শৰৎচন্দ্ৰ গোস্বামী (Sarat Chandra Goswami) আছিল এজন বিশিষ্ট অসমীয়া সাহিত্যিক, শিক্ষাবিদ, সংগঠক আৰু গৱেষক। তেওঁ অসম সাহিত্য সভাৰ বীজ ৰূপে বিবেচিত যোৰহাট সাহিত্য সভাৰ প্ৰতিষ্ঠা কৰিছিল আৰু অসম সাহিত্য সভাৰ প্ৰথম সম্পাদকৰূপে বহুদিন কাৰ্যনিৰ্বাহ কৰিছিল। সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰত তেওঁৰ অৱদান যুগান্তকাৰী হিচাপে পৰিগণিত হয়।

- নাম: শৰৎচন্দ্ৰ গোস্বামী
- জন্ম তাৰিখ: ১২ মে’, ১৮৮৭
- জন্মস্থান: নলবাৰী, অসম
- মৃত্যু: ১৯ ডিচেম্বৰ, ১৯৪৪ (বয়স – ৫৭ বছৰ)
- পেচা: সাহিত্যিক, শিক্ষাবিদ আৰু গৱেষক
- ভাষা: অসমীয়া
- ৰাষ্ট্ৰীয়তা: ভাৰতীয়
- নাগৰিকত্ব: ভাৰত
শৰৎচন্দ্ৰ গোস্বামীৰ জন্ম আৰু পৰিয়াল | Sarat Chandra Goswami Birth and Family
শৰৎচন্দ্ৰ গোস্বামীৰ জন্ম ১৮৮৭ চনৰ ১২ মে’ তাৰিখে নলবাৰী জিলাৰ নাৰায়নপুৰ সত্ৰত (বৰ্তমান নলবাৰী সত্ৰ) হৈছিল। তেওঁৰ পিতৃ ললিতচন্দ্ৰ গোস্বামী ওৰফে লম্বোদৰ গোস্বামী আছিল এজন খ্যাতনামা পুথি-লেখক, যি ‘কেলি-ৰহস্য’ নামৰ অসমীয়া পদ-পুথিৰ ৰচয়িতা আছিল। মাতৃ আছিল মুকুন্দপ্ৰিয়া দেৱী। পৰিয়ালৰ পৰা সাহিত্যিক ধাৰা লাভ কৰি তেওঁ কৈশোৰতে সাহিত্যত আগ্ৰহ প্ৰকাশ কৰে।
শৰৎচন্দ্ৰ গোস্বামীৰ শিক্ষাজীৱন | Education Life of Sarat Chandra Goswami
তেওঁৰ প্ৰাথমিক শিক্ষা আৰম্ভ হৈছিল ঘৰতে, মাটিৰাম দাস নামৰ এজন ব্যক্তিৰ নিকটত। ১৮৯৭ চনত মজলীয়া স্কুলত ভৰ্তি হৈছিল আৰু ১৯০০ চনত নলবাৰী মাইনৰ স্কুলৰ পৰা বৃত্তি পৰীক্ষাত অসমৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছিল।
তৎপৰলৈ কটন কলেজিয়েটত ভৰ্তি হৈ ১৯০৪ চনত সফলতাৰে উত্তীৰ্ণ হয়। তাৰপিছত কটন মহাবিদ্যালয় আৰু পাছত কলকাতাৰ মেট্ৰোপলিটান (বৰ্তমান বিদ্যাসাগৰ) কলেজত বি.এ. পাঠ গ্ৰহণ কৰে।
১৯০৮ চনত বি.এ. উত্তীৰ্ণ হৈ এম.এ. (সংস্কৃত) শাখাত নামভৰ্তি কৰে। উল্লেখযোগ্য যে, এফ.এ. পৰীক্ষাত অসমীয়া ভাষাৰ ভিতৰত প্ৰথম স্থান লাভ কৰি বৃত্তি আৰু স্বৰ্ণপদক অৰ্জন কৰিছিল।
শৰৎচন্দ্ৰ গোস্বামীৰ চাকৰি জীৱন | Education Life of Sarat Chandra Goswami
১৯০৮ চনত নগাঁৱত ডেপুটী ইন্সপেক্টৰ হিচাপে অস্থায়ী নিযুক্তি লাভ কৰে। তাৰপিছত মঙ্গলদৈ, যোৰহাট, গুৱাহাটী আৰু ঢাকা ট্ৰেইনিং কলেজত কাৰ্যনিৰ্বাহ কৰে।
১৯১৫ চনত যোৰহাটৰ নৰ্মাল স্কুলৰ অধীক্ষকৰূপে নিযুক্তি লাভ কৰে আৰু তাৰ পিছতেই ১৯২৮ চনত অসম উপত্যকাৰ বিদ্যালয়সমূহৰ ইন্সপেক্টৰ পদত উন্নীত হয়। অৱসৰৰ আগলৈকে তেওঁ জনশিক্ষাৰ বিষয়াৰূপে নানা দায়িত্ব সুচাৰুৰূপে পালন কৰি ১৯৪৩ চনত অৱসৰ গ্ৰহণ কৰে।
শৰৎচন্দ্ৰ গোস্বামীৰ সাহিত্যিক জীৱন | Literary Life of Sarat Chandra Goswami
শৰৎচন্দ্ৰ গোস্বামী ছাত্ৰ অৱস্থাতেই সাহিত্য চর্চা আৰম্ভ কৰে। ১৯০৫ চনত তেওঁৰ প্ৰথম গল্প “যাত্ৰী” প্ৰকাশ পায়। কলকাতাত পঢ়ি থাকোতে এ.এচ.এল. ক্লাবৰ গল্প প্ৰতিযোগিতাত পদক লাভ কৰিছিল।
তেওঁ “জোনাকী”, “বাঁহী”, “উষা”, “আলোচনী”, “আসাম-বান্ধৱ” আদি আলোচনীত নিয়মিতভাৱে গল্প আৰু প্ৰবন্ধ লিখিছিল। তেওঁ ‘অংকুৰ’ নামৰ এটি হাতে-লিখা আলোচনী সম্পাদনা কৰিছিল।
চুটিগল্পৰ উপৰিও নাটক, কবিতা, গীত, শিশু সাহিত্য আদিতো তেখেতৰ অবদান আছে। তেওঁৰ একমাত্ৰ উপন্যাস পানিপথ “বাঁহী” আলোচনীত খণ্ড খণ্ডকৈ প্ৰকাশিত হৈছিল। নাট্যকৃষিত ‘পৰীক্ষা’ আৰু ‘বুদ্ধদেৱ’ নামৰ নাটক দুটা উল্লেখযোগ্য।
Read also: Hem Barua Biography | হেম বৰুৱাৰ জীৱনী
শৰৎচন্দ্ৰ গোস্বামীৰ অসম সাহিত্য সভাৰ সৈতে সম্পৰ্ক
অসম সাহিত্য সভাৰ ইতিহাসত শৰৎচন্দ্ৰ গোস্বামীৰ নাম স্বৰ্ণাক্ষৰে লিখা হবই। তেওঁ ১৯২০ চনত গঠিত যোৰহাট সাহিত্য সভাৰ নেতৃত্ব লৈ অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা কৰে আৰু ১৯২০ৰ পৰা ১৯২৭ চনলৈ সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰে। এই সময়ছোৱাত তেওঁ সাহিত্যিক আৰু সাংগঠনিক দিশত এক নতুন অধ্যায় আৰম্ভ কৰিছিল।
শৰৎচন্দ্ৰ গোস্বামীৰ প্ৰধান ৰচনাসমূহ
তেওঁৰ লিখা বহুতো গ্ৰন্থ, গল্প আৰু প্ৰবন্ধ প্ৰকাশ পায়। তলত তেওঁৰ কিছু উল্লেখযোগ্য ৰচনাৰ তালিকা দিয়া হ’ল:
- গল্পাঞ্জলি (১৯১৪)
- ময়না (১৯২০)
- বাজিকৰ (১৯৩০)
- পৰিদৰ্শন (১৯৫৬) – মৰণোত্তৰ প্ৰকাশ
- গল্পমালা (১৯৮৭) – মৰণোত্তৰ প্ৰকাশ
- পানিপথ (১৯৩০) – একমাত্ৰ উপন্যাস
- অসমীয়া সাধুকথা (১৯২৯)
- পেৰিক্লিচ্ (১৯২৫)
ইয়াৰ উপৰিও তেওঁ প্ৰায় ১১টা কবিতা, ৫টা ব্যংগ কবিতা, আৰু ৪৩টা কণিকা কবিতা ৰচনা কৰি গৈছে। ইংৰাজীত লিখা প্ৰবন্ধো আছে।
মৃত্যু
শৰৎচন্দ্ৰ গোস্বামীৰ দীৰ্ঘ আৰু গৌৰৱোজ্জ্বল জীৱনৰ অন্ত ১৯৪৪ চনৰ ১৯ ডিচেম্বৰত হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৭ বছৰ।
উপসংহাৰ
শৰৎচন্দ্ৰ গোস্বামী আছিল এক গভীৰ চিন্তক, সুদক্ষ সংগঠক আৰু প্ৰতিভাধৰ সাহিত্যিক। অসমীয়া সাহিত্য, শিক্ষা আৰু সাংগঠনিক দিশত তেওঁৰ অবদান অতুলনীয়। তেওঁ যি বীজ ৰোপন কৰিছিল, সেইটো আজিও সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰত ফলবতী হৈ আছে। তেওঁৰ জীৱন আৰু কৰ্ম অসমীয়া সমাজৰ বাবে এক দীপ্তিমান অনুপ্ৰেৰণা।
FAQs
1.শৰৎচন্দ্ৰ গোস্বামীৰ জন্ম কেতিয়া আৰু ক’ত হৈছিল?
A: ১৮৮৭ চনৰ ১২ মে’ তাৰিখে নলবাৰী জিলাৰ নাৰায়নপুৰ সত্ৰত (বৰ্তমান নলবাৰী সত্ৰ) জন্মগ্ৰহণ কৰে।
2. শৰৎচন্দ্ৰ গোস্বামীৰ পিতৃ-মাতৃৰ নাম কি আছিল?
A: পিতৃ আছিল ললিতচন্দ্ৰ গোস্বামী ওৰফে লম্বোদৰ গোস্বামী আৰু মাতৃ আছিল মুকুন্দপ্ৰিয়া দেৱী।
3. শৰৎচন্দ্ৰ গোস্বামীৰ শিক্ষা জীৱন ক’ত আৰম্ভ হৈছিল?
A: তেওঁৰ প্ৰাথমিক শিক্ষা ঘৰতে মাটিৰাম দাস নামৰ এজন শিক্ষকৰ ওচৰত আৰম্ভ হৈছিল।
4. তেওঁ কোনটো বৃত্তি পৰীক্ষাত প্ৰথম স্থান লাভ কৰিছিল?
A: ১৯০০ চনত নলবাৰী মাইনৰ স্কুলৰ পৰা বৃত্তি পৰীক্ষাত অসমৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছিল।
5. তেওঁ কোনবোৰ শিক্ষানুষ্ঠানত অধ্যয়ন কৰিছিল?
A: কটন কলেজ, কটন মহাবিদ্যালয় আৰু কলকাতাৰ মেট্ৰোপলিটান (বৰ্তমান বিদ্যাসাগৰ) কলেজত অধ্যয়ন কৰিছিল।
6. শৰৎচন্দ্ৰ গোস্বামীয়ে কেতিয়া আৰু ক’ত প্ৰথম চাকৰি পাইছিল?
A: ১৯০৮ চনত নগাঁৱত ডেপুটী ইন্সপেক্টৰ হিচাপে অস্থায়ী নিযুক্তি লাভ কৰিছিল।
Read also: Dr. Nagen Saikia Biography | ড° নগেন শইকীয়াৰ জীৱনী

My self Mahezubin Saikia. Working in Dev Library as a Content Writer. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Health, Finance, Biography, Quotes, Study Materials, and more.






