ASOS Class 12 Political Science Chapter 9 জৰুৰীকালীন ব্যৱস্থাসমূহ

ASOS Class 12 Political Science Chapter 9 জৰুৰীকালীন ব্যৱস্থাসমূহ, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Political Science Chapter 9 জৰুৰীকালীন ব্যৱস্থাসমূহ and select needs one.

ASOS Class 12 Political Science Chapter 9 জৰুৰীকালীন ব্যৱস্থাসমূহ

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Political Science Chapter 9 জৰুৰীকালীন ব্যৱস্থাসমূহ Solutions for All Subject, You can practice these here.

জৰুৰীকালীন ব্যৱস্থাসমূহ

Chapter : 9

9.1. পাঠ্য অন্তৰ্গত প্রশ্নাৱলীৰ উত্তৰঃ

খালী ঠাই পুৰণ কৰাঃ

১। জাতীয় জৰুৰী অৱস্থা ঘোষণাই______ ক বৰ্দ্ধিত ক্ষমতা প্রদান কৰে। (কেন্দ্ৰীয় চৰকাৰ /ৰাষ্ট্ৰপতি/উচ্চতম ন্যায়ালয়) 

উত্তৰঃ কেন্দ্ৰীয় চৰকাৰ।

২। _____অনুচ্ছেদৰ অধীনত জাতীয় জৰুৰী ঘোষণা কৰিব পাৰি। (232/ 352/ 360)

উত্তৰঃ 352।

৩। জাতীয় জৰুৰী অৱস্থাৰ সময়ত লোকসভাই ইয়াৰ কাৰ্যকাল এবাৰত_____বঢ়াব পাৰে। (এবছৰ /তিনিবছৰ /পাঁচবছৰ) 

উত্তৰঃ এবছৰ।

৪। জাতীয় অৱস্থাৰ সময়ত_____ৰ অধিকাৰৰ ওপৰত সীমাবদ্ধতা আৰোপ কৰিব পাৰি। (সমতা/ স্বাধীনতা/ সাংবিধানিক প্ৰতিকাৰৰ) 

উত্তৰঃ স্বাধীনতা।

৫। 1975 চনৰ 25 জুনত_____ৰ ভিত্তিত জাতীয় জৰুৰী অৱস্থা ঘোষণা কৰা হৈছিল। (বহিঃআগ্রাসন/ আভ্যন্তৰীণ অশান্তি/ বিত্তীয় সংকট) 

উত্তৰঃ আভ্যন্তৰীণ অশান্তি।

৬৷ ৰাষ্ট্ৰপতিয়ে জাতীয় জৰুৰী ঘোষণা কৰিব পাৰে, যদি 

(ক) প্রধান মন্ত্রীয়ে লিখিত পৰামৰ্শ দিয়ে,

(খ) কেবিনেটে লিখিতভাৱে অনুমোদন জনায়। 

(গ) তেওঁ নিজেই যদি অনুভৱ কৰে।

উত্তৰঃ মন্ত্রীসভাৰ লিখিত পৰামৰ্শ।

৭। সংসদৰ দ্বাৰা এবাৰ অনুমোদিত হোৱাৰ পিছত জাতীয় জৰুৰী অৱস্থা সাধাৰণতে ___সময়ৰ বাবে কার্যকৰি হৈ থাকে। (6 মাহ/1 বছৰ/ 2 বছৰ)

উত্তৰঃ 6 মাহ।

9.2. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

খালী ঠাই পুৰণ কৰাঃ

১। এখন ৰাজ্যত সাংবিধানিক অচলাৱস্থাৰ কাৰণে জাৰি কৰা জৰুৰী অৱস্থা,_____অনুচ্ছেদৰ ভিতৰত পৰে। (352/ 356/ 360) 

উত্তৰঃ 356 নং অনুচ্ছেদ।

২। এখন ৰাজ্যত ৰাষ্ট্ৰপতি শাসন সংসদৰ অনুমোদন অবিহনে_____মাহলৈ চলিব পাৰে। (এক /দুই /ছমাহ) 

উত্তৰঃ ২ মাহ।

৩। এখন ৰাজ্যত ৰাষ্ট্ৰপতি শাসন সৰ্বাধিক_____সময়লৈ বৃদ্ধি কৰিব পাৰি। (এবছৰ/ দুবছৰ/ তিনিবছৰ) 

উত্তৰঃ এবছৰ।

৪। সাংবিধানকি ব্যৱস্থাৰ ব্যৰ্থতাৰ বাবে এখন ৰাজ্যত জৰুৰী অৱস্থা ঘোষণা_____ৰ পৰামৰ্শমতে কৰা হয়। (মুখ্যমন্ত্ৰী/ ৰাজ্যিক বিধানসভাৰ অধ্যক্ষ/ ৰাজ্যপাল)

উত্তৰঃ ৰাজ্যপাল।

৫। সংসদে এখন ৰাজ্যত ৰাষ্ট্ৰপতি শাসন এবাৰত_____সময়ৰ বাবে অনুমোদন জনাব পাৰে। (তিনিমাহ/ছমাহ/নমাহ) 

উত্তৰঃ ছমাহ।

9.3. পাঠ্য অন্তর্গত প্রশ্নাবলীৰ উত্তৰঃ

খালী ঠাই পুৰণ কৰাঃ

১। বিত্তীয় জৰুৰী অৱস্থা_____নং অনুচ্ছেদ অন্তৰ্ভুক্ত। (252/356/360)

উত্তৰঃ 356 নং অনুচ্ছেদ।

২। আমাৰ দেশত বিত্তীয় জৰুৰী মাত্ৰ_____বাৰ ঘোষণা কৰা হৈছে। (এবাৰ /দুবাৰ /কেতিয়াও নাই) 

উত্তৰঃ কেতিয়াও নাই।

৩। বিত্তীয় জৰুৰী এবাৰত_____সময়ৰ বাবে ঘোষণা কৰিব পাৰি। (দুমাহ /ছমাহ /যিমান সময় প্রয়োজন হয়)

উত্তৰঃ প্রয়োজন অনুসাৰে।

৪। বিত্তীয় জৰুৰী অৱস্থাৰ ঘোষণা_____সময়ৰ ভিতৰত সংসদে অনুমোদন জনাব লাগে। (দুমাহ/ চাৰিমাহ/ ছমাহ)

উত্তৰঃ দুমাহ।

৫। বিত্তীয় জৰুৰী অৱস্থাৰ অধীনত ৰাষ্ট্ৰপতিয়ে______ৰ দৰমহা আৰু ভাট্টা হ্ৰাস কৰিবলৈ নিৰ্দেশ দিব পাৰে৷ (কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ/ ৰাজ্যিক চৰকাৰৰ কৰ্মচাৰী/ সকলো কৰ্মচাৰীৰে আনকি ন্যায়াধীশ সকলকো অর্ন্তভুক্ত কৰি) 

উত্তৰঃ ন্যায়াধীশকে আদি কৰি সকলো চৰকাৰী কৰ্মচাৰী।

পাঠ্য সমাপ্তি অনুশীলনীৰ উত্তৰঃ

  1. ভাৰতবৰ্ষৰ সংবিধানত থকা জৰুৰী ব্যৱস্থাসমূহ চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ ১। যুদ্ধ, বহিঃ আক্ৰমণ ইত্যাদিৰ ফলত ঘোষণা কৰা জৰুৰী অৱস্থাঃ দেশত বা দেশৰ যিকোনো অংশত নিৰাপত্তা, সুস্থিৰতা বা শাসন ব্যৱস্থাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পৰা বিশেষ পৰিস্থিতিৰ সন্মুখীন হ’বলৈ সংবিধানত ব্যৱস্থা উল্লেখ কৰা আছে। বিশেষ পৰিস্থিতি বা জৰুৰী পৰিস্থিতি তিনি ধৰণৰ হ’ব পাৰে। প্ৰথমতে, যুদ্ধ বা বহিঃআক্ৰমণৰ ভাবুকি আহিলি নাইবা সশস্ত্র বিদ্ৰোহৰ ফলত আভ্যন্তৰিণ অশান্তিয়ে দেখা দিলে, দ্বিতীয়তে, কোনো ৰাজ্যৰ শাসন ব্যৱস্থা ৷ সংবিধান অনুযায়ী পৰিচালনা কৰিব নোৱাৰিলে আৰু তৃতীয়তে, ৰাষ্ট্ৰত আৰ্থিক মণ্ডাৱস্থাই দেখা দিলে।

২। জাতীয় জৰুৰী অৱস্থা ঘোষণা (352 নং অনুচ্ছেদ): ভাৰতবৰ্ষৰসংবিধানত যুদ্ধ, বহিঃ আক্রমণ নাইবা আভ্যন্তৰিণ বিদ্ৰোহৰ বাবে সৃষ্টি হ’বপৰা পৰিস্থিতিৰ বাবে জৰুৰী অৱস্থা ঘোষণাৰ ব্যৱস্থা কৰিছে । ইায়ক জাতীয় জৰুৰী অৱস্থা হিচাপে জনা যায়। এইধৰণৰ জৰুৰী অৱস্থা ৰাষ্ট্ৰপতিয়ে তেতিয়া ঘোষণা কৰিব পাৰে, যেতিয়া তেওঁ অনুভৱ কৰে যে দেশখনে (১) বহিঃ আক্রমণ। বা যুদ্ধৰ সন্মুখীন হৈছে, বা (২) আভ্যন্তৰিণ সশস্ত্ৰ বিদ্ৰোহৰ ফলত দেশৰ নিৰাপত্তা বিঘ্নিত হৈছে বা বিঘ্নিত হ’ব পাৰে। ৰাষ্ট্ৰপতিয়েতেনে ঘোষণা যুদ্ধ বা আক্ৰমণৰ ভাবুকিৰ পৰিপ্ৰেক্ষিততো কৰিব পাৰে। সংবিধানৰ 44তম সংশোধনী অনুযায়ী, একমাত্র কেবিনেটৰ লিখিত পৰামৰ্শ পালেহে ৰাষ্ট্ৰপতিয়ে তেনে জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে৷

তেনে জৰুৰী অৱস্থা ঘোষণাৰ এমাহৰ ভিতৰত সংসদৰ উভয় সদনৰ একক সংখ্যাগৰিষ্ঠতাৰেতথা সদনত উপস্থিত থাকি ভোটদান কৰা সদস্যৰ দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰে অনুমোদন প্রাপ্ত হ’ব লাগে, অন্যথা তেনে ঘোষণা কার্যকৰিকৰণৰ মন্ত পৰে। যদিহে জৰুৰী অৱস্থা ঘোষণাৰ সময়ত লোকসভা ভংগ হৈ থাকে নাইবা ইয়াৰ অধিবেশন অনুস্থিত নহয়, এমাহৰ ভিতৰত ৰাজ্যসভাই ইয়াক অনুমোদন জনাব লাগে আৰু পিছত লোকসভাই ইয়াৰ পৰৱৰ্তী অধিবেশন বহাৰ এমাহৰ ভিতৰত অনুমোদন জনাব লাগে। সংসদে এবাৰ অনুমোদন জনোৱাৰ পিছত জৰুৰী অৱস্থা ঘোষণাৰ তাৰিখৰ পৰা ছমাহলৈ ই কাৰ্যকৰি হৈ থাকে। যদি ইয়াক ছমচাহতকৈ বৃদ্ধি কৰিব লগা হয়, সংসদে অন্য এটা প্ৰস্তাৱেৰে ইয়াক আগতিয়াকৈ অনুমোদন কৰাই ল’ব লাগে। এই ধৰণে, তেনে ঘোষণা অনির্দিষ্ট কাললৈ চলি থাকে কিন্তু যদি পৰিস্থিতি উন্নতি হয় ভাৰতৰ ৰাষ্ট্ৰপতিয়ে অন্য এক ঘোষণাৰ যোগেদি জৰুৰী অৱস্থা বাতিল কৰিব পাৰে ৷

সংবিধানৰ 44 তম সংশোধনী অনুযায়ী দেহ শতাংশ বা তাতকৈ অধিক লোকসভাৰ সদস্যই লোকসভাৰ বৈঠক আহ্বান কৰিব পাৰে আৰু সেই বৈঠকত ইজৰুৰী অৱস্থাৰ অনুমোদন সাধাৰণ সংখ্যাগৰিষ্ঠতাৰ ভিত্তি উঠাই ল’ব পাৰে বা ইয়াক বাতিল কৰিব পাৰে। তেনে ক্ষেত্ৰত জৰুৰী অৱস্থা তাৎক্ষণিকভাৱে অকার্যকৰি হৈপৰে।

৩। ৰাজ্য এখনত সাংবিধানিক অচলাৱস্থাৰ বাবে ঘোষণা কৰা জৰুৰী অৱস্থাঃ এখন ৰাজ্যৰ শাসন ব্যৱস্থা সাংবিধানিক বিধি অনুযায়ী পৰিচালনা কৰাৰ নিশ্চয়তা প্ৰদান কৰাটো কেন্দ্ৰীয় চৰকাৰৰ কৰ্তব্য। 365 নং অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰপতিয়ে এখন ৰাজ্যত জৰুৰী অৱস্থা জাৰি কৰিব পাৰে যদিহে তেওঁ ৰাজ্যপালৰ পৰা পোৱা প্ৰতিবেদনত পতিয়ন যায়, নাইবা পৰিস্থিতিৰ সৃষ্টি হয় যে ৰাজ্যখনত চৰকাৰ ব্যৱস্থা ঠিকভাৱে পৰিচালনা কৰিব পৰা নাযায়। তেনে পৰিস্থিতিত ৰাষ্ট্ৰপতিৰ দ্বাৰা ঘোষণা কৰা জৰুৰী অৱস্থাক ‘সাংবিধানিক ব্যৱস্থাৰ ব্যৰ্থতা বা সাংবিধানিক অচলাৱস্থাৰ ফলত সৃষ্টি হোৱা জৰুৰু’ অৱস্থা বুলি কোৱা হয়। জনপ্ৰিয় ভাষাত ইয়াক ৰাষ্ট্ৰপতি শাসন বুলি কোৱা হয়।

জাতীয় জৰুৰী অৱস্থাৰ দৰে, তেনে ঘোষণাও সংসদৰ উভয় সংসদত অনুমোদনৰ কাৰণে উত্থাপন কৰিব লাগে। এইক্ষেত্ৰত অনুমোদন দুমাহৰ ভিতৰত দিব লাগে, অন্যথা জৰুৰী অৱস্থাৰ অন্ত পৰে। যদি সংসদে অনুমোদন জনায়, জৰুৰী অৱস্থা ঘোষণা এবাৰত ছমাহলৈ বৈধ হৈ থাকে৷ ইয়াক আন ছমাহলৈ বৃদ্ধি কৰিব পাৰি, কিন্তু এবছৰতকৈ অধিক নোৱাৰি। অৱশ্যে এখন ৰাজ্যত জৰুৰী অৱস্থা এবছৰতৈ বৃদ্ধি কৰিব পাৰি; যদিহে—

(ক) এটা জাতীয় জৰুৰী অৱস্থা আগৰ পৰাই বাহাল থাকে। নাইবা যদি।

(খ) নির্বাচন আয়োগে প্ৰমাণ পত্ৰ দিয়ে যে ৰাজ্যিক বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰি।

2. জাতীয় জৰুৰী অৱস্থা জাৰি কৰিলে নাগৰিকৰ জীৱন কেনেকৈ প্ৰভাৱিত হয়?

উত্তৰঃ জাতীয় জৰুৰী অৱস্থা ঘোষণাই ব্যক্তি স্বাধীনতা আৰু ৰাজ্যসমূহৰ স্বায়ত্ব শাসনত তলত দিয়া ধৰণে সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলায়ঃ

১। সবাতোকৈ গুৰুত্বপূৰ্ণ পৰিণাম হ’ল যুক্তৰাষ্ট্ৰীয় সংবিধানখন এককেন্দ্রীয়য় সংবিধানলৈ পৰিৱৰ্তন হয়। কেন্দ্ৰৰ কৰ্তৃত্ব বৃদ্ধি পায় আৰু সংসদে সমগ্ৰ দেশৰ বাবে ইয়াৰ যিকোনো অংশৰ বাবে আইন প্রণয়ন কৰিবলৈ, আনকি ৰাজ্যিক সূচীভূক্ত বিষয়ত আইন প্রণয়ন কৰিবলৈক্ষমতা লাভ কৰে।

২। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যিক প্রশাসন সম্পৰ্কে ৰাজ্যসমূহক নিৰ্দেশ দিব পাৰে।

৩। এই সময়ছোৱাত, লোকসভাই ইয়াৰ কাৰ্যকাল এবচরলৈ বৃদ্ধি কৰিব পাৰে। কিন্তু জৰুৰী অৱস্থা বাতিলকৰণৰ 6 মাহৰ পিছত একেধৰণে বৃদ্ধি কৰিব নোৱাৰে। ৰাজ্যিক বিধান সভাসমূহৰ কাৰ্যকালো একে ধৰণে বৃদ্ধি কৰিব পাৰি। 

৪। জৰুৰী অৱস্থাৰ সময়ত কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত ৰাজহ বিতৰণ সম্পৰ্কীয় ব্যৱস্থাসমূহ ৰদবদল কৰিবলৈ ৰাষ্ট্ৰপতিক ক্ষমতা প্ৰদান কৰা হৈছে।

৫। 19 নং অনুচ্ছেদৰ মৌলিক অধিকাৰসমূহ স্বয়ংক্রিয়ভাৱে বাতিল হৈ যায় আৰু এই বাতিলকৰণ জৰুৰী অৱস্থা শেষ নোহোৱালৈ থাকে। কিন্তু সংবিধানৰ 44 তম সংশোধন অনুযায়ী 11 নং অনুচ্ছেদত উল্লেখ কৰা স্বাধীনতাবোৰ একমাত্ৰ যুদ্ধ বা বহিঃ আগ্ৰাসনৰ ফলত ঘোষণা কৰা জৰুৰী অৱস্থাতহে বাতিল কৰিব পাৰি।

জৰুৰী অৱস্থাৰ ফলত ৰাজ্যসমূহৰ স্বায়ত্বতাই বাতিল নকৰে,বৰং ভাৰতৰ যুক্তৰাষ্ট্ৰীয় গাঁঠনিটো এককেন্দ্ৰীকলৈ পৰিৱৰ্তন কৰে। তথাপি ইয়াক প্ৰয়োজনীয় বুলি গণ্য কৰা হয় কিয়নো ই অস্বাভাৱিক পৰিস্থিতিৰ সন্মুখীন হ’বলৈ কেন্দ্ৰীয় চৰকাৰক শক্তিশালী কৰি তোলে।

3. কি চৰ্তত এখন ৰাজ্যত ৰাষ্ট্ৰপতি শাসন জাৰি কৰিব পাৰি?

উত্তৰঃ এখন ৰাজ্যৰ শাসন ব্যৱস্থা সাংবিধানিক বিধি অনুযায়ী পৰিচালনা কৰাৰ নিশ্চয়তা প্ৰদান কৰাটো কেন্দ্ৰীয় চৰকাৰৰ কৰ্তব্য। 365 নং অনুচ্ছেদৰ। অধীনত ৰাষ্ট্ৰপতিয়ে এখন ৰাজ্যত জৰুৰী অৱস্থা জাৰি কৰিব পাৰে যদিহে তেওঁ ৰাজ্যপালৰ পৰা পোৱা প্ৰতিবেদনত পতিয়ন যায়, নাইবা পৰিস্থিতিৰ সৃষ্টি হয় যে ৰাজ্যখনত চৰকাৰ ব্যৱস্থা ঠিকভাৱে পৰিচালনা কৰিব পৰা নাযায়। তেনে পৰিস্থিতিত ৰাষ্ট্ৰপতিৰ দ্বাৰা ঘোষণা কৰা জৰুৰী অৱস্থাক ‘সাংবিধানিক ব্যৱস্থাৰ ব্যর্থতা বা সাংবিধানিক অচলাৱস্থাৰ ফলত সৃষ্টি হোৱা জৰুৰু’ অৱস্থা বুলি কোৱা হয়। জনপ্রিয় ভাষাত ইয়াক ৰাষ্ট্ৰপতি শাসন বুলি কোৱা হয়।

জাতীয় জৰুৰী অৱস্থাৰ দৰে, তেনে ঘোষণাও সংসদৰ উভয় সংসদত অনুমোদনৰ কাৰণে উত্থাপন কৰিব লাগে। এইক্ষেত্ৰত অনুমোদন দুমাহৰ ভিতৰত দিব লাগে, অন্যথা জৰুৰী অৱস্থাৰ অন্ত পৰে। যদি সংসদে অনুমোদন জনায়, জৰুৰী অৱস্থা ঘোষণা এবাৰত ছমাহলৈ বৈধ হৈ থাকে। ইয়াক আন ছমাহলৈ বৃদ্ধি কৰিব পাৰি, কিন্তু এবছৰতকৈ অধিক নোৱাৰি। অৱশ্যে এখন ৰাজ্যত জৰুৰী অৱস্থা এবছৰতৈ বৃদ্ধি কৰিব পাৰি; যদিহে—

(ক) এটা জাতীয় জৰুৰী অৱস্থা আগৰ পৰাই বাহাল থাকে। নাইবা যদি 

(খ) নির্বাচন আয়োগে প্রমাণ পত্র দিয়ে যে ৰাজ্যিক বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰি।

4. ৰাষ্ট্ৰপতি শাসনৰ সময়ত ৰাজ্যৰ কাৰ্যপালিকাৰ আৰু আইনগত ক্ষমতাবোৰ কেনেকৈ পালন কৰা হয়?

উত্তৰঃ (ক) ৰাষ্ট্ৰপতিয়ে ৰাজ্যিক প্ৰশাসনৰ সকলো বা কোনো এটা কার্য নিজৰ হাতলৈ নিব পাৰে নাইবা, তেওঁ সকলো বা যিকোনো কাৰ্য ৰাজ্যপালৰ হাতত অৰ্পণ কৰিব পাৰে বা আন্তু কোনো কার্যকৰি কৰ্তৃপক্ষক দিব পাৰে।

(খ) ৰাষ্ট্ৰপতিয়ে ৰাজ্যিক বিধানসভা ভংগ কৰিব পাৰে বা সাময়িকভাৱে নিলম্বিত কৰিব পাৰে। তেওঁ সংসদক ৰাজ্যিক বিধানমণ্ডলৰ হকে আইন প্রণয়ন কৰিবলৈ কৰ্তৃত্ব দিব পাৰে৷

(গ) ৰাষ্ট্ৰপতিয়ে জৰুৰী অৱস্থা ঘোষণা সফল কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব পাৰে ৷ বিভিন্ন সময়ত ৰাষ্ট্ৰপতি শাসন যিধৰণে প্ৰয়োগ কৰা হৈছে ই বহুতো প্ৰশ্নৰ উদ্ৰেক কৰিছে। কেতিয়াবা পৰিস্থিতিয়ে ইয়াৰ দাবী কৰিছিল । কিন্তু আন কেতিয়াবা কেন্দ্ৰত এক ধৰণৰ চৰকাৰ আৰু ৰাজ্যত আন এক ধৰণৰ চৰকাৰ থাকিলে তেনে চৰকাৰ ক্ষমতাচ্যুত কৰিবলৈ সম্পূৰ্ণ ৰাজনৈতিক স্বার্থত ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হয়। আনকি যিকোনো বিশেষ দলে ৰাজ্যিক বিধান সবাৰ সংখ্যাগৰিষ্ঠতা লাভ কৰি থাকিলেও ইয়াক প্ৰয়োগ কৰা হয়। বিধানসভাৰ নিলম্বিতকৰণ বা ভংগ আৰু আন ৰাজনৈতিক দলক কোনো ৰাজ্যত চৰকাৰ গঠন কৰিবলৈ নিদিয়াটো হৈছে কেন্দ্ৰীয় চৰকাৰৰ পক্ষপাতিত্বমূলক আচৰণ, যাৰ বাবে 365 নং অনুচ্ছেদ অপপ্রয়োগ কৰা হয়।

5. বিত্তীয় জৰুৰী অৱস্থাৰ ফলাফলবোৰ উল্লেখ কৰা।

উত্তৰঃ বিত্তীয় জৰুৰী অৱস্থা ঘোষণাৰ ফলাফল তলত দিয়া ধৰণে হ’ব পাৰে—

(ক) কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহক বিত্তীয় বিষয়ত নিৰ্দেশ দিব পাৰে৷ 

(খ) ৰাষ্ট্ৰপতিয়ে ৰাজ্যসমূহক ইয়াৰ চৰকাৰী সেৱাৰ সকলো নাইব যিকেনো কৰ্মচাৰীৰ দৰমবা বা ভাট্টা হ্ৰাস কৰিবলৈ নিৰ্দেশ দিব পাৰে৷

(গ) ৰাষ্ট্ৰপতিয়ে ৰাজ্যসমূহক বিত্তীয় বিধেয়ক ৰাজ্যিক বিধানমণ্ডলে পাছ কৰাৰপিছত সংসদৰ অনুমোদনৰ বাবে সংৰক্ষণৰ বাবে নির্দেশ দিব পাৰে। 

(ঘ) ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়লয় আৰু উচ্চ ন্যায়ালয়সমূহৰ ন্যায়াধীশকে আদি কৰি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা আৰু ভাট্টা হ্ৰাস কৰিবলৈ নিৰ্দেশ দিব পাৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top