Class 11 Education Chapter 3 বিদ্যালয় আৰু ইয়াৰ সংগঠন

Class 11 Education Chapter 3 বিদ্যালয় আৰু ইয়াৰ সংগঠন answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Education Chapter 3 বিদ্যালয় আৰু ইয়াৰ সংগঠন and select needs one.

Class 11 Education Chapter 3 বিদ্যালয় আৰু ইয়াৰ সংগঠন

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 11 Education Chapter 3 বিদ্যালয় আৰু ইয়াৰ সংগঠন Solutions for All Subject, You can practice these here.

বিদ্যালয় আৰু ইয়াৰ সংগঠন

পাঠ: ৩

প্রশ্নাৱলী

১। বিদ্যালয় প্রতিষ্ঠানৰ অর্থ কি?

উত্তৰঃ স্কুলঘৰ, মাটি, স্কুলৰ আচবাব, অন্য সা-সঁজুলি, মানৱ সম্পদ যেনে- ছাত্র-ছাত্রী, শিক্ষক আৰু আন আন কর্মকর্তাসকলক অন্তর্ভুক্ত কৰা এটা বহল শব্দ হৈছে বিদ্যালয়ৰ প্রতিষ্ঠান।

২। ‘শ্রেণীকক্ষতে এখন দেশৰ ভবিষ্যত গঢ়ি তোলা হয়’- এই কথাষাৰ কোনে কৈছিল?

উত্তৰঃ কোঠাৰী আয়োগে।

৩। ইংৰাজী ‘Curriculum ‘ শব্দটো লেটিন ভাষাৰ কোনটো শব্দৰ পৰা উৎপত্তি হৈছে।

উত্তৰঃ ‘currere’ শব্দৰ পৰা উৎপত্তি হৈছে।

৪। ‘Currere’ শব্দৰ অর্থ কি?

উত্তৰঃ ‘run’ অৰ্থাৎ দৌৰ।

৫। প্রমূল্যৰ শিক্ষা বুলিলে কি বুজা?

উত্তৰঃ প্ৰমূল্যৰ শিক্ষাই কোনো মানুহে বা সমাজে গ্রহণ কৰা আদৰ্শক বুজায়। প্রমূল্য শিক্ষাৰ দ্বাৰা শিক্ষাৰ্থীৰ দৈহিক, বৌদ্ধিক আৰু সৌন্দৰ্যবোধৰ বিকাশ আৰু উন্নতি সাধন হয়।

৬। প্রতিভাশালী ছাত্র-ছাত্রীৰ বুদ্ধাংকৰ পৰিসৰ কিমান?

উত্তৰঃ ১৪০ ৰ ঊৰ্ধ্বৰ।

৭। অতি প্ৰখৰ বুদ্ধিসম্পন্ন ছাত্ৰ-ছাত্ৰীৰ বুদ্ধাংকৰ পৰিসৰ কিমান?

উত্তৰঃ ১২০ ৰ পৰা ১৪০ ৰ ভিতৰত।

৮। উচ্চ বুদ্ধিসম্পন্ন ছাত্র-ছাত্রীৰ বুদ্ধাংকৰ পৰিসৰ কিমান? 

উত্তৰঃ ১১০ ৰ পৰা ১২০ ৰ ভিতৰত।

৯। সাধাৰণ বুদ্ধিসম্পন্ন ছাত্র-ছাত্রীৰ বুদ্ধাংকৰ পৰিসৰ কিমান? 

উত্তৰঃ ৯০ ৰ পৰা ১১০ ৰ ভিতৰত।

১০। শ্রেণীকক্ষৰ আকাৰ কি হোবা উচিত? 

উত্তৰঃ আয়ত।

১১। ৯০-১১০ ৰ বুদ্ধ্যাংকৰ ভিতৰত কি ধৰণৰ শিক্ষার্থী অন্তর্ভুক্ত হয়। ‎‫

উত্তৰঃ সাধাৰণ বুদ্ধিসম্পন্ন শিক্ষার্থী অন্তর্ভুক্ত হয়। ‎‫

১২। বিজ্ঞান পৰীক্ষাগাৰত প্রয়োজন হোৱা যিকোনো দুটা। আচ-বাবৰ নাম লিখা।

উত্তৰঃ আলমাৰি আৰু পানী যোগানৰ বাবে পানী টেপ।

১৩। পৃথিভড়ালৰ দায়িত্বত থকা ব্যক্তিজনক কি বুলি কোৱা হয়?

উত্তৰঃ গ্ৰন্থগাৰিক।

১৪। শ্রেণীকক্ষত প্রয়োজনীয় দুবিধ আহিলাৰ নাম লিখা।

উত্তৰঃ ১। শিক্ষকৰ চকী-মেজ। 

২। ডেক্স-বেঞ্চ।

১৫। শ্রেণীকক্ষত ব্যৱহাৰ কৰিব পৰা শ্রৱণ দর্শন সঁজুলিৰ নাম লিখা।

উত্তৰঃ ৰেডিয়া, টেলিভিছন, কম্পিউটাৰ।

১৬। বিদ্যালয়ৰ প্রতিষ্ঠানৰ বৈষয়িক সম্পদ তিনিবিধৰ নাম উল্লেখ কৰা।

উত্তৰঃ মাটি, বিদ্যালয় গৃহ আৰু শ্ৰেণীকক্ষ।

১৭। বিদ্যালয় প্রতিষ্ঠানৰ মানৱ সম্পদ তিনিটাৰ নাম উল্লেখ কৰা।

উত্তৰঃ বিদ্যালয় প্রতিষ্ঠানৰ মানৱ সম্পদ তিনিটাৰ নাম হল― 

১। শিক্ষক।

২। ছাত্ৰ-ছাত্ৰী।

৩। কৰ্মচাৰী।

১৮। চমুটোকা লিখাঃ

(ক) বিষয়কেন্দ্ৰিক পাঠ্যক্ৰম।

উত্তৰঃ পৰম্পৰাগত পাঠ্যক্ৰমৰ অৰ্থ হ’ল বিষয়কেন্দ্রিক পাঠ্যক্রম। ইয়াত ছাত্রতকৈ বিষয়ৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। ই কেৱল ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক দিশৰ বিকাশতহে অধিক গুৰুত্ব দিয়ে আৰু সামাজিক আৰু ব্যক্তিগত দিশৰ বিকাশকসম্পূৰ্ণৰূপে অৱজ্ঞা কৰে। 

(খ) ক্ৰিয়াভিত্তিক পাঠ্যক্ৰম।

উত্তৰঃ যি পাঠ্যক্রমে শিক্ষাত কৰ্ম বা ক্ৰিয়াৰ নীতিসমূহ অনুসৰণ কৰে তাকে ক্রিয়াভিত্তিক পাঠ্যক্রম বোলে। এই পাঠ্যক্ৰমত কৰ্মৰ মাজেৰে বিষয়বস্তুৰ জ্ঞান দিয়া হয়। ক ‘মেনিয়াছ (comenius) পৰামর্শ দিছিল যে যেতিয়াই কোনো বিষয় শিকোৱা হয়, তাক কর্মৰ মাজেৰে শিকাব লাগে (Whatever has to be learnt, must be learnt by doing)। এই ধৰণৰ পাঠ্যক্রমে ল’ৰা-ছোৱালীক গঠনমূলক আৰু সৃজনীমূলক গুণৰ বিকাশ ঘটোৱাত সহায় কৰে আৰু তেওঁলোকৰ ব্যক্তিত্বৰ সামগ্রিক বিকাশ ঘটায়। ই আকৌ ল’ৰা ছোৱালীৰ সামাজিক গুণৰ বিকাশতো সহায় কৰে। তেওঁলোকে প্রতিটো সমস্যা সমাধানৰ কাৰণে শিক্ষকৰ ওপৰত নিৰ্ভৰ নকৰে আৰু পাৰস্পৰিক সহায়- সহযোগিতাৰে সমস্যাসমূহৰ সমাধান কৰিবলৈ চেষ্টা কৰে।

(গ) অভিজ্ঞতাভিত্তিক পাঠ্যক্রম।

উত্তৰঃ এইবিধ পাঠ্যক্রমে উন্নত মানৰ আৰু বিভিন্ন ধৰণৰ জ্ঞান, কৌশল, মনোভাৱ আদিৰ অভিজ্ঞতাৰ যোগান ধৰে। এনে পাঠ্যক্ৰমৰ পৰা শিক্ষার্থীয়ে জ্ঞান আৰু বাস্তৱ জীৱনৰ মাজত থকা গভীৰ সম্পৰ্কৰ বিষয়ে উপলব্ধি কৰিবলৈ সক্ষম হয়। শিক্ষাবিদ জন ডিউইয়ে শিশুৰ অভিজ্ঞতাকেই শিক্ষাৰ একমাত্র মৌলিক আৰু ফলপ্রসু উপাদান বুলি উল্লেখ কৰিছে।

বৰ্তমান সময়ৰ পাঠ্যক্ৰমৰ আসোঁৱাহসমূহ-

(ক) সংকীৰ্ণ ধাৰণা।

(খ) ক্রিয়া-কলাপৰ কোনো স্থান নাই।

(গ) পাাঠ্য বিষয়ৰ মাত্ৰাধিক্য।

(ঘ) ল’ৰা-ছোৱালীৰ প্ৰয়োজন পূৰাবলৈ অনুপযোগী।

(ঘ) অপৃথকীকৰণ পাঠ্যক্ৰম।

উত্তৰঃ অপৃথকীকৰণ পাঠ্যক্ৰম হ’ল এনে এক পাঠ্যক্রম যিয়ে বিভিন্ন বিষয়ৰ ওপৰত বিশেষভাৱে অধ্যয়ন কৰাত গুৰুত্ব নিদিয়ে। শিশুৰ পূৰ্ণ ব্যক্তিত্বৰ বিকাশ সামগ্রিকভাৱে লাভ কৰা অভিজ্ঞতাৰ যোগেহে সম্ভৱ। বিষয়ৰ একত্ৰিকৰণ আৰু কর্মৰ যেগেদিহে এই সংহতি আনিব পৰা যাব।

(ঙ) বুনিয়াদী শিক্ষা পাঠ্যক্ৰম।

উত্তৰঃ বুনিয়াদী শিক্ষাৰ পাঠ্যক্ৰম মহাত্মা গান্ধীৰ শিক্ষা সম্বন্ধীয় ধাৰণাৰ ওপৰত নিৰ্ভৰশীল যিয়ে শিশুৰ লগতে প্রতিজন ব্যক্তিৰ দেহ-মন আৰু আত্মাৰ পূৰ্ণ বিকাশত গুৰুত্ব দিয়ে। সহ-সম্বন্ধৰ নীতি এই পাঠ্যক্ৰমৰ মূল কথা। এই পাঠ্যক্ৰমৰ স্রষ্টাসকলে বিশ্বাস কৰিছিল যে কিছুমান উদ্দেশ্যধর্মী ক্রিয়াকলাপৰ দ্বাৰা জ্ঞানৰ যোগান ধৰিব লাগে। কাৰণ বাস্তৱ অভিজ্ঞতা আৰু ব্যক্তিগত নিৰীক্ষণেই হ’ল প্ৰকৃত জ্ঞান। এইদৰে বুনিয়াদী শিক্ষাৰ পাঠ্যক্রমে শিক্ষাৰ বাস্তৱিক দিশত বেছি গুৰুত্ব দিয়ে। ছাত্র-ছাত্ৰীৰ অন্তৰত দেশপ্রেম অনুভূতি বিকাশ কৰাটোও এই পাঠ্যক্ৰমৰ লক্ষ্য।

(চ) জীৱনভিত্তিক পাঠ্যক্ৰম।

উত্তৰঃ এই বিধ পাঠ্যক্রমত, পাঠ্যক্রম প্ৰস্তুতকৰণৰ আটাইবোৰ গুৰুত্বপূৰ্ণ নীতিকে সামৰি ল’বলৈ চেষ্টা কৰা হয় আৰু তাৰ পাছত, বিভিন্ন পৰ্যায়ৰ ছাত্র- ছাত্ৰীৰ কাৰণে ক্রিয়া-কলাপ আৰু বিষয়সমূহ নিৰ্বাচন কৰা হয়। এইবিধ পাঠ্যক্ৰম মানৱ জীৱনৰ প্ৰতিটো ক্রিয়া- কলাপৰ দিশকেই সামৰি লয় আৰু এইদৰে জীৱনভিত্তিক পাঠ্যক্রমে ব্যক্তি আৰু সমাজৰ প্ৰয়োজন পূৰ কৰে। ই সাংস্কৃতিক সম্পদসমূহ এটা পুৰুষৰ পৰা আনটো পুৰুষলৈ হস্তান্তৰ কৰে, বৰ্তমানক ব্যাখ্যা কৰে আৰু ভৱিষ্যতৰ বিষয়ে পৰিকল্পনা কৰে। এইদৰে, এইবিধ পাঠ্যক্রমে শিশুসকলক বৰ্তমান সময়ৰ পৰিৱৰ্তনশীল আৰু জটিল সমাজখনত সমাযোজন কৰাত সক্ষম কৰি তোলে।

১৯। বিদ্যালয়ৰ প্রকল্প স্থাপন কৰাৰ সময়ত মাটি নির্বাচন কৰাৰ সময়ত মনত ৰাখিবলগীয়া তিনিটা চর্ত উল্লেখ কৰা।

উত্তৰঃ বিদ্যালয়ৰ প্রকল্প স্থাপন কৰাৰ সময়ত মাটি নির্বাচন কৰাৰ সময়ত মনত ৰাখিবলগীয়া তিনিটা চর্ত হৈছে― 

১। বিদ্যালয়ৰ অৱস্থান ঘাই পথৰ একেবাৰে কাষত বা দূৰত হ’ব নালাগে। পৰিৱেশটো স্বাস্থ্যকৰ হোৱা দৰকাৰ।

২। বিদ্যালয়ৰ বাবে নির্বাচিত মাটিডোখৰ শুকান, মুকলি, ওখ আৰু ৰ’দ পৰা ঠাইত হ’ব লাগে। তেনে ঠাইত তেতিয়াহে পানী জমা হ’ব নোৱাৰিব আৰু ৰ’দ-বতাহৰ চলাচল অবাধে চলিব।

৩। নগৰৰ ঘন বসতি, জনপূর্ণ বা বজাৰ আদিৰ পৰা আঁতৰত নির্জন ঠাইত বিদ্যালয় স্থাপন কৰিব লাগে।

২০। যিকোনো তিনি প্ৰকাৰৰ পাঠ্যক্ৰমৰ নাম উল্লেখ কৰা।

উত্তৰঃ যিকোনো তিনি প্ৰকাৰৰ পাঠ্যক্ৰমৰ নাম হল―

১। ক্রিয়াভিত্তিক পাঠ্যক্রম।

২। অপৃথকীকৰণ পাঠ্যক্রম।

৩। অভিজ্ঞতাভিত্তিক পাঠ্যক্রম।

২১। স্কুল প্ৰকল্পৰ বাবে প্রয়োজন হোৱা যিকোনো তিনিটা সঁজুলিৰ নাম লিখা।

উত্তৰঃ স্কুল প্ৰকল্পৰ বাবে প্রয়োজন হোৱা যিকোনো তিনিটা সঁজুলিৰ নাম হল―

১ ডেক্স-বেঞ্চ, শিক্ষকৰ চকী-মেজ আদি আচবাব।

২। ব্লেকবোর্ডৰ লগতে ডাষ্টাৰ।

৩। পুথিভঁড়ালৰ বাবে আৱশ্যকীয় আলমাৰী।

২২। স্কুল গৃহ নির্মাণ কৰোতে মনত ৰাখিবলগা তিনিটা কথাৰ বিষয়ে উল্লেখ কৰা।

উত্তৰঃ স্কুল গৃহ নির্মাণ কৰোতে মনত ৰাখিবলগা তিনিটা কথাৰ বিষয়েসমূহ হল―

১। বিদ্যালয় ঘৰবোৰ এনেদৰে নিৰ্মাণ কৰিব লাগে যাতে ই ছাত্র- ছাত্ৰীসকলৰ শৈক্ষিক প্রয়োজন আৰু আগ্রহ পূৰণত সফল হ’ব পাৰে।

২। বিদ্যালয় ঘৰসমূহ I, L, T, U, E বা H আখৰৰ আকৃতিৰ হ’ব লাগে। আকৃতিৰ বিদ্যালয়ঘৰ নিৰ্মাণ কৰাটো বেছি প্রয়োজনীয়।

৩। বিদ্যালয় প্রতিষ্ঠানে পাঠ্যক্রম আৰু সহ পাঠ্যক্রম সম্বন্ধীয় কাৰ্যকলাপৰ বাবে সকলো ধৰণৰ প্ৰয়োজনীয় সুবিধা প্রদান কৰা দৰকাৰ।

২৩। শ্রেণীকোঠা নির্মাণ কৰোতে মনত ৰাখিবলগীয়া চর্ত উল্লেখ কৰা।

উত্তৰঃ শিক্ষণ কাৰ্যটো হৈছে এটা গৱেষণাত্মক ক’লা। শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত গঢ় লৈ উঠা সম্বন্ধ ই শিক্ষকসকলক বিভিন্ন তথ্য উদ্‌ঘাটনতো সহায় কৰে। স্কুলৰ শ্রেণী-কোঠাটো হৈছে ভৱিষ্যৎ উন্নত সমাজ নিৰ্মাণৰ প্রধান কর্মশালা স্বৰূপ। কিন্তু এই গভীৰ দায়িত্ব পালন কৰিব পৰাকৈ স্কুলৰ শ্ৰেণীকোঠাসমূহ সজাই তোলাটোও একান্ত প্রয়োজন। ছাত্ৰসকলৰ মনত কৌতূহল আৰু অভিৰোচন ভাব সৃষ্টি কৰিব পৰাকৈ শ্রেণীসমূহ স্বকীয় বৈশিষ্ট্যপূর্ণ গঢ়ি তুলিব লাগে। শ্রেণীকোঠাসমূহ আহল-বহল হ’ব লাগে। বেঞ্চ ডেক্সবোৰ ছাত্ৰৰ বয়স আৰু দৈহিক উচ্চতা অনুযায়ী সাজিব লাগে। শ্রেণীকোঠাটোৰ দীঘ-প্রস্থ সমান হ’ব লাগে। আসন কিছু উচ্চ স্থানত হব লাগে, যাতে সকলো শিক্ষার্থীয়ে শিক্ষক জনক আৰু শিক্ষকজনেও সকলো ছাত্র-ছাত্রীক ঠিকমতে দেখা পায়। শ্রেণীকোঠাত উপযুক্ত স্থানত ব্লেকবোর্ড, মেপ, চার্ট, ৰেখাচিত্র আদি অন্যান্য সামগ্রীসমূহ ৰাখিব লাগে।

২৪। বিজ্ঞান পৰীক্ষাগাৰ নিৰ্মাণ কৰোতে মনত ৰাখিবলগীয়া পাঁচটা চর্ত উল্লেখ কৰা।

উত্তৰঃ বিজ্ঞান পৰীক্ষাগাৰ নিৰ্মাণ কৰোতে মনত ৰাখিবলগীয়া পাঁচটা চর্ত উল্লেখ কৰা হৈছে:

১। বিজ্ঞান পৰীক্ষাগাৰটো মুখ্য বিদ্যালয় ঘৰৰ পৰা অলপ আঁতৰত পার্শ্বৱর্তীভাবে স্থাপন কৰিব লাগে।

২। কোঠাত নিয়মিয়াভাৱে প্রয়োজন হোৱা গেছ, পানী, আৰু বিদ্যুৎ যোগানৰ ব্যৱস্থা থাকিব লাগে। 

৩। কেমেৰা আৰু পৰ্দাৰ সহায়ত ছবি আৰু স্লাইডক সক্ৰিয় কৰি তোলাৰ ব্যৱস্থা কৰিব লাগে।

৪। ৰাসায়নিক পদার্থসমূহ ৰাখিব পৰাকৈ ভাল আলমাৰীৰ ব্যৱস্থা থাকিব লাগে।

৫। পৰীক্ষাগাৰৰ বস্তুসমূহ নিখুঁতভাৱে ৰাখিবৰ বাবে এজন পৰীক্ষাগাৰ কৰ্মচাৰীক নিযুক্তি দিব লাগে।

২৫। সুচলাকাৰী হিচাপে শিক্ষকৰ পাঁচটা কার্যাৱলী উল্লেখ কৰা। 

উত্তৰঃ সুচলাকাৰী হিচাপে শিক্ষকৰ পাঁচটা কার্যাৱলী হল―

১। শ্রেণীকোঠাত পাঠদান কৰাৰ আগতে শিক্ষকজনে নিজকে সাজু কৰি ল’ব লাগে আৰু প্রত্যেকজন ছাত্র-ছাত্রীয়ে যাতে পাঠদানৰ সময়ত কৰিব লাগে।

২। তেওঁ শিক্ষাদানৰ বিভিন্ন উপায় অৱলম্বন কৰিব লাগে।

৩। তেওঁ পাঠদান কৰাৰ লগতে যিকোনো সময়ত ছাত্র-ছাত্রীক বিষয়টোৰ ওপৰত প্রশ্ন সুধিব পাৰে আৰু প্রশ্নোত্তৰৰ কাৰণে তেওঁ ছাত্র-ছাত্রীক কিছুসময় দিব লাগে।

৪। শিক্ষকে ছাত্র-ছাত্ৰীক পাঠদানৰ সময়ত বিভিন্ন কথা কোৱাৰ পৰিৱৰ্তে প্ৰশ্নৰ উত্তৰ সঠিকভাৱে দিবলৈ উৎসাহিত কৰিব লাগে।

৫। তেওঁ ছাত্ৰ-ছাত্ৰীৰ বহীবোৰ নিৰীক্ষণ কৰিব লাগে আৰু কিবা ভুল কৰিলে সেই ভুলৰ শুধৰণি কৰি ছাত্র-ছাত্রীক বুজাই দিব লাগে।

২৬। অভিপ্রেৰক হিচাপে শিক্ষকৰ পাঁচটা কার্যাৱলী উল্লেখ কৰা।

উত্তৰঃ অভিপ্রেৰক হিচাপে শিক্ষকৰ পাঁচটা কার্যাৱলী হল―

১। শিক্ষকজনে তেওঁৰ বিষয়ৰ ওপৰত এক স্পষ্ট জ্ঞান ছাত্র-ছাত্রীসকলক দিয়া উচিত।

২। তেওঁ নিজৰ শিক্ষকতাক সফল আৰু মনোগ্ৰাহী কৰি তুলিবলৈ বিভিন্ন প্ৰকাৰৰ শিক্ষণ কৌশল অৱলম্বন কৰি তুলিবলৈ বিভিন্ন প্ৰকাৰৰ শিক্ষণ কৌশল অৱলম্বন কৰিব পাৰে।

৩। এটা সম্পূর্ণভাৱে সু-সজ্জিত কোঠাক তেওঁ শ্রেণী কোঠা হিচাপে বাচি ল’ব লাগে যাতে ছাত্র-ছাত্রীসকলে পাঠদানৰ সময়ত এক সুস্থ পৰিবেশ গঢ়ি ল’ব পাৰে।

৪। সময়ে সময়ে কোনো বিশেষ শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ লগত সময় দিব লাগে যাতে তেওঁলোকে বাহ্যিক জগতখনৰ বিষয়ে নিজৰ জ্ঞানৰ পৰিসৰ বঢ়াব পাৰে।

৫। পাঠদানৰ সময়ত শিক্ষকে বিভিন্ন পৰিঘটনা আৰু উদাহৰণৰ সহায় লোৱা উচিত।

২৭। পৰামর্শদাতা হিচাপে শিক্ষকৰ পাঁচটা কার্যাৱলী উল্লেখ কৰা।

উত্তৰঃ পৰামর্শদাতা হিচাপে শিক্ষকৰ পাঁচটা কার্যাৱলী উল্লেখ কৰা হৈছে―

১। ছাত্র-ছাত্ৰীৰ ঘৰুৱা অৱস্থাৰ লগত শিক্ষকজন পৰিচিত হ’ব লাগে। 

২। ছাত্র-ছাত্রীৰ স্বাস্থ্য, তেওঁলোকে পৰীক্ষাত পোৱা নম্বৰ আদি বিষয় শিক্ষকজনে অধ্যয়ন কৰা উচিত।

৩। ছাত্র-ছাত্রীসকলৰ মাজত থকা ব্যক্তিগত পার্থক্য তেওঁ চিনি পোৱা দৰকাৰ।

৪। তেওঁ ছাত্র-ছাত্রীসকলৰ দৈনন্দিন সকলো তথ্য সংগ্রহ কৰিব লাগে।

৫। ছাত্র-ছাত্রীসকলে বিভিন্ন সমস্যা সমাধান কৰাত শিক্ষকসকলে নিয়মিতভাৱে তেওঁলোকক সহায় কৰা দৰকাৰ।

২৮। ভাল পুথিভঁড়াল এটাৰ যিকোনো পাঁচটা বৈশিষ্ট উল্লেখ কৰা।

উত্তৰঃ ভাল পুথিভঁড়াল এটাৰ যিকোনো পাঁচটা বৈশিষ্ট হৈছে:

১। পুথিভঁৰালত সকলো স্তৰৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ বাবে কিতাপ থাকিব লাগে।

২। পুথিভঁৰাল ভালদৰে চলাবৰ বাবে একোজন সুদক্ষ পুথিভঁৰালীৰ প্ৰয়োজন।

৩। বিদ্যালয়ৰ পুথিভঁৰাল হ্রস্বকালীন আৰু দীর্ঘকালীন বন্ধৰ সময়তো খোলা ৰাখিব লাগে।

৪। বিদ্যালয়ৰ পুথিভঁৰালক জনপ্ৰিয় কৰিবৰ বাবে বছৰত এবাৰকৈ বার্ষিক পুথিভঁৰাল দিৱস উৎযাপন কৰিব লাগে।

৫। বিভিন্ন বিষয়ৰ পুথি সহজে পাব পৰাকৈ বিষয়বস্তু অনুসৰি নিয়াৰিকৈ সজাই থব লাগে।

২৯। এজন শিক্ষকৰ পাঁচটা ব্যক্তিগত গুণাৱলী উল্লেখ কৰা।

উত্তৰঃ এজন শিক্ষকৰ পাঁচটা ব্যক্তিগত গুণাৱলী হৈছে―

১। ছাত্ৰ-ছাত্ৰীৰ লগত শিক্ষকজনে বন্ধু, দার্শনিক আৰু পথ-প্ৰদৰ্শকৰ ভূমিকা ল’ব লাগে।

২। শিক্ষক বৃত্তিটোৰ প্ৰতি তেওঁৰ শ্ৰদ্ধা থকা দৰকাৰ।

৩। শিশুৰ প্ৰতি তেওঁৰ এক স্বভাৱসূলভ মৰম-ভালপোৱা থাকিব লাগে।

৪। শিক্ষকৰ আটাইতকৈ প্রয়োজনীয় গুণটো হ’ল তেওঁ ছাত্র- ছাত্রীসকলৰ লগত থকাৰ সময়ত পক্ষপাতমূলক আচৰণ পৰিহাৰ কৰা।

৫। তেওঁ নম্র আৰু সজ আচৰণৰ অধিকাৰী হ’ব লাগে।

৩০। শিক্ষকৰ পাঁচটা বৃত্তিমূলক গুণাৱলী উল্লেখ কৰা।

উত্তৰঃ শিক্ষকৰ পাঁচটা বৃত্তিমূলক গুণাৱলীসমূহ তলত উল্লেখ কৰা হৈছে―

(ক) বিষয়বস্তুৰ ওপৰত দক্ষতা (Mastery of the subject mater): নিজৰ বিষয়ৰ ওপৰত শিক্ষকৰ পৰ্যাপ্ত পৰিমাণৰ দক্ষতা থকা দৰকাৰ। নিজৰ বিষয়ৰ ওপৰত থকা যিকোনো অজ্ঞতাই শিক্ষকজনৰ ছাত্ৰ-ছাত্ৰীৰ আগত সন্মান হানিৰ সম্ভাৱনা আহি পৰে। বিষয় সম্বন্ধীয় কিতাপ, আলোচনী, পৰিশীলন, প্রশিক্ষণ আদিৰ পৰা শিক্ষা গ্রহণ কৰি শিক্ষকজনে নিজৰ বিষয়বস্তুৰ ওপৰত জ্ঞান আহৰণ পৰিব পাৰে।

(খ) শিক্ষণ পদ্ধতিৰ ওপৰত সম্যক জ্ঞান (Grasp over the method): শিক্ষকে ছাত্র-ছাত্রীক জ্ঞানদান কৰিবলৈ প্ৰকৃত পদ্ধতি গ্রহণ কৰা উচিত। সিয়ে তেওঁৰ শিক্ষকতাক বেছি ফলদায়ক কৰি তুলিব।

(গ) পৰিকল্পনা আৰু প্রস্তুতি (Planning and preparation): শ্রেণীত পাঠদান কৰাৰ আগতে শিক্ষকে নিজকে শ্ৰেণীটোৰ পৰিৱেশৰ লগত খাপ-খুৱাই ল’বলৈ প্রস্তুত হ’ব লাগে। শ্রেণীত পাঠদান কৰাৰ আগত সেই পঠনীয় বিষয়টো শিক্ষকসকলে আগতীয়াকৈ প্ৰস্তুত কৰি ল’ব লাগে।

(ঘ) প্রত্যেক ছাত্র-ছাত্ৰীৰ ব্যক্তিত্বৰ প্ৰতি সন্মান প্রদর্শন (Respect for the indi- viduality of each child): প্রত্যেক ছাত্ৰ-ছাত্ৰীৰে যে সুকীয়া সুকীয়া ব্যক্তিত্ব আছে, সেই বিষয়ে শিক্ষকজনে বুজা উচিত। তেওঁ ছাত্ৰ-ছাত্ৰীৰ অনুভূতি আৰু দৃষ্টিভংগীক গুৰুত্ব প্রদান কৰা দৰকাৰ।

(ঙ) শিশু মনোবিজ্ঞানৰ ওপৰত থকা জ্ঞান (Knowledge of child psychology): শিশু মনোবিজ্ঞান আৰু শিক্ষা মনোবিজ্ঞান সম্বন্ধে শিক্ষকৰ জ্ঞান থকা উচিত। ই শিক্ষকজনক ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন সমস্যা বুজাত আৰু সঠিক সমাধান দিয়াত সফল কৰি তুলিব পাৰে।

৩১। আদর্শ শিক্ষক এজনৰ পাঁচটা গুণ উল্লেখ কৰা।

উত্তৰঃ আদর্শ শিক্ষক এজনৰ পাঁচটা গুণ:

(ক) ছাত্র-ছাত্ৰীৰ লগত শিক্ষকজনে বন্ধু, দার্শনিক আৰু পথ-প্ৰদৰ্শকৰ ভূমিকা ল’ব লাগে।

(খ) শিক্ষক বৃত্তিটোৰ প্ৰতি তেওঁৰ শ্ৰদ্ধা থকা দৰকাৰ।

(গ) শিশুৰ প্ৰতি তেওঁৰ এক স্বভাৱসূলভ মৰম-ভালপোৱা থাকিব লাগে।

(ঘ) তেওঁৰ স্বৰধ্বনি ডাঙৰ আৰু স্পষ্ট হ’ব লাগে।

(ঙ) তেওঁ শাৰীৰিক আৰু মানসিকভাৱে সুস্থ-সবল হ’ব লাগে।

৩২। নতুন পৰিস্থিতিত শিক্ষকৰ সম্মুখত দিয়া পাঁচটা প্রত্যহ্বানৰ বিষয়ে উল্লেখ কৰা।

উত্তৰঃ নতুন পৰিস্থিতিত শিক্ষকৰ সম্মুখত দিয়া পাঁচটা প্রত্যহ্বানৰ বিষয়ে হল―

১। জীৱনৰ প্ৰতিটো দিশতে জ্ঞানৰ যথেষ্ট বিকাশ হৈছে আৰু ই শিক্ষকৰ ভূমিকাৰ প্রত্যাহ্বানমূলক কৰি তুলিছে।

২। তেওঁ প্রত্যেক দিনাই নতুন নতুন ধাৰণা যেনে ব্যক্তিবিশেষক দিয়া নির্দেশ, অনুশিক্ষণ আদিৰে পৰিপুষ্ট হ’ব লাগে।

৩। ৰেডিঅ’, দূৰদৰ্শন আদি গণমাধ্যমসমূহৰ বর্ধিত প্রভাৱৰ কাৰণে শিক্ষকে ইয়াক শিক্ষণ প্রক্রিয়াত উচিত ব্যৱহাৰ কৰিব লগা হৈছে।

৪। ভাল সমাজিক আৰু অর্থনৈতিক গোটৰ ল’ৰা-ছোৱালীৰ লগতে নিম্ন আর্থ- সামাজিক গোটৰ ল’ৰা-ছোৱালী যিসকল শিক্ষকতকৈ অধিক প্রতিভাসম্পন্ন এই সকলৰ লগত একে সময়তে শিক্ষকজনে পৰিচালনা কৰিব লাগে।

৫। জীৱনৰ প্রতি এক গণতান্ত্রিক, ব্যৱহাৰিক আৰু সামাজিক ধাৰণা শিক্ষকে গ্রহণ কৰিব লাগে।

৬। বর্তমান যুগত শিক্ষকসকলে নিজৰ  বিষয়ৰ ওপৰত এক বহল দৃষ্টিভংগী ল’ব লাগে।

৩৩। পাঠ্যক্রমৰ পাঁচটা প্রকাৰৰ নাম লিখা।

উত্তৰঃ পাঠ্যক্রমৰ পাঁচটা প্রকাৰৰ নাম হল―

১। পৰম্পৰাগত পাঠ্যক্রম বা বিষয়কেন্দ্রিক পাঠ্যক্রম (The traditional or subject centred curriculm): পৰম্পৰাগত পাঠ্যক্ৰমৰ অৰ্থ হ’ল বিষয়কেন্দ্রিক পাঠ্যক্রম। ইয়াত ছাত্রতকৈ বিষয়ৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। ই কেৱল ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক দিশৰ বিকাশতহে অধিক গুৰুত্ব দিয়ে আৰু সামাজিক আৰু ব্যক্তিগত দিশৰ বিকাশক সম্পূৰ্ণৰূপে অৱজ্ঞা কৰে।

২। ক্রিয়াভিত্তিক পাঠ্যক্রম (Activity cen- Tral curriculum): যি পাঠ্যক্রমে শিক্ষাত কৰ্ম বা ক্ৰিয়াৰ নীতিসমূহ অনুসৰণ কৰে তাকে ক্রিয়াভিত্তিক পাঠ্যক্রম বোলে। এই পাঠ্যক্ৰমত কৰ্মৰ মাজেৰে বিষয়বস্তুৰ জ্ঞান দিয়া হয়। ক ‘মেনিয়াছ পৰামর্শ দিছিল যে যেতিয়াই কোনো বিষয় শিকোৱা হয়, তাক কর্মৰ মাজেৰে শিকাব লাগে। এই ধৰণৰ পাঠ্যক্রমে ল’ৰা-ছোৱালীক গঠনমূলক আৰু সৃজনীমূলক গুণৰ বিকাশ ঘটোৱাত সহায় কৰে আৰু তেওঁলোকৰ ব্যক্তিত্বৰ সামগ্রিক বিকাশ ঘটায়। ই আকৌ ল’ৰা ছোৱালীৰ সামাজিক গুণৰ বিকাশতো সহায় কৰে। তেওঁলোকে প্রতিটো সমস্যা সমাধানৰ কাৰণে শিক্ষকৰ ওপৰত নিৰ্ভৰ নকৰে আৰু পাৰস্পৰিক সহায়- সহযোগিতাৰে সমস্যাসমূহৰ সমাধান কৰিবলৈ চেষ্টা কৰে।

৩। অপৃথকীকৰণ পাঠ্যক্রম (The Undifferentited Curriculum): অপৃথকীকৰণ পাঠ্যক্ৰম হ’ল এনে এক পাঠ্যক্রম যিয়ে বিভিন্ন বিষয়ৰ ওপৰত বিশেষভাৱে অধ্যয়ন কৰাত গুৰুত্ব নিদিয়ে। শিশুৰ পূর্ণ ব্যক্তিত্বৰ বিকাশ সামগ্রিকভাৱে লাভ কৰা অভিজ্ঞতাৰ যোগেহে সম্ভৱ। বিষয়ৰ একত্ৰিকৰণ আৰু কৰ্মৰ যেগেদিহে এই সংহতি আনিব পৰা যাব।

৪। বুনিয়াদী শিক্ষাৰ পাঠ্যক্রম (Basic Curriculum Education): বুনিয়াদী শিক্ষাৰ পাঠ্যক্ৰম মহাত্মা গান্ধীৰ শিক্ষা সম্বন্ধীয় ধাৰণাৰ ওপৰত নিৰ্ভৰশীল যিয়ে শিশুৰ লগতে প্রতিজন ব্যক্তিৰ দেহ-মন আৰু আত্মাৰ পূৰ্ণ বিকাশত গুৰুত্ব দিয়ে। সহ-সম্বন্ধৰ নীতি এই পাঠ্যক্ৰমৰ মূল কথা। এই পাঠ্যক্ৰমৰ স্রষ্টাসকলে বিশ্বাস কৰিছিল যে কিছুমান উদ্দেশ্যধর্মী ক্রিয়াকলাপৰ দ্বাৰা জ্ঞানৰ যোগান ধৰিব লাগে। কাৰণ বাস্তৱ অভিজ্ঞতা আৰু ব্যক্তিগত নিৰীক্ষণেই হ’ল প্রকৃত জ্ঞান। এইদৰে বুনিয়াদী শিক্ষাৰ পাঠ্যক্রমে শিক্ষাৰ বাস্তৱিক দিশত বেছি গুৰুত্ব দিয়ে। ছাত্র-ছাত্ৰীৰ অন্তৰত দেশপ্রেম অনুভূতি বিকাশ কৰাটোও এই পাঠ্যক্ৰমৰ লক্ষ্য।

৫। অভিজ্ঞতাভিত্তিক পাঠ্যক্রম (The Expe- rience Curriculum): এই বিধ পাঠ্যক্রমে উন্নত মানৰ আৰু বিভিন্ন ধৰণৰ জ্ঞান, কৌশল, মনোভাৱ আদিৰ অভিজ্ঞতাৰ যোগান ধৰে। এনে পাঠ্যক্ৰমৰ পৰা শিক্ষার্থীয়ে জ্ঞান আৰু বাস্তৱ জীৱনৰ মাজত থকা গভীৰ সম্পৰ্কৰ বিষয়ে উপলব্ধি কৰিবলৈ সক্ষম হয়। শিক্ষাবিদ জন ডিউইয়ে শিশুৰ অভিজ্ঞতাকেই শিক্ষাৰ একমাত্র মৌলিক আৰু ফলপ্রসু উপাদান বুলি উল্লেখ কৰিছে।

৩৪। প্রচলিত পাঠ্যক্ৰমৰ পাঁচটা আসোৱাহ উল্লেখ কৰা।

উত্তৰঃ প্রচলিত পাঠ্যক্ৰমৰ পাঁচটা আসোৱাহ উল্লেখ কৰা হল―

১। সংকীর্ণ ধাৰণা (Narrowly conceived): বৰ্তমানৰ পাঠ্যক্ৰমৰ পৰিসৰ যথেষ্ঠ কম। শিক্ষানুষ্ঠানত নামভৰ্তি কৰি পৰীক্ষাত উত্তীৰ্ণ হ’বৰ বাবে যুগুত কৰা সীমিত পাঠ্যসূচীকেই মাথোন ইয়াৰ দ্বাৰা বুজোৱা হয়।

২। ক্রিয়া-কলাপৰ কোনো স্থান নাই (No place for Activity): বৰ্তমানৰ পাঠ্যক্ৰমত কৰ্মৰ কোনো স্থান নাই। ইয়াত কেৱল পাঠ্যপুথি লিখা আৰু পঢ়া কার্য্যতহে অধিক গুৰুত্ব দিয়া হয়। ইয়াত ‘হাতে কামে শিক্ষা’ নীতিত গুৰুত্ব দিয়া নহয়।

৩। ল’ৰা-ছোৱালীৰ প্ৰয়োজন পুৰাবলৈ অনুপযোগী (Unsuitable to children needs):  ই ল’ৰা-ছোৱালীৰ বিভিন্ন প্রয়োজন পূৰ কৰিবলৈ সক্ষম নহয়। 

৪। কাৰিকৰী আৰু বিত্তীয় শিক্ষাৰ অভাৱ (Lack of provision for technical and vocational studies): স্কুলীয়া পাঠ্যক্রমত কাৰিকৰী আৰু বৃত্তীয় শিক্ষাৰ অভাৱ দেখা যায়। বৰ্তমানৰ পাঠ্যক্রমে কাৰিকৰী আৰু বৃত্তীয় বিষয়ক সামৰি লোৱা নাই যিটো ছাত্র-ছাত্রীৰ দেশৰ অৰ্থনৈতিক আৰু উদ্যোগিক বিকাশৰ বিষয়ে প্রশিক্ষণ দিয়াৰ ক্ষেত্ৰত অতি আবশ্যকীয়।

৫। পৰীক্ষাৰ দ্বাৰা প্রভাৱিত Dominated by Examination: প্রচলিত পাঠ্যক্রম কেৱল পৰীক্ষাৰ উপযোগী কৰিহে প্রস্তুত কৰি তোলা হয়। ছাত্র- ছাত্রীক দেশৰ অর্থনৈতিক আৰু উদ্যোগিক বিকাশৰ বিষয়ে প্রশিক্ষণ দিয়াৰ ক্ষেত্ৰত অতি আবশ্যকীয়।

৩৫। পাঠ্যক্রম প্রস্তুতিকৰণৰ পাঁচটা নীতি উল্লেখ কৰা।

উত্তৰঃ পাঠ্যক্রম প্রস্তুত কৰা সময়ত তলত উল্লেখ কৰা নীতি সমূহ মানি চলিব লাগে।

(ক) শিশুকেন্দ্ৰিকতাৰ নীতি (The prin- ciple of child-centredness): আধুনিক শিক্ষাক শিশুকেন্দ্রিক শিক্ষা বুলি কোৱা হয়। সেয়েহে পাঠ্যক্ৰম প্ৰত্তত কৰা সময়ত বর্তমান ল’ৰা-ছোৱালীৰ প্রয়োজনসমূহ আৰু পৰিঘটনাসমূহৰ প্রতি লক্ষ্য ৰাখিব লগে। শিশুক বিভিন্ন বিষয়ৰ পৰামৰ্শ দিয়াতকৈ অর্থপূর্ণ অভিজ্ঞতাৰ যোগান ধৰা উচিত।

(খ) সহ-সম্বন্ধৰ নীতি (Principle of co- relation): স্কুলৰ বিভিন্ন বিষয়সমূহ সম্পূর্ণ পৃথক পৃথকভাৱে শিকোৱা উচিত নহয়। পাঠ্যক্ৰম কাৰ্যসূচীৰ মাজত সমন্বয় আৰু সংহতি স্থাপন কৰি ছাত্ৰ-ছাত্ৰীক সম্পূর্ণ বাস্তৱিক অভিজ্ঞতাৰ যোগান ধৰা উচিত।

(গ)সমাজকেন্দ্রিক নীতি (Principle of community centredness): বর্তমান এটা শিশু ভৱিষ্যৎ সমাজৰ এজন দায়িত্বশীল নাগৰিক। সেইকাৰণে, শিক্ষাই শিশুক সমাজৰ, সফল হিচাপে সাজু কৰি তুলিব লাগে।

(ঘ) নমনীয়তাৰ নীতি (Principle of Flexibility): পাঠ্যক্রম নমনীয় আৰু গতিশীল হ’ব লাগে। সময় পৰিবৰ্তনৰ লগে লগে পাঠ্যক্রমো পৰিৱৰ্তন হোৱা উচিত।

ঙ) উপযোগিতা নীতি (Principle of utility): পাঠ্যক্রমক বাস্তৱ আৰু – উপযোগী কৰি তুলিবলৈ কর্ম অভিজ্ঞতা, কাৰিকৰী আৰু বৃত্তীয় বিষয়সমূহক ইয়াৰ অন্তর্ভুক্ত কৰিব লাগে।

৩৬। সহ-পাঠ্যক্রম কার্যসূচীৰ যিকোনো পাঁচটা উপকাৰিতাৰ বিষয়ে উল্লেখ কৰা।

উত্তৰঃ সহ-পাঠ্যক্রম কার্যসূচীৰ যিকোনো পাঁচটা উপকাৰিতা:

(ক) সহ-পাঠ্যক্রমৰ ক্রিয়া-কলাপে ল’ৰা-ছোৱালীৰ দেহ-মানসিক স্বাস্থ্য উন্নত কৰাত সহায় কৰে আৰু তেওঁলোকৰ চালিকাশক্তিৰ বিকাশ ঘটায়।

(খ) ই ছাত্ৰ-ছাত্ৰীৰ জন্মগত প্রতিভাসমূহ চিনাক্ত কৰাত আৰু ইয়াৰ যথোপযুক্ত বিকাশ সাধন কৰাত সহায় কৰে।

(গ) ইয়াৰ সহায়ত এটা শিশুৱে তাৰ আৱেগৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব পৰা হয় আৰু আৱেগিক পৈণতা লাভ কৰে।

(ঘ) ই ছাত্র-ছাত্রীৰ মানসিক সজাগতা, বৌদ্ধিক তীক্ষ্ণতা আৰু সমস্যা সমাধান কৰিব পৰা ক্ষমতাৰ বিকাশ সাধনত সহায় কৰে।

(ঙ) সহ-পাঠ্যক্রম কার্যসূচীয়ে পৰম্পৰাগত পাঠ্যক্রমে সৃষ্টি কৰা আমনিদায়ক পৰিৱেশ আঁতৰাই ছাত্ৰ-ছাত্ৰীসকলক নতুন উদ্যমেৰে অধ্যয়ন কৰিবলৈ প্ৰেৰণা দিয়ে।

৩৭। সহ-পাঠ্যক্রমিক কার্যাৱলীৰ চাৰিটা প্রকাৰ উল্লেখ কৰা।

উত্তৰঃ সহ-পাঠ্যক্রমিক কার্যাৱলীৰ চাৰিটা প্রকাৰ-

(ক) শাৰীৰিক কার্যাৱলী (Physical activi-ties): এই ধৰণৰ কাৰ্যই ছাত্র-ছাত্রীক শাৰীৰিক স্বাস্থ্য-সুন্দৰভাৱে বজাই ৰখাত সহায় কৰে আৰু শ্ৰেণীকোঠাৰ ভিতৰত বা বাহিৰত হোৱা খেল-ধেমালিসমূহৰ সহায়ত তেওঁলোকৰ চালিকা শক্তি যথেষ্ট বৃদ্ধি পায়।

(খ) শৈক্ষিক কার্যাৱলী (Academic activities): এনেধৰণৰ কাৰ্যাৱলীয়ে ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক সক্ষমতা যেনে- চিন্তা, যুক্তি আৰু সমস্যা সমাধান কৰিব পৰা গুণৰাজিৰ উত্তৰণ ঘটায়। আবৃত্তি, ৰচনা লিখা, তর্ক, আকস্মিক বক্তৃতা আদি এইবিধ কাৰ্যাৱলীৰ লগত জড়িত।

(গ) সামাজিক কার্য্যৱলী (Social activities): সামাজিক কাম- কাজসমূহে ছাত্র-ছাত্রীক সামাজিকভাৱে পৈণত কৰি তোলে। ই ছাত্র-ছাত্রীৰ কিছুমান সামাজিক গুণ যেনে সহযোগিতা, নেতৃত্বদানৰ ক্ষমতা, গণতান্ত্রিক মূল্যবোধ আদিৰ বিকাশ ঘটায়। এন চি চি (N.C.C.), ৰেড ক্ৰছ (Red Cross), স্কুলৰ চাফাই কাম আদি সামাজিক কাৰ্যাৱলীৰ ভিতৰুৱা।

(ঘ) আৱেগিক কার্যাৱলী (Emotional Activities): এইবিধ ক্রিয়াই ছাত্র- ছাত্রীক আৱেগিকভাৱে পৈনত কৰে যিয়ে তেওলোকৰ সুস্থ ব্যক্তিত্ব গঢ়ি তোলাত সহায় কৰে। গান গোৱা, নৃত্য কৰা, বাদ্য যন্ত্র বজোৱা, নাটক কৰা, ছবি আঁকা, হাতেৰে বিভিন্ন বস্তু তৈয়াৰ কৰা আদি আবেগিক কাৰ্যাৱলীৰ অন্তৰ্গত। ইয়াক কলাসুলভ ক্রিয়া-কলাপ বুলিও জনা যায়।

৩৮। সহ-পাঠ্যক্রম কাৰ্যসূচীৰ পাঁচটা উদ্দেশ্য উল্লেখ কৰা।

উত্তৰঃ সহ-পাঠ্যক্রম কাৰ্যসূচীৰ পাঁচটা উদ্দেশ্য:

(ক) ছাত্ৰ-ছাত্ৰীৰ আজৰি সময়খিনি সৎব্যৱহাৰ কৰা।

(খ) সৰু সৰু ল’ৰা-ছোৱালীসকলক নাগৰিকত্বৰ শিক্ষা দিয়া।

(গ) ছাত্র-ছাত্রীক দায়িত্ববোধ সম্বন্ধে জ্ঞান দিয়া।

(ঘ) স্কুলীয়া জীৱনৰ প্ৰতি ছাত্ৰ-ছাত্ৰীক আগ্রহী কৰি তোলা।

ঙ) ছাত্ৰ-ছাত্ৰীৰ মনত গণতান্ত্রিক মূল্যবোধৰ বীজ ৰোপন কৰা।

৩৯। যিকোনো চাৰিটা শাৰীৰিক সহ- পাঠ্যসূচীৰ নাম উল্লেখ কৰা।

উত্তৰঃ যিকোনো চাৰিটা শাৰীৰিক সহ- পাঠ্যসূচীৰ নাম: দৌৰ খেল, কাবাডী, ফুটবল আৰু ক্ৰিকেট খেল আদি ।

৪০। যিকোনো পাঁচটা শৈক্ষিক সহ-পাঠ্যসূচীৰ নাম উল্লেখ কৰা।

উত্তৰঃ পাঁচটা শৈক্ষিক সহ-পাঠ্যসূচীৰ নাম: আবৃত্তি, ৰচনা লিখা, তৰ্ক, আকস্মিক বক্তিতা, কুইজ প্ৰতিযোগিতা আদি।

৪১। যিকোনো পাঁচটা সামাজিক সহ-পাঠ্যসূচীৰ নাম উল্লেখ কৰা।

উত্তৰঃ পাঁচটা সামাজিক সহ-পাঠ্যসূচীৰ নাম: এন চি চি , ৰেড ক্ৰছ, স্কুলৰ চাফই কাম, গছ পুলি ৰোৱা, সামাজিক অনুষ্ঠানত পালন আদি।

৪২। পাঁচটা আবেগিক সহ-পাঠ্যসূচীৰ নাম উল্লেখ কৰা।

উত্তৰঃ পাঁচটা আবেগিক সহ-পাঠ্যসূচীৰ নাম: গান গোৱা, নৃত্য কৰা, বাদ্য যন্ত্ৰ বজোৱা, নাটক কৰা , ছবি অঁকা হাতেৰে বস্তু বনোৱা আদি।

৪৩। স্কুল প্রকল্পৰ বাবে প্রয়োজন হোৱা পাঁচ প্ৰকাৰৰ কৰ্মচাৰীৰ নাম উল্লেখ কৰা।

উত্তৰঃ স্কুল প্রকল্পৰ বাবে প্রয়োজন হোৱা পাঁচ প্ৰকাৰৰ কৰ্মচাৰীৰ নাম: পুথিভঁৰালী, চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী যেনে – পিয়ন,  চকিদাৰ, হৰিজন আদি। কেণ্টিনৰ কৰ্মচাৰী আৰু হস্তেলৰ অভিকৰণ সমূহ।

88। UGC- ৰ সম্পূর্ণ অর্থ কি?

উত্তৰঃ University Grants Commission.

৪৫। UGC-ৰ প্রধান কার্যালয় ক’ত অবস্থিত?

উত্তৰঃ নতুন দিল্লীত।

৪৬। কম্পিউটাৰৰ অৰ্থ কি লিখা।

উত্তৰঃ মানৱ নিৰ্মিত এক দ্ৰুত গতিৰ যন্ত্ৰ।

৪৭। কম্পিউটাৰ কোনে আবিস্কাৰ কৰিছিল?

উত্তৰঃ চাৰ্লছ বেবেজ।

৪৮। Website ৰ প্রথম পেজটোক কি বুলি জনা যায়?

উত্তৰঃ হোম পেজ।

৪৯। UGC ৰ সম্পূর্ণ গঠনটো কি?

উত্তৰঃ University Grants Commission.

৫০। ৱেব চাইট কি?

উত্তৰঃ ৱেব চাইট হল  ৱেব পেজৰ সমষ্টি। প্ৰতিটো  ৱেব চাইট www ৰে আৰম্ভ হয়।

৫১। ৱেব পেজ কি?

উত্তৰঃ ৱেব পেজৰ সমষ্টিয়েই হল ৱেব চাইট। ৱেব পেজসমূহ এটা ব্ৰাউচাৰৰ জৰিয়তে ৱেব চৰকাৰৰ পৰা মূল্যাংকন কৰা হয়। 

৫২। UGC কিমান চনত স্থাপিত হয়?

উত্তৰঃ ১৯৫৩  চনত স্থাপিত হয়।

৫৩। NCERT কিমান চনত স্থাপন কৰা হৈছিল?

উত্তৰঃ ১৯৬১ চনৰ ১ ছেপ্টেম্বৰত।

৫৪। NCERT ৰ মুখ্য কার্যালয় ক’ত অবস্থিত?

উত্তৰঃ নতুন দিল্লীত।

৫৫। অসমত SCERT কেতিয়া স্থাপন কৰা হৈছিল?

উত্তৰঃ ১৯৮৫ চনৰ ২৯ মাৰ্চত।

৫৬। তলত উল্লেখ কৰা সমূহৰ সম্পূৰ্ণ গঢ় কেইটা লিখা।

(ক) NCERT

উত্তৰঃ National Council of Educational Research and Training.

(খ) UGC

উত্তৰঃ University Grants Commission.

(গ) SCERT

উত্তৰঃ State Council of Educational Research and Training.

(ঘ) DIET

উত্তৰঃ District Institution of Education and training.

৫৭। কম্পিউটাৰ যিকোনো তিনিটা প্রধান অংশৰ নাম লিখা।

উত্তৰঃ কম্পিউটাৰৰ যিকোনো তিনিটা প্রধান অংশৰ নাম হল: 

(ক) ইনপুট আহিলা।

(খ) আডটপট আহিলা। 

(গ) স্মৃতি গোট।

৫৮। কম্পিউটাৰৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ কম্পিউটাৰ তিনিটা বৈশিষ্ট্য:

(ক) কম্পিউটাৰ অতি দ্রুত গতিৰ যন্ত্র।

(খ) কম্পিউটাৰে একেটা গতিত অনবৰত কাম কৰি থাকে।

(গ) কম্পিউটাৰে স্মৃতিৰ ভঁড়ালত অসংখ্য তথ্য সংৰক্ষণ কৰি থ’ব পাৰে।

৫৯। কম্পিউটাৰৰ জৰিয়তে দিয়া পৰামৰ্শৰ তিনিটা সুবিধা উল্লেখ কৰা।

উত্তৰঃ কম্পিউটাৰৰ জৰিয়তে দিয়া পৰামৰ্শৰ তিনিটা সুবিধা:

(ক) ই নির্দেশনাৰ উপায় আৰু লক্ষ্যক ব্যক্তিগতকৰণ কৰিবলৈ সক্ষম হয়।

(খ) ই নিয়ন্ত্ৰিত পৰিস্থিতিত আৰু বিভিন্ন ধৰণৰ শৈক্ষিক ক্ষেত্রত শিক্ষণৰ ওপৰত গৱেষণা চলোৱাত সক্ষম।

(গ) ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক আৰু ব্যক্তিগত ফলাফলৰ পূৰ্ণ পৰ্যায়ৰ নথি-পত্ৰ সংগ্রহ কৰাত সহায় কৰে।

৬০। E-mail ৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ E-mail ৰ তিনিটা বৈশিষ্ট্য:

(ক) ডাক ব্যৱস্থাতকৈ ই-মেইলে বহু বেছি দ্রুত গতিত কাম কৰে।

(খ) ইয়াত কোনো ধৰণৰ ডাক-টিকটৰ প্রয়োজন নহয়।

(গ) এক মুহূর্তৰ ভিতৰতে বাৰ্তা প্ৰেৰণ আৰু গ্রহণ কার্য সম্পাদিত হয়।

৬১। CD-ROM ৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ CD-ROM ৰ তিনিটা বৈশিষ্ট্য:

(ক) কম্পিউটাৰত তথ্যপাতি সংৰক্ষিত কৰি ৰাখিবৰ বাবে সর্বাধুনিক আৰু সর্বশ্রেষ্ঠ মাধ্যম হ’ল চি ডি ৰোম। ইয়াৰ তথ্য সংৰক্ষণৰ ক্ষমতা বহু বেছি।

(খ) ইয়াত সংৰক্ষিত হৈ থকা তথ্যসমূহ বেয়া হোৱাৰ সম্ভাৱনা কম।

(গ) ৰোম (ROM)ৰ স্মৃতিত সংৰক্ষিত কোনো নির্দেশ মচি পেলাব নোৱাৰি আৰু সেইবোৰ পৰিৱৰ্তনো কৰিব পৰা নাযায়।

৬২। Website ৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ Website ৰ তিনিটা বৈশিষ্ট্য:

(ক) যিকোনো অনুষ্ঠানে ৱেব চাইট খুলিব পাৰে। অনুষ্ঠানটোৰ সকলো তথ্যপাতি আৰু সা-সুবিধাৰ বিষয়ে ৱেব চাইটত উল্লেখ কৰিব পাৰে।

(খ) প্রয়োজন অনুসৰি যিকোনো ব্যক্তিয়ে ৱেব চাইটৰ বুটাম টিপিয়েই অনুষ্ঠানটোৰ বিষয়ে যিকোনো তথ্য লাভ কৰিব পাৰে।

(গ) পৃথিৱীৰ যিকোনো ঠাইৰে শিক্ষানুষ্ঠান বা যিকোনো অনুষ্ঠান-প্রতিষ্ঠানৰে নিজস্ব ৱেবচাইট আছে।

৬৩। দূৰালাপ সম্মিলনৰ প্রকাৰ তিনিটাৰ নাম উল্লেখ কৰা।

উত্তৰঃ দূৰালাপ সম্মিলনৰ প্রকাৰ তিনিটাৰ নাম:

(ক) শ্রব্য দূৰালাপ সম্মিলন।

(খ) দৃশ্য দূৰালাপ সম্মিলন।

(গ) কম্পিউটাৰ দূৰালাপ সম্মিলন।

৬৪। শিক্ষাত প্রযুক্তিৰ তিনিটা ব্যৱহাৰৰ বিষয়ে উল্লেখ কৰা।

উত্তৰঃ শিক্ষাত প্রযুক্তিৰ তিনিটা ব্যৱহাৰৰ বিষয়ে হৈছে:-

১। জ্ঞানৰ পৰিসৰ বৃদ্ধি আৰু দ্ৰুত কৰিবৰ বাবে শিক্ষাত প্ৰযুক্তি বিদ্যাৰ ব্যবহাৰ কৰা হয়।

২। বৰ্তমানসমাজত দ্ৰুত গতিত বিজ্ঞান আৰু প্ৰযুক্তিৰ পৰিবৰ্তন হোৱা দেখা পোৱা যায় সেইবাবে শিক্ষাত প্ৰযুক্তি বিদ্যাৰ ব্যবহাৰ কৰা হয়।

৩। শিক্ষাৰ গুণগত মান উন্নত আৰু সুগম কৰি তুলিবৰ বাবে শিক্ষাত প্ৰযুক্তি বিদ্যাৰ ব্যবহাৰ কৰা হয়।

৬৫। কম্পিউটাৰৰ তিনিটা মুখ্য বিভাগ কি?

উত্তৰঃ কম্পিউটাৰৰ তিনিটা মুখ্য বিভাগ হৈছে:

১। ইনপুট আহিলা।

২। আউট পুট আহিলা।

৩। স্মৃতি গোট।

৬৬। NCERT ৰ কামসমূহক তিনিটা বহল ভিত্তিত ভাগ কৰা হৈছে। ভাগকেইটা কি কি?

উত্তৰঃ NCERT ৰ কামসমূহক তিনিটা বহল ভিত্তিত ভাগ কৰা হৈছে। ভাগকেইটা হৈছে:

১। গৱেষণা আৰু উন্নয়ন। 

২। চাকৰি কালীন আৰু প্ৰাক চাকৰিকালীন প্ৰশিক্ষণ ব্যবস্থা।

৩। স্কুলীয়া শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ বাবে কাৰ্য কৰা।

৬৭। SCERT গঠন কৰাৰ তিনিটা প্রধান উদ্দেশ্য উল্লেখ কৰা।

উত্তৰঃ SCERT গঠন কৰাৰ তিনিটা প্রধান উদ্দেশ্য:

(ক) শিক্ষাৰ বিভিন্ন গোট আৰু বিভাগৰ কাম-কাজ এঠাইৰ পৰা পৰিচালনা কৰাৰ সুবিধা কৰা।

(খ) ৰাজাৰ শৈক্ষিক সমস্যাসমূহ সমাধান কৰি শিক্ষাৰ উন্নয়নত সহায় কৰা।

(গ) একক অনুষ্ঠানৰ জৰিয়তে শৈক্ষিক উন্নয়নৰ লগত জড়িত কাম-কাজ নিয়ন্ত্রণ আৰু প্রশাসনৰ ব্যৱস্থা কৰা।

৬৮। SCERT ৰ তিনিটা শৈক্ষিক বিভাগৰ নাম উল্লেখ কৰা।

উত্তৰঃ SCERTৰ তিনিটা শৈক্ষিক বিভাগৰ নাম:

১। পাঠ্যক্ৰমৰ উন্নয়ন বিভাগ।

২। শিক্ষা গৱেষণা আৰু পৰীক্ষা সংস্কাৰ কৰা বিভাগ।

৩। শিক্ষক প্রশিক্ষণ বিভাগ।

৬৯। … ৰ প্ৰধান কাম তিনিটাৰ নাম উল্লেখ কৰা।

উত্তৰঃ ছাত্ৰ ছাত্ৰীয়ে নিজে কৰা।

৭০। বিশ্ববিদ্যালয় অনুদান আয়োগৰ যিকোনো পাঁচটা কার্যাবলী উল্লেখ কৰা।

উত্তৰঃ বিশ্ববিদ্যালয় অনুদান আয়োগৰ যিকোনো পাঁচটা কার্যাবলী হৈছে:

(ক) বিশ্ববিদ্যালয়ৰ আৰ্থিক দিশটো অনুসন্ধান কৰি প্ৰয়োজনীয় অনুদান দিয়া।

(খ) ভাৰতীয় বিশ্ববিদ্যালয় আৰু কেন্দ্রীয় আয়োগৰ দ্বাৰা পৰিচালিত সমপৰ্যায়ৰ অনুষ্ঠানসমূহলৈ উন্নয়ন আৰু পৰিচালনাৰ বাবে অনুদান ধার্য কৰা।

(গ) বিশ্ববিদ্যালয়ৰ শিক্ষা উন্নত কৰিবলৈ আৱশ্যকীয় ব্যৱস্থা গ্রহণ কৰিবৰ বাবে পৰামৰ্শ দান আৰু পৰামৰ্শসমূহৰ কাৰ্য্যকৰণত সহায় কৰা।

(ঘ) বিশ্ববিদ্যালয়সমূহক যিকোনো অনুদান আগবঢ়াবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক এই আয়োগে পৰামৰ্শ দিয়ে।

(ঙ) গোটেই বছৰটোৰ বাবে বাজেট তৈয়াৰ কৰা।

৭১। তলত উল্লেখ কৰা বিষযসমূহৰ প্রতিটোৰে পাঁচটাকে কাৰ্যাৱলীৰ বিষয়ে উল্লেখ কৰা।

(ক) UGC

উত্তৰঃ (ক) বিশ্ববিদ্যালয়ৰ আৰ্থিক দিশটো অনুসন্ধান কৰি প্ৰয়োজনীয় অনুদান দিয়া।

(খ) ভাৰতীয় বিশ্ববিদ্যালয় আৰু কেন্দ্রীয় আয়োগৰ দ্বাৰা পৰিচালিত সমপৰ্যায়ৰ অনুষ্ঠানসমূহলৈ উন্নয়ন আৰু পৰিচালনাৰ বাবে অনুদান ধার্য কৰা।

(গ) বিশ্ববিদ্যালয়ৰ শিক্ষা উন্নত কৰিবলৈ আৱশ্যকীয় ব্যৱস্থা গ্রহণ কৰিবৰ বাবে পৰামৰ্শ দান আৰু পৰামৰ্শসমূহৰ কাৰ্য্যকৰণত সহায় কৰা।

(ঘ) বিশ্ববিদ্যালয়সমূহক যিকোনো অনুদান আগবঢ়াবলৈ কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰক এই আয়োগে পৰামৰ্শ দিয়ে।

(ঙ) নতুন বিশ্ববিদ্যালয় স্থাপনৰ বাবে পৰামৰ্শ দিয়া আৰু কোনো বিশ্ববিদ্যালয়ৰ কাৰ্যাৱলী সম্প্ৰসাৰণৰ লগত জড়িত বিষয়ত পৰামৰ্শ আগবঢ়োৱা।

(খ) SCERT

উত্তৰঃ (ক) শিক্ষা সম্বন্ধীয় পৰিকল্পনা আৰু নীতি নির্ধাৰণত ৰাজ্য চৰকাৰক সহায় কৰা।

(খ) স্কুলীয়া শিক্ষাত আৰু শৈক্ষিক গৱেষণাৰ ক্ষেত্রত সক্রিয় অংশগ্রহণ কৰা।

(গ) ৰাজ্যৰ শৈক্ষিক জগতত গৱেষণা কৰি পোৱা তথ্যসমূহ আৰু ফলাফলসমূহক শিক্ষাৰ ক্ষেত্ৰত প্রয়োগ কৰিবলৈ চৰকাৰক পৰামর্শ দিয়া।

(ঘ) ৰাজ্যৰ শৈক্ষিক কামসমূহত সমানতা, ঐক্যতা, সংহতি আৰু স্থিৰতা বজাই ৰাখিবলৈ চৰকাৰৰ লগত সমন্বয়-বক্ষী এজেন্সি হিচাপে কাম কৰিব লাগিব।

(ঙ) (NCERT) আৰু অন্যান্য শৈক্ষিক আৰু বৃত্তীয় শিক্ষাৰ অনুষ্ঠানসমূহৰ লগত জাতীয় নীতিসমূহ (National Poli- cies) ৰ বিষয়ে পদক্ষেপ ল’বলৈ যোগাযোগ কৰা।

(ঘ) DIET

উত্তৰঃ ১। প্রশিক্ষণ (Training).

২। সম্পদৰ সহযোেগ (Resource support). আৰু

৩। কার্যকৰ গবেষণা (Action Research)।

উপৰোক্ত এই তিনিটা কামৰ বহলভাৱে তলত আলোচনা কৰা হ’ল-

১) প্রশিক্ষণ (Training):

নিম্নোক্ত ব্যক্তি সকলক DIET এ প্রশিক্ষণ দিব লাগিব। যেনে-

(ক) চাকৰিকালীন আৰু প্ৰাক-চাকৰিকালীন প্রাথমিক শিক্ষকসকলক।

(খ) প্রাধান শিক্ষক, স্কুল কমপ্লেক্সৰ প্ৰধান ব্যক্তি (Head of the School Com- plex) আৰু খণ্ড পর্যায় (Block level) ৰ বিষয়াসকল।

২) সম্পদৰ সহযোেগ (Resource Sup- port): 

DIET য়ে প্ৰাথমিক আৰু বয়স্কৰ বাবে শিক্ষা পদ্ধতিত তলত উল্লেখ কৰা ক্ষেত্ৰত শিক্ষামূলক আৰু সম্পদৰ সহযোগ আগবঢ়ায় –

(ক) সম্প্ৰসাৰণ কার্যত।

(খ) শিক্ষক আৰু প্রশিক্ষকসকলৰ বাবে খোলা শিক্ষা কেন্দ্র (learning centre)- ক সহায় কৰে।

৩) কার্যকৰী গবেষণা (Action Re- search): জিলা সমূহে প্রাথমিক শিক্ষা আৰু প্রাপ্তবয়স্ক শিক্ষাৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাৰ সমাধান কৰিবলৈ DIET য়ে ক্ষেত্ৰ গৱেষণাৰ বাবে আঁচনি প্রস্তুত কৰিব।

৭২। এটা সম্পূর্ণ কম্পিউটাৰ গোটৰ পাঁচটা অংশৰ বিষয়ে উল্লেখ কৰা।

উত্তৰঃ এটা সম্পূর্ণ কম্পিউটাৰ গোটৰ পাঁচটা অংশ হৈছে-

(ক) মনিটৰ (Monitor)

(খ) চাবিফলি (key board)

(গ) প্ৰক্ৰিয়াৰ গোট (System unit)

(ঘ) মাউছ (Mouse)

(ঙ) প্রিন্টাৰ (Printer)

৭৩। কম্পিউটাৰৰ পাঁচটা মুখ্য শৈক্ষিক সুবিধাবৰ বিষয়ে উল্লেখ কৰা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা।

৭৪। শিক্ষাত কম্পিউটাৰ ব্যৱহাৰৰ পাঁচটা সীমাবদ্ধতাৰ বিষয়ে উল্লেখ কৰা।

উত্তৰঃ শিক্ষাত কম্পিউটাৰ ব্যৱহাৰৰ পাঁচটা সীমাবদ্ধতাৰ বিষয়ে হৈছে:-

(ক) কম্পিউটাৰ অতি ব্যয়বহুল।

(খ) ছফ্টৱেৰৰ কিছুমান ত্রুটি থকাও দেখিবলৈ পোৱা যায়।

(গ) কম্পিউটাৰৰ মাধ্যমেৰে নিৰ্দেশনা (Instruction) দিবলৈ প্রশিক্ষণপ্রাপ্ত শিক্ষকৰ প্ৰয়োজন।

(ঘ) কম্পিউটাৰৰ পৰ্দাখন সৰু হোৱা বাবে এটা শ্ৰেণীকোঠাৰ সকলো ছাত্রই ভালদৰে দেখা নাপাবও পাৰে। 

(ঙ) আমাৰ বিদ্যালয়বোৰত পর্যাপ্ত পৰিমাণে শিক্ষাৰ সঁজুলি, সুসজ্জিত কোঠালী, প্রশিক্ষণপ্রাপ্ত কৰ্মচাৰী আৰু ছফ্টৱেৰ (Software) নাই।

৭৫। ইন্টাৰনেট ব্যৱহাৰৰ পাঁচটা সুবিধাৰ বিষয়ে উল্লেখ কৰা।

উত্তৰঃ ইন্টাৰনেট ব্যৱহাৰৰ পাঁচটা সুবিধাৰ বিষয়ে হৈছে-

(ক) ইয়াত শেহতীয়া খবৰবোৰ সহজেই উপলব্ধ।

(খ) গানো শুনিব পৰা যায়।

(গ) ই অতি দ্রুতভাৱে বিশ্বৰ যিকোনো ঠাইলৈ তথ্য সৰবৰাহ কৰাত সহায় কৰে।

(ঘ) ইয়াত খেল খেলিব পাৰি।

(ঙ) বস্তু কিনা-বেচাও ইয়াৰ সহায়ত কৰিব পাৰি।

৭৬। চমুটোকা লিখাঃ

(ক) ইন্টাৰনেট।

উত্তৰঃ ইন্টাৰনেট হ’ল বহুতো নেটৱৰ্ক (Network) ৰ  মাজৰে এটা নেটৱৰ্ক। পৃথিৱীৰ অসংখ্য কম্পিউটাৰৰ যোগসূত্রকে কম্পিউটাৰ নেটৱৰ্ক বোলা হয়। এটা নেটৱৰ্কত বহুতো কম্পিউটাৰ সংযোজন কৰা হয়। এই সংযোজন কার্য কেব্’ল (Cable) আৰু কৃত্রিম উপগ্রহ (Satellites) ৰ সহযোগত কৰা হয়। এনে ধৰণৰ বহু সংখ্যক নেটৱৰ্কক আকৌ পৰস্পৰৰ লগত সংযুক্ত কৰি তথ্য প্রযুক্তিয়ে আমাৰ ইন্টাৰনেটত উপস্থিত কৰাইছে। অর্থাৎ কোনো এটা মাত্র নেটবর্কেৰে ইন্টাৰনেট তৈয়াৰী হয়। সমগ্র পৃথিৱীৰ অসংখ্য নেটৱৰ্ক পাৰস্পৰিকভাবে সংযুক্ত হ’লেহে ইন্টাৰনেট তৈয়াৰ হয়।

১৯৬৯ চনত আমেৰিকাৰ মার্কিন প্ৰতিৰক্ষা দপ্তৰে প্ৰথমে ইন্টাৰনেট ক ARPANET (Advanced Research Projects Administration Network) হিচাপে প্রথম প্রয়োগ আৰম্ভ কৰে। তাৰপাছত ১৯৮৪ চনত, (National Science Foundation) য়ে বিদ্যালয়সমূহক নেটৱৰ্কত ভর্তি হ’বলৈ অনুমতি দিছিল। এনেদৰে পিছৰ সময়ছোৱাত, বহুতো নেটৱৰ্ক সংঘবদ্ধ হৈ ইণ্টাৰনেটৰ সৃষ্টি কৰিলে।

(খ) ৱেবচাইট।

উত্তৰঃ বেব চাইট হ’ল ৱেব পেজ (Web page) ৰ সমষ্টি যিবিলাক কোনো সামাজিক সংগঠন, অনুষ্ঠান, যেনে- বিশ্ববিদ্যালয়, ব্যৱসায়িক কেন্দ্র, গৱেষণা প্রতিষ্ঠান, লাইব্ৰেৰী, সমাজ কল্যাণমূলক সংস্থাক চৰকাৰে ৰক্ষণাবেক্ষণ দিয়ে আৰু শেহতীয়া তথ্যপাতি অন্তর্ভুক্ত কৰি থয়। প্ৰতিটো ৱেব চাইট WWW ৰে আৰম্ভ হয়, যিটো বহুতো সেৱাৰ (Services) ভিতৰত এটা সেৱা আৰু যিটো হাইপাৰটেক্স (hypertext) ৰ জৰিয়তে সংযোগ কৰা হয়। ৱেব পেজসমূহ এটা ব্ৰাউচাৰৰ (browser) জৰিয়তে ৱেব চাৰভাৰৰ (Webserver) পৰা মূল্যাংকন (assessed) কৰা হয় আৰু ই আমাক ৱেবৰ যিকোনো কম্পিউটাৰত পঢ়া, বিচৰা, তথ্যপাতি ডাউন লোড (download) কৰা ফট’, শব্দ আৰু দর্শন (Video) কৰাত সহায় কৰে।

প্রতিটো ৱেব চাইটতে একোটা হোম পেজ (Home page) থাকে যিটো ব্যৱহাৰকাৰীয়ে প্ৰথমেই প্রত্যক্ষ কৰে। প্ৰত্যেক ৱেব পেজৰ নিজৰ নিজৰ ৱেব পৰিচয় (Web- adderss) আছে যাক Uniform Resources Locator (URL) বুলি কোৱা হয়।

(গ) চি ডি ৰোম।

উত্তৰঃ চি ডি ৰোমৰ সম্পূৰ্ণ ৰূপটো হ’ল কম্পেক্ট ডিক্স ৰিড অন্’লী মেম’ৰী (Compact Disc- Read Only memory)। চি ডি ৰোম হ’ল এক বৃহৎ সংখ্যক সূচনা বা তথ্য সংৰক্ষণ ব্যৱস্থা।

(ঘ) ই-মেইল।

উত্তৰঃ E-Mail ৰ সম্পূৰ্ণ ৰূপটো হ’ল Electronic mail। ইলেকট্রনিক উপায়েৰে (Electronic device), চিঠিপত্ৰৰ আদান-প্রদান কৰাই ই- মেইলৰ প্রধান কাম। এই পদ্ধতিৰ দ্বাৰা বহুতো কম্পিউটাৰ বা ব্যক্তিগত কম্পিউটাৰ নেটৱৰ্কক পৃথিবীৰ প্ৰতিটো কম্পিউটাৰৰ লগত সংযোগ কৰা হয়। 

ই-মেইলৰ বাবে আৱশ্যক হোৱা সা-সঁজুলিবোৰ হ’ল-

(ক) এটা কম্পিউটাৰ (A Computer)।

(খ) এটা ম’ডেম (A Modem)।

(গ) এটা টেলিফোন লাইন (A Telephone Line)।

(ঘ) ইণ্টাৰনেট ছাৰ্ভিচ প্ৰ’ভাইডাৰ (Internet Service Provider)।

(ঙ) ইণ্টাৰনেট ছফ্টওৱেৰ (Internet Software)।

(ঙ) দুৰালাপ সম্মিলন।

উত্তৰঃ দূৰত্ব শিক্ষা পদ্ধতিৰ আটাইতকৈ উপযোগী পদ্ধতিটো হৈছে দূৰ সন্মিলন প্রণালী। এই প্রণালীটো গোটেই বিশ্বজুৰি জনপ্রিয়। এই ব্যৱস্থাত বহু দূৰৰ দুজন বা ততোধিক ব্যক্তিয়ে পৰস্পৰে কেনো বিষয়ে আলোচনা কৰিব পাৰে।

ই মুখ্যতঃ তিনি প্ৰকাৰৰ-

(ক) শ্রব্য দূৰালাপ সম্মিলন (Audio Teleconferencing)

(খ) দৃশ্য দূৰালাপ সম্মিলন (Video Teleconferencing)

(গ) কম্পিউটাৰ দূৰালাপ সম্মিলন। (Computer Teleconferencing)

2 thoughts on “Class 11 Education Chapter 3 বিদ্যালয় আৰু ইয়াৰ সংগঠন”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top