মোৰাৰজী দেশাই জীৱনী – স্বাধীন ভাৰতৰ ৪ৰ্থ জন প্ৰধান মন্ত্ৰী | Morarji Desai

মোৰাৰজী দেশাই | Morarji Desai Essay in Assamese | Biography of Morarji Desai in Assamese | মোৰাৰজী দেশাই বিষয়ে জীৱনী | মোৰাৰজী দেশাই বিষয়ে ৰচনা | মোৰাৰজী দেশাইৰ চমু পৰিচয়।

Join Telegram channel

যিসকল ব্যক্তিৰ ব্যক্তিত্ব আৰু দেশ প্ৰেমৰ ফলশ্রুতিত ভাৰতবৰ্ষ এখন আধুনিক, শক্তিশালী দেশ হিচাপে গঢ় লৈ উঠিছে তাৰ ভিতৰত এজন অন্যতম ব্যক্তি হ’ল মোৰাৰজী দেশাই। সমগ্ৰ জীৱন ৰাষ্ট্ৰৰ বাবে উৎসৰ্গিত কৰা মোৰাৰজী দেশাই আছিল এজন আপোচ বিহীন স্বাধীনতা সংগ্ৰামী, সুদক্ষ ৰাজনীতিবিদ, কৰ্মদক্ষ সাংসদ।

মোৰাৰজী দেশাই

মোৰাৰজী দেশাই জীৱনী | Morarji Desai Biography

নামমোৰাৰজী দেশাই (Morarji Desai[1])
জন্ম চন২৯ ফেব্ৰুৱাৰী, ১৮৯৬ চন
জন্ম স্থানভাদেলী, বালছৰ জিলা,  গুজৰাট
অভিভাৱকপিতৃৰ নাম- ৰাণছৌদি নগৰজী দেশাই
মাতৃৰ নাম-
ভাজিয়াবেন দেশাই
শিক্ষা১) ছেইণ্ট বালছৰ হাইস্কুল
২) মুম্বাইৰ উইলছন মহাবিদ্যালয়
বঁটাভাৰত ৰত্ন, ১৯৯১ চন
মৃত্যু১০ এপ্ৰিল, ১৯৯৫ চন

Also Read: জীৱনী: ড° বিৰিঞ্চি কুমাৰ বৰুৱা – অসমীয়া সাহিত্যিক | Birinchi Kumar Barua

মোৰাৰজী দেশাই প্ৰাৰম্ভিক জীৱন

ভাৰতৰ চতুৰ্থ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা মোৰাৰজী দেশাইৰ জন্ম গ্ৰহণ কৰিছিল ১৮৯৬ চনৰ ২৯ ফেব্ৰুৱাৰীত গুজৰাটৰ বালচাৰ জিলাৰ অন্তৰ্গত ভাদেলী গাঁওত। তেওঁৰ পিতৃৰ নাম আছিল ৰাণছৌদি নগৰজী দেশাই আৰু মাতৃৰ নাম আছিল- ভাজিয়াবেন দেশাই। মোৰাৰজী দেশাই পিতৃ ৰাণছৌদি নগৰজী দেশায়ে বৃত্তিগত ভাৱে এজন শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। শিক্ষক পিতৃৰ সন্তান হিচাপে মোৰাৰজী দেশায়ে সৰুৱে পৰা কঠোৰ অনুশাসন, নিয়মানুবৰ্তিতাৰ লগতে সততাৰ গুণ আয়ত্ব কৰি কঠোৰ পৰিশ্ৰমেৰে জীৱনত কিদৰে আগবাঢ়ি যাব পাৰি সেইসমূহ শিক্ষা লাভ কৰিছিল। 

শিক্ষা

মোৰাৰজী দেশায়ে আনুষ্ঠানিক শিক্ষা লাভ কৰিছিল ছেইণ্ট বালছৰ হাইস্কুলত। মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পৰৱৰ্তী সময়ত দেশায়ে মুম্বাইৰ উইলছন মহাবিদ্যালয় পৰা ১৯১৮ চনত স্নাতক ডিগ্ৰী লাভ কৰে। আনুষ্ঠানিক শিক্ষা শেষ কৰাৰ পিছত আহমেদাবাদত ডেপুটি কালেক্টৰ হিচাপে বৃত্তিগত জীৱন আৰম্ভ কৰা মোৰাৰজী দেশায়ে ১২ বছৰ এই পদত কাৰ্যনিৰ্বাহ কৰে।

স্বাধীনতা আন্দোলনত অংশগ্ৰহণ

গুৰুত্বপূৰ্ণ কথা যে ১৯৩০ চনত ব্ৰিটিছ শাসন ব্যৱস্থাৰ প্ৰতি ক্ষোভ প্ৰদৰ্শন কৰি চৰকাৰী চাকৰিৰ পৰা পদত্যাগ কৰিছিল মোৰাৰজী দেশায়ে। চৰকাৰী চাকৰিৰ পৰা পদত্যাগ কৰি মহাত্মা গান্ধীৰ নেতৃত্বত সূচনা হোৱা স্বাধীনতা আন্দোলনত সক্ৰীয় অংশগ্ৰহণ কৰিছিল মোৰাৰজী দেশায়ে। চৰকাৰী চাকৰিৰ পৰা পদত্যাগ কৰাৰ পৰৱৰ্তী সময়ত ব্যক্তিগত জীৱনত প্ৰত্যাহ্বানৰ সম্মুখীন হ’লেও দেশৰ স্বাধীনতাৰ ক্ষেত্ৰত আপোচ কৰা নাছিল মোৰাৰজী দেশায়ে। উল্লেখ্য যে ব্ৰিটিছৰ বিৰুদ্ধে সূচনা হোৱা স্বাধীনতা সংগ্ৰামত সক্ৰীয় কৰাৰ বাবে মোৰাৰজী দেশাইক তিনিবাৰকৈ কাৰাদণ্ডৰে দণ্ডিত কৰিছিল ব্ৰিটিছ চৰকাৰে।

১৯৩১ চনত সৰ্বভাৰতীয় কংগ্ৰেছ সমিতিৰ সদস্য হিচাপে যোগদান কৰিছিল মোৰাৰজী দেশাই। ইয়াৰ পৰৱৰ্তী সময়ত কংগ্ৰেছ কমিটিৰ সম্পাদক হিচাপে নিযুক্ত হয় মোৰাৰজী দেশাই আৰু ১৯৩৭ চনলৈকে সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰে। ইয়াৰ পৰৱৰ্তী  সময়ত ১৯৩৭ চনৰ পৰা কংগ্ৰেছ চৰকাৰৰ বি জে খেৰৰ মন্ত্ৰীসভাত বোম্বাই প্ৰদেশৰ ৰাজহ, কৃষি, বন আৰু সমবায় মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল মোৰাৰজী দেশাই। গুৰুত্বপূৰ্ণ কথা যে ১৯৩৯ চনত জনসাধাৰণৰ সন্মতি অবিহনে ভাৰতক বিশ্বযুদ্ধৰ অংশীদাৰ কৰাৰ প্ৰতিবাদত প্ৰতিবাদী কাৰ্যসূচীতো অংশগ্ৰহণ কৰিছিল মোৰাৰজী দেশায়ে।

গুৰুত্বপূৰ্ণ কথা যে, মহাত্মা গান্ধীৰ নেতৃত্বত ব্ৰিটিছৰ বিৰুদ্ধে সূচনা হোৱা  ব্যক্তিগত সত্যাগ্ৰহত মোৰাৰজী দেশায়ে সক্ৰীয় অংশগ্ৰহণ কৰিছিল যাৰ পৰিপ্ৰেক্ষিতত দেশাইক আটক কৰি ৰাখিছিল ব্ৰিটিছ চৰকাৰে। অৱশ্যে ইয়াৰ পৰৱৰ্তী সময়ত ১৯৪১ চনৰ অক্টোবৰ‌ মাহত দেশাইক মুকলি কৰি দিয়া হৈছিল। ব্ৰিটিছ চৰকাৰে আটক কৰি ৰাখিলেও দেশৰ খাতিৰত আপোচ নকৰা মোৰাৰজী দেশায়ে ১৯৪২ চনৰ আগষ্ট মাহত সূচনা হোৱা ভাৰত ত্যাগ আন্দোলনত পুনৰ সক্ৰীয় অংশগ্ৰহণ কৰিছিল যাৰ পৰিপ্ৰেক্ষিতত পুনৰ ব্ৰিটিছ চৰকাৰে আটক কৰিছিল মোৰাৰজী দেশাইক। পৰৱৰ্তী সময়ত ব্ৰিটিছে ১৯৪৫ চনত মোৰাৰজী দেশাইক কাৰাগাৰৰ পৰা মুক্তি দিয়ে।

ৰাজনৈতিক জীৱন

কাৰাগাৰৰ পৰা মুক্তি লাভ কৰাৰ পিছত ১৯৪৬ চনত ৰাজ্যিক বিধানসভাৰ নিৰ্বাচনত জয় লাভ কৰি বোম্বাইৰ গৃহ আৰু ৰাজহ মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহন কৰে মোৰাৰজী দেশায়ে। উল্লেখ্য যে গৃহ আৰু ৰাজহ মন্ত্ৰী হিচাপে দেশায়ে তেওঁৰ ভূমি অধিকাৰৰ ক্ষেত্ৰত বহু কেইটা সংস্কাৰ সাধন কৰি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল বিশেষকৈ মাটিৰ ৰায়তী স্বত্ব আইনখনৰ সংস্কাৰ সাধন কৰি ব্যাপক পৰিৱৰ্তনৰ‌ সূচনা কৰিছিল। ইয়াৰ ওপৰিও তেওঁ আৰক্ষী আৰু সাধাৰণ জনতাৰ মাজত থকা দূৰত্ব হ্ৰাস কৰাৰ প্ৰয়াস কৰিছিল। 

গুৰুত্বপূৰ্ণ কথা যে বি. জে. খেৰে ১৯৫২ চনত মুখ্যমন্ত্ৰী পদৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত মোৰাৰজী দেশাই বোম্বাইৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়। উল্লেখ্য যে এই সময়ছোৱাতেই বিশেষকৈ দক্ষিণ ভাৰতৰ ৰাজ্য সমূহত ভাষিক ভিত্তিত আন্দোলনৰ সূচনা হৈছিল। বোম্বাই এখন দ্বিভাষিক ৰাজ্য আছিল। গুজৰাটী ভাষী আৰু মাৰাঠী ভাষী লোকসকলৰ মাজত বিভিন্নতা বৃদ্ধি হৈ বোম্বাই বিভক্ত হৈছিল। এনেবোৰ কাৰণতে মোৰাৰজী দেশায়ে ১৯৫৬ চনত বোম্বাইৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল।

মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পিছত মোৰাৰজী দেশায়ে ১৯৫৬ চনৰ পৰা ১৯৫৭ চনলৈকে কেন্দ্ৰীয় চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহন কৰে। ইয়াৰ পৰৱৰ্তী সময়ত ১৯৫৮ চনত কেন্দ্ৰীয় চৰকাৰৰ বিত্ত দপ্তৰৰ দায়িত্ব গ্ৰহণ কৰে। উল্লেখ্য যে বিত্ত মন্ত্ৰী হিচাপে মোৰাৰজী দেশায়ে বহু কেইটা বিত্তীয় সংস্কাৰ সাধন কৰে। ১৯৬৩ চনলৈকে দেশায়ে বিত্ত মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিল।উল্লেখ্য যে মোৰাৰজী দেশায়ে বিত্ত মন্ত্ৰী হিচাপে অৰ্থনৈতিক পৰিকল্পনা সমূহ কাৰ্যত ৰূপান্তৰ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ইয়াৰ ওপৰিও তেওঁ দেশৰ প্ৰতিৰক্ষাৰ ক্ষমতা বৃদ্ধিৰ লগতে দেশৰ উন্নয়ন সাধন ৰাজহ বৃদ্ধি কৰিছিল। 

গুৰুত্বপূৰ্ণ কথা যে ১৯৬৩ চনত মোৰাৰজী দেশায়ে   কামৰাজ পৰিকল্পনাৰ অধীনত কেন্দ্ৰীয় কেবিনেটৰ পৰা পদত্যাগ কৰে। ইয়াৰ পৰৱৰ্তী সময়ত ১৯৬৫ চনত সেই সময়ৰ প্ৰধানমন্ত্ৰী লালবাহাদুৰ শাস্ত্ৰীৰ শাসনকালত প্ৰশাসনীয় সংস্কাৰ আয়োগৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহন কৰে। 

১৯৬৭ চনত মোৰাৰজী দেশায়ে সেই সময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ মন্ত্ৰীসভাত উপ-প্ৰধানমন্ত্ৰী আৰু বিত্ত দপ্তৰৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। কিন্তু গুৰুত্বপূৰ্ণ কথা যে ১৯৬৯ চনৰ জুলাই মাহত প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীয়ে মোৰাৰজী দেশাইৰ পৰা বিত্ত বিভাগ কাঢ়ি লয়। মন্ত্ৰী সকলৰ দপ্তৰ সলনি কৰাৰ অধিকাৰ প্ৰধানমন্ত্ৰীৰ থাকিলেও উমৈহতীয়া সৌজন্য প্ৰকাশ নকৰাকৈ মোৰাৰজী দেশাইৰ পৰা বিত্ত বিভাগৰ দায়িত্ব কাঢ়ি লোৱা কথাটোৱে দেশাইৰ আত্মসন্মানত আঘাত কৰিছিল। যাৰ বাবে উপ-প্ৰধানমন্ত্ৰী দায়িত্বৰ পৰা পদত্যাগ কৰিছিল মোৰাৰজী দেশায়ে।

গুৰুত্বপূৰ্ণ কথা যে ১৯৬৯ চনত কংগ্ৰেছ দল দুটা ভাগত বিভক্ত হৈছিল। উল্লেখ্য যে এই সময়ছোৱাত মোৰাৰজী দেশায়ে  কংগ্ৰেছৰ সৈতে বিৰোধী দলৰ নেতৃত্ব বহন কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত ১৯৭১ চনত পুনৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল মোৰাৰজী দেশাই। নীতিৰ ক্ষেত্ৰত অটল মোৰাৰজী দেশায়ে গুজৰাট বিধানসভাৰ নিৰ্বাচন স্থগিত কৰাৰ বাবে ১৯৭৫ চনত অনিৰ্দিষ্ট কালীন অনশন কাৰ্যসূচী হাতত লৈছিল। মোৰাৰজী দেশাইৰ অবিচল এই কাৰ্যসূচীৰ বাবেই ১৯৭৫ চনৰ জুন মাহত গুজৰাটত বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰা হৈছিল।

গুৰুত্বপূৰ্ণ কথা যে, ১৯৭৫ চনৰ ২৬ জুনত জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ সময়ত সুদীৰ্ঘ সময় ধৰি মোৰাৰজী দেশাইক গ্ৰেপ্তাৰ কৰি  নজৰ বন্দী কৰি থৈছিল। উল্লেখ্য যে লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ঘোষণাৰ পিছত ১৯৭৭ চনৰ ১৮ জানুৱাৰীতহে মুক্তি দিয়া হৈছিল মোৰাৰজী দেশাইক। মুক্তি লাভ কৰাৰ পিছতে মোৰাৰজী দেশায়ে সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ চলাই ১৯৭৭ চনৰ মাৰ্চ মাহত অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনত জনতা পাৰ্টি বিজয় অৰ্জন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। উল্লেখ্য যে এই সাধাৰণ নিৰ্বাচনত মোৰাৰজী দেশায়ে গুজৰাটৰ চুৰাট সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল। পৰৱৰ্তী সময়ত মোৰাৰজী দেশাইক সৰ্বসন্মতিক্ৰমে সংসদত জনতা পাৰ্টিৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয় আৰু ১৯৭৭ চনৰ ২৪ মাৰ্চত ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

Also Read: জীৱনী: বদন চন্দ্ৰ বৰফুকন – অসম বুৰঞ্জীৰ খলনায়ক | Badan Chandra Borphukan

প্ৰধানমন্ত্ৰী পদত মোৰাৰজী দেশাই

প্ৰধানমন্ত্ৰী হিচাপে মোৰাৰজী দেশায়ে নিজৰ কৰ্তব্যনিষ্ঠাৰ উদাহৰণ দাঙি ধৰাৰ লগতে জনসাধাৰণৰ লগত এক নিকটৱৰ্তী সম্পৰ্ক গঢ়ি তুলিবলৈ যত্ন কৰিছিল। দেশৰ সৰ্বোচ্চ পদমৰ্যাদা লাভ কৰা ব্যক্তিয়ে ভুল কৰিলে যাতে সাধাৰণ জনতাই তেওঁৰ ভুলটো আঙুলিয়াই দেখুৱাবলৈ সক্ষম হ’ব পাৰে তেনেধৰণৰ এক আদৰ্শ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে প্ৰধানমন্ত্ৰী হিচাপে মোৰাৰজী দেশায়ে ১৯৬২ চনত চীনা যুদ্ধৰ পিছত চীনৰ সৈতে ভাৰতৰ স্বাভাৱিক সম্পৰ্ক পুনৰুদ্ধাৰৰ বাবে বিশেষ পদক্ষেপ হাতত লৈছিল। ইয়াৰ ওপৰিও তেওঁ পাকিস্তানৰ সামৰিক শাসক জেনেৰেল জিয়া-উল-হকৰ সৈতেও যোগাযোগ কৰি পাকিস্তানৰ সৈতেও এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। 

প্ৰধানমন্ত্ৰী হিচাপে মোৰাৰজী দেশায়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ স্থিতি নিশ্চিত কৰিছিল যে ভাৰতে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ নকৰে আৰু আনকি শান্তিপূৰ্ণ পাৰমাণৱিক বিস্ফোৰণ কৰাৰ পৰাও বিৰত থাকিব। 

গান্ধীবাদী অনুগামী, সমাজ-সংস্কাৰক মোৰাৰজী দেশায়ে গুজৰাট বিদ্যাপীঠৰ উপাচাৰ্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। আনকি প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যকালতো  বিদ্যাপীঠভ্ৰমণ কৰিছিল। সাধাৰণ জীৱন যাপনৰ প্ৰণালীৰ ওপৰত গুৰুত্ব আৰোপ কৰা দেশায়ে  প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত পিছতো নিজে পোষ্ট কাৰ্ড লিখিছিল। 

সামৰণি

১৯৮০ চনৰ সাধাৰণ নিৰ্বাচনত এজন জ্যেষ্ঠ ৰাজনীতিবিদ হিচাপে মোৰাৰজী দেশায়ে জনতা পাৰ্টিৰ হৈ প্ৰচাৰ চলাইছিল কিন্তু নিজে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা নাছিল। ৰাজনৈতিক অৱসৰৰ পৰৱৰ্তী সময়ত মুম্বাইত বাস কৰিছিল তেওঁ। উল্লেখ্য যে ৯৯ বছৰ বয়সত মুম্বাই স্থিত বাসগৃহত ১৯৯৫ চনৰ ১০ এপ্ৰিল তাৰিখে ইহলীলা সম্বৰণ কৰে মোৰাৰজী দেশায়ে।

Also Read: জীৱনী: ৰামপ্ৰসাদ বিসমিল – স্বাধীনতা সংগ্ৰামৰ এটা উল্লেখযোগ্য নাম | Ram Prasad Bismil

FAQs 

১) মোৰাৰজী দেশাই কোন আছিল?

উত্তৰ মোৰাৰজী দেশাই আছিল এজন আপোচ বিহীন স্বাধীনতা সংগ্ৰামী, সুদক্ষ ৰাজনীতিবিদ, কৰ্মদক্ষ সাংসদ তথা স্বাধীন ভাৰতৰ ৪ৰ্থ জন প্ৰধান মন্ত্ৰী। 

) মোৰাৰজী দেশাইৰ জন্ম হৈছিল?

উত্তৰ ১৮৯৬ চনৰ ২৯ ফেব্ৰুৱাৰীত গুজৰাটৰ বালচাৰ জিলাৰ অন্তৰ্গত ভাদেলী গাঁৱত ।

) মোৰাৰজী দেশাইৰ পিতৃ মাতৃৰ নাম কি?

উত্তৰ মোৰাৰজী দেশাইৰ পিতৃৰ নাম হ’ল – ৰাণছৌদি নগৰজী দেশাই আৰু মাতৃৰ নাম হ’ল – ভাজিয়াবেন দেশাই।

) মোৰাৰজী দেশাইয়ে প্ৰধানমন্ত্ৰী হিচাপে কেতিয়ালৈকে কাৰ্যনিৰ্বাহ কৰিছিল?

উত্তৰ প্ৰধানমন্ত্ৰী হিচাপে মোৰাৰজী দেশায়ে ১৯৭৭ চনৰ ২৪ মাৰ্চৰ পৰা ১৯৭৯ চনৰ ২৮ জুলাইলৈকে কাৰ্যনিৰ্বাহ কৰিছিল।

৫)  মোৰাৰজী দেশাইৰ মৃত্যু কেতিয়া হৈছিল?

উত্তৰ – ১০ এপ্ৰিল, ১৯৯৫ চনত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top