Class 11 Accountancy Chapter 12 হিচাপকৰণত কম্পিউটাৰৰ প্ৰয়োগ

Class 11 Accountancy Chapter 12 হিচাপকৰণত কম্পিউটাৰৰ প্ৰয়োগ Question Answer in Assamese Medium, AHSEC Class 11 Accountancy Chapter 12 হিচাপকৰণত কম্পিউটাৰৰ প্ৰয়োগ Solutions to each chapter is provided in the list so that you can easily browse throughout different chapters Class 11 Accountancy Chapter 12 হিচাপকৰণত কম্পিউটাৰৰ প্ৰয়োগ Notes and select needs one.

Class 11 Accountancy Chapter 12 হিচাপকৰণত কম্পিউটাৰৰ প্ৰয়োগ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Solutions for All Subjects, You can practice these here.

হিচাপকৰণত কম্পিউটাৰৰ প্ৰয়োগ

ACCOUNTANCY

Chapter: 12

PART – II

১। কম্পিউটাৰ বুলিলে কি বুজা?

উত্তৰঃ কম্পিউটাৰ হ’ল এটা ইলেক্ট্রনিক যন্ত্ৰ যিয়ে এটা নিৰ্দ্দেশৰ সংহতিৰ আদেশ অনুযায়ী বিভিন্ন কার্যসমূহ সম্পাদন কৰে।

২। হার্ডওৱেৰ কি?

উত্তৰঃ হার্ডওৱেৰ হ’ল কম্পিউটাৰ এটাৰ ভৌতিক অংগসমূহৰ সমষ্টি যেনে— কিবোর্ড, মাউচ, মনিটৰ আৰু প্ৰচেছৰ।

৩। ছফ্টওৱেৰ কি?

উত্তৰঃ হার্ডওৱেৰৰ সৈতে কাম কৰিবলৈ ব্যৱহৃত সংহতিক ছফ্‌টওৱেৰ বোলা হয়।

৪। ফার্মওৱেৰ কি?

উত্তৰঃ বৰ্ত্তনীৰ ৰূপত মজুত ৰখা সংকেটিক নিৰ্দ্দেশসমূহৰ সংহতিক ফার্মওৱেৰ বোলা হয়। 

৫। লাইভওৱেৰ কাক বোলে?

উত্তৰঃ কম্পিউটাৰৰ লগত সম্পর্ক কৰা মানুহক লাইভওৱেৰ বুলি কোৱা হয়।

৬। এৰিষমেটিক আৰু লজিক ইউনিট বুলিলে কি বুজা?

উত্তৰঃ এৰিত্ৰমেটিক আৰু লজিক ইউনিট সকলো ধৰনৰ পাটীগণিতিয় গণনা সমূহ যেনে যোগ, বিয়োগ, পূৰণ, হৰণ আৰু সুচকীয় কামৰ বাবে দায়ী। ইয়াৰ উপৰিও ই লজিকেল অপাৰেচন সমূহ য’ত চালক আৰু তথ্য সমূহৰ মাজত তুলনা কৰা হয়, সমাধা কৰে।

৭। কম্পিউটাৰৰ বিভিন্ন উপাদান সমূহ কি?

উত্তৰঃ কম্পিউটাৰৰ উপাদানসমূহক ছটা ভাগত ভাগ কৰিব পাৰি।

(ক) হার্ডওৱেৰঃ হার্ডওৱেৰ হ’ল কম্পিউটাৰ এটাৰ ভৌতিক অংগসমূহৰ সমষ্টি যেনে—কিবোর্ড, মাউচ, মনিটৰ।

(খ) ছফটওৱেৰঃ হার্ডওৱেৰৰ সৈতে কাম কৰিবলৈ ব্যৱহৃত প্ৰগ্ৰেমৰ সংহতিক ছফটওৱেৰ বোলা হয়।

(গ) মানুহঃ কম্পিউটাৰৰ লগত সম্পৰ্ক কৰা মানুহক লাইভওৱেৰ বুলিও কোৱা হয়। ইহঁতে কম্পিউটাৰ প্ৰণালীত অতি গুৰুত্বপূৰ্ণ অংগ গঠন কৰে যেন— তথ্য সম্পাদন প্ৰক্ৰিয়া আৰ্হিত কৰে, প্ৰগ্রেম সমূহ লিখে।

(ঘ) কার্ত্রপদ্ধতিঃ কার্যপ্রণালী মানে নির্দ্দিষ্ট ফলাফল লাভৰ বাবে গ্ৰহণ কৰা কাৰ্যসমূহৰ এক ক্ৰম যাক এক নিৰ্দ্দিষ্ট পদ্ধতিত সম্পাদন কৰা হয়, কম্পিউটাৰ পদ্ধতিত তিনি ধৰণৰ কাৰ্য প্ৰণালী থাকে, হার্ডওৱেৰ সম্বন্ধিত, ছফটওৱেৰ সম্বন্ধিত আৰু আভ্যন্তৰীণ পদ্ধতি। বিভিন্ন হার্ডওৱেৰ অংগসমূহৰ বিৱৰণ আৰু প্ৰয়োগৰ পদ্ধতিসমূহ হাৰ্ডওৱেৰ সম্বন্ধিত প্ৰণালীৰ অন্তঃৰ্ভূক্ত। ছফটওৱেৰ সম্বন্ধিত পদ্ধতিয়ে কম্পিউটাৰ প্ৰক্ৰিয়াত ছফটওৱেৰ সমূহ ব্যৱহাৰ কৰাৰ বাবে প্ৰয়োজনীয় নিৰ্দেশসমূহৰ সংহতিক বুজায়। কম্পিউটাৰ প্ৰক্ৰিয়াসমূহ ক্ৰমত ৰাখি যাতে তথ্যসমূহ সুচাৰুৰূপে কম্পিউটাৰলৈ প্ৰৱাহিত কৰিব পাৰি তাৰ ওপৰত অভ্যন্তৰীণ পদ্ধতি প্রতিষ্ঠিত।

(ঙ) তথ্যঃ ই হ’ল বাস্তৱ কথা যি নম্বৰ, পাঠ আদিৰ দ্বাৰা গঠিত। এইবোৰক সংগ্ৰহ কৰি লোৱা হয় আৰু কম্পিউটাৰ পদ্ধতিত সোমোৱা হয়। কম্পিউটাৰ প্ৰণালীৰ আনফালে ইয়াক মজুত ৰাখে। পুনৰ উদ্ধাৰ কৰে, বিভাজন কৰে, সংগঠিত কৰে আৰু সংশ্লেষণ কৰে, যাতে পূণৰ্নিৰ্দ্ধাৰিত নিৰ্দ্দেশ অনুযায়ী প্রকৃত তথ্য প্ৰস্তুত কৰে।

(চ) সংযোজনাঃ ইয়াক কম্পিউটাৰ পদ্ধতিৰ ষষ্ঠ উপাদান হিচাপে ধৰা হয়, যি ধৰণে কোনো এক নির্দিষ্ট কম্পিউটাৰ আন এটাৰ লগত সংযোগ কৰা হয়। যেনে টেলিফোন লাইন, সিয়ে হ’ল, সংযোজনাৰ উপাদান।

৮। ‘মানৱ পদ্ধতিতকৈ কম্পিউটাৰ পদ্ধতিৰ উপযোগীতা অধিক ব্যাখ্যা কৰা।

উত্তৰঃ মানুহৰ তুলনাত কম্পিউটাৰ পদ্ধতিয়ে কিছুমান বৈশিষ্ট্য প্রাপ্তি কৰিছে এইবোৰ হ’ল—

(ক) বেগঃ কম্পিউটাৰটোৱে কাম এটা সমধা কৰা বা অপাৰেচন এটা সম্পূৰ্ণ কৰিবলৈ লোৱা সময়ক বুজায় কাম এটা কৰিবলৈ কম্পিউটাৰ এটাক মানুহতকৈ বহুত কম সময় লাগে। সাধাৰণতে মানুহে এক ছেকেণ্ড বা মিনিটক সময়ৰ একক হিচাপে লয় কিন্তু কম্পিউটাৰৰ এনে কর্মদক্ষতা আছে যে প্রসঙ্গ সময়ৰ একক ছেকেণ্ডৰ ভগ্নাংশ হিচাপেহে প্ৰকাশ কৰা হয়।

(খ) শুদ্ধতাঃ ই গণনা আৰু অপাৰেচন সমূহ সমাধা কৰাৰ মাত্ৰাক বুজায়। কম্পিউটাৰ গণনাত ভুল বিচাৰি এজনে বছৰ অতিবাহিত কৰিব পাৰে। কম্পিউটাৰ স্থিত তথ্য প্ৰক্ৰিয়াত বেয়া প্রগ্রামিং, অশুদ্ধ তথ্য আৰু পদ্ধতিৰ ভিন্নতাৰ বাবে বেছি ভাগ ভুল আবিৰ্ভাৱ হয়। ভুলবোৰ মানুহৰ দ্বাৰাই সংঘটিত হয়। কম্পিউটাৰে সকলো ধৰণৰ জটিল অপাৰেচন শুদ্ধভাৱে সমাধা কৰে।

(গ) বিশ্বাসযোগ্যতাঃ ই এনে এক যোগ্যতাক বুজায় যিয়ে ব্যৱহাৰীক সেৱা আগবঢ়াবলৈ কম্পিউটাৰটোক কার্যক্ষম কৰি ৰাখে। কম্পিউটাৰ পদ্ধতি পুনৰা বৃত্তিই থকা কাৰ্য্যৰ বাবে সুন্দৰ উপযোগী। ইহঁত ভাগৰ আৰু ক্লান্তিৰ সেয়েহে ইহঁত মানুহতকৈ বেছি নিৰ্ভৰযোগ্য।

(ঘ) সর্বদক্ষতাঃ ই কম্পিউটাৰ এটাৰ বিভিন্ন কাম, সাধাৰণ আৰু জটিল কৰিব পৰা ক্ষমতাক বুজাই। কোনো বিশেষ কাৰ্য্যৰ বাবে গঠন নকৰিলে সাধাৰণতে কম্পিউটাৰবোৰ সৰ্বদক্ষ সম্পন্ন হয়। এটা সাধাৰণ উদ্দেশ্য সম্পন্ন কম্পিউটাৰক যিকোনো ক্ষেত্ৰতে ব্যৱহাৰ কৰিব পাৰি যেনে— ব্যৱসায়, বৈজ্ঞানিক, পৰিসংখ্যা বিজ্ঞান সম্পৰ্কীয়, প্রযুক্তি, যোগাযোগ ইত্যাদি।

(ঙ) মজুত কৰণঃ ই কম্পিউটাৰ এটাই মজুত কৰণ আৰু কাৰ্যকৰী কৰিব পৰা তথ্যৰ পৰিমাণক বুজায়। তথ্যসমূহৰ তাৎক্ষণিক কাৰ্য্যক্ষম কৰিব পৰা ক্ষমতা থকাৰ উপৰিও কম্পিউটাৰটোয়ে বৃহত পৰিমাণৰ তথ্য এক সুক্ষ্ম অংশত মজুত ৰাখিব পাৰে। 4.7// ব্যাসাৰ্দ্ধৰ এখন চিডি ৰ’মত বহু সংখ্যক কিতাপ সঞ্চয় কৰি ৰাখিব পাৰে য’ত প্ৰতিখন কিতাপত হাজাৰখন পৃষ্ঠা থাকিব পাৰে। ইয়াৰ উপৰিও বহু খালী ঠাই বাকী থাকে য’ত তেনেকুৱা আন কিছুমান তথ্য ৰাখিব পাৰি।

৯। ছফট ওৱেৰক কেইটা ভাগত ভাগ কৰিব পৰা যায়?

উত্তৰঃ ছফটওৱেৰক ছয়টা ভাগত ভাগ কৰা হয় যেনে—

(ক) অপাৰেটিং চিষ্টেমঃ অপাৰেটিং চিষ্টেম হ’ল বিশেষ প্ৰগ্ৰেমসমূহৰ সন্মিলিত সংহতি যিয়ে কম্পিউটাৰ এটাৰ সম্পদসমূহ পৰিচালনা কৰে আৰু ইয়াৰ কাৰ্য্যসমূহ ৰূপায়িত কৰে।

(খ) ইউটিলিটি প্রগ্রেমছঃ ইউটিলিটি প্রগ্রেম হ’ল কম্পিউটাৰ প্ৰগ্ৰেমসমূহৰ সংহতি যাক কোনো নির্দিষ্ট সহায়ক কাৰ্য্য সম্পাদনৰ বাবে ডিজাইন কৰা হয়। যেনে— ডিক্স ফ্ৰমেট কৰা প্ৰগ্ৰেম, ডিক্স প্রতিনিধি কৰা প্ৰগ্ৰেম ইত্যাদি।

(গ) এপ্লিকেচন ছফটওৱেৰঃ এইবোৰ হ’ল ব্যৱহাৰকাৰী সম্বন্ধীয় প্ৰগ্ৰেম যিবোৰ কোনো বিশেষ কাম সমাধা কৰিবলৈ বিকাশ কৰা হয়।

(ঘ) লেংগুৱেজ প্ৰচেছৰঃ এই বিলাক হ’ল ছফট ওৱেৰ যিয়ে কম্পিউটাৰত ব্যৱহৃত ভাষাৰ বাক্য বিন্যাস সমূহ পৰীক্ষা কৰে আৰু মূল প্ৰগ্ৰেমক মেচিন ভাষালৈ অনুবাদ কৰে।

(ঙ) চিষ্টেম ছফটওৱেৰঃ এইবোৰ ছফটওৱেৰ প্ৰগ্ৰেমসমূহৰ একোটা সংহতি যিয়ে আভ্যন্তৰীণ কাৰ্যসমূহ নিয়ন্ত্ৰণ কৰে।

(চ) সংযোগী ছফটওৱেৰঃ ই হ’ল প্ৰগ্ৰেম সমূহৰ সংহতি যিয়ে কম্পিউটাৰ আৰু ছাৰভাৰৰ মাজত সংযোগ সংস্থাপন আৰু নিয়ন্ত্রণ কৰে। কম্পিউটাৰটোয়ে যাতে সংযোগ আৰু ছাৰভাৰ তথা আন কম্পিউটাৰৰ সম্পদসমূহ বিনিময় কৰিব পাৰে তাৰ বাবে এই ছউটওৱেৰ ব্যৱহৃত।

১০। কম্পিউটাৰ পদ্ধতিৰ সীমাবদ্ধতাবোৰ কি?

উত্তৰঃ কম্পিউটাৰৰ গুণাগুন বিলাক থকা স্বত্ত্বেও কিছুমান সীমাবদ্ধতা সহিবলগীয়া হয় এইবোৰ হ’ল—

(ক) সাধাৰণ জ্ঞানৰ অভাৱঃ আজিৰ দিনটো কম্পিউটাৰ এটাৰ হিতাহিত জ্ঞান নাথাকে। কিয়নো এতিয়ালৈ এনে কোনো কম্পিউটাৰ প্ৰগ্ৰেম ডিজাইন কৰিব পৰা নাই যিয়ে কম্পিউটাৰটোক হিতাহিত জ্ঞান দিব পাৰে।

(খ) শূণ্য বুদ্ধসংকঃ কম্পিউটাৰবোৰ হ’ল বোবা যন্ত্ৰ যাৰ বুদ্ধসংক শূণ্য কোনো এক নিৰ্দিষ্ট পৰিস্থিতিত প্ৰকৃততে কি কৰিব লাগে তাৰ বাবে ইহঁতৰ দৃষ্টি ভংগী নাথাকে আৰু অনুভব কৰিব নোৱাৰে যদিহে কি কৰিব লাগে বুলি প্ৰগ্ৰেম কৰা নাথাকে।

(গ) সিদ্ধান্ত নিৰ্দ্ধাৰণৰ অভাবঃ সিদ্ধান্ত নিৰ্দ্ধাৰণ হ’ল তথ্য, জ্ঞান, বুদ্ধি আৰু বিচাৰ কৰা ক্ষমতা জড়িত এক জটিল প্রক্রিয়া। কম্পিউটাৰবোৰে নিজে কোনো সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে কাৰণ সিদ্ধান্ত নিৰ্দ্ধাৰণৰ প্ৰয়োজনীয় খিনি ইহঁতে ল’ৱ নোৱাৰে। এনেকুৱা সিদ্ধান্ত ল’বলৈ সিহঁতক প্ৰগ্ৰেম কৰা হয় যিবোৰ সম্পূৰ্ণ নিয়ম সম্বন্ধীত।

১১। এটা কম্পিউটাৰৰ মুখ্য অংগসমূহ কি?

উত্তৰঃ এটা কম্পিউটাৰৰ মুখ্য অংগ সমূহ হ’ল—

(ক) ইনপুট গোটঃ ই বিভিন্ন ইনপুট আহিলাসমূহ কন্ট্রোল কৰে যিবোৰৰ সহায়ত কম্পিউটৰ এটাত তথ্যসমূহ ভৰোৱা হয়, উদাহৰণ স্বৰূপে কি বাৰ্ড, মাউচ হ’ল আটাইতকৈ বেছি প্ৰচলিত ইনপুট আহিলা।

(খ) কেন্দ্রীয় কার্যবাহী গোটঃ কম্পিউটাৰ হাৰ্ডওৱেৰে এইটোৱে মূল অংগ যিয়ে ই পোৱা নিৰ্দ্দেশ অনুসৰি তথ্যসমূহ কাৰ্যকৰী কৰে। ই তথ্যসমূহক পদ্ধটিটোত সোমাৱলৈ নিৰ্দেশ দি তাৰ পৰিচালনা নিয়ন্ত্ৰণ কৰে, কম্পিউটাৰ স্মৃতিত সঞ্চিত কৰে আৰু যেতিয়াই দৰকাৰ তাক পুনৰূদ্ধাৰ কৰে। তাৰ পিছত আউটপুট তথ্যসমূহক নিৰ্দ্দেশ দিয়ে।

(গ) তথ্য যোগানধাৰী এককঃ ক্রম অনুসৰি ডাটাৰ তথ্য প্ৰস্তুত কৰি প্ৰয়োগ কৰ্ত্তাই বুজিব আৰু পঢ়িব পৰাটো সহজ লভ্য হোৱাটো আৱশ্যক। সেইবাবে কম্পিউটাৰ পদ্ধতিটো সকলো প্রয়োগকাৰীৰ বাবে এক সহজলভ্য প্রক্রিয়া হোৱাটো আৱশ্যক। তথ্য যোগানকাৰী একক সংকেতিক ডাটা প্ৰক্ৰিয়াক ডাটালৈ ৰূপান্তৰ কৰি ব্যৱহাৰকাৰীয়ে পঢ়িব পৰাকৈ প্ৰস্তুত কৰিব লাগে। উদাহৰণ স্বৰূপে মনিটৰ, প্রিন্টাৰ বেছি প্ৰচলিত তথ্যযোগান ধাৰী একক।

১২। লেন-দেন প্রক্রিয়া পদ্ধতি বুলিলে কি বুজা?

উত্তৰঃ লেন-দেন প্রক্রিয়া পদ্ধতি কম্পিউটাৰৰ দ্বাৰা ব্যৱহাৰ হোৱা সবাতোকৈ আগতীয়া পদ্ধতি যিয়ে ডাঙৰ ডাঙৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ অভাব পুৰণ কৰে। লেন-দেন প্রক্রিয়া পদ্ধতিৰ উদ্দেশ্য লিপিবদ্ধ কৰণ, প্রক্রিয়া কৰণ বৈধ্যতা আৰু মজুতিকৰণ সংগ্ৰহ কৰা, কাৰণ যি কোনো ব্যৱসায় প্রক্রিয়া যি কোনো সময়ত পৰৱৰ্তী প্ৰক্ৰিয়াৰ যি কোনো সময়ত পৰৱৰ্তী প্ৰক্ৰিয়াৰ যি কোনো বিভাগলৈ কাৰ্য্যকৰণৰ বাবে যাব পাৰে। এই লেন-দেন আভ্যন্তৰিক অথবা বহিঃগতও হ’ব পাৰে। যেতিয়া নিজৰ প্ৰতিষ্ঠানৰ উৎপাদিত সামগ্রী নিজা বিক্ৰী কেন্দ্ৰত বিক্ৰীৰ বাবে পঠোৱা হয় তাক আভ্যন্তৰিক লেন-দেন বোলে। যেতিয়া ক্রয় বিভাগে কোনো সামগ্রী কোনো বিক্ৰেতাৰ দ্বাৰা বিক্ৰী কৰে তাক বহিঃগত লেন-দেন বোলে। বিত্তীয় লেন-দেন সাধাৰণতে বহিঃগত লেন-দেনতেই সীমিত।

১৩। তথ্য আৰু সিদ্ধান্ত পদ্ধতি বুলিলে কি বুজা?

উত্তৰঃ যিবোৰ সিদ্ধান্ত প্রতিস্থানে গ্ৰহণ কৰে সেই সিদ্ধান্তবোৰ প্ৰতিষ্ঠানটোৰ নিজৰ কার্য আৰু উদ্দেশ্য সফল হোৱাৰ বাবেহে লয়। এই প্ৰণালীবোৰ প্ৰতিষ্ঠানটোত নিয়োজিত শক্তিবোৰ উৎপাদিত শক্তি প্রতিষ্ঠানটোৰ অনুকূল হ’ব লাগিব। প্ৰতিটো প্ৰতিষ্ঠানৰ নিজস্ব উদ্দেশ্য থাকে। যাৰ আধাৰত নিয়োজিত প্ৰক্ৰিয়াৰ দ্বাৰা সফলতা অর্জন কৰে। প্ৰতিষ্ঠানৰ উদ্দেশ্য সফল হোৱাৰ বাবে লোৱা সিদ্ধান্ত ফলৱৰ্তী হ’বলৈ নিৰ্ভূল কাৰ্যপ্ৰণালী আৰু সঠিক তথ্যৰ পৰাহে সম্ভৱ। গতিকে প্রতিষ্ঠানক যিকোনো কাৰ্যৰ সফলতাত তথ্যৰ ভূমিকা অত্যন্ত মহত্বপূর্ণ। সকলো সৰু বৰ প্ৰতিষ্ঠানৰ নিজস্বভাৱে প্ৰতিস্থা কৰা তথ্য বিভাগৰ গুণগত কার্যকলীৰ কাৰ্যকৰণৰ ওপৰত প্ৰতিষ্ঠানটোৰ উঠন পতন নিৰ্ভৰশীল।

১৪। কম্পিউটাৰ হিচাপকৰণ পদ্ধতিৰ বৈশিষ্টবোৰ ব্যাখ্যা কৰা।

উত্তৰঃ কম্পিউটাৰ লেন-দেন পদ্ধতিৰ বিশেষত্ব সমূহ তলত বৰ্ণনা কৰা হ’ল—

(ক) লেন-দেন ডাটা অনলাইনত তথ্য নিয়োজিত কৰণ আৰু মজুত কৰণ।

(খ) কিনা আৰু বিক্ৰী ৰচিদ ছপা কৰি উলিওৱা।

(গ) হিচাপকৰণ আৰু লেন-দেন ক্ৰতিপূর্ণ বাবে তর্ক যোজনা প্রত্যেক হিচাপ আৰু লেন-দেনৰ সংকেতিক একক ব্যৱহাৰ।

(ঘ) হিচাপৰ সমূহীকৰণ প্ৰাৰম্ভিক স্তৰতেই কৰা হয়।

১৫। পৰিচলনা তথ্য পদ্ধতি বুলিলে কি বুজা?

উত্তৰঃ সংস্থা এটা প্রতিযোগিতাত বৰ্তি থাকিবলৈ তথ্য পদ্ধতিৰ ওপৰত যথেষ্ট নিৰ্ভৰশীল হ’ব লাগিব। পৰিচালনা তথ্য পদ্ধতি এনেকুৱা পদ্ধতি যিয়ে এটা সংস্থাক সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে নিৰ্ণয় লয় আৰু জৰুৰী তথ্য প্ৰদান কৰে। পৰিচালনা তথ্য পদ্ধতিৰ জৰিয়তেহে প্রতিষ্ঠান এটাই দীর্ঘকালন নীতিগত লক্ষ্য আৰু উদ্দেশ্যত উপনীত হ’ব পাৰে। পৰিচালনা তথ্য পদ্ধতিক পৰিচালনাৰ দ্বাৰা বিভিন্ন স্তৰত প্ৰয়োগ কৰিব পৰা যায়। যেনে সামৰিক অভিযান, প্রস্তুত আদি, হিচাপকৰণ তথ্য পদ্ধতিয়ে বস্তু বা ব্যক্তি সম্বন্ধে অধিক তথ্য বিভিন্ন প্রকাৰৰ উপভোক্তাৰ বাবে পৰিচয় সংগ্ৰহ আৰু প্ৰক্ৰিয়া তৈয়াৰ কৰে আৰু বিভিন্ন জনলৈ প্ৰেৰণ কৰে। এনেধৰণৰ তথ্যই প্ৰতিষ্ঠানৰ উদ্দেশ্য আৰু সফলতা ৰূপায়ণত প্রধান ভূমিকা গ্ৰহণ কৰে। প্ৰতিটো হিচাপকৰণ তথ্য পদ্ধতিৰ নিশ্চিত ৰূপে এটা অংগ, আনফালে ক’বলৈ গ’লে প্রতিষ্ঠানৰ হিচাপকৰণত কম্পিউটাৰৰ প্ৰয়োগ পৰিচালনা তথ্য পদ্ধতিৰো অংগ।

১৬। হিচাপকৰণ তথ্য পদ্ধতি বুলিলে কি বুজা?

উত্তৰঃ হিচাপকৰণ তথ্য পদ্ধতি হ’ল প্রতিষ্ঠান এটাই যোগান দাতা গ্ৰাহক আৰু প্ৰাকৃতিক বাতাবৰণৰে আবৰি থকা ঠাইত চলি থকা পদ্ধতি। হিচাপকৰণ এটি অন্যতম আৱশ্যকীয় তথ্য য’ত ব্যৱসায়ৰ কাৰ্য্যপ্ৰণালী সঠিক প্ৰক্ৰিয়াৰে চলি থকাত সহায় কৰে। পৰিচালনা তথ্য পদ্ধতিক প্রতিস্থিতি ঐক্যবদ্ধ কৰিবলৈ হিচাপকৰণ তথ্য পদ্ধতি বিভিন্ন উপ পদ্ধতিৰ দ্বাৰা তথ্য গ্ৰহণ আৰু যোগান ধৰে। হিচাপকৰণৰ তথ্য পদ্ধতি সম্পদ সংগ্ৰহ বিত্তীয় আৰু অন্য ডাটাৰ আৰ্হিৰ ৰূপান্তৰ আৰু অনন্য ডাটাক লৈ এই তথ্য বহল ভিত্তিৰ সিদ্ধান্তকাৰী সকলৰ দ্বাৰা কৰা হয়। প্রাপ্তি তথ্য পদ্ধতিৰ পৰিবৰ্ত্তিত কাৰ্যক হয় হাতে লিখা প্রক্রিয়া অথবা কম্পিউটাৰৰ দ্বাৰা পূৰ্ণ কৰা হয়।

১৭। হিচাপকৰণ প্ৰতিবেদন বুলিলে কি বুজা আৰু হিচাপকৰণ প্ৰতিবেদনসমূহ কি কি চিৰ্ত পূৰ্ণ কৰিব লাগে?

উত্তৰঃ যেতিয়া ডাটাৰ প্ৰক্ৰিয়া আৰম্ভ হয় তেতিয়া তথ্যৰ প্ৰয়োজন। তথ্য সাৰাংশক যেতিয়া এক বিশেষ ৰূপত প্ৰস্তুত কৰা হয় তাক প্রতিবেদন বোলে। সম্পত্তি তথ্যৰ সাৰাংশ এক বিশেষৰূপত প্ৰস্তুত কৰাকে হিচাপকৰণ প্ৰতিবেদন বোলা হয়।

হিচাপকৰণ প্ৰতিবেদনত তলত উল্লেখ কৰা চৰ্তসমূহ পুৰণ কৰা আৱশ্যক—

(ক) প্রাসংগিকতা।

(খ) সময়োপযোগীতা।

(গ) নিখুত বা সঠিকতাপূর্ণ।

(ঘ) সম্পূর্ণতা। 

(ঙ) সংক্ষিপ্ততা।

১৮। ‘হিচাপকৰণ প্রতিবেদন সকলো মূল আৱশ্যকীয় কার্যত মর্যদাপূর্ণভাৱে সহায়েৰে পূর্ণকৰে’ ব্যাখ্যা কৰা।

উত্তৰঃ এখন ব্যৱসায়ৰ সকলো মূল আৱশ্যকীয় কার্যত হিচাপকৰণ প্রতিবেদন জড়িত হৈ থাকে যেনে—

(ক) সংক্ষিপ্ত প্রতিবেদনঃ প্রতিষ্ঠান এটিৰ গতিবিধি সংক্ষিপ্ত আৰু প্ৰতিবেদনো সংক্ষিপ্ত ৰূপত তৈয়াৰ কৰিব লাগে।

(খ) চাহিদা প্রতিবেদনঃ মেনেজমেন্টে যেতিয়া আগ্ৰহ প্ৰকাশ কৰে তেতিয়াহে চাহিদা প্রতিবেদন প্রস্তুত কৰা হয় যেনে উৎপাদনৰ বাবে ঋণ প্ৰতিবেদন।?

(গ) গ্রাহক যোগানকাৰী প্রতিবেদনঃ পৰিচালনা সমিতিৰ প্ৰতিবেদনৰ ভিত্তিত এই প্রতিবেদন প্রস্তুত কৰা হয়। উদাহৰণ স্বৰূপে শীর্ষ দহ গৰাকীৰ গ্ৰাহক প্রতিবেদন। গ্ৰাহক হিচাপ বহীৰ সুদ চালানী পণ্যৰ বিৱৰণি হিচাপ, বিক্রয় বিশ্লেষণৰ বিৱৰণ ইত্যাদি।

(ঘ) আপত্তিজনক প্রতিবেদনঃ চর্ত বা আপত্তি স্বত্বেও এই প্রতিবেদন প্রস্তুত কৰা হয়। মজুত পণ্য প্রতিবেদনত কম যোগান, মজুত কৰা স্থিতি অনুসন্ধান, অতিৰিক্ত মজুত কৰণ স্থিতি ইত্যাদি।

(ঙ) দায়বদ্ধতা প্রতিবেদনঃ পৰিচালনা তথ্য পদ্ধতিৰ গঠন বিশেষকৈ পৰিচালনা সমিতিৰ দায়বদ্ধতাৰ ভিত্তিত কৰা হয়। বিত্ত আৰু হিচাপ বিভাগৰ মুৰব্বীয়ে দাখিল কৰা প্রতিবেদনত নগদ ধনৰ স্থিতি।

১৯। সংস্থানত পৰিচালনা তথ্য পদ্ধতি আৰু অন্যান্য প্রচলিত তথ্য পদ্ধত প্রতিস্থান এটিৰ লগত সম্বন্ধ সম্পর্কে উদাহৰণ দি ব্যাখ্যা কৰা।

উত্তৰঃ সংস্থানত পৰিচালনা তথ্য পদ্ধতি আৰু অন্যান্য প্রচলিত তথ্য পদ্ধতিৰ সম্পৰ্কবোৰ হ’ল—

(ক) হিচাপকৰণ তথ্য পদ্ধতি, উৎপাদন তথ্য পদ্ধতি আৰু মানৱ সম্পদ তথ্য পদ্ধতিঃ মানৱ সম্পদ বিভাগৰ পৰা উৎপাদনবিভাগে কৰ্মচাৰীৰ তালিকা সংগ্রহ কৰে। এই কৰ্মচাৰীৰ দ্বাৰা উৎপাদন কৰা তথ্য মানৱ সম্পদ বিভাগে হিচাপকৰণ বিভাগলৈ প্ৰেৰণ কৰে যাতে পাৰিশ্ৰমিক আদায় দিয়া হয়। হিচাপকৰণ বিভাগে আদায় দিয়া শ্ৰমিকৰ পাৰিশ্ৰমিকৰ প্ৰতিবেদন উৎপাদন বিভাগ আৰু মানৱ সম্পদ বিভাগলৈ প্ৰেৰণ কৰিব লাগে কিয়নো উক্ত বিভাগে যাতে শ্রমিকৰ কাৰ্যদক্ষতাৰ ওপৰত নজৰ ৰাখিব পাৰে।

(খ) হিচাপকৰণ তথ্যপদ্ধতি আৰু বিপনন সম্বন্ধীয় তথ্য পদ্ধতিঃ ব্যৱসায়ৰ প্ৰগতিত বিপনন আৰু বিক্ৰয় বিভাগে নিম্নলিখিত কার্য সক্রিয়ভাৱে পালন কৰে।

১। তথ্য বিচাৰ।

২। সম্পর্ক স্থাপন।

৩) প্ৰৱেশ পদ্ধতি।

৪। বয়বস্তু প্ৰেৰণ।

৫। উপভোক্তাৰ ৰচিদ।

হিচাপকৰণ উপ-পদ্ধতিৰ লেন-দেন পৰিক্ৰমা পদ্ধতিত বিক্ৰীৰ আদেশ জমা ধন খতিয়নৰ প্ৰাধীকাৰী, সামগ্ৰীৰ দায়িত্ব, বস্তুৰ সম্পৰ্ক তালিকা বহনৰ তথ্য গ্রহণযোগ্যতা ইত্যাদি।

(গ) হিচাপকৰণ তথ্য পদ্ধতি আৰু উৎপাদন তথ্যপদ্ধতিঃ ব্যৱসায়ৰ উন্নতিৰ কাৰণে উৎপাদন বিভাগে নিম্নলিখিত কার্যসমূহ সম্পদন কৰে।

১। যোজনা আৰু প্ৰস্তুত।

২। আৱশ্যকীয় বস্তু বিচৰা ফৰ্ম আৰু জবকাৰ্ড।

৩। বস্তুৰ সম্পূর্ণ তালিকা।

৪। কেঁচা সামগ্ৰী ক্ৰয়ৰ নিৰ্দেশ পত্ৰ।

৫। বিক্ৰেতাৰ চালানী দ্রব্য বিৱৰণী পৰিচালনা।

৬। বিক্ৰেতাক পৰিশোধ কৰা ধনৰ পৰিমাণ হিচাপকৰণ উপ পদ্ধতিৰ লেন-দেন পৰিক্ৰমা পদ্ধতিত ক্ৰয় নিৰ্দেশ, যোগানকাৰী আৰু বিক্ৰেতাৰ আগধন বস্তুৰ, সম্পূর্ণ তালিকা, হিচাপ পৰিশোধ ইত্যাদি ইয়াৰ ভিতৰত থাকে। 

এই সকলোবোৰ তথ্য পৰিচালনা তথ্য পদ্ধতিৰ প্ৰতিষ্ঠানৰ অন্য বিভাগলৈ বিতাৰিত কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top