Introduction to Sociology – II Unit 6 মিথষ্ক্রিয়াবাদ

Introduction to Sociology – II Unit 6 মিথষ্ক্রিয়াবাদ, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Introduction to Sociology – II Unit 6 মিথষ্ক্রিয়াবাদ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Introduction to Sociology – II Unit 6 মিথষ্ক্রিয়াবাদ Question Answer can be of great value to excel in the examination.

Introduction to Sociology – II Unit 6 মিথষ্ক্রিয়াবাদ

Join Telegram channel

Introduction to Sociology – II Unit 6 মিথষ্ক্রিয়াবাদ Notes cover all the exercise questions in UGC Syllabus. Introduction to Sociology – II Unit 6 মিথষ্ক্রিয়াবাদ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Interactionism: Herbert Blumer, Herbert Mead

SOCIOLOGY

INTRODUCTION TO SOCIOLOGY – II

সমাজতত্ত্বৰ দৃষ্টিভংগী – II

অতি চমু প্রশ্নোত্তৰঃ

(ক) শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ (Choose the correct answer)

১। কোন সমাজতাত্ত্বিকক মূলতঃ প্রতীকী মিথষ্ক্রিয়াবাদীৰ কৃতিত্ব দিয়া হৈছে- (Which social theorist is primarily credited for articulating symbolic interactionism)

(a) কার্ল মার্ক্স (Karl Marx)

(b) চার্লছ এইচ. কুলে (Charles. H. Cooley)

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(c) জর্জ হার্বার্ট মিড (George Herbert Mead) 

(d) হার্বার্ট ব্লুমাৰ (Herbert Blumer)

উত্তৰঃ (c) জর্জ হার্বার্ট মিড (George Herbert Mead.)

২। প্রতীকী মিথষ্ক্রিয়া তত্ত্বত নিজৰ ধাৰণাৰ বিকাশ আৰু প্ৰসাৰণৰ বাবে কোন সমাজতাত্ত্বিকক কৃতিত্ব দিয়া হৈছিল? (Which social theorist is credited for developing and expanding on the concept of the ‘self’ in symbolic interaction theory?)

(a) চার্লছ এইচ. কুলে (Charles H. Cooley) 

(b) কার্ল মার্ক্স (Karl Marx)

(c) হার্বার্ট ব্লুমাৰ (Herbert Blumer) 

(d) জর্জ হার্বার্ট মিড (George Herbert Mead)

উত্তৰঃ (d) জর্জ হার্বার্ট মিড (George Herbert Mead.)

৩। “দি লুকিং গ্লাচ চেল্‌ফ” ধাৰণাটো বিকাশৰ বাবে কোন সমাজতাত্ত্বিকক কৃতিত্ব দিয়া হৈছে– (Which social theorist is credited with developing the concept of the looking glass self’?)

(a) চার্লছ এইচ. কুলে (Charles. H. Cooley)

(b) থৰ্চটিন ৱেবলেন (Thorstein Weblen)

(c) জর্জ এইচ. মিড (George H. Mead) 

(d) হার্বার্ট ব্লুমাৰ (Herbert Blumer)

উত্তৰঃ (a) চাৰ্লছ এইচ. কুলে (Charles. H. Cooley.)

৪। “মন, স্ব আৰু সমাজ” কিতাপখনৰ লেখকৰ নাম হ’ল– (Name the author of the book “Mind, Self and Society”.)

(a) জি. এইচ. মিড (G. H. Mead)

(b) হাবার্ট ব্লুমাৰ (Herbert Blumer)

(c) টেলক’ট পাৰছন (Talcott parsons)

(d) ৰবার্ট কে. মর্টন (Robert K. Merton)

উত্তৰঃ (a) জি. এইচ. মিড (G. H. Mead.)

৫। তলৰ কোনজন প্রতীকী মিথষ্কিয়াবাদী? (Who among the following is a symbolic interactionist)

(a) কার্ল মার্ক্স (Karl Marx)

(b) মেক্স ৱেবাৰ (Max Weber) 

(c) টেলক’ট পাৰছন (Talcott Parsons)

(d) জি. এইচ. মিড (G. H. Mead)

উত্তৰঃ (d) জি. এইচ. মিড (G. H. Mead.)

৬। আদর্শিক ক্রিয়ামূলকতাৰ অৱদান ৰাখিছে– (Normative functionalism is the contribution of) 

(a) আলেকজেণ্ডাৰে (Alexander)

(b) পাৰছনে (Parson)

(c) ব্লুমাৰে (Blumer)

(d) মর্টেন (Merton)

উত্তৰঃ (b) পাৰছনে (Parson.)

৭। প্রতীকী মিথষ্ক্রিয়াবাদ ___________ ৰ লগত সম্পর্কিত। (Symbolic interactionism related to __________)

(a) মার্ক্স (Marx)

(b) ৱেবাৰ (Weber)

(c) চছাৰ (Coser)

(d) ব্লুমাৰ (Blumer)

উত্তৰঃ (d) ব্লুমাৰ (Blumer)।

৮। স্ব-এটা পণ্য হৈছে– (Self is a product of-) 

(a) সমাজৰ (Society)

(b) সংস্কৃতিৰ (Culture)

(c) মানুহৰ (Man) 

(d) সহপাঠী গোটৰ (Peer Group)

উত্তৰঃ (a) সমাজৰ (Society.)

৯। নিম্নলিখিত তত্ত্বৰ মাজত কোন তত্ত্বটোৱে কয় যে লোকসকল অন্য লোকৰ লগত মিথষ্ক্রিয়াৰ স্বাৰ্থ লৈ উৎসাহিত হয়? (Which theory among the following states that people an motivated by self-interest is the interactions with other people?)

(a) দ্বন্দ্ব (Conflict) 

(b) বিনিময় (Exchange)

(c) মিথষ্ক্রিয়া (Interaction)

(d) গঠনগত (Structural)

উত্তৰঃ (c) মিথষ্ক্রিয়া (Interaction.)

১০। প্রতীকী মিথষ্ক্রিয়াবাদী __________ হিচাপে পৰিচিত। (Symbolic interactionism is known to be a _________.) 

(a) ক্ষুদ্র স্তৰৰ তত্ত্ব (Micro-level theory)

(b) বৃহৎ স্তৰৰ তত্ত্ব (Macro-level theory) 

(c) মধ্যবর্তী স্তৰৰ তত্ত্ব (Meso-level theory)

(d) মধ্যম স্তৰৰ তত্ত্ব (Middle range theory)

উত্তৰঃ (a) ক্ষুদ্র স্তৰৰ তত্ত্ব (Micro-level theory.)

১১। প্রতীকী মিথষ্ক্রিয়াবাদৰ কেন্দ্রবিন্দু হ’ল ___________ (Symbolic interactionism focuses on _________)

(a) সমাজৰ গঠন (Structure of the society) 

(b) সমাজৰ ক্রিয়া (Function of the society) 

(c) সম্পদৰ ওপৰ দ্বন্দ্ব (Conflict over resources)

(d) একৰ পৰা এক মিথষ্ক্রিয়া আৰু যোগাযোগ (One to one interactions and communication)

উত্তৰঃ (d) একৰ পৰা এক মিথষ্ক্রিয়া আৰু যোগাযোগ (One to one interactions and communication.)

১২। কোনে বিশ্বাস কৰিছিল যে সমাজ হৈছে আন্তঃসম্পর্কিত আৰু পৰস্পৰ নিৰ্ভৰশীল অংশবিলাকৰ এটা জটিল ব্যৱস্থা যি স্থিতিশীলতা বজায় ৰাখিবৰ বাবে একত্রিত হৈ কাম কৰে? (Who believed that society is a complex system of interrelated and interdependent parts that work together to maintain stability?)

(a) আগষ্ট কট (Auguste Comte) 

(b) হার্বার্ট স্পেনচাৰ (Herbert Spencer)

(c) ইমাইল ডুৰখেইম (Emile Durkheim)

(d) মেক্স ৱেবাৰ (Max Weber)

উত্তৰঃ (c) ইমাইল ডুৰখেইম (Emile Durkheim.)

১৩। নিম্নোক্ত কোনজনে ‘প্রতীকী মিথষ্ক্রিয়াবাদ’ শব্দটো সৃষ্টি কৰিছিল? (Who among the following coined the term ‘symbolic interactionism’)

(a) হার্বার্ট ব্লুমাৰ (Herbert Blumer)

(b) চিগমুণ্ড ফ্রয়েড (Sigmund Freud)

(c) চি. এইচ কুলে (C. H. Cooley) 

(d) জর্জ হার্বার্ট মিড (George Herbert Mead)

উত্তৰঃ (a) হার্বার্ট ব্লুমাৰ (Herbert Blumer.)

১৪। হাবার্ট ব্লুমাৰৰ জন্ম হৈছিল __________ চনত। (Herbert Blumer was born in the year __________)

(a) ১৯০০ চনত (1900)

(a) ১৯০৩ চনত (1903)

(c) ১৯১০ চনত (1910)

(a) ১৯২১ চনত (1921)

উত্তৰঃ (a) ১৯০০ চনত (1900)

১৫। হার্বার্ট ব্লুমাৰ আছিল এজন আমেৰিকান (Herbert Blumer was an American)

(a) সমাজবিজ্ঞানী (Socialist)

(b) দার্শনিক (Philosopher)

(c) ৰাজনৈতিক নেতা (Political leader)

(d) অর্থনীতিবিদ (Economist)

উত্তৰঃ (a) সমাজবিজ্ঞানী (Socialist.)

১৬। হার্বার্ট ব্লুমাৰে কোনটো বিষয়ৰ ওপৰত সমালোচনামূলক অৱদান ৰাখিছিল? (On which topics did Herbert Blumer make a critical contribution?) 

(a) জনমত জৰিপ আৰু গণমাধ্যম গৱেষণা (Public opinion measurement and media research)

(b) জনসংখ্যা তত্ত্ব (Population theory)

(c) অর্থনৈতিক সমস্যা (Economic problems)

(d) শৈক্ষিক পৰিসংখ্যা তত্ত্ব (Educational statistics theory)

উত্তৰঃ (a) জনমত জৰিপ আৰু গণমাধ্যম গৱেষণা (Public opinion measurement and media research.)

১৭। প্রতিকী মিথষ্ক্রিয়া নামকৰণটো কোনে কৰিছিল? (Who named the symbolic interaction?) 

(a) হার্বার্ট ব্লুমাৰ (Herbert Blumer) 

(b) হার্বার্ট স্পেনচাৰ (Herbert Spencer) 

(c) জর্জ সিমেল (George Simmel)

(d) গ্ৰয়েড (Grayed)

উত্তৰঃ (a) হার্বার্ট ব্লুমাৰ (Herbert Blumer.)

১৮। হার্বার্ট মিডৰ জন্ম হৈছিল– (Herbert Mead was born in the year–)

(a) ১৮৫০ চনত (1850)

(b) ১৮৬৩ চনত (1863)

(c) ১৮৭০ চনত (1870)

(d) ১৮৭৭ চনত (1877)

উত্তৰঃ (b) ১৮৬৩ চনত (1863)

১৯। হার্বার্ট মিডে কিমান বয়সত কলেজত ভর্তি হৈছিল? (In how many years Herbert Mead was admitted to college?) 

(a) ১৮ (18)

(b) ১৬ (16)

(c) ২০ (20) 

(d) ২১ (21)

উত্তৰঃ (b) ১৬ (16)

২০। ‘Sociology’ অৱধাৰণা কোনে প্রথমে ব্যৱহাৰ কৰিছিল? (Who was the first to use the concept sociology’ theory?) 

(a) হাবার্ট মিড (Herbert Mead) 

(b) আগষ্ট ক’টে (Auguste Comte) 

(c) জর্জ চিমেল (Georg Simmel)

(d) হাবার্ট স্পেনচাৰ (Herbert Spencer)

উত্তৰঃ (b) আগষ্ট ক’টে (Auguste Comte.)

(খ) উত্তৰ লিখাঃ (Answer the following questions:)

১। কোন দুজন দার্শনিকে হার্বার্ট মিডৰ জীৱনৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়? (Which of the two philosophers had a profound impact on Herbert Mead’s life?)

উত্তৰঃ জছিয়া ৰয়চি আৰু উইলিয়াম জেমচ।

২। হার্বার্ট মিডে পিছলৈ গৈ কোনটো দৰ্শনৰ ওপৰত আকৰ্ষিত হৈছিল? (Herbert Mead was later attracted to which Philosophy?)

উত্তৰঃ শৰীৰতাত্ত্বিক মনোবিজ্ঞান।

৩। হার্বার্ট মিড কোনখন বিশ্ববিদ্যালয়ৰ অধ্যাপক আছিল? (Herbert Mead was a professor of which university?)

উত্তৰঃ মিচিগান বিশ্ববিদ্যালয়।

৪। হাবার্ট মিডৰ এজন ভাল বন্ধুৰ নাম লিখা। (Name a good friend of Herbert Mead?)

উত্তৰঃ জন ডিউই।

৫। মিডে জীৱিত কালত কেইখন প্রবন্ধ ৰচনা কৰিছিল? (How many essays did Mead write during his lifetime?)

উত্তৰঃ ৮০ খন।

৬। মিডৰ গ্ৰন্থবোৰ কেতিয়া প্রকাশ পাইছিল? (When did Mead’s books get published?) 

উত্তৰঃ মিডৰ মৃত্যুৰ পাছত।

৭। হার্বার্ট মিডৰ মৃত্যুৰ পিছত প্রকাশ পোৱা গ্রন্থকেইখনৰ নাম উল্লেখ কৰা। (Mention is the name of the book published after Herbert’s death?) 

উত্তৰঃ Philosophy of The Present (1932), Mind, Self and Society (1934), Movements of Thought in the Nineteenth Century (1936), Philosophy of the Art (1938).

৮। হাবার্ট মিডৰ আটাইতকৈ উল্লেখযোগ্য গ্রন্থটোৰ নাম কি? (What is the name of Herbert’s most notable book?) 

উত্তৰঃ Mind, Self and Society.

৯। মিডৰ মতে প্রতীকী আন্তঃক্রিয়াবাদৰ মূল কেন্দ্ৰ কি? (According to Mead, what is the key point to symbolic interactionism?)

উত্তৰঃ আত্মসত্তা।

চমু আৰু ৰচনাধর্মী প্রশ্নোত্তৰঃ

১। হাবার্ট মিডৰ অধ্যয়ন জীৱন সম্পর্কে চমুকৈ আলোচনা কৰা। (Briefly discuss the study life of Herbert Mead.)

উত্তৰঃ হাবার্ট মিড ১৮৬৩ চনৰ ২৭ ফ্রেব্রুৱাৰীত দক্ষিণ হেডলিত জন্ম গ্রহণ কৰিছিল। মিডে মাত্র ১৬ বছৰ বয়সত অবাৰলিন কলেজত নামভর্তি কৰে আৰু নিজকে তীক্ষ্ণ বুদ্ধিসম্পন্ন সুৰুচি স্বভাৱৰ শান্ত ভদ্র লোক হিচাপে পৰিচয় দিয়ে। অবাৰলিন কলেজৰ পৰা স্নাতক ডিগ্রী লাভ কৰাৰ পাছত মিডে পুনৰ হার্ভার্ড বিশ্ববিদ্যালয়ত দর্শন শাস্ত্র অধ্যয়ন কৰিবৰ বাবে নামভর্তি কৰে। অৱশ্যে তাতেই তেখেতৰ ৰোমান্টিক দার্শনিক আৰু হেগেলিয়ান আদর্শৰ প্রতি আকর্ষণ বৃদ্ধি পায়। হাভার্ডতে মিডে উইলিয়াম জেমছৰ সান্নিধ্যলৈ আহে। তেখেতে জেমছৰ সন্তানক টিউচন কৰাৰ বিপৰীতে নিজেই জেমচৰ অধীনত শিক্ষা গ্রহণ কৰে।

দেখা যায়, দার্শনিক জছিয়া ৰয়চি আৰু উইলিয়াম জেমচয়ে মিডৰ জীৱনৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়। অৱশ্যে প্রথম অৱস্থাত চার্লচ ডাৰউইনৰ প্ৰভাৱেই জর্জ হার্বার্ট মিডৰ ওপৰত প্রভাব পৰে। অৱশ্যে মিডৰ অৱদানসমূহ সূক্ষ্মভাৱে পর্যালোচনা কৰিলে হেগেল কান্ট, ফিচটি, উইলহেম উন্ট, চার্লচ হর্টন কুলে আদি বিখ্যাত দার্শনিকসকলৰ প্রভাবো সু-স্পষ্ট হয়। প্রধানত দার্শনিক আৰু সমালোচকসকলে মিড অধিকভাৱে উইলিয়াম জেমচৰ দ্বাৰা প্ৰভাৱান্বিত বুলি কব বিচাৰে, কিন্তু মিডৰ মতে জেমচৰ দৰ্শন অতিমাত্রা অমূর্ত হোৱাৰ লগতে প্রকৃত পৃথিৱীৰ পৰা আঁতৰত থাকে। 

এই অমূর্ত দর্শনৰ প্রতি অসুখী হৈ মিডে নিজৰ অধ্যয়নৰ প্ৰকৃতি পৰিৱৰ্তন কৰি শৰীৰতাত্ত্বিক মনোবিজ্ঞান’ৰ প্রতি আকর্ষিত হয়। সেয়ে মিডে জলপানি লৈ জার্মানত এই সম্পর্কে অধ্যয়ন কৰিবলৈ যায়। মিডে প্রথমতে উইলহেম উন্টৰ লগত লিপজিন লৈ অধ্যয়নৰ বাবে ৰাওনা হয়, যাৰ পৰিপ্ৰেক্ষিতত মিডে নিজৰ শৈক্ষিক জীৱনৰ শেষৰ ফালে অংগী-ভংগীৰ ধাৰণাৰ দ্বাৰা প্রভাবান্বিত হয়। ১৮৯৯ চনত মিডে মনোবিজ্ঞান আৰু দর্শন দুয়োটা বিষয় অধ্যয়নৰ বাবে বার্লিনলৈ ৰাওনা হয়। 

উল্লেখযোগ্য যে মিডে কেতিয়াও ডক্টৰেত ডিগ্রী লোৱা নাছিল, অথচ ১৮১১ চনত মিচিগান বিশ্ববিদ্যালয়ত জুনিয়ৰ অধ্যাপকৰ পদ লাভ কৰিছিল। মিচিয়ান বিশ্ববিদ্যালয়ত মিডে মনোবিজ্ঞান আৰু দৰ্শনৰ শিক্ষা প্রদান কৰিছিল। মিচিগান বিশ্ববিদ্যালয়ত তেখেতে প্রখ্যাত দার্শনিক চিন্তাবিদসকলক লগ পায়। এইসকলৰ ভিতৰত অন্যতম হৈছে চার্লচ হৰটন কুলে, জেমছ টাফটচ, জন ডিউই। ইয়াৰ পিছত মিডে চিকাগো বিশ্ববিদ্যালয়ত অধ্যপনা কৰে। মিডক প্রধানতঃ প্রতীকী আন্তঃক্রিয়াবাদৰ ক্ষেত্ৰখনত অধিক প্রভাৱশালী সমাজ দার্শনিক হিচাপে বিবেচনা কৰা হয়।

২। হাবার্ট জর্জ ব্লুমাৰৰ সম্পৰ্কে সংক্ষিপ্ত বিবৰণ দাঙি ধৰা। (Briefly summarize about Herbert George Blumer.)

উত্তৰঃ হাবার্ট জর্জ ব্লুমাৰ (৯ মার্চ, ১৯০০- ১৩ এপ্রিল, ১৯৮৭) এজন আমেৰিকান সমাজ বিজ্ঞানী আছিল। তেওঁৰ প্রধান বিষয় আছিল প্রতীকী মিথষ্ক্রিয়া আৰু সামাজিক গবেষণা পদ্ধতি য’ত ব্যক্তিসকলে যৌথ আৰু ব্যক্তিগত কৰ্মৰ মাধ্যমত সামাজিক বাস্তৱতা তৈয়াৰ কৰি বিশ্বাস কৰে। তেওঁ জর্জ হার্বার্ট মিডৰ সামাজিক মনোবিজ্ঞানৰ এটা উষ্ণ অনুবাদক আৰু সমর্থক আছিল, য’ত তেওঁ প্রতীকী মিথষ্ক্রিয়াবাদৰ পৰ্যায়ত কৰিছিল। ব্লুমাৰে এটা ধাৰাবাহিক নিবন্ধৰ এই চিন্তাধাৰাক বিস্তৃত আৰু বিকশিত কৰিছিল, য’ত বহুতকেইটা সিম্বালিক ইন্টাৰ একচনবাদ কিতাপত একত্রিত কৰিছিল। তেওঁৰ গবেষণাত আছিল এটা চলমান থিম, তেওঁ যুক্তি দাঙি ধৰে যে সামাজিক বাস্তৱতা সৃষ্টি এটা ধাৰাবাহিক প্রক্রিয়া।

৩। সমাজতত্ত্বত ইন্টাৰ একচনবাদী দৃষ্টিকোণ বুলিলে কি বুজা? (What does the interactionist perspective on socialism mean?)

উত্তৰঃ মিথষ্ক্রিয়াবাদী দৃষ্টিভঙ্গি আমেৰিকান সমাজবিজ্ঞানী জর্জ হাবার্ট মিডৰ দ্বাৰা উন্নত কৰা হৈছিল। এইটো এটা মাইক্র’- তাত্ত্বিক দৃষ্টিভংগি যি সামাজিক মিথষ্ক্রিয়া প্রক্ৰিয়াৰ মাধ্যমত অৰ্থ উৎপন্ন কৰে সেয়া বুজাৰ ওপৰত মনোযোগ দিয়ে। এই দৃষ্টিকোণটোৱে অনুমান কৰে যে অর্থ দৈনন্দিন সামাজিক মিথষ্ক্রিয়াৰ পৰা উদ্ভুত হয় আৰু এনেকৈয়ে এটা এটা সামাজিক গঠন আৰু এটা বিশিষ্ট তাত্ত্বিক দৃষ্টিকোণ হ’ল প্রতীকী মিথষ্ক্রিয়া, যি অন্য আমেৰিকান, হাবার্ট ব্লুমাৰ, ইন্টাৰ একচনবাদী, প্যাৰাডিজমৰ পৰা বিকশিত হৈছিল। এই তত্ত্বটো সম্পর্ক গঠনৰ লগত আমি কেনেকৈ এজনে আনজনৰ লগত যোগাযোগ কৰিব পাৰে তাৰ বাবে প্রতীক হিচাবে ব্যৱহাৰ কৰে, পোক্ষাকৰ মতে ব্যৱহাৰ কৰি কেনেকৈ আমি আমাৰ চাৰিওফালে যিসকলে এটা সুসংগত স্ব তৈয়াৰ বজায় ৰাখে আৰু উপস্থাপিত কৰে আৰু কেনেকৈ সামাজিক যোগাযোগৰ মাধ্যমত আমি সমাজৰ এটা নির্দিষ্ট বুজ তৈয়াৰ কাৰো আৰু বজায় ৰাখো আৰু ইয়াৰ মাজত কি ঘটে সেইটো বিশ্লেষণ কৰাই হৈছে মিথষ্ক্রিয়াবাদ।

৪। চমুটোকাঃ (Short note)

ইটাৰ একচনিজম (Interactionism)

উত্তৰঃ সমাজ বিজ্ঞানত মিথষ্ক্রিয়া এটা তাত্ত্বিক দৃষ্টিকোণ যি মানুহৰ মিথষ্ক্ৰিয়াৰ পৰা সামাজিক প্ৰক্ৰিয়াৰ উদ্ভৱ কৰে। এইটো হ’ল সমাজৰ মাজত ব্যক্তি কেনেকৈ কাম কৰে তাৰ অধ্যয়ন। ইন্টাৰ একচনবাদী তত্ত্ব বিংশ শতাব্দীৰ পাছত আধাৰ মাজত উত্থিত হৈছিল আৰু বিশ্বৰ আজিৰ প্রভাৱশালী সমাজতান্ত্রিক দৃষ্টিভঙ্গিৰ এক পৰিণত হৈছে। জর্জ হার্বার্ট মিড, প্রগমেটমিনলনৰ এজন প্রবক্তা আৰু সামাজিক বাস্তৱতা বিষয়বস্তুৰ লগত মিথষ্ক্রিয়তাৰ বিকাশত এজন নেতা হিচাবে বিবেচিত হয়। হাবার্ট ব্লুমাৰে মিডৰ কামক বিস্তৃত কৰিছিল আৰু প্রতীকী মিথষ্ক্রিয়াত শব্দটোৰ উদ্ভৱ কৰিছিল। ইন্টাৰ একশন বিষয়ত বহু কেইটা উপবিভাগ আছে- প্রজন্মবিষয়ক কাৰ্যবিবৰণী সামাজিক ব্যৱস্থা, প্রতীকী মিথষ্ক্রিয়া, সামাজিক নির্মাণবাদ।

৫। মিডৰ গ্ৰন্থখনৰ মূল বিষয়বস্তু চমুকৈ বর্ণনা কৰা। (Briefly describe the main contents of Mead’s book.)

উত্তৰঃ মিডৰ উল্লেখযোগ্য গ্রন্থখনৰ নাম ‘Mind, Self and Society’। এই গ্রন্থখন অধ্যয়ন কৰিলে চাৰিটা বিশেষ উপাদানৰ প্ৰসংগ আলোচনাৰ বিষয় হৈ পৰে। এই উপাদানকেইটা ক্রমে আত্মসত্তা, আত্মসত্তা-আন্তঃক্রিয়া, আত্মসত্তাৰ বিকাশ আৰু প্রতীকী অর্থ। মিডৰ মতে, প্রতীকী আন্তঃক্রিয়াবাদৰ মূল কেন্দ্র হৈছে আত্মসত্তা। তেখেতে আত্মসত্ত্বাক কার্যক্ষম জীৱিত প্রাণী হিচাপে লক্ষ্য কৰিছে, নিষ্ক্রিয় ধাৰক বা আধাৰ হিচাবে নহয়। ই মূলতঃ উত্তেজকৰ প্রতি প্রতিক্রিয়া প্রকাশ কৰে।

৬। মিডে কোনটো বিষয়ক পৰম্পৰাগত অংগী-ভংগী হিচাপে নামকৰণ কৰিছে? (Which of the subject was designated by the Mead as a traditional posture?)

উত্তৰঃ মিডৰ মতে মনৰ বিকাশৰ লগে লগেই শিশুৱে নিজৰ আৰু আনৰ অর্থহীন, জ্ঞানহীন, চলাচল আৰু তাৎপর্যপূর্ণ অংগী-ভংগীৰ মাজত থকা পার্থক্য বিচাৰি পায়। মিডে এই তাৎপর্যপূর্ণ অংগী-ভংগীক পিছলৈ পৰম্পৰাগত অংগী-ভংগী হিচাপে নামকৰণ কৰিছে।

৭। মিডৰ মতে শিশুৰ মনৰ উদ্ভৱ কেতিয়া হয়? (According to Mead, when does the baby’s mind arise?)

উত্তৰঃ মিডৰ মতে শিশুৰ মনৰ উদ্ভৱ হয়- 

(ক) শিশুৱে পৰম্পৰাগত অংগী-ভংগী ব্যৱহাৰ কৰাৰ লগতে বুজি পাব পাৰে।

(খ) শিশুৱে যেতিয়া অন্য ব্যক্তিৰ ভূমিকা গ্রহণ কৰিবলৈ অংগী-ভংগী প্ৰয়োগ কৰিব পাৰে।

(গ) শিশুৱে যেতিয়া কল্পনাপ্রসূত শক্তিৰে সঘনাই পৰিৱৰ্তিত কাৰ্যৰ আখৰা কৰিব পাৰে। 

৮। ব্লুমাৰে মিডৰ আত্মসত্তাৰ সম্পৰ্কে আগবঢ়োৱা বিভিন্ন দৃষ্টিভংগীৰ কেনেদৰে আলোচনা কৰিছে ব্যাখ্যা কৰা। (Explain how Blumer discussed various aspects of Mead’s self-determination.) 

উত্তৰঃ মিডৰ মতে প্রতীকী আন্তঃক্রিয়াবাদৰ মূল কেন্দ্র হৈছে আত্মসত্তা। তেখেতে আত্মসত্তাক কার্যক্ষম জীৱিত প্রাণী হিচাপে লক্ষ্য কৰিছে, নিষ্ক্রিয় ধাৰক বা আধাৰ হিচাপে নহয়। ই মূলতঃ উত্তেজকৰ প্রতি প্রতিক্রিয়া কৰে। ব্লুমাৰে এই আত্মসত্তা সম্পর্কে আলোচনা কৰিছে। ব্লুমাৰৰ ব্যক্তিৰ প্ৰতি দৃষ্টিভংগী হ’ল- “The process of self-indication by means of which human action is formed cannot be accounted for by factors which precede the act”। ব্লুমাৰৰ বিচাৰ বিবেচনাত জর্জ হাবার্ট হমেনচৰ ‘সাল-সলনি তত্ত্ব’য়ে ব্যক্তিৰ নিষ্ক্রিয় দৃষ্টিভংগীৰ অংশীদাৰ হয়। ব্লুমাৰে উল্লেখ কৰিছে যে, মনস্তাত্ত্বিক উপাদানৰ পৰিচয়ৰ দ্বাৰাই মাথোঁ আত্মসত্তাক সকলোৰে দৃষ্টি আকর্ষণ নকৰে। 

মানুহৰ নিষ্ক্রিয় দৃষ্টিভংগীৰ বিপৰীতে মিডে আত্মসত্তা আন্তঃক্ৰিয়াৰ কাৰ্যক্ষমতাৰ জৰিয়তে মানুহৰ দক্ষতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে, যি নিজৰ আচৰণ নিয়ন্ত্ৰণ আৰু গঢ দিব পাৰে। তেখেতৰ মতে, মানুহে নিজৰ পৰিৱেশত কাম কৰি স্ব-সৃষ্টি কৰাত নিজকে ব্যস্ত ৰাখে। তেখেতে নির্জীব বস্তু আৰু বস্তুৰ মাজত পাৰ্থক্যৰ বিষয়ে উল্লেখ কৰিছে। জে মেককল আৰু জে এল চিমনছ (১৯৬৬) য়ে উল্লেখ কৰিছে যে এই নির্জীব বস্তুক মানুহৰ কাৰ্যৰ জৰিয়তে বস্তুলৈ ৰূপান্তৰ কৰা হয়। সেয়ে মিডৰ মতে “Person is more active and more creative than social exchange and functional theorists ‘Person’ or ‘Ego’. “অর্থাৎ ব্যক্তি এজন সমাজৰ সালসলনি আৰু সাংস্কৃতিক তত্ত্বৰ পৰাও বহুত বেছি কার্যক্ষম আৰু সৃষ্টিশীল হয়।

৯। মিডৰ আত্মসত্তা বিকাশৰ তত্ত্বটো ব্যাখ্যা কৰা। (Explain the principle of Mead’s self esteem development.)

উত্তৰঃ মিডে আত্মসত্তাৰ বিকাশৰ প্ৰসংগ উল্লেখ কৰি এক উল্লেখযোগ্য অৱদান আগবঢ়াইছে। এই অৱদানক সমালোচকসকলে আত্মসত্তা বিকাশৰ তত্ত্ব হিচাপে অভিহিত কৰিছে। উল্লেখযোগ্য যে, আগৰ আত্মসত্তাৰ বিকাশৰ প্ৰসংগত আগবঢ়োৱা ব্যাখ্যাবিলাক তেখেতে যুক্তিৰে খণ্ডন কৰি সমালোচনা কৰিছে। তেখেতৰ মতে, মানুহৰ মন, আত্মসত্তা আৰু সমাজৰ মাজত গভীৰ সম্পর্ক আছে। শিশুৰ মানসিক বিকাশৰ ক্ষেত্ৰত মন আৰু আত্মসত্তাৰ সম্পৰ্ক বুজিহে মতামত দিব পৰা যায়। এখন সমাজত শিশুসকলৰ বাবে সামাজিকীকৰণ প্ৰক্ৰিয়া অতি গুৰুত্বপূর্ণ। এই সামাজিকীকৰণ প্রক্রিয়াই শিশুক সামাজিক প্রাণী হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত প্রয়োজনীয় দায়িত্ব পালন কৰে। 

সামাজিকীকৰণ প্ৰক্ৰিয়াৰ প্ৰধান আধাৰ হৈছে আত্মসত্তাৰ ক্ৰমাগত বিকাশ। উল্লেখযোগ্য যে তেখেতে জন্মতে মানৱ শিশু আৰু কুকুৰ পোৱালিৰ মাজত পাৰ্থক্য নাই বুলিয়েই মতামত প্ৰকাশ কৰিছে। সামাজিক পৰিৱেশতহে ক্রমাগতভাৱে শিশুৱে সামাজিকভাৱে নিজৰ ব্যক্তিত্বৰ বিকাশ কৰে। শিশুৱে যেতিয়া কান্দে, তেতিয়া প্রধানত সাংকেতিক তথা প্রতীক ৰূপত ‘মই মাক বিচাৰো’ কথাষাৰকে বুজায়। আকৌ ঘটনাক্রমে মাকৰ আচৰণৰ মাজতে শিশুটোৱে বুজি পায় ‘মা মোৰ প্রিয়’ ভাব আৰু মোৰ বাবে আনন্দিত আৰু মোক তেওঁ ভাল পায়। ইয়াতেই আত্মসত্তাৰ আৰম্ভণি হয়। এই আত্মসত্তা গঠন হয় অন্য মানুহৰ ভূমিকা গ্রহণৰ জৰিয়তে, য’ত অন্য এজন লোকে বস্তুটো দেখি কল্পনা কৰিব পাৰে।

মিডে ‘মন আত্মসত্তা আৰু সমাজ’ ৰ জৰিয়তে সমাজৰ ক্ষেত্ৰত ব্যক্তিৰ সামাজিক অভিজ্ঞতা জানিব বিচাৰিছে। মিডে ব্যক্ত কৰিছে, সমাজ অবিহনে কোনো আত্মসত্তা আৰু আত্মসত্তাৰ সম্পর্কে সচেতনতা বা কোনো ধৰণৰ যোগাযোগ থাকিব নোৱাৰে। মিডে অনুভৱ কৰিছে যে, সামাজিক অভিজ্ঞতা ব্যক্তিৰ দ্বাৰা লাভ কৰা গতিশীল বাস্তবৰ এক অংশ, যি প্রচলিত সমাজ প্ৰক্ৰিয়াৰ অংশ। সমাজখনক এক সংৰচনা হিচাপেই বিবেচনা কৰা যায়। ফলত সমাজ এক সংৰচনাহে মাত্ৰ। ই ব্যক্তিৰ মাজৰ আন্তঃক্ৰিয়া আৰু সামাজিক ক্ৰিয়াৰ প্ৰচলিত প্ৰক্ৰিয়াৰ দ্বাৰাই গঢ় দিয়ে। অন্যহাতে মিডে ‘মন’ ক এক প্রক্রিয়া হিচাপে অভিহিত কৰিছে, বস্তু হিচাপে নহয়।

নিজৰ সৈতে নিজেই কৰা আলোচনা যিটো সামাজিক প্রক্রিয়াৰ মাজত উদ্ভৱ আৰু বিকাশ ঘটে। এই ‘মন’ সেই প্রক্রিয়াৰে মাথোঁ অংশ। মনে মানুহৰ দক্ষতাৰ ওপৰত প্ৰভাৱ পেলায়, যি দক্ষতাই জীৱদেহে কি উপলব্ধি কৰে, কি পৰিস্থিতি ব্যাখ্যা কৰে, ঘটনা প্রপ্রঞ্চৰ মূল্যাংকন কি দৰে কৰে আৰু উদ্দেশ্য প্রণোদিত আচৰণ কিদৰে প্রকাশ কৰে সেই সম্পর্কে ধাৰণা কৰিব পাৰে। মিডে প্রকৃততে মানুহৰ বৌদ্ধিকতা স্তৰৰ সৈতে জড়িত চিন্তা অতি বিচক্ষনতাৰে ব্যাখ্যা কৰিছে। পৰিৱেশৰ প্রতি প্রতিক্রিয়া দেখুৱাত জীৱদেহৰ দক্ষতাতে ‘মন’ ৰ অৱস্থিতি থাকে। 

অন্য ব্যক্তিৰ অৰ্থ দেখুৱাবলৈ দৰকাৰী দক্ষতাৰ পৰিৱেশন যেতিয়াই জীৱদেহে কৰে, তেতিয়াই ‘মনে’ নিজৰ অৱস্থিতি প্রকাশ কৰে। মিডৰ মতে পৰিৱেশৰ পৰা তথা যিকোনো উত্তেজকৰ প্রতি প্রতিক্রিয়া নিয়ন্ত্রণত মানুহে নিজৰ দক্ষতা প্রকাশ কৰে। মানুহে কিছুমান প্রতিক্ৰিয়াৰ পৰা নিজকে আঁতৰাই ৰখাৰো দক্ষতা থাকে। এই দক্ষতা ভাষাৰ উৎপাদিত বস্তু। বিভিন্ন পৰিৱেশত মানুহে যেতিয়া আন্তঃক্ৰিয়াৰ জৰিয়তে সম্পর্ক স্থাপন কৰে তেতিয়া প্রতিক্রিয়া নিয়ন্ত্রণত ভাষাই এক ব্যৱস্থা।

আত্মসত্তাৰ বিকাশৰ প্রক্রিয়া জৈৱিক নহয়। ই সামাজিক শক্তি আৰু সামাজিক অভিজ্ঞতাৰ পৰা উদ্ভৱ হয়। আনকি মনৰ বিকাশ নোহোৱালৈকে মানুহৰ শৰীৰটো আত্মসত্তাৰ প্রতিনিধিও নহয়। আত্মসত্তাৰ বিকাশ নঘটিলে মানুহৰ শৰীৰত সামাজিক চেতনাও বিকাশ ঘটাব নোৱাৰে। আত্মসত্তাৰ বিকাশ ঘটিলে, সমাজ এখন গঢ় দিয়া বা সমাজৰ ধাৰণাটোক আগবঢ়াই নিয়াত সহায়ক হয়।

সামাজিকীকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে আত্মসত্তাই বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। মিডে আত্মসত্তাৰ দুটা পৰ্যায়ৰ প্ৰসংগৰ কথা উল্লেখ কৰিছে। প্ৰথমটো পর্যায় (l) অর্থাৎ ‘মই’ আৰু দ্বিতীয়টো পর্যায় ‘Me’ আমি। আচলতে ইংৰাজী ‘Me’ শব্দটোৱে যদিও ‘মোক’ বুজায় কিন্তু মিডৰ আত্মসত্তা ব্যাখ্যাত পৰ্যায়ৰ প্ৰসংগত ইয়াৰ অৰ্থ বিশ্লেষণ কৰিছে। (Me) ৰ অৰ্থ ‘আমি’ বা আমাক বুলিহে অসমীয়াত বুজিবলৈ সুবিধা হ’ব। ‘মই’ বা ‘I’ পর্যায়টো শিশুৰ সামাজিকীকৰণত একেবাৰে প্ৰাথমিক পর্যায়। এই পর্যায়ত শিশুৱে মাথোঁ নিজৰ বিষয়হে অনুভৱ কৰিব পাৰে। সেইখিনি সময়ত শিশুৱে আনৰ সম্পৰ্ক চিন্তা নকৰাৰ লগতে যুক্তিসংগতভাৱে কোনো কথা তেওঁলোকে বিবেচনা কৰিব নোৱাৰে। ফলস্বৰূপে, এইখিনি সময়ত শিশুৰ আচৰণ আৰু কার্য সম্পূর্ণ ব্যক্তিকেন্দ্রিক হয়। এই পর্যায়ত আনৰ দৃষ্টিভংগীৰ প্রতি অসংগঠিত ৰূপত মাথোঁ প্রতিক্রিয়া প্রকাশ কৰাৰ কথা মিডে উল্লেখ কৰিছে।

মিডৰ আত্মসত্তাৰ বিকাশৰ প্ৰসঙ্গত প্রধানতঃ তিনিটা স্তৰৰ বিষয়ে উল্লেখ কৰিছে, যি কেইটাৰ জৰিয়তে আত্মসত্তাৰ বিকাশ ঘটে। মিডৰ মতে প্ৰথমটো হৈছে Preplay স্তৰ, অর্থাৎ প্রায় দুবছৰ বয়সলৈ প্ৰাক ধেমালি স্তৰ, যিটো স্তৰ অর্থহীন আৰু অনুকৰণীয় কাৰ্যৰ দ্বাৰা চিনাক্ত কৰা যায়। মিডৰ দ্বিতীয় স্তৰটোক Play stage অর্থাৎ ‘ধেমালি স্তৰ’ হিচাবে চিনাক্ত কৰিছে। তেখেতৰ মতে শিশুৱে নিজৰ আত্মসত্তা ক্রমাগত বৃদ্ধি কৰিব পাৰে। এই স্তৰত শিশুসকলে অন্য ব্যক্তিৰ স্থানত নিজৰ স্থান বিচাৰি পাব পাৰে, কিন্তু অন্য খেলুৱৈৰ লগত সম্পর্ক স্থাপন কৰিব নোৱাৰে। অন্যহাতে তৃতীয় স্তৰটো হৈছে game stage অর্থাৎ খেলা-ধূলাৰ স্তৰ। এই স্তৰত শিশুৱে বহুতৰ লগত একেলগে খেলিবলৈ আৰম্ভ কৰে। জটিল আৰু সংগঠিত খেলবিলাকত পাৰস্পৰিক নিৰ্ভৰশীল কাৰ্য কৰিবলৈ শিকাৰ লগে লগে শিশুসকলে সামাজিক চেতনা বিকাশ কৰে। এনেদৰে নিজৰ আত্মসত্তা বিকশিত হয়।

১০। মিডে প্রতীকী আন্তঃক্রিয়াবাদ সম্পর্কে যি আলোচনা কৰিছে সেই সম্পর্কত এটা সমীক্ষা দাঙি ধৰা। (Summarize a survey of what Mead discussed about symbolic interactionism.) 

উত্তৰঃ মিডৰ মতে মনৰ বিকাশৰ লগে লগেই শিশুৱে নিজৰ আৰু আনৰ অর্থহীন, জ্ঞানহীন, চলাচল আৰু তাৎপর্যপূর্ণ অংগী-ভংগীৰ মাজত থকা পার্থক্য বিচাৰি পায়। মিডে এই তাৎপর্যপূর্ণ অংগী-ভংগীক পিছলৈ পৰম্পৰাগত অংগী-ভংগী হিচাপে নামাকৰণ কৰিছে। মিডৰ মতে ‘মন’ ৰ উদ্ভৱ হয়–

(ক) যেতিয়া শিশুৱে পৰম্পৰাগত অংগী-ভংগী ব্যৱহাৰ কৰাৰ লগতে বুজি পাব পাৰে।

(খ) যেতিয়া শিশুৱে অন্য ব্যক্তিৰ ভূমিকা গ্রহণ কৰিবলৈ অংগী-ভংগীৰ প্ৰয়োগ কৰিব পাৰে।

(গ) যেতিয়া শিশুৱে কল্পনাপ্রস্থত শক্তিৰে সঘনাই পৰিৱৰ্তিত কাৰ্যৰ আখৰা কৰিব পাৰে।

মিডে এই প্রসংগতে প্রতীকী আন্তঃক্রিয়াবাদৰ বিষয়ে বিস্তৃত আলোচনা কৰিছে। এই প্রতীকী আন্তঃক্রিয়াবাদ অতি প্রাসংগিক সামাজিক মনোবৈজ্ঞানিক দৃষ্টিভংগী। যিটো সমাজতাত্ত্বিক অধ্যয়নৰ বাবে বিশেষভাবে প্রাসংগিক আৰু দৰকাৰী। এই প্রতীকী আন্তঃক্রিয়াবাদে মূলতঃ আন্তঃক্রিয়াৰ প্রকৃতি, গতিশীল সামাজিক ক্রিয়াৰ শৈলী আৰু সামাজিক সম্পৰ্কৰ ওপৰত দৃষ্টিপাত কৰে। এই প্রতীকী অন্তঃক্রিয়াই আন্তঃক্রিয়াৰ এক বিশেষত্বপূর্ণ আৰু সুস্পষ্ট বৈশিষ্ট্যৰ কথাকে কব বিচাৰে, যিটো মানুহৰ মাজত হয়।

মানুহে মাথোঁ অন্য মানুহৰ কাৰ্যৰ প্ৰতিক্রিয়াকে প্রকাশ নকৰে, এই কাৰ্যবোৰ ব্যাখ্যা আৰু বৰ্ণনা কৰিবও বিচাৰে। সেয়ে মানুহে আন্তঃক্রিয়াৰ বাবে প্রতীক ব্যৱহাৰ কৰে আৰু প্রতীকৰ অৰ্থ নিৰূপন কৰে। এই প্রতীকৰ অৰ্থ মিডে ব্যাখ্যা কৰা অংগী-ভংগীৰ পৰাই উৎপত্তি হয়। ই মাথোঁ কোনো এক কার্যৰ প্রথম উপাদান নহয়, ই সমগ্র কার্যপ্রণালীৰ এক চিহ্ন। মিডে প্রকাশ কৰিছে যে, অংগী-ভংগী গ্রহণীয়তা হৈছে তাৎপর্যপূর্ণ প্রতীক। যিহেতু তেতিয়া সমাজ বা এটা সমূহৰ সদস্যসকলৰ কাৰণে একে অর্থ প্রকাশ কৰে। সেয়ে মিডে প্রতীকৰ ব্যাখ্যা কৰোঁতে উল্লেখ কৰিছে ‘A symbol is the stimulus whose resopnse is given in advance’ উল্লেখযোগ্য যে এই আলোচনাৰ জৰিয়তে সামাজিক আচৰণৰ বিষয়েও মতামত আগবঢ়াইছে।

এই ক্ষেত্ৰত মিডে তেখেতৰ অগ্রজ সমাজবিজ্ঞানী মনোবিজ্ঞানীসকলে আন্তঃক্রিয়া বা আন্তঃসমন্ধৰ ওপৰত যি ব্যাখ্যা আগবঢ়াইছিল, সেই ব্যাখ্যা গ্রহণ কৰা নাছিল। প্ৰাৰম্ভণিতে প্রতীকী আন্তঃক্ৰিয়াৰ তত্ত্বই বাস্তৱবাদী সকলৰ দ্বাৰা প্ৰভাৱান্বিত হৈ আমেৰিকা যুক্তৰাষ্ট্ৰত ই ঠন ধৰি উঠিছিল। তেখেতসকলৰ মতে, নব্য হেগেলীয়ানৰ আদর্শ আৰু আদৰ্শনীয় পৰীক্ষামূলক মনোবিজ্ঞান দ্বিতীয় উৎসহে আছিল। এই সকলে ‘পৰামর্শ অনুকৰণ তত্ত্বৰ মতবাদ’ৰ প্রতি দায়বদ্ধ হৈ অনুকৰণৰ দর্শন এটাক গুৰুত্ব দিছিল। উইলিয়াম জেমছ, চার্লচ, হর্টন কোলে আৰু ডব্লিউ আই থমাছে এই বিষয়ে যথেষ্টখিনি আলোচনা আগবঢ়াইছিল, কিন্তু অৱশেষত মিডেই জেমছ আৰু ডিউয়ি বাস্তৱবাদী চিন্তা-চৰ্চাৰ অংশীদাৰ হৈনতুন ৰূপত প্রতীকী আন্তঃক্ৰিয়াৰ সম্পৰ্কে তত্ত্ব প্রকাশ কৰে! মিডৰ মতে,

(ক) আগৰ সমাজ দার্শনিকসকলে ব্যক্তিৰ মনৰ ধাৰণা মাথো মানসিক পৰিঘটনা হিচাপে আখ্যা দিছিল।

(খ) তেখেতসকলে মানসিক পৰিঘটনা সম্পর্কে বিশেষভাৱে আলোচনা আগবঢ়াব পৰা নাছিল। 

(গ) ব্যক্তিসকলৰ ‘মন’ আৰু ‘আত্মসত্তা’ ৰ উদ্ভাৱনৰ ক্ষেত্ৰত প্রকৃত ব্যাখ্যা আগবঢ়োৱা নাছিল।

উল্লেখযোগ্য যে ‘তাৎপর্যপূর্ণ প্রতীকৰ’ ক্ষেত্ৰত মিড হৈছে অন্য সমাজ-দার্শনিকসকলৰ পৰা যথেষ্ট পৃথক। তেখেতে অতি স্পষ্টভাবে তাৎপর্যপূর্ণ প্রতীক আৰু আত্মসত্তাৰ মাজত থকা সম্পর্ক আলোচনা কৰিছে। মিডৰ এনে ব্যাখ্যাই নতুন প্রজন্মৰ সমাজবিজ্ঞানী সকলোকে প্রতীকী আন্তঃক্রিয়াৰ বিষয়ে নতুন দৃষ্টিভংগীৰে আলোচনা কৰিবলৈ আগ্রহী কৰোৱা দেখা যায়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top