Introduction to Sociology – II Unit 5 গঠনবাদী তত্ত্ব

Introduction to Sociology – II Unit 5 গঠনবাদী তত্ত্ব, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Introduction to Sociology – II Unit 5 গঠনবাদী তত্ত্ব Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Introduction to Sociology – II Unit 5 গঠনবাদী তত্ত্ব Question Answer can be of great value to excel in the examination.

Introduction to Sociology – II Unit 5 গঠনবাদী তত্ত্ব

Join Telegram channel

Introduction to Sociology – II Unit 5 গঠনবাদী তত্ত্ব Notes cover all the exercise questions in UGC Syllabus. Introduction to Sociology – II Unit 5 গঠনবাদী তত্ত্ব provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Structuralism: Edmund Leach, Claude Levi-Strauss

SOCIOLOGY

INTRODUCTION TO SOCIOLOGY – II

সমাজতত্ত্বৰ দৃষ্টিভংগী – II

অতি চমু প্রশ্নোত্তৰঃ

(ক) শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ (Choose the correct answer:)

১। লেভি ষ্ট্ৰাছ এজন বিশিষ্ট (Levi-strauss is a prominent)

(a) ক্রিয়াবাদী (Functionalist)

(b) মিথষ্ক্রিয়াবাদী (Interactionist) 

(c) গাঠনিমূলক ক্রিয়াবাদী (Structural-functionalist)

(d) গাঠনিবাদী (Structuralist)

উত্তৰঃ (d) গাঠনিবাদী (Structuralist.)

২। সমাজতাত্ত্বিক কল্পনা শব্দটো কোনে প্রৱর্তিত কৰিছিল? (Who introduced the term sociological imagination?)

(a) লুইচ কছাৰ (Lewis Coser)

(b) চি. এইচ. কুলে (C. H. Cooley)

(c) চি. ৰাইট মিল (C. Wright Mills)

(d) মেক্স ৱেবাৰ (Max Weber) 

উত্তৰঃ (c) চি. ৰাইট মিল (C. Wright Mills.)

৩৷ সমাজতান্ত্রিক দৃষ্টান্ত যি সমাজৰ প্ৰতিটো অংশত সম্পূর্ণভাৱে অবদান ৰাখিবৰ বাবে একেলগে কাম কৰি তাৰ ওপৰত দৃষ্টি নিবদ্ধ কৰে তাক কোৱা হয়- (The Sociological paradigm that focuses on the way each part of society functions together to contribute to the whole is called)

(a) গাঠনিবাদ (Structuralism) 

(b) গাঠনিমূলক ক্রিয়াবাদ (Structural functionalism)

(c) দ্বন্দ্বমূলক তত্ত্ব (Conflict theory)

(d) প্রতীকি মিথষ্ক্রিয়াবাদ (Symbolic interactionism)

উত্তৰঃ (b) গাঠনিমূলক ক্রিয়াবাদ (Structural functionalism.)

৪। ক্লদ লেভি ষ্টছে _________ আৰু __________ ত নৃতত্ত্বৰ ক্ষেত্ৰত কাম কৰিছিল। (Claude Levi Strauss worked in the field of anthropology in __________and __________)

(a) ফ্রান্স, ইংলেণ্ড (France, England)

(b) ইংলেণ্ড, জার্মান (England, Germany)

(c) ব্রাজিল, ফ্রান্স (Brazil, France)

(d) সংযুক্ত ৰাষ্ট্র, ফ্রান্স (The United States, France)

উত্তৰঃ (c) ব্রাজিল, ফ্রান্স (Brazil, France.)

৫। গাঠনিগত অনুসৰি সংস্কৃতি আৰু মানুহৰ চিন্তা-ভাবনা __________ ৰে গঠিত হয়। (According to structuralism cultures and human thoughts are made up of __________.)

(a) সার্বজনীন (Universal)

(b) শ্রুতি (Myths)

(c) বাইনাৰী বিৰোধী (Binary oppositions)

(d) পার্থক্য (Difference)

উত্তৰঃ (a) সার্বজনীন (Universal.) 

৬। গাঠনিগত মানৰ সংস্কৃতিক হেঁচা দিয়ে যে (Structuralism asserts that human culture) 

(a) মানুহৰ মনৰ অন্তর্নিহিত গঠনৰ এটি প্রকাশ মাত্রা। (Is just an expression of the underlying structures of the human mind)

(b) মানুহৰ মনৰ বাহিৰে জিনগত ৰূপান্তৰকৰণৰ লগত সকলো কৰা যাব। (has everything to do with genetic mutation outside the human mind)

(c) আংশিক অভিব্যক্তি তথাপিও বেছিভাগে পৰিবেশ দ্বাৰা নিৰ্ধাৰিত। (is part expression but mostly determined by environment) 

(d) সম্পূর্ণ পৰিবেশৰ দ্বাৰা পৰিচালিত। (is completely dictated by environment) 

উত্তৰঃ (a) মানুহৰ মনৰ অন্তর্নিহিত গঠনৰ এটি প্রকাশ মাত্রা (Is just an expression of the underlying structures of the human mind.)

৭। সাধাৰণতে এটা আন্দোলন হিচাবত গাঠনিবাদৰ সূচনাৰ লগত যুক্ত ভাষাবাদীজন হ’ল (The linguist, generally associated with the initiation of ‘structuralism’ as a movement is)

(a) ফাৰডিনাণ্ড দ্যা ছাছৰ (Ferdinand de Saussure)

(b) চাইমন ব্লেকবার্ণ (Simon Blackburn) 

(c) নম ছমস্কে (Noam Chomsky)

(d) লেভি ষ্ট্ৰছ (Levi Strauss) 

উত্তৰঃ (a) ফাৰডিনাণ্ড দা ছাছৰ (Ferdinand de Saussure.)

৮। গাঠনিবাদৰ সূত্রপাত হয় (Structuralism originated in)

(a) ১৮৯০ চনত (1890’s)

(b) ১৯০০ চনত (1900’s)

(c) ১৯৬০ চনত (1960’s)

(d) ১৯৭০ চনত (1970’s)

উত্তৰঃ (c) ১৯৬০ চনত (1960’s.)

৯। ফ্রান্সত গাঠনিবাদৰ বিশেষ উন্মেষ হৈছিল (France saw a particular rise in structuralism in)

(a) ১৯৬০ চনত (1960)

(b) ১৯০০ চনত (1900)

(c) ১৯৭০ চনত (1970)

(d) ১৯৩০ চনত (1930)

উত্তৰঃ (a) ১৯৬০ চনত (1960.)

১০। তলৰ কোন সমালোচক মূলতঃ গাঠনিবাদৰ লগত মোকাবিলা কৰিছে বুলি বিবেচিত নহয়? (Which of the following cities is not considered to have dealt basically with structuralism?)

(a) জেকুইছ ডেৰিদা (Jacques Derrida)

(b) ভেলডমিৰ প্ৰপ (Vladimir Propp)

(c) ক্লড লেভি ষ্ট্ৰছ (Claude Levi-Straus)

(d) ৰোমাণ জেক বছন (Roman Jacobson)

উত্তৰঃ (a) জেকুইছ ডেৰিদা (Jacques Derrida.)

১১। গাঠনিবাদ তত্ত্বত সম্পর্কিত “গেং অফ ফোৰ’ৰ অন্তর্ভুক্ত নাছিল– (The ‘Gang of Four’ regarding structuralism did not include.)

(a) লেভি ষ্ট্রছ (Levi Strauss)

(b) লেকান (Lacan)

(c) বার্থেজ (Barthes)

(d) প্রপ (Propp)

উত্তৰঃ (d) প্রপ (Propp.)

(খ) উত্তৰ লিখাঃ

১। গাঠনিবাদ তত্ত্বটো প্রথমে কোন দেশত সৃষ্টি হৈছিল? (In which country was the theory of structuralism first created?) 

উত্তৰঃ ফ্রান্সত।

২। গাঠনিবাদ তত্ত্বটো কিমান চনত প্রতিষ্ঠা হৈছিল? (In which year was the theory of structuralism established?)

উত্তৰঃ ১৯৬০-৭০ দশকত।

৩। ক্লন্দ লেভিয়ে গাঠনিবাদৰ কোনটো বিষয় বিশ্লেষণ কৰিছিল? (What was Claude Levi analyzed by Structuralism?)

উত্তৰঃ টোটেমবাদ।

৪। ক্লদ লেভিৰ গ্ৰন্থখনৰ নাম কি? (What is the name of Claude Levi’s book?)

উত্তৰঃ দি চেভেজ মাইণ্ড।

৫। ক্লদ লেভিয়ে গাঠনিবাদৰ কোনটো ধাৰণা প্রৱর্তন কৰে? (Which concept of the structuralism Claude Levi does introduce?)

উত্তৰঃ ব্রিকোলিউৰ।

৬। ক্লদ লেভি কোনটো গ্রন্থত অতিকথাৰ বিশ্লেষণ কৰে? (Claude Levy analyzes myths in which texts?) 

উত্তৰঃ এন ইন্ট্রোডাকচন টু এ সায়েন্স অফ মিথোলজি।

৭। গঠনতন্ত্র কিহৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠিছে? (What is structuralism based on?) 

উত্তৰঃ সামাজিক তত্ত্বত ‘অৰ্থৰ ‘মানৰ ওপৰত ভিত্তি কৰি গড়ি উঠিছে।

৮। উত্তৰ গাঠনিবাদী তাত্ত্বিক কেইজনৰ নাম কি? (Name some post structuralism theorists?) 

উত্তৰঃ ৰোলাণ্ড বার্থেজ, জেক্স ডেৰিডা, মিশেল ফোকাল্ট।

৯। গাঠনিবাদ তত্ত্বৰ মূল বিষয়বস্তু কি আছিল? (What was the main theme of structuralism?)

উত্তৰঃ গাঠনিবাদ তত্ত্বৰ মূল বিষয়বস্তু আছিল সংস্কৃতি।

১০। গাঠনিবাদ তত্ত্বৰ চাৰিটা সূত্র কি কি? (What are the four sources of structuralism theory?) 

উত্তৰঃ ভাষাতত্ত্বগত গাঠনিবাদ, সূত্র, নৃতাত্ত্বিক গাঠনিবাদ সূত্র, মার্ক্সীয় গাঠনিবাদ সূত্র আৰু উত্তৰ গাঠনিবাদ।

চমু আৰু ৰচনাধর্মী প্রশ্নোত্তৰঃ

১। গাঠনিবাদী তাত্ত্বিকৰ মতে ‘গঠন’ কি? (According to structuralism theorists what is structure?)

উত্তৰঃ গাঠনিবাদী তাত্ত্বিকৰ মতে গঠন হ’ল বিভিন্ন অংশৰ মাজেদি সংযোগৰ প্ৰকৃতিৰ অনুসন্ধান। অর্থাৎ এইসকল তাত্ত্বিকৰ মতে ‘গঠন’ কোনো বিশেষণ নহয় কিন্তু এক ধৰণৰ ক্রিয়াপদ। সিহঁতৰ মতে গঠন যি কৰে অথবা বিভিন্ন অংশ যেনেকৈ লগ লাগি গাঁথনি গঠনত সহায় কৰে সেয়াই হ’ল গঠন। এইটো ক্ষেত্রত গঠনক ক্রিয়াপদ হিচাপে চিহ্নিত কৰি অনুসন্ধান চলাবৰ বাবে উৎসাহী হৈছে। গাঠনিবাদ এই অর্থত বিভিন্ন অংশৰ মাজত সংযোগৰ প্ৰকৃতি আৰু তাৰ কাৰ্যধাৰাৰ অনুসন্ধান।

২। গাঠনিবাদৰ প্ৰথম মৌলিক সূত্রটো কি? (What is the first basic formula for structuralism?) 

উত্তৰঃ গাঠনিবাদী তত্ত্ব মূলতঃ তিনিটা মৌলিক সূত্ৰৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠিছে। প্রথম সূত্রত কোৱা হৈছে যে এই পৃথিৱীত মানুহে যি বস্তু দেখা পায় সেইবোৰ কোনোবা ভাৱনা অর্থাৎ (idea) ৰ পৰা সৃষ্টি হৈছে। এই তত্ত্বৰ মতে কোৱা হয় যে সাধাৰণতে ভাৱনা আৰু যুক্তিৰ এটা গঠন আছে। এই তাত্ত্বিক প্রেক্ষিতৰ লক্ষ হ’ল যে কেনেকৈ কেবল ভাৱনাৰ (কল্পনা) মাজেদি পৃথিৱীখন আমাৰ ওচৰত দৃশ্যমান হৈ উঠে।

৩। লেডি ষ্ট্ৰছৰ গাঠনিবাদ তত্ত্বৰ ধাৰণাটো ব্যাখ্যা কৰা। (Explain Levi Strauss’s concept of structuralism)

উত্তৰঃ লেভি ষ্ট্ৰছে দেখাইছে যে আদিবাসী সমাজত আত্মীয় বন্ধন ব্যৱস্থাৰ এটা গঠন আছে, তাত তেওঁ প্রকৃত অৰ্থত ক’ব বিচাৰে যে তেওঁ সেই ভিত্তিৰ গাঁথনিটোৰ অনুসন্ধান কৰিছে আৰু সেই সমাজটোৰে সেইটো ভাৱনাৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ কাৰ্যকলাপ সম্পাদন কৰি থাকে। লেভি ষ্ট্ৰছে ভাবে যে এই জগতখন ভাবনাৰ পৰাই গঢ়ি উঠিছে। কিন্তু এই জগত ভাৱনাৰ বিৰোধিতাও কৰিছে আৰু সেই বিৰোধিতাৰ পৰাই এজনৰ লগত আনৰ সম্পর্ক স্থাপিত হয়। এই ভাৱনাৰ পিছতে যুক্তিটো কি সেয়া অনুসন্ধান কৰি ওলাই লোৱাই হৈছে গাঠনিবাদ তত্ত্বৰ কাম।

৪। গাঠনিবাদী অর্থত ব্যক্তিক বিষয় হিচাপে গণ্য কৰা হয় কথাষাৰৰ যৌক্তিকতা বিচাৰ কৰা। (In the structural sense the person is regarded as the subject of justice.)

উত্তৰঃ গাঠনিবাদী তত্ত্ব মতে মানুহে যি সামাজিক বাস্তৱতা সেয়া ভাৱনাৰ জগতত দেখা পায়। সদায় পৰিৱর্তনশীল। কিন্তু এই পৰিৱৰ্তনৰ পিছফালে এটা যুক্তি আছে। এই যৌক্তিক, স্থিতিশীল গাঁথনিটোৰ অনুসন্ধান কৰাই গাঠনিবাদী তত্ত্বৰ প্রধান কাম। গাঠনিবাদী তত্ত্ব মতে ব্যক্তি এজনে তেওঁৰ ভাৱনাৰ দাস নহয় আৰু ব্যক্তিৰ কাম কেতিয়াও তেওঁৰ সিদ্ধান্ত অথবা ইচ্ছাৰ দ্বাৰা সম্পূর্ণভাবে নির্ধাৰিত নহয়। আনকি ব্যক্তিৰ কৰ্মক ভাবনাৰ মৌলিক গাঁথনি বা ভাৱনাৰ যৌক্তিক গাঁথনিৰ ফলাফল হিচাপে দেখা যাব পাৰে। এই দৃষ্টিভঙ্গিত প্রত্যক্ষ কৰা হয় ব্যক্তিৰ বক্তব্য প্রকৃত অর্থত তেওঁৰ বক্তব্য নহয়। বস্তুত সেয়া হ’ল গাঁথনি যেনেকৈ ব্যক্তিক চালিত কৰে অথবা যি কৰাব বিচাৰে সেয়া হ’ল ব্যক্তিৰ বক্তব্য। অর্থাৎ মানুহে সমাজ সৃষ্টি নকৰে আনকি সমাজে মানুহক সৃষ্টি কৰে।

৫। গাঠনিবাদী তত্ত্বৰ প্রেক্ষাপটৰ বিষয়ে আলোচনা কৰা। (Discuss the context of structural theory.)

উত্তৰঃ ১৯৭০-৮০ চনৰ মধ্যৱৰ্তী সময়ত সামাজিক তত্ত্বত ‘অৰ্থৰ’ মানৰ ওপৰত নিৰ্ভৰ কৰি গাঠনিবাদ, উত্তৰ গাঠনিবাদ, উত্তৰ আৰু আধুনিক সমাজতত্ত্বৰ মাজত সম্পর্ক আৰু পার্থক্য কৰা হৈছিল। বস্তুত উল্লেখযোগ্য যে কোনো কোনো তাত্ত্বিকে প্রত্যক্ষ কৰে যে উত্তৰ-গঠনবাদ, গাঠনিবাদী তত্ত্বৰ পিছত সৃষ্টি হোৱাৰ ফলত সেই প্রেক্ষিতক গঠনবাদৰ দ্বিতীয় তৰঙ্গ বুলি বিবেচিত কৰা হয়। এই দ্বিতীয় তৰঙ্গত, প্রথম তৰঙ্গৰ বিশিষ্ট আৰু ভিত্তিগত কিছু প্রতিপাদ্য গ্রহণ কৰা হৈ থাকিলেও অর্থদান কেনেকৈ হয় আৰু সেই অর্থদান প্রক্রিয়াকে নতুন দিশত প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত দ্বিতীয় তৰঙ্গটিয়ে উল্লেখযোগ্য ভূমিকা লয়। ৰোলাল্ড বার্থেছ, জেক্স দেৰিদা অথবা মিশেল ফোকাল্টক উত্তৰ গাঠনিবাদী তাত্ত্বিক হিচাবে চিহ্নিত কৰা হৈ থাকিলেও তেওঁলোকে নিজক গাঠনিবাদী চিন্তাবিদ হিচাপেই অভিহিত কৰি থাকে। 

কিন্তু ইয়াতে মন কৰিবলগীয়া যে, গাঠনিবাদী তাত্ত্বিকসকল গাঁথনিৰ মাজৰ পৰা তেওঁলোকৰ আলোচনাৰ বিষয়বস্তুক চিহ্নিত কৰি পেলাই যেনেকৈ নতুন এটা পথ দেখুৱাইছে, তাত তেওঁলোকৰ তাত্ত্বিক প্রেক্ষিতক অকল গাঠনিবাদী কোৱা নাযায়, আনকি গাঠনিবাদীৰ দুটা পর্যায় হিচাবত গঠনবাদ আৰু উত্তৰ গঠনবাদ বুলি চিহ্নিত কৰিলে সেয়া বহুত বেছি যুক্তিগ্রাহ্য হয়। কিয়নো উত্তৰ-গঠনবাদ গঢ়ি উঠিব নোৱাৰিলেহেঁতেন যদি গাঠনিবাদী তাত্ত্বিক প্রেক্ষিত আগত সৃষ্টি নহলেহেঁতেন। এই কথাৰ লগত আন এটা কথাও যুক্তিযুক্ত যে উত্তৰ-গঠনবাদ পূর্ববর্তী তাত্ত্বিক প্রেক্ষিতৰ লগত বহু ক্ষেত্রত সম্পর্কযুক্ত থাকিলেও এই দুটা প্রেক্ষিত আৰু তাত্ত্বিক আলোচনা ভিন্ন আৰু কোনো কোনো ঠাইত স্বতন্ত্র।

অর্থাৎ গাঠনিবাদী তত্ত্বত গাঠনিবাদৰ প্ৰথম তৰঙ্গ বিশ্লেষণ কৰা হয়। সামাজিক কাৰকে অর্থ প্রদান প্রক্রিয়াৰ কৌশলৰ ওপৰত ভিত্তি কৰি তেওঁৰ পাৰিপার্শ্বিক বিভিন্ন ঘটনাৰ ওপৰত কেনেকে নিয়ন্ত্রণ বজায় ৰাখে বুলি তেওঁলোকে মন কৰে। ইয়াৰ কাৰণ, পাৰিপাশ্বিক ঘটনাবিলাক, গঠন বা গঠনবদ্ধকৰণ প্রক্রিয়া কোনোটোৱে আভ্যন্তৰীণ ক্ষেত্রত অর্থবহ নহয়। সামাজিক কাৰকৰ অৰ্থদানৰ মাজেদি সেই গঠন বা প্রক্রিয়া অর্থবহ হৈ উঠে। কিন্তু এই ক্ষেত্রত মনত ৰাখিব লাগিব যে অর্থদান বা তাৰ বহিঃপ্রকাশ যিকোনো ক্ষেত্রতে কাৰক স্বাধীনভাৱে সিদ্ধান্ত গ্রহণ নকৰে। আলযুজাৰ যেনেকৈ ভাবাদর্শৰ ওপৰত জোৰ দি দেখাই দিয়ে যে সাধাৰণ মানুহৰ জীৱনত ইয়াৰ প্রভাৱ কিমান আৰু নতুন ভাৰত সংস্কৃতিৰ অনুসন্ধান নকৰিলে এই অৰ্থৰ উৎপাদন কেনেকৈ ঘটিছে সেয়া বুজিব পৰা সম্ভৱ নহয়। আৰু এই সূত্র ধৰি ক’ব পৰা যায় যে প্রথম তৰঙ্গৰ গাঠনিবাদী তত্ত্বৰ মূল বিশ্লেষণৰ বিষয়বস্তু আছিল সংস্কৃতি।

৬। গাঠনিবাদী তত্ত্বৰ প্রধান উপাদানবোৰ উল্লেখ কৰা। (Mention the main elements of structuralist theory.)

উত্তৰঃ গাঠনিবাদী তত্ত্বৰ প্রধান উপাদানবিলাকৰ প্রস্তানতাক সংক্ষেপত ক’ব গ’লে সেইবিলাক তলত দিয়া ধৰণে সজাব পৰা যায়–

(ক) পাৰ্থক্যৰ মাধ্যমেদি অর্থ গঠিত হয়। অর্থ বুলিলে প্রতীকক নুবুজায়। আনকি বিভিন্ন প্রতীকৰ বৈচিত্র্যৰ মাজেদি যি গঠনৰ আভাস পোৱা যায় সেয়াই হ’ল অর্থ। যেনে ভিন্ন প্রতীকী উপস্থিত থকা সত্ত্বেও ‘নাৰী’ আৰু ‘ভদ্র মহিলা’ এই দুটা শব্দ ভিন্ন কিন্তু একেই অর্থত ব্যৱহৃত হয়।

(খ) প্রতীকৰ মাজত সম্পর্ক দুইধৰণৰ, সান্নিধ্যপূর্ণ আৰু বিকল্পসাধক। এটাৰ সহায়ত আনটোক বুজাৰ মাজেদি সংযোগকাৰী আৰু ব্যতিক্রমী অর্থ স্পষ্ট হৈ উঠে। 

(গ) গাঠনিবাদী তত্ত্বত আমাৰ জগতখন দুটা বিপৰীত ধৰণৰ যদিও সম্পর্কযুক্ত সম্বন্ধৰ মাজেদি গঢ়ি উঠে। যেনে ‘গৰম’ আৰু ‘ঠাণ্ডা’ অথবা সংস্কৃতি আৰু প্রকৃতি ইত্যাদি। 

(ঘ) কিছুমান প্রতীকৰ সাংস্কৃতিক অর্থ বহুত বিস্তৃত হয়। এইবিলাকক বঁলা ৱার্থে অতিকথা (মিথ) বুলি কৈছে। যিকোনো বস্তুৱেই অতিকথা অথবা কোনো পৌৰাণিক কাহিনী হৈ উঠিব পাৰে। যেনে-ধৰা হ’ল, কোনো ঘৰৰ সন্মুখৰ গাড়ি, চোতাল সেই ঘৰৰ সম্পদ আৰু ঐতিহ্যৰ প্রতীক হ’ব পাৰে আৰু সেয়া লৈ পৌৰাণিক কাহিনীও গঢ়ি উঠিব পাৰে।

(ঙ) গাঠনিবাদী বিষয়ৰ আলোচনাক প্রাধান্য দিয়া হয়। এনেক্ষেত্রত এথনোগ্রাফি, সংকেত আৰু মনঃ বিশ্লেষণৰ যুগলবন্দিৰ মাধ্যমেদি বিশ্লেষণৰ ওপৰত এই তত্ত্বই জোৰ দিয়ে।

(চ) এই তত্ত্বত ব্যক্তিৰ অস্তিত্বৰ পৰা তাৰ ভাবাদর্শৰ প্রেক্ষিতত তেওঁ কেনেকৈ ব্যক্তি হৈ উঠিছে তাৰ ওপৰত বেছি নজৰ দিয়া হয়। এই তত্ত্বত মন কৰা যায় যে অন্যান্য সকলোৰে দৰে ব্যক্তিৰ সত্তাও সাংস্কৃতিকভাৱত নির্মিত হয়।

(ছ) নির্মিত বিষয়টোৰ বিশ্লেষণত সচেতন আৰু অচেতন এই দুটা উপাদানেই যথেষ্ট গুৰুত্বপূর্ণ। প্রতীক অচেতন ভাবত ব্যৱহৃত হ’লেও সাংস্কৃতিক প্রকাশৰ পথ মুক্ত হৈ যায়। এই কাৰণে এই তত্ত্বত মন কৰা হয় যে সত্তা আৰু অচেতন দুটা ক্ষেত্রই সাংস্কৃতিকভাৱত নির্মিত হয়।

(জ) ঠিক একেই যুক্তিত বাস্তৱ সম্পৰ্কত জ্ঞান কোডৰ সহায়ত আমাৰ ওচৰত অপৰিচিত (অচিনাকি) হৈ নাথাকে ইয়াকেই বাস্তৱৰ সামাজিক নির্মাণ বোলে।

(ঝ) গাঠনিবাদী তত্ত্ব বুলিলে বাস্তৱ সম্পর্কে ধাৰণা-সামাজিক, ব্যক্তিগত আৰু অচেতন একেই ধৰণৰ প্রতীকৰ ব্যৱহাৰ আৰু ব্যৱহাৰৰ নিয়মৰ দ্বাৰা নিৰ্মিত বুলি মন কৰা হয়। 

(ঞ) গাঠনিবাদী তত্ত্বটোৰ সহায়ত কোনো পাঠ্য পাঠ কৰাৰ অৰ্থ হ’ল প্রতীক আৰু সংকেতৰ মাধ্যমেদি সংস্কৃতিক জনা। এই তত্ত্ব জীৱনৰ সকলো ক্ষেত্ৰতে পাঠ্য হিচাবে চোৱা আৰু সেইটো জনাত সহায় কৰে।

৭। লেভি ষ্ট্ৰছৰ ব্রিকোলিউৰ ধাৰণাটো ব্যাখ্যা কৰা। (Explain the concept of Levi Strauss’s Bricoleur.)

উত্তৰঃ লেভি ষ্ট্ৰছে তেওঁৰ ‘দি চেভেজ মাইণ্ড’ গ্রন্থত ব্রিকোলিউৰ ধাৰণাটো প্ৰৱৰ্তন কৰে। এই ধাৰণাৰ সহায়ত তেওঁ বুজাব চেষ্টা কৰে যে প্রাচীন সমাজৰ কোনো ব্যক্তি হাতৰ ওচৰত পোৱা যিকোনো কাম সম্পাদনত পাৰদর্শী হয়। হাতৰ কাষত পোৱা যি কোনো কামৰ ক্ষেত্রত যি কোনো উপায় ব্যৱহাৰ কৰে সেই ব্যক্তি জানে। এনেকুৱা হাতৰ ওচৰত পোৱা উপায় ক’ব গ’লে গছ, পশু অথবা কোনো প্রাকৃতিক ঘটনাক বুজায়। লেভি ষ্ট্ৰছে মন কৰে যে প্ৰাচীন সমাজৰ মানুহৰ প্ৰাকৃতিক পৰিৱেশ সম্বন্ধত বিস্তাৰিত জ্ঞান থকাৰ ফলত তেওঁলোক এই হাতৰ ওচৰত পোৱা উপায় ব্যৱহাৰ কৰিব পাৰে। 

তেওঁ ভাবে যে প্রাকৃতিক বিষয় সম্বন্ধত এই জ্ঞান আৰু সামাজিক সম্পর্ক বস্তুত প্রকৃততে ব্যৱহাৰ কৰাৰ সাধাৰণ ধাৰাৰ এটা ক্ষুদ্র অংশ মাত্র। ইয়াৰ কাৰণে আধুনিক মানুহে এই ধৰণৰ ব্যৱহাৰ কৰে থাকে বিশেষকৈ তেতিয়া, যেতিয়া বিশেষ পশুৰ নামত খেলৰ দলৰ নামকৰণ কৰি, পশুটোৰ গুণৰ লগত দলটোৰ বৈশিষ্ট্যৰ সাদৃশ্যৰ কাৰণত। টোটেম প্ৰথাৰ সাংস্কৃতিক ৰূপক বুজিব গ’লে বৌদ্ধিক আৰু জটিল সমস্যাক উপায়ৰ দিশত নজৰ দিব লাগিব আৰু প্রাকৃতিক জগতৰ বিষয়াদিৰ উদ্ধৃতি বনাই কেনেকৈ ইয়াৰ সমাধানৰ চেষ্টা কৰা হ’ব সেই ফালে চকু দিয়াৰ প্রয়োজন বিশেষ।

৮। লেভি ষ্ট্ৰছৰ অতিকথন বিশ্লেষণৰ তত্ত্ব সম্পর্কে আলোচনা কৰা। (Discuss Levi Strauss’s theory of myth analysis.) 

উত্তৰঃ ‘এন ইন্ট্রোডাকচন টু এ চায়েন্স অফ মিথোলজি’ গ্রন্থত লেভি ষ্ট্রসে তেওঁৰ অতিকথনৰ বিশ্লেষণ দাঙি ধৰিছে আৰু এই লেখনিখনত তাৰ গাঠনিবাদী বৈশিষ্ট্য অতিকৈ বেছি স্পষ্ট হৈ উঠিছে। এই গ্রন্থত তেওঁ আলোচনা কৰিছিল যি মানুহৰ এনেকুৱা কিছুমান বিষয় আছে য’ত তেওঁলোকৰ জীৱনক সমস্যাত পৰিপূৰ্ণ কৰি ৰাখে। উন্নত মানুহ মন কৰে যে, তেওঁ সংস্কৃতিৰ সন্তান, প্রকৃতিৰ নহয় আৰু সদায় অন্যান্য সষ্টিৰ লগত নিজক তুলনা কৰি থাকে। অথচ তেওঁলোকে নিজেও আন পশুৰ দৰেই ‘পশু’ আৰু সাংস্কৃতিক পৰিচয় গঢ়ি লোৱা তেওঁলোকৰো এটা স্বাভাৱিক প্রবৃত্তিৰ বাহিৰে অন্য একো নহয়। আকৌ আনফালে অংশ নহয়ো ফলত, মানুহ হিচাবে তেওঁলোক এফালে প্ৰকৃতিৰ অংশ। 

আমাৰ ওচৰত সংস্কৃতিৰ স্বাভাৱিক আৰু অস্বাভাৱিক দুয়ো যৌক্তিকতাৰ প্ৰেক্ষিত সঠিক যেন লাগে। লেভি ষ্ট্রছে দেখাইছে যে অতিকথনৰ মাধ্যমত মানুহ এনে ধৰণৰ অস্থায়ী ভাৰসাম্যহীন যুক্তিযুক্ত অৱস্থানক কেন্দ্ৰ কৰি গঢ়ি উঠা সমস্যাৰ সমাধানৰ চেষ্টা কৰে। অতিকথনৰ বিশ্লেষণ কৰিলে দেখা যায় যে, এইবোৰ কঠোৰভাৱে গঠনবদ্ধ। বিশেষত এই অতিকথনবিলাকৰ আভ্যন্তৰীণ গঠনটো উপলব্ধি কৰা যায় যেতিয়া অতিকথনৰ মাজত নিহিত ঘটনা বা কাহিনীবিলাকক পুনঃসজ্জিত কৰি বিভিন্ন বিপৰীত সমৃদ্ধ ধাৰাত একৰ লগত আনৰ দুই চলবিশিষ্ট বৈপৰীত্য কৰা সম্ভৱ হয়। গতিকে ইয়াৰ পৰা বুজা যায় এনেকৈ সজাল অতিকথনৰ মাজত এনেকুৱা এটা গাঁথনি গঠন আছে যাৰ বৌদ্ধিক ভিত্তি বর্তমান আৰু গণিতৰ নিয়ম মানি সেইবোৰ চৰিত্ৰ নীতিবদ্ধ থাকে।

লেভি ষ্ট্ৰছে এটা উদাহৰণৰ সহায়ত বক্তব্যটো দাঙি ধৰিছে। ইডিপাছ চৰিত্ৰটোক লৈ গ্রিক অতিকথনক নির্বাচন কৰি তেওঁ প্রথমতে সেইটোক সৰু সৰু ঘটনাত বিভক্ত কৰে। কোনো কোনো ঘটনাত তেজৰ সম্পৰ্কৰ ওপৰত জোৰ দিয়া হয়। (য’ত ইডিপাছ তেওঁৰ মাকৰ লগত বিবাহ সূত্রত আবদ্ধ হয়) আকৌ তেওঁৰ বিপৰীত ঘটনাও থাকি যায় য’ত, তেজৰ সম্পৰ্ক গৌণ হৈ যায় (য’ত ইডিপাসে তেওঁৰ পিতাক হত্যা কৰে)। ইয়াৰ বাহিৰেও কিছুমান উপাদান এই সৰু সৰু ঘটনাৰ মাজত থাকে য’ত ৰাক্ষস মানুহৰ হাতত নিহত হয়। কোনো ড্রাগনক হত্যা কৰা হয় যাতে পৃথিৱীৰ মাটিৰ পৰা মানুহৰ জন্ম হয়। 

যি উপাদানক লেভি ষ্ট্ৰছে চিহ্নিত কৰিছে সি অতিকথনৰ বৃহৎ চৰিত্ৰক দাঙি ধৰে সেয়া হ’ল অতিকথনৰ মাজত এনেকুৱা নামৰ ব্যৱহাৰ। যেনে- ইডিপাস নামটোৰ অৰ্থ হ’ল ‘ভৰিৰে খোঁজকৰা অসুবিধাজনক’। উদাহৰণৰ সৈতে তেওঁ দেখায় যে ইডিপাছ নামটোৰ বিশেষ অর্থ ‘ফুলা ভৰি’। ইয়াৰ পিছত লেভি ষ্ট্ৰছে দেখায়ছে অতিকথনৰ এই বিভিন্ন উপাদানৰ মাজত সম্পর্ক ক’ত আছে। ইয়াৰ উত্তৰত তেওঁ কয় যে অতিকথনৰ তৃতীয় পৰ্যায়ৰ উপাদানবোৰ আদিম আদিবাসী উৎস যি ব্যক্তিৰ মাজত বিদ্যমান। য’ত বিতর্ক অথবা সমস্যা অতিকথন মূলতঃ ইয়াৰেই প্রতিফলন। অর্থাৎ সংস্কৃতিৰ মাজত বিৰোধিতা দেখা পোৱা যায় সেই সম্বন্ধত এক ধৰণৰ ভাৱনা মানুহৰ আদিম আদিবাসী উৎস সম্বন্ধত ভাবনা, যেনে- মানুহৰ জন্ম পৃথিৱীৰ মাটিত আৰু অন্য ভাৱনা হ’ল পুৰুষ আৰু নাৰীৰ মিলনত মানুহৰ জন্ম। এনেদৰে লেভি ষ্ট্ৰছে অতিকথনৰ বিভিন্ন উপাদানক পুনৰায় সজাই আৰু তাৰ বর্ণনাধর্মী গাঁঠনিক নৎস্যাৎ কৰে। 

ঘটনাবোৰৰ পৰা বিভিন্ন ধৰণৰ উপাদানক পৃথক কৰি সেইবিলাকক পৰস্পৰৰ প্ৰেক্ষিতত সজাই আৰু এইবোৰৰ মাজত বীজগণিতক সূত্ৰ ধৰি যৌক্তিক সম্পর্ক নির্ধাৰণ কৰে। তেওঁ দেখায় কঃখঃগঃঘঃ অর্থাৎ, ইডিপাছৰ উদাহৰণ টানি ধৰি তেওঁ দেখাব বিচাৰে আদিম আদিবাসী তত্ত্ব উত্তৰাধিকাৰৰ সম্ভাৱনাৰ মাজেদি তেজৰ সম্পৰ্কৰ ওপৰত জোৰ নিদিয়া আৰু একেদৰে তেজৰ সম্পৰ্কৰ ওপৰত জোৰ দিয়া সম্পর্কটোক বুজা সম্ভৱ হয়। অতিকথনৰ উপস্থাপনৰ মাধ্যমেদি চিন্তাধাৰা অসম্ভৱৰ সমন্বয় সাধন কৰিব পাৰে। এনেদৰে অতিকথনে সংস্কৃতিৰ মৌলিক বিৰোধিতাক অতিক্রম কৰিব পাৰে। ব্যক্তিব প্রাত্যহিক জ্ঞান তেওঁৰ কোনো নহয় বা কোনো গৰ্ভৰ পৰাই জন্ম হয় আৰু সেই জ্ঞান আৰু সাংস্কৃতিক বিশ্বাসৰ এই দ্বন্দু অতিক্ৰম কৰাৰ এটা উপায় হ’ল অতিকথন।

৯। এডমণ্ড লিচ সম্পর্কে যি জানা লিখা। (Write about Edmund Leach.)

উত্তৰঃ এডমণ্ড লিচ আছিল ব্রিটিশ সামাজিক নৃতত্ত্ববিদ। কেমব্রিজ বিশ্ববিদ্যালয়ৰ গণিত আৰু প্রকৌশল বিষয়ৰ বিশিষ্ট ব্যক্তি আছিল। তেওঁ সাংহাইয়ৰ বাণিজ্যত কাম কৰিছিল। কিন্তু তেওঁ চীনত থকা অৱস্থাত তেওঁ তাইওয়ানৰ ইয়ামি সম্পর্কে জ্ঞান অর্জন কৰিছিল আৰু নৃতত্ত্ববিদত মনোনিবেশ কৰিছিল। জাপানৰ পৰা উভতি অহাৰ পিছত, তেওঁ লণ্ডন বিশ্ববিদ্যালয়ত ম্যালিনভস্কিৰ লগত নৃতত্ত্ববিজ্ঞান অধ্যয়ন কৰিছিল। আৰু ১৯৩৯ চনত বার্মাত পঢ়াশুনা কৰিছিল ১৯৪৭ চনত দৰ্শন আৰু ১৯৫৩ চনত কেমব্রিজ বিশ্ববিদ্যালয়ৰ এজন অধ্যাপক আছিল। তাৰপিছত তেওঁ ১৯৬৬ চনত কিংস কলেজ, কেমব্রিজৰ অধ্যক্ষ হিচাপে নিযুক্ত হ’ল। সমসাময়িক সামাজিক নৃতত্ত্ববিজ্ঞানৰ গোটেই ক্ষেত্রত বুদ্ধিবৃত্তিক বিষয়বিলাক তুলি ধৰিবলৈ তেওঁ চেষ্টা কৰে আৰু ‘নৃতত্ত্ববিজ্ঞান’ক পূণর্বিবেচনা কৰে। তেওঁ ব্রিটেনৰ ফ্রেঞ্চ গাঠনিগত নৃতত্ত্ববিজ্ঞানৰ বাবে বিখ্যাত।

১০। গাঠনিবাদ তত্ত্বক কিয় পাঠ্য হিচাপে গণ্য কৰা হয়? (Why structuralism is regarded as readable?)

উত্তৰঃ অর্থ, প্রতীক, সংকেতৰ মাজত সম্পৰ্ক আৰু সিহঁতৰ ব্যৱহাৰৰ আঁৰত যিবোৰ নিয়মাৱলী আছে তাক বিশ্লেষণ কৰিব গ’লে প্রাত্যহিক জীৱনৰ যি ছন্দ আৰু গঠন আছে তাৰ অনুধাৱন সম্ভৱ হয়। সেইবাবে পাঠ্যটোৰ নিৰ্মাণ যি ব্যৱস্থাৰ অন্তর্ভুক্ত সেইটো ক্রমশ স্পষ্ট হৈ উঠে। সেইকাৰণে গাঠনিবাদ তত্ত্বত মন কৰা হয় যে গোটেই তথ্যই প্রকৃতপক্ষত এটা পাঠ্য। সংস্কৃতিক সম্পূর্ণৰূপত পাঠ্য হিচাবে অনুধাবন কৰাও সম্ভৱ হৈ উঠে। কিন্তু সেইটো পৰিমাণগত পদ্ধতি অবলম্বনৰ মাধ্যমেদি সম্ভৱ নহয়, ইয়াৰ বাবে গুণগত পদ্ধতিৰ প্রয়োজন। যেনে- এথনোগ্রাফি।

১১। সংকেত চর্চাৰ বৈশিষ্ট্যবোৰ উল্লেখ কৰা। (Specify the characteristics of code practice?) 

উত্তৰঃ (ক) ভাষা এটা সামাজিক ঘটনা। সামাজিক সম্পর্কবিলাক ভাষাৰ মাজেদি প্রকাশিত হয়। গোটেই সাংকেতিক কোডৰ ক্ষেত্ৰত ই প্রযোজ্য।

(খ) বিষয়ীগত বিচ্ছিন্নতা বুলিলে ভাষাতত্ত্বত ই কেনেকৈ বিশ্লেষিত হৈছে সেয়া বুজিব লাগিব।

(গ) গঠন আৰু ক্ৰিয়াৰ মাজত যি সম্পর্ক আছে সেয়া ভাষাতত্ত্ব আৰু সংকেতটোৰ সম্বন্ধৰ লগত একেই ধৰণৰ।

(ঘ) ভাষাৰ তিনিটা ক্রিয়া আছে মিথষ্ক্রিয়াবাদী, আন্তঃমানসিক আৰু পাঠগত। সংকেতচর্চা আন্তঃমানবিক পর্যায়ত ব্যৱহৃত হয়।

(ঙ) কিছুমান বিচ্ছিন্ন শব্দৰ দান হ’ল ভাষা। এই জালটো গঠনত কিছুমান নিয়ম মানি চলিব লাগে। এই জালৰ এটা মুখ্য উপাদান হ’ল সংকেত। সামাজিক সংকেত ব্যৱহাৰ, ইয়াৰ উপযোগিতা গোটেইবোৰ সংস্কৃতিৰ প্ৰেক্ষিততেই মূর্ত হৈ উঠে। ফলত সংকেতচর্চাৰ প্রেক্ষিত হ’ল সংস্কৃতি। সংস্কৃতি চর্চাৰ মাজেদি সংকেতচর্চা আৰু সংকেত বিশ্লেষণ গুৰুত্ব পায়।

১২। এডমাণ্ড লিচ আৰু তেখেতৰ সমাজতাত্ত্বিক অধ্যয়ন সম্পর্কে আলোচনা কৰা। (Discuss about Edmund Leach and his sociological studies?) 

উত্তৰঃ এডমাণ্ড লিচ (১৯১০-১৯৮৮) এজন ব্রিটিশ সামাজিক নৃতাত্ত্বিক, ফৰাচী গাঠনিগত তত্ত্ব গ্রহণ কৰিছিল। তেওঁ লেভি ষ্ট্ৰছক পুনৰায় সংশ্লেষিত কৰিছিল। তাত্ত্বিক হিচাপে লেভি ষ্ট্ৰছৰ অতিৰিক্ত যোগ্যতা বৃদ্ধি কৰাৰ বাবে চেষ্টা কৰিছিল। মেলিনোস্কিৰ এজন ছাত্র হৈ তেখেতে আত্মীয়তা, সামাজিক গাঠনি আৰু বাৰ্মাত সংঘাত সম্পর্ক বিশ্লেষণত লেভি ষ্ট্ৰেছৰ পদ্ধতিৰ লগত গাঠনিগত কার্যকাৰিতাৰ পৰা ধাৰণাবিলাক নিষ্ক্রিয় কৰিছিল। তেওঁ ষ্ট্ৰছৰ অধ্যয়নটো ফিল্টাৰ হিচাবত কাম কৰিছিল যাৰ মাধ্যমেদি আন আন নৃতত্ত্ববিজ্ঞানীসকলে তেওঁলোকৰ নিজৰ তত্ত্ববিলাকৰ গাঠনিগত বিশ্লেষণত প্রয়োগ কৰিব পাৰিব। লিচ সেই তাত্ত্বিকসকলৰ তুলনাত বহু পিছত আহিছে যিসকলৰ লগত তেওঁ এই পাঠত অন্তর্ভূক্ত আছিল। কিন্তু পূর্বৱর্তী নৃতত্ত্ববিজ্ঞানীসকলৰ তত্ত্ববিলাক সংহত কৰিবৰ বাবে তেওঁৰ কামৰ দক্ষতাৰ কাৰণে তেখেত তেওঁৰ পূৰ্বৱৰ্তী দেশবাসীৰ লগত বৈশিষ্ট্যযুক্ত।

লিচে দৃঢ়ভাবে দাবী কৰিছে যে গঠনতন্ত্র হ’ল বস্তুক দেখাৰ এটা উপায়। ই কেৱল কোনো তত্ত্ব বা পদ্ধতি নহয়। তেওঁ যুক্তি দাঙি ধৰিছিল যে ফ্ৰেজাৰ, ৰেডক্লিফ ব্রাউন, ম্যাসস আৰু লেভি ষ্ট্ৰছৰ ‘কোৱা কথা’ লৈ উদ্বিগ্ন আছিল। যেতিয়া ম্যালিনোকস্কি আৰু তেওঁৰ অনুসৰণকাৰীসকল প্রথাগত আচৰণবিলাক ব্যাখ্যা কৰিবৰ লক্ষ্য লৈ ‘সম্পন্ন’ গোটেই বিষয় লৈ উদ্বিগ্ন আছিল। লিচ সংস্কৃতিৰ দুটা দৃষ্টিকোণ যেনে ম্যালিনোকস্কিৰ সংস্কৃতিক পৃথক জৈবিক চাহিদা পূৰণৰ চেষ্টা হিচাবে আৰু ৰেডক্লিফ ব্রাউনৰ সংস্কৃতিক সামাজিক ব্যৱস্থাৰ যান্ত্রিক প্রয়োজনবিলাক পূৰণ কৰাৰ বাবে সংস্কৃতিক দেখিছিল বুলি একত্রিত কৰাত লেভি ষ্ট্ৰছৰ প্ৰচেষ্টাটোক পুনৰায় বৰ্ণনা কৰিছে। লিচৰ মূল বক্তব্যটো হ’ল যে ‘কোডবিলাক” অ-মৌখিক সংকেত যি কথা ভাষাৰ বাহিৰে, বাহিৰৰ যোগাযোগৰ আন ৰূপ হিচাবে পৰিবেশন কৰে, সেইবিলাক আচলতে নিজৰ ভাষা গাঠনিগত ভাষাতাত্ত্বিক বিশ্লেষণবিলাক সামাজিক নেতৃত্বসকলৰ পক্ষত দৰকাৰী, যিসকলে এই সংকলনক আচৰণ হিচাবে অধ্যয়ন কৰে।

এই সংকল্পমূলক আচৰণবিলাকৰ ওপৰত ভিত্তি কৰি সামাজিক শৃঙ্খলা কেনেকৈ পৰিচালিত হৈছে সেই সম্পর্কে সাংস্কৃতিক সাৰ্বজনীন সন্ধান কৰা লিচৰ লক্ষ্য আছিল। মানুহে কেনেকৈ সিহঁতৰ গোটেই ইন্দ্ৰিয় ব্যৱহাৰ কৰি যোগাযোগ কৰে, সেইটো লৈ তেওঁ আলোচনা চলাই গৈছিল আৰু সিহঁতৰ ইচ্ছাকৃত প্রাপ্ত গোটেই তথ্যক এটা বাস্তব অভিজ্ঞতাত একত্রীভূত কৰি আৰু একেলগে মানুহে জ্ঞানৰো সঞ্চাৰ কৰিছিল। তেওঁৰ তাত্ত্বিকতাৰ ভিত্তি স্থাপনৰ বাবে, তেওঁ এটা সংগীতক ৰূপক হিচাবে নিযুক্ত কৰা নাই কাৰণ অর্কেষ্টাৰ তত্ত্বাবধায়কৰ এটা হিচাপ আছে যি তেওঁ বাওঁফালৰ পৰা সোঁফাল হিচাবে পড়ে। ক্রমাগত সুৰটো আকোঁৱালি ল’বৰ বাবে, স্কোৰৰ লগত থকা উলম্ব্য সুৰবিলাক পঢ়াৰ সময়ত সামগ্রিকভাৱে সংগীতৰ অৰ্থ হিচাবে মেলোডি আৰু সম্প্রীতি বজায় ৰাখিছিল।

লিচৰ বক্তব্য মতে, যেতিয়া এটা আনন্দদায়ক দৃঢ় উদাহৰণৰ বাবে প্ৰয়োগ কৰা হয়। যেনে খাদ্য, নিম্প আৰু অন্যান্য সাংস্কৃতিক নিয়মবিলাক, তেতিয়া নিয়মাৱলীৰ দ্বাৰা নিয়ন্ত্ৰিত মানুহৰ মাজত সুসংগত উপ-পদ্ধতি হয়। যিয়ে নহওক, এইবিলাক গোটেই মানুহৰ মগজুৰ মাজত অন্তর্ভূক্ত হৈ আছে, যিয়ে মানুহৰ মগজুৰ এই পণ্যবিলাকক ‘গাঠনিগত একাত্মতা” দিয়ে। সংহতিৰ এই ধাৰণাটো ব্যৱহাৰ কৰি লিচে লেভি ষ্ট্ৰছৰ সবাতোকৈ উল্লেখযোগ্য দ্বৈত বিৰোধিতা ভাঙিছে, তেওঁলোকক প্রকৃতি আৰু সংস্কৃতিৰ নিচিনা বৃহত্তৰ প্ৰসঙ্গবিলাকক পৰিৱৰ্তন কৰি দেখাইছে। 

বাৰ্মাত লিচৰ কামে আত্মীয়তা আৰু সামাজিক গাঠনিৰ ক্ষেত্ৰত প্ৰয়োগ কৰিবৰ সময়ত বৃহত্তৰ প্ৰসঙ্গৰ বৈচিত্ৰবিলাক কেনেকুৱা হ’ব লাগে সেয়া চিত্রিত কৰাত সহায় কৰে। অসমৰ গাৰো মাতৃতান্ত্রিক বংশোদ্ভূত। উত্তৰ আৰু উত্তৰ বাৰ্মাৰ কাচিনসকল পিতৃতান্ত্রিক বংশোদ্ভূত, আৰু এই দুয়োটা এটা মুদ্রাৰ দুটা দিশ হৈ উঠে। সংক্ষেপত লিছে, যুক্ত দিছিল যে গাঠনিগত ভাষাগত বিশ্লেষণ আৰু মিথৰ লেভি ষ্ট্ৰছৰ ভাষাই বার্মিজৰ সামাজিক গাঠনিৰ অন্তর্দৃষ্টি প্রদান কৰে।

অৱশেষত, লিচে তেওঁৰ গোটেই শিক্ষা গ্রহণ কৰে আৰু বাইবেলৰ বিবৰণীৰ দুটা পৰিচিত ব্যক্তিৰ লগত সেইবিলাক প্রয়োগ কৰে, যি তেওঁৰ কামৰ শক্তি। তেওঁ জানিছিল যে এটা স্থায়ী ধাৰণা তৈয়াৰ কৰিবলৈ এটা জটিল তত্ত্বক অধিক কৰি তোলা দৰকাৰ। তেওঁৰ ধাৰণাবিলাকক বৃহত্তৰ সাধাৰণ ব্যক্তিৰ লগত চৰ্ত ৰখাৰ পিছত, তেওঁ সংগীতৰ মূল বিষয়বিলাক চালনা কৰিবৰ বাবে যীশুৰ ওচৰত সংগীতৰ পৰা আৰম্ভ কৰি যৌন সম্পর্কে অসংখ্য পৰিচিত উপমা ব্যৱহাৰ কৰিছিল। ইয়াৰ পিছত পূণর্বাৰ এটা শক্তি তেওঁৰ কামৰ মাজেদি আহিছিল, য’ত তেওঁৰ গাঠনিগত কাৰ্যকাৰিতা পূর্বসূৰিসকলৰ বিপৰীতে গৈছিল। 

তেওঁ সমাজক বুজাবুজি আৰু উচ্চমানৰ সামাজিক গাঠনিৰ মাজত বাৰ্মাত চলি থকা এটা প্রবাহ হিচাবে স্বীকৃতি দিছিল। বৈষম্য দেখা দিব পাৰে অথবা লিচৰ কামৰ সীমাবদ্ধতাবিলাক পোৱা যাব পাৰে যেতিয়া কোনো সংস্কৃতিয়ে এনে এটা আদর্শ প্রদর্শন কৰে যি পূর্ব প্রতিষ্ঠিত সাংস্কৃতিক সার্বজনীনক অস্বীকাৰ কৰে। আজি আমি পৌৰাণিক কাহিনীত লেভি ষ্ট্ৰছৰ কাম বুজাৰ বাবে লিচক ব্যৱহাৰ কৰো।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top