স্থানীয় গাওঁবুঢ়ালৈ পৰিৱেশ প্ৰদূষণৰ সম্পৰ্কে লিখা পত্ৰ।
মাননীয়
চৰকাৰী গাওঁবুঢ়া,
ধোপগুৰি গাওঁ
জিলা: কামৰূপ (মহানগৰ)
তাৰিখ: ১০/১০/২০১০
বিষয়: স্থানীয় গাওঁবুঢ়ালৈ পৰিৱেশ প্ৰদূষণৰ সম্পৰ্কে লিখা পত্ৰ।
মাননীয় মহাশয়,
বিহীত সন্মানপূৰ্বক আপোনাক জনাব খুজিছোঁ যে আমাৰ ঘৰৰ নিচেই ওচৰতে ব্যৱসায়িক ভিত্তিত এখন ব্ৰয়লাৰ মুৰ্গীৰ পাম আৰু জাৰ্চী গাইৰ গোহালি খুলি আজি কিছু দিনৰে পৰা ব্যৱসায় আৰম্ভ কৰিছে। ইয়াত মোৰ আপত্তি কৰিবলৈ একো নাথাকিল হেতেন যদিহে এই দুই ঠাইৰ পৰা দুৰ্গন্ধ নোলালহেতেন। তদুপৰি এই দুই ঠাইত মহৰ উৎপত্তি হোৱা বাবে ওচৰে-পাজৰে মহৰ কামোৰত মানুহ বসতি কৰা অসম্ভৱ হৈ পৰিছে। এই বিষয়ে সংশ্লিষ্ট ব্যৱসায়ী দুজনক অৱগত কৰিছিলোঁ যদিও একো কাম নিদিলে।
সেয়েহে আপোনাক অনুৰোধ জনাইছোঁ যাতে আপুনি আপোনাৰ চৰকাৰী ভূমিকা পালন কৰি দায়বদ্ধতাৰ পৰিচয় দিয়ে আৰু মুৰ্গীৰ পাম, গাইৰ গোহালি জনবসতিৰ আতৰলৈ নিবলৈ ব্যৱসায়ী দুজনক বাধ্য কৰায়।
ইতি
আপোনাৰ বিশ্বাসী
শ্ৰীহৰিচৰণ ডেকা
স্থান: ধোপগুৰি, কামৰূপ।
Application to The Village Chief For Taking Steps to Protect Environment From Pollution.
To
The village Head,
Dhopguri Village,
District: Kamrup (metro)
Date: 10/10/2010
Subject: Application to The Village Chief For Taking Steps to Protect Environment From Pollution.
Respected Sir,
With due respect, I would like to state that a broiler poultry farm and a Jersy cow shed have come up near my residence on a commercial basis for some time now. I could not have any objection whatsoever if the stinking smell had not engulfed the vicinity, particularly my residence.
Moreover, the two places have become the breeding ground for mosquitoes for which the residents nearby have been badly affected by the mosquitoes. In this regard, the owners of the farm and the cow-shed had complained but it bore no results.
Therefore, Sir, you are fervently requested to perform your role as government village head and to show your responsibility for your job by forcing the owners of the broiler farm and cow shed to shift the same elsewhere from the residential area so as to protect the environment.
With Thanks,
Shri Haricharan Deka.
Place: Dhopguri
District: Kamrup (metro)
Read Also:
- Application for New Telephone at Residence – ঘৰত নতুন টেলিফোন লোৱাৰ বাবে সোৱৰণী আবেদন
- Application for Claim Compensation to the Railway Company – ক্ষতিপূৰণ বিচাৰি ৰেল কত্তৃপক্ষলৈ চিঠি
- Application for Birth Certificate (জন্মৰ প্ৰমাণ পত্ৰৰ বাবে পৌৰনিগমৰ ওচৰত আবেদন)
- Application for Changing the Ration Shop – ৰেশ্বন দোকান পৰিৱৰ্তনৰ বাবে আবেদন
- Application for wrong printing of Telephone No. | টেলিফোন নম্বৰ ভুলকৈ ছপা হোৱাৰ বাবে আবেদন
- Application to repair an ‘out-of-order’ Telephone | বেয়া টেলিফোন ভাল কৰাৰ বাবে আবেদন
- Application for cooking gas | ৰন্ধন গেছৰ বাবে আবেদন
- Application for police permission in connection with the use of microphone | মাইক্ৰোফোন ব্যৱহাৰৰ অনুমতি বিচাৰি পুলিচ কৰ্তৃপক্ষৰ ওচৰলৈ চিঠি
- NCERT Class 7 English Textbook PDF
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.