Introduction to Sociology – II Unit 1 সমাজতাত্ত্বিক প্রেক্ষাপত

Introduction to Sociology – II Unit 1 সমাজতাত্ত্বিক প্রেক্ষাপত, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Introduction to Sociology – II Unit 1 সমাজতাত্ত্বিক প্রেক্ষাপত Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Introduction to Sociology – II Unit 1 সমাজতাত্ত্বিক প্রেক্ষাপত Question Answer can be of great value to excel in the examination.

Introduction to Sociology – II Unit 1 সমাজতাত্ত্বিক প্রেক্ষাপত

Join Telegram channel

Introduction to Sociology – II Unit 1 সমাজতাত্ত্বিক প্রেক্ষাপত Notes cover all the exercise questions in UGC Syllabus. Introduction to Sociology – II Unit 1 সমাজতাত্ত্বিক প্রেক্ষাপত provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Sociological Perspective

SOCIOLOGY

INTRODUCTION TO SOCIOLOGY – II

সমাজতত্ত্বৰ দৃষ্টিভংগী – II

অতি চমু প্রশ্নোত্তৰঃ

(ক) শুদ্ধ উত্তৰটো বাছিউলিওৱাঃ (Choose the correct answer):

১। সামাজিক চিন্তাৰ প্রভাৱ বুলিলে কি বুজায়? (What is the impact of social thought?)

(a) ধর্মীয় চিন্তা (Religious thought) 

(b) মনস্তাত্বিক চিন্তা (Psychological thought)

(c) দার্শনিক চিন্তা (Philosophical thought)

(d) ওপৰৰ গোটেইকেইটা (All of the above)

উত্তৰঃ (d) ওপৰৰ গোটেইকেইটা (All of the above)

২। ঊনৈশ শতিকাৰ বুদ্ধিজীৱি শক্তিবিলাক কি কি আছিল? (What were the intellectual forces operative during the nineteenth century?)

(a) যুক্তিবাদ (Rationalism)

(b) মানৱতাবাদ (Humanitarianism)

(c) অভিজ্ঞতাবাদ (Empiricism) 

(d) ওপৰৰ গোটেইকেইটা (All of them)

উত্তৰঃ (d) ওপৰৰ গোটেইকেইটা (All of them)

৩। সামাজিক তত্ত্বই আমাক জনায় যে কেনেকৈ– (Social theory tells us how to–) 

(a) সামাজিক মহাবিশ্বৰ কল্পনা কৰা হয় (Visualise the Social Universe) 

(b) সমাজ সংস্কৃতিৰ কল্পনা কৰা হয় (Visualize the culture of society)

(c) মহাবিশ্বৰ ইতিহাস শিকিব পৰা যায় (Learn the history of universe) 

(d) ওপৰৰ গোটেইকেইটা (All of the above)

উত্তৰঃ (a) সামাজিক মহাবিশ্বৰ কল্পনা কৰা হয় (Visualise the Social Universe)

8। সামাজিক তত্ত্ব হ’ল– (Social theory is-)

(a) সামাজিক মহাবিশ্বৰ জ্ঞান সম্পর্কে (About the knowledge of social universe)

(b) সংস্কৃতিৰ জ্ঞান সম্পর্কে (About the knowledge of culture)

(c) স্বতন্ত্র জ্ঞানৰ সম্পর্কে (About the knowledge of individual) 

(d) প্ৰথাৰ জ্ঞানৰ সম্পর্কে (About the knowledge of customs)

উত্তৰঃ (a) সামাজিক মহাবিশ্বৰ জ্ঞান সম্পর্কে (About the knowledge of social universe)

৫। সমাজবিজ্ঞানক জ্ঞানৰ এটা স্বতন্ত্র শাখা বুলি কৈছে– (Sociology as a distinct branch of knowledge is said by-) 

(a) আদাম স্মিথে (Adam Smith)

(b) আগষ্ট ক’টে (Auguste Comte)

(c) প্লেটোই (Plato)

(d) ওপৰৰ এটাও নহয় (None of these)

উত্তৰঃ (b) আগষ্ট ক’টে (Auguste Comte)

৬। আগষ্ট ক’ট আছিল– (Auguste Comte was-)

(a) দার্শনিক (Philosopher)

(b) ডাক্তৰ (Doctor) 

(c) বৈজ্ঞানিক (Scientist)

(d) ওপৰৰ এটাও নহয় (None of these)

উত্তৰঃ (a) দার্শনিক (Philosopher)

৭। ইতিবাচক দৰ্শনৰ পথ প্রকাশিত হৈছিল- (The course of positive philosophy published in-)

(a) পাঁচ খণ্ডত (Five volume)

(b) ছয় খণ্ডত (Six volume)

(c) দুই খণ্ডত (Two volume) 

(d) ওপৰৰ এটাও নহয় (None of these)

উত্তৰঃ (b) ছয় খণ্ডত (Six volume) 

৮। সমাজবিজ্ঞানৰ উদ্ভৱ ঘটে- (The sociology emerged in-)

(a) আমেৰিকাত (America) 

(b) ইউৰোপত (Europe)

(c) এছিয়াত (Asia)

(d) আফ্রিকাত (Africa)

উত্তৰঃ (b) ইউৰোপত (Europe)

৯। সমাজ হৈছে- (Society is-)

(a) প্রাকৃতিক (Natural)

(b) ইচ্ছাকৃত (Deliberate)

(c) ব্যৱহাৰিক (Practical)

(d) কার্যকৰী (Functional)

উত্তৰঃ (b) ইচ্ছাকৃত (Deliberate)

(খ) উত্তৰ লিখাঃ (Answer the following questions:)

১। কিমান চনত পোন প্রথমবাৰৰ বাবে ‘সমাজতত্ত্ব’ শব্দটো ব্যৱহাৰ কৰিছিল? (In which year the word sociology was used for the first time?)

উত্তৰঃ ১৮৩৯ চনত।

২। Sociology শব্দটো কি দুটা শব্দৰ পৰা অনা হৈছে? (From which two words the word ‘sociology’ brought up?) 

উত্তৰঃ Sociology শব্দটো লেটিন শব্দ- ‘Socius’ আৰু গ্রীক শব্দ ‘logos’ ৰ পৰা অনা হৈছে।

৩। ‘Socius’ আৰু ‘logos’ শব্দ দুটাৰ অৰ্থ কি? (What does the word ‘socius’ and ‘logos’ mean?) 

উত্তৰঃ ‘Socius’ ৰ অর্থ Companion বা Associate অর্থাৎ সঙ্গী আৰু logos ৰ অৰ্থ Study বা Science অর্থাৎ বিজ্ঞান।

8। শব্দগত (আভিধানিক) ভাৱে ‘সমাজতত্ত্বৰ’ অর্থ কি? (What does sociology mean in a semantic way?) 

উত্তৰঃ সমাজৰ বিজ্ঞান অর্থাৎ Science of Society.

৫। ‘Law of three stage’ ৰ ব্যাখ্যা কোনে আগবঢ়াইছিল? (Who explained the ‘Law of three stage’?) 

উত্তৰঃ আগষ্ট ক’টে।

৬। সমাজতত্ত্ব কি? (What is sociology?)

উত্তৰঃ সমাজ বিজ্ঞান।

৭। সমাজতত্ত্বই কিহৰ ওপৰত নিৰ্ভৰ কৰে? (What does sociology depend on?) 

উত্তৰঃ অর্থনীতি বিজ্ঞান, ৰাজনীতি বিজ্ঞান, ইতিহাস, নৃতত্ত্ব বিজ্ঞান আদিৰ ওপৰত।

৮। মেক্‌ আইভাৰৰ উক্তিটো উল্লেখ কৰা। (Mention the MacIver’s statement.)

উত্তৰঃ অর্থনৈতিক পৰিঘটনাটোক সকলো ধৰণৰ সামাজিক আৱশ্যকতা আৰু কার্য্য কলাপে নির্ধাৰণ কৰে। এই পৰিঘটনাই অহৰহ সকলো ধৰণৰ সামাজিক আৱশ্যকতা আৰু গতিবিধি নিৰ্ধাৰিত কৰে। এই পৰিঘটনাই অহৰহ সকলো ধৰণৰ সামাজিক আৱশ্যকতা আৰু গতিবিধিৰ পুনৰ নিৰ্ধাৰণ, পুনৰ সৃষ্টি, পুনৰ গঠন আৰু ৰূপান্তৰ কৰি আহিছে।

৯। লোকাচাৰ বুলিলে কি বুজা? (What do you mean by folklore?)

উত্তৰঃ মানুহৰ সাময়িক আন্তঃক্ৰিয়াৰ ফলত উদ্ভৱ হৈ যিবোৰ প্ৰতিমান দৈনন্দিন কার্যলৈ ৰূপান্তৰ হয় তেনে স্বীকৃত ৰীতিবোৰকে লোকাচাৰ বোলে। কালক্ৰমত এই ৰীতিবোৰে মানুহক অনুশীলনৰ বাবে একধৰণৰ সামাজিক হেঁচা দিয়ে।

১০। লোকাচাৰৰ বিষয়ে চৰ্চা কৰা এগৰাকী সমাজতাত্ত্বিকৰ নাম লিখা। (Write the name of a sociologist practicing folklore.) 

উত্তৰঃ গ্রাহাম চামনাৰ হ’ল লোকাচাৰৰ বিষয়ে চৰ্চা কৰা এগৰাকী সমাজতাত্ত্বিক।

১১। প্রতিষিদ্ধ কার্য বুলিলে কি বুজা? (What do you mean by sanctions?) 

উত্তৰঃ প্রতিষিদ্ধ কাৰ্য হ’ল এনে এক প্রতিমান যিয়ে কিছুমান কাম নকৰিবলৈ দৃঢ়তাৰে বাধা দিয়ে।

১২। ভূমিকা বুলিলে কি বুজা? (What do you mean by the role?) 

উত্তৰঃ অগবাৰ্ন আৰু নিমকফৰ মতে ভূমিকা হ’ল কোনো এক শ্ৰেণীৰ এক বিশেষ স্থিতিৰ সৈতে জড়িত থকা সামাজিকভাৱে আকাংক্ষিত আৰু অনুমোদিত আচৰণ বিন্যা যাৰ সৈতে দায়িত্বৰ লগতে বিশেষ সুবিধাসমূহ জড়িত হৈ থাকে।

১৩। প্রস্থিতি বুলিলে কি বুজা? (What does the situation mean?)

উত্তৰঃ কিংছলে ডেভিচৰ মতে সাধাৰণ আনুষ্ঠানিক ব্যৱস্থাত প্রস্থিতি হ’ল এনে এক স্থান যিটোক সমাজে সমর্থন কৰাৰ লগতে স্বীকৃতি দিয়ে।

১৪। ‘Survey’ শব্দটোৰ মূল কি? (What is the origin of the term survey?) 

উত্তৰঃ ‘Survey’ শব্দটোত দুটা শব্দৰ সংযোজন হৈছে, এটা হ’ল ‘Sur’ বা ‘Sor’। ইয়াৰ অর্থ হ’ল ‘over’ আৰু আনটো শব্দ হ’ল ‘veeir’ বা ‘veoir’। ইয়াৰ অৰ্থ হ’ল ‘see’।

গতিকে ‘Survey শব্দটোৰ অৰ্থ হ’ল ‘to look over’ বা ‘to over see’।

১৫। সামাজিক জৰীপ বুলিলে কি বুজা? (What do you mean by social survey?)

উত্তৰঃ সামাজিক গৱেষণাৰ যিটো বিষয়ৰ ওপৰত কৰিবলৈ স্থিৰ কৰা হয়, সেই বিষয়টোৰ ওপৰত প্ৰয়োজনীয় তথ্যপাতি সংগ্ৰহ কৰি অতি সচেতনভাৱে পর্যবেক্ষণ কৰা কাৰ্য প্রণালীকে সামাজিক জৰীপ বোলা হয়।

১৬। সামাজিক গৱেষণা বুলিলে কি বুজা? (What do you mean by social research?)

উত্তৰঃ সমাজত ঘটি থকা ঘটনা, সমস্যা বা সামাজিক স্বৰূপ বিলাকৰ বিষয়ে শুদ্ধ জ্ঞান আহৰণৰ বাবে যি গৱেষণা কার্য চলোৱা হয় তাকে সামাজিক গৱেষণা বোলা হয়।

১৭। গৱেষণা প্ৰকল্পৰ সংজ্ঞা দিয়া। (Define research project.)

উত্তৰঃ গুড্ আৰু হাটৰ মতে, গৱেষণা প্রকল্প হ’ল এনে এটা ধাৰণামূলক মন্তব্য যাৰ কাৰ্যকাৰিতা (Validity) পৰীক্ষাৰ দ্বাৰা প্ৰমাণ কৰা হয়।

১৮। প্রাথমিক তথ্য কাক বোল? (What is the primary information?)

উত্তৰঃ যিবিলাক তথ্য অন্য কোনো উৎসৰ পৰা সহায় নলৈ বা কাৰো ওপৰত নিৰ্ভৰ নকৰি পোনপটীয়াকৈ মূল অধ্যয়ন থলী বা উৎসৰ পৰা সংগ্ৰহ কৰা হয়, সেইবিলাক তথ্যক প্রাথমিক তথ্য বুলি কোৱা হয়।

১৯। নমুনা ভিত্তিক অধ্যয়ন পদ্ধতিৰ যিকোনো এটা সংজ্ঞা দিয়া। (Give any definition of sample based study method.)

উত্তৰঃ নমুনাভিত্তিক অধ্যয়ন পদ্ধতিৰ সংজ্ঞা পিভিয়ঙে (P.V.Young) এনেদৰে দিছে- এটা সামাজিক এককৰ জীৱন সামগ্রিক আৰু গভীৰভাৱে অধ্যয়ন কৰা তথ্য উদঘাটন আৰু বিশ্লেষণ কৰা পদ্ধতিটোৱেই হ’ল নমুনা অধ্যয়ন পদ্ধতি (Case study method)।

২০। গড় (Mean) কেই প্ৰকাৰৰ আৰু কি কি? (What are the mean types and what is?) 

উত্তৰঃ গড় বা মাধ্য (Mean) সাধাৰণতে দুই প্ৰকাৰৰ। সেই দুটা হ’ল-

(ক) ভৰযুক্ত মাধ্য। আৰু

(খ) ভৰহীন মাধ্য।

২১। বহুলক কাক বোলে? (What is the mass?) 

উত্তৰঃ যিটো ৰাশি আটাইতকৈ সৰহ সংখ্যক বাৰ ওলায় বা কোনো চলকৰ যিটো মানেই সৰহ সংখ্যক বাৰ ওলায় তাকে বহুলক বোলে। ৰাশি এটাৰ বাৰংবাৰতা আটাইতকৈ বেছি হোৱাৰ বাবে তাক বহুলক বুলি কোৱা হয়।

২২। পর্যবেক্ষণ মানে কি? (What does observation mean?)

উত্তৰঃ কোনো এটা ঘটনাক অন্তদৃষ্টিৰে আলোকপাত কৰি তাৰ প্ৰকৃতি আৰু স্বৰূপ বুজিবলৈ চেষ্টা কৰা প্রক্রিয়াই হ’ল পর্যবেক্ষণ। সেয়েহে, নিৰীক্ষণক এক অভিপ্রায়মূলক প্রত্যক্ষ (Perception) বুলি ক’ব পাৰি। সকলো বৈজ্ঞানিক গৱেষণাৰ বাবে পর্যবেক্ষণ হ’ল এক প্রাথমিক আৰু উমৈহতীয়া পদ্ধতি।

চমু আৰু ৰচনাধর্মী প্রশ্নোত্তৰঃ

১। সমাজতত্ত্বৰ উত্থানত কিহে মুখ্য ভূমিকা পালন কৰিছিল? (What played a major role in the rise of socialism?)

উত্তৰঃ ঊনবিংশ শতিকাৰ মধ্যভাগত সমাজ বিজ্ঞানৰ স্বাধীন আৰু ভিন্ন ভাগ হিচাপে সমাজশাস্ত্ৰৰ অধ্যয়ন আৰম্ভ হয়। সমাজতত্ত্বক এক ভিন্ন বিষয় হিচাপে চিহ্নিত কৰাৰ অথবা সমাজতত্ত্বৰ উৎপত্তিৰ আঁৰৰ তিনিটা মূল কাৰণ হ’ল–

(ক) ইংলেণ্ডৰ ঔদ্যোগিক বিপ্লব আৰু ফ্রান্সৰ সামাজিক তথা ৰাজনৈতিক বিপ্লৱ। 

(খ) প্রকৃতি বিজ্ঞানৰ উন্নতিৰ দ্বাৰা পোৱা অনুপ্ৰেৰণা।

(গ) ঔপনিৱেশিক সাম্ৰাজ্যৰ অতি বৈচিত্রময় সমাজ আৰু সংস্কৃতিৰ দ্বাৰা পোৱা অনুপ্ৰেৰণা।

অষ্টাদশ শতিকাৰ দ্বিতীয়ার্ধত পশ্চিম ইউৰোপত কিছু বিশেষ ধৰণৰ পৰিৱৰ্তন সূচনা হৈছিল। এই পৰিৱৰ্তনসমূহে জনসাধাৰণক তেওঁলোকৰ চৌপাশে কি হৈ আছে সেই বিষয়ে জানিবলৈ কৌতুহলী কৰি তোলে। অষ্টাদশ শতিকাৰ ইংলেণ্ডত হোৱা ঔদ্যোগিক বিপ্লৱ এনে এটা পৰিঘটনা যিয়ে তাৎপর্যপূর্ণ সামাজিক পৰিৱৰ্তনৰ সূচনা কৰে। এই বিপ্লৱৰ আগলৈকে কেতিয়াও এনেধৰণৰ বৃহৎ পৰিৱৰ্তনৰ ইতিহাস পঢ়িবলৈ পোৱা নাযায়। ইয়াৰ ফলত সাধাৰণ গ্রাম্য জীৱন আৰু গৃহ উগ্যোগবোৰ জটিল নগৰীয়া জীৱন আৰু বৃহৎ উদ্যোগলৈ সলনি হৈছিল। ঔদ্যোগীকৰণে সভ্যতাৰ দিশ সলনি কৰি দিছিল। অতি দ্রুত গতিত সৃষ্টি হোৱা উন্নয়নশীল নগৰসমূহত সামাজিক সমস্যা প্রবল হৈ উঠিছিল। হঠাতে ইয়াৰ বাসিন্দাসমূহে এনে কিছুমান সমস্যাৰ সন্মুখীন হৈছিল যিবোৰৰ অভিজ্ঞতা তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ কেতিয়াও নাছিল। এই পৰিৱৰ্তনসমূহে মানুহৰ মনত গভীৰভাৱে প্রভাৱ পেলাইছিল। ধনী-দুখীয়া, শ্রমিক-মালিকৰ মাজৰ বৈষম্য অধিক প্ৰকট হৈ পৰিছিল। 

ৰাজনৈতিক অস্থিৰতা, অর্থনৈতিক অসমতা, দৰিদ্ৰতা ইত্যাদি বিভিন্ন ধৰণৰ সামাজিক বিশৃংখল আৰু সামাজিক সমস্যাই জনসাধাৰণৰ জীবন ছানি ধৰিছিল। ক’ট, স্পেনচাৰ আৰু আন আন চিন্তাবিদসকলে বিপ্লৱৰ পৰিণতিত সৃষ্টি হোৱা এই সামাজিক সমস্যাসমূহ কেনেদৰে সমাধান কৰিব পাৰি তাকে লৈ বহুলভাৱে চিন্তা-চৰ্চা আৰম্ভ কৰিছিল। তেওঁলোক এই কথাত একমত হৈছিল যে এই সমস্যাসমূহ সমাধানৰ বাবে সমাজত এক পৃথক বিজ্ঞানৰ অধ্যয়ন আৰম্ভ হ’ব লাগে আৰু এই বিজ্ঞান সমাজৰ প্রকৃতি তথা অসুবিধাসমূহ বুজাৰ লগতে ইয়াক সমাধান কৰাৰ ক্ষেত্ৰত বিশেষভাৱে সহায়ক হ’ব লাগে।

ঊনবিংশ শতিকাত প্রাকৃতিক বিজ্ঞানে বিশেষ প্ৰসাৰ লাভ কৰিছিল। প্ৰাকৃতিক বিজ্ঞানীসকলৰ সফলতাই সামাজিক চিন্তাবিদসকলক তেওঁলোকৰ মত উপস্থাপন কৰাত যথেষ্ট অনুপ্ৰেৰণা যোগাইছিল। মানুহৰ মনত এটা প্রশ্ন উঠিছিল যে যদি প্রাকৃতিক বিজ্ঞানে প্রয়োগ কৰা পদ্ধতিৰে যদি ভৌতিক পৃথিৱীৰ ভৌতিক আৰু প্ৰাকৃতিক পৰিঘটনাবোৰ বুজাত সফলতা লাভ কৰিব পাৰে তেন্তে সেই পদ্ধতিটোৱে সামাজিক পৰিঘটনা বুজাবলৈ কিয় সফল নহ’ব? ইয়াৰ উত্তৰ হিচাপে ক’টে আৰু আন আন চিন্তাবিদসকলে কৈছিল যে এই বৈজ্ঞানিক পদ্ধতিসমূহ সামাজিক পৃথিবীতো প্রয়োগ কৰিব পাৰি। ইয়াৰ উপৰি সেই সময়ছোৱাত ইউৰোপৰ ঔ পনিৱেশিক শক্তিবোৰে নিজ নিজ সাম্ৰাজ্যৰ ভিতৰত অতি বৈচিত্রময় সমাজ আৰু সংস্কৃতিৰ অভিজ্ঞতা লাভ কৰিছিল। এই কথাই সমাজতত্ত্ববিদসকলক এক ধৰণৰ বৌদ্ধিক প্রত্যাহ্বান জনাইছিল। অর্থাৎ, এটা স্বতন্ত্র অধ্যয়নৰ বিষয় হিচাপে সমাজতত্ত্বৰ উত্থান ঘটাৰ আঁৰৰ চৰ্তবোৰ আছিল সামাজিক আৰু বৌদ্ধিক। 

২। সমাজতত্ত্ব বুলিলে কি বুজে? সমাজতত্ত্বৰ পৰিসৰ আৰু বিষয়বস্তু চমুকৈ বর্ণনা কৰা। (What do you mean by socialism? Briefly describe the scope and content of sociology.)

উত্তৰঃ বহু হাজাৰ বছৰ আগৰ পৰাই মানুহে বাস কৰি থকা সমাজখনৰ বিষয়ে চিন্তা কৰি আহিছে। বিভিন্ন দেশৰ দার্শনিক, চিন্তাবিদ আইন প্রনয়ণকাৰীসকলৰ লেখনীত আমি সমাজৰ বিষয়ে এক ধাৰণা লাভ কৰো। প্লেটো, এৰিষ্টট’ল, মনু, কনফুচিয়াচ আৰু আন বহুতৰে লেখনীত আমি সমাজৰ প্ৰকৃতিৰ বিষয়ে এক পদ্ধতিগত আৰু শৃংখলাবদ্ধ অধ্যয়ন দেখিবলৈ পাওঁ। ঊনবিংশ শতিকাতহে আগষ্ট কট, হার্বার্ট স্পেনচাৰ, ইমাইল ডুৰখেইম, মেক্স ৱেবাৰ আৰু অন্যসকলে সমাজৰ বৈজ্ঞানিক অধ্যয়ন আৰম্ভ কৰে আৰু সমাজতত্ত্ব নামাৰে এটা সুকীয়া অধ্যয়নৰ বিষয় গঠন কৰে।

সমাজ বিজ্ঞানৰ এক নতুন অংশ হিচাপে ই নিজৰ বাবে এক বিশেষ মর্যাদা গঢ়ি তুলিছে। সমাজশাস্ত্ৰৰ প্রয়োজনীয়তা আৰু উপযোগিতা আজিৰ সমাজত বহুলভাৱে স্বীকৃত। ফৰাচী দার্শনিক আগষ্ট ক’টক সমাজতত্ত্বৰ পিতৃ হিচাপে অভিহিত কৰা হয়। ১৮৩৯ চনত ক’টে ‘সমাজতত্ত্ব’ নামটোৰ জন্ম দিছিল আৰু পোন প্ৰথমবাৰৰ বাবে সমাজতত্ত্বৰ বিষয়বস্তু অন্য বিষয়সমূহৰ পৰা পৃথকভাৱে চিহ্নিত কৰিছিল। সমাজতত্ত্বৰ মূল ধাৰণা হৈছে মানৱ সমাজৰ অধ্যয়ন। ই মানুহৰ সম্বন্ধৰ সামাজিক প্ৰকৃতিৰ ওপৰত গুৰুত্ব প্রদান কৰে। তথাপিও সমাজতত্ত্ব অধ্যয়নৰ উদ্দেশ্য কেৱল মাত্র সামাজিক সম্পর্ক ব্যাখ্যা কৰাই নহয় ই সম্পর্কসমূহ অধ্যয়ন কৰি ইয়াৰ বিভিন্ন নমুনাৰ বিশ্লেষণাত্মক অধ্যয়ন কৰে।

বিভিন্ন সমাজতত্ত্ববিদে সমাজতত্ত্বক ভিন্‌ ভিন্‌ সংজ্ঞা প্রদান কৰিছে। ইয়াৰে কেইটামান তলত দিয়া হ’ল। সমাজতত্ত্ব হ’ল–

(ক) সামাজিক পদ্ধতিৰ বিজ্ঞান (আগষ্ট ক’ট) ।

(খ) সামাজিক সংস্থাৰ বিজ্ঞান (ইমাইল ডুৰখেইম)।

(গ) সামাজিক ক্ৰিয়াৰ অর্থপূর্ণ অধ্যয়ন (মেক্স ৱেবাৰ)।

(ঘ) সামাজিক শাখাসমূহৰ বিষয়ে কৰা অধ্যয়ন (এইচ, এম জনচন)। 

(ঙ) মানুহৰ পাৰস্পৰিক ক্ৰিয়া আৰু সম্পৰ্কৰ লগতে, ইয়াৰ অৱস্থা আৰু ফলাফল জানিবলৈ কৰা অধ্যয়ন (মৰিচ গিনচবার্গ)।

ওপৰৰ সংজ্ঞাসমূহৰ পৰা আমি ইয়াকেই ক’ব পাৰো যে সমাজতত্ত্বইৰ মানুহৰ সামাজিক সম্পৰ্ক আৰু সমাজৰ বিষয়ে বৈজ্ঞানিকভাৱে অধ্যয়ন কৰে।

প্রথমাৱস্থাৰ পৰাই সমাজতত্ত্ববিদসকলৰ বাবে মানুহ আৰু সকলো সামাজিক ক্রিয়াকলাপ এক বিশেষ আলোচ্য বিষয় বুলি বিবেচিত হৈ আহিছে। সেয়ে, সমাজতত্ত্বৰ বিষয়বস্তু অতি ব্যাপক। তলত সমাজতত্ত্বব বিষয়বস্তুৰ এক সাধাৰণ আভাস দিয়া হৈছে।

সমাজতত্ত্বৰ মুখ্য বিষয় হ’ল সামাজিক বিশ্লেষণ। ইয়াৰ অৰ্থ হ’ল সমাজতত্ত্ববিদসকলে মানৱ সমাজ আৰু সংস্কৃতিৰ সমাজতাত্ত্বিক বিশ্লেষণ কৰিব বিচাৰে। সমাজতত্ত্বই সামাজিক জীৱনৰ প্রাথমিক গোটসমূহক যথেষ্ট গুৰুত্ব প্রদান কৰে। ই সামাজিক ক্রিয়া আৰু সম্পর্ক, বিভিন্ন ধৰণৰ প্রতিষ্ঠান, সম্প্রদায় (নগৰীয়া, গাঁৱলীয়া আৰু জনজাতি) আৰু জনসংখ্যাৰ লগত জড়িত। সমাজতত্ত্বই বিভিন্ন মৌলিক সামাজিক অনুষ্ঠান যেনে- পৰিয়াল আৰু জ্ঞাতি, ধর্ম, অর্থনৈতিক, ৰাজনৈতিক, আইন-কানুন, শৈক্ষিক, আৰু বৈজ্ঞানিক প্রতিষ্ঠানৰ বিকাশ, গাঁথনি তথা কার্য সম্পাদন পদ্ধতি অধ্যয়ন কৰে।

সমাজতত্ত্বৰ অধ্যয়নত বিভিন্ন সামাজিক পদ্ধতি যেনে- সহযোগিতা, প্রতিযোগিতা, সদৃশকৰণ, সামাজিক সংঘর্ষ, সামাজিক পৰিৱৰ্তন, সামাজিক প্রভেদ আৰু স্তৰীকৰণ, সমাজিকীকৰণ, সামাজিক নিয়ন্ত্রণ আৰু বিচ্যুতি ইত্যাদিয়ে বিশেষ গুৰুত্ব লাভ কৰে।

গৱেষণা পদ্ধতিৰ ওপৰতো সমাজতত্বই যথেষ্ট গুৰুত্ব আৰোপ কৰে। সমাজতত্ত্বই দার্শনিক আৰু আদর্শবাদী বৈশিষ্ট্য পৰিহাৰ কৰি আগতকৈ অধিক যুক্তিসংগত আৰু পৰীক্ষামূলক প্রকৃতিৰ হৈ উঠিছে।

সমাজতত্ত্ববিদসকলে সমাজ সম্পর্কীয় বিভিন্ন ধাৰণা আৰু সূত্র গঠনৰ প্ৰচেষ্টা কৰে।

জ্ঞান বিস্ফোৰণৰ বৰ্তমান যুগত সমাজতত্ত্ববিদসকলে বিশেষ ব্যুৎপত্তি অর্জন কৰিছে। সেয়ে, বর্তমান অনুসন্ধানৰ বহুতো বিশেষ ব্যুৎপত্তি অর্জন কৰিব পৰা ক্ষেত্ৰত উত্থান ঘটিছে। জ্ঞানৰ সমাজতত্ত্ব, ইতিহাসৰ সমাজতত্ত্ব, ঔষধৰ সমাজতত্ব, সংস্কৃতিৰ সমাজতত্ত্ব, ধৰ্মৰ সমাজতত্ত্ব, শিক্ষাৰ সমাজতত্ত্ব আদিয়ে এনে বিশেষ ব্যুৎপত্তি লাভৰ ক্ষেত্ৰবোৰৰ প্ৰতিনিধিত্ব কৰে।

সমাজতাত্ত্বিক অনুসন্ধানৰ ক্ষেত্ৰখন ইমানেই ব্যাপক হৈ পৰিছে যে বৌদ্ধিক উদ্ভাৱন ক্ষমতা আৰু সমৃদ্ধ সমাজতাত্ত্বিক কল্পনাৰ গৰাকী যিকোনো সমাজতত্ত্ব শিক্ষার্থীয়েই বিষষটোত সামগ্রিকভাৱে নতুন মাত্রা যোগ কৰিব পাৰে।

সমাজতত্ত্বৰ পৰিসৰ আৰু বিষয়বস্তুৰ বিভিন্ন দিশসমূহ চিহ্নিত কৰিবলৈ দুটা চিন্তাধাৰা আছে- আনুষ্ঠানিক বা বিশেষাত্মক চিন্তাধাৰা আৰু সমন্বয়াত্মক চিন্তাধাৰা। বিশেষাত্মক চিন্তাধাৰা অনুসৰি সমাজতত্ত্বই সমাজবিজ্ঞান হিচাপে এক বিশেষ ক্ষেত্র লাভ কৰিছে। বিশিষ্ট সমাজতাত্ত্বিক জর্জ চিমেল, ফার্ডিনেও টনিজ, আলফ্রেড ভিয়াৰকান্ট আৰু লিঅ’পণ্ড ভন ওৱাইজক এই চিন্তাধাৰাৰ প্রতিষ্ঠাপক বুলি কোৱা হয়।

আনহাতে ইমাইল ডুৰখেইম, এল. টি. হবহাউচ আৰু পিটিৰিম চৰ’কিন আদি সমাজতত্ত্ববিদসকলে আন আন সামাজিক বিজ্ঞানৰ লগত সমাজতত্ত্বক জড়িত কৰি সমন্বয়াত্মক আলোচনা কৰাৰ পক্ষপাতী।

এই চিন্তাধাৰাৰ সমৰ্থকসকলে সমাজতত্ত্বক এক বিশেষ বিষয়বস্তুৰে এক পৃথক বিষয় হিচাপে চিহ্নিত কৰিব বিচাৰে। এই চিন্তাধাৰাই সমাজতত্ত্বক এক স্বাধীন ৰূপ দিয়াত বিশ্বাস কৰে। জর্জ চিমেলৰ মতে, সমাজবদ্ধ মানুহৰ পাৰস্পৰিক ক্রিয়া-প্রতিক্রিয়াবোৰক বিভিন্ন প্ৰকাৰত ভাগ কৰাটো হ’ল সমাজতত্ত্বৰ আলোচ্য বিষয়। আনুষ্ঠানিক সম্পর্কসমূহ যেনে- সহযোগিতা, প্রতিযোগিতা, প্রভুত্ব আৰু অধীনতা আদি আছিল তেওঁৰ অধ্যয়নৰ অন্তৰ্ভূক্ত বিষয়। ভিয়াৰকান্টৰ মতে আমাৰ সামাজিক জীৱন যিবোৰ মানসিক অথবা অতিন্ত্রীয় সম্পৰ্কৰ ওপৰত নিৰ্ভৰশীল সেই সম্পৰ্কবোৰ বিশ্লেষণ কৰাই হ’ল সমাজতত্ত্বৰ আলোচ্য বিষয়। মেক্স বেবাৰৰ মতে, সমাজতত্ত্বৰ লক্ষ্য হ’ল সামাজিক সম্পর্ক বুজা।

সমাজতত্ত্বৰ সমন্বয়াত্মক চিন্তাধাৰাই বিভিন্ন সমাজ বিজ্ঞানৰ লগত সমাজতত্ত্বৰ সমন্বয় ঘটাই ইয়াৰ পৰিসৰ ব্যাপক কৰাত বিশ্বাসী। তুৰখেইমৰ মতে, সমাজতত্ত্বৰ তিনিটা মূল ভাগ আছে। সামাজিক সংগঠন তত্ত্ব, সামাজিক শৰীৰ সংৰচনা তত্ত্ব আৰু সাধাৰণ সমাজতত্ত্ব। সামাজিক সংগঠন তত্ত্বত ভৌগোলিক অৱস্থান, জনসংখ্যাৰ বসতি, ঘনত্ব প্ৰব্ৰজন ইত্যাদি বিষয়বোৰে সমাজ গঠনত কেনেধৰণৰ প্রভাৱ বিস্তাৰ কৰে এই বিষয়ে আলোচনা আৰু বিশ্লেষণ কৰা হয়। সমাজত নানা ধৰণৰ সংস্থাৰ কেনেকৈ উদ্ভৱ হয়, এই সম্পর্কে অনুসন্ধান কৰাটো হ’ল সামাজিক শৰীৰ সংৰচনা তত্ত্বৰ আলোচনাৰ বিষয়। 

ধর্ম, ৰীতি-নীতি, আইন বা অর্থনৈতিক ব্যৱস্থাৰ সামাজিক পটভূমি নির্ণয় কৰাটোৱেই এই ভাগটোৰ বিষয়বস্তু। সাধাৰণ সমাজতত্ত্বৰ মূল লক্ষ্য হ’ল সাধাৰণ সামাজিক আইনৰ প্ৰয়োগ। হব্‌হাউচৰ মতে, মানুহৰ সামাজিক জীৱনৰ বিভিন্ন অংশৰ গৱেষণালব্ধ সিদ্ধান্তৰ একত্রীকৰণ হ’ল সমাজতত্ত্বৰ আলোচনাৰ বিষয়। অইন বিজ্ঞানৰ লগত ইয়াৰ সম্বন্ধ এক বিনিময় আৰু পাৰস্পৰিক উদ্দীপনা সৃষ্টিকাৰী বুলি ধৰা হয়। কার্ল মেনহেইমে সমাজতত্ত্বক দুটা মুখ্য ভাগত বিভক্ত কৰিছে- প্রণালীবদ্ধ আৰু সমাজশাস্ত্র আৰু ঐতিহাসিক সমাজতত্ত্ব। প্রণালীবদ্ধ আৰু সাধাৰণ সমাজতত্বই সমাজবদ্ধ জীৱন গঢ়ি উঠাত সহায় কৰা প্ৰতিটো কাৰকৰ বিষয়ে আলোচনা কৰে। এই কাৰকবোৰ প্ৰতিখন সমাজতে পোৱা যায়। ঐতিহাসিক সমাজতত্ত্বত সমাজৰ সাধাৰণ ৰূপবোৰৰ ঐতিহাসিক বৈচিত্ৰতা আৰু যথার্থতা অধ্যয়ন কৰা হয়। উদাহৰণস্বৰূপে, অর্থনৈতিক আৰু ৰাজনৈতিক, নীতিগত আৰু আইনী, বুদ্ধিমত্তা আৰু সামাজিক কাৰকসমূহ। ই সামাজিক পৰিৱৰ্তনৰ মৌলিক অবস্থাসমূহ প্রকাশ কৰিবলৈ চেষ্টা কৰে আৰু সামাজিক জীৱনক পৰিচালিত কৰা মুখ্য সমাজতাত্ত্বিক কাৰণসমূহ আৱিষ্কাৰ কৰিবলৈ যত্ন কৰে।

ওপৰৰ আলোচনাৰ পৰা আমি ক’ব পাৰো যে, সমাজতত্ত্বৰ বিষয়বস্তু হ’ল সমাজ জীৱনব সকলো দিশ আৰু ই সামাজিক ক্ৰিয়াৰ মুখ্য কাৰকৰ লগত জড়িত। সেয়েহে, সমাজতত্ত্বব পৰিসৰ অতি ব্যাপক। ই এবিধ সাধাৰণ বিজ্ঞান হোৱাৰ উপৰি এক বিশেষ বিজ্ঞান।

৩। ভাৰতবৰ্ষত সমাজতত্ত্বৰ উৎপত্তি আৰু ক্রমবিকাশ সম্পর্কে এটি ব্যাখ্যা দাঙি ধৰা। (Give an explanation about the origin and evaluation of socialism in India.)

উত্তৰঃ ভাৰতবৰ্ষত সমাজতত্ত্বৰ বিকাশক আমি তলত দিয়া ধৰণে আলোচনা কৰিব পাৰো- 

(ক) স্বাধীনতাৰ পূৰ্বকালত সমাজতত্ত্বৰ উৎপত্তি আৰু বিকাশ।

(খ) স্বাধীনতাৰ পাছত অৰ্থাৎ ৭০, ৮০ আৰু ৯০ ৰ দশকত সমাজতত্ত্বৰ বিকাশ।

(গ) শেষত ভাৰতত সমাজতাত্ত্বিক গৱেষণাৰ বিকাশ।

বৃটিছ প্রশাসকসকলে ভাৰতবৰ্ষলৈ আহি সুস্থ প্রশাসনৰ বাবে চুবুৰীয়া ৰাজ্যবোৰক যেতিয়াৰ পৰা ভালদৰে বুজাৰ চেষ্টা হাতত ল’লে প্রকৃতার্থত তেতিয়াৰ পৰাই ভাৰতবৰ্ষত সমাজতত্ত্ব আৰু সামাজিক নৃতত্ত্বৰ উৎপত্তি হ’ল বুলি ক’ব পাৰি। ইয়াৰোপৰি যোৱা শতিকাৰ দ্বিতীয় দশকৰ পৰাহে ভাৰতবর্ষব বিশ্ববিদ্যালয়সমূহত সমাজতত্ত্বৰ পৰিচয় আৰু সামাজিক নৃতত্ত্বৰ বিকাশ হোৱা পৰিলক্ষিত হয়। প্রকৃতার্থত, স্বাধীনতাৰ পাছতহে সমাজতত্ত্বৰ জনপ্রিয়তা আৰু বৃত্তিমূলক শিক্ষা প্রচলিত হয়। সমাজতত্ত্ব আৰু সামাজিক-সাংস্কৃতিক নৃতত্ত্ব দুয়োটাই হ’ল আন্তঃসম্পর্ক যুক্ত। আমেৰিকা আৰু ইউৰোপ মহাদেশত এই দুয়োটাৰ বিষয়ে একেলগে কাম কৰে। ইয়াৰ পৰিপ্ৰেক্ষিততেই ভাৰতীয় সমাজতত্ত্ববিদ আৰু নৃতত্ত্ববিদসকলে সমাজতত্ত্ব আৰু নৃতত্ত্বৰ মাজত গবেষণা, অধ্যয়ন আৰু নিয়োগৰ ক্ষেত্ৰত সংহতি ৰক্ষা কৰিব বিচাৰে।

ভাৰতবৰ্ষত সমাজতত্ত্বৰ উৎপত্তি আৰু ক্রমবিকাশ বুজিবৰ বাবে আমি ঔপনিবেশিকতাৰ বুৰঞ্জীৰ প্রসংগলৈ আহিব লাগিব। উনৈশ শতিকাৰ ষষ্ঠ দশকৰ পৰাহে ভাৰতবৰ্ষৰ ঔপনিবেশিক শাসনত বহুতো প্রধান পৰিৱর্তনে দেখা দিয়ে। ১৮৫৭ চনত ঘটা চিপাহী বিদ্রোহৰ পৰা এইটো প্রমাণ হ’ল যে– বৃটিছসকলৰ ভাৰতীয় লোকাচাৰ আৰু প্ৰথাৰ ওপৰত কোনো ধাৰণা নাছিল। যদিহে ভাৰতীয়সকলৰ প্ৰতি তেখেতসকলৰ কোনো জ্ঞান থাকিলহেঁতেন তেতিয়াহ’লে ১৮৫৭ চনৰ বিদ্ৰোহ সংঘটিত নহ’লহেঁতেন। ইয়াৰ অৰ্থ এইটো হ’লে যে ভাৰতীয় সমাজক ভালদৰে বুজিবৰ বাবেই এক নতুন সমাজ বিজ্ঞানৰ প্ৰয়োজন হ’ল। ১৮৫৭ চনৰ বিদ্ৰোহৰ পাছৰ পৰাই আৰম্ভ হ’ল-নৃ-গোষ্ঠীগত অধ্যয়ন আৰু ইয়াৰ লগে লগে নৃতত্ত্ব আৰু সমাজতত্ত্বই ঔপনিবেশিক নীতিৰ ওপৰত পৰীক্ষাগাৰত তথ্য উদঘাটন আৰম্ভ কৰে।

নৃ-গোষ্ঠীগত অধ্যয়নৰ ক্ষেত্ৰত আমি প্রথমেই নাম ল’ব লাগিব ছাৰ হার্বার্ট ৰিজলীৰ। ভাবতীয় অসামৰিক সেৱাত তেওঁ ১৮৫৭ চনত অন্তর্ভূক্ত হয় আৰু প্রথমে বেংগলত কৰ্ম জীৱনৰ পাতনি মেলে। ‘Caste & Tribes of Bengle’ (1891) ত ছাৰ হার্বার্ট বিজলীয়ে ব্রাহ্মনিক সমাজতত্ত্বৰ ওপৰত ব্যাখ্যা আগবঢ়াই য’ত তেওঁ জাতিসমূহৰ নৃ-গোষ্ঠীগত আৰু অন্যান্য আলোচনা আগবঢ়ায়। ইয়াৰ জৰিয়তে ঔপনিবেশিক শাসকসকলে জাতি প্ৰথাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু জ্ঞান আহৰণ কৰে।

শ্রীনিবাস আৰু পানিনিৰ মতে, ভাৰতত সমাজতত্ত্ব আৰু নৃতত্ত্ব বিকাশৰ কথা তিনিটা অধ্যায়ত ভাগ কৰি ক’ব পাৰি। প্ৰথমটো হৈছে ১৭৭৩ ৰ পৰা ১৯০০ খ্রীঃ য’ত দুয়োটা বিষয়ৰ প্রতিষ্ঠা হৈছিল। দ্বিতীয়টো হৈছে ১৯০১ ৰ পৰা ১৯৫০ খ্রীঃ এই সময়ছোৱাত সমাজতত্ত্ব বৃত্তিমুখী হয় আৰু শেষৰ অধ্যায়টো হৈছে স্বাধীনোত্তৰ পাছৰ কালছোৱা য’ত পৰিকল্পিত উন্নয়ন অৱধাৰণা, ভাৰতীয় গৱেষক সকলৰ বৈদ্বেষিক সংগী সকলৰ লগত অধ্যয়ন, পুঁজিৰ যোগান বা বাহুল্যতা আৰু গৱেষণা কামৰ ফলাফল ইত্যাদি। শ্রীনিবাস আৰু পানিনিৰ এই অধ্যায়কেইটাৰ কথা ১৯৯৭ৰ মূল Themetic Paper “Sociology in Post-Independent India” নামৰ গ্রন্থটোত আলোচনা হৈছে। লক্ষ্মণ নামৰ সমাজতত্ত্ববিদজনেও ১৯৭৪ (P.1) ভাৰতত সমাজতত্ত্বৰ বিকাশক তিনিটা অধ্যায়ত ভাগ কৰি দেখুৱাইছে। সেইকেইটা হ’ল ১৯১৭ ৰ পৰা ১৯৪৪, ১৯৪৭ ৰ পৰা ১৯৬৪ আৰু ১৯৬৭ চনৰ পাছৰ সময়ছোৱা।

প্রাক্-স্বাধীনোত্তৰ কালত সমাজতত্ত্বৰ বিকাশঃ স্বাধীনোত্তৰ পূৰ্বৰ সমাজতত্ত্বৰ কথা উল্লেখ কৰিলে আমি কলিকতা বিশ্ববিদ্যালয়ত ১৯১৭ চনত আনুষ্ঠানিকভাৱে আৰম্ভ হোৱা সমাজতত্ত্বৰ কথা উল্লেখ কৰিব পাৰো। এইক্ষেত্ৰত বি. এন. চীলৰ নাম স্মৰণীয়। চীলৰ প্ৰত্যক্ষ সহযোগত আৰু প্ৰচেষ্টাত এই বিভাগটো গঢ় লৈ উঠে। ইয়াৰ পিছত এই বিষয়টোৰ দায়িত্ব লয় ৰাধাকমল মুখার্জী আৰু বি. এন. চৰকাৰে। তথাপিতো কলিকতাত সমাজতত্ত্বই ইমান মূৰ দাঙি নুঠিলে। মুম্বাই বিশ্ববিদ্যালয়ত ১৯১৪ চনত ভাৰত চৰকাৰৰ প্ৰত্যক্ষ সহযোগত সমাজতত্ত্বৰ বিকাশ হয়। ১৯১৯ চনত এই বিশ্ববিদ্যালয়ত সমাজতত্ত্ব বিভাগ প্রতিষ্ঠা হয়। এইক্ষেত্রত পেট্রিক গেডচ ৰ নাম উল্লেখনীয়। এখেতেজি.এচ.ঘূৰী আৰু এন.এ.টূথী ৰ লগ লয়। এইটোৱেই হৈছে ভাৰতত সমাজতত্ত্বৰ বিকাশৰ এক স্পষ্ট পদক্ষেপ। সমাজতত্ত্বৰ সূত্ৰ আৰু গৱেষণাৰ বাবে লক্ষ্ণৌ বিশ্ববিদ্যালয়ত এটা কেন্দ্র আছিল। যিটোত সমাজতত্ত্বৰ পৰিচয় হয় ১৯২১ চনত Deparment of Economics and Sociology নামেৰে। য’ত ৰাধা কমল মুখার্জী মূৰব্বী অধ্যাপক আছিল। ইয়াৰ পিছত ইয়াৰ দায়িত্ব লয় ডি.পি. মুখার্জী আৰু ডি.এন, মজুমদাৰে।

দক্ষিণ ভাৰতত সমাজতত্ত্বৰ বিকাশঃ দক্ষিণ ভাৰতত প্রথমে মাইচোৰ বিশ্ববিদ্যালয়ত ১৯২৮ চনত বি.এন. চীল আৰু এ.এফ. বাদিয়াৰ নেতৃত্বত সমাজতত্ত্বৰ বিকাশ আৰম্ভ হয়। ঠিক একেবছৰতে ওচমানীয় বিশ্ববিদ্যালয়তো স্নাতক পৰ্যায়ত সমাজতত্ত্ব আৰম্ভ হয়। জার্মানীত প্রশিক্ষণ সমাপ্ত কৰি জাফাৰ হাছানে সমাজতত্ত্ব বিভাগত যোগদান কৰে। ১৯৩০ চনৰ পাছত আৰু ৪৭ চনৰ আগতে সমাজতত্ত্ব আৰু সামাজিক নৃতত্ত্ব আৰম্ভ হোৱা অন্য এখন বিশ্ববিদ্যালয় হৈছে পুনা বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয়ৰ মুৰব্বী অধ্যাপক আছিল ইৰাৱতী কার্ভে।

১৯১৭ চনৰ পৰা ১৯৪৭ চনলৈ এই সময়ছোৱাত এই বিষয়টোৰ ক্ৰমবিকাশ কিছু লেহেমীয়া। এই সময়ছোৱাত কেৱল সমাজতত্ত্বৰ কেন্দ্রবিন্দু আছিল মুম্বাই। এইখিনি সময়তে মুম্বাইত এনে কিছুমান পণ্ডিত গৱেষকৰ জন্ম হৈছিল যিসকলে সমাজতাত্ত্বিক অধ্যয়ন আৰু গৱেষণাত অশেষ বৰঙণি আগবঢ়াইছে। তেখেত সকলৰ ভিতৰত কে.এম.কাপাডিয়া, ইৰাৱতী কার্ভে, এচ.ভি. কর্ণডিকাৰ, এম.এন. শ্রীনিৱাস, এ.আৰ. দেশাই, আই.পি. দেশাই, এম.এচ. ঘূৰী আৰু ৱাই বি. দামলেৰ নাম উল্লেখযোগ্য। যিসকলে সমাজতত্ত্বৰ ভাগ্য নির্ণয় কৰিছিল। এই বিশ্ববিদ্যালয়ৰ পৰা উৎপন্ন হোৱা বিভিন্নজন ব্যক্তি এই সময়ত ভিতৰুৱা বিশ্ববিদ্যালয়বোৰত সোমাই পৰিছিল আৰু সমাজতত্ত্বৰ বিভাগ প্রতিষ্ঠা কৰাত অগ্রণী ভূমিকা লৈছিল।

অন্য কিছুমান প্রসংগইও স্বাধীনোত্তৰ পূর্ব কালত সমাজতত্ত্বৰ বিকাশত যথেষ্ট সহায় কৰিছিল। উদাহৰণস্বৰূপে মুম্বাই আৰু লক্ষ্ণৌত অর্থনীতিৰ সৈতে সমাজতত্ত্ব একেলগে শিকোৱা হৈছিল। তাৰোপৰি কলিকতা আৰু মাইচোৰত সমাজতত্ত্বৰ লগত নৃতত্ত্ব আৰু সমাজ দৰ্শনৰ সংগতি ৰাখি শিকোৱা হৈছিল। সমাজতত্ত্ব, সামাজিক মনস্তত্ব বা মনোবিজ্ঞান, সামাজিক দর্শন, সামাজিক নৃতত্ত্ব, সামাজিক কাম আৰু অন্যান্য সমাজ বিজ্ঞানৰ মাজত কোনো পার্থক্য নাছিল। এওঁলোকৰ অন্তর্ভুক্ত বিষয়সমূহ আছিল- সামাজিক জীৱবিদ্যা, সামাজিক সমস্যা যেনে– অপৰাধ, বেশ্যাবৃত্তি আৰু ভিক্ষাৰী, সামাজিক মনোবিজ্ঞান, সভ্যতা আৰু প্ৰাক্‌ বুৰঞ্জী ইত্যাদি আৰু ইহঁতে জনজাতি, গ্রাম্য আৰু নগৰীয়া পৰিৱেশ সামৰি লৈছে।

ৰাওৰ মতে যদিও স্বাধীনতাৰ পূৰ্বে সমাজতত্ত্বৰ কোনো শক্তিশালী পৰীক্ষামূলক পৰম্পৰা উদ্ভৱ হোৱা নাছিল তথাপি সমাজতত্ত্ব এটা সান-মিহলি মোনাৰ দৰে আছিল যিটোৰ নিজা কোনো পৰিচয় নাছিল।

স্বাধীনতাৰ পৰৱৰ্তী সময়ত সমাজতত্ত্বঃ স্বাধীনতাৰ পৰৱৰ্তী সময়ত মুম্বাইত Indian Sociological Society প্রতিষ্ঠা হৈছিল আৰু Sociological Bulletin প্রকাশ পাইছিল। অন্যহাতে বৃত্তিগত আন্তঃক্ৰিয়াৰ বাবে লক্ষ্ণৌৰ স্কুলত All India Annual Sociological Conference আৰম্ভ হৈছিল। লক্ষ্মণৰ মতে, গৱেষণামূলক প্রচেষ্টা প্রধানকৈ তিনিটা দিশত আগবাঢ়িছিল-

(ক) বৃহৎ ৰূপত বিশ্ববিদ্যালয়সমূহত ডক্টৰেট গৱেষণা।

(খ) পৰিকল্পনা আৰু প্রশাসকসকলৰ আৱশ্যকতা আৰু পৰিকল্পনা প্রক্রিয়াত সমাজতাত্ত্বিক চিন্তা আৰু গৱেষণাৰ বাস্তৱিকতা অনুভৱ, যাৰ দ্বাৰা গৱেষণা প্ৰকল্পৰ সুবিধা মুকলি হয়।

(গ) এই সময়ছোৱাত সমাজ বিজ্ঞানৰ গৱেষণাৰ গুৰুত্ব বৃদ্ধিয়ে গবেষণা সংস্থা প্রতিষ্ঠাত সহায়ক হৈছিল। আকৌ গৱেষণাৰ বিকাশে নিয়োগৰ সুবিধা সকলো পর্যায়তে আগবঢ়াইছিল।

একে সময়তে বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ বিভাগবোৰ বৃদ্ধি পাইছিল। এই সময়ত বৃত্তিগত দিশত দিগন্তমুখী আৰু আনুভূমিক গতিশীলতাই ক্রিয়া কৰিছিল। ১৯৫০ চনত সমাজতত্ত্বৰ শিকোৱা কাৰ্যতো ভালদৰে প্ৰতিষ্ঠা হয় আৰু ৰাওৰ মতে, এই সময়ছোৱাত সমাজতত্ত্বত তিনিটা দিশ প্রতিফলিত হয়। প্রথমটো হৈছে- সমাজতত্ত্বই বৃহৎ শৈক্ষিক প্রস্তুতি লাভ কৰে। 

দ্বিতীয়তে, সমাজতত্ত্বই নিজকে অন্যান্য বিষয়সমূহৰ (যেনে-মনোবিজ্ঞান, নৃতত্ত্ব আৰু সামাজিক কামৰ পৰা নিজকে পৃথক কৰে। তাৰ উপৰি আন কিছুমান বিশ্ববিদ্যালয়ত (Social Pathology) আৰু সামাজিক মনোবিজ্ঞানক সমাজতত্ত্বৰ বিষয়ে অন্তর্ভুক্ত কৰে। এই সময়ছোৱাত কিছুমান বিশেষ শাখা যেনে- গ্রাম্য আৰু নগৰীয়া সমাজতত্ত্ব, স্বজনীয় সমাজতত্ত্ব, ধর্মীয় সমাজতত্ত্ব, সামাজিক স্তৰীকৰণৰ সমাজতত্ত্ব, শিক্ষা সমাজতত্ত্ব, ৰাজনৈতিক সমাজতত্ত্ব, চিকিৎসা সমাজতত্ত্ব, সামাজিক জনসংখ্যা আৰু অৰ্থনৈতিক উন্নয়নৰ সমাজতত্ত্বৰ আর্ৱিভাব হয়।

তৃতীয়তে, এইখিনি সময়তে বিভিন্নতাৰ পাছলৈ সমাজতত্ত্ব সামাজিক জীৱনৰ বিভিন্ন ক্ষেত্ৰত উপলব্ধ হয়।

সমাজতত্ত্ব শিকোৱাৰ ক্ষেত্ৰত অন্য এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হ’ল বাহ্যিক বৌদ্ধিক প্রভাৱ। 

সত্তৰৰ দশকত সমাজতত্ত্বৰ বিকাশঃ যোৱা শতিকাৰ সত্তৰৰ দশকত সমাজতত্ত্বৰ গৱেষণা আৰু বিশেষীকৃত হোৱাত যথেষ্ট পৰিৱৰ্তন আহে। প্রথমাৱস্থাত গ্রাম্য সম্প্রদায়ৰ অধ্যয়নে গৱেষণাত গুৰুত্ব প্রদান কৰিছিল কিন্তু সত্তৰৰ দশকত ইয়াৰ আকৰ্ষণ অন্যান্য দিশ যেনে- গ্রাম্য বা কৃষক সমাজৰ সম্পৰ্ক, ভূমি সংস্কাৰ, কৃষক, কৃষি শ্রমিক আৰু অনুসূচিত জাতি- জনজাতিয়ে গৱেষক সকলৰ দৃষ্টি আকর্ষণ কৰে। গ্রাম্য সমাজৰ সমস্যাবোৰ মার্ক্সীয় গঠনত পৰ্য্যালোচনা কৰা হয় য’ত সংঘর্ষ আৰু পাৰ্থক্যৰ ওপৰত গুৰুত্ব দিয়া হয়। এই দশকত গুৰুত্ব লাভ কৰা অন্যান্য বিষয়বোৰ হ’ল উদ্যোগিক সমাজতত্ত্ব, নগৰীয়া সমাজতত্ত্ব, সামাজিক স্তৰীকৰণ ইত্যাদি। এই সময়ছোৱাতেই বিকাশ হয় বৃত্তিৰ সমাজতত্ত্ব, সংঘৰ্ষৰ সমাজতত্ত্ব, ঔষধৰ সমাজতত্ত্ব, মহিলা অধ্যয়ন আৰু মুছলমান আৰু হিন্দু-মুছলমান সম্বন্ধৰ অধ্যয়নে। এই দশকতেই নতুন কিছুমান দিশেৰে জাতি-স্বজন পদ্ধতি-ধর্ম, বাজনীতি আৰু জনজাতি অধ্যয়ন ইত্যাদিৰ ওপৰত গভীৰ আৰু বিস্তৃত অধ্যয়ন আৰম্ভ হয়।

আশীৰ দশকত সমাজতত্ত্বৰ বিকাশঃ আশীৰ দশকত সমাজতত্ত্বৰ বিশেষীকৃত ভাগসমূহ বিভিন্ন দিশত আগবাঢ়ে। সেইবোৰ হ’ল- Sociology of Devience (পথভ্রষ্টতাৰ সমাজতত্ত্ব), জ্ঞানৰ সমাজতত্ত্ব, বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ সমাজতত্ত্ব আৰু বুৰঞ্জীমূলক সমাজতত্ত্ব। এই বিষয়সমূহে আশীৰ দশকত গৱেষণাৰো অন্তর্ভুক্ত হয়। ইয়াৰোপৰি গৱেষণাৰ দিশত অন্য কিছুমান ক্ষেত্র যেনে- পৰিকল্পনা আৰু উন্নয়নৰ সমাজতত্ত্ব, বৃত্তিৰ সমাজতত্ত্ব, সংঘৰ সমাজতত্ত্ব, দৰিদ্ৰতাৰ সামাজিক উপকৰণ, আইন আৰু সামাজিক পৰিৱর্তন, জাতীয় সংহতিৰ সমাজতত্ত্ব ইত্যাদিয়ে উৎসাহ লাভ কৰে।

নব্বৈৰ দশকত সমাজতত্ত্বৰ বিকাশঃ নব্বৈৰ দশকত গোলকীকৰণ আৰু নব্য অর্থনৈতিক নীতি ইত্যাদিৰ ফলত ভাৰতীয় সমাজতত্ত্বৰ পৰিসৰ বৃদ্ধি পায়। লগে লগে কিছুমান বিষয় সমাজতত্ত্বৰ ক্ষেত্ৰত অন্তর্ভুক্ত হয়। যেনে- ইক’লজি আৰু সমাজ, মানৱ অধিকাৰৰ ইচ্ছ্যু, পৰিচালনাৰ সমাজতত্ত্ব, মানৱ সম্পদৰ বিকাশ, গণমাধ্যম আৰু সমাজ আৰু কাৰ্য্যৰ সমাজতত্ত্ব ইত্যাদি।

ভৰতবৰ্ষত সমাজতত্ত্বৰ গৱেষণাঃ ভাৰতীয় বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় সমূহত সমাজতত্ত্বৰ বিকাশৰ লগে লগে স্বাধীনতাৰ পৰাই সমাজতাত্ত্বিক গৱেষণাৰ বিভিন্ন দিশ বিকশিত হয়। বহু বৃত্তিগত আলোচনীত গৱেষণা পত্ৰ আৰু প্রবন্ধ প্রকাশ পায়। সমাজতত্ত্ববিদে পৰিচালনা কৰা বহু অধ্যয়ন বিভিন্ন প্রতিনিধিৰ দ্বাৰা পৃষ্ঠপোষক, সমর্থন কৰা হয়। বৰ্ত্তমান সময়ত ভাৰতবৰ্ষৰ বহুতো বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ লগত নতুন নতুন পাঠ্যক্ৰমৰ বাবে গৱেষণাৰ ক্ষেত্ৰখন বিস্তৃত হৈ পৰিছে।

ঠিক সেইদৰে গৱেষণাৰ পদ্ধতিৰো বহু পৰিৱৰ্তন আৰু বিকাশ ঘটিছে। পৰিমাণগত পদ্ধতিৰ উপৰিও অন্য কিছুমান গৱেষণা পদ্ধতি যেনে- বুৰঞ্জীমূলক বিশ্লেষণ, নমুনা অধ্যয়ন আৰু আংশিক পর্যবেক্ষণ বৰ্তমানৰ সমাজতত্ত্ববিদ আৰু সামাজিক নৃতত্ত্ববিদ সকলে সামাজিক সমস্যাৰ প্রকৃতি অধ্যয়নৰ ক্ষেত্ৰত গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে।

8। পশ্চিমীয়া চিন্তাধাৰাত সমাজতত্ত্বৰ বিকাশৰ বিষয়ে এখনি ৰচনা লিখা। (Write an essay on the development of socialism in Western thought).

উত্তৰঃ পশ্চিমীয়া চিন্তাধাৰাত সমাজতত্ত্বৰ উৎপত্তিঃ এইটো সত্য যে সমাজতত্ত্বৰ জন্ম হৈছিল পশ্চিমীয়া দার্শনিক চিন্তাধাৰাত। ১৯০০ শতিকাৰ প্ৰথমাৰ্দ্ধত প্রথম বাৰৰ বাবে ফ্রান্সৰ সমাজ দার্শনিক আগষ্ট ক’টে সমাজতত্ত্বক এক সুকীয়া বিজ্ঞান হিচাপে প্রতিষ্ঠা কৰে। যি বিজ্ঞানে সামাজিক পদ্ধতিৰ বিষয়ে বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰে। এই অর্থতেই আগষ্ট ক’টক সমাজতত্ত্বব পিতৃ হিচাপে আখ্যা দিয়া হয়।

যদিও সমাজতত্ত্বৰ প্ৰতিষ্ঠাপক আগষ্ট ক’ট কিন্তু এই বিজ্ঞানৰ ঘাই শিপাডাল বহু আগৰ। এইটো নির্ঘাত সত্য যে সমাজতত্ত্বৰ উপাদানবোৰ পৌৰাণিক গ্রীক দার্শনিক প্লেটো, এৰিষ্টট’ল আৰু অন্যান্য গ্রীক দার্শনিক সকলৰ লিখনীত উল্লেখ আছে। প্লেটোরে ‘সামাজিক শ্রেণীৰ বিশ্লেষণ’ আৰু ‘নগৰ ৰাষ্ট্ৰ’ (সমাজ) বিশ্লেষণেৰে মানৱ সমাজক বুজাৰ সংৰচনাত্মক দিশৰ কথা উল্লেখ কৰিছিল। 

তেওঁৰ সূত্র সামাজিক ন্যায়ৰ মূল ভিত্তি আছিল সামাজিক অংগীবাদ। তেখেতে ব্যক্তি আৰু সমাজৰ মাজত থকা সংহতিমূলক আন্তঃসম্পৰ্কৰ আদৰ্শৰ বিষয়ে ব্যাখ্যা কৰিছিল। প্লেটোৰ পূৰ্বপুৰুষ চক্রেটিছেও সামাজিক ঘটনাৰ সত্যতা নিৰূপণ কৰিবৰ বাবে দ্বন্দ্বাত্মক পদ্ধতি উদ্ভাবন কৰিছিল। সেইদৰেই তেওঁ সামাজিক ঘটনা বুজিবৰ বাবে বৈজ্ঞানিক দিশৰ বৰঙণিৰ কথাও উল্লেখ কৰিছে।

এৰিষ্টট’লে পোন প্রথমে উদ্দেশ্যগত দিশৰ জ্ঞানৰ পৰা সামাজিক ঘটনা অধ্যয়নৰ ওপৰত গুৰুত্ব দিছিল আৰু যিটো আধুনিক সমাজতত্ত্বৰ লগত সম্পর্কযুক্ত। তেওঁ কৈছিল- যে মানুহ সামাজিক প্রাণী আৰু মানুহক সমূহ বা সামাজিক দিশৰ পৰা বুজা উচিত আৰু সেইটোৱেই হৈছে বৰ্তমান সময়ৰ সমাজতত্ত্বৰ মূল ভিত্তি। তাৰোপৰি, এৰিষ্টট’লে ঘটনাৰ সত্যতা নিৰূপণ কৰিবৰ বাবে “Modern Logical Method” ৰ পৰিচয় কৰাইছিল।

সমাজতত্ত্বৰ বিকাশৰ দিশত ইটালীৰ ভিকো আৰু ফ্ৰান্সৰ মণ্টেস্কুৱে উল্লেখনীয় বৰঙণি আগবঢ়াইছিল আৰু তেওঁলোকে সমাজতত্ত্বক সামাজিক সম্বন্ধৰ বিজ্ঞান বুলি উল্লেখ কৰিছে। ভিকো আৰু মণ্টেস্কুৱে সামাজিক জীৱন আৰু মানৱ আচৰণৰ সকলো দিশ অধ্যয়ন কৰিছিল। Vico এ তেওঁৰ মহান গ্রন্থ ‘The New Science’ ত ব্যাখ্যা কৰিছে যে সমাজ নির্দিষ্ট নীতি-নিয়মৰ দ্বাৰা শাসিত হয়, যাক উদ্দেশ্যগত অধ্যয়নৰ মাজেদি পৰ্য্যবেক্ষণ কৰিব পাৰি। মন্টেছকোৱে তেওঁৰ গ্ৰন্থ ‘The Spirit of Law’ ত বাহ্যিক কাৰক প্রধানকৈ জলবায়ুৱে কিদৰে মানৱ সমাজৰ ওপৰত প্ৰভাৱ পেলায় তাক ব্যাখ্যা কৰিছে। তাৰোপৰি তেওঁ সামাজিক জীৱনৰ ওপৰত ভৌগলিক পৰিস্থিতিৰ প্ৰভাৱৰ কথা উল্লেখ কৰিছে।

ফ্রান্সৰ সমাজ দার্শনিক চেইন্ট চিমনে ১৮ শতিকাত সামাজিক ঘটনাৰ বৈজ্ঞানিক বিশ্লেষণৰ কথা উল্লেখ কৰি সামাজিক পদার্থ বিজ্ঞান নামেৰে এক নতুন বিজ্ঞান প্রতিষ্ঠা কৰাৰ কথাও উল্লেখ কৰিছিল। যাক আগষ্ট ক’টে সামাজিক পদার্থ বিজ্ঞানৰ পৰা সমাজতত্ত্বলৈ পৰিৱৰ্ত্তন কৰে। আগষ্ট ক’টে সামাজিক বিকাশৰ তিনিটা স্তৰৰ কথা উল্লেখ কৰিছে। সেইকেইটা হ’ল- 

(ক) বৌদ্ধিক স্তৰ।

(খ) আধিভৌতিক স্তৰ।

(গ) বৈজ্ঞানিক স্তৰ।

আগষ্ট ক’টৰ মতে, বর্তমান মানুহে প্রত্যক্ষ বাদৰ স্তৰত উপনীত হৈছে। কিন্তু প্রাকৃতিক ঘটনাৰ ওপৰত মানুহৰ ধাৰণা বর্তমানো আধি-ভৌকিত স্তৰতে আছে বুলি তেওঁ উল্লেখ কৰিছে।

ডাৰউইনৰ বিখ্যাত গ্রন্থ ‘Origin of Specie’ ত সকলো প্ৰকাৰৰ জীৱই সৰল প্ৰকৃতিৰ পৰা ক্রমবিকাশৰ যোগেদি বৰ্তমানৰ অৱস্থা পাইছে বুলি উল্লেখ কৰিছে আৰু এই ক্ষেত্ৰত ‘Survival of the fittest’ নীতিৰ পৃষ্ঠপোষকতা কৰিছে আৰু লগতে প্রাকৃতিক নিৰ্বাচনৰ কথাও কৈছে। হাবার্ট স্পেনচাৰে সকলোবোৰ সমাজ বিজ্ঞানক এটা পদ্ধতিত সংহত কৰিব বিচাৰিছিল আৰু প্রাকৃতিক আৰু সামাজিক ঘটনাৰ মৌলিক নীতি নিৰ্বাচন কৰিব বিচাৰিছিল। স্পেনচাৰৰ পাছত মার্ক্স, মেক্সৱেবাৰ, ডুৰখেইম আৰু অন্যান্য পশ্চিমীয়া সমাজ দার্শনিকসকলে প্রত্যক্ষ বা পৰোক্ষভাৱে সমাজতত্ত্বৰ বিকাশত বৰঙণি যোগাইছিল।

উপৰোক্ত ব্যাখ্যাৰ পৰা ক’ব পাৰি যে সমাজতত্ত্ব পশ্চিমীয়া সামাজিক চিন্তা-ধাৰাতেই জন্ম হৈছিল।

ইউৰোপ আৰু আমেৰিকাত সমাজতত্ত্বৰ বিকাশঃ ফ্রান্সত জন্ম হোৱা সমাজতত্ত্বই ইয়াৰ পাছত বিকাশ লাভ কৰিছিল ইউৰোপ আৰু আমেৰিকাত। ১৯ শতিকাত ইউৰোপৰ ইংলেণ্ড আৰু জামানী বিভিন্ন জ্ঞান আৰু অধ্যয়নৰ কেন্দ্ৰ স্বৰূপ হৈ পৰিছিল। শাৰীৰিক আৰু সমাজ বিজ্ঞানবোৰ এই দেশবোৰত অতি বেছিকৈ বিকাশ হ’বলৈ ধৰিছিল। সমাজ বিজ্ঞানৰ বিভিন্ন শাখাবোৰৰ বিশেষকৈ সমাজতত্ত্বৰ শাখাবোৰৰ বৈজ্ঞানিক অধ্যয়ন অতি বেছিকৈ আৰম্ভ হৈছিল। এনে সময়তেই বৃটিছ সাম্ৰাজ্যৰ পৰা আমেৰিকাই স্বাধীনতা লাভ কৰিছিল আৰু তেওঁলোকে ইউৰোপীয় সমাজৰ আদৰ্শ আৰু পদ্ধতি অনুকৰণ কৰিছিল। সেই কাৰণে আমেৰিকাবাসীয়ে সমাজতত্ত্বকে ধৰি অন্যান্য বিজ্ঞানৰ শাখাসমূহৰ বিকাশত গুৰুত্ব দিছিল।

ইংলেণ্ডত সমাজতত্ত্বঃ ১৯ শতিকাত ইংলেণ্ডে জ্ঞানৰ ক্ৰমবিকাশত মূল প্রতিনিধি হিচাপে কাম কৰিছিল আৰু বহুতো নতুন জ্ঞানৰ শাখা আৰু বিজ্ঞানে ইংলেণ্ডত জন্ম লাভ কৰিছিল। আগষ্ট ক’টৰ পিছত হার্বার্ট স্পেনচাৰৰ উল্লেখনীয় গ্রন্থ কেইখনমান হ’ল ‘The Study of Sociology’, ‘Principle of Sociology’ ‘Descriptive Sociology’. হার্বার্ট স্পেনচাৰৰ পাছত চার্লছ বুথ, হ’বহাউচ, ৱেষ্টাৰমাৰ্ক, জিন্সবার্গ ইত্যাদিৰ নাম সামাজিক ঘটনাৰ সমাজতাত্ত্বিক সিদ্ধান্ত আগবঢ়োৱাৰ ক্ষেত্ৰত উল্লেখযোগ্য।

ফ্রান্সত ইমাইল ডুৰখেইম আৰু অন্যান্য সকলে সমাজ অধ্যয়নবোৰক সমাজতাত্ত্বিক দিশেৰে বিশ্লেষণ কৰিছিল। জার্মানীত টন্নিছ, হেগেল, মার্ক্স চিমেল আৰু অন্যান্য সকলে সমাজতত্ত্বৰ বিষয়বস্তুক বৈজ্ঞানিক দিশেৰে ক্রমবিকাশ ঘটাব বিচাৰিছিল। আমেৰিকাইও সমাজতত্ত্বৰ ক্রমবিকাশত যথেষ্ট অৰিহণা যোগাইছে। গিদিংছ, ছামানাৰ, ৱাৰ্ড, ৰ’ছ, পার্ক, বার্গেছ, মেক আইভাৰ, অগবার্ণ নিমকোফ, পার্চন, মেট্র’ন ইত্যাদিয়ে সমাজতত্ত্বৰ বিষয়বস্তুৰ ক্ৰমবিকাশত যথেষ্ট বৰঙণি যোগাইছে। 

চাৰ্লছ কুলে নামৰ সমাজতত্ত্ববিদজনেই প্রাথমিক আৰু দ্বিতীয়কসমূহৰ অৱধাৰণা আগবঢ়াই সমাজতত্ত্বৰ ভঁৰাল চহকী কৰিছিল। আমেৰিকাৰ অন্য এজন সমাজতত্ত্ববিদ ৰবাৰ্ট পার্কে সামাজিক প্রক্রিয়া, সামাজিক দূৰত্বতা, সামাজিক পৰিৱৰ্তন ইত্যাদি ব্যাখ্যা আগবঢ়াই সমাজতত্ত্বলৈ বহুমূলীয়া বৰঙণি আগবঢ়াইছিল। ঠিক একেদৰে থমাছ নেঞ্চীয়ে আকাংক্ষা আৰু মূল্যবোধক সমাজতত্ত্বৰ সহায়ত ব্যাখ্যা দিছিল। চমু অর্থত, এওঁলোকে বহুবোৰ নতুন ব্যাখ্যা আগবঢ়াইছিল যিয়ে সমাজতত্ত্বক নতুন বৈজ্ঞানিক গঠন দিছিল। পিটিৰিম চোৰোকিমৰ সামাজিক আৰু সাংস্কৃতিক গতিশীলতাৰ সিদ্ধান্তবোৰো সমাজতত্ত্বলৈ অমূল্য অবদান স্বৰূপ।

এই দৰেই পশ্চিমীয়া দেশবোৰত সমাজতত্ত্বৰ জন্ম আৰু ক্রমবিকাশ হৈছিল। পশ্চিমীয়া সামাজিক চিন্তাবিদসকলে সামাজিক চিন্তা আৰু অধ্যয়নৰ সহায়ত সমাজতত্ত্বৰ বিকাশ তৰান্বিত কৰিছিল। পশ্চিমীয়া সমাজৰ পৰাই সমাজতত্ত্ব গোটেই বিশ্বলৈ বিয়পি পৰিছিল। বর্তমান সমাজতত্ত্ব হ’ল অধ্যয়নৰ এক অতি জনপ্রিয় বিষয় আৰু সামাজিক ঘটনা অধ্যয়নৰ বিজ্ঞান বিষয়ক বিষয় হিচাপে ছাত্র-ছাত্রীৰ মাজত গুৰুত্বতা আৰু জনপ্রিয়তা লাভ কৰিছে।

৫। সমাজতত্ত্বৰ সংজ্ঞা দিয়া। সমাজতত্ত্বৰ অধ্যয়নৰ পৰিসৰৰ বিষয়ে ব্যাখ্যা কৰা। (Define sociology. Explain the scope of sociology studies.) 

উত্তৰঃ সমাজতত্ত্ব এক সমাজৰ বিজ্ঞান। সমাজতত্ত্বৰ অবিহনে অন্য কোনো সমাজ বিজ্ঞানে সমাজৰ বিষয়সমূহ বৈজ্ঞানিক পদ্ধতিৰে অধ্যয়ন কৰা নাই। ইয়াৰ উৎপত্তিৰ পৰা সাম্প্ৰতি ক্রমবিকাশলৈকে পৰ্য্যালোচনা কৰিলে এইটো দেখা যায় যে সমাজতত্ত্ব বর্তমানেও এক সম্প্ৰসাৰণমুখী বিজ্ঞান হিচাপে পৰিগণিত হৈছে। ইয়াৰ অধ্যয়নৰ বিষয়বস্তুৰ তালিকা নানা বিষয় বস্তুৰে পৰিশোধিত হৈ আছে। সমাজতত্ত্বৰ ইংৰাজী প্রতিশব্দ হৈছে ‘Sociology’। এই শব্দটো Socius আৰু Logos শব্দৰ পৰা আহিছে। Socius অর্থ হৈছে সমাজ আৰু Logos মানে বিজ্ঞান। ফ্ৰান্সৰ সমাজ দার্শনিক আগষ্ট ক’টৰ হাতত ১৮৩৯ চনত এই বিষয়টোৱে পৰিপূর্ণতা লাভ কৰে।

সমাজতত্ত্বৰ সংজ্ঞাঃ

(ক) আগষ্ট ক’টৰ মতে সমাজতত্ত্বই বিভিন্ন সমাজৰ সামাজিক পদ্ধতিৰ প্ৰকৃতি আৰু স্বৰূপ সম্পর্কে বৈজ্ঞানিক পদ্ধতিৰে অধ্যয়ন কৰে। সমাজতত্ত্বৰ বিষয়বস্তু যে ‘সমাজ পদ্ধতি’ সেই সম্পর্কে ক’টে নিশ্চিত অভিমত প্রকাশ কৰিছে।

(খ) জার্মানীৰ অন্যতম শীর্ষস্থানীয় সমাজতত্ত্ববিদ মেক্স ৱেবাৰৰ মতে, “সমাজতত্ত্বই সামাজিক ক্রিয়াৰ বিষয়ে অর্থপূর্ণ ভাবে বুজিবলৈ চেষ্টা কৰে। ইয়াৰ জৰিয়তে সামাজিক ক্ৰিয়াৰ কাৰণ, প্ৰকাৰ আৰু ফলাফলৰ বিষয়ে একোটাকৈ সিদ্ধান্ত প্রকাশ কৰিবলৈ চেষ্টা কৰে”।

(গ) ইংলেণ্ডৰ শীর্ষস্থানীয় সমাজতত্ত্ববিদ মৰিছ জিন্সবার্গৰ মতে, “সমাজতত্ত্ব মানুহৰ আন্তঃক্রিয়া আৰু আন্তঃসম্বন্ধবোৰৰ আধাৰ অৱস্থা আৰু ফলাফল অধ্যয়ন কৰা বিজ্ঞান”।

(ঘ) ফ্ৰান্সৰ সমাজতত্ত্ববিদ ইমাইল ডুৰখেইমৰ মতে, “সমাজতত্ত্ব হৈছে সামাজিক সংস্থা অধ্যয়ন কৰা বিজ্ঞান।”

(ঙ) অগবার্ণ আৰু নিমকফৰ মতে, ” সমাজতত্ত্ব হৈছে সামাজিক জীৱনৰ বৈজ্ঞানিক অধ্যয়ন”।

উপৰোক্ত সংজ্ঞা সমূহৰ পৰা আমি এইটো ক’ব পাৰো যে সমাজতত্ত্ব হৈছে-

(ক) সমাজৰ বিজ্ঞান। 

(খ) সামাজিক সম্বন্ধৰ বিজ্ঞান।

(গ) সামাজিক জীৱনৰ অধ্যয়ন।

(ঘ) সমূহত মানুহৰ আচৰণ অধ্যয়ন।

(ঙ) সামাজিক ক্ৰিয়াৰ অধ্যয়ন।

(চ) সামাজিক সম্বন্ধৰ স্বৰূপৰ অধ্যয়ন। আৰু

(ছ) সামাজিক সমূহ বা সামাজিক পদ্ধতিৰ অধ্যয়ন।

উপৰোক্ত আলোচনাৰ পৰা এইটো পতিয়মান হয় যে সমাজতত্ত্বই মূলতে সামাজিক ক্রিয়া আৰু সম্বন্ধবোৰ উৎপত্তি, প্রকৃতি স্বৰূপে আৰু ফলাফলৰ বিষয়ে সম্যকভাবে অধ্যয়ন কৰে। সামাজিক ক্রিয়া আৰু সম্বন্ধবোৰ বিশ্লেষণ কৰিবলৈ যাওঁতে সমাজতত্ত্বই সামাজিক জীৱনৰ বিভিন্ন দিশ যেনে পৰিয়াল, ৰাজনৈতিক, অর্থনৈতিক, ধর্মীয় ইত্যাদি সংস্থা আৰু সমিতিবোৰৰ সম্পর্কে অধ্যয়ন কৰে। সমাজতত্ত্বই প্রধানতঃ অনুমানৰ পৰিৱৰ্তে প্রমাণিত সাক্ষীক গুৰুত্ব প্রদান কৰে।

সমাজতত্ত্ব এক সমাজ বিজ্ঞান বিষয়ক বিষয়। প্রত্যেক সমাজ বিজ্ঞানৰে নিজা অধ্যয়নৰ ক্ষেত্ৰ আছে। অধ্যয়নৰ ক্ষেত্র অবিহনে কোনো এক সমাজ বিজ্ঞান ভালদৰে বুজিব নোৱাৰি আৰু পদ্ধতিগত অধ্যয়নো অসম্ভৱ। সমাজতত্ত্বৰো নিজা অধ্যয়ন ক্ষেত্র আছে কিন্তু এই বিজ্ঞানৰ ক্ষেত্র সম্পর্কে সমাজতত্ত্ববিদ সকলৰ মাজত মতভেদ দেখা যায়। সেয়েহে ভি.এফ. কালবার্টনে কৈছে যে “Since sociology is so elastic a science, it is difficult to determine just where its boundaries begin and ends, where sociology becomes social Psychology and where social psychology becomes sociology, or where economic theory becomes sociological doctrine or biological theory becomes sociological theory something, which is impossible to decide.”

সমাজতত্ত্বৰ অধ্যয়নৰ ক্ষেত্ৰ সম্পৰ্কে সমাজতত্ত্ববিদসকলৰ মাজত দুটা প্রধান চিন্তাগোষ্ঠী দেখা যায়, সেইকেইটা হ’ল-

(ক) বিশেষাত্মক বা স্বৰূপাত্মক চিন্তাগোষ্ঠী। আৰু

(খ) সমন্বয়াত্মক চিন্তাগোষ্ঠী।

(ক) বিশেষাত্মক বা স্বৰূপাত্মক চিন্তাগোষ্ঠীঃ এই চিন্তাগোষ্ঠীব মুখ্য চিন্তানায়ক হ’ল জর্জ চিমেল। এই চিন্তাগোষ্ঠীৰ অন্যান্য চিন্তাবিদসকল হ’ল ভিয়েৰ কান্ত, মেক্স ৱেবাৰ, স্মল, ভন ৱাইচ, আৰু টনিচ। চিমেল আৰু অন্যান্য সমাজতত্ত্ববিদ সকলৰ মতে সমাজতত্ত্ব হৈছে এক বিশুদ্ধ আৰু স্বতন্ত বিজ্ঞান। এক বিশুদ্ধ বিজ্ঞান হিচাপে ইয়াৰ পৰিসৰ সীমাবদ্ধ। সমাজতত্ত্বই মানৱ সম্বন্ধৰ কেইটামান নিদিষ্ট দিশহে অধ্যয়ন কৰা প্রয়োজন। ইয়াৰ উপৰি তেওঁলোকৰ মতে সমাজতত্ত্বই সমাজিক সম্বন্ধৰ কেৱল স্বৰুপ হে অধ্যয়ন কৰা প্রয়োজন পৰিসৰ নহয়। সামাজিক সম্বন্ধবোৰ যেনে- প্রতিযোগিতা, দমনমূলক ভাব, শ্রম বিভাজন ইত্যাদি অধ্যয়ন। কৰে কিয়নো ইহঁতে সামাজিক জীৱনৰ অৰ্থনৈতিক, ৰাজনৈতিক, ধর্মীয়, নৈতিক, কলা ইত্যাদি সকলো ক্ষেত্রত প্রকাশ পায়।

জার্মানীৰ বিখ্যাত সমাজতত্ত্ববিদ মেক্স ৱেবাৰৰ মতে সমাজতত্ত্বই সামাজিক আচৰণক বুজিবলৈ বা ব্যাখ্যা কৰিবলৈ বিচাৰে কিন্তু সামাজিক আচৰণে মানৱ সম্বন্ধৰ সমগ্র ক্ষেত্ৰখনক সামৰি নলয়। তেওঁ তাৰোপৰি কৈছে যে, সমাজতত্ত্বই সামাজিক সম্বন্ধৰ বিশ্লেষণ আৰু শ্রেণীকৰণৰ প্রকাৰ সম্বন্ধে অধ্যয়ন কৰে। 

স্মল নামৰ সমাজতত্ত্ববিদজনে এইদৰে মন্তব্য দিছে যে সমাজতত্ত্বৰ পৰিসৰ সীমিত আৰু ভন ৱাইছ আৰু টনিছেও ইয়াক সমর্থন কৰিছে।

সমালোচনাঃ বিশেষাত্মক বা স্বৰূপাত্মক চিন্তাগোষ্ঠী বহলভাৱে সমালোচনা কৰা হৈছে। তলত তাৰে কেইটামান উল্লেখ কৰা হ’ল-

১। এই চিন্তাগোষ্ঠীয়ে কোনো কাৰণ নোহোৱাকৈ সমাজতত্ত্বৰ পৰিসৰ চমু কৰিছে। সমাজতত্ত্বই কেৱল সামাজিক সম্বন্ধৰ সাধাৰণ স্বৰূপ নহয় ইয়াৰ মূৰ্ত্ত পৰিসৰ অধ্যয়ন কৰে।

২। এখেত সকলে সামাজিক সম্বন্ধৰ স্বৰূপ আৰু ইয়াৰ পৰিসৰৰ যি পাৰ্থক্য নির্ণয় কৰিছে ই কাৰ্য্যক্ষম নহয়।

৩। সমাজতত্ত্বই কেৱল সামাজিক সম্বন্ধৰ স্বৰূপ অধ্যয়ণ নকৰে।

৪। শেষত, বিশুদ্ধ সমাজতত্ত্ব প্রতিষ্ঠা কৰাটো অসম্ভৱ। বর্তমানলৈকে কোনো সমাজতত্ত্ববিদে প্রকৃত বা বিশুদ্ধ সমাজতত্ত্ব প্রতিষ্ঠা কৰিব পৰা নাই।

(খ) সমন্বয়াত্মক চিন্তাগোষ্ঠীঃ এই চিন্তাগোষ্ঠীৰ মুখ্য চিন্তানায়ক সকল হ’ল ডুৰখেইম, হবহাউচ, জিন্সবার্গ আৰু পিটিৰিম চ’ৰকিন। এই চিন্তাগোষ্ঠীৰ মতে সমাজতত্ত্ব এক সাধাৰণীকৰণ বিজ্ঞান আৰু ই বিশুদ্ধ বা প্রকৃত সমাজ বিজ্ঞান নহয়। আগষ্ট ক’ট, হার্বার্ট স্পেনচাৰ আদিয়েও সমাজতত্ত্বৰ সমন্বয়াত্মক অধ্যায়নত গুৰুত্ব আৰোপ কৰিছে। তেওঁলোকৰ মতে সমাজতত্ত্ব সকলো সমাজ বিজ্ঞানৰে বিজ্ঞান। সমাজতত্ত্বৰ অধ্যায়নৰ বিষয়বস্তু হিচাপে আগষ্ট ক’টে সমাজৰ স্থায়ীত্বতা আৰু গতিশীলতাৰ কথা উল্লেখ কৰিছে আৰু মতপোষণ কৰিছে যে সমাজৰ স্থায়ীত্ব যেনে, পৰিয়াল, ধর্ম, সামাজিক নিয়ন্ত্রণ, শ্রম বিভাজন ইত্যাদি সামাজিক পদ্ধতিৰ বিভিন্ন অংশৰ ক্ৰিয়া আৰু প্রতিক্রিয়া বিধিৰ সহায়ত অধ্যয়ন কৰা হয়। ক’টৰ মতে সমাজতত্ত্ব অধ্যয়ন ক্ষেত্র সমগ্র সমাজ ব্যৱস্থা। স্পেনচাৰে পৰিয়াল, ৰাজনৈতিক সংস্থা, ধর্ম পদ্ধতি, সামাজিক নিয়ন্ত্রণ, শ্রম বিভাজনক অধ্যয়ন ক্ষেত্র বুলি কৈছে। ডুৰখেইমে সমাজত অধ্যয়নৰ বিষয়বস্তু সামাজিক সংস্থা আৰু সামাজিক প্রক্রিয়া বুলি কৈ সমাজতত্ত্বক তিনিটা ভাগত ভাগ কৰিছে। যেনে-

(ক) সামাজিক সংগঠন তত্ত্ব।

(খ) সামাজিক শৰীৰ সংৰচনা তত্ত্ব। আৰু

(গ) সাধাৰণ সমাজ তত্ত্ব।

গতিকে উক্ত আলোচনা লক্ষ্য কৰি সমাজতত্ত্বক সমন্বয়াত্মক বিষয় বুলিহে অভিহিত কৰিব পাৰি। 

৬। বর্তমান ভাৰতীয় সমাজৰ প্ৰসংগত সমাজতত্ত্ব অধ্যয়নৰ গুৰুত্ব আলোচনা কৰা। (Discuss the importance of studying sociology in the context of present Indian society.) 

উত্তৰঃ বর্তমান যুগত সমাজতত্ত্বই এক গুৰুত্বপূর্ণ স্থান অধিকাৰ কৰিছে। সমাজতত্ত্ব অবিহনে মানুহৰ সামাজিক জীৱনৰ সকলো দিশ সম্পর্কে সাধাৰণভাৱে অধ্যয়ন কৰা বিষয় নহয়। সমাজতত্ত্বই সামাজিক ঘটনা সম্পর্কে প্রকৃত সত্য উদঘাটন কৰাত মন দিয়ে। সমাজতত্ত্ব দিনক দিনে ক্রমবিকাশ লাভ কৰাৰ ফলত বহুতো দিশত বিশেষীকৰণ হৈছে। বৃত্তি হিচাপে থকা সমাজতত্ত্বৰ কাৰ্যকৰী সমর্থ ইয়াৰ ঘাই কাৰণ। সমাজতত্ত্বৰ অধ্যয়ন বৈজ্ঞানিক পদ্ধতিৰ হোৱা বাবেই নগৰ পৰিকল্পনা, ব্যৱসায়, যাতায়াত, বিজ্ঞাপন, প্রকাশন আদি প্রয়োজনীয় দিশ ব্যৱহাৰিক দৃষ্টিভংগীৰে অধ্যয়ন কৰিব পৰা গৈছে। বৰ্ত্তমান সমাজতত্ত্বৰ বৈজ্ঞানিক অধ্যয়ন প্রণালীক আন সমাজ বিজ্ঞান সমূহেও ভিত্তি হিচাপে গ্রহণ কৰা দেখা যায়।

সমাজতত্ত্বই মানুহৰ মৰ্যাদা আৰু সহজাত গুণাৱলীৰ বিকাশ সাধন কৰে। সমাজতত্ত্বই মানুহৰ মাজত একতাৰ ভাব জগাই তোলে। তদুপৰি মানৱ সংস্কৃতি চহকী কৰাত সমাজতত্ত্বৰ প্রভাৱ অসীম। সামাজিক চিন্তা, সামাজিক আচৰণ ক্রমোন্নতি আদিতো সমাজতত্ত্বৰ প্রভাৱ গুৰুত্বপূর্ণ। শৈক্ষিক বিষয় হিচাপেও সমাজতত্ত্বৰ প্রয়োজনীয়তা আছে। বৃত্তিমূলক বিষয় হিচাপেও সমাজতত্ত্বৰ গুৰুত্ব অনস্বীকার্য্য। সমাজতত্ত্বই সামাজিক জীৱন পদ্ধতি পৰিবৰ্তন, স্তৰীকৰণ আদিৰ জৰিয়তে সমাজৰ সাম্প্রতিক ৰূপটো আলোচনা কৰে। সমাজতত্ত্বই ব্যক্তিৰ বিকাশত বিশেষ ভূমিকা পালন কৰে। সমাজতত্ত্বই শিশুৰ সামাজিকীকৰণ বিভিন্ন সংস্থা বিলাকৰ বিষয়ে আলোচনা কৰে। এই সংস্থাবিলাকৰ লগত সম্বন্ধৰ স্বৰূপ আদিৰ বিষয় তথ্য প্রকাশ কৰে।

সমাজতত্ত্ব এক সমাজ বিজ্ঞান, ই সামাজিক জীৱনৰ প্ৰকৃত ৰূপটোও আলোচিত হয়। সমাজতত্ত্ব অবিহনে মানুহৰ জীৱনৰ সকলো দিশ সম্পর্কে আলোচনা কৰা অধ্যয়ন কৰা বিষয় নাই। সেয়ে মানৱ সমাজত সমাজতত্ত্বৰ গুৰুত্ব অপৰিসীম।

ব্যক্তিৰ বিকাশ, শিশুৰ সামাজিকীকৰণ আদি বিভিন্ন সংস্থাবিলাকৰ বিষয়ে আলোচনা সমাজতত্ত্বই কৰে। ভাৰতবৰ্ষৰ দৰে দেশত সমাজতত্ত্বৰ গুৰুত্ব অপৰিসীম। ভাৰতীয় সমাজত ঘটা পৰিৱৰ্তন যেনে, জাতি-ব্যবস্থা, যুটিয়া পৰিয়াল, জনসংখ্যা বৃদ্ধি, বৰ্দ্ধিত নিবনুৱা সমস্যা আদি সকলোবোৰ দিশ সমাজতত্ত্বই সামৰি লয়। সমাজতত্ত্বই মানুহৰ মৰ্যাদা আৰু সহজাত গুণাৱলীৰ বিকাশ সাধন কৰে। মানুহৰ মাজত একতাৰ ভাব জগাই তোলে।

সমাজতত্ত্ব এক নিৰপেক্ষ বিজ্ঞান। সমাজতত্ত্বৰ মতে বিশ্বব্রহ্মাণ্ডত ঘটিত হোৱা আন ঘটনাৰ দৰে সামাজিক ঘটনাসমূহ যেনে- অর্থনৈতিক গাঁথনি, ধৰ্ম্মীয় সংস্থা, সভ্যতাৰ ক্ৰমবিকাশ আদি সমাজত থকাৰ দৰে সামাজিক বিঘটন, নিবনুৱা সমস্যা, অপৰাধ, বেশ্যাবৃত্তি আদি প্রাকৃতিক ঘটনাও সমাজত থাকে। সমাজ ব্যৱস্থাই এই সকলোবোৰ সমস্যাৰ ওপৰত বাস্তৱ সত্য উদঘাটন কৰে। সমাজতত্ত্বৰ অধ্যয়ন বৈজ্ঞানিক পদ্ধতি হোৱাৰ বাবেই উদ্যোগ, নগৰ পৰিকল্পনা, ব্যৱসায় যাতায়াত, বিজ্ঞাপন, আদি প্রয়োজনীয় দিশ ব্যৱহাৰিক দৃষ্টিভংগীৰে অধ্যয়ন কৰিব পৰা গৈছে। শৈক্ষিক বিষয় হিচাপেও সমাজতত্ত্বৰ প্রয়োজনীয়তা আছে। বৃত্তিমূলক বিষয় হিচাপেও সমাজতত্ত্বৰ গুৰুত্ব অপৰিসীম। মুঠৰ ওপৰত সমাজতত্ত্বৰ গুৰুত্ব মানৱ সমাজৰ এক গুৰুত্বপূৰ্ণ বিষয়।

৭। সমাজতত্ত্বক সমাজৰ বৈজ্ঞানিক অধ্যয়ন হিচাপে প্ৰতিষ্ঠা কৰা। (Establish sociology as a scientific study of society.) 

উত্তৰঃ সমাজতত্ত্বৰ উৎপত্তিৰ কাৰণ, উদ্দেশ্য আদিৰ ফালৰ পৰা ইয়াৰ প্রকৃতি বৈজ্ঞানিক পদ্ধতিৰে বিভিন্ন সামাজিক ঘটনাবোৰ অধ্যয়ন কৰি আহিছে। গতিকে সমাজতত্ত্বক বিজ্ঞানসন্মত বিষয় বুলি কোৱাৰ যথেষ্ট থল আছে। যেনে-

(ক) সমাজতত্ত্বৰ সিদ্ধান্তবোৰো সার্বজনীন প্রকৃতিৰ। এখন সমাজৰ ওপৰত থকা বা দিয়া সিদ্ধান্ত আন এখন সমাজত প্রযোজ্য।

(খ) বিজ্ঞানৰ চৰিত্ৰৰ দৰে সমাজতত্ত্বও এক সিদ্ধান্তধর্মী বিষয়। সমাজতত্ত্বই কোনো এটা বিষয় বা ঘটনা অধ্যয়ন কৰোঁতে তথ্য উদঘাটনতে ক্ষান্ত নাথাকি বিশুদ্ধ সিদ্ধান্ত প্ৰকাশৰ বাবে যত্নবান হয়।

(গ) বিজ্ঞানৰ দৰে সমাজতত্ত্বও নিৰপেক্ষ বিষয়। গতিকে ইয়াক বিজ্ঞান বুলিব পাৰি।

(ঘ) বিজ্ঞানৰ দৰে সমাজতত্ত্বৰো সামাজিক ক্রিয়া, সামাজিক গতিশীলতা, সামূহিক আচৰণ আদি সিদ্ধান্তবোৰ নিৰীক্ষণীয তথ্যপাতি, পৰীক্ষা আৰু প্ৰমাণৰ ওপৰত প্রতিষ্ঠিত। 

(ঙ) বিজ্ঞানৰ দৰে সমাজতত্ত্বৰ সিদ্ধান্তবোৰো শ্রেণীবিভাজন কৰোঁতে সঘনে পৰিসংখ্যা বিজ্ঞানৰ সৈতে সম্পৰ্ক ৰখাৰ লগতে কোনো কোনো ক্ষেত্রত যুক্তি তর্কবো ব্যবহাৰ হয়। 

(চ) বিজ্ঞানৰ দৰে সমাজতত্ত্বইও পর্যবেক্ষণত গুৰুত্ব দিয়ে।

(ছ) বিজ্ঞানৰ দৰে সমাজতত্ত্বতো পৰীক্ষাক অনুসন্ধানৰ এক অপৰিহাৰ্য আহিলা বুলি গণ্য কৰা হয়।

(জ) বিজ্ঞানৰ দৰেই বৰ্ত্তমান সমাজতত্ত্বৰ অধ্যয়ন আৰু গৱেষণাৰ সুকীয়া পৰীক্ষাগাৰ স্থাপন কৰা হৈছে।

৮। সমাজশাস্ত্ৰৰ পাঁচটা অধ্যয়ন পদ্ধতিৰ বিষয়ে চমুকৈ আলোচনা কৰা। (Briefly discuss the five methods of study in sociology.) 

উত্তৰঃ সমাজতত্ত্বই সমাজতত্ত্বৰ বিজ্ঞানসন্মত আলোচনা কৰোতে তলত দিয়া পদ্ধতিসমূহ আলোচনা কৰে-

(ক) তুলনামূলক পদ্ধতিঃ এই পদ্ধতিৰে একেজাতীয় দুটা সামাজিক বিষয়ক ইটোৰ লগত সিটোৰ তুলনা কৰি অধ্যয়ন কৰা হয়। এই পদ্ধতিৰে অধ্যয়ন কৰি প্ৰণালীবদ্ধভাৱে তথ্য সংগ্রহত সুবিধা হয়, পদ্ধতিত খৰচৰ মাত্রাও কম হয় আৰু সামাজিক ঘটনাৰ কাৰণ নির্ণয় কৰিব পাৰি।

“The Comparative method refers to the method of comparing different societies or groups within the same society to show whether and why they are similar or different in certain respect.” সামাজিক গৱেষণা অধ্যয়নৰ ক্ষেত্রত এই পদ্ধতিটো হৈছে আটাইতকৈ পৌৰাণিক পদ্ধতি। এৰিষ্টট’লে এই পদ্ধতিটো ৰাজনৈতিক পদ্ধতি অধ্যয়নৰ ক্ষেত্ৰত প্ৰয়োগ কৰিছে। উনৈশ শতিকাত ই সমাজতত্ত্বৰ বাবে অতি আৱশ্যকীয় গৱেষণা পদ্ধতি হৈছে।

(খ) সাক্ষাৎকাৰ সূচীঃ এই পদ্ধতিত সাক্ষাৎকাৰীৰ লগত মুখামুখী সম্পৰ্কেৰে তথ্য সংগ্রহ কৰা হয়। ইয়াৰ বাবে কিছুমান প্রশ্নসূচী প্ৰস্তুত কৰা হয়।

(গ) প্রশ্নসূচী পদ্ধতিঃ এই পদ্ধতিৰে অধ্যয়ন কৰোতে প্রশ্নসূচী তৈয়াৰ কৰি উত্তৰ দাতাসকললৈ ডাকযোগে পঠোৱা হয়। কম খৰচতে এই পদ্ধতিৰে তথ্য সংগ্ৰহ কৰিব পাৰি।

(ঘ) জৰীপ পদ্ধতিঃ এই পদ্ধতিত অধ্যয়ন কৰিবলৈ হ’লে নির্বাচিত স্থানলৈ গৈ ব্যক্তিৰ সাক্ষাৎকাৰ গ্ৰহণ কৰি তথ্য সংগ্ৰহ কৰা হয়।

(ঙ) অনুকৰণীয় পদ্ধতিঃ এই পদ্ধতিৰে খুটি-নাতি মাৰি অধ্যয়ন কৰিব পাৰি। এবাৰ অধ্যয়ন কৰা বিষয় এটাক পুনঃ পুনঃ এই পদ্ধতিৰে অধ্যয়ন কৰিব পাৰি বাবেই এই পদ্ধতিটোৰ বস্তুনিষ্ঠতা বেছি আৰু এই পদ্ধতিত সামাজিক পৰিবৰ্ত্তনৰ বিষয়ে জানিব পাৰি।

(চ) ঐতিহাসিক পদ্ধতিঃ সামাজিক পৰিৱৰ্ত্তনৰ বিষয়ে এই পদ্ধতিৰ দ্বাৰা জানিব পাৰি, ইয়াৰ কাৰণ নিৰ্ণয় কৰিব পাৰি। অতীতৰ সমাজ ব্যৱস্থাৰ মূল্যায়ন কৰিব পাৰি। ঐতিহাসিক পদ্ধতিত অতীতৰ লগত বৰ্তমানৰ তুলনা কৰিব পাৰি। ইয়াৰ সহায়ত অতীতৰ সামাজিক বিষয় অধ্যয়ন সামাজিক ঘটনাৰ কাৰণ নির্ণয় কৰিব পাৰি।

(ছ) পর্যবেক্ষণ পদ্ধতিঃ সমাজ বিজ্ঞানত পর্যবেক্ষণ হৈছে এক গুৰুত্বপূর্ণ কৌশল। তথাপিতো পর্যবেক্ষণ যিকোনো বৈজ্ঞানিক অধ্যয়নৰ বাবে অতিকে প্রয়োজন। “Science begins with observation and must ultimately return to observation for its final validation.” পর্যবেক্ষণ সামাজিক গৱেষণাৰ পুৰণি আৰু আধুনিক কৌশল।

পর্যবেক্ষণৰ প্ৰকাৰঃ

(ক) অনিয়ন্ত্রিত, আংশিক পর্যবেক্ষণ। 

(খ) অনিয়ন্ত্রিত অনাআংশিক পর্যবেক্ষণ।

(গ) পদ্ধতিগত নিয়ন্ত্রিত পর্যবেক্ষণ।

৯। ৰাজনীতি বিজ্ঞান আৰু সমাজতত্ত্বৰ মাজত কি পার্থক্য আছে? (What is the difference between political science and sociology?)

উত্তৰঃ সমাজতত্ত্ব আৰু ৰাজনীতি বিজ্ঞানৰ বিষয়বস্তুসমূহ বহুক্ষেত্রত একে যদিও দুয়োৰে দৃষ্টিভঙ্গীসমূহ পৃথক। উদাহৰণস্বৰূপে, এজন সমাজতত্ত্ববিদে ৰাষ্ট্ৰক এটি সামাজিক সংস্থা হিচাপে বুজাটো প্রয়োজন। আনহাতে ৰাষ্ট্র সম্পর্কে এজন ৰাজনীতিবিদৰ দৃষ্টিভঙ্গী, ক্ষমতা সম্প্রদায়ৰ চৰম নিয়ন্ত্রণ তথা ৰাজনৈতিক আইনৰ উৎসৰ লগত জড়িত হোৱাটো প্রয়োজনীয়।

সমাজতত্ত্ব আৰু ৰাজনীতি বিজ্ঞানৰ মাজৰ পাৰ্থক্য-

(ক) সমাজতত্ত্ব হ’ল সমাজ তথা সামাজিক সম্বন্ধৰ বিজ্ঞান। আনহাতে ৰাজনীতি বিজ্ঞান হ’ল ৰাষ্ট্ৰ আৰু চৰকাৰৰ বিজ্ঞান।

(খ) সমাজতত্ত্ব হ’ল সাধাৰণ বিজ্ঞান কিন্তু ৰাজনীতি বিজ্ঞান হ’ল বিশেষ বিজ্ঞান।

(গ) সমাজতত্ত্বই সংগঠিত, অসংগঠিত আৰু বিশৃংখল সমাজৰ বিষয়ে অধ্যয়ন কৰে। আনহাতে ৰাজনীতি বিজ্ঞানে মাথো সংগঠিত সমাজৰ বিষয়ে অধ্যয়ন কৰে।

(ঘ) সমাজতত্ত্বয়ে মানুহৰ সামাজিক কার্যকলাপৰ বিষয়ে অধ্যয়ন কৰে; কিন্তু ৰাজনীতি বিজ্ঞানে মানুহৰ ৰাজনৈতিক কার্যকলাপৰ বিষয়ে অধ্যয়ন কৰে। 

(ঙ) সমাজতত্ত্ব হ’ল নতুন অথবা তৰণ বিজ্ঞান; কিন্তু ৰাজনীতি বিজ্ঞান হ’ল পুৰণি বিজ্ঞান। 

(চ) সমাজতত্ত্বই আনুষ্ঠানিক আৰু অনানুষ্ঠানিক সম্পৰ্কৰ বিষয়ে অধ্যয়ন কৰে। আনহাতে ৰাজনীতি বিজ্ঞানে মাথো আনুষ্ঠানিক সম্পর্কব বিষয়েহে অধ্যয়ন কৰে। 

(ছ) সমাজতত্ত্বই মানুহৰ সচেতন আৰু অসচেতন কার্যকলাপসমূহ বিশ্লেষণ কৰে। আনহাতে ৰাজনীতি বিজ্ঞানে মাথো মানুহৰ সচেতন কার্যকলাপসমূহে বিশ্লেষণ কৰে। 

(জ) সমাজতত্ত্ব সকলো ধৰণৰ সংগঠনৰ লগত জড়িত। আনহাতে ৰাজনীতি বিজ্ঞান মাথো ৰাষ্ট্ৰ নামৰ সংগঠনটোৰ সৈতেহে জড়িত।

১০। সমাজতত্ত্ব আৰু অৰ্থনীতি বিজ্ঞানৰ মাজৰ পাৰ্থক্য নিৰূপণ কৰা। (Describe the difference between sociology and economics.) 

উত্তৰঃ সমাজতত্ত্ব আৰু অৰ্থনীতি বিজ্ঞানৰ দুয়োটা বিষয়বস্তু এটা আনটোৰ ওপৰত নিৰ্ভৰশীল; ইটোৰ আনটোৰ লগত আন্তঃসম্পর্ক আছে আৰু এটাই আনটোৰ পৰা সহায় লয়। কিন্তু দুয়োটাৰে মাজত ইমান সাদৃশ্যতা থকা সত্ত্বেও বিভিন্ন বিষয়ত দুয়োটা বিষয় পৰস্পৰৰ পৰা পৃথক। সমাজতত্ব আৰু অর্থনীতি বিজ্ঞানৰ মাজত থকা পার্থক্যসমূহ তলত উল্লেখ কৰা হ’ল- 

(ক) সমাজতত্ত্বক সমাজৰ বিজ্ঞান হিচাপে গণ্য কৰা হয়। ই সামাজিক সম্বন্ধসমূহ অধ্যয়ন কৰে। আনহাতে অর্থনীতি হ’ল সম্পত্তি আৰু পছন্দৰ বিজ্ঞান।

(খ) সমাজতত্ত্ব অর্থনীতিৰ তুলনাত এক নতুন বিজ্ঞান। সমাজ শাস্ত্ৰৰ উৎপত্তি শেহতীয়াকৈ হৈছে। সেয়েহে ইয়াক সর্বকণিষ্ঠ সমাজ বিজ্ঞান বোলে। আনহাতে অৰ্থনীতিৰ উৎপত্তিৰ ইতিহাস প্রাচীন।

(গ) সমাজতত্ত্ব হ’ল এক বিমূর্ত বিজ্ঞান। আনহাতে, অর্থনীতি বিজ্ঞানৰ প্রকৃতি স্পষ্ট।

(ঘ) সমাজতত্ত্ব হ’ল সাধাৰণ সমাজ বিজ্ঞান। আনহাতে, অর্থনীতি হ’ল এক বিশেষ সমাজ বিজ্ঞান।

(ঙ) সমাজতত্ত্বই মানুহৰ সামাজিক দিশসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আনহাতে অর্থনীতিয়ে মানুহৰ অৰ্থনৈতিক দিশসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে। 

(চ) সমাজতত্ত্বই সমাজক অধ্যয়নৰ এটি অংশ হিচাপে গ্রহণ কৰে। আনহাতে অর্থনীতিয়ে মানুহক অধ্যয়নৰ এটি অংশ হিচাপে গ্রহণ কৰে। 

(ছ) সমাজতত্ত্বৰ আৰু অৰ্থনীতি বিজ্ঞানৰ পদ্ধতি তথা কৌশলৰ ক্ষেত্ৰতো পার্থক্য দেখা যায়।

১১। সমাজতত্ত্ব আৰু ইতিহাসৰ মাজত থকা সম্বন্ধসমূহ বর্ণনা কৰা। (Describe all the connections between sociology and history.) 

উত্তৰঃ ইতিহাসৰ সৈতে সমাজতত্ত্বৰ এক ওতঃপ্রোত সম্পর্ক আছে। আমি জানো যে ইতিহাস হৈছে অতীতৰ তথ্য সংগ্রহ। ইতিহাসে মানৱ সভ্যতাৰ সামাজিক ক্রমবিকাশ কোন দিশত হৈছিল সেইটো সূচায়। ইতিহাসে অতীতৰ লগত জড়িত বিভিন্ন বিষয়, ঘটনা আৰু দৃশ্য বর্ণনা কৰে। সমাজতত্ত্বই বিশেষভাৱে সমাজৰ ঐতিহাসিক বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু কেনেদৰে মানৱ সভ্যতা তথা সামাজিক সম্বন্ধৰ উদ্ভৱ আৰু পৰিৱর্তন ঘটে তাৰ ওপৰত আলোকপাত কৰে। 

ইয়াৰ বাবে সমাজতত্ত্ব ইতিহাসৰ ওপৰত নিৰ্ভৰশীল হয়। সেয়েহে ইতিহাসে আমাক তথ্য আৰু সমল দিয়ে যাক আমি বিশ্লেষণ কৰিব পাৰো। আকৌ সমাজতত্ত্বই আমাক সামাজিক সম্বন্ধ তথা ঐতিহাসিক তথ্যসমূহ বুজাত সহায় কৰে। সামাজিক সম্বন্ধ অবিহনে ঐতিহাসিক তথ্য সংগ্ৰহ কৰাটো অর্থহীন। সেয়েহে ইতিহাস আৰু সমাজতত্ত্বই ইটোৱে আনটোক সহায় কৰে আৰু এটাই আনটোৰ ওপৰত নিৰ্ভৰশীল, যদিও দুয়োটা বিষয়ত মিল আছে তথাপি পার্থক্যও নোহোৱা নহয়। ইতিহাসে মানৱ সমাজৰ অতীতত ঘটি যোৱা ঘটনাসমূহৰ ওপৰত আলোকপাত কৰে কিন্তু সমাজতত্ত্বই সমাজত উদ্ভৱ হোৱা সামাজিক সম্বন্ধসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এজন ইতিহাসবিদে ঘটি যোৱা যুদ্ধ এখনৰ বিষয়ে বর্ণনা কৰোঁতে বিভিন্ন দিশ তথা পৰিস্থিতিৰ ওপৰতো গুৰুত্ব প্রদান কৰে। 

কিন্তু এজন সমাজতত্ত্ববিদে সামাজিক সম্বন্ধ, সামাজিক পৰিৱৰ্তন আৰু সমাজৰ বৃহত্তৰ পৰিৱৰ্তনৰ ওপৰত যুদ্ধৰ প্রভাৱ বিশ্লেষণ কৰে, সমাজতত্ত্ববিদে যুদ্ধ এখন সামাজিক ঘটনা হিচাপে বর্ণনা কৰে। আকৌ ইতিহাসে ঘটি যোৱা ঘটনা সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে, ইয়াৰ পৰিৱৰ্তে সমাজতত্ত্বই সাধাৰণ নীতি-নিয়ম সমূহৰ ওপৰত আলোকপাত কৰে। ইমানখিনি পার্থক্য থকা স্বত্ত্বেও কোনেও অস্বীকাৰ কৰিব নোৱাৰে যে সমাজতত্ত্ব আৰু ইতিহাস ইটো আনটোৰ ওপৰত নিৰ্ভৰশীল আৰু পৰিপূৰক। সেয়েহে জি.ই. হ’ৱার্ডে কৈছিল যে ইতিহাস হ’ল অতীতৰ সমাজতত্ত্ব আৰু সমাজতত্ত্ব হ’ল বৰ্তমানৰ ইতহাস।

১২। সমাজতত্ত্ব আৰু সামাজিক মনোবিজ্ঞানৰ মাজত থকা সম্বন্ধসমূহ বর্ণনা কৰা। (Describe the connections between sociology and social psychology.)

উত্তৰঃ সামাজিক মনোবিজ্ঞান মানুহৰ মানসিক প্রক্রিয়াৰ লগত জড়িত। ইয়াৰ মুখ্য উদ্দেশ্য হ’ল মানুহৰ মানসিক অৱস্থা অধ্যয়ন কৰা। সামাজিক মনোবিজ্ঞানে মানুহৰ মানসিক অৱস্থাত সামাজিক সমূহৰ আৰু সামাজিক জীৱনৰ প্রভাৱ বিশ্লেষণ কৰে। সেয়েহে সামাজিক মনোবিজ্ঞানত ব্যক্তি আৰু সামাজিক সমূহৰ মন আৰু মানসিক অৱস্থা অধ্যয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। মানুহৰ মানসিক অৱস্থা তথা ইয়াৰ বিকাশ বুজিবলৈ সামাজিক মনোবৈজ্ঞানিকক সমাজতত্ত্ববিদৰ সহায়ৰ প্ৰয়োজন, কিয়নো মানুহৰ সামাজিক প্রাণী আৰু মানুহৰ মানসিকতা সামাজিক পটভূমিত বিকশিত হয় আৰু গঢ় লয়। মানুহৰ আচৰণ, মনোভাৱ, কার্যকলাপ ইত্যাদিও সমাজে গঢ় দিয়ে। 

মানুহৰ সংস্কৃতি সামাজিকীকৰণ প্রক্রিয়াৰে গঢ় লয়। সেয়েহে মানৱ প্রকৃতি তথা মানৱ আচৰণ বুজিবলৈ সামাজিক মনোবৈজ্ঞানিকে ব্যক্তি যিখন সমাজৰ সদস্য সেই সমাজখনৰ সামাজিক গাঁথনি, সংস্থা আৰু সংস্কৃতি অধ্যয়নৰ সহায় ল’বলগীয়া হয়। সমাজৰ পটভূমি তথা এই পটভূমিয়ে মানৱ জীৱনক কেনেদৰে প্রভাৱিত কৰে সেই বিষয়ে ধাৰণা কৰিবলৈ এজন সমাজ মনোবৈজ্ঞানিকে সমাজতত্ত্ব অধ্যয়ন কৰাটো নিতান্তই আৱশ্যক। তেওঁ সামাজিক পটভূমিক বাদ দিয়াৰ কথা কল্পনা কৰিব নোৱাৰে। এনে কৰিলে তেওঁৰ অধ্যয়ন আধৰুৱা হৈ ৰ’ব। কিম্বলয়াং এ সেয়েহে কৈছে যে ‘আমি প্রধানকৈ ব্যক্তিৰ আন্তঃক্রিয়াশীলতাৰ ওপৰত গুৰুত্ব দিও যদিও তেনেকুৱা আন্তঃক্রিয়া কেৱল সামাজিক জীৱন আৰু সাংস্কৃতিক দিশ বোৰৰ ওপৰত ভিত্তি কৰিহে বুজা যায়।

আনহাতে অকল সামাজিক মনোবৈজ্ঞানিকে তেওঁৰ বিশ্লেষণৰ বাবে সমাজতত্ত্ববিদৰ ওপৰতহে যে নির্ভৰশীল তেনে নহয়। সমাজতত্ত্ববিদও সামাজিক মনোবৈজ্ঞানিকৰ ওপৰত নিৰ্ভৰশীল। সামাজিক গঠনৰ পৰিৱৰ্তন বুজাত মনোবৈজ্ঞানিক কাৰক সমূহৰ গুৰুত্বক আওকাণ কৰিব নোৱাৰি। মোটৱানিৰ মতে, “সামাজিক মনোবিজ্ঞান হ’ল মনোবিজ্ঞান আৰু সমাজতত্ত্বৰ মাজৰ এক যোগসূত্র।” সেয়েহে এইটো স্পষ্ট যে দুয়োটা বিষয়বস্তুৰে ঘনিষ্ঠ সম্পর্ক আছে আৰু এটা আনটোৰ ওপৰত নিৰ্ভৰশীল। দুয়োটা বিষয়ৰ ইমান সাদৃশ্যতা আছে যে কার্ল পীয়েচন এ দুয়োটাৰে মাজত থকা পার্থক্যৰ কথা গ্রহণ কৰিব খোজা নাছিল। মেক্‌ আইভাৰৰ মতে, “সমাজতত্ত্বই মনোবিজ্ঞানক বিশেষ সহায় প্রদান কৰে। একেদৰে মনোবিজ্ঞানেও সমাজতত্ত্বক বিশেষ সহায় প্রদান কৰে।”

এতিয়া আমি ধৰি ল’ব পাৰো যে সামাজিক পৰিঘটনাসমূহৰ বিজ্ঞানসন্মত অধ্যয়নৰ এটি মনোবৈজ্ঞানিক আধাৰ থাকিব লাগে আৰু মানৱ প্ৰকৃতিৰ লগত জড়িত মনোবৈজ্ঞানীক কথাবোৰ অনুমান কৰি নলৈ প্রত্যক্ষ নিৰিক্ষণ আৰু পৰীক্ষাৰ সহায়ত অন্বেষণ কৰা উচিত। মানৱ আচৰণৰ উন্নত জ্ঞানে সমাজতত্ত্বৰ অধ্যয়নক আৰু অধিক বস্তুনিষ্ঠ তথা বাস্তৱা সন্মত কৰি তোলে।

এম. চি. ড’গাল আৰু ফ্ৰয়ডৰ মতে সামাজিক জীৱনক সামগ্রীকভাৱে মনোবৈজ্ঞানিক শক্তিলৈ ৰূপান্তৰিত কৰিব পাৰে। যদি তেনেকুৱা হয় তেন্তে সমাজতত্ত্ব মাথো মনোবিজ্ঞানৰ এটি শাখা হিচাপে ৰয় যাব। ই কোনোপধ্যে অধ্যয়ন এটি সম্পূর্ণ শাখা হিচাপে বিবেচিত নহ’ব। আনহাতে তেখেতসকলৰ মন্তব্যও গ্রহণযোগ্য নহয় কিয়নো মানুহৰ সামাজিক ব্যৱহাৰ, প্রভাৱ, গঠন কেৱল মনোবৈজ্ঞানিক উপাদানেৰে গঠিত, প্রভাৱিত অথবা নিয়ন্ত্রিত নহয়। অর্থনৈতিক, ভৌগলিক তথা ৰাজনৈতিক উপাদাসমূহে মানুহৰ সামাজিক আচৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই উপাদানসমূহে মানুহৰ সামাজিক আচৰণ তথা সম্বন্ধত গুৰুত্বপূর্ণ প্রভাৱ পেলায়। সেয়েহে মানৱ আচৰণ কেৱল মাথো মনোবৈজ্ঞানিক উপাদানসমূহৰে গঠিত বুলি বুজাব খোজাটো ভুল হ’ব আৰু সামাজিক জীৱন কেৱল মাথো মনোবৈজ্ঞানিক পদ্ধতিৰে অধ্যয়ন আৰু বিশ্লেষণ কৰাটো সম্ভৱ নহয়। সামাজিক মনোবিজ্ঞান আৰু সমাজতত্ত্বৰ পাৰস্পৰিক নিৰ্ভৰশীলতাই এইটো নুবুজায় যে এটা আনটো শাখাৰ সৈতে এক অথবা এটা আনটো শাখাৰ সদৃশ।

১৩। সমাজ কি? মানৱ সমাজ কিদৰে অমানৱ সমাজতকৈ পৃথক? (What is society? How human society is different from human society?)

উত্তৰঃ সমাজ হ’ল সামাজিক সম্পৰ্কৰ এক জালগাঁথনি স্বৰূপ, যি সত পৰিৱর্তনশীল। সমাজ শব্দটোৰ ইংৰাজী প্রতিশব্দ Society ৰ উদ্ভৱ হৈছে লেটিন শব্দ ‘Socius’ ৰ পৰা যাৰ অৰ্থ হ’ল সাহচর্য্য বা বন্ধুত্ব। যেতিয়া বন্ধুজন ব্যক্তিৰ মাজত বিভিন্নভাৱে, বিভিন্ন স্তৰত সামাজিক সম্পর্কসমূহ গঢ় লয়। সকলো মানুহ সংগঠিত হৈ একোটা গোটৰ সৃষ্টি হয়। সমাজ সম্পর্কে বিভিন্ন ধৰণে মতামত আগবঢ়াব পাৰ যায়। সমাজ হ’ল বহুতো সৰু সৰু গোটৰ সমষ্টি এক বৃহত্তৰ গোট।

পৰুৱা, বেবুন, বনমানুহ, হাতী আদি বহুবিধ মানবেতৰ জীৱই নিজ নিজ প্রণালী অনুসৰি পৃথিবীত সুকীয়াকৈ গোট গোট হৈ বাস কৰি আহিছে। সিবিলাকৰ জীৱন ধাৰণৰো নিজস্ব প্রণালী আছে আৰু সিবিলাকেও প্রণালীবদ্ধভাৱেই সমন্বয় আৰু সহযোগিতা সহকাৰে নিজ নিজ গোট সমূহত বসবাস কৰে। অর্থাৎ, সিহঁতেও সিহঁতৰ নিজস্ব সমাজ একোখনৰেই সদস্যৰূপত বাস কৰিছে। সেয়া হ’লেও সিহঁতৰ সমাজ আৰু মানৱ সমাজৰ মাজত বিস্তৰ পার্থক্য বিদ্যমান।

মানৱ সমাজৰ বিপৰীতে মানৱেতৰ সমাজবোৰ হ’ল স্থবিব আৰু নিশ্চল; অর্থাৎ সিবিলাকৰ জীৱন নির্বাহ পদ্ধতিৰ পৰিৱৰ্ত্তন নহয়। হেজাৰ হেজাৰ বছৰৰ আগেয়ে হাতীবোৰে যেনেদৰে বসবাস কৰিছিল, আজিও তেনেদৰেই সিহঁত জীয়াই আছে। কিন্তু কেইবা হেজাৰ বছৰৰ ব্যৱধানত মানৱ জাতিয়ে চিকাৰৰ দ্বাৰা খাদ্য সংগ্ৰহ কৰাৰ জীৱন পদ্ধতি অতিক্রম কৰি, আধুনিক জীৱন যাত্রাত অভ্যস্ত হৈছে; আনকি মহাকাশ যাত্রাও অব্যাহত ৰাখিব পাৰিছে।

মানুহৰ সংস্কৃতি আছে, আমি আমাৰ পিতৃ-মাতৃয়ে, অভিভাৱক, বন্ধু-বর্গ, পঢ়াশালি অথবা কাষে পাজৰে থকা লোকসকলৰ পৰা সামাজিক নীতি নিয়ম আৰু অনুশাসনবোৰৰ বিষয়ে শিক্ষা লাভ কৰো। একেদৰেই এনে শিক্ষনীয় সকলো বিষয়কেই আমি আকৌ আমাৰ কনিষ্ঠ সকলক অথবা ওচৰে পাজৰে থকা সকলকো শিকাওঁ এনেদৰে শিক্ষা আহৰণৰ ক্ষমতা তথা শিক্ষাদান কৰাৰ ক্ষমতা মানুহৰ থাকে। এনেদৰে আমি আমাৰ বিবেকৰো সহায় লওঁ। জীৱজগতৰ অইন কোনো প্ৰাণীৰ ক্ষেত্ৰত বিবেকৰ ক্ষমতা নাথাকে। মানৱ জীৱই মাত্র প্রবৃত্তিকহে অনুসৰণ কৰি চলাৰ ক্ষমতা ৰাখে। কুকুৰে যদি কিবা নতুন কাম কৰিব শিকেও, ই আনক কিন্তু সেই কাম শিকাব নোৱাৰে। মানুহৰ এই ক্ষমতা আছে। সেয়ে মানুহৰ সংস্কৃতি থাকে; কিন্তু মানবেতৰ সমাজত কোনো ধৰণৰ সংস্কৃতি থাকিব নোৱাৰে।

১৪। সম্প্ৰদায়ৰ সংজ্ঞা দিয়ক। ইয়াৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। (Define community. Discuss its characteristics.) 

উত্তৰঃ একোটা অঞ্চলত স্থায়ীভাৱে ওচৰা-ওচৰিকৈ বসবাস কৰি থকা জনসংখ্যাক লৈয়েই এটা সম্প্রদায় গঠিত হয়। ‘আমি ভাৱ’, উমৈহতীয়া দৃষ্টিভংগী, উমৈহতীয়া অনুভূতি তথা সমভাবাপন্ন মনোভাৱ হৈছে সম্প্রদায়ৰ বিশেষত্ব। সমাজতত্ত্ববিদ মেক আইভাৰ পেজৰ মতে, “যেতিয়াই যিকোনো বৃহৎ অথবা সৰু সমূহ এটাৰ সদস্যসকলে এনেধৰণে একেলগে বসবাস কৰে, য’ত তেওঁলোকে অংশগ্রহণ কৰোতে এটা ব্যক্তিগত স্বার্থলৈ লক্ষ্য নকৰি এটা উমৈহতীয়া স্বাৰ্থৰে কাম কৰে তাকে আমি সম্প্রদায় বুলি অভিহিত কৰিব পাৰো”। বগাৰদাচ নামৰ সমাজতত্ত্ববিদগৰাকীয়ে প্ৰকাশ কৰিছে যে এটুকুৰা নির্দিষ্ট ভূখণ্ডত ‘আমি ভাৱ’ ৰ জৰিয়তে একেলগে বাস কৰা এক সামাজিক সমূহেই হৈছে সমুদায় বা সম্প্রদায়।

সমাজতত্ত্ববিদসকলৰ সংজ্ঞাৰ পৰা এইটো প্রতীয়মান হ’ল যে সম্প্রদায়ে এডোখৰ নির্দিষ্ট স্থানত বাস কৰা আদিবাসীকে বুজায়। সমুদায়ৰ সদস্যসকলে এক উমৈহতীয়া স্বাৰ্থৰে কাম কৰি যায়। প্রত্যেক সম্প্রদায়ৰ মাজত কিছুমান সমিতি আৰু সামাজিক অনুষ্ঠান থাকে, সম্প্রদায়বোৰৰ ওপৰত এই সমিতিবোৰৰ যেনে- পঢ়াশালী, নামঘৰ, সমবায় আদিৰ প্ৰভাৱ বিশেষ মন কৰিবলগীয়া। সামাজিক অনুষ্ঠানবোৰে সম্প্রদায়ৰ অৰ্থনৈতিক, ৰাজনৈতিক, সাংস্কৃতিক আদি দৈনন্দিন ক্রিয়া-কলাপবোৰ পৰিচালিত কৰে।

সম্প্রদায়ৰ কেইটামান বিশেষ উপাদান বা বৈশিষ্ট্য আমি এনেদৰে আলোচনা কৰিব পাৰো – 

ব্যক্তিৰ সমষ্টিঃ কিছুমান ব্যক্তিৰ সমষ্টিগত অৱস্থাৰ মাজেদিহে সমুদায় এটা পৰিচিত হয়। এই ব্যক্তিসমষ্টি এটা নির্দিষ্ট ভৌগলিক এলেকাত বাস কৰে আৰু তেওঁলোকৰ মাজত ‘আমি ভাৱ’ বিদ্যমান।

নির্দিষ্ট ভূখণ্ডঃ এক নির্দিষ্ট ভূখণ্ডত বসবাস কৰাটো সম্প্রদায়ৰ এটা প্রধান বৈশিষ্ট্য। সম্প্রদায়ৰ এই বৈশিষ্ট্যই সমুদায় ভুক্ত লোকসকলৰ মাজত ঐক্য সম্প্রীতিৰ ভাৱ সুদৃঢ় কৰি তোলে। সাম্প্রতিক কালত যাতায়াত তথা যোগাযোগ ব্যৱস্থাৰ প্ৰসাৰণৰ বাবে সম্প্রদায়ৰ আঞ্চলিক ঐক্যক বহু পৰিমাণে ম্লান কৰি পেলাইছে। 

সাম্প্রদায়িক অনুভূতিঃ সাধাৰণতে একে অঞ্চলত বসবাস কৰা, অভিন্ন আচাৰ-আচৰণ, ৰীতি-নীতি, ভাষা-সংস্কৃতি আৰু অভিন্ন জীৱন পদ্ধতিৰ অংশগ্রহণৰ ফলত সম্প্ৰদায়ৰ সদস্যসকলৰ মাজত একাত্মবোধৰ সৃষ্টি হয়। এই দৃঢ় একাত্মবোধৰ ভিত্তিতে যি বিশেষ অনুভূতি গঢ়ি উঠে সিয়েই সাম্প্রদায়িক অনুভূতি। এই অনুভূতিয়ে সম্প্রদায়টোৰ সদস্যসকলৰ মাজত “আমি ভাৱ”ৰ সঞ্চাৰ ঘটায়। যেনে- আমাৰ গাওঁ, আমাৰ ধর্মীয় সম্প্রদায় ইত্যাদি।

১৫। সমাজৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। (Discuss the characteristics of society.) 

উত্তৰঃ সমাজৰ আৰু কিছুমান বৈশিষ্ট্য আছে সেইবোৰ তলত উল্লেখ কৰা হ’ল-

(ক) সমাজ ব্যক্তি আৰু গোটৰ সমষ্টিঃ সমাজ এক বৃহৎ গোট। ইয়াৰ ক্ষুদ্র এককটো হ’ল ব্যক্তি। ব্যক্তিয়েই একোটাত গোট সংগঠিত কৰে। সমাজত এনেদৰে ব্যক্তি আৰু গোটসমূহ অন্তর্ভুক্ত হৈ থাকে।

(খ) সামাজিক সম্বন্ধ বা সম্পর্কঃ আমি ইতিমধ্যে সামাজিক সম্পর্কনো কি আৰু কিদৰে সামাজিক সম্পৰ্কৰ জৰিয়তে এখন সমাজ গঢ় লয়, সেই বিষয়ে আলোচনা কৰিছোঁ। এতিয়া আমি শিকিম, কেনেকৈনো ব্যক্তিয়ে সামাজিক সম্পৰ্কৰ জাল গাঁথনিৰে সংগঠিত হৈ থাকে। তেনেদৰে সামাজিক সম্পৰ্কৰ জাল গাঁথনিৰ ভিতৰতে সমাজৰ বিভিন্ন গোট সমূহো স্বাভাৱিকতে সংগঠিত হৈ থাকে। ঠিক যেন এখন মকৰা জালৰ দৰে এই জাল গাঁথনিৰ প্ৰক্ৰিয়াটো। জালৰ দৰে ই প্রত্যক জন ব্যক্তিকে আৰু প্রত্যেকটো গোটকেই ইটোক আনটোৰ সৈতে যুক্ত কৰি ৰাখে; প্ৰায় সকলো দিশৰেই পৰস্পৰে পৰস্পৰৰ সৈতে সাঙুৰ খাই থাকে।

(গ) সামাজিক আন্তঃক্রিয়াঃ সামাজিক সম্পৰ্কৰ ভিতৰতেই আন্তঃক্রিয়াও ঘটি থাকে। আন্তঃক্রিয়া হ’ল এজন ব্যক্তিয়ে কোনো কার্য্য বা ক্রিয়া কৰে আৰু আনজন ব্যক্তিয়ে সেই ক্রিয়াৰেই প্রতিক্রিয়া দেখুৱায়। আপুনি যেতিয়া দোকানত কোনো এবিধ বস্তু কিনে, তেতিয়া ক্রিয়া ৰূপত সেই কিনি লোৱা বস্তুবিধৰ দামটো দোকানীজনক পৰিশোধ কৰে। প্ৰতিক্ৰিয়াৰ ৰূপত তেতিয়া দোকানীজনেও আপোনাক সেই একেবিধ বস্তু বিক্রি কৰে। সমাজৰ নিয়মানুযায়ী এয়ে হ’ল, আন্তঃক্রিয়া। সাধাৰণ সামাজিক নিয়মানুসাৰে আপোনাৰ লগতে সমাজৰ আনসকলেও উক্ত ধৰণে নিয়ম মানি চলি সেইমতে আচৰণ কৰে। এনেভাৱে সমাজত বস্তু কিনা গ্রাহকজন আৰু বস্তু বেচা দোকানীজনৰ মাজত এক সামাজিক সম্পর্কও ৰক্ষা হয়। সামাজিক সম্পর্ক সেয়ে দুমুখীয়া যাতায়তৰেই লেখীয়া।

(ঘ) পাৰস্পৰিক সতৰ্কীকৰণঃ ইয়াৰ অৰ্থ হ’ল, প্রত্যেকজন ব্যক্তিয়েই সতর্ক হ’ব লাগিব যে, তেওঁৰ দৰেই সমাজত আৰু অন্যান্য ব্যক্তি আছে আৰু তেওঁৰ প্রতিটো কৰ্মৰেই আনৰ ওপৰত প্রভাৱ থাকিব পাৰে। সেইদৰেই অন্যজনৰ বা আন ব্যক্তি সকলৰ কৰ্মৰো প্রভাৱ আপোনাৰ ওপৰতো স্বাভাৱিকতেই পৰিব। সেয়ে, পাৰস্পৰিক বুজাপৰাৰ মাজেৰে আমি উভয়পক্ষই চলিব লগীয়া হয়। এনে পাৰস্পৰিক বুজাপৰাৰ দ্বাৰাই সামাজিক সম্পর্কই গঢ় লৈ উঠে।

(ঙ) সমাজে সামাজিক প্রয়োজনসমূহ পূৰণ কৰেঃ প্রত্যেকজন ব্যক্তিৰেই খাদ্য, বস্ত্র, আশ্রয়, মৰম, আবেগ-অনুভূতি, বন্ধুত্ব আদি কৰি কিছুমান ব্যক্তিগত প্রয়োজনো থাকে। অধিকাংশ এনে প্রয়োজন তেতিয়াহে ভালদৰে পূর্ণ হয়, যেতিয়া মানুহে পৰস্পৰে একেলগে বাস কৰে আৰু একেলগে কাম কৰে। ঘৰ এটা সজাৰ উদাহৰণ দিলেই বুজিব পৰা যায় যে ঘৰটো সজাৰ সময়ত মানুহে বহুজনৰ পৰা বহুধৰণে সহায় লবলগীয়া হয়। সেয়ে আমি পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল। এয়ে আমাৰ সামাজিক প্রয়োজন। সমাজে আমাৰ সামাজিক প্রয়োজন সমূহো পূর্ণ কৰে। আমি সেয়ে আমাৰ পাৰস্পৰিক নিৰ্ভৰশীলতা ৰক্ষা কৰি চলিব লগা হয়। ইয়াৰ অন্যথা সমাজ বৰ্ত্তি থাকিব নোৱাৰে।

(চ) ব্যক্তি আৰু গোটসমূহৰ মাজত সহযোগিতাঃ সামাজিক সম্পৰ্কৰ ক্ষেত্ৰত আন এটা বিশেষত্ব হ’ল, পাৰস্পৰিক সহযোগিতা। সমাজত বর্ত্তি থাকিবলৈ হ’লে, সমাজৰ অংগস্বৰূপ ব্যক্তি আৰু গোট সমূহৰ মাজতো সুষম সহযোগিতাৰ বিশেষ প্রয়োজন হয়। ই অত্যন্ত জৰুৰী।

(ছ) সমাজ গতিশীলঃ ইয়াৰ অৰ্থ হ’ল সমাজ প্রতিনিয়ত পৰিৱৰ্ত্তনশীল। আপুনি বাৰু আপোনাৰ সমাজখনতেই বিগত দশকটোত পৰিবৰ্ত্তন সাধন হোৱাটো মন কৰিছেনে এনে কোনো সমাজ নাই, যিখন সমাজত পৰিৱৰ্ত্তন ঘটা নাই। কোনো সমাজেই স্থিতিশীল নহয়, বা নিশ্চল অথবা স্থবিৰ নহয়। সমাজৰ বুকুত মানুহৰ যাত্রা অব্যাহত আছে আৰু এনেভাৱেই সমাজখনো পৰিৱৰ্ত্তনশীলতাৰ মাজেৰেই গতিশীলো হৈ আছে।

(জ) সংস্কৃতিঃ সংস্কৃতিয়েই সমাজৰ জীৱন পদ্ধতি। মানুহে যি বোৰ নিয়ম অনুশাসন গঢ়ি তোলে আৰু অনুসৰণ কৰি চলে, সামাজিক নিয়ন্ত্রণ মানি চলে, ভাষা কয়, খাদ্য গ্রহণ কৰে, পোছাক পৰিচ্ছদ পৰিধান কৰে, কথা কয় বা চিন্তন-মনন কৰে, ঘৰ-দুৱাৰ সাজি বসবাস কৰে, সেই সকলোবোৰেই হ’ল সামাজিক সংস্কৃতিৰ অংগ স্বৰূপ। চমুকৈ সংস্কৃতি হ’ল, মানুহে সমাজত যি শিকে আৰু যিবোৰ কৰে। প্রত্যেক সমাজৰে নিজাকৈ সুকীয়া সংস্কৃতি থাকে।

এইবোৰেই হ’ল সমাজৰ কেতবোৰ বিশেষ বৈশিষ্ট্য। সমাজৰ আন কিছুমান বৈশিষ্ট্যও আছে যদিও, উপৰোক্ত সমূহ হ’ল সমাজৰ মৌলিক বৈশিষ্ট্য।

১৬। সম্প্ৰদায়ৰ অৰ্থ লিখা আৰু চৰিত্ৰ ব্যাখ্যা কৰা। সমাজ আৰু সম্প্রদায়ৰ পাৰ্থক্য লিখা। (Write down the meaning of the community and explain the character. Write the difference between society and community.) 

উত্তৰঃ প্রখ্যাত লিখক মেক আইভাৰ আৰু পেজৰ মতে, “সম্প্রদায় হৈছে এটা ডাঙৰ বা সৰু সমূহ, এই সমূহটোৰ সদস্যসকলে একেলগে বসবাস কৰে।”

সম্প্রদায় হৈছে এনে কিছুমান ব্যক্তিৰ সমষ্টি যিসকল ব্যক্তিয়ে ব্যক্তিগত স্বাৰ্থৰ বিপৰীতে উমৈহতীয়া স্বাৰ্থৰ বাবে একত্ৰিত হৈ কাম কৰে।

অগবাৰ্ণ আৰু নিমকফৰ মতে ‘সম্প্ৰদায়ৰ সদস্যসকলে এডোখৰ নির্দিষ্ট অঞ্চলত বসবাস কৰে, সামাজিক জীৱনৰ প্ৰতিটো অৱধাৰণা মানি চলে আৰু স্বয়ংক্রিয়ভাৱে সম্প্রদায় এটা পূর্ণ সংগঠন।’

বগাৰদাছৰ মতে, “সম্প্ৰদায়ৰ মূল বৈশিষ্ট্য হৈছে আমি ভাৱ। অৰ্থাৎ এডোখৰ নির্দিষ্ট ঠাইত বাস কৰা আমি ভাৱাপন্ন ব্যক্তিৰ সমূহেই হৈছে সম্প্রদায়।”

সম্প্রদায় হৈছে এটা আঞ্চলিক সমূহ।

আৰ্ণল্ড গ্ৰীণৰ মতে “এটি সৰু সমূহৰ সদস্যসকলে যেতিয়া এটি সৰু অঞ্চলত একেলগে বসবাস কৰে আৰু ব্যক্তিগত কথা পৰিহাৰ কৰি উমৈহতীয়াভাৱে সমূহটোৰ কথা চিন্তা কৰে, তেতিয়াই সম্প্ৰদায়ৰ সৃষ্টি হয়।”

সম্প্ৰদায়ৰ বৈশিষ্ট্যসমূহ হ’ল-

(ক) ব্যক্তিৰ সমূহঃ সমাজৰ দৰেই অৱধাৰণা সম্প্রদায়ৰো প্রথম বৈশিষ্ট্য হৈছে ব্যক্তিৰ সমষ্টি। ব্যক্তিয়েহে এটা সম্প্রদায় গঢ়ি তোলে। কিছুমান ব্যক্তিৰ সমষ্টিগত অৱস্থাৰ মাজেদিহে এটা সম্প্রদায়ে নিজৰ স্থিতি সমাজত লাভ কৰে। এটা সম্প্ৰদায়ৰ ব্যক্তিসকলে ওচৰাওচৰিকৈ বসস্থান নিৰ্মাণ কৰি পাৰস্পৰিক বুজাপৰাৰ মাজেৰে জীৱন নিৰ্বাহ কৰে।

(খ) স্থানীয়তাঃ সম্প্রদায় এটা স্থায়ী সমূহ। সম্প্রদায় গঠন কৰিবলৈ হ’লে লোকসকল যিকোনো এটা অঞ্চলৰ স্থায়ী বাসিন্দা হোৱাটো অতি প্রয়োজন। এডোখৰ নির্দিষ্ট ভূ-খণ্ডত স্থায়ীভাৱে বসবাস কৰি সাম্প্রদায়িক জীৱনৰ পৰিচয় দাঙি ধৰাই হৈছে সম্প্ৰদায়ৰ প্ৰধান চৰিত্ৰ। সেইবাবে সম্প্রদায় সদায়েই এটা স্থায়ী জনসমূহ।

(গ) সাম্প্রদায়িক মনোভাৱঃ উমৈহতীয়া বাসস্থান, উমৈহতীয়া উদ্দেশ্য এটা সম্প্রদায়ৰ যেনেদৰে উল্লেখযোগ্য বৈশিষ্ট্য ঠিক তেনেদৰে আন এটা অতি প্রয়োজনীয় বৈশিষ্ট্য হৈছে- “আমি ভাৱৰ” অৱস্থিতি। এটা সম্প্রদায়ৰ লোকসকলৰ মাজত সাধাৰণতে ‘মই ভাৱ” বা ব্যক্তিগত ভাৱৰ পৰিৱৰ্তে “আমি ভাৱ” বা “আমাৰ সম্প্রদায়” বুলি এটা গর্বভাৱ থাকে। যিটোভাৱে সম্প্ৰদায়ৰ লোকসকলৰ মাজত একতাৰ ভাৱ জগাই তোলে। এই “আমি ভাৱেই” হৈছে সাম্প্রদায়িক ভাৱ। সাম্প্রদায়িক মনোভাৱ গঢ় দিয়াৰ ক্ষেত্ৰত সামূহিক উৎসৱ পাৰ্বন, বিয়া-বাক, ধর্ম-বিশ্বাস, পূজা-পাতল, ৰীতি-নতি, চাল-চলন আদিয়ে সহায় কৰে।

(ঘ) সাদৃশ্যতাঃ এটা সম্প্ৰদায়ৰ ব্যক্তিসকলৰ মাজত বহু ক্ষেত্ৰত সাদৃশ্যতা দেখিবলৈ পোৱা যায়। শাৰীৰিক গঠনৰ পৰা আৰম্ভ কৰি আচাৰ-ব্যৱহাৰ, ভাষা, ৰীতি-নীতি, ধর্মীয় বিশ্বাস আদি সকলোতে সাদৃশ্যতা থাকে। উদাহৰণস্বৰূপে- অসমীয়া সম্প্ৰদায়ৰ সকলো ব্যক্তিৰ মাজত আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি, ভাষা আনকি শাৰীৰিক গঠনৰ ক্ষেত্ৰতো সাদৃশ্যতা দেখা যায়।

(ঙ) সামূহিক স্বার্থঃ সম্প্ৰদায়ৰ অন্যতম বিশেষত্ব হ’ল ব্যক্তিগত স্বাৰ্থৰ বিপৰীতে সামূহিক স্বাৰ্থৰ আগমন। সম্প্রদায়টোৰ প্ৰতিজন ব্যক্তিয়ে নিজৰ সম্প্রদায়টোৰ আৰ্থিক, সামাজিক, ৰাজনৈতিক প্রত্যেক দিশতে আগবঢ়াটো বিচাৰে। সামূহিক স্বাৰ্থ পূৰণৰ বাবে ব্যক্তিসকল সংগঠিত হয় আৰু “কৃত্রিম সম্পর্ক”ৰ পৰিৱৰ্ত্তে এক “আন্তৰিকতাপূর্ণ” সম্পর্ক তেওঁলোকৰ মাজত বর্ত্তি থাকে যিটোৱে সম্প্রদায়টোৰ মানদণ্ড শিখৰলৈ তোলে।

(চ) বিশেষ নামঃ প্রত্যেক সম্প্রদায়ৰে এটা বিশেষ নাম থাকে যিটো নামৰ দ্বাৰা সম্প্রদায়টোক চিনাক্তকৰণ কৰা হয়। যেনে- অসমীয়া সম্প্রদায়, শিখ সম্প্রদায়, বঙালী সম্প্রদায় আদি।

(ছ) নির্দিষ্ট ভূ-খণ্ডঃ নির্দিষ্ট ভূ-খণ্ড অধিকাৰ কৰি থকাটো সম্প্রদায়ৰ অন্য এক বৈশিষ্ট্য। ইয়াৰ কাৰণ হৈছে- সম্প্রদায় এটা আঞ্চলিক সমূহ। ওচৰা-ওচৰিকৈ বসবাস কৰা লোকসকলক লৈ সম্প্রদায় গঠিত হয় যাৰ ফলত সম্প্রদায়ত অন্তর্ভুক্ত হোৱা লোকসকলৰ আধুনিকীকৰণ আৰু পাশ্চাত্যকৰণে পূৰ্বতকৈ সম্প্রদায়ৰ আঞ্চলিক ঐক্য কিছু পৰিমাণে হ্রাস কৰিছে।

(জ) স্থায়ী আৰু স্বাভাৱিকঃ স্থায়ী আৰু স্বাভাৱিকভাৱে এটা সম্প্রদায়ে গঢ় লৈ উঠে। কোনো ব্যক্তিয়ে সম্প্রদায় সৃষ্টি কৰিব নোৱাৰে। সামাজিক, ৰাজনৈতিক, অর্থনৈতিক সংকটেও সম্প্রদায় বিনাশ কৰিব নোৱাৰে। 

উপৰোক্ত বৈশিষ্ট্যসমূহকে এটা সম্প্ৰদায়ৰ ক্ষেত্ৰত কম বেছি পৰিমাণে দেখা পোৱা যায়।

১৭। ভূমিকা বুলিলে কি বুজা? ভূমিকা আৰু পুৰস্কাৰৰ মাজত সম্পৰ্ক কি? (What do you mean by the role? What is the relationship between role and reward?) 

উত্তৰঃ প্ৰস্থিতিৰ ধাৰণাৰ সৈতে ভূমিকাৰ ধাৰণাৰ মিল আছে। প্রস্থিতি হ’ল সমাজত লাভ কৰা এক স্থিতি; ভূমিকা হ’ল এক গতিশীল অথবা প্ৰস্থিতিৰ আচৰণগত স্বৰূপ। প্রস্থিতি দখল কৰা হয় কিন্তু ভূমিকা পালন কৰা হয়। গতিকে এটা প্ৰস্থিতিৰ দ্বাৰা ভূমিকা নির্ণয় কৰিব পাৰি। আন কথাত প্রস্থিতিয়ে কোনো এজন ব্যক্তিক এক বিশেষ পৰিস্থিতিত আকাংক্ষিত ব্যৱহাৰ চিনাক্ত কৰাত আৰু উপযুক্ত প্রতিক্রিয়া নিৰ্দ্ধাৰণ কৰাত সহায় কৰে। সমাজতত্ত্ববিদ ৰালফ লিন্টনে ভূমিকাৰ তত্ত্বটোলৈ যথেষ্ট অৰিহণা যোগাইছিল। তেওঁ ভূমিকাক প্ৰস্থিতিৰ নিৰ্দ্ধাৰিত আৰু স্থিৰ আচৰণ সম্পৰ্কীয় আকাংক্ষাৰ প্রকাশ বুলি গণ্য কৰিছিল। প্ৰস্থিতিৰ অন্তর্গত স্বীকৃত ৰীতিসন্মত আচৰণৰ প্রকাশেই হ’ল ভূমিকা। প্রস্থিতিয়ে আচৰণৰ বাবে উপযুক্ত নির্দেশনা আগবঢ়ায়।

ৰবার্ট বিয়েৰষ্টেডে ভূমিকা সম্পর্কে কৈছিল যে- “প্রস্থিতিৰ গতিশীলতা আৰু আচৰণ সম্পৰ্কীয় ৰূপেই ভূমিকা ব্যক্তিই প্রস্থিতি অনুসৰি কৰা জড়িত কাৰ্যৰ সৈতে।”

আগবার্ণ আৰু নিমকফৰ মতে ভূমিকা হ’ল “কোনো এক শ্রেণীৰ এক বিশেষ স্থিতিৰ সৈতে জড়িত সামাজিকভাৱে আকাংক্ষিত আৰু অনুমোদিত আচৰণ বিন্যাস যাৰ সৈতে দায়িত্ব আৰু বিশেষ সা-সুবিধাসমূহ জড়িত হৈ থাকে।”

কিংছেল ডেভিডে কৈছে যে, “ভূমিকা হ’ল এক শৈলী যাৰ জৰিয়তে এজন ব্যক্তিয়ে তেওঁৰ স্থিতিৰ প্রয়োজনীয়তাখিনি পালন কৰে।”

আৰ, কে, মের্টনে ভূমিকাৰ ধাৰণাক এক নতুন মাত্রা দিছিল। প্রচলিত ধাৰণা মতে এটা প্রস্থিতিয়ে এটাহে ভূমিকা পালনৰ সুযোগ দিয়ে। কিন্তু মের্টনে কৈছিল যে এটা প্রস্থিতি গ্রহণ কৰি এজন ব্যক্তিয়ে কেৱল এটা শ্ৰেণীৰ মানুহৰ লগতেই সম্পর্ক স্থাপন কৰাৰ পৰিৱর্তে বিভিন্ন শ্রেণীৰ মানুহৰ সৈতে সম্পর্ক স্থাপন কৰে। সেয়েহে এজন ব্যক্তিয়ে এটা প্রস্থিতি গ্রহণ কৰি থাকিলেও একাধিক ভূমিকা পালনকাৰীৰ সৈতে সম্পৰ্ক ৰক্ষা কৰিব পাৰে। ভূমিকা সমষ্টিক বুজাবলৈ মের্টনে কৈছে যে- “কোনো ব্যক্তিয়ে এটা নির্দিষ্ট সামাজিক প্রস্থিতি গ্রহণত জড়িত হোৱা ভূমিকা সম্পৰ্কীয় পৰিপূৰকেই হ’ল ভূমিকা সমষ্টি।” উদাহৰণস্বৰূপে – এখন বিদ্যালয়ত শিক্ষকৰ প্ৰস্থিতি গ্রহণ কৰা এজন ব্যক্তিয়ে শিক্ষার্থী, সহকর্মী, শিক্ষার্থীৰ অভিভাৱক আৰু বিদ্যালয় সমিতিৰ সদস্যৰ সৈতে বিভিন্ন ভূমিকা পালন কৰিবলগীয়া হয়।

ভূমিকা আৰু পুৰস্কাৰৰ মাজৰ সম্পৰ্কঃ প্ৰতিখন সমাজতে এজন ব্যক্তিৰ ভূমিকা আৰু তেওঁৰ সেই ভূমিকা পালনৰ প্ৰকৃতিৰ জৰিয়তে ব্যক্তিজনৰ সামাজিক স্থান নিদ্ধাৰিত হয়। উদাহৰণস্বৰূপে- এজন ছাত্ৰৰ ভূমিকা হ’ল নিয়মিত অধ্যয়ন কৰা আৰু তেওঁক কৰিবলৈ দিয়া কামবোৰ সময়মতে সম্পূৰ্ণ কৰা। যদি কোনো ছাত্রই এইখিনি কাম নিয়াৰিকৈ কৰে তেন্তে তেওঁক ভাল নম্বৰেবে পুৰস্কৃত কৰা হয়। আকৌ প্ৰতিখন সমাজত এনে কিছুমান ভূমিকা থাকে যিবোৰক অন্য ভূমিকাতকৈ কঠিন আৰু প্রয়োজনীয় বুলি বিবেচনা কৰা হয়। এইবাবে এনে ভূমিকাই সমাজত উচ্চ প্রস্থিতি লাভ কৰে।

উচ্চ প্রস্থিতি দখল কৰি থকা ব্যক্তিসকলে সমাজত অধিক পুৰস্কাৰ লাভ কৰে। সমাজে নিৰ্দ্ধাৰণ কৰে কোনটো কাম বেছি প্রয়োজনীয়। উদাহৰণস্বৰূপে, প্রাচীন কালৰ আদিবাসী সমাজত লোকসকলে শত্রুৰ সৈতে বা বন্য জীৱ-জন্তুৰ সৈতে যুদ্ধ-বিগ্রহত লিপ্ত হ’বলগীয়া হৈছিল। সেয়েহে যিসকল যোদ্ধাই অধিক শত্রু বধ কৰিব পাৰিছিল তেওঁলোকক সমাজত উচ্চ আসন দিয়া হৈছিল। লগতে তেওঁলোকক মাটি আৰু অন্যান্য মূল্যৱান সামগ্ৰী পুৰস্কাৰ দিয়া হৈছিল। ঠিক তেনেদৰে যেতিয়া কোনো ব্যক্তিয়ে তেওঁক প্রদান কৰা ভূমিকা সূচাৰুৰূপে পালন নকৰে, তেন্তে তেওঁক শাস্তি দিয়াৰো ব্যৱস্থা আছে।

১৮। এখন সমাজত প্রতিমানৰ আৱশ্যকতা কি? প্রতিমানৰ প্ৰকাৰবোৰ কি কি বহলাই আলোচনা কৰক। (What is the paradigm of a society? Discuss in detail what the types of patterns are.)

উত্তৰঃ সমাজ হ’ল সামাজিক সম্পৰ্কবোৰৰ এখন জাল। সম্পৰ্কবোৰ ধৰি ৰাখিবলৈ এইটো প্রয়োজনীয় যে মানুহে আচৰণৰ কিছুমান সাধাৰণ গ্রহণযোগ্য পথ অনুকৰণ কৰিব লাগে। গতিকে প্রত্যেক সমাজতে নিশ্চিত নির্দিষ্ট আচৰণৰ ৰূপ থাকে। সামাজিক প্রতিমান অথবা সৰল আদৰ্শৰ কিছুমান নির্দেশনা থাকে যিয়ে আমাৰ আভ্যন্তৰীণ বা বাহ্যিক আচৰণবোৰ শাসন কৰে। আমি কি বিশ্বাস কৰো, কেনেকৈ আনৰ লগত ভাৱৰ আদান-প্রদান কৰো আৰু চাল-চলন কৰো এইবোৰে প্ৰভাৱিত কৰে। প্রত্যেক সমাজৰে এটা প্রত্যক্ষ কামৰ বাবে নিজস্ব প্রতিমান আৰু নির্দেশনাৰ নক্সা থাকে। তথাপিও কিছুমান অন্যান্যতকৈ বেছি কঠোৰ। ইমাইল ডুৰখেইমৰ মতে “প্রতিমান হ’ল সামাজিক কার্য, কাৰণ এইবোৰৰ স্বাধীন অস্তিত্ব আছে। কোনো ব্যক্তিয়ে ইচ্ছামতে তাক সলনি কৰিব নোৱাৰে। অতি আৱশ্যকীয় যে এখন সমাজত প্ৰত্যেকৰে ওপৰত এইবোৰৰ দমনকাৰী শক্তি থাকে। সমাজ বিজ্ঞানীৰ মতে মানুহ হ’লেই স্বাভাৱিক জ্ঞান প্রাপ্তি নহয়। তেওঁলোকৰ কাম-কাজবোৰ প্ৰতিমান আৰু প্ৰমূল্যৰ দ্বাৰা নিৰূপিত হয়। এখন সমাজত জীৱিত বিভিন্ন ব্যক্তিৰ মাজত সমতা ধৰি ৰাখিবৰ নিমিত্তে প্রতিমান আৰু মূল্যবোৰে সকলো ভগাই দিয়ে।

প্রতিমানৰ প্ৰকাৰঃ

(ক) লোকাচাৰঃ সমাজবিজ্ঞানী উইলিয়াম গ্রাহাম চুমনেৰ মতে, লোকচাৰ হ’ল সেইবোৰ প্রতিমান যিবোৰ মানুহৰ সাময়িক আন্তঃক্ৰিয়াৰ ফলত উদ্ভৱ হয় আৰু লাহে লাহে নিত্য অভ্যাসত পৰিণত হয়। কালক্ৰমত এই প্রতিমানবোৰে মানুহক অনুশীলনৰ বাবে একধৰণৰ সামাজিক হেঁচা দিয়ে। সেয়েহে এই প্রতিমানবোৰক আক্ষৰিক অৰ্থত ‘সাধাৰণ মানুহৰ ৰীতি’ বোলা হয়।

এই প্রতিমানবোৰৰ ভিতৰত খোৱা-লোৱা, অভিবাদনৰ ৰূপ, সাজপাৰৰ চানেকি, এটা পৰিয়ালৰ আকাংক্ষিত আচাৰ-ব্যৱহাৰ আদিৰ নিয়মক সামৰি লোৱা হয়। এইবোৰৰ বেছিভাগ অলিখিত। লোকাচাৰবোৰ সদায় অলিখিত ৰূপত থাকে; কাৰণ এইবোৰ প্ৰাচীন, ঘৰুৱা আৰু সহজ। এই প্রতিমানবোৰ সমাজত ‘সদায়েই থাকে’। কিন্তু এইবোৰৰ কোনো নৈতিক বৈশিষ্ট্য নাথাকে আৰু লোকাচাৰ ভংগ কৰিলে কেতিয়াবাহে মানুহে কঠিন শাস্তি পায়।

(খ) লোকনীতিঃ নৈতিকতাৰ ধাৰণাৰ সৈতে যুক্ত হৈ থকা লোকাচাৰবোৰকে লোকনীতি বোলে। এখন নির্দিষ্ট সমাজত কোনটো কথাৰ ন্যায়নিষ্ঠ বুলি বিবেচনা কৰা হ’ব তাকেই লোকনীতিয়ে নিৰ্দ্ধাৰণ কৰে। লোকনীতিৰ নিৰ্দেশনাবোৰ ভুল নোহোৱাকৈ অনুসৰণ কৰিবলৈ প্রত্যেক ব্যক্তিৰেই সামাজিকীকৰণ ঘটে। এনে আদর্শবোৰৰ যিকোনো ভংগ কৰিলে ব্যক্তিক সমাজচ্যুত কৰি দিব পাৰে। ধর্মীয় নীতিবোৰ এনে লোকনীতিৰ উদাহৰণ যিবোৰে আমাৰ সামাজিক আচৰণক দিক্-নির্দেশনা প্রদান কৰে। উদাহৰণস্বৰূপে- কিছুমান ধর্মত বিবাহৰ পূর্বে সহবাস কৰাটো নিষেধ। সেইবাবে বহু সময়ত এইটো দেখিবলৈ পোৱা যায় যে যেতিয়া ৰক্ষণশীল পৰিয়ালৰ যুৱক-যুৱতীৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে তেতিয়া তেওঁলোকক সমাজৰ পৰা নিৰ্বাসিত কৰা হয় আৰু কেতিয়াবা তেওঁলোকৰ জীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি হয়।

(গ) প্রতিষিদ্ধ কার্যঃ প্রতিষিদ্ধ কার্য এটা প্রতিমানৰ ৰূপ যিয়ে কিছুমান নির্দিষ্ট কাম-কাজক দৃঢ়তাৰে বাধা দিয়ে। কিছুমান বিষয়/কাম-কাজক সমাজে যিকোনো কাৰণতে অসহনীয় বুলি বিবেচনা কৰে। সেই বাবে এইবোৰ কামৰ বিৰুদ্ধে সমাজে কঠোৰ নিষেধাজ্ঞা বলবৎ কৰে। এনেবোৰ ৰীতি ভংগ কৰিলে চৰম শাস্তি ভুগিবলগীয়া হ’ব পাৰে। উদাহৰণস্বৰূপে- তেজৰ সম্পর্ক থকা মানুহৰ লগত যৌন সম্পর্ক কৰাটো প্ৰায়বোৰ সমাজতে দোষণীয় বুলি ধৰা হয়। আকৌ বেছিভাগ সমাজত নৰ মাংস খোৱাটোও এটা প্রতিষিদ্ধ কার্য।

(ঘ) ৰীতি-নীতিঃ সমাজতত্ত্বৰ অক্সফ’র্ড অভিধানৰ মতে ৰীতি-নীতি হ’ল এখন সমাজত চিন্তা আৰু কার্য সম্পাদন কৰাৰ প্ৰতিষ্ঠিত পথ। আকৌ লাণ্ডবার্গে কৈছে যে, ৰীতি-নীতি হ’ল এনে কিছুমান লোকাচাৰ যিবোৰে বহু বছৰ ধৰি সমাজত প্ৰচলিত হৈ অহাৰ পাচত সামাজিক স্বীকৃতি লাভ কৰে আৰু সেইবোৰ এটাৰ পাচত আনটো প্রজন্মলৈ প্রবাহিত হৈ থাকে। এইবোৰক মানুহৰ দীৰ্ঘদিনীয়া প্রতিষ্ঠিত আচাৰ-ব্যৱহাৰ আৰু অভ্যাস বুলিও ক’ব পাৰি। সৰহসংখ্যক আইন এই ৰীতি-নীতিৰ ওপৰত আধাৰিত।

(ঙ) আইনঃ সমাজৰ কোনো এক বৈধ প্ৰাধিকৰণে নির্দেশ কৰা কিছুমান প্রতিমানেই হৈছে আইন। সমাজত শৃংখলা বর্ত্তাই ৰাখিবলৈ আইনৰ সৃষ্টি। এজনৰ চাল-চলনে আন এজনৰ স্বাধীনতা উলংঘা কৰিব পাৰে। এনেধৰণৰ উলংঘাক আইনে বাধা দিবলৈ যত্ন কৰে। ভাৰতীয় সংসদ আৰু ৰাজ্যিক বিধানসভা হ’ল সমাজত নিয়ম-কানুন প্ৰৱর্তনকাৰী বৈধ প্ৰাধিকৰণ। আইনৰ সুৰক্ষা আৰু সঠিক প্রয়োগ নিশ্চিত কৰে ৰাষ্ট্ৰৰ আৰক্ষী আৰু ন্যায়িক ব্যৱস্থাই। এই ন্যায় ব্যৱস্থাৰ সৈতে নিম্ন আৰু উচ্চ ন্যায়ালয়সমূহ জড়িত হৈ থাকে। আইন ভংগ কৰোতাজন বিশেষ শাস্তিৰ সন্মুখীন হয়।

১৯। প্ৰস্থিতিৰ অৰ্থ আৰু সংজ্ঞা লিখা। (Write down the meaning and definitions of the situation.)

উত্তৰঃ সমাজে বিভিন্ন সামাজিক স্থিতি ঠিক কৰে। প্ৰতিটো স্থিতিৰে কিছুমান সুনির্দিষ্ট অধিকাৰ আৰু দায়িত্ব থাকে। সেই স্থিতিবোৰ দখল কৰি আমি কাম কৰি যাওঁ। নির্দিষ্ট অধিকাৰ আৰু দায়িত্বৰ সৈতে জড়িত সামাজিক স্থিতিকে প্রস্থিতি বুলি কোৱা হয়। আপোনাৰ মাতৃৰ আপোনাৰ লগতে ভাই-ভনীসকলৰ বাবে এগৰাকী মাতৃ হিচাপে এটা প্রস্থিতি থাকে। আপোনাৰ দেউতাৰ ক্ষেত্ৰত তেখেতে পত্নীৰ স্থান দখল কৰে। আপুনি আপোনাৰ বন্ধুৰ লগত বজাৰ কৰিবলৈ যাওঁতে এজন বন্ধুৰ প্ৰস্থিতিৰে জড়িত হৈ আপোনাৰ বন্ধুৰ লগত সম্পর্ক স্থাপন কৰে। 

কিন্তু যেতিয়া আপুনি দোকানত উপস্থিত হৈ বস্তু কিনিবলৈ আৰম্ভ কৰে তেতিয়া আপুনি গ্রাহকৰ প্রস্থিতিৰে জড়িত হৈ দোকানীজনৰ সৈতে সম্পর্কস্থাপন কৰে। প্ৰতিটো সামাজিক প্ৰস্থিতিৰ সৈতে কিছুমান আকাংক্ষিক আচাৰ-ব্যৱহাৰ জড়িত হৈ থাকে। এনেবোৰ আচাৰ-ব্যৱহাৰত অধিকাৰ আৰু দায়িত্ব অন্তর্ভূক্ত হৈ থাকে। দায়িত্বসমূহ পালন কৰিবলৈ প্রয়োজনীয় সকলো এক নিৰ্দ্ধাৰিত প্রস্থিতিয়ে আগবঢ়ায়। উদাহৰণস্বৰূপে- ল’ৰা-ছোৱালীৰ ওপৰত এগৰাকী অভিভাৱকৰ ভূমিকা ফলপ্রসূতাৰে পালন কৰাৰ নিমিত্তে সিহঁতৰ সময় নিয়ন্ত্ৰণ কৰাৰ বাবে ক্ষমতাৰ সমল কিছুমানৰ প্ৰয়োজন। আচাৰ-ব্যৱহাৰৰ এই পার্থক্যই বিভিন্ন সামাজিক প্রস্থিতিক পৃথক কৰে। প্ৰস্থিতি হ’ল সামাজিক স্থিতিবোৰৰ আনুষ্ঠানিকৃত ৰূপ। 

কিংছেল ডেভিদৰ মতে “সাধাৰণ আনুষ্ঠানিক পদ্ধতিত প্রস্থিতি হ’ল এনে এক স্থান যিটোক সমাজে সমর্থন কৰাৰ লগতে স্বীকৃতি দিয়ে।”

ডানকান মিট্চেলে প্রস্থিতিৰ সংজ্ঞা দিছে এনেদৰে- “এটা সামাজিক পদ্ধতিত কোনো ব্যক্তি, পৰিয়াল অথবা গোষ্ঠী দলৰ সামাজিক স্থিতি এটাই এটা আনটোৰ সাপেক্ষ। এজন ব্যক্তিৰ অন্যান্য প্রস্থিতিৰ ব্যক্তিৰ সৈতে সম্পৰ্কৰ ধৰণ আৰু পৰিসৰ নিৰ্ধাৰণ কৰাৰ লগতে এই পৰস্পৰ সাপেক্ষতাই অধিকাৰ, কর্তব্য আৰু অন্য আচাৰ-ব্যৱহাৰো নিৰ্দ্ধাৰণ কৰে।

২০। প্ৰস্থিতিৰ প্ৰকাৰবোৰ কি কি আলোচনা কৰা। (Discuss what the types of situations are.)

উত্তৰঃ প্ৰস্থিতিৰ প্ৰকাৰবোৰ হ’ল-

ৰাল্ফ লিন্টনে এখন সমাজত পস্থিতি প্রত্যেক ব্যক্তিৰ দখলৰ প্ৰকৃতিৰ ওপৰত ভিত্তি কৰি প্রস্থিতিক দুটা ভাগত ভাগ কৰিছে। ভাগ দুটা হ’ল- পূর্ব নিৰ্দ্ধাৰিত প্ৰস্থিতি আৰু আৰ্জিত প্রস্থিতি।

জন্ম প্রদত্ত প্রস্থিতিঃ এজন ব্যক্তিৰ জন্মৰ সৈতে এনেবোৰ প্ৰস্থিতিৰ বৈশিষ্ট্য নির্ভৰশীল, এইবোৰৰ ওপৰত মানুহৰ ইচ্ছা অথবা নিয়ন্ত্রণ নাথাকে। বয়স আৰু লিংগ হ’ল দুটা এনে প্ৰস্থিতিৰ উদাহৰণ। এয়া মানুহে জন্মসূত্রে লাভ কৰে। তদুপৰি যিকোনো পৰিয়াল, গোষ্ঠী অথবা কোনো নৃগোষ্ঠীয় শ্ৰেণীত জন্মগ্রহণ কৰাৰ লগে লগে লিংগই এক সামাজিক প্রস্থিতি গ্রহণ কৰে। যি মুহূর্তত আপুনি জন্মগ্রহণ কৰে ঠিক সেই সময়তে আপুনি আপোনাৰ পিতৃ-মাতৃৰ বাবে এটি সন্তানৰ প্ৰস্থিতি লাভ কৰে আৰু এই প্ৰস্থিতিৰ ওপৰত আপোনাৰ কোনো নিয়ন্ত্রণ নাথাকে। আপুনি যদি ল’ৰা সন্তান হিচাপে জন্মগ্রহণ কৰে তেন্তে আপোনাৰ পিতৃ- মাতৃৰ বাবে আপুনি এজন পুত্ৰৰ প্ৰস্থিতি লাভ কৰে আৰু কন্যা সন্তান হ’লে এজনী জীয়ৰীৰ প্রস্থিতি লাভ কৰে। জাতি পদ্ধতি হ’ল সামাজিক সংগঠনৰ এটা সাধাৰণ ৰূপৰ ইয়ে মানুহৰ আৰু বিভিন্ন প্রস্থিতি আৰোপ কৰে। ইংৰাজী কাষ্ট শব্দটোৰ পর্তুগীজ শব্দ ‘কাষ্টা’ ৰ পৰা উৎপত্তি হৈছে, যাৰ অৰ্থ হ’ল- বিশুদ্ধ বংশ।

স্বলব্দ প্রস্থিতিঃ যিবোৰ প্রস্থিতি কোনো ব্যক্তিয়ে নিজে আহৰণ কৰা বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰশীল আৰু সেই প্রস্থিতি সমূহৰ ওপৰত ব্যক্তিজনৰ নিয়ন্ত্রণ আৰু ইচ্ছা খাটে তেনে প্রস্থিতিক স্বলব্দ প্রস্থিতি বোলে। উদাহৰণস্বৰূপে- এজন ব্যক্তিয়ে অধ্যয়ন বাছিল’লে তেওঁ এজন ছাত্র হৈ পৰিব। এনে প্রস্থিতিবোৰ ব্যক্তিয়ে নিজ প্রচেষ্টা আৰু পচন্দৰ জৰিয়তে অর্জন কৰে।

প্রস্থিতি সমষ্টিঃ এই ধাৰণামতে এজন ব্যক্তিয়ে গ্রহণ কৰি থকা সকলো প্রস্থিতিকে একেলগে প্রস্থিতি সমষ্টি বুলি কোৱা হয়। বর্তমান সময়ত আপুনি হয়তো বহুতো প্রস্থিতি গ্রহণ কৰি আছে, যেনে- এজন ছাত্র, বন্ধু, পুত্র অথবা জীয়ৰী, সহোদৰ সম্পৰ্কীয় ভাই-ভনী, ভাবতীয়, নাগৰিক ইত্যাদি এই আটাইবোৰ মিলি আপোনাৰ প্রস্থিতি সমষ্টিটো গঢ় লৈ উঠে।

২১। তুলনামূলক অধ্যয়ন পদ্ধতি (Comparative method of study) কি? (What is the comparative method of study?) 

উত্তৰঃ এই পদ্ধতিত সামাজিক ঘটনাৰ অধ্যয়ন তুলনামূলকভাৱে কৰা হয়। প্রথমতে একে জাতীয় বা একেধৰণৰ সমস্যা বিচাৰ কৰি একে পদ্ধতিৰে অধ্যয়ন কৰি সিদ্ধান্তলৈ অহা যায়। পিছত সিদ্ধান্ত বিলাকৰ তুলনা কৰি প্রকৃত সমস্যাৰ কাৰণ আৰু পৰিণাম বুজাবলৈ যত্ন কৰা হয়। তুলনামূলক পদ্ধতিৰ সহায়ত বেলেগ বেলেগ ঠাইত থকা একেধৰণৰ সম্প্রদায় বা জনগোষ্ঠীৰ চৰিত্ৰৰ মিল, পার্থক্য আৰু সমস্যা আদিৰ বিষয়ে অধ্যয়ন কৰা হয়।

২২। সামাজিক গৱেষণা বুলিলে কি বুজা? সামাজিক গৱেষণাৰ লক্ষ্য আৰু উদ্দেশ্যবোৰ ব্যাখ্যা কৰা। (What do you mean by social research? Explain the aims and objectives of social research.) 

উত্তৰঃ সমাজত ঘটি থকা ঘটনা, সমস্যা বা সামাজিক স্বৰূপবিলাকৰ বিষয়ে শুদ্ধ জ্ঞান আহৰণৰ বাবে যি গৱেষণা কার্য চলোৱা হয় তাকে সামাজিক গৱেষণা বুলি কোৱা হয়।

সমাজত সচৰাচৰ ঘটি থকা ঘটনা আৰু কার্য যেনে- শিক্ষাগত কার্য, নৰহত্যা, নগৰীকৰণ, সংস্কৃতকৰণ ইত্যাদিবোৰক সামাজিক ঘটনা আৰু সামাজিক কার্য বুলি কোৱা হয়। সমাজত ঘটি থকা শ্রমিক আন্দোলন, সামাজিক সংঘর্ষ, শ্রমবিভাজন, জনসংখ্যা পৰিৱৰ্তন আদি বিভিন্ন সামাজিক ঘটনাবোৰৰ লগত জড়িত হৈ থকা কাৰণবোৰ উদঘাটন কৰিবলৈ যি গৱেষণা কার্য কৰা হয় তাকে সামাজিক গৱেষণা বুলি ক’ব পাৰি। সামাজিক গৱেষণাই সমাজত ঘটি থকা বিভিন্ন সামাজিক ঘটনাৱলীৰ লগত জড়িত হৈ থকা অন্তর্নিহিত কাৰণবোৰ উদ্ধাৰ কৰি বাস্তৱ সত্য আৰু নিয়ম প্রকাশ কৰে। সামাজিক বিজ্ঞানীসকলে বিভিন্ন সামাজিক ঘটনা আৰু সমাজৰ প্রকৃত স্বৰূপ বিলাকৰ বিষয়ে বৈজ্ঞানিক পদ্ধতি প্রয়োগ কৰি বিশুদ্ধ জ্ঞান লাভ কৰিবলৈ প্রচেষ্টা কৰিছে তাকেই সামাজিক গৱেষণা বোলা হয়।

সামাজিক গৱেষণাৰ মূল লক্ষ্য আৰু উদ্দেশ্যক দুটা ভাগত ভাগ কৰিব পাৰি। যেনে-

(ক) শিক্ষামূলক। আৰু

(খ) কল্যাণমূলক। 

শিক্ষামূলক লক্ষ্য বা উদ্দেশ্যঃ সমাজত ঘটা বিভিন্ন ঘটনাবোৰৰ কাৰণ সম্বন্ধে প্রণালীবদ্ধভাৱে জ্ঞান আহৰণ কৰি তাৰ কাৰণ আৰু ফলাফল জানিবলৈ যি আগ্রহ হয় তাৰ গুৰিতে আছে সামাজিক গৱেষণা। শিক্ষামূলক সামাজিক গৱেষণাৰ লক্ষ্যই সমাজতত্ত্বৰ জ্ঞানৰ ভঁড়াল চহকী কৰিছে আৰু সমাজ সম্বন্ধে মানুহৰ জ্ঞান বৃদ্ধি কৰিছে বুলি ক’ব পাৰি। মানুহে সদায় নজনা বস্তুটো জানিবলৈ আৰু শিকিবলৈ আগ্রহী আৰু কৌতুহলী হৈ থাকে। জ্ঞান আহৰণ কৰাই সামাজিক গৱেষণাৰ মূল লক্ষ্য বুলি কোৱা হয়।

কল্যাণমূলক লক্ষ্যঃ সামাজিক ঘটনা বা সমস্যাবোৰৰ প্ৰকৃত কাৰণ উদঘাটন কৰি সমাজৰ আগত প্রকাশ কৰিলে সমাজে এনে কাৰ্যৰ প্ৰতিৰোধমূলক ব্যৱস্থা গ্রহণ কৰিবলৈ ব্যৱস্থা ল’ব পাৰে। কিছুমান গৱেষণা জ্ঞানৰ বাবে কৰা হয় যদিও সেই জ্ঞানৰ দ্বাৰা সমাজৰ কিছুমান দিশৰ বহুতো কল্যাণ সাধন হয়। বহুতো সমাজ সংস্কাৰকে সামাজিক গৱেষণাৰ ওপৰত নিৰ্ভৰ কৰি সমাজ সংস্কাৰমূলক কার্যত আত্মনিয়োগ কৰা দেখা যায়। সমাজত এনে সংস্কাৰমূলক কার্যই সহায় কৰা সামাজিক গৱেষণাক কল্যাণমুখী বুলি কোৱা হয়। মানুহৰ সামাজিক জীৱন আৰু সামাজিক ঘটনাবোৰ বৈজ্ঞানিক পদ্ধতিৰে অধ্যয়ন কৰি সমাজক শুদ্ধ পথেৰে পৰিচালিত কৰিবলৈ প্ৰয়াস কৰা হয়। 

বিভিন্ন প্ৰকাৰৰ সামাজিক সমস্যা যেনে-আত্মহত্যা, চুৰি-ডকাইতি, সংঘর্ষ, সংঘাত, হিংসা, বিবাহ-বিচ্ছেদ, পৰিয়াল বিঘটন আদি দেখা যায় যিবিলাকে ব্যক্তিৰ জীৱন বিপন্ন কৰি তুলিব পাৰে। এইদৰে সমাজত ঘটি থকা বিভিন্ন ঘটনা আৰু সামাজিক সমস্যাবিলাকৰ ওপৰত প্ৰণালীবদ্ধভাৱে অধ্যয়ন কৰি তাৰ প্ৰকৃত কাৰণবিলাক উদঘাটন কৰাই সামাজিক গৱেষণাৰ মুখ্য লক্ষ্য। এইদৰে সমাজত সৃষ্টি হোৱা বহুতো সামাজিক সমস্যাৰ সমাপ্তি ঘটোৱাত সামাজিক গৱেষণাই বিশেষ অৰিহণা যোগাইছে। 

সামাজিক গৱেষণাৰ এই কেইটা লক্ষ্যৰ ওপৰিও আৰু কিছুমান লক্ষ্য আমি দেখা পাওঁ।

সামাজিক গৱেষণাৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল- 

(ক) সামাজিক গৱেষণাই নতুন নতুন বাস্তৱ তথ্য আৱিস্কাৰ কৰে।

(খ) সামাজিক গৱেষণাই সঠিক সিদ্ধান্তৰ দ্বাৰা সামাজিক ঘটনা সমূহৰ আন্তঃসম্পৰ্ক তথা কাৰণ আৰু প্রভাৱ বিশ্লেষণ কৰে।

(গ) সামাজিক গৱেষণাই বৈজ্ঞানিক সঁজুলিৰ অৱধাৰণা আৰু সিদ্ধান্তৰ বিকাশ ঘটোৱা হয়।

(ঘ) বিজ্ঞানসন্মত পদ্ধতিৰে সামাজিক ঘটনাবোৰ অধ্যয়ন কৰা। 

(ঙ) নতুন নতুন বাস্তৱ সত্যবোৰ আৱিষ্কাৰ কৰা যিবোৰ সামাজিক ঘটনাৰ লগত জড়িত আৰু সেইবোৰৰ আধাৰত প্রতিষ্ঠিত সিদ্ধান্তবোৰ আৰু সত্যবোৰক প্ৰতিষ্ঠা কৰা। 

(চ) ইয়াৰ সহায়ত মানুহৰ আচৰণ আৰু কাৰ্য-কলাপৰ মাজত নিহিত হৈ থকা আন্তঃসম্পর্ক নির্ণয় কৰা। 

(ছ) সামাজিক ঘটনাবোৰ সময় অনুক্রম নির্ণয় কৰি সামাজিক গৱেষণাৰ যোগেদি পৰীক্ষা আৰু প্ৰমাণ কৰা ইত্যাদি।

(জ) বৈজ্ঞানিক গৱেষণাৰ যোগেদি যিকোনো ঘটনাৰ বাস্তৱ সত্যবোৰ আৱিষ্কাৰ কৰি সেইবোৰ পুনৰীক্ষণ কৰা আৰু বিশ্লেষণ কৰি সেইবোৰৰ মাজত থকা আন্তঃসম্পর্ক নির্ণয় কৰি যিকোনা সিদ্ধান্তধর্মী আৰু পদ্ধতিগত সমস্যাৰ সমাধান কৰা।

(ঝ) সামাজিক সংৰচনা বা পদ্ধতিৰ যোগেদি গৱেষণা কার্যত আগবাঢ়ি যোৱা। 

(ঞ) সমাজতত্ত্বৰ বিকাশৰ ক্ষেত্ৰত আগবঢ়াই নিবলৈ বৈজ্ঞানিক গৱেষণাসমূহে মূল ভূমিকা পালন কৰা।

(ট) সঠিক সিদ্ধান্ত কেন্দ্রিক গৱেষণা, বাস্তৱ সত্য উদঘাটনৰ বাবে যেনেকৈ উপযুক্ত ঠিক সেইদৰে সমাজতত্ত্বৰ সিদ্ধান্তসমূহৰ বিকাশত অৰিহণা যোগোৱা।

মুঠৰ ওপৰত সামাজিক গৱেষণাৰ লক্ষ্য হ’ল- বিশুদ্ধ পদ্ধতিৰে মানুহৰ আচৰণ, সামাজিক জীৱন প্রণালী, ব্যক্তিৰ পাৰস্পৰিক নিৰ্ভৰশীলতা, ব্যক্তিসকলৰ আন্তঃসম্বন্ধ, সামাজিক সংস্থা আদিৰ সম্পৰ্কে অধ্যয়ন কৰা, সামাজিক গৱেষণাৰ দ্বাৰা প্ৰকল্প পৰীক্ষা আৰু সিদ্ধান্ত সংৰচনাৰ প্রয়োগ কৰা।

২৩। সামাজিক গৱেষণাৰ মূল আধাৰিত ধাৰণা বা পূর্বচর্তসমূহ আলোচনা কৰা। (Discuss the basic assumption or presuppositions of social research.) 

উত্তৰঃ বৈজ্ঞানিক পদ্ধতি প্রয়োগৰ দ্বাৰাইহে সামাজিক গৱেষণা কৰা হয়। এনে ক্ষেত্রত কিছুমান সীমাবদ্ধতাৰ সন্মুখীন হ’ব লগা হয়। এই সীমাবদ্ধতা তথা সমস্যাক উপেক্ষা কৰিবৰ বাবেই সামাজিক ঘটনাসমূহক বৈজ্ঞানিক পদ্ধতিৰে অধ্যয়ন কৰোঁতে কেইটামান পূর্বচর্ত বা আধাৰিত মূল পূর্বানুমানৰ ওপৰত নিৰ্ভৰ কৰি গৱেষণাৰ কাম আৰম্ভ কৰা হয়।

এই পূর্বানুমানসমূহ হ’ল-

(ক) সামাজিক ঘটনাৰ কাৰণ আৰু ফলাফলৰ মাজত পাৰস্পৰিক সম্পর্ক থাকে (Cause and effect between relationships of social phenomena): সামাজিক গৱেষণাৰ মূল লক্ষ্য হ’ল- সামাজিক ঘটনাৰ কাৰণ আৰু ফলাফলৰ মাজত পাৰস্পৰিক সম্পর্ক নিৰ্ণয় কৰা। প্ৰতিটো কাৰণৰে নিৰ্দিষ্ট কিছুমান ফলাফল থাকে। কোনো এটা ঘটনাৰ কাৰণ বা কাৰকসমূহ একে থাকিলে ফলাফলো একে হয়। উদাহৰণস্বৰূপে ‘অৰ্থনৈতিক দৰিদ্ৰতাৰ কাৰণে মানুহে অপৰাধমূলক কার্য কৰিবলৈ প্ৰয়াস কৰে।’ অর্থাৎ অপৰাধমূলক কাৰ্যৰ লগত অর্থনীতিৰ এক পাৰস্পৰিক সম্পৰ্ক আছে।

(খ) সামাজিক ঘটনা বা কার্যকলাপবোৰৰ মাজত এক অনুক্রম বা বিধি থাকে (Sequence or law in social phenomena): সামাজিক ঘটনা বা কার্যকলাপবোৰৰ মাজত এক সময়ৰ অনুক্রম (Sequence of time) আৰু সেইবোৰৰ অন্তৰালৰ প্ৰাকৃতিক বিধি (Natural law) থাকে বুলি ধৰা হয়। সামাজিক ঘটনাসমূহ বিশৃংখলভাৱে উদ্ভৱ হ’ব নোৱাৰে। সামাজিক ক্রমবিকাশ এই অনুক্ৰমৰ সিদ্ধান্ত বা বিধিৰ ওপৰত নিৰ্ভৰ কৰে।

(গ) গৱেষকে নিৰপেক্ষ বা বিক্ষিপ্তভাৱে অধ্যয়ন কৰে (Researcher detached from study): সামাজিক গৱেষক এজনে আৱেগ অনুভূতিৰে পৰিচালিত নহৈ, সামাজিক ঘটনাক এটা প্রাকৃতিক ঘটনাৰ দৰে নিৰপেক্ষভাৱে বিচাৰ কৰে বুলি ধৰি লোৱা হয়। সামাজিক ঘটনাক প্রাকৃতিক বিজ্ঞানৰ দৰে ধৰি লৈ অধ্যয়ন নকৰিলে ই পক্ষপাতিত্বমূলক হ’ব।

(ঘ) আদর্শ আৰ্হিৰ অধ্যয়ন (Study of Ideal types): বিভিন্ন সামাজিক ঘটনা বা তথ্যৰ মাজত পাৰ্থক্য পৰিলক্ষিত হয়। হ’লেও এই একক বা ব্যক্তি সমষ্টিৰ মাজত এক মৌলিক সাদৃশ্য থাকে বুলি ধৰি লোৱা হয়। সেই ঘটনাসমূহৰ চৰিত্ৰ আৰু গুণৰ ওপৰত অনুমান কৰি এক আদর্শ আর্হি (Ideal type) প্রস্তুত কৰা হয়।

(ঙ) জনসমষ্টি বা সমূহৰ পৰা প্ৰতিনিধিত্বমূলক নমুনা হিচাপে অধ্যয়ন কৰা হয় (Representative Sampling): সামাজিক ঘটনা এটাই সামৰি লোৱা এটা বৃহৎ জনসমষ্টিৰ প্ৰত্যেক ব্যক্তি বা এককৰ পৰা তথ্য সংগ্ৰহ কৰাটো সম্ভৱ নহয়, সেয়ে সামাজিক ঘটনাবোৰৰ আদর্শ আৰ্হিৰে প্রতিনিধিত্বমূলক নমুনা বাছি লোৱাটো সম্ভৱপৰ বুলি ধৰি লৈ সামাজিক গৱেষণা চলাই যোৱা হয়। দৰাচলতে মানৱ সমাজ বৰ জটিলতাপূর্ণ আৰু সমাজৰ প্রতি এক ব্যক্তিক অধ্যয়ন কৰাটো সম্ভৱ নহয়।

২৪। বৈজ্ঞানিক পদ্ধতি বুলিলে কি বুজা? বৈজ্ঞানিক পদ্ধতিৰ মূল লক্ষণসমূহ আলোচনা কৰা। (What is the scientific method? Discuss the key features of the scientific method.) 

উত্তৰঃ বিজ্ঞান মানে হ’ল প্রকৃচ জ্ঞান। পৰীক্ষা আৰু প্ৰমাণৰ যোগেদি সত্য উদ্‌ঘাটন কৰা হয় তাকে বিজ্ঞান বোলা হয়। বিজ্ঞানভিত্তিক গৱেষণাৰ যোগেদিহে প্রকৃত সত্য আৰু জ্ঞানৰ আৱিষ্কাৰ সম্ভৱ হয়।

বৈজ্ঞানিক প্ৰণালীৰ লক্ষ্যসমূহ তলত উল্লেখ কৰা হ’ল- 

(ক) নিৰীক্ষণমূলকঃ যিকোনো বৈজ্ঞানিক অধ্যয়ন নিৰীক্ষণমূলক তথ্য-পাতিৰ ওপৰত ভিত্তি কৰিহে কৰা হয়। বিজ্ঞান সদায়ে নিৰীক্ষণৰ দ্বাৰা আৰম্ভ হয় আৰু ইয়াৰ শেষ ফলাফলো নিৰীক্ষণৰ আধাৰতে নিৰ্দ্ধাবণ হয়।

(খ) পৰীক্ষামূলকঃ বৈজ্ঞানিক পদ্ধতিৰ দ্বাৰা আহৰণ কৰা সকলো ফলাফল পৰীক্ষা কৰিহে গ্রহণ কৰা হয়। পৰীক্ষা আৰু প্ৰমাণৰ বাহিৰে কোনো অধ্যয়ন বৈজ্ঞানিক পদ্ধতিৰে আগবঢ়া বুলি ক’ব নোৱাৰি।

(গ) পুনৰীক্ষণঃ যিকোনো বিজ্ঞানত সিদ্ধান্তসমূহ পুনঃ পুনঃ পৰীক্ষা কৰিব পাৰি। এনেকৈ পুনঃ পুনঃ পৰীক্ষা কৰি থাকিলেও ফলাফলৰ কোনো পৰিৱর্তন নঘটে।

(ঘ) সংশোধনতাঃ নতুনকৈ উদঘাটন কৰা কিছুমান সূত্র বা সিদ্ধান্তই পূর্বে প্রকাশিত কিছুমান সূত্র বা সিদ্ধান্ত সংশোধন কৰিব পাৰে। কেতিয়াবা আগৰ সূত্র বা সিদ্ধান্ত সম্পূর্ণ নতুনকৈ সজাবও পাৰে।

(ঙ) পূর্বকথনীয়ঃ বৈজ্ঞানিক পদ্ধতিৰ আধাৰত, অধ্যয়ন কৰিলে যিকোনো এটা ঘটনা সম্পর্কে পূর্বকথন কৰিব পাৰি।

(চ) নিৰপেক্ষতাঃ বৈজ্ঞানিক পদ্ধতি অৱলম্বন কবি আহৰণ কৰা ফলাফল ব্যক্তিগত মানুহৰ পছন্দ অপছন্দৰ ওপৰত কেনে প্ৰভাৱ পেলাব তাৰ ওপৰত গুৰুত্ব দিব লাগিব। বিজ্ঞানে সদায় কোনো এটা বস্তু বা ঘটনা সদায় নিৰপেক্ষভাৱে অধ্যয়ন কৰে। যি অধ্যয়নে পক্ষপাতিতা গ্রহণ নকৰি নিৰপেক্ষতা অৱলম্বন কৰে তেন্তে তেনে অধ্যয়নক বৈজ্ঞানিক অধ্যয়ন বুলি ক’ব পাৰি।

(ছ) বিশ্বজনীনতাঃ বিজ্ঞানত সদায়ে বিশ্বজনীনতা পোৱা যায়। এই সিদ্ধান্তসমূহৰ সত্যতা বিশ্বৰ সকলো ঠাইতে একেদৰে দেখিবলৈ পোৱা যায়। এনে বিজ্ঞানৰ সূত্র এটা সকলো ঠাইতে সত্য বুলি প্রমাণিত হয়। সেয়েহে এনে সূত্রক বৈজ্ঞানিক সূত্র বুলি কোৱা হয় আৰু ইয়াত বিশ্বজনীনতাৰ কেতিয়াও অভাৱ নঘটে।

(জ) নির্দিষ্টতাঃ বিজ্ঞানৰ প্ৰতিটো ভাগৰ কাৰণে নির্দিষ্ট অধ্যয়ন পদ্ধতি আছে। উদাহৰণস্বৰূপে প্রাকৃতিক অধ্যয়ন কৰিবলৈ ব্যৱহাৰ কৰা পদ্ধতিসমূহক সমাজ বিজ্ঞান অধ্যয়ন কৰা পদ্ধতি হিচাপে গ্রহণ কৰিব নোৱাৰি।

(ঝ) প্রণালীবদ্ধঃ যিকোনো এটা গৱেষণাৰ কাম কৰিবলৈ হ’লে আৰম্ভণিৰে পৰা শেষলৈকে প্রণালীবদ্ধভাৱে অধ্যয়নৰ ক্ষেত্ৰত আগবাঢ়িব লাগিব। প্রণালীবদ্ধতা বৈজ্ঞানিক পদ্ধতিৰ এটা অতি প্রয়োজনীয় চৰিত্ৰ বুলি কোৱা হয়।

বৈজ্ঞানিক প্ৰণালীৰ অবিহনে যিকোনো ঘটনা বা বিষয় সম্পর্কে পদ্ধতিগত অধ্যয়ন কৰা সম্ভৱ নহয়। সেইবাবে যিকোনো ধৰণৰ কাম সামাজিক ঘটনাৱলীৰ ওপৰত অধ্যয়ন চলাওঁতে বৈজ্ঞানিক পদ্ধতিৰ অৱলম্বন কৰা হয়।

২৫। সামাজিক গৱেষণাৰ প্ৰকাৰবিলাক আলোচনা কৰা। (Discuss the types of social research.)

উত্তৰঃ মূলতঃ বিষয়বস্তুৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি সামাজিক গৱেষণাক তিনিটা ভাগত ভাগ কৰা হৈছে।

এই তিনি প্ৰকাৰৰ গৱেষণাবোৰ হ’লঃ 

(ক) মৌলিক বা বুনিয়াদী সামাজিক গৱেষণা (Fundamental social research): যিবোৰ সামাজিক গৱেষণাৰ বিষয়বস্তুত সমাজতত্ত্বৰ মৌলিক অৱধাৰণাসমূহ জড়িত হৈ থাকে, তেনেবোৰ গৱেষণাক মৌলিক বা বুনিয়াদী সামাজিক গৱেষণা বুলি কোৱা হয়। সমাজতত্ত্বৰ মূল সিদ্ধান্ত আৰু অৱধাৰণাবোৰক পৰীক্ষা বা পুনৰীক্ষণ কৰাৰ উদ্দেশ্যে এনে গৱেষণাবোৰ কৰা হয়। মৌলিক গৱেষণাত সামাজিক ঘটনাসমূহক সেইবোৰৰ প্ৰকৃত পটভূমি বা পৰিৱেশৰ কোনো পৰিৱৰ্তন নকৰাকৈ ‘যেনে আছে তেনে’ অৱস্থাত অধ্যয়ন কৰা হয়।

(খ) প্রায়োগিক সামাজিক গৱেষণা (Applied social research): মৌলিক সামাজিক গৱেষণাৰ যোগেদি লাভ কৰা অভিজ্ঞতা আৰু ফলাফলৰ ভিত্তিত যেতিয়া এটা সামাজিক সমস্যাক অধ্যয়ন কৰা হয়। মৌলিক গৱেষণাবোৰ সিদ্ধান্তকেন্দ্ৰিক (Theoretical), কিন্তু, প্রায়োগিক গৱেষণাবোৰ ব্যৱহাৰিক আৰু পৰীক্ষামূলক (Practical and empirical) প্রায়োগিক গৱেষণাৰ সৈতে কল্যাণমূলক উদ্দেশ্য অন্তর্নিহিত হৈ থাকে।

(গ) অর্দ্ধ বা ‘কোৱাচি’ সামাজিক গৱেষণা (Quasi social research): গৱেষণাৰ কোনো এটা বিষয়বস্তুৰ পৰিসীমা কেতিয়াবা একাধিক সমাজ বিজ্ঞানৰ অধ্যয়ন ক্ষেত্ৰৰ ভিতৰত আৱদ্ধ হ’ব পাৰে। অর্থাৎ এটাতকৈ অধিক জ্ঞানৰ শাখা সামৰি ল’ব পৰা বিষয়বস্তুৰ ওপৰতো সামাজিক গৱেষণা চলাব পাৰি। এনেবোৰ সামাজিক গৱেষণাক অর্দ্ধ বিষয়যুক্ত বা Quasi social research বুলি কয়। দুই বা অধিক বিষয়ৰ সমস্যা বা ঘটনাক অন্তর্ভূক্ত কৰাৰ বাবে এনে গৱেষণাৰ পৰিসৰ বিস্তৃত হয়। 

২৬। সামাজিক গৱেষণাত প্ৰকল্পৰ ইতিবাচক কাৰ্যৰ বিষয়ে বর্ণনা কৰা। (Describe the positive work of the project in social research.) 

উত্তৰঃ যিকোনো এটা সামাজিক গৱেষণাৰ আৰম্ভণিতে এটা প্রকল্প প্রস্তুত কৰাটো অতি প্রয়োজনীয়। সামাজিক গৱেষণাৰ ক্ষেত্ৰত শুদ্ধ আৰু সঠিক প্রকল্পই এটা গৱেষণা কার্য নিয়মীয়াকৈ আগবঢ়াই নিয়াত সহায় কৰে। বৈজ্ঞানিক গৱেষণাত সদায় কিছুমান নতুন তথ্য আৱিষ্কাৰ কৰিবৰ কাৰণে চেষ্টা কৰা হয়। নতুন আৱিষ্কাৰৰ কাৰণে সদায় নতুন ধাৰণা কিছুমান মনলৈ আনিব লাগে আৰু প্রয়োজন অনুসৰি কিছুমান ধাৰণা মনৰ পৰা আঁতৰো কৰিব লাগিব। এই ধাৰণাবিলাক শুদ্ধনে অশুদ্ধ প্ৰমাণ কৰিবলৈ যাওঁতে কেতিয়াবা সম্পূর্ণ শুদ্ধ হয়, কেতিয়াবা আংশিকভাৱে শুদ্ধ আৰু কেতিয়াবা ভুল হয়। প্রকৃতার্থত প্রাথমিক অধ্যয়নত যিটো ধাৰণাই সমাজবিদসকলক নতুন গৱেষণা কৰিবৰ কাৰণে আগবঢ়াই লৈ যায়, সেই ধাৰণাটো প্রকল্প বুলি কোৱা হয়। বিভিন্ন সমাজবিদে প্ৰকল্পৰ সংজ্ঞা বিভিন্নধৰণে আগবঢ়াইছে।

সেইবোৰ হ’ল-

জে. এফ. ৰামেল আৰু ডব্লিউ. চি. বেলিনৰ মতে, “গৱেষণা প্রকল্প হ’ল এটা মন্তব্য যাক পৰীক্ষাৰ দ্বাৰা পুনৰীক্ষণ বা নাকচ কৰিব নোৱাৰি।

উইলিয়াম এইচ জৰ্জৰ মতে, ‘যিকোনো সিদ্ধান্তৰ ব্যাপক ৰূপটোৱেই হৈছে প্রকল্প।’

গোডে হাট্টৰ মতে, ‘গৱেষণা প্ৰকল্প হ’ল এনে এটা ধাৰণামূলক মন্তব্য যাৰ কাৰ্যকাৰিতা পৰীক্ষাৰ দ্বাৰা প্ৰমাণ কৰা হয়’।

গতিকে দেখা যায় যে প্রকল্প এনে এটা ধাৰণা, যি ধাৰণাৰ ওপৰত ভিত্তি কৰি সমাজবিজ্ঞানীসকল গৱেষণা কার্যত সুন্দৰভাৱে মনোনিৱেশ কৰিব পাৰে।

এটা কাৰ্যকৰী গৱেষণা প্ৰকল্পৰ ইতিবাচক কাৰ্যসমূহ তলত উল্লেখ কৰা হ’ল-

(ক) প্রকল্প হ’ল গৱেষণাৰ পথ প্রদর্শক স্বৰূপ। ই প্রকল্প এটাক সুচাৰুৰূপে চলাই নিয়াত সহায় কৰে।

(খ) কোনো এক গৱেষণাৰ বিষয়বস্তুৰ সকলো দিশৰ ওপৰত পুংখানুপুংখকৈ চিন্তাকৰণ আৰু অনুসন্ধান কার্য সম্পাদিত হয় প্ৰকল্পৰ সহায়ত।

(গ) গৱেষণাৰ বিষয়বস্তু নিৰীক্ষণত প্রকল্পই সহায় কৰে।

(ঘ) প্রকল্পই গৱেষণাৰ চূড়ান্ত ফলাফল নির্ণয় কৰাত সহায় কৰে। 

(ঙ) প্রকল্পই পর্যবেক্ষণ, অনুসন্ধান, তথ্য সংগ্রহ, তথ্য বিশ্লেষণ আদিত সহায় কৰি গৱেষণাৰ পথ প্রদর্শন কৰে।

(চ) বিভিন্ন সিদ্ধান্তবোৰৰ মাজত প্রকল্পই অর্থপূর্ণ সম্পর্ক স্থাপন কৰোৱায়।

(ছ) ই গৱেষকসকলক নতুন নতুন দিশত গৱেষণা কৰাৰ চিন্তাত উদ্‌গনি যোগায়।

(জ) গৱেষণাৰ পথসমূহ সহজসাধ্য কৰি গৱেষণাৰ কামত আগবাঢ়ি যাবলৈ সহায় কৰে।

(ঝ) ই গৱেষণাৰ কাম শৃংখলাবদ্ধতাৰ মাজেৰে গতি কৰিবলৈ প্রেৰণা যোগায়। 

(ঞ) ই গৱেষণাৰ ক্ষেত্ৰত দেখা দিয়া বিশৃংখলতাক সমাধান কৰে।

(ট) গৱেষণাৰ ফলাফল অধিক নির্ভৰশীল হ’বৰ বাবে গৱেষণাৰ কামত প্ৰকল্পৰ যোগেদি আগবাঢ়িলে সুফল পোৱা যায়।

(ঠ) গৱেষণাৰ কামবোৰ সহজে পৰীক্ষা আৰু প্ৰমাণ কৰিবৰ বাবে প্ৰকল্পৰ যোগেদি গৱেষণাৰ কামত আগবাঢ়িলে সুফল পোৱা যায়।

(ড) প্রকল্পৰ অবিহনে গৱেষণা কৰিলে বহুতো সময়ত গৱেষকৰ সময় আৰু তথ্য অথলে যাব পাৰে।

(ঢ) প্রকল্প এটা আগত ৰাখি গৱেষণাৰ কামত আগবাঢ়িলে গৱেষণাৰ কাৰণে প্রয়োজনীয় সামগ্ৰীসমূহ আগতে আহৰণ কৰি ল’ব লাগে।

(ণ) এজন গৱেষকক এটা প্রকল্পই গৱেষণাৰ প্ৰতিটো দিশতে সহায় কৰি গৱেষণাৰ কার্য সুচাৰুৰূপে চলাবলৈ সুবিধা কৰি দিয়ে।

যিকোনো সামাজিক গৱেষণাত প্ৰকল্পৰ গুৰুত্ব অতিশয় বেছি। কোনো বৈজ্ঞানিক অধ্যয়নৰ প্ৰকল্পৰ অবিহনে ফলদায়ক হিচাপে আগবাঢ়িব নোৱাৰে। প্ৰকল্পক বৈজ্ঞানিক গৱেষণাৰ বুনিয়াদ বুলি ক’ব পাৰি। এটা ভাল প্রকল্পক এটা প্রাথমিক জ্ঞান দিবলৈ সক্ষম হয়।

২৭। প্রকল্পৰ প্ৰকাৰবোৰ আলোচনা কৰা। (Discuss about the project types.) 

উত্তৰঃ সাধাৰণতে প্রকল্পক বহুত প্ৰকাৰে বিভক্ত কৰিব পাৰি। গুড আৰু হাটৰ বিৱৰণ মতে, প্রকল্পক প্রধানকৈ তিনিটা বহল ভাগত ভাগ কৰিব পৰা যায়।

সেইসমূহ হ’ল-

(ক) মানুহৰ অভিজ্ঞতাজনিত (empirical) যি জ্ঞান, তেনে জ্ঞানৰ সহায়তে প্রকল্প গঢ় লৈ উঠা দেখা যায়। অনেক সময়ত দেখা যায় যে জৰীপ কাৰ্যৰ দ্বাবা যি তথ্য আহৰণ কৰা হয় তাৰ দ্বাৰা লৌকিক জ্ঞানৰ (common sense) আধাৰ প্ৰস্তুত কৰা হয়। উদাহৰণস্বৰূপে, এখন নগৰৰ বিভিন্ন বাণিজ্যিক প্রতিষ্ঠানসমূহৰ জৰীপ কৰি দেখা গ’ল যে নগৰত একোটা বিশেষ অঞ্চলত কোনো বিশেষ ধৰণৰ বেপাৰ-বাণিজ্যৰ প্রতিষ্ঠানবোৰ গঢ় লৈ উঠে। এয়া লৌকিক জ্ঞান। এনে লৌকিক জ্ঞানেৰে অৰ্জন কৰা অভিজ্ঞতাৰ দ্বাৰা আমি সেই জ্ঞানৰ ভিত্তিত প্রকল্প তৈয়াৰ কৰিব পাৰো।

(খ) দ্বিতীয়তে, আন এবিধ প্রকল্প হৈছে সমাজৰ আদৰ্শৰ ওপৰত গঢ় লৈ সৃষ্টি হোৱা প্রকল্প। যিকোনো সামাজিক ঘটনা বা বাস্তৱ অভিজ্ঞতাৰে অধ্যয়ন কৰিবলৈ যোৱাৰ আগতে আজি সেই ঘটনাৰ ওপৰত এটা আদর্শ ৰূপ (ideal type) কল্পনা কৰি ল’ব পাৰোঁ।

(গ) সমাজতত্ত্ববিদসকলে প্রস্তুত কৰা আন এবিধ উচ্চমানৰ প্ৰকল্প হ’ল বিশ্লেষণাত্মক (analytic) প্রকল্প। সামাজিক গৱেষকসকলে বিশ্লেষণাত্মক প্ৰকল্পৰ যোগেদি অনুধাৱন কৰা দিশটো হৈছে একোটা কাৰণৰ কিছু গুণাগুণ সলনি হ’লে এনে কাৰণৰ দ্বাৰা সংঘটিত কাৰ্যৰ কিমান পৰিৱর্তন হ’ব পাৰে তাক অধ্যয়ন কৰাটো।

২৮। নমুনা বাছনি পদ্ধতিৰ সংজ্ঞা দিয়া। নমুনা বাছনি পদ্ধতিৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোচনা কৰা। (Define the sample selection method. Discuss the need of sample selection method.)

উত্তৰঃ নমুনা বাছনি সন্দৰ্ভত সমাজতত্ত্ববিদসকলে বিভিন্ন মতামত আগবঢ়াইছে। গুড আৰু হাটে (Goode and Hatt) নমুনা বাছনি পদ্ধতিৰ সংজ্ঞা এনেদৰে দিছে- ‘নমুনা হ’ল এটা বৃহৎ সমূহৰ সৰু প্ৰতিনিধি।’

নমুনা বাছনি পদ্ধতিৰ প্ৰয়োজনীয়তাঃ সামাজিক গৱেষণাৰ ক্ষেত্ৰত নমুনা বাছনিৰ প্ৰয়োজনীয়তা অতি বেছি। সামাজিক গৱেষণাৰ কাম আৰম্ভ হোৱাৰ পৰাই নমুনা বাছনি পদ্ধতি গৱেষকসকলে ব্যৱহাৰ কৰি আহিছে। নমুনা বাছনিৰ প্ৰয়োজনীয়তাৰ কেইবাটাও কাৰণ পোৱা যায়। যেনে-

(ক) নমুনা বাছনি পদ্ধতিৰ যোগেদি এটা ব্যাপক জনসমষ্টি বা এখন বিশাল দেশৰ জনসংখ্যাক সামাজিক গৱেষণাৰ থল হিচাপে গ্রহণ কৰি ল’ব পাৰি।

(খ) অতি কম খৰচ আৰু কম সময়ৰ ভিতৰত তথ্য সংগ্ৰহ কৰিবৰ বাবে সুবিধা হয়। 

(গ) নমুনা বাছনিৰ যোগেদি তথ্য সংগ্ৰহ কৰিলে সংগৃহীত তথ্যবিলাক বিশ্লেষণ আৰু শ্রেণীকৰণ কৰাত সুবিধা হয়। 

(ঘ) নমুনা বাছনিৰ যোগেদি লোৱা সংখ্যাবোৰে অধ্যয়নৰ সমূহ জনহসমষ্টিক প্রতিনিধিত্ব কৰে।

২৯। সামাজিক তথ্য মানে কি বুজা? সামাজিক তথ্যৰ প্ৰকাৰৰ বিষয়ে আলোচনা কৰা। (What does social information mean? Discuss the types of social information.) 

উত্তৰঃ সামাজিক গৱেষণাত সামাজিক সমস্যা আৰু ঘটনা এটাৰ ওপৰত গৱেষণা কার্য আৰম্ভ কৰোতে সেই সমূহৰ লগত অন্তর্নিহিত হৈ থকা কাৰকসমূহ প্ৰমাণ কৰিবৰ কাৰণে সমাজৰ পৰা যি তথ্য সংগ্রহ বা আহৰণ কৰা হয় সেই তথ্যসমূহকে সামাজিক তথ্য বোলে। সামাজিক তথ্যসমূহক মূলতঃ দুটা ভাগত ভাগ কৰিব পাৰি যেনে-

(ক) প্রাথমিক তথ্য (Primary data)। আৰু 

(খ) দ্বিতীয়ক তথ্য (Secondary data)।

(ক) প্রাথমিক তথ্য (Primary data): যিবিলাক তথ্য অন্য কোনো উৎসৰ পৰা সহায় নোলোৱাকৈ বা কাৰো ওপৰত নিৰ্ভৰ নকৰাকৈ পোনপটীয়াভাৱে মূল অধ্যয়ন থলী বা উৎসৰ পৰা সংগ্ৰহ কৰা হয় থাকে প্রাথমিক তথ্য বোলে।

(খ) দ্বিতীয়ক তথ্য (Secondary data): যিবোৰ তথ্য আগতে সংগ্ৰহ কৰা আৰু লিপিবদ্ধ অৱস্থাত থাকে তেনে তথ্যক দ্বিতীয়ক তথ্য বুলি কোৱা হয়। এই তথ্য পৰোক্ষ উৎসৰ পৰা সংগ্ৰহ কৰা হয়। এনে তথ্য প্রকাশিত আৰু অপ্রকাশিত দুয়োটা ৰূপতে পোৱা যায়।

৩০। প্রাথমিক আৰু দ্বিতীয়ক তথ্যৰ পার্থক্য নিৰূপণ কৰা। (Calculate the difference between primary and secondary information.)

উত্তৰঃ প্রাথমিক আৰু দ্বিতীয়ক তথ্যৰ মাজৰ পাৰ্থক্যসমূহ তলত উল্লেখ কৰা হ’ল- 

(ক) প্রাথমিক তথ্যৰ মূল উৎস হৈছে সামাজিক ব্যক্তিসকল। অন্যহাতে দ্বিতীয়ক তথ্যৰ মূল উৎস হৈছে লিপিবদ্ধ তথ্য আৰু ক্ষেত্ৰ নিৰীক্ষণৰ পৰা সংগ্রহ কৰা উৎস।

(খ) প্রাথমিক তথ্য প্ৰথমবাৰৰ কাৰণে মূল উৎসৰ পৰা সংগ্ৰহ কৰি অনা হয়। এই তথ্য এজন গৱেষকৰ কাৰণে মৌলিক বুলি ক’ব পাৰি। কিন্তু দ্বিতীয়ক তথ্য হৈছে পূর্বেই সংগৃহীত তথ্য। ইয়াক গৱেষক এজনৰ বাবে মৌলিক তথ্য বুলি ক’ব পৰা নাযায়।

(গ) প্রাথমিক তথ্য সংগ্রহে বা উদঘাটনে নতুনত্ব দাবী কৰাৰ সুযোগ দিয়ে। আনহাতে দ্বিতীয় তথ্যবোৰ যিহেতু গৱেষক এজন উদঘাটন কৰা তথ্য নহয় সেয়ে এনে তথ্যই নতুনত্বব দাবী কৰাৰ সুযোগ নিদিয়ে।

(ঘ) প্রাথমিক তথ্যবোৰ গৱেষক এজনে কৰা গৱেষণাৰ বিষয়বস্তুৰ লগত সংগতি ৰাখি মূল উৎসৰ পৰা পোন প্ৰথমবাৰৰ বাবে আহৰণ কৰা হয়। কিন্তু দ্বিতীয়ক তথ্যসমূহ ইতিপূর্বেই। লিপিবদ্ধ কৰি ৰখা তথ্যৰ পৰা সংগ্ৰহ কৰা হয়।

(ঙ) গৱেষকৰ বাবে অধ্যয়নৰ ক্ষেত্ৰই হ’ল প্রাথমিক তথ্যৰ প্ৰধান উৎস হৈছে পূর্ব লিপিবদ্ধ উৎস আৰু ক্ষেত্র অধ্যয়নকাৰী উৎসসমূহ।

ওপৰত উল্লেখ কৰা সমূহেই হ’ল প্রাথমিক আৰু দ্বিতীয়ক তথ্যৰ পাৰ্থক্য।

৩১। সামাজিক গৱেষণাত পৰিসংখ্যাৰ আৱশ্যকতাৰ বিষয়ে আলোচনা কৰা। (Discuss the need for statistics in social research.) 

উত্তৰঃ সামাজিক গৱেষণাত পাৰিসাংখ্যিক পদ্ধতিৰ গুৰুত্বপূর্ণ স্থান আছে। কিছুমান সমাজবিজ্ঞানীৰ মতে, মানৱ সভ্যতাৰ আৰম্ভণিৰ পৰাই পৰিসংখ্যাই অধ্যয়নৰ সকলো দিশতে অৱদান আগবঢ়াই আহিছে।

যিকোনো সামাজিক সমস্যাৰ বিষয়ে গৱেষণা কৰিবলৈ হ’লে গৱেষণাৰ বিভিন্ন দিশৰ ওপৰত পাৰিসাংখ্যিক পদ্ধতিৰ সহায় লোৱা হয়। পাৰিসাংখ্যিক পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰি তথ্যপাতি সংগ্ৰহ কৰিব পাৰিলে, সংগৃহীত তথ্যপাতিৰ ওপৰত অধিক নিৰ্ভৰ যোগ্যতাৰে প্ৰকল্প সংৰচনা হাতত ল’ব পাৰি।

তলত সামাজিক গৱেষণাৰ ক্ষেত্ৰত পৰিসংখ্যাৰ ব্যৱহাৰ সম্পৰ্কে উল্লেখ কৰা হ’লঃ

(ক) সামাজিক গৱেষণাৰ মূল কাম হ’ল তথ্য সংগ্ৰহ কৰা। তথ্যসমূহৰ পিয়ল পদ্ধতি বা নমুনা বাছনি পদ্ধতিৰ সহায়ত অধ্যয়ন ক্ষেত্ৰৰ পৰা সংগ্ৰহ কৰা হয়। এই তথ্যসমূহক সাংখ্যিক জোখমাপ ব্যৱহাৰ কৰি নিৰ্দিষ্ট কিছুমান ফলাফলৰ বাবে চেষ্টা কৰা হয়। পাৰিসাংখ্যিক পদ্ধতিৰ ব্যৱহাৰৰ যোগেদি বস্তুতাত্বিক, যথার্থতা আৰু সংক্ষিপ্ততাৰে সামাজিক গৱেষণা চলাই যাব পাৰি। পাৰিসাংখ্যিক পদ্ধতিৰ ব্যৱহাৰে গৱেষকক নির্দিষ্ট কিছুমান পদ্ধতি ব্যৱহাৰ কৰিবলৈ বাধ্য কৰি তোলে। যাৰ দ্বাৰা গৱেষণা কার্য বস্তুতাত্বিক আৰু বিশ্বাসযোগ্য হৈ উঠে।

(খ) সামাজিক গৱেষণাত তথ্যসমূহৰ বিশ্লেষণ আৰু তালিকাকৰণ, শ্রেণীকৰণ আদি প্রণালীবদ্ধভাৱে কৰা হয়। এই ক্ষেত্রত তথ্যসমূহক বিশ্লেষণ কৰি তালিকাকৰণ কৰোঁতে জোখ-মাপ বা পৰিমাপৰ বাবে উচিত মানদণ্ডৰ স্কেল ব্যৱহাৰ কৰা হয়। এই পাৰিসাংখ্যিক পদ্ধতিৰ ব্যৱহাৰৰ যোগেদি গুণগত তথ্যসমূহ সংখ্যাগত তথ্যৰ আকাৰত প্ৰকাশ কৰি জোখ-মাপৰ সুবিধা কৰি তোলাৰ লগতে অধিক সঠিক আৰু যথার্থ ৰূপত বিশ্লেষণ কৰিব পৰাত সহায় হয়।

(গ) সামাজিক গৱেষণাত পাৰিসাংখ্যিক পদ্ধতি ব্যৱহাৰৰ দ্বাৰা সময়, স্থান আদিৰ ওপৰত নিৰ্ভৰ কৰি সামাজিক ঘটনাসমূহক তুলনা কৰি চাবৰ বাবে সুবিধা হয়। এই পদ্ধতিৰে অতিশয় জটিল আৰু বিশৃংখল সামাজিক সংখ্যাবিলাক গৱেষণা কৰিব পাৰি।

(ঘ) পাৰিসাংখ্যিক পদ্ধতিৰ ব্যৱহাৰে দুটা চলকৰ মাজত সম্বন্ধক প্রতিষ্ঠা কৰে। তাৰোপৰি বিভিন্ন চলকৰ মাজৰ পদ্ধতিকো অধ্যয়ন কৰিব পাৰি। সামাজিক ঘটনাৰ পৰিৱৰ্তনত চলকৰ পৰিৱৰ্তনৰ দিশ, পৰিৱৰ্তনৰ মাত্রা বা মান আদি নিৰূপণ কৰিব পাৰি।

(ঙ) সমাজ গৱেষকসকলৰ পাৰিসাংখ্যিক পদ্ধতিৰে অধিক জ্ঞান আৰু অভিজ্ঞতা যোগান ধৰে। বিভিন্ন বৈজ্ঞানিক নীতিসমূহক পুনৰীক্ষণ, পৰীক্ষা আদি পাৰিসাংখ্যিক পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰিয়েই কৰা হয়।

পাৰিসাংখ্যিক এবিধ বিজ্ঞান বা পদ্ধতি যাৰ দ্বাৰা গৱেষণাত সংগৃহীত তথ্যসমূহক বিশ্লেষণ আৰু প্রণালীবদ্ধভাৱে সংশ্লেষণ আৰু উপস্থাপন কবি পাৰিসাংখ্যিকলৈ তথ্যসমূহক বিশ্লেষণ আৰু প্রণালীবদ্ধভাৱে সংশ্লেষণ আৰু উপস্থাপন কৰি পাৰিসাংখ্যিকলৈ ৰূপান্তৰ ঘটোৱা হয়। এই পাৰিসাংখ্যিক বিলাকৰ ওপৰত নিৰ্ভৰ কৰিয়েই প্রকল্প আৰু সাধাবণীকৰণ কৰা হয়।

পাৰিসাংখ্যিক পদ্ধতিৰ সহায়ত তথ্যসমূহ তালিকাকৰণ কৰি বিভিন্ন শ্ৰেণীৰ তথ্যবোৰক তুলনা কৰিব পাৰি। মানুহৰ বুদ্ধি, দক্ষতা, উৎপাদনশীলতা আদিক মাধ্যিকীৰ দ্বাৰা ছবি অমেট্রিক স্কেলৰ দ্বাৰা জটিল সামাজিক কাৰকবোৰৰ পৰিমাণ, ব্যক্তিৰ মনোভাৱ, প্রভাৱ, মতামত আদিক পৰিমাপ কৰাৰ লগতে তুলনা কৰি চোৱাৰ পাৰিসংখ্যাৰ গুৰুত্ব সামাজিক গৱেষণাত অপৰিসীম।

৩২। সামাজিক গৱেষণাৰ তথ্য সংগ্ৰহৰ বিভিন্ন কৌশলবিলাক চমুকৈ আলোচনা কৰা। (Briefly discuss the various techniques for collecting information from social research.)

উত্তৰঃ সাধাৰণতে যিবিলাক কৌশল বা প্রবিধি (technique)ৰ জৰিয়তে তথ্য সংগ্ৰহৰ কথা সম্পাদন কৰা হয়, তাকেই তথ্য সংগ্ৰহৰ প্রবিধি বা কৌশল বুলি কোৱা হয়। সমাজতত্ত্বীয় অধ্যয়নৰ ক্ষেত্ৰত কেইটামান প্রবিধি নিৰ্ভৰযোগ্য বুলি পৰিগণিত হৈ আহিছে। 

এইবোৰৰ বিষয়ে তলত আলোচনা কৰা হ’লঃ

(ক) সাক্ষাৎকাবসূচী (Interview schedule): সাক্ষাৎকাৰসূচী মানে হ’ল এখন প্রশ্ন তালিকা বা সূচী, যিখন প্রত্যক্ষ সাক্ষাৎকাৰত তথ্য সংগ্ৰহ কৰিবৰ কাৰণে গৱেষকসকলে ব্যৱহাৰ কৰে। শুদ্ধ আৰু প্রণালীবদ্ধভাৱে সাক্ষাৎকাৰৰ যোগেদি তথ্য সংগ্ৰহ কৰিব পাৰিলে গৱেষণাৰ শুদ্ধ উত্তৰ পোৱাত অসুবিধাৰ সন্মুখীন হ’ব লগা নহয়।

(খ) প্রশ্নসূচী (Questionnaire): গৱেষণাৰ প্ৰাথমিক তথ্য সংগ্ৰহ কৰিবৰ কাৰণে যি প্রশ্নৰ তালিকা প্রস্তুত কৰা হয়, তাকে প্রশ্নসূচী বুলি কোৱা হয়।

(গ) পর্যবেক্ষণ (Observation): নির্দিষ্ট ক্ষেত্রত ব্যক্তিৰ বাহ্যিক আচৰণ প্ৰণালীৰ বিষয়ে নিৰীক্ষণ কার্যৰ জৰিয়তে তথ্যপাতি সংগ্রহ কৰা পদ্ধতিকে পর্যবেক্ষণ বোলা হয়। পর্যবেক্ষণ পদ্ধতিক মূলতঃ কেইটামান ভাগত বিভক্ত কৰিব পাৰি। যেনে- 

(i) নিয়ন্ত্রিত আৰু অনিয়ন্ত্রিত পর্যবেক্ষণ। আৰু

(ii) অংশগ্রহী আৰু অনাঅংশগ্রহী পর্যবেক্ষণ।

(ঘ) নমুনা অধ্যয়ন (Case Study): তথ্য সংগ্ৰহৰ আন এক প্রবিধি হ’ল নমুনা অধ্যয়ন। নমুনা অধ্যয়ন হ’ল কোনো বিশেষ ঘটনা বা সমস্যাৰ সন্দৰ্ভত সূক্ষ্মভাৱে নিৰীক্ষণৰ মাধ্যমেৰে অধ্যয়ন কৰা পদ্ধতি। নমুনা অধ্যয়নৰ গোট কোনো ব্যক্তি, পৰিয়াল, সংগঠন আদি হ’ব পাৰে। অধ্যয়ন যিহব বাবেই কৰা নহওঁক কিয়, এইটো ঠিক যে যিটোক লৈ অধ্যয়ন কৰা হয়, সেইটোক এটা সম্পূর্ণ গোট হিচাপে ধৰি লোৱা হয়।

আলোচনা কৰি অহা দিশসমূহৰ উপৰিও আৰু অনেক প্রবিধি আছে, যিবিলাকে তথ্য সংগ্রহ কৰাত সহায় কৰে।

৩৩। সামাজিক গৱেষণাৰ তথ্য বিশ্লেষণ মানে কি বুজা? উদাহৰণসহ বুজাই দিয়া। (What does data analysis of social research mean? Illustrate with example.)

উত্তৰঃ বৈজ্ঞানিক অধ্যয়নৰ এটা বৈশিষ্ট্য হৈছে প্রণালীবদ্ধতা, এই প্রণালীবদ্ধতাৰ চৰিত্র হৈছে নিয়মীয়াকৈ এটাৰ পিছত এটাকৈ ক্রমান্বয়ে কিছুমান কাম কৰি যোৱা হয়। যেনে- সমাজবিজ্ঞানৰ বিষয়ে এটা বৈজ্ঞানিক অধ্যয়ন কৰিবলৈ যাওতে প্রথম পদক্ষেপ হিচাপে এটা প্রকল্প প্রস্তুত কৰা হয়। সেই প্রকল্পটোৰ সত্যাসত্য নির্ধাৰণৰ কাৰণে কিছুমান তথ্য আহৰণ কৰিব লগা হ’ল। সেই তথ্যবোৰৰ ওপৰত নিৰ্ভৰ কৰিয়েই এটা সিদ্ধান্তত উপনীত হ’ব লাগিব।

কিন্তু তথ্যখিনি আহৰণ কৰি আনিলেই নহ’ব বা এনেয়ে কিছুমান তথ্য গোটাই ল’লেও একো লাভ নহ’ব। কাৰণ নিজাকৈ তথ্যবিলাকে একো কাম কৰিব নোৱাৰে। উদাহৰণস্বৰূপে, এখন গাঁৱৰ আৰ্থ-সামাজিক দিশৰ অধ্যয়ন কৰিবৰ কাৰণে ৩০০, ২১০০, ১১০০,১০০০,৭০০, ৯০০ ইত্যাদি কিছুমান তথ্য পোৱা হ’ল। কিন্তু এই তথ্যবিলাকে একো অর্থ প্রকাশ কৰিব নোৱাৰে। 

কিন্তু এই তথ্যবিলাক যদি এখন গাঁৱৰ বিষয়ত তথ্য হয়, যেনে গাঁওখনৰ মানুহৰ মুঠ ঘৰৰ সংখ্যা ৩০০, মুঠ জনসংখ্যা ২১০০, পুৰুষ ১১০০, মহিলা ১০০০ ইত্যাদি। এনেকৈ তথ্য বিভাগ পোৱা হ’লে গাঁওখনৰ আৰ্থ-সামাজিক দিশৰ বিষয়ে কিছু আভাস পোৱা যাব। এইদৰে সংগৃহীত তথ্যবোৰক প্রয়োজন অনুসৰি সজাব লাগিব আৰু ওপৰত দেখুওৱা তথ্যখিনিৰ লগত আর্থ-সামাজিক দিশত প্রভাৱ বিস্তাৰ কৰিব পৰা বহুতো দিশৰ বিষয়ে তথ্য সংগ্ৰহ কৰি সেইবোৰৰ অৰ্থ প্রকাশ কৰা কাৰ্যকে তথ্য বিশ্লেষণ বুলি কোৱা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top