Class 11 Accountancy Chapter 10 বিত্তীয় বিবৃতি – ২

Class 11 Accountancy Chapter 10 বিত্তীয় বিবৃতি – ২ Question Answer in Assamese Medium, AHSEC Class 11 Accountancy Chapter 10 বিত্তীয় বিবৃতি – ২ Solutions to each chapter is provided in the list so that you can easily browse throughout different chapters Class 11 Accountancy Chapter 10 বিত্তীয় বিবৃতি – ২ Notes and select needs one.

Class 11 Accountancy Chapter 10 বিত্তীয় বিবৃতি – ২

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. These solutions are part of AHSEC All Subject Solutions. Here we have given Solutions for All Subjects, You can practice these here.

বিত্তীয় বিবৃতি – ২

ACCOUNTANCY

Chapter: 10

PART – II

১। চূড়ান্ত হিচাপ প্ৰস্তুত কৰোঁতে সংযোজন প্ৰবৃষ্টিসমূহৰ প্ৰয়োজন কিয় হয়?

উত্তৰঃ কোনো এটা বিত্তীয় বৰ্ষৰ লাভ-লোকচান হিচাপ সেই বছৰটোৰ ভিতৰত কিমান ৰাজহ নগদ ভাৱে প্ৰাপ্তি হ’ল আৰু কিমান খৰচ বা ব্যয় হ’ল তাৰ ওপৰত সাধাৰণতে নিৰ্ভৰ নকৰে ইয়াৰ কাৰণ কিছুমান উপাৰ্জিত আন আৰু প্ৰদত্ত ব্যয় যদিও চলিত বছৰটোৰ হিচাপত অন্তৰ্ভূক্ত, সেইবোৰৰ কিছুমান আংশিকভাৱে আগৰ বছৰৰ বা পৰবৰ্ত্তী বছৰৰ লগত অন্তর্ভূক্ত হৈ থাকে। আকৌ কিছুমান এনেকুৱা ধৰণৰ আয় আৰু ব্যয় আছে যিবোৰ এতিয়াও হিচাপৰ বহীত লিপিবদ্ধ কৰা হোৱা নাই কিন্তু এইবোৰ আয় বা ব্যয় চলিত বছৰৰ লগত জড়িত। সেই কাৰণে এই শিতানসমূহ যদি সঠিকভাৱে হিচাপত সংযোজন কৰা নহয় তেতিয়া ব্যৱসায়ৰ প্ৰকৃত আর্থিক অৱস্থা সঠিকভাৱে প্ৰতিফলিত নহয় যেতিয়া ব্যৱসায়ৰ চূড়ান্ত হিচাপ প্ৰস্তুত কৰা হয়।

২। অপ্রদত্ত ব্যয় বুলিলে কি বুজা?

উত্তৰঃ সকলো ব্যৱসায় প্রতিষ্ঠানত বিত্তীয় বৰ্ষৰ অন্তত কিছুমান অপ্ৰদত্ত ব্যয় ব্যৱসায় চলি থাকোতে আদায় দিবলগীয়া হৈ থাকে। এই ব্যয় সমূহ সাধাৰণতে মজুৰি, দৰমহা, ঋণৰ ওপৰত দিয়া সুত ইত্যাদি, যেতিয়া কোনো এটা বিত্তীয় বৰ্ষৰ কাৰণে বছৰটোৰ কিছুমান ব্যয় আদায় দিবলগীয়া হৈ থাকে তেনে ধৰণৰ ব্যয় সমূহক অপ্রদত্ত ব্যয় বোলা হয়।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৩। অগ্রিম প্রদত্ত ব্যয় বুলিলে কি বুজা?

উত্তৰঃ ব্যৱসায়ৰ স্বাভাৱিক কার্যকলাপত এনে ধৰণৰ কিছুমান ব্যয় আছে যিবোৰ আগতীয়াকৈ প্ৰদান কৰা হয়। বিত্তীয় বছৰৰ অন্তত এই ব্যয়বোৰৰ উপকাৰ সম্পূৰ্ণভাৱে গ্ৰহণ কৰা নহয়। ইয়াৰ এটা অংশৰ উপকাৰ পৰবৰ্ত্তী বিত্তীয় বছৰত লাভ কৰে। এই আংশিক ব্যয়ৰ অংশ পৰবৰ্তী বছৰলৈ লৈ যোৱা হয়, আৰু এনে ব্যয়ক অগ্রিম প্রদত্ত ব্যয় বোলা হয়।

৪। উপার্জিত আয় বুলিলে কি বুজা?

উত্তৰঃ চলিত বছৰৰ ভিতৰত এনেকুৱা কিছুমান শিতান আছে যিবোৰ আয় বছৰটোৰ ভিতৰত পাবলগীয়া আছিল কিন্তু উক্ত বছৰটোৰ অন্তত আচলতে পোৱা হোৱা নাই, এনে ধৰণৰ আয়ক উপার্জিত আয় বুলি জনা যায়।

৫। অগ্রিম প্রাপ্ত আয় কি?

উত্তৰঃ কেতিয়াবা কিছুমান এনেধৰণৰ আয় প্রাপ্ত হয় যিবোৰ আয় চলিত বছৰৰ ভিতৰত প্রাপ্তি কিন্তু ইয়াৰে সকলোখিনি আয় চলিত বছৰৰ বাবে নহয় যিখিনি অংশ পৰবৰ্ত্তী বছৰৰ বাবে হয় সেইবোৰক অগ্রিম প্রাপ্ত আয় বুলি কোৱা হয়।

৬। অনুদ্ধাৰণীয় ঋণ বুলিলে কি বুজা?

উত্তৰঃ ব্যৱসায় প্রতিষ্ঠানে গ্রাহক তথা দেনাদাৰৰ পৰা পাবলগীয়া ধন আদায়ৰ সম্ভাৱনা নাথাকিলে তেনে ধনক অনুদ্ধাৰণীয় ঋণ বুলি কোৱা হয়।

৭। চূড়ান্ত হিচাপ প্ৰস্তুত কৰাৰ সময়ত কিয় সন্দেহজনক ঋণ পুঁজি গঠন কৰিব লাগে?

উত্তৰঃ ব্যৱসায়ৰ কাৰ্যকালৰ ভিতৰত দেখা যায় যে এনে কিছুমান দেনাদাৰ আছে যাৰ পৰা পাবলগীয়া থকা ধন আদায় কৰিব পৰাটো প্ৰায় সন্দেহজনক। আকৌ উদ্বৃত্ত প্রত্ৰত আর্থিক দৰ্শাবলৈ দেনাদাৰৰ পৰা দেয় প্ৰকৃত ধন দেখুৱাব লাগে। সন্দেহজনক ঋণৰ বাবে দেনাদাৰৰ পৰা পাব লগীয়া ধনৰ এটা আনুমানিক পৰিমাণেৰে আয়ৰ বিপৰীতে এই পুঁজি ধার্য কৰিব লাগে। এইবোৰৰ কাৰণে সন্দেহজনক ঋণ পুঁজি গঠন কৰা হয়।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top