ASOS Class 12 Political Science Chapter 7 ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশক নীতি আৰু মৌলিক কর্তব্য

ASOS Class 12 Political Science Chapter 7 ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশক নীতি আৰু মৌলিক কর্তব্য, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Political Science Chapter 7 ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশক নীতি আৰু মৌলিক কর্তব্য and select needs one.

ASOS Class 12 Political Science Chapter 7 ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশক নীতি আৰু মৌলিক কর্তব্য

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Political Science Chapter 7 ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশক নীতি আৰু মৌলিক কর্তব্য Solutions for All Subject, You can practice these here.

ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশক নীতি আৰু মৌলিক কর্তব্য 

Chapter : 7

6.1. পাঠ্য অন্তৰ্গত প্রশ্নাৱলীৰ উত্তৰঃ

উল্লেখ কৰা বিভিন্ন শ্ৰেণীৰ নিৰ্দেশক নীতিবোৰ চিনাক্তকৰণ কৰা আৰু বহুওৱা— গান্ধীবাদী, অর্থনৈতিক আৰু সামাজিক, আন্তর্জাতিক শান্তি আৰু অন্যান্য।

১। কুটিৰ শিল্পৰ প্ৰসাৰৰ বাবে—

উত্তৰঃ গান্ধীবাদী।

২। পুৰুষ-মহিলা উভয়কে উপযুক্ত প্ৰদানৰ বাবে—

উত্তৰঃ সামাজিক আৰু অৰ্থনৈতিক।

৩। শ্রমিক শ্ৰেণীৰ জীৱিকাৰ বাবে — 

উত্তৰঃ সামাজিক আৰু অৰ্থনৈতিক

৪। শৈশৱকালীন যত্ন আৰু ৬ বছৰলৈ সকলো শিশুক শিক্ষা প্ৰদানৰ বাবে—

উত্তৰঃ সামাজিক আৰু অৰ্থনৈতিক।

৫। ঐতিহাসিক স্মৃতিচিহ্ন সুৰক্ষাৰ বাবে—

উত্তৰঃ অন্যান্য।

৬। প্রাকৃতিক পৰিৱেশ, প্ৰদুষণমুক্ত আৰু বন্য প্রাণীৰ সুৰক্ষাৰ বাবে— 

উত্তৰঃ অন্যান্য।

7.2. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

তলত দিয়া বিকল্পসমূহৰ পৰা শুদ্ধ উত্তৰটো বাছিউলিওৱা –

(ক) স্বাধীনতাৰ সময়ত মনুহৰ সাক্ষৰতাৰ শতকৰা হাৰ কি আছিল?

১। 12% 

২। 14%

৩। 16% 

৪। 18%

উত্তৰঃ 14%।

(খ) ৰাষ্ট্ৰীয় শিক্ষা নীতি কেতিয়া গ্ৰহণ কৰা হৈছিল?

১। 1948 

২। 1986

৩। 1988 

৪। 1989

উত্তৰঃ 1986।

(গ) তলত দিয়া কোনটো ব্যৱস্থাই পুৰুষ-মহিলা উভয়কে একে কামৰ বাবে সমান মজুৰীৰ ব্যৱস্থা কৰিছে?

১। মৌলিক অধিকাৰ 

২। মৌলিক কর্তব্য

৩। ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশক নীতি 

উত্তৰঃ মৌলিক অধিকাৰ।

(ঘ) সংবিধানৰ কোনটো অংশত শিশুসকলৰ শোষণৰ বিৰুদ্ধে ব্যৱস্থা আছে?

১। মৌলিক অধিকাৰ

২। মৌলিক কর্তব্যর

৩। ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশক নীতি 

উত্তৰঃ ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশক নীতি

(ঙ) ভাৰতত কেতিয়া মহিলা আৰু শিশু বিকাশ বিভাগ প্রতিষ্ঠা কৰা হয়?

১। 1987 

২। 1985

৩। 1992 

৪। 1995

উত্তৰঃ 1985।

7.3. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

শুদ্ধ উত্তৰেৰে খালী ঠাই পূৰ কৰা 

১। এখন ________ৰাষ্ট্ৰই সমাজৰ দুৰ্বল শ্রেণীসমূহৰ বাবে সেৱা আৰু সামগ্ৰী প্ৰদানৰ দায়িত্ব বহন কৰে। (সমাজবাদী/দানশীল/কল্যাণকামী) 

উত্তৰঃ কল্যাণকামী।

২। চৰকাৰে সম্পদৰ_______বিতৰণৰ চেষ্টা কৰি আহিছে। (সমান/অসমান/ন্যয্যভাৱে)

উত্তৰঃ ন্যায্যভাৱে।

৩। ভাৰতবৰ্ষত_______ব্যৱস্থাৰ বিলোপ সাধন কৰা হৈছে। (পূজিবাদী/ জমিদাৰী/ জাতি)

উত্তৰঃ জমিনদাৰী।

৪। ________উদ্যোগৰ বিকাশৰ বাবে খাদী আৰু গ্ৰাম্য উদ্যোগ বোৰ্ডৰ প্ৰতিষ্ঠা কৰা হৈছে। (ক্ষুদ্ৰ/ মধ্যম/ কূটীৰ)  

উত্তৰঃ ক্ষুদ্ৰ।

৫। সংবিধানৰ________ সংশোধনী আইন অনুযায়ী পঞ্চায়ত ৰাজ সংস্থাসমূহক সাংবিধানিক মৰ্যাদা প্ৰদান কৰা হৈছে। (৭২তম/ ৭৩তম/ ৭১তম) 

উত্তৰঃ ৭৩ তম।

7.4. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

খালী ঠাই পূৰণ কৰা— 

(ক) নির্দেশক নীতিবোৰ প্ৰকৃতিত_______। (নকাৰাত্মক/ সকাৰাত্মক/ প্রাকৃতিক)

উত্তৰঃ যোগাত্মক।

(খ) প্রত্যেক_______ৰ উন্নয়নেই মৌলিক অধিকাৰৰ লক্ষ্য। (পৰিয়াল/ গোষ্ঠী/ ব্যক্তি)

উত্তৰঃ ব্যক্তিগত।

(গ) নিৰ্দেশক নীতিসমূহৰ উদ্দেশ্য________গণতন্ত্র প্রতিষ্ঠা কৰা। (ৰাজনৈতিক/ সাংস্কৃতিক/ আর্য-সামাজিক)

উত্তৰঃ অর্থনৈতিক।

(ঘ) মৌলিক অধিকাৰ আৰু নিৰ্দেশক নীতিৰ মাজত_________ সম্পর্ক আছে। (ওচৰ/পৰোক্ষ)

উত্তৰঃ ওচৰ।

7.5. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

শুদ্ধনে অশুদ্ধ লিখা—

১। অধিকাৰ আৰু কৰ্তব্যবোৰ এটা মুদ্ৰাৰে ইপিঠি সিপিঠি। (শুদ্ধ/ অশুদ্ধ)

উত্তৰঃ শুদ্ধ।

২। মৌলিক অধিকাৰবোৰ মূল সংবিধানত আছিল। (শুদ্ধ/ অশুদ্ধ) 

উত্তৰঃ শুদ্ধ।

৩। মৌলিক কর্তব্যবোৰ মৌলিক অধিকাৰৰ লগত উল্লেখ কৰা হৈছে। (শুদ্ধ/ অশুদ্ধ)

উত্তৰঃ অশুদ্ধ।

৪। বর্তমান ১০ টা মৌলিক কর্তব্য আছে। (শুদ্ধ/ অশুদ্ধ) 

উত্তৰঃ অশুদ্ধ।

7.6. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

শুদ্ধ উত্তৰটো বাচি উলিওৱা—

১। মৌলিক কর্তব্যবোৰ বাদযোগ্য/ অবাদযোগ্য।

উত্তৰঃ অবাদযোগ্য।

২। এই কর্তব্যবোৰ স্পষ্ট/ অষ্পষ্ট।

উত্তৰঃ অস্পষ্ট।

পাঠ্য সমাপ্তি অনুশীলনীৰ উত্তৰঃ

1. ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশক নীতিবোৰৰ প্ৰকৃতি ব্যাখ্যা কৰা। ইয়াৰ আইনগত ভিত্তি কি?

উত্তৰঃ ভাৰতবৰ্ষৰ সংবিধানৰ চতুর্থ অধ্যায়টোৱে ৰাষ্ট্ৰ পৰিচালনাৰ নিদেশাত্মক নীতিসমূহৰ বিষয়ে আলোচনা আগবঢ়াইছে। এই নীতিবোৰ আইনগত ভাবে প্ৰযোাজিত নহয়, কিন্তু ৰাষ্ট্ৰ পৰিচালনাৰ বাবে উল্লেখযোগ্য। ৩৬ নং অনুচ্ছেদৰপৰা ৫১ নং অনুচ্ছেদলৈকে এই নীতিসমূহ আলোচনা কৰা হৈছে। প্ৰস্তাৱনাত উল্লেখ থকা আদৰ্শবোৰৰ নক্সা হৈছে এই নীতিবোৰ। যদিও ন্যায় বিচাৰযোগ্য নহয় এই নীতিসমূহ ৰাষ্ট্ৰৰ পৰিচালনাৰ মৌলিক পথ প্ৰদৰ্শক আৰু অনুদেশ।এই নীতিসমূহৰ মাজেদি ৰাষ্ট্ৰই একতা, সমতাৰ বিকাশ কৰিব খোজেআৰু জনসাধাৰণক ন্যায় আৰু স্বতন্ত্ৰতাৰ নিশ্চয়তা প্রদান কৰিব খোজে। ন্যায়াধীশ এল. এম. সিং ভিয়ে এই নীতিসমূহক সংবিধানৰ জীৱনদায়িনী শক্তি বুলি কৈছে আৰু ইহঁতক সংবিধানৰ অংগ আৰু সামাজিক ন্যায়ৰ দৰ্শনৰ পৰিমাপক বুলি ক’ব খোজে । এই নীতিসমূহৰ মূল উদ্দেশ্য হ’ল সামাজিক আৰু অৰ্থনৈতিক ন্যায় আৰু সুযোগ আৰু প্ৰস্থিতিৰ সমতা প্রতিষ্ঠা কৰা৷

ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ প্ৰকাৰঃ ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিসমূহক চাৰিটা মূল শ্ৰেণীত ভাগ কৰা হৈছে। এইবোৰ হ’ল — সমাজবাদী নীতি, গান্ধীবাদী নীতি, উদাৰবাদী নীতিআৰু আন্তঃৰাষ্ট্ৰীয় নীতি। এই নীতিসমূহক ৩৬ নং ৰ পৰা ৫১ নং অনুচ্ছেদলৈকে আলোচনা কৰা হৈছে।

সমাজবাদী নীতিঃ এই নীতিসমূহৰ আধাৰত ভাৰতবৰ্ষত কল্যাণকামী সমাজবাদী ৰাষ্ট্ৰ গঠন কৰিব খোজা হৈছে। ৩৮ তম, ৩৯ তম, ৪১ তম আৰু ৪৩ তম অনুচ্ছেদে এই নীতিসমূহক সাঙুৰি লৈছে। এইবোৰ হ’লঃ

(ক) ৰাষ্ট্ৰই সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিকভাৱে ন্যায়সংগত শৃঙ্খলাৰ সৃষ্টিৰে জনসাধাৰণৰ কল্যাণ নিৰাপদ কৰাৰ চেষ্টা কৰিব লাগে।

(খ) পুৰুষ আৰু মহিলাৰ নিৰ্বিশেষে ৰাষ্ট্ৰই সকলোৰে সমান জীৱিকাৰ মাধ্যম যোগানৰ চেষ্টা কৰিব লাগে।

(গ) ৰাষ্ট্ৰই সকলো শ্ৰেণীৰ লোকৰ মাজত অৰ্থ আৰু সম্পদৰ সম-বিতৰণ কৰিব লাগে।

(ঘ) ৰাষ্ট্ৰই অর্থনৈতিক ব্যৱস্থা এনেদৰে পৰিচালনা কৰিব লাগে যাতে অর্থ আৰু উৎপাদনৰ মাধ্যম সংখ্যালঘু কিছুমান ব্যক্তি সমষ্টিৰ হাততে আৱদ্ধ হৈ নাথাকে।

(ঙ) নাৰী-পুৰুষ সকলোকে একে কামৰ বাবে একে ধৰণৰ মজুৰি প্ৰদান কৰা।

(চ) ৰাষ্টই শ্ৰমিকৰ, পুৰুষ-মহিলা সকলোৰে স্বাস্থ্য আৰু শক্তিৰ সুৰক্ষা দিয়া উচিত আৰু শিশুসকলক তেওঁলোকৰ বয়স আৰু শক্তিৰ লগত খাপ নোখোৱা কাম কৰাৰ পৰা বাৰণ কৰা উচিত।

(ছ) ৰাষ্ট্ৰই শিশু আৰু যুৱচামক শোষণ আৰু নৈতিক আৰু ভৌতিক আত্মহননৰ পৰা ৰক্ষা কৰা উচিত।

(জ) ৰাষ্ট্ৰই ন্যায়সংগত আৰু স্বাস্থ্যসন্মত কৰ্ম পৰিস্থিতিৰ সৃষ্টি, জীৱন নিৰ্বাহৰ যথাযোগ্য মানদণ্ড সৃষ্টি, সম্পূৰ্ণ নিয়োগ, জিৰণি আৰু সামাজিক আৰু সাংস্কৃতিক সুযোগ সৃষ্টিত গুৰুত্ব দিব লাগে।

(ঝ) ৰাষ্ট্ৰই শিক্ষাৰ অধিকাৰ, নিৱনুৱা সকলক চৰকাৰী সাহাৰ্য, বৃদ্ধ, ৰোগগ্রস্ত আৰু অপাৰ্গসকল আৰু পিছপৰাসকলৰ অধিকাৰৰ সুৰক্ষা প্ৰদান কৰিব লাগে।

(ঞ) ৰাষ্ট্ৰই উদ্যোগ আৰু প্ৰতিষ্ঠানসমূহত শ্ৰমিকসকলৰ অংশগ্রহণ নিশ্চিত কৰিব লাগে।

(ণ) ৰাষ্ট্ৰই সুযোগৰ সমতা আৰু সকলো ব্যক্তিৰে সন্মান নিশ্চিত কৰিব লাগে।

(ত) জনসাধাৰণৰ পুষ্টি আৰু জীৱনধাৰণৰ মানদণ্ডক নিশ্চিত কৰা উচিত।

গান্ধীবাদী নীতিঃ মহাত্মা গান্ধীৰ আদৰ্শৰে প্ৰেৰিত হৈ ৪০,৪৩,৪৭আৰু ৪৮ নং অনুচ্ছেদত কিছুমান গান্ধীবাদী নীতি অন্তভুক্ত কৰা হৈছে। ভাৰতীয় সংবিধান প্ৰণেতাসকলে তেখেতৰ ভাৰত ৰাষ্ট্ৰক লৈ দেখা কিছু সপোনক একত্ৰিত কৰি এই নীতি সমূহৰ গঠন কৰিছিল। সেই নীতিসমূহ তলত উল্লেখ কৰা হ’লঃ

(ক) ৰাষ্ট্ৰই পঞ্চায়তীৰাজৰ প্ৰচলন কৰিব লাগে আৰু ইহঁতক যথাৰ্থ ক্ষমতা আৰু কৰ্তৃত্ব প্ৰদান কৰিব লাগে ৷

(খ) ৰাষ্ট্ৰই গ্ৰাম্য অঞ্চলত কুটীৰ শিল্পৰ উন্নয়ন আৰু ব্যক্তিগত আৰু সমবায় ভিত্তিত সেইসমূহৰ প্ৰসাৰত গুৰুত্ব দিয়া উচিত ।

(গ) ৰাষ্ট্ৰই ৰাগিয়াল দ্ৰব্য আৰু অস্বাস্থ্যকৰ পানীয় সেৱন বন্ধ কৰিব লাগে আৰু গো-হত্যা আৰু আন দৰকাৰী ঘৰচীয়া জীৱ-জন্তুৰ হত্যাত বাধা দিব লাগে। 

(ঘ) ৰাষ্ট্ৰই দুৰ্বল শ্ৰেণীৰ লোকৰ শৈক্ষিক আৰু অৰ্থনৈতিক স্বাৰ্থ সুৰক্ষিত কৰিব লাগে, বিশেষকৈ অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ, আৰু তেওঁলোকক সামাজিক অন্যায় আৰু আন বৈষম্যৰ পৰা ৰক্ষা কৰা উচিত। 

(ঙ) ৰাষ্ট্ৰই আধুনিক বিজ্ঞানসন্মতভাৱে কৃষি ব্যৱস্থাপনা আৰু পশুপালনত গুৰুত্ব দিয়া উচিত।

(চ) ৰাষ্ট্ৰই পৰিৱেশৰ সংৰক্ষণ আৰু উন্নতিকৰণ আৰু ৰাষ্ট্ৰৰ জীৱ-জন্তুক সংৰক্ষণ কৰিব লাগে।

(ছ) ৰাষ্ট্ৰই পৰিৱেশৰ সংৰক্ষণ আৰু উন্নতিকৰণ আৰু ৰাষ্ট্ৰৰ জীৱ-জন্তুক সংৰক্ষণ কৰিব লাগে।

(জ) ৰাষ্ট্ৰই জাতীয় গুৰুত্ব থকা ঐতিহাসিক স্থান আৰু বস্তুসমূহক সংৰক্ষণ, নিৰাপত্তা আৰু প্ৰতিপালন কৰিব লাগে।

উদাৰবাদী নীতিঃ (ক) ৪৪, ৪৫ আৰু ৫০ নং অনুচ্ছেদত উদাৰবাদী নীতিসমূহ আলোচনা কৰা হৈছে। এই নীতিসমূহ হলঃ 

(ক) প্ৰত্যেকজন ভাৰতীয়ৰ বাবে ৰাষ্ট্ৰই উমৈহতীয়া দেৱানী বিধি প্ৰৱৰ্তন কৰিব লাগে।

(খ) চৈধ্য বছৰ পৰ্যন্ত সকলো শিশুকে দহ বছৰৰ ভিতৰত মুক্ত আৰু বাধ্যতামূলক শিক্ষা প্ৰদান কৰিব লাগে।

(গ) কাৰ্যপালিকাৰ পৰা ন্যায়পালিকাক ৰাষ্ট্ৰই পৃথক ৰাখিব লাগে। 

(ঘ) ৰাষ্ট্ৰই সকলো লোককে মুক্ত আৰু আইনী সাহার্য দিব লাগে যাতে কোনো নাগৰিকে দৰিদ্ৰতাৰ বাবে ন্যায় নোপোৱাকৈ নাথাকে।

আন্তঃৰাষ্ট্ৰীয় নীতিঃ ভাৰতীয় সংবিধানৰ ৫১ নং অনুচ্ছেদে কিছুমান আন্তঃৰাষ্ট্ৰীয় নীতিও সন্নিবিষ্ট কৰে যাতে আন ৰাষ্ট্ৰৰ স’তে সম্পর্ক স্থাপনৰ বাবে কিছু নীতিৰ সৃষ্টি কৰিব পাৰি। এই নীতিসমূহ হলঃ

(ক) আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা। 

(খ) ৰাষ্ট্ৰসমূহৰ মাজত ন্যায়সংগত আৰু সন্মাসূচক সম্পর্ক বজাই ৰখা। 

(গ) আন্তঃৰাষ্ট্ৰীয় আইন, চুক্তি আৰু সংগঠনসমূহক সন্মান প্ৰদৰ্শন কৰা ৷ 

(ঘ) আন্তঃৰাষ্ট্ৰীয় বিবাদসমূহৰ শান্তিপূর্ণ আলোচনাৰে সমাধান কৰা ।

2. ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশক নীতিবোৰ শ্ৰেণীবিভাগ আলোচনা কৰা৷ 

উত্তৰঃ ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশক নীতিসমূহক চাৰিটা ভাগত ভাগ কৰিব পাৰি। এইবোৰ হ’ল—(১) অর্থনৈতিক আৰু সামাজিক নীতিবোৰ, (২) গান্ধীবাদী নীতিবোৰ, (৩) আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা সম্পৰ্কীয় নীতি আৰু নিয়মবোৰ আৰু (৪) অন্যান্য

১। অর্থনৈতিক আৰু সামাজিক নীতিবোৰঃ ৰাষ্ট্ৰই জনগণৰ সামাজিক আৰু আৰ্থিক কল্যাণৰ বাবে তলত দিয়া ধৰণে চেষ্টা চলাব—

(ক) পুৰুষ আৰু মহিলা উভয়ৰ বাবে উপযুক্ত জীৱিকাৰ ব্যৱস্থা কৰিব। 

(খ) অর্থনৈতিক সম্পদসমূহ মুষ্টিমেয় কেইজনমানৰ হাতত স্তুপিকৃত নোহোৱা ধৰণৰ অৰ্থনৈতিক ব্যৱস্থা গ্ৰহণ কৰিব।

(গ) পুৰুষ-মহিলা উভয়কে একে শ্ৰমৰ বাবে একে হাৰত মজুৰি দিয়াৰ ব্যৱস্তা কৰিব।

(ঘ) পুৰুষ, মহিলা আৰু শিশুৰ বাবে উপযুক্ত তথা স্বাস্থ্যবান কৰ্মৰ পৰিবেশ আৰু নিযুক্তিৰ ব্যৱস্থা কৰিব।

(ঙ) শিশুসকলক শোষণ আৰু নৈতিক অধঃপতনৰ পৰা ৰক্ষা কৰা ৷

(চ) ৰুগীয়া আৰু অক্ষমজনৰ বাবে, বৃদ্ধজনৰ বাবে আৰু নিবনুৱা সকলৰ বাবে, শিক্ষা আৰু চৰকাৰী সাহাৰ্য পোৱাৰ আৰু কৰ্মৰ অধিকাৰৰ প্ৰদানৰ উপযুক্ত ব্যৱস্থা কৰিব।

(ছ) প্ৰসূতি অৱস্থাত ন্যায়সংগত আৰু কৰ্মৰ মানৱীয় পৰিৱেশৰ ব্যৱস্থা কৰিব। 

(জ) উদ্যোগ আদিৰ পৰিচালনাত শ্ৰমিকৰ অংশগ্রহণ নিশ্চিতকৰণৰ ব্যৱস্থা কৰিব।

(ঝ) শ্রমিক শ্ৰেণীলৈ বিশেষকৈ অনুসূচিত জাতি আৰু অনসূচিত জনজাতি সম্প্ৰদায়লৈ শিক্ষা আৰু অৰ্থনৈতিক সাহাৰ্যৰ ব্যৱস্থা কৰিব।

(ঞ) সকলো শ্রমিকলৈ প্ৰয়োজনীয় জিৰণী আৰু সাংস্কৃতিক সুবিধা প্রদান কৰিব ৷

(ট) জনস্বাস্থ্য আৰু জীৱন-ধাৰণৰ মানদণ্ডৰ উন্নতিৰ ব্যৱস্থা কৰিব।

(ঠ) ৬ বছৰৰ সকলো শিশুলৈ প্ৰাথমিক শৈশৱকালীন যত্ন আৰু শিক্ষাৰ ব্যৱস্থা কৰিব।

২। গান্ধীবাদী নীতিসমূহঃ সংবিধানত মহাত্মা গান্ধীৰ আদৰ্শ বিত্তি কিছুমান নীতিও অন্তৰ্ভুক্ত কৰা হৈছে। এই নীতিবোৰ তলত দিয়া ধৰণৰ— 

(ক) গাঁও পঞ্চায়ত প্ৰতিষ্ঠা কৰা।

(খ) কুটিৰ আৰু গ্ৰাম্য শিল্পৰ উন্নতি কৰা।

(গ) স্বাস্থ্যৰ প্ৰতি ক্ষতিকাৰক মাদক দ্ৰব্য আৰু ঔষদ নিষিদ্ধ কৰা। 

(ঘ) পশুপালন ব্যৱস্থাৰ উন্নতি কৰা, গো হত্যা বধ ৰোধকৰা, পোৱালী আৰু আন আন খীৰতী বা আন জন্তুক বধ কৰাটো বন্ধ কৰা ৷

৩। আন্তর্জাতিক শান্তি আৰু নিৰাপত্তাৰ লগত জড়িত ৰাষ্ট্ৰ পৰিচালনাৰ নির্দেশক নীতিসমূহঃ ভাৰতবৰ্ষই বিশ্বশান্তি আৰু নিৰাপত্তাৰ বাবে সক্রিয় সহযোগীতা আগবঢ়াব আৰু ৰাষ্ট্ৰই এই উদ্দেশ্যে তলত দিয়া ব্যৱস্থাসমূহ হাতত ল’বঃ

(ক) আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা বৃদ্ধি কৰা ৷

(খ) ৰাষ্ট্ৰসমূহৰ মাজত নৰায়সংগত আৰু সন্মানজনক সম্পর্ক স্থাপন। 

(গ) আন্তর্জাতিক আইন, সন্ধি আদিৰ প্ৰতি সন্না প্রদর্শন। 

(ঘ) মধ্যস্থতাৰ যোগেদি আন্তর্জাতিক বিবাদ নিস্পত্তিত উৎসাহ দিয়া । 

৪। অন্যান্যঃ এই শ্ৰেণীৰ নিৰ্দেশক নীতিয়ে ৰাষ্ট্ৰক তলত দিয়া ধৰণে নিৰ্দেশনা দিয়ে—

(ক) সকলো ভাৰতীয় লোকৰ বাবে একে ধৰণৰ দেৱানী আইন প্ৰৱৰ্তন কৰিব।

(খ) ঐতিহাসিক স্মৃতিচিহ্নবোৰক সুৰক্ষা প্ৰদান কৰিব।

(গ) প্রাকৃতিক পৰিৱেশক প্ৰদূষণৰ পৰা সুৰক্ষা প্ৰদান আৰু বন্য প্রাণীৰ সুৰক্ষা প্ৰদান কৰিব৷

(ঘ) মুক্ত বৈধ ন্যায় প্রদানৰ খৰচৰ উপযুক্ত আইন প্রণয়নেৰে বহন কৰিব।

3. শিক্ষাৰ সাৰ্বজনীনকৰণত ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশক নীতিসমূহ কেনেকৈ প্ৰয়োগ কৰা হৈছে বিশ্লেষণ কৰা।

উত্তৰঃ স্বাধীনতাৰ সময়ত সাক্ষৰতাৰ হাৰ মাত্ৰ 15 শতাংশ আছিল ৷ আমাৰ চৰকাৰে শিক্ষাৰ গুৰুত্ব উপলব্ধি কৰিছিল আৰু জনগণৰ মাজত শিক্ষাৰ প্ৰসাৰৰ ওপৰত গুৰুত্ব দিদিছল। সাক্ষৰতাৰ হাৰ বৃদ্ধি কৰিবলৈ চৰকাৰে নানা ব্যৱস্থা হাতত লৈছে। কিন্তু অধিকাংশ মানুহেই আমাৰ এতিয়াও অশিক্ষিত। এই ক্ষেত্ৰত আটাইতকৈ অধিক গুৰুত্ব দিবলগীয়া দিশটো হৈছে প্ৰাথমিক শিক্ষাৰ প্ৰসাৰ আৰু ইয়াৰ সাৰ্বজনীনকৰণ। প্রাথমিক পৰ্যায়তে ৰৈ যোৱা বাবে 15 ৰ পৰা 35 বছৰৰ অশিক্ষিতৰ সংখ্যাৰ ক্ৰমাগতভাৱে বৃদ্ধি পাই আহিছে।

1986 চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতি অনুযায়ী, জনগণৰ মাজত প্ৰাথমিক পৰ্যায়ত শিক্ষাৰ প্ৰসাৰৰ বাবে “অপাৰেচন ব্লেকবোর্ড” নামেৰে এক ৰাষ্ট্ৰীয় সাক্ষৰতা অভিযান চৰকাৰে প্ৰৱৰ্তন কৰিছে। শৈশৱ কালতে শিক্ষাৰ পৰা বঞ্চিত হৈ যোৱা সকলৰ বাবে, চৰকাৰ আৰু আন বহুতো স্বেচ্ছাসেৱী সংগঠনে তেওঁলোকক শিক্ষিত কৰি তুলিবলৈ নৈশ বিদ্যালয় স্থাপন আৰু প্ৰাপ্তবয়স্ক শিক্ষা কেন্দ্র স্থাপনেৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰি আহিছে।

বিভিন্ন ৰাজ্যত বহুতো, দূৰৱৰ্তী শিক্ষা ব্যৱস্থা, দূৰৱৰ্তী আৰু মুক্ত শিক্ষা আদি দূৰৱৰ্তী শিক্ষা পাঠ্যক্ৰমৰ মাধ্যমেৰে আৰম্ভ কৰা হৈছে। শিক্ষাৰ সাৰ্বজনীন কাৰণৰ বাবে ৰাষ্ট্ৰীয় মুক্ত শিক্ষা প্রতিষ্ঠান আৰু ভালেমান মুক্ত বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে। নিৰ্দেশতক নীতিত উল্লেখ কৰা অনুযায়ী বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা 14 বছৰৰ তলৰ সকলোলৈকেদিবৰ বাবে 2002 চনৰ 86 তম সংশোধন অনুযায়ী মৌলিক অধিকাৰত 21 (ক) অংশ সংযোগ কৰা হৈছে।

কল্যাণকামী ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত এই উদ্দেশ্যসমূহে ভালেমান সফলতা লাভ কৰিছে যদিও আৰু ভালেমান এতিয়াও বাকী আছে।

4. নিম্নলিখিত বিষয়সমূহৰ ওপৰত ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশক নীতিসমূহ মূল্যায়ণ কৰা।

(ক) শিশু শ্রমিক।

উত্তৰঃ (ক) শিশু শ্রমিক  এটা নিৰ্দেশাত্মক নীতিৰ যোগেদি শিশুসকলক উপযুক্ত ধৰণে বিকাশৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তোমালোকে শিশুসকলৰ শোষণৰ বিৰুদ্ধে থকা মৌলিক অধিকাৰৰ বিষয়েও পঢ়ি আহিছা। খনি আৰু কাৰখানা আদিৰ দৰে স্বাস্থ্যৰ প্ৰতি ক্ষতিকাৰক কামত 14 বছৰৰ তলৰ শিশুসকলক নিয়োজিত কৰাটো নিষিদ্ধ কৰা হৈছে।

এই ব্যৱস্থাসমূহথকা স্বত্ত্বেও, কাংক্ষিত লক্ষত উপনীত হ’ব পৰা নাই। বহু সময়ত দেখা যায় যে শিশু শ্রমিক উচ্ছেদকৰণৰ প্ৰতি মাক-দেউতাকসকলৰ সজাগ নহয়। তেওঁলোকে পৰিয়ালটোৰ উপাৰ্জন বৃদ্ধিৰ বাবে তেওঁলোকৰ শিশুসকলক কিছুমান কাম কৰিবলৈ বাধ্য কৰায়। এই সমস্যাটো সমাধানৰ ক্ষেত্ৰত ইচ্ছাৰ অভাৱৰ লগতে দৰিদ্ৰতা আৰু সামাজিক কলংকও এই দিশত বাধা হিচাপে থিয় দিয়ে। সজাগতা আৰু ইচ্ছা নাথাকিলে সমাজ ব্যৱস্থাতে থকা এই প্ৰত্যাহ্বানসমূহৰ বাবেই বিভিন্ন পর্যায়ত গ্ৰহণ কৰি অহা সকলোবোৰ চৰকাৰী ব্যৱস্থা অসাৰ প্ৰতিপন্ন হ’ব। ড আব্দুল কালামৰ “বিকশিত ভাৰতৰ স্বপ্ন 2020″ তেতিয়াহে পূৰণ হ’ব যেতিয়া দেশৰ ভৱিষ্যৎ শিশুসকলক সুৰক্ষিত আৰু শোষণৰ পৰা মুক্ত কৰিব পৰা যাব। শিশুসকলে অধিকাৰবোৰৰ পৰা বঞ্চিত হ’ব নালাগিব ৷ আৰু তেওঁলোকে শৈশৱকাল আৰু শিক্ষাৰ অধিকাৰ ভোগ কৰিব পাৰিব লাগিব।

(খ) মহিলাৰ মৰ্যাদা।

উত্তৰঃ ভাৰতবৰ্ষত মূলতঃ পুৰুষ প্ৰধান সমাজ য’ত পুৰুষজন পৰিয়ালৰ মূলৰব্বী হয় আৰু মাকৰ স্থান তেওঁৰ তলতহে থাকে। তেনে এক পদ্ধতিত স্বাভাৱিক মহিলাৰ স্থান দুর্বল হয় ৷ যৌতুক প্রথা পর্দা প্রথা আদিৰ দৰে ভালেমান ধৰ্মীয় ৰীতি-নীতি আৰু সামাজিক প্ৰথাৰ মহিলাসকল বলি হৈ আহিছে।

মহিলাসকলৰ দেশৰ অভিন্ন অংগ হিচাপে ২০০১ চনৰ লোকপিয়ল অনুসৰি ইয়াৰপৰিমানণ হ’ল ৪৯৫-৯৪ মিলিয়ন অর্থাৎ দেশৰ ৪৮.৩ শতাংশ। মৌলিক অধিকাৰ আৰু নিৰ্দেশক নীতিৰ মাধ্যমেৰে আমাৰ সংবিধানে ইতিমধ্যে মহিলাৰ মৰ্যাদা বৃদ্ধি আৰু মহিলা শিক্ষাৰ ওপৰত গুৰুত্ব দিছে। জীৱন-ধাৰণৰ বাবে উপযুক্ত জীৱিকাৰ অধিকাৰ আৰু পুৰুষৰ দৰে সমান শ্ৰমৰ বাবে সমান মজুৰিৰ ব্যৱস্থা তেওঁলোকৰ বাবে কৰা হৈছে। মহিলা শ্রমিকসকলক স্বাস্থ্য যত্ন আৰু প্ৰসূতীকালীন সাহায্য প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।

আনকি মহিলা মৰ্যাদাৰ হানিকৰ কোনো ধৰণৰ আচৰণ নকৰাটো ভাৰতীয় নাগৰিকৰ বাবে অন্যতম মৌলিক কর্তব্য হিচাপে ধৰা হৈছে।

ভালেমান আইন আৰু ন্যায়িক সিদ্ধান্তই মহিলাসকলৰ মৰ্যাদা বৃদ্ধি কৰিছে। তেওঁলোকৰ অধিকাৰবোৰ সুৰক্ষিত কৰিবলৈ, পৰিয়ালৰ সম্পত্তিৰ অংশ পোৱাৰ ব্যৱস্থা কৰি দিয়া হৈছে। সতিদাস প্রথা, পত্নী নির্যাতন, যৌতুকৰ বাবে বোৱাৰীক জ্বলাই দিয়া আদি নিষ্ঠুৰতাৰ পৰা মুক্তিৰ বাবে তেওঁলোকৰ কাৰণে আইন প্রস্তুত কৰা হৈছে। কন্যা শিশু হত্যা, ভ্রূণহত্যা, কন্যশিশুৰ বিৰুদ্ধে বৈষম্য, বাল্যবিবাহ আৰু আন কিছুমান ব্যৱস্থাৰ নিষিদ্ধকৰণ কৰি মহিলাৰ মৰ্যাদা বৃদ্ধিতসহায় কৰিব বিচৰা হৈছে।

মহিলা সবলীকৰণৰ বাবে পঞ্চায়ত আৰু পৌৰ নিকায়সমূহত ১৯৯১, ১৯৯২ চনৰ ৭৩-তম আৰু ৭৪-তম সংশোধনী আইন অনুযায়ী এক তৃতীয়াংশ আসন। সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। সংসদ আৰু ৰাজ্যিক বিধানসমূহত একে ধৰণৰ আসন সংৰভণৰ প্ৰস্তাৱো গ্ৰহণ কৰা হৈছে।

5. ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশক নীতিসমূহৰ প্ৰয়োগৰ ক্ষেত্ৰত ৰাষ্ট্ৰৰ ভূমিকা পৰীক্ষা কৰা।

উত্তৰঃ বহুতো সমালোচকে ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিসমূহক নতুন বছৰৰ শুভেচ্ছাৰ লগত তুলনা কৰিব বিচাৰে। আনকি তেনে ধৰণৰ প্ৰতিশ্ৰুতি অন্তৰ্ভুক্তিৰ যুক্তিযুক্ততাৰ ওপৰত প্রশ্ন উত্থাপন হৈছে। এইবুলি কোৱা হয় নিৰ্দেশনাবোৰ হৈছে আইনৰ অনুমোদন বিহীন পৱিত্ৰ ইচ্ছা কিছুমান মাত্র। এইবোৰ কার্যকৰি কৰিবলৈ চৰকাৰ বাধ্য নহয়। সমালোচকসকলে আঙুলিয়াই দিয়ে যে এই আদৰ্শবোৰ কাৰ্যকাৰিতা সম্পৰ্কত কোনো ধরণৰ চিন্তা অবিহনে ইয়াক প্রস্তুত কৰা হৈছিল।

ইমানবোৰ সমালোচনা থাকিলেও এই নীতিবোৰ অপ্ৰয়োজনীয় বুলিব নোৱাৰি। ইহঁতৰ নিজস্ব কার্যকৰিতা আৰু গুৰুত্ব আছে। নিৰ্দেশক নীতিবোৰ হৈছে ঠিক এটা প্ৰৱতৰাৰ দৰে যিয়ে নির্দেশনা দিয়ে। ইয়াৰ মূল লক্ষ্য হ’ল চৰকাৰক ইয়াৰ সীমিত পাৰ্থিৱ উৎসৰ ভিত্তিতেই জীৱন-ধাৰণৰ বাবে যিমানদূৰ সম্ভৱ হয় সকলো ধৰণৰ সামাজিক আৰু অৰ্থনৈতিক ন্যায় প্রদান সম্পৰ্কে পৰামৰ্শ দান কৰা। ইয়াৰে বহুতোবোৰ সফলতাৰে কাৰ্যকৰি কৰা হৈছে। প্ৰকৃততে, আমাৰ সংবিধানৰ প্ৰস্তাৱনাৰ যিহেতুকে এইবোৰ মূল তথা সকলো চৰকাৰ যিহেতু জনমতৰ ওচৰত নিৰ্ভৰশীল, সেয়ে কোনো চৰকাৰেই এই নিৰ্দেশনাবোৰ প্ৰয়োগ কৰিবলৈ অস্বীকাৰ কৰিব নোৱাৰে। এইক্ষেত্ৰত তলত দিয়া ধৰণে কিছুমান ব্যৱস্থা গ্ৰহণ কৰা হৈছে—

১। ভূমি সংস্কাৰৰ ব্যৱস্থা কৰা হৈছে আৰু জাগিৰদাৰী আৰু জমিদাৰী প্ৰথাৰ বিলোপ সাধন কৰা হৈছে।

২। ক্ষীপ্ৰ হাৰত ঔদ্যোগীকৰণ হৈছে আৰু সেউজ বিপ্লৱৰ মাধ্যমেৰে কৃষিৰ উৎপাদন তীব্ৰতৰ হৈছে।

৩। মহিলা কল্যাণৰ বাবে ৰাষ্ট্ৰীয় আয়োগ গঠন কৰা হৈছে।

৪। ব্যক্তিয়ে ভূমি আৰু সম্পত্তি ৰাখিব পৰাৰ পৰিমাণ নিৰ্ধাৰণ কৰি চিলিং আইন প্ৰৱৰ্তন কৰা হৈছে।

৫। ৰাজ্য বানচৰ বিলোপ সাধন কৰা হৈছে।

৬। জীৱন বীমা, সাধাৰণ বীমা আৰু ভালেমান বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছে।

৭। অর্থনৈতিক অসমতা দূৰ কৰিবলৈ, সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰৰ তালিকাৰ পৰা বাদ দিয়া হৈছে।

৮। গৰীৱ শ্ৰেণীস ৰহায়ৰ বাবে ৰাজহুৱা বিতৰণ আঁচনি প্ৰৱৰ্তন কৰা হৈছে। 

৯। পুৰুষ আৰু মহিলাক সমশ্ৰমৰ বাবে সমান মজুৰি প্ৰদানৰ বাবে প্রয়োজনীয় নীতি তৈয়াৰ কৰা হৈছে।

১০। অস্পৃশ্যতাৰ বিলোপ সাধন কৰা হৈছে। অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ উন্নতিৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা লোৱা হৈছে।

১১। সংবিধানৰ ৭৩তম আৰু ৭৪তম সংশোধনী (১৯৯১) আৰু ১৯৯২ চনৰ) অনুযায়ী অধিক ক্ষমতা প্রদানেৰে পঞ্চায়তসমূহক সাংবিধানিক মর্যাদা প্ৰদান কৰা হৈছে।

১২। ক্ষুদ্র, গ্রাম্য উদ্যোগ আৰু খাদী আৰু গ্ৰাম্য উদ্যোগসমূহক পিছপৰা অঞ্চলৰ বিকাশৰ বাবে উৎসাহিত কৰা হৈছে।

১৩। আন্তর্জাতিক শান্তি আৰু নিৰাপত্তাৰ বাবে ভাৰতে ৰাষ্ট্ৰসংঘৰ লগতো সক্রিয়ভাৱে সহযোগীতা আগবঢ়াই আহিছে।

ওপৰত উল্লেখ কৰাৰ দৰে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহে লোৱা ব্যৱস্থাসমূহৰ পৰা স্পষ্ট হয় যে কল্যাণকামী ৰাষ্ট্ৰ, ধৰ্মনিৰপেক্ষ আৰু সমাজবাদী ৰাষ্ট্ৰৰ ভিত্তি গঢ় দিবলৈ ৰাষ্ট্ৰপৰিচালনাৰ বহুতো নিৰ্দেশক নীতি কার্যকৰি কৰা হৈছে। অৱশ্যে এইবোৰে সম্পূৰ্ণভাৱে সফলতা পাবলৈ হ’লৈ এতিয়া ভালেমান সময় লাগিব।

6. মৌলিক অধিকাৰ আৰু নিৰ্দেশক নীতিসমূহৰ মাজৰ সম্পৰ্ক চমুকৈ ব্যাখ্যা কৰা।

উত্তৰঃ মৌলিক আধিকাৰ আৰু নিৰ্দেশাত্মক নীতিবোৰে ভাৰতবৰ্ষত আৰ্থসামাজিক আৰু ৰাজনৈতিক সমাজ প্রতিষ্ঠাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে, সেয়ে এই দুয়োটাৰ মাজৰ পাৰ্থক্য আমি জনাটো আৱশ্যক। মৌলিক অধিকাৰবোৰ নাগৰিকসকলৰ ৰাষ্ট্ৰৰ দ্বাৰা স্বীকৃত দাবী। এইবোৰে প্ৰকৃতিগতভাৱে চৰকাৰক কিছুমান কৰ্তৃত্বৰ পৰা বাৰণ কৰে। এইবোৰ এই কাৰণেই নকাৰাত্মক। নিৰ্দেশক নীতিবোৰ সকাৰাত্মক নিৰ্দেশনাৰ দৰে, যিবোৰ চৰকাৰে ভাৰতবৰ্ষত সামাজিক আৰু অৰ্থনৈতিক গণতন্ত্র প্রতিষ্ঠাৰ বাবে সকলো সময়তে মানি চলিব লাগে।

মৌলিক অধিকাৰবোৰ বাদযোগ্য আৰু আইনৰ দ্বাৰা বলবৎযোগ্য, নির্দেশক নীতিবোৰ বাদযোগ্য নহয়থ। অন্ত্য অর্থত, মৌলিক অধিকাৰবোৰ বলবৎ কৰিবলৈ উচ্চতম ন্যায়লয় আৰু উচ্চ ন্যায়ালয়সমূহে আদেশ বা লেখ জাৰি কৰিব পাৰে। ৰাষ্ট্ৰ পৰিচালনাৰনিৰ্দেশাত্মক নীতিবোৰে আনহাতে, বৈধ অধিকাৰ নুবুজায় আৰু বৈধ প্ৰতিকাৰো নাই। অৱশ্যে আমি এইবুলি ক’ব নোৱাৰো যে নিৰ্দেশাত্মক নীতিবোৰ নিকৃষ্ট বা মৌলিক অধিকাৰৰ তলতীয়া ।

7. আমাৰ সংবিধানৰ মৌলিক কৰ্তব্যবোৰ উল্লেখ কৰা। 

উত্তৰঃ অধিকাৰ আৰু কৰ্তব্য এটা মূদ্ৰাৰে ইপিঠি সিপিঠি। কর্তব্য অবিহনে অধিকাৰ থাকিব নোৱাৰে আৰু অধিকাৰ অবিহনে কর্তব্যও নাথাকে৷ অৱশ্যে অধিকাৰবোৰ কৰ্তব্যৰ পৰিপ্ৰেক্ষিততহে জন্ম হয়। ১৯৫০ চনত বলবৎ কৰা মূল সংবিধানখনত নাগৰিক বাবে মৌলিক কৰ্তব্য উল্লেখ কৰা হোৱা নাছিল ৷ এইটো আশা কৰা হৈছিল যে মানুহে ইচ্ছানুসৰি কৰ্তবোৰ পালন কৰিব। কিন্তু সংবিধানৰ ৪২তম সংশোধনী অনুসৰি সংবিধানৰ ৪ৰ্থ অংশত ৫১ (ক) অনুচ্ছেদত ১১ টা কৰ্তব্যৰ এখন নতুন তালিকা অন্তৰ্ভুক্ত কৰা হয়।

তালিকাভুক্ত কর্তব্যবোৰঃ

১। সংবিধান মানি চলা আৰু ৰাষ্ট্ৰীয় পতাকা আৰু ৰাষ্ট্ৰীয় সংগীতৰ প্ৰতি শ্রদ্ধা প্ৰদান কৰা।

২। স্বাধানতা আন্দোলনক অনুপ্রাণিত কৰা মহান আদৰ্শসমূহ পোষণ কৰা আৰু অনুসৰণ কৰা।

৩। ভাৰতবৰ্ষৰ একতা আৰু সংহতি ৰক্ষা কৰা।

৪। যেতিয়াই প্রয়োজন হয় তেতিয়াই দেশখন ৰক্ষা কৰা।

৫। সকলো শ্ৰেণীৰ মানুহৰ মাজত সদভাৱ আৰু ভাতৃত্ববোধৰ সৃষ্টি কৰা, মহিলাসকলক মর্যাদা প্ৰদান কৰা।

৬। আমাৰ মূল্যবান ঐতিহ্যৰ ৰক্ষা আৰু মিশ্র সংস্কৃতিৰ সংৰক্ষণ কৰা।

৭। বননি, হ্রদ, নদ-নদী, বন্য জন্তু আদিকে ধৰি প্ৰাকৃতিক পৰিৱেশ ৰক্ষা আৰু উন্নতি সাধন কৰা।

৮। বৈজ্ঞানিক দৃষ্টিভংগী আৰু মানৱতাবোধৰ সৃষ্টি কৰা।

৯। ৰাজহুৱা সম্পত্তি ৰক্ষা কৰা আৰু হিংসাৰ মনোভাৱ ত্যাগ কৰা।

১০। ব্যক্তিগত আৰু সামূহিক সকলো কাম-কাজত উৎকৰ্ষ সাধনৰ চেষ্টা কৰা।

১১। অভিবাৱকে বা পিতৃ-মাতৃয়ে শিশুক চৈধ্য বছৰলৈকে শিক্ষা গ্ৰহণত অংশগ্ৰহণ কৰোৱা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top