AHSEC 2024 Logic and Philosophy Question Paper Solved | দ্বাদশ শ্ৰেণীৰ তর্কবিজ্ঞান আৰু দর্শন পুৰণি প্ৰশ্নকাকত সমাধান

AHSEC 2024 Logic and Philosophy Question Paper Solved | দ্বাদশ শ্ৰেণীৰ তর্কবিজ্ঞান আৰু দর্শন পুৰণি প্ৰশ্নকাকত সমাধান, AHSEC Class 12 Logic and Philosophy Question Paper Solved PDF Download, দ্বাদশ শ্ৰেণীৰ তর্কবিজ্ঞান আৰু দর্শন 2024 ৰ প্ৰশ্নকাকত সমাধান কৰা হৈছে to each Paper is Assam Board Exam in the list of AHSEC so that you can easily browse through different subjects and select needs one. AHSEC 2024 Logic and Philosophy Previous Years Question Paper Solved can be of great value to excel in the examination.

AHSEC Logic and Philosophy Question Paper Solved

AHSEC 2024 Logic and Philosophy Question Paper Solved

Join Telegram channel

AHSEC 2024 Logic and Philosophy Question Paper Solved provided is as per the 2024 AHSEC Board Exam and covers all the questions from the AHSEC Class 12 Logic and Philosophy Solved Question Paper 2024 Assamese Medium. Access the detailed AHSEC Class 12 Logic and Philosophy 2024 Previous Years Question Paper Solved provided here and get a good grip on the subject. Access the AHSEC Class 12 Logic and Philosophy Old Question Paper Solved, AHSEC Class 12 Logic and Philosophy Solved Question Paper 2024 of Assamese in Page Format. Make use of them during your practice and score well in the exams.

LOGIC & PHILOSOPHY

2024

LOGIC & PHILOSOPHY OLD QUESTION PAPER SOLVED

1. অতি চমু উত্তৰ দিয়া:

(a) “তর্কবিজ্ঞান আদর্শনিষ্ঠ বিজ্ঞান।” কথাষাৰ সত্য নে?

উত্তৰঃ তর্কবিজ্ঞান আদর্শনিষ্ঠ বিজ্ঞান।” কথাষাৰ সত্য।

(b) বৈজ্ঞানিক আগমনে কোন প্ৰকাৰৰ বচন প্রতিষ্ঠা কৰে?

উত্তৰঃ বৈজ্ঞানিক আগমনে যথার্থ সামান্য বচন প্রতিষ্ঠা কৰে।

(c) অবৈজ্ঞানিক আগমনৰ ভিত্তি কি?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ অবৈজ্ঞানিক আগমনৰ ভিত্তি হল অভিজ্ঞতা বা প্ৰকৃতিৰ এক ৰূপতা।

(d) বিজ্ঞানসম্মত বাস্তৱবাদৰ প্ৰৱৰ্ত্তক কোন?

উত্তৰঃ বিজ্ঞানসম্মত বাস্তৱবাদৰ প্ৰৱৰ্ত্তক হ’ল জন লক।

(e) নিনৈতিক ক্ৰিয়াৰ এটি উদাহৰণ দিয়া।

উত্তৰঃ নিনৈতিক ক্ৰিয়াৰ এটি উদাহৰণ হল – ভূমিকম্প।

(f) বুদ্ধই ‘মোক্ষ’ বা ‘মুক্তি’ক বুজাবলৈ কি শব্দ ব্যৱহাৰ কৰিছে?

উত্তৰঃ বুদ্ধই ‘মোক্ষ’ বা ‘মুক্তি’ক বুজাবলৈ নিৰ্বাণ শব্দ ব্যৱহাৰ কৰিছে।

(g) সৰল বাস্তৱবাদে সত্যতাৰ কোনটো মতবাদ সমর্থন কৰে?

উত্তৰঃ সৰল বাস্তৱবাদে সত্যতাৰ অনুৰূপতাবাদ সিদ্ধান্তৰ মতবাদ সমর্থন কৰে।

(h) “ধৰ্ম হ’ল মূল্যৰ অবিনাশিতাত বিশ্বাস।” কথাষাৰ কোনে কৈছিল?

উত্তৰঃ ধৰ্ম হ’ল মূল্যৰ অবিনাশিতাত বিশ্বাস।” কথাষাৰ হেৰল্ড হফ্ডিঙে কৈছিল।

(i) কাৰণৰ পৰিমাণগত লক্ষণ কি নিয়মৰ ওপৰত প্ৰতিষ্ঠিত?

উত্তৰঃ কাৰণৰ পৰিমাণগত লক্ষণ পদার্থ বিজ্ঞানৰ দ্ৰব্য আৰু শক্তিৰ অবিনশ্বৰতাৰ নিয়মৰ ওপৰত প্ৰতিষ্ঠিত।

(j) ব্যতিৰেকী পদ্ধতিৰ বাবে কেইটা দৃষ্টান্তৰ প্রয়োজন হয়?

উত্তৰঃ ব্যতিৰেকী পদ্ধতিৰ বাবে দুটা দৃষ্টান্তৰ প্রয়োজন হয়।

(k) গ্রীক শব্দ ‘Ethos’ ৰ অৰ্থ কি?

উত্তৰঃ গ্রীক শব্দ ‘Ethos’ ৰ অৰ্থ হৈছে— চৰিত্র, আচাৰ – ব্যৱহাৰ বা ৰীতি – নীতি সম্পর্কীয় বিজ্ঞান।

(l) “প্রকল্প হৈছে এটা আনুমানিক ধাৰণা।” এইটো সত্য নে?

উত্তৰঃ প্রকল্প হৈছে এটা আনুমানিক ধাৰণা।” এইটো সত্য।

2. সু-সাদৃশ্যানুমানৰ এটি উদাহৰণ দিয়া।

উত্তৰঃ সু-সাদৃশ্যানুমানৰ এটি উদাহৰণ হল – পৃথিৱী আৰু মঙ্গল এই দুয়োটাই সৌৰজগতৰ গ্ৰহ। দুয়োটাই সূর্যক প্রদক্ষিণ কৰে। দুয়োটাতে বায়ুমণ্ডল, মাটি, পানী, উত্তাপ আদি আছে। পৃথিৱীত জীৱ আছে, গতিকে মঙ্গল গ্রহটো জীৱ আছে। 

নাইবা

বৈজ্ঞানিক আগমনৰ সংজ্ঞা দিয়া।

উত্তৰঃ যি আগমনত কোনো বস্তু বা ঘটনাৰ বিশেষ বিশেষ দৃষ্টান্ত কেইটামান পৰ্যবেক্ষণ কৰি, প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্য-কাৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰি সেই শ্ৰেণীৰ সকলো বস্তু বা ঘটনা সম্পর্কে এটা যথার্থ সামান্য বচন প্ৰতিষ্ঠা কৰা হয় তাক বৈজ্ঞানিক আগমন বোলে।যেনে-

ৰাম হয় মৰণশীল।

হৰি হয় মৰণশীল।

∴ সকলো হয় মৰণশীল।

3. ‘কাৰণ সমন্বয়’ বুলিলে কি বুজা?

উত্তৰঃ একাধিক কাৰণ সংযোজিত হৈ একেলগে ক্ৰিয়া কৰি কোনো এটা জটিল কার্য সম্পাদন কৰিলে, কাৰণবোৰক কাৰণ সমন্বয় বা কাৰণ সংযোজন বোলে।

নাইবা

নিৰীক্ষণৰ দুটা সুবিধা উল্লেখ কৰা।

উত্তৰঃ নিৰীক্ষণৰ দুটা সুবিধা হল –

(i) নিৰীক্ষণৰ পৰিসৰ অতি ব্যাপক।

(ii) নিৰীক্ষণৰ কাৰ্য সদায় পৰিক্ষনৰ আগত।

4. মুখ্য গুণ আৰু গৌণ গুণৰ মাজত থকা দুটা পার্থক্য লিখা।

উত্তৰঃ মুখ্য গুণ আৰু গৌণ গুণৰ মাজত থকা দুটা পার্থক্য হল – 

মুখ্য গুণগৌণ গুণ
যিবােৰ গুণ মননিৰপেক্ষ, বস্তুগত, যিবোৰ গুণৰ অস্তিত্ব জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল নহয়, সেইবােৰ গুণক মুখ্য গুণ বােলে।যিবোৰ গুণ মন সাপেক্ষে মনােগত, যিবােৰ গুণৰ অস্তিত্ব জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল, সেইবােৰ গুণক গৌণ গুণ বােলে।
বস্তুৰ বিস্তৃতি, আকাৰ, ওজন,পৰিমাণ, গতিবেগ আদি।বস্তুৰ বৰ্ণ, গােন্ধ, স্বৱাদ, তাপ আদি।

5. “অস্তিত্ব প্রত্যক্ষ নিৰ্ভৰ” এই কথাষাৰৰ অর্থ কি?

উত্তৰঃ আত্মগত ভাৱবাদ অনুসৰি, ধাৰণাকহে কেৱল জানিব পাৰি। মনৰ পৰা স্বতন্ত্ৰভাৱে প্রকৃতি জগতৰ অস্তিত্ব নাই। অস্তিত্ব প্রত্যক্ষ নিৰ্ভৰ। ব্যক্তিৰ মনেহে জগতৰ অস্তিত্ব নিৰূপণ কৰিব। মন বহির্ভূত কোনো বস্তুৰ বস্তুনিষ্ঠ অস্তিত্ব নাই। কেৱল ধাৰণা অস্তিত্বশীল। অর্থাৎ কোনো বস্তুৰ অস্তিত্ব জ্ঞাতাৰ প্ৰত্যক্ষৰ ওপৰত নিৰ্ভৰশীল। লকে কয় যে, সকলো জ্ঞান অভিজ্ঞতাজাত হ’লে, আমি ধাৰণাৰ বাহিৰে একো জানিব নোৱাৰো। তেওঁৰ এই চিন্তাধাৰাক আত্মনিষ্ঠ তথা মনোবৈজ্ঞানিক বুলি ক’ব পাৰি। কাৰণ, তেওঁৰ মতে বাহ্য জগত ব্যক্তিৰ চৈতন্য নিৰ্ভৰশীল। ব্যক্তিৰ মনেহে জগতৰ অস্তিত্ব নিৰূপণ কৰিব। গতিকে বাৰ্কলিৰ মতে মনৰ বৰ্হিভুত কোনো বস্তুৰ বস্তুনিষ্ঠ অস্তিত্ব নাই।

নাইবা

‘পূর্ব স্থাপিত শৃংখলা’ মতবাদ কি?

উত্তৰঃ লাইব্ ণিজৰ মতে চিৎপৰমাণুবোৰ এটাৰ পৰা আনটো স্বতন্ত্র। তেন্তে এইবোৰ কিদৰে সংহত আৰু শৃংখলিত হৈ থাকিব। লাইব্ ণিজে এই প্ৰশ্নৰ উত্তৰত কৈছে যে সমস্ত চিৎপৰমাণুৰ ভিতৰত ঈশ্বৰ শ্ৰেষ্ঠ পৰমাণু। সৃষ্টিৰ আৰম্ভণিতে ঈশ্বৰে চিৎপৰমাণুবিলাকৰ মাজত সংহতি পূর্বতে স্থাপন কৰিছিল। লাইব্ ণিজৰ এই মতবাদক “পূর্ব স্থাপিত শৃংখলা মতবাদ (Theory of Pre-established Harmony) নামে জনা যায়।

6. অনবেক্ষণ দোষৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ অনবেক্ষণ দোষৰ এটা উদাহৰণ হ’ল-

7. নীতিবিদ্যাৰ স্বীকাৰ্য সত্য কেইটা কি কি?

উত্তৰঃ নীতিবিদ্যাৰ স্বীকাৰ্য সত্য তিনিটা সেইকেইটা হ’ল-

১। ব্যক্তিৰ ব্যক্তিত্ব।

২। বিচাৰ- বুদ্ধি বা বিচাৰশক্তি।

৩। ইচ্ছাৰ স্বাতন্ত্র্য বা ইচ্ছাৰ স্বাধীনতা।

নাইবা

নীতিবিদ্যাত ‘অভিপ্ৰায়ৰ’ অর্থ কি?

উত্তৰঃ নীতিবিদ্যাত অভিপ্রায় মানে হ’ল কৰ্মৰ উদ্দেশ্য, সেই উদ্দেশ্য সাধনৰ উপায় আৰু ফলাফলৰ ভাল-বেয়া দিশৰ সৈতে সংশ্লিষ্ট মানসিক অৱস্থা। এটি কামনা বিবেচনা কৰি নির্দিষ্ট পন্থাৰে কাৰ্যত পৰিণত কৰাৰ সংকল্পই অভিপ্ৰায়।

8. সৰল বাস্তৱবাদৰ যিকোনো দুটা সমালোচনা লিখা।

উত্তৰঃ সৰল বাস্তৱবাদৰ যিকোনো দুটা সমালোচনা হ’ল-

১। সৰল বস্তুবাদ হ’ল বৰ সৰল আৰু সহজ।

২। সৰল বাস্তৱবাদত বস্তুৰ জ্ঞান পোনপটীয়া প্ৰত্যক্ষৰ ওপৰত নিৰ্ভৰশীল।

9. ব্যতিৰেকী পদ্ধতিৰ এটি বাস্তৱ উদাহৰণ দিয়া।

উত্তৰঃ ব্যতিৰেকী পদ্ধতিৰ এটি বাস্তৱ উদাহৰণ হ’ল-

বায়ুপূৰ্ণ কাঁচৰ পাত্ৰ এটাৰ ভিতৰত বৈদ্যুতিক ঘন্টা এটা বজালে ইয়াৰ শব্দ শুনা যায়। কাঁচৰ পাত্ৰটোৰপৰা বায়ুখিনি আঁতৰাই তাক বায়ুশূন্য কৰি বৈদ্যুতিক ঘন্টাটো বজালে তাৰ শব্দ শুনা নাযায়। গতিকে সিদ্ধান্ত কৰা হ’ল যে বায়ুৰ উপস্থিতিয়ে শব্দ শুনাৰ কাৰণ বা কাৰণৰ অবিচ্ছেদ্য অংগ।

10. অভ্যাসজনিত ক্রিয়াক নৈতিক অৱধাৰণৰ বিষয়বস্তু বুলি কিয় গণ্য কৰা হয়?

উত্তৰঃ অভ্যাসজনিত ক্রিয়া নৈতিক ক্রিয়া। অভ্যাসজনিত ক্রিয়া হ’ল ঐচ্ছিক ক্ৰিয়াৰ পুনৰাবৃত্তিৰেই পৰিণতি। যেতিয়া কোনো এটা ক্রিয়া ইচ্ছাকৃতভাৱে বাৰে বাৰে অনুশীলন কৰা হয়, তেতিয়া সি অভ্যাসত পৰিণত হয়। অভ্যাসজনিত ক্রিয়া যিহেতু নৈতিক ক্রিয়া গতিকে এই প্ৰকাৰ ক্ৰিয়া নৈতিক বিচাৰৰ বিষয়বস্তু।

11. ‘অস্তিত্বশীল কাৰণ’ বুলিলে কি বুজা?

উত্তৰঃ অস্তিত্বশীল কাৰণ বুলিলে যিবিলাক কাৰণৰ অস্তিত্ব ইন্দ্ৰিয়গ্রাহ্য আৰু লগতে যিবিলাক ইন্দ্রিয়গ্রাহ্য নহ’ব বাবে পৰোক্ষভাৱে ইয়াৰ অস্তিত্ব জানিব পাৰি, এই সকলো কাৰণকে সামৰি লয়। অস্তিত্বশীল কাৰণৰ প্ৰকৃত অৰ্থ হৈছে যাৰ অস্তিত্ব স্বীকাৰ কৰাটো যুক্তিসংগত আৰু যাৰ অস্তিত্বৰ স্বীকৃতি আত্মবিৰোধী নহয়। নিউটনে কোনো ঘটনাৰ বৈজ্ঞানিক ব্যাখ্যাৰ ক্ষেত্ৰত এনে অস্তিত্বশীল কাৰণৰ ওপৰতেই অধিক গুৰুত্ব দিছিল।

নাইবা

‘কাৰ্যকৰী প্ৰকল্প’ কি?

উত্তৰঃ অধিক নিৰ্ভৰযোগ্য প্ৰকল্পৰ অভাৱত অসম্পূর্ণ স্বভাৱৰ বা সন্তোষজনক নহয় বুলি জানিও কেৱল অনুসন্ধান কার্য চলাই যাবলৈ বুলি যদি কোনো প্রকল্প গঠন কৰা হয় তাক কাৰ্যকৰী প্রকল্প বোলে।

12. একমুখী বা প্রত্যক্ষ সহ-পৰিবৰ্তনৰ এটি বাস্তৱ উদাহৰণ দিয়া।

উত্তৰঃ কমুখী বা প্রত্যক্ষ সহ-পৰিবৰ্তনৰ এটি বাস্তৱ উদাহৰণ হ’ল- 

উত্তাপ যিমানে বাঢ়ে তাপমান যন্ত্ৰৰ পৰা পাৰা সিমানেই বাঢ়ে। গতিকে সিদ্ধান্ত কৰা হ’ল যে তাপ হ’ল পাৰা বৰ্দ্ধনৰ কাৰণ। সহ-পৰিৱৰ্তন পদ্ধতি অপসৰণৰ তৃতীয় সূত্ৰৰ লগত জড়িত। যদি দুটা ঘটনা একেলগে পৰিৱৰ্তন হয়, তেন্তে আগত ঘটা ঘটনাটো পৰৱৰ্তী ঘটনাটোৰ কাৰণ হ’ব।

সহ-পৰিৱৰ্তন পদ্ধতি দুই প্ৰকাৰৰ- 

(ক) একমুখী সহ-পৰিৱৰ্তন।

(খ) বিপৰীতমুখী সহ-পৰিৱৰ্তন।

একমুখী সহ-পৰিৱৰ্তন পদ্ধতিত পূৰ্বৱৰ্তী ঘটনা আৰু অনুৱৰ্তী ঘটনা দুটা একে দিশত পৰিৱৰ্তন হয় আৰু বিপৰীতমুখী সহ-পৰিৱৰ্তন পদ্ধতিত ঘটনা দুটা বিপৰীত দিশত পৰিৱৰ্তন হয়।

13. ‘নিয়ম সম্পর্কীয় প্রকল্প’ কাক বোলে?

উত্তৰঃ কোনো এটা ঘটনাৰ কৰ্তা বা কাৰণ সম্পর্কে জনা আছে, কিন্তু কিভাৱে বা কি নিয়ম অনুযায়ী কর্তাই ঘটনাটো ঘটালে তাক জনা নাথাকিলে, অজ্ঞাত এই নিয়ম সম্পর্কে যি প্রকল্প গঠন কৰা হয় তাক নিয়ম সম্পর্কীয় প্রকল্প বোলে।

14. আগমন কাক বোলে? আগমন আৰু নিগমনৰ মাজত থকা দুটা পাৰ্থক্য উল্লেখ কৰা।

উত্তৰঃ যি অনুমানত বিশেষ বিশেষ সম্বন্ধৰ জ্ঞানৰ সহায়ত সামান্য সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায় তাক আগমন অনুমান বোলে। 

আগমন আৰু নিগমনৰ মাজত থকা দুটা পাৰ্থক্য হ’ল –

আগমন অনুমাননিগমন অনুমান
(১) যি অনুমান প্রক্রিয়াত বিশেষ বিশেষ দৃষ্টান্ত পৰ্যবেক্ষণ কৰি সামান্য সম্বন্ধ স্থাপন হয় তাক আগমন বোলে।(১) যি অনুমানত সার্বিক সম্বন্ধৰ জ্ঞানৰ ভিত্তিত বিশেষ বিশেষ সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায় তাক নিগমন অনুমান বোলে।
(২) নিগমন অনুমানৰ সিদ্ধান্ত আশ্রয় বাক্যতকৈ বেচি ব্যাপক হ’ব নোৱাৰে।(২) আগমনৰ সিদ্ধান্ত সদায় সামান্য বচন আৰু তথ্যপাতিবোৰ বিশেষ দৃষ্টান্ত।

নাইবা

বৈজ্ঞানিক আগমন আৰু অবৈজ্ঞানিক আগমনৰ মাজত থকা চাৰিটা পাৰ্থক্য লিখা।

উত্তৰঃ বৈজ্ঞানিক আগমন আৰু অবৈজ্ঞানিক আগমনৰ মাজত থকা চাৰিটা পাৰ্থক্য হ’ল –

বৈজ্ঞানিক আগমনঅবৈজ্ঞানিক আগমন
(১) বৈজ্ঞানিক আগমনে সিদ্ধান্ত স্বৰূপে এটা যথার্থ সামান্যবচন প্রতিষ্ঠা কৰে।(ক) অবৈজ্ঞানিক আগমনে সিদ্ধান্ত হিচাপে এটা যথার্থ সামান্য বচন প্রতিষ্ঠা কৰে।
(২) বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত বিশেষ বিশেষ ঘটনা বা দৃষ্টান্তৰ পৰ্যৱেক্ষণৰ ওপৰত নিৰ্ভৰশীল।(খ) অবৈজ্ঞানিক আগমনত অভিজ্ঞতাৰ একৰূপতা বা অবাধিত অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰা হয়।
(৩) আগমনৰ এটা প্রধান বৈশিষ্ট্য হৈছে আগমনাত্মক জাঁপ বা সংকট।(গ) অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত পৰ্যৱেক্ষণৰ ওপৰত নিৰ্ভৰশীল হ’লেও কেৱল পৰ্যৱেক্ষণৰ জৰিয়তে সিদ্ধান্তত সামান্য বচন প্রতিষ্ঠা কৰিব নোৱাৰি।
(৪) বৈজ্ঞানিক আগমন দুটা মূল বিধিৰ ওপৰত প্ৰতিষ্ঠিত।(ঘ) অবৈজ্ঞানিক আগমনে এই সামান্য বচনটো বিশেষ বিশেষ বহুতো দৃষ্টান্তৰ পৰ্যৱেক্ষণৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতিষ্ঠা কৰে।

15. ‘নানা কাৰণবাদ’ বুলিলে কি বুজা? নানা কাৰণবাদ কিয় বিজ্ঞানসন্মত নহয়?

উত্তৰঃ নানা কাৰণবাদ বুলিলে একে কার্য বিভিন্ন সময়ত বা বিভিন্ন অৱস্থাত বিভিন্ন কাৰণৰ দ্বাৰা উৎপন্ন হোৱাকে বুজায়। নানাকাৰণবাদৰ মতে, এটা কাৰ্যৰ কাৰণ এটা নহৈ বহুতো হ’ব পাৰে। জগতৰ ঘটনাবোৰ বৰ জটিল। ঘটনাৰ কাৰণবোৰ কেতিয়াবা এনেভাৱে জড়িত হৈ থাকে যে ঘটনাৰ প্ৰকৃত কাৰণ নিৰ্ণয় কৰাত অসুবিধাৰ সন্মুখীন হ’ব লগা হয়।

বৈজ্ঞানিকভাৱে কাৰণ আৰু কাৰ্য উভয়েই একো একোটা মিশ্র জটিল ঘটনা। লৌকিক দৃষ্টিত কাৰ্যৰ অন্তৰ্গত সকলোবোৰ ঘটনাকে বিচাৰ কৰা নহয়। সহজতে চকুত পৰা আকর্ষণীয় ঘটনাকহে বেছি গুৰুত্ব দিয়া হয়। সেইটোকে কাৰ্য উৎপাদনৰ ক্ষেত্রত প্রধান বুলি বিবেচিত হয়। অকল যে কাৰণৰ ক্ষেত্ৰতেই এনে ভুল কৰো এনে নহয়, কাৰ্যৰ ক্ষেত্ৰতো কেতিয়াবা আমি একেটা ভুলেই কৰো। কাৰণ বা কাৰ্যৰ অন্তৰ্গত সকলোবোৰ ঘটনাকে কাৰণ আৰু কাৰ্য নির্ণয় কৰোতে আমি সমানে গুৰুত্ব নিদিওঁ। ফলত কাৰ্য বা কাৰণ সম্বন্ধে আমাৰ মনলৈ কিছুমান ভুল ধাৰণা আহে। এই ভুল ধাৰণাৰ ফলতেই নানাকাৰণবাদৰ জন্ম হয়।

বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা নানাকাৰণবাদক সমৰ্থন কৰিব নোৱাৰি। কাৰণ প্ৰথমতে, নানাকাৰণবাদত ঘটনাৰ অন্তৰ্গত থকা বিভিন্ন কাৰণবোৰ সাধাৰণ লক্ষণৰ ওপৰত গুৰুত্ব দিয়া নহয়। মৃত্যু নানা কাৰণত হ’ব পাৰে (বেমাৰ, দুর্ঘটনা, আত্মহত্যা, হত্যা, পানীত পৰি ইত্যাদি)। কিন্তু মৃত্যুৰ সাধাৰণ আৰু অপৰিহাৰ্য কাৰণ হ’ল হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱা। গতিকে হৃদযন্ত্ৰৰ ক্রিয়া বন্ধ হোৱাটো আচলতে মৃত্যুৰ একমাত্ৰ কাৰণ।

নাইবা

পৰীক্ষণৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ পৰীক্ষণৰ চাৰিটা বৈশিষ্ট্য হ’ল-

(ক) পৰীক্ষণ এক উদ্দেশ্য প্ৰণোদিত, সুনিয়ন্ত্ৰিত আৰু অনিবাৰ্যভাৱে নিৰ্বাচনাত্মক প্ৰত্যক্ষ। পৰীক্ষণৰ কাৰণে কোনো এক বিষয় বা বস্তু নিৰ্বাচন কৰি সুনিয়ন্ত্ৰিতভাৱে পৰীক্ষকে প্ৰত্যক্ষ কৰিব লগা হয়।

(খ) পৰীক্ষণৰ বিযয়বস্তু কৃত্ৰিম। পৰীক্ষণৰ কাৰণে কৃত্ৰিমভাৱে কোনো বস্তু বা ঘটনা সৃষ্টি কৰি প্ৰত্যক্ষ কৰা হয় বাবে বিষয়বস্তুৰ কাৰণে পৰীক্ষকে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিবলগা নহয়। গতিকে পৰীক্ষণৰ বিষয়বস্তু পৰীক্ষকৰ নিয়ন্ত্ৰণত থাকে।

(গ) পৰীক্ষণৰ পৰিৱেশ কৃত্ৰিম। পৰীক্ষকে সৃষ্টি কৰা কৃত্ৰিম পৰিৱেশতহে পৰীক্ষণৰ বিষয়বস্তু প্ৰত্যক্ষ কৰা হয়। গতিকে পৰীক্ষণত পৰিৱেশ পৰীক্ষকৰ নিয়ন্ত্ৰণত থাকে।

(ঘ) পৰীক্ষা এটা ব্যৱহাৰিক হয় যদিহে ইয়াক প্ৰশাসন কৰাটো সহজ, খৰচ-বহনক্ষম আৰু যুক্তিসংগত সময়ৰ ভিতৰত ব্যৱহাৰ কৰিব পৰা যায়।

16. ভাৰতীয় দৰ্শনৰ বৰ্ণনা অনুসৰি ‘মোক্ষ’ বা ‘মুক্তি’ৰ ওপৰত এটি চমু টোকা লিখা।

উত্তৰঃ ভাৰতীয় দর্শন মতে মোক্ষই পৰম পুৰুষাৰ্থ আৰু মোক্ষ লাভেই মানৱ জীৱনৰ চৰম লক্ষ্য। জন্ম-মৃত্যু সংসাৰ চক্ৰৰপৰা হাত সাৰিব পৰাটোকেই মোক্ষ বা নির্বাণ বোলে। মোক্ষৰ স্বৰূপ সম্পর্কে মতভেদ থাকিলেও ই সুখ-দুখৰহিত পৰম আনন্দময় শান্তিৰ অৱস্থা বুলি প্ৰায়বোৰ দৰ্শনেই মত প্রকাশ কৰে। কোনো কোনোৰ মতে অবিদ্যা বা অজ্ঞানতা (ignorance) দূৰ কৰি শুদ্ধ চৈতন্য আত্মাৰ উপলব্ধিয়েই মুক্তি।

মোক্ষ সম্পর্কে ঘাইকৈ দুটা মত পোৱা যায়, যেনে- বিদেহ মুক্তি আৰু জীৱন মুক্তি। কিছুমান দার্শনিকৰ মতে জীৱৰ মৌলিক সত্তা আত্মাই স্বৰূপ উপলব্ধি কৰিলেই নহ’ব, ই দেহৰ সম্পৰ্কও ত্যাগ কৰিব লাগিব। ন্যায় বৈশেষিক আৰু মীমাংসা দর্শনে এনে মত পোষণ কৰে। ইয়াক বিদেহ মুক্তি বোলে। আনহাতে জৈন, বৌদ্ধ, সাংখ্য আৰু অদ্বৈতবেদান্তৰ মতে দেহ ধাৰণ কৰিও মোক্ষ লাভ কৰিব পাৰি। মুক্তিৰ বাবে দেহ ত্যাগ আৰু সংসাৰ ত্যাগৰ প্ৰয়োজন নাই। মোক্ষৰ প্ৰকৃত অৰ্থ হৈছে আত্মাৰ স্বৰূপ উপলব্ধি কৰা, তাকে জীৱন মুক্তি বোলে।

নাইবা

‘পুৰুষার্থ’ হিচাপে ‘ধর্ম’ৰ ধাৰণা ব্যাখ্যা কৰা।

উত্তৰঃ ধৰ্মৰ বুৎপত্তিগত অর্থ হ’ল যিয়ে ধাৰণ কৰে, সেয়ে ধর্ম। ‘ধৃ’ ধাতুৰ পৰা ধৰ্মৰ উৎপত্তি। ‘ধৃ’ মানে ধাৰণ কৰা, অর্থাৎ যি গুণ বা শক্তিৰদ্বাৰা ধাৰণ কৰা হয় সিয়েই ধর্ম। সমাজ অথবা প্রজাক যিয়েই ঐক্যবদ্ধ কৰি ৰাখে সেয়ে ধর্ম। ধৰ্মক বিভিন্ন অৰ্থত প্রয়োগ কৰিলেও ধৰ্ম শব্দৰদ্বাৰা প্ৰকৃততে আটাইবোৰ নৈতিক সদগুণক বুজোৱা হয়। ধৰ্মক সমাজকল্যাণ বিধি, নৈতিকতা, পৰম্পৰাগত সামাজিক আচাৰ, অনুষ্ঠান বা বিহিত কর্ম, উপাসনা পদ্ধতি আদি বিভিন্ন অৰ্থত ব্যৱহাৰ কৰা হয়। ভাৰতীয় সংস্কৃতিত ধৰ্মক বহল অৰ্থত ব্যৱহাৰ কৰা হয়। ধৰ্ম ভাৰতীয় সংস্কৃতিৰ প্ৰাণস্বৰূপ। জাগতিক সমৃদ্ধি, আধ্যাত্মিক উৎকৰ্ষৰ বাবে ধৰ্ম অৱশ্য পালনীয় কর্তব্য।

সমাজত প্রত্যেক ব্যক্তিৰে স্ব-ধৰ্ম আছে। ইন্দ্ৰিয়সমূহক সংযম কৰি নিজ নিজ কর্ম কৰাই মানৱৰ ধৰ্ম। গীতাত উল্লেখ কৰা মতে স্ব-ধৰ্মৰ অৰ্থ হ’ল নিজৰ কৰ্ম বা কৰ্তব্য। ভাৰতীয় নীতিশাস্ত্র মতে স্ব-ধর্ম পালন নকৰি আনৰ ধৰ্ম গ্ৰহণ কৰাটো অপৰাধ। সমাজৰ সংহতি আৰু কল্যাণৰ বাবে ভাৰতীয় সংস্কৃতি আৰু নীতিশাস্ত্ৰই পুৰুষাৰ্থ হিচাপে ধৰ্মক অধিক গুৰুত্ব আছে। তদুপৰি, ধৰ্মই আধ্যাত্মিক পূর্ণতা আনে, সামাজিক আচাৰ-ব্যৱস্থাৰ প্রতি সচেতনা আনে, কর্তব্যবোেধ জগায়, ব্যক্তিক অপচিন্তা, অপকৰ্মৰ পৰা দূৰত ৰাখে। গতিকে ধৰ্মৰ প্ৰভাৱ মানৱ জীৱনত সকলোতকৈ ব্যাপক।

17. ভাৱবাদৰ সংজ্ঞা দিয়া। দুজন ভাৱবাদী দার্শনিকৰ নাম তেওঁলোকৰ মতবাদৰ সৈতে উল্লেখ কৰা।

উত্তৰঃ যি মতবাদ মতে জ্ঞানৰ বিষয়বস্তু জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল, তাকেই ভাৱবাদ বোলে। ভাৱবাদ জ্ঞানৰ বিষয়বস্তুৰ প্ৰকৃতি সম্পর্কীয় মতবাদ। প্লেটো, বার্কলি, হেগেল, কাল্ট আদি দার্শনিকসকল ভাৱবাদৰ সমৰ্থক। ভাৱবাদ অনুসৰি সকলো বস্তু মনৰ ওপৰত নিৰ্ভৰশীল। গতিকে জ্ঞাতা আৰু জ্ঞেয়ৰ মাজত অবিচ্ছেদ্য সম্বন্ধ আছে। বাহ্যিক জগতখনৰ স্বতন্ত্রতা নাই। ভাৱবাদীসকলৰ মতে মন বা আত্মাই হ’ল পৰম সত্তা। ভাৱবাদ দুই প্ৰকাৰৰ: আত্মগত ভাৱবাদ আৰু বস্তুগত ভাৱবাদ।

আত্মগত ভাৱবাদৰ মতে কেৱল ধাৰণাহে জানিব পাৰি অথবা ধাৰণাৰহে সত্তা আছে। আধুনিক যুগৰ আত্মগত ভাৱবাদৰ প্ৰতিষ্ঠাপক হিচাপে বার্কলিৰ নাম উল্লেখ কৰিব পাৰি। বস্তুগত ভাৱবাদৰ মতে সকলো বস্তু ভাৱৰ সৈতে একে। যথার্থ জ্ঞান ধাৰণাৰ তন্ত্ৰ স্বৰূপ। এই মতবাদক পৰম ভাৱবাদ বুলিও কোৱা হয়। ইয়াৰ মুখ্য সমৰ্থক হৈছে হেগেল।

দুজন ভাৱবাদী দার্শনিকৰ নাম হ’ল-

১। প্লেটো: প্লেটোক পাশ্চাত্য দৰ্শনৰ ভাৱবাদৰ প্ৰতিষ্ঠাতা বুলি অভিহিত কৰা হয়। তেওঁৰ মতে এই বিশ্বজগত আৰু ইয়াৰ বস্তুবোৰ ক্ষণস্থায়ী। ভৌতিক বস্তুবিলাকক প্লেটোৱে বিশেষ (particulars) বুলি অভিহিত কৰিছে। বিশেষ বস্তুবোৰ সদায় ধ্বংসশীল। এই বিশেষ বস্তুবোৰৰ অন্তৰালত আছে সামান্য (universal) অথবা ধাৰণা (concepts)। এই সামান্যবোৰ চিৰন্তন। প্লেটোৱে এইবোৰক কেতিয়াবা ধাৰণা (ideas) আৰু কেতিয়াবা আকাৰ (forms) বুলি অভিহিত কৰিছে। বিশেষবোৰ পৰিৱৰ্তনশীল; আনহাতে সামান্যবোৰ চিৰন্তন। বিশেষৰ জগতখন ইন্দ্রিয়জ; আনহাতে সামান্যৰ জগতখন আধ্যাত্মিক অথবা আদর্শ অথবা ধাৰণাগত (spiritual or ideal)। প্লেটোৰ মতে, এইখন জগতহে যথার্থ, চিৰন্তন আৰু স্থায়ী। এই জগত পৰিৱৰ্তনৰ ঊর্ধ্বত।

২। লাইব্ ণিজ: লাইব্ ণিজৰ মতে চিৎপৰমাণুবোৰ এটাৰপৰা আনটো স্বতন্ত্র। তেন্তে এইবোৰ কিদৰে সংহত আৰু শৃংখলিত হৈ থাকিব। লাইক্লিজে এই প্ৰশ্নৰ উত্তৰত কৈছে যে সমস্ত চিৎপৰমাণুৰ ভিতৰত ঈশ্বৰ শ্ৰেষ্ঠ পৰমাণু। সৃষ্টিৰ আৰম্ভণিতে ঈশ্বৰে চিৎপৰমাণুবিলাকৰ মাজত সংহতি পূর্বতে স্থাপন কৰিছিল। লাইবণিজৰ এই মতবাদক “পূর্ব স্থাপিত শৃংখলা মতবাদ (Theory of Pre-established Harmony) নামে জনা যায়।

নাইবা

প্লেটোৰ ভাৱবাদৰ ওপৰত এটি চমু টোকা লিখা।

উত্তৰঃ গ্ৰীক দার্শনিক প্লেটোক পাশ্চাত্য দৰ্শনৰ ভাৱবাদৰ প্ৰতিষ্ঠাতা বুলি কোৱা হয়। প্লেটোৰ মতে এই বিশ্বজগত আৰু ইয়াৰ সকলো বস্তু ক্ষণস্থায়ী। ভৌতিক বস্তুবিলাকক প্লেটোৱে বিশেষ বুলি অভিহিত কৰিছে। বিশেষ বস্তুবোৰ সদায় ধ্বংসশীল বা বিনাশশীল। প্লেটোৰ মতে যথার্থ জ্ঞান লাভ কৰা যায় সামান্য ধাৰণা বা সামান্যৰ মাধ্যমেৰে। সামান্যহে একমাত্র সনাতন আৰু অবিনাশী আৰু চিৰন্তন। প্লেটোৱে সামান্যক কেতিয়াবা ধাৰণা আৰু কেতিয়াবা প্ৰকাৰ বুলি কৈছে। বিশেষৰ পৰিৱৰ্তন হ’লেওঁ সামান্য সদায় একে থাকে। বিশেষ জগত হৈছে ইন্দ্রিয় জগত আৰু সামান্য জগত হৈছে ভাৱৰ জগত যি জগত প্রকৃত সত্য জগত। উদাহৰণস্বৰূপে আমি ইন্দ্ৰিয়ৰ জৰিয়তে নানা মানুহ প্রত্যক্ষ কৰো। এই বিশেষ মানুহবোৰৰ কোনো যথার্থ সত্ত্বা নাই, কিন্তু মানুহি আত্মা হৈছে সামান্য ধাৰণা যাৰ যথার্থ সত্ত্বা আছে।

প্লেটোৱে সামান্য ধাৰণাক Idea বা ধাৰণা নাম দিছে। এই ধাৰণাৰ কিছুমান বৈশিষ্ট্য আছে।

যেনে-

(ক) এই ধাৰণা হৈছে দ্রব্য।

(খ) এই ধাৰণা হৈছে সামান্য বা সার্বিক।

(গ) এই ধাৰণা হৈছে ঐক্য বহুত্বৰ মাজত এক।

(ঘ) এই ধাৰণাবোৰ বস্তু নহয়, এইবোৰ হৈছে চিন্তা।

(ঙ) ধাৰণা হৈছে অপৰিৱৰ্তনশীল আৰু অবিনশ্বৰ।

(চ) ধাৰণাৰ দেশ, কালত কোনো অস্তিত্ব নাই।

ধাৰণাবোৰ হৈছে বুদ্ধিগ্রাহ্য, বুদ্ধিৰ জৰিয়তে ধাৰণাক উপলব্ধি কৰা হয়।

প্লেটোৰ ভাৱবাদৰ যে কিছুমান দোষ আছে তাক স্বীকাৰ কৰিবই লাগিব। প্লেটোৱে ভাৱগত আৰু ইন্দ্ৰিয় জগতৰ মাজত এফালে দ্বৈততা আনিছে, আনফালে ইন্দ্ৰিয় জগতক ভাৱ জগতৰ হাঁ আখ্যা দিছে। প্লেটোৱে বিভিন্ন সামান্য ধাৰণাৰ মাজত কেনেধৰণৰ সম্পৰ্ক আছে তাক বাখ্যা কৰিব পৰা নাই। তেওঁ কেতিয়াবা মংগলময় ধাৰণাক সামান্য ধাৰণাৰ মাজত শ্রেষ্ঠ আখ্যা দিছে। এই ধাৰণাক প্লেটোৱে স্পষ্টভাৱে বাখ্যা কৰিব পৰা নাই।

18. সৰল বাস্তৱবাদৰ যিকোনো চাৰিটা বৈশিষ্ট্য লিখা।

উত্তৰঃ সৰল বাস্তৱবাদৰ যিকোনো চাৰিটা বৈশিষ্ট্য হ’ল-

(১) মনৰ বাহিৰত এখন বাহ্যিক জগত আছে।

(২) বাহ্যিক জগতৰ জ্ঞান আমি প্ৰত্যক্ষৰ জৰিয়তেই লাভ কৰো। প্রত্যক্ষই বাহ্যিক জগতখনক যিধৰণে দেখে, তাৰ স্বৰূপ তেনেকুৱাই হয়।

(৩) জ্ঞাতা আৰু জ্ঞেয়ৰ মাজৰ প্ৰত্যক্ষ সম্পৰ্ক থাকে। দুয়োৰে মাজত কোনো তৃতীয় বা মধ্যম পন্থা নাথাকে।

(৪) বাহ্য বস্তুৱে আমাৰ মনত সংবেদনৰ সৃষ্টি কৰে। সেই সংবেদন সকলোৰে কাৰণে একেধৰণৰ হয়।

19. প্ৰকল্পৰ বিভিন্ন প্ৰকাৰসমূহৰ নাম উল্লেখ কৰা।

উত্তৰঃ প্ৰকল্পৰ বিভিন্ন প্ৰকাৰসমূহৰ নাম হ’ল-

(ক) কর্তা সম্পর্কীয় প্রকল্প।

(খ) নিয়ম সম্পর্কীয় প্রকল্প।

(গ) পাৰিপাৰ্শ্বিক সংস্থিতি সম্পর্কীয় প্রকল্প।

নাইবা

‘চৰম দৃষ্টান্ত’ বুলিলে কি বুজা?

উত্তৰঃ “ঘটনাৰ লগত যুক্ত যি বিশিষ্ট দৃষ্টান্ত বা লক্ষণ নিৰ্ণয়ৰ সহায়ত দুই বা ততোধিক প্রতিদ্বন্দ্বী প্ৰকল্পৰ ভিতৰত মাত্ৰ এটাক ঘটনাৰ সন্তোষজনক ব্যাখ্যা হিচাবে অর্থাৎ অপ্রতিদ্বন্দ্বী প্রকল্প হিচাবে নিৰ্বাচন কৰি আনবোৰক বৰ্জন কৰা সম্ভৱ হয় সেই দৃষ্টান্ত বা লক্ষণক ‘চৰম দৃষ্টান্ত’ বা ‘নিৰ্ণায়ক দৃষ্টান্ত’ (Crucial instance) বোলে।

চৰম দৃষ্টান্ত নিৰীক্ষণ আৰু পৰীক্ষণ- এই উভয় প্রক্রিয়াৰেই নিৰ্ণয় কৰিব পৰা যায়। নিৰীক্ষণৰ জৰিয়তে নির্ণয় হ’লে তাক ‘নিৰীক্ষণলব্ধ চৰম দৃষ্টান্ত’ আৰু পৰীক্ষণৰদ্বাৰা নির্ণীত হ’লে তাক পৰীক্ষণলব্ধ চৰম দৃষ্টান্ত’ বোলা হয়। পৰীক্ষণলব্ধ চৰম দৃষ্টান্তৰ মূল্য নিৰীক্ষণলব্ধ চৰম দৃষ্টান্ততকৈ স্বাভাৱিকতেই অধিক।

20. ব্যতিৰেকী পদ্ধতিৰ দুটা সুবিধা আৰু দুটা অসুবিধা উল্লেখ কৰা।

উত্তৰঃ ব্যতিৰেকী পদ্ধতিৰ দুটা সুবিধা হ’ল- 

(ক) ব্যতিৰেকী প্ৰণালীৰ প্ৰয়োগ অতি সৰল। কাৰণ ইয়াত কাৰ্য-কাৰণ সম্বন্ধ নিৰ্ণয়ৰ কাৰণে মাত্ৰ দুটা দৃষ্টান্তৰহে প্রয়োজন। এই দুটা দৃষ্টান্তই কাৰ্য-কাৰণ সম্বন্ধ নিৰ্ণয়ৰ কাৰণে সমর্থ।

(খ) ব্যতিৰেকী প্ৰণালী পৰীক্ষণৰ ওপৰত নিৰ্ভৰশীল কাৰণে ইয়াৰ সিদ্ধান্ত নিশ্চিত স্বভাৱৰ। সেয়েহে ইয়াক অন্বেষণীয় পদ্ধতিবোৰৰ ভিতৰত শ্রেষ্ঠ পদ্ধতি বোলা হয়।

ব্যতিৰেকী পদ্ধতিৰ দুটা অসুবিধা হ’ল-

(ক) ব্যতিৰেকী প্ৰণালীৰ প্ৰয়োগ অতি কষ্টকৰ। ব্যতিৰেকী প্ৰণালী প্ৰয়োগৰ ক্ষেত্ৰত কিছুমান নিয়মৰ মাজেৰে যোৱা যায়। বিশেষকৈ ইয়াত দুটা এনে দৃষ্টান্তৰ দৰকাৰ য’ত এটা বিষয়ত অমিল থাকি আন সকলোবোৰ বিষয়ত মিল থাকিব লাগিব। পৰীক্ষণৰ মাধ্যমেৰে নিয়ন্ত্রিত এনে এটা দৃষ্টান্ত সংগ্রহ অতি কষ্টসাধ্য কাম।

(খ) ব্যতিৰেকী প্রণালী প্রয়োগত কাৰণৰপৰা কাৰ্যলৈ যোৱা যায়। কিন্তু ই পৰীক্ষণভিত্তিক প্ৰণালী হোৱা হেতুকে ইয়াত কাৰ্যৰপৰা কাৰণলৈ আহিব নোৱাৰি।

21. লাহৱনিঝৰ বৰ্ণনা অনুসৰি ‘মনাড’ৰ প্ৰকৃতি চমুকৈ আলোচনা কৰা।

উত্তৰঃ লাইবনিজৰ মতে যিয়েই সত্তাবান, তাৰ আদিম উপাদান হ’ল মনাড। মনাড সক্রিয়, অবিভাজ্য আৰু আধ্যাত্মিক। কাৰ্টেচিয়ান মতবাদ অনুসাৰে যি স্ব-নিৰ্ভৰ সেয়ে দ্রব্য। কাৰ্টেচিয়ান মতে দ্ৰব্যৰ সংখ্যা এক নহয়— তিনিটা দ্ৰব্য আছে। লাইবনিজৰ মতে স্ব-নিৰ্ভৰতা নহয়, আত্মসক্রিয়তাই দ্ৰব্যৰ লক্ষণ যি নিজৰ মাধ্যমে অস্তিত্বশীল হ’ব পাৰে সি দ্ৰব্য নহয়। যি নিজৰ মাধ্যেমে ক্ৰিয়া কৰিব পাৰে তাকেই দ্রব্য বোলে। দ্রব্য হ’ল সেই সত্তা, যিটোৱে ক্ৰিয়া কৰিবলৈ সক্ষম। দ্রব্য হ’ল সক্রিয় কর্তা। মনাড বা চেতন পৰমাণু হ’ল বেকা কৰা এখন ধনুৰ নিচিনা। দ্ৰব্য হ’ল ক্রিয়া সংযুক্ত বিশিষ্ট সত্তা। স্পিনোজাৰ দ্ৰব্য এক আৰু অসীম। লাইবনিজৰ দ্ৰব্য বিশেষ আৰু সংখ্যাত অনন্ত। 

গ্রীক পৰমাণুবিদসকলৰ মতে পৰমাণু হ’ল জগতৰ মূল উপাদান। কিন্তু লাইবনিজৰ মতে জড় পৰমাণু নহয়। অসংখ্য চেতন পৰমাণুৱেই জগতৰ মূল উপাদান। লাইবনিজৰ মতে জড়ৰ লক্ষণ বিস্তৃতি। একমাত্র আধ্যত্মিকেই অবিভাজ্য হ’ব পাৰে। গতিকে আধ্যাত্মিক সত্তাসম্পন্ন সক্ৰিয় চেতন পৰমাণুৱেই হ’ল আদিম উপাদান। লাইবনিজে এই চেতন পৰমাণুসমূহক নামে অভিহিত কৰা কাৰণে তেওঁৰ মতবাদক বোলা হয়। মনাড চেতন পৰমাণু বিস্তৃতিহীন অবিনশ্বৰ খিড়িকীবিহীন, আধ্যাত্মিক বিন্দু। মনাডৰ কোনো বিস্তৃতি থাকিব নোৱাৰে, কাৰণ যাৰ বিস্তৃতি আছে সি বিভাজ্য হ’ব— সৰল নহ’ব। মনাড সৰল আৰু অবিভাজ্য। যিহেতু মনাডুৰ কোনো বিস্তৃতি নাই, সেইকাৰণে তাৰ আকাৰ বা আকৃতি নাই, যিহেতু মনাড অবিভাজ্য, সেইকাৰণে সি আধ্যাত্মিক। মনাড অবিনশ্বৰ। 

গতিকে মনাউৰ স্বাভাৱিক উৎপত্তি বা বিকাশ নাই। অৱশ্যে যিহেতু ঈশ্বৰ মনাডৰ স্ৰষ্টা সেয়ে তেওঁ মনাডক সৃষ্টি বা ধ্বংস কৰিব পাৰে। গতিকে মনাডু অবিনশ্বৰ হ’লেও শাশ্বত, গাণিতিক বিন্দু বা জড়বিন্দু নহয়। মনাড অবাস্তৱ নহয় বাস্তৱ। মনাডেই যথার্থ পৰমাণু। মনাড অবিভাজ্য আৰু বাস্তৱ উভয়ে। মনাড খিৰিকীবিহীন ৷ কোনো মনাডৰ অন্য মনাডৰ ওপৰত প্ৰভাৱ নাই। মনাড নিজৰ পক্ষে নিজেই পর্যাপ্ত— সেই কাৰণে এৰিষ্টটলৰ ‘entelechy’ শব্দটো মনাডবিলাকৰ ক্ষেত্ৰত প্ৰযোজ্য।

22. এটা ঐচ্ছিক ক্ৰিয়াৰ মানসিক স্তৰটো ব্যাখ্যা কৰা।

উত্তৰঃ ঐচ্ছিক ক্রিয়া এটা বিশ্লেষণ কৰি চালে ইয়াত তিনিটা স্তৰ পোৱা যায়। যেনে- মানসিক স্তৰ, দৈহিক স্তৰ আৰু বাহ্য স্তৰ।

মানসিক স্তৰত তলত উল্লেখ কৰা মানসিক উপাদানসমূহ থাকে। যেনে-

(ক) কৰ্মৰ উৎস: অভাৱবোধ হৈছে মানুহৰ মানসিক ক্ৰিয়াৰ উৎস। অভাৱে মানুহৰ মনত অস্বস্তিকৰ আৰু দুখদায়ক অৱস্থাৰ সৃষ্টি কৰে। এনে মানসিক অৱস্থাৰ অন্ত পেলাবলৈ মানুহ কর্মত প্রবৃত্ত হয়।

(খ) লক্ষ্য বা উদ্দেশ্য: অভাৱ দূৰ কৰিব পৰা বস্তুটোক ঐচ্ছিক ক্ৰিয়াৰ লক্ষ্য (end) আৰু বস্তুটোৰ চিন্তা বা ধাৰণাক ঐচ্ছিক ক্ৰিয়াৰ উদ্দেশ্য (motive) বুলি কোৱা হয়। যেনে- শীতত কষ্ট পােৱা মানুহজনৰ বাবে গৰম কাপোৰ হৈছে লক্ষ্য আৰু ইয়াৰ চিন্তা হৈছে উদ্দেশ্য।

(গ) কামনা: অভাৱ দূৰ কৰিব পৰা বস্তুটোৰ ধাৰণা আৰু বস্তুটো পাবলৈ মনত জন্মা আগ্রহ বা আকুলতা হ’ল কামনা।

(ঘ) কামনাৰ সংঘাত: একে সময়তে কামনা একাধিক হ’ব পাৰে। একে সময়তে উদ্ভৱ হোৱা একাধিক কামনাই মনত দ্বন্দ্ব বা সংঘাতৰ সৃষ্টি কৰে। তাকে কামনাৰ সংঘাত বুলি কোৱা হয়।

(ঙ) বিবেচনা আৰু নির্বাচন: মানসিক সংঘাত বা কামনাৰ সংঘাতৰ পৰা পৰিত্ৰাণ পাবৰ বাবে মানুহে নৈতিক চিন্তা বা বিবেচনা কৰে। বহুতো উদ্দেশ্য আৰু কামনাৰপৰা গুৰুত্ব আৰু প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি এটাক নির্বাচন কৰি বাকীবোৰ পৰিত্যাগ কৰে। এয়ে ঐচ্ছিক ক্ৰিয়াৰ বিবেচনা আৰু নিৰ্বাচন। এই স্তৰৰ পৰা প্ৰকৃততে নৈতিক বিচাৰ আৰম্ভ হয়।

(চ) সিদ্ধান্ত আৰু সংকল্প: এটা নির্দিষ্ট কামনাক নির্বাচন কৰাৰ পিছত তাক চৰিতাৰ্থ কৰিবলৈ সিদ্ধান্ত কৰা হয় আৰু তাক কাৰ্যকৰী কৰাৰ বাবে মানুহে সংকল্প লয়।

নাইবা

নীতিবিদ্যাৰ সংজ্ঞা দিয়া। নীতিবিদ্যাক কিয় আদর্শনিষ্ঠ বিজ্ঞান বুলি কোৱা হয়?

উত্তৰঃ যি বিজ্ঞানে মানুহৰ চৰিত্ৰ বা আচৰণৰ নৈতিক মূল্য বিচাৰ কৰে তাকে সাধাৰণতে নীতিবিদ্যা বোলা হয়। নীতিবিদ্যা মানুহৰ চৰিত্ৰ বা আচৰণ সম্পর্কীয় আদর্শনিষ্ঠ বিজ্ঞান।

নীতিবিদ্যা শব্দটোৰ ইংৰাজী প্রতিশব্দ হৈছে ‘Ethics’। ইংৰাজী ‘Ethics’ শব্দটো গ্রীক ‘Ethica’ শব্দৰপৰা আহিছে। ‘Ethica’ শব্দক আকৌ ‘Ethos’ শব্দৰপৰা লোৱা হৈছে। ‘Ethos’ শব্দৰ অর্থ হৈছে চৰিত্ৰ, আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি বা অভ্যাস।

কোনো কোনো নীতিশাস্ত্রবিদে নীতি বিদ্যাক নীতি দর্শন বুলিও কয়। ইংৰাজী ‘Moral’ শব্দটো লেটিন ভাষাৰ ‘Mo- res’ শব্দৰপৰা আহিছে। ‘Mores’ শব্দৰ অৰ্থ হৈছে ৰীতি-নীতি বা অভ্যাস। গতিকে নীতি দর্শন হিচাপেও নীতিবিদ্যাক নৈতিকতাৰ বিজ্ঞান অর্থাৎ মানুহৰ ৰীতি-নীতি, অভ্যাস বা আচৰণৰ বিজ্ঞান বুলি ক’ব পাৰি।

নীতিবিদ্যা আদর্শনিষ্ঠ বিজ্ঞান। ইয়াৰ আদৰ্শ হৈছে পৰম কল্যাণ বা পৰমশ্রেয়। নীতিবিদ্যাই পৰমশ্রেয়ক আদৰ্শৰ মাপকাঠী হিচাপে লৈ মানুহৰ আচৰণ আৰু ঐচ্ছিক ক্ৰিয়াৰ নৈতিক মূল্য নির্ধাৰণ কৰে। নীতিবিদ্যাই মানুহৰ আচৰণৰ আলোচনা কৰোঁতে বস্তুনিষ্ঠ বিজ্ঞানৰ দৰে সেইবোৰৰ স্বৰূপ, উৎপত্তি, বিকাশৰ আলোচনা নকৰে। কিন্তু পৰমশ্রেয়ক লাভ কৰিবলৈ সেই আচৰণ কেনে হোৱা উচিত সেইটোহে নীতিবিদ্যাৰ মূল বিষয়বস্তু। নীতিবিদ্যাই আচৰণৰ উচিত-অনুচিতৰ মাপকাঠী নিৰ্ণয়ৰ ওপৰতহে গুৰুত্ব দিয়ে। ই নৈতিক নীতি- নিয়মৰ মাজেদি জীৱন যাপন কৰি ইয়াৰ নিৰ্দিষ্ট লক্ষ্য বা আদর্শত উপনীত হ’বলৈ মানুহৰ মনত অনুপ্ৰেৰণা জন্মায়। এতেকে নীতিবিদ্যাৰ স্বৰূপ হৈছে আচৰণৰ আদৰ্শনিষ্ঠ বিজ্ঞান (normative science of conduct)।

23. “ধৰ্মৰ পৰাই নীতিৰ উৎপত্তি।” কথাষাৰ ব্যাখ্যা কৰা।

উত্তৰঃ প্ৰথম মত অনুসৰি, ধৰ্মৰপৰাই নীতিৰ উৎপত্তি (Religion is the source of morality) | ডেকার্ট (Descartes), লক (Locke), পেলে (Paley) আদি দার্শনিকসকলৰ মতে ধৰ্মৰ পৰাই নীতিৰ উৎপত্তি। নীতি আৰু নৈতিক আদর্শ ঈশ্বৰৰ অৱদান। ঈশ্বৰে নিজৰ ইচ্ছাতেই নীতি সৃষ্টি কৰিছে আৰু মানুহৰ বাবে তেওঁ নানা প্ৰকাৰৰ বিধি-নিষেধ প্ৰৱৰ্তন কৰিছে। ঈশ্বৰৰ বিধি-নিষেধ মানি চলাই মানুহৰ যথার্থ কৰ্ত্তব্য। ঈশ্বৰৰ বিধান নৈতিক জীৱনৰ শ্রেষ্ঠ বিধান। এই বিধান মানি চলিলে মানুহে পৰমাৰ্থ লাভ কৰিব পাৰে আৰু এই বিধান ভংগ কৰিলে মানুহৰ অমংগল অনিবার্য। গতিকে প্রথমতে ঈশ্বৰ আৰু ঈশ্বৰৰ বিধান – তাৰ পিছত নীতি। অর্থাৎ ধৰ্মৰপৰাই নীতিৰ উৎপত্তি।

এই মতবাদটো গ্রহণ কৰিব নোৱাৰি। কাৰণ এই মতবাদ অনুযায়ী ঈশ্বৰৰ কোনো নিজস্ব নৈতিক চৰিত্ৰ নাই। যদি ভাল আৰু বেয়া ঈশ্বৰৰ নিজৰ ইচ্ছাৰ ওপৰতে নিৰ্ভৰ কৰে, তেওঁ ইচ্ছা কৰিলেই ভালক বেয়া আৰু বেয়াক ভাল বুলি বিধান দিব পাৰে। কিন্তু মানুহে বিশ্বাস কৰে, ঈশ্বৰ সৰ্বশক্তিমান হ’লেও তেওঁ ভালক বেয়া আৰু বেয়াক ভাল কৰিব নোৱাৰে। ঈশ্বৰ নৈতিক আদৰ্শৰ প্ৰকাশ। সেই কাৰণে যি ভাল সেইটো ঈশ্বৰৰ স্বভাৱৰ লগত সামঞ্জস্যপূর্ণ, আৰু যি বেয়া সেইটো তেওঁৰ স্বভাৱৰ বিৰোধী।

নাইবা 

ধৰ্মৰ যিকোনো চাৰিটা বৈশিষ্ট্য লিখা।

উত্তৰঃ ধৰ্মৰ যিকোনো চাৰিটা বৈশিষ্ট্য হ’ল-

(i) ধৰ্মৰ ক্ষেত্ৰত কিছুমান মানসিক শক্তিয়ে প্ৰেৰণাৰূপে ক্ৰিয়া কৰে। যেনে ব্যক্তিৰ জীয়াই থকাৰ বাসনা, আত্মবিকাশ আৰু কল্যাণ লাভৰ আগ্ৰহ আৰু আত্মোপলব্ধিব আকাংক্ষা।

(ii) ধর্মই কোনো উচ্চতৰ অতীন্ত্রিয় সত্তাত বিশ্বাস কৰে আৰু ব্যক্তিয়ে নিজৰ মঙ্গলৰ কাৰণে এই সত্তাৰ ওপৰত নিৰ্ভৰ কৰে। ঈশ্বৰৰ লগত মানুহৰ সম্পৰ্কক কেন্দ্ৰ কৰি মানুহৰ মনত যি ভাৱে, ধাৰণা, চিন্তা আৰু অনুভূতিৰ উদয় হয়, সেইবিলাক ধৰ্মৰ আভ্যন্তৰীণ দিশ।

(iii) ধৰ্মৰ এটা বাহ্যিক দিশো আছে। অর্থাৎ ধর্মীয় আচাৰ অনুষ্ঠানৰ মাজেদি ধর্মীয়া অনুভূতি প্রকাশ পায়।

(iv) ধৰ্মৰ সামাজিক আৰু আনুষ্ঠানিক দিশো আছে।

24. অবৈজ্ঞানিক আগমনৰ সংজ্ঞা দিয়া আৰু ইয়াৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰঃ যি আগমনত কোনো বস্তু বা ঘটনাৰ বিশেষ বিশেষ বহুতো দৃষ্টান্ত পৰ্যৱেক্ষণ কৰি কাৰ্য-কাৰণ সম্বন্ধ প্রতিষ্ঠা কৰাৰ কোনো চেষ্টা নকৰাকৈ কেৱল সেই পৰ্যৱেক্ষণৰদ্বাৰা পোৱা অবাধিত অভিজ্ঞতা বা অভিজ্ঞতাৰ একৰূপতাৰ ওপৰত ভিত্তি কৰি এটা যথার্থ সামান্য বচন প্রতিষ্ঠা কৰা হয়, তাক অবৈজ্ঞানিক আগমন বোলে।ইয়াত কাৰ্যকাৰণ সম্বন্ধ নিৰ্ণয় কৰাৰ কোনো চেষ্টা কৰা নহয়। সেইকাৰণে অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত সম্ভাৱনামূলক, নিশ্চিত নহয়। তথাপি অবৈজ্ঞানিক আগমনৰ মূল্য অস্বীকাৰ কৰিব নোৱাৰি।বেকনৰ মতে, অবৈজ্ঞানিক আগমনৰ কোনো মূল্য নাই কাৰণ ই কোনো মূল নিয়মৰ ওপৰত প্রতিষ্ঠিত নহয়। কেইটামান একধর্মী দৃষ্টান্তৰ পৰাই এটা সামান্য সিদ্ধান্তত উপনীত হোৱা যায়। সেই কাৰণে এটা মাত্ৰ বিপৰীতধর্মী দৃষ্টান্তই অবৈজ্ঞানিক আগমনৰ সিদ্ধান্তৰ সার্বিকতাক নিষ্ফল কৰিব পাৰে। তথাপি অবৈজ্ঞানিক আগমনক মূল্যহীন প্রক্রিয়া বুলি ক’ব নোৱাৰি।

অবৈজ্ঞানিক আগমনৰ বৈশিষ্ট্যসমূহ হ’ল-

(ক) অবৈজ্ঞানিক আগমনে সিদ্ধান্ত হিচাপে এটা যথার্থ সামান্য বচন প্রতিষ্ঠা কৰে।

(খ) অবৈজ্ঞানিক আগমনে এই সামান্য বচনটো বিশেষ বিশেষ বহুতো দৃষ্টান্তৰ পৰ্যবেক্ষণৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতিষ্ঠা কৰে।

(গ) অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত পৰ্যৱেক্ষণৰ ওপৰত নিৰ্ভৰশীল হ’লেও কেৱল পৰ্যৱেক্ষণৰ জৰিয়তে সিদ্ধান্তত সামান্য বচন প্ৰতিষ্ঠা কৰিব নোৱাৰি।

(ঘ) অবৈজ্ঞানিক আগমনত অভিজ্ঞতাৰ একৰূপতা বা অবাধিত অভিজ্ঞতাৰ ওপৰত নিৰ্ভন কৰা হায়। অবাধিত অভিজ্ঞতা অর্থাৎ অভিজ্ঞতাৰ একৰূপতা আৰু বিৰোধী দৃষ্টান্ত অভাৱেই এই আগমনৰ ভিত্তি।

নাইবা

এটা উদাহৰণসহ সাদৃশ্যানুমানৰ সংজ্ঞা দিয়া আৰু এই বিধ অনুমানৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰঃ দুটা বস্তুৰ মাজত কিছুমান গুণ বা লক্ষণৰ সাদৃশ্য লক্ষ্য কৰি সেই সাদৃশ্যৰ ভিত্তিত এটা বস্তুত থকা আন এটা কোনো গুণ বা লক্ষণ দ্বিতীয় বস্তুটোত থকা বুলি যি অনুমান কৰা হয়, তাক সাদৃশ্যানুমান বোলে। সাদৃশ্যানুমানৰ ক্ষেত্ৰত দুটা বস্তুৰ মাজত কিছুমান বিষয়ত সাদৃশ্য পৰিলক্ষিত হয়।

সাংকেতি উদাহৰণ: ‘ক’ আৰু ‘খ’ দুটা বস্তু। ‘প’, ‘ফ’ আৰু ‘ব’ গুণত দুয়োটাৰে সাদৃশ্য আছে, অর্থাৎ এই গুণ তিনিটা দুয়োটা বস্তুতেই আছে। ‘ক’ৰ ক্ষেত্ৰত এই গুণ তিনিটাৰ উপৰি ‘ভ’ গুণো আছে।

সাদৃশ্যানুমানৰ বৈশিষ্ট্যসমূহ হ’ল-

(ক) সাদৃশ্যানুমানত এটা বিশেষ দৃষ্টান্তৰ পৰা আন এটা বিশেষ দৃষ্টান্তত উপনীত হোৱা যায়। ইয়াত বিশেষ বিশেষ কিছুমান দৃষ্টান্ত পৰ্যবেক্ষণ কৰি কোনো সামান্য বচন প্রতিষ্ঠা কৰা নহয়। গতিকে সাদৃশ্যানুমান এক প্ৰকাৰৰ অসম্পূৰ্ণ অনুমান।

(খ) সাদৃশ্যানুমান কাৰ্যকাৰণ সম্বন্ধৰ ওপৰত প্ৰতিষ্ঠিত নহয়। সেই কাৰণে ইয়াৰ সিদ্ধান্ত সম্ভাৱনামূলক, নিশ্চিত নহয়।

(গ) সাদৃশ্যানুমান দুটা বস্তু বা দৃষ্টান্তৰ মাজত কিছুমান গুণ বা বিষয়ৰ সাদৃশ্যৰ ওপৰত প্রতিষ্ঠিত অনুমান। গতিকে এই সাদৃশ্যও অসম্পূর্ণ সাদৃশ্য।

(ঘ) সাদৃশ্যানুমান প্রকৃত আগমনৰ এটা প্ৰকাৰ। কাৰণ আন আন প্ৰকাৰৰ প্ৰকৃত আগমনৰ দৰে সাদৃশ্যানুমানতো জ্ঞাত বিষয়ৰ পৰা অজ্ঞাত বিষয়লৈ যোৱা হয় অর্থাৎ সাদৃশ্যানুমানতো আগমনৰ মূল লক্ষণ আগমনাত্মক জাঁপ আছে।

25. প্ৰকৃতিৰ একৰূপতা বিধিটো ব্যাখ্যা কৰা। এই বিধিক কিয় আগমনৰ আকাৰগত ভিত্তি বুলি কোৱা হয়?

উত্তৰঃ প্ৰকৃতিৰ একৰূপতাৰ মূল অৰ্থ হৈছে যে একে অবস্থাত প্রকৃতিয়ে সদায় একে দৰে আচৰণ কৰে। যি অৱস্থাত যি ঘটিছিল সেই একে অৱস্থাৰ যদি পুনৰাবৃত্তি ঘটে তেনেহ’লে সেই ঘটনা পুনৰাবৃত্তি হ’লে ভৱিষ্যতেও জুই পুৰিব। ইয়াত কোনো ব্যতিক্রম নহয়। সাধাৰণ দৃষ্টিত একৰূপতা নাই যেন বোধহলেও, এনে ধাৰণা নিতান্ত অসম্পূৰ্ণ আৰু অজ্ঞানতাপ্রসূত। গতিকে দেখা যায় প্ৰকৃতিৰ একৰূপী আৰু একে অৱস্থাত যি ঘটনা ঘটে সেই অৱস্থাৰ পুনৰাবৃত্তি হলে, সেই ঘটনা আকৌ ঘটিব অর্থাৎ প্রকৃতি নিয়মৰ ৰাজত্ব। প্ৰকৃতিৰ একৰূপতা বিধি আগমনৰ যথার্থ সার্বিক বচনৰ সিদ্ধান্ত প্রতিষ্ঠিত কৰাত সহায় কৰে। সেইবাবে প্রকৃতিৰ একৰূপতা বিধি আগমণৰ আকাৰগত ভিত্তি।

আগমনৰ আকাৰগত ভিত্তি দুই প্ৰকাৰৰ- 

(ক) প্ৰকৃতিৰ একৰূপতা বিধি। 

(খ) কাৰ্য্যকাৰণ বিধি।

আগমন অনুমানৰ মূল উদ্দেশ্যই হ’ল- এটা যাথার্থ সামান্য বচন প্রতিষ্ঠা কৰা। এই সামান্য বচনেই আগমনৰ আকাৰ।

আগমনে যথার্থ সার্বিক বচন প্রতিস্থা কিদৰে কৰিব পাৰি তাৰ বাবে পৰ্যবেক্ষণৰ দ্বাৰা কেতবোৰ দৃষ্টান্ত সংগ্ৰহ কৰে। কিন্তু পৰ্য্যবেক্ষণৰ দ্বাৰা বিশেষ বিশেষ বস্তুৰহে জ্ঞান দিয়ে; সামান্য বচন প্রতিষ্ঠা কৰিব নোৱাৰি। কাৰণ ভূত, বৰ্তমান আৰু ভৱিষ্যৎৰ সকলো মানুহৰ মৰন কোনো মানুহৰ পক্ষেই পৰ্য্যবেক্ষণ কৰা সম্ভৱ নহয়। পর্যবেক্ষণে এই সমস্যা সমাধান কৰিব নোৱাৰে বাবে অন্য সিদ্ধান্ত কৰো এই বিবিধ এক আশ্ৰয়ৰ দৰকাৰ হয়। সেয়েহে প্ৰকৃতিৰ একৰূপতা বিধিক মানি লৈ আমি বৈজ্ঞানিক আগমনত আশ্ৰয় কৰিয়েই আগমনে মাত্র কেইজনমান মানুহৰ মৃত্যু লক্ষ্য কৰি ‘সকলো মানুহ মৰণশীল’- এনে নিশ্চিত সার্বিক সিদ্ধান্তত উপনীত হয় আৰু নিশ্চিত ভাৱে এটা যথার্থ সামান্য বচন প্রতিষ্ঠা কৰে। সেয়েহে প্রকৃতিৰ একৰূপতা বিধিক আগমনৰ আকাৰগত ভিত্তি বোলা হয়।

নাইবা

পৰীক্ষণ কি? পৰীক্ষণৰ বৈশিষ্ট্যসমূহ বর্ণনা কৰা।

উত্তৰঃ কৃত্ৰিম পৰিবেশত নির্দিষ্ট উদ্দেশ্যৰে কোনো কৃত্রিম ঘটনাক প্রস্তুত কৰি প্ৰত্যক্ষ কৰাই হৈছে পৰীক্ষণ।

পৰীক্ষণৰ বৈশিষ্ট্যসমূহ হ’ল-

(ক) পৰীক্ষণ হৈছে এক উদ্দেশ্যযুক্ত প্রত্যক্ষ। পৰীক্ষণৰ ক্ষেত্ৰত এটা উদ্দেশ্য থাকে আৰু সেই উদ্দেশ্য আগত ৰাখিয়েই বিষয়বস্তুক বাচি লৈ মনক সেই বিষয়বস্তুৰ ওপৰত নিবদ্ধ কৰি পদ্ধতিগত ভাৱে প্রত্যক্ষ কৰা হয়।

(খ) পৰীক্ষণ হৈছে কৃত্রিম ঘটনাক কৰা প্ৰত্যক্ষ। পৰীক্ষণত প্রত্যক্ষৰ বিষয়বস্তু কৃত্রিমভাৱে তৈয়াৰ কৰি লোৱা হয়। সেয়েহে ঘটনাবোৰ প্ৰত্যক্ষ কৰোতে আমি প্ৰকৃতিৰ ওপৰত কৰিব নালাগে। কোনো পৰীক্ষাগাৰ বা গৱেষণাগাৰৰ ওপৰতহে নিৰ্ভৰ কৰিব লাগে।

(গ) পৰীক্ষণ হৈছে কৃত্ৰিম পৰিৱেশত কৃত্ৰিম ভাৱে কৰা ঘটনাবোৰৰ প্ৰত্যক্ষ। পৰীক্ষণৰ ক্ষেত্ৰত কৃত্ৰিম পৰিৱেশ এঠাত ঘটনাবোৰ প্ৰত্যক্ষ কৰা হয়। কৃত্ৰিম পৰিৱেশটো পৰীক্ষকজনে নিজে তৈয়াৰ কৰি লয়। ইয়াত পৰিৱেশ সম্পূৰ্ণৰূপে পৰীক্ষকৰ নিয়ন্ত্রণাধীন। প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ নকৰাকৈয়ে এজন ৰসায়নবিদে অক্সিজেন আৰু হাইড্ৰ’জেনৰ বৈদ্যুতিক মিশ্রণেৰে পানী প্ৰস্তুত কৰি ল’ব পাৰে।

(ঘ) পৰীক্ষণত ঘটনা সদায় নিয়ন্ত্রণাধীন প্রত্যক্ষৰ বিষয়বস্তু সম্পূৰ্ণৰূপে পৰীক্ষকৰ নিয়ন্ত্রণাধীন কাৰণে তেওঁৰ ইচ্ছানুযায়ী ঘটনাবোৰ প্ৰত্যক্ষ কৰিব পাৰে। মন নগলে কেতিয়াবা তেওঁ প্রত্যক্ষ নকৰিবও পাৰে। পৰীক্ষণৰ বিষয়বস্তু পৰীক্ষকৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে।

26. বৈধ প্ৰকল্পৰ চৰ্তসমূহ কি কি? ইয়াৰে যিকোনো দুটা চৰ্ত ব্যাখ্যা কৰা।

উত্তৰঃ বৈধ প্ৰকল্পৰ চৰ্তসমূহ হ’ল-

(ক) প্রাসংগিকতা।

(খ) সত্যাপনীয়তা।

(গ) সুপ্রতিষ্ঠিত, পূর্ব-প্রতিষ্ঠিত প্ৰকল্পৰ সৈতে সংগতিপূর্ণ আৰু আত্ম সংগতিপূর্ণতা।

(ঘ) প্রকল্প অনির্দিষ্ট, অস্পষ্ট, উদ্ভট বা কাল্পনিক হ’ব নালাগে, ই হ’ব লাগিব সুনির্দিষ্ট, স্পষ্ট আৰু ধাৰণাযোগ্য।

(ঙ) ভৱিষ্যতবাণী কৰাৰ ক্ষমতা।

ইয়াৰে যিকোনো দুটা চৰ্ত তলত ব্যাখ্যা কৰা হ’ল-

(ক) প্রাসংগিকতা – প্রাসংগিকতা বৈধ প্ৰকল্পৰ এটা দৰকাৰী চৰ্ত। কোনো ঘটনা ব্যাখ্যা কৰিবলৈ যি প্রকল্প গঠন কৰা হয়, ই যদি প্রাসংগিক নহয় তেন্তে তেনে প্ৰকল্পৰ পৰা কোনো সিদ্ধান্ত নিঃসৃত কৰিব নোৱাৰি। উদাহৰণ স্বৰূপে, অসমত প্ৰাদুৰ্ভাৱ হোৱা কলেৰাৰ কাৰণ নিৰ্ণয় কৰিবলৈ যদি প্রকল্প গঠন কৰা হয় যে চীনৰ দুর্ভিক্ষই ইয়াৰ কাৰণ, তেন্তে প্রকল্পটো অপ্রাসংগিক হ’ব আৰু প্ৰকল্পটো বৈধ নহ’ব। গতিকে এটা প্রকল্প অপ্রসংগিক হ’লে যি ঘটনা ব্যাখ্যাৰ বাবে তাক আগবঢ়োৱা হয়, সেই ঘটনাৰ যথাযথ ব্যাখ্যা আগবঢ়োৱাত ই সফল হ’ব নোৱাৰিব।

(খ) সত্যাপনীয়তা – বৈধ প্রকল্প সদায় সত্যাপনীয় হ’ব লাগে। সত্যাপনীয়তাৰ অৰ্থ হৈছে সত্য বা অসত্য বুলি প্রমাণ হোৱাৰ যোগ্যতা। যিটো প্রকল্প সত্যতা বা অসত্যতা প্ৰমাণৰ যোগ্য নহয়, সি কেতিয়াও ঘটনাৰ যথার্থ ব্যাখ্যা কৰিব নোৱাৰে।

প্রকল্প হৈছে কোনো ঘটনাৰ কাৰ্য-কাৰণ সম্পৰ্কীয় প্ৰাৰম্ভিক ধাৰণা। এই ধাৰণাৰ পৰা নিঃসৃত সিদ্ধান্তসমূহৰ লগত বাস্তৱ ঘটনাৰ মিল বা সংগতি থাকিলে ধাৰণাটো সত্য বুলি প্রমাণিত হয় আৰু সংগতি নাথাকিলে অসত্য বুলি প্রমাণিত হয়।

নাইবা

প্ৰকল্পৰ স্তৰ কেইটা কি কি? উদাহৰণৰ সহায়ত ব্যাখ্যা কৰা।

উত্তৰঃ প্ৰকল্পৰ স্তৰ চাৰিটা সেইকেইটা হ’ল-

(১) প্রাকৃতিক ঘটনাৱলীৰ নিৰীক্ষণ।

(২) প্রকল্প গঠন।

(৩) সিদ্ধান্ত নিঃসৰণ।

(৪) বাস্তৱ ঘটনাৰ লগত মিল আছে নে নাই লক্ষ্য কৰা।

উদাহৰণৰ সহায়ত ব্যাখ্যা কৰা হ’ল-

(১) প্রাকৃতিক ঘটনাৱলীৰ নিৰীক্ষণ: প্ৰকল্পৰ প্ৰথম স্তৰ হৈছে প্রাকৃতিক ঘটনাৱলীৰ নিৰীক্ষণ। নিৰীক্ষণৰ জৰিয়তে ব্যাখ্যা কৰিব লগীয় বিষয়ৰ পৰিচয় ঘটে। এই পৰিচয়ৰ ফলত ঘটনাসমূহ সম্পর্কে মনত প্রশ্ন জাগে আৰু ঘটনাসমূহ ব্যাখ্যা কৰাৰ প্ৰয়োজনীয়তা উপলদ্ধি কৰা হয়।

উদাহৰণ স্বৰূপে, গছৰপৰা আপেল এটা পোনে পোনে মাটিত সৰিপৰা দেখি নিউটনৰ মনত প্রশ্ন জাগিছিল- আপেলটো কিয় মাটিত সৰি পৰিল? ই প্ৰকল্পৰ- প্ৰথম স্তৰ।

(২) প্রকল্প গঠন: প্ৰকল্পৰ দ্বিতীয় স্তৰ হৈছে প্রকল্প গঠন। নিৰীক্ষণৰপৰা পোৱা ধাৰণাৰ সমৰ্থনত যদি কাৰ্য- কাৰণ সম্পৰ্কে সঠিক প্রমাণ পোৱা নাযায় বা কিবা পালেও ই পর্যাপ্ত নহয়, তেতিয়া ইয়াৰ ওপৰত নিৰ্ভৰ কৰি কাৰ্য-কাৰণ সম্বন্ধ নিৰ্ণয় কৰিব নোৱাৰি। গতিকে সম্ভাব্য কাৰণ সম্বন্ধে যি আনুমানিক ধাৰণা কৰা হয় সেয়াই হৈছে প্রকল্প গঠন। প্রকল্প এক প্ৰাৰম্ভিক আনুমানিক ধাৰণা মাত্ৰ। বাস্তৱ ঘটনাৱলীৰ নিৰীক্ষণৰ ওপৰত নিৰ্ভৰ কৰি গঠন কৰা প্ৰকল্প অলীক কল্পনা নহয়।

উদাহৰণ স্বৰূপে, নিৰীক্ষণৰ ওপৰত নিৰ্ভৰ কৰি নিউটনে প্রকল্প গঠন কৰিলে যে মাটিত আপেল সৰিপৰাৰ কাৰণ হৈছে পৃথিৱীৰ আকৰ্ষণৰ ফলত আপেলটো মাটিত সৰি পৰিছে।

(৩) নিগমনাত্মক পদ্ধতিৰ প্ৰয়োগেৰে সিদ্ধান্ত নিঃসৰণ: প্ৰকল্পৰ তৃতীয় স্তৰ হৈছে এনে আনুমানিক ধাৰণাৰপৰা সিদ্ধান্ত নিঃসৰণ কথা। এই স্তৰত সম্ভাব্য কাৰণৰপৰা কিছুমান সিদ্ধান্ত নিঃসৰণ কৰা।

উদাহৰণ স্বৰূপে, পৃথিৱীৰ আৰ্কষণ শক্তি সম্পৰ্কীয় ধাৰণাৰ ওপৰত নিৰ্ভৰ কৰি নিউটনে সিদ্ধান্ত নিঃসৰণ কৰে যে সকলো জড়বস্তু যেনে- সূর্য, পৃথিৱী, চন্দ্ৰ আদিৰ ভিতৰতো আকৰ্ষণ আছে।

(৪) প্রমাণীকৰণ: প্ৰকল্পৰ চতুৰ্থ স্তৰত নিঃসৰণ কৰা সিদ্ধান্তটোৰ প্ৰমাণীকৰণ। নিগমনাত্মক পদ্ধতিৰে নিঃসৰণ কৰা সিদ্ধান্তবোৰৰ প্রামাণ্য পৰীক্ষা কৰা হয়। যদিহে এনে ধাৰণাৰ পৰা নিঃসৃত সিদ্ধান্তবোৰৰ লগত বাস্তৱ ঘটনাৰ মিল থাকে তেন্তে ধাৰণাটো সত্য হ’ব নাইবা সত্য হোৱাৰ সম্ভাৱনা থাকিব আৰু যদিহে মিল নাথাকে তেনেহ’লে ই অসত্য হ’ব। অসত্য বুলি প্রমাণিত হ’লে ইয়াক বৰ্জন কৰি নতুন প্রকল্প গঠন কৰা হয়।

উদাহৰণ স্বৰূপে, নিউটনে পৃথিৱীৰ আকৰ্ষণ শক্তি সম্পৰ্কীয় ধাৰণাৰ ওপৰত প্ৰমাণ কৰি দেখুৱালে যে পৃথিৱীৰ আকৰ্ষণৰ ফলত চন্দ্ৰই পৃথিৱীক আৱৰ্ত্তন কৰি আছে, সূৰ্যৰ আকৰ্ষণৰ ফলত পৃথিৱীয়ে সূৰ্যক আৱৰ্ত্তন কৰি আছে ইত্যাদি। নিউটনৰ এই প্ৰকল্পই পিছলৈ বৈজ্ঞানিক নিয়ম বা সামান্য নিয়মৰ মৰ্যদা লাভ কৰিলে আৰু ‘মাধ্যাকর্ষণ’ নিয়ম নামে খ্যাত হ’ল।

27. বাস্তৱ উদাহৰণসহ অন্বয়ী পদ্ধতিৰ ব্যাখ্যা আগবঢ়োৱা।

উত্তৰঃ বাস্তৱ উদাহৰণ-১

ধৰা হ’ল, ‘মেলেৰিয়া জ্বৰ’ কাৰ্য। এই কাৰ্যৰ কাৰণ নিৰ্ণয় কৰিব লাগে। তাৰ কাৰণে দুজনতকৈ অধিক মেলেৰিয়া ৰোগীক দৃষ্টান্ত হিচাপে ল’ব লাগে। দৃষ্টান্ত হিচাপে লোৱা ৰোগীকেইজনৰ মেলেৰিয়াৰ কাৰণ নিৰীক্ষণ কৰি দেখা গ’ল যে খোৱা পানী, দৈনন্দিন আহাৰ, বাসস্থান, শাৰীৰিক ব্যায়াম চর্চা আদিৰ ক্ষেত্ৰত ৰোগীকেইজনৰ বহুত পার্থক্য আছে। কিন্তু তেওঁলোকৰ মাজত মিল থকা বিষয়টো হ’ল সকলোকেইজনকে এন’ফেলিছ মহে কামুৰিছে।গতিকে এন’ফেলিছ মহে কামোৰাটো হ’ল সংস্থিতিবোৰৰ একমাত্র মিল থকা বিষয়। গতিকে সিদ্ধান্ত কৰা হ’ল যে মেলেৰিয়া জ্বৰ কাৰ্যৰ কাৰণ হ’ল এন’ফেলিছ মহৰ কামোৰ।

এই উদাহৰণত আমি অন্বয়ী পদ্ধতি প্ৰয়োগেৰে কাৰ্যৰপৰা কাৰণলৈ অগ্ৰসৰ হৈছো।

বাস্তৱ উদাহৰণ – ২

ধৰা হ’ল, ধূমপান কাৰণ। এই কাৰণৰপৰা উদ্ভৱ হোৱা কাৰ্য নিৰ্ণয় কৰিব লাগে। তাৰ কাৰণে ধূমপান কৰা কেইজনমান লোকক দৃষ্টান্ত হিচাপে লোৱা হ’ল। দৃষ্টান্তকেইটা নিৰীক্ষণ কৰিলে দেখা যায় যে ধূমপান কৰা ব্যক্তিকেইজনৰ শাৰীৰিক স্বাস্থ্যৰ ভিন্নতা আছে যদিও প্রত্যেকৰে হাঁওফাঁও দুর্বল বিষয়টোৱেই একমাত্র মিল থকা বিষয়। গতিকে সিদ্ধান্ত কৰা হ’ল যে ধূমপান কৰিলে হাঁওফাঁও দুর্বল হয়।

এই উদাহৰণত আমি কাৰণৰপৰা অন্বয়ী পদ্ধতিৰে কাৰ্যলৈ গতি কৰিছো।

নাইবা 

এটা উদাহৰণসহ মিশ্র অন্বয়ী-ব্যতিৰেকী পদ্ধতিৰ সংজ্ঞা দিয়া। এই পদ্ধতিৰ দুটা সুবিধা উল্লেখ কৰা।

উত্তৰঃ তর্কশাস্ত্রবিদ মিলে মিশ্র অন্বয়ী ব্যতিৰেকী পদ্ধতিৰ সংজ্ঞা এই ধৰণে দিছে-

যদি অন্বেষণীয় ঘটনাটো উপস্থিত থকা দুই বা ততোধিক দৃষ্টান্তত কোনো এটা সামান্য সংস্থিতি থাকে আৰু অন্বেষণীয় ঘটনাটো উপস্থিত নথকা দুটা বা ততোধিক দৃষ্টান্তৰ মাজত সেই বিশেষ সামান্য সংস্থিতিটোৰ অনুপস্থিতিৰ বাহিৰে অন্য কোনো বিষয়তেই মিল নাথাকে তেনেহ’লে এই দুই শ্ৰেণীৰ দৃষ্টান্তৰ মাজত থকা পার্থক্যবোধক সেই সামান্য সংস্থিতিটোৱেই অন্বেষণীয় ঘটনাটোৰ কাৰ্য বা কাৰণ বা কাৰণৰ অবিচ্ছেদ্য অংগ হ’ব।

মিশ্র অন্বয়ী-ব্যতিৰেকী পদ্ধতিৰ উদাহৰণ হ’ল- 

দৃষ্টান্তৰ সংখ্যাসদর্থক দৃষ্টান্তৰ শ্ৰেণীনঞর্থক দৃষ্টান্তৰ শ্ৰেণী
পূর্ববর্তী/ অনুৱৰ্তীপূর্ববর্তী/ অনুৱৰ্তী
১মABC — abcBCD — bcd
২য়ADE — adeDEF — def
৩য়AFG — afgFGH — fgh

∴ ‘A’ই ‘a’ৰ কাৰণ ।

এই পদ্ধতিৰ দুটা সুবিধা হ’ল-

১। নিৰীক্ষণৰ ওপৰত নিৰ্ভৰশীল কাৰণে ইয়াত কাৰ্যৰপৰা কাৰণ আৰু কাৰণৰপৰা কাৰ্য নিৰ্ণয় কৰিব পাৰি। ইয়াৰোপৰি যিবোৰ ক্ষেত্ৰত পৰীক্ষণ সম্ভৱ নহয়, সেইবোৰ ক্ষেত্ৰতো কাৰ্য-কাৰণ সম্বন্ধ নিৰ্ণয়ৰ কাৰণে মিশ্র অন্বয়ী ব্যতিৰেকী প্রণালী প্ৰয়োগ কৰিব পাৰি।

২। এই পদ্ধতি অন্বয়ী পদ্ধতিৰ এক উন্নত ৰূপ। অন্বয়ী পদ্ধতিৰদ্বাৰা কাৰ্য-কাৰণ সম্বন্ধৰ যি সম্ভাৱনীয়তা দেখা যায় তাক মিশ্র অন্বয়ী ব্যতিৰেকী পদ্ধতিয়ে নঞর্থক দৃষ্টান্ত শ্ৰেণীৰ সহায়ত নিশ্চিতৰূপে প্রতিষ্ঠা কৰিব পাৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top