SEBA Class 10 Science Model Paper – 3 | দশম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নকাকত

SEBA Class 10 Science Model Paper – 3, HSLC General Science Model Paper Question Answer, দশম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নকাকত আৰু উত্তৰ to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board General Science Model Paper Class 10 SEBA can be of great value to excel in the examination.

SEBA Class 10 Science Simple Paper and Question Answer

SEBA Class 10 General Science Model Paper

Join Telegram channel

HSLC Model Question Paper provided is as per the Latest Assam Board Curriculum and covers all the questions from the SEBA Textbooks. Access the detailed SEBA Class 10 Science Model Paper provided here and get a good grip on the subject. Access the SEBA Class 10 Science Model Paper, Class X Science Sample Question Paper, and Answer of Assamese in Page Format. Make use of them during your practice and score well in the exams.

সাধাৰণ বিজ্ঞান

TYPE – III

GENERAL SCIENCE

MODEL QUESTION ANSWER

Group – A

( The figures in the margin indicate full marks for the question . Candidate are required to write their answers in their own words as far as practicable ) 

তলৰ প্ৰতিটো প্ৰশ্নৰ বাবে চাৰিটাকৈ উত্তৰ দিয়া আছে । চাৰিটাৰ ভিতৰত এটাহে শুদ্ধ উত্তৰ । শুদ্ধ উত্তৰটো বাছি উলিওৱা । 

১। Zn ( s ) + CusO₄ ( aq ) ZnsO₄ ( aq ) + Cu ( s ) 

ওপৰৰ বিক্ৰিয়াটো এটা 

( a ) সংযোজন বিক্ৰিয়াৰ উদাহৰণ

( b ) বিযোজন বিক্ৰিয়াৰ উদাহৰণ

( c ) অপসৰণ বিক্ৰিয়াৰ উদাহৰণ 

( d ) দ্বি – অপসৰণ বিক্ৰিয়াৰ উদাহৰণ

উত্তৰঃ ( c ) অপসৰণ বিক্ৰিয়াৰ উদাহৰণ ।

২। অজীর্ণতাৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা ঔষধৰ ধৰণ — 

( a ) এণ্টিবায়টিক

( b ) বেদনানাশক 

( c ) অম্লনাশক 

( d ) বীজাণুবাৰক

উত্তৰঃ ( c ) অম্লনাশক ।

৩। ছালফাইড আকৰৰ পৰা ধাতু নিষ্কাশন কৰোঁতে আকৰটো ধাতৱ অক্সাইডলৈ পৰিৱৰ্তিত কৰা হয় । এই পদ্ধতিক কোৱা হয়

( a ) দগ্ধীকৰণ 

( b ) শোধন

( c ) বিজাৰণ 

( d ) তাপজাৰণ

উত্তৰঃ ( d ) তাপজাৰণ ।

৪। বৰ্গ 1 ৰ মৌলসমূহৰ যোজ্যতা 

( a ) 3 

( b ) 2 

( c ) 0

( d ) 1 

উত্তৰঃ ( d ) 1

৫। মানুহৰ শৰীৰৰ বৃক্ক 

( a ) পৰিপুষ্টি তন্ত্ৰৰ অংশ

( b ) শ্বসন তন্ত্ৰৰ অংশ

( c ) ৰেচন তন্ত্ৰৰ অংশ 

( d ) পৰিবহণ তন্ত্ৰৰ অংশ 

উত্তৰঃ ( c ) ৰেচন তন্ত্ৰৰ অংশ ।

৬। চাইকেল চলাই যাওঁতে মস্তিষ্কৰ যিটো অংশই শৰীৰৰ ভংগিমা আৰু সমতা নিয়ন্ত্রণ কৰে সেই অংশটো হ’ল— 

( a ) চেব্রিাম 

( b ) চেৰিবেলাম

( c ) হাইপ’থেলামাছ

( d ) মেডুলা 

উত্তৰঃ ( b ) চেৰিবেলাম ।

৭। ওখ মাহৰ গছ আৰু চাপৰ মাহৰ গছৰ মাজত সংকৰণ ঘটোৱা হ’ল । প্ৰথম প্ৰজন্মৰ গছবিলা— 

( a ) 1 : 3 অনুপাতৰ চাপৰ আৰু ওখ গছ হ’ব

( b ) সকলো চাপৰ হব 

( c ) 3 : 1 অনুপাতৰ ওখ আৰু চাপৰ গছ হ’ব 

( d ) সকলো ওখ হ’ব 

উত্তৰঃ ( d ) সকলো ওখ হ’ব ।

৮। বর্তনী এটাৰ পৰিবাহী তাৰডালৰ দৈৰ্ঘ্য দুগুণ কৰা হ’ল । বৰ্তনীৰ প্ৰবাহৰ মান— 

( a ) দুগুণলৈ বৃদ্ধি হ’ব 

( b ) পূৰ্বৰ প্ৰবাহৰ মান হ’ব ১/২ হব 

( c ) পূৰ্বৰ প্ৰবাহৰ ১/৩ মান হ’ব

( d ) একে থাকিব 

উত্তৰঃ ( b ) পূৰ্বৰ প্ৰবাহৰ মান হ’ব ১/২ হব ।

৯। তলত উল্লেখ কৰা শক্তিৰ উৎসসমূহৰ ভিতৰত এটা জীৱৰ শক্তি উৎসৰ উদাহৰণ নহয় । সেইটো হ’ল ―

( a ) কাঠ 

( b ) গোবৰ গেছ

( c ) নিউক্লীয় শক্তি

( d ) কয়লা

উত্তৰঃ ( c ) নিউক্লীয় শক্তি ।

১০। খাদ্য শৃংখলাৰ দ্বিতীয় পৌষ্টিক স্তৰৰ উপভোক্তাবিলাক – 

( a ) মাংসভোজী প্রাণী 

( b ) তৃণভোজী প্রাণী 

( c ) বিয়োজক 

( d ) উৎপাদক

উত্তৰঃ ( b ) তৃণভোজী প্ৰাণী ।

Group – B 

১১। এছিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নিৰ্গত হয় ? 

উত্তৰঃ হাইড্ৰ’জেন গেছ । H₂SO₄ + 2Na → Na₂ SO₄ + H₂ ↑ 

১২। সংপৃক্ত যৌগবোৰ কি ?

উত্তৰঃ যিবোৰ হাইড্ৰ কাৰ্বনত কাৰ্বন পৰমাণুবোৰৰ মাজত মাত্র এক বান্ধনি থাকে সেইবোৰ যৌগক সংপৃক্ত যৌগ ( Saturated compound ) বোলে । এই যৌগবোৰ সাধাৰণতে অধিক সক্রিয় নহয়।  

উদাহৰণস্বৰূপে মিথেন ( CH₄ ) , ইথেন ( C₂H₆ ) , প্রপেন ( C₃ H₈ ) আৰু বিউটেন ( C₄ H₁₀ ) একেটা সমগণীয় শ্রেণী এলকেনৰ অন্তৰ্ভুক্ত । শ্ৰেণীটোৰ প্ৰতিটো যৌগ আগৰ যৌগটোৰ পৰা – CH₂ মূলকদ্বাৰা পৃথক।ইথেনৰ উতলাংক মিথেনতকৈ বেছি , প্ৰপেনৰ উতলাংক ইথেনতকৈ বেছি । এনেদৰে আণৱিক ভব বঢ়াৰ লগে লগে অনুক্রমিকভাৱে ভৌতিক ধৰ্মৰ পৰিৱৰ্তন হয় । 

১৩। নিলাজী বনৰ পাতবোৰে স্পৰ্শৰ প্ৰতি কেনেকৈ সঁহাৰি জনায় ? 

উত্তৰঃ নিলাজী বন ( উত্তেজক উদ্ভিদ ) ৰ পাতবোৰ চুই দিলে জয় পৰি যায় ৷ ইয়াৰ কাৰণ হ’ল ই বাহ্যিক উত্তেজকৰ প্ৰতি সঁহাৰি জনায় । কিন্তু উদ্ভিদৰ কাণ্ডৰ গতি সূৰ্যৰ পিনে বাবে ইয়াৰ পাতবোৰ লেৰেলি যায় । ইয়াৰ কাৰণ হ’ল সালোক সংশ্লেষণ এনে অৱস্থাত অক্সিনৰ গাঢ়তা পাতৰ এটা ফালে বাঢ়ি যায় ৷ 

১৪। চৰাইৰ ডেউকা আৰু বাদুলীৰ ডেউকাক সমসংস্থ অংগ বুলি ক’ব পাৰিনে ? তোমাৰ উত্তৰ সপেক্ষে কাৰণ দৰ্শোৱা ৷ 

উত্তৰঃ বাদুলীৰ ডেউকা দীঘল আঙুলিক সংযোগ কৰি ৰখা ছালৰ পৰিবর্তন কিন্তু চৰাইৰ ডেউকা পাখিৰে আবৃত্ত । ইহঁতৰ ডেউকা কেইখনৰ গঠন আৰু উপাঙ্গসমূহ দেখাতে বেলেগ বেলেগ কিন্তু দুয়োবিধ ডেউকা একে ধৰণৰ কাৰ্য , উৰণত ব্যৱহাৰ কৰিব লগা হোৱাৰ কাৰণে দেখিবলৈ একে হয় কিন্তু উৎপত্তি ভিন্ন । এনেবোৰ চাৰিত্রিক বৈশিষ্ট্যবোৰক সমসংস্থৰ পৰিৱর্তে সমবৃত্তিক চাৰিত্রিক বৈশিষ্ট্য বোলে । ইয়াৰ পৰা চৰাই ডেউকা আৰু বাদুলীৰ ডেউকাক সমসংস্থ নে সমবৃত্তিক অংগ হ’ব পাৰে বুজিব পাৰি । 

১৫। ওমৰ সূত্ৰ লিখা । 

উত্তৰঃ উষ্ণতা আৰু আন ভৌতিক ধৰ্ম অপৰিৱৰ্তিত থাকিলে কোনো পৰিবাহীৰ ভিতৰেৰে যি পৰিমাণৰ বিদ্যুৎ প্রবাহিত হয় , সি পৰিবাহীটোৰ দুই মূৰৰ বিভব অস্তৰৰ সমানুপাতিক । 

ধৰা হ’ল , কোনো পৰিবাহীৰ দুই প্রান্তৰ বিভব অস্তৰ V , আৰু বিদ্যুৎ প্রবাহ I 

ওমৰ সূত্রমতে =         =   ধ্রুবক 

    অর্থাৎ V/I = R

ইয়াত ধ্ৰুৱক R ক পৰিবাহীটোৰ ৰোধ বোলা হয় । 

১৬। তলৰ বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা । 

( i ) ছডিয়াম + পানী → ছডিয়াম হাইড্রক্সাইড + হাইড্ৰজেন

উত্তৰঃ 2Na + 2H₂O → 2NaOH + H₂↑ 

( ii ) এলুমিনিয়াম + ক’পাৰ ক্ল’ৰাইড → এলুমিনিয়াৰ ক্ল’ৰাইড + ক’পাৰ 

উত্তৰঃ 2Al + 3CuCl → 2AICl₃ + 3Cu 

১৭। তাপবৰ্জী আৰু তাপগ্রাহী বিক্ৰিয়াৰ মাজৰ পাৰ্থক্য কি ? প্রত্যেকৰে এটাকৈ উদাহৰণ লিখা । 

উত্তৰঃ যিবোৰ ৰাসায়নিক বিক্রিয়াত তাপ উদ্ভৱ হয় , তেনেবোৰ বিক্ৰিয়াক তাপবর্জী বিক্রিয়া বোলে । 

যেনে – C + O₂ → CO₂ +393.5 কি . জুল 

          2H₂ + O₂ →  2H₂O + 572 কি . জুল 

যিবোৰ ৰাসায়নিক বিক্রিয়াত তাপশোষণ হয় , তেনেবোৰ বিক্রিয়াক তাপগ্রাহী বা তাপশোষক বিক্রিয়া বোলে । 

যেনে – 

১৮। এচিড এটা লঘু কৰোঁতে এচিড পানীত যোগ কৰিবলৈ কোৱা হয় কিন্তু পানী এচিডত যোগ দিবলৈ কোৱা নহয় কিয় ? 

উত্তৰঃ গাঢ় এচিড এটাৰ লগত পানী মিহলালে ই যথেষ্ট পৰিমাণে তাপ উদ্ভৱ কৰে । উদ্ভৱ হোৱা তাপৰ পৰিমাণ ইমানেই বেছি হয় যে বিক্রিয়া সংঘটিত কৰা বিকাৰটো ভাঙি যাব পাৰে । সেইবাবে গাঢ় এচিড এটাক লঘু কৰিবলৈ পানীৰ লগত এচিড মিহলোৱা হয় , এচিডৰ লগত পানী মিহলাব নালাগে ৷ 

১৯। নিষেচন প্রক্রিয়া আৰু পৰাগযোগৰ মাজত পাৰ্থক্য কেনেধৰণৰ ? 

উত্তৰঃ পূৰঠ পৰাগৰেণু গৰ্ভমুণ্ডত পৰাকে পৰাগযোগ বোলে । সাধাৰণতে পৰাগৰেণু পূৰ্ণ বিকশিত হোৱাৰ পিছত পুংকেশৰৰ পৰা আহি গৰ্ভকেশৰৰ গৰ্ভমুণ্ডত পৰে । কিছুমান উদ্ভিদৰ ক্ষেত্ৰত পৰাগযোগৰ পিছতহে পৰাগৰেণুবোৰ পূৰ্ণ বিকশিত হয় । 

আনহাতে পুংজনন কোষ বা শুক্রাণু আৰু স্ত্রীজনন কোষ বা ডিম্বানুৰ মিলনকে নিষেচন বোলে ৷ ইয়াৰ ফলত প্ৰথম অপত্য কোষৰ সৃষ্টি হয়। 

২০। পোহৰৰ ৰশ্মি এডাল পানীৰপৰা হেলনীয়াকৈ বায়ুত প্ৰৱেশ কৰিছে।পোহৰৰ ৰশ্মিডাল উলম্বৰ কাষলৈ নে উলম্বৰপৰা আঁতৰলৈ বেঁকা হ’ব ? কিয় ?

উত্তৰঃ পোহৰৰ ৰশ্মি যেতিয়া পাতল মাধ্যমৰ পৰা ঘন মাধ্যমত প্ৰৱেশ কৰে তেতিয়াই অভিলম্বৰ ওচৰ চাপি আহে । ইয়াত বায়ু হ’ল পাতল মাধ্যম আৰু পানী হ’ল ঘন মাধ্যম । গতিকে পোহৰৰ ৰশ্মি অভিলম্বৰ পিনে ওচৰ চাপি আহিব । 

চিত্ৰত পানীৰ তলত O স্থানত মুদ্ৰাটো ৰখা হ’ল । মুদ্ৰাটোৰ পৰা অপসাৰী হোৱা ৰশ্মিবোৰ পানী আৰু বায়ুৰ সন্ধি তলত প্রতিসৰিত হ’ব। বায়ু পানীতকৈ লঘুতৰ মাধ্যম , গতিকে ৰশ্মিবোৰ প্ৰতিসৰণৰ পিছত অভিলম্বৰপৰা আঁতৰি যাব । এতিয়া ওপৰৰ পৰা লক্ষ্য কৰিলে প্ৰতিসৰিত ৰশ্মিবোৰ I বিন্দুৰপৰা অহা যেন লাগিব । ৰশ্মিচিত্ৰৰপৰা আমি দেখো যে I বিন্দু O বিন্দুতকৈ ওপৰত অৱস্থিত । গতিকে ওপৰৰপৰা লক্ষ্য কৰিলে পানীৰ তলত থকা বস্তু এটা তাৰ প্রকৃত অৱস্থানৰ সলনি কিছু ওপৰত থকা যেন লাগে । 

২১। চিলিয়াৰী পেশীয়ে চকুৰ লেনছৰ বক্ৰতাৰ কেনেধৰণৰ পৰিৱৰ্তন ঘটাই দূৰৈৰ বস্তু আৰু ওচৰৰ বস্তু স্পষ্টকৈ দেখাত সহায় কৰে ? 

উত্তৰঃ চিলিয়াৰী পেশীয়ে ( ciliary muscles ) সলনি কৰিব পাৰে । চকুৰ লেনছৰ বক্ৰতাৰ পৰিবৰ্তনে ইয়াৰ ফ’কাছ দৈৰ্ঘ্যৰ পৰিবৰ্তন ঘটায় । পেশীবোৰৰ শিথিল অৱস্থাত লেন্‌ছখন ক্ষীণ হয় । এনে অৱস্থাত ইয়াৰ ফ’কাছ দৈৰ্ঘ্য বাঢ়ে । ই আমাক দূৰৈৰ বস্তু স্পষ্টকৈ দেখাত সহায় কৰে । যেতিয়া তোমালোকে ওচৰৰ বস্তুবোৰলৈ চোৱা তেতিয়া চিলিয়াৰী শকত হয় । ফলত চকুৰ লেন্‌ছৰ ফ’কাছ দৈৰ্ঘ্য বাঢ়ে । ই আমাক ওচৰৰ বস্তু স্পষ্টকৈ দেখাত সহায় কৰে ৷ 

২২। পশ্চিম দিশলৈ উৎক্ষেপিত ধনাত্মক আধানেৰে আহিত কণা এটা চৌম্বিক ক্ষেত্র এখনত উত্তৰ দিশলৈ বিচ্যুত হ’ল । ফ্ৰেমিঙৰ বাওঁহতীয়া নীতি প্ৰয়োগ কৰি চুম্বক ক্ষেত্ৰৰ দিশ নিৰ্ণয় কৰা । 

উত্তৰঃ

ফ্লেমিঙৰ বাওঁহতীয়া নিয়ম অনুসৰি তোমাৰ বাওঁহাতৰ বুঢ়া আঙুলি , তর্জনী আঙুি আৰু মধ্যমা আঙুলি পৰস্পৰ লম্বভাৱে মেলি দিয়া । 

যদি  তর্জনী আঙুলিয়ে চৌম্বিক ক্ষেত্ৰৰ দিশ আৰু মধ্যমা আঙুলিয়ে প্রবাহৰ দিশ সূচায় তেস্তে বুঢ়া আঙুলিয়ে পৰিবাহীৰ গতিৰ দিশ অথবা তাৰ ওপৰত ক্রিয়াশীল বলৰ দিশ সুচাব । 

২৩। বৃত্তাকাৰ কুণ্ডলী এটাৰ প্ৰবাহৰ বাবে সৃষ্টি হোৱা চৌম্বিক ক্ষেত্ৰৰ চৌম্বিক বলৰেখাবোৰৰ চিত্ৰ আঁকা । 

উত্তৰঃ বৃত্তাকাৰ কুণ্ডলীয়ে উৎপন্ন চুম্বক ক্ষেত্ৰৰ বলৰেখাসমূহ 

২৪। এটা পৰমাণুৰ ইলেক্ট্রনীয় বিন্যাস হ’ল 2 , 8 , 7 

( a ) এই মৌলটোৰ পাৰমাণৱিক সংখ্যা কি ? 

উত্তৰঃ ইয়াৰ পাৰমাণৱিক সংখ্যা 17 ( CI ) 

( b ) তলৰ মৌলকেইটাৰ কোনটোৰ সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব ? ( বন্ধনীৰ ভিতৰত পাৰমাণবিক সংখ্যা দিয়া হৈছে ) P ( 15), F ( 9 )

উত্তৰঃ মৌলটোৰ ইলেক্ট্রনীয় বিন্যাস 2 , 8 , 7। আনহাতে তলত দিয়া মৌলকেইটাৰ ইলেক্ট্রনীয় বিন্যাস – P = 2.8.5 , F = 2.7 

উক্ত মৌলটোৰ ৰাসায়নিক ধৰ্ম ফ্লুৰিণৰ লগত একে হ’ব । কাৰণ ফ্লুৰিণ আৰু উক্ত মৌলটোৰ যোজক সমসংখ্যক অর্থাৎ 7 টাকৈ ইলেক্ট্রন আছে। 

অথবা , 

দ্বিতীয় পর্যায়ৰ মৌলবোৰৰ পাৰমাণৱিক ব্যাসাৰ্দ্ধ তলত দিয়া হৈছে । 

পৰ্যায় II মৌলসমূহBBeONLiC
পাৰমাণৱিক ব্যাসাদ্ধ ( pm )88111667415277

( i ) ইহঁতক পাৰমাণৱিক ব্যাসাৰ্দ্ধৰ অধঃক্রমত সজোৱা ৷ 

উত্তৰঃ Li > Be > B > C > N > O

( ii ) কোনটো মৌলৰ পৰমাণু আটাইতকৈ ডাঙৰ আৰু কোনটোৰ আটাইতকৈ সৰু ? 

উত্তৰঃ আটাইতকৈ ডাঙৰ Li আৰু আটাইতকৈ সৰু O ।

( iii ) পর্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গ’লে কিদৰে পাৰমাণৱিক ব্যাসাৰ্দ্ধৰ পৰিবর্তন ঘটে ? 

উত্তৰঃ পৰ্যায় এটাৰ বাওঁফালৰ পৰা সোঁফাললৈ গ’লে নিউক্লীয় আধান বৃদ্ধি পায় । বৰ্দ্ধিত নিউক্লীয় আধানে ইলেক্ট্রনবোৰৰ নিউক্লিয়াছৰ ওচৰলৈ টানি আনে , ফলত পৰমাণুৰ আকাৰ কমে । 

২৫। আমাৰ দেহত স্নায়ু প্ৰেৰণা কেনেদৰে প্ৰেৰিত হয় ? 

উত্তৰঃ 

স্নায়ুকোষবোৰ দুটা অংশ যেনে , দেহকোষ ( Cell body ) আৰু স্নায়ু প্রবর্ধ ( nerve process ) । স্নায়ু প্ৰৱৰ্ধ দুই প্ৰকাৰৰ – এক্সন ( axon ) আৰু ডেনড্ৰাইট ( dendrite ) । ডেনড্ৰাইটবোৰে নিকটৱৰ্তী কোষৰ পৰা স্নায়ু বাৰ্তা বা উদ্দীপনা সংগ্রহ কৰে । স্নায়ুকোষৰ ক্ষুদ্র স্নায়ু ফাকেৰে এবিধ ৰাসায়নিক পদাৰ্থৰ জৰিয়তে বৈদ্যুতিক প্ৰেৰণা (Chemical impulse ) সৃষ্টি কৰে । 

এই বৈদ্যুতিক প্ৰেৰণা ডেনড্ৰাইটৰ পৰা দেহকোষলৈ আৰু পাছত এক্সনৰ মাজেদি ইয়াৰ শেষ প্রান্তত আন এটা স্নায়ু কোষলৈ প্ৰেৰণ কৰে । এক্সনৰ প্ৰান্তীয় শাখাত বৈদ্যুতিক প্ৰেৰণাৰ পৰা কিছুমান বাসায়নিক পদার্থ মুক্ত হয় । এই ৰাসায়নিক পদাৰ্থবোৰ এটা স্নায়ুকোষৰ এক্সন আৰু ইয়াৰ নিকটৱৰ্তী কোষৰ ডেনড্ৰাইটৰ মাজৰ সংযোগী পথ বা ছাইনেপছ (Synapse ) ৰ মাজেদি পাৰ হৈ আনটো স্নায়ু কোষলৈ প্ৰেৰিত হয় । এনে ধৰণেই আমাৰ দেহত স্নায়ু সংবেদন প্ৰেৰণ হয় ৷ 

এনেধৰণৰ ছাইনেপ্‌ছৰ পৰা স্নায়ু প্ৰেৰণা নিকটৱৰ্তী পেশীকোষ বা গ্রন্থীকোষবোৰলৈও প্ৰেৰিত হ’ব পাৰে ৷ এনেদৰে স্নায়ুকলাৰ স্নায়ুকোষ বা নিউৰন ( neuron ) ৰ দ্বাৰা গঠিত আৰু নিউপনবোৰৰ মাজেদি বৈদ্যুতিক প্ৰেৰণাৰ স্নায়ু অনুভূতি দেহৰ এটা অংশৰ পৰা অন্য এটা অংশলৈ প্ৰেৰণ হয় । 

অথবা , 

উদ্ভিদৰ বৃদ্ধিত অক্সিনে কেনেদৰে অৰিহণা যোগায় ? 

উত্তৰঃ অক্সিনে উদ্ভিদৰ শীৰ্ষ প্রভাৱিত নিয়ন্ত্রণ কৰে । ইয়াৰ অৰ্থ হ’ল অক্সিন কাণ্ড আৰু মূলৰ অগ্ৰস্থ ভাজক কলাৰ কোষত সংশ্লেষিত হৈ সেই অংশতহে উদ্ভিদৰ দীৰ্ঘকৰণ আৰু বৃদ্ধিত প্ৰভাৱ বিস্তাৰ কৰে । অক্সিনে কোষৰ আকাৰ বৃদ্ধি কৰে । উদ্ভিদৰ শিপাৰ অগ্ৰস্থ ভাজক কলাত অক্সিনে প্ৰচুৰ পৰিমাণে সংশ্লেষিত হৈ পার্শ্বীয় শিপা গঠনত সহায় কৰে । অক্সিনে অকালতে গছৰ পাত , ফুল সৰাক বাধা দিয়ে । অক্সিনে উদ্ভিদ কলা পৃথকীকৰণ প্ৰক্ৰিয়াৰে সংবহন কলাতন্ত্রকে ধৰি বিভিন্ন কলাসমূহ গঠন কৰে । 

২৬। দীর্ঘচ্ছেদত এপাহ ফুলৰ চিহ্নত ছবি আঁকা । 

উত্তৰঃ               

২৭। বংশগতি বুলিলে কি বুজায় ? চাৰিত্রিক বৈশিষ্ট্যৰ বংশানুক্রমিক প্ৰৱাহ কেনেকৈ হয় ? 

উত্তৰঃ যি প্ৰক্ৰিয়াৰ দ্বাৰা পিতৃ – মাতৃৰ চাৰিত্রিক বৈশিষ্ট্যবোৰ অপৰিৱৰ্তিত পৰৱৰ্তী জণুলৈ সঞ্চাৰিত হয় তাক বংশগতি বোলে । 

মেণ্ডেলে তেওঁৰ সংক্ৰৰণ পৰীক্ষাত প্রবাহিত কৰা কাৰকবোৰৰ লক্ষণসমূহ ক্ৰ’ম’জ মত থকা জিনবোৰৰ লগত একে । মেণ্ডেলৰ কাৰকবোৰক জিন হিচাপে লৈ কথাটো তলত ব্যাখ্যা কৰা হ’ল― 

এটা চৰিত্ৰৰ বাবে দুটা জিন দুডাল ক্ৰ’ম’জ’মত থাকে । এডাল পিতৃৰ পৰা আহে আৰু আনডাল মাতৃৰপৰা ৷ জননকোষ গঠনৰ সময়ত ক্ৰ’ম’জ’মডালৰ লগত এটা জিনহে এটা জননকোষলৈ যায় । নিষেচনৰ সময়ত জিন দুটা লগ লাগে । তলত মটমাহৰ কাণ্ডৰ উচ্চতা নিৰূপণ জিন দুটাৰ প্ৰবাহ F₁ জণুলৈ দেখুওৱা হ’ল । 

ক্ৰ’ম’জ’মৰ লগত জিনৰ সম্পৰ্ক অধ্যয়ন কৰি গম পোৱা গৈছে যে সমৰূপী ক্ৰ’ম’জ’মবোৰৰ একে ল’কাচত থকা জিনবোৰৰ একে চৰিত্ৰ নিৰ্দেশ কৰে ৷ সমৰূপী ক্ৰ’ম’জ’ম থকা জিন দুটাই যদি বেলেগ বেলেগ লক্ষণ প্রকাশ কৰে তেতিয়া প্ৰভাৱী চৰিত্ৰটো প্ৰকাশ পায় ৷ ওপৰৰ উদাহৰণত F₁ গছবোৰত ওখ আৰু চাপৰ দুয়োটা লক্ষণৰ জিনবোৰ আছে কিন্তু প্রকাশ পাইছে অকল ও খ লক্ষণটোহে ( যিহেতু সেইটো প্ৰভাৱী লক্ষণ ) । 

ওপৰৰ আলোচনাৰ পৰা স্পষ্ট হৈ পৰে যে জিন বংশগতিৰ বাহক । 

অথবা , 

প্ৰজাতিকৰণ বুলিলে কি বুজায় ? নতুন এটা প্ৰজাতিৰ উৎপত্তিৰ কাৰণে কি কি উপাদানে অৰিহণা যোগায় ? 

উত্তৰঃ প্ৰজাতিকৰণ মানে নতুন প্রজাতিৰ উদ্ভাৱন , সূক্ষ্ম ক্রমবিকাশ , বিবর্তন , জিনীয় বিচ্যুতি আদিৰ ফলত নতুন প্রজাতিৰ উদ্ভাৱন হয়।

নতুন এটা প্ৰজাতিৰ উৎপত্তিৰ কাৰণে তলত দিয়া উপাদানসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে– 

( ক ) প্রাকৃতিক বাচনি ।

( খ ) ক্ৰম’জ’মৰ সংখ্যাৰ পৰিবৰ্তন ।

( গ ) সংকৰণ পৰীক্ষাত জিনৰ সাধাৰণ পৰিবৰ্তনে নতুন প্রজাতিৰ ক্ষেত্ৰত ভিন্নতা আনে । 

২৮। এজন মানুহে নিকট দৃষ্টিগ্ৰস্ততাত ভুগিছে । এটা চিহ্নিত চিত্ৰৰ সহায়ত দেখুওৱা কেনেকৈ এই দৃষ্টিৰ ৰিকাৰ সংশোধন কৰিব পৰা যাব ? 

উত্তৰঃ মায়’পিয়াক নিকট দৃষ্টিগ্রস্ততা বুলিও কোৱা হয় । মায়’পিয়া থকা ব্যক্তিয়ে ওচৰৰ বস্তুবোৰ ভালকৈ দেখে কিন্তু দূৰৰ বস্তুবোৰ স্পষ্টকৈ দেখা নাপায় । এই বিকাৰ থকা ব্যক্তিৰ নিকট বিন্দু অসীমতকৈ ওচৰত থাকে ৷ এনে মানুহে কেইমিটাৰমান দূৰলৈকেহে স্পষ্টকৈ দেখে । মায়’পিয়া থকা চকুৱে দূৰৰ বস্তুবোৰৰ প্রতিবিম্ব অক্ষিপটত গঠন নকৰি ৰেটিনাৰ কিছু সন্মুখত ( চিত্ৰত দিয়া হৈছে ) গঠন কৰে । 

এই বিকাৰৰ কাৰণসমূহ হৈছে ―

( ক ) চকুৰ লেন্‌ছৰ অত্যাধিক বক্তৃতা । বা 

( খ ) অক্ষিগোলকৰ দীঘল অৱস্থা । 

উপযুক্ত ক্ষমতাৰ অৱতল লেন্‌ছ ব্যৱহাৰ কৰি এই বিকাৰ প্ৰতিকাৰ কৰিব পাৰি । ইয়াক চিত্ৰত ব্যাখ্যা কৰা হৈছে । 

উপযুক্ত ক্ষমতাৰ অৱতল লেন্‌ছৰ ব্যৱহাৰে প্ৰতিবিম্বটো পুনৰ ৰেটিনালৈ ঘূৰাই আনে আৰু এনেকৈ এই বিকাৰৰ প্ৰতিকাৰ হয় ৷ 

২৯।                     

চিত্ৰত R₁ = 10Ω ,R₂ = 40Ω ,R₃ = 30Ω,R₄ = 20Ω, R₅ = 60Ω হয় আৰু 12v ৰ বেটাৰী এটা সজ্জাটোৰ লগত সংযোগ কৰা হৈছে । 

( a ) বৰ্তনীটোৰ মুঠ ৰোধ । আৰু 

( b ) বর্তনীটোৰ মাজেৰে চালিত মুঠ প্রবাহৰ মান উলিওৱা । 

উত্তৰঃ ধৰা হওক R₁ আৰু R₂ সমান্তৰাল ৰোধককেইটা এটা সমতুল্য ৰোধক R’ ৰ সহায়েৰে সলনি কৰা হ’ল । একেদৰেই R₃,R₄ আৰু R₅ সমান্তৰাল ৰোধককেইটা অন্য এটা সমতুল্য ৰোধক R” ৰে সলনি কৰা হ’ল । তাৰ পিছত সমীকৰণ 12 , 18 ব্যৱহাৰ কৰি 

বৰ্তনীটোৰ মাজেৰে চালিতচ মুঠ প্ৰবাহৰ মান 0.67A 

অথবা , 

এটা 200V ত 100W চিহ্নিত আৰু অন্যটো 220V 360W চিহ্নিত দুটা বৈদ্যুতিক চাকি বৈদ্যুতিক যোগানৰ লগত সমান্তৰালভাৱে সংযোগ কৰা হৈছে । যদি যোগান বিভৱ 200V হয় , বৈদ্যুতিক যোগানৰ পৰা লোৱা প্ৰৱাহৰ মান কিমান ? 

উত্তৰঃ আমি জানো যে , P = V1 ; প্রথম বৈদ্যুতিক চাকি 100W আৰু 220V 

৩০। আমি শক্তিৰ বিকল্প উৎস বিচাৰো কিয় ? এটা অপৰম্পৰাগত শক্তিৰ উৎসৰ নাম লিখা আৰু ইয়াৰ দুটা সুবিধাৰ বিষয়ে উল্লেখ কৰা । 

উত্তৰঃ আমি বর্তমান সময়ত বহুলভাৱে ব্যৱহাৰ কৰা সম্পদবিধ হ’ল জীৱাশ্ম ইন্ধন । কিন্তু জীৱাশ্ম ইন্ধনবোৰ নৱীকৰণ অযোগ্য সম্পদ । ইয়াৰোপৰি এই সম্পদৰ উৎসবোৰ সীমিত । বর্তমান জনসংখ্যাৰ বৰ্দ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি এই সম্পদসমূহৰ সংৰক্ষণৰ সুব্যৱস্থা ল’ব লগা হৈছে । এনে কৰিলেও এটা সময়ত এই সম্পদবোৰ শেষ হৈ যাব । তেতিয়া যান্ত্রিক পৃথিৱীখন স্তব্ধ হৈ পৰিব । এনে নহ’বৰ কাৰণে আমি শক্তিৰ বিকল্প উৎসৰ সন্ধান কৰি আছো । এটা অপৰম্পৰাগত শক্তিৰ উৎস হ’ল :- সৌৰ শক্তি । ইয়াৰ দুটা সুবিধা তলত উল্লেখ কৰা হ’ল— 

( ক ) সৌৰ শক্তি প্রাকৃতিক । ইয়াক যথেষ্ট পৰিমাণে আহৰণ কৰাৰ উপৰি পুনঃ পুনঃ ব্যৱহাৰ কৰিব পাৰি । 

( খ ) এই শক্তিৰ উৎসবোৰ শেষ হৈ নাযায় । যথেষ্ট পৰিমাণে আৰু পুনঃ পুনঃ এইবোৰ ব্যৱহাৰ কৰিব পাৰি । 

৩১। পেলনীয়া আৱৰ্জনাৰ সমস্যাৰ হ্ৰাস কৰিবলৈ তুমি কি পদক্ষেপ গ্রহণ কৰিবা । যিকোনো তিনিটা উপায় উল্লেখ কৰা । 

উত্তৰঃ তলত দিয়া পদ্ধতি ব্যৱহাৰ কৰি পেলনীয়া সামগ্ৰীসমূহৰপৰা হোৱা ক্ষতিসমূহ ৰোধ কৰিব পাৰি— 

( ক ) জৈৱ অপচনশীল বস্তুবোৰ যেনে— প্লাষ্টিক , পলিথিন আদিবোৰ য’তে – ত’তে পেলাই নিদি নির্দিষ্ট এঠাইত জমা কৰি জ্বলাই দিয়া । 

( খ ) জৈৱ অপচনশীল বস্তুবোৰক পুনৰনিৰ্মাণৰ ব্যৱস্থা থাকিলে নতুন দ্ৰব্য প্ৰস্তুত কৰা । 

( গ ) যিবোৰ জৈৱ পচনশীল উপাদান আছে সেইবোৰৰপৰা প্ৰয়োজনীয় জৈৱ গেছ আহৰণৰ বাবে উপযোগী কৰি তোলা । 

৩২। ছডিয়াম আৰু অক্সিজেনৰ ইলেক্ট্রন বিন্দুৰ গঠন লিখা । ইলেক্ট্রন স্থানান্তৰৰ জৰিয়তে Na₂O ৰ গঠন লিখা । এই যোগটোত থকা আয়নসমূহ কি কি ? 

উত্তৰঃ

যৌগটোত থকা আয়নসমূহ Na⁺ আৰু O²⁻ 

অথবা , 

আকৰ কি ? প্রকৃতিত মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নাম লিখা । কপাৰ ধাতুৰ শোধনৰ বিদ্যুৎ পৰিশোধন পদ্ধতিটো চিহ্নিত চিত্ৰৰ সৈতে বৰ্ণনা কৰা । 

উত্তৰঃ আকৰ ( Ores ) :- যিবোৰ খনিজ পদাৰ্থৰ পৰা কম খৰছতে ধাতু বিশুদ্ধ অৱস্থাত আহৰণ কৰিব পাৰি সেই পদাৰ্থবোৰক ধাতুটোৰ আকৰ বুলি কোৱা হয় যেনে— জিংক ব্লেণ্ড জিংকৰ আকৰিক । 

প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা দুটা ধাতু- গোল্ড আৰু ছিলভাৰ ৷ 

কপাৰৰ বিদ্যুৎ বিশ্লেষণত এটা বিদ্যুৎকোষত কপাৰ ছালফেটৰ দ্ৰৱ বিদ্যুৎ বিশ্লেষ্য হিচাপে লোৱা হয় । অশুদ্ধ কপাৰৰ পাত এন’ড হিচাপে আৰু বিশুদ্ধ কপাৰৰ পাত কেথ’ড হিচাপে লোৱা হয় । বিদ্যুৎ চালিত কৰিলে দ্ৰৱত থকা কপাৰৰ আয়নবোৰ কেথ’ডলৈ গতি কৰে আৰু তাৰপৰা ইলেক্ট্রনলৈ ধাতৱীয় কপাৰলৈ পৰিণত হয় আৰু সেই কাৰণে কেথ ডৰ অৱয়বটো বাঢ়ি যায় । আনহাতে এন’উত থকা কপাৰবোৰ দ্ৰৱৰ মাজেদি আহি কেথ’ডত জমা হয় । এনেদৰে এন ‘ ডৰ আয়তনটো কমি গৈ থকা অশুদ্ধ কপাডালত Ag , Au Zn , Pb , Ni আদি অশুদ্ধিবোৰ থাকে । এনেদৰে যিবোৰ ধাতু কপাৰতকৈ বেছি সক্ৰিয়বোৰ দ্ৰৱলৈ আৰু যিবোৰ কম সক্রিয় ধাতু সেইবোৰ বিদ্যুৎকোষটোৰ তলিত এন’ড বোকা হিচাপে জমা হয় । 

এই পদ্ধতিত শোধন কৰা কপাৰ প্ৰায় 99.99 % বিশুদ্ধ হয় । বিদ্যুৎ বিশ্লেষণত ঘটা বিক্রিয়াকেইটা হৈছে– কেথ’ডত Cu² + le → Cu ; এন’ডত Cu → Cu² + 2e 

৩৩। কাৰ্বনৰ কোন দুটা ধৰ্মৰ বাবে অজস্র কার্বন যৌগ পোৱা যায় ? সংপৃক্ত বলয় আকাৰ কাৰ্বন যৌগ আৰু অসংপৃক্ত বলয় আকাৰ কাৰ্বন – যৌগৰ এটাকৈ নাম আৰু গঠন সংকেত লিখা । 

উত্তৰঃ ( ক ) সহযোজী বান্ধনীৰ ধৰ্মৰ বাবে অজস্র কার্বন – যৌগ পোৱা যায় । কার্বনে নিজৰ মাজতে বান্ধনি সৃষ্টি কৰি বৃহৎসংখ্যক অণু গঠন কৰিব পাৰে । এই ধর্মকে কেটিনেচন Catenation ) বুলি কোৱা হয় । যৌগবিলাকত কাৰ্বনৰ দীঘল শৃংখল , শাখা শৃংখল নতুবা চক্ৰীয় শৃংখল পৰিলক্ষিত হয় । তদুপৰি কাৰ্বন পৰমাণুবোৰ এক বান্ধনি , দ্বিবান্ধনি বা ত্ৰিবান্ধনিদ্বাৰা যুক্ত হৈ থাকে । আন কোনো মৌলই কাৰ্বনৰ দৰে কেটিনেচন ধর্ম নেদেখুৱায় । কাৰ্বন পৰমাণুৰ মাজত হোৱা বান্ধনি অর্থাৎ C – C বান্ধনি অতি দৃঢ় আৰু সুস্থিৰ ( Stable ) । ইয়াৰ ফলস্বৰূপে কাৰ্বন পৰমাণুবোৰে ইটো সিটোৰ লগ লাগি অগণন যৌগ গঠন কৰে । 

কেটিনেচন ধৰ্ম :- কাৰ্বনে নিজৰ মাজত বান্ধনি সৃষ্টি কৰি বৃহৎসংখ্যক অণু গঠন কৰিব পাৰে –

( খ ) যিহেতু কাৰ্বনৰ যোজ্যতা চাৰি গতিকে ই আন চাৰিটা কার্বন অথবা অন্য একযোজী মৌলৰ পৰমাণুৰ লগত সহযোজী বান্ধনি গঠন কৰিব পাৰে । অক্সিজেন , হাইড্ৰ’জেন , নাইট্ৰ’জেন , ছালফাৰ , ক্ল’ৰিন আৰু বহুতো মৌলৰ লগত কাৰ্বন লগ লাগি বহুতো যৌগ গঠন ধৰ্ম বিশেষকৈ নিৰ্ভৰ কৰে এই অনা – কার্বন মৌলটোৰ ওপৰত । 

চতুর্সহযোজ্যতা :- যিহেতু কাৰ্বনৰ যোজ্যতা চাৰি গতিকে ই অন্য একযোজী মৌলৰ লগত সহযোজী বান্ধনি গঠন কৰিব পাৰে । যেনেঃ CH₃ CI ক্ল’ৰমিথেন । সংপৃক্ত বলয় আকাৰ কাৰ্বন যৌগ ছাইক্ল’হেক্সেন

অসংপৃক্ত বলয় আকাৰ কাৰ্বন যৌগ বেনজিন 

অথবা, 

ইথানয়িক এছিড কোন শ্রেণীৰ এছিডৰ অন্তর্ভুক্ত ? ইথানয়িক এছিডে ইথানল আৰু ছডিয়াম কার্বনেটৰ লগত বিক্ৰিয়া কৰিলে কি হয় ? ৰাসায়নিক বিক্রিয়াকেইটা লিখা । 

উত্তৰঃ ইথানয়িক এছিড কার্বক্সিলিক এচিডৰ অন্তর্ভুক্ত । ইথায়নিক এছিডে ইথানল আৰু ছডিয়াম কার্বনেটৰ লগত বিক্ৰিয়া কৰিলে – গঠন কৰিব পাৰে ।

৩৪। মানুহৰ ৰেচন তন্ত্ৰৰ অংশসমূহৰ নাম লিখা ৷ মূত্ৰ উৎপন্ন আৰু বৰ্জন প্ৰক্ৰিয়াৰ বিষয়ে লিখা । 

উত্তৰঃ মানুহৰ ৰেচন তন্ত্ৰৰ অংগসমূহ হ’ল— বৃক্ক , মুত্ৰনলী , মুত্রথলী আৰু মূত্রপথ । 

উত্তৰঃ বৃক্ক মানুহৰ উদৰ গহ্বৰৰ অগ্ৰাংশৰ পৃষ্ঠভাগত ৰাজহাড়ৰ দুয়োকাষে থকা উৰহি গুটি সদৃশ অংগ ৷ ইয়াৰ হাইলাচ অংশৰে ৰক্তনলী, স্নায়ু আৰু মূত্ৰনলী বৃক্কৰ ভিতৰলৈ সোমায় ৷ বৃক্কৰ ভিতৰত ৰেনেল পিৰামিডবোৰৰ ভিতৰত থকা নেফ্ৰ’নবোৰে তেজত থকা বৰ্জনীয় পদাৰ্থবোৰ পৰিস্ৰাৱণ কৰি বৃক্কীয়নলী , সংগ্রাহক নলী আৰু সংগ্ৰাহক নলীৰে ওলাই গৈ মূত্ৰনলীত জমা হয় । 

মূত্ৰনলী :- বৃক্কৰ হাইলাম অংশৰ পৰা মূত্রনলী ওলাই যায় ৷ মূত্রনলীৰ দ্বাৰা মূত্ৰ মূত্ৰপথলৈ প্ৰৱাহিত হয় । 

মূত্রথলী :- বৃক্কত ৰক্ত পৰিস্ৰাৱণ হৈ উৎপন্ন হোৱা মূত্ৰনলীৰে আহি মূত্রথলীত জমা হয় আৰু নির্দিষ্ট সময়ৰ অন্তৰত ইয়াৰ পৰা নিষ্কাষণ হয়। 

মূত্ৰপথ :- মূত্ৰ থলীৰ পৰা মূত্ৰ মত্ৰপথেৰে নিষ্কাষণ হয় । 

অথবা

উচ্চখাপৰ উদ্ভিদৰ পৰিবহন তন্ত্ৰৰ অংগসমূহ কি কি ? উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ কেনেদৰে পৰিবহণ হয় ? উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ পৰিবহণত ৰাষ্পমোচন প্ৰক্ৰিয়াৰ ভূমিকা কি ? 

উত্তৰঃ উচ্চক্তৰৰ উদ্ভিদৰ সংবহন বা পৰিবহন তন্ত্ৰটো জাইলেম (Xylem ) আৰু ফ্ল’ৱেম ( Phloem ) নামৰ দুবিধ কলাৰ দ্বাৰা গঠিত । 

উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ পৰিবহণ :- উদ্ভিদৰ দেহত পানী আৰু খনিজ পদাৰ্থৰ পৰিবহণ জাইলেম কলাৰদ্বাৰা সংঘটিত হয় । উদ্ভিদৰ শিপাই মূল ৰোমে শোষণ কৰা পানী আৰু খনিজ লৱণ দ্ৰৱখিনি শিপাৰ বহিঃস্তকৰপৰা জাইলেম কলালৈকে অৱশোষণ , আসৃতি আৰু ব্যাপন আদি প্ৰক্ৰিয়াৰে পৰিবাহিত হয় । উদ্ভিদৰ কাণ্ডত থকা জাইলেম কলাৰে পানী আৰু খনিজ লৱণৰ গতি ঊর্দ্ধমুখী । এই গতিকে বা ৰসাৰোহণ ৰসোণ্ডলন বোলে ৷ এই ৰসোগুলিত পানী আৰু খনিজ লৱণে উদ্ভিদ দেহৰ বিভিন্ন অংগৰ বৃদ্ধিত সহায় কৰে বা বিভিন্ন প্ৰক্ৰিয়াৰে পৰিপুষ্টি সাধনত গুৰুত্বপূৰ্ণ ভূমিকা লয় । উদ্ভিদে বিভিন্ন উপায়েৰে ইয়াৰ দেহৰ পৰা অলাগতিয়াল পদার্থসমূহ উলিয়াই দিয়ে— 

( ক ) ই দেহৰ পৰা অলাগতিয়াল পানী ভাগ প্রস্বেদনৰ দ্বাৰা উলিয়াই দিয়ে । 

( খ ) ই কিছুমান বিজতৰীয়া পদাৰ্থ আঠা আৰু উপক্ষাৰ হিচাপেও উলিয়াই দিয়ে । 

( গ ) উদ্ভিদ কিছুমান বিজতৰীয়া পদাৰ্থ শিপাৰে মাটিলৈ এৰি দিয়ে । 

( ঘ ) পত্ৰৰন্ধ্ৰ আৰু চৰ্মৰন্ধ্ৰৰেও কিছুমান পদার্থ দেহৰ পৰা উলিয়াই দিয়ে। 

( ঙ ) ই কিছুমান অলাগতিয়াল পদার্থ ফল , পাত বা কাণ্ডতো সঞ্চিত কৰি ৰাখে । 

৩৫। গাড়ীৰ পিছলৈ চোৱা দাপোণ হিচাপে উত্তল দাপোণ কিয় ব্যৱহাৰ কৰা হয় ? বাহন এখনৰ পিছলৈ চোৱা উত্তল দাপোণ এখনৰ ভাঁজ ব্যাসাদ্ধ 4 ছেঃমিঃ । দাপোণখনৰ পৰা 4 ছেঃমিঃ দূৰত্বত এখন বাছ আছে । বাছখনৰ প্ৰতিবিম্বৰ স্থান নির্ণয় কৰা৷ 

উত্তৰঃ উত্তল দাপোণে গঠন কৰা প্ৰতিবিম্ব থিয় আৰু লক্ষ্যবস্তুৰ তুলনাত সৰু হয় যান – বাহনত বিবর্তক দাপোণ হিচাপে উত্তল দাপোণ ব্যৱহাৰ কৰা হয় । উত্তল দাপোণে গঠন কৰা প্ৰতিবিম্ব থিয় আৰু লক্ষ্য বস্তুৰ তুলনাত সৰু হয় ৷ তদুপৰি এনে দাপোণত এটা বৃহৎ অঞ্চলৰ প্ৰতিবিম্ব গঠন হয় , এনেবোৰ গাড়ীৰ পিছফালে চাবলৈ উত্তল দাপোণ ব্যৱহাৰ কৰা হয় । দাপোণখন চালকৰ সন্মুখত স্থাপন কাৰ হয় যাতে পিছৰ পিনে বহু দূৰলৈকে বিস্তৃত হৈ থকা সকলো বস্তু চালকে চাব পাৰে । 

প্রতিবিম্বৰ স্থান নির্ণয় :-  

                         ভাঁজ ব্যাসার্ধ R = 4m

                         লক্ষ্য বস্তুৰ দূৰত্ব u = -5m 

প্রতিবিম্বৰ

অথবা , 

পানীৰ প্ৰতিসৰণাংক 1.33 । এই উক্তিটোৰ অৰ্থ কি ? 10cm উচ্চতাৰ বস্তু এটা 10cm ফ’কাছ দৈৰ্ঘ্যৰ উত্তল লেন্‌ছ এখনৰ মুখ্য অক্ষৰ লম্বভাৱে ৰখা হ’ল । লেন্‌ছৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব 15cm । প্রতিবিম্বৰ প্রকৃতি , অৱস্থান , আকাৰ আৰু বিবর্ধন উলিওৱা । 

উত্তৰঃ পানীৰ প্ৰতিসৰণাংক 1.33 । ইয়াৰ অৰ্থ এয়ে যে বায়ুত পোহৰৰ দ্ৰুতি আৰু পানীৰ পোহৰৰ দ্ৰুতিৰ অনুপাত 1.33 ; লক্ষ্যবস্তুৰ উচ্চতা h = + 2.0 ছেঃমিঃ ; ফ’কাছ দৈর্ঘ্য f = + 10 ছেঃমিঃ ; লক্ষ্যবস্তুৰ দূৰত্ব = -15 ছেঃমিঃ ; প্রতিবিম্বৰ দূৰত্ব v = ? প্রতিবিম্বৰ উচ্চতা h ‘ = ?;

v ৰ ধনাত্মক চিহ্নই বুজায় যে প্রতিবিম্বটো আলোেক কেন্দ্ৰৰ আনটো ফালে 30 ছেঃমিঃ দূৰত্বত গঠন হ’ব । প্রতিবিম্বটো সৎ আৰু ওলোটা।

m আৰু h ‘ ৰ ঋণাত্মক চিহ্নই বুজায় যে প্রতিবিম্বটো সৎ আৰু ওলোটা । ই মুখ্য অক্ষৰ তলৰ ফালে গঠন হ’ব । অর্থাৎ 4 ছেঃমিঃ উচ্চতাৰ এটা সৎ আৰু ওলোটা প্রতিবিম্ব লেন্‌ছখনৰ আনটো ফালে 30 ছেঃমিঃ দূৰত্বত গঠন হ’ব । প্রতিবিম্বটো দুগুণে বিবর্ধিত ।

৩৬। অর্থনৈতিকভাবে ক্ষতি নোহোৱাকৈ আৰু বিকাশ সাধিব পৰাকৈ প্ৰাকৃতিক সম্পদসমূহ ব্যৱহাৰ কৰাৰ পাঁচটা উপায় লিখা । 

উত্তৰঃ অর্থনৈতিকভাৱে ক্ষতি নোহোৱাকৈ আৰু বিকাশ সাধিব পৰাকৈ প্ৰাকৃতিক সম্পদসমূহ ব্যৱহাৰ কৰাৰ পাঁচটা উপায় হ’ল— 

( ক ) সমগ্র বানাঞ্চলৰ পৰা আহৰণ কৰা বনজ সম্পদসমূহ অর্থনৈতিক আৰু সামাজিক বিকাশৰ বাবে ব্যৱহাৰ কৰিব পাৰিলে লগতে পূৰ্ণবনানীকৰণ কৰিলে বনাঞ্চলবোৰ ৰক্ষা হ’ব 

( খ ) পৰ্যটকৰ বাবে মুকলি হোৱা বনাঞ্চলবোৰ যাতে বিনষ্ট নহয় তাৰবাবে পর্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব । 

( গ ) প্রাকৃতিক সম্পদৰ অংশীদাৰসকলৰ বাবে যিবোৰ বনজ সম্পদ উদ্যোগৰ কাৰণে ক্ৰয় কৰা হয় , তাৰ যথাযথ মূল্য অংশীদাসমূহক দিব লাগিব। ফলত তেওঁলোকে বনজ সম্পদবোৰৰ যত্ন ল’ব । 

( ঘ ) গাঁওবাসীক বৃক্ষৰোপণ আৰু সম্পদ চপোৱাৰ কাৰণে নিয়োগ কৰিলে তেওঁলোকে বনাঞ্চলবোৰ পুনৰুদ্ধাৰ কৰাত সহায় কৰিব । 

( ঙ ) গাঁওবাসী আৰু বনবিভাগৰ কৰ্মচাৰীসকলৰ মাজত সু – সম্পর্ক গঢ়ি উঠিলে বনাঞ্চলসমূহ ঠিকাদাৰৰ দ্বাৰা ধ্বংস কৰাৰ পৰা ৰক্ষা কৰিব পৰা যাব । 

অথবা 

কোৱা হয় , শক্তি সংৰক্ষণেই আসন্ন শক্তি সংকটৰ পৰা মুক্ত হোৱাৰ চাবি-কাঠি । শক্তিৰ ব্যৱহাৰ হ্ৰাসকৰণৰ পাঁচটা পৰামৰ্শ আগবঢ়োৱা । 

উত্তৰঃ শক্তিৰ বৰ্দ্ধিত চাহিদা বিশেষকৈ জীৱাশ্ম ইন্ধন কয়লা , পেট্ৰ’লিয়ামৰ ওপৰত বিশেষভাৱে পৰিলক্ষিত হয় । শক্তিৰ এই উৎসবোৰ নবীকৰণ অযোগ্য । ইয়াৰোপৰি ইয়াৰ দহনে বায়ুপ্ৰদূষণ কৰে৷এচিডিক অক্সাইডৰ নিঃসৰণৰ ফলত এচিভ বৰষুণ হয় । এচিড বৰষুণে মাটি আৰু পানীৰ প্ৰদূষণ বঢ়ায় । ইয়াৰোপৰি জীৱাশ্ম ইন্ধন দহনৰ ফলত সৃষ্টি হোৱা CO₂ গেছে সেউজ গৃহত প্ৰভাৱ পেলায় , যিটোৱে গোলকীয় উত্তাপ বৃদ্ধিত যথেষ্ট পৰিমাণে প্ৰভাৱ পেলাইছে । কয়লাৰ দহনৰ ফলত সৃষ্টি হোৱা অৱশিষ্টবোৰ পেলাবৰ বাবে এটা ডাঙৰ সমস্যাৰ সৃষ্টি হয় । ই পৰিৱেশৰ বিস্তাৰ ক্ষতি সাধন কৰে । 

শক্তিৰ ব্যয় ৰোধ কৰিলে আমি আটায়ে এটা সুন্দৰ জীৱন – যাপন কৰিব পাৰিম । উদাহৰণস্বৰূপে এটা বন্ধ কোঠাত এয়াৰ কুলাৰ ব্যৱহাৰৰ পৰিৱৰ্তে যদি কোঠাটোত পর্যাপ্ত খিৰিকী ৰখা হয় , তেতিয়া শক্তিৰ অযথা ব্যয় হ্ৰাস হ’ব । এই ক্ষেত্ৰত আমি আটায়ে সচেতন হ’ব লাগিব । 

যদি আমি পৰিকল্পিতভাৱে যথেষ্ট পৰিমাণে উদ্ভিদ ৰোপণ কৰো তেন্তে ইয়াৰপৰা আমি যথেষ্ট পৰিমাণে শক্তি আহৰণ কৰিব পাৰো । তদুপৰি আমি গৰু – ছাগলী আদি পোহনীয়া জন্তুৰপৰা লাভ কৰা গোবৰৰপৰা গোবৰ গেছ লাভ কৰিব পাৰো । 

শক্তিৰ ব্যৱহাৰ হ্ৰাসকৰণৰ পাঁচটা পৰামৰ্শ তলত দিয়া হ’ল— 

( ক ) আমি বৈদ্যুতিক শক্তিৰ পৰিৱৰ্তে সৌৰশক্তিৰ ব্যৱহাৰ কৰিব পাৰো ৷ 

( খ ) গাড়ীৰ সলনি চাইকেল ব্যৱহাৰ কৰিব পাৰো। 

( গ ) ঘৰত নথকা অৱস্থাত বিদ্যুতৰ সংযোগবোৰ বিচ্ছিন্ন কৰি থোৱা উচিত । 

( ঘ ) আমি নৱীকৰণযোগ্য শক্তিৰ উৎসবোৰ বেছিকৈ ব্যৱহাৰ কৰা উচিত । 

( ঙ ) বৰষুণৰ পানী সংৰক্ষণ কৰি বৈদ্যুতিক মটৰৰ ব্যৱহাৰ কম কৰিব পাৰো ৷

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top