Assam Jatiya Bidyalay Class 6 History Chapter 12 বদন চন্দ্ৰ বৰফুকন

resppost2025

Assam Jatiya Bidyalay Class 6 History Chapter 12 বদন চন্দ্ৰ বৰফুকন, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় আপোন দেশৰ কথা Class 6 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 12 বদন চন্দ্ৰ বৰফুকন Class 6 History Question Answer can be of great value to excel in the examination.

Assam Jatiya Bidyalay Class 6 History Chapter 12 বদন চন্দ্ৰ বৰফুকন Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 6 History Chapter 12 বদন চন্দ্ৰ বৰফুকন provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

বদন চন্দ্ৰ বৰফুকন

Chapter – 12

অসম জাতীয় বিদ্যালয়

resppost2025

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ


১৷ একোটিকে বাক্যত উত্তৰ লিখ। 

(ক) ‘মান অনা বৰফুকন’ কোন আছিল ? 

sqare

উত্তৰঃ বদনচন্দ্ৰ বৰফুকন।

(খ) বদনচন্দ্ৰৰ প্ৰকৃত নাম কি আছিল ?

উত্তৰঃ ঘিনাই।

(গ) বদনচন্দ্ৰৰ পিছত কোন গুৱাহাটীত বৰফুকন হৈছিল ?

sqare

উত্তৰঃ প্ৰথমবাৰ গেন্ধেলা বা কলিয়াভোমোৰা আৰু দ্বিতীয়বাৰ ঘনশ্যাম।

২৷ কি পৰিস্থিতিত বদন বৰফুকনে অসমলৈ মানসকলক মাতি আনিছিল লিখা।

উত্তৰঃ বদনচন্দ্ৰ বৰফুকনে ক্ষমতাৰে বলীয়ান হৈ তেওঁৰ দুয়োটা কাৰ্যকালত নামনি অসমৰ ৰজাৰ ওপৰত জোৰ-জুলুম, অত্যাচাৰ চলাইছিল। ইয়াৰ ফলত কামৰূপ বা নামনি অসমৰ প্ৰজাই বাৰে বাৰে বিদ্ৰোহ আচৰণ কৰাত পূৰ্ণানন্দ বুঢ়াগোহাঁই তেওঁৰ ওপৰত অসন্তুষ্ট হৈছিল। এনেয়েও পদমর্যাদা আৰু ক্ষমতাক লৈ দুয়োৰে মাজত বিবাদ আছিল বদন চন্দ্ৰ বৰফুকনে সংগ্ৰাম চাৰিঙীয়া ফুকনকে ধৰি কিছুমান বিষয়াৰ লগ হৈ বুঢ়াগোহঁইৰ বিৰুদ্ধে ষড়যন্ত্ৰটো লিপ্ত হৈছিল। বুঢ়াগোহাঁয়ে ইতিমধ্যে সত্ৰামক শাস্তি বিহিছিল। বদনচন্দ্ৰ বৰফুকনৰ কাম কাজত অতিষ্ঠ হৈ বুঢ়াগোহাঁয়ে তেওঁকো ধৰি নিয়াৰ বাবে পৰ্বতীয়া ফুকনক গুৱাহাটীলৈ পঠায়। সত্ৰামৰ শাস্তি দেখি ভয় খাই থকা বদনচন্দ্ৰই জীয়েক পিজৌ গাভৰুৰ পৰা গোপনে এই বাতৰি পাই কলিব লৈ যায়।

sidebar2026

এনেকৈ পলাই গৈ বদন চন্দ্ৰ বৰফুকনে ৰজা আৰু বুঢ়াগোহাঁইৰ বিৰুদ্ধে বিদেশী ৰাজ্যৰ সহায় বিচাৰি ঘূৰি ফুৰে। অৱশেষত তেওঁ ব্ৰহ্মদেশলৈ গৈ মান ৰজা বডোপায়াক সহায় বিচাৰি অনুৰোধ জনায়। তেওঁৰ অনুৰোধ মতেই মান ৰজাই বদনচন্দ্ৰ বৰফুকনৰ লগত প্ৰায় ছহেজাৰ মান সেনা অসমলৈ পঠায়।

৩৷ বৰফুকন হিচাপে বদনচন্দ্ৰৰ কাৰ্যাবলী বর্ণনা কৰা। 

2026

উত্তৰঃ বৰফুকনৰ দায়িত্ব আছিল অসমৰ নামনি খণ্ডব শাসন কার্য চলোৱা আৰু উন্নয়নৰ দিশটো চোৱা চিতা কৰা। বদন চন্দ্ৰই দুবাৰকৈ বৰফুকনৰ পদৱীত অধিষ্ঠিত হৈছিল। তেওঁ আছিল ক্ষমতা লিপ্সা থকা অথচ ব্যক্তি আৰু চৰিত্ৰৰ ফালৰ পৰা দুৰ্বল লোক। এই দুৰ্বলতাৰ বাবেই দুটাকৈ কার্যকাল পায়ো তেওঁ অসমৰ প্ৰজাৰ একো মংগল সাধিব নোৱাৰিলে। ক্ষমতাবে বলীয়ান হৈ দুয়োটা কার্যকালতে তেওঁ মংগলজনক কাম কৰাৰ পরিবর্তে কামৰূপ বা নামনি অসমৰ প্ৰজাৰ ওপৰত জোব-জুলুম, অত্যাচাৰহে কৰিছিল। তেওঁৰ অত্যাচাৰত অতিষ্ঠ হৈ নামনিৰ প্ৰজাসকলে সেয়ে বাৰে বাৰে ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ কৰিছিল।

বৰফুকন হিচাপে নিজৰ কৰ্তব্য নিয়াৰিকৈ পালন কৰি দেশ, জাতি আৰু প্ৰজাৰ মংগল সধাৰ পৰিৱৰ্তে বদন চন্দ্ৰক ক্ষমতা, পদমর্যাদা আদিক লৈ পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ সৈতে বিবাদত লিপ্ত হোৱাতহে বেছি গুৰুত্ব দিয়া দেখা গৈছিল। আনকি এই বিবাদৰ বাবেই তেওঁ মান সেনাক মাতি আনি অসমৰ সৰ্বনাশ কৰিবলৈ তেও কুণ্ঠা বোধ কৰা নাছিল। এইবোৰৰ পৰা বুজা যায় যে বৰফুকন হিচাপে বদন চন্দ্ৰৰ কাম-কাজ মুঠেই সান্তোষজনক নাছিল। 

৪৷ মানে অসম আক্রমণ কৰাৰ বাবে বদনচন্দ্ৰ কিমানদূৰ জগৰীয়া বুলি ক’ব পৰা যায় লিখাঁ। 

উত্তৰঃ শাসনত অধিষ্ঠিত ব্যক্তিৰ অত্যন্ত ক্ষমতা লিপ্সা, দুর্বল ব্যক্তিত্ব আৰু চৰিত্ৰ, আনৰ প্রতি বিদ্বেষ আদিয়ে এটা জাতি, এখন দেশৰ কিমান অন্যায় সাধিব পাৰে বদনচন্দ্ৰ বৰফুকনৰ কাৰ্যৱলী তাৰ এটা জ্বলন্ত উদাহৰণ। নিজৰ জাতি, নিজৰ দেশৰ প্ৰতি বদন চন্দ্ৰৰ অপৰিসীম স্নেহ আছিল বুলি কোৱা হয় যদিও বৰফুকন হিচাপে তেওঁৰ কাম-কাজত সেয়া পৰিস্ফুট নহ’ল। ওপৰৰ আটাইকেইটা লক্ষণযুক্ত বদনচন্দ্ৰই তেওঁৰ দুয়োটা কার্যকালতে দেশ তথা প্ৰজাৰ একো মংগল সাধিব পৰা নাছিল, বৰং প্ৰজাৰ ওপৰত জোৰ-জুলুম, অত্যাচাৰহে চলাইছিল। ক্ষমতা, পদমর্যাদা আদিক লৈ পূৰ্ণানন্দ বুঢ়াগোহঁইৰ সৈতে বিবাদত লিপ্ত হৈহে বদনচন্দ্ৰই তেওঁৰ কাৰ্যকালৰ বহু সময় পাৰ কৰা দেখা যায়। এই বিবাদৰ ফলতেই তেওঁ মান সেনাক মাতি আনি অসম আক্ৰমণ কৰোৱাইছিল।

বদনচন্দ্ৰ বৰফুকন হিচাপে সম্পূর্ণ অসফল আছিল। নিজৰ কৰ্তব্য আৰু দায়িত্ব নিয়াৰিকৈ পালন কৰি দেশ তথা প্ৰজাৰ মংগলৰ স্বাৰ্থত তেওঁ যদি মান সেনাক মাতি নানিলেহেঁতেন, তেতিয়া কথা সুকীয়া আছিল। কিন্তু তেওঁ মান সেনাক মাতি আনিছিল সম্পূর্ণ ব্যক্তিগত আক্রোশ তথা বিদ্বেষ পূৰণৰ বাবে, যি মান সেনাই অসমৰ সৰ্বনাশ সাধি গৈছে। সেয়ে মানে অসম আক্ৰমণ কৰাৰ বাবে বদনচন্দ্ৰ সম্পূৰ্ণ জগৰীয়া বুলি আমি ভাবো।

sidebar2026

৫৷ বদন বৰফুকনৰ চৰিত্ৰ আৰু ব্যক্তিত্বৰ বিষয়ে তোমাৰ মতামত বুজাই লিখাঁ।

উত্তৰঃ বদনচন্দ্ৰ বৰফুকনে দুবাৰকৈ বৰফুকন পদত কাৰ্যনিৰ্বাহ কৰিছিল। নিজৰ দেশ আৰু জাতিৰ প্ৰতি তেওঁৰ অপৰিসীম স্নেহ আছিল বুলি কোৱা হয় যদিও, তেওঁৰ কাম-কাজত সেয়া পৰিস্ফুট হৈ উঠা নাছিল। তেওঁ আছিল অত্যন্ত ক্ষমতালোভী, ব্যক্তিত্ব আৰু চৰিত্ৰৰ ফালৰ পৰা দুৰ্বল। এই দুৰ্বলতাৰ বাবেই তেওঁৰ প্ৰথমটো কাৰ্যকালত তেওঁৰ পুতেক জন্মি, পিয়ালিয়ে পোহনীয়া হাতীক ভাং খুৱাই মাতাল কৰি প্ৰজাৰ মাজত এৰি দি মনোৰঞ্জন লভিছিল। অকল সেয়াই নহয়, বদনচন্দ্ৰ বৰফুকন আৰু তেওঁৰ পুতেকহতৰ বহু কাম-কাজে নামনি অসম বা কামৰূপৰ প্ৰজাক অতিষ্ঠ কৰি তুলিছিল, যাৰ বাবে তেওঁলোকে বাৰে বাৰে ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ কৰিছিল। দ্বিতীয়টো কাৰ্যকালতো বদনচন্দ্ৰৰ চৰিত্ৰত সেই একেই অত্যাচাৰী ৰূপ ফুটি উঠিছিল। তেওঁৰ জোৰ-জুলুম আৰু অত্যাচাৰে নামনি অসমৰ প্ৰজাক জৰ্জৰিত কৰিছিল ।

বদনচন্দ্ৰ বৰফুকনৰ চৰিত্ৰৰ আঁহে আঁহে সোমাই আছিল উচ্চ ক্ষমতা লালসা আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ প্ৰতি বিদ্বেষ। বৰফুকন হিচাপে নিজৰ দায়িত্ব আৰু কৰ্তব্য নিয়াৰিকৈ পালন কৰাৰ সলনি ক্ষমতা, পদমর্যাদাক লৈ পুৰ্ণানন্দ বুঢ়াগোহঁাঁহৰ সৈতে বিবাদত লিপ্ত হোৱা, তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা আদি কামতহে বদন চন্দ্ৰ বৰফুকনে বহু সময় পাৰ কৰা দেখা যায়।

এই বিবাদৰ ফলতেই তেওঁ অসমলৈ মান সেনাক মাতি আনিছিল। তেওঁৰ ব্যক্তিত্ব আৰু চৰিত্ৰৰ দুৰ্বলতাৰ বাবেই বদনচন্দ্ৰ বৰফুকনে অসমৰ ইতিহাসত নিজকে এজন সফল বৰফুকন হিচাপে প্ৰতিষ্ঠা কৰিব নোৱাৰিলে।

অতিৰিক্ত প্রশ্নোত্তৰ

১৷ পিজৌ গাভৰক কোনে বিয়া কৰাইছিল ? 

উত্তৰঃ ওষোনাথ ঢেকিয়াল ফুকনে।

২৷ বদন চন্দ্ৰ বৰফুকনে কাৰ জৰিয়তে ৰাজধানীৰ ডাঁৰৰ বাতৰি ডাঁৰে পঠিয়াইছিল।

উত্তৰঃ জীয়েক পিজৌ গাভৰুৰ জৰিয়তে। 

৩৷ পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে বদনচন্দ্ৰ বৰফুকনক ইংৰাজে কিয় সহায় নকৰিলে ?

উত্তৰঃ সেই সময়ত বৃটিছসকলৰ ‘অহস্তক্ষেপ নীতি’ চলি থকাৰ বাবে।

৪৷ পূৰ্ণানন্দ বুঢ়াগোহঁাঁইৰ মৃত্যুৰ পাছত কোন বুঢ়াগোহাঁই হৈছিল ?

উত্তৰঃ ৰুচিনাথ।

৫৷ বদনচন্দ্ৰ বৰফুকনে মান ৰজাক উপহাৰ দিয়া কুৱৰীগৰাকীৰ নাম লিখাঁ।

উত্তৰঃ হেমো আইদেউ।

2026

৬৷ বদনচন্দ্ৰ বৰফুকনক কোনে হত্যা কৰিছিল ?

উত্তৰঃ ৰূপসিংহ চুবেদাৰে। 

৭৷ ‘ভাই ৰজাৰ বঙহ’ৰ অৰ্থ বুজাই লিখাঁ।

উত্তৰঃ ভাই ৰজাৰ বঙহৰ অৰ্থ হ’ল আহোম আৰু মানসকলৰ দুয়োটা ফৈদৰ ৰাজবংশ পূৰ্বতে একেটা গোষ্ঠীৰে আছিল। সেয়ে আহোম আৰু মানে পৰস্পৰে পৰস্পৰক ভাই ৰজা বা আপোন মানুহ বুলি ভাবিছিল ।

৮৷ ‘অসম দেশত এতিয়া ভাই ৰজাৰ বঙহ’ৰ ৰজা নাইকিয়া হ’ল; পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে ৰজাৰ ক্ষমতা হস্তগত কৰিছে গতিকে ভাই ৰজাৰ বঙহক সুৰক্ষা দিব লাগে।’ –এই কথাখিনি কোনে কাক কৈছিল লিখা।

উত্তৰঃ এই কথাখিনি বদনচন্দ্ৰ বৰফুকনে মান ৰজা বড়োপায়াক কৈছিল।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top