ASOS Class 12 Political Science Chapter 10 কেন্দ্রীয় কার্যপালিকা

ASOS Class 12 Political Science Chapter 10 কেন্দ্রীয় কার্যপালিকা, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Political Science Chapter 10 কেন্দ্রীয় কার্যপালিকা and select needs one.

ASOS Class 12 Political Science Chapter 10 কেন্দ্রীয় কার্যপালিকা

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Political Science Chapter 10 কেন্দ্রীয় কার্যপালিকা Solutions for All Subject, You can practice these here.

কেন্দ্রীয় কার্যপালিকা

Chapter : 10

10.1. পাঠ্য অন্তৰ্গত প্রশ্নাৱলীৰ উত্তৰঃ

তলত দিয়াবোৰৰ বিকল্পসমূহৰ পৰা (✓) চিহ্ন দি শুদ্ধ উত্তৰ বাছিউলিওৱাঃ 

১৷ ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ বাবে ন্যূনতম বয়স

(a) 21 বছৰ 

(b) 21 বছৰ

(c) 30 বছৰ 

(d) 35 বছৰ

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ 35 বছৰ।

২। ৰাষ্ট্ৰপতিৰ বাবে প্ৰতিদ্বন্দ্বিতাত উল্লেখিত সদনৰ সদস্যৰ অৰ্হতা লাগে

(a) লোক সভা 

(b) ৰাজ্য সভা

(c) বিধান পৰিষদ 

(d) জিলা পৰিষদ

উত্তৰঃ লোক সভা।

৩। তলত উল্লেখ কৰা কোনটো সদনৰ সদস্যসকল নির্বাচনী গোটৰ সদস্য নহয় 

(a) ৰাজ্য সভা 

(b) বিধান সভা

(c) বিধান পৰিষদ 

(d) লোক সভা

উত্তৰঃ বিধান পৰিষদ।

10.2. পাঠ্য অন্তর্গত প্রশ্নাবলীৰ উত্তৰঃ

তলত দিয়া বিকল্পসমূহৰ পৰা শুদ্ধ উত্তৰটো (✓) চিহ্নৰে উলিওৱাঃ 

১৷ ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকালঃ

(a) তিনি বছৰ

(b) চাৰি বছৰ

(c) পাঁচ বছৰ

(d) ছয় বছৰ

উত্তৰঃ পাঁচ বছৰ।

২। ৰাষ্ট্ৰপতিৰ মহাভিযোগৰ প্ৰস্তাৱ উত্থাপন কৰিব পাৰিঃ

(a) লোক সভা

(b) ৰাজ্য সভা

(c) বিধান সভা

(d) সংসদৰ যিকোনো সদনত

উত্তৰঃ সংসদৰ যিকোনো সদনত।

৩৷ ৰাষ্ট্ৰপতিআৰুউপ ৰাষ্ট্ৰপতি নাথাকিলে কোনে ৰাষ্ট্ৰপতিৰ কাম কৰে?

(a) প্রধান মন্ত্রী

(b) ভাৰতৰ মুখ্য ন্যায়াধীশ 

(c) মুখ্য নির্বাচনী আয়ুক্ত

(d) লোকসভাৰ অধ্যক্ষ

উত্তৰঃ ভাৰতৰ মুখ্য ন্যায়াধীশ।

10.3. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

1. ভাৰতৰ সেনাবাহিনীৰ সৰ্বাধিনায়ক কোন? 

উত্তৰঃ ৰাষ্ট্ৰপতি।

2. কাৰ পৰামৰ্শত মন্ত্ৰী পৰিষদক নিযুক্তি প্ৰদান কৰা হয়? 

উত্তৰঃ প্রধানমন্ত্ৰী।

3. ৰাষ্ট্ৰপতিৰ অপসাৰণ প্ৰক্ৰিয়াক কি নামেৰে জনা যায়? 

উত্তৰঃ মহাভিযোগ।

4. ৰাজ্যসভাৰ কিমান গৰাকী সদস্যক ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে?

উত্তৰঃ ১২।

5. ভাৰতৰ উপ ৰাষ্ট্ৰপতিৰ নিৰ্বাচক মণ্ডলী কোন? 

উত্তৰঃ সংসদৰ সদস্য।

6. ৰাষ্ট্ৰপতিৰ ন্যায়িক ক্ষমতাসমূহ উল্লেখ কৰা।

উত্তৰঃ অভিযুক্তক ক্ষমাদান ক্ষমতা।

7. ৰাষ্ট্ৰপতিৰ পূৰ্ব অনুমোদনসহ কি ধৰণৰ বিধেয়ক লোকসভাত উত্থাপন কৰা হয়?

উত্তৰঃ অর্থবিল।

10.4. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

খালী ঠাই পুৰণ কৰাঃ

১। ভাৰত চৰকাৰৰ মুৰব্বী হ’ল_____। (ৰাষ্ট্ৰপতি/ প্ৰধানমন্ত্রী/ মুখ্য ন্যায়াধীশ) 

উত্তৰঃ প্রধানমন্ত্রী।

২। মন্ত্ৰীসকলৰ দপ্তৰ সমূহ_____বিতৰণ আৰু সালসলনি কৰিব পাৰে। (প্ৰধানমন্ত্ৰী /ৰাষ্ট্ৰপতি/ উপ-ৰাষ্ট্ৰপতি) 

উত্তৰঃ প্রধানমন্ত্ৰী।

৩৷ কেবিনেটৰ সভা/ বৈঠকসমূহ_____য়ে সভাপতিত্ব কৰে। (লোকসভাৰ কাৰ্যালয় /প্রধানমন্ত্রী /ৰাষ্ট্ৰপতি) 

উত্তৰঃ প্রধানমন্ত্ৰী।

৪। ৰাষ্ট্ৰপতিৰ কাৰ্যপালিকাৰ ক্ষমতাসমূহ_____য়ে কাৰ্যকৰী কৰে। (মন্ত্রী পৰিষদ/ প্রধানমন্ত্ৰীৰ কাৰ্যালয়/ কেবিনেট সচিবালয়)

উত্তৰঃ মন্ত্ৰী পৰিষদ।

৫। ৰাষ্ট্ৰপতিয়ে_____ৰ লিখিত অনুৰোধ মৰ্মে লোকসভা ভংগ কৰিব পাৰে৷ (কেবিনেট/ ৰাজ্যসভা/ উচ্চতম ন্যায়ালয়)

উত্তৰঃ কেবিনেট।

৬। সংসদৰ ৰাষ্ট্ৰপতিৰ ভাষণ_____য়ে প্ৰস্তুত কৰি দিয়ে। (উপৰাষ্ট্ৰপতি/ কেন্দ্ৰীয় কেবিনেট/ প্রধানমন্ত্ৰীৰ কাৰ্যালয়)

উত্তৰঃ কেন্দ্ৰীয় কেবিনেট।

৭। মন্ত্রীপৰিষদ সামূহিকভাবে_____ৰ ওচৰত দায়বদ্ধ। (লোকসভা /ৰাজ্যসভা/ সংসদ)

উত্তৰঃ লোকসভা।

পাঠ্য সমাপ্তি অনুশীলনীৰ উত্তৰঃ

1. ৰাষ্ট্ৰপতিৰ নিৰ্বাচন পদ্ধতিটো আলোচনা কৰা৷ 

উত্তৰঃ ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকী সংসদৰ দুয়োখন সদন অর্থাৎ লোকসভা আৰু ৰাজ্যসভা আৰু ৰাজ্য বিধানসভাৰ নিৰ্বাচিত সদস্যৰ দ্বাৰা গঠিত নির্বাচনী গোটৰ দ্বাৰা নিৰ্বাচিত হয়। সংসদৰ মনোনীত সদস্য আৰু ৰাজ্য বিধান পৰিষদৰ সদস্যসকল এই নির্বাচনী গোটৰ সদস্য নহয়। নির্বাচন সমানুপাতিক প্রতিনিধিত্বমূলক একক হস্তান্তৰযোগ্য ভোট ব্যৱস্থাৰ জৰিয়তে হয়। ভোটদান গোপন বেলটৰ দ্বাৰা কৰা হয়।

সংবিধান প্রণেতাসকলে এফালে সংসদৰ নিৰ্বাচিত সদস্যসকল আৰু আনফালে সকলোবোৰ ৰাজ্য বিধানসভাৰ নিৰ্বাচিত সদস্যসকলৰ ভোটৰ মাজত সমতা আনিব বিচাৰিছিল৷ সেয়ে তেওঁলোকে সমতা স্থাপনৰ উদ্দেশ্য সংসদ আৰু ৰাজ্য বিধানসভাৰ প্ৰতিগৰাকী সদস্যৰ ভোটৰ মূল্য নিৰ্ধাৰণৰ এটা ব্যৱস্থা উদ্ভাৱন কৰে।

ৰাজ্য এখনৰ প্ৰতিগৰাকী সংদস্যৰ ভোটৰ মূল্য নিৰ্ধাৰণৰ ফর্মুলা তলত দিয়া ধৰণৰঃ

= ৰাজ্যৰ মুঠ জনসংখ্যা /ৰাজ্য বিধানসভাৰ নিৰ্বাচিত সদস্যৰ সংখ্যা ÷ 1000

সহজ শব্দত ক’বলৈ হ’লে ৰাজ্যৰ মুঠ জনসংখ্যাক ৰাজ্য বিধানসভাৰ নিৰ্বাচিত সদস্যৰ দ্বাৰা হৰণ কৰা হয় আৰু ভাগফলটো 1000 ৰ দ্বাৰা হৰণ কৰা হয়।

সংসদৰ প্ৰতিগৰাকী নিৰ্বাচিত সদস্যৰ প্ৰতিটোৰ মূল্য দিল্লী আৰু পণ্ডিচেৰা বিধানসভাসহ ৰাজ্য বিধানসভাৰ সদস্যসকলৰ সকলো ভোট যোগ কৰি ইয়াক লোকসভা আৰু ৰাজ্যসভাৰ মুঠ সদস্যৰ দ্বাৰা হৰণ জৰিয়তে নিৰ্ধাৰণ কৰা হয়

= সকলো ৰাজ্য বিধানসভাৰ মুঠ ভোটৰ সংখ্যা/ সংসদৰ দুয়োটা সদনৰ নিৰ্বাচিত সদস্যসকলৰ মুঠ সংখ্যা

একক হস্তান্তৰিত ভোট ব্যৱস্থাঃ ৰাষ্ট্রপতি নির্বাচন সমানুপাতিক প্রতিনিধিত্বমূলক একক হস্তান্তৰিত ভোট ব্যৱস্থাৰ জৰিয়তে হয়। এই ব্যৱস্থাত বেলট কাকতত সকলোবোৰ প্ৰাৰ্থীৰ নাম উল্লেখ থাকে আৰু ভোটাৰসকলে অগ্রিধিকাৰ বিত্তি প্ৰাৰ্থীসকলক নম্বৰ প্ৰদান কৰে। প্ৰতিগৰাকী ভোটাৰে বেলট কাকতত প্ৰাৰ্থীৰ সংখ্যা অনুসৰি অগ্ৰাধিকাৰ প্ৰদান কৰিব পাৰে৷ এইদৰে এগৰাকী ভোটাৰে তেওঁ প্ৰথম অগ্ৰাধিকাৰ প্ৰদান কৰা প্ৰাৰ্থী গৰাকীৰ বিপৰীতে ‘এক’ সংখ্যা বহুওৱাৰ লগতে তেওঁৰ পছন্দ অনুসৰি অইন প্রার্থীসমূহক 2,3,4 আদি প্ৰদান কৰিব পাৰে। যদি এগৰাকী ভোটাৰে এজন প্ৰাৰ্থীতকৈ অধিকক প্রথম অগ্ৰাধিকাৰ দিয়ে অথবা কোনো এগৰাকী প্ৰাৰ্থীক প্ৰথম অগ্ৰাধিকাৰ নিদিয়ে তেন্তে সেই ভোটাৰ গৰাকীৰ পেলট কাকতখন বাতিল হয়।

ভোট গণনা আৰু ফলাফল ঘোষণাঃ ৰাজ্য বিধানসভাৰ সদস্যসকলে ৰাজ্যসমূহৰ ৰাজধানীত আৰু সংসদৰ সদস্যসকলে দিল্লী অথবা নিজৰাজ্যৰ ৰাজধানীত ভোটদান কৰে ৷ ভোট গণনা নতুন দিল্লীত হয়। প্রথম পর্যায়ত প্রথম অগ্ৰাধিকাৰ লাভ কৰা প্ৰাৰ্থীসমূহৰ ভোট গণনা কৰা হয়। এগৰাকী প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰিবলৈ হ’লে তেওঁ মুঠ বৈধ ভোটৰ 50 শতাংশতকৈ অধিক ভোট লাভ কৰিব লাগে। ইয়াক কোটা আখ্যা দিয়া হয়। সকলোবোৰ প্ৰাৰ্থীয়ে লাভ কৰা প্ৰথম পচন্দ অথবা অগ্ৰাধিকাৰ ভোটবোৰ যোগ কৰি দুইৰে হণ কৰি এইভাগফলৰ সৈতে এক যোগ দিয়াৰ পিছত যিটো সংখ্যা ওলায় এই সংখ্যাটোক ‘কোটা’ বুলি কোৱা হয়।

কোটা = কোটা মুঠ ভোটৰ সংখ্যা/ 1+1 = 1

প্ৰথমে কেৱল প্ৰথম অগ্ৰাধিকাৰ ভোটসমূহ গণনা কৰা হয়। কোনো প্ৰাৰ্থীয়ে কোটা লাভ কৰিলে তেওঁক নির্বাচিত ঘোষণা কৰা হয়। কিন্তু যদি কোনো প্রার্থীয়ে কোটা লাভ নকৰে তেন্তে ন্যূনতম প্রথম অগ্রাধিকাৰ ভোট লাভ কৰা প্ৰাৰ্থীগৰাকী দ্বিতীয় পচন্দ অথবা অগ্ৰাধিকাৰৰ ভোটসমূহ অন্য প্রার্থীসমূহলৈ হস্তান্তৰিত কৰা হয়। এই ন্যূনতম প্রথম অগ্ৰাধিকাৰ ভোট লাভ কৰা প্ৰাৰ্থীজন প্রতিদ্বন্দ্বিতাৰ পৰা বাহিৰ হৈ যায়। ইয়াৰ পিছত পুনৰ গণনা আৰম্ভ কৰা হয়। কেনো প্রার্থীয়ে যদি নিৰ্ধাৰিত কোটা লাভ কৰে তেওঁ নিৰ্বাচিত হোৱা বুলি ঘোষণা কৰে। কিন্তু এই পৰ্যায়তো যদি কোনো এগৰাকী প্ৰাৰ্থীয়ে কোটাত উপনীত হ’বলৈ সমৰ্থ নহয়, তেন্তে ন্যূনতম ভোট লাভ কৰা প্ৰাৰ্থীগৰাকীৰ ভোটসমূহ অন্যান্য প্রার্থীসমূহলৈ হস্তান্তৰিত কৰা হয় । কোনো এগৰাকী প্ৰাৰ্থীয়ে কোটা সংখ্যক ভোট লাভ নকৰাকৈ এই প্রক্রিয়া চলি থাকে।

2. ৰাষ্ট্ৰপতিৰ পদৰ বাবে অৰ্হতাসমূহ ব্যাখ্যা কৰা। তেওঁক কেনেদৰে অপসাৰণ কৰা হয়।

উত্তৰঃ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ বাবে অৰ্হতাসমূহ এনেধৰণৰ—

(ক) ভাৰতৰ নাগৰিক হ’ব লাগিব। 

(খ) কমেও 35 বছৰ পূৰ্ণ কৰা উচিত।

(গ) লোকসভাৰ সদস্য নির্বাচিত হোৱাৰ অৰ্হতাসম্পন্ন হ’ব লাগিব। আৰু 

(ঘ) কোনো লাভজনক পদত থাকিব নালাগিব । অৰ্থাৎ প্ৰাৰ্থী গৰাকী চৰকাৰী চাকৰি কৰি থাকিব নালাগিব৷ অৱশ্যে ৰাষ্ট্রপতি, উপৰাষ্ট্ৰপতি, ৰাজ্যপাল অথবা কেন্দ্ৰ আৰু ৰাজ্যৰ মন্ত্ৰীসকলক এইক্ষেত্ৰত লাভজনক কামত থকা বুলি ধৰা নহয়।

ৰাষ্ট্ৰপতিক কেৱল মহাভিযোগ প্ৰক্ৰিয়াৰ জৰিয়তে পদৰ পৰা অপসাৰণ কৰিব পাৰি। ভাৰতীয় সংবিধানে ৰাষ্ট্ৰপতিৰ মহাভিযোগৰ প্ৰক্ৰিয়াটো বিস্তৃতভাৱে উল্লেখ কৰিছে। তেওঁক কেৱল ‘সংবিধান উলংঘা’ৰ অপৰাধত মহাভিযোগ উত্থাপন কৰিব পাৰি । মহাভিযোগৰ প্ৰক্ৰিয়াটো উচ্ছাকৃতভাৱে যথেষ্ট কঠিন হয় কৰা হৈছে যাতে ৰাষ্ট্ৰপতিগৰাকীক ভিত্তিত অপসাৰণ কৰিব নোৱাৰে ৷

ৰাষ্ট্ৰপতিৰ মহাভিযোগৰ প্ৰস্তাৱ সংসদৰ যিকোনো সদনত উত্থাপন কৰিব পাৰি। এই ক্ষেত্ৰত সদনৰ ‘এক-চতুর্থাংশ সদস্য ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে মহাভিযোগ প্ৰস্তাৱ উত্থাপনৰ ইচ্ছা প্ৰকাশ কৰি 14 দিন আগতে জাননী দিব লাগে। ৰাষ্ট্ৰপতিৰ সংবিধান উলংঘাৰ অভিযোগ সম্বলিত এই প্ৰস্তাৱটো সদনৰ মুঠ সদস্য সংখ্যাৰ দুই-তৃতীয়াংশই গ্ৰহণ কৰিলে প্ৰস্তাৱটো সংসদৰ আনখন সদনলৈ অনুসন্ধানৰ বাবে যায়।

দ্বিতীয় সদনখনে ৰাষ্ট্ৰপতিৰ ওপৰত আৰোপ কৰা অভিযোগৰ অনুসন্ধান কৰে। তেওঁৰ বিৰুদ্ধে অভিযোগৰ অনুসন্ধানৰ সময়ত ৰাষ্ট্ৰপতিগৰাকীৰ শুনাৰ অথবা আত্মপক্ষ সমর্থনৰ অধিকাৰ আছে। ৰাষ্ট্ৰপতিগৰাকীয়ে নিজেই অথবা আইন পৰামৰ্শদাতাৰ জৰিয়তে আত্মপক্ষ সমর্থন কৰিব পাৰে। যদি দ্বিতীয়খন সদনত মুঠ সদস্যসংখ্যাৰ দুই-তৃতীয়াংশৰ দ্বাৰা অভিযোগটো গৃহীত হয়, তেন্তে মহাভিযোগৰ সফল হয়। ইয়াৰ ফলস্বৰূপে প্ৰস্তাৱটো গ্ৰহণ হোৱা তাৰিখৰ পৰা ৰাষ্ট্ৰপতিগৰাকী অপসাৰিত হোৱা বুলি ধৰা হয়।

3. ভাৰতৰ ৰাষ্ট্ৰপতিৰ বিধায়িনী/ আইন সম্পৰ্কীয় ক্ষমতাসমূহ আলোচনা কৰা।

উত্তৰঃ বিধায়িনী ক্ষমতাঃ সংসদৰ অবিচ্ছেদ্য অংগ হিচাপে ৰাষ্ট্ৰপতিয়ে যাথষ্ট সংখ্যক বিধায়িনী ক্ষমতা ভোগ কৰে। এই ক্ষমতাসমূহ তলত আলোচনা কৰা হ’লঃ 

ৰাষ্ট্ৰপতিয়ে সংসদৰ দুয়োটা সদন আহ্বান আৰু স্থগিত কৰিব পাৰে ৷ তেওঁ সংসদ বছৰত দুবাৰকৈ আহ্বান কৰিব পাৰে। এইক্ষেত্ৰত অধিবেশন দুটাৰ মাজত ছয়মাহতকৈ অধিক সময়ৰ ব্যৱধান থাকিব নালাগিব৷ ৰাষ্ট্ৰপতিৰ প্ৰধানমন্ত্ৰীৰ পৰামৰ্শৰ ভিত্তিত লোকসভাই পূর্ণ কার্যকাল অতিবাহিত কৰাৰ পূৰ্বেই ভংগ কৰি দিয়াৰ ক্ষমতা আছে। সাধাৰণতে পাঁচ বছৰৰ মূৰকত তেওঁ লোকসভা ভংক কৰে। ৰাষ্ট্ৰপতিয়ে সাহিত্য, বিজ্ঞান, কলা আৰু সমাজ সেৱাৰ ক্ষেত্ৰত বিশেষ জ্ঞান থকা ব্যক্তিসকলৰ পৰা 12 গৰাকীক ৰাজ্যসভাৰসদস্য হিচাপে মনোনীত কৰে।ৰাষ্ট্ৰপতিয়ে লোকসভাত ইংগ-ভাৰতীয় লোকৰ পৰ্যাপ্ত প্রতিনিধি নাথাকিলে এই সম্প্ৰদায়ৰ দুগৰাকী ব্যক্তিক লোকসভালৈ মনোনীত কৰিব পাৰে। অনা অর্থ বিধেয়কৰ ক্ষেত্ৰত লোকসভা আৰু সাজ্যসভাৰ মাজত মতানৈক্যৰ সৃষ্টি হলে ৰাষ্ট্ৰপতিয়ে সংসদৰ সদন দুটাৰ যুটীয়া বৈঠক আহ্বান কৰিব পাৰে। ৰাষ্ট্ৰপতিৰ সংসদনক উদ্দেশ্যি ভাষণ দিয়াৰ আৰু বাণী পঠিওৱাৰ অধিকাৰ আছে। ৰাষ্ট্ৰপতিয়ে প্ৰতিটো সাধাৰণ নিৰ্বাচচনৰ পিছত আৰু প্ৰতিটো বৰ্ষৰ প্ৰথম অধিবেশনত সংসদৰ দুয়োটা সদনৰ যুটীয়া অধিবেশনত ভাষণ দিয়ে। এই ভাষণত চৰকাৰৰ নীতিসমূহৰ বিষয়ে উল্লেখ থাকে।

সংসদত গ্ৰহণ কৰা প্ৰতিখন বিধেয়ক অনুমোদনৰ কাৰণে ৰাষ্ট্ৰপতিৰ ওচৰলৈ। প্ৰেৰণ কৰা হয়। ৰাষ্ট্ৰপতিয়ে এই বিধেয়কত অনুমোদন জনাব পাৰে অথবা পুনৰ বিবেচনাৰ বাবে সংসতলৈ এবাৰ পঠিয়াব পাৰে। এই বিধেয়ক যদি সংসদে৷ পুনৰ গ্ৰহণ কৰে তেন্তে ৰাষ্ট্ৰপতিয়ে ইয়াত অনুমোদন জনাবলৈ বাধ্য। তেওঁৰ সুমোদন অথবা সন্মতি অবিহনে কোনো বিধেয়ক আইনত পৰিণত হ’ব নোৱাৰে। সংসদ অধিবেশন চলি নথকা অৱস্থাত ৰাষ্ট্ৰপতিয়ে অধ্যাদেশ জাৰি কৰিব পাৰে। এই অধ্যাদেশৰ আইনৰ দৰে ক্ষমতা থাকে। সংসদৰ সদন মিলিত হোৱা দুয়োটা সদনতে এই অধ্যাদেশ উত্থাপন কৰিব লাগে। যদি এই অধ্যাদেশ সংসদৰ দ্বাৰা অগ্রাহ্য কৰা নহয় অথবা ৰাষ্ট্ৰপতিৰ দ্বাৰা বাতিল কৰা নহয়, তেন্তে সংসদৰ বৰৱৰ্তী অধিবেশন আৰম্ভ হোৱা ছয় সপ্তাহৰ পিছত ই আপোনা আপুনিকৈ বাতিল হৈ যায়।

আইন সম্পৰ্কীয় ক্ষমতাঃ ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ মুখ্য ন্যায়াধীশ আৰু অন্যান্য ন্যায়াধীশকলক নিযুক্তি প্ৰদান কৰে। ৰাষ্ট্ৰপতিয়ে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু ন্যায়াধীশসকলকো নিযুক্তি দিয়ে। ৰাষ্ট্ৰপতিয়ে দেশৰ সৰ্বপ্ৰধান চৰকাৰী আইনবিদসহ অন্যান্য আইন বিষয়াক নিযুক্তি দিয়ে।

ৰাষ্ট্ৰৰ মূৰব্বী হিচাপে ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয় অথবা উত্ত ন্যায়ালয়ত দোষী সাব্য হোৱা ব্যক্তিৰ শাস্তিৰ পৰিমাণ হ্ৰাস কৰিব পৰে, শাস্তিৰ প্ৰকৃিতিৰ পৰিৱৰ্তন কৰিব পাৰে, মৃত্যুদণ্ডৰে দণ্ডিত দোষীক সম্পূৰ্ণ ক্ষমাদান অথবা মৃত্যুদণ্ড পৰিৱৰ্তে অন্য শাস্তিৰ আদেশ দিব পাৰে। ৰাষ্ট্ৰপতিয়ে সামৰিক আদালতৰ দ্বাৰা অপৰাধীক সাব্যস্ত হোৱা ব্যক্তিক ক্ষমাদান কৰিব পাৰে। ৰাষ্ট্ৰপতিয়ে মৃত্যুদণ্ড দিয়া ব্যক্তিক ক্ষমদাদান কৰিব পাৰে যদিও এই কাৰ্য তেওঁ আইন মন্ত্রণালায়ৰ পৰামৰ্শ অনুসৰি কৰে।

ৰাষ্ট্ৰপতিয়ে কিছু ৰেহাইলাভ কৰে৷ তেওঁ আইনৰ উৰ্ধত আৰু তেওঁৰ বিৰুদ্ধে কোনো ফৌজাদাৰী গোচৰ তৰিব নোৱাৰিব।

4. ৰাষ্ট্ৰপতিৰ কাৰ্যপালিকাৰ ক্ষমতাসমূহ আলোচনা কৰা ৷ 

উত্তৰঃ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়টো যথেষ্ট মৰ্যাদা আৰু খ্যাতিসম্পন্ন যদিও প্রকৃত ক্ষমতা ভোগ নকৰে। ৰাষ্ট্ৰপতিক আনুষ্ঠানিক ভাৱে প্ৰদান কৰা ক্ষমতাসমূহ প্ৰকৃততে তেওঁৰ পৰিৱৰ্তে তেওঁৰ নামত কেন্দ্ৰীয় মন্ত্ৰী পৰিষদে বোগ কৰে। যদি ৰাষ্ট্ৰপতিয়ে মন্ত্ৰী পৰিষদৰ ইচ্ছাৰ বিৰুদ্ধে কাম কৰিবলৈ চেষ্টা কৰে, তেন্তে সাংবিধানিক সংকটৰ সৃষ্টি হ’ব পাৰে। ৰাষ্ট্ৰপতিয়ে আনকি মহাভিযোগৰ সন্মুখীন হ’বলগীয়াত পৰিব পাৰে আৰু পদত্যাগ কৰিবলগীয়াও হ’ব পাৰে। সেয়ে প্ৰকৃত কাৰ্যপালিকাৰ মূৰব্বী প্রধানমন্ত্ৰীৰ পৰামৰ্শ অনুসৰি কাৰ্য সম্পাদন কৰাৰ বাহিৰে ৰাষ্ট্ৰপতিৰ গত্যন্তৰ নাথাকে। ৰাষ্ট্ৰপতিৰ সৈতে প্রধানমন্ত্রীয়ে নিয়মীয়াকৈ যোগাযোগ ৰক্ষা কৰি থাকে।

মন্ত্রীপৰিষদ লোকসভাৰ প্ৰতি দায়বদ্ধ আৰু কেৱল লোকসভাৰ বিৰোধী ভোটৰ জৰিয়তেহে মন্ত্ৰী পৰিষদ ভংগ কৰিব পাৰি। প্ৰয়োগিক ক্ষেত্ৰত মন্ত্ৰীসকলৰ কাৰ্যকাল ৰাষ্ট্ৰপতিৰ সন্তুষ্টিৰ ওপৰত নিৰ্ভৰশীল নহয়।

সংবিধানৰ 42 তম সংবিধান সংশোধনী আইনে ৰাষ্ট্ৰপতিক কেৱল মন্ত্ৰী পৰিষদৰ পৰামৰ্শ অনুসৰি কাৰ্যসম্পাদনৰ বাবে বাধ্য কৰিছে। ৰাষ্ট্ৰপতিয়ে স্বাধীনভাৱে কাম কৰিব নোৱাৰে ৷ 

ৰাষ্ট্ৰপতিৰ ক্ষমতাসমূহ আনুষ্ঠানিক। প্রধানমন্ত্রী নেতৃত্বাধীন মন্ত্ৰী পৰিষদ প্ৰকৃত কাৰ্যপালিকা। সংবিধানৰ 44তম সংশোধনী আইন অনুসৰি ৰাষ্ট্ৰপতিয়ে সংসদে গ্ৰহণ কৰা কোনো বিধেয়ক মাত্ৰ এবাৰহে পুনৰ বিবেচনাৰ বাবে ওভোতাই পঠিয়াব পাৰে। যদি বিধেয়কখন সংসদে পুনৰ গ্ৰহণ কৰি পঠিয়ায়, তেন্তে ৰাষ্ট্ৰপতিয়ে বিধেয়কখনত সন্মতি দিবলৈ বাধ্য। সংবিধানত উল্লেখ আছে যে ৰাষ্ট্ৰপতিয়ে সংবিধান সংৰক্ষণ, ৰক্ষণাবেক্ষণ আৰু ৰক্ষা কৰিব। ৰাষ্ট্ৰপতিয়ে নৱনিযুক্ত প্রধানমন্ত্ৰীগৰাকীক এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত আস্থাসূচক ভোট বিচাৰিবলৈ ক’ব পাৰে। দেশৰ সকলো প্ৰশাসনকার্য তেওঁৰ নামত কৰা হয়। ৰাষ্ট্ৰপতিয়ে যিকোনো মন্ত্ৰীৰ পৰা যিকোনো তথ্য বিচাৰিব পাৰে। মন্ত্রীসভাৰ সকলো সিদ্ধান্তৰ বিষয়ে ৰাষ্ট্ৰপতিক জনোৱা হয়। প্ৰশাসনৰ সৈতে জড়িত সকলো ধৰণৰ তথ্য ৰাষ্ট্ৰপতিক যোগান ধৰিব লাগে। ৰাষ্ট্ৰপতিয়ে চৰকাৰক পৰামৰ্শ প্ৰদান কৰে, অনুপ্ৰেৰণা যোগায় আৰু আনকি সকিয়নীও দিয়ে আৰু ইয়াতে ৰাষ্ট্ৰপতিৰ উপযোগিতা পূৰ্ণভাৱে উপলব্ধি কৰিব পাৰি। এইক্ষেত্ৰত ৰাষ্ট্ৰপতিয়ে এগৰাকী পৰামৰ্শদাতা, এজন বন্ধু আৰু আনকি এগৰাকী সমালোচকৰূপে থিয় দিয়ে।

5. ভাৰতৰ ৰাষ্ট্ৰপতিৰ ক্ষমতা আৰু ভূমিকা আলোচনা কৰা।

উত্তৰঃ ১। ৰাষ্ট্ৰপতিৰ ক্ষমতা আৰু কাৰ্যাৱলীঃ ইতিমধ্যে উল্লেখ কৰি অহা হৈছে যে সংসদীয় পদ্ধতিৰ চৰকাৰত ৰাষ্ট্ৰপতি চৰকাৰৰ নামমাত্ৰ মুৰব্বীহে। সংসদীয় পদ্ধতিৰ শাসনত ব্যৱস্থা কৰা ভাৰতীয় সংবিধান অনুসাৰে ৰাষ্ট্ৰপতিৰ ক্ষমতাও সীমিত। এই সম্পৰ্কত আগত উল্লেখ কৰা কথা কেইটা গুৰুত্বপূৰ্ণঃ

(ক) ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি চৰকাৰৰ সাংবিধানিক আৰু নামমাত্ৰ মুৰব্বী। 

(খ) ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰীৰ নেতৃত্বাধীন মন্ত্ৰী পৰিষদৰ পৰামৰ্শ অনুসাৰে কাৰ্য সম্পাদন কৰে,

(গ) ৰাষ্ট্ৰপতিয়ে তেওঁক দিয়া পৰামৰ্শৰ দুবাৰ বিবেচনাৰ বাবে মন্ত্ৰী পৰিষদক আহ্বান জনাব পাৰে। কিন্তু মন্ত্ৰী পৰিষদে পূৰ্বৰ সিদ্ধান্ত বাহাল ৰাখি ৰাষ্ট্ৰপতিলৈ সেইটো ঘূৰাই পঠালে ৰাষ্ট্ৰপতিয়ে মন্ত্ৰী পৰিষদৰ সিদ্ধান্ত মানি ল’বলৈ বাধ্য।

সংবিধানে ৰাষ্ট্ৰপতিৰ হাতত বিধায়িনী, কাৰ্যকৰী, ন্যায়িক তথা জৰুৰীকালীন ক্ষমতা অৰ্পণ কৰিছে। ৰাষ্ট্ৰপতিয়ে অৱশ্যে এই সকলোবোৰ ক্ষমতা প্রধানমন্ত্ৰীৰ নেতৃত্বাধীন মন্ত্ৰী পৰিষদৰ সদস্য, সদস্যাসকল, ৰাজ্যসমূহৰ ৰাজ্যপালসকল, বিভিন্ন দেশত নিযুক্ত ৰাষ্ট্ৰদূত আৰু উচ্চাযুক্তসকল, সৈন্য বাহিনীৰ মুৰব্বীসকল, উচ্চতম ন্যায়ালয়ৰ মূল ন্যায়াধীশ, ন্যায়াধীশ সকল ইত্যাদি। সংসদে গৃহীত কৰা যিকোনো বিল আইনত পৰিণত কৰাৰ বাবে ৰাষ্ট্ৰপতিৰ অনুমোদন অপৰিহাৰ্য। সংসদত উত্থাপন কৰাবিত্তীয় বিলসমূহৰ বাবে ৰাষ্ট্ৰপতিৰ আগতীয়া অনুমতি পাব লাগে।

২। ৰাষ্ট্ৰপতিৰ স্বেচ্চামূলক ক্ষমতাঃ সাধাৰণভাৱে চালে দেখা যায় যে ৰাষ্ট্ৰপতিয়ে কোনো প্রকৃত ক্ষমতা প্রয়োগ কৰিব নোৱাৰে। কিন্তু কিছুমান এনে ক্ষেত্ৰ আৰু মুহূৰ্ত আছে য’ত ৰাষ্ট্ৰপতিয়ে প্ৰকৃত ক্ষমতা প্রয়োগ কৰিব পাৰে।

মন্ত্রীপৰিষদে আলোচনা কৰা বা বিবেচনা কৰা সকলোবোৰ বিষয় ৰাষ্ট্ৰপতিয়ে জনাৰ অধিকৰা আছে। ৰাষ্ট্ৰপতিয়ে বিচাৰিলে এই বিষয়সমূহ অৱগত কৰিবলৈ। সাংবিধানিকভাৱে প্ৰধানমন্ত্রী বাধ্য।

ৰাষ্ট্ৰপতিৰ সীমিত ভেটো ক্ষমতা আছে। এই ক্ষমতা প্ৰদান কৰি ৰাষ্ট্ৰপতিয়ে সংসদে গৃহীত কৰা কোনো বিলত কৰিবলগীয়া স্বাক্ষৰ কিছুদিনলৈ পিছুৱাই ৰাখিব পাৰে। বিলকন পুনৰ বিবেচনাৰ বাবে সংসদলৈ ঘূৰালৈ পঠাব পাৰে। অৱশ্যে সংসদে যদি বিলখন পুনৰ গৃহীত কৰি ৰাষ্ট্ৰপতিৰ অনুমোদন বা স্বাক্ষৰৰ বাবে প্ৰেৰণ কৰে ৰাষ্ট্ৰপতিয়ে এনে বিলত স্বাক্ষৰ কৰিবলৈ বাধ্য।

এক অস্বাভাৱিক পৰিস্থিতিত ৰাষ্ট্ৰপতিয়ে নিজৰ স্বেচ্ছামূলক ক্ষমতা প্রয়োগ কৰিব পাৰে। আপোনালোক সকলোৱে বুজি উঠিছে যে ভাৰতীয় সংসদৰ নিম্নসদন অর্থাৎ লোকসভাত সংখ্যা গৰিষ্ঠতা লাভ কৰা ৰাজনৈতিক দল বা মিত্ৰগোষ্ঠীয়ে কেন্দ্ৰত চৰকাৰ গঠন কৰে ৷ যেতিয়া কোনো এটা ৰাজনৈতিক দল বা মিত্রগোষ্ঠীয়ে এনে সংখ্যা গৰিষ্ঠতা লাভ কৰাত ব্যৰ্থ হয় তেতিয়া প্রধানমন্ত্রী তথা মন্ত্ৰী পৰিষদত নিযুক্তি দিয়াৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতিয়ে নিজৰ স্বেচ্ছামূলক ক্ষমতা প্রয়োগ কৰিব পাৰে৷

6. ভাৰতৰ উপৰাষ্ট্ৰপতিৰ কাৰ্যাৱলীসমূহ আলোচনা কৰা। 

উত্তৰঃ উপ-ৰাষ্ট্ৰপতি ৰাজ্যসভাৰ পদেন সভাপতি। অর্থাৎ যিয়েই উপৰাষ্ট্ৰপতি হৈ থাকে, তেৱেঁইৰাজ্যসভাত সভাপতিত্ব কৰে আৰু এগৰাকী সভাপতিৰ সাধাৰণ দায়িত্বসমূহ পালন কৰে। ইয়াৰ ভিতৰত সদনৰ শৃংখলা ৰক্ষা কৰা, সদস্যসকলক ভাষণ দিয়া আৰু প্ৰশ্ন উত্থাপন কৰাত অনুমোদন জনোৱা আৰু বিধয়ক আৰু প্ৰস্তাৱত ভোটদানৰ বাবে সাজু কৰা আদি আছে। উপ-ৰাষ্ট্ৰপতি যিহেতু ৰাজ্যসভাৰ সদস্য নহয়, সেয়ে তেওঁ সদনত ভোটদান কৰিব নোৱাৰে। কিন্তু ‘টাই’ অর্থাৎ সপক্ষে বিপক্ষে সমান সমান ভোট পৰিলে তেওঁ কোনো এটা সিদ্ধান্তত উপনীত হোৱাৰ অৰ্থে নিৰ্ণায়ক ভোট প্ৰদান কৰে।

মৃত্যু, পদত্যাগ অথবা মহাভিযোগৰ বাবে ৰাষ্ট্ৰপতিৰ কাৰ্যালয় কালী হ’লে উপ-ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰপতি হিচাপে সর্বাধিক ছয়মাহ কাৰ্যনিৰ্বাহ কৰিব পাৰে। এই সময়ছোৱাত তেওঁ ৰাষ্ট্ৰপতিৰ সকলো ধৰণৰ ক্ষমতা ভোগ কৰে। ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা অৱস্তাত তেওঁ ৰাজ্যসভাত সভাপতিত্ব নকৰে ৷

ৰাষ্ট্ৰপতিয়ে সাময়িকভাৱে কার্য সম্পাদন কৰিব নোৱাৰা অৱস্থাত উপ-ৰাষ্ট্ৰপতিয়েক ৰাষ্ট্রপতি হিচাপে কাৰ্যভাৰ নকৰাকৈ ৰাষ্ট্ৰপতিৰ কাৰ্য সম্পাদন কৰিবলৈ আহ্বান জনোৱা হ’ব পাৰে ৷

7. ভাৰতৰ প্ৰধান মন্ত্ৰীক কেনেদৰে নিযুক্ত কৰা হয়? বৰ্ণনা কৰা।

উত্তৰঃ প্রধানমন্ত্ৰীক ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে কিন্তু প্রধানমন্ত্ৰীৰ নিয়োগত স্বাধীনতা নাই। সাধাৰণতে ৰাষ্ট্ৰপতিয়ে সংখ্যাগৰিষ্ঠ দলৰ নেতাজনক চৰকাৰ ” গঠনৰ বাবে আহ্বান কৰে। কোনো দলে সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰিলে, ৰাষ্ট্ৰপতিয়ে দুট বা ততোধিক দলক লোকসভাত সংখ্যাগৰিষ্ঠতা লাভৰ বাবে আদেশ দিব পাৰে। এবাৰ প্ৰধামন্ত্ৰী হিচাপে নিযুক্ত হোৱাৰ পিছত লোকসভাৰ সংখ্যাগৰিষ্ঠ সদস্যৰ সমৰ্থন পোৱালৈকে তেওঁ প্ৰধানমন্ত্রী হৈ থাকে। সাধাৰণতে, প্রধানমন্ত্রী লোকসভাৰ সংখ্যাগৰিষ্ঠ দলৰ নেতা হয়।

প্রধানমন্ত্ৰীৰ পৰামৰ্শমতে ৰাষ্ট্ৰপতিয়ে মন্ত্রীপৰিষদৰ সদ্যসসকলক নিয়োগ কৰে । মন্ত্ৰীসকল বাছনি কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে আঞ্চলিক বিভিন্নতা অনুসৰি, বিভিন্ন ধৰ্ম, জাতিৰ প্ৰতিনিধিত্ব কৰাটো মন দিব লাগে। সংযুক্ত চৰকাৰত, সংযুক্ত লৰ সদস্যসকল মন্ত্রীপৰিষদৰ প্ৰতিনিধিত্ব অনুসৰি দিয়া হয়। মন্ত্ৰীসকলৰ দপ্তৰসমূহ প্ৰধানমন্ত্ৰীয়ে ঠিককৰে আৰু তেওঁৰ ইচ্ছানুসৰি সলনি কৰিবও পাৰে।

এজন মন্ত্ৰী হ’বলৈ, এজন ব্যক্তি সংসদৰ উভয় সদনৰ এটি সদনৰ সদস্য হ’ব লাগে ৷ কোনো সদনৰ সদস্য নোহোৱাকৈ এজন ব্যক্তি মন্ত্রী হ’ব পাৰে ছয়মাহৰ বাবেহে। ছয় মাহৰ ভিতৰত তেওঁ সংসদৰ যিকোনো এটি সদনলৈ নির্বাচিত হ’ব লাগিব, নহ’লে তেওঁৰ মন্ত্ৰীত্ব হেৰাই যাব। সকলো মন্ত্রী সামূহিকভাৱে বা ব্যক্তিগতভাৱে লোকসভাৰ ওচৰত দায়িত্বশীল।

মন্ত্ৰীপৰিষদ দুই ধৰণৰ মন্ত্ৰীক লৈ গঠিত। এওঁলোক হৈছে কেবিনেট মন্ত্ৰী আৰু ৰাজ্যিক মন্ত্ৰী ৷ কেবিনেট মন্ত্ৰীসকল সাধাৰণতে দলৰ জ্যেষ্ঠ নেতা বা সংযুক্ত দলৰ জ্যেষ্ঠ নেতা। কেবিনেট মন্ত্ৰীৰ পিছতেই ৰাজ্যিক মন্ত্ৰীৰ স্থান। ৰাজ্যিক মন্ত্ৰীৰ কিছুসংখ্যক এটা বিভাগৰ স্বাধীন দায়িত্বত থাকে য’ত ৰাজ্যৰ আন মন্ত্ৰীসকলে কেবিনেট মন্ত্রীসকলে কেবিনেট মন্ত্রীসকলক সহায় কৰে। কেতিয়াবা আনকি উপমন্ত্রীসকলকো মন্ত্ৰীসকলক সহায় কৰিবলৈ নিয়োগ কৰা হয়।

কেবিনেট মন্ত্ৰীসকলৰ বাহিৰে আন মন্ত্ৰীসকলৰ কেবিনেট বা মন্ত্রীসভাৰ বৈঠকত উপস্থিত নাথাকে ৷ মন্ত্ৰীসভাৰ বৈঠকতসমূহত প্রধানমন্ত্ৰীয়ে সভাপতিত্ব কৰে। কেবিনেটৰ দ্বাৰাইনীতি বিষয়সমূহৰ সিদ্ধান্ত কৰা হয়। প্রধানমন্ত্ৰীয়ে কোনো মন্ত্ৰীৰ দপ্তৰ পুনৰ বিতৰণ কৰিব পাৰে বা কোনো এজন মন্ত্ৰীক পদত্যাগ কৰিবলৈ আদেশ দিব পাৰে।

8. ভাৰতৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যাৱলী আৰু ভূমিকা সম্পর্কে আলোচনা কৰা। 

উত্তৰঃ কেন্দ্ৰীয় চৰকাৰৰ অতি দৰকাৰী আৰু শক্তিশালা কাৰ্যকৰী বিষয়াজনেই হৈছে প্ৰধানমন্ত্ৰী ৷ প্ৰধানমন্ত্ৰী চৰকাৰৰ মূৰব্বী আৰু লোকসভাৰ নেতা ৷ প্ৰধানমন্ত্ৰী হৈছে ৰাষ্ট্ৰপতিৰ মুখ্য পৰামৰ্শদাতা, আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত তেওঁ মুখ্য নেতা। তেখেতৰ ভূমিকা অতুলনীয় আৰু দেশৰ শাসনৰ কাৰণে তেওঁ পৰামৰ্শ দিব পাৰে ৷

মন্ত্ৰীপৰিষদৰ মূৰব্বী হিচাপে প্রধানমন্ত্রীয়ে মন্ত্রীসকলক ৰাষ্ট্ৰপতিৰ নিযুক্তিৰ বাবে বাছনি কৰে ৷ প্ৰধানমন্ত্ৰীৰ আস্থাভাজন হৈ থকালৈকে মন্ত্ৰীসকলক পদত অধিষ্ঠিত থাকিব পাৰে। প্ৰধানমন্ত্ৰীয়ে মন্ত্ৰীসকলৰ মাজত দপ্তৰসমূহ বিতৰণ কৰে। তেওঁ ইচ্ছা কৰিলে দপ্তৰসমূহ সালসনিও কৰিব পাৰে।

প্রধানমন্ত্রীয়ে কেবিনেট সভাসমূহত সভাপতিত্ব কৰে আৰু পৰিচালনা কৰে । কেবিনেটৰ নেতা হিচাপে তেওঁ কেবিনেটৰ সিদ্ধান্তসমূহত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে। প্ৰধানমন্ত্রী বিভিন্ন মন্ত্রণালয়ৰ মাজত সহযোগকাৰী। মন্ত্ৰীসকলৰ মাজত হোৱা মতানৈক্যৰ সমাধান কৰে। প্ৰধানমন্ত্রী হ’ল মন্ত্রীসভা আৰু ৰাষ্ট্ৰপতিৰ মাজত যোগসূত্র। কেবিনেটৰ সিদ্ধান্তসমূহ প্ৰধানমন্ত্ৰীৰ জৰিয়তে ৰাষ্ট্ৰপতিক জনোৱা হয়। প্রধানমন্ত্ৰীয়ে ৰাষ্ট্ৰকপতিক সকলো নীতি সিদ্ধান্তসমূহৰ বিষয়ে অৱগত কৰে। প্রধানমন্ত্ৰীৰ অনুমতি অবিহনো কোনো মন্ত্ৰীয়ে ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিব নোৱাৰে। সকলোবোৰ গুৰুত্বপূৰ্ণ পদবীৰ নিযুক্তিসমূহ প্ৰধানমন্ত্ৰীৰ পৰামৰ্শমতেই ৰাষ্ট্ৰপতিয়ে সমাধা কৰে ৷ প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ অনুসৰি ৰাষ্ট্ৰপতিয়ে সংসদ অধিবেশন আহ্বান কৰে আনকি লোকসভা ভাঙি দিবও পাৰে। 

প্রধামন্ত্ৰী হৈছে‘প্রধান নেতা’ আৰু চৰকাৰৰ নীতিসমূহৰ ৰক্ষকস্বৰূপ৷ যেতিয়া কোনো মন্ত্ৰীয়ে নিজৰ কাৰ্য সমাধান কৰিব অসমর্থ হয় তেতিয়া প্রধানমন্ত্রীয়ে তেওঁক সংসদৰ বাহ্যিক বা আভ্যন্তৰীণ ক্ষেত্ৰত সহায় কৰে। প্ৰধানমন্ত্ৰী হৈছে জাতিৰ নেতা। তেওঁৰ পৰিচালনাতেই জাতিৰ অস্তিত্ব নির্ভৰ কৰে। সাধাৰণ নিৰ্বাচনৰ সময়ত, প্রধানমন্ত্ৰীয়ে জনসাধাৰণৰ পৰা সঁহাৰি বিচাপে। তেওঁ ৰাষ্ট্ৰৰ আভ্যন্তৰীণ আৰু বৈদেশিক নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ৰাষ্ট্ৰপতিয়ে বিশ্ব দৰবাৰত ভাৰতক প্রতিনিধিত্ব কৰে যেনে— NAM,SAARC আৰু ৰাষ্ট্ৰসংঘত। প্রধানমন্ত্ৰীৰ অনুমতি সাপেক্ষেহে ৰাষ্ট্ৰপতিয়ে সকলো আন্তঃৰাষ্ট্ৰীয় চুক্তি, সন্ধি স্বাক্ষৰ কৰে। দেশৰ নীতিসমূহৰ প্ৰধান নেতা হৈছে ৰাষ্ট্ৰপতি।

চৰকাৰ আৰু সংসদত প্ৰধানমন্ত্ৰীৰ এটা বিশেষ স্থান আছে। ই তেওঁক অধিক জ্ঞতাশালী কৰি তুলিছে। তেওঁৰ ব্যক্তিত্বৰ ওপৰত পদবীটো নিৰ্ভৰশীল। প্রধানমন্ত্রীয়ে দলীয় প্রধান সদস্যসমূহৰ মাজত মধুৰ সম্পৰ্ক ৰক্ষা আৰু নিৰাপত্তা প্ৰদান কৰে। সংখ্যালঘু চৰকাৰত, প্রধানমন্ত্ৰীয়ে আনলফালৰ পৰা সহায় ল’ব লগা হয়, যিয়ে তেওঁক সুদক্ষ নেতা হোৱাত বাধা দিব পাৰে৷

9. মন্ত্রীপৰিষদ আৰু মন্ত্রীসভা/ কেবিনেটৰ মাজৰ পাৰ্থক্যসমূহ লিখা। 

উত্তৰঃ মন্ত্ৰী পৰিষদ আৰু ‘কেবিনেট’ শব্দটি প্রায় একে অৰ্থত ব্যৱহাৰ কৰা হয়। প্রকৃততে ই একে নহয়। 44 তম সংশোধনীৰ আগতে কেবিনেট শব্দটি সংবিধানত সংযুক্ত নাছিল৷ এতিয়া মন্ত্ৰীপৰিষদ আৰূ কেবিনেটৰ পাৰ্থক্যবোৰ হ’ল মন্ত্রীপৰিষদ সকলো শ্ৰেণীৰ মন্ত্ৰীক লৈ গঠিত অর্থাৎ কেবিনেট মন্ত্রী আৰু ৰাজ্যিক মন্ত্ৰী। কেবিনেট আনহাতে জ্যেষ্ঠ মন্ত্রীসকলক লৈ গঠিত হয় ইয়াৰ সদস্য সংখ্যা 15 ৰ পৰা 30 জনলৈ হয় য’ত মন্ত্রীপৰিষদত 70 জনতকৈ অধিক মন্ত্ৰী থাকে। মন্ত্রীপৰিষদৰ সদস্যসকল কাচিহে মিলিত হয়। আনহাতে কেবিনেটৰ মন্ত্ৰীসকল সম্ভৱ অনুসৰি অতি সোনকালেই মিলিত হয়। কেবিনেট মন্ত্রীসকলে চৰকাৰৰ কাৰ্যসূচী আৰু নীতিসমূহ নিৰ্ধাৰণ কৰে। কিন্তু মন্ত্রীপৰিষদে নোৱাৰে। এনেদৰে, “কেবিনেট হৈছে মন্ত্রীপৰিষদৰ অংশ।”

10. মন্ত্ৰীসকলৰ সামূহিক আৰু ব্যক্তিগত দায়বদ্ধতাৰ বিষয়ে বর্ণনা কৰা ৷ 

উত্তৰঃ সামূহিক দায়বদ্ধতাঃ আমাৰ সংবিধানত উল্লেখ আছে যে “মন্ত্ৰীসকল সামূহিকভাৱে লোকসভাৰ ওচৰত দায়িত্বশীল।”ইপ্ৰকৃততে বুজায় যে, মন্ত্রীসকল ব্যক্তিগতভাৱে নহয়, সামূহিকভাৱে লোকসভাৰ ওচৰত দায়িত্বশীল । সামূহিক দায়বদ্ধতাই দুটা ধাৰণাক বুজায়। প্ৰথমতে, মন্ত্রীপৰিষদৰ প্ৰত্যেক সদস্য কেবিনেটৰ প্ৰতিটো সিদ্ধান্তত দায়িত্বশীল হ’ব লাগে । মন্ত্রীপৰিষদৰ সদস্যসকল একেলগে ৷ সাঁতোৰে আৰু ডুবে। যেতিয়া কেবিনেটত কোনো এটা সিদ্ধান্ত গ্ৰহণ কৰা হয় 4 তেতিয়া সেই সিদ্ধান্ত কোনো অপত্তি নোহোৱাকৈ মানিব লাগে। যদি এজন মন্ত্ৰীপৰিষদৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ অমান্তি নহয় তেতিয়া তেওঁ মন্ত্ৰী পৰিষদৰ ৷ পৰা পদত্যাগ কৰিব লাগে। সামূহিক দায়বদ্ধতাই বুজায় যে, ‘মন্ত্ৰীসকলে চৰকাৰৰ পক্ষে ভোটদান কৰিব লাগিব। তেওঁ কোনো সিদ্ধান্তত মান্তি নহ’লেও ইয়াৰ নিৰাপত্তাৰ খাতিৰত মতে মাতিব লাগিব।’ দ্বিতীয়তে, প্রধানমন্ত্ৰীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱত দিয়া ভোট গোটেই মন্ত্রীপৰিষদৰ বিৰুদ্ধে থিয় দিয়া ভোটক বুজায়। ঠিক তেনেদৰে, কোনো চৰকাৰী বিল বা বাজেটত বিপক্ষে ভোট প্রদানে গোটেই মন্ত্ৰীসভাৰ ক্ষেত্ৰত বিশ্বাহীনতাক বুজায়। 

সামূহিক আৰু ব্যক্তিগত দায়বদ্ধতাৰঃ যদিও মন্ত্ৰীসকলৰ সামূহিকভাৱে। লোকসভাৰ ওচৰত দায়িত্বশীল, তেওঁলোক ব্যক্তিগতভাৱে লোকসভাৰ ওচৰত দায়ী। ব্যক্তিগত দায়বদ্ধা আহি পৰে যেতিয়া এজন মন্ত্রীয়ে কেবিনেটৰ বা প্রধানমন্ত্ৰীৰ অনুমতি অবিহনে কোনো কাম কৰে আৰু যদি সংসদৰ দ্বাৰা সমালোজিত বা অনুমোদিত কৰা নহয় ৷ তেনেদৰে এজন মন্ত্ৰীৰ ব্যক্তিগত ব্যৱহাৰত প্রশ্ন জড়িত থাকে, তেতিয়া তেওঁ চৰকাৰৰ ক্ষতি নকৰাকৈ পদত্যাক কৰিব লাগে। যদি এজন মন্ত্ৰীৰ প্ৰধানমন্ত্ৰীৰ লগত মতবিৰোধ হয় তেতিয়াহ’লে তেওঁ মন্ত্ৰীত্ব এৰিবলগীয়া হ’ব পাৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top