ASOS Class 12 Political Science Chapter 2 জাতি আৰু ৰাষ্ট্ৰ, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Political Science Chapter 2 জাতি আৰু ৰাষ্ট্ৰ and select needs one.
ASOS Class 12 Political Science Chapter 2 জাতি আৰু ৰাষ্ট্ৰ
Also, you can read the Assam State Open School book online in these sections Solutions by Krishna Kanta Handique State Open School Expert Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Political Science Chapter 1 ৰাজনীতি বিজ্ঞানৰ অৰ্থ আৰু পৰিসৰ Solutions for All Subject, You can practice these here.
জাতি আৰু ৰাষ্ট্ৰ
Chapter : 2
2.1.পাঠ্য অন্তৰ্গত প্রশ্নাৱলীৰ উত্তৰঃ
খালী ঠাই পূৰ কৰাঃ
১। জাতীয়তাৰ বিস্তৃত ধাৰাণাই_______জাতিৰ গোটৰ অন্তভূর্ক্ত হোৱাকে বুজায়।
উত্তৰঃ একে।
২। প্ৰব্ৰজনৰ কাৰণে তেজৰ সম্পৰ্কৰ মিলন, আন্তঃ জাতি আৰু আন্তঃ জাতিৰ বিবাহৰ কাৰণে________ বিচাৰিবলৈ কঠিন।
উত্তৰঃ জাতীয় পবিত্রতা।
৩। জাতীয়তাৰ বিকাশ প্ৰধানকৈ __ধাৰণা৷
উত্তৰঃ মনস্তাত্বিক।
৪। জাতীয়তা শব্দটি লেটিন শব্দ____ৰ পৰা আহিছে।
উত্তৰঃ নেছো (Natus )।
2.2.পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ
খালী ঠাই পূৰ কৰাঃ
১। উমৈহতীয়া সীমাত বসবাস কৰা লোকসকলৰ মাজত উমৈহতীয়া_________গঢ়ি উঠে।
উত্তৰঃ সংস্কৃতি।
২। জাতিৰ পৱিত্ৰতা এটা____ভুল ধাৰণ।
উত্তৰঃ বিজ্ঞানসন্মতভাৱে।
৩। বেছিভাগ ইউৰোপীয়ান জাতিয়ে উমৈহতীয়া __________ৰ পৰা বিকাশ হৈছিল।
উত্তৰঃ ভাষা।
৪। উমৈহতীয়া আদর্শই________ ক বুজায়৷
উত্তৰঃ একতা।
৫। ঐতিহাসিকভাৱে, জাতীয়তা বিভিন্ন বংশ বা উপজাতিৰ ________লস্বৰূপে উদয় হৈছে।
উত্তৰঃ সংমিশ্ৰণ।
৬৷ ভাৰতত, এক উমৈহতীয়া জাতীয়তা _______কাৰণে সৃষ্টি হৈছিল।
উত্তৰঃ উপনিবেশিক শোষণ।
2.3.পাঠ্য অন্তৰ্গত প্ৰশ্নাৱলীৰ উত্তৰঃ
খালী ঠাই পূৰ কৰাঃ
১। ৰাষ্ট্ৰ _________জীৱনৰ হকে বৰ্তি আছে।
উত্তৰঃ ভাল (good)।
২। ৰাষ্ট্ৰৰ অস্তিত্ব নিৰ্ভৰ কৰে_______, _______।
উত্তৰঃ বাধ্যতামূলক ক্ষমতা।
৩। ৰাষ্ট্ৰৰ মানুহৰ পৰা________ দাবী কৰাৰ আনুগত্য আছে।
উত্তৰঃ বাধ্যতা।
৪। মার্ক্সবাদীসকলৰ মতে, ৰাষ্ট্ৰ এটা__________।
উত্তৰঃ শ্ৰেণী সংগঠন।
৫। শ্রেণীহীন সমাজত, তাত কোনো_________নাথাকে।
উত্তৰঃ ৰাষ্ট্ৰ।
2.4.পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ
খালী ঠাই পূৰ কৰাঃ
১। ৰাষ্ট্ৰৰ চাৰিটা উপাদান হ’ল _____, ______, _______আৰু________।
উত্তৰঃ ভূখণ্ড, জনসংখ্যা, চৰকাৰ আৰু সাৰ্বভৌমত্ব।
২। প্লেটোই ৰাষ্ট্ৰ এখনৰ জনসংখ্যা________ আৰু ৰুছোই _________বুলি কৈছিল।
উত্তৰঃ 5040, 10,000।
৩।_________দেশ এখনক ভাল পোৱা ধাৰাণাই _________ বুজায় ৷
উত্তৰঃ দেশপ্রেম।
8।_____, _____,আৰু_____ৰাষ্ট্ৰ এখনৰ ভূ-খণ্ড গঠন কৰে।
উত্তৰঃ ভূমি, জল আৰু বায়ুমণ্ডল।
৫। এককেন্দ্ৰিক চৰকাৰ সৰু ৰাষ্ট্ৰৰ কাৰণে ভাল আৰু____ ডাঙৰ ৰাষ্ট্ৰৰ কাৰণে আদৰ্শস্বৰূপ৷
উত্তৰঃ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা।
৬। নীতিসমূহ পৰিচালনাৰ বাবে সৃষ্টি কৰা মাধ্যমেই হৈছে ________।
উত্তৰঃ চৰকাৰ।
৭। সার্বভৌমত্বৰ দুটা দিশ হ’ল______আৰু_______।
উত্তৰঃ আভ্যন্তৰীণ, বাহ্যিক।
পাঠ্য সমাপ্তি অনুশীলনীৰ উত্তৰঃ
১। তলৰ পদ সমূহৰ সংজ্ঞা দিয়া।
(ক) জাতি।
(খ) ৰাষ্ট্ৰ।
(গ) চৰকাৰ।
উত্তৰঃ (ক) জাতিঃ জাতীয়তা শব্দটি লেটিন শব্দ (Natus) নেচো ৰ পৰা আহিছে, যি “জন্ম হোৱা” বুজায়। সেয়েহে ইয়াৰ বিস্তৃত অৰ্থত, জাতীয়তা মানে এনে জাতিগত গোটত অন্তর্ভুক্ত হোৱা বুজায় য’ত জন্মগতভাৱে তেজৰ সম্পৰ্কৰ দ্বাৰা সম্পর্কিত হয়। যি নহওক, জাতীয়তাবাদৰ ধাৰণা বিতৰ্কৰ্মূলক। পৃথিৱীত এনেকুৱা কোনো জাতি নাই যি একে জনগোষ্ঠীৰ অন্তৰ্ভুক্ত ৷ প্রত্যেক জাতিতে বিভিন্ন জনগোষ্ঠীৰ লোকৰ মানুহ থাকে৷ প্ৰব্ৰজনৰ কাৰণে, জাতিৰ আভ্যন্তৰীণ ।। সম্পর্ক, আন্তঃজাতিগত বিবাহৰ কাৰণে জাতিগতৰ বিশুদ্ধতা বিচাৰি উলিয়াবলৈ কঠিন। জাতীয়তাৰ বিকাশ এটি মানসিক ধাৰণা, ই ৰাজনৈতিক বা গোটক বুজায় ৷ জে ডব্লিউ গাৰ্ণাৰৰ মতে, জাতীয়তাই সাংস্কৃতিকভাৱে একোটা গোটক বুজায় যাৰ ঐক্যতাৰ সচেতনতা আছে।
ৰামছে মুইৰৰমতে, জাতি বুলিলে মানুহৰ এটা গোটক বুজায়, যিসকল প্রাকৃতিকভাৱে বিশেষ সাদৃশ্যৰ দ্বাৰা সম্পর্কিত, যেতিয়া একে গোটৰমাজত সহযোগিতা বা ঐক্যতা নাথাকিলে অসন্তুষ্ট হয়। জাতীয়তাৰ বিকাশ নিশ্চয়কৈ মানসিক ধাৰণা যেনেকৈ হেইছে কৈছে, ই প্ৰধানকৈ সাংস্কৃতিক, ঐক্যতাৰ সচেতনতা।
(খ) ৰাষ্ট্ৰঃ প্রাচীন গ্রীকসকলে ৰাষ্ট্ৰক ‘পলিচ’ নামেৰে অভিহিত কৰিছিল। ৰোমানসকলে আকৌ ৰাষ্ট্ৰ বুজাবলৈ চিভিটাছ শব্দটোৰ ব্যৱহাৰ কৰিছিল। ৰাষ্ট্ৰ শব্দটো পোন প্রথমে মেকিয়াভেলিয়ে তেওঁৰ ‘দি প্রিন্স’ নামৰ গ্ৰন্থত ব্যৱহাৰ কৰিছিল ৷ তেতিয়াৰ পৰাই এই শব্দটো জনপ্ৰিয় হৈ পৰে।
ৰাষ্ট্ৰ সম্পৰ্কে বিভিন্ন ৰাজনীতিবিদে বিভিন্ন সংজ্ঞা আগবঢ়াইছে। তেওঁলোকৰ ভিতৰত উইলচনৰ মতে, কোনো নির্দিষ্ট ভূ-খণ্ডত আইন অনুসাৰে সংগঠিত জনসমষ্টিকে ৰাষ্ট্ৰ বোলে।
ব্লাণ্টাছলিৰ মতে,“কোনো নির্দিষ্ট ভৌগোলিক চাৰিসীমাৰ ভিতৰত থকা জনসাধাৰণৰ ৰাজনৈতিক সংগঠনেই হৈছে ৰাষ্ট্ৰ।”
বাৰ্জেছৰ মতে,“নিৰ্দ্দিষ্ট ভূখণ্ডৰ মানুহৰ সংঘবদ্ধ জীৱনকে ৰাষ্ট্ৰ বোলে।”গাৰ্ণাৰৰ মতে,“চিৰস্থায়ীভাৱে এক নিৰ্দ্দিষ্ট ভূ-খণ্ড বহিশক্তিৰ তলতীয়া নোহোৱাকৈ আৰু জনসাধাৰণৰ পৰা আনুগত্য লাভ কৰা এটা সু-সংগঠিত চৰকাৰৰ তলত বসবাস কৰা জনসমষ্টিয়েই হ’ল ৰাষ্ট্ৰ।”
(গ) চৰকাৰঃ যেতিয়ালৈকে জনসাধাৰণে নিৰ্দিষ্ট নীতি-নিয়ম নামানে ব সংগঠিত নহয়, তেতিয়ালৈ জনসাধাৰণ একেলগহৈ থকাৰ উদ্দেশ্য অনুভৱ নহয় ৷ আচৰণ বা শৃংখলাবদ্ধতা বজাই ৰাকিভলৈ সৃষ্টি হোৱা মাধ্যমটোক চৰকাৰ বোলে। নিৰ্দিষ্ট সীমাৰ ভিতৰত চৰকাৰেও সমূহীয়া উদ্দেশ্য নিৰ্ধৰণ কৰে। ইয়াৰ জৰিয়তে সমূহীয়া নীতি নিৰ্ধাৰণ, সামূহিক কাৰ্যবোৰ সামূহিক মংগলৰ কাৰণে কৰা হয় । চৰকাৰ অবিহনে জনসাধৰণৰ সামূহিক সংঘবদ্ধকৰণ নোহোৱা হ’ব আৰু সামূহিক কাৰ্যবোৰ অসফল হ’ব। বিভিন্ন গোট, দল আৰু যুদ্ধান্বেষী সংগঠন আৰু যুদ্ধ বা বিবাদ সম্পন্ন পৰিস্তিতিৰ সৃষ্টি হ’ব। সেয়েহে, য’ত জনসাধাৰণ বাসকৰে তাত এটা সামূহিক কৰ্তৃপক্ষৰ প্ৰয়োজন৷ এইটো মানৱ জীৱনৰ প্ৰাথমিক প্ৰয়োজন৷ চৰকাৰ অবিহনে ৰাষ্ট্ৰ জীয়াই থাকিব নোৱাৰে, যিকোনো ধৰণৰ চৰকাৰ হ’ব পাৰে। চৰকাৰখন জৰুৰী, যদিও ই যিকোনো ধৰণৰ হ’ব পাৰে। ই ভাৰতৰ নিচিনা আৰু ইংলেণ্ডৰ নিচিনা সংসদীয় চৰকাৰ বা আমেৰিকাৰ নিচিনা ৰাষ্ট্ৰপতীয় চৰকাৰ হ’বপাৰে।
২। জাতীয়তা সৃষ্টিৰ উপাদানসমূহ লিখা আৰু যিকোনো দুটা ব্যাখ্যা কৰা৷
উত্তৰঃ জাতীয়তাৰ উপাদানসমূহক লৈ জাতীয়তাৰ সংজ্ঞা দিয়া বৰ কঠিন। ই এক মানসিক ধাৰণা, য’ত এটা সমূহীয়া গুণ বা সঠিক সিদ্ধান্ত দিব নোৱাৰি৷ আমি ক’ব নোৱাৰো যে এটা বিশেষ উপাদানো জাতীয়তাৰ বেলেগ উপাদান। আমি কিছুমান উপাদানৰ বিষয়ে তালিকা কৰিব পাৰো, সেইবোৰ হ’ল—
(ক) উমৈহতীয়া ভৌগোলিক অৱস্থান।
(খ) উমৈহতীয়া বংশ।
(গ) উমৈহতীয়া ভাষা।
(ঘ) উমৈহতীয়া ধৰ্ম।
(ঙ) উমৈহতীয়া ৰাজনৈতিক গাঁথনি।
(চ) অর্থনৈতিক উপাদান।
(ছ) উমৈহতীয়া পৰাধীনতা।
(জ) উমৈহতীয়া ৰাজনৈতিক আকাংক্ষা।
(ক) উমৈহতীয়া ভৌগোলিক অৱস্থানঃ উমৈহতীয়া চাৰিসীমাৰ ভিতৰত থকা জনসাধৰণ জাতীয়তাৰ এটি প্রধান উপাদান। কাৰণ এওঁলোকৰ মাজত সামীহক সংস্কৃতি গঢ়ি উঠে। এখন দেশক মাতৃভূমি বা পিতৃভূমি বুলি কোৱাৰ ইয়াৰ এটা কাৰণ৷ এখন দেশত মানুহৰ অস্তিত্ব আমি দেখিবলৈ পাওঁ। যেনে ডেনমাৰ্কৰ লোকসকলক ডেনিচ, ফ্ৰান্সৰ লোকসকলক ফ্রেন্স, ভাৰতৰ লোকসকলক ভাৰতীয়, আমেৰিকাৰ আমেৰিকান ইত্যাদি বুলি কোৱা হয়। কিন্তু এই দিশটো বহু বিস্তৃত কৰাটো উচিত নহয়৷ উমৈহতীয়া সীমা জাতিৰ চৰম উপাদান কৰাটো উচিতনহয় । উমৈহতীয়া সীমা জাতিৰ চৰম উপাদান নহয় ৷ ইজৰাইল গঠন হোৱাৰ আগতে ডিউছসকল গোটেই পৃথিৱীতে সিঁচৰতি হৈ আছিল। তেওঁলোকৰ কোনো উমৈহতীয়া সীমা নাছিল, তথাপি তেওঁলোকে শক্তিশালী জাতীয়তাৰ সৃষ্টি কৰিছিল। একেদৰে, পোল সকলক তেওঁলোকক গৃহভূমি ১৯১৯ চনৰ বহু বছৰ আগলৈ দিয়া হোৱা নাছিল কিন্তু তেওঁলোক জাতীয়তা আছিল।
(খ) উমৈহতীয়া বংশঃ উমৈহতীয়া বংশই, এটা জনধাৰণৰ গোটক বুজোৱা হয়, যিসকল বিশেষ জাতীয়তাৰ অন্তৰ্ভুক্ত। কিছুমান লোকে বংশৰ পবিত্ৰতাই জাতীয়তা গঢ়ে। বিজ্ঞানসন্মতভাৱেইই অশুদ্ধ। ওপৰত উল্লেখ কৰাৰ নিচিনাকৈ, প্ৰব্ৰজনৰ বাবে আৰু বিবাহৰ কাৰণে বংশগত পবিত্ৰতা ৰখাটো অসম্ভৱ হৈ পৰিছে। বর্তমানে ই এটা পৌৰাণিক কথা হৈ পৰিছে। কিন্তু, একে বংশ, প্রকৃত বা কাল্পনিক ধাৰণাই জাতীয়তা গঢ়াত বৰঙণি যোগায়। উমৈহতীয়া বংশোদ্ভৱ এটি প্রয়োজনীয় উপাদান যিয়ে, উমৈহতীয়া ভাষা, উমৈহতীয়া পৰম্পৰা আৰু সাংস্কৃতিক ভেঁটি সুদৃঢ় কৰে।
৩। ৰাষ্ট্ৰ কি? ৰাষ্ট্ৰৰ উপাদানসমূহ চমুকৈ আলোচনা কৰা।
উত্তৰঃ প্রাচীন গ্রীকসকলে ৰাষ্ট্ৰক ‘পলিচ’ নামেৰে অভিহিত কৰিছিল। ৰোমানসকলে আকৌ ৰাষ্ট্ৰ বুজাবলৈ চিভিটাছ শব্দটোৰ ব্যৱহাৰ কৰিছিল ৷ ৰাষ্ট্ৰ শব্দটো পোন প্রথমে মেকিয়াভেলিয়ে তেওঁৰ ‘দি প্রিন্স’ নামৰ গ্ৰন্থত ব্যৱহাৰ কৰিছিল ৷ তেতিয়াৰ পৰাই এই শব্দটো জনপ্ৰিয় হৈ পৰে ৷
ৰাষ্ট্ৰ সম্পৰ্কে বিভিন্ন ৰাজনীতিবিদে বিভিন্ন সংজ্ঞা আগবঢ়াইছে। তেওঁলোকৰ ভিতৰত উইলচনৰ মতে, কোনো নিৰ্দ্দিষ্ট ভূ-খণ্ডত আইন অনুসাৰে সংগঠিত জনসমষ্টিকে ৰাষ্ট্ৰ বোলে।
ব্লাণ্টাছলিৰ মতে,“কোনো নিৰ্দ্দিষ্ট ভৌগোলিক চাৰিসীমাৰ ভিতৰত থকা জনসাধাৰণৰ ৰাজনৈতিক সংগঠনেই হৈছে ৰাষ্ট্ৰ।”
বাৰ্জেছৰ মতে,“নিৰ্দ্দিষ্ট ভূখণ্ডৰ মানুহৰ সংঘবদ্ধ জীৱনকে ৰাষ্ট্ৰ বোলে৷”গাৰ্ণাৰৰ মতে,“চিৰস্থায়ীভাৱে এক নিৰ্দ্দিষ্ট ভূ-খণ্ড বহিশক্তিৰ তলতীয়া নোহোৱাকৈ আৰু জনসাধাৰণৰ পৰা আনুগত্য লাভ কৰা এটা সু-সংগঠিত চৰকাৰৰ তলত বসবাস কৰা জনসমষ্টিয়েই হ’ল ৰাষ্ট্ৰ।”
ৰাষ্ট্ৰৰ উপাদান বা বৈশিষ্ট্যসমূহ তলত চমুকৈ বৰ্ণনা কৰা হ’ল।
১। জনসমষ্টিঃ জনসংখ্যা হ’ল ৰাষ্ট্ৰ অতি প্ৰয়োজনীয় বৈশিষ্ট্য বা উপাদানষ জনসংখ্যা বা জনসমষ্টি অবিহনে এখন ৰাষ্ট্ৰৰ বিষয়ে কল্পনা কৰিব নোৱাৰি। কোনো ঠাইত কিছুমান মানুহ স্থায়ীভাৱে সংঘবদ্ধ হৈ বসবাস কৰিলেই ৰাষ্ট্ৰৰ উৎপত্তি হয় ৰাষ্ট্ৰ এখনত জনসংখ্যাৰ কোনো সীমাৱদ্ধতা নাই। প্লেটোৱে এখন ৰাষ্ট্ৰত ৫০৪০ জন মানুহ আৰু এৰিষ্ট’টলে এখন ৰাষ্ট্ৰৰ জনসংখ্যা অতি কমেও ১০,০০০ হ’ব লাগে বুলি কৈছিল। অৱশ্যে এটা কথা ঠিক যে জনবহুল দেশত ৰাষ্ট্ৰীয় উন্নয়নত সমস্যা সৃষ্টি হয় আৰু কম জনসংখ্যাৰ দেশবোৰতো নিৰাপত্তাৰ সমস্যাই দেখা দিয়ে।
২। ভূখণ্ডঃ নিৰ্দ্দিষ্ট এডোখৰ ভূ-খণ্ড ৰাষ্ট্ৰ এখনৰ বাবে আটাইতকৈ প্ৰয়োজনীয় বৈশিষ্ট্য। নিৰ্দ্দিষ্ট ভূ-খণ্ড অবিহনে ৰাষ্ট হ’ব নোৱাৰে। ৰাষ্ট্ৰৰ ভূ-খণ্ডত জলভাগ, স্থলভাগ, আকাশ মার্গ ইত্যাদিকো ধৰা হয় । ভূ-গৰ্ভৰ খনিজ সম্পদকো ইয়াৰ এলেকাৰ ভিতৰত ধৰা হয়। এখন ৰাষ্ট্ৰৰ ভৌগোলিক সীমাৰেখা কম হলে নাগৰিক সকলৰ ৰাজনৈতিক চেতনা, দেশপ্রেম বৃদ্ধি পায় আৰু অৰ্থনৈতিক ভাৱে আত্মনিৰ্ভৰশীল হ’ব লাগে । এনে ৰাষ্ট্ৰৰ প্ৰশাসনীয় সমস্যাও সহজ হৈ পৰে। আধুনিক চিন্তাবিদ সকলে মত পোষণ কৰে যে আর্থিক বিষয়ত আত্মনিৰ্ভৰশীল হ’বলৈ হ’লে ৰাষ্ট্ৰৰ পৰিসীমা এনেদৰে বৃদ্ধি হ’ব লাগে যাতে প্ৰচুৰ পৰিমাণে প্রাকৃতিক সম্পদ লাভ কৰিবলৈ সক্ষম হ’ব। ইয়াৰোপৰি বৈদেশিক আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ তাৰ প্ৰতিৰক্ষা সূদৃঢ় কৰাটো সম্ভৱপৰ হ’ব।
৩। চৰকাৰঃ এখন ৰাষ্ট্ৰ পৰিতালনাৰ বাবে সু-সংগঠিত আৰু সু-প্রতিষ্ঠিত চৰকাৰ থাকিবই লাগিব। চৰকাৰৰ জৰিয়তে ৰাষ্ট্ৰৰ সাৰ্বভৌম ক্ষমতা প্রতিফলিত হয়। ই জনসমষ্টিক সু-সংবদ্ধ আৰু সুশৃংখল কৰে। চৰকাৰ হ’ল ৰাষ্ট্ৰ চলিব নোৱাৰে ৷ জনসাধাৰণৰ আশা-আকাংখ্যাক বাস্তৱত ৰবপ দিবলৈ, কোনো সমাজ পৰিচালিত কৰিবলৈ, জনসাধাৰণৰ নিৰাপত্তা প্ৰদান কৰিবলৈ এখন সুংসগঠিত আৰু সু-প্রতিষ্ঠিত চৰকাৰৰ প্ৰয়োজন হয়। চৰকাৰেহে ৰাষ্ট্ৰক ইচ্ছাক বাস্তৱ ৰূপ দিব পাৰে। ইয়াৰ অবিহণে ৰাষ্ট্ৰত অৰাজকতা, হোৱাৰ লগতে, নিৰাপত্তা বিপদাপন্ন হ’ব। চৰকাৰৰ বিভিন্ন প্ৰকাৰৰ হ’ব পাৰে ৷ যেনে, এককেন্দ্ৰীক চৰকাৰ, সংসদীয় চৰকাৰ, ৰাষ্ট্ৰপতি পৰিচালিত চৰকাৰ, গণতান্ত্রিক চৰকাৰ, যুক্তৰাষ্ট্ৰীয় চৰকাৰ আদি৷ তদুপৰি ৰাষ্ট্ৰৰ কাৰ্য সম্পাদনৰ বাবে আইন পালিকা, কাৰ্যপালিকা আৰু ন্যায়পালিকা এই তিনি প্ৰকাৰৰ চৰকাৰ থাকে।
৪। সার্বভৌমত্বঃ সার্বভৌমত্ব হৈছে ৰাষ্ট্ৰৰ গঠনৰ আটাইতকৈ প্ৰয়োজনীয় বৈশিষ্ট্য। ৰাষ্ট্ৰৰ প্ৰান প্ৰতিষ্ঠাৰ বাবে সার্বভৌমত্ব অতি প্রয়োজনীয়। বিভিন্ন ৰাজনীতিবিদে ৰাষ্ট্ৰৰ বাবে সার্বভৌম ক্ষমতাই সর্বোচ্চ, অসীম, অবিভাজ্য ধ্বংসহীন বুলি অভিহিত কৰিছে। সার্বভৌম ক্ষমতা বহিঃ নিয়ন্ত্ৰণৰ পৰাও মুক্ত। কোনো বেলেগ দেশে বেলেগ দেশৰ সাৰ্বভৌমত্বক নিয়ন্ত্ৰণ কৰিব নোৱাৰে। সার্বভৌমত্ব হৈছে এখন ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা যাৰ দ্বাৰা ৰাষ্ট্ৰখনে বিশিষ্ট সত্বা লাভ কৰে। সার্বভৌমত্বৰ আভ্যন্তৰীণ আৰু বাহ্যিক এই দুটা দিশ আছে।
৫। স্থায়িত্বঃ স্থায়িত্বও ৰাষ্ট্ৰৰ এটা অতি প্রয়োজনীয় বৈশিষ্ট্য বা উপাদান। বহুতো ৰাজনীতিবিদৰ মতে ৰাষ্ট্ৰৰ ধাৰাবাহিকতা থকা প্ৰয়োজন। অর্থাৎ ৰাষ্ট্ৰ খনত এবাৰ গঠন হোৱা চৰকাৰ পৰিৱৰ্তন হ’লেও ৰাষ্ট্ৰৰ স্থায়িত্বত ব্যাঘাত জন্ম নহয়।
৬। স্বীকৃতিঃ ৰাষ্ট্ৰ এখনৰ মানদণ্ড নিৰূপণৰ ক্ষেত্ৰত পৰৰাষ্ট্ৰীয় স্বীকৃতিৰ প্রয়োজন হয়৷ অৰ্থাৎ এখন ৰাষ্ট্ৰক অন্য ৰাষ্ট্ৰই স্বীকৃতি দিলেহে ৰাষ্ট্ৰখন ৰাষ্ট্ৰৰূপে গণ্য কৰা হয়। পৰৰাষ্ট্ৰৰ স্বীকৃতি নোপোৱা ৰাষ্ট্ৰ হ’লে সেই ৰাষ্ট্ৰখনৰ লগত অন্য ৰাষ্ট্ৰই সম্পৰ্ক ৰক্ষা অন্যান্য ৰাষ্ট্ৰই সেই ৰাষ্ট্ৰখনক ৰাষ্ট্ৰ বুলি মানি ল’ব।
৪। তলৰবোৰ ৰাষ্ট্ৰ হয়নে? এটা শাৰীত কাৰণটো লিখা।
(ক) ভাৰত।
(খ) ৰাষ্ট্ৰসংঘ।
(গ) বিহাৰ।
(ঘ) আমেৰিকা যুক্তৰাষ্ট্ৰ।
উত্তৰঃ (ক) হয়, কাৰণ ইয়াৰ ৰাষ্ট্ৰৰ চাৰিটা উপাদান আছে।
(খ) নহয়, কাৰণ ৰাষ্ট্ৰসংঘৰ দুটা উপাদান ৰাষ্ট্ৰ-সীমা বা ভূখণ্ড বা সার্বভৌমত্ব নাই।
(গ) নহয়, কাৰণ ইয়াৰ সাৰ্বভৌমত্ব নাই।
(ঘ) হয়, কাৰণ ইয়াৰ চাৰিওটা উপাদান আছে।