Assam Jatiya Bidyalay Class 5 Science Chapter 5 আমাৰ ইন্দ্ৰিয় আৰু স্নায়ু তন্ত্ৰ

Assam Jatiya Bidyalay Class 5 Science Chapter 5 আমাৰ ইন্দ্ৰিয় আৰু স্নায়ু তন্ত্ৰ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় বিজ্ঞান Class 5 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 5 আমাৰ ইন্দ্ৰিয় আৰু স্নায়ু তন্ত্ৰ Class 5 Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 5 Science Chapter 5 আমাৰ ইন্দ্ৰিয় আৰু স্নায়ু তন্ত্ৰ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 5 Science Chapter 5 আমাৰ ইন্দ্ৰিয় আৰু স্নায়ু তন্ত্ৰ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

আমাৰ ইন্দ্ৰিয় আৰু স্নায়ু তন্ত্ৰ

Chapter – 5

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

১। ইন্দ্ৰিয় কেইবিধ আৰু কি কি ? ইন্দ্ৰিয় কেইটাৰ কাম-কাজ কিহে নিয়ন্ত্ৰণ কৰে ?

উত্তৰঃ ইন্দ্ৰিয় পাঁচ বিধ। ইন্দ্ৰিয় কেইটাৰ কাম-কাজ পৰিচালনা কৰে মগজুৱে।

২। স্নায়ুৰ কাম কি ?

উত্তৰঃ স্নায়ুৰ কাম হল – ইন্দ্ৰিয়ৰ পৰা আহৰণ কৰা সংবাদ মগজুক জনোৱা।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৩। আমি বস্তু এটা দেখা পাবলৈ স্নায়ুবোৰে কি ভূমিকা লয় লিখা।

উত্তৰঃ কোনো বস্তু এটাত পোহৰ পৰিলে বস্তুটোৰ পৰা পোহৰৰ ৰশ্মি প্ৰতিফলিত হয়। ই চকুৰ মণিৰ আইৰিছৰ মাছ অংশত থকা সৰু ফাঁকেৰে সোমাই আহে। এই ৰশ্মি লেনছৰ মাজেৰে পাৰ হৈ ৰেটিনাত বস্তুটোৰ এটা ওলোটা প্ৰতিবিম্বৰ সৃষ্টি কৰে। ছবিখনে ৰেটিনাত থকা স্নায়ুবোৰত উত্তেজনাৰ সৃষ্টি কৰে আৰু ৰেটিনত থকা স্নায়ুবোৰে উত্তেজনাৰ বাতৰি মগজুলৈ পঠিয়াই। তেতিয়াই আমি বস্তুটোক দেখা পাওঁ।

৪। স্নায়ু কেই প্ৰকাৰৰ ? প্রতিবিধৰে কাম উল্লেখ কৰা।

উত্তৰঃ স্নায়ু তিনি প্ৰকাৰৰ। এবিধ স্নায়ুয়ে ইন্দ্ৰিয়বোৰৰ পৰা মগজুলৈ বাৰ্তা প্ৰেৰণ কৰে। আন এবিধে  মগজুৰ পৰা শৰীৰৰ আন অংগ -পতংগলৈ বাৰ্তা কঢ়িয়াই নিয়ে। তৃতীয় বিধে প্ৰয়োজন অনুসৰি এই দুই ধৰণৰ কাম কৰে।

৫। চকুৰ ৰেটিনাত বস্তুৰ ছবি কেনেদৰে গঠন হয় ?এটা আৰ্হিৰ সহায়ত বৰ্ণনা কৰা।

উত্তৰঃ চকুৰ ৰেটিনাত বস্তুৰ ছবি গঠন হোৱাটো বৰ্ণনা কৰিবলৈ হলে এটা আৰ্হি বনাব লাগিব। 

এটা বৈদ্যুতিক বালব লোৱা হল। বালবটোৰ তলৰ অংশটো ঘূৰণীয়া হব লাগিব। বালবৰ ধাতুৰ মূৰটো এটুকুৰা কাঠ বা শিলৰ ওপৰত থৈ হাতুৰীৰে লাহে লাহে কোৱালে মূৰটো এৰি যাব। ভিতৰৰ বস্তুখিনি উলিয়াই পেলোৱা হল। বালবটো ধুই এটা গিলাচৰ ওপৰত বহুওয়া হল আৰু বালব টোত পানী ভৰোৱা হল। সৰু গজল এটাৰে ডাঠ কাগজ এখনত ফুটা কৰি কাগজখনৰ ফুটাটো বালবটোৰ মাজ অংশৰ একে উচ্চতাত ৰাখিব লাগিব।

মমৰ শিখা এটা ছিদ্ৰটোৰ পৰা পোনে পোনে অলপ দূৰত থোৱা হল। বালবটোৰ আনফালে কাগজ এখন ধৰিলে শিখাটোৰ ওলোটা প্ৰতিবিম্ব দেখা পোৱা যায়। এইটোৱে আৰ্হি , বালবটো যেনিবা চকুৰ লেনছখন, ছিদ্ৰটো চকুৰ মণি আৰু প্ৰতিবিম্ব উঠা কাগজখন চকুৰ ৰেটিনা।

এইটোৱে চকুৰ ৰেটিনাত ছবি গঠন হোৱা আৰ্হি ।

৬। আমি কেনেকৈ নাকেৰে গোন্ধ পাওঁ ?

উত্তৰঃ বায়ুৰ মাজেৰে গোন্ধ থকা বস্তুৰ পৰা সৰু সৰু কণিকা আহি আমাৰ নাকত সোমাই আৰু নাসাগহ্বৰত থকা স্নায়ুবোৰত উত্তেজনাৰ সৃষ্টি হয়। এই উত্তেজনা মগজুলৈ স্নায়ুৱে কঢ়িয়াই নিয়ে আৰু তেতিয়া আমি বস্তুৰ গোন্ধ পাওঁ।

৭। আমি কাণেৰে কেনেদৰে শুনো ?

উত্তৰঃ আমাৰ কাণেৰে শব্দ ঢৌ ৰূপে সোমাই কাণৰ মধ্যে অংশত থকা কাণৰ পৰ্দা বা কৰ্ণ-পটহত স্পৰ্শ কৰে। লগে লগে পৰ্দা খনত কম্পনৰ সৃষ্টি হয়। এই কম্পন শেষত গৈ অন্তঃকৰ্ণ বা কাণৰ ভিতৰ ভাগ পায়গৈ। তাত থকা স্নায়ুবোৰে এই কম্পন মগজুলৈ বাৰ্তা হিচাপে পঠিয়াই দিয়ে। আমি তেতিয়া শব্দ শুনো।

৮। স্বাদ কলিকাৰ কাম কি ?

উত্তৰঃ স্বাদ কলিকাৰ কাম হল আমাৰ খাদ্য বস্তুৰ সোৱাদ দিয়া। আমি খাদ্য খাওঁতে খাদ্য স্বাদ কলিকাৰ সংস্পৰ্শলৈ আহে আৰু জিভাত থকা স্নায়ুবোৰে মগজুলৈ খবৰ পঠিয়াই। তেতিয়া আমি খাদ্যৰ সোৱাদ পাওঁ।

৯। শৰীৰৰ আটাইতকৈ ডাঙৰ অংগটোৰ নাম কি ?

উত্তৰঃ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগটোৰ নাম হল ছাল।

১০। জিভাৰ ছবি আঁকি কোনটো অংশই কি সোৱাদ পায় চিনাক্ত কৰা।

উত্তৰঃ 

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top