Introduction to Sociology – II Unit 2 ক্রিয়াবাদঃ ৰেডক্লিফ ব্রাউন, ডুৰখেইম, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Introduction to Sociology – II Unit 2 ক্রিয়াবাদঃ ৰেডক্লিফ ব্রাউন, ডুৰখেইম Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Introduction to Sociology – II Unit 2 ক্রিয়াবাদঃ ৰেডক্লিফ ব্রাউন, ডুৰখেইম Question Answer can be of great value to excel in the examination.
Introduction to Sociology – II Unit 2 ক্রিয়াবাদঃ ৰেডক্লিফ ব্রাউন, ডুৰখেইম
Introduction to Sociology – II Unit 2 ক্রিয়াবাদঃ ৰেডক্লিফ ব্রাউন, ডুৰখেইম Notes cover all the exercise questions in UGC Syllabus. Introduction to Sociology – II Unit 2 ক্রিয়াবাদঃ ৰেডক্লিফ ব্রাউন, ডুৰখেইম provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
Functionalism: Redcliff Brown, Durkheim
SOCIOLOGY
INTRODUCTION TO SOCIOLOGY – II
সমাজতত্ত্বৰ দৃষ্টিভংগী – II
অতি চমু প্রশ্নোত্তৰঃ
(ক) শুদ্ধ উত্তৰটো বাছিউলিওৱাঃ (Choose the correct answer):
১। ডুৰখেইমৰ গৱেষণাই পৰামৰ্শ দিয়ে যে- (Durkheim’s research suggested that.)
(a) প্রোটেষ্টেন্টতকৈ কেথলিকবিলাকৰ আত্মহত্যাৰ হাৰ বহুত বেছি আছিল। (Catholics had much higher suicide rates than Protestants.)
(b) যুদ্ধ আৰু বিপ্লৱতকৈ শান্তিৰ সময়ত আত্মহত্যাৰ হাৰ বেছি আছিল বুলি মন কৰা হৈছিল। (There seemed to have higher rates of suicide in times of peace than in time of war and revolution.)
(c) সৈন্যসকলতকৈ চিভিলিয়ানসকল সিহঁতৰ প্ৰাণ লোৱাৰ সম্ভাৱনা বেছি আছিল। (Civilians were more likely to take their lives than soldiers.)
(d) আত্মহত্যা হ’ল এক একান্ত কার্য, যি সমূহ জীৱনৰ পৰা অসম্বন্ধিত হয়। (Suicide is a solitary act, unlated to group life.)
উত্তৰঃ (b) যুদ্ধ আৰু বিপ্লৱতকৈ শান্তিৰ সময়ত আত্মহত্যাৰ হাৰ বেছি আছিল বুলি মন কৰা হৈছিল। (There seemed to have higher rates of suicide in times of peace than in time of war and revolution.)
২। কোনজন সমাজতাত্ত্বিকে অনুশাসনৰ লগত এনমি ধাৰণাটো পৰিচয় কৰাইছিল? (Which sociologist introduced the concept of anomic to the discipline?)
(a) মেক্স ৱেবাৰ (Max Weber.)
(b) হার্বার্ট স্পেনচাৰ (Herbert Spencer.)
(c) ইমাইল ডুৰখেইম (Emile Durkheim.)
(d) চি. ৰাইট মিলচ (C. Wright Mills.)
উত্তৰঃ (c) ইমাইল ডুৰখেইম (Emile Durkheim.)
৩। এনমি বুজায়– (Anomic refers to.)
(a) এটা নির্মাণ বা এটা মডেল যি পৰিমাপৰ ৰড হিচাপে কাম কৰে যাৰ বিৰুদ্ধে প্রকৃত ঘটনাবিলাক মূল্যায়ন কৰিব পৰা যায়। (A construct, or a made up model that serves as a measuring rod against which actual cases can be evaluated.)
(b) সৰু গোটৰ অধ্যয়ন। (the study of small groups.)
(c) কোনো ব্যক্তিগত আচৰণৰ সামাজিক নিয়ন্ত্রণ যেতিয়া অকাৰ্যকৰ হৈ পৰে তেতিয়া কোনো সমাজে দিশ নিদের্শব ক্ষতিটো অনুভৱ কৰে। (the loss of direction that a society feels when social control of individual behaviour has become ineffective.)
(d) বিৱৰণৰ এটা গোট যিয়ে সমস্যাবিলাকৰ ক্ৰিয়া বা আচৰণ ব্যাখ্যা কৰিব বিচাৰে। (a set of statements that seeks to explain problems, action or behavior.)
উত্তৰঃ (b) সৰু গোটৰ অধ্যয়ন। (the study of small groups.)
8। যেতিয়া ইমাইল ডুৰখেইমে আত্মহত্যাৰ হাৰক লৈ গৱেষণা কৰে, তেতিয়া তেওঁ আত্মহত্যাৰ উপায়বিলাক আৱিষ্কাৰ কৰিবলৈ প্ৰাথমিক ভাৱে আগ্রহী নাছিল। এই অনুভূতিত তেওঁৰ গৱেষণাটো কোন ধৰণৰ সমাজবিজ্ঞানৰ উদাহৰণ আছিল? (When Emile Durkheim studied suicide rates, he was not primarily interested in discovering ways to eliminate suicide. In this sense, his research was an example of what kind of sociology?)
(a) ক্লিনিকেল সমাজতত্ত্ব (Clinical sociology.)
(b) প্রাথমিক সমাজতত্ত্ব (Basic sociology.)
(c) সংঘতাৰ সমাজতত্ত্ব (Conflict sociology.)
(d) প্রয়োগ সমাজতত্ত্ব (Applied sociology.)
উত্তৰঃ (b) প্রাথমিক সমাজতত্ত্ব। (Basic sociology.)
৫। ‘দ্যা ডিভিজন অফ্ লেৱাৰ’লিখিছিল- (‘The Division of Labour’ was written by)
(a) কার্ল মার্ক্সে (Karl Marx.)
(b) ভীলফ্রেড পেৰেট’ই (Vilfredo Pareto.)
(c) ইমাইল ডুৰখেইমে (Emile Dhurkheim.)
(d) ওপৰৰ এটাও নহয় (None of the above.)
উত্তৰঃ (c) ইমাইল ডুৰখেইমে। (Emile Dhurkheim.)
৬। “সমাজতাত্ত্বিক পদ্ধতিৰ নিয়ম” লিখিছিল- (“The Rule of Sociological Method” was written by)
(a) ইমাইল ডুৰখেইমে (Emile Durkheim.)
(b) জর্জ চিমেলে (George Simmel.)
(c) ভীলফ্রেড পেৰেটে’ই (Vilfredo Pareto.)
(d) মেক্স ৱেবাৰে (Max Weber.)
উত্তৰঃ (a) ইমাইল ডুৰখেইমে। (Emile Durkheim.)
৭। গুৰুত্বপূর্ণ গ্রন্থ “আত্মহত্যা” লিখিছিল- (The important book “Suicide” was written by)
(a) ইমাইল ডুৰখেইমে (Emile Durkheim.)
(b) প্লেটোই (Plato.)
(c) আদাম স্মিথে (Adam Smith.)
(d) ওপৰৰ এটাও নহয় (None of the above.)
উত্তৰঃ (a) ইমাইল ডুৰখেইমে। (Emile Durkheim.)
৮। “ধর্মীয় জীৱনৰ প্ৰাথমিক ৰূপবিলাক” উৎকৃষ্ট কৃতি আছিল- (“The Elementary Forms of The Religious Life’ was masterpiece of)
(a) আদাম স্মিথৰ (Adam Smith.)
(b) ইমালই ডুৰখেইমৰ (Emile Durkheim.)
(c) টেলকট পাৰচনৰ (Talcott Parsons.)
(d) মেক্স ৱেবাৰৰ (Max Weber.)
উত্তৰঃ (b) ইমালই ডুৰখেইমৰ (Emile Durkheim.)
৯। সমাজ হ’ল “এটা অসাধাৰণ বাস্তৱতা” কৈছিল– (Society is “a reality sui generis” is said by)
(a) ইমাইল ডুৰখেইমে (Emile Durkheim.)
(b) টেলকট পাৰচনে (Talcott Parsons.)
(c) প্লেটোই (Plato.)
(d) স্পেনচাৰে (Spencer.)
উত্তৰঃ (a) ইমাইল ডুৰখেইমে (Emile Durkheim.)
১০। ‘আত্মহত্যাৰ প্রতিবন্ধকতা প্রকৃত আছিল’ কিতাপখনত ‘আত্মহত্যা’ ব্যাখ্যা কৰিছিল– (“Constraints Accounting for Suicide Were Real’ in book ‘Suicide’ were explained by)
(a) ইমালই ডুৰখেইমে (Emile Durkheim.)
(b) আদাম স্মিথে (Adam Smith.)
(c) ভীলফ্রেড’ পেৰেট’ই (Vilfredo Pareto.)
(d) কার্ল মার্ক্সে (Karl Marx.)
উত্তৰঃ (a) ইমালই ডুৰখেইমে (Emile Durkheim.)
১১। ডুৰখেইমৰ মতে “ধর্মীয় জীৱনৰ প্ৰাথমিক ৰূপবিলাক”– (“The elementary forms of the religious life” by Durkheim is)
(a) ধৰ্মৰ গোটেই ঘটনাৰ বিশ্লেষণ (Analysis of the whole phenomenon of religion.)
(b) সমাজৰ বিশ্লেষণ (Analysis of society.)
(c) টোটেমিজম পদ্ধতিৰ বিশ্লেষণ (Analysis of totemism system.)
(d) ওপৰৰ গোটেইকেইটা (All of the above.)
উত্তৰঃ (a) ধৰ্মৰ গোটেই ঘটনাৰ বিশ্লেষণ (Analysis of the whole phenomenon of religion.)
১২। কোনে পৰামর্শ দিছিল যে ঈশ্বৰ হ’ল সমাজ বিভক্ত? (Who suggested that God is society divinzed?)
(a) মেক্স ৱেবাৰ (Max Weber.)
(b) ই.ই. ইভান্স প্রিচার্ড (E. E. Evans – Pritchard.)
(c) আগষ্ট ক’টে (Auguste Comte.)
(d) ইমাইল ডুৰখেইম (Emile Durkheim.)
উত্তৰঃ (d) ইমাইল ডুৰখেইম (Emile Durkheim.)
১৩। ৰেডক্লিফ ব্রাউনে সমাজ গাঠনিৰ ধাৰণাটো সর্বপ্রথম ব্যৱহাৰ কৰিছিল– (Redcliffe Brown was the first to use the idea of social structure in-)
(a) ১৯১৪ চনত (1914.)
(b) ১৯২০ চনত (1920.)
(c) ১৯২১ চনত (1921.)
(d) ১৯১৯ চনত (1919.)
উত্তৰঃ (a) ১৯১৪ চনত (1914.)
১৪। ৰেডক্লিফ ব্রাউন ‘ৰয়েল এনথ্রোপোলজিকেল ইনষ্টিটিউট অফ গ্রেট বৃটেন’ ত কোনটো বিষয়ৰ ওপৰত বক্তৃতা দিছিল? (On which topic did Radcliffe Brown lectured at the Royal Anthropological Institute of Great Britain?)
(a) আঞ্চলিকা (regional.)
(b) ৰাষ্ট্রপতি (presidential.)
(c) উপ-ৰাষ্ট্রপতি (vice presidential.)
(d) ওপৰৰ এটাও নহয় (none of these.)
উত্তৰঃ (b) ৰাষ্ট্রপতি (presidential.)
১৫। ৰেডক্লিফ ব্রাউন কাৰদ্বাৰা প্রভাৱিত হৈছিল? (Redcliffe Brown was influenced by whom?)
(a) ডুৰখেইম (Durkheim.)
(b) সিছোৰ (Sisore.)
(c) চিমেঞ্চ (Siemens.)
(d) মার্ক্স (Marx.)
উত্তৰঃ (a) ডুৰখেইম (Durkheim.)
১৬। ‘দি ষ্টাডি অফ মেন’ গ্রন্থটো কোনে লিখিছিল? (‘The Study of Man’ Who wrote this?)
(a) লিনটন (Linton.)
(b) ক্রোয়েৰাৰ (Kroyerar.)
(c) মেলিনস্কি (Mylinoski.)
(d) ব্রাউন (Brown.)
উত্তৰঃ (a) লিনটন (Linton.)
(খ) শুদ্ধ নে অশুদ্ধ লিখক– (Write true or false.)
১। এটা সামাজিক তথ্য এজন ব্যক্তিৰ বাবে বাহ্যিক নহয়। (A social information is not external to a person.)
উত্তৰঃ অশুদ্ধ।
২। যিকোনো এজনে এটা সামাজিক তথ্য সহজতে ভঙ্গ কৰিব পাৰে। (Anyone can easily break any social information)
উত্তৰঃ অশুদ্ধ।
৩। এটা সামাজিক তথ্যৰ এটা ক্রিয়াত্মক কাৰ্য্য আছে- ই সামাজিক শৃঙ্খলা প্রতিষ্ঠা কৰে। (A social information has a functional function-it establishes social order.)
উত্তৰঃ শুদ্ধ।
৪। ডুৰখেইমৰ মতে তুলনাত্মক পদ্ধতি সামাজিক তথ্য অধ্যয়নৰ উপযুক্ত পদ্ধতি। (According to Durkheim, the comparative method is an appropriate method of studying social information.)
উত্তৰঃ শুদ্ধ।
৫। সামাজিক তথ্যবোৰ স্বতন্ত্র যিবোৰৰ মাজত কোনো সম্বন্ধ নাই। (Social information is individual that has no relation.)
উত্তৰঃ অশুদ্ধ।
৬। সামাজিক তথ্যবোৰ বাহ্যিক আৰু সমাজৰ পৰা স্বতন্ত্র। (Social information is external and distinct from society.)
উত্তৰঃ অশুদ্ধ।
৭। জৈৱিক সংহতি আদিম/সৰল সমাজত পোৱা যায়। (Biological solidarity is found in primitive/ simplistic societies.)
উত্তৰঃ অশুদ্ধ।
৮। যান্ত্রিক সংহতি অধিক বিশেষীকৰণ আৰু শ্রম বিভাজনৰ দ্বাৰা বৈশিষ্ট্যযুক্ত। (Mechanical solidarity is characterized by greater specialization and division of labor.)
উত্তৰঃ অশুদ্ধ।
৯। যান্ত্রিক সংহতি দমনমূলক বিধি আৰু জৈৱিক সংহতি পুণৰুদ্ধাৰ বিধিৰ দ্বাৰা বৈশিষ্ট্যযুক্ত। (Mechanical solidarity is characterized by repressive rules and biological solidarity by restoration rules.)
উত্তৰঃ শুদ্ধ।
১০। ডুৰখেইমে বিশ্বাস কৰিছিল যে সমাজ সৰলৰ পৰা জটিললৈ অগ্রসৰ হয়। (Durkheim believed that society moved from simplicity to complex.)
উত্তৰঃ শুদ্ধ।
১১। দুই ধৰণৰ সামাজিক সংহতি- যান্ত্রিক সংহতি আৰু জৈৱিক সংহতি ৱেবাবে আগবঢ়াইছিল। (Weber provided the two types of social solidarity-mechanical solidarity and biological solidarity.)
উত্তৰঃ অশুদ্ধ।
১২। সামাজিক সংহতিয়ে দেখুৱায় যে সামাজিক বিশৃঙ্খলা আৰু সামাজিক শৃঙ্খলা সমাজে নিজেই সৃষ্টি কৰে। (Social solidarity shows that social disorder and social order create itself in society.)
উত্তৰঃ শুদ্ধ।
১৩। ডুৰখেইমৰ পদ্ধতি সংৰচনাত্মক প্ৰকাৰ্য্যবাদ। (Durkheim’s method is cognitive functionalsim.)
উত্তৰঃ শুদ্ধ।
১৪। ডুৰখেইমৰ মতে সমাজ এটা সামগ্রিক অৱস্থা য’ত সকলো অংশ আত্মনির্ভৰশীল কিন্তু পাৰস্পৰিক সম্বন্ধৰে সংলগ্ন। (According to Durkheim, society is a holistic state where all parts are self-reliant but interconnected.)
উত্তৰঃ শুদ্ধ।
১৫। ডুৰখেইমে গুৰুত্ব প্রদান কৰিছিল যে সামাজিক পৰিঘটনাবোৰ জৈৱিক আৰু মনোবিজ্ঞানিক কাৰকৰ দ্বাৰা সংঘটিত হয়। (Durkheim emphasized that social events are triggered by biological and psychological factors.)
উত্তৰঃ অশুদ্ধ।
(গ) উত্তৰ লিখাঃ (Write answers:)
১। ৰেডক্লিফ ব্রাউন কোন আছিল? (Who was Redcliffe Brown?)
উত্তৰঃ ৰেডক্লিফ ব্রাউন আছিল এজন নৃতত্ত্ববিদ।
২। ৰেডক্লিফ ব্রাউনৰ সম্পূৰ্ণ নাম কি? (What is the full name of Radcliffe Brown?)
উত্তৰঃ আলফ্রেড ৰেগিনাল্ড ৰেডক্লিফ ব্রাউন।
৩। ৰেডক্লিফ ব্রাউনে লিখা এটা প্ৰৱন্ধৰ নাম উল্লেখ কৰা। (Name an article written by Radcliffe Brown.)
উত্তৰঃ “The methods of Ethnology and Social Anthropology’.
8। আন্দামান দ্বীপত ব্রাউনে কিমান বছৰ গৱেষণা কার্য চলাইছিল? (How many years did Brown pursue research work in the Andaman Island?)
উত্তৰঃ দুই বছৰ, ১৯০৬ ৰ পৰা ১৯০৮ চনলৈ।
৫। ১৯১০-১২ চনলৈকে ব্রাউনে কোনটো দেশত গৱেষণা কার্য চলাইছিল? (In which country did Brown pursue his research work until 1910-12?)
উত্তৰঃ অষ্ট্ৰেলিয়াৰ আদিবাসীসকলৰ ওপৰত গৱেষণা চলাইছিল।
৬। “ক্রিয়াবাদ হৈছে অলীক কল্পনা” উক্তিটো কাৰ? (“Functionalism is a fantasy” whose statement is this?)
উত্তৰঃ ৰেডক্লিফ ব্রাউনৰ।
৭। গাঠনিবাদৰ মুখ্য প্রবক্তা কোন? (Who is the main proponent of structuralism?)
উত্তৰঃ চি. লেভি ষ্ট্ৰাউচ।
৮। দুজন ক্রিয়াবাদী নৃবিজ্ঞানীৰ নাম লিখা। (Write the names of two functional anthropologists?)
উত্তৰঃ ওয়েষ্টাৰ মাৰ্ক আৰু মালিনোস্কি।
৯। ‘Structural Anthropology’ গ্রন্থখন কোনে লিখিছিল? (Who wrote the book ‘Structural Anthropology’?)
উত্তৰঃ লেভি ষ্ট্ৰাউচ।
১০। ৰেডক্লিফ ব্রাউনৰ জন্ম কেতিয়া আৰু ক’ত হৈছিল? (When and where was Radcliffe Brown born?)
উত্তৰঃ ১৮৮১ চনত বার্মিংহামত।
১১। ৰেডক্লিফ ব্রাউনে সমাজ ব্যৱস্থাক কিহৰ লগত তুলনা কৰিছে? (With whom does Radcliffe Brown compare the social system?)
উত্তৰঃ ৰেডক্লিফ ব্রাউনে সমাজ ব্যৱস্থাক পাৰস্পৰিকতাৰ লগত তুলনা কৰিছে।
১২। ৰেডক্লিফ ব্রাউনৰ তৃতীয় গ্ৰন্থখনৰ নাম কি? (What is the name of Redcliffe Brown’s third book?)
উত্তৰঃ ৰেডক্লিফ ব্রাউনৰ তৃতীয় গ্রন্থখনৰ নাম ‘The Social Organization of Australian Tribe’।
১৩। কোন প্রতিষ্ঠানত ব্রাউনে সমাজ গাঠনিৰ প্রত্যয়টো তুলি ধৰিছিল? (In which institution did Brown raise the aspect of social structure?)
উত্তৰঃ গ্রেট ব্রিটেনৰ ৰাজকীয় নৃতাত্ত্বিক ইনষ্টিটিউটত ব্রাউনে সমাজ গাঠনিৰ প্রত্যয়টো তুলি ধৰিছিল।
১৪। ইমাইল ডুৰখেইম কোন চিন্তাধাৰাৰ লোক? (What kind of thoughtful person is Emile Durkheim?)
উত্তৰঃ সমন্বয়াত্মক।
১৫। সমাজতত্ত্বত এনমি অৱধাৰণাটো কোনে প্রৱর্তন কৰিছিল? (Who introduced the concept of Anomie in Socialism?)
উত্তৰঃ ডুৰখেইম।
১৬। ৰেডক্লিফ ব্রাউনে সমাজ গাঠনিৰ মডেলটোক কি কি শ্রেণীত ভাগ কৰিছে? (In what categories does Radcliffe Brown classify the social structure model?)
উত্তৰঃ ৰেডক্লিফ ব্ৰাউনে সমাজ গাঠনিৰ মডেলটোক দুটা শ্রেণীত ভাগ কৰিছে।
(ক) প্রকৃত সমাজ গাঠনি।
(খ) সাধাৰণ সমাজ গাঠনি।
১৭। ৰেডক্লিফ ব্ৰাউনে কিমান চনত সমাজ গাঠনিৰ যুদ্ধকালীন প্রত্যয় বিকশিত কৰিছিল? (In which year did Radcliffe Brown develop every aspect of the social structure of war?)
উত্তৰঃ ১৯১৪ চনত ৰেডক্লিফ ব্ৰাউনে সমাজ গাঠনিৰ যুদ্ধকালীন প্রত্যয় বিকশিত কৰিছিল।
১৮। ‘The Suicide’ গ্রন্থখনৰ লিখক কোন? (Who is the author of the book ‘The Suicide’?)
উত্তৰঃ ডুৰখেইম।
১৯। সামাজিক তথ্যসমূহক কোনজন সমাজতত্ত্ববিদে সমাজতত্ত্বৰ বিষয়বস্তু হিচাপে ব্যাখ্যা কৰিছিল? (Which sociologist explained social theories as the subject of sociology?)
উত্তৰঃ ইমাইল ডুৰখেইম।
২১। ডুৰখেইমৰ সামাজিক সংহতি কেইপ্ৰকাৰৰ? (How many types of Durkhim’s social solidarity are there?)
উত্তৰঃ দুই প্রকাৰৰ।
২২। ডুৰখেইমৰ মতে ধৰ্মৰ প্ৰাথমিক স্তৰ কি? (According to Durkheim, what is the primary level of religion?)
উত্তৰঃ প্রতীক বা টোটেমবাদ।
২৩। “এলিমেন্টৰী ফৰমছ অফ্ ৰিলিজিয়াছ লাইফ” নামৰ গ্ৰন্থখনৰ লিখক কোন? (Who is the author of the book Elementary Forms of Religious life.)
উত্তৰঃ ডুৰখেইম।
চমু আৰু ৰচনাধর্মী প্রশ্নোত্তৰঃ
১। প্রকৃত সমাজ গাঠনি সম্পর্কে ৰেডক্লিফ ব্রাউনৰ প্রস্তাৱ কি? (What was Redcliffe Brown’s proposal about the actual social structure?)
উত্তৰঃ প্রকৃত সমাজ গাঠনি সম্পর্কে ৰেডক্লিফ ব্রাউনে প্রস্তাৱ দিছে যে, ব্যক্তিবর্গ আৰু ব্যক্তি গোষ্ঠীৰ প্ৰকৃততে যি সামাজিক সম্পর্ক আছে সেই সম্পর্কটো প্ৰতি বছৰে পৰিৱৰ্তিত হয়।
২। ডুৰখেইমৰ মতে মানৱ-সমাজত ধৰ্মৰ মূল উৎস কি? (According to Durkheim, what is the main source of religion in human society?)
উত্তৰঃ ডুৰখেইমৰ মতে মানৱ সমাজত ধৰ্মৰ মূল উৎস হ’ল সমাজৰ সামূহিকতা। সেয়ে সমাজৰ সামূহিক জীৱন পদ্ধতিৰ লগত ধর্ম ওতঃপ্রোতভাৱে জড়িত হৈ আছে। যিটোৰ কাৰণে ধর্ম আৰু সমাজক পৃথকে পৃথকে অধ্যয়ন কৰিব নোৱাৰি। কাৰণ সমাজ অবিহণে ধর্ম অর্থহীন। ধৰ্মৰ ক্ষেত্ৰত ডুৰখেইমে দুটা প্রধান দিশৰ কথা ব্যক্ত কৰিছে। সেই দুটা হ’ল বিশ্বাস আৰু ক্রিয়া-পদ্ধতি।
৩। ইমাইল ডুৰখেইমৰ মতে ‘টোটেম’ কি? (According to Emile Durkheim, what is Totem?)
উত্তৰঃ ‘টোটেম’ বা প্রতীক এনে এটা পবিত্র জীৱ বা জড় পদার্থ যিটোৰ পৰা কোনো গোত্ৰৰ লোকসকলৰ উৎপত্তি হোৱা বুলি গভীৰভাৱে বিশ্বাস কৰা হয়। এই প্রতীক যিকোনো গছ-লতা, চৰাই-চিৰিকটি, শিল, পর্বত-পাহাৰ, নদী আদিও হ’ব পাৰে। টোটেম বিশ্বাসী লোকসকলে বিশ্বাস কবে যে এই টোটেম সাধাৰণ বস্তু নহয়, ই হৈছে অলৌকিক শক্তিসম্পন্ন, প্রতীকটো জড় বা জীৱ যিয়েই নহওঁক ই সদায় পৱিত্র আৰু এই প্রতীকক কেতিয়াও নষ্ট নকৰে, নাখায় বা নামাৰে, বিভিন্ন সময়ত এই প্রতীকৰ সন্তুষ্টিৰ কাৰণে পূজা অর্চনা কৰে।
8। এন মি কি? (What is Anomie?)
উত্তৰঃ সমাজতত্ত্ববিদসকলৰ ভিতৰত ইমাইল ডুৰখেইমেই পোন প্রথমে ‘এন’মি’ শব্দটো ব্যৱহাৰ কৰে। ডুৰখেইমেই প্রতিমানহীন সামাজিক অৱস্থাক এন’মি বুলি ক’ব বিচাৰিছে। সমাজত যেতিয়া সামাজিক নিয়ন্ত্ৰণৰ অভাব ঘটে, তেতিয়া সমাজৰ ব্যক্তিয়ে পথভ্রষ্টমূলক কার্যত লিপ্ত হয় আৰু এই অৱস্থাটোকে তেওঁ এন’মি বুলি উল্লেখ কৰিছে। এনে অৱস্থাত ব্যক্তিয়ে সমাজত মিলিবলৈ অপাৰগ হ’লেই ব্যক্তিৰ মনত আত্মহত্যাৰ প্ৰৱণতা জাগি উঠে।
৫। ইমাইল ডুৰখেইমৰ মতে সমাজতত্ত্বৰ অধ্যয়নৰ মূল বিষয়বস্তু কি হ’ব লাগে? (According to the Emile Durkheim, what should be the main subject of the study of sociology?)
উত্তৰঃ ইমাইল ডুৰখেইমৰ মতে, সমাজতত্ত্বৰ অধ্যয়নৰ মূল বিষয়বস্তু হ’ল সামাজিক সংস্থা আৰু সামাজিক প্রক্রিয়া, সামাজিক প্রক্রিয়া আৰু সংস্থাৰ ভিন্নতা অনুযায়ী সমাজতত্ত্বৰ অধ্যয়নৰ শাখা বিভিন্ন হ’ব লাগে। তেখেতে বিষয়বস্তু অনুসৰি সমাজতত্ত্বৰ অধ্যয়নক তিনিটা ভাগত ভাগ কৰিছে-
(ক) সামাজিক সংগঠন তত্ত্ব।
(খ) সামাজিক শৰীৰ সংৰচনা তত্ত্ব। আৰু
(গ) সাধাৰণ সমাজতত্ত্ব।
৬। ইমাইল ডুৰখেইমৰ মতে সামাজিক তথ্য কি? (What is Social Information according to Emile Durkheim?)
উত্তৰঃ ডুৰখেইমৰ সামাজিক তথ্য সামূহিক আচৰণ প্ৰণালীৰ ওপৰত প্ৰতিষ্ঠিত। ডুৰখেইমৰ মতে ব্যক্তিৰ যি কাৰ্যকলাপ, আচৰণ বা ঘটনাৰ সামূহিক জীৱনৰ লগত সম্পর্ক থাকে, সেইবোৰকে সামাজিক তথ্য বুলিব পাৰি। তেখেতে সামাজিক তথ্যৰ বিষয়ে আলোচনা কৰোতে দুটা প্রধান চৰিত্ৰৰ কথা প্রকাশ কৰিছে। এটা হৈছে বাহ্যিকতা আৰু আনটো চৰিত্ৰ হৈছে বাধ্যতা।
৭। ডুৰখেইমে আত্মহত্যাক কেইটা ভাগত ভাগ কৰিছে? উল্লেখ কৰা। (How many parts does Durkheim divide suicide? Mention.)
উত্তৰঃ ডুৰখেইমে আত্মহত্যাক তিনিটা ভাগত বিভক্ত কৰিছে-
(ক) নিঃস্বার্থমূলক আত্মহত্যা।
(খ) আত্মবিশ্লেষণমুখী আত্মহত্যা। আৰু
(গ) প্রতিমানহীনতামূলক আত্মহত্যা।
৮। প্রতিমানহীনতামূলক আত্মহত্যা মানে কি? (What is antidepressant suicide?)
উত্তৰঃ ডুৰখেইমৰ মতে মানুহে প্রতিমানবিহীন অৱস্থাৰ বাবেও আত্মহত্যাৰ আশ্রয় লয়। প্রতিমানবিহীন অৱস্থাটোক ডুৰখেইমে এন’মি বুলি অভিহিত কৰিছে। চমুকৈ ক’বলৈ গ’লে এন’মিয়ে পথভ্রষ্ট্রমূলক আচৰণক বুজায়। সমাজত বিভিন্ন কাৰণত প্রতিমানহীনতাৰ সৃষ্টি হ’ব পাৰে। উদাহৰণস্বৰূপে, সমাজৰ লগত খাপ খাব নোৱাৰিলে, পাৰিবাৰিক অশান্তি, অর্থনৈতিক দুর্দশা, আবেগিকতা, নিঃসংগ আৰু নিৰুৎসাহ আদিৰ বাবে ব্যক্তিয়ে প্রতিমানহীনতা অনুভৱ কৰি আত্মহত্যা কৰিব পাৰে।
৯। নিঃস্বার্থমূলক আত্মহত্যা মানে কি? (What is selfless suicide?)
উত্তৰঃ ব্যক্তিয়ে কোনো বিশেষ পৰিস্থিতিত বা পৰিৱেশত সামুহিক কল্যাণৰ অৰ্থে কৰা আত্মহত্যাক নিঃস্বার্থমূলক আত্মহত্যা বুলি কোৱা হয়। কিছুমান ব্যক্তিয়ে নিজৰ ব্যক্তিগত স্বার্থতকৈ সামাজিক স্বাৰ্থৰ ওপৰত বিশেষ গুৰুত্ব দিয়া দেখা যায়। এনে লোকসকলে আনৰ বা সমাজৰ উপকাৰৰ বাবে এনেধৰণৰ আত্মহত্যা কৰে। মধ্যযুগীয় ভাৰতীয় হিন্দুসমাজত উদ্ভৱ হোৱা ‘সতীদাহ প্রথা’, জাপানী সমাজৰ ‘হাৰাকিৰি’ আদি এনেধৰণৰ আত্মহত্যাৰ উদাহৰণ।
১০। আত্মবিশ্লেষণমুখী আত্মহত্যা মানে কি? (What is self-absarved suicide?)
উত্তৰঃ ডুৰখেইমৰ মতে, সমাজৰ কিছুমান মানুহে আত্মবিশ্লেষণৰ জৰিয়তে নিজকে সমাজৰ বাবে কিমান উপযোগী বা সমাজৰ বাবে তেওঁৰ প্রয়োজনীয়তা কিমান সেইটো বিশ্লেষণ কৰে। কেতিয়াবা নিজকে সমাজৰ বাবে একেবাৰে অনুপযোগী বুলি বিবেচনা কৰে। সাধাৰণতে সমাজৰ লগত খাপ খাব নোৱাৰিলে বা সমাজৰ পৰা অকলশৰীয়া হ’লে এনে ভাৱৰ উদ্রেক হয়, এনে মনোভাৱত ভোগা মানুহে যেতিয়া সামাজিক নিয়ন্ত্ৰণৰ শিথিলতা অনুভৱ কৰে, তেতিয়াই আত্মহত্যা সংঘটিত কৰে।
১১। ডুৰখেইমে মতে সামূহিক সচেতনতা কেনেদৰে সৃষ্টি হয়? (According to Durkheim, how is collective awareness created?)
উত্তৰঃ ডুৰখেইমৰ মতে সামূহিক সচেতনতাৰ দ্বাৰা এখন সমাজৰ সামাজিক সংহতিক জুখিব পাৰি। সামূহিক সচেতনতাই সামাজিক সংহতি গঢ় দিয়ে। তেখেতে কৈছে, সমাজৰ সদস্যসকলৰ মাজত থকা সাদৃশ্যতাৰ ফলস্বৰূপেই সামূহিক সচেতনতা সৃষ্টি হয়। সামাজিক জীৱনৰ বাবে প্রতিগৰাকী ব্যক্তিয়েই সমূহীয়া বা সামূহিক সচেতনতাৰ বাবে সামাজিক সংহতিৰ বাবে চেষ্টা কৰিব লাগে।
১২। ৰেডক্লিফ ব্রাউনৰ মানৱস মাজ বিষয়ৰ তিনিটা লক্ষ্য উল্লেখ কৰা। (Mention the three aims of human sociology given by Radcliffe Brown?)
উত্তৰঃ ৰেডক্লিফ ব্রাউনৰ মানও সমাজ বিষয়ক বিজ্ঞানৰ তিনিটা লক্ষ্য হ’ল-
(ক) সামাজিক প্রপঞ্চসমূহৰ প্রাকৃতিক বিষয় হিচাপে বিবেচনা কৰা আৰু উক্ত প্রপঞ্চসমূহৰ সংগঠনৰ নিয়ম আৰু চর্তবিলাক আৱিষ্কাৰ কৰা।
(খ) প্রাকৃতিক বিজ্ঞানৰ পদ্ধতি অনুসৰণ কৰা।
(গ) সেই সকল সাধাৰণীকৰণ গ্রহণ কৰা যি সকলৰ ক্ষেত্ৰত নিশ্চয়কৰণ আৰু পৰীক্ষণ সম্ভৱ হয়।
১৩। ৰেডক্লিফ ব্রাউনৰ মূল কাৰ্যকৰ অনুমতি সিদ্ধান্তটো কি আছিল? (What was Radcliffe Brown’s original supposedly effective decision?)
উত্তৰঃ ৰেডক্লিফ ব্রাউনৰ মূল কাৰ্যকৰ অনুমতি সিদ্ধান্তটো আছিল যে সমাজ হৈছে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল আৰু কার্যাৱলীৰ প্ৰেক্ষিতত পৰস্পৰ সম্পৃক্ত বিভিন্ন উপাদানৰ গতিশীল আৰু স্থায়ী ব্যৱস্থা। পৰৱর্তীকালত এইটো তেওঁৰ বিখ্যাত গাঠনি কার্যাবলিব তত্ত্বনামে পৰিচিত হৈছিল। আৰু শেষত ব্রাউনে এই গাঠনিক বিভিন্ন কার্যাবলীৰ বিন্যাসৰূপে গণ্য কৰিছে আৰু ‘সমাজ ব্যৱস্থাৰ’ সংস্কৃতি পদটো ব্যৱহাৰ কৰিছে।
১৪। ৰেডক্লিফ ব্রাউনৰ মুখ্য উদ্দেশ্য কি আছিল? (What was the main purpose of Redcliffe Brown?)
উত্তৰঃ ৰেডক্লিফ ব্রাউনৰ মুখ্য উদ্দেশ্য আছিল সমাজ আৰু সংস্কৃতিৰ বিমূর্ত সাধাৰণ বৈশিষ্ট্যসমূহক চিহ্নিতকৰণ আৰু সমাজ ব্যৱস্থাৰ পৰস্পৰ তুলনীয় প্রকাৰসমূহ অনুসন্ধান কৰা। এনেদৰেই ৰীতি সিদ্ধ, জ্ঞান আহৰণত অনুমিত সামাজিক বাস্তৰতাৰ পৰাই ব্রাউনে এটাৰ পৰা এটা অনুমতি সিদ্ধান্তসমূহ পৰীক্ষা কৰাক সর্বোত্তম আৰু গ্রহণযোগ্য পদ্ধতি বুলি ভাবিছিল।
১৫। সমাজ গাঠনিৰ চূড়ান্ত উপাদানটো কি? (What is the ultimate element of the social structure?)
উত্তৰঃ সমাজ গাঠনিৰ চূড়ান্ত উপাদান হৈছে স্বতন্ত্র মানৱ সত্তা আৰু ব্যক্তিবর্গৰ পাৰস্পৰিক সম্পৰ্কৰ বিন্যাস। এখন গাওঁত আমি পৰিয়ালত ব্যক্তিবর্গৰ বিন্যাস দেখিব পাওঁ য’ত আকৌ গাঠনিগত বৈশিষ্ট্য দেখা পোৱা যায়। পৰিয়ালৰ মা-দেউতা, ল’ৰা-ছোৱালীৰ মাজত পাৰস্পৰিক সম্পৰ্কৰ দ্বাৰা গাঠনি গঠিত হয়।
১৬। ৰেডক্লিফ ব্রাউনৰ মতে সামাজিক সম্পর্ক বুলিলে কি বুজা? (According to Redcliffe Brown, what does social relations mean?)
উত্তৰঃ সামাজিক সম্পর্ক বুলিলে ব্রাউনে ব্যক্তি স্বার্থ আৰু মূল্যবোধৰ সহযোজন বা সমন্বিত কৰণক বুজায়। তেওঁৰ মতে, এই সংযোজন সমন্বিতকৰণৰ বাবেই সামাজিক সম্পর্ক আৰু সামাজিক মূল্যবোধ প্রতিষ্ঠিত হয়।
১৭। ব্রাউনে কোন উপজাতিৰ দৃষ্টান্তৰ পৰা সমাজ গাঠনিৰ বিৱৰণ দান কৰিছে? (From which tribe did Brown describe the structure of society?)
উত্তৰঃ ব্ৰাউনে পশ্চিম অষ্ট্ৰেলিয়াৰ উপজাতিৰ মাজৰ পৰা উদাহৰণ উদ্ধৃত কৰি সমাজ গাঠনিৰ বিবৰণ দান কৰিছে।
১৮। ক্লান কি? ক্লানৰ বিষয়ে ব্রাউনে কি কৈছে উল্লেখ কৰা। (What is a Klan? Write briefly what Brown said about the Klan?)
উত্তৰঃ ব্ৰাউনে কৈছে যে পশ্চিম অষ্ট্ৰেলিয়াৰ উপজাতিবিলাক কিছুমান বিশেষ অঞ্চলৰ লগত সম্পর্কিত আৰু এটা স্বতন্ত্র সামাজিক গোষ্ঠী গঠন কৰে, আৰু ইয়াকে ক্লান বুলি কোৱা হয়। এইটো আছিল সমাজ গাঠনিৰ মৌলিক গুৰুত্বৰ এটা একক। অষ্ট্ৰেলিয়াৰ উপজাতি সকলৰ মাজত ক্লান হোর্ড নামেৰে খ্যাত। হোৰ্ডৰ আভ্যন্তৰীণ গাঠনি আছিল পৰিয়ালৰ এটা বিভাগ, ইয়াৰ গাঠনিৰ প্ৰতিটো বিভাগত এজন ব্যক্তিৰ ঘৈনীয়েক, তেওঁৰ কমবয়সী ল’ৰা-ছোৱালীৰ দ্বাৰা গঠিত। হোর্ডৰ অস্তিত্ব বিদ্যমান থাকে এনেকে। হোৰ্ডৰ সদস্যসকল সময়ে মৃত্যুক সাবতি লয় আৰু জন্মৰ দ্বাৰা নতুন সদস্য হোৰ্ডৰ অন্তর্ভুক্ত হয়। এনেদৰেই সামাজিক গোষ্ঠীৰ প্ৰৱাহমানতা সমাজ গাঠনিৰ অস্তিত্বৰ বাবে তেখেতে আৰু কয় যে, বিভিন্ন হোর্ড আৰু বিভিন্ন উপজাতি মানুহৰ স্বজন সম্পৰ্কৰ ব্যৱস্থাৰ মাজেদি পাৰস্পৰিক সংযুক্ত। গতিকে আন্তঃউপজাতীয় স্বজন সম্পৰ্কৰ গাঠনি সামাজিক সমাজ গাঠনি ৰক্ষাৰ ক্ষেত্রত এটা গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।
১৯। ব্রাউনৰ অভিমত অনুযায়ী সামাজিক গাঠনিৰ বিষয়ে চমুকৈ লিখা। (Write briefly about the social structure of Brown’s opinion?)
উত্তৰঃ ৰেডক্লিফ ব্রাউনৰ অভিমত আছিল যে সামাজিক গাঠনি হৈছে বিন্যাস, গাঠনিগত প্রবাহমানতা হ’ল জাতীয় বিন্যাসৰ প্রৱাহমানতা। এফালৰ পৰা চাব গ’লে মানৱ সমাজত গাঠনিগত প্রৱাহমানতা গতিশীল। তেওঁৰ মতে সমাজ গাঠনিক প্রতিষ্ঠানসমূহ অর্থাৎ সামাজিকভাবে প্রতিষ্ঠিত আদর্শ বা আচৰণৰ দ্বাৰা সংজ্ঞায়িত বা নিয়ন্ত্রিত সম্পৰ্কৰ মাজত ব্যক্তিবর্গৰ প্রৱাহমান বিন্যাসৰূপে সংজ্ঞায়িত কৰা যাব পাৰে।
সামাজিক গাঠনিৰ মাজত একধৰণৰ সম্পৰ্কৰ জাল থাকে, সেই জাল আদর্শ নিয়ম-কানুনৰ জৰিয়তে নিয়ন্ত্রিত হয়। ফলত সমাজ গাঠনিৰ যিকোনো সম্পৰ্কৰ মাজত এজন ব্যক্তি এটা সুনির্দিষ্ট ৰীতি-নীতি আদৰ্শৰ ভিতৰতে আচাৰ ব্যৱহাৰৰ প্রত্যাশা কৰে। বিশেষ ধৰণৰ সামাজিক জীৱনৰ আচাৰ-আচৰণৰ প্রতিষ্ঠিত আদৰ্শক সচৰাচৰ এটা প্রতিষ্ঠানৰূপে উল্লেখ কৰা হয়।
২০। সমাজ গাঠনি অধ্যয়নৰ সময়ত ইভান্স প্রিচার্ডে কেইটা প্রত্যয় ব্যৱহাৰ কৰাৰ কথা কৈছে আৰু সেই প্রত্যয় কেইটা কি কি? (During the study of the social structure, how many concepts Evans Pritchard is used to talk about and what are they?)
উত্তৰঃ সমাজ গাঠনি অধ্যয়নৰ সময়ত ইভান্স প্রিচার্ডে তিন ধৰণৰ প্রত্যয় ব্যৱহাৰ কৰাব কথা কৈছে। প্রত্যয় কেইটা হৈছে-
(ক) প্রক্রিয়া প্রত্যয়।
(খ) গাঠনি প্রত্যয়।
(গ) ক্রিয়া প্রত্যয়।
২১। ৰেডক্লিফ ব্রাউনে উল্লেখ কৰা সমাজ গাঠনিৰ লগত নৃবিজ্ঞানৰ বিবিধ শাখাকেইটা কিকি? (What are the various branches of anthropology with the social structure mentioned by Radcliffe Brown?)
উত্তৰঃ (ক) সামাজিক নৃবিজ্ঞান আৰু সমাজ গাঠনি।
(খ) সমাজৰ গাঠনিৰ প্ৰকাৰভেদ।
(গ) সমাজৰ গাঠনিৰ স্থানগত প্রেক্ষিত।
(ঘ) সামাজিক শৰীৰবিজ্ঞান আৰু সমাজ গাঠনি।
(ঙ) সমাজৰ গাঠনি আৰু আর্থিক প্রতিষ্ঠানসমূহ।
(চ) সমাজৰ গাঠনিত সামাজিক সম্পর্ক আৰু ধৰ্মৰ প্রত্যয়।
(ছ) সামাজিক পৰিৱৰ্তনৰ সামাজিক বিবর্তন প্রত্যয়।
২২। ইমাইল ডুৰখেইমে আগবঢ়োৱা আত্মহত্যাৰ প্ৰকাৰ কেইটাৰ বিষয়ে চমুকৈ আলোচনা কৰা। (According to the Email Durkheim, write briefly about the type of suicide?)
উত্তৰঃ ইমাইল ডুৰখেইমে আত্মহত্যাক এক সামাজিক ঘটনা হিচাপে বিশ্লেষণ কৰিছে। তেখেতে আত্মহত্যাক তিনিটা ভাগত বিভক্ত কৰিছে। ডুৰখেইমৰ আত্মহত্যাৰ এই বিভাজনৰ মূল ভিত্তি হ’ল আত্মহত্যা উদ্ভৱ হ’ব পৰা সামাজিক পৰিবেশ, প্রকৃতি বা অৱস্থা আদি।
ভাগ তিনিটা হ’ল-
(ক) নিঃস্বার্থমূলক আত্মহত্যা।
(খ) আত্মবিশ্লেষণমুখী আত্মহত্যা।
(গ) প্রতিমানহীনতামূলক বা প্রতিমানহীনতা প্রসূত আত্মহত্যা।
(ক) নিঃস্বার্থমূলক আত্মহত্যাঃ ব্যক্তিয়ে কোনো বিশেষ পৰিস্থিতিত বা পৰিৱেশত সামূহিক কল্যাণৰ অৰ্থে কৰা আত্মহত্যাক নিঃস্বার্থমূলক আত্মহত্যা বোলা হয়।
(খ) আত্মবিশ্লেষণমুখী আত্মহত্যাঃ ডুৰখেইমৰ মতে সমাজত আত্মবিশ্লেষণমুখী মানুহৰ মাজত এই শ্রেণীৰ আত্মহত্যা সংঘটিত হয়। সাধাৰণতে, যেতিয়া মানুহে নিজক আনতকৈ নীচ বুলি ভাবে, আৰু নিজকে সমাজৰ বাবে একেবাৰে অনুপযোগী বুলি বিবেচনা কৰে, তেতিয়া আত্মহত্যাৰ পথ বাচি লয়।
(গ) প্রতিমানহীনতামূলক আত্মহত্যাঃ কিছুমান মানুহে প্রতিমানহীন অবস্থা বা এন ‘মিৰ বাবেও আত্মহত্যাৰ আশ্রয় লোৱা দেখা যায়। সমাজত যেতিয়া সামাজিক নিয়ন্ত্ৰণৰ অভাৱ ঘটে তেতিয়া সমাজৰ ব্যক্তিয়ে পথভ্রষ্টমূলক কার্যত লিপ্ত হয়, এনে অৱস্থাত ব্যক্তিয়ে সমাজত মিলিবলৈ অপাৰগ হ’লেই ব্যক্তিৰ মনত আত্মহত্যাৰ প্রৱণতা জাগি উঠে।
উপৰোক্ত তিনিওটা অৱস্থাৰ পৰিপেক্ষিতত তিনি ধৰণেৰে আত্মহত্যা সংঘটিত হয় বুলি ডুৰখেইমে মন্তব্য কৰিছে।
২৩। সামাজিক তথ্যৰ অৰ্থ লিখা। (What does social information mean?)
উত্তৰঃ ডুৰখেইমৰ সামাজিক তথ্য সামুহিক আচৰণ প্ৰণালীৰ ওপৰত প্ৰতিষ্ঠিত, ডুৰখেইমে সামূহিক আচৰণ বা কার্যকলাপসমূহকে সামাজিক তথ্য বুলি অভিহিত কৰিছে। তেখেতে তথ্যবোৰৰ বৈজ্ঞানিক অধ্যয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ডুৰখেইমৰ মতে মানুহৰ আচৰণ আৰু কার্যকলাপে যেতিয়া সামূহিক জীৱনৰ লগত সম্পর্কযুক্ত হয় তেতিয়াই ইয়াক সামাজিক তথ্য বুলি কোৱা হয়। সামাজিক তথ্যবিলাকৰ সামূহিক সচেতনতাৰ লগত প্রত্যক্ষ সম্বন্ধ আছে। গতিকে সামূহিক কার্যকলাপেহে ব্যক্তিৰ ওপৰত বেছি প্রভাব পেলায়। অন্য অৰ্থত ক’ব পাৰি যে, সামাজিক তথ্যৰ ফলাফলেই হৈছে সামাজিক ক্রিয়া। তেওঁৰ মতে, ব্যক্তিগত তথ্য আৰু আচৰণতকৈ সামাজিক তথ্য আৰু আচৰণৰ গুৰুত্ব অসীম।
ইমাইল ডুৰখেইমৰ সামাজিক তথ্যৰ বিষয়ে আলোচনা কৰোতে দুটা প্রধান চৰিত্ৰৰ কথা প্রকাশ কৰিছে। এটা হৈছে বাহ্যিকতা আৰু আনটো চৰিত্ৰ হৈছে বাধ্যতা।
ব্যক্তিয়ে সমাজত বিভিন্ন ধৰণৰ আচৰণ বা কার্য কবে। ইয়াৰে কিছুমান আচৰণ বাহিৰৰ পৰা সহজে নিৰীক্ষণ কৰিব পৰা যায়। এনে নিৰীক্ষণ কৰিব পৰা আচৰণবিলাকক সামাজিক তথ্য হিচাপে গ্রহণ কৰিব পাৰি। আনহাতে ব্যক্তিৰ কিছুমান আচৰণ যেনে চিন্তা-ভাৱনা, আবেগ, অনুভূতি আদি বাহিৰৰ পৰা প্রত্যক্ষ বা নিৰীক্ষণ কৰিব নোৱাৰি। এনে আচৰণক সামাজিক তথ্য হিচাপে আখ্যা দিব নোৱাৰি। কিন্তু ব্যক্তিৰ ব্যক্তিগত চিন্তা-ভাৱনা, আবেগ, অনুভূতি বিলাকে যেতিয়া নিৰীক্ষণ কৰিব পৰাকৈ বাহ্যিক তথ্যৰ ওপৰত প্রকাশ লাভ কৰে, তেতিয়া সেইবিলাককো সামাজিক তথ্য হিচাপে ধৰা হয়।
সমাজৰ বিশেষ কিছুমান ৰীতি-নীতি, আদর্শ, মূল্যবোধ আদি থাকে আৰু যিবিলাক মানুহে মানি চলে। কেতিয়াবা ব্যক্তিয়ে এই কার্যকলাপবোৰ মানিবলৈ নিবিচাৰিবও পাৰে বা নিয়ম ভংগ কৰিবও পাৰে। এনে নীতি-নিয়মবিলাক মানি নচলিলে ব্যক্তিগত বা সামাজিক জীৱনত বিশৃংখলতাৰ সৃষ্টি হ’ব পাৰে। সেয়েহে ব্যক্তিৰ ইচ্ছা বা কচি নাথাকিলেও মানুহে এইবোৰ মানি চলিবলৈ বাধ্য হয়। এই কার্যবিলাকৰ সামূহিক জীৱনৰ লগত সম্পর্ক আছে। সেয়ে এইবোৰক সামাজিক তথ্য বুলি ক’ব পাৰি। গতিকে ডুৰখেইমৰ মতে সামুহিক জীৱনৰ লগত সম্পর্ক থকা কার্যপ্রণালী বা আচৰণকহে সামাজিক তথ্য বুলি অভিহিত কৰিব পাৰি।
২৪। ‘সামাজিক ঘটনা বুলিলে কি বুজা? সামাজিক ঘটনা সম্পৰ্কত ইমাইল ডুৰখেইমে আগবঢ়োৱা আলোচনাৰ ওপৰত এটি ব্যাখ্যা দাঙি ধৰা। (What do you mean by social phenomenon? Give an explanation over the Emile Durkheim’s discussion of social events.)
উত্তৰঃ ডুৰখেইমৰ সামাজিক তথ্য সামূহিক আচৰণ প্ৰণালীৰ ওপৰত প্ৰতিষ্ঠিত, ডুৰখেইমৰ সামুহিক আচৰণ বা কার্যকলাপসমূহকে সামাজিক তথ্য বুলি অভিহিত কৰিছে। তেখেতে তথ্যবোৰৰ বৈজ্ঞানিক অধ্যয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ডুৰখেইমৰ মতে মানুহৰ আচৰণ আৰু কার্যকলাপে যেতিয়া সামূহিক জীৱনৰ লগত সম্পর্কযুক্ত হয়, তেতিয়াই ইয়াক সামাজিক তথ্য বুলি ক’ব পাৰি। সামাজিক তথ্যবিলাকৰ সামূহিক সচেতনতাৰ লগত প্রত্যক্ষ সম্বন্ধ আছে। গতিকে সামুহিক কার্য কলাপেহে ব্যক্তিৰ ওপৰত বেছি প্রভাৱ পেলায়। অন্য অর্থত ক’ব পাৰি যে, সামাজিক তথ্যৰ ফলাফলেই হৈছে সামাজিক ক্রিয়া। তেওঁৰ মতে, ব্যক্তিগত তথ্য আৰু আচৰণতকৈ সামাজিক তথ্য আৰু আচৰণৰ গুৰুত্ব অসীম। ব্যক্তিসকলে সামগ্রিকভাৱে সমাজ এখনত যি আচৰণ প্রদর্শন কৰে, এই আটাইবিলাকেই সমাজ এখনক প্রভাবান্বিত কৰে। ডুৰখেইমৰ মতে ব্যক্তিগত আচৰণবিলাক সামাজিক তথ্য নহয়। সামূহিক জীৱনৰ লগত সম্পর্ক থকা আচৰণ আৰু কার্যকলাপ সমূহকে সামাজিক তথ্য হিচাপে পৰিগণিত কৰিব পাৰি। ডুৰখেইমৰ সামাজিক তথ্যক সমাজ অধ্যয়নৰ আধাৰ হিচাপে লোৱা দেখা যায়। ইমাইল ডুৰখেইমে সামাজিক তথ্যৰ বিষয়ে আলোচনা কৰোতে দুটা প্রধান চৰিত্ৰৰ কথা উল্লেখ কৰিছে-
(ক) বাহ্যিকতা। আৰু
(খ) বাধ্যতা।
(ক) বাহ্যিকতাঃ প্রতিজন ব্যক্তিৰে সমাজত দুটা আচবণ দেখা যায়, যেনে– আভ্যন্তৰীণ আচৰণ আৰু বাহ্যিক আচৰণ। ব্যক্তিৰ বাহ্যিক আচৰণবিলাক বাহিৰৰ পৰা নিৰীক্ষণ কৰিব পৰা যায়। এনে নিৰীক্ষণ কৰিব পৰা আচৰণবিলাকক সামাজিক তথ্য হিচাপে গ্রহণ কৰিব পাৰি। আনহাতে, ব্যক্তিৰ কিছুমান আচৰণ যেনে চিন্তা-ভাবনা, আবেগ, অনুভূতি, বিশ্বাস আদি বাহিৰৰ পৰা প্রত্যক্ষ বা নিৰীক্ষণ কৰিব নোৱাৰি। এনে আচৰণক সামাজিক তথ্য হিচাপে আখ্যা দিব নোৱাৰি। কিন্তু ব্যক্তিৰ ব্যক্তিগত চিন্তা-ভাবনা, আবেগ-অনুভূতি বিলাকে যেতিয়া নিৰীক্ষণ কৰিব পৰাকৈ বাহ্যিক তথ্যৰ ওপৰত প্ৰকাশ লাভ কৰে, তেতিয়া সেইবিলাককো সামাজিক তথ্য হিচাপে ধৰা হয়। মানুহৰ ভাৱ, চিন্তা, বিশ্বাস, অনুভূতি, আদর্শ ইত্যাদি বিলাক বাহিৰৰ পৰা সহজে নিৰীক্ষণ কৰিব নোৱাৰিলেও ব্যক্তিয়ে কৰা আচৰণ বা কাৰ্যকলাপৰ যোগেদি নিৰীক্ষণ কৰিব পৰা যায়।
(খ) বাধ্যতাঃ সামাজিক তথ্যৰ অন্য এটা ৰূপ হ’ল বাধ্যতা। কেৱল নিৰীক্ষণ কৰিব পৰা বাহ্যিক ৰূপটোৱেই সামাজিক তথ্যৰ অৰ্থ প্রকাশ নকৰে। নিৰীক্ষণীয় বাহ্যিক ৰূপটোৰ লগতে সামাজিক তথ্য হ’বলৈ হ’লে বাধ্যতাৰ উপাদানো থাকিব লাগিব। সমাজৰ বিশেষ কিছুমান ৰীতি-নীতি, আদর্শ, মূল্যবোধ আদি থাকে। এই ৰীতি-নীতি, আদর্শ, মূল্যবোধ আদি সমাজৰ ব্যক্তিসকলে মানি চলে, কেতিয়াবা ব্যক্তিয়ে এই কার্যকলাপবোৰ মানিবলৈ নিবিচাৰিবও পাৰে। বা নিয়ম ভংগ কৰিবও পাৰে। এনে নীতি-নিয়মবিলাক মানি নচলিলে ব্যক্তিগত বা সামাজিক জীৱনত বিশৃংখলতাৰ সৃষ্টি হ’ব পাৰে। সেয়েহে ব্যক্তিৰ ইচ্ছা বা কচি নাথাকিলেও মানুহে এইবোৰ মানি চলিবলৈ বাধ্য হয়। এইদৰে সমাজৰ বাধ্যতাত পৰি সম্পন্ন কৰা কাৰ্যবিলাক নিৰীক্ষণীয় কার্য। এই কাৰ্যবিলাকৰ সামূহিক জীৱনৰ লগত সম্পর্ক আছে আৰু সেয়ে সামাজিক তথ্য হিচাপে গ্রহণ কৰা হয়। গতিকে, ডুৰখেইমৰ মতে, সামূহিক জীৱনৰ লগত সম্পর্ক থকা কার্যপ্রণালী বা আচৰণকহে সামাজিক তথ্য হিচাপে অভিহিত কৰিব পাৰি।
২৫। ইমাইল ডুৰখেইমৰ ধর্ম সম্পৰ্কীয় সিদ্ধান্তটিৰ ব্যাখ্যা দাঙি ধৰা। (Explain the Durkheim’s religion decision.)
উত্তৰঃ ‘The Elementary Forms of Religious Life’ নামৰ গ্ৰন্থৰ জৰিয়তে ডুৰখেইমে তেওঁৰ ধৰ্ম সম্পৰ্কীয় অভিমত ব্যক্ত কৰিবলৈ প্ৰয়াস কৰিছে। তেখেতে ধৰ্মৰ উৎপত্তি সম্পৰ্কত ক্রিয়াত্মক সিদ্ধান্তৰ পোষকতা কৰে। ডুৰখেইমৰ মতে পৱিত্ৰ আৰু অপৱিত্ৰৰ ধাৰণা, পার্থিব আৰু নিৰপেক্ষ বস্তুৰ প্ৰতি থকা বিশ্বাসৰ ভিত্তিত যি বীতি-নীতি, আচৰণ পদ্ধতি বা কর্তব্যৰ সৃষ্টি হয় সিয়েই ধর্ম। ইমাইল ডুৰখেইমৰ মতে, মানৱ সমাজত ধৰ্মৰ উৎপত্তিৰ মূলতে হ’ল সমাজৰ সামূহিকতা। গতিকে সমাজৰ কথা বাদ দি পৃথক ধৰ্মৰ বিষয়ে আলোচনা কৰিব নোৱাৰি। কাৰণ সমাজ অবিহনে ধর্ম অর্থহীন। সমাজৰ সামূহিক আচৰণ প্ৰণালীৰ মাধ্যমেৰে ধর্মীয় ধাৰণা প্ৰসাৰিত হৈ থাকে।
ধৰ্মৰ ক্ষেত্ৰত ডুৰখেইমে দুটা প্রধান দিশৰ কথা ব্যক্ত কৰিছে-
(ক) বিশ্বাস। আৰু
(খ) প্রচলিত ক্রিয়াবিধি বা ক্রিয়াপদ্ধতি।
ধর্মৰ ক্ষেত্রত বিশ্বাসেই হৈছে মূল। বিশ্বাস ধাৰণামূলক, কাল্পনিক তথ্য চিন্তাজগতৰ লগত জড়িত। আনহাতে, বিশ্বাসৰ জৰিয়তে মানুহে প্রদর্শন কৰা বাহ্যিক আৰু আভ্যন্তৰীণ আচৰণবিধি মূহৰ পৰিচয়েই হৈছে ক্রিয়া-পদ্ধতি।
ডুৰখেইমে অধ্যয়ন কৰা অষ্ট্ৰেলিয়াৰ অৰুণ্টা নামৰ জনজাতিটোৰ মাজত ধৰ্মৰ নামত প্রতীকি বিশ্বাস অতি গভীৰভাৱে দেখিবলৈ পোৱা গৈছিল। তেখেতে এই প্রতীকবিলাকৰ ওপৰত থকা মানুহৰ বিশ্বাস আৰু ইয়াৰ উৎপত্তিৰ সম্পৰ্কে তেওঁলোকৰ ধাৰণাৰ ওপৰত গভীৰভাৱে অধ্যয়ন কৰে। এই অধ্যয়নৰ পৰা জনা যায় যে প্রতীক বা টোটেম এনে এটা প্রতীকাত্মক বস্তু যাৰ পৰাই গোত্র বা বংশৰ উদ্ভৱ হৈছে। এই প্রতীক জড় বা জীৱ যিকোনো বস্তু হ’ব পাৰে- যেনে যিকোনো গছ-লতা, চৰাই-চিৰিকতি, শিল, পর্বত, পাহাৰ, নদী আদিও হ’ব পাৰে। প্রতীকটো জীৱ বা জড় পদার্থ যিয়েই নহওঁক ই সদায় পৱিত্ৰ আৰু এই প্রতীকক কেতিয়াও নষ্ট নকৰে, নাখায় বা নামাৰে। বিভিন্ন সময়ত এই প্রতীকৰ সন্তুষ্টিৰ কাৰণে পূজা অর্চনা কৰে। টোটেম বিশ্বাসী লোকসকলে বিশ্বাস কৰে যে এই টোটেম সাধাৰণ বস্তু নহয়, বৰং টোটেম হৈছে অলৌকিক শক্তি সম্পন্ন। ডুৰখেইমে এই প্রতীক বা টোটেমবা দকে ধৰ্মৰ প্রাথমিক স্তৰ বুলি অভিহিত কৰিছে।
ইমাইল ডুৰখেইমে ধৰ্মৰ ক্ৰিয়া আৰু কাৰ্যকাৰিতাৰ চাৰিটা দিশৰ কথা উল্লেখ কৰিছে-
(ক) অতীত আৰু বৰ্তমানৰ সমূহগত জীৱনৰ আবেগ অনুভূতিৰ সমতা স্থাপন।
(খ) সামাজিক ঐক্য আৰু সংহতি স্থাপন।
(গ) নিয়মানুৱর্তিতা আৰু সমূহগতৰ প্ৰতি ব্যক্তিক উৎসাহিত কৰা আৰু
(ঘ) সমূহৰ নতুন জীওন পদ্ধতি।
অৰুণ্টা জনজাতিৰ ওপৰত কৰা ধৰ্মীয় বিশ্লেষণৰ পৰা ডুৰখেইমে দুটা কথা প্রধানভাৱে লক্ষ্য কৰিছিল সেয়া হ’লঃ পৱিত্ৰ আৰু অপৱিত্ৰৰ ধাৰণা। প্রতিটো ধর্মীয় সম্প্রদায়ৰ মাজতেই পৱিত্র আৰু অপৱিত্ৰৰ ধাৰণা বিদ্যমান। ধর্মৰ জৰিয়তে বিবেচনা কৰি এওঁলোকে কিছুমান বস্তু আৰু কার্যকলাপক পৱিত্র আৰু আন কিছুমান বস্তু আৰু কার্যকলাপক অপৱিত্র বুলি গণ্য কৰে। পৱিত্র বস্তুবিলাকক সমাজে সদায়ে আদৰ আৰু সন্মান কৰে আৰু অপৱিত্র বস্তু বা ক্রিয়াকাণ্ড বিলাকক সদায়ে ঘৃণাৰ চকুৰে চায়, নিন্দা আৰু বর্জন কৰে। পৱিত্র বা অলৌকিক বিশ্বাসবিলাক মানুহৰ সামুহিক বিশ্বাসৰ পৰা সৃষ্টি হৈছে বুলি ডুৰখেইমে বিশ্বাস কৰে। এইদৰে বিভিন্ন সময়ত পৱিত্র আৰু অপবিত্র বস্তুবিলাকৰ ওপৰত বিশ্বাস ৰাখি যি সামাজিক ক্রিয়াকাণ্ড বা আচৰণ গঢ় লৈ উঠে ইয়াত সামূহিকতা আৰু ঐক্য ভাৱৰ সৃষ্টি হয় আৰু এই পদ্ধতিটোৱেই হৈছে ধর্ম। সেয়ে ডুৰখেইমৰ মতে, ধৰ্ম হৈছে এটা সামাজিক ব্যৱস্থা। ধর্মীয় বিশ্বাসবিলাক সামূহিকতাৰ ওপৰত প্ৰতিষ্ঠিত। সেয়ে ডুৰখেইমৰ ধৰ্ম মূলতে সামাজিক আৰু সামুহিক জীৱন-যাপনৰ পৰিচায়ক।
২৬। আত্মহত্যা সম্পর্কত দুৰখেইমৰ ধাৰণা বিশ্লেষণ কৰা। (Analyze Durkheim’s idea of suicide.)
উত্তৰঃ ইমাইল ডুৰখেইমে ১৮৯৭ চনত প্ৰকাশ কৰা ‘The Suicide’ নামৰ গ্ৰন্থখনৰ যোগেদি আত্মহত্যাৰ বিষয়ে আলোচনা আগবঢ়ায়। তেওঁৰ মতে, প্রত্যেক সমাজতে আত্মহত্যাৰ প্ৰচলন আছে। ডুৰখেইমৰ মতে, যেতিয়াই ব্যক্তিয়ে সামূহিক জীৱন-যাপন কৰিবলৈ টান পায়, তেতিয়াই আত্মহত্যা সংঘটিত কৰে। ডুৰখেইমৰ মতে, আত্মহত্যা এটা মন কৰিবলগীয়া সমাজত সঘনে ঘটি থকা সামাজিক ঘটনা, ব্যক্তিগত শক্তিৰ পৰিৱর্তে, সামূহিক শক্তিৰ বলতহে মানুহে আত্মহত্যা কৰে। গতিকে সামাজিক সংৰচনাহে আত্মহত্যাৰ বাবে দায়ী।
ডুৰখেইমৰ মতে, আত্মহত্যা সচৰাচৰ ঘটি থকা সামাজিক ঘটনা। মানুহে যেতিয়া বিভিন্ন সামাজিক কাৰণত অসুখী অনুভৱ কৰে, তেতিয়াই আত্মহত্যাৰ পথ লয়। আত্মহত্যা ব্যক্তিগতভাৱে সংঘটিত হয় যদিও সামাজিক অৱস্থাহে ইয়াৰ বাবে দায়ী। তেখেতে আত্মহত্যাৰ কিছুমান কাৰণ নির্ধাৰণ কৰিছে। তেওঁৰ মতে-
(ক) প্রয়োজনীয়তা বৃদ্ধি।
(খ) মূল্যবোধৰ সংঘর্ষ।
(গ) নৈতিক অৱনতি।
(ঘ) প্রমূল্যৰ অবনতি। আৰু
(ঙ) সামাজিক সংগঠনৰ আত্মহত্যাৰ অন্যতম কাৰণ।
ডুৰখেইমে আত্মহত্যাক তিনিটা ভাগত বিভক্ত কৰিছে। ডুৰখেইমৰ আত্মহত্যাৰ এই বিভাজনৰ মূল ভিত্তি হ’ল আত্মহত্যা উদ্ভৱ হ’ব পৰা সামাজিক পৰিবেশ, প্রকৃতি বা অৱস্থা আদি। ভাগসমূহ হ’ল-
(ক) নিঃস্বার্থমূলক আত্মহত্যা।
(খ) আত্মবিশ্লেষনমুখী আত্মহত্যা। আৰু
(গ) প্রতিমানহীনতামূলক আত্মহত্যা।
(ক) নিঃস্বার্থমূলক আত্মহত্যাঃ ব্যক্তিয়ে কোনো বিশেষ পৰিস্থিতি বা পৰিবেশত সামূহিক কল্যাণৰ অৰ্থে কৰা আত্মহত্যাক নিঃস্বার্থমূলক আত্মহত্যা বুলি কোৱা হয়। কিছুমান ব্যক্তিয়ে নিজৰ ব্যক্তিগত স্বার্থতকৈ সামাজিক স্বাৰ্থৰ ওপৰত বিশেষ গুৰুত্ব দিয়া দেখা যায়। তেওঁলোক নিজৰ প্রয়োজনীয়তাতকৈ সমাজৰ প্ৰয়োজনীয়তা অধিক গুৰুত্বপূর্ণ বুলি বিবেচনা কৰে আৰু সমাজৰ খাতিৰত নিজৰ জীৱন উছর্গা কৰিবলৈ কুণ্ঠাবোধ নকৰে। সমাজৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ ফলস্বৰূপে সমাজৰ মংগল বা সমাজৰ উন্নতিৰ কাৰণে ব্যক্তিয়ে সমাজৰ নামত নিজৰ জীৱন উছর্গা কৰা দেখা যায়। ব্যক্তিগত জীবন বা স্বার্থতকৈ যে সামূহিক জীৱন বা স্বার্থহে অধিক শ্রেষ্ঠ আৰু গুৰুত্বপূর্ণ সেই কথা নিঃস্বার্থমূলক আত্মহত্যাত পৰিলক্ষিত হয়। মধ্যযুগীয় ভাৰতীয় হিন্দুসমাজত উদ্ভৱ হোৱা ‘সতীদাহ প্রথা’, জাপানী সমাজৰ ‘হাৰাকিৰি’ আদি এনেধৰণৰ আত্ম হত্যাৰ উদাহৰণ।
(খ) আত্মবিশ্লেষণমুখী আত্মহত্যাঃ ডুৰখেইমৰ মতে, আত্মবিশ্লেষণমুখী মানুহৰ মাজত সাধাৰণতে এই প্ৰকাৰৰ আত্মহত্যা দেখিবলৈ পোৱা যায়। সমাজৰ কিছুমান মানুহে আত্মবিশ্লেষণৰ জৰিয়তে নিজকে সমাজৰ বাবে কিমান উপযোগী বা সমাজৰ বাবে তেওঁৰ প্রয়োজনীয়তা কিমান সেইটো বিশ্লেষণ কৰে। কেতিয়াবা নিজকে সমাজৰ বাবে একেবাৰে অনুপযোগী বুলি বিবেচনা কৰে। সাধাৰণতে সমাজৰ লগত খাপ খাব নোৱাৰিলে বা সমাজৰ পৰা অকলশৰীয়া হ’লে এনে ভাৱৰ উদ্রেক হয়। এনে নিচাত্মীয় মনোভাৱত ভোগা মানুহে যেতিয়া সামাজিক নিয়ন্ত্ৰণৰ শিথিলতা অনুভৱ কৰে, তেতিয়াই আত্মহত্যা সংঘটিত কৰে।
(গ) প্রতিমানহীনতামূলক আত্মহত্যাঃ কিছুমান মানুহে প্রতিমানহীনতা অৱস্থাৰ বাবেও আত্মহত্যাৰ আশ্রয় লয়। ব্যক্তিয়ে অপ্রত্যাশিতভাৱে পৰিৱৰ্তিত সামাজিক পৰিৱেশ বা পৰিস্থিতিৰ সন্মুখীন হ’লে লক্ষ্যভ্রষ্ট হৈ পৰে। হঠাতে উদ্ভৱ হোৱা এনে পৰিস্থিতিত ব্যক্তিয়ে খাপ খাব নোৱাৰা হৈ পৰে। এনে অৱস্থাতেই ব্যক্তিয়ে আবেগ অনুভূতিক নিয়ন্ত্রণ কৰিব নোৱাৰি আত্মহত্যাৰ পথ বাছি লয়। প্রতিমানহীন অৱস্থাটোক ডুৰখেইমে এন’মি বুলি অভিহিত কৰিছে। সমাজত যেতিয়া সামাজিক নিয়ন্ত্ৰণৰ অভাৱ ঘটে তেতিয়া ব্যক্তিয়ে পথভ্রষ্টমূলক কার্যত লিপ্ত হয় আৰু এই অৱস্থাটোকে ডুৰখেইমে এন’মি বুলি ব্যাখ্যা কৰিছে। এনে অৱস্থাত ব্যক্তিয়ে সমাজত মিলিবলৈ অপাৰগ হ’লেই ব্যক্তিৰ মনত আত্মহত্যাৰ প্ৰৱণতা জাগি উঠে।
আলোচনা কৰি অহা তিনিওটা অৱস্থাৰ পৰিপ্ৰেক্ষিতত তিনি ধৰণেৰে আত্মহত্যা সংঘটিত হয় বুলি ডুৰখেইমে মন্তব্য কৰিছে। তদুপৰি, সমাজভেদে আৰু পৰিবেশভেদে আত্মহত্যাৰ মাত্রা সুকীয়া সুকীয়া হয় বুলিও ডুৰখেইমে অভিমত প্রকাশ কৰিছে। ডুৰখেইমে আত্মহত্যাৰ প্ৰসংগত ইয়াকো ক’বলৈ বিচাৰিছে যে যিবিলাক উপাদানে আত্মহত্যাৰ বাবে ব্যক্তিৰ অনুপ্ৰেৰণা যোগায়। সেই উপাদানসমূহ যদি মানৱ-সমাজে সংশোধন কৰিব পাৰে, তেনেহ’লে সমাজত আত্মহত্যাৰ পৰিমাণো কমিব।
২৭। সমাজতত্ত্বলৈ ইমাইল ডুৰখেইমে আগবঢ়োৱা অবদানসমূহ বহলাই আলোচনা কৰা। (Discuss in detail about Emile Durkheim’s contribution to sociology.)
উত্তৰঃ সমাজতত্ত্বৰ প্ৰতিষ্ঠাপক দার্শনিক হিচাপে ফ্ৰান্সৰ ইমাইল ডুৰখেইমে এক বিশেষ স্থান অধিকাৰ কৰি আহিছে। আগষ্ট ক’টৰ পিছতেই সেই সময়ৰ ফ্ৰান্সৰ সমাজ দার্শনিকসকলৰ ভিতৰত ডুৰখেইমে দ্বিতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। উনৈশ শতিকাৰ শেষৰফালে ফ্রান্সত পুঁজিবাদ ব্যৱস্থা গা কৰি উঠাৰ লগে লগে ৰাজনৈতিক, অর্থনৈতিক, আধ্যাত্মিক আৰু সামাজিক দিশত কিছুমান সংকটে সামাজিক পৰিৱৰ্তনৰ ক্ষেত্ৰত বিশেষ প্রভাব পেলায়। এনে এক অৱস্থাৰ পৰিপ্ৰেক্ষিতত ডুৰখেইমে তেওঁৰ বহুমূলীয়া চিন্তাধাৰা প্রকাশ কৰে।
অন্যান্য সমাজ বিজ্ঞানবিলাকৰ নিচিনাকৈ সমাজতত্ত্বকো এক স্বতন্ত্রৰীয়া বিজ্ঞান হিচাপে ডুৰখেইমে মর্যাদা প্রদান কৰিছে। বিজ্ঞানসন্মত দৃষ্টিভংগীৰে ডুৰখেইমে সামাজিক ঘটনাৱলী অধ্যয়ন কৰি এক বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হয়। ডুৰখেইমে সমাজতত্ত্বলৈ বিশেষ বৰঙণি আগবঢ়াই থৈ গৈছে। তেখেতে সমাজতত্ত্বীয় চিন্তাধাৰাৰে কেইবাখনো গ্রন্থ প্রকাশ কৰিছে। তাৰ ভিতৰত- ‘Division of Labour in Society’, ‘Rules of Sociological Methods’, ‘Suicide’, ‘Elementary forms of the Religious Life.’ আদি গ্রন্থৰে তেখেতে সমাজতত্ত্বক এক বিশেষ স্থানলৈ আগবঢ়াই নিবলৈ সক্ষম হয়।
ইমাইল ডুৰখেইমে সমাজতত্ত্বৰ সমন্বয়াত্মক চিন্তাধাৰাৰ মূল দার্শনিক। সমাজতত্ত্বক অধ্যয়নৰ বিষয়বস্তু অনুসৰি ডুৰখেইমে তিনিটা ভাগত ভাগ কৰিছে। যেনে- সামাজিক সংগঠন তত্ত্ব, সামাজিক শৰীৰ সংৰচনা তত্ত্ব আৰু সাধাৰণ সমাজতত্ত্ব। ডুৰখেইমৰ চিন্তাধাৰাত সামূহিক আচৰণৰ পদ্ধতিয়ে বিশেষ গুৰুত্ব লাভ কৰে। তেখেতে সামূহিক আচৰণৰ ভিত্তিত সামাজিক তথ্য আগবঢ়াইছে। ডুৰখেইমৰ মতে মানুহৰ আচৰণ আৰু কার্যকলাপে যেতিয়া সামূহিক জীৱনৰ লগত সম্পর্কযুক্ত হয় তেতিয়াই ইয়াক সামাজিক তথ্য বুলি কোৱা হয়। সামাজিক তথ্যৰ দুটা বৈশিষ্ট্য ডুৰখেইমে উল্লেখ কৰিছে-
(ক) বাহ্যিকতা। আৰু
(খ) বাধ্যতা।
শ্রম বিভাজনৰ ওপৰত ডুৰখেইমে নিজস্ব চিন্তাধাৰা আগবঢ়াইছে। ডুৰখেইমৰ মতে এখন সমাজৰ সামাজিক বিবর্তন সদায়ে শ্রম বিভাজনৰ ওপৰত নিৰ্ভৰ কৰে। শ্রম বিভাজনৰ ওপৰত ভিত্তি কৰি ডুৰখেইমে দুই প্ৰকাৰ সমাজৰ কথা বর্ণনা কৰিছে-
(ক) যান্ত্রিক সমাজ। আৰু
(খ) জৈৱিক সমাজ।
যান্ত্রিক সমাজ মানে ডুৰখেইমে আদিম প্ৰকাৰৰ মানৱ সমাজৰ কথা কৈছে আৰু জৈৱিক সমাজ মানে আধুনিক জটিল সমাজৰ কথা কৈছে। শ্রমবিভাজনৰ ওপৰত ভিত্তি কৰি ডুৰখেইমে সামাজিক সংহতিৰ ধাৰণা আলোচনা কৰিছে। তেখেতৰ মতে সামাজিক সংহতিৰ লগত শ্রমবিভাজন ওতঃপ্রোতভাৱে জড়িত হৈ আছে।
ধৰ্মৰ ওপৰতো তেওঁৰ নিজস্ব চিন্তাধাৰা আগবঢ়াইছে। The Elementary Forms of Religious Life নামৰ ধৰ্মৰ ওপৰত প্ৰকাশ কৰা গ্ৰন্থখনত অষ্ট্ৰেলিয়াৰ আদিবাসীসকলৰ ধর্মীয় জীৱনৰ ওপৰত অধ্যয়ন কৰি ধর্মীয় সিদ্ধান্তসমূহ আগবঢ়াইছে। সমাজত সামূহিকতাই সকলো ধৰ্মৰ মূল উৎস বুলি তেখেতে মত পোষণ কৰে। আত্মহত্যা সম্পর্কে ডুৰখেইমে নিজস্ব অভিমত প্রকাশ কৰিছে। ডুৰখেইমে আত্মহত্যাক এটা সামাজিক কার্য বুলি মত পোষণ কৰে। তেওঁ আত্মহত্যাক তিনিটা ভাগত ভাগ কৰিছে, যেনে- আত্মবিশ্লেষণমুখী, নিঃস্বার্থমূলক আৰু প্রতিমানহীনতা। আত্মহত্যা সম্পর্কত এন’মি শব্দটো ডুৰখেইমে পোন প্ৰথমবাৰৰ বাবে ব্যাখ্যা কৰিছে। ডুৰখেইমৰ মতে এখন সমাজত যেতিয়া সামাজিক প্রতিমানহীন অৱস্থা এটাৰ সৃষ্টি হয়, তেতিয়াই সেই অৱস্থাটোকে এন মি বুলি কোৱা হয়।
এইদৰেই ইমাইল ডুৰখেইমে সমাজতত্বলৈ বহুতো গুৰুত্বপূর্ণ অৱদান আগবঢ়াই থৈ গৈছে। সেয়েহে সমাজতত্ত্বত ইমাইল ডুৰখেইমৰ নাম স্মৰণীয়।
২৮। সামাজিক তথ্যৰ বৈশিষ্ট্যসমূহ কি কি? (What are the characteristics of social information?)
উত্তৰঃ ইমাইল ডুৰখেইম হৈছে ফ্ৰান্সৰ সমাজতত্ত্ববিদ তথা সমাজ দার্শনিক হিচাপে বহুমূলীয়া অবদানেৰে সমাজতত্ত্বক সমৃদ্ধ কৰি তুলিছিল। তেওঁৰ মতে সামাজিক তথ্য হৈছে এনে এটা বস্তু যি ব্যক্তিৰ পৰা স্বতন্ত্র আৰু বাহ্যিক কিন্তু একে সময়তে ব্যক্তিৰ ওপৰত বাধ্য বাধ্যকতা আৰোপ কৰে।
ডুৰখেইমে সামাজিক তত্ত্বৰ কিছুমান বৈশিষ্ট্যৰ কথা উল্লেখ কৰিছে। সেইবোৰ হ’ল-
(ক) সামাজিক তথ্য এটা বস্তুৰ নিচিনা।
(খ) ব্যক্তিৰ বাবে ই বাহ্যিক।
(গ) ব্যক্তিৰ পৰা ই স্বতন্ত্র।
(ঘ) ই ব্যক্তিৰ ওপৰত বাধা আৰোপ কৰে, অৰ্থাৎ ই ব্যক্তিৰ ওপৰত বল প্রয়োগ কৰে। এজন ব্যক্তিয়ে যেতিয়া সামাজিক তথ্য ভংগ কৰিব বিচাৰে তেতিয়া তেওঁ সামাজিক বাধ্যতাৰ সন্মুখীন হয়।
(ঙ) ই সমাজৰ চৌদিশে প্ৰসাৰিত।
(চ) সময়ৰ পৰিপ্ৰেক্ষিতত ই স্বায়িত্ব লাভ কৰিবলৈ সক্ষম হয়।
ডুৰথেইমৰ সামাজিক তথ্যৰ ধাৰণা এটা প্রকাৰ্য্যমূলক দৃষ্টিকোণ যি সমাজত পূৰ্বৰে পৰা চলি অহা সামাজিক শৃঙ্খলাৰ পৰা উৎপত্তি হয়।
২৯। সামাজিক তথ্য নিৰীক্ষণ বর্ণনা আৰু পৰীক্ষা কৰিবলৈ কি কি নীতি অনুসৰণ কৰা হয়? (What policies are followed for monitoring and examining social information?)
উত্তৰঃ ডুৰখেইমৰ মতে সামাজিক তথ্য নিৰীক্ষণ বর্ণনা হ’ল আমি যেতিয়া সামাজিক পৰিঘটনা সমূহৰ ব্যাখ্যা বিচাৰো তেতিয়া আমি নিশ্চিতভাৱে এইবোৰৰ প্ৰভাৱশীল কাৰক আৰু এই সমূহে কৰা কাৰ্য্য সম্বন্ধে জনা উচিত। ইয়াৰ প্রভাৱশীল কাৰক হ’ল সেইবোৰ যিবোৰে সামাজিক পৰিঘটনা সমূহৰ সৃষ্টি কবে আৰু এয়ে হৈছে সামাজিক শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত সেই পৰিঘটনা সমূহৰ উপযোগিতা।
ডুৰখেইমৰ মতে সামাজিক পৰিঘটনাবোৰ নিৰীক্ষণ, শ্রেণীকৰণ আৰু তুলনা কৰাৰ পিছত ইয়াৰ কাৰণসমূহ বর্ণনা কৰা দৰকাৰী। এই প্রক্রিয়া সমাজতাত্ত্বিক সিদ্ধান্ত আৰু সামাজিক তথ্যৰ ক্ৰিয়াত্মক সম্বন্ধ প্রতিষ্ঠাৰ লগত তেওঁ পৰোক্ষ পৰীক্ষা কার্য অথবা তুলনামূলক পদ্ধতি সামাজিক তথ্যসমূহ পৰীক্ষা কৰাৰ উপযুক্ত পদ্ধতি বুলি গণ্য কৰিছিল। এই পদ্ধতি এহাতে সহসম্বন্ধৰ পদ্ধতিৰ ওপৰত নিৰ্ভৰশীল।
এই পদ্ধতিটো সামাজিক বিশ্লেষণৰ বাবে উপযুক্ত। প্রকৃত সামাজিক জীৱনত মানুহে চলক (বা সামাজিক তথ্য) সমূহক নিজৰ ইচ্ছানুৰূপে চলাব নোৱাৰে। এই সমূহ এনে জটিলভাৱে গুঠি থোৱা থাকে যে ইচ্ছা অনুসৰি যিকোনো এটা চলকক বাদ দিব নোৱাৰি। অনুসাঙ্গিক পৰিৱৰ্তন পদ্ধতিও চলক সমূহক নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন নহয় বৰং সেই সমূহৰ প্ৰকৃতি নিৰিক্ষণ কৰি সামাজিক তথ্যসমূহৰ মাজত কাৰণগত সম্বন্ধৰ ওপৰত মীমাংসা কৰিব লাগে।
৩০। শ্রম বিভাজন কি? সমাজত শ্রম বিভাজন সৃষ্টি হোৱা কাৰকসমূহ কি কি? (What is the division of labor? What are the factors causing division of labor in society?)
উত্তৰঃ ডুৰখেইমৰ মতে সামাজিক জীৱন তথা সামূহিক জীৱন সম্ভৱ হ’ব পাৰে যেতিয়া সামাজিক সংহতি থাকে। সামাজিক সংহতিয়ে এখন সমাজৰ সদস্যসকলৰ ঐক্যমত বা শৃঙ্খলাবদ্ধতাৰ ইঙ্গিত বহন কৰে। সামাজিক সংহতি দুটা প্রাথমিক উৎসৰ ওপৰত আধাৰিত।
(ক) সচেতনতাৰ সাদৃশ্য।
(খ) শ্ৰমৰ বিভাজন।
সচেতনতাৰ সাদৃশ্যই সূচায় যে জনসাধাৰণ মানসিকভাৱে আৰু নীতিগতভাবে এক জাতীয় তেওঁলোকে একে আৱেগ অনুভৱ কৰে, একে মূল্যবোধ পোষণ কৰে আৰু পৱিত্ৰতা সর্ম্পকে একে ধৰণে বিশ্বাস কৰে।
শ্রম বিভাজন হৈছে এখন সমাজত শ্ৰমৰ বিশেষীকৰণ। এখন সমাজত জনসাধাৰণে সমাজত বিভিন্ন ধৰণৰ কাৰ্য্য সম্পাদন কৰে।
ডুৰখেইমে গুৰুত্ব দিছিল যে এই দুয়োটা কাৰক সচেতনতাৰ সাদৃশ্য আৰু শ্রম বিভাজনে সামাজিক সংহতিৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰে। পৰৱৰ্তী অংশত আমি শ্রম বিভাজন আৰু সামাজিক সংহতিৰ সম্বন্ধ সম্পর্কে আলোচনা কৰিম।
পৌৰাণিক সৰল সমাজত যাক ডুৰখেইমে আদিম সমাজ আখ্যা দিছে, তেনে সামাজিক ৰচনাত কোনো ধৰণৰ শ্রম বিভাজন নাছিল। জনসাধাৰণে সাধাৰণ স্থান দখল কৰিছিল আৰু তেওঁলোকৰ সামাজিক জীৱনত গুৰুত্বপূর্ণ সকলো কার্য নিজইে সম্পাদন কৰিছিল।
শ্রম বিভাজনৰ ফলত সমাজৰ স্তৰ আৰু কাৰ্য অধিক জটিল হয়। শ্রম বিভাজন আৰু সামাজিক বিৱৰ্তনৰ সম্পৰ্কৰ বিষয়ে তেওঁ মন্তব্য দিছে যে প্রধানকৈ শ্রম বিভাজনৰ প্ৰক্ৰিয়াটোৰ ওপৰতে সামাজিক বিৱৰ্তনৰ গতি নিৰ্ভৰ কৰে। শ্রম বিভাজনৰ ফলত মানুহৰ পাৰদৰ্শিতা বৃদ্ধি পায়। সামাজিক বিৱর্তনৰ গতিও খৰটকীয়া হয়। তেওঁৰ মতে শ্রম বিভাজন গতিশীল ই স্থিতিশীল নহয় আৰু সেই কাৰণেই সামাজিক প্রগতি সম্ভৱপৰ হয়।
কাৰকসমূহঃ ডুৰখেইম, যিয়ে সামাজিক তথ্যসমূহৰ উদ্ঘাটনত গুৰুত্ব দিছিল, সমাজৰ সংৰচনাত্মক প্রকাৰ্য্য সমূহৰ জটিলতা বৃদ্ধিৰ কাৰণসমূহো বিচাৰি উলিয়াবলৈ প্রচেষ্টা চলাইছিল। তেওঁ সমাজত শ্রম বিভাজনৰ কাৰণসমূহ তলত দিয়া ধৰণে বিচাৰি উলিয়াইছে।
(ক) জনসংখ্যা বৃদ্ধিৰ অনুপাতে শ্ৰমৰ পৰিমাণো বৃদ্ধি কৰিবলগা অৱস্থা আহি পৰে।
(খ) জনসংখ্যা বৃদ্ধিৰ লগে লগে মানুহৰ আৱশ্যকতা বৃদ্ধি পায় আৰু তাৰ ফলত চাহিদা বৃদ্ধি পায়। সম্পদৰ বিতৰণ সীমিত হোৱা বাবে ই প্রতিযোগিতাৰ সৃষ্টি কৰে। এনে পৰিস্থিতিত এটা পদ্ধতি বিকশিত হয়, যাৰ দ্বাৰা মানুহক বিভিন্ন কামৰ দায়িত্ব দিয়া হয়। শ্রম বিভাজনৰ গতিশীলতা বৃদ্ধিৰ ফলত সমাজ অধিক জটিল হয়।
৩১। সামাজিক ঐক্য কি? ডুৰখেইমৰ মতে দুই প্ৰকাৰ সামাজিক ঐক্য কি কি? ইহতৰ বৈশিষ্ট্যসমূহ কি কি? (What is social unity? According to Durkheim what are the two types of social unity? What are their characteristics?)
উত্তৰঃ সামাজিক ঐক্য বা সংহতি হ’ল এক শৃংখলাবোধ পৰিৱেশ। সামাজিক পৰিৱেশ য’ত ব্যক্তি স্বার্থ, বৃদ্ধি প্রাপ্ত জনসংখ্যাৰ ঘনত্ব, বিভিন্ন জনসাধাৰণ আৰু নৈতিক বিচৰণে গা কৰি উঠে। সমাজখনত নৈতিক নীতি নিয়ম আৰু সামাজিক ঐক্যই স্থান লাভ কৰে।
ডুৰখেইমৰ মতে দুই প্ৰকাৰৰ সামাজিক ঐক্য হ’ল- যান্ত্রিক ঐক্য বা সংহতি আৰু জৈৱিক ঐক্য বা সংহতি।
ইহঁতৰ বৈশিষ্ট্যবোৰ হ’ল-
যান্ত্রিক ঐক্য বা সংহতিঃ
(ক) ইয়াক আদিম সৰল অৱস্থাত পোৱা যায়।
(খ) এই সমাজবোৰত জনসংখ্যাৰ ঘনত্ব ক’ম।
(গ) ইয়াৰ সদস্যবোৰৰ মাজত ঘনিষ্ঠতা থাকে।
(ঘ) প্রায় সকলোৱেই একে ধৰণৰ পৰম্পৰাগত কাৰ্য্য সম্পাদন কৰে। ইয়াত তুলনামূলক ভাৱে সৰল শ্রম বিভাজন থাকে।
(ঙ) এই সমাজবোৰৰ বৈশিষ্ট্য হ’ল অধিক অর্থনৈতিক স্বাধীনতা আৰু নৈতিক সংহতি।
(চ) যান্ত্রিক ঐক্য দমনমূলক বিধি জড়িত মূল্যবোধ আৰু সামাজিক নীতিসমূহ সাধাৰণ দমনমূলক বিধিৰ দ্বাৰা উত্তৰণ ঘটাব পাৰি।
(ছ) যান্ত্রিক ঐক্য সামূহিক ভাৱধাৰাৰ ওপৰত আধাৰিত।
জৈৱিক ঐক্য বা সংহতিঃ
(ক) ইয়াক জটিল আৰু আধুনিক সমাজত পোৱা হয়, বিশেষকৈ উদ্যোগিক সমাজত।
(খ) ই শ্রম বিভাজনৰ দ্বাৰা বৈশিষ্ট্যযুক্ত। এজন ব্যক্তিয়ে উৎপাদিত বস্তুৰ এটা অংশতহে পাৰদৰ্শিতা লাভ কৰে, সমগ্র বস্তুৰ ওপৰত পাৰদর্শিতা লাভ নকৰে।
(গ) মানুহ উৎপাদন প্ৰাৰম্ভিকতাৰ কেৱল মাত্র শ্ৰমৰ গোট।
(ঘ) ই পুনৰুদ্ধাৰ বিধিৰ দ্বাৰা বৈশিষ্ট্যযুক্ত।
(ঙ) আধুনিক অর্থনীতিত পৃথকীকৰণ আৰু বিশেষীকৰণৰ ফলত সমাজত গঢ় লৈ উঠা অধিক পাৰস্পৰিক নির্ভৰশীলতা ইয়াৰ বৈশিষ্ট্য।
৩২। যান্ত্রিক ঐক্য কি? ইয়াৰ বৈশিষ্ট্যসমূহ কি কি? (What is mechanical unity? What are its characteristics?)
উত্তৰঃ কম ঘনত্বৰ জনসংখ্যা আৰু একাদিক্রমে ব্যৱহাৰ হৈ অহা সৰল কৌশলৰ প্রয়োগ হ’ল আদিম সমাজ সমূহৰ বৈশিষ্ট্য। সেয়েহে সমাজৰ লোকসকলৰ কামবোৰৰ মাজত মিল থাকে। কিন্তু জীৱন ধাৰণৰ ক্ষেত্ৰত এজনে আনজনৰ ওপৰত কেতিয়াও নিৰ্ভৰ কৰি চলিব নালাগে। ইয়াৰ কাৰণ হ’ল তেওঁলোকে নিজে ঘৰ সজায় আৰু নিজৰ মাটিত খেতি কৰে। সেইবোৰ সমাজত অধিক স্বতন্ত্রতা থকা বুলি ক’ব পৰা যায়।
কিছুমান সৰল নীতি নিয়ম, পৰম্পৰা আৰু প্রত্যাশাৰ ওপৰত ভিত্তি কৰি আদিম সমাজসমূহ চলি থাকে। তেওঁলোকে ইজনে সিজনৰ সৈতে উমৈহতীয়া বিশ্বাস আৰু ঐক্যমতৰ জৰিয়তে সম্পর্কিত হৈ থাকে। ইয়েই সমাজত যান্ত্রিক ঐক্যতাৰ জন্ম দিয়ে।
যান্ত্রিক সংহতি বা ঐক্যৰ বৈশিষ্ট্যবোৰ হ’ল-
(ক) ইয়াক আদিম সৰল সমাজত পোৱা যায়।
(খ) এই সমাজবোৰত জনসংখ্যাৰ ঘনত্ব কম।
(গ) সেয়েহে ইয়াৰ সদস্য সকলৰ মাজত ঘনিষ্ঠতা কম।
(ঘ) প্রায় সকলোৱেই একে ধৰণৰ পৰম্পৰাগত কার্য্য সম্পাদন কৰে। ইয়াত তুলনামূলক ভাৱে সৰল শ্রম বিভাজন থাকে।
(ঙ) অধিক অর্থনৈতিক স্বাধীনতা আৰু নৈতিক সংহতি।
(চ) যান্ত্রিক ঐক্য দমনমূলক বিধি জড়িত, মূল্যবোধ আৰু সামাজিক নীতিসমূহ সাধাৰণ দমনমূলক বিধিৰ দ্বাৰা উত্তৰণ ঘটাব পাৰি।
(ছ) যান্ত্রিক ঐক্য সামূহিক ভাৱধাৰাৰ ওপৰত আধাৰিত।
৩৩। জৈৱিক ঐক্য কি? ইয়াৰ বৈশিষ্ট্যসমূহ কি কি? (What is biological unity? What are its characteristics?)
উত্তৰঃ সমাজখন সম্প্ৰসাৰণ হোৱাৰ লগে লগে দেখা গ’ল যে মানুহৰ বাবে একেটা কামকে কৰা বা কামৰ ক্ষেত্ৰত সাদৃশ্যতা বজাই ৰখাটো সম্ভৱ নহয়গৈ। জনসংখ্যাৰ ঘনত্ব বঢ়াৰ লগে লগে অর্থনৈতিক কাম কাজৰো প্ৰসাৰ হয়। গতিকে কামৰ পৰম্পৰাগত কৌশলসমূহ অধিক জটিল, পৃথকীকৰণ আৰু বিশেষীকৰণ হোৱাৰ পৰিপ্ৰেক্ষিতত সমাজত শ্রম বিভাজনৰ সূত্র সংযোগ কৰি উৎপাদন কৰা প্ৰক্ৰিয়াটো একো একোটা শাখাই একো একোটা অংশ প্রস্তুত কৰাৰ পাৰদৰ্শিতা লাভ কৰে। আদিম সমাজৰ দৰে গোটেই বস্তুটোৱেই প্রস্তুত কৰিবলৈ নাযায়। শ্রম বিভাজনে বিস্তাৰ লাভ কৰাৰ লগে লগে সদস্য সকলৰ কামৰ মাজতো সাদৃশ্যতা নোহোৱা হ’বলৈ ধৰে। স্বার্থ আৰু সম্বন্ধ তেওঁলোকৰ মাজত চুক্তি মতে হয়। তেওঁলোকৰ মাজত থকা উমৈহতীয়া বিশ্বাস, নীতি নিয়ম আদি লাহে লাহে হ্রাস পাবলৈ ধৰে। নৈতিকতাও কমি আহে। শেষত গৈ এনে এটা পৰিস্থিতিয়ে সমাজক নৈতিক বিশৃংখলাৰ পৰ্য্যায়লৈ লৈ যায়। ইয়াকে কোৱা হৈছে প্রতিমানহীন পৰিস্থিতি বা এন’মি। পুনৰুদ্ধাৰ বিধি যাৰ উদ্দেশ্য হ’ল ইতিমধ্যে ভাঙন কৰা সমাজখনৰ ভাঙনৰ ক্ষতি পূৰণ দি কিছু পৰিমাণে পুনৰুদ্ধাৰ কৰা, এই পৰিস্থিতিৰ এয়ে বৈশিষ্ট্য।
শ্রম বিভাজনৰ বাবে মানুহবোৰৰ মাজত পাৰস্পৰিক নিৰ্ভৰশীলতা বৃদ্ধি পাব ধৰে। সেয়েহে তেওঁলোকে চৰকাৰৰ লগত সম্পর্ক স্থাপন কৰে। নৈতিক বাধ্য বাধকতাই ব্যক্তিৰ ওপৰত কর্তৃত্ব চলায়। গতিকে জটিল আধুনিক সমাজত সামাজিক শৃংখলা আৰু সংহতি এইদৰে বজাই ৰখা হয়। ডুৰখেইমে ইয়াকে জৈৱিক ঐক্য আখ্যা দিছে।
জৈৱিক সংহতি বা ঐক্যৰ বৈশিষ্ট্য-
(ক) জৈৱিক ঐক্য জটিল আৰু আধুনিক সমাজত পোৱা হয়, বিশেষকৈ উদ্যোগক সমাজত।
(খ) ই শ্রম বিভাজনৰ দ্বাৰা বৈশিষ্ট্যযুক্ত, এজন ব্যক্তিয়ে উৎপাদিত বস্তুৰ এটা অংশতহে পাৰদৰ্শিতা লাভ কৰে, সমগ্র বস্তুৰ ওপৰত পাৰদৰ্শিতা লাভ নকৰে।
(গ) মানুহ উৎপাদন প্ৰাৰম্ভিকতাৰ কেৱল মাত্র শ্রমৰ গোট।
(ঘ) ই পুনৰুদ্ধাৰ বিধিৰ দ্বাৰা বৈশিষ্ট্যযুক্ত।
(ঙ) আধুনিক অর্থনীতিত পৃথকীকৰণ আৰু বিশেষীকৰণৰ ফলত সমাজত গঢ় লৈ উঠা অধিক পাৰস্পৰিক নিৰ্ভৰশীলতা ইয়াৰ বৈশিষ্ট্য।
৩৪। ডুৰখেইমৰ সমাজতত্ত্বলৈ অবদান সমালোচনাসহ বর্ণনা কৰা। (Describe Durkheim’s contribution to socialism with criticism.)
উত্তৰঃ সমাজতত্ত্ব এটা সুস্পষ্ট, উদ্দেশ্যধর্মী আৰু শক্তিশালী বিজ্ঞান, হিচাপে সামাজিক তথ্যৰ ধাৰণাৰ ভিত্তিত ডুৰখেইমে ভেটি প্রতিষ্ঠা কৰিছিল। এই ধাৰণাৰ সহায়ত ব্যক্তিগত ক্রিয়াসমূহ প্ৰকৃততে সামাজিক কাৰকৰ দ্বাৰা প্ৰভাৱান্বিত হয় যিবোৰ সামাজিক গাঁথনিৰ দ্বাৰা সৃষ্টি আৰু প্রযোজ্য ডুৰখেইমে প্রমাণ কৰিছিল।
সামাজিক শৃংখলা ৰক্ষা কৰাৰ ক্ষেত্ৰত ডুৰখেইমৰ সামাজিক সংহতি অতিকৈ উল্লেখযোগ্য। সামাজিক তথ্যই পাৰস্পৰিক সম্বন্ধ আৰু সামাজিক শৃংখলা ৰক্ষা কৰিবলৈ ক্রিয়া কৰে বুলি তেওঁ মতপোষণ কৰিছে। এই সংক্রান্তত তেওঁ আদিম আৰু সৰল অৱস্থাৰ পৰা আধুনিক আৰু জটিল অৱস্থালৈ সমাজৰ বিবর্তনৰ কথা উল্লেখ কৰিছে। আদিম সমাজত যান্ত্রিক ঐক্য হ’ল সামাজিক শৃংখলা প্রতিষ্ঠাৰ বাবে সামাজিক তথ্য কিন্তু জটিল সমাজত জৈৱিক সংহতি হ’ল সামাজিক শৃংখলা প্রতিষ্ঠাৰ সামাজিক তথ্য।
সমালোচক সকলে মতামত আগবঢ়াইছে যে সমাজৰ ক্ষেত্ৰত সম্পূর্ণ বস্তুনিষ্ঠ অধ্যয়ন সম্ভৱপৰ নহয়। সামাজিক পৰিঘটনাবোৰৰ আলোচনা বর্ণনা আৰু বিবেচনা কৰা হয়। উদাহৰণস্বৰূপে- মেক্স ৱেবাৰৰ মত হ’ল- সমাজতত্ত্ব প্রাকৃতিক বিজ্ঞানৰ দৰে উদ্দেশ্যধর্মী হ’ব নোৱাৰে কাৰণ ই মানৱ জাতি আৰু সমাজৰ জটিল পৰিস্থিতিও বিবেচনা কৰে।
ডুৰখেইমৰ সমাজ আদিম অৱস্থাৰ পৰা জটিল অৱস্থাটো বিৱৰ্তনৰ ধাৰণা অতিকৈ সৰল। সকলো সমাজেই সময়ৰ পৰিপ্ৰেক্ষিতত আদিম অৱস্থাৰ পৰা জটিল অৱস্থালৈ বিৱর্তন নহয়। উদাহৰণস্বৰূপে বর্তমান যুগতো অধিক সংখ্যক জনজাতীয় সমাজত পৰম্পৰাগত ৰীতি নীতি বিদ্যামান।
আন এটা মতামত সমালোচক সকলে আগবঢ়াইছে যে সামাজিক তথ্য অধ্যয়নৰ বাবে ডুৰখেইমে বর্ণনা কৰা তুলনাত্মক পদ্ধতি অতি সবল। সমাজবোৰ জটিল আৰু এটা সামাজিক পৰিঘটনাৰ এটাতকৈ অধিকযোগ্য কাৰক থাকিব পাৰে।
সমালোচক সকলে যদিও ডুৰখেইমৰ পদ্ধতিসমূহ সমালোচনা কৰিছে তথাপিও তেঁওৰ সমাজতত্ত্বৰ ক্ষেত্ৰত অবদান উল্লেখনীয় কাৰণ তেওঁ সমাজতত্ত্বক বিজ্ঞানসন্মত বিষয় হিচাপে প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল।
৩৫। ডুৰখেইমে সমাজতত্ত্বক এটা সুস্পষ্ট আৰু উদ্দেশ্যধর্মী বিজ্ঞান ভিত্তিক বিষয় হিচাপে গঢ় দিবলৈ কেনেদৰে প্রস্তাৱ দিছিল? (How did Durkheim propose to make sociology a clear and objective science-based subject?)
উত্তৰঃ সমাজতত্ত্ব এটা বিজ্ঞান ভিত্তিক বিষয় হিচাপে বিকশিত কৰাত ডুৰখেইমৰ অৱদান অতি গুৰুত্বপূর্ণ সমাজতত্ত্বক শিক্ষায়তনিক শাখা হিচাপে প্রতিষ্ঠিত কৰাত ডুৰখেইমে আগবঢ়োৱা অৱদানৰ বাবে সমাজতত্ত্বৰ ইতিহাসত তেওঁক এগৰাকী বাটকটীয়া হিচাপে চিহ্নিত কৰিব পাৰি। তেওঁৰ মতে সমাজতত্ত্ব হৈছে সামাজিক ঘটনা আৰু ইয়াৰ আনুসঙ্গিক দিশসমূহৰ বৈজ্ঞানিক অধ্যয়ন। তেওঁৰ সামাজিক চিন্তাত দুটা দিশ পৰিলক্ষিত হয়। ইয়াৰ এটা হৈছে বিভিন্ন সামাজিক ঘটনাৰ পৰিপ্ৰেক্ষিতত বিশৃঙ্খল হৈ পৰা সমাজ ব্যৱস্থা বৈজ্ঞানিক অধ্যয়ন আৰু আনটো হৈছে তেনে অধ্যয়নৰ জৰিয়তে সামাজিক শৃংখলাবদ্ধভাৱে পুনৰ প্ৰতিষ্ঠা কৰাৰ প্ৰচেষ্টা। তেওঁৰ মতে সামাজিক পদ্ধতি অধ্যয়ন কৰাটোৱেই সমাজতত্ত্বৰ লক্ষ্য হোৱা উচিত। তেওঁ উল্লেখ কৰা সমাজতত্ত্বৰ লক্ষ্য সমূহৰ ভিত্তিত দুটা প্রধান হ’ল-
(ক) সামাজিক তথ্য অধ্যয়ন কৰা, তেওঁৰ মতে সামাজিক তথ্য হৈছে সেইবোৰ যিবোৰে এটা সামাজিক পদ্ধতি গঠন কৰে আৰু সেইবোৰ ক্ৰিয়া প্ৰতিক্রিয়াৰে সংলগ্ন।
(খ) সামাজিক তথ্যবোৰ বা সামাজিক পৰিঘটনাবোৰ কেনেদৰে সংলগ্ন আৰু কেনেধৰণৰ ক্রিয়া প্রতিক্রিয়াৰ দ্বাৰা জড়িত তাৰ বিষয়ে অধ্যয়ন কৰা।
ডুৰখেইমে গুৰুত্ব প্রদান কৰা দিশসমূহ হ’ল-
(ক) সমাজতত্ত্ব সামাজিক তথ্য অধ্যয়ন কৰাৰ ক্ষেত্ৰত ব্যক্তিনিষ্ঠ হোৱাতকৈ উদ্দেশ্যধর্মী হোৱা উচিত। সামাজিক তথ্য আলোচনাত ডুৰখেইমে দুটা প্রধান দিশৰ কথা ব্যক্ত কৰিছে- বাহ্যিকতা আৰু বাধ্যতা।
(খ) বিজ্ঞান ভিত্তিক বিষয় হিচাপে সমাজতত্ত্বই প্রাকৃতিক বিজ্ঞান সমূহৰ দৰে নিৰীক্ষণ, শ্রেণীকৰণ, বা বৰ্গীকৰণ, তুলনা, সাধাৰণ শ্রেণীকৰণ ইত্যাদি পদ্ধতিসমূহ অনুসৰণ কৰা উচিত।
(গ) বৰ্গীকৰণ আৰু তুলনাত্মক পদ্ধতি সাধাৰণ সিদ্ধান্তত উপনিত হ’বলৈ পৰীক্ষা কৰিবলৈ ব্যৱহাৰ কৰা উচিত।
(ঘ) সামাজিক ঐতিহাসিক প্রক্রিয়াৰ আধাৰত বিবর্তনমুখী দৃষ্টিভংগীৰে লক্ষ্য কৰা উচিত। ডুৰখেইমে সামাজিক ঐক্যবোধত গুৰুত্ব দিছিল কাৰণ তেওঁ সমাজে বিশৃংখলতা আঁতৰাবৰ বাবে এনেকৈ এটা ব্যৱস্থাৰ সৃষ্টি কৰে আৰু সমাজত সংহতি আৰু শৃঙ্খলা বজাই ৰাখে সেই বিষয়ে সচেতন আছিল।
যদিও ডুৰখেইমৰ পদ্ধতি সমালোচনাৰ সন্মুখীন হৈছে, তথাপি তেওঁৰ সমাজতত্ত্বৰ ক্ষেত্ৰত অৱদান উল্লেখনীয় কাৰণ তেওঁ সমাজতত্ত্বক বিজ্ঞানসন্মত বিষয় হিচাপে প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল।
৩৬। শ্রম বিভাজনৰ ভূমিকাৰ ওপৰত এটি ব্যাখ্যা দাঙি ধৰা। (Give an explanation of the role of division of labour.)
উত্তৰঃ ডুৰখেইমৰ মতে, শ্রম বিভাজন এক সামাজিক পৰিঘটনা আৰু সেয়েহে কাৰক আৰু ফলাফলৰ মাজত থকা মিলৰ বাবে সামাজিক বিশ্লেষণৰ অতি প্রয়োজন আছে। ডুৰখেইমে দৃঢ়ভাৱে কৈছে যে শ্রম বিভাজনক তিনিটা সামাজিক উপাদানৰ ভিত্তিত বিশ্লেষণ কৰিব পাৰি আৰু সেইকেইটা হ’ল-
(ক) পৰিমাণ।
(খ) দৈহিক বা শাৰীৰিক ঘনত্ব।
(গ) সমাজৰ নৈতিক ঘনত্ব।
(ক) পৰিমাণঃ সমাজৰ আকাৰ বা পৰিমাণে ইয়াৰ জনসংখ্যাৰ আকাৰক আৰু ঘনত্বই উল্লেখ কৰা স্থানৰ ব্যক্তিৰ সংখ্যাক নিদের্শন কৰে। নৈতিক ঘনত্ব মানে হ’ল ব্যক্তিৰ মাজত যোগাযোগৰ প্রকোপতা বা প্রৱলতা। ন ন চহৰ গঠন, উন্নতমানৰ যোগাযোগ আৰু পৰিবহন ব্যৱস্থা তথা ঘন সমাজ গঠনৰ দ্বাৰা শ্রম বিভাজন উৎপন্ন হয়।
(i) শ্রম বিভাজনে সামুহীয়া চেতনাক সলনি কৰিছিল। সহজ-সৰল সমাজত মানুহৰ মাজত থকা পাৰস্পৰিক সম্বন্ধ তথা পৰস্পৰৰ কাৰণে সকলো লোক লগ লামি থাকে। আধুনিক জটিল সমাজত জীয়াই থাকিবলৈ মানুহে বিশেষ ধৰণৰ কাৰ্য কৰিবলগীয়া হয় আৰু ইয়াৰ বাবে আনৰ প্ৰতি তেওঁলোকৰ মাজত বিশ্বাস বৃদ্ধি হয়। ইয়াৰ ফলস্বৰূপে তেওঁলোকে ইজনে আনজনৰ সৈতে সংলগ্ন হৈ থাকে।
(ii) জৈৱিক একতাত, মানুহে বহুত বেছি একত্রীকৰণ তথ্য আন্তঃনিৰ্ভৰশীল হৈ থাকে। তেওঁলোকৰ মাজত শ্রম বিশেষীকৰণ আৰু সহযোগিতা বিস্তৃত হৈ থাকে।
(iii) শ্রম বিভাজন যেনেকৈ বৃদ্ধি পায়, তেনেকৈ প্রত্যেক ব্যক্তিয়ে অধিক বিশেষজ্ঞ হৈ উঠে আৰু প্রত্যেকেই আনৰ ওপৰত অধিক নির্ভৰশীল হ’বলগীয়া হয়।
(iv) এইদৰে শ্রম বিভাজনে সামাজিক একতাৰ উৎপন্ন কৰে।
(v) সমাজ এখন যান্ত্রিক একতাৰ পৰা জৈৱিক একতালৈ উন্নত হ’বলৈ প্রথমে, সমাজখনৰ জনসংখ্যা বৃদ্ধি তথা বর্ধিত ঘনত্ব, দ্বিতীয়তে ইয়াৰ নৈতিকতাৰ ঘনত্ব (সমাজত পাৰস্পৰিক কাৰ্য অধিক জটিলভাৱে উন্নত হয়।) আৰু তৃতীয়তে, কর্মস্থানৰ বিশেষীকৰণৰ বৃদ্ধিৰ ওপৰত নিৰ্ভৰ কৰে।
(vi) এখন সমাজ ইয়াৰ পৰিবৰ্তনশীল ঘনত্বৰ পৰিমান স্বৰূপে যান্ত্রিক একতাৰ পৰা জৈৱিক একতালৈ স্থানান্তৰ হয়। অর্থাৎ জনসংখ্যা বৃদ্ধিয়ে মানুহৰ মাজত পৰস্পৰ কাৰ্য তথা শ্ৰমত বিভাজনৰ পৰিমাণ বৃদ্ধি কৰে।
৩৭। ধৰ্মৰ উৎপত্তি সম্পৰ্কত ডুৰখেইমৰ মতবাদ বিশ্লেষণ কৰা। (Analyze Durkheim’s doctrine about the origin of religion.)
উত্তৰঃ ডুৰখেইমে তেখেতৰ বিখ্যাত গ্রন্থ The Elementary Forms of Religious Life ত ধৰ্মৰ সামাজতাত্ত্বিক বিশ্লেষণৰ উপৰি আদিম যুগৰ ধৰ্মৰ বিষয়েও অতি সুক্ষ্মভাৱে অধ্যয়ন কৰিছিল। বিশেষকৈ অষ্ট্ৰেলিয়াৰ আদিম যুগৰ ধৰ্ম, পূজা-অর্চ্চনা তথা ধর্মীয় বিশ্বাস সর্ম্পকে অধ্যয়ন কৰিছিল আৰু ইয়াৰ যোগেদি সংগ্ৰহ কৰা বিভিন্ন তথ্যৰ ওপৰত ভিত্তি কৰিয়েই ধৰ্মৰ উৎপত্তি সর্ম্পকে ব্যাখ্যা আগবঢ়াইছিল। ডুৰখেইমৰ অষ্ট্ৰেলিয়াৰ জনগোষ্ঠীসকলৰ মাজত প্রচলিত ‘টোটেমবাদ’ক ধৰ্মৰ উৎপত্তি সম্পকে বাখ্যা দিবলৈ মূল ধাৰণা হিচাপে লৈছিল।
টোটেমবাদ হৈছে কোনো বংশ প্রতীকৰ সৈতে জড়িত হৈ থকা বিশ্বাস বা ধাৰণা। কিছুমান সম্প্রদায়ত ইয়াৰ প্ৰচলন হোৱা দেখা যায়। টোটেম হ’ল কোনো বস্তু, জন্তু বা গছ-গছনি যাৰ সৈতে সম্প্রদায়টোৱে এক বিশেষ ধৰণৰ সম্পর্ক গঢ়ি তোলে আৰু এই সম্পর্ক বিভিন্ন ধৰণৰ হ’ব পাৰে। সাধাৰণতে সম্প্রদায়টোৱে এই বিশেষ টোটেম বিধৰ পূজা-অর্চ্চনা আগবঢ়াই তথা ইয়াক হত্যা কৰা বা বিঘিনি ঘটোৱাৰ পৰা বিৰত থাকে। কেতিয়াবা সেই বস্তুবিধৰ নির্দিষ্ট উৎসৱ পার্বনত খাদ্য হিচাপে গ্রহণ কৰা দেখা যায়। সেই বিশেষ টোটেম বা বস্তু বিধ দলটোৰ প্রতীকীলৈ ৰূপান্তৰিত হয় আৰু তেওঁলোকে ইয়াক পৱিত্র বুলি গণ্য কৰে। বিভিন্ন ধৰণৰ পৱিত্ৰমূলক ব্যৱহাৰ (ৰীতি-নীতি) ইয়াৰ সৈতে জড়িত হৈ পৰে। সেই সম্প্রদায়টোৱে বিশ্বাস কৰিবলৈ আৰম্ভ কৰে যে সেই নিদিষ্ট টোটেম বিধত এক নৈর্ব্যক্তিক শক্তি নিহিত হৈ আছে।
এইদৰে, যিকোনো সাধাৰণ বস্তু যেনে এটুকুৰা কাঠ, শিল, গছ বা জীৱ-জন্তুক পৱিত্র তথা দলটোৰ প্রতীক হিচাপে বিবেচনা কৰা হয়। ডুৰখেইমৰ মতে টোটেমবাদ এক ধর্ম, ই কোনো জীৱ-জন্তু বা নির্দিষ্ট বস্তুৰ প্রতিচ্ছবি নহয়। কিন্তু, এই প্রত্যেকবিধ বস্তুতে এক অচিনাকি আৰু নৈর্ব্যক্তিক শক্তি পোৱা যায়। বহল অর্থত এই বুলিও ক’ব পাৰি যে, প্রত্যেকটো টোটেমিক বিধিমতে এক নৈর্ব্যক্তিক ঈশ্বৰক পূজা কৰে, যি গৰাকীৰ কোনো নাম নাই, যাৰ কোনো ইতিহাস নাই, কিন্তু ইয়াৰ স্থিতি পৃথিৱীত চিন্তন আৰু অসংখ্য বস্তুলৈ ই বিস্তাৰিত হয়।
ডুৰখেইমৰ মতে টোটেম বুলিলে এটা বহস্যময় বস্তুৰ ওপৰত থকা সৰল বিশ্বাস বা এটা পবিত্র শক্তি বা এটা ধর্মীয় নীতিক বুজায় যিয়ে কোনো নিষেধাজ্ঞা উলংঘনৰ অনুমতি প্রদান কৰে, তথা দলব নৈতিক দায়িত্ব নিদর্শন কৰে আৰু সেই বিশেষ টোটেমবিধৰ অনুমতি প্রদান কৰে, তথা দলব নৈতিক দায়িত্ব নিদর্শন কৰে আৰু সেই বিশেষ টোটেমবিধৰ প্রতি আকর্ষিত হয়। তেখেতে সমূহীয়া কৰ্মক সকলো ধৰণৰ ধর্মীয় অনুভূতি তথা ধাৰণাৰ উৎপত্তিস্থল বুলি কৈছে।
ডুৰখেইমৰ মতে টোটেমবাদৰ মূলমন্ত্র হৈছে এক নৈর্ব্যক্তিক আৰু ক্রমবিহীন শক্তিক পূজা কৰা যিটো একে সময়তে পৰিব্যাপ্ত আৰু পৰিৱর্তনশীল। এই ক্রমবিহীন আক ব্যাপক শক্তিটো মানুহতকৈ উত্তম আৰু প্ৰকৃতাৰ্থত ই ব্যক্তি তথা সমাজৰ সৈতে ওতঃপ্রোতভাৱে জড়িত।
ডুৰখেইমে দাবী কৰিছে যে অতীজত যিদৰে সমাজত দেৱ-দেৱী আৰু ধৰ্মৰ সৃষ্টি হৈছিল, তেনেদৰেই ভবিষ্যতলৈও এক উত্তেজিত মুহূর্তত মানুহে সমাজত নতুন দেৱ-দেৱীৰ সৃষ্টি কৰিব। যেতিয়া সমাজ ধর্মীয় গোড়ামীৰে ভৰি পৰিব আৰু মানুহে বিভিন্ন ধর্মীয় ৰীতি-নীতি, উৎসৱ-পাৰন ধর্ম-কর্ম সমূহীয়া, নৃত্য আদিত ব্যস্ত থাকিব, তেতিয়া ইয়াৰ প্ৰতি কিছুমান মানুহৰ বিতৃষ্ণা আহিব। কিন্তু সামাজিক ৰীতি-নীতি বা দলীয় অনুশাসনৰ ফলস্বৰূপে মানুহে এইবিলাক ধর্মীয় কর্মত অংশগ্রহণ কৰিবলৈ বাধ্য হয় আৰু দৈনন্দিন জীৱনৰ পৰা বাহিৰ ওলাই আহি মানুহে এক নতুনত্ব বিচাৰে যাৰ সৈতে প্রচলিত ব্যৱস্থাৰ কোনো সম্পক নাথাকে। এনেদৰে ধর্মীয় গোড়ামী তথা দলীয় মেৰপাকৰ বাবেই সমাজত নতুন ভগবান তথা নতুন ধর্মৰ সৃষ্টি হয়।
৩৮। সামাজিক সত্যতা কি? ডুৰখেইমে আগবঢ়োৱা ইয়াৰ প্ৰকাৰ আৰু বৈশিষ্ট্যসমূহ আলোচনা কৰা। (What is the social truth? Discuss its types and characteristic according to Durkheim.)
উত্তৰঃ সমাজতত্ত্বত সামাজিক সত্যতাই সমাজখনৰ মূল্যবোধ, সাংস্কৃতিক প্রতিমান তথা ব্যক্তিৰ বাহ্যিক গাঁথনিক সুচায়। ফ্ৰান্সৰ সমাজতাত্ত্বিক, ইমাইল ডুৰখেইমে সমাজতত্ত্বক ‘সামাজিক কার্যৰ বিজ্ঞান’ বুলি অভিহিত কৰিছে। এই মর্মে, সমাজতাত্ত্বিকসকলৰ মূল কাম হ’ল সমাজৰ আইন কানুন প্ৰকাশৰ বাবে ইয়াৰ বিভিন্ন সামাজিক কাৰ্যসমূহৰ মাজত পাৰস্পবিক সম্পর্ক উদ্ভাৱন কৰা। সামাজিক সত্যসমূহ বাস্তৱিক নহয়, এইবোৰ কিছুমান ‘বস্তু’ আনকি ই জোখ-মাপ কৰিব পৰা বস্তু। ডুৰখেইমে সামাজিক সত্যতাৰ সংজ্ঞা নিৰূপণ কৰি কৈছে- ই হ’ল এক ধৰণৰ ক্রিয়া-কলাপ, চিন্তাধাৰা আৰু অনুভূতিৰ সংমিশ্রণ।
যিয়ে ব্যক্তিৰ বাহ্যিক আৰু অন্তর্নিহিত শক্তিৰ ওপৰত বাধ্যবাধকতা আৰোপ কৰি ব্যক্তিক অনুশাসন কৰে। ডুৰখেইমে উল্লেখ কৰিছে যে এজন ব্যক্তিয়ে সমাজ এখনত এগৰাকী ভাতৃ, স্বামী, অথবা নাগৰিক হিচাপে বিভিন্ন ধৰণৰ কৰ্তব্য তথা ভূমিকা পালন কৰিবলগীয়া হয় আৰু এইবোৰে বাহ্যিক ক্ষেত্রত তেওঁক প্রকাশ কৰে, তথা বিশ্লেষণ আৰু বিভিন্ন ভূমিকা পালন কৰাত সহায়ক হয়। যিহেতু এইবোৰ ব্যক্তিৰ স্বতন্ত্র কার্য গতিকে ইয়াক আন কোনো সামাজিক সত্যৰ ভিত্তিতহে ব্যাখ্যা কৰিব পৰা যায়, ব্যক্তিৰ বোধশক্তিৰ ভিত্তিত নহয়।
সামাজিক সত্যতা ই প্রথম আৰু প্রধান ‘বস্তু’, যিবোৰ প্রকৃতগতভাৱে সামাজিক অথবা মনঃস্তাত্ত্বিক দিশত বিশ্লেষণ কৰিব নোৱাৰি। সামাজিক সত্যতাই প্রথম আৰু প্ৰধান ‘বস্তু’ যিবোৰ প্রকৃতিগতভাৱে সামাজিক। সামাজিক সত্যতা সামাজিক জীৱনৰ দিশ আৰু ইয়াক ব্যক্তিৰ জৈৱিক সামাজিক সত্যতাৰ এক স্বতন্ত্র বাস্তৱ ৰূপ থকাৰ লগতে মানুহৰ বস্তুগত পৰিৱেশৰ এটা অংশ নিৰূপণ কৰে যাৰ ফলত মানুহে সামাজিক সত্যতাক সিহঁতৰ বাহ্যিক ৰূপত উপলব্ধি কৰে। সেয়েহে, সামাজিক সত্যতাই মানুহৰ আচৰণ দমন বা শাসন কৰে আৰু এইবোৰে সমাজৰ আইন-কানুন বিষয়ক তথা নৈতিক দিশক অন্তর্গত কৰে। ইয়াৰ উপৰি আমাৰ দৈনন্দিন জীৱনক প্রভাবিত কৰা বিভিন্ন সম্বন্ধ সম্পর্কসমূহ তথা আন ব্যক্তিৰ আচৰণসমূহো ইয়াত অন্তর্ভুক্ত হৈ থাকে।
প্ৰকাৰঃ সামাজিক সত্যক তিনি প্রকাৰত ভগাব পাৰি-
(ক) বস্তুগত সত্যতাঃ সমাজখনৰ প্ৰকৃত স্বৰূপ বস্তুগত সত্যতাৰ অন্তর্ভুক্ত হৈ থাকে। ইয়াৰ উপৰি সমাজৰ গাঁথনি, পার্শ্বীয় সত্যতা, যেনে- জনসংখ্যাৰ আকাৰ তথা ঘনত্ব আৰু ভৌগোলিক অৱস্থা আদিও ইয়াত নির্হিত হৈ থাকে। ডুৰখেইমৰ ব্যাখ্যা অনসুৰি বস্তুগত সত্যতা আৱয়িক সমাজ গাঁথনিৰ সৈতে জড়িত আৰু ই মানৱ জীৱনত প্রভাৱ বিস্তাৰ কৰে। এখন সমাজ ইয়াৰ প্রধান অনুষ্ঠানসমূহ পৰিয়াল, শিক্ষা, ধর্ম, আদি) আৰু সমাজৰ বিভিন্ন ৰূপ বা আকৃতি (বিভিন্ন ধৰণৰ গৃহ ব্যৱস্থা, অপৰাধৰ হাৰ, জনসংখ্যাৰ বিতৰণ ইত্যাদি) বস্তুগত সত্যতাত অন্তর্ভূক্ত হৈ থাকে।
(খ) অবস্তুগত সত্যতা বা সংযোগীকাৰী ব্যৱস্থাঃ ইয়াত সমাজৰ প্ৰতিমান আৰু মূল্যবোধ, অথবা সমূহীয়া প্রতিনিধি আৰু সমূহীয়া বিবেচনা আদি নিহিত হৈ থাকে, সমাজৰ নিয়ম নীতি, নৈতিকতা বিভিন্ন প্রতীক চিহ্নত অর্থ আৰু এইবোৰৰ পৰিণাম স্বৰূপে মানুহৰ মাজত দেখা দিয়া সমূহীয়া বিবেচনাশক্তি বা জ্ঞান আদিয়ে অবস্তুগত সত্যতাৰ অন্তৰ্ভূক্ত হৈ থাকে।
(গ) সামাজিক প্রবাহঃ যেনে এক জনপূৰ্ণ অৱস্থাৰ দুখ, ক্রোধ তথা উদ্যমৰ ফলস্বৰূপে উদ্ভৱ হোৱা আন্দোলনসমূহ যিবোৰ কোনো ব্যক্তিৰ নিজা বোধশক্তিৰ পৰা উদ্ভৱ নহয়।
বৈশিষ্ট্যঃ সামাজিক সত্যতাৰ প্ৰধানকৈ চাৰিটা বৈশিষ্ট্য আছে। সেইকেইটা হ’ল-
(a) সামাজিক সত্যতাৰ এক বিশেষ ধৰণৰ বৈশিষ্ট্য আছে। ইয়াক জৈৱিক অথবা মানসিক ভিত্তিত ব্যাখ্যা কৰিব নোৱাৰি।
(b) এইবোৰ ব্যক্তিৰ ক্ষেত্ৰত বাহ্যিকভাৱে প্রকাশিত হয়।
(c) এইবোৰ সমূহীয়া অৱস্থাত দীর্ঘকালীন ৰূপত স্থায়ী হয়।
(d) ডুৰখেইমৰ নিজস্ব ভাষাত, এইবোৰ কিছুমান দমনকাৰী শক্তিৰ সৈতে সংলগ্ন হৈ থাকে, যাৰ ফলস্বৰূপে ইয়াক ব্যক্তিৰ ওপৰত আৰোপ কৰিব পৰা যায় তথা এইবোৰ ব্যক্তিৰ স্বইচ্ছাৰ স্বতন্ত্রৰূপ।
ডুৰখেইমৰ মতে, সামাজিক সত্যতাৰ অধ্যয়নে মানুহৰ আত্ম দৰ্শন কৰিব পৰা পদ্ধতি অৱলম্বন কৰিব পৰা নাই। বাহ্যিক তথা তৎক্ষণাত প্রত্যক্ষ কৰিব পৰা ঘটনাসমূহ যেনে- ধর্মীয় স্বীকৃতি, বৈবাহিক অৱস্থা, আত্মহত্যাৰ হাৰ, জীৱিকা, আদিৰ দ্বাৰা সামাজিক সত্যতাক একত্রিত কৰিব পাৰি। তেওঁৰ মতে সামাজিক সত্যতাক এক ‘বস্তু’ হিচাপে আচৰণ কৰিব লাগে, কোনো ধাৰণা হিচাপে নহয়। তেওঁ দৃঢ়ভাৱে কৈছে যে- এই বস্তুবোৰে জ্ঞান আহৰণৰ সকলোবোৰ দ্রব্য অন্তর্ভূক্ত কৰি ৰাখে আৰু এইবোৰ কেৱল মানসিক কার্যৰ দ্বাৰা অনুভৱ কৰিব পৰা নাযায়। ইয়াক অনুভৱ কৰিবলৈ ব্যক্তিমনৰ বাহ্যিক জগতৰ সমলৰ প্ৰয়োজন। মানুহে বেছি বাহ্যিক তথা সহজলভ্য বৈশিষ্ট্যগত বস্তুৰ পৰা তেনেই কমকৈ চকুত পৰা তথা বেছি গভীৰ বস্তুৰ প্ৰতি কৰা পর্যবেক্ষণ আৰু অনুসন্ধানৰ দ্বাৰা এই সমলবোৰ আহৰণ কৰিব পাৰে।
আত্মহত্যাৰ হাৰৰ ওপৰত আৱিষ্কাৰ কৰা ‘সামাজিক সত্যতা’ই ডুৰখেইমৰ সকলো কৰ্মৰাজিৰ ভিতৰত এক উল্লেখনীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। পুলিছ প্রশাসনে উলিওৱা বিভিন্ন জিলাসমূহৰ আত্মহত্যাৰ পৰিসংখ্যাৰ ওপৰত ডুৰখেইমে এক পৰীক্ষণ চলাইছিল। এই অধ্যয়নব স্বাৰা তেওঁ আত্মহত্যাৰ হাৰৰ ওপৰত এক ‘ব্যাখ্যা’ আগবঢ়াইছিল যে খ্রীষ্টানসকলৰ প্রটেস্টান সম্প্রদায়ৰ তুলনাত কেথলিক সম্প্রদায়ত আত্মহত্যাৰ প্রৱলতা কমকৈ দেখা যায়। তেওঁ ইয়াক সামাজিকীকৰণ (ব্যক্তিগত কাৰণক বিৰোধিতা কৰিছে) ৰ দ্বাৰা হয় বুলি কৈছে।
তাৎপর্যঃ আৰম্ভণিতে, ডুৰখেইমৰ ‘সামাজিক সত্যতা’ৰ আৱিষ্কাৰক গুৰুত্বভাৱে চোৱা হৈছিল। কাৰণ, ইয়াৰ দ্বাৰা কেৱল কোনো নির্দিষ্ট ব্যক্তিৰ নহয় সমগ্র সমাজখনৰ আচৰণ বা ৰেহৰূপ অধ্যয়ন কৰিব পৰা যাব বুলি নিশ্চয়তা প্রদান কৰিছিল। আধুনিক সমাজতত্ত্ববিদ সকলে ডুৰখেইমৰ এই অধ্যায়নক দুটা ভিন্ন উদ্দেশ্যত উল্লেখ কৰিছে, সেই দুটা হ’ল-
(ক) গ্রাফিক বিশ্লেষণ অনুযায়ী সামাজিক গৱেষকসকলে কোনো বিষয়ৰ সাৰমৰ্ম নিৰূপণৰ বাবে প্রয়োজন হোৱা সমলসমূহৰ নিশ্চয়তা প্রদানৰ প্রতি অতি সাৱধানতা অৱলম্বন কৰিবলগীয়া হয়। ডুৰখেইমৰ তেওঁৰ অধ্যয়নত কেতবোৰ আত্মহত্যাৰ হাৰ দেখুৱাইছিল। বর্তমান এইবোৰে এটা কথা স্পষ্ট কৰি দিছে যে ই এক কৃত্রিম দিশ, যাৰ ভিত্তিত তেওঁ ভিন্ন সম্প্রদায়ৰ মাজত হোৱা নির্দিষ্ট মৃত্যুসমূহক ‘আত্মহত্যা’ অথবা ‘আত্মহত্যা নহয়’ এই দুটা ভাগত ভাগ কৰিছে। দৰাচলতে, ডুৰখেইমে সেই সময়ত যি আবিষ্কাৰ কৰিছিল সেয়া বিভিন্ন ধৰণৰ আত্মহত্যাৰ হাৰ নাছিল। আচলতে সেইবোৰ আত্মহত্যা সম্পর্কীয় কেতবোৰ ভিন্ন চিন্তাধাৰাহে আছিল।
(খ) যিহেতু এয়া সামাজিক অর্থ অধ্যয়নৰ আৰম্ভণিহে তথা এটা দিশ য’ত স্পষ্ট ৰূপে মিল থকা ব্যক্তিৰ কাৰ্যসমূহ শ্রেণীবিভাজন কৰিব নোৱাৰি। আধুনিক দৃষ্টিত সামাজিক কার্যসমূহ (দৰাচলতে এইবোৰ স্পষ্ট ৰূপত ব্যক্তিগত তথা ব্যক্তিৰ কার্য, যেনে- আত্মহত্যা) সদায় সামাজিক ব্যক্তিৰ দ্বাৰা (সংঘটিত) হোৱা দেখা যায় (আৰু শ্রেণীবিভাজন হয়)। সাধাৰণতে সামাজিক সত্যতাক অনুসৰণ কৰাটো সম্ভৱ নহয় অথবা আৱশ্যকতাও নাই, কিন্তু, এই আৱিষ্কাৰে যি বাট দেখুৱাইছে তাক মানুহে দেখিব পাৰে বা বুজিব পাৰে তথা নির্দিষ্ট কার্যসমূহক বিভিন্ন শ্রেণীত ভগাব পাৰে।
৩৯। সামাজিক একতা কি? ডুৰখেইমে বিভাজন কৰা সামাজিক একতাৰ ভাগ দুটা কি কি? (What are the Social Unity? What are the divisions of the Social Unity divided by Durkheim?)
উত্তৰঃ ডুৰখেইমে ‘দ্য ডিভিজন অৱ লেৱাৰ ইন ছ’চাইটি’ (The Division of Labour in Society) নামৰ কিতাপখনত সামাজিক একতা আৰু সামাজিক সম্বন্ধ প্রতিপালনৰ ক্ষেত্ৰত মানুহৰ ইচ্ছা সম্পর্কে পর্যবেক্ষণ চলাইছিল। ডুৰখেইমৰ মতে সামাজিক একতা শ্রম বিভাজনৰ পৰা আহিছে। আন অর্থত, শ্রম বিভাজন সামাজিক একতাৰ উৎপত্তিৰ এক উৎস, যদিও একমাত্র উৎস নহয়। যেনেদৰে মানুহে আধুনিক ধনতান্ত্রিক, উদ্যোগিক সমাজত কিছুমান বিশেষ ভূমিকা পালন কৰে। যেনে- মেকানিক, ডাক্তৰ, ব্যৱসায়ী, চুইপাৰ, ছাত্র ইত্যাদি। তেনেদৰে মানুহে কিছুমান বস্তু তথা সেবা আহৰণৰ উদ্দেশ্যে সমাজৰ আন ব্যক্তিৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। কাৰণ এইবোৰ তেওঁলোকে নিজে উৎপাদন কৰিব নোৱাৰে অথবা তেওঁলোকৰ সময়ৰ অভাৱ হয়।
সামাজিক একতাৰ প্ৰকাৰঃ ডুৰখেইমে দুই ধৰণৰ সামাজিক একতাক চিনাক্ত কৰি উলিয়াইছে। এই দুবিধ হ’ল- যান্ত্রিক একতা আৰু জৈৱিক একতা। তেওঁৰ মতে বিভিন্ন সমাজত এই দুই ধৰণৰ একতা দেখিবলৈ পোৱা যায়।
(ক) যান্ত্রিক একতাঃ যান্ত্রিক একতা সাদৃশ্যপূর্ণ বিধৰ একতা। সমাজত সকলো মানুহেই মানসিক আৰু নৈতিকভাৱে প্রায় এক ধৰণৰ। তেওঁলোকৰ আবেগ, অনুভূতি, মূল্যবোধ আদি একে ধৰণৰ হোৱাৰ লগত প্রায় একে ধৰণৰ বস্তুকেই পবিত্র বুলি গণ্য কৰে। ‘যান্ত্রিক’ শব্দটো ব্যৱহাৰ কৰোঁতে ডুৰখেইমে কিছুমান জড়বস্তুৰ মাজত সাদৃশ্য স্থাপন কৰিছিল। যদি এই গোটেইযিনি বস্তুৰ মাজত পাৰস্পৰিক মিল তথা সংলগ্নতা ৰক্ষা কৰি চলিব বিচাৰো তেন্তে ইয়াৰ বিভিন্ন অংশসমূহক স্বতন্ত্রভাৱে পৰিচালনা কৰিব নোৱাৰি। উদাহৰণস্বৰূপে, এটা ঘড়ীৰ কোনো এটা অংশ যদি বিকল হৈয়ে পৰে, তেন্তে ঘড়ীটো সুচাৰুৰূপে পৰিলক্ষিত নহয়।
যান্ত্রিক একতাত, মানুহবোৰ দাম্ভিক প্রকৃতিৰ আৰু তেওঁলোকৰ মাজত পাৰস্পৰিক মিল খুব কমেই দেখা যায়। সেয়েহে সমাজখনক একত্রিত কৰি ৰাখিবলৈ এক হেঁচা বা শক্তি প্রয়োগ কৰিব লাগে। এইদৰে, এক শক্তিশালী সমূহীয়া জ্ঞানৰ যান্ত্রিক একতাপূর্ণ এখন সমাজৰ এটা মূল বৈশিষ্ট্য। যান্ত্রিক একতা আদিম সম্প্রদায়ৰ এটা বৈশিষ্ট্য। ইয়াত শ্রম বিভাজন আৰু ব্যক্তিগত চিন্তাধাৰা তেনেই কম।
(খ) জৈৱিক একতাঃ জৈৱিক একতা যান্ত্রিক একতাব বিপৰীত। আধুনিক সমাজৰ লোকসমূহৰ মাজত সম্প্রীতিৰ ওপৰত ভিত্তি নকৰি, তেওঁলোকৰ মাজত থকা বিভিন্নতাৰ পৰা জৈৱিক একতা উদ্ভৱ হয়। সমাজত মানুহবোৰৰ মাজত সদায় মিল দেখা নাযায়। তেওঁলোকৰ মাজৰ মানসিক তথা নৈতিক মিল লোপ পাই আৰু বিভিন্নতা দেখা যায়। বিশেষীকৰণ, শ্রম বিভাজন আৰু ব্যক্তিবাদ জৈৱিক একতা স্থিত সমাজ এখনৰ বৈশিষ্ট্য ইয়াৰ বিভিন্ন উপাদানসমূহৰ মাজৰ সাদৃশ্যৰ বিপৰীতে অংশসমূহৰ মাজত থকা আন্তঃনিৰ্ভৰশীলতা বেছি গুৰুত্বপূর্ণ। জৈৱিক শব্দটোৰ এটা জীৱৰ শৰীৰ বা দেহৰ সৈতে সাদৃশ্য আছে। য’ত বিভিন্ন অংশসমূহৰ মাজৰ আত্মঃনির্ভ বশীলতাৰ দ্বাৰা পাৰস্পৰিক ঐকতা তথা মিল উৎপন্ন কৰিব পৰা যায়। উদাহৰণস্বৰূপে দেহৰ পৰা কোনো এক অংগ নোহোৱা হোৱাটো ইয়াৰ বাবে দুর্ভাগ্যজনক, কিন্তু ই দেহটোৰ জীৱনৰ বাবে ভয়াবহ নহয়। দুর্খেইমে এখন সমাজৰ শ্রম বিভাজনৰ কার্যাবলী ব্যাখ্যাৰ উদ্দেশ্য জৈৱিক শব্দটো ব্যৱহাৰ কৰিছে। ই সম্পূর্ণ ৰূপত এক ধাৰণা মাত্র।
যান্ত্রিক একতা, আদিম সমাজৰ এক মূলবৈশিষ্ট্য। আনহাতে, আধুনিক ঔদ্যোগিক সমাজত য’ত জটিল শ্রম বিভাজন এক বিশেষ চৰিত্ৰ তাত জৈৱিক একতাই প্রধান্যতা লাভ কৰে। সমাজৰ মাজত থকা বিভিন্নতাৰ কাৰণে এই দুয়োবিধ একতাৰ মাজত প্রভেদ দেখা যায়।
৪০। আত্মহত্যা কি? আত্মহত্যাৰ বিভিন্ন প্রকাৰসমূহ কি কি? What is suicide? Mention the different types of suicide?
উত্তৰঃ ডুৰখেইমৰ মতে, আত্মহত্যাৰ হাৰ এক বাস্তৱিক ক্রম, একত্রিত তথা স্পষ্ট বিধৰ। তেখেতৰ মতে, প্রত্যেক সমাজৰে মানুহৰ মাজত এক আত্মহত্যাৰ প্রৱলতা দেখা যায়। ডুৰখেইমে আত্মহত্যা সম্পর্কে তলত দিয়া ধৰণে বাখ্যা আগবঢ়াইছে-
(i) ডুৰখেইমে আত্মহত্যাক এক সামাজিক সত্য বুলি গণ্য কৰিছে আৰু সেয়েহে ই আন সামাজিক সত্যতা বা ঘটনাৰ সৈতে জড়িত হৈ থাকে। ই আন কোনো সমাজিক ঘটনা/সত্যতাৰ আধাৰত সংঘটিত হয় আৰু আত্মহত্যাৰ কাৰণো এনে সত্যতাৰ আঁৰতে লুকাই থাকে।
(ii) এইদৰে প্ৰত্যেক সমাজতে কম-বেছি পৰিমাণে এক নির্দিষ্ট হাৰত আত্মহত্যাৰ ঘটনা দেখা যায়। ডুৰখেইমে কৈছে যে ইয়াত আত্মহত্যা সংঘটিত নোহোৱা কোনো সমাজেই নাই আৰু বহুতো সমাজত দীর্ঘদিনলৈ প্রায় একে পৰিমাণৰ আত্মহত্যাৰ হাৰ দেখা যায়। ইয়াৰ দ্বাৰা এইটোৱে প্রকাশ পায় যে আত্মহত্যা প্রায়ে সংঘটিত হৈ থকা এক সাধাৰণ ঘটনা। সমাজভেদে ইয়াৰ হাৰৰ মাত্রা বেলেগ বেলেগ তথা কেতিয়াবা কিছুমান সামাজিক অৱস্থাত ইয়াৰ পৰিমাণ ইফাল-সিফালো হয়।
(iii) সমাজত আত্মহত্যাৰ হাৰৰ পৰিৱর্তনে সমাজখনৰ অৱস্থা বা পৰিস্থিতিৰ পৰিৱর্তনক সূচায়। যেতিয়া গোটেই সমাজত বা কোনো এটা দলত হঠাতে আত্মহত্যাৰ হাৰৰ মাত্রা বৃদ্ধি পায়। তেতিয়া ই সমাজখনত বেমেজালি বা বিচ্ছিন্নতাবাদক নিদর্শন কৰে।
(iv) সামাজিক সত্যতা হিচাপে ই সামাজিক একতা আৰু সমাজৰ ঐক্য অৱস্থাৰ সৈতে জড়িত হৈ থাকে।
ডুৰখেইমৰ মূল ধাৰণা এই যে আত্মহত্যাৰ হাৰ এক প্রকৃত শ্রেণীবদ্ধ, একত্রিত তথা স্পষ্ট বিধৰ, কাৰণ প্ৰত্যেক সমাজতে এক আত্মহত্যাৰ প্ৰৱলতা থাকে। এখন সমাজত দীর্ঘদিন ধৰি প্রায় এক নির্দিষ্ট হাৰৰ আত্মহনন প্রক্রিয়া দেখা যায় কাৰণ ইয়াৰ মূল অৱস্থা সদায় একে ধৰণৰ।
আত্মহত্যাৰ প্ৰকাৰঃ ডুৰখেইমে বিভিন্ন সমাজ তথা সংস্কৃতিৰ পৰা সংগ্ৰহ কৰা সমলৰ ভিত্তিত তিনি প্ৰকাৰৰ আত্মহত্যাৰ কথা উল্লেখ কৰিছে। সেইকেইবিধ হ’লঃ
(ক) আত্মভিমানমূলক আত্মহত্যাঃ কোনো ব্যক্তিয়ে তেওঁ বাস কৰা সমাজখনৰ দল বা গোটৰ সৈতে একগোট হৈ থাকিব নোৱাৰাৰ পৰিণাম স্বৰূপে এক ধৰণৰ আত্মহত্যাৰ উৎপত্তি ও হয়। যেতিয়া এজন ব্যক্তিয়ে আন এজন লোকৰ সৈতে একগোট হৈ বা ঐক্যভাৱে থাকিব নোৱাৰে তেওঁ সেই গোট বা সম্প্রদায়ৰ ওপৰত আস্থা হেৰুৱায় পেলায় আৰু তেতিয়াই এনেকুৱা আত্মহত্যাৰ ঘটনা সংঘটিত হয়। এই সামাজিক বান্ধোন দুৰ্বল হৈ পৰাৰ ফলত ব্যক্তিগবাকীয়ে অকলশৰীয়া হৈ পৰে আৰু আত্মহননৰ ক্ষমতা অর্জন কৰে। সেয়েহে, ‘অত্যাধিক ব্যক্তিবাদী’ আত্মভিমানমূলক আত্মহত্যাৰ মূল কাৰণ আৰু আধুনিক সমাজ পদ্ধতি, ঔদ্যোগিক সমাজ ব্যক্তি বা গোটেই সমাজখনৰ বাবে আত্মভিমানমূলক আত্মহত্যা এক বৈশিষ্ট্য স্বৰূপে দেখা যায়। উদাৰহণস্বৰূপে, নগৰৰ বাসিন্দা, ঔদ্যোগিক শ্রমিকসকল, প্রটেস্টানসকল আৰু অবিবাহিত লোকসকলৰ মাজত এনে ধৰণৰ আত্মহত্যাৰ প্ৰৱণতা দেখা যায়।
(i) উদাহৰণস্বৰূপে, প্রটেষ্টান সম্প্রদায়ৰ তুলনাত কেথলিক সম্প্রদায়ৰ মাজত আত্মহত্যাৰ হাৰৰ মাত্রা কম দেখা যায়। কাৰণ দুয়োটা বিশ্বাস অনুসৰি আত্মহত্যা নিষেধ যদিও কেথলিক বিশ্বাসে ইয়াৰ অনুৰাগীসকলক নিজ ভাঁজত বা ধাৰাত অন্তর্গত কৰি তেওঁলোকৰ একগোট কৰাত সক্ষম হয়। প্রটেষ্টানবাদে ইয়াৰ বিশ্বাসীসকলৰ মাজত মুক্ত অনুসন্ধানৰ প্ৰতি উদ্যম যোগোৱাৰ লগতে ব্যক্তিগত স্বাধীনতাক অনুমতি জনায়। লগতে ধর্মীয় সংস্থাৰ অভাৱ আৰু সমূহীয়া বিশ্বাস তথা ব্যৱহাৰৰ অভাৱ ইয়াত দেখা যায়। আনহাতে, কেথলিকবাদ এক আদর্শবাদী ধর্ম। এক ধর্মই বিশ্বাসক কোনো বাছ-বিচাৰ নোহোৱাকৈ গ্রহণ কৰে। ইয়াত এক ধর্মীয় সম্বন্ধীয় কর্তৃপক্ষ থকাৰ লগতে পৰিৱর্তনৰ ওপৰত বাধা আৰোপ কৰে।
(ii) পৰিয়ালে আত্মহত্যাৰ বিৰুদ্ধে এক মুখ্য এজেন্ট হিচাপে কাম কৰে। ডুৰখেইমৰ মতে, আত্মহত্যাৰ প্ৰৱণতা অবিবাহিত লোকৰ মাজত বেছিকৈ দেখা যায়। আনহাতে, বিবাহিতৰ ব্যক্তিৰ ক্ষেত্ৰত ইয়াৰ শংকা আধা বা তাতোকৈ অধিক মাত্রাত হ্রাস পায়। তেওঁ এটা উদাহৰণ দাঙি ধৰিছে যে, লোকবিশ্বাস মতে জীৱনৰ বোজা আত্মহত্যাৰ কাৰণ, এই বোজাৰ পৰিমাণ বৃদ্ধিৰ লগে লগে আত্মহত্যাৰ মাত্রা হ্রাস পায়। তেখেতৰ মতে সৰু পৰিয়ালবোৰ স্থিতিহীন। তথা ক্ষণস্থায়ী যিহেতু ইয়াৰ আবেগ, অনুভূতি তথা কর্তব্যজ্ঞানে ইয়াৰ প্রকোপতা হ্রাস কৰে। আনহাতে, ডাঙৰ পৰিয়ালবোৰৰ মানুহবোৰ সদায় একেগোট হৈ থাকে, আৰু আত্মহত্যাৰ এক শক্তিশালী ৰক্ষা কবচ হিচাপে কাম কৰে।
(iii) ডুৰখেইমে যুক্তি সহকাৰে কৈছে যে ডাঙৰ সামাজিক সংঘাত বা হাই-কাজিয়া তথা যুদ্ধ-বিদ্রোহসমূহে মানুহৰ মাজত সমুহীয়া একত্রিত ভাব, দেশপ্ৰেমৰ উদ্যম আৰু জাতীয় বিশ্বাস জগাই তোলে, এইবোৰে মানুহক এটা বিশেষ খিতাপ প্রদান কৰাৰ লগতে বিপদৰ সন্মুখীন হ’বলৈ উৎসাহ যোগায়। এনেদৰে তেওঁলোকৰ মাজৰ একতা অধিক শক্তিশালী হৈ উঠে আৰু আত্মহত্যাৰ হাৰ হ্রাস পাবলৈ ধৰে। যেতিয়া এই বিপদ বা যুদ্ধৰ সমাপ্তি ঘটে তেতিয়া তেওঁলোকৰ একতাৰ মাজত ৰখা বল কমিবলৈ ধৰে আৰু অবশেষত হঠাৎ দেখা দিয়া অনক্যই আত্মহত্যাৰ দৰে ঘটনাৰ উদ্ভৱ ঘটায়।
(iv) ডুৰখেইমে উল্লেখ কৰিছে যে বিভিন্ন তথ্য অনুযায়ী দুখীয়া শ্রেণীতকৈ ধনী/সম্পত্তি-শালী লোকৰ মাজত আত্যহত্যাৰ হাৰ বেছি দেখা যায়। যিহেতু ধনী লোকসকল খুব কম পৰিমাণে একগোট হৈ থাকে সেয়েহে তেওঁলোকৰ মাজত ব্যক্তিগত পছন্দৰ বা ইচ্ছাৰ মাত্রা দুখীয়া লোকতকৈ বেছি। আনহাতে, দৰিদ্ৰতাই দৰিদ্ৰতাৰ ফলত দুখীয়া সকলৰ স্বাধীনতা সীমিত অৱস্থাত থাকে আৰু ইয়াৰ দ্বাৰা তেওঁলোক সমাজত একত্রিত হৈ। থাকে।
(খ) পৰোপকাৰজনিত আত্মহত্যাঃ এজন ব্যক্তিয়ে কোনো এটা দলৰ সৈতে অধিক সংলগ্ন হৈ থকাৰ পৰিণতিত এনেধৰণৰ আত্মহত্যা সংঘটিত হয় আৰু ইয়াত আত্মাক তেওঁৰ নিজৰ সম্পত্তি হিচাপে গণ্য কৰা নহয়। যিজন ব্যক্তিয়ে আত্মহত্যা কৰে তেওঁ সম্পূর্ণভাৱে সমূহীয়া অনুভূতিৰে আৱদ্ধ হৈ থাকে আৰু উক্ত দল অথবা সমূহীয়া স্বাৰ্থৰ অর্থে আত্মহনন কৰাটো তেওঁৰ কর্তব্য বুলি বিবেচিত কৰে।
কিছুমান মহিলাই স্বইচ্ছাই নিজৰ দেহক তেওঁলোকৰ মৃত স্বামীৰ জলন্ত চিতাত তুলি দিয়ে (ইয়াক সতীপ্ৰথা বুলি কোৱা হয়), কোনো দলৰ নেতাৰ মৃত্যুৰ ফলত তেওঁৰ অনুসৰণকাৰী আৰু কৰ্মচাৰীসকলে কৰা আত্মহত্যা, জাপানৰ হাৰাকিৰি, বৌদ্ধ ভিক্ষুসকলে কৰা আত্মহনন, সেনাদলে কৰা আত্মহত্যা আৰু সৈন্যদলত ‘মানৱ বোমাৰ’ ব্যৱহাৰৰ দ্বাৰা কৰা আত্মনাশ আদি পৰোপকাৰজনিত আত্মহত্যাৰ উদাহৰণ।
লোক বিশ্বাস মতে সেনাসকলে তেওঁলোকৰ সেনা জীৱনৰ কঠিনতা, কঠোৰ অনুশাসন পদ্ধতি তথা স্বাধীনতাৰ অভাৱৰ বাবে আত্মহত্যা কৰে। কিন্তু ডুৰখেইমে এক মতক অগ্রাহ্য কৰিছে। ডুৰখেইমৰ মতে, যেতিয়া মানুহে কোনো এটা সেৱা বা কামৰ সৈতে দীর্ঘদিন ধৰি জড়িত হৈ থাকে, তেতিয়া মানুহে আশা কৰা হয় যে মানুহবোৰ নিশ্চয় সৈনিক জীৱনৰ সৈতে অভ্যাস হৈ গৈছে, সেনাদলৰ প্ৰতি তেওঁলোকৰ সমর্পন তথা ইচ্ছাই তেওঁলোকৰ মাজত আত্মহত্যাৰ পৰিমাণ হ্রাস হোৱা দেখা যায়। সেনাজীৱনত ব্যক্তিগত সৈনিক সমূহৰ তুলনাত ডাঙৰ বিষয়াসকলৰ জীৱনৰ প্ৰণালী কিছু কঠিন হয় আৰু সেয়েহে তেওঁলোকৰ সমাজত আত্মহত্যাৰ প্রৱণতা অধিক দেখা যায়। ইয়াৰ দ্বাৰা এইটো প্রমাণ হয় যে য’ত পৰোপকাৰ জনিত আত্মহত্যা সংঘটিত হয়, তাত মানুহে সদায় এটা ভাল উদ্দেশ্য, নীতি তথা মূল্যবোধৰ অৰ্থে নিজৰ জীৱন উৎসর্গা কৰিবলৈ সাজু থাকে।
কিছুমান ধর্মীয় পূজা পাতালত বিশ্বাসী লোকে সমূহীয়া আত্মহত্যা কৰাৰ উদাহৰণো দেখা পোৱা যায়। এই লোকসকলে ইমান বেছি ধর্মীয় নীতিৰ দ্বাৰা অনুপ্রাণিত হৈ থাকে যে তেওঁলোকে ব্যক্তিগত জীবনতকৈ সমূহীয়া জীৱনৰ মূল্যবোধক উচ্চ বুলি গণ্য কৰে। তেওঁলোকে সমূহীয়া হিতৰ উদ্দেশ্যত ব্যক্তিগত জীৱনক আঁতৰাই পেলাই আৰু নিজৰ জীৱন ত্যাগ কৰিবলৈও সাজু থাকে।
(গ) নিয়মহীন আত্মহত্যাঃ সমাজত নৈতিকতাব শৃংখলন তথা সামাজিক সামঞ্জ্যসতাত দেখা দিয়া বেমেজালিৰ পৰিণামত এনেধৰণৰ আত্মহত্যা সংঘটিত হয়। সাধাৰণতে আধুনিক সমাজত এই ধৰণৰ আত্মহত্যা দেখা যায়। ডুৰখেইমে মতে, যেতিয়া সমাজৰ নিয়ম-নীতি পৰিচালিত শক্তি খণ্ডন হয় অর্থাৎ অনুশাসনৰ অভাব হয়, তেতিয়া ইয়াত আত্মহত্যা সংঘটিত হয়। তেওঁৰ মতে সমাজত হঠাৎ উদ্ভৱ হোৱা কোনো ঘটনা বা সংকটজনক অৱস্থাই ইয়াৰ কার্যাবলীত বেমেজালিৰ সৃষ্টি কৰিব পাৰে। এই বেমেজালিয়ে বস্তুসমূহক দিশহীন কৰি তোলে আৰু সমূহীয়া একতাই অস্থায়ীভাৱে হ’লেও ব্যক্তি মনক শাসন কৰাত বিফল হয়।
এই অনিয়ম ঘটনাসমূহ অর্থনৈতিক ক্ষেত্ৰৰ শীর্ষ উন্নতিৰ দৰে ভাল ঘটনা আৰু অর্থনৈতিক হেঁচাৰ দৰে বেয়া ঘটনা এই দুয়োপ্রকাৰ ঘটনা হ’ব পাৰে। ইয়াৰ পৰা হস্তান্তবকৰণ আৰু অধঃগতি দুই ধৰণৰ ফল পাব পাৰি। সমাজত সংঘটিত হোৱা প্রত্যেকটো বিভ্রাট অৱস্থাই- ই হঠাৎ অর্জন কৰা উন্নতিয়ে হওঁক অথবা দুর্ভাগ্যই হওক, সমাজত অনিয়মৰ উদ্ভৱ কৰে আৰু ইয়াৰ তীব্ৰতৰ বেগৰ ফলস্বৰূপে স্বমৃত্যু অর্থাৎ আত্মহত্যা সংঘটিত হয়। ডুৰখেইমে আৰোপ কৰিছে যে মানুহৰ মাজৰ সীমাহীন উচ্চাভিলাস আৰু সমাজত নিয়ম-নীতিৰ শৃংখলনৰ ফলত এন ‘মিক বা নিয়মহীন মূল্যক আত্মহত্যা সংঘটিত হয়।
ইতিহাসৰ পাতনি মেলিলে দেখা যায় যে মানুহৰ উচ্চ আকাংক্ষা দিনে দিনে ক্রমান্বয়ে বৃদ্ধি হৈ গৈছে। সামাজিক প্রয়োজনসমূহ কেৱল নৈতিকতাৰ বলত নিয়মিত কৰিব পাৰি। ডুৰখেইমৰ মতে সমূহীয়া আদেশ বা হুকুমেই হ’ল একমাত্র শক্তি যাৰ দ্বাৰা সামাজিক তথা নৈতিক প্রয়োজনসমূহ দমন কৰি ৰাখিব পাৰি। ডুবখেইমৰ মতে, সম্পদশালী তথা বিবাহ বিচ্ছেদ হোৱা ব্যক্তিসকলৰ মাজত আটাইতকৈ বেছি আত্মহত্যাৰ হাৰ দেখা যায়। জীৱন নির্বাহৰ মানদণ্ডত হঠাৎ হোৱা উচ্চমানৰ পৰিৱৰ্তন বা বিবাহিত জীৱন ভংগ হোৱাৰ ফলত জীৱন অসংলগ্ন হৈ পৰে। অর্থনৈতিক বেমেজালি বা অনিয়মৰ দৰে, ঘৰুৱা ক্ষেত্রতো স্বামী বা পত্নীৰ মৃত্যুৱে বেমেজালিৰ সৃষ্টি কৰাৰ লগতে ঘৰখনলৈ বিপত্তি, দুর্দশা নমাই আনি জীৱনটোক ওলট-পালট কৰি দিয়ে।
(ঘ) অদৃষ্টবাদীমূলক আত্মহত্যাঃ ডুৰখেইমে চতুর্থ প্ৰকাৰৰ আত্মহত্যাক অদৃষ্টবাদী মূলক আত্মহত্যা ৰূপে চিনাক্ত কৰিছে। পৰোপকাৰ জনিত আত্মহত্যা আত্মভিমান মূলক আত্মহত্যাৰ বিপৰীত, আনহাতে অদৃষ্টবাদী মূলক আত্মহত্যা নিয়মহীন মূলক আত্মহত্যাৰ বিপৰীত। তেখেতে এই সম্বন্ধে এক ব্যাখ্যা দাঙি ধৰিছে। এনেধবণব আত্মহত্যা অত্যাধিক অনুশাসনৰ ফলত সংঘটিত হয়। অত্যাধিক অনুশাসনে ব্যক্তিৰ ভৱিষ্যত জীৱনক নিষ্ঠুৰভাবৱে অন্ধকাৰ কৰে তথা ইয়াৰ প্রবল ৰূপত তেওঁ উশাহ-নিশাহ নোপোৱা হয়। আধুনিক সমাজত, অতি কম বয়সীয়া স্বামী আৰু সন্তানহীন মাতৃৰ মাজত এনেধৰণৰ আত্মহত্যা সংঘটিত হোৱা দেখা যায়। অত্যাধিক অনুশাসনে মানুহৰ মনত নিৰাশাৰ ভাব জগাই তোলে যে তেওঁ আত্মহত্যাৰ পথ বাছিলয়। দুখেইমে মূলতে আত্মহত্যাক সামাজিক সত্যতা হিচাপে বিশ্লেষণ কৰিছে। ইয়াক বিভিন্ন সামাজিক অৱস্থাৰ সৈতে সংলগ্ন কৰি এক সামাজিক সত্য হিচাপে ব্যাখ্যা কৰিছে। আত্মহত্যা সম্পর্কীয় শ্রেণীবিভাজনে এই কথাক স্পষ্ট ৰূপ নিদর্শন কৰিছে। তেওঁ কৈছে যে সামাজিক ব্যৱস্থাত অত্যাধিকভাৱে একত্রিত হৈ থকা অথবা খুব কমকৈ একগোট হৈ থকা অৱস্থাই সমাজত আত্মহত্যাৰ হাৰৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে।
৪১। চিমেলে ঐতিহাসিক ঘটনাবিলাকক সমাজতত্ত্বৰ দ্বাৰা সূত্রাকাৰে কেনেদৰে ব্যাখ্যা কৰিছে? (How has Simmel explained historical events in a formulatic manner through sociology?)
উত্তৰঃ সেই সময়ত বহু ঐতিহাসিক আৰু সমাজবিজ্ঞানীয়ে মন কৰিছিল যে, ঐতিহাসিক ঘটনাবোৰ এনেই অভিনব যিবোৰ বাৰে বাৰে নঘটে। গতিকে সেই ঘটনাবোৰক সূত্রাকাৰে ব্যাখ্যা কৰাৰ নিচিনা এটা সমাজবিজ্ঞান গঢ়ি তোলা সম্ভৱ নহয়। কিন্তু চিমেলৰ মতে, মিথষ্ক্রিয়াৰ আকৃতিৰ অধ্যয়নৰ দ্বাৰা এই সমস্যা সমাধান কৰিব পৰা যাব। তেখেতে একমত আছিল যে সিজাৰৰ হত্যাকাণ্ড, অষ্টম হেনৰিৰ সিংহাসন আৰোহণ, ওয়াটার্লুৰ যুদ্ধত নেপোলিয়নৰ পৰাজয় আদি ঐতিহাসিক ঘটনা আৰু এই অভিনব ঘটনাবোৰ বাৰে বাৰে নঘটে। কিন্তু সমাজতাত্ত্বিক দৃষ্টিভংগীলৈ ইতিহাসক বিচাৰ কৰিলে এইবোৰ ঘটনাবোৰৰ অভিনৱত্বৰ তুলনাত সিহঁতৰ অন্তর্নিহিত সাদৃশ্য বেছিকৈ চকুত পৰে।
বিভিন্ন ৰজাৰ ব্যক্তিগত কার্যাৱলী বেছি পৰিমাণে পৰীক্ষা কৰাৰ দৰকাৰ নাই। কিন্তু ৰজাসকলৰ ব্যক্তিগত আচৰণৰ ক্ষেত্ৰত কেনেদৰে ৰাজতন্ত্রৰূপ প্রতিষ্ঠানটো সিহঁতক প্রভাৱিত কৰিছিল সেই জ্ঞান সমাজতত্ত্বৰ যোগেদি আহৰণ কৰা সম্ভৱ হ’ব পাৰে। এনেদৰে চিমেলে সমাজ জীৱনৰ এটা জ্যামিতি গঢ়ি তোলাত সচেষ্ট হৈছিল। চিমেলৰ মতে যদি সমাজক ব্যক্তিসকলৰ মাজত মিথষ্ক্রিয়াৰূপে ভবা হয় তেন্তে সমাজবিজ্ঞানৰ কাম হ’ল এইবোৰ মিথষ্ক্রিয়াৰ বিভিন্ন আকৃতিৰ বৰ্ণনা কৰা।
৪২। চিমেলৰ মতে আকৃতিৰ তাত্ত্বিক ব্যৱহাৰৰ সুবিধাবোৰ কি কি? (According to Simmel, what are the advantages of theoretical use of shape?)
উত্তৰঃ আনুষ্ঠানিক সমাজতত্ত্বত বাস্তৱ বিষয়াদিৰ কিছুমান বৈশিষ্ট্যক বিমূর্তভাবে বাছি লোৱা হয়। কোনো কোনো সামাজিক ঘটনা সিহঁতৰ বহিঃপ্রকাশ বেলেগ হ’লেও গাঠনিগত ব্যৱস্থাপনাত একেই ধৰণৰ হ’ব পাৰে। আনুষ্ঠানিক সমাজতত্ত্বৰ পদ্ধতিত এইবোৰ ঘটনাবোৰৰ তুলনা কৰা সম্ভৱ নহয়। যেনে- সামাজিক মূল্যবোধ মানি চলা স্কাউট দলত আৰু বিপথত চালিত হোৱা কিশোৰীবিলাকৰ গোষ্ঠীত নেতাৰ লগত অনুগামীসকলৰ সম্পৰ্কৰ গাঠনি একেই ধৰণৰ হ’ব পাৰে। চিমেলৰ মতে, অজস্র সামাজিক বিষয়বস্তুৰ পৰা যি নির্দিষ্ট সংখ্যক আকৃতি বাছি লোৱা সম্ভৱ সেইটো সমাজ জীৱনৰ বিশ্লেষণত সহায় কৰে। সামাজিক বিষয়বস্তুবিলাক পৰস্পৰ সম্পর্কহীন উপাদান মাত্র।
আকৃতিৰ তাত্ত্বিক ব্যৱহাৰৰ দ্বাৰাই এইবিলাকৰ মাজত সম্পর্ক স্থাপন কৰি এটা অখণ্ড সমাজ জীৱনৰ ধাৰণা গঢ়ি তোলা যায়। ইয়াৰোপৰি কিছুমান বিষয়বস্তুয়ে এটা নির্দিষ্ট আকৃতি অর্জন কৰে বুলি সেইবোৰক আন বিষয়বস্তুৰ পৰা পৃথক কৰা সম্ভৱ হয়। চিমেলৰ আনুষ্ঠানিক সমাজতত্ত্বৰ মূল্য অনস্বীকার্য। সামাজিক সম্পর্কবিলাকৰ আকৃতিৰ শ্রেণীবিন্যাস আৰু বিশ্লেষণৰ প্রয়োজনৰ কথা চিমেলে সঠিকভাৱে দাঙি ধৰিছিল। মানবীয় সম্পর্কবিলাক বিভিন্ন ধৰণৰ আৰু সামাজিক প্রক্রিয়াবিলাক ইমান জটিল যে সেইবোৰৰ শ্রেণীবিন্যাস নকৰিলে সমাজতাত্ত্বিক বিশ্লেষণ আধৰুৱা হৈ পৰিব পাৰে। চিমেলৰ আগতে স্পেনচাৰ আৰু টার্ডে কিছু পৰিমাণে সামাজিক সম্পর্কবোৰক শ্রেণীবিন্যস্ত কৰাৰ চেষ্টা কৰিছিল। তেওঁলোকৰ অসমাপ্ত কার্যক চিমেলে সমাপ্ত কৰিছে।
৪৩। ৰেডক্লিফ ব্রাউনে উল্লেখ কৰা সমাজ গাঠনিৰ লগত নৃবিজ্ঞানৰ শাখাসমূহ আলোচনা কৰা। (Discuss the branches of anthropology with the social structure mentioned by Radcliffe Brown.)
উত্তৰঃ (ক) সামাজিক নৃবিজ্ঞান আৰু সমাজ গাঠনিঃ ৰেডক্লিফ ব্রাউনে ব্যাখ্যা কৰিছে যে, সামাজিক নৃবিজ্ঞান হৈছে সমাজৰ তত্ত্বীয় প্রাকৃতিক বিজ্ঞান অর্থাৎ, সামাজিক প্রপঞ্চৰ অনুসন্ধান দৈহিক আৰু জৈৱিক বিজ্ঞানসমূহৰ অনুৰূপ পদ্ধতি ব্যৱহৃত হয়। তথাপিও কোনোবাই যদি ইয়াক বোলে তুলনামূলক সমাজবিজ্ঞান তাত কোনো আপত্তিনাথাকে, কিন্তু বাস্তৱত এইটো এটা বেলেগ বিষয়, ক’বলৈ গ’লে এইটো এটা মানৱ সমাজৰ অধ্যয়ন। কিন্তু ব্রাউনে সংস্কৃতি শব্দটোক মানি লোৱা নাই যাক নৃবিজ্ঞানীসকলে মানৱ সমাজৰ সামগ্রীক অধ্যয়নত প্রয়োগ কৰি থাকে।
তেওঁ উল্লেখ কৰিছে যে, এটা বিশেষ সমাজৰ জনসাধাৰণ এটা নির্দিষ্ট প্রাকৃতিক পৰিবেশত বসবাস কৰে। আৰু তেওঁ আচৰণৰ বিধানবলি পর্যবেক্ষণ কৰি দেখিছে আচলতে মানুহ পাস্পৰিক ভাৱত সামাজিক সম্পর্ক জটিল জালে সম্পর্কিত। ব্রাউনে বাস্তৱিক দিশত বিদ্যমান সম্পৰ্কৰ এই জালৰ ক্ষেত্ৰত সমাজ গাঠনি পদটো ব্যৱহাৰ কৰিছে। তেওঁ উল্লেখ কৰিছে যে, এই ধৰণৰ অধ্যয়নৰ ক্ষেত্ৰত আমি সংস্কৃতি পর্যবেক্ষণ নকৰো। যেহেতু সংস্কৃতি শব্দটোয়ে কোনো মূর্ত বাস্তবতা প্রকাশ নকৰে। তথাপি এটা বিমূর্ত অর্থ প্রকাশ কৰে যি অত্যন্ত অস্পষ্ট। তেওঁৰ অভিমত হ’ল, সামাজিক প্রপঞ্চ প্রাকৃতিক প্রপঞ্চইৰ এটা বেলেগ শ্রেণী গঠন কৰে।
এইবোৰ আচলতে কোনো বা কোনো ভাবত সমাজ গাঠনিৰ লগত সম্পর্কিত। সেয়েহে সমাজ গাঠনি ব্যক্তিৰ গঠনতন্ত্ৰৰ দৰেই বাস্তৱ, যিকোনো সমাজত আমি যি সামাজিক প্রপঞ্চ পর্যবেক্ষণ কৰি থাকো সেয়া ব্যক্তি মানুহৰ প্ৰকৃতিৰ তাৎক্ষণিক ফলাফল নহয়, এইবোৰ হ’ল সমাজ গাঠনীৰ ফলাফল যাৰ জৰিয়তে তেওঁলোক একত্রিত হয়। ৰেডক্লিফ ব্রাউনৰ মতে সমাজ গাঠনিৰ দুটা গুৰুত্বপূর্ণ উপাদান আছে, প্রথমতে ব্যক্তিৰ সামাজিক সম্পর্ক, দ্বিতীয়তে সামাজিক ভূমিকাৰ মাধ্যমেৰে ব্যক্তি আৰু শ্রেণীৰ পার্থক্য। প্রথম উপাদান সম্পর্কে ব্রাউনৰ অভিমত হৈছে কোনো সমাজৰ আত্মীয় সম্পৰ্কৰ গাঠনি এই ধৰণৰ দ্বি-স্তৰৰ সম্পৰ্কৰ জৰিয়তে গঠিত। আৰু দ্বিতীয় উপাদান সম্পর্কে তেওঁ প্রস্তাৱ কৰিছে যে এয়া হৈছে সামাজিক ভূমিকা, পুৰুষ আৰু নাৰী, সাধাৰণ মানুহ, নিয়োগ কর্তা আৰু কৰ্মচাৰীসকলৰ মাজত পার্থক্যমূলক সামাজিক অৱস্থানেই হৈছে বিভিন্ন ক্লান বা জাতিৰ বিষয় বস্তুৰ সামাজিক সম্পর্কৰ নির্দেশক।
(খ) সমাজ গাঠনিৰ প্ৰকাৰভেদঃ ৰেডক্লিফ ব্রাউনে সমাজ গাঠনিৰ মডেল দুটা শ্রেণীত ভাগ কৰিছে। প্রথমতে, ‘প্রকৃত সমাজ গাঠনি’ আৰু দ্বিতীয়তে, ‘সাধাৰণ সমাজ গাঠনি’। প্রকৃত সমাজ গাঠনি সম্পর্কত ব্রাউনে কৈছে যে, ব্যক্তিবর্গ আৰু ব্যক্তি গোষ্ঠীৰ প্রকৃত সামাজিক সম্পর্ক বছৰে বছৰে অথবা প্রতিদিনে পৰিবর্তিত হয়। নতুন নতুন সদস্য জন্ম লাভৰ জৰিয়তে সম্প্রদায়ভুক্ত হয়, আনফালে বেলেগে মৃত্যু বা স্থানান্তৰৰ জৰিয়তে সম্প্রদায়ৰ পৰা আতৰি যায়। বিবাহ অথবা বিবাহ বিচ্ছেদৰ দ্বাৰা বহু বাৰ সদস্যৰ পৰিৱর্তন ঘটে। তেওঁৰ মতে প্রকৃত সমাজ গাঠনিৰ বহু বাৰ পৰিবৰ্তন ঘটে আৰু আনফালে সাধাৰণ সমাজ গাঠনি তুলনামূলক দীর্ঘ সময় ধৰি স্থিৰ থাকে।
ব্ৰাউনে উল্লেখ কৰিছে যে, কোনো কোনো সময়ত গাঠনিগত আকৃতি লাহে লাহে পৰিৱর্তিত হ’ব পাৰে অথবা কোনো কোনো সময় বিপ্লৱ বা সাময়িক বিজয়ৰ কাৰণত অতি শীঘ্রকৈ পৰিবর্তন হ’ব পাৰে।
(গ) সমাজ গাঠনিৰ স্থানিক প্রেক্ষিতঃ সমাজ গাঠনিৰ স্থানিক পৰিপ্ৰেক্ষিত সম্পর্কে ৰেডক্লিফ ব্রাউনে প্রস্তাৱ কৰিছে যে, নাম মাত্র সমাজ আছে যি বাস্তৱত বহিবিশ্বৰ পৰা বিচ্ছিন্ন অথবা যাৰ কোনো সংযোগ নাই। সেই বাবেই সামাজিক সম্পর্কৰ জাল বিস্তৃত অঞ্চল ধৰি প্ৰসাৰিত আৰু নির্দিষ্ট কোনো গাওঁ বা সমাজৰ এজন মানুহ বহু দূৰত অৱস্থিত আন গাৱঁৰ মানুহৰ লগত সম্পর্কিত আৰু বিভিন্ন আত্মীয়তাৰ সূত্ৰত আবদ্ধ হৈ থাকে। ইয়াতে পুনৰায় আদিম সমাজৰ মাজত আত্মীয়তার সম্পর্ক চলি থাকে। ব্রাউনে প্রস্তাব কবিছে যে, এখন গাৱৰ অধিবাসীসকলে আন এটা অঞ্চলৰ অধিবাসীসকলৰ লগতে মিথস্ক্রিয়া কৰে অথবা সম্পর্কত থাকে।
(ঘ) সামাজিক শৰীৰবিজ্ঞান আৰু সমাজ গাঠনিঃ ৰেডক্লিফ ব্রাউনে কৈছে যে, নৃবিজ্ঞানীসকলৰ গাঠনিগত ব্যৱস্থাৰ ভিন্নতা আৰু বৈচিত্র্য সমীক্ষা কৰাত তেওঁ সামাজিক অঙ্গ সংস্থান বিদ্যা আৰু সামাজিক শৰীৰ বিজ্ঞান নামৰ দুটা পদ ব্যৱহাৰ কৰিছে। “সামাজিক অঙ্গ সংস্থান বিদ্যা” শব্দৰ জৰিয়তে সমাজৰ তুলনামূলক অংগ সংস্থান বিদ্যাৰ কথা বুজাইছে য’ত গাঠনিগত ব্যৱস্থাৰ কিছুমান প্ৰকাৰভেদ আছে। ব্রাউনৰ মতানুসাৰে সামাজিক অঙ্গ সংস্থানিক বিদ্যা বিচিত্র গাঠনিগত ব্যৱস্থাৰ সংজ্ঞা, উপমা আৰু শ্রেণী বিন্যাসৰ মাজত নিহিত আছে।
এই অংগসংস্থানমূলক সমীক্ষাৰ বাহিৰেও সমাজৰ শৰীৰবৃত্তীয় সমীক্ষা ৰৈ গৈছে য’ত বিভিন্ন প্রকাৰৰ প্রশ্ন উত্থাপিত হৈছে আৰু সমাজ বিজ্ঞানীসকলে এইবোৰ সমীক্ষা কৰিছে।
উদাহৰণস্বৰূপে কেনেকৈ গাঠনিগত ব্যৱস্থা টিকি থাকে আৰু সামাজিক সম্পৰ্কৰ জাল বিদ্যমান থকাৰ কলা-কৌশল কি? এইবোৰৰ ব্যাখ্যাত ব্রাউনৰ অভিমত হ’ল- সামাজিক অংগসংস্থান বিদ্যাৰ বিভিন্ন ধৰণৰ সামাজিক প্রপঞ্চ অন্তর্ভূক্ত আছে যেনে নৈতিকতা, আইন, ভদ্রতা, ধর্ম, চৰকাৰ, শিক্ষা প্রভৃতি যৌগিক কলা-কৌশলৰ অংশ যিবোৰৰ দ্বাৰা সমাজ গাঠনি অস্তিত্বমান আৰু চলমান থাকে। ব্রাউনে তেওঁৰ বক্তব্যক সুস্পষ্ট কৰাৰ কাৰণে সামাজিক সম্পৰ্কৰ লগত ভাষা, অর্থনীতি, ধর্ম আদিৰ গুৰুত্বক সম্পর্কিত কৰাৰ প্ৰয়াস কৰিছে।
ভাষা প্রসংগত ব্রাউনে কৈছে যে, ভাষা হ’ল নির্দিষ্ট ভাষা সম্প্রদায়ৰ মাজত ব্যৱহৃত সংযুক্ত কথাসমষ্টি। তেওঁৰ মতানুসাৰত ভাষা সম্প্ৰদায়ৰ অস্তিত্ব আৰু সিহঁতৰ আকৃতি হ’ল সমাজ গাঠনিৰ বৈশিষ্ট্য। গতিকে সমাজ গাঠনি আৰু ভাষাৰ মাজত নির্দিষ্ট এটা সাধাৰণ সম্পর্ক আছে। কিন্তু এই প্রসংগত ব্রাউনে স্পষ্টকৈ কৈছে যে, এটা বিশেষ ভাষাত আৰু শব্দভাণ্ডাৰ, শব্দবিদ্যা আদিৰ কিছুমান বৈশিষ্ট্য আছে আৰু এইবোৰ উপাদান সমাজ গাঠনিৰ অধ্যয়নৰ লগত পৰোক্ষভাৱে সংযুক্ত নহয়। তেওঁ আৰু কয় যে, ভাষাৰ সাধাৰণ তুলনামূলক সমীক্ষা বিশেষকৈ ইয়াৰ ব্যাকৰণ, শব্দভাণ্ডাৰ, প্রভৃতি বেলেগভাবে কৰা যায়। কিন্তু ভাষাতাত্ত্বিক ইতিহাসৰ কিছুমান নির্দিষ্ট বৈশিষ্টা আছে যিবোৰ সমাজ গাঠনিৰ লগত সম্পর্কিত।
অনুৰূপভাৱত, ভাষাৰ বিস্তৃতি, এটা একক ভাষা সম্প্ৰদায়ৰ মাজত কিছু সংখ্যক বেলেগ সম্প্রদায়ৰ একীকৰণ আৰু বিচ্ছিন্নকৰণৰ বিপৰীত প্রক্রিয়া আদি সমাজ গাঠনিৰ সামাজিক প্রপঞ্চ। গতিকে ব্রাউনে ভাষাতত্ত্বক সামাজিক নৃবিজ্ঞানৰ এটা গুৰুত্বপূর্ণ শাখা হিচাপে বিবেচনা কৰিছে। কিন্তু একে লগতে তেওঁ এইটোও আৰু কয় যে সমাজ গাঠনিৰ উল্লেখ ব্যতিৰেকত ভাষাতত্ত্ব অধ্যয়ন কৰা যায় যেতিয়া ভাষাতত্ত্ববিদসকল তেওঁলোকৰ অধ্যয়নক শব্দবিজ্ঞান, শব্দভাণ্ডাৰ, ব্যাকৰণ আদিৰ মাজত সীমিত ৰাখে।
(ঙ) সমাজ গাঠনিত সামাজিক সম্পর্ক আৰু ধৰ্মৰ প্রত্যয়ঃ ৰেডক্লিফ ব্রাউনৰ মতানুসৰণত দুটা বা তাৰ অধিক গঠনতন্ত্রৰ মাজত সামাজিক সম্পর্ক থাকে যেতিয়া এইবিলাকৰ নিজৰ নিজৰ স্বাৰ্থৰ কিছুমান সামঞ্জস্য থাকে।
ব্রাউনে ‘স্বার্থ’ শব্দটোক বৃহত্তৰ সম্ভাব্য ধাৰণাৰ পৰাই ব্যৱহাৰ কৰিছে আৰু তেওঁ কৈছে সকলো আচৰণকেই আমি উদ্দেশ্যমূলক হিচাপে গণ্য কৰিব পাৰো। তেওঁৰ মতে এটা বিষয় আৰু উদ্দেশ্যৰ প্রকাশ বা আখ্যা দিয়াত ‘স্বার্থ’ শব্দটো প্রয়োগ কৰা হয়। ব্যাকৰণগত সম্পর্কৰ আলোচনাত ৰেডক্লিফ ব্রাউনে প্রস্তাৱ কৰিছে যে, এটা বিষয়ৰ উদ্দেশ্যৰ মাজত স্বার্থ নিহিত আছে। আনফালে এটা উদ্দেশ্যৰ নির্দিষ্ট মূল্য থাকে। তেওঁৰ মতে ‘স্বার্থ’ আৰু ‘মূল্য’ হৈছে আন্তঃসম্পর্কিত পদ।
স্বাৰ্থৰ সাদৃশ্যৰ ফলত সামাজিক সম্পর্ক সৃষ্টি নহয়, কিন্তু পাৰস্পৰিক স্বার্থ অথবা উভযৰ স্বাৰ্থৰ সমন্বয়ৰ ওপৰত নিৰ্ভৰশীল। সামাজিক সংহতিৰ সহজতম ৰূপ এইক্ষেত্ৰত দেখা যাব পাৰে য’ত এটা যৌথ ক্রিয়াত দুই বা ততোধিক ব্যক্তিৰ স্বাৰ্থ আছে অথবা এটা কামত সাধাৰণ স্বার্থ নিহিত আছে, আৰু ক’ব পৰা যায় যে বিষয়টোৰ সামাজিক মূল্য আছে। বর্তমান, এটা সমাজত বহুত ব্যক্তি আছে আৰু এইবোৰ ব্যক্তিৰ সামাজিক আইন পালনত সাধাৰণ স্বাৰ্থ ৰৈ গৈছে আৰু আমি এনেকৈ ক’ব পাৰো যে, আইনৰ এটা সামাজিক মূল্য আছে আৰু এফালৰ পৰা সামাজিক মূলাত অধ্যয়ন হ’ল সমাজ গাঠনিৰ বিষয়বস্তু।
তেখেতে অনুসন্ধানকাৰী সকলৰ উদ্দেশ্যত প্রস্তাৱ ৰাখিছে যে, যত্নৰ লগত সামাজিক সম্পর্ক পর্যবেক্ষণ কৰিব লাগে আৰু তেতিয়াই ব্যক্তিবর্গৰ পাৰস্পৰিক আচৰণৰ বৰ্ণনা কৰিব পৰা যায়। সমাজ। গাঠনিত সামাজিক মূল্য প্রত্যয়ৰ অনুৰূপ ধর্মানুষ্ঠানৰ মূল্য প্রত্যয় আৰু ব্রাউনৰ মতে, ধর্মানুষ্ঠানৰ মূল্যবোধ ধর্মাচাৰ ধর্মীয় উৎসৱ আৰু পুৰাণত প্রকাশ পায়। সেয়েহে ধর্মানুষ্ঠানৰ মূল্যবোধ ধৰ্মৰ আলোকত সমীক্ষা কৰা যাব পাৰে যি সমাজক একসূত্ৰত আবদ্ধ কৰে। ব্রাউনৰ অভিমত আছিল যে, ধর্ম উপলব্ধি কৰাৰ সৰ্বোত্তম পন্থা হ’ল বিশ্বাসতকৈ ধর্মাচাৰ আৰু ধর্মানুষ্ঠানৰ অনুধাবন। অধিকাংশ ধৰ্মৰ উৎসমূলক ধর্মাচাৰ হ’ল স্থিৰ আৰু স্থায়ী উপাদান আৰু প্রাচীন ধর্মবিশ্বাসৰ প্ৰেৰণাত আমি এইবোৰ দেখা পাওঁ। গতিকে ধর্মানুষ্ঠানৰ মূল্যবোধ অধ্যয়ন সমাজ গাঠনিত খুব গুৰুত্বপূর্ণ, কাৰণ ধর্মানুষ্ঠান মূল্যবোধ হ’ল সমাজৰ সদস্যৰ সংযোজন শক্তি।
৪৪। ৰেডক্লিফ ব্রাউনৰ বিষয়ে আলোচনা কৰা। (Discuss about Redcliffe Brown.)
উত্তৰঃ ৰেডক্লিফ ব্রাউন এজন নৃতত্ত্ববিদ। ১৯০৬ চনত তেওঁ জন্মগ্রহণ কৰে। নৃবিজ্ঞানৰ ক্ষেত্ৰত তেওঁৰ বৃহত্তম অৱদান হৈছে তেখেতে প্রাচীন সমাজৰ ক্ষেত্ৰত ব্যৱস্থা তত্ত্বৰ কতিপয় ধাৰণা প্রয়োগ কৰে, যাৰ ফলত সামাজিক সম্পর্ক বিশ্লেষণ আৰু ব্যাখ্যাৰ ক্ষেত্ৰত আলোড়নৰ সৃষ্টি হয়। তেওঁ সমাজ গাঠনিৰ ধাৰণাটো সর্বপ্রথম ব্যৱহাৰ কৰিছে ১৯১৪ চনত আৰু তেতিয়া তেওঁ বার্মিংহামত “Social Anthropology “ৰ ওপৰত বক্তৃতা প্রদান কৰিছে। তাৰ পিছত ১৯৪০ চনত সমাজ গাঠনিৰ ওপৰত গুৰুত্ব আৰোপ কৰি ব্ৰাউনে “Royal Anthropological Institute of Great Britain” ত প্রেচিডেঞ্চিয়াল বক্তৃতা দিছে।
ব্রাউনৰ দুটা প্ৰৱন্ধ হৈছে-
(ক) ‘The Methods of Ethnology and Social Anthropology.
(খ) ‘The Mother’s Brother in South Africa’.
ব্রাউনৰ মূল কাৰ্যকৰ প্রকল্প সিদ্ধান্ত হৈছে যে সমাজ হ’ল পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল আৰু কার্যাবলিৰ প্রেক্ষিতত পৰস্পৰ সম্পৃক্ত নানাবিধ উপাদানৰ গতিশীল আৰু স্থায়ী ব্যৱস্থা। পৰৱর্তীকালত তেওঁৰ বিখ্যাত গাঠনি কার্যাৱলীৰ তত্ত্ব নামত পৰিচিত। তেওঁৰ মুখ্য উদ্দেশ্য আছিল সমাজ আৰু সংস্কৃতিৰ বিমূর্ত্ত সাধাৰণ বৈশিষ্ট্যসমূহৰ চিহ্নিতকৰণ আৰু সমাজ ব্যৱস্থাৰ পৰস্পৰ তুলনীয় প্রকাৰসমূহৰ অনুসন্ধান কৰা।
ৰেডক্লিফ ব্রাউন ১৯০৬-১৯০৮ চনৰ পৰা আন্দামান দ্বীপত আৰু ১৯১০-১২ চন লৈকে পশ্চিম অষ্ট্রেলিয়াৰ আদিবাসীসকলৰ মাজত গবেষণা চলাইছিল। সমাজ ব্যৱস্থাৰ তত্ত্ব নির্মাণ কালত ৰেডক্লিফ ব্রাউনে বিভিন্ন বস্তু আৰু ঘটনাৰ পাৰস্পৰিক সম্বন্ধৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সামাজিক গাঠনিৰ চূড়ান্ত উপাদান হৈছে স্বতন্ত্র মানৱ সত্তা অথবা ব্যক্তি আৰু ব্যক্তিবর্গৰ পাৰস্পৰিক সম্পৰ্কৰ বিন্যাস।
ব্রাউন পশ্চিম অষ্ট্ৰেলিয়াৰ উপজাতিসকৰ মাজৰ পৰা উদাহৰণ লৈ সমাজ গাঠনিৰ বিবৰণ দান কৰিছে। ৰেডক্লিফ ব্রাউনৰ মতে, সমাজ গাঠনিৰ দুটা গুৰুত্বপূৰ্ণ উপাদান আছে। প্রথমতে ব্যক্তিৰ সামাজিক সম্পর্ক, দ্বিতীয়তে সামাজিক ভূমিকাৰ জৰিয়তে ব্যক্তিৰ সম্পর্ক। তেখেতে প্রথম উপাদান সম্পর্কে কৈছে, যি কোনো সমাজত আত্মীয় সম্পৰ্কৰ গাঠনি দ্বিস্তৰৰ সম্পৰ্কৰ দ্বাৰা গঠিত। দ্বিতীয় উপাদান সম্পর্কে ব্রাউনৰ প্রস্তাৱ হৈছে সামাজিক ভূমিকা, নাৰী আৰু পুৰুষ, নিয়োগ কর্তা, প্রভৃতিৰ সামাজিক অৱস্থানেই হৈছে বিভিন্ন ক্লান বা জাতিৰ বিষয়ৰ সামাজিক সম্পর্কৰ নির্দেশক।
ৰেডক্লিফ ব্রাউনে সামাজিক নৃবিজ্ঞানত ‘সংস্কৃতি’ শব্দটোক সম্পূর্ণভাবে প্রত্যাখান কৰিছে আৰু সংস্কৃতি বিজ্ঞানীসকলে ৰেডক্লিফ ব্রাউনৰ এই দৃষ্টিভঙ্গিৰ বিৰোধিতা কৰিছে কাৰণ সংস্কৃতি হৈছে নৃবিজ্ঞানৰ প্রধান বিষয়।
৪৫। সমাজ গাঠনিত সামাজিক সম্পর্ক আৰু ধৰ্মৰ প্রত্যয় সম্পর্কে ব্রাউনে কি মতবাদ দিছে? (What Brown has argued about social relation and the affirmation of religion in the social structure.)
উত্তৰঃ (ক) সমাজ গাঠনিত সামাজিক সম্পর্ক আৰু ধৰ্মৰ প্রত্যয়ঃ ৰেডক্লিফ ব্রাউনৰ মতে দুটা বা তাৰ অধিক গঠনতন্ত্ৰৰ মাজত সামাজিক সম্পর্ক থাকে যিবিলাকৰ নিজ নিজ স্বার্থৰ কেইটামান সামঞ্জস্য থাকে।
ব্ৰাউনে ‘স্বার্থ’ শব্দটোক এটা ডাঙৰ সম্ভাব্য ধাৰণাৰ পৰা ব্যৱহাৰ কৰিছে আৰু তেখেতে কৈছে যে সকলো আচৰণক তেওঁ উদ্দেশ্যমূলক বুলি গণ্য কৰিছে। তেওঁৰ মতে এটা বিষয় আৰু উদ্দেশ্যৰ প্ৰকাশ বা আখ্যা দিয়াত স্বার্থ শব্দটো পয়োগ কৰা হয়। তেওঁ কৈছে যে এটা বিষয়ৰ উদ্দেশ্যৰ মাজত স্পর্থ নিহিত থাকে, বিষয়ৰ বাবেই এটা উদ্দেশ্যৰ মূল্য থাকে। তেওঁৰ মতে ‘স্বার্থ’ আৰু ‘মূল্য’ হৈছে আন্তঃসম্পর্কিত পদ।
ব্রাউনৰ অভিমত আছিল স্বাৰ্থৰ সাদৃশ্যৰ ফলত সামাজিক সম্পর্ক সৃষ্টি নহয়, পাৰস্পৰিক স্বার্থ অথবা উভয়ৰ স্বাৰ্থৰ সমন্বয়ৰ ওপৰত নিৰ্ভৰশীল। সামাজিক সংহতিৰ সহজতম ৰূপ এইক্ষেত্ৰত দেখা যাব পাৰে য’ত এটা যৌথ ক্রিয়াত দুই বা ততোধিক ব্যক্তিৰ স্বার্থ আছে অথবা এটা কামত সাধাৰণ স্বার্থ নিহিত আছে, আৰু ক’ব পৰা যায় যে বিষয়টোৰ সামাজিক মূল্য আছে। বর্তমান, এটা সমাজত বহুত ব্যক্তি আছে আৰু এইবোৰ ব্যক্তিৰ সামাজিক আইন পালনত সাধাৰণ স্বাৰ্থ ৰইছে আৰু আমি এনেকেও ক’ব পাৰো। যে, আইনৰ এটা সামাজিক মূল্য আছে আৰু এফালৰ পৰা সামাজিক মূল্যত অধ্যয়ন হ’ল সমাজ গাঠনীৰ বিষয়বস্তু।
(খ) সমাজ গাঠনিত সামাজিক মূল্য প্রত্যয়ৰ অনুৰূপ ধর্মানুষ্ঠানৰ মূল্য প্রত্যয় আৰু ব্রাউনৰ মতে, ধর্মানুষ্ঠানৰ মূল্যবোধ ধর্মাচাৰ ধর্মীয় উৎসৱ আৰু পুৰাণত প্রকাশ পায়। সেয়েহে ধর্মানুষ্ঠানৰ মূল্যবোধ ধৰ্মৰ আলোকত সমীক্ষা কৰা যাব পাৰে যি সমাজক একসূত্ৰত আবদ্ধ কৰে। ব্রাউনৰ অভিমত আছিল যে, ধর্ম উপলব্ধি কৰাৰ সৰ্বোত্তম পন্থা হ’ল বিশ্বাসতোতকৈ ধর্মাচাৰ আৰু ধর্মানুষ্ঠানৰ অনুধাৱন। অধিকাংশ ধর্মৰ উৎসমূলক ধর্মাচাৰ হ’ল স্থিৰ আৰু স্থায়ী উপাদান আৰু প্রাচীন ধর্মবিশ্বাসৰ প্ৰেৰণাত আমি এইবোৰ দেখা পাওঁ। গতিকে ধর্মানুষ্ঠানৰ মূল্যবোধ অধ্যয়ন সমাজ গাঠনিত খুবে গুৰুত্বপূর্ণ, কাৰণ ধর্মানুষ্ঠান মূল্যবোধ হ’ল সমাজৰ সদস্যৰ সংযোজন শক্তি।
(গ) সামাজিক পৰিৱৰ্তনৰ সামাজিক বিৱর্তন প্রত্যয়ঃ হাবার্ট স্পেনছাৰ সামাজিক বিবর্তন মতবাদ বিকশিত কৰিছে আৰু এইটো হৈছে তেওঁৰ বিবর্তনৰ সাধাৰণ মতবাদ গঠনৰ এটা অংশ। তেওঁৰ মত অনুসাৰে ভূ-পৃষ্ঠত জীৱনৰ বিকাশ এটা সহজ প্রক্রিয়া আৰু স্পেনছাৰৰ উক্ত কাৰণত ‘বিৱর্তন’ শব্দটো প্রয়োগ কৰিছে। ভূ-পৃষ্ঠত জীৱনৰ বিকাশক দুটা দিশত ব্যাখ্যা কৰিব পৰা যায়। অর্থাৎ জৈৱিক বিৱর্তন অথবা সামাজিক বিবর্তন। সামাজিক গাঠনিত কেৱল ৰেডক্লিফ ব্রাউন স্পেনছাৰৰ সামাজিক বিৱর্তন প্রত্যেয়টো সংশোধিত কৰিছে আৰু কৈছে যে স্পেনছাৰৰ মতবাদ কেৱল ব্যাখ্যাৰ এটা ৰূপৰেখা দান কৰে যিটো জৈৱিক সামাজিক জীৱনৰ অধ্যয়নত উল্লেখ্য পৰিমাণত প্রয়োগ কৰিব পৰা যায়। নৃবিজ্ঞানীৰ প্রস্তাৱিত সামগ্রিক বিৱর্তন বর্ণনা কৰাৰ বাবে ‘সামগ্রিক প্রগতি’ ব্রাউনে মানি নলয়। তেওঁ কয় যে, অনুৰূপ হ’লে সামাজিক প্রগতিৰ প্রত্যয়টো সামাজিক বিবর্তনৰ নিচিনা নহয়, তথাপি উভয় পদতে ঘনিষ্ঠভাবে সম্পর্কিত।
ৰেডক্লিফ ব্রাউনৰ অভিমত আছিল, সামাজিক প্ৰগতিৰ প্রত্যয়ক স্থায়ী বস্তু হিচাপে ব্যাখ্যা কৰা হৈছে আৰু অমার্জিত প্রস্তৰ অস্ত্ৰৰ পৰা মানুহৰ নৈতিক উন্নয়ন আৰু যৌন বিশৃঙ্খলাৰ পৰা আধুনিক বাস্তৱধর্মী আৰু একগামী বিয়াত পৰিণত। ‘প্রগতি’ শব্দটো এইধৰণৰ প্ৰক্ৰিয়াৰ ব্যাখ্যাৰ বাবে ব্যৱহৃত কৰিব পৰা যায় যাৰ দ্বাৰা মানব সত্তা আৱিষ্কাৰ আৰু উদ্ভৱৰ দ্বাৰা বৈজ্ঞানিক উন্নয়নৰ জ্ঞান অর্জন কৰিছে।
ব্রাউনৰ মতে ‘বিবর্তন’ বিশ্লেষণ গাঠনিৰ নতুন ধৰণৰ উত্থান প্রক্রিয়াৰ কথাই কয়। পুনৰায় এইধৰণৰ গাঠনি দুই ভাবে ব্যাখ্যা কৰা যাব পাৰে। জৈৱিক বিবর্তন আৰু সামাজিক বিবর্তন। কিছুমান বৈশিষ্ট্য আছে য’ত সৰু আকৃতিৰ কিছু সংখ্যক গঠনতন্ত্র ডাঙৰ আকাৰৰ কিছু সংখ্যক গঠনতন্ত্রত বিকশিত হয় আৰু সহজ আকৃতিৰ পৰা জৈৱিক গাঠনিৰ অধিকতৰ জটিল ৰূপ ধাৰণ কৰে।
ব্রাউনৰ মতে, সমাজ গাঠনিত সামাজিক বিবৱর্তনক দুটা গুৰুত্বপূর্ণ বৈশিষ্ট্যৰ সহায়ত সংজ্ঞায়িত কৰা যায়। প্রথমতে, এটা প্রক্রিয়া আছে যিটোৰ দ্বাৰা সমাজ গাঠনিৰ এটা ক্ষুদ্র সংখ্যক আকৃতি বিভিন্ন ধৰণৰ আকৃতিত বিকশিত হয়। দ্বিতীয়, সমাজ গাঠনিৰ সহজতৰ ৰূপ সামাজিক বিবর্তনৰ দীর্ঘ প্রক্রিয়াত সমাজ গাঠনিৰ জটিল ৰূপৰ দ্বাৰা ব্যাপক পৰিমাণত অপসাৰিত হৈছে। তেখেতে কৈছে সামাজিক বিবর্তন এটা বাস্তৱতা যিয়ে সামাজিক নৃবিজ্ঞানীসকলক অধ্যয়ন কৰা আৰু স্বীকাৰ কৰি লোৱাটো প্রয়োজনীয়।
৪৬। ৰেডক্লিফ ব্রাউনৰ গঠনবাদী মতবাদ কিকিক্ৰটিৰ কাৰণে সমালোচিত হৈছে আলোচনা কৰা। (Discuss what Redcliffe Brown’s Structural Doctrine has been criticized for?)
উত্তৰঃ ৰেডক্লিফ ব্রাউনৰ গঠনবাদী মতবাদ কিছু কিছু ত্রুটিৰ কাৰণে সমালোচিত হৈছে। তলত সমালোচনা কৰা হ’ল-
প্রথমতে- এনে অভিযোগ আছে যে, মোটামুটি সমাজ গাঠনি প্রত্যয়টোয়ে আছিল যুদ্ধকালীন প্রত্যয় আৰু ব্রাউনে ১৯১৪ চনত প্রথম বাৰৰ বাবে সেয়া মতত বিকশিত কৰিছিল। আৰু ১৯৪০ চনত তেওঁ ইয়াক পূর্ণৰূপ দান কৰিছিল।
দ্বিতীয়তে- আমেৰিকান নৃবিজ্ঞানৰ জগতত সমাজ গাঠনি প্রত্যয়টো তেনে এটা উল্লেখযোগ্য স্থান পোৱা নাই আকলিনটন তেওঁৰ বিখ্যাত গ্রন্থ ‘The Study of Man’, ক্ৰোয়েৰাৰ’ Anthropology, লোঈ তেওঁৰ ‘Primitive Society’ গ্রন্থত সমাজ গাঠনি প্রত্যয়টো বাদ দিছে।
তৃতীয়তে- ৰেডক্লিফব্রাউনে সামাজিক নৃবিজ্ঞানত ‘সংস্কৃতি’ শব্দটোকসম্পূর্ণৰূপত প্রত্যাখ্যান কৰিছে আৰু তথাকথিত সংস্কৃতি বিজ্ঞানী সকলে ৰেডক্লিফ ব্রাউনৰ এই দৃষ্টিভংগীৰ তীব্র বিৰোধিতা কৰিছে কাৰণ সংস্কৃতি হ’ল নৃবিজ্ঞানৰ মূল বিষয়।
চতুর্থতে- ব্রাউনক এজন উত্তম তাত্ত্বিক বুলি বিবেচনা কৰা হয়, তথাপি এজন উত্তম চৰেজমিন গবেষক নহয় আৰু এই কাৰণত তেওঁক এজন আয়েশী নৃবিজ্ঞানী বুলি আখ্যায়িত কৰা হয়।
পঞ্চমতে- চূড়ান্তভাৱত এইটো সাধাৰণ ভাৱে কোৱা হয় যে, মেলিনস্কিৰ ৰচনাত য’ত ‘মানুহ সর্বদা আমাৰ লগত’, তথাপি আনফালে ব্রাউনৰ ৰচনাত ‘মানুহ সর্বদা অনুপস্থিত’। এইটো প্ৰমাণ কৰে যে, সামগ্রিকভাৱে এই অধ্যয়নৰ বিষয় যে মানুহব্রাউনে তত্ত্বীয় চৰ্চাত ইয়াক তাৰ পৰা দূৰত ঠেলি পঠাইছে।
৪৭। চমুটোকা লিখাঃ Write short note:
(ক) এন’মি (Anomie)
উত্তৰঃ সমাজতত্ত্ববিদসকলৰ ভিতৰত ইমাইল ডুৰখেইমে প্রথমে তেওঁৰ প্ৰখ্যাত গ্রন্থ “Division of Labour in Society” গ্রন্থত এন’মি (Anomie) শব্দটো ব্যৱহাৰ কৰে। ডুৰখেইমে প্রতিমানহীন সামাজিক অৱস্থাক এন’মি (Anomie) বুলি ক’ব বিচাৰিছে। সমাজত যেতিয়া সামাজিক নিয়ন্ত্ৰণৰ অভাৱ ঘটে তেতিয়া সমাজৰ ব্যক্তিয়ে পথভ্রষ্টমূলক কার্যত লিপ্ত হয় আৰু এই অৱস্থাটোকে তেখেতে এন’মি বুলি ব্যাখ্যা কৰিছে। সমাজৰ প্ৰচলিত ৰীতি-নীতিৰ বিপৰীতে বা সমাজে অনুমোদন নজনোৱা কাম যেতিয়া কোনো ব্যক্তিয়ে কৰে তাকে পথভ্রষ্টমূলক কার্য হিচাপে গণ্য কৰা হয়। এনেধৰণৰ সমাজৰ অনুমোদন নোহোৱা, ভাঙুনমুখী, পথভ্রষ্টমূলক আৰু অনুশাসনমূলক অৱস্থাটোকে ডুৰখেইমে প্রতিমানহীনতা বা এন ‘মি বুলি অভিহিত কৰিছে।
ডুৰখেইমে মতে প্রতিমানহীন বা এন’মি অৱস্থাটো অনুশাসনৰ দ্বাৰা নিয়ন্ত্রিত কৰা হয়, এই অনুশাসন পদ্ধতিটোক ডুৰখেইমৰ দুটা ভাগত ভাগ কৰিছে-
১। দমনকাৰী অনুশাসন। আৰু
২। সংস্থাপিত অনুশাসন।
দমনকাৰী অনুশাসন হৈছে ন্যায়িক অনুশানবিহীন, স্বতঃস্ফূর্ত বল প্রয়োগ কৰা মাধ্যমেৰে চলোৱা ন্যায়িক অনুশাসন। আনহাতে সংস্থাপিত অনুশাসন হৈছে ৰাষ্ট্ৰীয় আইনৰ দ্বাৰা অনুশাসন। এই দমনকাৰী বা সংস্থাপিত অনুশাসনে এন’মি নিয়ন্ত্রণ কৰে।
ডুৰখেইমৰ মতে, ক্ষিপ্ৰ উদ্যোগীকৰণ আৰু শ্রম বিভাজনৰ ফলত হোবা সমাজৰ দ্রুত পৰিৱৰ্তনত কিছুমান ব্যক্তি খাপ নোখোৱাৰ ফলতো প্রতিমাহহীনতা বা এন’মি উদ্ভৱ হয়। সমাজৰ বিধি ব্যৱস্থা শিথিল হ’লে এন’মি কমকৈ হয় আৰু সমাজৰ বিধি বিধান কঠিন হ’লে অধিক এন’মি অৱস্থাৰ সৃষ্টি হয় বুলি ডুৰখেইমে মত প্ৰকাশ কৰিছে।
(খ) নিঃস্বার্থমূলক আত্মহত্যা (Selfless Suicide)
উত্তৰঃ ইমাহল ডুৰখেইমে আত্মহত্যাক তিনিটা ভাগত বিভক্ত কৰিছে। ডুৰখেইমৰ আত্মহত্যাৰ এই বিভাজনৰ মূল ভিত্তি হ’ল আত্মহত্যা উদ্ভৱ হ’ব পৰা সামাজিক পৰিবেশ প্রকৃতি বা অৱস্থা আদি। এই আত্মহত্যাৰ এটা ভাগ হ’ল নিঃস্বার্থমূলক আত্মহত্যা।
ব্যক্তিয়ে কোনো বিশেষ পৰিস্থিতিত বা পৰিবেশত সামূহিক কল্যাণৰ অৰ্থে কৰা আত্মহত্যাক নিঃস্বার্থমূলক আত্মহত্যা বুলি কোৱা হয়। কিছুমান ব্যক্তিয়ে নিজৰ ব্যক্তিগত স্বাৰ্থতকৈ সামাজিক স্বাৰ্থৰ ওপৰত বিশেষ গুৰুত্ব দিয়া দেখা যায়। নিজৰ প্ৰয়োজনীয়তাতকৈ সমাজৰ প্ৰয়োজনীয়তা অধিক গুৰুত্বপূর্ণ বুলি বিবেচনা কৰে আৰু সমাজৰ খাতিৰত নিজৰ জীৱন উছর্গা কৰিবলৈ কুণ্ঠাবোধ নকৰে। সমাজৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ ফলস্বৰূপে সমাজৰ মংগলক সমাজৰ উন্নতিৰ কাৰণে ব্যক্তিয়ে সমাজৰ নামত নিজৰ জীৱন উছৰ্গা কৰা দেখা যায়। ব্যক্তিগত জীৱন বা স্বার্থতকৈ যে সামূহিক জীৱন বা স্বার্থহে অধিক শ্রেষ্ঠ আৰু গুৰুত্বপূর্ণ সেই কথা নিঃস্বার্থমূলক আত্মহত্যাত পৰিলক্ষিত হয়।
সাধাৰণতে নিঃস্বার্থমূলক আত্মহত্যা লক্ষ্যকেন্দ্রিক বা মূল্যকেন্দ্রিক আত্মহত্যা বুলি ক’ব পাৰি। সামূহিক সচেতনতাৰ প্রতি সন্মান প্রদর্শন কৰি সামাজিক স্বাৰ্থৰ বাবে ব্যক্তিয়ে ত্যাগ স্বীকাৰ কৰি এনেধৰণৰ আত্মহত্যা সম্পাদন কৰে। এনেধৰণৰ আত্মহত্যাত আত্মোৎসর্গা আৰু সৰকল্যাণৰ মনোভাৱ নিহিত থাকে। মধ্যযুগীয় ভাৰতীয় হিন্দু সমাজত উদ্ভৱ হোৱা ‘সতীদাহ প্রথা,’ জাপানী সমাজৰ ‘হাৰাকিৰি’ আদি এনে ধৰণৰ আত্মহত্যাৰ উদাহৰণ।
(গ) সামূহিক সচেতনতা (Collective awareness)
উত্তৰঃ সামূহিক সচেতনতা শব্দটো ইমাইল ডুৰখেইমে মূল শব্দ Conscience Collective ৰ পৰা অনুবাদ কৰা হৈছে। Conscience শব্দটো ফ্রান্স ভাষাৰ পৰা আহিছে। এই শব্দটোৰ ইংৰাজী প্রতিশব্দ হৈছে Consciousness।
ইমাইল ডুৰখেইমে সামাজিক সংহতিৰ বিষয়ে আলোচনা কৰোতে এই সামুহিক সচেতনতাৰ কথা উল্লেখ কৰিছে। তেখেতৰ মতে, সামাজিক সংহতিৰ ক্ষেত্ৰত ব্যক্তিৰ সামূহিক সচেতনতা জড়িত হৈ থাকে। সামূহিক সচেতনতা নাথাকিলে সংহতি কেতিয়াও আহিব নোৱাৰে। সামূহিক চিন্তাধাৰা আৰু সংহতিৰ ফলস্বৰূপেহে এখন সুস্থ সবল সমাজ গঢ় লৈ উঠে।
ডুৰখেইমৰ মতে সামূহিক সচেতনতাৰ দ্বাৰা এখন সমাজৰ সামাজিক সংহতিক জুখিব পাৰি। সামূহিক সচেতনতাই সামাজিক সংহতি গঢ় দিয়ে। তেখেতে কৈছে, সমাজৰ সদস্যসকলৰ মাজত থকা সাদৃশ্যতাৰ ফলস্বৰূপেই সামূহিক সচেতনতা সৃষ্টি হয়, সামাজিক জীৱনৰ বাবে প্ৰতিগৰাকী ব্যক্তিয়েই সমূহীয়া বা সামূহিক সচেতনতাৰ বাবে সামাজিক সংহতিৰ বাবে চেষ্টা কৰিব লাগে। মানুহৰ সাদৃশ্যতাৰ পৰিমান বৃদ্ধি হোৱাৰ বাবেই সামুহিক সচেতনতাৰ দৃঢ়তাও বৃদ্ধি পায়।
(ঘ) টোটেম (Totem)
উত্তৰঃ ইমাইল দুর্খেমেই অষ্ট্ৰেলিয়াৰ অৰুন্টা নামৰ জনজাতিটোৰ মাজত এই টোটেম বা প্রতীকৰ ওপৰত থকা বিশ্বাস দেখিবলৈ পাইছিল। দুৰ্খেমেই এই প্রতীকবিলাকৰ ওপৰত থকা মানুহৰ বিশ্বাস আৰু ইয়াৰ উৎপত্তিৰ সম্পৰ্কে তেওঁলোকৰ ধাৰণাৰ ওপৰত গভীৰভাৱে অধ্যয়ন কৰে। এই অধ্যয়নৰ পৰা জনা যায় যে প্রতীক বা টোটেম এনে এটা পবিত্র জীৱ বা জড় পদার্থ যিটোক তেওঁলোকে গোত্ৰৰ উৎপত্তিৰ উপৰিপুৰুষ বুলি বিশ্বাস কৰে। এই প্রতীক যিকোনো গছ-লতা, চৰাই-চিৰিকতি, শিল, পর্বত-পাহাৰ, নদী আদিও হ’ব পাৰে।
প্রতীকটো জীৱ বা জড় পদার্থ যিয়েই নহওঁক ই সদায় পৱিত্র আৰু তেওঁলোকে এই প্রতীকক কেতিয়াও নষ্ট নকৰে, নাখায় বা নামাৰে। বিভিন্ন সময়ত এই প্রতীকৰ সন্তুষ্টিৰ কাৰণে পূজা অর্চনা কৰে। প্রতীকৰ নামেৰে তেওঁলোকে নিজৰ উপাধি নামাকৰণ কৰে। ডুৰখেইমৰ মতে প্রতীকটো হৈছে এটা ৰহস্যময়ী পার্থিৱ আৰু পবিত্র শক্তি আৰু ইয়াৰ জীৱন্ত ৰূপ আছে। প্রতীকে বা টোটেমে শাস্তি দিয়াৰ ভয়ত মানুহে অনৈতিক কামৰ পৰা বিৰত থাকে। গতিকে টোটেমক এনে এটা শক্তি হিচাপে গ্রহণ কৰা হয় যে এই অলৌকিক শক্তিয়ে মানুহৰ মনত ভয়, শ্রদ্ধা আৰু ভক্তি ভাৱৰ সৃষ্টি কৰে আৰু মানুহক শুদ্ধ পথেৰে পৰিচালিত কৰে। গতিকে, ডুৰখেইমৰ মতে প্রতীকবাদ হৈছে এটা অলৌকিক শক্তি আৰু এই শক্তিটো ভগৱানৰ এটা মূৰ্ত্ত প্রকাশ। এই টোটেম বা প্রতীক বাদেই হৈছে ধৰ্মৰ প্ৰাথমিক স্তৰ।
Munmi Begum Tq Sir 😍