Niketan Class 4 Science Chapter 15 বস্তু আৰু পদার্থ

Niketan Class 4 Science Chapter 15 বস্তু আৰু পদার্থ, Sankardev Sishu Niketan Chapter 15 বস্তু আৰু পদার্থ Class 4 General Science Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Sankardev Sishu Niketan Class 4 সাধাৰণ বিজ্ঞান Question Answer can be of great value to excel in the examination.

Join Telegram channel

বস্তু আৰু পদার্থ

Chapter – 15

সাধাৰণ বিজ্ঞান

SANKARDEV SISHU NIKETAN

১। পদার্থ কাক বোলে?

উত্তৰঃ বস্তু যিহেৰে তৈয়াৰী সেইবোৰক পদার্থ বোলে।

২। স্বচ্ছ বস্তু আৰু অস্বচ্ছ বস্তু কাক বোলে? 

উত্তৰঃ যিবোৰ বস্তুৰ মাজেৰে পোহৰ পাৰ হ’ব পাৰে সেইবোৰক স্বচ্ছ বস্তু আৰু যিবোৰ বস্তুৰ মাজেৰে পোহৰ পাৰ হব নোৱাৰে সেইবোৰক অস্বচ্ছ বস্তু বোলে।

৩। কি গুণৰ কাৰণে গাড়ী-মটৰত ৰবৰৰ টিউব টায়াৰ লগোৱা হয় ?

উত্তৰঃ স্থিতিস্থাপকতা গুণৰ বাবে গাড়ী-মটৰত ৰবৰৰ টিউব-টায়াৰ লগোৱা হয়।

৪। কি কি গোটা বস্তু গেছীয় অৱস্থালৈ পৰিবৰ্তিত হয়?

উত্তৰঃ কিছুমান গোটা বস্তু পোনে পোনে গেছীয় অৱস্থালৈ পৰিৱৰ্তিত হয়। যেনে :- নেপথেলিন, কৰ্পূৰ আদি।

৫। কি কাৰণত ভাত ৰন্ধা সজুলি লো এলুমিনিয়াম আদিৰে তৈয়াৰী ?

উত্তৰঃ তাপৰ পৰিবাহিতা গুণৰ বাবে ভাত ৰন্ধা, সজুলি, লো, এলুমিনিয়াম আদিৰে তৈয়াৰী।

অনুশীলনী

১। বস্তুৰ তিনিটা অৱস্থা কি কি?

উত্তৰঃ বস্তুৰ তিনিটা অৱস্থা হ’ল

ক) গোটা বা কঠিন অৱস্থা। 

খ) গেছীয় অৱস্থা বা ভাপ অৱস্থা।

গ) জুলীয়া বা পনীয়া অৱস্থা।

২। গোটা বস্তুৰ তিনিটা গুণ উল্লেখ কৰা।প্ৰতিটো গুণৰ ভিত্তিত একোটাকৈ ব্যৱহাৰ লিখা?

উত্তৰঃ গোটা বস্তুৰ তিনিটা গুণ হ’ল—

ক) স্থিতিস্থাপকতা গুণ। 

খ) পোহৰ পাৰ হব পৰা গুণ।

গ) তাপৰ পৰিবাহী গুণ।

ব্যৱহাৰ :- ক) স্থিতিস্থাপকতা গুণৰ বাবে মটৰ গাড়ী, চাইকেল আদিত ৰৱবৰ টিউৱ টায়াৰ ব্যৱহাৰ কৰা হয়। 

খ) পোহৰ পাৰ হব পৰা গুণৰ বাবে ঘৰৰ দুৱাৰ খিৰিকীত কাঁচ লগোৱা হয়।

গ) তাপৰ পৰিবাহী গুণৰ বাবে লো, এলুমিনিয়ামেৰে নিৰ্মিত সামগ্ৰীক ভাত ৰন্ধা সজুলি হিচাপে ব্যৱহাৰ কৰা হয়।

৩। গোটা অৱস্থাৰ পৰা পোনে পোনে গেছীয় অৱস্থালৈ পৰিবৰ্তিত হোৱা তিনিটা বস্তুৰ নাম লিখা ?

উত্তৰঃ গোটা অৱস্থাৰ পৰা পোনে পোনে গেছীয় অৱস্থালৈ পৰিবৰ্তিত হোৱা তিনিটা বস্তু হ’ল—নেপথেলিন, কৰ্পূৰ।

৪। বৰফৰ চাৰিটা ব্যৱহাৰ উল্লেখ কৰা। 

উত্তৰঃ বৰফৰ চাৰিটা ব্যৱহাৰ হ’ল –

ক) খাদ্যবস্তু বহুদিনলৈ ভালে ৰাখিবলৈ বৰফৰ মাজত ৰখা হয়।

খ) জ্বৰ হ’লে, আঘাত পালে, জুয়ে পুৰিলে বৰফ ব্যৱহাৰ কৰা হয়।

গ) গৰম দিনত আইচক্রীম হিচাপে বৰফ খোৱা হয়।

ঘ) বৰফেৰে ঢাক খাই থকা ঠাইত বৰফেৰে ঘৰ সজা হয়।

৫। জুলীয়া আৰু গোটা বস্তুৰ মাজত থকা দুটা পার্থক্য লিখাঁ?

উত্তৰঃ জুলীয়া আৰু গোটা বস্তুৰ মাজত থকা দুটা পার্থক্য হ’ল—

ক) জুলীয়া বস্তুবোৰ তৰল আৰু গোটা বস্তুবোৰ কঠিন।

খ) জুলীয়া বস্তুত কঠিন বস্তু দ্ৰৱীভূত হয় কিন্তু কঠিন বস্তুত জুলীয়া বস্তু দ্রবীভূত নহয়।

৬। স্থিতিস্থাপক বস্তু কাক বোলে? এই গুণ ভিত্তিক দুটা ব্যৱহাৰ লিখা ?

উত্তৰঃ যিবোৰ বস্তুত বল প্রয়োগ কৰিলে বস্তুটোৰ আকাৰ আৰু অৱস্থাৰ পৰিবৰ্তন হয় আৰু সেই বল আতৰাই আনিলে বস্তুৱে পুনৰ আগৰ অৱস্থা পায়, তেনে বস্তুক স্থিতিস্থাপক বস্তু বোলে। স্থিতিস্থাপক গুণভিত্তিক দুটা ব্যৱহাৰ হ’লঃ—ক) এই গুণৰ বাবে মটৰ গাড়ী, চাইকেল আদিত ৰৱৰৰ টিউব-টায়াৰ ব্যৱহাৰ কৰা হয়।

অতিৰিক্ত প্রশ্নোত্তৰ

১। স্বচ্ছ বস্তু আৰু অস্বচ্ছ বস্তু কাক বোলে?

উত্তৰঃ যিবোৰ বস্তুৰ মাজেৰে পোহৰ পাৰ হব পাবে তাকে স্বচ্ছ বস্তু আৰু যিবোৰ বস্তুৰ মাজেৰে পোহৰ পাৰ হব নোৱাৰে, তেনেবোৰ বস্তুক অস্বচ্ছ বস্তু বোলে।

২। নমনীয় বস্তু কাক বোলে?

উত্তৰঃ বস্তুৰ অৱস্থাৰ পৰিবৰ্তন কৰা বল আঁতৰাই আনিলে বস্তুটোৱে যদি আগৰ অৱস্থা ঘূৰাই নাপায়, তেন্তে তেনে বস্তুক নমনীয় বস্তু বোলে।

৩। তাপৰ পৰিবাহী আৰু অপৰিবাহী বুলিলে কি বুজা?

উত্তৰঃ যিবোৰ বস্তুৰ মাজেৰে তাপ সহজে পাৰ হৈ যাব পাৰে তাকে তাপৰ পৰিবাহী বোলে।

যেনে :- লোৰ দণ্ড, এলুমিনিয়াম সামগ্রী।যিবোৰ বস্তুৰ মাজেৰে তাপ সহজে পাৰ হব নোৱাৰে তাকে অপৰিবাহী বোলে।

যেনে :- কাঠ, বাঁহ, আদি।

৪। পানীৰ গোটা অৱস্থাটোৰ নাম কি?

উত্তৰঃ পানীৰ গোটা অৱস্থাটোৰ নাম বৰফ।

৫। গোটা কার্বন-ডাই-অক্সাইডক কি বোলে? 

উত্তৰঃ গোটা কার্বন-ডাই-অক্সাইডক বৰফ বোলে।

৬। পানীত দ্ৰৱীভূত হোৱা আৰু দ্ৰৱীকৃত নোহোৱা দুবিধকৈ সামগ্ৰীৰ নাম লিখা? 

উত্তৰঃ পানীত দ্রৱীভূত হোৱা সামগ্ৰী-নিমখ আৰু চেনী।

দ্ৰৱীভূত নোহোৱা সামগ্ৰী-বালি আৰু মাটি।

৭। পদার্থ কাক বোলে?

উত্তৰঃ বস্তু যিহেৰে তৈয়াৰী সেইবোৰক পদার্থ বোলে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top