🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Assam Jatiya Bidyalay Class 5 Science Chapter 6 সকলো জীৱই পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল

Assam Jatiya Bidyalay Class 5 Science Chapter 6 সকলো জীৱই পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় বিজ্ঞান Class 5 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 6 সকলো জীৱই পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল Class 5 Science Question Answer can be of great value to excel in the examination.

Assam Jatiya Bidyalay Class 5 Science Chapter 6 সকলো জীৱই পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 5 Science Chapter 6 সকলো জীৱই পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

সকলো জীৱই পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল

Chapter – 6

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

১। বাঘে উদ্ভিদ নাখায়। কিন্তু উদ্ভিদ নাথাকিলে বাঘে জীয়াই থাকিব পাৰিবনে ? ব্যাখ্যা কৰা।

উত্তৰঃ উদ্ভিদ নহলে বাঘে জীয়াই থাকিব নোৱাৰে। কাৰণ উদ্ভিদে খাদ্য প্ৰস্তুত কৰিবলৈ কাৰ্বন-ডাই-অক্সাইড গেছ ব্যৱহাৰ কৰে আৰু অক্সিজেন গেছ এৰি দিয়ে। 

উদ্ভিদ বাঘৰ খাদ্য নহয়। কিন্তু বাঘে গৰু, ছাগলী, হৰিণা ইত্যাদি খাই জীয়াই থাকে। সেয়েহে উদ্ভিদ নহলে বাঘে জীয়াই থাকিব নোৱাৰে। উদ্ভিদে এৰি দিয়া অক্সিজেন গেছ বাঘে বায়ুমণ্ডলৰ পৰা গ্ৰহণ কৰে আৰু জীয়াই থাকে।

২। মৌ-মাখি, পখিলা, পোক-পৰুৱা আদি প্ৰাণীবোৰ নাথাকিলে উদ্ভিদ জীয়াই নাথাকে।

উত্তৰঃ মৌ-মাখি, পখিলা, পোক-পৰুৱা আদিৰ জৰিয়তে উদ্ভিদত পৰাগযোগ হয়। পৰাগযোগৰ বাবে ফুলৰ পৰা ফলৰ সৃষ্টি হয়। ফলত থকা গুটিৰ পৰা আকৌ নতুন উদ্ভিদৰ সৃষ্টি হয়।

৩। কি কি ক্ষেত্ৰত প্ৰাণী আৰু উদ্ভিদ পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰ কৰে লিখা।

উত্তৰঃ উশাহ-নিশাহ, খাদ্য, আশ্ৰয় পৰাগযোগ এই সকলোবোৰৰ কাৰণে প্ৰত্যেক প্ৰাণী আৰু উদ্ভিদে ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰ কৰে।

৪। চৰাই-চিৰিকটিয়ে খেতিয়কক কেনেকৈ সহায় কৰে লিখা।

উত্তৰঃ চৰাই-চিৰিকটিয়ে খেতিয়কক যথেষ্ট পৰিমাণে সহায় কৰে। চৰাই-চিৰিকটিয়ে খেতি পথাৰত শস্য নষ্ট কৰা কীট-পতঙ্গ খায়। পৰাগ যোগ ঘটোৱাতো চৰাই-চিৰিকটিয়ে অৰিহণা যোগায়।

৫। আন জীৱ নাথাকিলে মাথোঁ উদ্ভিদ জীয়াই থাকিব নোৱাৰে কিয় ?

উত্তৰঃ আমি জানো যে উদ্ভিদে খাদ্য প্ৰস্তুত কৰাৰ বাবে কাৰ্বন-ডাই-অক্সাইডৰ প্ৰয়োজন। প্ৰাণীয়ে নিশ্বাসত এৰি দিয়া কাৰ্বন-ডাই-অক্সাইড বায়ুমণ্ডলৰ পৰা উদ্ভিদে গ্ৰহণ কৰে আৰু প্ৰস্তুত কৰে।

৬। আমি কাঠ হিচাপে ব্যৱহাৰ কৰা পাঁচবিধ গছৰ নাম লিখা। 

উত্তৰঃ শাল, চেগুন, শিশু, বনচোম, তিতাচেপা।

৭। শুদ্ধ/অশুদ্ধ বাচি উলিওৱা। শুদ্ধটোত (✔) চিন দিয়া।

(ক) উদ্ভিদে সূৰ্যৰ পোহৰ শক্তি আৰু কাৰ্বন-ডাই-অক্সাইডৰ সহায়ত নিজৰ খাদ্য প্ৰস্তুত কৰে। শুদ্ধ/অশুদ্ধ

(খ) গছৰ গুটি , ফল-মূল, ডাল পাতত শক্তি জমা হৈ থাকে। শুদ্ধ/অশুদ্ধ

(গ) উদ্ভিদে বংশবৃদ্ধিৰ বাবে প্ৰাণীৰ প্ৰয়োজন। শুদ্ধ/অশুদ্ধ

(ঘ) পৰুৱাই উশাহত কাৰ্বন-ডাই-অক্সাইড লয় আৰু নিশাহত অক্সিজেন এৰি দিয়ে। শুদ্ধ/অশুদ্ধ

(ঙ) খাদ্যৰ পৰা প্ৰাণীয়ে শাৰীৰিক শক্তি লাভ কৰে। শুদ্ধ/অশুদ্ধ

উত্তৰঃ (ক) উদ্ভিদে সূৰ্যৰ পোহৰ শক্তি আৰু কাৰ্বন-ডাই-অক্সাইডৰ সহায়ত নিজৰ খাদ্য প্ৰস্তুত কৰে। ✔

(খ) গছৰ গুটি , ফল-মূল, ডাল পাতত শক্তি জমা হৈ থাকে। ✔

(গ) উদ্ভিদে বংশবৃদ্ধিৰ বাবে প্ৰাণীৰ প্ৰয়োজন। ✔

(ঘ) পৰুৱাই উশাহত কাৰ্বন-ডাই-অক্সাইড লয় আৰু নিশাহত অক্সিজেন এৰি দিয়ে। ✔

(ঙ) খাদ্যৰ পৰা প্ৰাণীয়ে শাৰীৰিক শক্তি লাভ কৰে।✔

অতিৰিক্ত প্ৰশ্নোত্তৰ

১। সূৰ্যৰ পোহৰ শক্তি সকলো প্ৰাণীলৈ কেনেকৈ যায় ? 

উত্তৰঃ সেউজীয়া উদ্ভিদে ধৰি ৰখা সূৰ্যৰ পোহৰ শক্তি খোৱা বস্তুৰ মাজেৰে সকলো প্ৰাণীলৈ যায়।

২। উদ্ভিদ নাথাকিলে প্ৰাণী জীয়াই থাকিব পাৰিবনে ?

উত্তৰঃ উদ্ভিদ নাথাকিলে কোনো প্ৰাণীয়ে জীয়াই থাকিবলৈ শক্তি নাপায়।

৩। পৃথিৱীত কোনো প্ৰাণী নাথাকিলে উদ্ভিদ খাদ্য প্ৰস্তুত কৰিব পাৰিবনে ?

উত্তৰঃ পৃথিৱীত প্ৰাণী নাথাকিলে উদ্ভিদে খাদ্য প্ৰস্তুত কৰিব নোৱাৰে। কাৰণ খাদ্য প্ৰস্তুত কৰিবলৈ উদ্ভিদক কাৰ্বন-ডাই-অক্সাইডৰ প্ৰয়োজন হয়। প্ৰাণীয়ে নিশ্বাসত এৰি দিয়া কাৰ্বন-ডাই-অক্সাইড উদ্ভিদে বায়ুমণ্ডলৰ পৰা গ্ৰহণ কৰে।

৪। নিশাহত যে কাৰ্বন-ডাই-অক্সাইড গেছ ওলায়, এটা পৰীক্ষা কৰি চোৱা।

উত্তৰঃ এগিলাচ চূণ পানী লোৱা হল। সৰু নলী এডালেৰে পানীখিনি ফুয়াই দিয়া হল। চূণপানীখিনি লগে লগে ঘোলা হৈ যাব। আমি জানো যে কাৰ্বন-ডাই -অক্সাইডে চূণৰ পানী ঘোলা কৰে। গতিকে পৰীক্ষাটোৰ পৰা নিশ্চিত হব পাৰি যে নিশাহত কাৰ্বন-ডাই-অক্সাইড গেছ ওলাইছে আৰু সেয়েহে চুন পানীখিনি ঘোলা হৈছে।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

1 thought on “Assam Jatiya Bidyalay Class 5 Science Chapter 6 সকলো জীৱই পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল”

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top