Class 11 Biology MCQ Chapter 1 জীৱজগত

Class 11 Biology MCQ Chapter 1 জীৱজগত Question Answer, HS 1st year Biology MCQ Solutions, Class 11 Biology MCQ Chapter 1 জীৱজগত Solutions in Assamese Medium to each chapter is provided in the list so that you can easily browse throughout different chapter AHSEC Board Class 11 Biology Objective Type Solutions and select needs one.

Class 11 Biology MCQ Chapter 1 জীৱজগত

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Biology Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC HS First Year Biology MCQ Solutions in Assamese Medium for All Subject, You can practice these here.

জীৱজগত

Chapter – 1

MULTIPLE CHOICE QUESTION ANSWER

১। কিহৰ ক্ষেত্ৰত প্রজনন হৈছে পিতৃপুৰুষৰ সৈতে বহুক্ষেত্রত সাদৃশ্য থকা অপত্য বা সন্তান সৃষ্টিৰ এক প্রক্রিয়া?

(ক) এককোষী জীৱৰ।

(খ) বেক্টেৰিয়াৰ।

(গ) বহুকোষী জীৱৰ।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) বহুকোষী জীৱৰ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। সকলো প্ৰাণী আৰু উদ্ভিদৰ প্ৰধান প্রজনন প্ৰক্ৰিয়া কোনটো?

(ক) যৌন প্রজনন।

(খ) পুনর্জনন।

(গ) অযৌন প্রজনন।

(ঘ) খণ্ডিতকৰণ।

উত্তৰঃ (ক) যৌন প্রজনন।

৩। প্লেনেৰিয়াৰ ক্ষেত্ৰত কোন প্ৰক্ৰিয়াৰ দ্বাৰা বংশবৃদ্ধি ঘটে?

(ক) মুকুলোদ্গম।

(খ) পুনর্জনন।

(গ) খণ্ডিতকৰণ।

(ঘ) যৌন প্রজনন।

উত্তৰঃ (খ) পুনর্জনন।

৪। সকলো জীৱৰে দেহবোৰ কিহৰ দ্বাৰা গঠিত?

(ক) পানীৰ।

(খ) খনিজ পদাৰ্থৰ।

(গ) অক্সিজেনৰ।

(ঘ) ৰাসায়নিক দ্ৰব্যৰ।

উত্তৰঃ (ঘ) ৰাসায়নিক দ্ৰব্যৰ।

৫। আমি কিহৰ সহায়ত আমাৰ পাৰিপাৰ্শিক অৱস্থাবোৰৰ প্ৰতি সচেতন হ’ব পাৰো?

(ক) মগজুৰ সহায়ত।

(খ) হৃদপিণ্ডৰ সহায়ত।

(গ) জ্ঞানেন্দ্ৰিয়ৰ সহায়ত।

(ঘ) হাতৰ সহায়ত।

উত্তৰঃ (গ) জ্ঞানেন্দ্ৰিয়ৰ সহায়ত।

৬। ঋতুমতে সন্ততি জন্ম দিয়া প্রাণী আৰু উদ্ভিদ উভয়ৰে ক্ষেত্ৰত প্রজনন প্রক্রিয়াটোত কিহে প্রভাৱান্বিত কৰে?

(ক) দিপ্তীকালে।

(খ) কোষে।

(গ) অংগৰোহে।

(ঘ) খণ্ডিতকৰণে।

উত্তৰঃ (ক) দিপ্তীকালে।

৭। বিশেষ বৈশিষ্ট্যৰ সহায়ত কোনো নিদ্দিষ্ট জীৱক শুদ্ধভাৱে বর্ণনা কৰি অন্যান্য জীৱৰ পৰা চিনাক্ত কৰা বা পৃথক কৰা পদ্ধতিক কি বোলে?

(ক) সংৰক্ষণ।

(খ) পৰ্যৱেক্ষণ।

(গ) চিনাক্তকৰণ।

(ঘ) সংযোজন।

উত্তৰঃ (গ) চিনাক্তকৰণ।

৮। জীৱবিলাকৰ প্ৰতিটো নামৰে দুটা উপাংশ আছে, তাৰ প্ৰথম অংশ বা পদটোক কি বোলে?

(ক) প্ৰজাতি।

(খ) গণ।

(গ) পৰিয়াল।

(ঘ) বৰ্গ।

উত্তৰঃ (খ) গণ।

৯। জীৱবিলাকৰ দ্বিতীয় পদটোক কি বোলে?

(ক) বৰ্গ।

(খ) গণ।

(গ) পৰিয়াল।

(ঘ) প্ৰজাতি।

উত্তৰঃ (ঘ) প্ৰজাতি।

১০। জীৱসমূহৰ গণ আৰু প্ৰজাতি নামৰ দুটা পদৰ সমন্বয়ত গঠিত নামকৰণক কি বোলে?

(ক) একপদ নামকৰণ।

(খ) দ্বিপদ নামকৰণ।

(গ) ত্ৰিপদ নামকৰণ।

(ঘ) সামূহিক নামকৰণ।

উত্তৰঃ (খ) দ্বিপদ নামকৰণ।

১১। সৰ্বপ্ৰথমে কোনে দ্বিপদ নামকৰণ প্ৰচলন কৰিছিল?

(ক) কেৰ’লাছ লিনিয়াছে।

(খ) চাৰ্লচ ডাৰউইনে।

(গ) আৰ. এইচ. হুইটেকাৰে।

(ঘ) এৰিষ্টটলে।

উত্তৰঃ (ক) কেৰ’লাছ লিনিয়াছে।

১২। কেৰ’লাছ লিনিয়াছে সর্বপ্রথমে প্রচলন কৰা কোনটো নামকৰণ পদ্ধতি সমগ্র পৃথিৱীৰ জীৱবিজ্ঞানীসকলে অনুসৰণ কৰি আহিছে?

(ক) একপদ নামকৰণ।

(খ) দ্বিপদ নামকৰণ।

(গ) ত্ৰিপদ নামকৰণ।

(ঘ) সামূহিক নামকৰণ।

উত্তৰঃ (খ) দ্বিপদ নামকৰণ।

১৩। আমৰ বৈজ্ঞানিক নামটো কি?

(ক) Citrus limon.

(খ) Musa paradisiaca.

(গ) Mangifera indica.

(ঘ) Prunus domestica.

উত্তৰঃ (গ) Mangifera indica.

১৪। আমৰ বৈজ্ঞানিক নামটোত “Mangifera” শব্দটোৱে কি বুজাইছে?

(ক) প্ৰজাতি।

(খ) বৰ্গ।

(গ) পৰিয়াল।

(ঘ) গণ।

উত্তৰঃ (ঘ) গণ।

১৫। আমৰ বৈজ্ঞানিক নামটোত “indica” শব্দটোৱে কি বুজাইছে?

(ক) প্ৰজাতি।

(খ) গণ।

(গ) পৰিয়াল।

(ঘ) বৰ্গ।

উত্তৰঃ (ক) প্ৰজাতি।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top