বদন চন্দ্ৰ বৰফুকন জীৱনী – অসম বুৰঞ্জীৰ খলনায়ক | Badan Chandra Borphukan Biography

বদন চন্দ্ৰ বৰফুকন | Badan Chandra Borphukan Essay in Assamese | Biography of Badan Chandra Borphukan in Assamese | বদন চন্দ্ৰ বৰফুকন বিষয়ে জীৱনী | বদন চন্দ্ৰ বৰফুকন বিষয়ে ৰচনা | বদন চন্দ্ৰ বৰফুকনৰ চমু পৰিচয়।

Join Telegram channel

বহুতো উল্লেখযোগ্য ঘটনা, উত্থান পতনৰ জীয়া কাহিনীৰে পয়োভৰ আছিল আহোমৰ ছশ বছৰীয়া ৰাজত্বকাল। এই সময়খিনিত যিদৰে বিভিন্ন জনে সামূহিক স্বাৰ্থত বিভিন্ন ধৰণে ত্যাগ স্বীকাৰ কৰিছিল ঠিক একেদৰেই বিভিন্ন জনে নিজৰ ন্যস্ত স্বাৰ্থ সুৰক্ষিত কৰিবলৈ বিভিন্ন অনৈতিক কাম হাতত তুলি সকলোকে বিপদৰ সন্মুখলৈ ঠেলি দিছিল। আহোম ৰাজত্বৰ এই সময়খিনিৰ এটা গুৰুত্বপূৰ্ণ চৰিত্ৰ হ’ল  বদন চন্দ্ৰ বৰফুকন (Badan Chandra Borphukan)। অসম বুৰঞ্জীত বদন চন্দ্ৰ বৰফুকনৰ চৰিত্ৰটো হ’ল অতি উপেক্ষিত, ঘৃণনীয় আৰু নিকৃষ্ট। অসমৰ স্বাধীনতাৰ বেলি মাৰ যোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল বদন চন্দ্ৰ বৰফুকনে। আজিও বদন চন্দ্ৰ বৰফুকনৰ প্ৰতি অসমীয়া মানুহৰ ক্ষোভ আছে, তেওঁৰ ওপৰত ঘৃণা আছে। এক কথাত বদন চন্দ্ৰ বৰফুকন হ’ল অসম বুৰঞ্জীৰ খলনায়ক।

বদন চন্দ্ৰ বৰফুকন

বদন চন্দ্ৰ বৰফুকন জীৱনী | Badan Chandra Borphukan Biography

নামবদন চন্দ্ৰ বৰফুকন (Badan Chandra Borphukan[1])
পদবীচন্দ্ৰকান্ত সিংহৰ আমোলৰ বৰফুকন আৰু পৰৱৰ্তী সময়ত বৰগোহাঁইৰ দায়িত্ব পালন।
পিতৃৰ নামহৰনাথ
মৃত্যু ১৮১৮ খ্ৰীষ্টাব্দ

Also Read: জীৱনী: কুমাৰ ভাস্কৰ বৰ্মন- শেষৰজন বৰ্মন ৰজা | Kumar Bhaskar Varman

বদন চন্দ্ৰ বৰফুকন প্ৰাথমিক স্থিতি

গুৰুত্বপূৰ্ণ কথা যে, বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে হস্তক্ষেপ কৰা আগলৈকে আহোম ৰাজতন্ত্ৰৰ ৰজা সকলৰ অসমৰ্থতা, বিষয়াসকলৰ মাজত পাৰস্পৰিক শত্ৰুতাৰ বাবে আহোম ৰাজতন্ত্ৰৰ অৱনতি ঘটিছিল। ১৮১১ চনত কমলেশ্বৰ সিংহৰ মৃত্যুৰ পিছত এই পৰিস্থিতি অধিক বেয়া হৈ পৰিল। তেওঁৰ মৃত্যুৰ পিছত পূৰ্ণানন্দ বুঢ়াগোহাঁই আৰু আন আন বিষয়া সকলে কমলেশ্বৰ সিংহৰ ভাতৃ চন্দ্ৰকান্ত সিংহক ৰাজপাটত বহোৱালে। উল্লেখ্য যে শাসনৰ দায়িত্ব লোৱাৰ সময়ত চন্দ্ৰকান্ত সিংহ নাবালক হৈ থকাৰ বাবে পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে এই সুযোগ ব্যৱহাৰ কৰি আহোম ৰাজ্যৰ শাসন কাৰ্যত মুখ্য ভূমিকা পালন কৰিবলৈ ধৰিলে। চন্দ্ৰকান্ত সিংহ পুতলা ৰজালৈ অৱদমিত হ’ল। কিন্তু চন্দ্ৰকান্ত সিংহ দীৰ্ঘদিনৰ বাবে পুতলা ৰজা হৈ থাকিব বিচৰা নাছিল।

তেওঁ শান্তিপ্ৰিয় শাসক আছিল যদিও ক্ষমতাৰ প্ৰতি লালসা আছিল। যাৰ বাবে চন্দ্ৰকান্ত সিংহই তেওঁৰ সমবয়সীয়া ঘোঁৰাৰ প্ৰশিক্ষণ দিয়া তত্বাবধায়ক সৎ ৰামৰ সৈতে সম্পৰ্ক গঢ়ি তুলিলে আৰু এই সম্পৰ্কই সেই সময়ৰ ৰাজনৈতিক ক্ষেত্ৰখনত গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰা পৰিলক্ষিত হ’ল। চন্দ্ৰকান্ত সিংহই সৎৰামক চাৰিঙীয়া ফুকন হিচাপে নিযুক্তি দিলে। গুৰুত্বপূৰ্ণ কথা যে চন্দ্ৰকান্ত সিংহৰ পৃষ্ঠপোষকতাত সৎৰাম ইমান শক্তিশালী হৈ পৰিল যে তেওঁ নিজে ৰজা হোৱাৰ সপোন দেখিছিল। যাৰ বাবে সৎৰামে চন্দ্ৰকান্ত সিংহৰ গোপন অনুমোদন সাপেক্ষে পূৰ্ণানন্দ বুঢ়াগোহাঁইক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল। অৱশ্যে পৰৱৰ্তী সময়ত সৎৰামৰ এই ষড়যন্ত্ৰ ধৰা পৰিল ইয়াৰ বাবে ষড়যন্ত্ৰৰ লগত চামিল থকা বাকী সকল ব্যক্তিক হত্যা কৰা হ’ল আৰু সৎৰামক নিৰ্বাসন দিয়া হয়। অৱশ্যে পৰৱৰ্তী সময়ত নিৰ্বাসিত অৱস্থাতে তেওঁৰ মৃত্যু হয়।

বৰফুকন পদত নিযুক্তি

উল্লেখ্য যে এইখিনি সময়তে কলিয়াভোমোৰা বৰফুকনৰ মৃত্যুৰ পিছত হৰনাথৰ পুত্ৰ ঘিনাই ওৰফে বদন চন্দ্ৰক গুৱাহাটীত বৰফুকন (নামনি অসমৰ দায়িত্বত থকা ৰাজ প্ৰতিনিধি) হিচাপে নিযুক্তি দিয়া হয়। বদন চন্দ্ৰক বৰফুকন হিচাপে নিযুক্তি দিয়া কাৰ্যই অসমৰ ৰাজনীতিত বিশেষ প্ৰভাৱ পেলালে। বদন চন্দ্ৰ বৰফুকন আছিল অতিশয় স্বাৰ্থলোভী আৰু অতি নিষ্ঠুৰ। তাৰোপৰি পূৰ্ণানন্দ বুঢ়াগোহাঁই সৈতে সংঘাত আছিল বদন চন্দ্ৰ বৰফুকনৰ। ড° এছ এল বৰুৱাই মন্তব্য কৰিছিল যে, এই কাৰ্যৰ জৰিয়তে প্ৰধান মন্ত্ৰীজনে নিজৰে কবৰ খান্দিলে এনে নহয়, লগতে মানৰ অসম আক্ৰমণৰ বৃহৎ মহাপ্লাৱনো বোৱাই আনিলে। অন্যহাতে পূৰ্ণানন্দ বুঢ়াগোহাঁই আৰু বদন চন্দ্ৰ বৰফুকনৰ মাজত ব্যক্তিগত সম্পৰ্কও আছিল। বদন চন্দ্ৰ বৰফুকনৰ জীয়াৰী পিজৌ গাভৰু আছিল পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বোৱাৰী।

বৰফুকনৰ দায়িত্ব গ্ৰহণ কৰাৰ প্ৰাৰম্ভিক সময়ছোৱাত বদন চন্দ্ৰই ৰাজ আনুগত্য ৰক্ষা কৰি কিছুদিন সুচাৰুৰূপে নিজৰ দায়িত্ব পালন কৰিছিল। কিন্তু অতি কম সময়ৰ ভিতৰতে বদন চন্দ্ৰই নিজৰ দায়িত্বৰ সলনি স্বৈৰচ্ছাৰিতাৰ আশ্ৰয় লৈ কামৰূপৰ জনসাধৰণৰ ওপৰত নিষ্ঠুৰ শাসন আৰু সন্ত্ৰাস চলালে। গুৰুত্বপূৰ্ণ কথা যে বিনা কাৰণতে বা ক্ষুদ্ৰ দোষতে আহোম ৰাজ্যৰ ভাটি খণ্ডৰ ৰজাৰ প্ৰতিনিধি বৰফুকনৰ দায়িত্বত থকা বদনচন্দ্ৰই কামৰূপীয়া প্ৰজা সকলক বিজিত প্ৰজা হেন জ্ঞান কৰি -সম্পত্তি, ধন-সোণ কাঢ়ি লৈছিল। আনকি ভাং খোৱাই  হাতীক পগলা কৰি মেলি দিয়ো গাঁৱবাসীক ভীত সন্ত্ৰস্ত কৰি তুলিছিল। অত্যাচাৰ উৎপীড়নে চৰম সীমা পোৱা বদন চন্দ্ৰ বৰফুকনৰ এই নিষ্ঠুৰতাৰ অৱসান ঘটাবৰ বাবে পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে বৰফুকনক ধৰি আনিবলৈ এদল সৈন্য প্ৰেৰণ কৰিছিল। কিন্তু বদন চন্দ্ৰই জীয়াৰী পিজৌ গাভৰুৰ পৰা এই কথাৰ সম্ভেদ পাই বংগদেশলৈ পলাই যাবলৈ সক্ষম হয়।

বংগদেশলৈ গৈ বদন চন্দ্ৰ বৰফুকনে গৱৰ্ণৰ জেনেৰেলক সকলো কথা ব্যক্ত কৰি সহায় ভিক্ষা কৰিলে। কিন্তু গৱৰ্ণৰ জেনেৰেলে অসমৰ সৈতে থকা মিত্ৰতাৰ বাবে বদন চন্দ্ৰ বৰফুকনক সহায় কৰিবলৈ অমান্তি হয়। ইয়াৰ পৰৱৰ্তী সময়ত বদন চন্দ্ৰ বৰফুকনে সহায় বিচাৰি মানৰ কটকীৰ লগত কিন বা ইৰাৱতী নৈয়ে বৰ্মাদেশলৈ গৈ মান ৰজাৰ লগত থাকি তেওঁৰ পৰা সহায় ভিক্ষা কৰিলে। গুৰুত্বপূৰ্ণ কথা যে মান ৰজাৰ পৰা বদন চন্দ্ৰ বৰফুকনে লাভ কৰিলে এটা যোগাত্মক সহাঁৰি।

১৮১৭ খ্ৰীষ্টাব্দৰ মাৰ্চ মাহত বদন চন্দ্ৰ বৰফুকনৰ অধীনত ৮০০০ সেনাক অসম আক্ৰমণ কৰিবলৈ পঠিয়ায় দিয়া হ’ল। এইয়াই আছিল বদন চন্দ্ৰ বৰফুকনৰ উদ্যোগত হোৱা মানৰ প্ৰথম আক্ৰমণ। মানসকল পাটকাই ন’নগিয়াঙ পথেদি অসমলৈ আগবাঢ়ি আহোঁতে কিছু স্থানীয় শাসন কৰ্তাই যোগ দিয়াত সৈন্যৰ শক্তি ১৬০০০ লৈ বৃদ্ধি পালে। অতৰ্কিত ভাৱে সংঘটিত হোৱা মানৰ এই আক্ৰমণৰ বাবে আহোম ৰাজতন্ত্ৰ সাজু নাছিল। তথাপিও নিচেই কম সৈন্যৰ সহিতে মানৰ আক্ৰমণৰ মুখামুখি হ’বলৈ আহোমৰ সৈন্য বাহিনী সাজু হৈছিল। ঘিলাধাৰী নামে ঠাইত ১৮১৭ চনৰ ২৭ মাৰ্চত মানসেনাৰে সৈতে অসমীয়া সৈন্যৰ প্ৰথম যুদ্ধ সংঘটিত হৈছিল। এই যুদ্ধত মান সেনা বিজয়ী হয়। উল্লেখ্য যে এইখিনি সময়তে পূৰ্ণানন্দ বুঢ়াগোহাঁইয়েও মৃত্যুক আকোঁৱালি ল’লে। প্ৰবাদ অনুসৰি যুদ্ধত পৰাজয় বহন কৰা বাতৰি পাইয়ে পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে মৃত্যুক সাৱটি ল’লে বুলিও কোৱা হয়। গুৰুত্বপূৰ্ণ কথা যে আহোম সকলক যুদ্ধত পৰাস্ত কৰি মান সেনাই  ৰূপ ২৪,০০০, সোণৰ মোহৰ ৮০০০, ক্ষতিপূৰণ হিচাপে একলাখ টকা দিয়াৰ লগতে অন্যান্য বহু সা-সম্পত্তি লৈ লুণ্ঠন কৰি চন্দ্ৰকান্ত সিংহক ৰজা আৰু বদনচন্দ্ৰক বুঢ়াগোহাঁইৰ দায়িত্ব দি নিজৰ দেশলৈ উভতি গ’ল। মান ওভতি যোৱাৰ পৰৱৰ্তী সময়ত বৰগোহাঁইৰ দায়িত্ব লৈ বদন চন্দ্ৰ বৰফুকন সৰ্বেসৰ্বা হৈ পৰিল। আনকি ক্ষমতাত মত্ত হৈ বদন চন্দ্ৰই পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ পৰিয়ালৰ লোকসকলক মিছাতে শাস্তি প্ৰদান কৰিছিল। 

আহোম ৰাজতন্ত্ৰৰ আভ্যন্তৰীণ কন্দলে চুড়ান্ত পৰ্যায় পোৱাৰ সমান্তৰালকৈ বদন চন্দ্ৰ বৰফুকনৰ স্বৈৰচ্ছাৰিতাই চুড়ান্ত পৰ্যায় পোৱাৰ বাবে সেই সময়ৰ আহোম ৰাজমাওৱে  বিষয়ববীয়া সকলৰে আলোচনা কৰি বদনচন্দ্ৰক হত্যা কৰিবলৈ এটা চুড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিছিল। যাৰ পৰিণতিত বদন চন্দ্ৰৰ নিৰস্ত্ৰ অৱস্থাত ৰূপ সিং চুবেদাৰ আৰু ৰহমন খাই নামৰ হিন্দুস্থানী চিপাহী জড়িয়তে তেওঁক হত্যা কৰা হয়। গুৰুত্বপূৰ্ণ কথা যে বদনক হত্যা কৰি হত্যাকাৰী বঙাল ৰূপচিং চুবেদাৰ আৰু ৰহমন খাই অস্ত্ৰ ধোৱা যোৰহাট চহৰৰ ন-আলিৰ কাষৰীয়া বঙাল পুখুৰীটো আজিও পৰিত্যক্ত।

Also Read: জীৱনী: জৱাহৰলাল নেহৰু – স্বাধীন ভাৰতৰ প্ৰথম গৰাকী প্ৰধান মন্ত্ৰী | Jawaharlal Nehru

সামৰণি | Conclusion

বদন চন্দ্ৰ বৰফুকনৰ মৃত্যুৰ পিছত ৰুচিনাথ বুঢ়াগোহাইৰ উদ্যোগত আহোম ৰাজতন্ত্ৰৰ গৃহকন্দলে এনেকুৱা অৱস্থা পালেগৈ যে চন্দ্ৰকান্ত সিংহক সিংহাসন চ্যুত কৰি সোঁকানখন কাটি দিয়া হ’ল যাতে পুনৰাই তেওঁ ৰজা হব নোৱাৰে‌। ইয়াৰ উপৰিও শিলমাৰিত থকা ৰাজেশ্বৰ সিংহৰ নাতি ব্ৰজনাথৰ অঙ্গক্ষত থকা হেতুকে তেওঁৰ পুত্ৰ পুৰন্দৰকে ৰাজপাট অধিষ্ঠিত কৰা হয়। গুৰুত্বপূৰ্ণ কথা যে এইসমূহ কথা মানৰজাই জানিবলৈ পোৱাত চন্দ্ৰকান্ত সিংহক পুনৰ শাসনত অধিষ্ঠিত কৰিবলৈ শক্তিশালী সৈন্য বাহিনী প্ৰেৰণ কৰিলে। ইয়াৰ ফলত ১৯১৯ খ্ৰীষ্টাব্দত দ্বিতীয় মানৰ আক্ৰমণ সংঘটিত হ’ল। আহোম ৰজা পুৰন্দৰ সিংহ গুৱাহাটীলৈ পলাই গ’ল। মানে পুনৰ চন্দ্ৰকান্ত সিংহক ৰাজপাটত বহোৱালে। মান ৰজাই বাৰেপতি অসম আক্ৰমণ কৰিবলৈ সুবিধা পাইছিল বদন চন্দ্ৰ বৰফুকনে জনোৱা আহ্বানক কেন্দ্ৰ কৰি। চন্দ্ৰকান্ত সিংহই আহোম ৰাজপাটত নামতহে দখল কৰি আছিল। প্ৰতিটো কথা আৰু কামত মানসেনাৰ কৰ্তৃত্বহে বিৰাজ কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে ১৮২১ খ্ৰীষ্টাব্দত পুনৰ অসম আক্ৰমণ কৰিছিল। কেৱল কৰ্তৃত্ব বিস্তাৰ কৰাই নহয় মানে সাধাৰণ জনতাৰ ওপৰত অত্যাচাৰ উৎপীড়ন চলাইছিল। মানৰ এই নিষ্ঠুৰতাৰ পৰা কোনোৱে ৰেহাই পোৱা নাছিল। 

মানৰ এই উপদ্ৰৱ, নিষ্ঠুৰতাৰ পৰা ৰক্ষা পাবলৈকে অসমীয়াই উপায়হীন হৈ ইংৰাজৰ সহায় ভিক্ষা কৰিছিল। ১৮২৬ চনত ইংৰাজ সৈন্য আৰু মান সকলৰ মাজত সূচনা হোৱা যুদ্ধত মানে পৰাজয় বৰণ কৰিছিল। ইয়াণ্ডাবু নামে ঠাইত ১৮২৬ চনৰ ২৪ ফ্ৰেব্ৰুৱাৰী তাৰিখে ইংৰাজ আৰু মানৰ মাজত চুক্তি স্বাক্ষৰিত হৈ ৬০০ বছৰীয়া আহোম শাসনৰ অন্ত পৰে। বদন চন্দ্ৰ বৰফুকনৰ ক্ষমতাৰ প্ৰতি থকা হাবিয়াসৰ বাবেই আহোম ৰাজত্বৰ অন্ত পৰিছিল।

ৰাজনৈতিক ক্ষমতা লাভৰ দুৰ্বাৰ আকাংক্ষা থকা বদন চন্দ্ৰ বৰফুকন আজি অসমীয়াৰ দৃষ্টিত এজন খলনায়ক। আজিও বদন চন্দ্ৰ বৰফুকন বুলি ক’লে মান সৈন্যই অসম ৰক্তাক্ত কৰি সংঘটিত কৰা নাৰকীয় কাণ্ডই নিৰীহ অসমীয়াক অত্যাচাৰ উৎপীড়ন চলোৱা সেই সময়ক সোঁৱৰাই। জাতিদ্রোহী অভিধাৰে বিভূষিত বদন চন্দ্ৰ বৰফুকন বুলি ক’লে অসমীয়াৰ মনত ক্ষোভ, ঘৃণা আৰু চূড়ান্ত অৱজ্ঞাৰ ভাবানুভূতি বিয়পি পৰে। 

বদন চন্দ্ৰ বৰফুকনৰ বাবেই অসমৰ স্বাধীনতা বেলি ডুব গৈছিল। বদন চন্দ্ৰ বৰফুকনৰ ক্ষমতা লিপ্সাৰ বাবেই ব্ৰিটিছৰ শাসন শোষণৰ বলি হ’ল অসমীয়া সকল।‌ ক্ষমতাৰ স্বার্থত প্রচণ্ড আক্রোশ আৰু আক্রমণাত্মক মনোভাবেৰে বিদেশী মান ৰজাৰ শৰণাপন্ন হৈ অসমলৈ স্বাধীনতা বেলি নোমোৱাবলৈ যত্ন কৰা অসম বুৰঞ্জীৰ উপেক্ষিত, ঘৃণনীয় আৰু নিকৃষ্ট চৰিত্র হ’ল বদন চন্দ্ৰ বৰফুকন।

Also Read: জীৱনী: লাচিত বৰফুকন- অসমৰ বীৰ | Lachit Borphukan

FAQ

১) বদন চন্দ্ৰ বৰফুকন কোন আছিল? 

উঃ- অসম বুৰঞ্জীত বদন চন্দ্ৰ বৰফুকনৰ চৰিত্ৰটো হ’ল অতি উপেক্ষিত, ঘৃণনীয় আৰু নিকৃষ্ট। অসমৰ স্বাধীনতাৰ বেলি মাৰ যোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল বদন চন্দ্ৰ বৰফুকনে। আজিও বদন চন্দ্ৰ বৰফুকনৰ প্ৰতি অসমীয়া মানুহৰ ক্ষোভ আছে, তেওঁৰ ওপৰত ঘৃণা আছে। এক কথাত বদন চন্দ্ৰ বৰফুকন হ’ল অসম বুৰঞ্জীৰ খলনায়ক।

২) বদন চন্দ্ৰ বৰফুকন কোন ৰজাৰ সময়ৰ ‘বৰফুকন’ আছিল?

উঃ- চন্দ্ৰকান্ত সিংহৰ।

৩) বদন চন্দ্ৰ বৰফুকনৰ পিতৃৰ নাম কি আছিল?

উঃ- হৰনাথ বৰফুকন।

৪) চুবেদাৰ ৰূপ সিং কোন আছিল?

উঃ- চুবেদাৰ ৰূপ সিং অসমৰ লোকসকলৰ ওপৰত বাৰ্মিজ আক্ৰমণৰ সন্ত্ৰাস অনাৰ বাবে দায়বদ্ধ আছিল। ১৮১৮ চনত ৰূপ সিং চুবেদাৰৰ হাতত বদন বৰফুকনৰ মৃত্যু হয়।

৫) বদন চন্দ্ৰ বৰফুকনৰ মৃত্যু কেতিয়া হৈছিল?

উঃ- ১৮১৮ খ্ৰীষ্টাব্দত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top