Class 11 Accountancy Chapter 11 অসম্পূৰ্ণ তথ্যৰ হিচাপ

Class 11 Accountancy Chapter 11 অসম্পূৰ্ণ তথ্যৰ হিচাপ Question Answer in Assamese Medium, AHSEC Class 11 Accountancy Chapter 11 অসম্পূৰ্ণ তথ্যৰ হিচাপ Solutions to each chapter is provided in the list so that you can easily browse throughout different chapters Class 11 Accountancy Chapter 11 অসম্পূৰ্ণ তথ্যৰ হিচাপ Notes and select needs one.

Class 11 Accountancy Chapter 11 অসম্পূৰ্ণ তথ্যৰ হিচাপ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. These solutions are part of AHSEC All Subject Solutions. Here we have given Solutions for All Subjects, You can practice these here.

অসম্পূৰ্ণ তথ্যৰ হিচাপ

ACCOUNTANCY

Chapter: 11

PART – II

১। অসম্পূৰ্ণ লিপিবদ্ধকৰণৰ অৰ্থ ব্যাখ্যা কৰা।

উত্তৰঃ অসম্পূর্ণ লিপিৱদ্ধকৰণ হিচাপৰক্ষণৰ এনে এটি কৌশল য’ত কিছুমান লেনদেনৰ উপযুক্ত ডেবিট আৰু ক্রেডিট দুয়োটা দিশ, আন কিছুমান লেনদেনৰ মাথোন এটা দিশ লিপিবদ্ধ কৰা হয় আৰু আন কিছুমান লেনদেনৰ ক্ষেত্ৰত কোনো দিশ লিপিবদ্ধ কৰা নহয়। সাধাৰণতে এই পদ্ধতিত নগদ লেনদেন আৰু দেনাদাৰ আৰু পাওনাদাৰৰ হিচাপ সমূহ উপযুক্তভাৱে ৰখা হয়।

২। অসম্পূর্ণ লিপিবদ্ধকৰণৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰঃ অসম্পূর্ণ লিপিবদ্ধকৰণৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা হ’ল –

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(i) ই লেনদেন লিপিবদ্ধকৰণৰ এটি প্ৰণালীবিহীন পদ্ধতি।

(ii) সাধাৰণতে নগদ লেনদেন আৰু ব্যক্তিগত হিচাপসমূহ সঠিকভাৱে ৰখা হয়।

(iii) নগদ বহীত মালিকৰ ব্যক্তিগত লেনদেনসমূহ লিখা হ’ব পাৰে।

(iv) বিভিন্ন প্রতিষ্ঠানে তেওঁলোকৰ আৱশ্যকতা আৰু সুবিধা অনুসৰি লিপিবদ্ধ কৰে আৰু হিচাপৰ একতাৰ অভাৱত এনেবোৰ প্ৰতিষ্ঠানৰ হিচাপ তুলনাযোগ্য নহয়।

(v) লাভ-লোকচান নিৰ্ণয় কৰিবৰ বাবে আৱশ্যকীয় অন্য তথ্য পাবলৈ মুখ্য প্রমাণ কৰৰ পৰা তথ্য সমূহ সংগ্ৰহ কৰা হয়।

(vi) এই পদ্ধতিত নিৰ্ণয় কৰা লাভ বা লোকচান উচ্চ মাত্ৰাৰ শুদ্ধতা দিব নোৱাৰে কাৰণ এই পদ্ধতিত নিৰ্ণয় কৰা লাভ বা লোকচান আনুমানিকহে।

৩। অসম্পূর্ণ লিপিবদ্ধ কৰণৰ পদ্ধতিত হিচাপ ৰখাৰ সম্ভৱপৰ কাৰণসমূহ কি কি?

উত্তৰঃ বহুতো ব্যৱসায়ীয়ে তলত দিয়া কাৰণ সমূহৰ বাবে অসম্পূৰ্ণ হিচাপ ৰাখে।

(i) যিবিলাক ব্যক্তিৰ হিচাপৰক্ষণৰ নীতিৰ ওপৰত যথার্থ জ্ঞান নাথাকে তেওঁলোকে এই পদ্ধতি গ্ৰহণ কৰে।

(ii) এইটো এটা কম ব্যয় সম্পন্ন পদ্ধতি। এই পদ্ধতিত ব্যয় এই কাৰণে কম যে ইয়াত কোনো বিশেষ দক্ষতা সম্পন্ন হিচাপৰক্ষক নিযুক্তি দিয়া নহয়।

(iii) এই পদ্ধতিত হিচাপসমূহ কম সময়ৰ ভিতৰত নথিভুক্ত হিচাপ বহীহে ৰখা হয়।

(iv) ই হিচাপ ৰখাৰ এটি সুবিধাজনক পদ্ধতি কিয়নো ইয়াত ব্যৱসায়ৰ মালিকে ব্যৱসায়টোৰ প্রয়োজন অনুসৰি দৰকাৰী লেনদেনসমূহ লিপিবদ্ধ কৰিব পাৰে।

৪। হিচাপৰ অসম্পূৰ্ণতাৰ ফলত ব্যৱসায়ী এজনে ব্যক্তিগত কি কি অসুবিধাৰ সন্মুখীন হ’ব পাৰে?

উত্তৰঃ হিচাপৰ অসম্পূর্ণতাৰ ফলত ব্যৱসায়ী এজনে তলত দিয়া অসুবিধাবোৰৰ সন্মুখীন হ’ব পাৰে –

(i) যিহেতু হিচাপৰ দ্বিপ্ৰৱিষ্টি অনুসৰণ কৰা নহয়, সেয়েহে উদ্ধৃত্ত মিলনপত্র প্রস্তুত কৰিব পৰা নাযায় আৰু হিচাপৰ শুদ্ধতা নিশ্চিত কৰিব পৰা নাযায়।

(ii) ব্যৱসায়ীক কার্যকলাপৰ আৰ্থিক ফলাফলৰ শুদ্ধভাৱে নিৰ্ণয় আৰু সঠিকভাৱে বিশ্লেষণ কৰিব নোৱাৰি৷

(iii) ব্যৱসায়ৰ লাভযোগ্যতা, তাৰল্যতা আৰু শোধ ক্ষমতাৰ বিশ্লেষণ কৰিব পৰা নাযায়।

(iv) গণনা কৰা আয়ৰ নিৰ্ভৰযোগ্যতাৰ বিষয়ে আয়কৰ কৰ্তৃপক্ষৰ বিশ্বাসযোগ্যতা অনাত অসুবিধাৰ সৃষ্টি হয়।

৫। আৰ্থিক অৱস্থাৰ বিবৃতি বুলিলে কি বুজা? ব্যৱসায়ী এজনে আর্থিক অৱস্থাৰ বিবৃতিৰ সহায়ত কেনেকৈ লাভ-লোকচান নির্ণয় কৰিব পাৰে?

উত্তৰঃ আৰ্থিক অৱস্থাৰ বিবৃতি হ’ল এটা পদ্ধতি য’ত বছৰটোৰ ভিতৰত হোৱা মূলধনৰ পৰিবৰ্ত্তন নিৰ্ণয় কৰিবলৈ সংশ্লিষ্ট হিচাপ বৰ্ষৰ আৰম্ভণিত আৰু হিচাপ বৰ্ষৰ অন্তত সম্পত্তি আৰু দেনাৰ বিবৃতি প্ৰস্তুত কৰা হয়। ইয়াত ঠিক উদ্বৃত্ত পত্ৰৰ নিচিনাকৈ এটা দিশত দেনা আৰু আনটো দিশত সম্পত্তি দেখুওৱা হয়। দুয়োটা দিশৰ পাৰ্থক্যই হ’ল মূলধন।

আৰ্থিক অৱস্থাৰ বিবৃতি প্ৰস্তুত কৰি বিত্তীয় বছৰৰ আৰম্ভণিত আৰু বিত্তীয় বছৰৰ শেষত মূলধনৰ পৰিমাণ গণনা কৰাৰ পিছত বছৰটোৰ সঠিক পৰিমাণৰ লাভ বা লোকচান নির্ণয় কৰিবলৈ এখন লাভ বা লোকচান বিবৃতি প্ৰস্তুত কৰা হয়। আৰম্ভণি আৰু সামৰণি মূলধনৰ পাৰ্থক্যই মূলধনৰ বৃদ্ধি বা হ্ৰাস বুজায়। বছৰটোৰ লাভ বা লোকচান নিৰ্ণয় কৰিবলৈ মূলধনৰ হ্রাস বা বৃদ্ধিৰ লগত ব্যৱসায়ৰ মালিকে আহৰণ কৰা টকাৰ আৰু বিনিয়োগ কৰা নতুন মূল মূলধনৰ সংযোজন কৰা হয়। যদি প্রকৃত ফলাফল ধনাত্মক হয় তেনেকৈ ইয়াক বছৰটোৰ উপার্জিত লাভ বুলি গণ্য কৰা হয়। ঠিক তেনেদৰে যদি প্ৰকৃত ফলাফল ঋনাত্মক হয়, তেতিয়া ইয়াক বছৰটোৰ লোকচান বুলি কোৱা হয়।

৬। আৰ্থিক অৱস্থাৰ বিবৃতি আৰু উদ্বৃত্ত পত্ৰৰ পাৰ্থক্যবোৰ দেখুওৱা।

উত্তৰঃ আৰ্থিক অৱস্থাৰ বিবৃতি আৰু উদ্ধৃত্ত পত্ৰৰ পাৰ্থক্যবোৰ হ’ল—

পাৰ্থক্যৰ কৰণআৰ্থিক অৱস্থাৰ বিবৃতিউদ্ধৃত্ত পত্র
(i) নিৰ্ভৰ যোগ্যতাযিহেতু এই বিবৃতি অসম্পূৰ্ণ তথ্যৰ পৰা প্ৰস্তুত কৰা হয়। ইকম নিৰ্ভৰযোগ্য।যিহেতু এই বিবৃতি দ্বিপ্ৰৱিষ্টিৰ তথ্যৰ পৰা প্ৰস্তুত কৰা হয়, ই অধিক নিৰ্ভৰযোগ্য।
(ii) উদ্দেশ্যআৰ্থিক অৱস্থাৰ বিবৃতিপ্ৰস্তুত কৰাৰ উদ্দেশ্য হৈছে নিৰ্দ্দিষ্ট তাৰিখ মূলধন হিচাপৰ উদ্বৃত্ত নিৰ্ণয় কৰা।ইয়াৰ উদ্দেশ্য হৈছে ব্যৱসায়ৰ নিদ্দিষ্ট তাৰিখৰ আৰ্থিক অৱস্থা নিৰ্ণয় কৰা।
(iii) বাদ পৰি যোৱা বিয়ৰবাদ পৰি যোৱা সম্পত্তি আৰু দেনাসমূহ সহজে ধৰা পেলাব নোৱাৰি।বাদ পৰি যোৱা সম্পত্তি আৰু দেনাসমূহ সহজে ধৰা পেলাব পাৰি আৰু তথ্যৰ পৰা বিচাৰি উলিয়াব পাৰি।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top