Assam Jatiya Bidyalay Class 5 Science Chapter 7 আহাৰ আৰু স্বাস্থ্য

Assam Jatiya Bidyalay Class 5 Science Chapter 7 আহাৰ আৰু স্বাস্থ্য, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় বিজ্ঞান Class 5 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 7 আহাৰ আৰু স্বাস্থ্য Class 5 Science Question Answer can be of great value to excel in the examination.

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Assam Jatiya Bidyalay Class 5 Science Chapter 7 আহাৰ আৰু স্বাস্থ্যনিৰ্ভৰশীল Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 5 Science Chapter 7 আহাৰ আৰু স্বাস্থ্য provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

আহাৰ আৰু স্বাস্থ্য

Chapter – 7

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

১। প্ৰধান পুষ্টিকৰ শব্দবোৰ কি কি ?

উত্তৰঃ প্ৰধান পুষ্টিকৰ বস্তুবোৰ হ’ল কাৰ্ব’হাইড্ৰেট, প্ৰ’টিন, চৰ্বী, ভিটামিন বা খাদ্যপ্ৰাণ আৰু বিবিধ খনিজ পদাৰ্থ।

২। কাৰ্ব ‘হাইড্ৰেট আৰু চৰ্বিয়ে আমাক কি দিয়ে ? এইবোৰৰ কেইবিধমান প্ৰধান উৎসৰ নাম লিখা।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ কাৰ্ব ‘হাইড্ৰেট আৰু চৰ্বীয়ে আমাক শক্তি দিয়ে। চাউল, আটা, মইদা, আলু, চেনী, গ্লুকজ আদিবোৰ কাৰ্ব ‘হাইড্ৰেট প্ৰধান উৎস । আনহাতে ঘি, মাখন, কণী, বাদাম, মাছ, মাংস ইত্যাদি প্ৰচুৰ পৰিমাণে চৰ্বী থাকে।

৩। প্ৰ ‘টিনৰ প্ৰধান ভূমিকা কি ? প্ৰ ‘টিনৰ কেইবিধ মান উৎসৰ নাম লিখা।

উত্তৰঃ শৰীৰত প্ৰ ‘টিনৰ প্ৰধান ভূমিকা হল – প্ৰ ‘টিনে শৰীৰৰ অংগ প্ৰতঙ্গবোৰৰ গঠন আৰু বৃদ্ধিত সহায় কৰে । শৰীৰত কেতিয়াবা দুখ পালে বা আঘাত পালে, আঘাত পোৱা অংশবোৰ প্ৰ’টিনৰ দ্বাৰা পুনৰ গঠন হয়।

৪। ভিটামিন কিমানবিধ আৰু কি কি ?

উত্তৰঃ ভিটামিন সাধাৰণতে ছয়বিধ । সেইবোৰ হৈছে ভিটামিন এ, ভিটামিন বি, ভিটামিন ছি, ভিটামিন ডি, ভিটামিন ই, আৰু ভিটামিন কে।

৫। ভিটামিন বি আৰু ভিটামিন ছি কিয় আৱশ্যক লিখা ।

উত্তৰঃ আহাৰত ভিটামিন বি সঠিক পৰিমাণে নাথাকিলে শৰীৰৰ বিভিন্ন অংগ-প্ৰতংগৰ গঠন আৰু বৃদ্ধি ঠিকমতে নহয় মনত থকা শক্তি কমে। আনহাতে এইবিধ ভিতামিনৰ অভাৱত বেৰি বেৰি বেমাৰ হয়। চাউল, গম, বুট, মাহ, মাছ, মাংস আদিত ভিটামিন বি থাকে।

শৰীৰৰ বাবে দৰকাৰী আন এবিধ ভিটামিন হল ভিটামিন চি । মাংসপেশীৰ গঠনৰ বাবে ভিটামিন চি ৰ আৱশ্যক । শৰীৰত ভিটামিন চি ৰ অভাৱ হলে  স্কাভি নামৰ এবিধ ৰোগ হয়। স্কাভি ৰোগত দাঁত আলু ওখহে আৰু ইয়াৰ পৰা তেজ ওলায়।

৬। কণীত কি কি থাকে উল্লেখ কৰা।

উত্তৰঃ কণীত ভিটামিন চি ৰ বাহিৰে বাকী সকলোবোৰ ভিটামিন থাকে। অৰ্থাৎ কণীত ভিটামিন -এ, ভিটামিন বি, ভিটামিন ডি, ভিটামিন ই আৰু ভিটামিন কে ।

৭। শাক-পাচলি কিয় খাব লাগে।

উত্তৰঃ আমাৰ শৰীৰৰ বৃদ্ধি আৰু ভাল স্বাস্থ্যৰ বাবে পুষ্টিকৰ খাদ্যৰ প্ৰয়োজন। শাক-পাচলি যথেষ্ট পৰিমাণে কাৰ্ব’হাইড্ৰেট , প্ৰ’টিন আৰু ভিটামিন থাকে। এই আটাইবোৰ আমাৰ শৰীৰৰ বাবে অতি দৰকাৰী। ইয়াৰ উপৰিও আমাৰ শৰীৰৰ বাবে ভিটামিন চি অতি আৱশ্যক। ভিটামিন চি মৰিছা, সেউজীয়া শাক, বন্ধাকবিত পোৱা যায়। সেয়েহে খোৱা খাদ্যৰ লগত যথেষ্ট পৰিমাণে সেউজীয়া শাক-পাচলি খাব লাগে।

৮। আহযুক্ত আহাৰ খোৱাৰ প্ৰয়োজনীয়তা কি ?

উত্তৰঃ আহাৰত থকা আহে শক্তি যোগান নধৰে বা শৰীৰৰ গঠনত সহায় নকৰে তথাপি আহযুক্ত খাদ্য আমাৰ শৰীৰৰ বাবে দৰকাৰী। আহে আমি খুৱা বস্তুবোৰৰ অলাগতিয়াল অংশ দেহৰ পৰা বাহিৰ হোৱাত সহায় কৰে।

অতিৰিক্ত প্ৰশ্নোওৰ

১। সুষম অহাৰ কি ?

উত্তৰঃ পুষ্টিকৰ বস্তুবোৰ ঠিক জোখত থকা আহাৰক সুষম আহাৰ বোলে।

২। কুকুৰিকণা ৰোগ বিধ কিহৰ বাবে হয় ?

উত্তৰঃ মানুহে সন্ধিয়া সময়ত ভালদৰে চকুৰে নেদেখা বেমাৰটোকে কুকুৰিকণা ৰোগ বোলে।এইবিধ বেমাৰ সাধাৰণতে আহাৰত ভিটামিন এ ৰ অভাৱ হলে দেখা দিয়ে।

৩। শিশুৰ ৰিকেট নামৰ হাড়ৰ ৰোগ কি ভিটামিনৰ অভাৱত হয়।

উত্তৰঃ আহাৰত ভিটামিন ডি ৰ অভাৱ হলে শিশুৰ হাড়ৰ গঠন ঠিকমতে নহয় আৰু ৰিকেট নামৰ হাড়ৰ ৰোগবিধে দেখা দিয়ে।

৪। প্ৰাপ্ত বয়স্ক পুৰুষ আৰু মহিলাৰ দেহত কিমান লিটাৰ পানী থাকে ?

উত্তৰঃ প্ৰাপ্ত বয়স্ক পুৰুষৰ দেহত গড়ে ৪২ লিটাৰ আৰু মহিলাৰ দেহত ৩৫.৫ লিটাৰ পানী থাকে।

৫। আমি যথেষ্ট পৰিমাণে বিশুদ্ধ পানী কিয় খাব লাগে ?

উত্তৰঃ শৰীৰৰ পুষ্টি, গঠন আৰু নিৰোগী ভাল স্বাস্থ্যৰ বাবে যথেষ্ট পৰিমাণে বিশুদ্ধ পানী খাব লাগে। পানী সঠিক পৰিমাণে নাখালে খোৱা বস্তু ভালদৰে হজম নহয়। আনহাতে তেজৰ প্ৰধান অংশ হল পানী। তেজে খাদ্যত থকা পুষ্টিকৰ বস্তুবোৰ শৰীৰৰ বিভিন্ন অংশলৈ লৈ যায়। শৰীৰত উৎপন্ন হোৱা অলাগতিয়াল বস্তুবোৰো পানীৰ লগত মিহলি হয় আৰু প্ৰসাৱ হিচাপে বাহিৰ ওলাই যাব।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top