🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

SEBA Class 9 Mathematics Chapter 13 পৰিসংখ্যা

SEBA Class 9 Mathematics Chapter 13 পৰিসংখ্যা Question Answer Assamese Medium As Per New Syllabus. to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 9 Mathematics Chapter 13 পৰিসংখ্যা Notes and select need one. SEBA Class 9 Mathematics Chapter 13 পৰিসংখ্যা Question Answers Download PDF. SEBA Class 9 General Maths Solutions in Assamese.

SEBA Class 9 Mathematics Chapter 13 পৰিসংখ্যা

Also, you can read the SEBA book online in these sections Solutions by Expert Teachers as per Board of Secondary Education, Assam (SEBA) Book guidelines. SEBA Class 9 Mathematics Chapter 13 পৰিসংখ্যা are part of All Subject Solutions. Here we have given SEBA Solutions For Class 9 Maths in Assamese Medium for All Chapters, You can practice these here.

Chapter: 13

অনুশীলনীঃ 13.1

1. বিশ্বৰ সকলোতে 15 – 44 (বছৰ) বয়সৰ মহিলাৰ মাজত অসুস্থতা আৰু মৃত্যৰ কাৰণ বিচাৰি কোনো এটা সংগঠনে এক জৰীপ চলাইছিল আৰু নিম্নোক্ত তথ্যসমূহ (% ত) লাভ কৰিছিল। 

ক্ৰমিক নংকাৰণমহিলাৰ মৃত্যুৰ হাৰ (%)
1প্ৰসৱকালীন স্বাস্থ্যৰ অৱস্থা (Reproductive health condition)31.8
2স্নায়বিক মনোবিকাৰগ্ৰস্ত অৱস্থা (Neuropsychiatric conditions)25.4
3আঘাতৰ সমস্যা (Injuries)12.4
4হৃদযন্ত্র সম্পর্কীয় অৱস্থা (Cardiovascular conditions)4.3
5শ্বাস-প্রশ্বাস সম্পর্কীয় অৱস্থা (Respiratory conditions)4.1
6অন্যান্য কাৰণসমূহ (Other causes)22.0

(i) ওপৰোক্ত তথ্যখিনিক লৈখিকভাৱে উপস্থাপন কৰা।

উত্তৰঃ 

(ii) সমগ্র বিশ্বত মহিলাৰ অসুস্থ স্বাস্থ্য আৰু মৃত্যুৰ ক্ষেত্রত কোনটো অৱস্থাক প্রধান কাৰণ হিচাপে গণ্য কৰা হয়?

উত্তৰঃ বশ্বব্যাপী মহিলাৰ অসুস্থতা আৰু মৃত্যুৰ কাৰণবোৰৰ ভিতৰত ‘প্ৰসৱকালীন স্বাস্থ্য অৱস্থা’ আটাইতকৈ দায়ী।

(iii) তোমাৰ শিক্ষকৰ সহায়ত (ii) ত প্রধান কাৰণৰূপে উল্লেখিত কাৰণসমূহৰ ভিতৰত প্রধান ভূমিকা লোৱা দুটা কাৰণ নির্ণয় কৰিবলৈ চেষ্টা কৰা।

উত্তৰঃ প্রসবকালীন স্বাস্থ্য অৱস্থাৰ উপৰিও ‘স্নায়বিক মনোবিকাৰগ্ৰস্ত অৱস্থা’ আৰু ‘অন্যান্য কাৰণ’ মহিলাৰ মৃত্যুৰ আন দুটা প্ৰধান কাৰণ।

2. ভাৰতীয় সমাজৰ বিভিন্ন স্তৰৰ মাজত প্রতি হাজাৰ ল’ৰাৰ বিপৰতে ছোৱালীৰ সংখ্যা (আসন্ন দহকত) নিম্নোক্ত ধৰণৰ-

স্তৰ প্রতি হেজাৰ ল’ৰাৰ বিপৰীতে ছোৱালীৰ সংখ্যা
অনুসূচিত জাতি (SC)940
অনুসূচিত জনজাতি (ST)970
SC/ST নোহোৱা920
পিছপৰা জিলা950
পিছ নপৰা জিলা920
গ্রাম্য930
নগৰীয়া910

(i) উপৰোক্ত তথ্যক দণ্ড লেখৰ সহায়ত উপস্থাপন কৰা।

উত্তৰঃ

(ii) লেখটোৰপৰা কি সিদ্ধান্তত উপনীত হ’ব পাৰি শ্রেণী কোঠাত অলোচনা কৰ।

উত্তৰঃ তালিকাৰ পৰা স্পষ্টকৈ মন্তব্য কৰিব পাৰি যে, প্রতি বাজাৰ ল’ৰাৰ বিপৰীতে অনুসূচিত জনজাতিৰ মাজত ছোৱালীৰ সংখ্যা সর্বাধিক আৰু চহৰাঞ্চলত ছোৱালী সংখ্যা আটাইতকৈ কম। 

3. কোনো ৰাজ্য বিধান সভাৰ নিৰ্বাচনত বিভিন্ন ৰাজ্যলৈ দলসমূহে লাভ কৰা আসনৰ সংখ্যাসমূহ তলত উল্লেখ কৰা হ’ল।

ৰাজনৈতিক A B C D E F 
জয়ী আসনৰ সংখ্যা 755537291037

(i) নিৰ্বাচনৰ ফলাফলসমূহ দণ্ডলেখৰ সহায়ত উপস্থাপন কৰা।

উত্তৰঃ 

(ii) কোনটো ৰাজনৈতিক দলে সর্বোচ্চ সংখ্যক আসনত বিজয়ী হৈছিল?

উত্তৰঃ ‘A’ দলে সর্বাধিক সংখ্যক আসনত জয়লাভ কৰিছে।

4. এডাল গছৰ 40 টা পাতৰ দীঘ আসন্ন মিলিমিটাৰলৈ জুখি উলিওৱা হ’ল আৰু প্রাপ্ত তথ্যসমূহক নিম্নোক্ত তালিকাত উল্লেখ কৰা হ’ল।

দীঘ(মিলিমিটাৰত)পাতৰ সংখ্যা
118 – 1263
127 – 1355
136 – 1449
145 – 15312
154 – 1625
163 – 1714
172 – 1802

(i) প্রদত্ত তথ্যখিনিৰে এটা স্তম্ভলেখ অংকন কৰা। (ইংগিতঃ প্রথমে শ্রেণী অন্তৰালবোৰ অবিচ্ছিন্ন ৰূপত প্রকাশ কৰা)। 

(ii) একেখিনি তথ্যৰ বাবে অন্য কিবা উপযুক্ত লৈখিক উপস্থাপন আছেনে? 

(iii) সর্বোচ্চ সংখ্যক পাতৰ দীঘ 153 মিঃমিঃ বুলি মন্তব্য আগবঢ়োৱা কথাটো শুদ্ধ হ’বনে? কিয়?

উত্তৰঃ (i) তালিকাখনত শ্রেণী পৰিবন্ধলৈ পুনৰ প্ৰস্তুত কৰা হ’ল- 

গছৰ দীঘ (মিমি)পৰিবন্ধ (মিমি)পাতৰ সংখ্যা (বাৰংবাৰত্য)
118 – 126117.5 – 126.53
127 – 135126.5 – 135.55
136 – 144135.5 – 144.59
145 – 153144.5 – 153.512
154 – 162153.5 – 162.55
163 – 171162.5 – 171.54
172 – 180171.5 – 1802

(ii) প্রদত্ত তথ্যৰাশিৰ বাৰংবাৰতা বহুভুজৰ সহায়ত উপস্থাপন কৰিব পাৰি। যেনে-

গছৰ দীঘ (মিমি)পৰিবন্ধ (মিমি)মধ্যমানপাতৰ সংখ্যা (বাৰংবাৰতা)
118 – 126117.5 – 126.51223
127 – 135126.5 – 135.51315
136 – 144135.5 – 144.51409
145 – 153144.5 – 153.514912
154 – 162153.5 – 162.51585
163 – 171162.5 – 171.51674
172 – 180171.5 – 1801762

বেছিভাগ পাতৰ দীয 153 মিমি বুলি কোৱাটো ভুল। কিয়নো, তালিকাৰ পৰা এইটো স্পষ্টকৈ দেখা যায় যে গছডালৰ বেছিসংখ্যক পাতৰ দীয 145 মিমি – ৰ পৰা 153 মিমিলৈ।

(iii) নহয়, কাৰণ সৰ্বাধিক সংখ্যক পাতৰ দৈৰ্ঘ্য ১৪৫–১৫৩ অন্তৰালত অৱস্থিত।

5. নিম্নোক্ত তালিকাখনে 400 টা নিয়ন লেম্পৰ আয়ুকাল দেখুৱাইছে-

আয়ুকাল (ঘণ্টাত)লেম্পৰ সংখ্যা
300 – 40014
400 – 50056
500 – 60060
600 – 70086
700 – 80074
800 – 90062
900 – 100048

(i) প্রদত্ত তথ্যখিনিক স্তম্ভলেখৰ সহায়ত উপস্থাপন কৰা।

উত্তৰঃ 

লেম্পৰ আয়ুকাল (ঘন্টাত)লেম্পৰ সংখ্যা
300 – 40014
400 – 50056
500 – 60060
600 – 70086
700 – 80074
800 – 90062
900 – 100048

(ii) 700 ঘণ্টাতকৈ অধিক আয়ুকালৰ লেম্পৰ সংখ্যা কিমান?

উত্তৰঃ 700 ঘন্টাতকৈ বেছি আয়ুকাল থকা লেম্পৰ সংখ্যা

(74 + 62 + 48) = (400 – 216) = 184 টা

6. নিম্নোক্ত তালিকাখনত প্রাপ্ত নম্বৰৰ ভিত্তিত দুটা শাখাৰ ছাত্র/ছাত্রীৰ বিতৰণ উল্লেখ কৰা আছে-

A – শাখাB – শাখা
নম্বৰবাৰংবাৰতানম্বৰবাৰংবাৰতা
0 – 1030 – 105
10 – 20910 – 2019
20 – 301720 – 3015
30 – 401230 – 4010
40 – 50940 – 501

একেটা লেখতে উভয় শাখাৰ ছাত্র/ছাত্রীৰ নম্বৰসমূহ দুটা বাৰংবাৰতা বহুভুজৰ দ্বাৰা উপস্থাপন কৰি দেখুওৱা। বহুভুজ দুটাৰপৰা শাখা দুটাৰ পাৰদৰ্শিতাৰ তুলনা কৰা।

উত্তৰঃ 

7. এখন ক্রিকেট খেলত দুটা দল A আৰু B য়ে প্রথম 60 টা বলত লাভ কৰা ৰাণসংখ্যাবোৰ তলত উল্লেখ কৰা হ’ল-

বলৰ সংখ্যাদল Aদল B
1-625
7-1216
13 – 1882
19 – 24910
25 – 3045
31 – 3656
37 – 4263
43 – 48104
49 – 5468
55 – 60210

একেটা লেখতে দুটা বাৰংবাৰতা বহুভুজ আঁকি উভয় দলৰ তথ্যসমূহ প্রকাশ কৰা। (ইংগিত প্রথমতে শ্রেণী অন্তৰালসমূহ অবিচ্ছিন্ন ৰূপত সজাই লোৱা)

উত্তৰঃ 

৪. এখন প্রমোদ কাননত ক্রীড়াৰত বিভিন্ন পর্যায়ৰ বয়সৰ শিশুৰ সংখ্যাৰ ওপৰত চলোৱা যাদৃচ্ছিক জৰীপ এটাৰ তথ্যসমূহ আছিল নিম্নোক্ত ধৰণৰ- 

বয়স (বছৰৰ হিচাপত)শিশুৰ সংখ্যা
1 – 25
2 – 33
3 – 56
5 – 712
7 – 109
10 – 1510
15 – 174

ওপৰোক্ত তথ্যক প্রকাশ কৰাকৈ এটা স্তম্ভলেখ আকাঁ।

উত্তৰঃ

9. এখন স্থানীয় টেলিফোন ডাইৰেক্টৰীৰপৰা যাদৃচ্চিকভাৱে 100 টা উপাধি বাছনি কৰা হ’ল আৰু এই উপাধিবোৰত ইংৰাজী বৰ্ণমালাৰ আখৰসমূহৰ বাৰংবাৰতা বিভাজন তলত দিয়া ধৰণে পোৱা গ’ল-

আখৰৰ সংখ্যাউপাধিৰ সংখ্যা
1 – 46
4 – 630
6 – 844
8 – 1216
12 – 204

(i) প্রদত্ত তথ্যখিনিক প্রতিফলিত কৰাকৈ এটা স্তম্ভলেখ আঁকা। 

(ii) সর্বাধিক সংখ্যাৰ উপাধি থকা শ্রেণী অন্তৰালটো উল্লেখ কৰা।

উত্তৰঃ

(ii) সৰ্বাধিক সংখ্যাৰ উপাধি থকা শ্ৰেণী অন্তৰালটো উল্লেখ কৰা।

= 6 – 8

10. এই প্ৰশ্নটোত এটা উক্তি (A) ৰ বিবৃতি আৰু আন এটা যুক্তি (R) ৰ বিবৃতি দিয়া আছে। উক্তি (A) আৰু যুক্তি (R) বিবেচনা কৰি তলৰ বিকল্পবোৰৰ পৰা শুদ্ধটো বাছি উলিওৱা।

উক্তি (A) : স্তম্ভলেখ অবিচ্ছিন্ন শ্ৰেণী অন্তৰাল ব্যৱহাৰ কৰি আঁকা হয়, যত দণ্ডসমূহৰ মাজত কোনো অন্তৰ নাথাকে।

যুক্তি (R) : দণ্ডসমূহৰ মাজত কোনো অন্তৰ নথাকাটো বুজায় যে তথ্যসমূহ বিচ্ছিন্ন।

(a) A আৰু R উভয়ে সত্য আৰু R টো A ৰ শুদ্ধ ব্যাখ্যা।

(b) A আৰু R উভয়ে সত্য, কিন্তু R টো A ৰ শুদ্ধ ব্যাখ্যা নহয়।

(c) A টো সত্য, কিন্তু R টো অসত্য।

(d) A টো অসত্য, কিন্তু R টো সত্য।

উত্তৰঃ (c) A টো সত্য, কিন্তু R টো অসত্য।

11. তলত উল্লেখিত উক্তি দুটা বিবেচনা কৰা আৰু পিছত বিকল্পসমূহৰ পৰা শুদ্ধটো বাছি উলিওৱা।

(i) স্তম্ভলেখ আঁকাৰ পিছতো ব্যৱহাৰতা বাৰম্বাৰ বহুভুজ অংকন কৰিব পাৰি।

(ii) দণ্ডচিত্ৰত দণ্ডবোৰৰ উচ্চতা বাৰম্বাৰতাৰ সমানুপাতিক, আনহাতে দণ্ডৰ প্ৰস্থৰ কোনো গুৰুত্ব নাথাকে।

(a) (i) আৰু (ii) উভয়ে সত্য।

(b) (i) টো অসত্য, কিন্তু (ii) টো সত্য।

(c) (i) আৰু (ii) উভয়ে অসত্য।

(d) (i) টো সত্য, কিন্তু (ii) টো অসত্য।

উত্তৰঃ (b) (i) টো অসত্য, কিন্তু (ii) টো সত্য।

12. 30 গৰাকী শিক্ষাৰ্থীৰ প্ৰাপ্ত নম্বৰ এনেধৰণৰ —

শ্ৰেণী অন্তৰালবাৰম্বাৰতা
0 – 104
10 – 208
20 – 3010
30 – 405
40 – 503

শ্ৰেণীসূচক 25 সাপেক্ষে বাৰম্বাৰতা বহুভুজটো সমমিতি (symmetric) । এই উক্তিটোৰ বাবে শুদ্ধ বিকল্পটো বাছি উলিওৱা।

(a) হয়, কাৰণ বাৰম্বাৰতাসমূহ দুয়োকাষে ক্ৰমহ্ৰাসে কমি যায়।

(b) নহয়, কাৰণ বাৰম্বাৰতাসমূহ দুয়োকাষে সমমিতিক হ্ৰাস নহয়।

(c) হয়, কাৰণ শ্ৰেণীচিহ্নসমূহ সমভাৱে অৱস্থিত থাকে।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (b) নহয়, কাৰণ বাৰম্বাৰতাসমূহ দুয়োকাষে সমমিতিক হ্ৰাস নহয়।

13. তলৰ স্তম্ভ-A আৰু স্তম্ভ-B ত উল্লেখিত লেখ ধৰণসমূহ সঠিক বৈশিষ্ট্যৰ সৈতে মিলোৱা আৰু পিছত শুদ্ধ বিকল্পটো বাছি উলিওৱা।

স্তম্ভ-Aস্তম্ভ-B
(A) দণ্ডচিত্ৰ1. অবিচ্ছিন্ন তথ্য বাবে ব্যৱহৃত হয়।
(B) স্তম্ভলেখ2. দণ্ডৰ মাজত ফাক ৰখা হয়।
(C) বাৰম্বাৰতা বহুভুজ3. শ্ৰেণী চিহ্নৰ বিপৰীতে বাৰম্বাৰতা স্থাপন কৰা হয়।

(a) A → 2,  B → 1,  C → 3

(b) A → 1,  B → 3,  C → 2

(c) A → 1,  B → 2,  C → 3

(d) A → 3,  B → 2,  C → 1

উত্তৰঃ (a) A → 2,  B → 1,  C → 3

14. মাহেকীয়া বৃষ্টিপাতৰ পৰিমাণ দেখুওৱা এটা দণ্ডচিত্ৰত জুলাই মাহৰ দণ্ডডালৰ উচ্চতা জুন মাহৰ দণ্ডৰ উচ্চতাৰ দুগুণ।

এইটোৱে সূচায় যে—

(a) জুলাই মাহৰ বৃষ্টিপাত জুনমাহৰ বৃষ্টিপাতৰ দুগুণ।

(b) জুলাই মাহৰ বৃষ্টিপাত জুনমাহৰ বৃষ্টিপাতৰ আধা।

(c) দুয়োটা মাহতে বৃষ্টিপাতৰ পৰিমাণ সমান।

(d) তথ্য তুলনা কৰিব নোৱাৰি।

উত্তৰঃ (a) জুলাই মাহৰ বৃষ্টিপাত জুনমাহৰ বৃষ্টিপাতৰ দুগুণ।

15. তলৰ উক্তি দুটা বিবেচনা কৰা আৰু পিছত বিকল্পসমূহৰপৰা শুদ্ধটো বাছি উলিওৱা।

(i) স্তম্ভলেখত শ্ৰেণী অন্তৰালসমূহ সমান হ’লে প্ৰতিটো দণ্ডৰ দৈৰ্ঘ্য (উচ্চতা) বাৰম্বাৰতাৰ সৈতে প্ৰত্যক্ষ সমানুপাতিক।

(ii) স্তম্ভলেখত শ্ৰেণী অন্তৰালসমূহ অসমান হ’লে, দণ্ডৰ ক্ষেত্ৰফল বাৰম্বাৰতাৰ সমানুপাতিক।

(a) কেৱল (i) টো শুদ্ধ।

(b) কেৱল (ii) টো শুদ্ধ।

(c) (i) আৰু (ii) দুয়োটাই শুদ্ধ।

(d) (i) আৰু (ii) দুয়োটাই অশুদ্ধ।

উত্তৰঃ (c) (i) আৰু (ii) দুয়োটাই শুদ্ধ।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top