Introduction to Sociology – II Unit 3 ব্যাখ্যামূলক সমাজতত্ত্ব মেক্স ৱেবাৰ, জর্জ চিমেল

Introduction to Sociology – II Unit 3 ব্যাখ্যামূলক সমাজতত্ত্ব মেক্স ৱেবাৰ, জর্জ চিমেল, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Introduction to Sociology – II Unit 3 ব্যাখ্যামূলক সমাজতত্ত্ব মেক্স ৱেবাৰ, জর্জ চিমেল Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Introduction to Sociology – II Unit 3 ব্যাখ্যামূলক সমাজতত্ত্ব মেক্স ৱেবাৰ, জর্জ চিমেল Question Answer can be of great value to excel in the examination.

Introduction to Sociology – II Unit 3 ব্যাখ্যামূলক সমাজতত্ত্ব মেক্স ৱেবাৰ, জর্জ চিমেল

Join Telegram channel

Introduction to Sociology – II Unit 3 ব্যাখ্যামূলক সমাজতত্ত্ব মেক্স ৱেবাৰ, জর্জ চিমেল Notes cover all the exercise questions in UGC Syllabus. Introduction to Sociology – II Unit 3 ব্যাখ্যামূলক সমাজতত্ত্ব মেক্স ৱেবাৰ, জর্জ চিমেল provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Interpretive Sociology Max Weber George Simmel

SOCIOLOGY

INTRODUCTION TO SOCIOLOGY – II

সমাজতত্ত্বৰ দৃষ্টিভংগী – II

অতি চমু প্রশ্নোত্তৰঃ

(ক) শুদ্ধ উত্তৰটো বাছিউলিওৱাঃ (Choose the correct answer:)

১। “সমাজবিজ্ঞান হ’ল সামাজিক কৰ্মৰ অর্থ বুজোৱা বিজ্ঞান” এই কার্যবাহী উক্তিটো আগবঢ়াইছিল- (“Sociology is the science of understanding of the meaning of social action” the proceeding statement was made by-)

(a) মেক্স ৱেবাৰ (Max Weber.)

(b) আগষ্ট ক’টে (Auguste Comte.)

(c) হাৰবার্ট স্পেনচাৰে (Herbert Spencer.)

(d) ইমাইল ডুৰখেইমে (Emile Durkheim.)

উত্তৰঃ (a) মেক্স ৱেবাৰ (Max Weber.)

২। ৱেবাৰে তেওঁৰ ছাত্ৰসকলক শিকাইছিল যে তেওঁলোকৰ বৌদ্ধিক কামটো কি সেয়া কামত লগোৱা উচিত- (Weber taught his students that they should employ what is their intellectual work?)

(a) এন’মি (Anomie.)

(b) নিয়মতান্ত্রিক ব্যাখ্যামূলক প্রক্রিয়া (Verstehen.) 

(c) সমাজতাত্ত্বিক কল্পনা (The sociological imagination.)

(d) মাইক্রো সমাজতত্ত্ব (Microsociology.)

উত্তৰঃ (b) নিয়মতান্ত্রিক ব্যাখ্যামূলক প্রক্রিয়া (Verstehen.)

৩। “প্রতিবাদী নৈতিকতা আৰু পুঁজিবাদীৰ চেতনা” লিখিছিল- (“The Protestant Ethic and Spirit of Capitalism’ was written by-)

(a) মেক্স ৱেবাৰে (Max Weber.) 

(b) কার্ল মার্ক্সে (Karl Marx.)

(c) জর্জ চিমেলে (George Simmel.) 

(d) ইমাইল ডুৰখেইমে (Emile Durkheim.)

উত্তৰঃ (a) মেক্স ৱেবাৰে (Max Weber.)

৪। সমাজতত্ত্ব এটা বিজ্ঞান, কথাষাৰ কৈছিল– (Sociology is a science, said by)

(a) কার্ল মার্ক্সে (Karl Marx.) 

(b) জর্জ চিমেলে (George Simmel.)

(c) মেক্স ৱেবাৰে (Max Weber.)

(d) ইমাইল ডুৰখেইমে (Emile Durkheim)

উত্তৰঃ (c) মেক্স ৱেবাৰে (Max Weber.)

৫। মেক্স ওৱেবাৰৰ জন্ম হৈছিল- (Max Weber was born in the year.)

(a) ১৭৬৪ চনত (1764.)

(b) ১৮৬৪ চনত (1864.) 

(c) ১৮৬৫ চনত (1865.)

(d) ১৭৬৫ চনত (1765.)

উত্তৰঃ (b) ১৮৬৪ চনত (1864.)

৬। তলৰ কোনটো মেক্স ৱেবাৰৰ বিখ্যাত কাম হিচাবে পৰিচিত? (Which of the following is known to be the famous work of Max Weber?)

(a) জার্মান আদর্শ (The German Ideology.) 

(b) সংহতিহীনতাৰ সমাজতত্ত্ব (The Sociology of Diaspora.)

(c) প্রতিবাদী নৈতিকতা আৰু পুঁজিবাদীৰ চেতনা (The Protestant Ethic and Spirit of Capitalism.)

(d) আত্মহত্যা (Suicide.)

উত্তৰঃ (c) প্রতিবাদী নৈতিকতা আৰু পুঁজিবাদীৰ চেতনা (The Protestant Ethic and Spirit of Capitalism.)

৭। আমোলাতন্ত্ৰৰ ধাৰণাটো দিছিল- (The Concept of Bureaucracy was given by)

(a) মেক্স ৱেবাৰে (Max Weber.)

(b) ইমাইল ডুৰখেইমে (Emile Durkheim.) 

(c) হাৰবার্ট স্পেনচাৰে (Herbert Spencer.)

(d) আগষ্ট কটে (Auguste Comte.)

উত্তৰঃ (a) মেক্স ৱেবাৰে (Max Weber.)

৮। মেক্স ৱেবাৰৰ সমাজতত্ত্বত কিমান ধৰণৰ সামাজিক ক্রিয়াকলাপৰ পার্থক্য আছে? (How many types of social action are distinguished in Max Weber’s sociology?)

(a) ছয় প্ৰকাৰৰ (Six types.)

(b) চাৰি প্ৰকাৰৰ (Four types.)

(c) তিনি প্ৰকাৰৰ (Three types)

(d) পাঁচ প্ৰকাৰৰ (Five types.)

উত্তৰঃ (b) চাৰি প্ৰকাৰৰ (Four types.)

৯। জেক্রেশ্বনেল ক্ৰিয়াৰ অন্য এটা নাম হ’ল- (Another name of Zweckrational action is)

(a) আবেগপূর্ণ ক্রিয়া (Affective Action.)

(b) মানভিত্তিক ক্রিয়া (Value Oriented action.) 

(c) লক্ষ্যভিত্তিক ক্রিয়া (Goal Oriented action.)

(d) ঐতিহ্যগত ক্রিয়া (Traditional action.)

উত্তৰঃ (c) লক্ষ্যভিত্তিক ক্রিয়া (Goal Oriented action.)

১০। মানভিত্তিক যুক্তিযুক্ত ক্রিয়াক আৰু বোলা হয়- (What a value oriented rational action is also called) 

(a) ৱার্ট-যুক্তিযুক্ত ক্রিয়া (Wertrational action.) 

(b) জেক্রেশ্বনেল ক্রিয়া (Zweckrational action.) 

(c) ঐতিহ্যগত ক্রিয়া (Traditional action.)

(d) আবেগপূর্ণ ক্রিয়া (Affective action.)

উত্তৰঃ (a) ৱার্ট-যুক্তিযুক্ত ক্রিয়া (Wertrational action.)

১১। এটা যৌক্তিক উদ্দেশ্যমূলক ক্রিয়া ভিত্তি কৰে (A rational purposeful action is based on) 

(a) মান যৌক্তিকতাৰ ওপৰত (Value rationality.) 

(b) ঐতিহ্যবাহী যৌক্তিকতাৰ ওপৰত (Traditional rationality.)

(c) অর্থ আৰু যৌক্তিকতাৰ ওপৰত (Means-and rationality.)

(d) স্নেহযুক্ত যৌক্তিকতাৰ ওপৰত (Affectionate rationality)

উত্তৰঃ (c) অর্থ আৰু যৌক্তিকতাৰ ওপৰত (Means-and rationality.)

১২। প্রথা আৰু দীর্ঘস্থায়ী বিশ্বাস অনুসৰি পৰিচালিত ক্রিয়াকলাপবোৰৰ ধৰণবোৰ হ’ল (The types of action guided by custom and long standing beliefs are)

(a) ৱার্ট-যুক্তিযুক্ত ক্রিয়া (Wertrational action.)

(b) জেক্রেশ্বনেল ক্রিয়া (Zweckrational action.)

(c) ঐতিহ্যগত ক্রিয়া (Traditional action.)

(d) আৱেগপূর্ণ ক্রিয়া (Affective action.)

উত্তৰঃ (c) ঐতিহ্যগত ক্রিয়া (Traditional action.)

১৩। বৈধতাৰ দাবীৰ ভিত্তিত ৱেবাৰৰ দ্বাৰা কেইধৰণৰ কৰ্তৃপক্ষক চিনাক্ত কৰা হৈছে? (How many types of authorities have been identified by Marx Weber based on its claim to legitimacy?)

(a) দুই (Two.)

(b) তিনি (Three.)

(c) চাৰি (Four.)

(d) পাঁচ (Five)

উত্তৰঃ (b) তিনি (Three.)

১৪। মেক্স ৱেবাৰৰ মতে, আইনী যৌক্তিক কর্তৃত্বৰ কাৰ্যকাৰিতাৰ ভিত্তি হ’ল (According to Max Weber, the basis for the functioning of the legal rational authority is-)

(a) অযাজকতন্ত্র (Non-hierarchy.)

(b) অকার্যকৰ পদ্ধতি (Dysfunctional system.) 

(c) অলিখিত আইন (Unwritten laws.)

(d) বিধি (Rules.)

উত্তৰঃ (d) বিধি (Rules.)

১৫। “প্রতিবাদী নৈতিকতা আৰু পুঁজিবাদৰ চেতনা” লিখিছিল (“The Protestant Ethic and The Spirit of Capitalism’ was written by)

(a) আগষ্ট কটে (Auguste Comte.) 

(b) হার্বাট স্পেনচাৰে (Herbert Spencer.)

(c) ইমাইল ডুৰখেইমে (Emile durkheim.)

(d) মেক্স ৱেবাৰে (Max Weber.)

উত্তৰঃ (d) মেক্স ৱেবাৰে (Max Weber.)

১৬। কোনে কৈছিল যে “সমাজতত্ত্ব এক বিজ্ঞান” (Who said that ‘Sociology is a science’)

(a) কার্ল মার্ক্স (Karl Marx.)

(b) জর্জ চিমেলে (George Simmel.)

(c) মেক্স ৱেবাৰে (Max Weber.)

(d) ইমাইল ডুৰখেইমে (Emile Durkheim.)

উত্তৰঃ (c) মেক্স ৱেবাৰে (Max Weber.)

(খ) তলত উল্লেখ কৰাসমূহ সত্য নে অসত্য-

১। প্রাকৃতিক বিজ্ঞান আৰু সমাজ বিজ্ঞান অধ্যয়নৰ উপাদান বা বিষয়বস্তুসমূহ একে। (The elements of the study of natural science and social science are the same.)

উত্তৰঃ অসত্য। 

২। প্রত্যেক বিধ ক্রিয়াক সামাজিক ক্রিয়া বুলিব পাৰি। (We can call every kind of action as a social action.) 

উত্তৰঃ অসত্য। 

৩। ৱেবাৰে উল্লেখ কৰা চাৰি প্ৰকাৰৰ ক্ৰিয়া প্ৰকৃততে “আদর্শ নমুনা”। (There are four types of action mentioned by Weber is actually standard sample.)

উত্তৰঃ সত্য।

8। ৱেবাৰৰ মতে আধুনিক সমাজত ক্ৰিয়া আৰু আচৰণসমূহৰ ওপৰত যুক্তিসঙ্গত মূল্যবোধে প্রভাৱ বিস্তাৰ কৰে। (According to Weber, rational values influence the actions and behaviors of modern society.) 

উত্তৰঃ অসত্য।

৫। সহানুভূতিশীল আত্মদর্শন মানে ক্ৰিয়াৰ অৰ্থ সম্বন্ধে কর্তা বা ব্যক্তিজনৰ স্বকীয় দৃষ্টিভঙ্গী। (Sympathetic introspection means self perception of executive and individual about the meaning of action.) 

উত্তৰঃ সত্য।

৬। ব্যক্তিৰ প্ৰকৃত আচৰণক আদর্শ নমুনাৰ সৈতে তুলনা কৰিলেই গৱেষণাকাৰীয়ে উক্ত আচৰণ বিশ্লেষণ কৰিব পাৰে। (The researcher can analyze such behavioru by comparing the actual behaviour of the individual with standerd sample.)

উত্তৰঃ সত্য।

(গ) শুদ্ধ অশুদ্ধ নিৰ্ণয় কৰাঃ

১। চিমেলৰ মতে, মিথষ্ক্রিয়াৰ আকৃতি গঢ়ি উঠে ব্যক্তিৰ উদ্দেশ্য আৰু অভিপ্রায়বিলাকক লৈহে। (According to Simmel, the shape of the interaction develops with the purpose and intention of the person.)

উত্তৰঃ অশুদ্ধ।

২। চিমেলৰ মতে, বিভিন্ন বিষয়বস্তুৰ ক্ষেত্ৰত সামাজিক সম্পৰ্কৰ একেই আকৃতি প্রকাশ পাব পাৰে। (According to Simmel, the same pattern of social relations can be seen in different situations.) 

উত্তৰঃ শুদ্ধ।

৩। চিমেলৰ মতে, যুদ্ধ আৰু বিবাহঘটিত বিবাদৰ ক্ষেত্ৰত একেই ধৰণৰ মিথষ্ক্রিয়া ঘটিব পাৰে। (According to Simmel, similar interactions can take place in a conflict between war and marriage.)

উত্তৰঃ শুদ্ধ।

৪। সেই সময়ত বহুত ঐতিহাসিকসকলে মন কৰিছিল যে ঐতিহাসিক ঘটনাবোৰ অভিনব হ’লেও সেইবিলাক বাৰে বাৰে ঘটে। (At that time many historians thought that historical events were fancy, but they happened again and again.)

উত্তৰঃ অশুদ্ধ।

৫। চিমেলে সমাজ জীৱনৰ এটা জ্যামিতি গঢ়ি তুলিব বিচাৰিছিল। (Simmel wanted to form a geometry of social life.)

উত্তৰঃ শুদ্ধ।

৬। চিমেলৰ মতে আকৃতিবিলাক কেতিয়াও মিশ্রিত নহয়। (According to Simmel, Shapes are never mixed).

উত্তৰঃ অশুদ্ধ।

৭। চিমেলৰ বাহিৰে আৰু কোনো সমাজতত্ত্ববিদে সামাজিক সম্পর্কবিলাকক শ্রেণীবিভক্ত কৰাৰ চেষ্টা কৰা নাই। (Except Simmel, no socialist has attempted to divide the social relations.)

উত্তৰঃ অশুদ্ধ।

(ঘ) উত্তৰ লিখাঃ

১। আদর্শ নমুনাৰ গঠনৰ পদ্ধতিকেইটা কি কি? (What are the methods of model formation?) 

উত্তৰঃ (ক) তুলনামূলক।

(খ) পর্য্যবেক্ষণ।

(গ) ঐতিহাসিক পদ্ধতি।

২। তিনি প্ৰকাৰৰ আদর্শ নমুনা কি কি? (What are the three types of ideal model?)

উত্তৰঃ (ক) ঐতিহাসিক তথ্য নির্ভৰ।

(খ) কোনো নির্দিষ্ট পৰিঘটনাৰ বিমূর্তক সাধাৰণীকৰণ।

(গ) কোনো এক বিশেষ ধৰণৰ আচৰণৰ যুক্তিযুক্ত পুনৰ গঠনৰ ওপৰত ভিত্তি কৰি।

৩। তিনি প্ৰকাৰৰ কর্তৃত্ব কি? (What are the three types of authority?)

উত্তৰঃ (ক) পৰম্পৰাগত কর্তৃত্ব।

(খ) আইনসংগত কর্তৃত্ব। 

(গ) অন্যান্য প্রতিভাসম্পন্ন কর্তৃত্ব।

৪। আমোলাতন্ত্রৰ এটা বৈশিষ্ট্য উল্লেখ কৰা। (Mention a feature of bureaucracy.)

উত্তৰঃ কাৰ্যালয়ৰ শ্ৰেণীবদ্ধকৰণ আৰু শ্রেণীক্রম ব্যৱস্থাৰ যোগেদি যোগাযোগ ব্যৱস্থাকৰণ।

৫। আমোলাতন্ত্ৰৰ এটা সুবিধা উল্লেখ কৰা। (Mention an advantage of bureaucracy?) 

উত্তৰঃ আমোলাতন্ত্রই যুক্তিযুক্ত আৰু বিবেচনাযুক্ততাক সূচায়, যি বিপদ অনিশ্চয়তা হ্রাস কৰে।

৬। আমোলাতন্ত্রব এটা অসুবিধা উল্লেখ কৰা। (Mention a disadvantage of bureaucracy?) 

উত্তৰঃ আমোলা (বিষয়াসকল) সকলৰ দক্ষতা নাথাকিলেও কার্যালয়ৰ পৰা অব্যাহতি দিব পৰা নাযায়।

৭। জর্জ চিমেল কোন? (Who is George Simmel?)

উত্তৰঃ এগৰাকী জার্মান সমাজতত্ত্ববিদ।

৮। সমাজতত্ত্বৰ জনক কোন? (Who is the father of sociology?)

উত্তৰঃ জর্জ চিমেল।

৯। চিমেলৰ কেতিয়া জন্ম হয়? (When was Simmel born?)

উত্তৰঃ ১৮৫৮ চনৰ ১ মাচর্ত।

১০। চিমেলে কিমানটা প্রবন্ধ ৰচনা কৰিছিল? (How many essays did Simmel write?) 

উত্তৰঃ প্রায় ২০০ টা।

১১। চিমেল কোন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট উপাধি লাভ কৰে? (From which university Simmel received a doctorate degree?)

উত্তৰঃ বার্লিন বিশ্ববিদ্যালয়ৰ পৰা।

১২। চিমেলৰ চাকৰিত পদোন্নতিৰ ক্ষেত্ৰত বিলম্ব হোৱাৰ কাৰণটো কি আছিল? (What was the reason for the delay in promotion of Simmel’s job?)

উত্তৰঃ ইহুদী বিৰোধীৰ বাবে।

১৩। চিমেলে মুঠ কিমানখন গ্রন্থ লিখিছিল? (How many books Simmel wrote?) 

উত্তৰঃ একত্রিশখন গ্রন্থ লিখিছিল।

১৪। চিমেলে মেক্স ৱেবাৰ আৰু ফার্ডিনাণ্ড টনিছৰ লগত কি গঢ়ি তুলিছিল? (What did Simmel develop with Max Weber and Ferdinand Tonnies?)

উত্তৰঃ জার্মান চোচিওলজিকেল চোচাইটি গঢ়ি তুলিছিল। 

১৫। ১৯১৪ চনত চিমেলে ষ্ট্ৰাচবোর্গ বিশ্ববিদ্যালয়ৰ কোন পদত অধিকৃত আছিল? (In 1914, Simmel was renowned in which position of Strasbourg University?)

উত্তৰঃ অধ্যাপক পদত অধিকৃত আছিল।

১৬। চিমেলৰ সমাজতত্ত্ব চৰ্চাৰ পদ্ধতিক কি বুলি জনা যায়? (What is Simmel’s method of practicing sociology known as?)

উত্তৰঃ আনুষ্ঠানিক সমাজতত্ত্ব।

১৭। চিমেলৰ মতে সামাজিকতাৰ তিনিটা গুৰুত্বপূৰ্ণ ধৰণ কি কি? (According to Simmel, what are the three most important aspects of socialism?)

উত্তৰঃ যুগল, ত্রয়ী আৰু আধিপত্যবশ্যতা।

চমু আৰু ৰচনাধর্মী প্রশ্নোত্তৰঃ

১। ৱেবাৰে আগবঢ়োৱা ঐতিহাসিক আৰু সমাজতাত্ত্বিক কাৰণৰ মাজৰ মূল পার্থক্য উল্লেখ কৰা। (Mention the main differences between the historical and sociological reasons given by Weber.) 

উত্তৰঃ ঐতিহাসিক কাৰণে কোনো এক নির্দিষ্ট ঘটনা আৰু ইয়াৰ কাৰণ ব্যাখ্যা কৰে। আনহাতে, সমাজতাত্ত্বিক কাৰণে দুটা সাধাৰণ পৰিঘটনাৰ মাজৰ নিয়মীয়া সম্পর্ক ব্যাখ্যা কৰে।

২। আদর্শ নমুনাৰ এটা বৈশিষ্ট্য উল্লেখ কৰা। (Mention a feature of the ideal model?)

উত্তৰঃ আদর্শ নমুনা হৈছে স্পষ্টভাৱে গঠিত সামাজিক সম্বন্ধৰ এক আদর্শ আর্হি য’ত নিপুণতা আৰু কাৰ্য্যকৰণৰ সম্বন্ধ দেখা যায়।

৩। চিমেলৰ মতে গোটৰ পৰিসংখ্যাই ব্যক্তি স্বাধীনতাত কেনেকৈ প্রভাব পেলায়? (According to Simmel, how do team statistics affect individual liberty?)

উত্তৰঃ চিমেলৰ মতে যেতিয়া দলবোৰৰ পৰিসংখ্যা বাঢ়ি যায় আৰু দলৰ প্ৰত্যক্ষ আন্তঃক্ৰিয়াৰ পৰিসৰ ব্যাপক হয়, তেতিয়া আভ্যন্তৰীণ ঐক্য শিখিল হৈ পৰে। সমাজৰ সম্প্রসাবণ ঘটা বাবে অন্যৰ প্ৰতি থকা আগৰ সীমাবদ্ধতাৰ অনমনীয়তাও লাহে লাহে কমি আহে। ইয়াৰ ফলত ব্যক্তিয়ে আগতকৈ অধিক স্বতন্ত্রতা আৰু নমনীয়তা উপভোগ কৰাৰ সম্ভাৱনীয়তা বাড়ে।

8। চিমেলৰ মতে মহানগৰত বাস কৰা লোকসকলে সামাজিক পৰিস্থিতিত কিদৰে প্রতিক্রিয়া প্রকাশ কৰে? (According to Simmel, how do people living in the metropolis react to social situations?)

উত্তৰঃ সামাজিক পৰিস্থিতিত মহানগৰত বাস কৰা লোকে আৱেগিক প্রতিক্রিয়া প্রকাশ নকৰি প্রধানকৈ যুক্তিসঙ্গতভাৱে প্রতিক্রিয়া প্রকাশ কৰে। নগৰীয়া লোকে অন্তৰেৰে নহয় বিচাৰ-বিবেচনাৰে প্রতিক্রিয়া প্রকাশ কৰে।

৫। সামাজিক ক্রিয়া কি? ইয়াৰ বিভিন্ন প্রকাৰসমূহ কি কি? (What is social action? What are the different types of it?)

উত্তৰঃ সামাজিক ক্রিয়াকলাপ হ’ল সমাজ এখনৰ মূল উপাদান আৰু এই ক্রিয়াকলাপবোৰ ব্যক্তি বিশেষৰ উদ্দেশ্য বা অভিপ্রায় তথা ইচ্ছা শক্তিৰ দ্বাৰা পৰিচালিত হয়।

সামাজিক ক্রিয়াৰ বিভিন্ন প্রকাৰসমূহ হ’ল-

(ক) স্নেহমূলক বা গুণগত।

(খ) পৰম্পৰাগত।

(গ) মূল্যবোধ।

(ঘ) শক্তিমূলক ক্রিয়া।

(ক) স্নেহমূলক বা গুণগতঃ এইবোৰ ক্রিয়াই কোনো ব্যক্তিৰ আৱেগ, উদ্বেগ আৰু অনুভূতিক স্বতঃস্ফূর্ত তথা প্রবলভাবে প্রকাশ কৰে। 

(খ) পৰম্পৰাগতঃ অতীজৰ পৰা চলি অহা বিশ্বাস প্রথা ৰীতি-নীতিবোৰে এজন ব্যক্তিৰ স্বাভাৱিক ধৰ্মৰ দৰে ক্ৰিয়া কৰে আৰু এই ক্ৰিয়াবোৰ অতীতৰ পৰা মানি অহা বাবেই বর্তমানতো পালন কৰা হয়।

(গ) যুক্তি সংগত বা যুক্তিপূর্ণ ক্রিয়া বা মূল্যবোধঃ এইবোৰ মূল্যবোধৰ ভিত্তিত কৰা যুক্তিসংগত ক্রিয়া। ক্রিয়াৰ শেষ বা ফলাফল পূর্ব নিৰ্দ্ধাৰিত হোৱা বাবে ব্যক্তিজনে অর্থাৎ কৰ্তাহ কোনো প্রশ্ন নকৰাকৈয়ে নিজকে কামটোত সমর্পিত কৰে।

(ঘ) যুক্তিমূলক ক্রিয়াঃ এই ক্রিয়াত কর্তাই বা ব্যক্তি এজনে দুটা কক্ষত মনোনিবেশ কৰে। প্রথমে, তেওঁৰ লক্ষ্য বা উদ্দেশ্যৰ উপযোগিতাৰ সমীক্ষণ চলায় আৰু দ্বিতীয়তে, এই লক্ষ্যত উপনীত হ’বৰ বাবে নিৰ্বাচিত বিভিন্ন পথসমূহক চালিজাৰি চায় বা এক তুলনামূলক অধ্যয়ন কৰে।

৬। পৰম্পৰাগত ক্রিয়া আৰু যুক্তিসঙ্গত ক্ৰিয়াৰ মাজৰ পাৰ্থক্য উল্লেখ কৰা। (Mention the difference between traditional action and logical action?) 

উত্তৰঃ পৰম্পৰাগত ক্রিয়া হ’ল- অতীজৰ পৰা চলি অহা বিশ্বাস প্রথা তথা ৰীতি-নীতিবোৰে এজন ব্যক্তিৰ স্বাভাৱিক ধৰ্মৰ দৰে ক্রিয়া কৰে আৰু এই ক্রিয়াবোৰ অতীতৰ পৰা মানি অহা বাবেই বর্তমানতো পালন কৰা হয়। এইবোৰ ক্ৰিয়াৰ বাবে ব্যক্তি এজনে কোনো কল্পনাকৃত লক্ষ্যৰ অথবা ইয়াৰ মূল্যতো বা কোনো অনুভূতিৰ দ্বাৰা পৰিচালিত হোৱাৰ প্ৰয়োজন নহয়, কেৱল মাত্ৰ পৰম্পৰাক সন্মান জনাই সেই অনুসৰি ক্ৰিয়া কৰিব লাগে। উদাহৰণস্বৰূপে, পূজা পার্বনত অংশগ্রহণকাৰীয়ে পালন কৰা বিভিন্ন নীতি-নিয়মসমূহ পৰম্পৰাগত ক্ৰিয়াৰ দ্বাৰা পৰিচালিত।

আনহাতে যুক্তিসংগত ক্রিয়া ইয়াৰ সম্পূৰ্ণ বিপৰীত। যুক্তিসংগত ক্রিয়া হ’ল- এইবোৰ মূল্যবোধৰ ভিত্তিত কৰা যুক্তিসংগত ক্রিয়া। ক্ৰিয়াৰ শেষ বা ফলাফল পূর্ব নিৰ্দ্ধাৰিত হোৱা বাবে ব্যক্তিজনে অর্থাৎ কর্তাই কোনো প্রশ্ন নকৰাকৈয়ে নিজকে কামটোত সমর্পিত কৰে। তেওঁ লক্ষ্যত উপনীত হ’ব পৰাকৈ কেরল দিশসমূহ বাচি উলিয়ায়।

৭। আদর্শ নমুনাৰ কেনেকৈ ব্যৱহাৰ হয় লিখা। (Write down how the ideal model used.) 

উত্তৰঃ (ক) বিবেচনাধীন সামাজিক আচৰণ বুজিবলৈ আদর্শ নমুনাই এক আর্হি প্রদর্শন কৰে। প্রকৃত স্বৰূপৰ লগত আদর্শ নমুনাক তুলনা কৰি আদর্শ নমুনাৰ লগত ইয়াৰ কিমান সাদৃশ্য বা বিচ্যুতি আছে তাক বিচাৰি পোৱা যায়।

(খ) আদর্শ নমুনাই সামাজিক পৰিঘটনাসমূহৰ কাৰণ উদ্ভাৱন কৰা পৰিঘটনাসমূহৰ মাজৰ সম্বন্ধ নির্ণয় কৰাৰ ভিত্তি আগবঢ়ায়। এবাৰ সামাজিক পৰিঘটনাসমূহৰ সম্পৰ্কে ধাৰণা কৰি লোৱাৰ পাছত আৰু সেইসমূহৰ বৈশিষ্ট্য নিৰ্ণয় কৰাৰ পাছতহে পৰৱৰ্তী পর্যায়ত সেইসমূহৰ সম্পর্ক নির্ণয় কৰাৰ পৰ্যায়লৈ যাব পাৰি।

(গ) আদর্শ নমুনা হ’ল যুক্তিপূর্ণ আচৰণৰ এক মানসিক গাঁথনি যি বাস্তৱিকতে সদায়েই একে ধৰণে উদ্ভৱ নহয়। আদর্শ নমুনাৰ পৰা প্ৰকৃত স্বৰূপৰ বিচ্যুতিৰ পৰিমাপ উদ্ভাৱন কৰাৰ পাছত গৱেষকে সামাজিক আচৰণত এনে বিচ্যুতিত দুর্ঘটনা, আৱেগ আৰু অন্যান্য উপাদানসমূহ অযুক্তিকৰভাৱে সোমাই পৰি কি ধৰণৰ ভূমিকা গ্রহণ কৰিছে সেয়া প্রমাণ কৰিব পাৰে।

(ঘ) ই আনকি এনে বিচ্যুতিৰ কাৰণ অনুসন্ধানত গৱেষকক এক নতুন দিশলৈও লৈ যাব পাৰে। সামাজিক পৰিঘটনাসমূহৰ মাজৰ সম্বন্ধ উদঘাটনৰ বাবে নতুন প্রমেয় গঠন কৰিব লগা হ’ব পাৰে আৰু সামাজিক ক্রিয়াসমূহৰ ব্যাখ্যাৰ বাবে নতুন ধাৰণাবো সৃষ্টি কৰিব পৰা হ’ব পাৰে।

৮। যুগল সম্পৰ্কৰ বিষয়ে চিমেলে কি কৈছিল? (What Simmel said about twin relationships?)

উত্তৰঃ দুজন ব্যক্তিক লৈ গঠিত সৰলতম গোষ্ঠীৰ অন্তর্নিহিত সম্পর্কই হ’ল যুগল সম্পর্ক। ইয়াৰ বিভিন্ন প্রকাশ ঘটিব পাৰে। তথাপিও সবাতোকৈ পৰিচিত প্রকাশ হ’ল এটা বিবাহৰ ভিত্তিত গঢ়ি উঠা পতি-পত্নীৰ এটা পৰিয়াল। যুগল সম্পৰ্কৰ অন্তৰ্ভূক্ত দুজন ব্যক্তিয়ে কোনো বৃহৎ সমষ্টিৰ নহয়, অকল এজন আনজনৰ সন্মুখীন হৈছে। তথাপিও কোনো যুগল ত্রয়ী ৰূপান্তৰিত হ’লে এজন সদস্য কোনো কাৰণত আতৰি গ’লেও গোষ্ঠীৰ স্থায়িত্ব বিপন্ন নহয়। অন্যান্য গোষ্ঠীত যি অতিব্যক্তিক সত্তা গঢ়ি উঠে আৰু যি সদস্যসকলৰ ওপৰত নিয়ন্ত্রণ আৰোপ কৰে, সি যুগল সম্পর্কত কেতিয়াও গঢ় নলয়। যুগল সম্পর্কত অংশগ্রহণকাৰীসকল এই সম্পর্কত প্রগাঢ় ভাৱত নিমগ্ন হয়। যুগলৰ ক্ষেত্ৰত প্রতি সদস্যৰ ওপৰত আটাইকেইটা গোষ্ঠী অপৰিহার্যভাৱে নির্ভৰশীল। অন্যান্য গোষ্ঠীত দায়িত্ববোৰ আনৰ ওপৰত জাপি দিয়া হয়। কিন্তু যুগলৰ ক্ষেত্ৰত সেইটো সম্ভৱ নহয় কাৰণ যিকোনো যৌথ কার্য সম্পাদনৰ বাবে দুজনে অংশ ল’ব লাগে।

৯। যেতিয়া যুগলগোষ্ঠীত এজন তৃতীয় ব্যক্তি প্রৱেশ কৰে তেতিয়া তেওঁ কি কি ভূমিকা গ্রহণ কৰিব পাৰে উল্লেখ কৰা? (When a third person enters in twins, what role can he or she take?)

উত্তৰঃ যুগল ত্রয়ীত ৰূপান্তৰিত হ’লেও এজন সদস্য সংযোজিত হৈ সম্পর্কৰ ক্ষেত্ৰত এটা মৌলিক পৰিৱৰ্তন আনে। যেনে- এটা সন্তান লাভৰ পিছত পতি-পত্নীৰ দাম্পত্য বন্ধন অধিক দৃঢ় হয়। কিন্তু ত্রয়ীত সংখ্যাগৰিষ্ঠৰ মতামত এজন সদস্যৰ ওপৰত জাপি দিব পৰা যায়। এইসকল হ’ল সবাতোকৈ সৰল গাঠনি য’ত গোষ্ঠী সদস্যবোৰৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব পাৰে। যেতিয়া যুগলগোষ্ঠীত এজন তৃতীয় ব্যক্তি প্রৱেশ কৰে তেতিয়া এই শেষৰজন তলৰ তিনিটা ভূমিকাৰ যিকোনো এটা গ্রহণ কৰে- 

(ক) নিৰপেক্ষ মধ্যস্থতাকাৰী যি আন দুজনৰ মাজত কাৰোবাৰ পক্ষ অবলম্বন নকৰি তেওঁলোকৰ বিবাদ মীমাংশা কৰাৰ চেষ্টা কৰে।

(খ) এনে ধৰণৰ তৃতীয় পক্ষ যি আন দুজনৰ বিবাদ উপভোগ কৰে আৰু নিজৰ সুবিধাৰ বাবে সেইটো ব্যৱহাৰ কৰাৰ চেষ্টা কৰে। যেনে ‘বিভক্ত কৰ’ আৰু ‘শাসন কৰ’ নীতিগ্রহণকাৰী যি উদ্দেশ্যপূৰ্ণভাৱত নিজৰ স্বাৰ্থ চৰিতাৰ্থ কৰাৰ বাবে আন দুজনৰ মাজত বিবাদ সৃষ্টি কৰে।

১০। আনুষ্ঠানিক সমাজতত্ত্ব মানে কি? (What does formal sociology mean?)

উত্তৰঃ ব্যক্তি আৰু সমাজৰ মাজত এক গতিশীল অথবা দ্বন্দ্বমূলক প্রতিবলে ক্রিয়া কৰি থাকে। ব্যক্তি হ’ল মুক্ত আৰু সৃজনশীল সত্তা। তথাপিও ব্যক্তি সামাজিকীকৰণ প্রক্রিয়াৰ অংশ। চিমেনৰ দৃষ্টিভংগীত আধুনিক সমাজত ব্যক্তিয়ে আগতকৈ বহু অধিক স্বতন্ত্রতাব সৃষ্টি কৰে। ই ঐতিহাসিক আৰু পৰম্পৰাগত সমাজৰ সম্পূর্ণ বিপৰীত।

চিমেলে যুক্তি দর্শাইছিল যে সামাজিক আন্তঃক্রিয়াই সচাকৈয়ে একোটা নির্দিষ্ট ৰূপ লয়। চিমেলে বিভিন্ন পটভূমিত আৰু বিভিন্ন সামাজিক বিষয়বস্তুৰ সৈতে সংঘটিত হ’ব পৰা সামাজিক সম্পর্কবোৰৰ বিশেষ ৰূপ অধ্যয়ন কৰাত জোৰ দিছিল। তেওঁৰ মতে সামাজিক আইনৰ অন্বেষণ কৰাতকৈ এই কাম কৰাটো অতি দৰকাৰী। চিমেলে অধ্যয়ন কৰা উমৈহতীয়া ৰূপবোৰৰ মাজৰে দুটা হ’ল- উচ্চ আৰু তলতীয়া বোধ, সহযোগিতা, প্রতিদ্বন্দ্বিতা, শ্রম বিভাজন আৰু ধনৰ লেন-দেন, বিভিন্ন বিষয়বস্তু অথবা নির্দিষ্ট তাড়নাক সামাজিক ৰূপ দিবলৈ বিভিন্ন পটভূমিত প্রয়োগ কৰা হয়। যেনে- আধ্যাত্মিক পটভূমি, অৰ্জনৰ পটভূমি, আত্মৰক্ষামূলক পটভূমি, ধেমেলীয়া পটভূমি আদি। তেওঁৰ মতে সমাজ বোলা কোনো বস্তু নাই। যি কোনো এটা মূহুর্তত সক্রিয় হৈ পৰা অসংখ্য আৰু বিভিন্ন ধৰণৰ আন্তঃক্রিয়াকে আমি সমাজ নাম দিও। অৱশ্যে সামাজিক জীৱনৰ এই পৰিঘটনাবোৰৰ কিছুমান চিনাক্ত কৰিব পৰা ৰূপ আছে। এই ৰূপ অথবা নক্সাবোৰে ব্যক্তিৰ আচৰণক এক নিয়ন্ত্রিত উপায়েৰে পৰিচালিত কৰে। সমাজত মানুহৰ আন্তঃক্রিয়া জনাৰ বাবে এনে ৰূপবোৰ অধ্যয়ন কৰিবলৈ চিমেলে গ্রহণ কৰা ব্যৱস্থা আৰু প্ৰদান কৰা গুৰুত্বকে আনুষ্ঠানিক সমাজতত্ত্ব নাম দিয়া হৈছে।

১১। বিষয়নিষ্ঠ সংস্কৃতি মানে কি? (What does subjective culture mean?)

উত্তৰঃ আধুনিক নগৰীয়া জীৱনৰ অৱস্থা পৰীক্ষা কৰি চোৱা প্ৰথমগৰাকী শিক্ষায়তনিক ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিগৰাকী হ’ল জ’জ চিমেল। তেওঁ দাবী কৰিছিল যে দেশৰ নগৰ অঞ্চলবোবে অসংখ্য আচৰণগত অৱস্থাৰ সৃষ্টি কৰে। নগৰে মানুহক স্বতন্ত্রতা প্রদান কৰে। ই এক মুকলি মুৰীয়া অনুভৱ।

নগৰ আৰু চহৰবোৰৰ জনসংখ্যা ক্রমে বৃদ্ধি হোৱা আন্তঃমানৱ সংযোগবোৰ স্বল্প স্থায়ী হৈ পৰিছে অথবা এনে সংযোগৰ অভাৱৰ্থে ঘটিছে এই কথাটো চিমেলে লক্ষ্য কৰিছিল। এই সিদ্ধান্তটো গ্রহণ কৰোঁতে চিমেলে পৰম্পৰাগত সমাজত চলা সামাজিক আন্তঃক্রিয়াৰ সৈতে তুলনা কৰি চাইছিল। নগৰ চহৰৰ সত্তা হ’ল উদ্দেশ্যমূলক। আধুনিক মহানগৰীয়া সমাজৰ পৰিৱেশৰ সৈতে মোকাবিলা কৰিবলৈ মানুহে উদ্দেশ্যমূলক ব্যক্তিত্ব গঢ়ি তোলে। চিমেনে মন কৰিছিল যে নগৰ চহৰত ব্যক্তিৰ পটভূমিমূলক আন্তঃক্রিয়া আৰু সামাজিক জীৱনৰ ৰূপবোৰে এক বস্তুনিষ্ঠ সংস্কৃতি গঢ়ি তোলে। আকৌ কর্তাৰ বস্তুনিষ্ঠ সংস্কৃতিৰ উপাদান উৎপাদন, গ্রহণ আৰু নিয়ন্ত্রণ কৰিব পৰা সামর্থই হ’ল বিষয়নিষ্ঠ সংস্কৃতি।

১২। ৱেবাৰৰ সামাজিক ক্রিয়াতত্ত্বটো আলোচনা কৰা। (Discuss Weber’s social activism?)

উত্তৰঃ ৱেবাৰে সমষ্টিত নহয় ব্যক্তি বিশেষতহে গুৰুত্ব দিছিল। সমষ্টিসমূহ, যেনে- ৰাষ্ট্র, সংঘবা সমিতি, ইত্যাদিবোৰ কেৱল ব্যক্তিৰ কোনো নির্দিষ্ট ক্রিয়াৰ ফলাফল আৰু সংগঠনৰ প্রণালী হিচাপে গণ্য কৰিব লাগিব। গতিকে ৱেবাৰে ব্যক্তিজনৰ ওপৰত তথা তেওঁৰ ক্ৰিয়াৰ ওপৰত গুৰুত্ব দিছিল। কিন্তু তেখেতে কোনো ব্যক্তিৰ ‘সামাজিক কার্যকহে সমাজবিজ্ঞান আৰু সমাজতত্ত্বৰ প্ৰকৃত বিষয়বস্তু বুলি চিহ্নিত কৰিছিল।

“কোনো ক্রিয়া তেতিয়াহে সামাজিক হ’ব যেতিয়া ই অন্যান্যসকলৰ আচৰণৰ প্ৰতি নজৰ ৰাখিব আৰু আচৰণ প্ৰক্ৰিয়াটোৰ সৈতে দিকবিন্যাস মিলাই ল’ব।” ৱেবাৰৰ সংজ্ঞাটোৱে দুটা মৌলিক উপাদানৰ ওপৰত আলোকপাত কৰিছে-

(ক) সামাজিক ক্রিয়াকলাপ অন্যান্যসকলৰ মুখাপেক্ষী। বিভিন্ন ব্যক্তিৰ মাজত স্থাপন হোৱা সামাজিক সংযোগিতাই ব্যক্তিসমূহক সমূহীয়া আচৰণৰ পথলৈ ধাবিত কৰে।

(খ) সামাজিক ক্রিয়াৰ এটা গুণ হ’ল ইয়াৰ অর্থ। ইয়াক কর্তাই নিজৰ ক্রিয়াক অর্থহীন বা অর্থপূর্ণ আদি শব্দেৰে বুজায়। অর্থসমূহৰ প্রকৃতি হ’ল ব্যক্তিনিষ্ঠ। আন কথাত কোনো নির্দিষ্ট উদ্দেশ্য যিয়ে কোনো ক্রিয়াক সামাজিক ক্ৰিয়াৰ মৰ্যাদা দিয়ে তেনে উদ্দেশ্যেৰে কর্তাই কৰা কোনো ক্রিয়াক কর্তাই যিদৰে ব্যাখ্যা কৰে সেয়াই হ’ল অর্থ। ৱেবাৰে অৰ্থব উপলব্ধিকৰণ আৰু আদর্শ নমুনাক সামাজিক ক্রিয়া অধ্যয়নৰ এক সফল তথা প্রভাৱশালী পদ্ধতি বুলি গণ্য কৰিছিল।

সামাজিক ক্ৰিয়াৰ বৈশিষ্ট্যসমূহঃ ৱেবাৰে উল্লেখ কৰা অনুযায়ী সামাজিক ক্রিয়াকলাপৰ বৈশিষ্ট্যসমূহ হ’ল-

(ক) সামাজিক ক্রিয়াকলাপবোৰ ব্যক্তিৰ উদ্দেশ্য আৰু ইচ্ছা বা অভিপ্রায়ৰ দ্বাৰা পৰিচালিত হয়। এইবোৰ অৰ্থপূর্ণ আচৰণ।

(খ) যেতিয়া কোনো আচৰণ কিছুমান উদ্দেশ্যৰ সৈতে জড়িত হৈ থাকে তেতিয়া তাক ক্রিয়া বা কার্য্য বুলি কোৱা হয়। কিন্তু প্রত্যেক ক্রিয়াই ‘সামাজিক’ নহয়। কেৱল সেইসমূহ ক্রিয়াহে ‘সামাজিক’ যিসমূহে অন্যান্যসকলৰ আচৰণক লেখত লয়। যেতিয়া কোনো এজন ব্যক্তিৰ ক্রিয়াকলাপ আন ব্যক্তিৰ ক্ৰিয়া বা আচৰণৰ দ্বাৰা প্ৰভাৱিত বা পৰিচালিত হয় তেতিয়া ইয়াক সামাজিক ক্রিয়া বোলা হয়। উদাহৰণস্বৰূপে, ব্যক্তিগত প্রার্থনা সামাজিক নহয়। একেদৰে, কোনো অর্থনৈতিক ক্রিয়াই যদি আনৰ আচৰণৰ ওপৰত প্ৰভাৱ নেপেলায় তেন্তে সেইটোক সামাজিক ক্রিয়া বুলি কোৱা হয়।

(গ) বিভিন্ন ব্যক্তিৰ মাজত ঘটা প্রত্যেকবিধ যোগাযোগেই সামাজিক বিধৰ নহয়। উদাহৰণস্বৰূপে, দুজন চাইকেল আৰোহী বিভিন্ন বাধা অতিক্রম কৰি পথেৰে গৈ থকাটো স্বাভাৱিক ক্রিয়া কিন্তু সামাজিক ক্রিয়া নহয়। যদিহে দুয়োজন চাইকেল আৰোহীয়ে ইজনে সিজনক খুন্দিয়াব বিচাৰে বা সংঘৰ্ষৰ পিছত তৰ্কত লিপ্ত হয় তেন্তে ইয়াক আমি সামাজিক ক্রিয়া বুলিব পাৰো।

(ঘ) সামজিক ক্রিয়া বহুতো ব্যক্তিৰ মিল থকা বা সাদৃশ্যগত কার্যৰ সৈতে একে নহয়। উদাহৰণস্বৰূপে হঠাৎ বৰষুণ আৰম্ভ হ’লে প্রত্যেকজন বাটৰুৱাই নিজকে বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ হয়তো ছাতি মেলি ল’ব অথবা কৰবাত মূৰ গুজিবলৈ চাব।

(ঙ) সামাজিক ক্রিয়া ব্যক্তিৰ অতীত, বর্তমান অথবা প্রত্যাশিত ভৱিষ্যতৰ আচৰণৰ ভিত্তিতো সৃষ্টি হ’ব পাৰে। উদাহৰণস্বৰূপে, অতীতৰ কোনো ঘটনাৱলীৰ প্ৰতিশোধ হিচাপে, বৰ্তমানৰ পৰিস্থিতিত প্ৰতিৰক্ষা দিবলৈ অথবা ভৱিষ্যতৰ কোনো আনুমানিক আক্ৰমণৰ বিৰুদ্ধে যুজিবলৈ সামাজিক ক্ৰিয়াৰ পৰিচালনা হয়।

ৱেবাৰৰ মতে উক্ত চাৰিবিধৰ যুক্তিমূলক আৰু মূল্যবোধক ক্রিয়া সম্পূর্ণৰূপে সামাজিক ক্রিয়া। কিন্তু আন দুবিধ গুণগত আৰু পৰম্পৰাগত ক্রিয়া অর্থমূলক আৰু ব্যক্তিৰ আচৰণৰ দ্বাৰা পৰিচালিত নোহোৱা বাবে ই সম্পূর্ণৰূপে সামাজিক ক্রিয়া নহয়।

প্ৰকাৰঃ “আদর্শ নমুনা” পদ্ধতিৰ দ্বাৰা ৱেবাৰে চাৰিবিধ সামাজিক ক্রিয়াৰ “আদর্শ নমুনা”ৰ মাজত পাৰ্থক্য বিচাৰি উলিয়াইছে। এইসমূহ হ’ল- স্নেহমূলক বা গুণগত, পৰম্পৰাগত, মূল্যবোধক আৰু যুক্তিমূলক ক্রিয়া। 

(ক) স্নেহমূলক বা গুণগত ক্রিয়াঃ এইবোৰ ক্ৰিয়াই কোনো ব্যক্তিৰ আৱেগ, উদ্বেগ আৰু অনুভূতিক স্বতঃস্ফূর্ত তথা প্রবলভাবে প্রকাশ কৰে। 

(খ) পৰম্পৰাগত ক্রিয়াঃ অতীজৰ পৰা চলি অহা বিশ্বাস প্রথা ৰীতি-নীতিবোৰে এজন ব্যক্তিৰ স্বাভাৱিক ধৰ্মৰ দৰে ক্রিয়া কৰে আৰু এই ক্ৰিয়াবোৰ অতীতৰ পৰা মানি অহা বাবেই বর্তমানতো পালন কৰা হয়।

(গ) যুক্তিসংগত বা যুক্তিপূর্ণ ক্রিয়াঃ এইবোৰ মূল্যবোধৰ ভিত্তিত কৰা যুক্তিসংগত ক্রিয়া। ক্ৰিয়াৰ শেষ বা ফলাফল পূর্ব নিৰ্দ্ধাৰিত হোৱা বাবে ব্যক্তিজনে অর্থাৎ কর্তাই কোনো প্রশ্ন নকৰাকৈয়ে নিজকে কামটোত সমর্পিত কৰে।

(ঘ) যুক্তিমূলক ক্রিয়াঃ এই ক্রিয়াত কর্তাই বা ব্যক্তি এজনে দুটা কথাত মনোনিবেশ কৰে। প্রথমে, তেওঁৰ লক্ষ্য বা উদ্দেশ্যৰ উপযোগিতাৰ সমীক্ষণ চলায় আৰু দ্বিতীয়তে, এই লক্ষ্যত উপনীত হ’বৰ বাবে নিৰ্বাচিত বিভিন্ন পথসমূহক চালিজাৰি চায় বা এক তুলনামূলক অধ্যয়ন কৰে।

শেষত ৱেবাৰে উল্লেখ কৰিছে যে আধুনিক সমাজৰ ব্যক্তিৰ আচৰণ আমোলাতন্ত্র আৰু ঔদোগীকৰণবাদৰ দ্বাৰা প্ৰভাৱিত হয়। সেয়েহে, তেওঁলোকৰ ক্রিয়াকলাপবোৰ পৰম্পৰা, মূল্যবোধ, আৱেগ আদিতকৈ যুক্তিৰ দ্বাৰা পৰিচালিত হোৱা দেখা যায়।

১৩। আদর্শ নমুনা কি? আদর্শ নমুনাৰ বিভিন্ন প্রকাৰসমূহ কি কি? (What is ideal model? What are the different types of ideal model?)

উত্তৰঃ আদর্শ নমুনা হ’ল এক বিশ্লেণাত্মক ধাৰণা; যি কোনো অনুসন্ধানকাৰীক কোনো বাস্তবিক ঘটনাৰ সাদৃশ্যৰ লগতে বিচ্যুতিৰ পৰিমাপ কৰাত সহায় কৰে। ই কোনো ধৰণৰ পৰিসংখ্যামূলক গড় নাইবা প্রকল্প নহয়, বৰং ই এক মানসিক ধাৰণাহে।

আদর্শ নমুনাৰ প্ৰকাৰবোৰ বিমূৰ্তনৰ স্তৰৰ ওপৰত ভিত্তি কৰি ৱেবাৰে প্ৰকাশ কৰিছে। তেওঁ তিনি প্ৰকাৰৰ আদর্শ নমুনাৰ কথা ক’বলৈ গৈছে-

(ক) ঐতিহাসিক তথ্য নিৰ্ভৰ- ই ঐতিহাসিক বাস্তৱৰ কেতবোৰ নির্দিষ্ট পৰিঘটনাৰ কথা উনুকিয়াই যায়, যেনে- প্রথম মহাসমৰ; ভাৰতৰ স্বাধীনতা যুদ্ধ আৰু ফৰাছী বিপ্লৱ।

(খ) কোনো নির্দিষ্ট পৰিঘটনাৰ বিমূর্তক সাধাৰণীকৰণ- ঐতিহাসিক বা সাংস্কৃতিক পটভূমিৰ, কেতবোৰ বিমূর্তক উপাদানলৈ নির্দেশ কৰে, যেনে- আমোলাতন্ত্র, কর্তৃত্ব, পুঁজিবাদ আদি। এই ক্ষেত্রতে বিপ্লৱ স্বাধীনতা সংগ্রাম এই শ্ৰেণীৰ ভিতৰুৱা হ’ব।

(গ) কোনো এক বিশেষ ধৰণৰ আচৰণৰ যুক্তিযুক্ত পুনৰ গঠনৰ ওপৰত ভিত্তি কৰি ইয়াৰ ভিতৰত অৰ্থনীতিৰ তত্ত্বৰ আটাইবোৰ প্ৰতিজ্ঞতা অন্তর্ভুক্ত হ’ব। আদর্শ নমুনা সম্পর্কে বিশেষভাৱে আলোচনা কৰাৰ পাছত ৱেবাৰে কেইটামান আদর্শ নমুনা গঠন কৰে; যেনে- পুঁজিবাদ, প্রটেষ্টান্টিবাদ, কর্তৃত্ব, আমোলাতন্ত্র আদি। আকৌ পুঁজিবাদী আৰু প্ৰটেষ্টান্টবাদৰ মাজত সম্পর্ক আৰু আমোলাতন্ত্রৰ ক্ষতি ইত্যাদিৰ ধাৰণা অনুধাৱন কৰিবলৈ যত্ন কৰে।

১৪। কর্তৃত্বৰ সংজ্ঞা দিয়া। কর্তৃত্বৰ বিভিন্ন প্রকাৰবোৰ আলোচনা কৰা। (Define authority. Discuss the different types of authority.)

উত্তৰঃ ৱেবাৰে ‘অর্থনীতি আৰু সমাজ’ শীর্ষক আলোচনাত সামাজিক স্তৰীকৰণৰ ওপৰত ভিত্তি কৰি ‘ক্ষমতা’ সামাজিক সম্বন্ধৰ এটা মৌলিক অবধাৰণা বুলি বিশ্লেষণ আগবঢ়াইছে। ৱেবাৰে ‘ক্ষমতা’ সম্পর্কে এনেদৰে সংজ্ঞা দিছে যে ই হৈছে ব্যক্তি বা সমূহৰ এনে সামর্থ, যিটোক আনকি আনে বিৰোধিতা কৰিলেও তেওঁলোকে সাব্যস্ত কৰিব বিচৰা এক ইচ্ছা।

কর্তৃত্ব হৈছে ক্ষমতাৰ এক উপপ্রকাৰ, য’ত ব্যক্তিয়ে ইচ্ছাকৃতভাৱে ইয়াক পালন কৰে বা পালন কৰিবলৈ নিৰ্দেশ দিয়া হয় কাৰণ তেওঁলোকে ক্ষমতাৰ প্ৰয়োগ বা প্রভুত্বক যুক্তিসঙ্গত বুলি বিবেচনা কৰে।

ৱেবাৰে তিনি ধৰণৰ যুক্তিসঙ্গত প্রভুত্ব বা কর্তৃত্বব আদর্শ প্রকাৰক চিনাক্ত কৰিছে। সেয়া হৈছে – পৰম্পৰাগত কর্তৃত্ব, আইনসঙ্গত যুক্তিযুক্ত কর্তৃত্ব আৰু অনন্য প্রতিভাসম্পন্ন কর্তৃত্ব।

(ক) পৰম্পৰাগত কর্তৃত্বঃ এই ধৰণৰ কর্তৃত্ব পৰম্পৰাগতভাৱে চলি অহা ধাৰণাৰ ভিত্তিত বর্তি থাকে। এই ক্ষেত্রত নেতাজনে এটা পৰম্পৰাগত বার্তা দিয়ে আৰু পৌৰাণিক প্রথা আৰু ৰীতি-নীতি অনুযায়ী কর্তৃত্ব ধাৰণ কৰে। উদাহৰণস্বৰূপে, দালাই লামাৰ কর্তৃত্ব।

(খ) আইনসঙ্গত কর্তৃত্বঃ যুক্তিযুক্ত কর্তৃত্ব এনে ধৰণৰ কর্তৃত্ব ৰাজহুৱা নীতি, পদ্ধতিৰ ওপৰত ভিত্তি কৰি লাভ কৰা যায়। আমোলাতন্ত্র হ’ল এনে কর্তৃত্বৰ এটা প্রধান উদাহৰণ।

(গ) অনন্য প্রতিভাসম্পন্ন কর্তৃত্বঃ অনন্য প্রতিভাসম্পন্ন কর্তৃত্বৰ ক্ষেত্ৰত সমর্থকসকলে ব্যক্তিজনৰ প্রতিভা বা ব্যক্তিত্বৰ দ্বাৰা প্ৰভাৱিত হৈ সেই কর্তৃত্ব মানি লয়। এনে কর্তৃত্বই পূৰ্বৰ পৰম্পৰা ভঙ্গ কৰিব পাৰে, সামাজিক পৰিৱৰ্তন সাধন কৰে আৰু গণতন্ত্রৰ আমোলাতান্ত্রিক কঠোৰতাৰ বিৰুদ্ধাচৰণ কৰে। উদাহৰণস্বৰূপে, নেলচন্ মাণ্ডেলা আৰু মহাত্মা গান্ধীয়ে তেওঁলোকৰ প্ৰতিভাৰ দ্বাৰা সমাজলৈ পৰিৱৰ্তন আনিছিল। কিন্তু তেনে কর্তৃত্ব সেই প্রতিভাৰ অধিকাৰী ব্যক্তিৰ মৃত্যুৰ পিছত ক্ষণস্থায়ী হয় বা তেনে কর্তৃত্ব আমোলাতান্ত্রিক যুক্তিযুক্ত আইনসঙ্গত কর্তৃত্বৰ লগত সাঙোৰ খাই পৰে।

১৫। আমোলাতন্ত্ৰৰ সংজ্ঞা দিয়ক। ইয়াৰ বৈশিষ্ট্যসমূহ কি কি? ইয়াৰ বিভিন্ন প্রকাৰবোৰ আলোচনা কৰা। (Define bureaucracy. What are its characteristics? Discuss the different types of it?)

উত্তৰঃ আমোলাতন্ত্র হ’ল আইনসঙ্গত যুক্তিযুক্ত কর্তৃত্বৰ এক উদাহৰণ। সেইবাবে ই ক্ষমতাৰেই এক উপপ্ৰকাৰ বা ভাগ। আমোলাতন্ত্রই এক প্রশাসনীয় পদ্ধতি আৰু প্রশাসনীয় পদ্ধতিৰ বিষয়ববীয়াসকলৰ মণ্ডলীক সূচায়। ৱেবাৰে আমোলাতন্ত্ৰৰ অধ্যয়নৰ ক্ষেত্ৰত যথেষ্ট অৱদান আগবঢ়াইছিল যদিও ‘আমোলাতন্ত্র’ শব্দটো তেওঁ উদ্ভাৱন কৰা নাছিল। যুক্তিযুক্ত বা সফল লক্ষ্যত উপনীত হ’বৰ বাবে তেওঁ আমোলাতন্ত্রক এটা উৎকৃষ্ট প্রশাসনীয় ব্যবস্থা হিচাপে অভিহিত কৰিছে।

ৱেবাৰে আমোলাতন্ত্রক গণতন্ত্রত মণ্ডলীৰ ওপৰত নেতাসকলৰ প্ৰভুত্বক ৰক্ষা কৰাৰ একে যুক্তিযুক্ত পদ্ধতিৰ ফল বুলি অভিহিত কৰিছে। এইদৰে আমোলাতন্ত্রই এই যুক্তিযুক্ত আইনসঙ্গত গঠন প্ৰক্ৰিয়াৰ দ্বাৰা বিকাশ লাভ কৰে আৰু অ-ব্যক্তিগত আইনসঙ্গত ক্ষমতা প্রয়োগৰ ওপৰত গুৰুত্ব প্রদান কৰে।

আমোলাতন্ত্ৰৰ বৈশিষ্ট্যসমূহক এনেদৰে নিৰ্দ্ধাৰণ কৰিব পাৰি-

(ক) কাৰ্যালয়ৰ শ্রেণীবদ্ধকৰণ আৰু শ্রেণীক্রম ব্যৱস্থাৰ যোগেদি যোগাযোগ ব্যৱস্থাকৰণ।

(খ) নথি বা ফাইল সংৰক্ষণ আৰু গোপনীয়তা ৰক্ষা। 

(গ) কাৰ্যালয়ৰ ভিতৰত বিভিন্ন কর্তৃত্বৰ বাবে কর্তৃত্বৰ পৰিসীমা সম্পর্কে স্পষ্ট সংজ্ঞা নিৰূপণ।

(ঘ) নীতি-নিয়মৰ দ্বাৰা কর্তৃত্বৰ পৰিসৰ আৰু নিৰ্দ্ধাৰিত কৰ্মৰ সীমা নিৰ্দ্ধাৰণ।

(ঙ) ব্যক্তিগত কাৰ্য্য পৰা কাৰ্যালয়ৰ কাৰ্য্যক পৃথকে ৰখা।

(চ) প্রশিক্ষণপ্রাপ্ত ব্যক্তিসকলক কার্যালয় প্রদান। 

(ছ) আমোলাতান্ত্রিক বিষয়াসকল নির্বাচিত ব্যক্তি নহয়। তেওঁলোকক ঊর্ধ্বতন কর্তৃপক্ষই নিয়োগ কৰে আৰু তেওঁলোকে উচ্চ প্রস্থিতি আৰু দীর্ঘকালীন কর্মসময় লাভ কৰে।

(জ) বিষয়াসকলৰ এটা নিৰ্দ্ধাৰিত বেতন থাকে আৰু অৱসৰকালীন পেন্সন লাভ কৰে।

(ঝ) বিষয়াসকলে কাৰ্যালয়ৰ প্রতি বাধ্যতা প্রদর্শন কৰিব লাগে।

১৬। কর্তৃত্ব আৰু আমোলাতন্ত্ৰৰ মাজৰ সম্পৰ্ক চমুকৈ আলোচনা কৰা। (Briefly discuss relationships between authority and bureaucracy.)

উত্তৰঃ ৱেবাৰে ‘অর্থনীতি আৰু সমাজ’ শীর্ষক আলোচনাত সামাজিক স্তৰীকৰণৰ ওপৰত ভিত্তি কৰি ‘ক্ষমতা’ সামাজিক সম্বন্ধৰ এটা মৌলিক অৱধাৰণা বুলি বিশ্লেষণ আগবঢ়াইছে। ৱেবাৰে ‘ক্ষমতা’ সম্পর্কে এনেদৰে সংজ্ঞা দিছে যে ই হৈছে ব্যক্তি বা সমূহৰ এনে সামর্থ, যিটোক আনকি আনে বিৰোধিতা কৰিলেও তেওঁলোকে সাব্যস্ত কৰিব বিচৰা এক ইচ্ছা।

কর্তৃত্ব হৈছে ক্ষমতাৰ এক উপপ্রকাৰ, য’ত ব্যক্তিয়ে ইচ্ছাকৃতভাৱে ইয়াক পালন কৰে বা পালন কৰিবলৈ নির্দেশ দিয়া হয় কাৰণ তেওঁলোকে ক্ষমতাৰ প্রয়োগ বা প্রভুত্বক যুক্তিসঙ্গত বুলি বিবেচনা কৰে।

আমোলাতন্ত্র হ’ল আইনসংগত যুক্তি যুক্ত কর্তৃত্বৰ এক উদাহৰণ। সেইবাবে ই ক্ষমতাৰেই এক প্রকাৰ বা ভাগ। আমোলাতন্ত্রই এক প্রশাসনীয় পদ্ধতি আৰু প্ৰশাসনীয় পদ্ধতিৰ বিষয়ববীয়াসকলৰ মণ্ডলীক সূচায়।

১৭। কর্তৃত্ব আৰু আমোলাতন্ত্রক সামাজিক সম্বন্ধৰ স্বৰূপ হিচাপে আলোচনা কৰক। (Discuss the nature of authority and bureaucracy as a social relation?) 

উত্তৰঃ কর্তৃত্ব হৈছে ক্ষমতাৰ এক উপ-প্ৰকাৰ য’ত ক্ষমতাৰ যুক্তিযুক্ত প্রয়োগ হয়। ৱেবাৰে তিনি প্ৰকাৰৰ কর্তৃত্বক নিৰ্দ্ধাৰণ কৰিছে। পৰম্পৰাগত, আইনসংগত যুক্তিযুক্ত আৰু অন্যান্য প্রতিভাসম্পন্ন।

আকৌ আমোলাতন্ত্র হ’ল আইনসংগত যুক্তিযুক্ত কর্তৃত্বৰ এক উদাহৰণ, সেইবাবে ই ক্ষমতাৰ এক উপপ্রকাৰ। ই যুক্তিসংগত নীতিৰ দ্বাৰা ক্ষমতাৰ অব্যক্তিগত প্রয়োগক সূচায়।

বহু সময়ত পৰম্পৰাগতভাৱে চলি অহা প্ৰথাৰেই সমাজত কর্তৃত্ব প্রদান কৰে কোনোবা এজন ব্যক্তিৰ ওপৰত উদাহৰণ হিচাপে ল’ব পৰা যায় তিব্বতব ধর্মীয় নেতা দালাই লামাৰ কর্তৃত্ব। 

কেতিয়াবা কেতিয়াবা প্রচলিত আইন ৰাজহুৱা নীতি, প্রচলিত পদ্ধতিৰ ওপৰত ভিত্তি কৰিও সমাজত কর্তৃত্ব প্রদান কৰা হয়। এই ক্ষেত্ৰত চৰকাৰে প্ৰদান কৰা আমোলাসকলৰ কথা ক’ব পৰা যায়।

পূৰ্বৰ পৰম্পৰা ভংগ কৰি বহু সময়ত কর্তৃত্বই সামাজিক পৰিবৰ্তন সাধন কৰা হয় আৰু গণতন্ত্ৰৰ আমোলাতান্ত্রিকতাৰ বিৰুদ্ধাচৰণ কৰি উদাহৰণ হিচাবে ক’ব পৰা যায়- নেলচন মেণ্ডেলা আৰু মহাত্মা গান্ধীৰ কথা। তেওঁলোকে স্বতন্ত্রভাবে প্রতিভাৰ যোগেদি আমোলা নহৈও কর্তৃত্বৰ দ্বাৰা সমাজৰ পৰিবৰ্তন সাধন কৰিছিল।

১৮। আদর্শ নমুনাৰ সংজ্ঞা দিয়া। ইয়াৰ বৈশিষ্ট্যবোৰ উল্লেখ কৰা। (Define the ideal model? Mention its characteristics.) 

উত্তৰঃ আদর্শ নমুনা হ’ল এক বিশ্লেষণাত্মক ধাৰণা, যি কোনো অনুসন্ধানকাৰীক কোনো বাস্তৱিক ঘটনাৰ সাদৃশ্যৰ লগতে বিচ্যুতিৰ পৰিমাপ কৰাত সহায় কৰে। ই কোনো ধৰণৰ পৰিসংখ্যামূলক গড় নাইবা প্রকল্প নহয়, বৰং ই এক মানসিক ধাৰণাহে।

আদর্শ নমুনাৰ বৈশিষ্ট্যবোৰঃ

(ক) আদর্শ নমুনা হৈছে স্পষ্টভাৱে গঠিত সামাজিক সম্বন্ধৰ এক আদর্শ আৰ্হি য’ত নিপুণতা আৰু কাৰ্যকৰণৰ সম্বন্ধ দেখা যায়।

(খ) সেই ধৰণৰ আৰ্হিৰ বাহিৰাকৃতিত সাধাৰণতে থকা বুলি ভবা কাৰকসমূহৰ ই বর্ণনা নহয়। ই এটা সাধাৰণ পৰিস্থিতিও নহয়।

(গ) নৈতিক ক্ষেত্ৰত ব্যৱহৃত হোৱা ভাল বেয়াৰ অৰ্থত ই আদর্শ নহয়।

(ঘ) ধাৰণাত্মক আৰু যুক্তিসিদ্ধ আদর্শ হোৱাৰ পৰিপ্ৰেক্ষিততহে ই আদর্শমূলক আৰু যুক্তিপূর্ণ উদ্দেশ্য সাধন আৰু উপায়ৰ ক্রিয়াকলাপৰ ক্ষেত্ৰত এক শুদ্ধ যুক্তিযুক্ততা প্রদর্শন কৰিব পৰাটো ইয়াৰ এটা গুণ।

এইদৰে আদর্শ নমুনাসমূহ সামাজিক অৱস্থানৰ এক বিশদ বিৱৰণ নহয়। ই কেৱল কোনো ঘটনাৰ বৈশিষ্ট্যমূলক, আৱশ্যকীয় আৰু দৃষ্টান্তমূলক বৈশিষ্ট্য, যি যুক্তিযুক্তভাৱে গঠিত আৰু ই সর্বমুঠ সত্যতাক প্রকাশ নকৰে।

১৯। আদর্শ নমুনা আৰু সাধাৰণ বোধৰ মাজত পাৰ্থক্যবোৰ আলোচনা কৰা। (Discuss the differences between the ideal model and common sense.)

উত্তৰঃ আদর্শ নমুনাৰ চৰিত্ৰ বিশ্লেষণ আৰু সামাজিক জীৱনত ইয়াৰ প্রয়োগ সম্পর্কে অধিক স্পষ্টভাৱে বুজি উঠিবলৈ ৱেবাৰে ইয়াক আমাৰ সাধাৰণ বোধগম্যতাৰ লগত তুলনা কৰিছে। তেখেতে চাৰিওপাশৰ পৃথিৱীখনৰ প্রতিটো দিশ বুজি পাবলৈ কৰা আমাৰ প্ৰতিটো প্রয়াসৰ ক্ষেত্ৰত আদর্শ নমুনাৰ প্রয়োগিক দিশৰ ওপৰত গুৰুত্ব দিছে। তেখেতে দেখুৱাইছে যে সৰ্বসাধাৰণে ঘৰুৱা আলোচনাত প্রায়েই তেওঁলোকৰ “আদর্শ নমুনা” ব্যৱহাৰ কৰে। 

উদাহৰণস্বৰূপে, আমি যেতিয়া গণতন্ত্র, কমিউনিজিম, পাকিস্থানী বা আইৰিচ্ ইত্যাদি পৰিঘটনাসমূহৰ ধাৰণা দিব বিচাৰো তেতিয়া আমি এই পৰিঘটনা বা ধাৰণাবোৰৰ কেৱল মাত্র কিছুমান স্পষ্ট হৈ থকা দিশহে বিবেচনাৰ বাবে গ্রহণ কৰোঁ। আমি এনে কিছুমান ধর্ম বা গুণ বাচি লওঁ যিবোৰৰ সাংস্কৃতিক গুৰুত্ব থাকে আৰু যাক আমি বৈশিষ্ট্যপূর্ণ বুলি ভবা যায়। গতিকে আমাৰ সাধাৰণ জীৱনত আমাৰ চাৰিওফালৰ পৰিঘটনাসমূহ বুজি পাবলৈ আমি অজানিতেই একো একোটা মডেল বা আৰ্হি ব্যৱহাৰ কৰা হয়। 

ৱেবাৰে এই দিশটোৰ কথা আঙুলিয়াইছিল আৰু এইটোও গুৰুত্ব দি কৈছিল যে আদর্শ নমুনাসমূহ আৰু অধিক স্পষ্ট হোৱাটো বাঞ্ছনীয়। সেয়েহে এই ক্ষেত্ৰত পদ্ধতি আৰু কার্যপ্রণালী বিজ্ঞানসন্মত হোৱা বাঞ্ছনীয় যাতে আমাৰ চাৰিওফালে পৃথিৱী, বিশেষকৈ সামাজিক পৃথিৱীখনৰ সম্পৰ্কে আমাৰ জ্ঞান বৈজ্ঞানিক তথা প্রণালীবদ্ধ হোৱাত সহায় হয়। এই উদ্দেশ্য লৈয়েই ৱেবাৰে আদর্শ নমুনাৰ ধাৰণাৰ সৃষ্টি কৰিছিল যাতে ইয়াৰ জৰিয়তে সামাজিক বিশ্বখন সম্যকভাৱে বুজি উঠিব পাৰি আৰু সামাজিক পৰিঘটনাৰ নতুন নতুন দিশ লগতে সিবিলাকৰ অন্তর্নিহিত হৈ থকা কাৰণসমূহ উদঘাটন কৰিব পৰা যায়।

আদর্শ নমুনাসমূহ দৰাচলতে বিমূর্ত, যুক্তিযুক্ত মডেল বা আৰ্হি যিবোৰ মানুহৰ সামাজিক কার্যকলাপৰ উদ্দেশ্য আৰু মাধ্যমৰ মাজত সামঞ্জস্য ৰক্ষা কৰে। আদর্শ নমুনা দৰাচলতে কোনো কৰ্তাই তেওঁৰ আচৰণৰ সৈতে জড়িত যুক্তি যুক্ততাৰ চৰ্ত সাপেক্ষে যদি কোনো ক্রিয়া সম্পূর্ণভাৱে যুক্তিযুক্ততাৰে সম্পন্ন কৰিব লাগে তেনে ক্রিয়াৰ আর্হিয়েই হ’ল আদর্শ নমুনা।

২০। মুদ্রাৰ দৰ্শনৰ ধাৰণাটো বহলাই ব্যাখ্যা কৰা। (Explain the concept of currency philosophy in detail.)

উত্তৰঃ মুদ্ৰাৰ দৰ্শন সম্ভৱতঃ চিমেলৰ সবাতোকৈ গুৰুত্বপূর্ণ কিন্তু সবাতোকৈ উপেক্ষিত ধ্রুপদী চিন্তা আছিল। চিমেলৰ অধ্যয়নৰ মূল বিষয়বস্তু আছিল মুদ্ৰাৰ সামাজিক অর্থ, মুদ্রাই কেনেকৈ মানুহ আৰু সমাজক প্ৰভাৱিত কৰে। আধুনিক সমাজত মুদ্রাই এক নৈর্ব্যক্তিক প্রমূল্য অথবা প্রমূল্যৰ বৈষয়িক জোখৰ ৰূপ ধাৰণ কৰিছে। মুদ্রাই মানুহৰ মাজত নৈর্ব্যক্তিক প্রমূল্য আৰু যুক্তিসঙ্গত সম্পর্ক স্থাপন কৰে। এনে সম্পর্কবোৰে প্রতীকীৱদ্ধ আৰু বিধিবদ্ধ ৰূপ লৈছে। মুদ্রাৰ ব্যৱহাৰে মানুহক বস্তুৰ পৰা আঁতৰাই নিছে আৰু এই দূৰত্ব জয় কৰাৰ উপায় আগবঢ়াইছে। মুদ্ৰাৰ ব্যৱহাৰে সমাজত মানুহক অধিক নমনীয়তা আৰু স্বতন্ত্রতা প্রদান কৰিছে।

চিমেলে কৰ্তাৰ আভ্যন্তৰীণ জগত আৰু সামগ্রিকভাৱে বস্তুনিষ্ঠ সংস্কৃতিৰ ওপৰত মুদ্রা অৰ্থনীতিৰ প্রভাৱ মূল্যায়ন কৰিছিল। তেওঁৰ মতে বিনিময়, মালিকীস্বত্ব, বিলাসিতা, সন্দেহবাদিতা, ব্যক্তিগত স্বতন্ত্রতা, জীৱন-যাপন শৈলী, সংস্কৃতি, লোভ, ব্যক্তিত্বৰ মান আদিৰ দৰে সামাজিক পৰিঘটনাৰ সৈতে মুদ্রা জড়িত। মুদ্রাই আগবঢ়োৱা উপায়েৰে বজাৰ, অর্থনীতি আৰু প্রধানতঃ সমাজখনে একোটা নিজস্ব জীৱন লাভ কৰে। এই জীৱন কর্তাৰ বাবে বাহ্যিক বিষয়। মুদ্রাৰ লেন-দেন সমাজৰ এক গুৰুত্বপূর্ণ অংশ হৈ যোৱাৰ লগে লগে সমাজত মানুহৰ গুৰুত্ব কমি যায়। আধুনিক সমাজত মুদ্রা নিজেই এটা প্রয়োজন হৈ পৰিছে। ইয়াৰ ফলত মানুহ ক্রমে উদ্ধত হৈ পৰিছে আৰু এটা বীতস্পৃহ মনোভাৱ গ্রহণ কৰিবলৈ বাধ্য হৈ পৰিছে।

মুদ্রাই আমাৰ সামাজিক আন্তঃক্ৰিয়াবোৰৰ চৰিত্ৰ অধিক যান্ত্রিক আৰু গণনাসাধ্য কৰি তুলিছে। ই মানৱীয় সামাজিকতা সলনি কৰিছে। আধুনিক অর্থনৈতিক বিনিময়ত মুদ্রাৰ ভূমিকাক এক প্ৰকাৰৰ সামাজিক আন্তঃক্রিয়া হিচাপে বুজিবলগীয়া হৈছে। ই সামাজিক কৰ্তাৰ মাজত চলা অতীতৰ বিনিময় আৰু লেন-দেন প্রথাবোৰ সম্পূর্ণ আওঁৰাই পেলাইছে। মুদ্রাই মানৱ আন্তঃক্রিয়াৰ ৰূপ সলনি কৰি এক নৈর্ব্যক্তিক ৰূপ প্রদান কৰিছে। ই মানুহৰ কাম-কাজৰ যুক্তিসঙ্গত গণনাৰ পথ প্রশস্ত কৰিছে। এতিয়া সমাজ জীৱনৰ বহুতো ক্ষেত্ৰত বিমূর্ত গণনাৰ উত্থান ঘটিছে আৰু গোষ্ঠীগত সম্পর্ক নোহোৱা কৰিছে। পৰিমাণগত গণনাৰ সলনি অতীজত গুণমান ভিত্তিক গণনাক অগ্রাধিকাৰ দিয়া হৈছিল।

মুদ্রাই তাৎক্ষণিক উদ্দেশ্য পূৰণৰ বাবে লেন-দেন সীমাবদ্ধ কৰাটো সম্ভৱ কৰি তুলিছে আৰু ব্যক্তিগত স্বাধীনতাৰ বৃদ্ধি কৰিছে। আধুনিক পৃথিৱীত মুদ্রাৰ মূল্য স্বীকৃত মূল্যতকৈ বহু বেছি আৰু ই বিনিময়ৰ এক মাধ্যম। যুক্তিসঙ্গততাৰ আধুনিক মনোভাৱৰ প্রতীক আৰু উপস্থাপকৰ ভূমিকা পালন কৰা মুদ্রা হ’ল এক অর্থনৈতিক কার্য্য।

২১। মহানগৰৰ বৰ্ণনা দিয়া আৰু মহানগৰীয়া সমাজত ব্যক্তিৰ বস্তুনিষ্ঠ আচৰণবোৰ কেনেকুৱা হ’ব পাৰে বুজাই লিখা। (Describe the metropolis and explain how the objects of a person may be in the metropolitan society.) 

উত্তৰঃ জ’র্জ চিমেল হ’ল আধুনিক নগৰীয়া জীৱনৰ অৱস্থা পৰীক্ষা কৰি চোৱা প্ৰথমগৰাকী শিক্ষায়তনিক ক্ষেত্ৰৰ লগত জড়িত ব্যক্তি। তেওঁ দাবী কৰিছিল যে দেশৰ নগৰ অঞ্চলবোৰে অসংখ্য আচৰণগত অৱস্থাৰ সৃষ্টি কৰে। নগৰে মানুহক স্বতন্ত্রতা প্রদান কৰে। ই এক মুকলিমূৰীয়া অনুভৱ। কিন্তু একে সময়তে নগৰে এক কৃত্রিম তথা মাত্রাধিক উদ্দীপনা সৃষ্টিকাৰী পৰিবেশো সৃষ্টি কৰে যিটোৱে নগৰীয়া লোকক পৰস্পৰৰ পৰা বিচ্ছিন্ন কৰে।

চিমেলৰ মতে নগৰ-চহৰৰ প্রাথমিক উপাদান হ’ল উদ্বুদ্ধকাৰী পৰিৱেশৰ সংখ্যাধিকতা। তেওঁ দাবী কৰে যে নগৰত নিজৰ পঞ্চ ইন্দ্রিয়ক বিভিন্ন ধৰণে সন্তুষ্টি প্রদান কৰি মানুহে নিজৰ মৌলিক চৰিত্ৰ সলনি কৰি পেলায়। কালক্ৰমত শৰীৰ আৰু সামগ্ৰীৰ ব্যাপক পুঞ্জীভৱনৰ ফলত মানুহ চৌপাশৰ প্রতি আৱেগহীন হৈ পৰে তথা ব্যক্তিগত দৈনিক আন্তঃক্রিয়াৰ অভাৱ ঘটে।

নগৰ-চহৰত বাস কৰা লোকে পৰিৱৰ্তিত পৰিৱেশৰ সৈতে খাপ খাই চলিব পাৰে। নগৰীয়া লোকৰ অনুভৱ-অনুভূতিবোৰ পৰম্পৰাগত সামাজিক সজ্জাত বাস কৰা লোকতকৈ পৃথক। আৱেগিক প্রতিক্রিয়া প্রকাশ নকৰি মহানগৰীয়া লোকে প্রধানকৈ যুক্তিসঙ্গতভাৱে প্রতিক্রিয়া প্রকাশ কৰে। এনেকৈয়ে তেওঁলোকে সচেতনতা গাঢ়কৰণৰ জৰিয়তে এক মানসিক আধিপত্যৰ সৃষ্টি কৰে।

নগৰীয়া লোকে অন্তৰেৰে নহয় বিচাৰ-বিবেচনাৰে প্রতিক্রিয়া প্রকাশ কৰে। ইয়াক চিমেলে মনোবৈজ্ঞানিক বৌদ্ধিকতাবাদী মনোভাৱ বুলি আখ্যা দিছিল। নগৰ-চহৰৰ জীৱনদশাই মানুহক জীৱন-যাপনৰ স্বীকৃত প্রথাগত উপায় বিকাশত বাধা দিয়ে। অর্থাৎ, নগৰীয়া মানুহে জীৱনৰ নক্সা গঢ়া গভীৰভাৱে মানি চলা পৰম্পৰাবোৰ অনুসৰণ কৰাৰ সুযোগ নিদিয়ে। নগৰ-চহৰৰ মানুহে অবিৰতভাৱে সলনি হৈ থকা সামাজিক পটভূমিত খাপ খাই চলিব লাগে।

সেয়েহে নগৰীয়া মানুহে নিজকে সুৰক্ষা প্রদান কৰিবলৈ তুলনামূলকভাৱে একোটা ‘বীতস্পৃহ মনোভাৱ’ গ্রহণ কৰিবলগীয়া হয়। নগৰীয়া মানুহৰ সম্পৰ্কবোৰ ‘ধন’ৰ দৰে নৈর্ব্যক্তিক মাধ্যমৰ জৰিয়তে নিয়ন্ত্রিত হয়। ধনে মানুহৰ মাজত তুলাচনীৰ কাম কৰে। কাৰণ এইখন সমাজত আন সকলো বিষয় আৰু উপাদান সার্বজনীনভাৱে কম প্রয়োগসাধ্য। নগৰ-চহৰত বাস কৰা লোকৰ মানসিকতা বর্ণনা কৰিবলৈ চিমেলে ‘মহানগৰীয়া বৌদ্ধিকতাবাত’ অভিধাটো ব্যৱহাৰ কৰিছিল। এটা জটিল আৰু বিস্তৃত মহানগৰীয়া জীৱনত মানুহক সময়ানুৱর্তিতা আৰু গণনাসাধ্যতাৰ প্রয়োজন হয়।

চিমেলে লক্ষ্য কৰিছিল যে নগৰ-চহৰবোৰৰ বিকাশ আৰু জনসংখ্যা ক্রমে বৃদ্ধি হোৱা বাবে আন্তঃমানৱ সংযোগবোৰ স্বল্প স্থায়ী হৈ পৰিছে অথবা এনে সংযোগৰ অভাৱ ঘটিছে। পৰম্পৰাগত সমাজত চলা সামাজিক আন্তঃক্রিয়াৰ সৈতে তুলনা কৰি এই সিদ্ধান্তত উপনীত হোৱা গৈছে। নগৰ-চহৰৰ সত্তা হ’ল উদ্দেশ্যমূলক।

আধুনিক মহানগৰীয়া সমাজৰ পৰিৱেশৰ সৈতে মোকাবিলা কৰিবলৈ মানুহে উদ্দেশ্যমূলক ব্যক্তিত্ব গঢ়ি তোলে। চিমেলে মন কৰিছিল যে নগৰ-চহৰত ব্যক্তিৰ পটভূমিমূলক আন্তঃক্রিয়া আৰু সামাজিক জীৱনৰ ৰূপবোৰে এক ‘বস্তুনিষ্ঠ সংস্কৃতি’ গড়ি তোলে। বিষয়নিষ্ঠ সংস্কৃতি হ’ল কৰ্তাৰ বস্তুনিষ্ঠ সংস্কৃতিৰ উপাদান উৎপাদন, গ্রহণ আৰু নিয়ন্ত্রণ কৰিব পৰা সামর্থ। আদর্শগতভাৱে, ব্যক্তিগত সংস্কৃতিয়ে গঢ় দিয়া বস্তুনিষ্ঠ সংস্কৃতি আৰু বস্তুনিষ্ঠ সংস্কৃতিৰ দ্বাৰা গঢ়িত হোৱা ব্যক্তিগত সংস্কৃতিয়ে এক নতুন ধৰণৰ জীৱন সৃষ্টি কৰে।

২২। চিমেলৰ মতে ব্যক্তি আৰু সমাজৰ সম্বন্ধ সম্পর্কে ব্যাখ্যা কৰা। (According to Simmel, explain about the relationship of individuals and society.)

উত্তৰঃ চিমলেৰ মতে ব্যক্তি আৰু সমাজৰ মাজত এক গতিশীল অথবা দ্বন্দ্বমূলক প্রতিবলে ক্রিয়া কৰি থাকে। ব্যক্তি হ’ল মুক্ত আৰু সৃজনশীল সত্তা। তথাপিও ব্যক্তি সামাজিকীকৰণ প্ৰক্ৰিয়াৰ অংশ। চিমেলৰ দৃষ্টিভঙ্গীত আধুনিক সমাজত ব্যক্তিয়ে আগতকৈ বহু অধিক স্বতন্ত্রতাৰ সৃষ্টি কৰে। ই ঐতিহাসিক আৰু পৰম্পৰাগত সমাজৰ সম্পূৰ্ণ বিপৰীত। ঐতিহাসিক আৰু পৰম্পৰাগত সমাজত সম্প্রদায় এটাৰ সদস্যসকলৰ মাজত থকা বান্ধোন অতি দৃঢ়। অৱশ্যে নগৰীয়া জীৱনৰ সংস্কৃতিত মানুহে আগতকৈ গভীৰ ধৰণৰ বিচ্ছিন্নতাবোধৰ অভিজ্ঞতা লাভ কৰে।

চিমেনে ব্যক্তি আৰু সমাজৰ মাজত থকা সম্পৰ্কৰ ধাৰণা কৰিছিল। তেওঁৰ মতে ব্যক্তি সমাজৰ ভিতৰ আৰু বাহিৰ উভয়তে থাকে। ব্যক্তি সামাজিক আন্তঃক্রিয়াৰ উদ্দেশ্য আৰু বিষয় দুয়োটাই হ’ব পাৰে। ব্যক্তিয়ে বিভিন্ন আন্তঃক্রিয়াৰ জৰিয়তে সমাজত নিজকে প্রদর্শন কৰিব আৰু সামাজিক পাৰদর্শিতা আহৰণ কৰিব বিচাৰে। সমাজেও সামাজিকীকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে ব্যক্তিক সংহত কৰাৰ প্ৰয়াস কৰে।

ব্যক্তি হ’ল সৃজনশীল আৰু সচেতন সত্তা। এই বৈশিষ্ট্যবোৰ মানুহে সামাজিক জীৱনৰ সৈতে জড়িত বিভিন্ন আন্তঃক্ৰিয়াৰ ৰূপত প্রকাশ কৰে। সামাজিক জীৱনত বিভিন্ন অভিপ্রায়, উদ্দেশ্য আৰু স্বার্থত সচেতন ব্যক্তি অথবা ব্যক্তিৰ গোটে পৰস্পৰৰ সৈতে আন্তঃক্রিয়া সম্পন্ন কৰে। এই পাৰস্পৰিক চিন্তা দিকবলন আৰু সামাজিক আন্তঃক্রিয়াত মানুহৰ মনে এটা প্রধান ভূমিকা পালন কৰে। মানৱীয় সৃষ্টিশীলতাই ব্যক্তিৰ স্বতন্ত্রতা নিশ্চিত কৰে। কিন্তু একে সময়তে ই এই স্বতন্ত্রতা সঙ্কুচিত তথা সীমাবদ্ধ কৰা বস্তুনিষ্ঠ সংস্কৃতিৰ গাঁথনিও গঢ়ি তোলে। অর্থাৎ, সামাজিক আজ্ঞক্রিয়াই এক স্বীকৃত ৰূপ আৰু আৰ্হি গঢ়ি তোলে যিটোৱে সময়ত এক সংগঠনৰ জন্ম বিয়ে।

চিমেলৰ মতে সমাজৰ নিজাকৈ কোনো পৃথক বাস্তৱতা নাথাকে। সমাজ হ’ল আন্তঃক্ৰিয়াৰ দ্বাৰা সংযুক্ত হৈ থকা বহুতো ব্যক্তিৰ এক উমৈহতীয়া নাম। সমাজ এটা বস্তু নহয়। ইয়াত মূর্ত ৰূপ নাই। ই কিছুমান ঘটনাৰ সমষ্টি। সমাজ হ’ল এজন ব্যক্তিৰ আন এজনৰ সৈতে হোৱা আন্তঃক্রিয়া। চিমেলৰ মতে সমাজ হ’ল আমি যাপন কৰি থকা অভিজ্ঞতা। সামাজিক শক্তিবোৰ ব্যক্তিৰ বাবে বাহিৰা শক্তি নহয়। ব্যক্তিয়ে নিজৰ কর্ম আৰু আন্তঃক্রিয়াৰ জৰিয়তে প্রতিটো জীৱন্ত মুহূর্ততে সমাজ পুনৰ সৃষ্টি কৰি গৈ থাকে।

চিমেলে লক্ষ্য কৰিছিল যে য’ত যথেষ্ট সংখ্যক ব্যক্তি আজ্ঞক্রিয়াত মিলিত হয়, তাতেই সমাজৰ সৃষ্টি হয়। তেওঁৰ কথাৰ অৰ্থ হ’ল যেতিয়া মানুহ গোট খায় তেতিয়া এনে কিছুমান কার্য্য সংঘটিত হয় যিবোৰ মানুহে অকলে থাকিলে কৰিব নোৱাৰে। যেনে- বাদ্যযন্ত্রীসকলে ইজনে সিজনৰ বাদ্যযন্ত্ৰৰ সৈতে স্বৰৰ মাত্রা একে কৰি লোৱাৰ দৰে মানুহেও ইজনে সিজনৰ সৈতে খাপ খাই চলাৰ চেষ্টা কৰে।

২৩। চিমেলৰ জন্ম শিক্ষা তথা তেওঁৰ ৰচনাসমূহৰ বিষয়ে আলোচনা কৰা। (Discuss about Simmel’s birth education as well as his works.)

উত্তৰঃ জর্জ চিমেল আছিল এগৰাকী জার্মান সমাজতত্ত্ববিদ। ১৮৫৮ চনৰ ১ মাৰ্চত জর্জ চিমেলৰ জন্ম হৈছিল। বার্লিনৰ এজন ধনী ইহুদী ব্যৱসায়ী। কিন্তু চিমেলৰ জন্মৰ আগতেই তেওঁ বোমান কেথিলক ধর্ম গ্রহণ কৰিছিল। চিমেল কেঁচুৱা হৈ থাকোতেই দেউতাকৰ মৃত্যু হৈছিল।

১৮৭৬ চনত জিমনেচিয়ামৰ পৰা স্নাতক হোৱাৰ পাছত চিমেলে বার্লিন বিশ্ববিদ্যালয়ত নামভর্তি কৰিছিল। তেওঁ ইতিহাস, দর্শন আৰু মনোবিজ্ঞান অধ্যয়ন কৰিছিল। ১৮৮১ চনত তেওঁ কাণ্টৰ প্রকৃতিৰ দৰ্শনৰ এক অধ্যয়নত ভিত্তিত ডক্টৰেট ডিগ্রী লাভ কৰিছিল।

১৮৮৫ চনত চিমেলে বার্লিন বিশ্ববিদ্যালয়ৰ প্ৰবক্তাৰ পদ গ্রহণ কৰিছিল। তেওঁ এজন জনপ্রিয় আৰু সফল শিক্ষক আছিল। বার্লিন বিশ্ববিদ্যালয়ত তেওঁ প্ৰদান কৰা আৰম্ভণিৰ বক্তৃতাবোৰ দর্শন আৰু নীতিশাস্ত্র বিষয়ক আছিল। ১৫ বছৰ শিক্ষকতা কৰাৰ পাছতো বার্লিন বিশ্ববিদ্যালয়ে তেওঁক প্রাপ্য স্বীকৃতি দিয়া নাছিল। ১৯১৪ চনতহে চিমেলে নিয়মীয়া শিক্ষায়তনিক নিযুক্তি লাভ কৰিছিল। বার্লিনৰ পৰা বহু নিলগৰ ষ্টাৰ্চব’র্গ বিশ্ববিদ্যালয়েহে তেওঁক এই মর্যাদা প্রদান কৰিছিল। 

এই সমস্যাবোৰ থকা সত্বেও তেওঁ সংগঠন, সংস্কৃতি, সামাজিক গাঁথনি, নগৰ আৰু অর্থনীতিৰ প্রকৃতি আদিৰ দৰে বিভিন্ন বিষয়ত, প্রায় ২০০ টা মান প্রবন্ধ ৰচনা কৰিছিল। চিমেলৰ দুখনমান প্রধান প্রকাশিত গ্রন্থ হ’ল- অন ছোচিয়েল ডিফাৰেন্সিয়েশান, দ্য প্রব্লেমচ্ অৱ দ্য ফিল চফী অব্ হিষ্ট’ৰী, ইন্ট্রোডক্শ্যন টু দ্য ছায়েন্স অব এথিকচ্, দ্য ফিল চফী’অৱ মানি। ‘সমাজশাস্ত্র’ অভিধাটো ব্যৱহাৰ কৰা জার্মান শিক্ষাজগতৰ প্ৰথম গৰাকী ব্যক্তি আছিল চিমেল। তেওঁ এখন কিতাপৰ নাম হিচাপে শব্দটো ব্যৱহাৰ কৰিছিল। অইনতকৈ বহু আগতেই তেওঁ বিশুদ্ধ সমাজতত্ত্ব কেন্দ্রিক বিষয় আৰু সমস্যাবোৰ অনুধাৱন কৰিব পাৰিছিল। তেওঁৰ ‘ছ’জিঅ’ল’জী’ নামৰ ১৯০৮ চনত প্রকাশিত গ্রন্থখনত সমাজতত্ত্ব কেন্দ্রিক বিশ্লেষণৰ সাধাৰণ উপায়বোৰৰ ৰূপৰেখা দাঙি ধৰিছে যদিও পৰৱৰ্তী সময়ত চিমেলে নিজৰ চিন্তা প্রক্রিয়াটো সাধাৰণ লোকৰ বোধগম্য হোৱাকৈ সংগঠিত ৰূপত উপস্থাপনৰ প্রয়াস নকৰিলে।

চিমেলে সমাজক স্বতন্ত্র ব্যক্তিৰ এক সংগঠন বুলি গণ্য কৰিছিল। তেওঁ কৈছিল যে ভৌতিক পৃথিৱীখনক কৰা অধ্যয়নৰ দৰে একে পদ্ধতিৰে সমাজক অধ্যয়ন কৰিব নোৱাৰি। অর্থাৎ মানৱীয় আন্তঃক্রিয়া নিয়ন্ত্ৰণ কৰা প্রাকৃতিক আইনৰ আৱিষ্কাৰতকৈ সমাজতত্ত্ব বহু বেছি গুৰুত্বপূর্ণ। চিমেলক এগৰাকী সূক্ষ্ম সমাজতাত্ত্বিক বুলি কোৱা হয়। তেওঁ ক্ষুদ্র গোট গৱেষণাৰ বিকাশত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল। সামাজিক আন্তঃক্রিয়াৰ বিন্যাস অথবা ৰূপ সম্পর্কে চিমেলৰ নিৰীক্ষণবোৰ সূক্ষ্ম পৰ্য্যায়ৰ আন্তঃক্রিয়াত দেখিবলৈ পোৱা যায়। 

চিমেলে এই কথা স্পষ্ট কৰি দিছিল যে তেওঁৰ মূল আগ্রহবোৰৰ মাজৰ এটা আগ্রহ হ’ল সমাজৰ সচেতন কৰ্তাবোৰৰ মাজৰ সম্পৰ্ক অধ্যয়ন কৰা। তেওঁ আন্তঃক্রিয়াক এক বিস্তৃত পৰিসৰত অধ্যয়ন কৰাৰ কথা ভাবিছিল। চিমেলে লিখা কেইটামান অপৰম্পৰাগত আৰু ভিন্ন বিষয় হ’ল- দুঃসাহসিক অভিযানৰ সমাজতত্ত্ব, গোপনীয়তা ৰক্ষাৰ গুৰুত্ব, চৌখিনতাৰ আৰ্হি, মুদ্রাৰ সামাজিক গুৰুত্ব ইত্যাদি। তেওঁক সাধাৰণতে সমাজৰ কোনো প্রণালীবদ্ধ অথবা সংহত তত্ত্ব বাহিৰ নকৰা সমাজতাত্ত্বিক হিচাপে গণ্য কৰা হয়।

২৪। চিমেলৰ চৌখিনতাৰ বিষয়ে আগবঢ়োৱা মতামতটো আলোচনা কৰা। (Discuss the opinion of Simmel’s luxuriousness.) 

উত্তৰঃ চৌখিনতা সম্পর্কে লিখা ৰচনাত চিমেলে মন্তব্য কৰিছে যে চৌখিনতা হ’ল এক ধৰণৰ সামাজিক সম্পর্ক। চৌখিনতাই নিজৰ ৰূপান্তৰ ঘটাব খোজাসকলৰ মনৰ ইচ্ছা পূৰ কৰে আৰু ব্যক্তি স্বাতন্ত্র্যবাদৰ সমৰ্থকসকলক স্বীকৃত প্ৰথাৰ পৰা বিচ্যুত হোৱাৰ পথ দেখুৱায়। চিমেলৰ মতে নগৰ-চহৰত চৌখিনতাৰ বিকাশ ঘটে। আধুনিক ব্যক্তিয়ে সামাজিক সমর্থনৰ পৰম্পৰাৰ কবলৰ পৰা বিচ্ছিন্ন হ’ব খোজে। চৌখিনতাই ব্যক্তিক নিজৰ ব্যক্তিত্ব অথবা ব্যক্তিগত প্ৰমূল্যৰ ইঙ্গিত দিয়াত অথবা সেইবোৰ প্ৰকাশ কৰাত সহায় কৰে। চিমেলে লক্ষ্য কৰিছিল যে যিবোৰ ব্যক্তিৰ স্বনিয়ন্ত্রণ ক্ষমতাৰ অভাৱ আৰু যিসকলক সমর্থনৰ প্রয়োজন কিন্তু তথাপিও যিসকলৰ আত্মসচেতনতাই অহৰহ সাধাৰণতকৈ পৃথক আৰু বিশেষ ব্যক্তি হিচাপে নিজকে উপস্থাপন কৰিবলৈ সঁকিয়াই থাকে তেনে ব্যক্তিক চৌখিনতাই উত্তম সুযোগ প্রদান কৰে।

চৌখিনতাক বস্তুনিষ্ঠ সংস্কৃতিৰ এটা অংশ হিচাপে ধইৰ পাৰি। ই ব্যক্তিক এটা গোটৰ স্বীকৃত নীতি-নিয়ম মানি চলাৰ আৰু এনে এটা বস্তুনিষ্ঠ সংস্কৃতি সৃষ্টি কৰাৰ সুযোগ দিয়ে যিটোৱে তেওঁলোকক সাধাৰণতকৈ পৃথক কৰি তোলে। চৌখিনতাই ব্যক্তি স্বতন্ত্রতা প্রকাশ কৰিব পাৰে। কাৰণ চৌখিনতাৰ সহায়ক ব্যক্তিয়ে স্বীকৃত প্রথাৰ পৰা কিছু পৃথক বৈশিষ্ট্য প্রকাশ কৰাটো পছন্দ কৰে। চৌখিনতাই একোটা নতুন স্বীকৃত প্ৰথাৰ সৃষ্টি কৰে। ই এক গতিশীল প্রক্রিয়া আৰু ইয়াৰ এটা ঐতিহাসিক মাত্রা আছে। 

চৌখিনতালৈ অহা পৰিৱৰ্তনবোৰক সদায়েই পুৰণি চৌখিনতা এটাৰ কিছু বিচ্যুত ৰূপ বুলিব পাৰি। ইয়াক মৌলিক স্বীকৃত প্রথাবোৰৰ অৱনমন বুলিও হয়তো ক’ব পৰা যায়। চৌখিনতাৰ ধাৰা এটাৰ সফলতাৰ সৈতে দ্বন্দ্বমূলক প্রক্রিয়া এটা জড়িত। অর্থাৎ চৌখিনতাৰ নতুন ধাৰা এটা প্রথমে মানুহে নাকচ কৰিব অথবা গ্রহণ কৰিবলৈ হেহোঁ-নেহোঁ কৰিব পাৰে কিন্তু লাহে লাহে অথবা দ্রুতগতিত ই বহুলভাৱে সমাদৃত হ’ব পাৰে। চৌখিনতাৰ প্রক্রিয়া এটাৰ ভিতৰত মানুহে বিভিন্ন ধৰণৰ সামাজিক ভূমিকা পালন কৰে। ই অইনৰ সিদ্ধান্ত অথবা কাৰ্য্যক প্রভাৱিত কৰে। সামৰণিত ইয়াকে ক’ব পাৰি যে চৌখিনতাই একে সময়তে ব্যক্তিগত সৃজনশীল প্রমূল্যবোৰ প্রকাশিত হোৱাৰ সুযোগ দিয়ে আৰু সময়ৰ দ্বাৰা নিৰ্দ্ধাৰিত প্রথা অনুসৰণ কৰে।

২৫। যুগল আৰু ত্রয়ী সম্পৰ্কৰ মাজত পার্থক্য কি? (What is the difference between twins and threesome relationships?) 

উত্তৰঃ দুজন ব্যক্তিক লৈ গঠিত সৰলতম গোষ্ঠীৰ অন্তর্নিহিত সম্পর্কই হ’ল যুগল সম্পর্ক। ইয়াৰ বিভিন্ন প্রকাশ ঘটিব পাৰে। তথাপিও সবাতোকৈ পৰিচিত প্রকাশ হ’ল এটা বিবাহৰ ভিত্তিত গঢ়ি উঠা পতি-পত্নীৰ এটা পৰিয়াল। যুগল সম্পর্কৰ অন্তর্ভূক্ত দুজন ব্যক্তিয়ে কোনো বৃহৎ সমষ্টিৰ নহয়, অকল এজন আনজনৰ সন্মুখীন হৈছে। তথাপিও কোনো যুগল ত্রয়ীত ৰূপান্তৰিত হ’লে এজন সদস্য কোনো কাৰণত আতৰি গ’লেও গোষ্ঠীৰ স্থায়িত্ব বিপন্ন নহয়। অন্যান্য গোষ্ঠীত যি অতিব্যক্তিক সত্তা গঢ়ি উঠে আৰু যি সদস্যসকলৰ ওপৰত নিয়ন্ত্রণ আৰোপ কৰে, সি যুগল সম্পর্কত কেতিয়াও গঢ় নলয়। যুগল সম্পর্কত অংশগ্রহণকাৰীসকল এই সম্পর্কত প্রগাঢ় ভাৱত নিমগ্ন হয়। যুগলৰ ক্ষেত্ৰত প্ৰতি সদস্যৰ ওপৰত আটাইকেইটা গোষ্ঠী অপৰিহার্যভাৱে নির্ভৰশীল। অন্যান্য গোষ্ঠীত দায়িত্ববোৰ আনৰ ওপৰত জাপি দিয়া হয়। কিন্তু যুগলৰ ক্ষেত্ৰত সেইটো সম্ভৱ নহয় কাৰণ যিকোনো যৌথ কার্য সম্পাদনৰ বাবে দুজনে অংশ ল’ব লাগে।

যুগল ত্রয়ীত ৰূপান্তৰিত হ’লেও এজন সদস্য সংযোজিত হৈ সম্পৰ্কৰ ক্ষেত্ৰত এটা মৌলিক পৰিৱর্তন আনে। যেনে- এটা সন্তান লাভৰ পিছত পতি-পত্নীৰ দাম্পত্য বন্ধন অধিক দৃঢ় হয়। কিন্তু ত্রয়ীত সংখ্যাগৰিষ্ঠৰ মতামত এজন সদস্যৰ ওপৰত জাপি দিব পৰা যায়। এইসকল হ’ল সবাতোকৈ সৰল গাঠনি য’ত গোষ্ঠী সদস্যবোৰৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব পাৰে। যেতিয়া যুগলগোষ্ঠীত এজন তৃতীয় ব্যক্তি প্রৱেশ কৰে তেতিয়া এই শেষৰজন তলৰ দুটাৰ ভূমিকাৰ যিকোনো এটা গ্রহণ কৰে- 

(ক) নিৰপেক্ষ মধ্যস্থতাকাৰী যি আন দুজনৰ মাজত কাৰোবাৰ পক্ষ অবলম্বন নকৰি তেওঁলোকৰ বিবাদ মীমাংশা কৰাৰ চেষ্টা কৰে।

(খ) এনে ধৰণৰ তৃতীয় পক্ষ যি আন দুজনৰ বিবাদ উপভোগ কৰে আৰু নিজৰ সুবিধাৰ বাবে সেইটো ব্যৱহাৰ কৰাৰ চেষ্টা কৰে। যেনে ‘বিভক্ত কৰ’ আৰু ‘শাসন কৰ’ নীতিগ্রহণকাৰী যি উদ্দেশ্যপূর্ণভাৱত নিজৰ স্বাৰ্থ চৰিতাৰ্থ কৰাৰ বাবে আন দুজনৰ মাজত বিবাদ সৃষ্টি কৰে।

২৬। চিমেলৰ অনুসৰণত আধিপত্য-বশ্যতাৰ বিষয়ে বিশ্লেষণ কৰা। (Analyze the subjugation of domination by following Simmel.)

উত্তৰঃ যুগল আৰু ত্রয়ীৰ বাহিৰে চিমেলে সামাজিকতাৰ এটা মুখ্য ধৰণ হিচাপে আধিপত্য বশ্যতাৰ বিশ্লেষণ কৰিছে। চিমেলৰ মতে আন কাৰো সম্পৰ্কৰ দৰে প্ৰভুত্ব আৰু আনুগত্যৰ মাধ্যমেদি সমাজ গঢ়ি উঠিছে আৰু প্ৰতিটো মানবীয় সমিতিত প্রভুত্ব আৰু আনুগত্য বর্তমান আছে। আধিপত্যৰ ক্ষেত্ৰত কিন্তু অধিপতিও তেওঁৰ নিজৰ আদেশত আবদ্ধ হৈ পৰে। প্রভুত্ব আৰু অনুগতসকল তেওঁলোকৰ ব্যক্তিত্বৰ সমান অংশলৈ এই সম্পর্কত প্রৱেশ নকৰে। প্রভুত্ব তেওঁৰ ব্যক্তিত্বত সম্পূর্ণ প্রয়োগ কৰে, কিন্তু অনুগত তেওঁৰ ব্যক্তিত্বৰ অংশমাত্র নিয়োগ কৰে। চিমেলৰ মতে য’ত অধিক সংখ্যক ব্যক্তিক শাসন কৰিব লাগিব, তাত প্রত্যেকৰ ব্যক্তিত্বৰ কম অংশৰ ওপৰত আধিপত্য বিস্তাৰ কৰা সম্ভৱ হ’ব। প্রভুত্ব আৰু অনুগতৰ মাজত সম্পৰ্কটো হ’ল পাৰস্পৰিক আদান-প্রদান। অকল প্রভুত্ব চূড়ান্ত আধিপত্য আৰু অনুগত ব্যক্তিৰ নীৰব বশ্যতাৰ বিষয় নহয়।

চিমেলৰ মতে যদি বিভিন্ন ব্যক্তি সমানভাৱত এজন শাসকৰ নিয়ন্ত্রণাধীন হয় তেতিয়া তেওঁলোক পৰস্পৰৰ সমান। স্বৈৰাচাৰী শাসকসকল এনেদৰে সমতাবিধান যাক কার্ল মেনহাইখে ‘নেতিবাচক গণতন্ত্রীকৰণ’ বুলি কৈছে। পছন্দ কৰে যিবোৰ কাৰণত তেওঁলোক ইয়াৰ দ্বাৰা উপকৃত হয়। সকলো প্রজা সমান হৈ গ’লে ক্ষমতাৰ পাৰস্পৰিক নহয়। সেইক্ষেত্ৰত শাসন গোটেই ক্ষমতাক হস্তগত কৰি স্বৈৰাচাৰী হৈ উঠিব পাৰে। কিন্তু যদি প্ৰজাসকলৰ মাজত স্তৰবিন্যাস ঘটে তেতিয়া উচ্চস্তবত থকা প্ৰজাবোৰৰ মাজত অসাম্যতা বঢ়াই দিয়ে। সেইবোৰ কিন্তু ব্যক্তিক শাসকৰ প্রতক্ষ আৰু পূর্ণ নিয়ন্ত্ৰণৰ পৰা বচায়। যত সামাজিক স্তৰবিন্যাস পিৰামিডৰ ৰূপ লয়, তাত সবাতোকৈ উচ্চ আৰু নিম্ন স্তৰৰ বাহিৰে মাজৰ প্ৰতিটো স্তৰেই তাৰ তলৰ স্তৰৰ ওপৰত বিস্তাৰ কৰে আৰু ওপৰৰ স্তৰৰ প্রতি বশ্যতা জনায়। এনেদৰে কাৰোবাৰ প্রতি আনুগত্যৰ ক্ষতিপূৰণ ঘটে আন কাৰোবাৰ ওপৰত ক্ষমতাভোগৰ মাধ্যমেদি।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top