🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Assam Jatiya Bidyalay Class 5 Science Chapter 1 জীৱৰ বৈশিষ্ট্য

Assam Jatiya Bidyalay Class 5 Science Chapter 1 জীৱৰ বৈশিষ্ট্য, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় বিজ্ঞান Class 5 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 1 জীৱৰ বৈশিষ্ট্য Class 5 Science Question Answer can be of great value to excel in the examination.

Assam Jatiya Bidyalay Class 5 Science Chapter 1 জীৱৰ বৈশিষ্ট্য Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 5 Science Chapter 1 জীৱৰ বৈশিষ্ট্য provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

জীৱৰ বৈশিষ্ট্য

Chapter – 1

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ


১। প্ৰ’ ‘ট’প্লাজম ক’ ত থাকে ? প্ৰ’ট’প্লাজমত কি কি পদাৰ্থ থাকে ?

উত্তৰঃ জীৱৰ শৰীৰত প্ৰ’ট’প্লাজম থাকে। প্ৰ’ট’প্লাজমত পানীৰ উপৰিও প্ৰ’ টিন নিউক্লিয়িক এচিড , লিপিড, কাৰভাইড্ৰট নামৰ পদাৰ্থবোৰ থাকে।

২ । প্ৰ’টপ্লাজমৰ কিমান অংশ পানী ?

উত্তৰঃ প্ৰ’ট প্লাজমৰ ৮০-৯০ শতাংশই পানী।

৩। জীৱৰ বৈশিষ্ট্যবোৰ কি ?

উত্তৰঃ  জীৱৰ প্ৰধান বৈশিষ্ট্যবোৰ হ’ল –

১। জীৱৰ শৰীৰত প্ৰ’ট প্লাজম নামৰ পদাৰ্থ থাকে। 

২। জীৱই জন্ম দিব পাৰে। 

৩। জীৱৰ শৰীৰৰ বিকাশ আৰু বৃদ্ধি হয়। 

৪। জীৱক জীয়াই থাকিবলৈ খাদ্যৰ প্ৰয়োজন। 

৫। জীৱৰ শ্বাস প্ৰক্ৰিয়া আছে। 

৬। জীৱই উদ্দীপকৰ প্ৰতি সঁহাৰি জনায়। 

৭। জীৱৰ নিৰ্দিষ্ট আয়ুস আছে।

৪। বৃদ্ধি আৰু বিকাশ কি ?

উত্তৰঃ সকলো জীৱ বাঢ়ি ডাঙৰ দীঘল হয়। জন্মৰ পৰা পৈণত অৱস্থা নোপোৱালৈকে জীৱৰ শৰীৰটো বাঢ়ি ডাঙৰ দীঘল হোৱা প্ৰক্ৰিয়াক বৃদ্ধি বোলে। 

আনহাতে এই সময়ত শৰীৰৰ বিভিন্ন অংগ প্ৰত্যগবোৰৰ পৰিবৰ্তন হয় আৰু পৈণত অৱস্থা পায়। ইয়াক বিকাশ বোলে।

৫। জীৱই কোনো উদ্দীপকৰ প্ৰতি কেনেকৈ সঁহাৰি জনায় ? কিতাপত নথকা দুই উদাহৰণ দিয়া ।

উত্তৰঃ  জীৱই উদ্দীপকৰ প্ৰতি বিভিন্ন ধৰনে সঁহাৰি জনায়। উদাহৰণ হিচাপে –

১। গৰু এটাক কোবাবলৈ ধৰিলে গৰুটোৱে ভয়তে পিঠি বেঁকা কৰি দিয়ে।

২ ।  খোজকাঢ়ি গৈ থাকোতে হঠাৎ সাপ এডাল গছকিব ধৰিলে মানুহে ভয় খাই পিছুৱাই আহে, নহলে জাপ মাৰি সাপডালৰ ওপৰেৰে পাৰ হৈ যায়। 

৬। শ্বাস প্ৰক্ৰিয়া কি ? মানুহৰ দেহত এই প্ৰক্ৰিয়াটো কেনেকৈ চলে লিখা ।

উত্তৰঃ শ্বাস প্ৰক্ৰিয়া হল প্ৰাণীয়ে উশাহত বায়ুৰ পৰা অক্সিজেন গ্ৰহণ কৰি নিশ্বাসত কাৰ্বন-ডাই-অক্সাইড এৰি দিয়াকে বুজাই।

মানুহে উশাহত বায়ুৰ পৰা অক্সিজেন গ্ৰহণ কৰে আৰু হাওঁফাওঁৰ পৰা অক্সিজেন তেজত মিহলি হয়। তেজে অক্সিজেন কঢ়িয়াই নি শৰীৰৰ সকলো কোষত যোগান ধৰে। কোষত অহাৰ আৰু অক্সিজেনৰ মাজত ক্ৰিয়া হয় আৰু কাৰ্বন-ডাই-অক্সাইড উৎপন্ন হয় কাৰ্বন-ডাই-অক্সাইড  প্ৰাণীৰ বাবে অলাগতিয়াল।সেয়েহে কোষৰ পৰা ওলাই তেজত মিহলি হয় আৰু তেজে কাৰ্বন-ডাই-অক্সাইড হাওঁফাওঁলৈ কঢ়িয়াই আনে। তেতিয়া প্ৰাণীয়ে নিশাহত কাৰ্বন-ডাই-অক্সাইড এৰি দিয়ে। এইদৰেই মানুহৰ দেহত শ্বাস প্ৰক্ৰিয়া চলি থাকে।

৭। উদ্ভিদে কোনখিনি কাৰ্বন-ডাই-অক্সাইড গ্ৰহণ কৰে আৰু কোনখিনি এৰি দিয়ে লিখা ।

উত্তৰঃ  উদ্ভিদে পাতৰ সহায়ত খাদ্য প্ৰস্তুত কৰে। খাদ্য প্ৰস্তুত কৰিবলৈ বায়ুৰ পৰা কাৰ্বন-ডাই-অক্সাইড গ্ৰহণ কৰে। পাতত প্ৰস্তুত হোৱা খাদ্য সকলো কোষলৈ যায়। উদ্ভিদৰ কোষবোৰৰ মাজত একোখন আৱৰণ থাকে। আৱৰণৰ মাজেদি অক্সিজেন কোষত সোমাই।কোষত অক্সিজেন আহাৰৰ লগ লাগে। ইয়াতো কাৰ্বন-ডাই-অক্সাইড পানী আৰু তাপশক্তি উৎপন্ন হয়। এই উৎপন্ন হোৱা কাৰ্বন-ডাই-অক্সাইড আৱৰণৰ মাজেৰে বায়ুলৈ এৰি দিয়ে। 

৮। জীৱ আৰু জড়ৰ মাজৰ পাৰ্থক্য বোৰ লিখা।

উত্তৰঃ  ১। জীৱই জন্ম দিব পাৰে কিন্তু জড়ই জন্ম দিব নোৱাৰে।

২। সকলো জীৱ কোষেৰে গঠিত, কিন্তু জড় কোষেৰে গঠিত নহয়।

৩। জীৱৰ শ্বাস প্ৰক্ৰিয়া আছে । জড়ৰ শ্বাস প্ৰক্ৰিয়া নাই।

৪। জীৱৰ শৰীৰৰ বৃদ্ধি আৰু বিকাশ হয়। জড়ৰ বৃদ্ধি আৰু বিকাশ নহয়।

৫। জীৱই জীয়াই থাকিবলৈ খাদ্যৰ প্ৰয়োজন। জড়ৰ কোনো খাদ্যৰ প্ৰয়োজন নাই।

৯। খালি ঠাই পূৰণ কৰা-

(ক) প্ৰ’ট’প্লাজম থকা গোটবোৰক _______বোলে।

(খ) প্ৰ’ট’প্লাজমত আটাইতকৈ সৰহ পৰিমাণে থকা পদাৰ্থ বিদ হল _______।

(গ) বেক্টেৰিয়াৰ শৰীৰত থকা কোষৰ সংখ্যা ________।

(ঘ) কেঁচুৱে _______ৰ সহায়ত উশাহ লয়।

(ঙ) বৃদ্ধি আৰু বিকাশৰ ফলত জীৱই ______অৱস্থা পায়।

(চ) কেৱল ________নিজৰ দেহত খাদ্য তৈয়াৰ কৰিব পাৰে।

(ছ) জীৱৰ জন্ম আৰু স্বাভাৱিক মৃত্যুৰ মাজৰ সময়ছোৱাক _______বোলে।

(জ) এবছৰতে বাঢ়ি নতুন গুটি ওলোৱাৰ পিছত মৰি যোৱা দুবিধ গছ হল ________আৰু ________।

উত্তৰঃ (ক) কোষ,(খ) পানী,(গ) এক,(ঘ) ছালৰ,(ঙ) পৈণত,(চ) উদ্ভিদ,(জ) আয়ুস।

অতিৰিক্ত প্ৰশ্নোওৰ

১। পৃথিৱীৰ আটাইতকৈ ওখ গছডালৰ নাম কি ?

উত্তৰঃ ছিকুৱা ছেমপাৰ ভাইৰেনছ।

২। পৃথিৱীৰ আটাইতকৈ ওখ গছডালৰ উচ্চতা কিমান ? ইয়াক কত পোৱা যায়।

উত্তৰঃ পৃথিৱীৰ আটাইতকৈ ওখ গছডালৰ উচ্চতা প্ৰায় ১১৭ মিটাৰ( ৩৮৪ ফুট) পৰ্যন্ত হয়। ইয়াক আমেৰিকাৰ  কালিফ’নির্যাত পোৱা যায়।

৩। অণুজীৱ কাক বোলে ?

উত্তৰঃ খালি চকুৰে মনিব নোৱাৰা বেক্টেৰিয়া, প্ৰট’জ’বা ইত্যাদি ক্ষুদ্ৰ জীৱবোৰক অণুজীৱ বোলে।

৪। পানীৰ উপৰিও প্ৰ’ট’প্লাজম কি থাকে ?

উত্তৰঃ পানীৰ উপৰিও প্ৰ’ট’প্লাজম প্ৰ’টিন, নিউক্লিয়িক এচিড , লিপিড আৰু কাৰ্ব’হাইড্ৰট নামৰ পদাৰ্থবোৰ থাকে।

৫। চলন কাক বোলে ?

উত্তৰঃ বিভিন্ন কাৰণত শৰীৰৰ অংগ-পতঙ্গবোৰ লৰচৰ হোৱাকে চলন বোলে। গছৰ কাণ্ডৰ পোহৰৰ দিশত বৃদ্ধি হোৱাটোও উদ্ভিদে উদ্দীপকৰ প্ৰতি সঁহাৰি জনোৱাৰ ফলত চলনৰ উদাহৰণ।

৬। ক্ল’ৰফিল কি ?

উত্তৰঃ গছৰ পাতত থকা সেউজীয়া পদাৰ্থবিদকেই ক্ল’ৰ ‘ফিল।

৭। উদ্ভিদে কেনেকৈ খাদ্য প্ৰস্তুত কৰে ?

উত্তৰঃ উদ্ভিদৰ পাতত ক্ল’ৰ’ফিল নামৰ এবিধ সেউজীয়া পদাৰ্থ থাকে।এই পদাৰ্থৰ সহায়ত সূৰ্য্যৰ পোহৰৰ উপস্থিতিত বায়ুৰ পৰা লোৱা কাৰ্বন-ডাই-অক্সাইড আৰু মাটিৰ পৰা শুহি লোৱা পানীৰে গছৰ পাতত খাদ্য প্ৰস্তুত কৰে।এই প্ৰক্ৰিয়াক সালোক সংশ্লেষণ বোলে।

৮। ভাইৰাছ কি ?

উত্তৰঃ পৃথিৱীৰ আটাইতকৈ সৰু অণুজীৱ বিধ হল ভাইৰাছ। ই সম্পূৰ্ণৰূপে জীৱও নহয়, জড়ও নহয়। কিন্তু ভাইৰাছত প্ৰ’ট প্লাজম থাকে।

৯। এমিবা কি ?

উত্তৰঃ এমিবা হল এটা কোষেৰে গঠিত অণুজীৱ।

১০। ভাইৰাছ কিহেৰে গঠিত ?

উত্তৰঃ ভাইৰাছ সাধাৰণতে প্ৰ’টিন আৰু নিউক্লিয়িক  এচিড নামৰ পদাৰ্থৰ দ্বাৰা গঠিত।

১১। ভাইৰাছে কেনেকৈ বংশ বৃদ্ধি কৰে ?

উত্তৰঃ  ভাইৰাছে আন জীৱৰ শৰীৰত থকা কোষত সোমাই বংশ বৃদ্ধি কৰে।

১২। ভাইৰাছৰ পৰা সৃষ্টি হোৱা ৫ বিধ বেমাৰৰ নাম লিখা।

উত্তৰঃ ভাইৰাছ বৰ আই, সৰু আই, প’লিঅ,’ ইনফ্লুৱেঞ্জা , আইডছ আদি ৰোগ মানুহৰ শৰীৰত আক্ৰমণ কৰি সৃষ্টি কৰে।

১৩। বেৰত বগাই ফুৰা জেঠীয়ে কেনেদৰে খাদ্য সংগ্ৰহ কৰে ?

উত্তৰঃ  বেৰত বগাই ফুৰা জেঠীয়ে পোক পতংগ দেখিলে নিজৰ জিভাখন পোক-পতংগৰ গাত মাৰি দিয়ে । জেঠীৰ জিভাখনত আঠজাতীয় পদাৰ্থ এবিধ থাকে। ইয়াৰ ফলত পোক-পতংগ জেঠীৰ জিভাৰ সহায়ত মুখৰ ভিতৰলৈ সুমুৱাই নিয়ে।

১৪। পৰীক্ষা :

মাটিৰ সৰু টাব এটাত মটৰ গুটি দুটামান গজোৱা। টাবটো বন্ধ ডাঠ কাগজৰ বাগচ এটাৰে ঢাকি দিয়া। বাকচটোৰ কাষৰ এখন বেৰত ওপৰৰ পিনে পোহৰ সোমাব পৰাকৈ এটা বিন্ধা কৰা।বাকচটোৰ ভিতৰলৈ কেৱল বিন্ধাটোৰেহে পোহৰ যাব পাৰে। কেইদিনমানৰ পাছত মটৰ গছৰ পুলিকেইটা বাকচটোৰ বিন্ধাটোৰ পিনে বাঢ়ে । ইয়াৰ পৰা কি সিদ্ধান্তলৈ আহিব পাৰে বাৰু ?

উত্তৰঃ উপৰোক্ত পৰীক্ষাৰ পৰা এইটো সিদ্ধান্তলৈ আহিব পাৰে যে উদ্ভিদে উদ্দীপকৰ প্ৰতি সঁহাৰি জনায়। কাৰণ বাকচটোৰ ভিতৰত কলা কাৰ্বন কাগজ লগোৱাৰ ফলত একমাত্ৰ সৰু বিন্ধাটোৰেহে বাকচটোৰ ভিতৰলৈ পোহৰ আহিছে । সেয়েহে মটৰ গুটিৰ গছডাল পোহৰৰ পিনে আগবাঢ়ি গৈছে।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top