Class 10 Science Chapter 14 শক্তিৰ উৎসসমূহ

Class 10 Science Chapter 14 শক্তিৰ উৎসসমূহ, দশম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 10 Science Question Answer to each chapter is provided in the list of SEBA বিজ্ঞান Class 10 Question Answer so that you can easily browse through different chapters and select needs one. Class 10 Science Chapter 14 শক্তিৰ উৎসসমূহ Question Answer can be of great value to excel in the examination.

Class 10 Science Chapter 14 শক্তিৰ উৎসসমূহ

Join Telegram channel

SEBA Class 10 General Science Chapter 14 শক্তিৰ উৎসসমূহ Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 10 Science Chapter 14 শক্তিৰ উৎসসমূহ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

শক্তিৰ উৎসসমূহ

Chapter – 14

পদাৰ্থ বিজ্ঞান

অতিৰিক্ত প্ৰশ্নোত্তৰ

অতি চমু প্রশ্নোত্তৰ

1. এটা আদর্শ ইন্ধনৰ মুখ্য বৈশিষ্ট্যসমূহ কি কি? 

উত্তৰঃ এটা আদৰ্শ ইন্ধনৰ মুখ্য বৈশিষ্ট্যসমূহ হ’ল—

(i) ই দহনৰ দ্বাৰা অতি বেছি পৰিমাণৰ তাপ উৎপন্ন কৰে।

(ii) ই অতি কম পৰিমাণৰ ধোঁৱা উৎপন্ন কৰে। আৰু 

(iii) ই সহজলভ্য হয়।

2. জীৱাশ্ম ইন্ধন কি?

উত্তৰঃ জীৱাশ্ম ইন্ধন হ’ল পৃথিৱীৰ গভীৰ স্তৰত উদ্ভিদ আৰু প্ৰাণীৰ মৃত অৱশিষ্ট অংশৰ পৰা সৃষ্ট এবিধ ইন্ধন। জীৱাশ্ম ইন্ধনৰ উদাহৰণ হ’ল কয়লা আৰু পেট্র’লিয়াম। 

3. জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰৰ অসুবিধাবোৰ কি? 

উত্তৰঃ জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰৰ অসুবিধাবোৰ হ’ল—

(ক) জীৱাশ্ম ইন্ধনবোৰ হ’ল নৱীকৰণ অযোগ্য শক্তিৰ উৎস, যি এদিন শেষ হৈ যাব। 

(খ) জীৱাশ্ম ইন্ধনৰ দহনৰ ফলত নাইট্ৰ’জেন আৰু ছালফাৰ অক্সাইড উৎপন্ন হয় যি হানিকাৰক যৌগ আৰু ইহঁতে এছিড বৰষুণৰ সৃষ্টি কৰি মাটি আৰু জলসম্পদৰ হানি কৰে।

(গ) জীৱাশ্ম ইন্ধনৰ দহনৰ ফলত প্ৰচুৰ পৰিমাণে কাৰ্বন-ডাই-অক্সাইড গেছৰ উৎপন্ন হয়, যি এক সেউজ-গৃহ গেছ আৰু গোলকীয় উত্তাপনত অৰিহণা যোগায়। 

4. জীৱাশ্ম ইন্ধনৰ দহনৰ দ্বাৰা সৃষ্ট প্ৰদূষণ কেনেদৰে কমাব পাৰি?

উত্তৰঃ জীৱাশ্ম ইন্ধনৰ দহনৰ দ্বাৰা সৃষ্ট প্ৰদূষণ তলত দিয়া ধৰণে কমাব পাৰি—

(i) ইঞ্জিনৰ ভিতৰত দহন প্ৰক্ৰিয়াৰ দক্ষতা বঢ়াই। 

(ii) হানিকাৰক গেছ আৰু ছাই পৰিৱেশলৈ ওলাই যাব নোৱাৰাৰ বাবে বিভিন্ন কৌশল ব্যৱহাৰ কৰা। 

5. তাপ বিদ্যুৎ প্রকল্প কি?

উত্তৰঃ বৃহৎ পৰিমাণৰ জীৱাশ্ম ইন্ধন জ্বলাই কিছুমান বিদ্যুৎ প্রকল্পত পানী গৰম কৰা হয় আৰু তাৰ দ্বাৰা উৎপন্ন বাষ্পৰ দ্বাৰা টার্বাইন ঘূৰাই বিদ্যুৎ উৎপাদন কৰা হয়। এনেদৰে পোৱা শক্তিক তাপ বিদ্যুৎ বোলা হয় আৰু এই প্রকল্পসমূহক তাপ বিদ্যুৎ প্রকল্প বোলে। 

6. তাপ বিদ্যুৎ প্রকল্পৰ দুটা অসুবিধা লিখা।

উত্তৰঃ তাপ বিদ্যুৎ প্ৰকল্পৰ দুটা অসুবিধা হ’ল—

(i) তাপ বিদ্যুৎ প্রকল্পসমূহে জীৱাশ্ম ইন্ধন ব্যৱহাৰ কৰে যি এক নৱীকৰণ অযোগ্য শক্তিৰ উৎস আৰু নিৰৱচ্ছিন্ন ব্যৱহাৰৰ ফলত এদিন শেষ হৈ যাব।

(ii) তাপ বিদ্যুৎ প্রকল্পত জীৱাশ্ম ইন্ধনৰ দহনে হানিকাৰক যৌগ যেনে নাইট্ৰ’জেন আৰু ছালফাৰ অক্সাইড উৎপন্ন কৰে যি এছিড বৰষুণৰ সৃষ্টি কৰি মাটি আৰু জলসম্পদৰ ক্ষতিসাধন কৰে।

7. জল বিদ্যুৎ প্রকল্প কি?

উত্তৰঃ জলবিদ্যুৎ প্রকল্পবোৰ হ’ল কিছুমান বিদ্যুৎ উৎপাদন প্রকল্প যাৰ দ্বাৰা নদীত বান্ধ নিৰ্মাণ কৰি পানীক ভেটা দি পানীৰ স্থিতি শক্তি ব্যৱহাৰ কৰি বিদ্যুৎ উৎপাদন কৰা হয়। 

8. জল বিদ্যুৎ প্রকল্পৰ দুটা সুবিধা লিখা।

উত্তৰঃ জলবিদ্যুৎ প্রকল্পৰ দুটা সুবিধা হ’ল—

(i) এনে প্রকল্পই শক্তি আহৰণৰ বাবে পানীৰ স্থিতি শক্তি ব্যৱহাৰ কৰে। পানী এবিধ নৱীকৰণযোগ্য শক্তিৰ উৎস যি জীৱাশ্ম ইন্ধনৰ দৰে নিৰৱচ্ছিন্ন ব্যৱহাৰৰ ফলত এদিন শেষ হৈ নাযায়।

(ii) জলবিদ্যুৎ প্রকল্পসমূহে কোনো ধৰণে পৰিৱেশৰ প্ৰদূষণ সৃষ্টি নকৰে। 

9. নদীবান্ধ কি? ইয়াৰ দুটা সুবিধা লিখা।

উত্তৰঃ নদীবান্ধবোৰ হ’ল নদীত নিৰ্মাণ কৰা কিছুমান সুউচ্চ গঠন যাক নদীৰ পানী ভেটা দি তাক বৃহৎ জলাধাৰত সংগ্ৰহ কৰিবলৈ বন্ধা হয়।

নদীবান্ধৰ দুটা সুবিধা হল

(i) নদীবান্ধৰ দ্বাৰা বিদ্যুৎ উৎপাদন কৰিব পাৰি।

(ii) বান্ধৰ পৰা পানী বোৱাই নি খেতি পথাৰত জলসিঞ্চন কৰিব পাৰি।

10. তাপ বিদ্যুৎ প্রকল্পৰ তুলনাত জলবিদ্যুৎ প্রকল্পৰ সুবিধা কি? 

উত্তৰঃ তাপ বিদ্যুৎ প্রকল্পৰ তুলনাত জলবিদ্যুৎ প্রকল্পৰ সুবিধাসমূহ হ’ল

(i) জলবিদ্যুৎ এক নৱীকৰণযোগ্য শক্তিৰ উৎস, কাৰণ জলাধাৰৰ পানীক বৰষুণৰ দ্বাৰা পুনৰুদ্ধাৰ কৰিব পাৰি। ইয়াৰ বিপৰীতে, তাপ বিদ্যুৎ এক নৱীকৰণ অযোগ্য শক্তিৰ উৎস, কাৰণ এই শক্তি আহৰণৰ বাবে ব্যৱহাৰ হোৱা জীৱাশ্ম ইন্ধন এদিন অবিৰত ব্যৱহাৰৰ ফলত শেষ হৈ যাব।

(ii) জলবিদ্যুৎ প্রকল্পসমূহে কোনো ধৰণে পৰিৱেশৰ প্ৰদূষণৰ সৃষ্টি নকৰে, কাৰণ এনে প্ৰকল্পত পানীৰ সোঁতে টার্বাইন ঘূৰাই বিদ্যুৎ উৎপাদন কৰে। আনহাতে তাপ বিদ্যুৎ প্রকল্পসমূহত দহন কৰা জীৱাশ্ম ইন্ধনে পৰিৱেশৰ প্ৰদূষণ সৃষ্টি কৰে।

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

Q.1. শক্তিৰ ভাল উৎস কী? 

Ans. শক্তিৰ ভাল উৎসৰ বাবে কিছুমান বিশেষ বৈশিষ্ট্য থকা প্রয়োজন। সেই বৈশিষ্ট্য বোৰ হৈছে এনে ধৰণৰ–

[i] ইয়াৰ কেল’ৰিমান অতি উচ্চ হোৱা অতিকৈ প্রয়োজন। 

[ii] উপযুক্ত জ্বলন উষ্ণতা থকা উচিত।

[iii] ইয়াৰ দহনবেগ মধ্যমীয়া হোৱা উচিত।

[iv] সংৰক্ষণ আৰু পৰিবহণ সহজতৰ হোৱা উচিত।

[v] অতি সহজে পোৱা যাব লাগে।

[vi] যি সবাতোকৈ কম খৰচ সাপেক্ষ।

Q.2. ভাল ইন্ধন কি ? 

Ans. কোন এটা ইন্ধন ভাল হোৱাৰ বাবে কিছুমান বৈশিষ্ট্য থকা প্রয়োজন। এই বৈশিষ্ট্যবোৰ হ’ল—

[i] ইন্ধনবোৰ সহজলভ্য হ’ব লাগিব।

[ii] জ্বালানী বা ইন্ধন হিচাপে ইয়াৰ কেল’ৰি মান অতি উচ্চ হোৱা অতিকৈ প্রয়োজন। 

[iii] কোনো এটা ইন্ধনৰ এটা উপযুক্ত জ্বলন উষ্ণতা থকা উচিত। 

[iv] ইন্ধন এটাৰ দহন বেগ মধ্যমীয়া হোৱা উচিত যাতে ই নিয়ন্ত্রিত ভাবে তাপ শক্তি উৎপন্ন কৰিব পাৰে।

[v] ইন্ধন এটাত অতি কম অনুপাতত অশুদ্ধি বা দহন নোহোৱা পদার্থ থকাটো উচিত। কিয়নো এই পদাৰ্থবোৰ প্ৰদূষণৰ কাৰক হ’ব পাৰে।

[vi] ইয়াৰ সংৰক্ষণ আৰু বহন সহজতৰ হ’ব লাগিব। 

[vii] ইয়াক সবাতোকৈ কম খৰচ সাপেক্ষ হ’ব লাগিব।

Q. 3. যদি তুমি আহাৰ গৰম কৰিবলৈ যিকোনো শক্তিৰ ব্যৱহাৰ কৰিবলৈ সক্ষম, তেন্তে কোনটো কৰিবা আৰু কিয়? 

Ans. আহাৰ গৰম কৰিবলৈ আমি এল.পি.জি. ব্যৱহাৰ কৰিম। কারণ, ইয়াৰ কেলৰিমান অতি উচ্চ, প্ৰদূষণৰ কাৰক নহয় আৰু উপযুক্ত জ্বলন উষ্ণতাত থাকে।

পাঠভিত্তিক প্রশ্নোত্তৰ

Q. 1. জীবাশ্মজাত ইন্ধনৰ অসুবিধাসমূহ কি কি?

Ans, জীবাশ্মজাত ইন্ধন ব্যৱহাৰ কৰাত প্রধান অসুবিধাসমূহ হ’ল–

[i] জীৱাশ্মজাত ইন্ধনবোৰ নৱীকৰণ অযোগ্য ইন্ধন। সেয়ে এইবোৰৰ ভঁৰাল লাহে লাহে সীমিত হ’ব ধৰিছে।

[ii] জীৱাশ্মজাত ইন্ধনৰ দহনত বহু পৰিমাণে CO₂ গেছ উৎপন্ন হয়। 

[iii] নিম্ন মানৰ কয়লা জ্বলালে SO₂ গেছ উৎপন্ন হয়। এইবোৰ বায়ু প্ৰদূষণ ঘটায়। 

[iv] CO₂ – এটা সেউজগৃহ গেছ আৰু গোলকীয় উষ্ণতা বৃদ্ধি হোৱাৰ ই এটা মুখ্য কাৰণ। 

Q. 2. আমি শক্তিৰ বিকল্প উৎস বিচাৰো কিয়?

Ans. জীৱাশ্মজাত ইন্ধনবোৰ হল গেছ, কয়লা, পেট্ৰ’লিয়ম বা প্রাকৃতিক পেছ ইত্যাদি। বর্তমানে পৃথিবীৰ আৱশাকীয় শক্তিৰ দুই-তৃতীয়াংশ তেল আৰু গেছৰ পৰা পোৱা যায়। পৃথিবীৰ এই ইন্ধনবোৰৰ ভঁৰাল অতি দ্রুত হ্রাস পাই আছে আৰু এই শতাব্দীতেই নিঃশেষ হৈ যাব। কয়লাৰ ভাণ্ডাৰত কিছুপৰিমাণ অধিক কয়লা থাকিলেও এদিন এইটোও শেষ হৈ যাব। সেইকাৰণে শক্তিৰ বিকল্প প্রয়োজন। এই বিকল্প শক্তিৰ উৎসৰ ভিতৰত সৌৰশক্তি, নিউক্লীয় শক্তি আৰু জৈৱভবৰ পৰা আহৰণ কৰা শক্তি উল্লেখযোগ্য।

Q. 3. আমাৰ সুবিধাৰ বাবে বায়ু আৰু জল শক্তিৰ পৰম্পৰাগত ব্যৱহাৰৰ কি পৰিবৰ্তন অনা হৈছে? 

Ans. আমাৰ সুবিধাৰ বাবে প্রচলিত বায়ু আৰু জলশক্তি ব্যবহাৰৰ উন্নতি সাধন নিম্নলিখিত উপায়ে কৰা হৈছে। 

[i] বায়ুশক্তি (Wind Energy): সূৰ্যৰ দ্বাৰা বায়ুমণ্ডলত অসমানভাৱে হোৱা উত্তাপন, পৃথিৱীৰ স্থলস্থিতি আৰু পৃথিৱীখনৰ নিজৰ অক্ষৰ ওপৰত হোৱা আৱৰ্তনৰ কাৰণে বায়ু প্ৰৱাহৰ সৃষ্টি হয়। বায়ুকল (windmills)ৰ সহায়ত বায়ু প্রবাহৰ শক্তিক মানুহে বিভিন্ন কামৰ কাৰণে বহু বছৰ ধৰি ব্যৱহাৰ কৰি আহিছে।

বায়ুকলত কেইবাটাও বতাহ চালিত টার্বাইন একেলগ কৰি এটা বায়ু বিজুলীকল (wind power plant) নির্মাণ কৰা হয়। এনে বায়ুকলক বায়ু পাম (wind farm) বুলি কোৱা হয়। বায়ুকলত উৎপাদন প্রায়ভাগ বিজুলী শক্তিক স্থানীয় শক্তি গ্রিড (power grid)ত যোগান ধৰা হয়।

বায়ুকলত এডাল অনুভূমিক ডিলামাৰি থাকে। এই ডিলামাৰিডালত কেইখনমান বায়ুঘূর্ণি যুক্ত হৈ থাকে। বায়ু প্রবাহে এই বায়ুঘূর্ণি বা পালবোৰক লাহে লাহে ঘূৰালে বায়ুকলে ঘূর্ণীয় বল লাভ কৰে। বায়ুকলৰ পাট চকৰিত থকা তিনিখন দীঘল পাতৰ সহায়ত বায়ুশক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত কৰা হয়।

[ii] জলশক্তি (Hydro Energy): এই শক্তি নৱীকৰণযোগ্য শক্তিৰ উৎস। জলবিদ্যুৎ উৎপাদন কেন্দ্ৰত পতনশীল পানীৰ স্থিতিশক্তিক বিদ্যুৎ শক্তিত ৰূপান্তৰ কৰা হয়। কিন্তু স্থিতি শক্তির উৎস হিচাপে ব্যৱহাৰযোগ্য পানী প্ৰপাতৰ (water falls) সংখ্যা অতি নগণ্য। সেইকাৰণে নদীসমূহত বাঁধ দি জলবিদ্যুত প্রকল্প গড়ি তোলা হৈছে। জলবিদ্যুত উৎপাদনৰ বাবে নদীত অতি উচ্চ বাঁধ নির্মাণ কৰি পানী প্ৰবাহে বাধাৰ সৃষ্টি কৰা হয় আৰু বিশালাকাৰ জলাশয়ত সেই পানী সঞ্চিত কৰা হয়। ফলস্বৰূপে, জলাশয়ত জলস্তব বৃদ্ধি হয়। এই পদ্ধতিৰ দ্বাৰা প্রবাহিত পানীৰ গতিশক্তিক স্থিতিশক্তিলৈ ৰূপান্তৰ কৰা হয়। বাঁধৰ এই উচ্চ স্তৰীয় পানীক নলীৰ সহায়ত বাঁধৰ তলত স্থাপিত টারবাইন চালিত কৰি স্থিতিশক্তিক ক্ৰমাৎ গতিশক্তি, আৰু বিদ্যুৎশক্তিলৈ ৰূপান্তৰিত কৰা হয়।

পাঠভিত্তিক প্রশ্নোত্তৰ

Q. 1. কোন ধৰণৰ দাপোণ– অৱতল, উত্তল নে সমতল সৌৰ কুকাৰত ব্যৱহাৰৰ বাবে উৎকৃষ্ট? কিয়?

Ans. সৌৰকুকাৰ নিৰ্মাণত অৱতল দাপোণৰ ব্যৱহাৰ উপযুক্ত হ’ব। কাৰণ অৱতল দাপোণত উচ্চ তাপমাত্রা সৃষ্টিৰ বাবে সূৰ্যকিৰণক ফ’কাছ কৰাৰ কামত ব্যৱহাৰ কৰা হয়। অবতল দাপোণত প্রতিফলনৰ পাছত সৌৰৰশ্মি অভিসাৰী হোৱাৰ ফলত অধিক তাপ উৎপন্ন হয় বুলি সৌৰকুকাৰত অৱতল দাপোণ ব্যবহৃত হয়।

Q. 2. মহাসমুদ্ৰৰ পৰা পাব পৰা শক্তিৰ সীমাবদ্ধতা কি কি? 

Ans. মহাসমুদ্ৰৰ পৰা পাব পৰা শক্তিৰ সীমাবদ্ধতা হ’ল—

[i] সমুদ্ৰৰ পৰা পাব পৰা শক্তিৰ বাবে সম্পূর্ণভাবে জোৱাৰৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। জোৱাৰৰ সময়ত পানী সাগৰলৈ কিছুমান শ্রেণীবদ্ধ টার্বাইনৰ মাজেদি উভতি যায় আৰু বিদ্যুৎ শক্তি উৎপাদন হয়।

[ii] সাগৰত বিদ্যুৎ শক্তি প্রকল্প তৈৰি কৰা অতি ব্যয় সাপেক্ষ।

[iii] আহৰণ কৰা বিদ্যুৎশক্তিৰ পৰিমাণ অতি নগণ্য।

Q. 3. তাপীয় শক্তি কি?

Ans. তাপীয় শক্তি: ভূপৃষ্ঠর অভ্যন্তৰ ভাগত থকা হটস্পটৰ (hot spot) সংস্পৰ্শত অহা জলীয় বাষ্পৰ পৰা পোৱা শক্তিক ভূ-তাপীয়শক্তি বোলে। নিউজিলেণ্ড আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত কিছু সংখ্যক ভূ-তাপীয় শক্তি কেন্দ্রিক বিদ্যুৎ উৎপাদন কেন্দ্ৰ গড়ি উঠিছে।

Q. 4. নিউক্লীয় শক্তিৰ সুবিধাসমূহ কি কি? 

Ans. নিউক্লীয় শক্তিৰ সুবিধাবোৰ হ’ল–

[i] অতি সামান্য ইউৰেনিয়াম বা আন তেজস্ক্রিয় পদার্থ ব্যৱহাৰ কৰি অধিক নিউক্লীয় শক্তি উৎপন্ন হয়।

[ii] বায়ু প্ৰদূষণ নহয়।

[iii] শক্তিৰ কাৰণে কেঁচামাল অনা-নিয়া কৰা খৰচ কম আৰু পৰিবহণ সুবিধাজনক।

পাঠভিত্তিক প্রশ্নোত্তৰ

Q. 1. শক্তিৰ উৎস এটা প্ৰদূষণমুক্ত হব পাৰেনে? কিয় পাৰে বা কিয় নোৱাৰে? 

Ans. হয়, শক্তিৰ উৎস দূষণমুক্ত হ’ব পাৰে। যেনে, সৌৰশক্তি, সৌৰকুকাৰ, সৌৰপানী উত্তাপক (water heater) আৰু সৌৰ কোষৰ ব্যৱহাৰ কৰাৰ ফলত বায়ু প্ৰদূষিত নহয়। 

Q. 2. ৰকেটৰ ইন্ধন হিচাপে হাইড্র ‘জেন ব্যৱহাৰ হয়। তোমালোকে ইয়াক চি.এন জি (CNG) তকৈ পৰিষ্কাৰ ইন্ধন বুলি গণ্য কৰিবা নেকি? কিয় কৰিবা বা কি নকৰা? 

Ans. হাইড্রজেন গেছ দহন কৰিলে পানী উৎপন্ন হয়। কিন্তু CNG-ত মিথেন থাকে আৰু ইয়াৰ দহনৰ ফলত CO₂ উৎপন্ন হয়। গতিকে হাইড্র জৈনক CNG তকৈ পৰিষ্কাৰ ইচ্ছন কব নোৱাৰোঁ।

পাঠভিত্তিক প্রশ্নোত্তৰ

Q. 1. ভূমি নৰীকৰণযোগ্য বুলি বিবেচনা কৰা শক্তিৰ দুটা উৎসৰ নাম লিখা। তোমাৰ পছন্দৰ কাৰণ দর্শোৱা।

Ans. বুটা নৱীকৰণযোগ্য শক্তির উৎস হ’ল— সৌরশক্তি আৰু বায়ুশক্তি। এই বোৰৰ অন্ত নহয় আৰু নিৰৱচ্ছিন্নভাবে শক্তিৰ যোগান ধৰিব পাৰে। 

Q.2. ভূমি ক্ষয়িষ্ণু বুলি বিবেচনা কৰা শক্তিৰ দুটা উৎসৰ নাম উল্লেখ কৰা। তোমাৰ পছন্দৰ কাৰণ দর্শোৱা।

Ans. দুটা ক্ষয়িষ্ণু প্রায় শক্তিৰ উৎস হল— জীবাশ্ম ইন্ধন– যেনে কয়লা আৰু পেট্ৰলিয়াম। কাৰণ ভূ-গর্ভস্থ কয়লাৰ পৰিমাণ আনুমানিক আৰু 200 বছৰ ধৰি কয়লাৰ যোগানৰ পক্ষে যথেষ্ট। আৰু পেট্রলিয়ামও এই শতাব্দীতেই নিঃশেষ হৈ যাব। জীবাশ্ম জ্বালানী পুননবীকরণযোগ্য নহয় বুলি এইবোৰ ক্ষয়িষ্ণু শক্তি।

পাঠভিত্তিক অনুশীলনীৰ প্রশ্নোত্তৰ

Q.1. পানী গৰম কৰিবলৈ সৌৰ জল হাঁটাৰ এটা ব্যৱহাৰ কৰিব নোৱাৰা দিনটো হৈছে এটা– 

(a) ৰৌদ্রোজ্জ্বল দিন।

(b) ডাৱৰীয়া দিন।

(c) গৰম দিন।

(d) বতাহে কোবোৱা দিন।

Ans. (b) ভাৱৰীয়া দিন।

Q. 2. ডলৰ কোনটো জীব ভৰ শক্তিৰ উৎসৰ উদাহৰণ নহয়? 

(a) খৰি।

(b) গোবৰ গেছ। 

(c) নিউক্লীয় শক্তি।

(d) কয়লা।

Ans. (c) নিউক্লীয় শক্তি।

Q. 3. আমি ব্যৱহাৰ কৰা শক্তিৰ সৰহ সংখ্যক উৎসৰ শক্তি হ’ল সঞ্চিত সৌৰশক্তি। তলৰ কোনটো সৌৰ শক্তি আধাৰিত নহয়?

(a) ভূ-তাপীয় শক্তি।

(b) বায়ু শক্তি।

(c) নিউক্লীয় শক্তি।

(d) জৈব উপাদান।

Ans. (c) নিউক্লীয় শক্তি।

Q. 4. শক্তিৰ প্ৰত্যক্ষ উৎস হিচাপে জীৱাশ্মজাত ইন্ধন আৰু সৌৰশক্তিৰ তুলনা কৰা আৰু সিহঁতৰ পার্থক্য দেখুওৱা।

Ans. সৌৰশক্তি আৰু জীৱাশ্মজাত ইন্ধনৰ পাৰ্থক্য—

সৌৰ শক্তিজীবাশ্মজাত ইন্ধন
[i] নৱীকৰণ যোগ্য।[i] অ-নৱীকৰণ যোগ্য।
[ii] প্ৰদূষণৰ সৃষ্টি নকৰে।[ii] প্ৰদূষণৰ সৃষ্টি কৰে।
[iii] ই সুলভ আৰু অতি সহজতে পোৱা যায়।[iii] ই ব্যয় সাপেক্ষ আৰু অতিসহজতে আহৰণ কৰা নেয়ায়।

Q.5. শক্তিৰ উৎস হিচাপে জৈৱ উপাদান আৰু জলবিদ্যুতৰ তুলনা কৰা আৰু সিহঁতৰ পাৰ্থক্য দেখুওৱা ৷

Ans. জৈৱ-ভৰ (Bio-man) আৰু জল-বিদ্যুতৰ পাৰ্থক্য আৰু তুলনা:

জৈৱ-উপাদান (জীৱ-ভৰ)জল-বিদ্যুত
[i] বায়ু প্ৰদূষিত হয়।[i] বায়ু প্ৰদূষিত নহয়।
[ii] ই সুলভ আৰু সহজলভ্যতা সীমিত।[ii] ই ব্যয় সাপেক্ষ আৰু সহজলভ্যতা সীমিত নহয়।
[iii] প্ৰথমতে শক্তি উৎপাদনৰ বাবে জৈৱ-ভৰ প্রকল্প স্থাপন কৰিবলৈ বেছী খৰচ নহয়।[iii] জল-বিদ্যুত প্রকল্প স্থাপনৰ বাবে বেছী খৰচ হয় আৰু ৰক্ষণাবেক্ষণ ও ব্যয় সাপেক্ষ।

Q.6. তলত দিয়া উদাহৰণসমূহৰ পৰা শক্তি আহৰণ কৰাৰ সীমাবদ্ধতা কি কি? 

(a) বতাহ।

(b) তৰংগ।

(c) জোৱাৰ-ভাতা।

Ans. (a) বতাহ বা বায়ুশক্তি উৎপাদনৰ সীমাবদ্ধতা : বায়ুশক্তি নিকা, প্ৰদূষণমুক্ত আৰু নৰীকৰণযোগ্য শক্তির উৎস। বায়ুশক্তি ব্যৱহাৰৰ প্ৰধান আসোঁৱাহবোক হৈছে এনেধৰণৰ―

[i] বায়ুশক্তি বায়ু প্রবাহৰ প্ৰৱলতাৰ ওপৰত নিৰ্ভৰ কৰে। বায়ু প্রবাহ দুর্বল হ’লে বায়ুশক্তি আহৰণ কৰিব নোৱাৰি। 

[ii] বায়ুশক্তি ব্যৱহাৰৰ আৰু এটা অসুবিধা হৈছে এই যে নগৰ-মহানগৰবোৰৰ পৰা যথেষ্ট দূৰতহে ভালকৈ বতাহ পোৱা যায় আৰু বায়ু পামবোৰক মহানগৰৰ সৈতে সংযোগ কৰিবলৈ বিস্তৃত বিদ্যুৎ শক্তি প্রবাহক তাঁৰৰ প্ৰয়োজন হয়।

[iii] আনবোৰ প্ৰচলিত শক্তিৰ উৎসব দৰে বায়ুশক্তিক সঞ্চয় কৰি থব নোৱাৰি।

(b) তৰঙ্গশক্তি উৎপাদনৰ সীমাবদ্ধতা:

[i] তৰঙ্গৰ তীব্রতা কম সময়ৰ বাবে আৰু কম স্থানত সীমাবদ্ধ হয়। 

[ii] প্রকল্প স্থাপনৰ বাবে খৰচ খুব বেজী হয়।

[iii] কাৰ্যতা নিম্ন খাপৰ।

(c) জোৱাৰ-ভাতা শক্তি উৎপাদনৰ সীমাবদ্ধতা:

[i] জোৱাৰ-ভাতা শক্তি উৎপাদনৰ সময়ত অৱবাহিকাৰ চাৰিওকাষৰ পৰিস্থিতি ভগ্ন (Ecosystem) পৰিৱৰ্তন হয়। জোৱাৰ সোঁতৰ পৰিবৰ্তনৰ ফলত সাগৰীয় পক্ষী আৰু মাছৰ বাসস্থানৰ ওপৰত কুপ্রভাব পৰে।

[ii] বাসন্তী জোৱাৰ (spring tide) আৰু লঘু জোৱাৰ (neap tide)-ৰ মাজৰ ব্যৱধান 7 মিটাৰ বা তাতোকৈ বেছি হোৱা বাবে অকল সমুদ্রতীৰতহে জোৱাৰ শক্তি উৎপাদন কৰিব পৰা যায়। কিন্তু সাগৰৰ পৰা দূৰৰ ঠাইত এইটো কৰিব নোৱাৰি।

(iii) জোৱাৰ-ভাতাৰ সময় পৰিবর্তনশীল হোৱা বাবে একেৰাহে এই শক্তি, উৎপাদন কৰিব নোৱাৰি।

Q.7. কি আধাৰত শক্তিৰ উৎসসমূহ 

(a) নৱীকৰণযোগ্য আৰু অনবীকৰণযোগ্য। 

(b) ক্ষয়িষ্ণু যোৱা আৰু অক্ষয়িষ্ণু। 

Ans. (a) নবীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য: যি সকল শক্তি এবাৰ ব্যৱহাৰৰ পাছত পুনৰ নৱীকৰণকৈ আকৌ ব্যৱহাৰ কৰিব পাৰি সেইবোৰক নবীকরণযোগ্য শক্তি বোলে। যেনে-জলশক্তি, সৌৰশক্তি। যি সকল শক্তিক এবাৰ ব্যৱহাৰৰ পিছত আকৌ ব্যৱহাৰ কৰিব নোৱাৰি : সেইবোৰ শক্তিক অনৱীকৰণযোগ্য শক্তি বোলা হয়। যেনে— জীবাশ্মইন্ধনজাত শক্তি।

(b) ক্ষয়িষ্ণু যোৱা আৰু অক্ষয়িষ্ণু: প্ৰকৃতিৰ যিবোৰ শক্তি সম্পদ ব্যৱহাৰৰ পাছত ক্ষয় হৈ যায় অর্থাৎ ব্যৱহাৰৰ ফলত নিঃশেষ হৈ যায় সেইবোৰ হ’ল ক্ষয়িষ্ণু যোৱা সম্পদ। যেনে জীবাশ্ম ইন্ধনজাত সম্পদ।

আনহাতে প্ৰকৃতিত যিবোৰ শক্তি সম্পদৰ ব্যৱহাৰৰ পাছত আকৌ পুনৰ ব্যৱহাৰ কৰিব পাৰি, যিবোৰৰ ক্ষয় নহয় সেবোৰ হ’ল অক্ষয়িষ্ণু সম্পদ। যেনে— সৌৰশক্তি, শক্তি।

Q.৪. এটা আদর্শশক্তি উৎসৰ গুণসমূহ কি কি?

Ans. কোনো এটা ইন্ধন আদর্শ ইন্ধন বা শক্তি হিচাপে পৰিগণিত হোৱাৰ বাবে কিছুমান বিশেষ বৈশিষ্ট্য থকা প্রয়োজন। সেই বৈশিষ্ট্যবোৰ হৈছে এনেধৰণৰ– 

[i] কেল ৰিমান – ইন্ধন এটাৰ কেল’বিমান অতি উচ্চ হোৱা অতিকৈ প্রয়োজন। ইন্ধনৰ কেলৰিমান হৈছে এক একক ভবৰ ইন্ধন সম্পূর্ণভাৱে জ্বলিলে উৎপন্ন হোৱা শক্তিৰ পৰিমাণ।

[ii] কোনো এটা ইন্ধনৰ এটা উপযুক্ত জ্বলন উষ্ণতাত থকা উচিত। পদাৰ্থৰ জ্বলন উষ্ণতা বা জ্বলন বিন্দু হৈছে সেই উষ্ণতা যি উষ্ণতাত সেই পদার্থ সহজে জ্বলিবলৈ আৰম্ভ কৰে।

[iii] ইন্ধন এটাৰ দহন বেগ মধ্যমীয়া হোৱা উচিত যাতে ই নিয়ন্ত্রিতভাবে তাপ শক্তি উৎপন্ন কৰিব পাৰে। 

[iv] ইন্ধন এটাত অতি কম অনুপাতত অশুদ্ধি বা দহন নোহোৱা পদার্থ থকাটো উচিত কিয়নো এই পদাৰ্থবোৰ প্ৰদূষণৰ কাৰক হ’ব পাৰে।

Q.9. সৌৰ চুলা ব্যৱহাৰৰ সুবিধা আৰু অসুবিধাসমূহ কি কি? এনে স্থান আছেনে য’ত সৌৰ চুলাৰ ব্যৱহাৰ সীমিত? 

Ans. সৌৰ-চুলা ব্যৱহাৰৰ সুবিধাবোৰ হ’ল–

[i] ই সুলভ আৰু বহন কৰা সুবিধাজনক।

[ii] ৰন্ধনৰ বাবে কোনো ইন্ধনৰ প্ৰয়োজন নহয়। 

[iii] ই প্ৰদূষণ মুক্ত সামগ্রী।

■ চুলা ব্যৱহাৰৰ অসুবিধাবোৰ হ’ল–

[i] ই খুব লেহেন, ৰন্ধনৰ বাবে বেছী সময় লয়।

[ii] সৌৰ-চুলাত ইন্ধন হিচাপে সৌৰ-শক্তি দৰকাৰ হয়। কিন্তু সৌৰশক্তি, ব্যৱহাৰৰ প্ৰধান অসুবিধা হৈছে যে ইয়াক কেৱল দিনৰ ভাগতহে পাব পাৰি আৰু ডাৱৰীয়া বতৰত সৌরশক্তি পোৱা নাযায়।

হয়, য’ত সৌরশক্তি পর্যাপ্ত পৰিমাণে পোৱা নাযায়, তাত সৌৰ-চুলা ব্যৱহাৰৰ সীমান্ধতা থাকে। 

Q. 10. পৰিবেশৰ ওপৰত শক্তিৰ বৰ্দ্ধিত চাহিদাৰ প্ৰভাৱ কি কি? শক্তিৰ বায়ু হ্ৰাস কৰিবৰ বাবে তুমি কি কি পদক্ষেপ লোৱাৰ পৰামৰ্শ দিবা? 

Ans. আমাৰ জীৱনযাপনৰ মানৰ ওপৰত নিৰ্ভৰ কৰি শক্তিৰ চাহিদা বৃদ্ধি পায়। যি কোনোভাবে যিকোনো শক্তিৰ উৎসৰ ব্যৱহাৰৰ ফলত পৰিবেশৰ ওপৰত বিৰূপ প্ৰতিক্ৰিয়া পৰিলক্ষিত হয়। জনসংখ্যা বৃদ্ধিৰ ফলত জ্বালানী ব্যৱহাৰৰ পৰিমাণ বৃদ্ধি পাইছে গতিকে পৰিবেশ প্ৰদূষণও বৃদ্ধি পাইছে। জীবাশ্ম জ্বালানীৰ দহনৰ ফলত বায়ুৰ প্ৰদূষণ হয়। কিছু ক্ষেত্ৰত সৌৰকোষৰ দৰে কৌশলৰ ব্যৱহাৰে পৰিবেশ দূষ হব পাৰে কিন্তু এই কৌশল সংস্থাপনৰ ফলত পৰিবেশগত ক্ষতি সাধন হ’ব পাৰে।

বায়ুমণ্ডলৰ প্ৰদূষণ বন্ধ কৰাৰ বাবে বিকল্প পন্থা অবলম্বন কৰিব লাগিব। আমার শক্তির চাহিদা পূৰণৰ বাবে শক্তিৰ ব্যৱহাৰিক দক্ষতার উন্নতি সাধনৰ চেষ্টা আৰু নতুন শক্তিৰ উৎসৰ সন্ধান কৰিব লাগিব। বায়ুশক্তি, সৌরশক্তি, জৈব ইন্ধন আৰু জৈৱ অপচয়ৰ পৰা উৎপাদিত শক্তিৰ দৰে বিকল্প শক্তিৰ বহল ব্যৱহাৰৰ ওপৰত বেছী প্রাধান্য দিব লাগিব।

পাঠভিত্তিক অতিৰিক্ত প্রশ্নোত্তৰ

A. Q.1. মুখ্য শক্তিৰ উৎসবোৰ কি?

Ans. মুখ্য শক্তিৰ উৎসবোৰ হৈছে– 

[i] জনশক্তি (Hydro energy)

[ii] জোৱাৰ শক্তি (Tidal energy)

[iii] সৌনশক্তি (Solar energy)

[iv] বায়ুশক্তি (Wind energy) 

[v] ভূ-তাপীয় শক্তি (Geo-thermal energy)

[vi] ইতশক্তি (Bio mass energy) আৰু 

(vii] নিউক্লীয় শক্তি।

Q. 2. মুখ্য শক্তিৰ উৎসবোৰ কিদৰে শ্রেণী বিভাজন কৰিব পাৰি? 

Ans. মুখ্য শক্তিৰ উৎসবোৰক প্ৰধানকৈ দুটা শ্রেণীত বিভাজন কৰিব পাৰি। সেইদুটা হ’ল–

[i] নবীকরণযোগ্য (Renewable) 

[ii] নবীকৰণ-অযোগ্য (Non renewable)

Q. 3. জীবাশ্ম ইন্ধনবোৰ কি? 

Ans. বহুযুগ আগতে পৃথিৱীৰ খোলাটোত আৱদ্ধ হৈ থকা উদ্ভিদ আৰু জীৱজস্ববোৰকে জীৱাশ্ম বুলি কোৱা হয়। পৃথিৱীৰ আভ্যন্তৰীণ ভাগত জীৱাশ্ম হৈ থকা উদ্ভিদ আৰু জীৱ-জন্তুৰ দেহৰ ভূ-ৰাসায়নিক পৰিবৰ্তনৰ ফলত উদ্ভূত ইছনাবা হৈছে জীৱাশ্ম ইন্ধন।

Q. 4. জীবাশ্ম ইন্ধনবোৰ কেনেদৰে গঠন হয়?

Ans. লাখ লাখ বছৰৰ আগতে হোৱা ভূমিকম্প আৰু আগ্নেয়গিৰিৰ উদ্‌গীৰণৰ ফলত গছ-গছনি আৰু হাবি-বননিবোৰ মাটিৰ তলত পোত খাই গৈছিল। এই গছ-গছনিবোৰ গেদীয় অবক্ষেপ বা পানীৰ তলত সোমাই পৰিছিল, ফলত এইবোৰ বায়ব বেক্টেৰিয়াৰ দ্বাৰা অপঘটিত নোহোৱাকৈ থাকি গৈছিল। পানীৰ তলত থকা গছ-গছনিবোৰৰ ওপৰত বেক্টেৰিয়াই ক্ৰিয়া কৰাৰ ফলত এইবোৰে পিট্ (peat) লৈ পৰিবৰ্তন হৈছিল। এই পৰিবর্তনত বিভিন্ন ধৰণৰ গেছ, যেনে-কার্বন ডাই-অক্সাইড, মিথেন আদিৰ সৃষ্টি হৈছিল। এনেদৰেই জীবাশ্ম ইন্ধনৰ সৃষ্টি হৈছিল। মাটিৰ তলত পোত খাই যোৱা জীবজন্তু, গছ-বননি, জলজ প্রাণী আদিৰ দেহৰ ভূ-ৰাসায়নিক পৰিবৰ্তন হৈ জীৱাশ্ম ইন্ধনৰ সৃষ্টি হৈছে। এনেদৰেই জীবাশ্ম ইন্ধনৰ সৃষ্টি হৈছিল।

Q.5. এল. পি. জি. কি?

Ans. পেট্ৰ’লিয়ামৰ আংশিক পাতনত পোৱা আটাইতকৈ কম উতলাংকৰ অংশটোৱেই তৰলীকৃত পেট্ৰ’লিয়াম গেছ বা এল.পি.জি.। 

Q.6. এল. পি. জি. ৰ প্ৰধান উপাদানবোৰ কি? ইয়াৰ ব্যৱহাৰবোৰ কি?

Ans. এল. পি. জি.ৰ প্ৰধান উপাদানবোৰ হ’ল— বিউটেন (C₄H₁₀), ইথেন (C₂H₆) আৰু প্ৰ’পেন (C₃H₈) 

ইয়াৰ প্ৰধান ব্যৱহাৰবোৰ হৈছে–

[i] এল.পি.ছি. বঁধা বঢ়াৰ কাৰণে, জ্বালানীৰ কামত ঘৰত ব্যৱহাৰ কৰা বাণীৰ আৰু অগ্নিশালত ব্যৱহাৰ কৰা হয়। 

[ii] মটৰ-গাড়ীৰ ইন্ধন হিচাপেও ব্যবহাৰ কৰা হয়।

Q.7. প্রাকৃতিক গেছৰপৰা সংশ্লেষণ কৰা কিছুমান উল্লেখযোগ্য ৰাসায়নিক পদাৰ্থৰ নাম লিখা। 

Ans. প্রাকৃতিক গেছৰপৰা সংশ্লেষণ কৰা কিছুমান ৰাসায়নিক পদার্থ হ’ল–

(a) কার্বন ব্লেক। 

(b) বিউটাডাইন।

(c) পটাছ।

(d) মিথানল।

(c) ইউৰিয়া ফর্মেলডিহাইড।

(f) এক্রাইলিক আৰু নাইলন সূতা আদি।

Q.8. নবীকৰণযোগ্য কিছুমান শক্তিৰ নাম লিখা ৷

Ans. জলশক্তি, জোৱাৰ শক্তি, সৌরশক্তি, বায়ুশক্তি, ভূ-তাপীয় শক্তি আদি নৱীকৰণযোগ্য শক্তি।

Q. 9. তলত দিয়া বাক্যবোৰৰ খালী ঠাই পূৰ কৰা— 

(i) ইন্ধন হৈছে এবিধ পদার্থ যাৰ পৰা ……… আৰু ……… উৎপাদন কৰিব পাৰি। 

Ans. ইন্ধন হৈছে এবিধ পদার্থ যাৰ পৰা তাপ আৰু পোহৰ উৎপাদন কৰিব পাৰি। 

(ii) ইন্ধনৰ এটা উপযুক্ত ……… উষ্ণতা থকা উচিত।

Ans. ইন্ধনৰ এটা উপযুক্ত জ্বলন বিন্দু উষ্ণতা থকা উচিত।

(iii) উদ্ভিদৰ পৰা ……… পদ্ধতিটোৱে কয়লা উৎপন্ন কৰে। 

Ans. উদ্ভিদৰ পৰা অংগৰীকৰন পদ্ধতিটোৱে কয়লা উৎপন্ন কৰে। 

(iv) পেট্রলিয়ামৰ উপাদনবোৰ পৃথক কৰা পদ্ধতিটোক ……… বোলে। 

Ans. পেট্রলিয়ামৰ উপাদনবোৰ পৃথক কৰা পদ্ধতিটোক পেট্ৰ’লিয়ামৰ বোলে।

(v) খাৰুৱা তেলৰপৰা পেট্রলৰ পৰিমাণ ……… দ্বাৰা বৃদ্ধি কৰিব পাৰি।

Ans. খাৰুৱা তেলৰপৰা পেট্রলৰ পৰিমাণ তাপভঞ্জন দ্বাৰা বৃদ্ধি কৰিব পাৰি।

(vi) সামান্য পৰিমাণ ……… যোগ কৰি এল. পি. জি. ছিলিডান্ডাৰ পৰা গেছৰ নিঃসৰণ ধৰা পেলাব পাৰি।

Ans. সামান্য পৰিমাণ ইথাইল মাৰকেপ্টাইন যোগ কৰি এল. পি. জি. ছিলিডান্ডাৰ পৰা গেছৰ নিঃসৰণ ধৰা পেলাব পাৰি।

(vii) সূৰ্য্যই শক্তি এৰি দিয়াৰ কাৰণ হৈছে ……… বিক্রিয়াবোৰ।

Ans. সূৰ্য্যই শক্তি এৰি দিয়াৰ কাৰণ হৈছে নিউক্লীয় একীভৱন বিক্রিয়াবোৰ।

(viii) নিউক্লীয় শক্তিক বিদ্যুত শক্তিলৈ ৰূপান্তৰিত কৰিব পৰা এটা কৌশল হৈছে ………৷ 

Ans. নিউক্লীয় শক্তিক বিদ্যুত শক্তিলৈ ৰূপান্তৰিত কৰিব পৰা এটা কৌশল হৈছে আলোক ভল্টীয় কোষ৷ 

(ix) প্ৰজনক ৰিএক্টৰত ……… ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়।

Ans. প্ৰজনক ৰিএক্টৰত ডিজেল ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়।

(x) এল. পি. জিৰ প্ৰধান উপাদানটো হৈছে ………।

Ans. এল. পি. জিৰ প্ৰধান উপাদানটো হৈছে বিউটেন।

(xi) ……… এটাই হৈছে বায়ু পাম।

Ans. বায়ু বায়ু বিজুলীকল এটাই হৈছে বায়ু পাম।

(xii) বায়’ গেছক ……… আৰু ……… ব্যৱহাৰ কৰা হয়।

Ans. বায়’ গেছক পোহৰ আৰু ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়।

10. তলত দিয়া প্রতিটো প্ৰশ্নৰ কাৰণে চাৰিটাকৈ উত্তৰ দিয়া আছে। শুদ্ধ উত্তৰটো বাছি উলিওৱা 

(i) এনথ্রাচাইটত থকা কাৰ্বনৰ পৰিমাণ হৈছে—

(a) 65%

(b) 78%.

(c) 95%

(d) 99%

Ans. (c) 95%

(ii) পেট্ৰ’লিয়ামৰ পাতনত প্ৰয়োগ কৰা এটা মূল পদ্ধতি হৈছে–

(a) ঘনীভৱন।

(b) বাষ্পীভৱন।

(c) পান।

(d) তৰলীকৰণ।

Ans. (b) বাষ্পীভৱন।

(iii) খাৰুৱা তেলৰ তাপ অপঘটন কৰা হয়–

(a) খাৰুৱা তেলক সহজে পৰিবহন কৰিবৰ কাৰণে। 

(b) কেলৰিমান বঢ়াবলৈ।

(c) অশুদ্ধি আঁতৰ কৰিবলৈ।

(d) পেট্ৰলৰ পৰিমাণ বঢ়াবলৈ।

Ans. (d) পেট্ৰলৰ পৰিমাণ বঢ়াবলৈ। 

(iv) এল. পি. জি. সংৰক্ষণ কৰা হয়–

(a) উচ্চচাপত।

(b) নিম্ন উষ্ণতাত।

(c) অনুঘটকৰ উপস্থিতিত।

(d) ওপৰত উল্লেখ কৰা আটাইবোৰ কাৰণে।

Ans. উচ্চচাপত।

11. অতি সংক্ষেপে উত্তৰ দিয়া—

(i) কয়লাৰ বিভিন্ন শ্রেণীবোৰৰ নাম লিখা।

Ans. কয়লাক চাৰিটা শ্ৰেণীত ভাগ কৰা হৈছে—

(i) লিগনাইট বা মুগা কয়লা।

(ii) ছাববিটুমিনাছ কয়লা।

(iii) বিটুমিনাছ কয়লা।

(iv) এনথ্রাছাইট।

(i) প্রাকৃতিক গেছৰ প্ৰধান উপাদানটো কি?

Ans. প্ৰাকৃতিক গেছৰ প্ৰধান উপাদান হৈছে মিথেন (CH₄) 

(iii) পেট্ৰ’লিয়ামৰ আটাইতকৈ উত্তলাংকৰ অংশটো কি? 

Ans. আটাইতকৈ কম উতলাকেৰ হাইড্ৰ’কার্বনবোৰ আটাইতকৈ ওপৰৰ ডলানত ঘনীভূত হয়।

(iv) গৰু গোবৰক কি ধৰণৰ বেক্টেৰিয়াই গোবৰ গেছলৈ পৰিবৰ্তন কৰে?

Ans. মাটিৰ তলত এটা পুখুৰী যাক ডাইজেষ্টাৰ পুখুৰী বোলে। গোবৰ আৰু পানী পুখুৰীটোত ভৰোৱা হয়। 50 দিন পর্যন্ত মিশ্ৰবোৰ কিম্বন হ’বলৈ দিয়া হয়। উৎপন্ন হোৱা গোছটোই গোবৰ গেছ।

12. উত্তৰ লিখা–

(i) শক্তিৰ কিছুমান বিকল্প উৎসব নাম লিখা 

Ans. শক্তিৰ বিকল্প উৎসবোৰ— সৌৰশক্তি, গোবৰ গেছ, বায়ুপ্রবাহ, নিউক্লীয় শক্তি। 

(ii) প্রাকৃতিক গেছৰ কেইটামান ব্যৱহাৰ লিখা।

Ans. প্ৰাকৃতিক গেছ ইন্ধন হিচাপে ঘৰ, হোটেল, হাসপাতালত ব্যৱহাৰ কৰা হয়। ইতা, কাঁচ, ভীষা আদি উদ্যোগবোৰত প্ৰাকৃতিক গেছ ব্যৱহাৰ কৰা হয়। ৰসায়ন আব্দ বয়ন শিল্পত ইয়াৰ ব্যৱহাৰ কৰা হয়। প্রাকৃতিক গেছৰ পৰা পেট্ৰ’ৰাসায়নিক দ্ৰব্য— কাৰ্বন ব্লেক, ববৰৰ উৎপাদনত ব্যৱহাৰ হোৱা বিউটাডাইন, আৰু কিছুমান বিস্ফোৰক পদার্থ।

(iii) দুটা গেছীয় ইন্ধনৰ নাম লিখা। 

Ans. দুটা গেছীয় ইজ্জন হ’ল— প্রাকৃতিক গেছ আৰু গোবৰ গেছ।

(iv) সৌৰশক্তিক কামত খটুৱা দুটা কৌশলৰ নাম লিখা।

Ans. সৌৰশক্তিক কামত খটুৱা দুটা কৌশল হ’ল– 

(i) আলোক ভল্টীয় কোষ।আৰু 

(ii) সৌৰ প্ৰতিফলক।

13. ভাল ইন্ধনৰ দুটা বৈশিষ্ট্য কি? 

Ans. ভাল ইন্ধনৰ বৈশিষ্ট্য দুটা—

(i) ইন্ধনটো অতি উচ্চ কেলৰি মানৰ হ’ব লাগিব। 

(ii) ইন্ধন এটাত কম অনুপাতত অশুদ্ধি থাকিব লাগিব নহলে ই বাতাবৰণ দূষিত কৰিব।

14. মুখ্য আৰু গৌণ ইন্ধন কাক কয়? প্রত্যেকৰে তিনিটাকৈ উদাহৰণ দিয়া। 

Ans. যিবোৰ ইন্ধন জ্বলিলে প্রত্যক্ষভাবে তাপ উৎপন্ন কৰে সেইবোৰ ইন্ধনক মুখ্য ইঞ্জন বোলে। উদাহৰণ– কাঠ, কয়লা আৰু পেট্রলিয়াম। মুখ্য ইচ্ছনৰ সংসাধনৰ পিছত পোৱা ইন্ধনবোৰক গৌণ ইন্ধন বোলে। উদাহৰণ পেট্রল, ডিজেল আৰু কেৰাচিন তেল। 

15. কয়লা কি দৰে উৎপন্ন হয় বর্ণনা কৰা।

Ans. লক্ষ লক্ষ বছৰ আগত হোৱা ভূমিকম্প আৰু আগ্নেয়গিৰিৰ উদগীৰণৰ ফলত গছ-গছনি আৰু হাবিবন মাটিৰ তলত পোত খাই গৈছিল। এই গছ-গছনিবোৰ গেছীয় অৱক্ষেপ বা পানীৰ তলত সোমাই পৰিছিল ফলত বায়ব বেক্টেৰিয়াৰ দ্বাৰা অপঘটিত নোহোৱাকৈ থাকি যায়— বেক্টেৰিয়াৰ ক্ৰিয়াৰ ফলতে মুগা বৰণৰ বা ক’লা পদাৰ্থলৈ ৰূপান্তৰিত হয়। এই ক’লা পদাৰ্থবোৰ লাহে লাহে কয়লালৈ ৰূপান্তৰিত হয়। এই প্রক্রিয়াটোক অংগাৰীকৰণ বোলে।

16. বায়ুৰ অনুপস্থিতিত বিটুমিনাছ কয়লা উত্তপ্ত কৰিলে কি হ’ব ব্যাখ্যা কৰা।

Ans. বায়ুৰ অনুপস্থিতিত বিটুমিনাছ কয়লা উত্তপ্ত কৰিলে কঁক উৎপন্ন হ’ব। তাপৰ প্ৰভাৱত আলকতৰা আৰু অন্যান্য উদ্বায়ী গেছবোৰ আঁতৰি গৈ ককৰ সৃষ্টি কৰে। 

17. পেট্রলিয়াম কি দৰে উৎপন্ন হয়? 

Ans. নানা ধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ ফলতে অসংখ্য জীৱ-জন্তু, উদ্ভিদ আৰু অনুজীৱ আদি সাগৰৰ তলিত পোত যোৱাৰ ফলত পেট্ৰ’লিয়াম উৎপন্ন হৈছিল। এই পেট্ৰ’লিয়াম বোকাৰ তলিত সঞ্চিত হৈছিল। বোকা আৰু মৃত জন্তু, উদ্ভিদ আদিৰ অৱশিষ্ট তৰপবোৰ লক্ষ লক্ষ বছৰ ধৰি জমা হৈ প্ৰচুৰ চাপ আৰু তাপৰ প্ৰভাৱত অক্সিজেনহীন পৰিবেশত বেটেৰিয়াৰ ক্ৰিয়া কৰাৰ ফলত এই বোৰ তেল জাতীয় পদার্থ লৈ ৰূপান্তৰিত হৈছিল। এইদৰে পেট্ৰ’লিয়াম উৎপন্ন হৈছে।

18. পেট্ট ‘লিয়ামৰ শোধনত উৎপন্ন হোৱা বিভিন্ন অংশবোৰৰ নাম লিখা। যি কোনো দুটা অংশৰ ব্যৱহাৰ বর্ণনা কৰা।

Ans. পেট্ৰ’লিয়ামৰ শোধনত উৎপন্ন হোৱা বিভিন্ন অংশবোৰ– 

(i) উদ্বায়ী গেছীয় পদার্থ।

(ii) গেছ’লিন।

(iii) কেৰাচিন।

(iv) ডিজেল তেল।

(v) পিছলকাৰী তেল আৰু ম’ম।

(vi) অৱশেষ অংশ।

ব্যৱহাৰ: কেৰাচিন— লেখ চাকি জ্বলোৱাত আৰু বন্ধনৰ ইন্ধন হিচাপে ইয়াৰ ব্যবহাৰ কৰা হয়। 

গেছ’লিন—দ্ৰাৱক, মটৰ গাড়ী আৰু উৰাজাহাজৰ ইন্ধন হিচাপে ব্যৱহাৰ কৰো।

19. এল. পি. জি. ছিলিণ্ডাৰ ব্যৱহাৰ কৰোতে কি কি সাবধানতা ল’ব লাগে? 

Ans. এল. পি. জি. ডিলিভাৰ ব্যৱহাৰ কৰোতে তলৰ সাৱধানতাবোৰ লব লাগে

(i) গেছ ছিলিণ্ডাৰটো সদায়েই থিয়কৈ ৰাখিব লাগে। 

(ii) গেছ ব্যৱহাৰ নকৰা সময়ত নিয়ন্ত্রকটো বন্ধ কৰি থ’ব লাগে। 

(iii) ব্যৱহাৰ কৰাৰ আগতে গেছ ওলাই আছে নেকি পৰীক্ষা কৰা৷

(iv) গেছ ওলালে কোঠাটোৰ আটাইবোৰ দুৱাৰ আৰু খিৰিকী খুলি দিব লাগে। 

(v) গেছ ছিলিণ্ডাৰৰ ওচৰত উদ্ভ বা হাঁটাৰৰ দৰে কোন চুল্লি জ্বলাব নেলাগে। 

20. জীবাশ্ম ইন্ধনৰ ব্যৱহাৰৰ অসুবিধাবোৰ কি?

Ans. কয়লা, পেট্ৰলিয়াম আৰু প্রাকৃতিক গেছ হৈছে জীবাশ্ম ইন্ধন। এই ইঞ্চনবোৰ উৎপত্তি হ’বৰ কাৰণে লক্ষ লক্ষ বছৰ লাগে। আৰু পৃথিবীত এই ইদন বোৰ খৰকৈ কমি আহিছে। আৰু এই শতিকাৰ ভিতৰতে নিঃশেষ হৈ যাব। এই কাৰণে এতিয়াৰ পৰাই আমাৰ বিকল্প উৎস ওলাব লাগে।

21. সৌৰশক্তি আৰু বায়ু শক্তিৰ ব্যৱহাৰৰ সুবিধা আৰু সমূহ কি? 

Ans. সৌৰশক্তিৰ ব্যৱহাৰৰ সুবিধাবোৰ– 

(i) সৌৰশক্তি এটা নিৰৱচ্ছিন্ন প্ৰক্ৰিয়া আৰু হাইড্ৰ’জেন যিনি সম্পূর্ণ নিঃশেষ হলেই ইয়াৰ শেষ হ’ব।

(ii) সৌৰশক্তি এটা প্ৰদূষণ মুক্ত শক্তি। 

(iii) সৌৰশক্তি কাৰ্য্যকাৰি ব্যৱহাৰ কৰিব পাৰিলে আমাৰ শক্তিৰ নাটনিৰ সমস্যা আঁতৰ হ’ব।

অসুবিধা— 

(i) এই শক্তি অকল দিনভাগতে পোৱা যাব ডাৱৰীয়া বতৰত ইয়াৰ অভাব হ’ব। 

(ii) এই শক্তি সংৰক্ষণ কৰি ৰখাও এটা ডাঙৰ সমস্যা।

বায়ুশক্তিৰ ব্যৱহাৰত অসুবিধাটো—

(i) বায়ুকলৰ সহায়ত বায়ুশক্তি ব্যবহাৰ কৰা হয়। 

(ii) ইয়াৰ ইচ্ছনৰ প্ৰয়োজন নাই।

(iii) বায়ুশক্তি প্রদূষণ মুক্ত।

অসুবিধা– 

(i) বায়ু প্রবাহৰ কোন ঠিক নাই। 

(ii) বায়ু প্রবাহৰ অভাবত এই শক্তি পোৱা নেযায়। 

(iii) কেতিয়া পোৱা যাব আৰু কেতিয়া ইয়াৰ অভাব হ’ব কোৱাটো টান।

24. ইছন কি?

Ans. যিবোৰ পদাৰ্থ দহন কৰিলে যথেষ্ট তাপ উৎপন্ন হয় আৰু দহনত কোনো প্ৰকাৰ অনিষ্টিকৰ দ্ৰব্যৰ সৃষ্টি নহয়, তাক ইন্ধন বোলে।

25, ইন্ধনক কেইটা শ্ৰেণীত ভগাব পাৰি? প্রত্যেকৰে দুটাকৈ উদাহৰণ দিয়া। 

Ans. ইন্ধনৰ ভৌতিক অবস্থা লক্ষ্য কৰি ইয়াক তিনিটা শ্ৰেণীত ভগাব পাৰি। 

(i) কঠিন ইন্ধন–উদাহৰণ কাঠ, কয়লা।

(ii) তবল ইন্ধন–উদাহৰণ–পেট্রল, কেৰাচিন। 

(iii) গেছীয় ইন্ধন–উদাহৰণ ক’লগেছ, এল. পি. জি গেছ।

26. মুখ্য ইন্ধন আৰু গৌণ ইন্ধন কাক বোলে? উদাহৰণ দিয়া।

Ans. যিবোৰ ইন্ধন জ্বলিলে প্রত্যক্ষভাবে তাপ উৎপন্ন কৰে সেই বোৰক মুখ্য ইন্ধন বুলি কোৱা হয়। উদাহৰণ— কাঠ, পেট্ট লিয়াম। 

মুখ্য ইন্ধনৰ সংসাধনৰ পিছত পোৱা ইন্ধনবোৰক গৌণ ইন্ধন বোলে। উদাহৰণ– ডিজেল, কাঠ কয়লা।

27. আটাইতকৈ উৎকৃষ্ট ইন্ধন কি? 

Ans. আটাইতকৈ উৎকৃষ্ট ইন্ধন হ’ল কঁক।

28. জুলীয়া সোণ কাক বোলে?

Ans. পেট্ৰ’লিয়ামক জুলীয়া সোন বোলে। 

29. খাৰুৱা তেল শোধন কৰিলে কি কি প্রধান দ্রব্যবোৰ পোৱা যায়? সিহঁতৰ ব্যৱহাৰ উল্লেখ কৰা। 

Ans.

দ্ৰব্যৰ নামব্যৱহাৰ
(i) উদ্বায়ী গেছীয় পদার্থ—গেছীয় ইন্ধন হিচাপে, হাইড্রজেনৰ পণ্য উৎপাদনত, এলান্ধু প্রস্তুতিতে।
(ii) গেছলিন―দ্ৰাৱক, মটৰগাড়ী আৰু উৰাজাহাজৰ ইন্ধন হিচাপে।
(iii) কেৰাছিন—লেখ-চাকি জ্বলোৱাত আৰু ৰন্ধাকামৰ ইন্ধন হিচাপে।
(iv) ডিজেল তেল―ডিজেল ইঞ্জিনৰ ইন্ধন হিচাপে।
(v) পিছলকাৰী তেল আৰু ম’ম―বিভিন্ন উদ্যোগত।
(vi) অৱশেষ―বিদ্যুদ্বাৰ প্ৰস্তুতকৰণত।

30. পেট্ৰ’লিয়ামৰ পৰা কি কি উপায়েৰে গেছ’লিনৰ পৰিমাণ বৃদ্ধি কৰিব পাৰি? 

Ans. গেছ’লিনৰ পৰিমাণ বৃদ্ধি– পেট্ৰলিয়ামত থকা হাইড্রোকার্বন সমূহ বিভিন্ন উপায়েৰে গেছ’লিনত পৰিণত কৰি ইয়াৰ উৎপাদন বৃদ্ধি কৰিব পাৰি। এই পদ্ধতিসমূহৰ সংক্ষিপ্ত বিবৰণ তলত দিয়া হ’ল–

(i) তাপভংগন বা ক্রেকিং পদ্ধতি– এই পদ্ধতিত উচ্চ আণবিক ভৰৰ হাইড্রানসমূহ তাপ, চাপ আৰু অনুঘটকৰ সহায়ত নিম্ন আণবিক ভৰব হাইড্রোকার্বনত পৰিণত কৰি গেছলিন (গেছ’লিনৰ হাইড্রোকার্বনত কাৰ্বনৰ পৰমাণুৰ সংখ্যা 5-12 লৈকে থাকে) প্রস্তুত কৰা হয়।

(iii) এলকিন যোগকৰণ– নিম্ন আণৱিক ভৰৰ অসংপৃক্ত হাইড্ৰ’কাৰ্বনৰ লগত সংপৃক্ত হাইড্রোকার্বন যোগ কবি গেছ’লিন প্রস্তুত কৰিব পাৰি।

CH₃CH (CH₃)₂ + CH₂ = C (CH₃)₂

আইছ’বিউটেন               আইছ’ বিউটিন

→ (CH₃) – C – CH₂ – CH – (CH₃)₂

                                  আইছ’ অকটেন

(iv) বহুযোগীকৰণ– অনুঘটকৰ উপস্থিতিত নিম্ন আণৱিক ভৰৰ হাইড্ৰ’কার্বনৰ অনু লগ লাগি গেছ লিনৰ অণু সৃষ্টি কৰে। 

2CH₂ = C (CH₃)₂ → (CH₃)₃C.CH₃C (CH₃) = CH₂

আইছ’বিউটিন               আইছ ‘অকটিন 

31. নকিং কাক বোলে? নকিং কি প্ৰকাৰে বোধ কৰিব পাৰি?

Ans. নকিং– গেছ’লিন দহন কৰোঁতে কিছুমান ক্ষেত্ৰত ইঞ্জিনত খুন্দা মৰাৰ দৰে শব্দ হয়। এই শব্দক নকিং বোলে। 

নকিং ৰোধ কৰাৰ উপায়– গেছলিনত থকা হাইড্ৰ’কার্বনসমূহ শাখা-শৃংখল যুক্ত হলে নকিং বহু পৰিমাণে কমকৈ হয়। নকিং ৰোধ কৰিবলৈ গেছ’লিনত নকিং বিৰোধী যৌগ দিয়া হয়। লেড টেট্রাইথাইল, আয়ৰণ কার্বনিল এনে ধৰণৰ নকিং বিৰোধী যৌগ

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top