ বিত্তৰ প্ৰধান উপাদানবোৰ হৈছে – বিত্তীয় প্রতিষ্ঠান, বজাৰ, দলীল আৰু সেৱা।

৪। নিগম বিত্ত বুলিলে কি বুজা?

উত্তৰঃ নিগম বিত্ত হৈছে কোনো কোম্পানীয়ে পুঁজিৰ যোগান, আৱণ্টন আৰু ব্যৱস্থাপনাৰ ওপৰত কৰা অধ্যয়ন।

৫। দীর্ঘম্যাদী বিত্তৰ দুটা উৎস উল্লেখ কৰা।

উত্তৰঃ দীর্ঘম্যাদী বিত্তৰ দুটা উৎস হৈছে- সমাংশ আৰু বণ্ড/ঋণপত্ৰ।

৬। বিত্তৰ অভ্যন্তৰীণ উৎস কি? 

উত্তৰঃ বিত্তৰ অভ্যন্তৰীণ উৎস হৈছে – সঞ্চিত লাভ আৰু সম্পত্তি বিক্ৰী।

৭। প্ৰত্যক্ষ বিত্ত বুলিলে কি বুজা?

উত্তৰঃ যেতিয়া ঋণদাতাৰ পৰা পোনপটীয়া পুঁজি সংগ্ৰহ কৰা হয় তেতিয়া তাক প্ৰত্যক্ষ বিত্ত বোলা হয়।

৮। হ্রস্বম্যাদী বিত্তৰ এক উদাহৰণ দিয়া।

উত্তৰঃ হ্রস্বম্যাদী বিত্তৰ এক উদাহৰণ হৈছে- বাণিজ্যিক ঋণ (Trade Credit)।

৯। পুঁজি আহৰণৰ উৎস দুটা কি কি?

উত্তৰঃ পুঁজি আহৰণৰ উৎস দুটা হৈছে- (i) আভ্যন্তৰীণ উৎস, (ii) বাহ্যিক উৎস।

১০। অগ্রাধিকাৰ অংশ কাক কোৱা হয়?

উত্তৰঃ যি অংশধাৰকে লভ্যাংশ পোৱাৰ ক্ষেত্ৰত অগ্রাধিকাৰ পায়, তেওঁক অগ্ৰাধিকাৰ অংশধাৰক কোৱা হয়।

১১। শংকাযুক্ত মূলধন কি?

উত্তৰঃ শংকাযুক্ত মূলধন হৈছে ব্যক্তিগত ইকুইটিৰ এক ধৰণ, যি স্টাৰ্ট-আপ বা উচ্চ সম্ভাৱনীয় উদ্যোগলৈ পুঁজিৰ যোগান দিয়ে।

১২। সঞ্চিত উপাৰ্জন কাক কোৱা হয়?

উত্তৰঃ কোম্পানীয়ে যি লাভ ভৱিষ্যতত ব্যৱহাৰৰ বাবে জমা কৰি ৰাখে, তাকে সঞ্চিত উপাৰ্জন বুলি কোৱা হয়।

১৩। পুঁজি প্ৰবাহৰ উদ্দেশ্য কি?

উত্তৰঃ পুঁজিৰ সঠিক উৎসৰ পৰা সঠিক সময়ত পুঁজিৰ যোগান দিয়াই পুঁজি প্ৰবাহৰ উদ্দেশ্য।

১৪। বিত্তীয় প্রতিষ্ঠানৰ এটা উদাহৰণ লিখা।

উত্তৰঃ বিত্তীয় প্রতিষ্ঠানৰ এটা উদাহৰণ হৈছে- ভাৰতীয় উদ্যোগিক বিত্তীয় নিগম (IFCI)।

১৫। বিত্তৰ প্ৰধান লক্ষ্য কি?

উত্তৰঃ বিত্তৰ প্ৰধান লক্ষ্য হৈছে সঠিক সময়ত সঠিক উৎসৰ পৰা পুঁজি সংগ্ৰহ কৰি ব্যৱসায়িক লক্ষ্যসমূহ পূৰণ কৰা।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top