ASOS Class 12 Political Science Chapter 1 ৰাজনীতি বিজ্ঞানৰ অৰ্থ আৰু পৰিসৰ, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Political Science Chapter 1 ৰাজনীতি বিজ্ঞানৰ অৰ্থ আৰু পৰিসৰ and select needs one.
ASOS Class 12 Political Science Chapter 1 ৰাজনীতি বিজ্ঞানৰ অৰ্থ আৰু পৰিসৰ
Also, you can read the Assam State Open School book online in these sections Solutions by Krishna Kanta Handique State Open School Expert Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Political Science Chapter 1 ৰাজনীতি বিজ্ঞানৰ অৰ্থ আৰু পৰিসৰ Solutions for All Subject, You can practice these here.
ৰাজনীতি বিজ্ঞানৰ অৰ্থ আৰু পৰিসৰ
Chapter : 1
1.1.পাঠ্য অন্তৰ্গত প্রশ্নাৱলীৰ উত্তৰঃ
খালী ঠাই পূৰ কৰাঃ
(ক) ৰাজনীতি বিজ্ঞানে _______আৰু_______ দিশৰ আলোচনা কৰে। (পৰীক্ষামূলক, বিধিগত, আনুষ্ঠানিক)
উত্তৰঃ বিজ্ঞানসন্মত (empirical),পৰম্পৰাগত (normative)।
(খ) ৰাজনীতি বিজ্ঞানে _______আৰু_______বিষয়ে অধ্যয়ন কৰে। (সমাজ,ৰাষ্ট্ৰ,জাতি, শ্ৰেণী, ক্ষমতা)
উত্তৰঃ ৰাষ্ট্ৰ, ক্ষমতা।
(গ) ৰাজনীতি শব্দটি_______শব্দৰ পৰা আহিছে। (পলিচ, পুলিচ,ৰাষ্ট্ৰ)
উত্তৰঃ পলিচ।
(ঘ) ______মতে ৰাজনীতি বিজ্ঞানৰ আলোচনা ৰাষ্টকলৈ আৰম্ভ আৰু ৰাষ্ট্ৰকলৈ শেষ হয়। (গেটেল,গাৰ্ণাৰ, লাছওৱেল)
উত্তৰঃ গাৰ্ণাৰ।
(ঙ) _______য়ে ৰাজনীতি বিজ্ঞানে ক্ষমতাৰ গাঁঠনি আৰু ক্ষমতাৰ ভাগবতৰা বুলি কৈছে। (কাপলান,ইষ্টন, গাৰ্ণাৰ)
উত্তৰঃ কাপলান।
1.2.পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ
খালী ঠাই পূৰ কৰাঃ
(ক) ________ ৰাজনীতি বিজ্ঞানক শ্রেষ্ঠতম বিজ্ঞান বুলি কৈছে। (প্লেটো, এৰিষ্ট’টল,লাক্সি)
উত্তৰঃ এৰিষ্ট ‘টল।
(খ) আচৰণবাদে ৰাজনীতি বিজ্ঞানৰ _____ভাগৰ/অংশৰ ওপৰত গুৰুত্ব আৰোপ কৰে। (বিজ্ঞান, দর্শন, ৰাজনৈতিক)
উত্তৰঃ বিজ্ঞান।
(গ) ৰাজনীতি দুটা শ্ৰেণীৰ বিবাদ বুলি ________কৈছে। (গ্ৰীক, ৰোমান,মার্ক্সীয়)
উত্তৰঃ মার্ক্সীয়।
(ঘ) ব্যৱহাৰিক ৰাজনীতিৰ পটুতা _______ জৰিয়তে আহৰণ কৰা হয়। (সততা,নৈতিকতা, দক্ষতা)
উত্তৰঃ দক্ষতা (craftiness )।
1.3.পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ
খালী ঠাই পূৰ কৰাঃ
(ক) ৰাষ্ট্ৰ শব্দটি পোন প্রথমে _______ব্যৱহাৰ কৰিছিল। (প্লেটো,মেকিয়াভেলি, কৌটিল্য)
উত্তৰঃ মেকিয়াভেলি।
(খ) স্বাধীনতা শব্দটি ______ শব্দৰ পৰা আহিছে। (গ্রীক, ৰোমান, লেটিন)
উত্তৰঃ লেটিন।
(গ) ______উদাৰবাদে নঞর্থক স্বাধীনতাৰ সমৰ্থন কৰিছিল। (প্রাথমিক,আধুনিক, উদাৰ্তাবাদী)
উত্তৰঃ প্ৰাক্ (Early)।
(ঘ) তোমাৰ স্বাধীনতা তোমাৰ _______খনৰ শেষলৈ য’ত মোৰ নাকটো আৰম্ভ হৈছে। (নাক, বাহু, এটাও নহয়)
উত্তৰঃ বাহু।
(ঙ) বহুতৰ স্বাধীনতাত আইনৰ বাধা _______ স্বাধীনতা ভোগৰ বাবে লাগে।(সকলো, কিছুমান, এটাও নহয়)
উত্তৰঃ কিছুমান।
(চ) চিৰ ______ স্বাধীনতাৰ চাবিকাঠি। (সতর্কতা, স্বাধীনতা, স্বাধীন)
উত্তৰঃ সতর্কতা (vigilance)।
1.4.পাঠ্য অন্তর্গত প্ৰশ্নাৱলীৰ উত্তৰঃ
খালী ঠাই পূৰ কৰাঃ
(ক) _______মতে ন্যায় হ’ল ৰাজনৈতিক মূল্যবোধৰ মীমাংসাকৰণ। (প্লেটো, এৰিষ্ট’টল বাৰ্কাৰ)
উত্তৰঃ বাৰ্কাৰ।
(খ) সমতাক________নুবুজায়। (সুযোগৰ সমতা, আচৰণৰ অস্তিত্ব)
উত্তৰঃ আচৰণৰ অস্তিত্ব (identity of treatment)।
(গ) নজিকৰ মতে ন্যায় হ’ল _______। (অধিকাৰ প্ৰদান, কৰ্তৃত্ব, প্রয়োজন)
উত্তৰঃ অধিকাৰ প্ৰদান।
(ঘ) বলছৰ মতে, অসমতো গ্রহণযোগ্য যত ________ লাভান্বিত হয়। (ধনী, মধ্যবিত্ত, নূন্যতম সুবিধাভোগী)
উত্তৰঃ নূন্যতম সুবিধাভোগী।
(ঙ) সমতাই ________ বুজায়। (বিশেষ সুবিধাৰ অনুপস্থিতি, পুৰস্কাৰৰ স্বীকৃতি,স্বাধীনতা)
উত্তৰঃ বিশেষ সুবিধাৰ অনুপস্থিতি।
পাঠ্য সমাপ্তি অনুশীলনীৰ উত্তৰঃ
১। ৰাজনীতি বিজ্ঞানৰ অৰ্থ ব্যাখ্যা কৰা।
উত্তৰঃ পণ্ডিতসকলে ৰাজনীতি বিজ্ঞানৰ বিভিন্ন সংজ্ঞা আগবঢ়াইছে। ব্লান্টস্নি, গাৰ্ণাৰ, গেটেল, পোলক আদি পণ্ডিতৰ মতে ৰাজনীতি বিজ্ঞানে মূলতঃ ৰাষ্ট্ৰৰ বিষয়ে অধ্যয়ন কৰে ৷ ছিলি, ষ্টিফেন লীকক আদিয়ে ৰাজনীতি বিজ্ঞানক চৰকাৰৰ বিভিন্ন দিশ আলোচনা কৰা বিষয় হিচাপে চিহ্নিত কৰে। ফৰাছী লিখক পল জেনেটে এই দুয়োটা মতামত একেলগ কৰি ক’ব বিচাৰে যে ‘ৰাষ্ট্ৰৰ বুনিয়াদ আৰু চৰকাৰ গঠন আৰু পৰিচালনাৰ নীতি সমূহৰ ব্যাখ্যা আগবঢ়োৱা ‘সমাজ বিজ্ঞানৰ শাখাটোকেই ৰাজনীতি বিজ্ঞান বুলিব পাৰি।শেহতীয়াভাৱে বাৰ্টণজ ডে জুভেনাল আৰু কেটলিনৰ দৰে লেখকে বহল দৃষ্টিভংগীৰে বিষয়টোৰ ব্যাখ্যা আগবঢ়াইছে। তেওঁলোকৰ মতে সামাজিক জীৱনৰ সকলো ৰাজনৈতিক দিশসমূহৰ মৌলিক বিশ্লেষণ ৰাজনীতি বিজ্ঞানৰ নতুন সংজ্ঞা দিছে। তেওঁলোকে কয় যে ক্ষমতা আৰু ক্ষমতাৰ বিভিন্ন দিশ, ইয়াৰ আহৰণ, প্রয়োগ তথা সঞ্চয় আদিক কেন্দ্ৰ কৰি ৰাজনীতি বিজ্ঞানৰ অধ্যয়ন আগবাঢ়ে।
ৰাজনীতি বিজ্ঞানৰ কিছুমান বিখ্যাত সংজ্ঞা তলত উল্লেখ কৰা হ’ল—
(ক) মার্কিন ৰাজনৈতিক বৈজ্ঞানিক গাৰ্ণাৰৰ মতে, ৰাজনীতি বিজ্ঞানৰ আৰম্ভ আৰু সমাপ্তি ৰাষ্ট্ৰক লৈয়ে।
(খ) মাৰ্কিন ৰাজনৈতিক বৈজ্ঞানিক ডেভিড ইষ্টনৰ ভাষা, ‘ৰাজনীতি বিজ্ঞানে সমাজৰ বিভিন্ন স্তৰত সম্পদ তথা মূল্যৰ কৰ্তৃত্বশীল বিতৰণৰ দিশ বিলাকৰ আলোচনা কৰে৷
(গ) ব্ৰিটিছ ইতিহাসবিদ চিলীয়ে কয়, ‘ৰাজনীতি বিজ্ঞানে চৰকাৰৰ বিভিন্ন ঘটনা পৰিঘটনাৰ অনুসন্ধান কৰে ৷
(ঘ) মার্কিন ৰাজনৈতিক বৈজ্ঞানিক লাচওৱেল আৰু কাপলানৰ ভাষাত, ‘ৰাজনীতি বিজ্ঞান হ’ল ক্ষমতাৰ গঠন আৰু বিতৰণৰ অধ্যয়ন।
বিংশ শতিকাৰ দ্বিতীয়াৰ্দ্ধত ৰাজনীতি বিজ্ঞানৰ অৰ্থ আৰু প্ৰকৃতিগত দিশত অভূতপূর্ব পৰিৱৰ্তন ঘটিছিল। লাহে লাহে ৰাজনীতি বিজ্ঞানে সকলো ধৰণৰ সামাজিক সম্পৰ্কৰ ৰাজনৈতিক দিশসমূহ আলোচনা কৰিবলৈ ধৰে৷ বিষয়টো কেৱল ৰাষ্ট্ৰ আৰু চৰকাৰী অনুষ্ঠানসমূহৰ বিশ্লেষণতে সীমাবদ্ধ হৈ নাথাকিল। ৰাজনীতি সকলো সমাজ, মানৱীয় সংগঠন গোট বা সংঘৰ মাজত প্ৰকট হোৱা পৰিঘটনা হিচাপে পৰিগণিত হয়। সীমিত অৰ্থনৈতিক, সামাজিক বা ৰাজনৈতিক সম্পদৰ বাবে ব্যক্তিৰ মাজত বা সমাজত সৃষ্টি হোৱা সংঘাত, আলোচনা বা সহযোগিতাৰ মাজেৰে ৰাজনীতিৰ প্ৰকাশ ঘটে। এই ক্ষমতাকেন্দ্ৰীক তত্ত্ব আৰু আলোচনাই ৰাজনীতি বিজ্ঞানৰ লক্ষ্য আৰু উদ্দেশ্য সলনি কৰি পেলাইছিল। সংঘাত নিৰাময়ৰ এক প্ৰক্ৰিয়া হিচাপে ৰাজনীতিৰ ছবি তুলি ধৰা হৈছিল। বিপৰীতমুখী চিন্তা আৰু স্বাৰ্থক, সৰ্বজনৰ বৃহৎ স্বাৰ্থৰ বাবে সমন্বয় ঘটোৱাৰ | প্ৰচেষ্টাই হ’ল ৰাজনীতি। ৰাজনীতিৰ এই নতুন ব্যাখ্যাই স্থানীয়, আঞ্চলিক, জাতীয় বা আন্তর্জাতিক পর্যায়ত প্রতিফলিত হোৱা ক্ষমতাকেন্দ্ৰীক সংঘাতক সামৰি লয়।
২। ৰাজনীতি বিজ্ঞানৰ বিকাশৰ সম্পৰ্কে এটি টোকা লিখা।
উত্তৰঃ সাম্প্ৰতিক কালত ৰাজনীতি বিজ্ঞান কেৱল ৰাষ্ট্ৰ প্ৰশাসনৰ বিষয় হৈ থকা নাই। ই বহুমুখী আৰু গতিশীল ৰূপ গ্ৰহণ কৰিছে। ৰাজনীতি বিজ্ঞানে সৰ্বসাধাৰণৰ জীৱনৰ সকলো দিশতে প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে। ৰাষ্ট্ৰ আৰু চৰকাৰৰ অতীত বৰ্তমান, ক্ৰমবিকাশৰ গতিধাৰা আৰু ভৱিষ্যতৰ সম্ভাৱনীয়তাৰ ভিত্তিত অধ্যয়ন আগবঢ়াই নিছে। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ৰাজনীতি বিজ্ঞানৰ অধ্যয়নত প্ৰৱেশ ঘটা ক্ষমতাৰ ধাৰণা আৰু আচৰণবাদে ইয়াৰ পৰিসৰ আৰু ব্যাপক কৰি তুলিছিল। এই ঘটনাপ্ৰৱাহে ক্ষমতাকেন্দ্ৰিক মানৱীয় সম্পৰ্কৰ সকলো খুটিনাটি আৰু ৰাজনৈতিক দৃষ্টিকোণ থকা সকলো মানৱীয় আচৰণ অধ্যয়নত গুৰুত্ব দিবলৈ ধৰে।
প্ৰথমেই ৰাজনীতি বিজ্ঞানে সংগঠিত ৰাজনৈতিক জীৱনৰ আৰম্ভণি আৰু বিকাশৰ বিষয়ে আলোচনা কৰে। বিভিন্ন পৰ্য্যায়ত পণ্ডিত সকলে অতীতৰ অভিজ্ঞতাৰ ভিত্তিত ৰাষ্ট্ৰ, চৰকাৰ, আইন আৰু ৰাজনৈতিক আচৰণৰ ব্যাখ্যা আগবঢ়াইছিল। এইদৰেই ব্যক্তিবাদ, সমাজবাদ, গণতন্ত্র, সার্বভৌমত্ব আদি ৰাজনীতি বিজ্ঞানৰ মূল চিন্তাস্ৰোত বিলাকৰ সৃষ্টি হয় যিয়ে আমাক বৰ্তমানৰ অনুষ্ঠান, ধাৰণা, প্ৰক্ৰিয়া আদি জনাত সহায় কৰে৷
ইয়াৰ উপৰিও ৰাজনীতি বিজ্ঞানে চলিত ৰাজনৈতিক ধাৰণাবোৰ, অনুষ্ঠানসমূহ আৰু পৰিঘটনাসমূহৰ পৰ্য্যালোচনা কৰে। ৰাজনৈতিক দল, প্ৰভাৱ গোষ্ঠী, সামাজিক আন্দোলন, কার্যপালিকা, ন্যায়পালিকা, আইন আৰু ন্যায়ালয় ইত্যাদি প্ৰভাৱশালী ক্ষমতাৰ কেন্দ্ৰ আৰু গোটবোৰৰ বিশ্লেষণ ৰাজনীতি বিজ্ঞানৰ অন্যতম বিষয়বস্তু। বিভিন্ন ধৰণৰ চৰকাৰ আৰু ইবিলাকৰ কর্মপদ্ধতি, জাতীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ ভূমিকা আদিও ৰাজনীতি বিজ্ঞানৰ আন এক দিশ। শেহতীয়াভাৱে, নির্বাচন আৰু ভোটদাতাৰ আচৰণৰ অধ্যয়ন, জনমৰ অধ্যয়ন আদি ৰাজনীতি বিজ্ঞানৰ পৰিসৰৰ গুৰুত্বপূৰ্ণ দিশ হৈ পৰিছে।
তদুপৰি, এৰিষ্ট’টলৰ সময়ৰে পৰা ভৱিষ্যতৰ ঘটনাপ্রবাহৰ আভাস দিয়া, সমসাময়িক ৰাজনৈতিক প্ৰক্ৰিয়া আৰু গাঁথনিৰ উন্নয়নৰ বাবে নমুনা আগবঢ়োৱা আদিও ৰাজনীতি বিজ্ঞানৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। আদৰ্শ ৰাষ্ট্ৰৰ সংগঠন ৰাজনীতি বিজ্ঞানৰ এক প্ৰধান উদ্দেশ্য হিচাপে বিবেচিত হৈ আহিছে। গেটেলে কোৱাৰ দৰে, অতীত ৰাষ্ট্ৰৰ ঐতিহাসিক পৰ্য্যালোচনা, বৰ্তমান প্রচলিত ৰাষ্ট্ৰ ব্যৱস্থাৰ পুংখানুপংখ অধ্যয়ন আৰু ৰাষ্ট্ৰৰ আদৰ্শ বা নৈতিক চৰিত্ৰক লৈ হোৱা আলোচনাই ৰাজনীতি বিজ্ঞানৰ সাৰবস্তু। সাম্প্ৰতিক কালত লাচওৱেল, কাপলান, মৰগেনৰ্থ ৰাছেল, মিছেল, ফুঁকো আদি দাৰ্শনিকে ৰাজনীতি বিজ্ঞানক ক্ষমতা অধ্যয়নৰ বিষয় ৰূপে গঢ় দিয়াৰ চেষ্টা কৰিছিল৷ এইটো সঁচা যে ক্ষমতাই ৰাষ্ট্ৰক আন আন সংগঠনৰ পৰাপৃথক কৰি তুলিছে। এই ক্ষমতাকেন্দ্রীক অধ্যয়নেও বিষয়টোৰ পৰিসৰ বহলাই পেলাইছে। আধুনিক ৰাজনীতি বিজ্ঞানে বাস্তৱিক নীতি নিৰ্ধাৰণ আৰু আচঁনি গ্ৰহণত সহায় কৰে। বিংশ শতিকাৰ শেষৰ দশকৰে পৰা মানৱ অধিকাৰ, মানৱ উন্নয়ন, নতুন সামাজিক আন্দোলন আদি ধাৰণাৰ বিকাশ তথা নাগৰিক সমাজৰ বাঢ়ি অহা ভূমিকাই ৰাজনীতি বিজ্ঞানৰ পৰিসৰ বৃদ্ধি কৰি গতিসীলতা প্ৰদান কৰিছে।
৩। ৰাষ্ট্ৰৰ ভূমিকা আৰু চৰকাৰৰ কাৰ্যৱলীৰ ক্ষেত্ৰত ৰাজনীতি বিজ্ঞানৰ পৰিসৰ—আলোচনা কৰা।
উত্তৰঃ সাম্প্ৰতিক কালত ৰাজনীতি বিজ্ঞান কেৱল ৰাষ্ট্ৰ প্ৰশাসনৰ বিষয় হৈ থকা নাই। ই বহুমুখী আৰু গতিশীল ৰূপ গ্ৰহণ কৰিছে। ৰাজনীতি বিজ্ঞানে সৰ্বসাধাৰণৰ জীৱনৰ সকলো দিশতে প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে। ৰাষ্ট্ৰ আৰু চৰকাৰৰ অতীত বর্তমান, ক্রমবিকাশৰ গতিধাৰা আৰু ভৱিষ্যতৰ সম্ভাৱনীয়তাৰ ভিত্তিত অধ্যয়ন আগবঢ়াই নিছে। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ৰাজনীতি বিজ্ঞানৰ অধ্যয়নত প্ৰৱেশ ঘটা ক্ষমতাৰ ধাৰণা আৰু আচৰণবাদে ইয়াৰ পৰিসৰ আৰু ব্যাপক কৰি তুলিছিল। এই ঘটনাপ্ৰৱাহে ক্ষমতাকেন্দ্ৰিক মানৱীয় সম্পৰ্কৰ সকলো খুটিনাটি আৰু ৰাজনৈতিক দৃষ্টিকোণ থকা সকলো মানৱীয় আচৰণ অধ্যয়নত গুৰুত্ব দিবলৈ ধৰে।
প্ৰথমেই ৰাজনীতি বিজ্ঞানে সংগঠিত ৰাজনৈতিক জীৱনৰ আৰম্ভণি আৰু বিকাশৰ বিষয়ে আলোচনা কৰে। বিভিন্ন পৰ্য্যায়ত পণ্ডিত সকলে অতীতৰ অভিজ্ঞতাৰ ভিত্তিত ৰাষ্ট্ৰ, চৰকাৰ, আইন আৰু ৰাজনৈতিক আচৰণৰ ব্যাখ্যা আগবঢ়াইছিল। এইদৰেই ব্যক্তিবাদ,সমাজবাদ, গণতন্ত্র, সার্বভৌমত্ব আদি ৰাজনীতি বিজ্ঞানৰ মূল চিন্তাস্ৰোত বিলাকৰ সৃষ্টি হয় যিয়ে আমাক বৰ্তমানৰ অনুষ্ঠান, ধাৰণা, প্ৰক্ৰিয়া আদি জনাত সহায় কৰে।
ইয়াৰ উপৰিও ৰাজনীতি বিজ্ঞানে চলিত ৰাজনৈতিক ধাৰণাবোৰ, অনুষ্ঠানসমূহ আৰু পৰিঘটনাসমূহৰ পৰ্য্যালোচনা কৰে। ৰাজনৈতিক দল, প্ৰভাৱ গোষ্ঠী, সামাজিক আন্দোলন, কার্যপালিকা, ন্যায়পালিকা, আইন আৰু ন্যায়ালয় ইত্যাদি প্ৰভাৱশালী ক্ষমতাৰ কেন্দ্ৰ আৰু গোটবোৰৰ বিশ্লেষণ ৰাজনীতি বিজ্ঞানৰ অন্যতম বিষয়বস্তু। বিভিন্ন ধৰণৰ চৰকাৰ আৰু ইবিলাকৰ কৰ্মপদ্ধতি, জাতীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ ভূমিকা আদিও ৰাজনীতি বিজ্ঞানৰ আন এক দিশ। শেহতীয়াভাৱে, নির্বাচন আৰু ভোটদাতাৰ আচৰণৰ অধ্যয়ন, জনমতৰ অধ্যয়ন আদি ৰাজনীতি বিজ্ঞানৰ পৰিসৰৰ গুৰুত্বপূৰ্ণ দিশ হৈ পৰিছে।
তদুপৰি, এৰিষ্ট’টলৰ সময়ৰে পৰা ভৱিষ্যতৰ ঘটনাপ্রবাহৰ আভাস দিয়া, সমসাময়িক ৰাজনৈতিক প্ৰক্ৰিয়া আৰু গাঁঠনিৰ উন্নয়নৰ বাবে নমুনা আগবঢ়োৱা আদিও ৰাজনীতি বিজ্ঞানৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। আদৰ্শ ৰাষ্ট্ৰৰ সংগঠন ৰাজনীতি বিজ্ঞানৰ এক প্ৰধান উদ্দেশ্য হিচাপে বিবেচিত হৈ আহিছে। গেটেলে কোৱাৰ দৰে, অতীত ৰাষ্ট্ৰৰ ঐতিহাসিক পৰ্য্যালোচনা, বৰ্তমান প্রচলিত ৰাষ্ট্ৰ ব্যৱস্থাৰ পুংখানুপংখ অধ্যয়ন আৰু ৰাষ্ট্ৰৰ আদৰ্শ বা নৈতিক চৰিত্ৰক লৈ হোৱা আলোচনাই ৰাজনীতি বিজ্ঞানৰ সাৰবস্তু। সাম্প্ৰতিক কালত লাচওৱেল, কাপলান, মৰগেনৰ্থ ৰাছেল, মিছেল, ফুঁকো আদি দাৰ্শনিকে ৰাজনীতি বিজ্ঞানক ক্ষমতা অধ্যয়নৰ বিষয় ৰূপে গঢ় দিয়াৰ চেষ্টা কৰিছিল। এইটো সঁচা যে ক্ষমতাই ৰাষ্ট্ৰক আন আন সংগঠনৰ পৰাপৃথক কৰি তুলিছে। এই ক্ষমতাকেন্দ্রীক অধ্যয়নেও বিষয়টোৰ পৰিসৰ বহলাই পেলাইছে। আধুনিক ৰাজনীতি বিজ্ঞানে বাস্তৱিক নীতি নিৰ্ধাৰণ আৰু আচঁনি গ্ৰহণত সহায় কৰে। বিংশ শতিকাৰ শেষৰ দশকৰে পৰা মানৱ অধিকাৰ, মানৱ উন্নয়ন, নতুন সামাজিক আন্দোলন আদি ধাৰণাৰ বিকাশ তথা নাগৰিক সমাজৰ বাঢ়ি অহা ভূমিকাই ৰাজনীতি বিজ্ঞানৰ পৰিসৰ বৃদ্ধি কৰি গতিসীলতা প্ৰদান কৰিছে।
৪। ৰাজনীতি বিজ্ঞান আৰু ৰাজনীতিৰ পাৰ্থক্য লিখা।
উত্তৰঃ ‘ৰাজনীতি বিজ্ঞান’ আৰু ‘ৰাজনীতি’ শব্দ দুটি প্রায়ে সমার্থক অর্থত ব্যৱহাৰ কৰা হয়। যি নহওক, দুয়োটাৰে পাৰ্থক্য বুজাটো প্রয়োজন৷ কিছুমান পণ্ডিতে ৰাজনীতিক “বিজ্ঞান আৰু চৰকাৰৰ কলা” বুলি হয়তো আগবঢ়াইছে। কিন্তু এইটো ৰাজনীতি বিজ্ঞান বিষয়টিৰ সম্পূর্ণ ব্যাখ্যাৰ এটা অংশহে ৷ আজিকালি ৰাজনীতি শব্দটিয়ে নাগৰিকৰ এটাৰ লগত আনজনৰৰ ৰাজনৈতিক ক্ষমতা লাভৰ কৌশলক বুজায়। কেতিয়া ৰাজনীতিক ক্ষমতা লাভৰ কৌশল বুলি বুজোৱা হৈছিল আৰু এতিয়াও তেনেকৈ বুজা যায়।
বহুতো ৰাজনীতি বিজ্ঞানীসকলৰ মতে, ৰাজনীতি বিজ্ঞানে ৰাষ্ট্ৰৰ তত্ত্ব, সার্বভৌমত্ব ধাৰণা, চৰকাৰৰ গঠন আৰু কাৰ্যাৱলী, আইন প্রণয়ন আৰু কাৰ্যকৰীকৰণ, ৰাজনৈতিক দল, নাগৰিকৰ অধিকাৰ আৰু কৰ্তব্য, নৈতিক কাৰ্যসমূহ আৰু ৰাষ্ট্ৰ আৰু চৰকাৰৰ কল্যাণকামী কাৰ্যসমূহ সামলি লয়।
ৰাজনীতিত আন এটা দিশৰ ওপৰদ গুৰুত্ব দিয়া হয়। ৰাজনীতি, বহু সময়ত, ব্যৱহাৰিক অৰাজনীতিক সূচায়। ব্যৱহাৰিক ৰাজনীতি ইয়াৰ অধ্যয়নতকৈ বেলেগ। ব্যৱহাৰিক ৰাজনীতিয়ে চৰকাৰৰ প্ৰকৃত গঠন, চৰকাৰৰ কাৰ্য, প্রশাসন, আইন আৰু আইন প্রণয়নক সামৰি লয়। ই আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু যুদ্ধ, আন্তঃৰাষ্ট্ৰীয় বাণিজ্য আৰু অৰ্থনৈতিক নীতি, অধিকাৰ, নীৰাপত্তা আদি আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ দিশসমূহো সামৰি লয়। এই সকলোবোৰ ৰাজনীতিৰ বিষয়বস্তুৰ ভিতৰত পৰে।
যেতিয়া ৰাজনীতি বিজ্ঞানৰ জ্ঞান এক অধ্যয়নৰ জৰিয়তে পাব পাৰি, ব্যৱহাৰিক ৰাজনীতিৰ দক্ষতা ৰাজনীতিকৰণ, জাতি শোষণৰ কৌশল, আঞ্চলিক বিশ্বাস আৰু ভাবাবেগৰ জৰিয়তে বুজিব পাৰি। ব্যৱহাৰিক ৰাজনীতিক জনসাধাৰণৰ মনত প্ৰায়ে ‘লেতৰা খেল’ বুলি বৰ্ণনা কৰা হয়।
কিন্তু আমি কাচিৎহে কোনো মানুহৰ গোট বা সমাজ দেখিবলৈ পাওঁ যি ‘ৰাজনীতি’ৰ পৰা মুক্ত আৰু ব্যক্তি যিজনে ‘ৰাজনীতিৰ খেল’ৰ কথা নাজানে ৷
ব্যৱহাৰিক ৰাজনীতিৰ বহুতো যোগাত্মক দিশো আছে। কল্যাণকামী ৰাষ্ট্ৰৰ যুগত বহুতো সদর্থক কাৰ্যসূচী যেনে অস্পৃশ্য্যতা দূৰীকৰণ, ভূমি সংস্কাৰ, বন্ধকী শ্ৰমিকৰ মুক্তিকৰণ, মানৱ পনন-বেগাৰ বন্ধ কৰা, ন্যূনতম মজুৰীৰ ব্যৱস্থা, নিযুক্তি নিশ্চিতকৰণৰ আঁচনি, পিছপৰা শ্ৰেণীৰ সৱলীকৰণ আৰু সকলো ব্যৱহাৰিক ৰনাজনীতিৰ যোগাত্মক দিশ।
‘ৰাজনীতি’য়ে সমাজৰ প্ৰকৃত ঘটনাৰাজি আৰু অনুষ্ঠানসমূহৰ প্ৰক্ৰিয়াক সূচায়, ৰাজনীতি বিজ্ঞান ইয়াক পদ্ধতিগতভাৱে প্ৰক্ৰিয়াক উল্লেখ কৰে ৷
৫। ব্যক্তিৰ অধিকাৰ আৰু কৰ্তব্যৰ বিষয়ে এটি টোকা লিখা।
উত্তৰঃ চৰকাৰ হ’ল ৰাষ্ট্ৰৰ যন্ত্ৰস্বৰূপ যাৰ জৰিয়তে ৰাষ্ট্ৰই ইয়াৰ উদ্দেশ্য সিদ্ধি কৰে। চৰকাৰৰ তিনিটা অংগ যেনে বিধানমণ্ডল,কার্যপালিকা আৰু ন্যায়পালিকা, আইন প্রণয়ন, আইন প্রয়োগ কৰি শান্তি আৰু শান্তিপূর্ণভাৱে বিবাদ মীমাংসা কৰে। ই দেশৰ ঐক্য আৰু সংহতি প্ৰতিষ্ঠাৰ কাৰণে চেষ্টা কৰে।
আধুনিক গণতান্ত্রিক চৰকাবোৰে নাগৰিক আৰু সমাজৰ সকলো প্ৰকাৰৰ উন্নতিৰ বাবে কার্য সমাধা কৰে ৷ আমাৰ নিচিনা গণতান্ত্রিক দেশত ই বিশেষভাৱে প্রযোজ্য।
নাগৰিক আৰু চৰকাৰৰ সম্পৰ্ক পাৰস্পৰিক।নাগৰিকসকল হ’ল ৰাষ্ট্ৰৰ সদস্য। ৰাষ্ট্ৰই নাগৰিকক বিশেষ অধিকাৰ প্ৰদান কৰে আৰু নাগৰিকৰ পৰা কৰ্তব্য আশা কৰে।
নাগৰিকৰ অধিকাৰবোৰক প্ৰধানকৈ তিনিটা প্রধান ভাগত ভগাব পাৰি— পৌৰ, ৰাজনৈতিক আৰু সামাজিক অধিকাৰ। পৌৰ অধিকাৰবোৰ সেইবোৰ অধিকাৰ যিবোৰ ব্যক্তিৰ স্বাধীনতাৰ কাৰণে প্ৰয়োজন ৷ জীৱন আৰু ব্যক্তিগত সম্পত্তিৰ অধিকাৰ, মত প্ৰকাশৰ স্বাধীনতা, চিন্তা কৰাৰ, সম্পত্তি ৰখাৰ অধিকাৰ, চুক্তি কৰাৰ অধিকাৰ, আইনৰ চকুত সকলোৱে সমান নিৰাপত্তা আৰু সুযোগ বা সুবিধা পোৱাৰ অধিকাৰ আদি পৌৰ অধিকাৰৰ অন্তৰ্গত। আইনৰ চকুত সকলো নি সমান বুলিলে বিশেষ শ্ৰেণীৰ কাৰণে বিশেষ সুবিধা নথকা, সকলোকে সমানভাবে প আচৰণ কৰা। ৰাজনৈতিক অধিকাৰে ভোটদানৰ অধিকাৰ আৰু নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ অধিকাৰক বুজায়। সামাজিক অধিকাৰে অৰ্থনৈতিক কল্যাণ আৰু নিৰাপত্তা আৰু এখন সভ্য সমাজত জীয়াই থকাৰ অধিকাৰ সামৰি লয় ৷
চৰকাৰক কৰ দিয়াটো প্ৰত্যেক নাগৰিকে প্রাথমিক কর্তব্য। তেওঁলোকে স চৰকাৰৰ লগতে সহযোগিতা কৰা উচিত আৰু চৰকাৰৰ নীতি-নিয়ম মানি চলা উচিত, চাৰিওফালৰ পৰিবেশ পৰিস্কাৰকৈ ৰাখি বেমাৰ প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰা উচিত ৷ তেওঁলোকে সৰু পৰিয়াল গঢ়া উচিত আৰু জনসংখ্যা বৃদ্ধিৰ হাৰৰ পৰীক্ষা-নিৰীক্ষা কৰাৰ ক্ষেত্ৰত চৰকাৰক সহায় কৰা উচিত। ৰাজহুৱা সম্পত্তিৰ ৰক্ষণাবেক্ষণ, অসামাজিক আৰু অজাতীয় উপাদানসমূহ অনুসন্ধান আৰু শাস্তি প্ৰদানৰ ক্ষেত্ৰত চৰকাৰক সহায় কৰা উচিত। তাৰ উপৰিও, বিভিন্ন জাতি, ধর্ম, ভাষা আৰু অঞ্চলৰ লোকসকলেও তেওঁলোকৰ সমস্যাসমূহ হিংসাৰে সমাধান নকৰি বুজাবুজিৰে সমাধান কৰা উচিত। এনেদৰে, গঠনমূলক কামৰ বাবে বহুতো সম্পদ, শক্তি আৰু সময় ৰাহি হ’ব।
৬। স্বাধীনতা আৰু ইয়াৰ সকাৰাত্মক আৰু নকাৰাত্মক দিশবোৰ লিখা।
উত্তৰঃ স্বাধীনতা শব্দটি লেটিন শব্দ লিবাৰ (liber) ৰ পৰা আহিছে, যাৰ অৰ্থ হ’ল মুক্ত। অর্থাৎ এই শব্দটিয়ে স্বাধীনতাক বুজায়। ব্যক্তিৰ ব্যক্তিত্ব আৰু বিকাশৰ কাৰণে স্বাধীনতাৰ অতি প্রয়োজন। ঐতিহাসিকভাৱে ক’বলৈ, স্বাধীনতাৰ ধাৰণাটোৱে পোন প্ৰথমে ব্যক্তিৰ ওপৰত কোনো বাধা আৰোপ নকৰাটো বুজাইছিল৷ ইয়াক নঞর্থক স্বাধীনতা বোলে। প্রাক্ উদাৰবাদীসকলে নঞর্থক বা ঋণাত্মক স্বাধীনতা সমৰ্থন্ত কৰিছিল। ইংৰাজ ৰাজনৈতিক দার্শনিক জন ষ্টুৱাৰ্ট মিলে ১৯শ শতিকাত, ‘বাধা-নিষেধ বেয়া’ মিলে ৰাষ্ট্ৰ আৰু সমাজে আৰোপ কৰা বাধাসমূহৰ বাবে উদ্বিগ্ন আছিল।
যি নহওঁক, যিহেতু ব্যক্তিসমূহ সমাজত একেলগে বাস কৰে, ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ বা বাধাসমূহ কেতিয়াও অনপস্থিত থাকিব নোৱাৰে, ই সম্ভৱ নহয়। তাৰ উপৰিও, নিজৰ স্বাৰ্থৰ লগত জড়িত আৰু আনৰ স্বাৰ্থৰ লগত জড়িত কাৰ্যৰ মাজত পাৰ্থক্য ৰখাটো সদায় সম্ভৱ নহয়। এইটো কোৱা হয় যে তোমাৰ বাহুটো মেলাৰ স্বাধীনতা যিমানলৈ আছে তাৰ পৰা মোৰ নাকটো আৰম্ভ হৈছে। স্বাধীনতা সকলোৱে ভোগ কৰা উচিত, ই এক যুক্তিসংগত নিয়ন্ত্ৰণৰ ভিতৰত হোৱা উচিত। সদৰ্থক স্বাধীনতাৰ ই এক ধাৰণা। এই ধাৰণাই এজন ব্যক্তিৰ নিজৰ ক্ষেত্ৰত সম্পূর্ণ স্বাধীনতাক বুজায়। হেৰল্ড লাস্কিয়ে এই ধাৰণাক সমৰ্থন কৰিছিল। ব্যক্তিত্ব বিকাশৰ কাৰণে স্বাধীনতা আৰু সুযোগ-সুবিধাসমূহৰ প্ৰয়োজন বুলি বুৰঞ্জীয়ে প্ৰমাণ কৰিছে। কিছুমানৰ স্বাধীনতা ৰক্ষাৰ কাৰণে বহুতৰ স্বাধীনতাৰ ওপৰত সীমাবদ্ধতা থকাটো প্রয়োজন। উদাৰবাদীসকলে সদৰ্থক বা যোগাত্মক স্বাধীনতাক সমর্থম কৰিছিল।
৭। সুযোগৰ সমতা বুলিলে কি বুজা?
উত্তৰঃ সমতাই পুৰস্কাৰ বা আচৰণৰ অস্তিত্বক নুবুজায়, অর্থাৎ কোনো প্রচেষ্টা বা বৃত্তান্ত অবিহনে প্রত্যেককে সমান পুৰস্কাৰ বা সুযোগ প্রদান কৰাটোকে বুজায় ৷ উদাহৰণস্বৰূপে, যদি ছাত্ৰ-ছাত্ৰীসকলক উত্তৰৰ মানদণ্ড নোচোৱাকৈ সকলোকে 60 নম্বৰ দিয়া হয়, তাত সমতা নাথাকিব। নীতিগতভাৱে, যিসকলে ভালকৈ লিখে তেওঁলোকে বেছি নম্বৰ পোৱা উচিত আৰু এইটো সমতাৰ লগত সু-সংগত হ’ব। ঠিক তেনেদৰে, এখন সমাজত কিছুমান মানুহে বেছি উপার্জন কৰে আৰু কিছুমান মানুহে কম উপাৰ্জন কৰে। যি নহওক, এনে অৱস্থাত সমতা প্রদান উলংঘা কৰিব নালাগে, য’ত দুটা চৰ্ত আছেঃ (ক) সুবিধাৰ অনুপস্থিতি আৰু (খ) সুযোগৰ সমতা।
(ক) সুবিধাৰ অনুপস্থিতিয়ে সমতাক শক্তিশালী কৰি তোলে, সুবিধাৰ উপস্থিতিয়ে বিপৰীতভাৱে অসমতাৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ অৰ্থ হ’ল কোনো এজনক আনজনে পোৱা সুবিধাতকৈ অধিক সুবিধা প্রদান নকৰা। সুবিধাৰ উপস্থিতিয়ে অসমতাৰ সৃষ্টি কৰে আৰু সমতা প্রতিষ্ঠাত ক্ষতি কৰে।
(খ) সুযোগৰ সমতা মানে হ’ল প্ৰত্যেক ব্যক্তিয়ে ৰাজহুৱা স্থিতি আৰু কাৰ্যালয় পোৱাৰ সমান সুবিধা পোৱা উচিত। সুযোগৰ সমতাৰ এটি চলিত উদাহৰণ হিচাপে কেন্দ্ৰীয় লোকসেৱা আয়োগে গোটেই ভাৰততে অসামৰিক পৰীক্ষা অনুস্থিত কৰাটো ক’ব পাৰি। যিকোনো ভাৰতৰ বিশ্ববিদ্যালয়ৰ স্নাতকে এই পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰে।
সুযোগৰ সমতাৰ ধাৰণা পৰিস্থিতিৰ সমতাৰ লগত যুক্ত। প্রত্যেক ব্যক্তিয়ে প্ৰথম শাৰীত হ’বলৈ সুযোগ পোৱা উচিত; তেতিয়া জীৱনৰ দৌৰ আৰম্ভ হ’ব। কোনোবা প্রথম হ’ব, কোনোবা দ্বিতীয় আৰু কোনোবাই ফেল কৰিব। কিন্তু এইটোৱে সমতাৰ ভংগ হোৱাটো নুবুজায়। বহুতো লোকে বিশ্বাস কৰে যে অৱস্থাৰ সমতা তেতিয়াহে পোৱা হ’ব বুলি কোৱা হ’ব যেতিয়া ঐতিহাসিকভাৱে সুবিধাৰ পৰা বঞ্চিত (যেনে দলিতসকল/অনুসূচিত জাতি) লোকসকলক চাৰতি আৰক্ষণৰ ব্যৱস্থা কৰি বা যোগাত্মক পদক্ষেপ লৈ ক্ষতিপূৰ্ণ দিয়া হয়।
সমতা, সমদৰ্শিতাৰ লগতে ওতঃপ্রোতভাৱে জড়িত, অৰ্থাৎ সমান ব্যৱহাৰ সমদৰ্শিতাই গোচৰবোৰ একেদৰে মীমাংসা কৰাটো দাবী কৰে। প্ৰকৃততে একে গোচৰ একে ধৰণেৰে বিচাৰ কৰা হয়।
৮। ন্যায়ৰ ধাৰণা ব্যাখ্যা কৰা আৰু ইয়াৰ বিভিন্ন ধাৰণাবোৰ লিখা।
উত্তৰঃ ন্যায় শব্দটি লেটিন শব্দ জুছ (Jus) ৰ পৰা আহিছে, যাৰ অৰ্থ এটা বান্ধোন বা চুক্তি ৷ এনেকৈ ন্যায় শব্দটিৰ অৰ্থ হ’ল যোৰ লগোৱা বা যথাযথ। ‘ন্যায়’ইবাৰ্কৰে কৈছে, “ৰাজনৈতিক মূল্যৰ সমন্বয় আৰু সমন্বয়সাধক”।
ন্যায়ৰ সৰ্বোকৃষ্ট সংজ্ঞাটো হ’ল “প্রত্যেককে তেওঁলোকৰ প্ৰাপ্যখিনি প্রদান।”
ন্যায়ৰ দিশসমূহ: যেতিয়া আমি ন্যায়ৰ বহল প্ৰশ্নৰ দিশে চাওঁ, ইয়াৰ আন সংবিধান আছে, আমি বহুতো মতামত বিচাৰি পাওঁ৷ এইখিনিতে বিতৰণমূলক ন্যায়ৰ ধাৰণাটো আহে — যি এখন সমাজত শুদ্ধ পদ্ধতিত উপার্জন আৰু সামাজিক স্থিতি বিতৰণ কৰা হয়। বিতৰণমূলক বা সামাজিক ন্যায়ৰ দুটা প্ৰধান ধাৰণা আছে, এটা গুণৰ ধাৰণাৰ লগত জড়িত আৰু আনটো প্ৰয়োজন আৰু সমতাৰ লগত জড়িত।
গুণঃ প্রথম ধাৰণা অনুসৰি প্ৰত্যেক মানুহৰ সামাজিক স্থিতি আৰু সম্পত্তি মেধাৰ বিত্তি বিবেচিত হ’ব লাগে। যেতিয়া জনসাধাৰণে দক্ষতা আৰু সমতাৰ ভিত্তিত কেৰিয়াৰৰ কথা কয়, তাত মেধাৰ ধাৰণাটো সোমাই থাকে। নহওক, প্রশ্ন উদয় হয় যে কেনেকৈ মেধা বা দক্ষতাক জোখা হয়? উদাৰতাবাদী সকলে কয় যে, এখন মুক্ত বজাৰত কোনোবাই তেওঁৰ মূল্য সম্পৰ্কে যুক্তিসংগত ইংগিত দিব পৰাটোকে মূল্য বা দাম বোলে ৷
সমাজবাদী সমালোচকসকলে মত পোষণ কৰে যে বজাৰ সামাজিক পটভূমি আৰু সুবিধাৰ দ্বাৰা প্ৰভাৱিত হয় য’তমেধাই একো কৰিব নোৱাৰে ৷
প্ৰয়োজন আৰু সমতাঃ দ্বিতীয় ধাৰণা অনুসৰি, এজন ব্যক্তিৰ প্ৰয়োজন অনুসৰি সামগ্ৰী, অৱস্থা আদিৰ স্থান নিৰ্দেশ বা বিতৰণ কৰা উচিত। কিন্তু প্রয়োজন বা অভাৱৰ কেনেকৈ সংজ্ঞা দিয়া হয়? প্রত্যেককে অন্ন, বস্ত্ৰ আৰু বাসস্থান লাগে। ইয়াতকৈ আৰু বেলেগ যুক্তি নাই? সাম্যবাদী (মাৰ্ক্সবাদী) সকলে বিশ্বাস কৰে যে প্রত্যেক ব্যক্তিয়ে সকলো ব্যক্তিৰ প্ৰয়োজন পূৰাবৰ কাৰণে তেওঁৰ প্ৰয়োজনীয় সম্পদ সংগ্রহ বা বনাইল’ব লাগে। যি নহওঁক, আন্তু কিছুমানে মত পোষণ কৰে যে, প্ৰয়োজনীয় দুটা মাধ্যমৰ দ্বাৰা পূৰাব পাৰি— কল্যাণকামী ৰাষ্ট্ৰ আৰু বজাৰ৷ কিছুমান প্রয়োজন কল্যাণকামী ৰাষ্ট্ৰৰ জৰিয়তে আৰু কিছুমান বজাৰৰ জৰিয়তে পূৰণ কৰিব পাৰি।
ন্যায়ৰ আন এটা তত্ত্ব আছে যিটোক মেধাভিত্তিক ধাৰণাৰ প্ৰয়োজন নহয়। ই সম্পূৰ্ণ ফলাফলৰ ওপৰত প্ৰতিষ্ঠিত। জন ৰলছৰ তত্ত্বটো ইয়াৰ অন্তৰ্গত। A Theory of Justice নামৰ কিতাপখনত তেওঁ কৈছে যে, সামগ্ৰীৰ বণ্টনত অসমতা হয়, য’ত সেই অসমতাই সমাজৰ ন্যূনতম সুবিধাভোগী লোকসকলৰ সুবিধা ভোগত সহায় কৰে। আন কথাত, এখন সমাজত আয়ৰ ক্ষেত্ৰত থকা অসমতা ন্যায়সন্মত হ’ব য’ত সমাজৰ ন্যূনতম সুবিধাভোগী লোকসকলেও উপকৃত হয় ৷ উদাহৰণস্বৰূপে, এজন প্ৰৱক্তাৰ উচ্চ দৰমহা ন্যায়সন্মত বুলি কোৱা হ’ব য’ত ইটা বনোৱা সকলো প্ৰত্যক্ষ বা পৰোক্ষাভাৱে হ’লেও উপকৃত হয়।
আনহাতে নজিকৰ নিচিনা পণ্ডিতসকলে ন্যায়ৰ পৰম্পৰাগত ন্যায়ৰ অৰ্থ মানি লয়ঃ য’ত আইন আৰু প্ৰতিষ্ঠিত অধিকাৰক সন্মান কৰা হয়।
এনটাইট’লমেণ্টছ বুলিলে প্রতিষ্ঠিত/পৰম্পৰাগত অধিকাৰ প্ৰদান বোলা হয়। এই তত্ত্ব অনুসৰি, ব্যক্তিৰ প্ৰাকৃতিক অধিকাৰবোৰ আছে, বিশেষকৈ সম্পত্তি অধিকাৰ। এইবোৰ প্ৰতিষ্ঠিত অধিকাৰ মানুহ হিচাপে ব্যক্তিক প্রয়োজন। নজিকে কৈছে যে, আনকি ৰাষ্ট্ৰইও এই অধিকাৰসমূহ চেৰ পেলাব পাৰে। নজিকে ৰাষ্ট্ৰৰ দ্বাৰা অবৈধ কৰ আৰোপ কৰাটো বিৰোধিতা কৰিছে। তেওঁ ভাবে যে কৰ আৰোপ ব্যৱস্থাই এজন ব্যক্তিক তেওঁ আয়ৰ ক্ষেত্ৰত যোগ্যবান হোৱাত বাধা আৰোপ কৰে। কৰ আৰোপ, ব্যক্তিৰ স্বাধীনতা খর্ব কৰাৰ এক উদাহৰণ।
ন্যায় হ’ল এটা গতিশীল ধাৰণা। ই প্রাচীন সময়ৰ পৰা বৰ্তমান সময়লৈ পৰিৱৰ্তিত ৰূপত আছে। সেয়েহে, ন্যায় সম্পর্কে শেষ সিদ্ধান্তত উপনিত হ’ব নোৱাৰি৷ ন্যায়ৰ ধাৰণাই গতিশীলতাক বুজায়।
No comment…