ASOS Class 12 Political Science Chapter 4 প্ৰধান ৰাজনৈতিক তত্ত্বসমূহ, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Political Science Chapter 4 প্ৰধান ৰাজনৈতিক তত্ত্বসমূহ and select needs one.
ASOS Class 12 Political Science Chapter 4 প্ৰধান ৰাজনৈতিক তত্ত্বসমূহ
Also, you can read the Assam State Open School book online in these sections Solutions by Krishna Kanta Handique State Open School Expert Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Political Science Chapter 4 প্ৰধান ৰাজনৈতিক তত্ত্বসমূহ Solutions for All Subject, You can practice these here.
প্ৰধান ৰাজনৈতিক তত্ত্বসমূহ
Chapter : 4
4.1. পাঠ্য অন্তৰ্গত প্রশ্নাৱলীৰ উত্তৰঃ
খালী ঠাই পূৰ কৰাঃ
1. নৱজাগৰণে নৈতিক উদ্দেশ্যক________সত্য হিচাপে ল’বলৈ অমান্তি কৰে ৷
উত্তৰঃ চৰম।
2. ফৰাচী বিপ্লৱে ________সমতা আৰু ভাতৃত্ববোধক মহান ৰাজনৈতিক আদর্শ হিচাপে ঘোষণা কৰিছিল।
উত্তৰঃ স্বাধীনতা।
3. 17 শ আৰু 18 শ শতিকাৰ __________নঞর্থক উদাৰতাবাদো বোলা হয়।
উত্তৰঃ উদাৰতাবাদ।
4. মেকগভার্ণ (McGovern) এ কৈছিল উদাৰতাবাদ দুটা উপাদানৰে গঠিত, গণতন্ত্ৰ আৰু________।
উত্তৰঃ ব্যক্তিবাদ।
5. উদাৰ অৰ্থনীতি_________অর্থনীতি।
উত্তৰঃ পুঁজিবাদী।
6. উদাৰনৈতিক ৰাষ্ট্ৰ এখন সামাজিক________ ৰাষ্ট্ৰ।
উত্তৰঃ সেৱা।
7. উদাৰ্তাবাদ________শ্ৰেণীৰ ৰাজনৈতিক দর্শন।
উত্তৰঃ পুঁজিবাদী।
4.2. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ
খালী ঠাই পূৰ কৰাঃ
1. মার্ক্সবাদ ________বিৰুদ্ধে প্রতিক্রিয়া (সামন্তবাদ, পুঁজিবাদ)
উত্তৰঃ পুঁজিবাদ।
2. মার্ক্সবাদ ________শ্ৰেণীৰ ৰাজনৈতিক দর্শন বোলা হয়। (শ্রমিক,পুঁজিবাদী)
উত্তৰঃ শ্রমিক।
3. মার্ক্সবাদীসকলৰ মতে, ব্যক্তি/সামাজিক জীৱনৰ চূড়ান্ত উপাদান হল ________। (ৰাজনৈতিক, সাংস্কৃতিক, বস্তুবাদী)
উত্তৰঃ বস্তুগত।
4. মার্ক্সীয় আঁচনিত, উৎপাদনৰ সম্পর্কই ____জন্ম দিয়ে। (শক্তি, উৎপাদন, প্রতিক্রিয়া, সমন্বয়)
উত্তৰঃ শক্তি, উৎপাদন।
5. প্রত্যেকে তেওঁৰ সমৰ্থ অনুসৰি ________এইটো সমাজবাদত অপৰিহাৰ্য। প্রাপ্য (কাম, প্রয়োজন)
উত্তৰঃ কাম।
6. প্ৰত্যেকৰে কাম অনুসৰি প্ৰত্যেকে তেওঁৰ _________এইটো সাম্যবাদত অপৰিহাৰ্য। (কাম /প্রয়োজন)
উত্তৰঃ প্ৰয়োজন প্ৰাপ্য।
7. মার্ক্সৰ কাৰণে,বিপ্লৱবোৰ বুৰঞ্জীৰ_________। (যন্ত্র, উদ্দেশ্য)
উত্তৰঃ ইঞ্জিন।
4.3. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ
তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিয়া, এটা শব্দত –
1. গান্ধীজীয়ে কেনেধৰণৰ চৰকাৰ সমৰ্থন কৰিছিল?
উত্তৰঃ ৰামৰাজ্য।
2. নিয়োগকৰ্তা আৰু কৰ্মচাৰীসকলৰ সম্পৰ্ক স্থাপনৰ বাবে গান্ধীজীয়ে কি কৌশল সমৰ্থন কৰিছিল?
উত্তৰঃ ন্যাসৰক্ষী।
3. গান্ধীজীয়ে অনুসূচীত জাতি কি বুলি সম্বোধন কৰিছিল?
উত্তৰঃ হৰিজন।
4. গান্ধীজীয়ে উদ্দেশ্য আৰু উপায়ৰ কোনটো সমৰ্থন কৰিছিল?
উত্তৰঃ উপায়।
5. গান্ধীজীয়ে সকলো ব্যক্তিৰ সৰ্বাধিক কল্যাণ, বিশেষকৈ, দুখীয়া, দুখীয়াতকৈ অতি দৰিদ্ৰক কি বুলি কৈছিল?
উত্তৰঃ সৰ্বোদয়।
পাঠ্য সমাপ্তি অনুশীলনীৰ উত্তৰঃ
1. উদাৰতাবাদ বুলিলে কি বুজা?
উত্তৰঃ উদাৰতাবাদ হ’ল এটি সংস্কাৰমূলক তত্ত্ব, ই অর্থনৈতিক, সামাজিক আৰুৰাজনৈতিক ক্ষেত্ৰৰ সংস্তাৰৰ বাবে থিয় দিছে। ইব্যক্তিৰ স্বাধীনতা, স্বাধীনতাৰ তত্ত্ব, ব্যক্তি স্বতন্ত্ৰতা আৰু মানুহৰ ব্যক্তিত্ব বিকাশৰ বাবে যুক্তি আগবঢ়ায়। ই গণতন্ত্ৰৰ তত্ত্ব, কাৰণ ই সাংবিধানিক চৰকাৰ, জনসাধাৰণৰ সমৰ্থনৰ ভিত্তিত গঠিত চৰকাৰ, আইনৰ শাসন, বিকেন্দ্ৰীকৰণ, মুক্ত আৰু নিয়াৰিকৈ নিৰ্বাচনৰ সমৰ্থন কৰে। আমি উদাৰতাবাদৰ তিনিটা দিশৰ বিষয়ে উল্লেখ কৰিব পাৰে যিয়ে ইয়াৰ শুদ্ধ অৰ্থ বুজাত সহায় কৰে। সামাজিক দিশত উদাৰতাবাদ ধৰ্মনিৰপেক্ষতাবাদৰ ওপৰত প্ৰতিষ্ঠিত, এখন সমাজ যি সকলো বিৰোধিতা কৰে। অৰ্থনৈতিক ক্ষেত্ৰত, ই পুঁজিবাদী অর্থনীতি, উৎপাদন আৰু উপাৰ্জনৰ ক্ষেত্ৰত ব্যক্তিৰ স্বতন্ত্রতা সমর্থন কৰে; ৰাজনৈতিক দিশত ই গণতান্ত্রিক নীতিৰ ভেঁটিত প্রতিষ্ঠিত, ব্যক্তিৰ অধিকাৰ আৰু স্বাধীনতা, দায়িত্বশীল চৰকাৰ, মুক্ত আৰু নিৰপেক্ষ ন্যায়পালিকা আদিৰ ওপৰত ই গুৰুত্ব আৰোপ কৰে।
2. ৰাষ্ট্ৰৰ ‘নিশ্চিহ্নকৰণ’ বুলিলে কি বুজা?
উত্তৰঃ ৰাষ্ট্ৰৰ নিশ্চিহ্নকৰণ মানে, মার্ক্সবাদীসকলৰ মতে, ৰাষ্ট্ৰৰ অদৃশ্যতাক বুজায়, অৰ্থাৎ লাহে লাহে আৰু ক্ৰমান্বয়ে ৰাষ্ট্ৰৰ হাতিয়াৰ নোহোৱা হোৱাটো বুজায়।
3. মার্ক্সবাদৰ বৈশিষ্ট্য হিচাবে দ্বন্দ্বাত্মক বস্তুবাদ আলোচনা কৰা।
উত্তৰঃ দ্বন্দ্বাত্মক বস্তুবাদঃ সমাজৰ পৰিৱৰ্তন কিয় আৰু কেনেকৈ হয় তাৰ সাধাৰণ নীতিসমূহৰ সমষ্টি। বস্তুবাদী উপাদানসমূহ দ্বন্দ্বাত্মক বস্তুবাদী পদ্ধতিৰে সামাজিক পৰিৱৰ্তন হয়। এই নীতি তিনিটা পদ্ধতিৰে হয়। মার্ক্সৰ মতে,
উৎপাদন সম্পর্ক (Relations of Production): ই এটা সময়ত সমাজৰ ভেঁটি গঠন কৰে। মার্ক্সবাদীসকলৰমতে, মানুহৰ মাজৰ সম্পৰ্কই উৎপাদনৰ সম্পৰ্কৰ্ক বুজায়।
উৎপাদিকা শক্তি (Production forces): য়ে সেইবোৰ উপাদান গঠন কৰে যিবোৰ উৎপাদনৰ সম্পৰ্কৰ পৰা সৃষ্টি হয়, কিন্তু যিটো পাছৰটোতকৈ বিৰোধী, নতুন পদ্ধতি সঁজুলি ব্যৱহাৰ কৰি অধিক উৎপাদন কৰে।
সাধাৰণ অৰ্থত, মার্ক্সীয় তত্ত্বই অর্থনৈতিক কাৰকৰ কাৰণে বিৰোধী পক্ষৰ মাজত হোৱা সংঘৰ্ষৰ ফলস্বৰূপে সকলো দিশৰ বিকাশক বুজায় ৷
4. মার্ক্সবাদ আজি প্রাসঙ্গিক হয়নে? ব্যাখ্যা কৰা।
উত্তৰঃ মার্ক্সবাদ, এক দৰ্শন বা কাৰ্যকৰী ধাৰণা হিচাবে অসমান্তৰালভাৱে সামাজিক আৰু ৰাজনৈতিক চিন্তাধাৰা হিচাবে পৰিগণিত হৈছে। ই সকলো সীম আৰু সীমাবদ্ধতা অতিক্রম কৰাৰ দাবী কৰে। ইয়াৰ প্ৰতিদ্বন্দ্বী মতবাদৰ নিচিনাকৈ শলাগোতাসকলৰ শক্তিক সমানে বিশ্বাস কৰে আৰু তথাপি ইয়াৰ দোষবোৰ স্পষ্ট।
বিৰোধী শ্ৰেণীসমূহৰ বিবাদৰ ফলস্বৰূপেই যে পৰিৱৰ্তন হয় সেয়া নহয়। ইতিহাসে শ্রেণী সহযোগিতা আৰু বিকাশৰ আলোচনা কৰে। বস্তুবাদী উপাদান, যদিও দৰকাৰী বা মুখ্য হ’ব পাৰে, ইসমাজৰ গোটেই জটিলতাসমূহ ব্যাখ্যা কৰাৰ যথোপযুক্ত নহয়। দৰাচলতে, মানুহ কেৱল ৰুটিৰে জীয়াই থাকিব নোৱাৰে কিন্তু ই অবিহনে তেওঁ জীয়াই থাকিব নোৱাৰে। মার্ক্সবাদে ৰাষ্ট্ৰীয়/দেশপ্রেমিক ধাৰণাৰ মূল্য আৰু শক্তিক প্রকৃত মূল্যায়ণ নকৰে। মার্ক্সে কৈছে যে শ্ৰমিকসকলৰ নিজৰ পিতৃভূমি নাই, যিয়ে তেওঁলোকক পিতৃ-মাতৃহীন কৰে। মার্ক্সবাদে ৰাষ্ট্ৰৰ ভূমিকাক প্রকৃত মূল্যায়ন কৰা নাই। ৰাষ্ট্ৰক এটা শ্ৰেণী সংগঠন বুলি কৈছে আৰু সেয়েহে এক দমনমূলক আৰু শোষণমূলক অনুষ্ঠান বুলি কৈছে।
মার্ক্সীয় বিধিসমূহ ব্যৱহাৰিক ক্ষেত্ৰত দৰাচলতে নিৰাশজনক। মার্ক্সবাদ, ব্যৱাহিক অৰ্থত কাৰণ সপক্ষে অসফল হৈছে। ইয়াৰ কেন্দ্ৰীয় কাৰণ হ’ল সর্বহাৰাৰ একনায়কত্ববাদী সাম্যবাদী দলৰ একনায়কত্ববাদলৈ ৰূপান্তৰিত হয়, দলীয় একনায়কত্ববাদে, শেষত এজন ব্যক্তিৰ একনায়কত্ববাদলৈ ৰূপান্তৰিত হয়। মেচন ষ্টেলিন আৰু মাও। ছোভিয়েট ইউনিয়নত, সংস্কাৰ আন্দোলন (বিশেষকৈ, গ্লেছনষ্ট) মিখাইল গর্বাচেভে অকল ইউৰোপতে নহয় গোটেই পৃথিৱীতে সাম্যবাদী আন্দোলনৰ সমাপ্তিৰ সূচনা কৰিছিল। সাম্যবাদী চীনে বিভিন্ন ধৰণৰ উদাৰনৈতিক উপায়সমূহ অর্থনীতি আৰু ৰাজনীতিত ব্যৱহাৰ কৰিছিল । বিশ্বত বিকল্প আদর্শ হিচাপে মার্ক্সবাদৰ প্রাসঙ্গিকতা সন্দেহাতীত।
5. মহাত্মা গান্ধী পশ্চিমীয়া সভ্যতাৰ সমালোচক বুলি তুমি সম্মতনে?
উত্তৰঃ গান্ধী পশ্চিমীয়া সভ্যতাৰ এজন সমালোচক আছিল। তেওঁ পশ্চিমীয়া বস্তুবাদৰ বিৰোধিতা কৰিছিল যিয়ে আধ্যাত্মিকতাবাদৰৰ অস্তিত্বৰ বিনাশ কৰে। তেওঁ পশ্চিমীয়া ধৰণৰ মানুহৰ তেজ মঙহেৰে গঢ়া আৰু আত্মাহীন ক্ষুদ্র ব্যক্তি হিচাপে গণ্য কৰিছিল।
পশ্চিমীয়া ৰাষ্ট্ৰ বিৰোধিতা কৰি গান্ধীয়ে ৰামৰাজ্যৰ কথা কৈছিল। যিটো কেন্দ্ৰীকৰণ শক্তিৰ জৰিয়তে পৰিচালনা কৰা পশ্চিমীয়া আদৰ্শ নীতিৰ বিৰোধিতা কৰে, তেওঁ বিকেন্দ্ৰীকৰণ নীতিৰ সপক্ষে থিয় দিছিল। বস্তুবাদ, ঔদ্যোগীকৰণ আৰু পুঁজিবাদৰ বিৰুদ্ধে তেওঁ স্বদেশী, কুটীৰ উদ্যোগ আৰু ন্যাসৰক্ষী তত্ত্বৰ সপক্ষে সবল যুক্তি দিছিল।
গান্ধীজী পশ্চিমীয়া সমাজত বৰ্তি থকা ৰাষ্ট্ৰৰ সমৰ্থক নাছিল। তেওঁৰ কাৰণে, পশ্চিমীয়া ৰাষ্ট্ৰই ‘হিংসাক কেন্দ্ৰীয় গাঁঠনি’;এটা আত্মহীন যন্ত্রক প্রতিনিধিত্ব কৰে। সেয়েহে, গান্ধীজী এজন দার্শনিক নৈৰাজ্যবাদী হিচাপে ৰাষ্ট্ৰ সমৰ্থন কৰিছিল, কিন্তু যেতিয়া প্রয়োজন তেতিয়াহে।
6. গান্ধীজীৰ ৰামৰাজ্যৰ ধাৰণা কি আছিল?
উত্তৰঃ পশ্চিমীয়া ৰাষ্ট্ৰ বিৰোধিতা কৰি গান্ধীয়ে ৰামৰাজ্যৰ কথা কৈছিল। যিটো কেন্দ্ৰীকৰণ শক্তিৰ জৰিয়তে পৰিচালনা কৰা পশ্চিমীয়া আদৰ্শ নীতিৰ বিৰোধিতা কৰে, তেওঁ বিকেন্দ্ৰীকৰণ নীতিৰ সপক্ষে থিয় দিছিল। বস্তুবাদ, ঔদ্যোগীকৰণ আৰু পুঁজিবাদৰ বিৰুদ্ধে তেওঁ স্বদেশী, কুটীৰ উদ্যোগ আৰুন্যাসৰক্ষী তত্ত্বৰ সপক্ষে সবল যুক্তি দিছিল ।
গান্ধীজী পশ্চিমীয়া সমাজত বৰ্তি থকা ৰাষ্ট্ৰৰ সমৰ্থক নাছিল৷ তেওঁৰ কাৰণে,পশ্চিমীয়া ৰাষ্ট্ৰই ‘হিংসাক কেন্দ্ৰীয় গাঁঠনি’;এটা আত্মহীন যন্ত্রক প্রতিনিধিত্ব কৰে। সেয়েহে, গান্ধীজী এজন দার্শনিক নৈৰাজ্যবাদী হিচাপে ৰাষ্ট্ৰ সমৰ্থন কৰিছিল, কিন্তু যেতিয়া প্রয়োজন তেতিয়াহে।
গান্ধীবাদ অহিংসা ৰাষ্ট্ৰৰ ওপৰত প্ৰতিষ্ঠিত যি ৰাষ্ট্ৰ (ক) জনসাধৰাণৰ সন্মতি (খ) সমাজৰ একতাৰ ওপৰত প্ৰতিষ্ঠিত। গান্ধীজীয়ে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ সমৰ্থন কৰিছিল ৷ গান্ধীজীয়ে ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ ওপৰত গুৰুত্ব দিছিলঃ ৰাজনৈতিক আৰু অর্থনৈতিক ক্ষমতা। গান্ধীবাদী গণতন্ত্ৰৰ প্ৰকৃতি বিকেন্দ্ৰীকৰণৰ প্রকৃতি। বিকেন্দ্ৰীকৰণ মানে ব্যক্তি। স্থানীয় গোটৰ পৰা উচ্চতম পৰ্যায়লৈ প্ৰতিটো স্তৰতে ক্ষমতা বিভাজনক বুজায় ৷ গান্ধীজীৰ মতে, বিকেন্দ্ৰীকৰণৰ অস্তিত্ব হ’ল সকলো ক্ষমতা তলৰ পৰা ওপৰলৈ উৰ্ধক্ৰমলৈ গতি কৰা।
গান্ধীবাদী আদৰ্শত ৰাজনৈতিকক্ষমতা ব্যক্তিৰ ওপৰত অৰ্পণ কৰা হৈছে। সকলো কাৰ্যৰ কেন্দ্ৰ, স্বৰাজ মূল, ব্যক্তিৰ পৰাই ক্ষমতাসমূহ গাঁৱলৈ ৰূপান্তৰিত কৰা হয়৷ গাঁৱৰ পৰা ক্ষমতা উচ্চ গোটলৈ আৰু অৱশেষত, কেন্দ্রীয়/জাতীয় চৰকাৰ যি ব্যৱহাৰিকভাৱে সৌহার্দ্যপূর্ণ কার্য সম্পাদন কৰে। এনেকৈ, যিটো ব্যক্তিৰ দ্বাৰা কৰা নহয় সেইটো গাঁৱৰ দ্বাৰা নকৰিলে স্থানীয়/আঞ্চলিক চৰকাৰে যিবোৰ আঞ্চলিক/প্রাদেশিক চৰকাৰৰ দ্বাৰা কৰা নহয় সেইটো কেন্দ্ৰীয়/ৰাষ্ট্ৰীয় চৰকাৰে সম্পাদন কৰে। গান্ধীবাদৰ ৰামৰাজ্য হৈছে আত্ম-পৰিচালনামূলক ব্যৱস্থা যত প্রত্যেকেই নিজৰ শাসক আৰু এজনে ওচৰ চুবুৰীয়াজনৰ বাধা আৰোপ নকৰে। গান্ধীজীৰ বিকেন্দ্ৰীকৰণৰ ধাৰণাৰ এক অর্থনৈতিক দিশ আছে। তেওঁ অর্থনৈতিক ক্ষমতা হস্তান্তৰকৰণৰ ওপৰত যুক্তি আগবঢ়াইচিল। তেওঁ গাঁও, ক্ষুদ্র কুটীৰ উদ্যোগৰ জৰিয়তে গ্ৰাম্য অৰ্থনৈীত বিকাশত গুৰুত্ব দিছিল। প্ৰকৃততে, তেওঁ আত্মনিৰ্ভৰশীল গ্ৰাম্য অৰ্থনীতি সমৰ্থন কৰিছিল। তেওঁৰ স্বদেশীৰ ধাৰণাটো হৈছে “সেইটো সাহস বা শক্তি য’ত আমাৰ ওচৰচুবুৰীয়া সকলৰ কাৰণে প্ৰয়োজন আৰু আমাৰ লোকালয় উৎপন্ন হোৱা বস্তু ব্যৱহাৰ কৰা দূৰত উৎপন্ন হোৱা বস্তুক কম অগ্ৰাধিকাৰ দিয়া।”
গান্ধীজীয়ে থলুৱা উদ্যোগসমূহৰ পুনৰ জীৱিত কৰাৰ পোষকতা কৰিছিল যাৰ জৰিয়তে জনসাধাৰণে চলাব বাবে যথেষ্ট সুবিধা পায়। তেওঁৰ মতে, যিকোনো অর্থনীতি যি জনসাধাৰণক শোষণ কৰে আৰু কম সংখ্যকৰ হাতত সম্পত্তি কেন্দ্ৰীভূত হয় সেই ব্যৱস্থা নিন্দনীয়।
গান্ধীজীৰ ন্যাসৰক্ষী ধাৰণা আছিল অদ্বিতীয়। ই অদ্বিতীয় কাৰণ ই মূলধন আৰু শ্ৰমিকৰ মাজত সু-সম্পৰ্ক প্ৰতিষ্ঠাৰ কাৰণে চেষ্টা কৰে। সকলো সমপ্তি গোটেই সম্প্ৰদায়ৰ সম্পত্তি হিচাবে ঘোষণা কৰি, গান্ধীজীয়ে যুক্তি আগবঢ়াইছিল যে সকলো নিয়োগকর্তা (উদ্যোগপতি, পুঁজিপতি আদি) সকল হ’ল ন্যাসৰক্ষক। যেনেকৈ, তেওঁলোকক তেওঁলোকৰ (শ্রমিক আদি) প্ৰয়োজন আৰু সন্তুষ্টি অনুসৰি অৰ্থৰ অধিকাৰ প্ৰদান কৰা হয়। গান্ধীজীৰ মতে, কোনো ব্যক্তি গৰাকী নহয়, সকলো কাম আৰু সকলোবোৰ শ্রমিক। এজনে সমৰ্থন কৰা হিচাপে প্ৰত্যেকে সেৱা আগবঢ়ায়। লাভ গৰাকীৰ নহয় কিন্তু যি সম্প্ৰদায়ৰ অন্তৰ্ভূক্ত তাৰহে। নিয়োগকর্তাসকল হ’ল ন্যাসৰক্ষক আৰু গৰাকী নহয়৷ কৰ্মচাৰীসকল উদ্যোগৰ প্রয়োজনীয় উপাদান, তেওঁলোক শ্রমিক দাস নহয়।