চৰকাৰী নীতি কি? সংজ্ঞা, প্ৰাসংগিকতা, বৈশিষ্ট্য, ভাৰতত চৰকাৰী নীতি প্ৰস্তুতকৰণৰ মুখ্য নিৰ্ধাৰক, আৰ্হি, চৰকাৰী নীতি গ্ৰহণত বিভিন্ন মন্ত্ৰালয়ৰ ভূমিকা – What is Public Policy? Definition, Relevance, Key determinants of Public Policy formulation in India, Models, Roles of differents Ministers in policy making process

আৰম্ভনি (Meaning)
সাধাৰণতে চৰকাৰী নীতি বুলিলে এক অৰ্থত চৰকাৰে জনকল্যান সাধনৰ বাবে গ্রহণ কৰা কাযাৱালীসমূহকে বুজা যায়। চৰকাৰে ৰাষ্ট্ৰৰ অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক এই সকলো দিশ বিজ্ঞানসন্মত দৃষ্টিভংগীৰে পৰ্যালোচনা কৰি গ্রহণ কৰা কিছুমান নীতিকে চৰকাৰী নীতি বুলি কোৱা হয়। এইসমূহৰ উদ্দেশ্য হৈছে জনসাদাৰণৰ সমস্যাসমূহৰ সমাধান কৰা।
চৰকাৰী নীতিৰ সংজ্ঞা (Definition of Public Policy)
1. Robert Eye Stone-ৰ মতে, চৰকাৰী সিদ্ধান্ত হ’ল চৰকাৰ আৰু ইয়াৰ অংগসমূহৰ লগত থকা পৰিৱেশৰ সম্পৰ্ক।
2. Thomas R. Dye-ৰ মতে, “চৰকাৰী সিদ্ধান্তসমূহ হ’ল এখন চৰকাৰে কৰিম বুলি লোৱা বা যিকোনো কাম নকৰিম বুলি লোৱা সিদ্ধান্ত।”
3. Richard Rose-ৰ মতে, “চৰকাৰী নীতিয়ে কোনোধৰণৰ সিদ্ধান্তক নুবুজায় ই সিদ্ধান্তৰ সলনি কিছুমান কামক নির্দেশ কৰে।”
চৰকাৰী নীতিৰ ধাৰণা (Concept of Public Policy)
‘চৰকাৰী নীতি’ এই ধাৰণাটো পোনপ্রথমে Harold Lasswell-এ ব্যৱহাৰ কৰিছিল। তেওঁ জনসাধাৰণৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজনৈতিক সিদ্ধান্ত গ্রহণৰ অৰ্থে চৰকাৰী নীতিৰ ধাৰণাটো প্রয়োগ কৰিছিল। অৱশ্যে আমেৰিকা যুক্তৰাষ্ট্ৰ, গ্রেটব্রিটেইন, কানাডাকে প্রমুখ্য কৰি বহুতো ইউৰোপীয় ৰাষ্ট্ৰই চৰকাৰী নীতি ধাৰণাটোৰ গুৰুত্ব আলোচনা কৰিছিল। যিহেতু প্ৰত্যেক গণতান্ত্রিক ৰাষ্ট্ৰই জনসাধাৰণৰ প্ৰয়োজনীয়তা আৰু সমস্যা সমাধানৰ অৰ্থে নিজস্ব ৰাজনৈতিক আদৰ্শক সাৰোগত কৰি চৰকাৰী নীতি নির্ধাৰণ কৰে, সেয়েহে গৱেষক, চিন্তাবিদসকলে চৰকাৰী নীতি প্রস্তুত, ৰূপায়ণ আৰু ফলাফলৰ গুৰুত্ব সম্পৰ্কত গৱেষণা কৰি ধাৰণাটোৰ বিকাশত অৰিহণ যোগাইছে। গুৰুত্বপূৰ্ণ কথা এই যে প্রত্যেক ৰাষ্ট্ৰব্যৱস্থাতে চৰকাৰী নীতিৰ ওপৰত বিজ্ঞানসন্মত দৃষ্টিভংগীৰে অধ্যয়ন আৰু পৰ্যালোচনা কৰি আহিছে।
উদাহৰণস্বৰূপে, ভাৰতবৰ্ষত জনসাধাৰণৰ কল্যাণৰ অৰ্থে গ্ৰহণ কৰা চৰকাৰী নীতিসমূহৰ ওপৰত বিজ্ঞানসন্মত অধ্যয়ন আৰু পদ্ধতিগতভাৱে গৱেষণা কৰি যোগাত্মক আৰু বিয়োগাত্মক দিশসমূহ আলোচনা কৰি আহিছে। বহু গৱেষকে কৰা গৱেষণাৰ ফল হিচাপে চৰকাৰী নীতিসমূহৰ ক্ষেত্ৰত সংশোধন তথা পৰিৱৰ্তন কৰিবলৈ চৰকাৰে সিদ্ধান্ত গ্রহণ কৰা দেখা পোৱা যায়।
চৰকাৰী নীতিৰ প্ৰাসংগিকতা (Relevance of Public Policy)
এখন দেশৰ আৰ্থ-সামাজিক বিকাশৰ ভেটি নির্মাণ হয় চৰকাৰী নীতিসমূহৰ প্ৰয়োগৰ দ্বাৰা। প্রত্যেক দেশে নীতি নির্ধাৰণৰ ক্ষেত্ৰত অতীত আৰু বৰ্তমানৰ ৰাজনৈতিক, অর্থনৈতিক, সামাজিক, সাংস্কৃতিক পৰিৱেশ আৰু পৰিস্থিতিৰ দ্বাৰা প্ৰভাৱিত হৈ নিৰ্ধাৰণ কৰে। একেদৰে দেশখনৰ ঐতিহাসিক বিৱৰ্তন তথা ৰাষ্ট্ৰ ব্যৱস্থাৰ বিকাশৰ ক্ষেত্ৰত সংঘটিত পৰিঘটনাই বিশেষ প্রভাৱ পেলায়। উদাহৰণস্বৰূপে ঔপনিৱেশিকতাৰ কবলৰ পৰা স্বাধীনতা লাভ কৰা ভাৰতবৰ্ষকে প্ৰমুখ্য কৰি অন্যান্য ৰাষ্ট্ৰসমূহৰ চৰকাৰী নীতি প্রণয়নৰ ভাবাদর্শ (Ideology) গ্রেটব্রিটেইন, ফ্রান্স আদি দেশৰ ৰাজনৈতিক ভাবাদৰ্শৰ লগত অমিল হোৱাটো স্বাভাৱিক। একেদৰে ইউৰোপীয় ৰাষ্ট্ৰসমূহৰ চৰকাৰী নীতি প্রণয়নৰ উদ্দেশ্যৰ লগত তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহৰ ভিন্ন হোৱাটো স্বাভাৱিক। কিন্তু প্রত্যেক দেশেই ৰাষ্ট্ৰীয় স্বার্থক (National Interest) সাৰোগত কৰি চৰকাৰী নীতি গ্রহণ আৰু ৰূপায়ণ কৰে। ইয়াৰ দ্বাৰাই দেশখনৰ প্ৰগতিৰ ৰেহ-ৰূপ নির্ধাৰণ কৰা হয়। একবিংশ শতিকাত প্রত্যেক ৰাষ্ট্ৰই ভিন্ন লক্ষ্য আৰু উদ্দেশ্যৰে চৰকাৰী নীতি নির্ধাৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। একেসময়তে চৰকাৰী নীতিৰ প্ৰাসংগিকতাৰ প্রশ্নও উত্থাপিত হৈছে।
(ক) অৰ্হতা বৃদ্ধি: নীতিসমূহ দেশৰ সামগ্ৰিক উন্নয়ন আৰু ন্যায়সঙ্গত সমাধান আগবঢ়ায়।
(খ) অর্থনৈতিক বিকাশ: বিনিয়োগ বৃদ্ধি, ব্যৱসা-ব্যৱসায়ৰ সুবিধা, আৰু স্থায়িত্ব প্ৰদান কৰে।
(গ) সামাজিক সুবিচাৰ: দৰিদ্ৰতা হ্ৰাস, শিক্ষাৰ সুযোগ বৃদ্ধি, আৰু স্বাস্থ্যসেৱাৰ উন্নতি সাধন কৰে।
(ঘ) প্ৰশাসনিক সুসংগঠন: আইন-শৃঙ্খলা, সুশাসন, আৰু জনসেৱাৰ মানদণ্ড উন্নত কৰে।
(ঙ) আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক: বাণিজ্য আৰু কূটনৈতিক সম্পৰ্ক উন্নয়নৰ জৰিয়তে বিশ্বজনীন প্ৰভাৱ বৃদ্ধি কৰে।
চৰকাৰী নীতিৰ বৈশিষ্ট্য (Characteristics of Public Policy)
চৰকাৰী নীতিৰ অৰ্থ তথা ধাৰণাটোক আলোচনা কৰাৰ পিছত চৰকাৰী নীতি (Public Policy)ৰ বৈশিষ্ট্যসমূহ তলত আলোচনা কৰা ধৰণে আলোচনা কৰা হৈছে—
১। জনকল্যাণকামী (Welfare): চৰকাৰী সিদ্ধান্তসমূহৰ মূল লক্ষ্য হ’ল জনসাধাৰণৰ কল্যাণ সাধন কৰা। সেয়েহে এনে সিদ্ধান্তসমূহৰ প্ৰকৃতি জনকল্যাণকামী। যিহেতু এখন দেশৰ জনসাধাৰণৰ বাবে সেই দেশখনৰ চৰকাৰখন হৈছে অভিভাৱক স্বৰূপ; গতিকে জনসাধাৰণৰ সকলো দায়িত্ব অভিভাৱকৰূপী চৰকাৰখনৰ ওপৰত নিৰ্ভৰ কৰে। জনসাধাৰণৰ অভাৱ-অভিযোগসমূহ দূৰ কৰাৰ সম্পূৰ্ণ দায়িত্ব সেইবাবে চৰকাৰে ল’ব লগা হয়। এই ক্ষেত্ৰত চৰকাৰ আৰু জনসাধাৰণৰ সম্পৰ্কটো ঠিক পিতৃ-মাতৃ আৰু সন্তানৰ মাজত থকা সম্পৰ্কৰ দৰে। যিদৰে পিতৃ-মাতৃৰ দায়িত্ব হ’ল নিজ সন্তানক সর্বাংগসুন্দৰ কৰি তুলি একো একোজন সু-নাগৰিক হোৱাৰ পথ প্রশস্ত কৰা, ঠিক একেদৰে চৰকাৰৰ দায়িত্ব হ’ল জনসাধাৰণৰ সকলো অভাৱ-অভিযোগ দূৰ কৰি সৰ্বতো দিশৰ বিকাশ সাধন কৰা।
২। চৰকাৰী সিদ্ধান্তসমূহ গতিশীল (Dynamic Public Policy): চৰকাৰী নীতিসমূহ স্থায়ী নহয়; গতিশীল প্রকৃতিৰ। যিহেতু চৰকাৰী নীতিসমূহ গ্রহণ কৰোঁতে একো একোটা নির্দিষ্ট লক্ষ্য সম্মুখত ৰাখি লোৱা হয়, যাতে সেই নির্দিষ্ট লক্ষ্যটোৰ সাধনৰ বাট প্রশস্ত হয়। যিহেতু সময় আৰু পৰিস্থিতি সাপেক্ষে চৰকাৰ এখনৰ লক্ষ্য সলনি হয়, গতিকে বিভিন্ন সময়ত এখন চৰকাৰে বেলেগ বেলেগ নীতি গ্রহণ কৰিব লগা হয়। সেই দিশৰ পৰা চৰকাৰী নীতিসমূহৰ প্রকৃতি স্থিৰ নহয়, গতিশীল। তদুপৰি চৰকাৰৰ সাল-সলনি হ’লে চৰকাৰী নীতিসমুহৰ প্ৰকৃতি সলনি হয়। চৰকাৰ গঠন কৰা ৰাজনৈতিক দলটোৰ আদর্শইও সেই চৰকাৰখনে গ্রহণ কৰা নীতিসমূহত প্ৰভাৱ বিস্তাৰ কৰে। গতিকে বিভিন্ন সময়ত গঠন হোৱা বিভিন্ন চৰকাৰৰ আদৰ্শৰ বিভিন্নতাই চৰকাৰী নীতিসমূহৰ প্ৰকৃতি সলনি কৰে।
৩। কর্মকেন্দ্রিক (Action Oriented): চৰকাৰী নীতিসমূহ চৰকাৰ এখনে গ্রহণ কৰা বিভিন্ন সিদ্ধান্তৰ কাৰ্যকৰী ৰূপ; অৰ্থাৎ চৰকাৰী নীতিসমূহ কর্মকেন্দ্রিক (Action Oriented)। চৰকাৰে বিভিন্ন সময়ত বিভিন্ন লক্ষ্য আগত ৰাখি গ্রহণ কৰা নীতিসমূহে তেতিয়াহে পূর্ণতা লাভ কৰে, যেতিয়া সেই নীতিসমূহক বাস্তৱত কৰ্মৰ যোগেদি ৰূপায়তি কৰা হয়। উদাহৰণস্বৰূপে আমি চৰকাৰী আঁচনিসমূহৰ ক্ষেত্ৰত যদি ইন্দিৰা আৱাস যোজনাৰ কথা কওঁ তেতিয়া দেখিম যে উপযুক্ত হিতাধিকাৰীৰ ঘৰটো যদি সাজি দিয়াৰ ব্যৱস্থা চৰকাৰখনে কৰি নিদিয়ে তেতিয়া হ’লে এই আঁচনিখন কেৱল চৰকাৰী নথি-পত্ৰৰ মাজতে আৱদ্ধ থাকিব আৰু প্ৰকৃত অৰ্থত হিতাধিকাৰীৰ হিত সাধন নহ’ব। গতিকে কেৱল কৰ্মৰ মাজেদিহে চৰকাৰী নীতিসমূহে পূর্ণতা লাভ কৰে। কৰ্মৰ অবিহনে চৰকাৰী নীতিসমূহ একো একোটা সুন্দৰ সপোনৰ দৰে।
৪। লক্ষ্যকেন্দ্রিক (Goal Oriented): চৰকাৰী নীতিসমূহ লক্ষ্যকেন্দ্রিক। এটা বিশেষ লক্ষ্য সাধনৰ বাবে চৰকাৰী নীতিসমূহ গ্রহণ কৰা হয়। উদাহৰণস্বৰূপে যদি এখন চৰকাৰে জনসাধাৰণৰ দৰিদ্ৰতা দূৰীকৰণ বা নিবনুৱা সমস্যা সমাধানক লক্ষ্য হিচাপে স্থিৰ কৰি লয়, তেতিয়া হ’লে এই দুটা সমস্যা সমাধানৰ বাবে চৰকাৰ এখনে বিভিন্ন সিদ্ধান্ত বা নীতি গ্রহণ কৰিব যাতে এই সমস্যা দুটা নির্মূল কৰিব পাৰে। উদাহৰণস্বৰূপে, এনেধৰণৰ সমস্যাসমূহ নির্মূলৰ বাবে আমাৰ দেশৰ চৰকাৰে MGREGA-ৰ দৰে আঁচনি হাতত লোৱা দেখা গৈছে আৰু এই আঁচনিখন কাৰ্যকৰিও হৈছে।
৫। জনকেন্দ্রিক বা লোককেন্দ্রিক (People Oriented): চৰকাৰী নীতিসমূহ প্রকৃতিগতভাৱে লোককেন্দ্রিক বা জনকেন্দ্ৰিক। চৰকাৰী নীতিসমূহৰ নিৰ্ধাৰিত হিতাধিকাৰীসকল হৈছে এখন দেশৰ জনসাধাৰণ। জনসাধাৰণৰ উমৈহতীয়া লক্ষ্য সাধন কৰিবৰ বাবেই চৰকাৰী নীতিসমূহ গ্রহণ কৰা হয়। জনসাধাৰণৰ স্বাৰ্থৰ বিপৰীতে গ্ৰহণ কৰা চৰকাৰী নীতিয়ে চৰকাৰক বিপদৰ সম্মুখলৈ ঠেলি দিয়ে; কাৰণ গণতান্ত্রিক দেশৰ চৰকাৰৰ স্থায়িত্ব নিৰ্ভৰ কৰে জনসাধাৰণৰ সন্মতিৰ ওপৰত। গতিকে যদি এখন চৰকাৰে জনসাধাৰণৰ স্বাৰ্থৰ বিপৰীতে কোনো সিদ্ধান্ত গ্রহণ কৰে তেতিয়া হ’লে সেয়া জনসাধাৰণৰ বাবে গ্রহণযোগ্য নহয় আৰু চৰকাৰৰ ভৱিষ্যতলৈ শংকা আহি পৰে। সেইবাবেই সাধাৰণতে চৰকাৰী সিদ্ধান্তসমূহ বা নীতিসমূহ জনকেন্দ্রিক বা লোককেন্দ্রিক হোৱা দেখা যায়।
৬। চৰকাৰৰ সম্মিলিত সিদ্ধান্ত (Collective Decision of Government): চৰকাৰী সিদ্ধান্তসমূহ চৰকাৰৰ যিকোনো এটা বিশেষ অংগৰ একক সিদ্ধান্ত নহয়। চৰকাৰী সিদ্ধান্তসমূহ গ্রহণ কৰোঁতে এখন চৰকাৰৰ অংগসমূহ, যেনে- আইনপালিকা, কার্যপালিকা, ন্যায়পালিকা আৰু আমোলাতন্ত্র জড়িত হৈ থাকে। চৰকাৰৰ এই অংগসমূহৰ সৰ্বসম্মতি ক্রমে চৰকাৰী সিদ্ধান্তসমূহ গ্রহণ বা নির্ধাৰণ কৰা হয়।
৭। সমস্যাৰ সমাধান সূত্র (Problem Solving Method): এখন চৰকাৰে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ অবাঞ্ছিত পৰিবেশৰ সন্মুখীন হ’ব লগা হয়। এনেধৰণৰ তাৎক্ষণিকভাৱে সৃষ্টি হোৱা অপ্ৰতিকৰ বা অবাঞ্ছিত পৰিৱেশ বা দুর্যোগ নির্মূলকৰণৰ বাবেও সততে চৰকাৰী সিদ্ধান্তসমূহ গ্রহণ কৰা দেখা যায়। গতিকে এক অৰ্থত আমি চৰকাৰী নীতি বা সিদ্ধান্তসমূহক চৰকাৰ এখনে সম্মুখীন হোৱা অবাঞ্ছিত পৰিস্থিতিসমূহৰ সমাধান সূত্র বুলি অভিহিত কৰিব পাৰোঁ।
৮। ভৱিষ্যতৰ চৰকাৰ গঠনত প্রভাৱ (Impact on the Future of Government Formation): চৰকাৰী সিদ্ধান্তসমূহ চৰকাৰ এখনৰ ভৱিষ্যৎ নির্ধাৰণকাৰী। সাধাৰণতে এখন গণতান্ত্রিক আৰু জনকল্যাণকামী দেশত সেই নির্দিষ্ট দেশখনৰ জনসাধাৰণে চৰকাৰখনৰ পৰা সদায় তেওঁলোকৰ মংগল তথা কল্যাণ কামনা কৰে। এক অৰ্থত দেশখনৰ জনসাধাৰণে সদায় তেওঁলোকৰ চৰকাৰখন তেওঁলোকৰ সপক্ষে থিয় হৈ থকাটো বিচাৰে যাতে তেওঁলোকৰ বাঞ্ছিত লক্ষ্য তথা সৰ্বতোপ্রকাৰৰ বিকাশ সম্ভৱ হয়। জনসাধাৰণৰ কল্যাণ তথা বিকাশৰ স্বাৰ্থত এখন চৰকাৰে সাধাৰণতে বিভিন্ন সময়ত বিভিন্ন চৰকাৰী সিদ্ধান্ত গ্রহণ কৰে; কিন্তু কেতিয়াবা দেখা যায় যে এখন চৰকাৰে এনে কিছুমান সিদ্ধান্ত গ্রহণ কৰে যিসমূহ জনকল্যাণ বা বিকাশৰ পৰিপন্থী। এনে জনপৰিপন্থী চৰকাৰী সিদ্ধান্তসমূহে দেশখনৰ জনসাধাৰণক চৰকাৰখনৰ প্ৰতি ক্ষুণ্ণ কৰি তোলে আৰু ই চৰকাৰখনৰ স্থায়িত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনে; কাৰণ গণতান্ত্রিক দেশত জনসাধাৰণেই চৰকাৰ এখনৰ আদিমূল।
Sl. No. | CONTENTS |
Unit – 1 | লোক নীতি আৰু বিশ্লেষণ |
Unit – 2 | ৰাজ্য আৰু লোক নীতি |
Unit – 3 | ৰাজনৈতিক অৰ্থনৈতিক আৰু নীতি |
Unit – 4 | ভাৰতৰ নীতি সিদ্ধান্তৰ আৰ্হিসমূহ |
Unit – 5 | আদৰ্শ আৰু নীতি |
ভাৰতত চৰকাৰী নীতি প্ৰস্তুতকৰণৰ মুখ্য নিৰ্ধাৰক (Key determinants of Public Policy formulation in India)
ভাৰতত চৰকাৰী নীতি প্ৰস্তুতকৰণ (Public Policy Formulation) এটা জটিল প্ৰক্ৰিয়া, য’ত ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক, পৰিৱেশগত, আৰু প্ৰযুক্তিগত বিভিন্ন কাৰকৰ প্ৰভাৱ থাকে। এই নীতিসমূহ দেশৰ সামগ্ৰিক উন্নয়ন, স্থিতিশীলতা, আৰু জনসাধাৰণৰ কল্যাণ নিশ্চিত কৰিবলৈ প্ৰস্তুত কৰা হয়। ভাৰতৰ নীতি প্ৰস্তুতকৰণত মুখ্যভাৱে প্ৰভাৱ বিস্তাৰ কৰা নিৰ্ধাৰকবোৰ তলত আলোচনা কৰা হ’ল—
১। ৰাজনৈতিক কাৰক (Political factors)
ভাৰতৰ গণতান্ত্ৰিক চৰকাৰ ব্যৱস্থাত নীতি প্ৰস্তুতকৰণত ৰাজনৈতিক স্থিৰতা, চৰকাৰৰ গঠন, আৰু ৰাজনৈতিক দলসমূহৰ ভূমিকা গুৰুত্বপূৰ্ণ।
(ক) সংসদ আৰু চৰকাৰৰ স্থিৰতা: এটা স্থিতিশীল চৰকাৰে দীঘলীয়া নীতি প্ৰস্তুত কৰিব পাৰে, কিন্তু চৰকাৰৰ স্থায়িত্ব নাথাকিলে নীতি ৰূপায়ণত বাধা সৃষ্টি হয়।
(খ) কেন্দ্ৰ-ৰাজ্য সম্পৰ্ক: ভাৰতৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ মাজত সাংবিধানিক বিভাজন আছে, যিয়ে নীতি প্ৰস্তুতকৰণত প্ৰভাৱ পেলায়। কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় নীতি তৈয়াৰ কৰে, কিন্তু ৰাজ্যসমূহেও নিজস্ব নীতি তৈয়াৰৰ ক্ষমতা ৰাখে।
(গ) ৰাজনৈতিক দলসমূহ আৰু স্বাৰ্থ গোট: বেল্ট্ৰেড ইউনিয়ন, চাহ বাগিচাৰ সংগঠন, ভাৰতীয় ব্যৱসায় প্ৰতিষ্ঠান (CII), আৰু অন্যান্য ৰাজনৈতিক সংগঠনে নীতি প্ৰস্তুতকৰণত প্ৰভাৱ পেলায়।
২। সামাজিক আৰু সাংস্কৃতিক কাৰক (Social and Cultural factors)
ভাৰতৰ বৈচিত্ৰ্যময় সমাজ, ভাষা, আৰু সংস্কৃতিক চৰকাৰী নীতি নিৰ্ধাৰণত অতি গুৰুত্বপূৰ্ণভাৱে গণ্য কৰা হয়।
(ক) জনসংখ্যা বৃদ্ধি: ভাৰতৰ জনসংখ্যা বিশ্বৰ ভিতৰত দ্বিতীয় স্থানত থাকি নীতি প্ৰস্তুতকৰণত এক মুখ্য প্ৰত্যাহবান সৃষ্টি কৰিছে, বিশেষকৈ স্বাস্থ্য, শিক্ষাৰ ওপৰত।
(খ) ভাষাগত আৰু জাতিগত বৈচিত্ৰ্য: ভাৰতত ২০ তকৈও অধিক সাংবিধানিক ভাষা আৰু শতাধিক স্থানীয় ভাষা আছে, যিয়ে শিক্ষানীতি, ৰাজভাষা নীতি, আৰু অন্যান্য নীতি প্ৰস্তুতকৰণত প্ৰভাৱ পেলায়।
(গ) ধৰ্ম আৰু জাতি প্ৰভাৱ: সংৰক্ষণ নীতি, সংখ্যালঘু কল্যাণ আঁচনি, আৰু সামাজিক ন্যায়ৰ বাবে কৰা নীতিসমূহ এই ক্ষেত্ৰত প্ৰাসঙ্গিক।
৩। আৰ্থ-সামাজিক কাৰক (Socio-economic factors)
ভাৰতৰ অৰ্থনীতি আৰু সামাজিক গঠন নীতি প্ৰস্তুতকৰণত এক মুখ্য ভূমিকা পালন কৰে।
(ক) দাৰিদ্ৰ্য আৰু অৰ্থনৈতিক বৈষম্য: দাৰিদ্ৰ্য হ্ৰাসৰ বাবে চৰকাৰে খাদ্য নিৰাপত্তা আইন, জন ধন যোজনা, আৰু অন্যান্য সামাজিক সুৰক্ষা নীতি গ্ৰহণ কৰে।
(খ) শিল্প আৰু ব্যৱসায় নীতি: ভাৰতৰ শিল্প নীতি উদ্ভাৱনশীল উদ্যোগ, বিদেশী বিনিয়োগ, আৰু নতুন উদ্যোগ স্থাপনৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰে।
(গ) কৃষি আৰু গ্ৰাম্য উন্নয়ন: ভাৰতৰ অধিকাংশ জনসাধাৰণ কৃষি নিৰ্ভৰ, গতিকে চৰকাৰে কৃষকসকলৰ বাবে সুলভ লোন, জলসিঞ্চন, আৰু কৃষি প্ৰযুক্তি সম্পৰ্কীয় নীতি গ্ৰহণ কৰে।
(ঘ) চৰকাৰী বাজেট আৰু অৰ্থনৈতিক নীতি: কেন্দ্ৰীয় বাজেটৰ ভিত্তিত শিক্ষা, স্বাস্থ্য, পৰিকাঠামো, আৰু সামাজিক কল্যাণৰ বাবে বিভিন্ন নীতি প্ৰস্তুত কৰা হয়।
৪। পৰিৱেশগত আৰু ভৌগোলিক কাৰক (Environmental and Geographic factors)
ভাৰতৰ বিশেষ ভৌগোলিক অৱস্থান আৰু পৰিৱেশগত প্ৰত্যাহ্বানসমূহ চৰকাৰী নীতিত প্ৰতিফলিত হয়।
(ক) প্ৰাকৃতিক দুৰ্যোগ: বন্যা, ভূমিকম্প, ঘূৰ্ণীবতাহ আদি প্ৰাকৃতিক দুৰ্যোগ প্ৰতিৰোধৰ বাবে চৰকাৰে নীতি গ্ৰহণ কৰে।
(খ) বনৰক্ষা আৰু জীৱবৈচিত্ৰ্য সংৰক্ষণ: ভাৰতৰ ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্য, আৰু গ্ৰীণ নীতি নৱীকৰণযোগ্য শক্তি আৰু পৰিৱেশ সংৰক্ষণৰ ওপৰত গুৰুত্ব দিয়ে।
(গ) জলবায়ু পৰিৱৰ্তন: ভাৰত চৰকাৰে নবীকৰণযোগ্য শক্তি, বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ, আৰু প্লাষ্টিক নিষিদ্ধকৰণ সম্পৰ্কীয় নীতি প্ৰস্তুত কৰিছে।
৫। প্ৰযুক্তি আৰু অৱকাঠামো (Technology and Infrastructure)
ভাৰতৰ নীতি প্ৰস্তুতকৰণত তথ্য-প্ৰযুক্তি আৰু গঠনমূলক উন্নয়নে বিশেষ ভূমিকা পালন কৰে।
(ক) ডিজিটেল ইণ্ডিয়া আৰু ডিজিটেল চৰকাৰ (E-Governance): ভাৰত চৰকাৰে ডিজিটেল সেৱা প্ৰসাৰিত কৰাৰ বাবে বিশেষ নীতি গ্ৰহণ কৰিছে।
(খ) যাতায়াত আৰু সংযোগ ব্যৱস্থা: নতুন পথ, ৰেল সংযোগ, মেট্ৰ’ৰেল, আৰু বিমানবন্দৰ উন্নয়ন নীতিসমূহ ভাৰতৰ অৰ্থনৈতিক বিকাশৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ।
(গ) শিক্ষা আৰু গৱেষণা: উচ্চশিক্ষা আৰু প্ৰযুক্তিগত শিক্ষাৰ উন্নয়নৰ বাবে চৰকাৰে “NEP 2020” ধৰণৰ নীতি গ্ৰহণ কৰিছে।
৬। আইনগত আৰু সংবিধানিক প্ৰভাৱ (Legislative and Constitutional Influence)
ভাৰতৰ চৰকাৰী নীতি সংবিধানিক বিধান আৰু আইন ব্যৱস্থাৰ দ্বাৰা প্ৰভাৱিত হয়।
(ক) সংবিধানৰ ধাৰাসমূহ: ভাৰতৰ সংবিধানৰ বিভিন্ন অনুচ্ছেদ, যেনে মৌলিক অধিকাৰ, ৰাজ্যৰ নীতি নিৰ্দেশনা (DPSP), আৰু সংৱিধানিক সংশোধন নীতি প্ৰস্তুতকৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
(খ) ভূমি আৰু সম্পত্তি আইন: ভূমি অধিকাৰ, বন সংৰক্ষণ, আৰু গৃহ নিৰ্মাণ নীতি ভাৰতৰ সামাজিক আৰু অৰ্থনৈতিক বিকাশত গুৰুত্বপূৰ্ণ।
(গ) ন্যায়পালিকা আৰু আইনী সাৰপৰা: বিভিন্ন চৰকাৰী নীতিৰ বিৰুদ্ধে উকালতি হোৱাৰ ফলত আদালতৰ সিদ্ধান্তবোৰ নীতি প্ৰস্তুতকৰণত প্ৰভাৱ পেলায়।
চৰকাৰী নীতিৰ গ্ৰহণৰ আৰ্হিসমূহ (Models of Public Policy)
চৰকাৰী নীতি গঠন আৰু কাৰ্যাৱালীক বুজি পোৱাৰ বাবে বিভিন্ন নীতি মডেল (Policy Models) ব্যৱহাৰ কৰা হয়। তলত কেইটামান প্ৰধান মডেল উল্লেখ কৰা হ’ল—
এলিট আৰ্হি (Elite Model)
এলিট মডেল (Elite Model) চৰকাৰী নীতি এলিট মডেল হৈছে চৰকাৰী নীতি আৰু সিদ্ধান্ত গ্ৰহণৰ এটা তত্ত্ব, য’ত জনসাধাৰণৰ পৰিৱর্তে এলিট বা অভিজাত শ্ৰেণীৰ লোকবোৰেই মূলভাৱে নীতি-নির্ধাৰণ কৰে। এই মডেল অনুসৰি, ৰাজনীতি আৰু চৰকাৰী সিদ্ধান্তবোৰ মুষ্টিমেয় ক্ষমতাশালী ব্যক্তি, গোট বা প্রতিষ্ঠানৰ দ্বাৰাই প্ৰভাৱিত হয়।
মূল বৈশিষ্ট্যসমূহ:
(ক) অভিজাত সিদ্ধান্ত গ্ৰহণ: নীতি-নিৰ্ধাৰণৰ প্ৰধান ভুমিকা সমাজৰ শক্তিশালী আৰু প্ৰভাৱশালী ব্যক্তিৰ।
(খ) সাধাৰণ ৰাইজৰ সীমিত প্ৰভাৱ: সাধাৰণ জনসাধাৰণৰ চৰকাৰী নীতিত সোনকালে প্ৰভাৱ পেলাব নোৱাৰে।
(গ) অভিজাতৰ একাধিক প্ৰস্থান: অভিজাত গোটৰ মাজত নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত চুক্তি হয়।
(ঘ) জনমত গঠনৰ প্ৰয়াস: এলিটসকল নীতি-নিৰ্ধাৰণৰ পিছত জনমতক প্ৰভাৱিত কৰিবলৈ মিডিয়া আৰু অন্যান্য উপায় ব্যৱহাৰ কৰে।
গোট তত্ত্ব (Group Theory)
গোট তত্ত্ব হৈছে চৰকাৰী নীতি-নিধাৰণৰ এটা তত্ত্ব, য’ত কোৱা হয় যে নীতিসমূহ বেলেগ-বেলেগ স্বাৰ্থযুক্ত গোষ্ঠীসমূহৰ মাজত চলা প্ৰচেষ্টাৰ ফল। এই মডেল অনুসৰি, চৰকাৰ নিছিনা মধ্যস্থতাৰ ভূমিকা গ্ৰহণ কৰে আৰু বিভিন্ন গোষ্ঠীৰ মাজত চুক্তি কৰাই দিয়ে।
গোট তত্ত্ব ৰ মুখ্য ধাৰণাসমূহ:
(ক) নীতিসমূহ স্বাৰ্থগোষ্ঠীৰ দ্বাৰা নিৰ্ধাৰিত হয়: ৰাজনৈতিক দল, ব্যৱসায়িক গোষ্ঠী, শ্রমিক সংঘ, NGO আদিয়ে নীতি প্ৰস্তুতিত প্ৰভাৱ পেলায়।
(খ) চৰকাৰৰ ভূমিকা মধ্যস্থতাৰ: চৰকাৰে এই গোষ্ঠীসমূহৰ মাজত চুক্তি ঘটায় আৰু সিদ্ধান্ত গ্ৰহণ কৰে।
(গ) নীতিগত পৰিৱৰ্তন গোষ্ঠীসমূহৰ শক্তিৰ ওপৰত নির্ভৰ কৰে: যি গোষ্ঠীৰ লবি (lobbying) শক্তি বেছি, সেই গোষ্ঠীয়ে নীতিত বেছি প্ৰভাৱ পেলাব পাৰে।
(ঘ) নীতিগত পৰিৱৰ্তন ধীৰগতিত হয়: গোষ্ঠীসমূহৰ মাজত শক্তি আৰু স্বাৰ্থৰ সমতালৈ আহিবলৈ সময় লাগে।
আমোলাতন্ত্ৰিক আৰ্হি (Bureaucratic Model)
আমোলাতন্ত্ৰিক আৰ্হি হৈছে চৰকাৰী নীতি-নিৰ্ধাৰণৰ এটা তত্ত্ব, য’ত কোৱা হয় যে নীতিসমূহ মূলত আমোলাসকল (bureaucrats) বা চৰকাৰী কৰ্মচাৰীৰ দ্বাৰাই প্ৰস্তুত আৰু কাৰ্যান্বিত হয়। এই মডেলত নিৰ্বাচিত নেতা বা ৰাজনৈতিক দলতকৈ স্থায়ী আমলাসমূহৰ শক্তি বেছি থাকে, কাৰণ তেওঁলোকৰ উলাবলগীয়া অভিজ্ঞতা, জ্ঞান আৰু কাৰ্যনিষ্পাদনৰ সামৰ্থ্য অধিক।
মূল বৈশিষ্ট্যসমূহ:
(ক) নীতিগত সিদ্ধান্ত আমলাসমূহে লয়: নীতি প্ৰস্তুতি আৰু কাৰ্যাৱলী মূলত চৰকাৰী কৰ্মচাৰী বা আমোলাসমূহৰ ওপৰত নিৰ্ভৰশীল।
(খ) প্ৰশাসনিক কাঠামোৰ শৃংখলাবদ্ধ গঠন: সিদ্ধান্ত লোৱাৰ আৰু নীতি কাৰ্যকৰী কৰাৰ বাবে স্পষ্ট নিয়ম আৰু পদ্ধতি থাকে।
(গ) বিশেষজ্ঞতা আৰু কাৰ্যদক্ষতা: আমোলাসকল বিশেষ জ্ঞান আৰু অভিজ্ঞতা থকা কাৰণে তেওঁলোকৰ হাতত নীতি-নিৰ্ধাৰণৰ শক্তি অধিক।
(ঘ) সামৰ্থ্য আৰু প্ৰশাসনিক স্থায়িত্ব: চৰকাৰ সলনি হলেও আমোলাসমূহ স্থায়ী হয়, যাৰ বাবে নীতিসমূহ স্থায়িত্বপ্ৰাপ্ত হয়।
গণতন্ত্ৰৰ ওপৰত প্ৰভাৱ (Impact on democracy)
যদিও নিৰ্বাচিত চৰকাৰে সিদ্ধান্ত লয়, প্ৰকৃততে আমোলাসমূহ সেই নীতিসমূহ কাৰ্যকৰী কৰা বা সম্পূৰ্ণ নকৰাৰ ক্ষমতা ৰাখে।
যুক্তিসংগত আৰ্হি (Rational Model)
চৰকাৰী নীতি যুক্তিপূৰ্ণ আৰু বুদ্ধিবৃত্তিক চিন্তা-ভাবনাৰ ভিত্তিত গঠন হয়। সকলো সম্ভাৱনামূলক বিকল্পৰ তুলনা কৰি উত্তম বিকল্প বাছনি কৰা হয়।
বৃদ্ধিশীল আৰ্হি (Incremental Model)
বৃদ্ধিশীল আৰ্হি হৈছে চৰকাৰী নীতি-নিৰ্ধাৰণৰ এটা তত্ত্ব, য’ত কোৱা হয় যে নীতিসমূহ একেলগে ডাঙৰ পৰিৱৰ্তনৰ ফল নহয়, বৰঞ্চ লাহে লাহে, সৰু-সৰু সংশোধনৰ মাধ্যমে উন্নয়ন হয়। এই মডেলৰ মতে, চৰকাৰে অতীত নীতি আৰু অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি, ধাপে ধাপে নতুন নীতি প্ৰস্তুত কৰে।
খেল তত্ত্ব (Game Theory)
খেল তত্ব হৈছে গাণিতিক তত্ত্ব, য’ত বিভিন্ন ব্যক্তি বা গোটৰ মাজত কৌশলগত সিদ্ধান্ত গ্ৰহণ কিদৰে কৰা হয়, সেয়া অধ্যয়ন কৰা হয়। ই অর্থনীতি, ৰাজনীতি, সামৰিক কৌশল, আৰু সমাজ বিজ্ঞানত বহুলভাৱে ব্যৱহাৰ হয়।
ডেভিড এইষ্টনৰ (System theory)
পদ্ধতি তত্ত্ব হৈছে বিজ্ঞান, সমাজ বিজ্ঞান, আৰু ৰাজনীতিত ব্যৱহৃত এক তত্ত্ব, যিয়ে বিভিন্ন উপাদানৰ মাজত আন্তঃসংযোগ, পৰিৱৰ্তন, আৰু প্ৰভাৱ অধ্যয়ন কৰে। ই চৰকাৰ, সমাজ, অৰ্থনীতি, আৰু পৰিৱেশৰ দৰে জটিল প্ৰণালীবোৰক বুজিবলৈ সহায় কৰে। এই মডেলসমূহ চৰকাৰী নীতি গঠন, কাৰ্যকৰণ, আৰু প্ৰভাৱক বুজিবলৈ সহায় কৰে।
পদ্ধতি তত্বৰ প্ৰক্ৰিয়াটোক তলত দিয়া ধৰণে উল্লেখ কৰিব পাৰি –
চৰকাৰী নীতি প্ৰস্তুতিৰ পৰ্যায়সমূহ (Phases of public policy formulation)
1. সমস্যা চিনাক্তকৰণ: সমাজত বিদ্যমান কোনো সমস্যাক চৰকাৰে চিনাক্ত কৰে। দৰিদ্ৰতা, নিবনুৱা, শিক্ষা, স্বাস্থ্য, পৰিৱেশ, ইত্যাদি ক্ষেত্ৰত প্ৰয়োজনীয় নীতি প্ৰস্তুতিৰ প্ৰস্তাৱ উঠে।
2. নীতি প্ৰস্তুতি: চৰকাৰী বিভাগ, বিশেষজ্ঞ, আৰু উপদেষ্টাসকলে নীতিৰ খচৰা (Draft) প্ৰস্তুত কৰে। সংসদ বা বিধানসভাত আলোচনাৰ মাধ্যমেৰে নীতিৰ বৈধতা নিশ্চিত কৰা হয়। কোনো নীতি আইনৰ ৰূপ লোৱাৰ আগতে বহুতো পৰ্যায়ত পৰীক্ষা-নিৰীক্ষা কৰা হয়।
3. সিদ্ধান্ত গ্ৰহণ: চৰকাৰী মন্ত্রিসভা, সংসদ, বা ৰাজ্য বিধানসভাই এই নীতি অনুমোদন কৰে। যদি আইন আকাৰত প্ৰস্তুত হয়, তেতিয়া সংসদৰ উভয় সদনত গৃহীত হ’ব লাগে। ৰাষ্ট্ৰপতি বা ৰাজ্যপালৰ অনুমোদনৰ পিছত আইন কার্যকৰী হয়।
4. কাৰ্য্যকৰণ: চৰকাৰী বিভাগসমূহ, ৰাজহুৱা সংস্থা, আৰু স্থানীয় প্ৰশাসনে নীতি কাৰ্য্যন্বয় কৰে। বিত্ত, মানৱ সম্পদ আৰু পৰিকাঠামোগত সুবিধাৰ ভিত্তিত নীতি বাস্তৱায়ন হয়। বিভিন্ন সংগঠনৰ সহযোগিতাৰে নীতি সফলভাৱে ৰূপায়ন কৰা হয়।
5. মূল্যায়ন আৰু সংশোধন: চৰকাৰী নীতিৰ ফলাফল পৰ্যবেক্ষণ কৰি সফলতা বা ব্যৰ্থতা মূল্যায়ন কৰা হয়। যদি কোনো নীতিত সমস্যা দেখা দিয়ে, তেতিয়া সংশোধন আৰু পৰিৱর্তনৰ প্ৰস্তাৱ আনে। ইয়াৰ বাবে সংসদীয় সমিতি, স্বাধীন সংস্থা, আৰু নীতি আয়োগ আদিয়ে প্ৰতিবেদন প্ৰস্তুত কৰে।
চৰকাৰী নীতি গ্ৰহণত আইনপালিকাৰ ভূমিকা (Role of Legislature in Public Policy Process)
আইনপালিকা (Legislature) হৈছে চৰকাৰৰ সর্বোচ্চ নীতি-নিৰ্ধাৰক গঠনৰ অন্যতম অংশ, যি নীতি গ্ৰহণ, আইন প্ৰণয়ন, আৰু চৰকাৰী সিদ্ধান্তসমূহ পৰ্যালোচনা কৰে। গণতান্ত্রিক ব্যৱস্থাত আইনপালিকাই জনসাধাৰণৰ স্বাৰ্থ প্ৰতিনিধিত্ব কৰে আৰু চৰকাৰী নীতি প্ৰস্তুতিত কেন্দ্ৰীয় ভূমিকা গ্ৰহণ কৰে। সাধাৰণতে আইন প্রণয়ন কৰিবলগীয়া বা সিদ্ধান্ত গ্রহণ কৰিবলগীয়া বিষয়সমূহৰ প্রস্তাৱ সেই নির্দিষ্ট বিষয়টো যি গৰাকী মন্ত্ৰীৰ অধীনত থাকে, তেওঁ সংসদত উপস্থাপন কৰে। সংসদত উত্থাপিত প্রস্তাৱটোৱে অনুমোদন লাভ কৰাৰ লগে লগে সেই প্রস্তাৱটো উপস্থাপন কৰা মন্ত্ৰীগৰাকীয়ে প্ৰস্তাৱটোৰ সম্পৰ্কত বিতংভাৱে কেবিনেটৰ বাবে Memorandum প্রস্তুত কৰে। কেবিনেটে এনে প্ৰস্তাৱৰ বিতং পৰীক্ষা সমাপন কৰি প্ৰস্তাৱিত বিষয়ত অনুমোদন প্রদান কৰে।
(ক) প্রথম পাঠ (First Reading): এটা চৰকাৰী সিদ্ধান্ত বা এখন আইন গ্ৰহণৰ প্ৰথম স্তৰটো আৰম্ভ হয় সেই সিদ্ধান্ত বা বিলসমূহ সংসদত পৰিচয় কৰি দিয়াৰ লগে লগে। এই ক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে যিখন সদনত বিলখন উত্থাপন কৰে তাৰ অনুমতি গ্রহণ কৰিব লাগে। এনে অনুমতিত সদনখনে সম্মতি প্রদান কৰিলে এগৰাকী মন্ত্ৰীয়ে তেওঁৰ দ্বাৰা প্রস্তাবিত বিলখনৰ পৰিচয় কৰিব পাৰে।
(খ) দ্বিতীয় পাঠ (Second Reading): এই স্তৰটো সাধাৰণতে দুটা অন্য স্তৰৰ দ্বাৰা সম্পূৰ্ণ হয়। প্রথম স্তৰটোত প্ৰস্তাৱিত বিলখনৰ সম্পর্কে এটা সাধাৰণ আলোচনা যুগুত কৰা হয়। এই স্তৰতেই বিলখন সদনৰ বাবে মুকলি কৰি দিয়া হয় অথবা কোনো এখন নির্দিষ্ট কমিটিলৈ (Select Committee) প্ৰেৰণ কৰা হয় বা দুয়োখন সদনৰ দ্বাৰা গঠিত যুটীয়া কমিটিলৈ মতামতৰ বাবে প্ৰেৰণ কৰা হয়। বিল এখনৰ Second Reading-ৰ দ্বিতীয় স্তৰটোত বিলখনৰ প্ৰতিটো দফাৰ ওপৰত আলোচনা কৰা হয় আৰু কৰিবলগীয়া সাল-সলনিৰ সম্পৰ্কেও আলোচনা কৰা হয়।
(গ) তৃতীয় পাঠ (Third Reading): বিল এখনৰ তৃতীয় পাঠটো হ’ল একেবাৰে শেষৰ পৰ্যায়। এই স্তৰতে বিলখনৰ সমর্থনত বা অসম্মতি প্ৰকাশৰ বাবে যুক্তি-বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হয়। এই স্তৰত বিলখনৰ সাল-সলনিৰ সন্দৰ্ভত কেৱল মাত্র মৌখিকভাৱেহে প্রতিক্রিয়া গ্রহণ কৰা হয়; অর্থাৎ বিলখনৰ কোনো ধৰণৰ লিখিত সাল-সলনি কৰা নহয়। সদনত এখন সাধাৰণ বিল অনুমোদন হ’বলৈ সাধাৰণ সংখ্যাগৰিষ্ঠ ভোটৰ প্ৰয়োজন হয় আৰু সাধাৰণ সংখ্যাগৰিষ্ঠ ভোট লাভ কৰাৰ লগে লগে বিলখনে যিখন সদনত উত্থাপন কৰা হৈছিল সেই সদনত অনুমোদন হয় আৰু অন্যখন সদনৰ সন্মতিৰ বাবে পঠোৱা হয়।
চৰকাৰী নীতি গ্ৰহণৰত কাৰ্যাপলিকাৰ ভূমিকা (Role of the Executive in Public Policy Process)
চৰকাৰী নীতি প্ৰণয়ন হোৱাৰ পিছত ইয়াক বাস্তৱায়ন (Implementation) কৰাটো সকলোতকৈ গুৰুত্বপূৰ্ণ দিশ। এই ক্ষেত্ৰত কাৰ্য্যবাহী বিভাগ (Executive) মূল ভূমিকা পালন কৰে। কাৰ্য্যবাহী বিভাগে চৰকাৰৰ নীতি, আইন আৰু আঁচনি বাস্তৱায়ন আৰু পৰিচালনা কৰে।
1. নীতি বাস্তৱায়ন: নীতি বাস্তৱায়নৰ মূল দায়িত্ব কাৰ্য্যবাহী বিভাগৰ। চৰকাৰী দপ্তৰ, মন্ত্ৰণালয় আৰু বিষয়াসকলে নীতিবোৰ স্থলীয়, ৰাজ্যিক আৰু কেন্দ্ৰীয় স্তৰত কাৰ্য্যকৰী কৰে। উদাহৰণ: স্বাস্থ্য, নীতি–স্বাস্থ্য মন্ত্ৰণালয়ে Ayushman Bharat আঁচনি বাস্তৱায়ন কৰে। শিক্ষা নীতি–শিক্ষা মন্ত্ৰণালয়ে NEP 2020 বাস্তৱায়ন কৰে।
2. চৰকাৰী আঁচনি আৰু প্ৰকল্প পৰিচালনা: কাৰ্য্যবাহী বিভাগে কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ আঁচনি ৰূপায়ণ কৰে। স্থানীয় প্ৰশাসন (DM, SDM) আৰু চৰকাৰী বিষয়াসকলে বিত্তীয় আৰু কাৰিকৰী সহায় প্ৰদান কৰে।
3. নিৰীক্ষণ আৰু মূল্যায়ন: নীতিবোৰ সফলভাৱে কাৰ্য্যকৰী হ’ল নেকি সেয়া পৰীক্ষা কৰা কাৰ্য্যবাহী বিভাগৰ দায়িত্ব। বিশেষ সংস্থা, জিলা প্ৰশাসন, আৰু মন্ত্ৰণালয়ে প্ৰগতি মূল্যায়ন কৰে।
4. প্ৰশাসনিক আৰু কাৰিকৰী সহায়: বিভিন্ন চৰকাৰী সংস্থা, উপদেষ্টা গোট, আৰু বিষয়া-কর্মচাৰীয়ে নীতি প্ৰয়োগত সহায় কৰে। স্থানীয় চৰকাৰ (Panchayats, Municipalities) আৰু NGO সকলে বিশেষ ক্ষেত্ৰত সহযোগ কৰে।
5. আইন প্ৰয়োগ: নীতি কাৰ্য্যকৰী কৰিবলৈ পুলিশ, বকেয়া বিভাগ, আৰু অন্যান্য সংস্থা সক্ৰিয় থাকে। ন্যায় বিভাগ আৰু আদালতেও নীতি প্ৰয়োগৰ বিষয়ত সহায় কৰে।
সমালোচনাত্মক আলোচনা (Critical Discussion)
কাৰ্যপালিকা (Executive) হৈছে চৰকাৰৰ সেই শাখা, যি নীতি প্ৰস্তুতকৰণ আৰু কাৰ্যন্বয়ন উভয় ক্ষেত্ৰতে মুখ্য ভূমিকা গ্ৰহণ কৰে। যিহেতু নীতি প্ৰস্তুতকৰণ চৰকাৰৰ অন্যতম দায়িত্ব, গতিকে কাৰ্যপালিকাৰ এই ক্ষেত্ৰত এক গুৰুত্বপূর্ণ স্থান আছে। তথাপি, ইয়াৰ ভূমিকাৰ বিভিন্ন দিশৰ সমালোচনা কৰিব পাৰি।
১। কেন্দ্রীকৃত ক্ষমতা আৰু স্বৈৰাচাৰিতাৰ আশংকা: কাৰ্যপালিকাই বহুজনে মতামত ব্যক্ত কৰাৰ সলনি নিজৰ অভিলাষ অনুযায়ী নীতি প্ৰস্তুত কৰে। বিশেষকৈ, সংসদীয় প্ৰণালীত মন্ত্রীসভাৰ (Cabinet) হাতত অধিক ক্ষমতা কেন্দ্রীভূত হৈ পৰে, যিয়ে গণতান্ত্ৰিক মূল্যবোধৰ ওপৰত প্ৰশ্ন উঠায়।
২। ৰাজনৈতিক স্বাৰ্থৰ প্ৰাধান্য: চৰকাৰী নীতি গ্ৰহণত কাৰ্যপালিকাই প্ৰায়সময়তে নিজৰ ৰাজনৈতিক স্বাৰ্থ ৰক্ষা কৰাৰ উদ্দেশ্যে সিদ্ধান্ত লয়। ফলস্বৰূপে, নীতিসমূহ সাধাৰণ জনসাধাৰণৰ কল্যাণত নহয়, বৰঞ্চ নিৰ্দিষ্ট ৰাজনৈতিক দল বা গোষ্ঠীৰ স্বাৰ্থক কেন্দ্ৰ কৰি প্ৰস্তুত হয়।
৩। আমোলাতন্ত্ৰৰ প্ৰভাৱ: যদিও কাৰ্যপালিকাই নীতি প্ৰস্তুত কৰে, তথাপি আমোলাতন্ত্ৰই (Bureaucracy) ইয়াত গুৰুত্বপূর্ণ প্ৰভাৱ পেলায়। কেতিয়াবা আমোলাসকলে নিজৰ সুবিধা অনুযায়ী নীতিৰ খসড়া প্ৰস্তুত কৰে, যিয়ে কাৰ্যপালিকাক নিৰ্ভৰশীল কৰি তোলে।
৪। জনসাধাৰণৰ অংশগ্ৰহণৰ অভাৱ: কাৰ্যপালিকাই নীতি প্ৰস্তুতকৰণৰ ক্ষেত্ৰত সাধাৰণ জনসাধাৰণৰ মতামত লোৱা উচিত। কিন্তু বাস্তৱত, বহু নীতি জনগণৰ বিনা অৱগতিত গ্ৰহণ কৰা হয়। বিশেষকৈ, উন্নয়নমূলক প্ৰকল্পৰ ক্ষেত্ৰত স্থানীয় জনসাধাৰণৰ মতামত প্ৰায় লোৱা নহয়।
৫। সংসদীয় পৰ্যবেক্ষণৰ সীমাবদ্ধতা: যদিও সংসদ বা বিধানসভাই কাৰ্যপালিকাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগে, তথাপি প্ৰায়ক্ষেত্ৰেই চৰকাৰৰ সংখ্যাগৰিষ্ঠতা থাকিলে, সংসদীয় পৰ্যবেক্ষণ শুধুমাত্র আনুষ্ঠানিক হৈ পৰে।
৬। স্বচ্ছতাৰ অভাৱ আৰু স্বজনপোষণ: কাৰ্যপালিকাই কেতিয়াবা ৰাজহুৱা স্বার্থতকৈ নিজৰ ব্যক্তিগত বা দলীয় স্বাৰ্থক অধিক গুৰুত্ব দিয়ে। ইয়াৰ ফলত স্বজনপোষণ, দুর্নীতি, আৰু অস্বচ্ছ নীতি গ্ৰহণৰ সমস্যা দেখা দিয়ে।
চৰকাৰী নীতি গ্ৰহণত প্ৰধানমন্ত্ৰীৰ ভূমিকা (Role of Prime Minister in Public Policy Process)
গণতান্ত্ৰিক চৰকাৰ ব্যৱস্থাত প্ৰধানমন্ত্ৰী (Prime Minister) হৈছে কাৰ্যবাহী বিভাগৰ মুখ্য নেতা, যিয়ে নীতি-নিৰ্ধাৰণ, চৰকাৰৰ পৰিচালনা আৰু ৰাজনৈতিক দিশৰ নেতৃত্ব দিয়ে। কেন্দ্ৰীয় চৰকাৰৰ নীতিসমূহ গঠন, পৰিচালনা আৰু বাস্তৱায়ন কৰাত প্ৰধানমন্ত্ৰীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
(ক) নীতি-নিৰ্ধাৰণত নেতৃত্ব (Policy Leadership)
১। প্ৰধানমন্ত্ৰীয়ে দেশৰ উন্নয়নৰ বাবে বিভিন্ন ক্ষেত্ৰত নীতি-নিৰ্ধাৰণ কৰে।
২। চৰকাৰী মন্ত্ৰণালয়সমূহ আৰু বিশেষজ্ঞৰ সৈতে আলোচনা কৰি নীতি গঠন কৰে।
(খ) মন্ত্রীসভাৰ নেতৃত্ব (Cabinet Leadership)
১। প্ৰধানমন্ত্ৰীয়ে কেবিনেট বৈঠকসমূহৰ নেতৃত্ব দিয়ে।
২। নীতিগত সিদ্ধান্ত গ্ৰহণৰ আগতে মন্ত্ৰিসভাৰ সৈতে আলোচনা কৰে।
৩। প্ৰধানমন্ত্ৰীয়ে কেবিনেটৰ সদস্য নিৰ্বাচন কৰে।
(গ) নীতি গ্ৰহণৰ বাবে সংসদীয় সমৰ্থন নিশ্চিতকৰণ (Ensuring Parliamentary Support)
১। সংসদত চৰকাৰী নীতি সফলভাৱে গৃহীত হ’বলৈ প্ৰধানমন্ত্ৰীয়ে সমৰ্থন সংগ্ৰহ কৰে।
২। সংসদত বিতৰ্ক, আলোচনা, আৰু ভোটগ্ৰহণৰ মাধ্যমে নীতি প্ৰস্তুত কৰে।
(ঘ) বিদেশ নীতি আৰু আন্তঃৰাষ্ট্ৰীয় সম্পর্ক (Foreign Policy & International Relations)
১। বিদেশ নীতিত নেতৃত্ব দিয়ে আৰু আন দেশৰ সৈতে কূটনৈতিক সম্পর্ক স্থাপন কৰে।
২। অৰ্থনৈতিক বাণিজ্য, সামৰিক সহযোগিতা, আৰু দ্বিপাক্ষিক চুক্তি ৰ বাবে বিদেশী নেতাৰ সৈতে আলোচনাত মিলিত হয়।
(ঙ) জনসাধাৰণৰ মনোভাব আৰু জনমত প্ৰতিনিধিত্ব (Public Representation & Opinion Building)
১। নতুন নীতি গ্ৰহণৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণৰ মনোভাব অধ্যয়ন কৰে।
২। মানুহৰ সমৰ্থন লাভ কৰিবলৈ প্রচাৰ আৰু ভাষণ দিয়ে।
(চ) আৰ্থিক নীতি আৰু বাজেট পৰিচালনা (Economic Policy & Budget Management):
১। প্ৰধানমন্ত্ৰীয়ে অৰ্থনৈতিক নীতি নিৰ্ধাৰণত বিত্ত মন্ত্ৰণালয়ৰ সৈতে কাম কৰে।
২। বাজেট নিৰ্ধাৰণ, বিনিয়োগ নীতি, আৰু গ্ৰীণ ইক’ন’মিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
(ছ) নীতি নিৰীক্ষণ আৰু কাৰ্য্যন্বয়ন পৰ্যবেক্ষণ (Policy Monitoring & Execution)
(ক) প্ৰধানমন্ত্ৰীয়ে চৰকাৰী নীতি আৰু আঁচনিৰ পৰ্যবেক্ষণ কৰে।
(খ) মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠক কৰি ৰাজ্যিক নীতি পৰিচালনা কৰে।
চৰকাৰী নীতি গ্রহণত কেবিনেটৰ ভূমিকা (Role of Cabinet in Policy Making)
চৰকাৰী সিদ্ধান্ত গ্রহণত কেবিনেটৰ ভূমিকাসমূহ তলত উল্লেখ কৰা ধৰণৰ-
(ক) চৰকাৰী সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত বা ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত কেবিনেটে চৰকাৰখনৰ বাটকটীয়া স্বৰূপে কার্য সম্পাদন কৰে।
(খ) চৰকাৰৰ সকলো ধৰণৰ নীতি-নিৰ্দেশনা তথা আইন প্রণয়নৰ ক্ষেত্ৰত কেবিনেটেই দায়ৱদ্ধ। চৰকাৰৰ সকলো বিভাগৰ কাৰ্য তথা কর্মসূচী বা সিদ্ধান্তৰ প্ৰস্তাৱসমূহ কেবিনেটৰ অনুমোদনৰ পিছতহে সংসদত উত্থাপনৰ বাবে উপযুক্ত বুলি বিবেচিত হয়।
(গ) চৰকাৰৰ সকলো ধৰণৰ প্ৰশাসনিক কাৰ্য তথা প্রশাসনিক যন্ত্ৰৰ কাৰ্য সম্পাদনৰ ক্ষেত্ৰত কেবিনেট সদায় দায়বদ্ধ।
(ঘ) কেবিনেট এখন দেশৰ অৰ্থনীতিৰ প্ৰতিও দায়বদ্ধ।
(ঙ) সংসদত উত্থাপন হ’বলগীয়া বিষয়সমূহ আৰু এইবোৰৰ আলোচনাৰ বাবে সময় নির্ধাৰণ কৰাটো কেবিনেটৰ এক গুৰুত্বপূৰ্ণ কার্য।
সমালোচনাত্মক আলোচনা (Critical Discussion)
কেবিনেট (Cabinet) হৈছে কাৰ্যপালিকাৰ উচ্চতম নীতি-নির্ধাৰক সংস্থা, যাৰ অধীনত চৰকাৰী নীতি প্ৰস্তুত হয়। গণতান্ত্ৰিক দেশত কেবিনেটে চৰকাৰৰ বিভিন্ন বিভাগৰ নেতৃত্ব দিয়ে আৰু জনহিতকৰ নীতি প্ৰস্তুত কৰাৰ দায়িত্ব লয়। যদিও ইয়াৰ গুৰুত্ব অস্বীকাৰযোগ্য, তথাপি ইয়াৰ নীতি গ্ৰহণ প্ৰক্ৰিয়াত কিছু সীমাবদ্ধতা আৰু সমালোচনাযোগ্য দিশ আছে।
১। কেন্দ্রীকৃত ক্ষমতা আৰু প্ৰধানমন্ত্ৰীৰ আধিপত্য: কেবিনেট গণতান্ত্ৰিক হলেও, প্ৰায়ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ প্ৰভাৱত চলে। সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত সকলো মন্ত্রীৰ সমানভাৱে মতামত প্ৰকাশৰ সুযোগ নাথাকে, বিশেষকৈ শক্তিশালী প্ৰধানমন্ত্ৰীসকলৰ নেতৃত্বত কেবিনেট ‘Prime Ministerial Government’-ৰ ৰূপ লয়।
২। কেবিনেটৰ গোপনীয়তা আৰু স্বচ্ছতাৰ অভাৱ: কেবিনেট বৈঠকৰ আলোচনা সাধাৰণ জনসাধাৰণৰ পৰা গোপন ৰখা হয়। ইয়াৰ ফলত স্বচ্ছতাৰ অভাৱ দেখা যায়, আৰু কেবিনেটে কেতিয়াবা জনস্বাৰ্থতকৈ দলীয় স্বাৰ্থক অধিক গুৰুত্ব দিয়ে। স্বচ্ছতা নাথাকিলে নীতিগ্ৰহণত জনসাধাৰণৰ আস্থা কমে।
৩। সংসদৰ নিয়ন্ত্ৰণৰ অভাৱ: যদিও সংসদীয় গণতন্ত্ৰত কেবিনেটে সংসদৰ প্ৰতি জবাবদিহি হোৱাৰ কথা, বাস্তৱতে কেবিনেট সদস্যসকলে প্ৰায় সময়তে দলীয় সংখ্যাগৰিষ্ঠতাৰ সুবিধা লয়। কেবিনেটৰ সিদ্ধান্তসমূহ সংসদত কঠোৰভাৱে পৰ্যালোচনা নকৰা হলে, চৰকাৰী নীতিসমূহ একপক্ষীয় হৈ পৰে।
৪। স্বজনপোষণ আৰু দলীয় স্বাৰ্থৰ প্ৰভাৱ: কেবিনেটৰ সিদ্ধান্তত কেতিয়াবা ৰাজনৈতিক স্বাৰ্থ অধিক প্ৰাধান্য পায়। দলীয় সমর্থক বা উদ্যোগপতিসকলৰ স্বাৰ্থৰ অনুকূলে নীতি প্ৰস্তুত হোৱাৰ আশংকা থাকে, যিয়ে সাধাৰণ জনসাধাৰণৰ কল্যাণক পিছ পেলায়।
৫। আমোলাতন্ত্ৰৰ ওপৰত অতিমাত্ৰা নিৰ্ভৰশীলতা: যদিও কেবিনেট সদস্যসকল ৰাজনৈতিক নেতা, তেওঁলোক নীতি প্ৰস্তুতকৰণৰ ক্ষেত্ৰত আমোলাতন্ত্ৰৰ ওপৰত অত্যধিক নিৰ্ভৰশীল। আমোলাসকলে তথ্য প্ৰদান কৰি নীতিগ্ৰহণত প্ৰভাৱ পেলায়, যিয়ে কাৰ্যত আমোলাতন্ত্ৰক অধিক শক্তিশালী কৰি তোলে আৰু কেবিনেটৰ স্বাধীন চিন্তাৰ সীমিততা প্ৰদৰ্শন কৰে।
৬। পৰিকল্পনাৰ অভাৱ আৰু তৎকালীন সিদ্ধান্ত গ্ৰহণ: কেবিনেটে কেতিয়াবা দীৰ্ঘমেয়াদী পৰিকল্পনাৰ সলনি তৎকালীন চাপেৰে সিদ্ধান্ত লয়। বিশেষকৈ, নিৰ্বাচনৰ সময়ত জনপ্রিয়তা লাভৰ উদ্দেশ্যে কিছু নীতি হাতত লোৱা হয়, যিয়ে দীঘলীয়া স্বার্থৰ বাবে ক্ষতিকাৰক হ’ব পাৰে।
চৰকাৰী নীতিগ্রহণ প্রক্রিয়াত আমোলাতন্ত্ৰৰ ভূমিকা (Role of Bureaucracy in Policy Making Process)
চৰকাৰী সিদ্ধান্ত গ্রহণ তথা আঁচনি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত আমোলাতন্ত্রৰ ভূমিকা অতি সবল। আমোলা-বিষয়াসকলে জনহিতকাৰী আঁচনি তথা সিদ্ধান্ত গ্রহণ কৰিবলগীয়া বিষয়সমূহ চিহ্নিত কৰি কাৰ্যপালিকাক চৰকাৰী সিদ্ধান্ত গ্রহণৰ ক্ষেত্রত সহায় আগবঢ়ায়। তদুপৰি সমাজৰ সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰত এই আমোলা-বিষয়াসকলে গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়ায়। যিকোনো আঁচনিৰ প্ৰস্তুতকৰণ তথা কাৰ্যকৰীকৰণৰ দিশত এই আমোলা-বিষয়াসকলেই আগভাগ লয়। গতিকে চৰকাৰী সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত আমোলাতন্ত্ৰৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। সাধাৰণতে চৰকাৰী সিদ্ধান্ত গ্রহণ প্রক্রিয়াত আমোলাতন্ত্ৰৰ ভূমিকাক বহলভাৱে তিনিটা ভাগত ভাগ কৰি আলোচনা কৰিব পাৰি।
চৰকাৰী নীতি গ্ৰহণ প্ৰক্ৰিয়াত আমোলাতন্ত্ৰৰ পৰামৰ্শমূলক ভূমিকা (Suggestive Role of Bureaucracy in Policy Making Process)
আমোলাতন্ত্ৰ হৈছে যিকোনো চৰকাৰৰ এক অত্যাৱশ্যকীয় অংগ, যি নীতি প্ৰস্তুতকৰণ আৰু কাৰ্যন্বয়ন প্ৰক্ৰিয়াত গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰে। চৰকাৰী নীতি গ্ৰহণৰ ক্ষেত্ৰত আমোলাতন্ত্ৰৰ মূল কাম হৈছে তথ্য সংগ্ৰহ, বিশ্লেষণ আৰু পৰামৰ্শ প্ৰদান কৰা। তলত এই ভূমিকা কেইটাৰ বিৱৰণ দিয়া হৈছে—
১। তথ্য সংগ্ৰহ আৰু বিশ্লেষণ: আমোলাতন্ত্ৰই নীতি প্ৰস্তুতকৰণৰ বাবে প্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰে আৰু তাৰ বৈজ্ঞানিক, ৰাজনৈতিক আৰু আৰ্থ-সামাজিক দিশৰ ওপৰত গভীৰ বিশ্লেষণ চলায়। ইয়াৰ জৰিয়তে চৰকাৰে যুক্তিসংগত আৰু তথ্যভিত্তিক সিদ্ধান্ত ল’ব পাৰে।
২। পৰামৰ্শ প্ৰদান: আমোলাসকলে নীতি প্ৰস্তুতকৰণৰ সময়ত বিশেষজ্ঞৰ ৰূপত চৰকাৰী নেতাসকলক উপযুক্ত পৰামৰ্শ প্ৰদান কৰে। তেওঁলোকৰ অভিজ্ঞতা আৰু জ্ঞানৰ আধাৰত নীতিৰ সম্ভাব্য সুফল আৰু কুফল নিৰূপণ কৰে।
৩। আইন আৰু নিয়ম-কানুনৰ খসড়া প্ৰস্তুতকৰণ: নীতিসমূহ কার্যকৰী কৰিবলৈ আইন, বিধি, আৰু নিয়ম-কানুনৰ প্ৰয়োজন হয়। আমোলাতন্ত্ৰই সেই নিয়ম-কানুনৰ খসড়া প্ৰস্তুত কৰে, যিয়ে নীতি বাস্তৱায়ন সহজতৰ কৰে।
৪। ৰাজনৈতিক নেতাসকলক সহায়: নীতিগ্ৰহণৰ শেষ সিদ্ধান্ত ৰাজনৈতিক নেতাসকলৰ হাতত থকাত, আমোলাসকলে তেওঁলোকক চৰকাৰী কাম-কাজ, নীতিৰ সম্ভাব্য ফলাফল, আৰু কাৰ্যন্বয়ন প্ৰক্ৰিয়াৰ বিষয়ে সহায় কৰে।
৫। ৰাজহুৱা মতামত পৰ্যালোচনা: কোনো নীতি গ্ৰহণৰ পূৰ্বে, আমোলাতন্ত্ৰই জনসাধাৰণৰ মতামত, বিশেষজ্ঞৰ গৱেষণা আৰু বিভিন্ন স্বাৰ্থগোষ্ঠীৰ অভিমত পৰ্যালোচনা কৰে। ই নীতি প্ৰস্তুতকৰণ প্ৰক্ৰিয়াক অধিক গণতান্ত্ৰিক আৰু অন্তৰ্ভুক্তিমূলক কৰি তোলে।
৬। প্ৰয়োগযোগ্যতা আৰু সুদূৰপ্ৰসাৰী প্ৰভাৱ নিৰূপণ: যিকোনো নীতিৰ প্ৰয়োগযোগ্যতা, কাৰ্যক্ষমতা, আৰু দীঘলীয়া প্ৰভাৱ আমোলাসকলে আগতীয়াকৈ পৰীক্ষা কৰে। ই নিশ্চিত কৰে যে নীতি বাস্তৱায়নৰ পিছত কোনো অপ্রত্যাশিত সমস্যা সৃষ্টি নহয়।
সমালোচনাত্মক আলোচনা (Critical Discussion)
আমোলাতন্ত্ৰ (Bureaucracy) হৈছে চৰকাৰৰ এক অত্যাৱশ্যকীয় অংগ, যিয়ে নীতি প্ৰস্তুতকৰণ আৰু কাৰ্যন্বয়ন প্ৰক্ৰিয়াত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। যদিও আমোলাসকলে চৰকাৰক তথ্য আৰু পৰামৰ্শ প্ৰদান কৰি নীতি প্ৰস্তুতকৰণ সহায়ক কৰে, তথাপি ইয়াৰ কিছু সীমাবদ্ধতা আছে, যিয়ে এই ভূমিকাক সমালোচনাযোগ্য কৰি তোলে।
১। আমোলাতান্ত্ৰিক আধিপত্য আৰু কেন্দ্রীকৰণ: আমোলাসকল সাধাৰণতে নিৰ্বাচিত নোহোৱাত, তেওঁলোকৰ ওপৰত জনসাধাৰণৰ নিয়ন্ত্ৰণ নাথাকে। কেতিয়াবা আমোলাসকলে নিজৰ ক্ষমতা বজাই ৰখাৰ উদ্দেশ্যে নীতি প্ৰস্তুতকৰণ প্ৰক্ৰিয়াত অধিক প্ৰভাৱ খাটাব খোজে। ইয়াৰ ফলত ৰাজনৈতিক নেতাসকল আমোলাসকলৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে, যিয়ে গণতান্ত্ৰিক প্ৰক্ৰিয়াত নেতিবাচক প্ৰভাৱ পেলাব পাৰে।
২। প্ৰচলিত নিয়মৰ আনুগত্য আৰু উদ্ভাৱনশীলতাৰ অভাৱ: আমোলাতন্ত্ৰ সাধাৰণতে নিয়ম-নীতি অনুসৰণ কৰি চলে, কিন্তু কেতিয়াবা ই অতিৰিক্ত চৰকাৰী নিয়মৰ প্ৰতি নিষ্ঠ থাকি উদ্ভাৱনশীলতা আৰু প্ৰচলিত নিয়মৰ সীমানাৰ বাহিৰে ভাবিবলৈ অনিচ্ছুক হয়। ফলত, নীতি প্ৰস্তুতকৰণ প্ৰক্ৰিয়া কঠিন আৰু মন্থৰ হয়।
৩। আমোলাতন্ত্ৰৰ শিথিলতা আৰু সময়ৰ অপচয়: নীতিগ্ৰহণ প্ৰক্ৰিয়াত আমোলাতন্ত্ৰৰ জটিল প্ৰশাসনিক ধাপবোৰৰ বাবে কেতিয়াবা সিদ্ধান্ত লোৱাত অধিক সময় লাগে। আমোলাসকলে অধিক কাগজপত্ৰ আৰু আনুষ্ঠানিকতা অনুসৰণ কৰাত ব্যস্ত হৈ পৰে, যিয়ে তৎকালীন সমস্যা সমাধানত বিলম্ব সৃষ্টি কৰে।
৪। স্বজনপোষণ আৰু দুর্নীতি: কেতিয়াবা আমোলাতন্ত্ৰই নিজৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ বিশেষ গোষ্ঠীৰ স্বাৰ্থক সলনি নীতি প্ৰস্তুত কৰে। ইয়াৰ ফলত স্বজনপোষণ আৰু দুর্নীতিৰ আশংকা বৃদ্ধি পায়। বিশেষকৈ, যদি কোনো আমোলা ৰাজনৈতিক নেতাসকলৰ সৈতে অসৎ যোগসাজশ কৰে, তেন্তে নীতি গ্ৰহণ প্ৰক্ৰিয়া একপক্ষীয় হৈ পৰে।
৫। জনসাধাৰণৰ অংশগ্ৰহণৰ অভাৱ: নীতিগ্ৰহণ প্ৰক্ৰিয়াত সাধাৰণ জনসাধাৰণৰ মতামতৰ বিশেষ গুৰুত্ব থাকা উচিত। কিন্তু আমোলাসকলে প্ৰায়সময়তে জনসাধাৰণৰ মতামত উপেক্ষা কৰে আৰু নিজা অভিজ্ঞতা, গৱেষণা আৰু ৰাজনৈতিক নেতাসকলৰ দিশনির্দেশনা অনুসৰি নীতি প্ৰস্তুত কৰে। ই একধৰণৰ আমোলাতান্ত্ৰিক আধিপত্যৰ সৃষ্টি কৰে।
৬। অপাৰদৰ্শিতা: আমোলাসকলে নীতি প্ৰস্তুতকৰণত বিভিন্ন তথ্য সংগ্ৰহ আৰু বিশ্লেষণ কৰে, কিন্তু সকলো তথ্য সদায় জনসাধাৰণৰ বাবে উপলব্ধ নাথাকে। যেতিয়া নীতি গ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ স্বচ্ছ নহয়, তেতিয়া জনসাধাৰণৰ মাজত সন্দেহ সৃষ্টি হয়, যিয়ে ৰাজনৈতিক প্ৰশাসনৰ ওপৰত বিশ্বাসহীনতা বাড়াই।
ভাৰতত চৰকাৰী নীতি প্ৰস্তুতিৰ বিশেষ বৈশিষ্ট্য (Special features of Public Policy formulation in India)
১। গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ আধাৰত নিৰ্ধাৰিত হয়।
২। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত সমন্বয় হয়।
৩। নীতি আয়োগ, সংসদীয় সমিতি, আৰু চৰকাৰী বিভাগসমূহৰ সক্ৰিয় ভূমিকা থাকে।
৪। বিচাৰ বিভাগ আৰু সংবাদ মাধ্যমৰ মাধ্যমেও নীতিৰ ওপৰত প্ৰভাৱ পৰে।
সেয়েহে, ভাৰতত চৰকাৰী নীতি প্ৰস্তুতি এক জটিল কিন্তু সুসংগঠিত প্ৰক্ৰিয়া, যিয়ে দেশৰ উন্নয়ন আৰু জনকল্যাণৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
সামৰণি (Conclusion)
চৰকাৰী নীতি কোনো ৰাষ্ট্ৰৰ সামগ্ৰিক উন্নয়ন, স্থায়িত্ব আৰু জনকল্যাণ নিশ্চিত কৰিবলৈ প্ৰণয়ন কৰা হয়। এই নীতিসমূহে অৰ্থনৈতিক বৃদ্ধি, সামাজিক ন্যায়, পৰিৱেশ সংৰক্ষণ, শিক্ষা, স্বাস্থ্যসেৱা আৰু পৰিকাঠামোগত উন্নয়ন আদিকে লক্ষ্য কৰে। চৰকাৰৰ সঠিক নীতি আৰু ফলপ্ৰসূ কাৰ্য্যন্বয়ৰ জৰিয়তে দেশৰ নাগৰিকৰ জীৱনমান উন্নত হোৱাৰ লগতে ৰাষ্ট্ৰীয় স্থিতিশীলতা আৰু প্ৰগতি নিশ্চিত হয়।
এইদৰে, কোনো চৰকাৰী নীতিৰ সফলতা তাৰ সুস্পষ্ট পৰিকল্পনা, বাস্তৱায়ন আৰু জনগণৰ সহায়-সহযোগিতাৰ ওপৰত নিৰ্ভৰ কৰে। নীতি প্ৰণয়ন আৰু তাৰ পৰিণামৰ মূল্যায়ন এক অবিৰত প্ৰক্ৰিয়া, যাৰ জৰিয়তে সময় আৰু পৰিস্থিতিৰ লগত তাল মিলাই সলনি আৰু উন্নত কৰা হয়।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.