Assam Jatiya Bidyalay Class 5 Science Chapter 4 জীৱৰ চলন

Assam Jatiya Bidyalay Class 5 Science Chapter 4 জীৱৰ চলন, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় বিজ্ঞান Class 5 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 4 জীৱৰ চলন Class 5 Science Question Answer can be of great value to excel in the examination.

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Assam Jatiya Bidyalay Class 5 Science Chapter 4 জীৱৰ চলন Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 5 Science Chapter 4 জীৱৰ চলন provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

জীৱৰ চলন

Chapter – 4

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

১। জীৱৰ চলন মানে কি বুজা ?

উত্তৰঃ জীৱই লৰচৰ কৰাকে চলন  বোলে। মানুহে খোজ কৰোঁতে , হাতেৰে বস্তু ধৰোঁতে আৰু কথা পাতোঁতে বিভিন্ন অংগ লৰচৰ কৰে। 

ঠিক তেনেদৰে আন প্ৰাণীবোৰেও নিজৰ কাৰ্য সমাধান কৰোতে বিভিন্ন অংগ -পতংগ লৰচৰ কৰিব লগা হয়। বিভিন্ন কাৰ্য সম্পাদন কৰোতে অংগ-পতঙ্গ লৰচৰ কৰাটোৱেই প্ৰাণী সমূহৰ চলন।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২ । উদ্ভিদৰ চলন আছেনে ? যদি আছে এটা উদাহৰণ দিয়া।

উত্তৰঃ উদ্ভিদৰ চলন আছে। উদাহৰণ হিচাপে গছৰ গজালি মেলাটোকে কব পাৰি। গছৰ গুটি গজিলে , গছ পুলিটোৰ কাণ্ড পোহৰ ফালে বাঢ়ি যায়। আনহাতে পুলিৰ শিপা পোহৰৰ বিপৰীতে মাটিৰ তললৈ বাঢ়ে। এইবোৰেই উদ্ভিদৰ চলন।

৩। প্ৰাণীয়ে কিয় চলাচল কৰিব লগা হয় ?

উত্তৰঃ প্ৰাণীয়ে খাদ্য সংগ্ৰহ , নিৰাপদ আশ্ৰয় আৰু শত্ৰুৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ চলাচল কৰিব লগা হয়।

৪। হাড় আৰু পেশী প্ৰাণীৰ শৰীৰৰ বাবে কিয় দৰকাৰী লিখা।

উত্তৰঃ হাড়েৰে প্ৰাণীৰ শৰীৰত এটা গাঁথনি তৈয়াৰ কৰে। ইয়াকে জকা বুলি কোৱা হয়। জকাটোত বিভিন্ন হাড় জোৰা লাগি থাকে। জোৰা থকা হাড়বোৰৰ সহায়ত শৰীৰৰ বিভিন্ন অংগই লৰচৰ কৰিব পাৰে।

অকল হাড়ৰ সহায়ত অংগবোৰ লৰচৰ কৰিব নোৱাৰে। হাড়ত লাগি থকা মাংসপেশীবোৰে কোঁচ খাব বা মেল খাব পাৰে। হাড় আৰু পেশীৰ সহায়ত শৰীৰৰ বিভিন্ন অংগই লৰচৰ কৰিব পাৰে।

৫। উদ্ভিদৰ শিপাৰ চলন কি দৰে হয় ?

উত্তৰঃ  গুটি গজিলে, গছপুলিটোৰ শিপা মাটিৰ তললৈ বাঢ়ি যায়। ঘাই শিপাৰ পৰা চুলি শিপা গজে। এই চুলি শিপাৰ সহায়তে উদ্ভিদে মাটিৰ পৰা পানী আৰু খনিজ লৱন শুহি লয়। এনেকৈয়ে উদ্ভিদৰ শিপাৰ চলন হয়।

৬। বেক্টেৰিয়াৰ চলন কেনেকৈ হয় ?

উত্তৰঃ বেক্টেৰিয়াই ফ্লেজেলাৰ সহায়ত চলাচল কৰে।

৭। ভুল/শুদ্ধ নিৰ্ণয় কৰা। শুদ্ধ উত্তৰটোত (✔) চিন দিয়া।

(ক) বেক্টেৰিয়াত হাড় আছে। শুদ্ধ/অশুদ্ধ

(খ) মাখিয়ে মাথোঁ পাখিৰ সহায়ত চলাচল কৰে। শুদ্ধ/অশুদ্ধ

(গ) প্ৰাণীয়ে হাড় আৰু পেশী দুয়োটাৰ সহায়ত লৰচৰ কৰে। শুদ্ধ/অশুদ্ধ

(ঘ) শৰীৰৰ চলনৰ বাবে মাংসপেশীৰ প্ৰসাৰণ আৰু সংকোচন হব লাগিব। শুদ্ধ/ অশুদ্ধ

(ঙ) কিছুমান সাপ জাতীয় প্ৰাণীৰ ঠেং থাকে। শুদ্ধ/অশুদ্ধ

(চ) এমিবাই ফ্লেজেলাৰ সহায়ত চলাচল কৰে। শুদ্ধ/অশুদ্ধ

উত্তৰঃ (ক) বেক্টেৰিয়াত হাড় আছে।X

(খ) মাখিয়ে মাথোঁ পাখিৰ সহায়ত চলাচল কৰে।X

(গ) প্ৰাণীয়ে হাড় আৰু পেশী দুয়োটাৰ সহায়ত লৰচৰ কৰে।

(ঘ) শৰীৰৰ চলনৰ বাবে মাংসপেশীৰ প্ৰসাৰণ আৰু সংকোচন হব লাগিব।

(ঙ) কিছুমান সাপ জাতীয় প্ৰাণীৰ ঠেং থাকে।

(চ) এমিবাই ফ্লেজেলাৰ সহায়ত চলাচল কৰে।

অতিৰিক্ত প্ৰশ্নোত্তৰ

১। এমিবাই কেনেকৈ চলাচল কৰে।

উত্তৰঃ এমিবাই কোষৰ আকাৰ সলনি কৰি কূটপদ নামৰ এবিধ অংশৰ সৃষ্টি কৰে। এই কূটপদৰ সহায়ত চলাচল কৰে।

২। স্পৰ্শ অনুভূতিৰ প্ৰতি সঁহাৰি জনায় চলন কাৰ্য কৰা দুবিধ উদ্ভিদৰ নাম লিখা। 

উত্তৰঃ কলচী উদ্ভিদ, ভেনাচ ফ্লাই টেলপ।

৩। সাপে কিহৰ সহায়ত চলন কৰে ?

উত্তৰঃ সাপে বুকুৰ পিনে থকা বাকলিৰ সহায়ত চলন কাৰ্য সম্পাদন কৰে।

৪। মানুহৰ চলন কাৰ্য কিহে নিয়ন্ত্ৰণ কৰে।

উত্তৰঃ মগজুৱে মানুহৰ চলন কাৰ্য নিয়ন্ত্ৰণ কৰে।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top