ক্রীড়াক্ষেত্ৰত ভাৰতৰ অগ্ৰগতি ৰচনা | India’s Progress in Sports Essay in Assamese

ক্রীড়াক্ষেত্ৰত ভাৰতৰ অগ্ৰগতি ৰচনা | India’s Progress in Sports Essay in Assamese

Join Telegram channel

ভাৰতৰ প্ৰাচীন ঋষি-মুনিসকলে কৈ গৈছে- শৰীৰম্ আদ্যম, খলু ধৰ্ম সাধনম্”। তেওঁলোকেও বুজি পাইছিল যে সর্বাগ্রে প্রয়োজন সুস্থ দেহ, পিছত ‘ধর্মসাধনা’ । আনন্দৰ মিশ্ৰণতেই সুস্থতাৰ সাধনা উপভোগ্য আৰু ৰমণীয় হৈ উঠে। পিয়েৰ কুৰ্বাতিনে প্রায় শতাব্দীকাল আগত আধুনিক অলিম্পিক প্রতিযোগিতাৰ প্ৰৱৰ্তন কৰি এফালে যেনেকৈ খেল-ধেমালিক বৈজ্ঞানিক উন্নতিৰ বাট দেখুৱায় আকৌ ইয়াক কেন্দ্ৰ কৰিয়েই বিশ্ব-ভ্রাতৃত্ববোধ আৰু আন্তর্জাতিক মৈত্ৰীৰ পথ সুগম কৰে।

ক্রীড়াক্ষেত্ৰত ভাৰতৰ অগ্ৰগতি

বিশ্বৰ ক্ৰীড়াপ্ৰাংগনত ভাৰতৰ স্থান | India’s position in the world sports arena

স্বাধীন ভাৰতৰ দশকলৈকে ক্রীড়াপ্রেমিক প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৱে এছিয়া ক্রীড়া প্রতিযোগিতাৰ আয়োজন কৰি ভাৰতক আধুনিক খেল-ধেমালিৰ লগত পৰিচিত কৰায়। কিন্তু দুর্ভাগ্যৰ বিষয় যে এই প্রতিযোগিতাতো ভাৰত ক্ৰমশঃ পিছুৱাই গৈ আছে। চীন, কোৰিয়া, জাপান প্রভৃতি দেশে আধুনিক ক্রীড়াবিজ্ঞান অনুসৰণ কৰি এছিয়াৰ সীমানা চেৰ পেলাই বিশ্ব মানচিত্ৰত স্থান দখল কৰি লৈছে। সম্প্রতি দক্ষিণ কোৰিয়াই বিশ্বকাপ ফুটবল প্রতিযোগিতাত অংশগ্ৰহণ কৰাৰ গৌৰৱ অৰ্জন কৰিছে। কিন্তু ভাৰত এতিয়াও ২০০ তম স্থানত। হকিব যাদুকৰ ধ্যানচান্দৰ ভাৰত ষাঠি দশকলৈকে অলিম্পিক চেম্পিয়ন হৈছিল। কিন্তু বর্তমান ভাৰত পাকিস্তানৰ হাতত পৰাজয় বৰণ কৰি অভ্যস্ত হৈ গৈছে। ইউৰোপীয় দেশবোৰো খেল-ধেমালিৰ ক্ষেত্ৰত প্রভূত উন্নতি সাধন কৰিছে।

Read Also: তোমাৰ জীৱনৰ এটি স্মৰণীয় ঘটনা ৰচনা | A Memorable Event in Your Life Essay in Assamese

ভাৰতীয়সকলৰ ব্যক্তিগত ক্রীড়া নৈপুণ্য | Indians Have Individual Sports Skills

প্ৰায় এশ কোটিৰো মানুহৰ দেশৰো দলগত ক্রীড়াত এতিয়াও বিশ্বমানত উপনীত হ’ব পৰা নাই। হঠাৎ বিদ্যুতৰ চমকণিৰ নিচিনা দুই এজন, যেনে- মিলখা সিং, পি. টি. ঊষা, বাহাদুৰ প্ৰসাদ নাইবা ছাইনি উইলছন মাজে মাজে উদিত হয়। কিন্তু অলিম্পিক প্রতিযোগিতাত কিম্বা বিশ্ব ক্রীড়া প্রতিযোগিতাত তেওঁলোকেও একো কৰিব পৰা নাই। ইনডোৰ গেম্‌ছত তথাপি গর্ব কৰাৰ নিচিনা কেইজনমান ভাৰতীয় আছে – বিলিয়ার্ডত গীত শেঠী আৰু দবাত বিশ্বনাথন আনন্দ। শ্বুটিঙত যশপাল বাণা নাইবা তীবাজত লিম্বাৰাম শ্বুটিঙত অভিনব বিন্দ্রা, বংক্সিঙত বীজেন্দ্র সিং, প্রবীন কুমাৰ, বেডমিণ্টনত চাইনা হেৱাল, পি ভি সিন্ধু, বক্সিঙত মেৰি কম, ভাৰোত্তোলনত কাৰ্ণম মালোশ্বৰী আদিৰ কৃতিত্বও উল্লেখযোগ্য।

ভাৰতবৰ্ষত ফুটবল অতিকৈ জনপ্রিয় খেল কিন্তু ভাৰতে এতিয়াও এছীয় চেম্পিয়ন হ’ব পৰা নাই। চাফ আৰু চাৰ্ক গেমচ্‌ত ভাৰতীয় ফুটবলৰ বীৰত্ব কেতিয়াবাইশেষ হৈছে। ১৯৮৩ চনত ক্ৰিকেটত ভাৰত বিশ্ব চেম্পিয়ন হৈছিল। তাৰ পিছত ক্রিকেটতো আৰু ধাৰাবাহিকতা নাই। অৱশ্যে টি-২০ বিশ্বকাপত প্ৰথম বাৰলৈ বিশ্বজয় কৰাৰ আনন্দ লাভ কৰিবলৈ সক্ষম হৈছে।

আন্তর্জাতিক ক্রীড়াক্ষেত্ৰত ভাৰতৰ ব্যৰ্থতাৰ কাৰণ | The Reasons for India’s Failure in international sports

ভাৰতত প্ৰতিভাৰ অভাব নাই। অভাৱ কেৱল দীৰ্ঘম্যাদী পৰিকল্পনা আৰু উপযুক্ত সাংগঠনিক পৰিকাঠামোৰ। ক্রীড়া জগতৰ বহুল প্রচলিত এটা কথা হ’ল Catch Them Young। শৈশৱৰ পৰাই উপযুক্ত ক্রীড়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰা প্রয়োজন। NSII আৰু SAIৰ পৰা প্ৰতি বছৰে প্ৰশিক্ষক আৰু ল’ৰাছোৱালীবোৰে প্ৰশিক্ষণ লৈ ওলায়। এনেকুৱা আৰু বহুতো প্রশিক্ষণ প্রতিষ্ঠান ভাৰতত আছে।

Read Also: Class 10 Science Solution

ক্রীড়া সংগঠনৰ দুর্বলতা | Weaknesses of sports organizations

ৰাজনৈতিক নেতা আৰু পুঁজিপতি ব্যৱসায়ীসকলে সৰ্বভাৰতীয় আৰু ৰাজ্যৰ ক্ৰীড়াসংগঠন পৰিচালনা কৰে৷ জনসংযোগ বৃদ্ধি কৰাৰ কাৰণে ক্রীড়া সংগঠনৰ গুৰুত্বপূৰ্ণ পদবোৰ তেওঁলোকে বছৰৰ পিছত বছৰ ধৰি অধিকাৰ কৰি ৰাখে। তদুপৰি আছে আঞ্চলিক প্রাধান্য বিস্তাৰৰ চেষ্টা। ৰাজনৈতিক প্ৰভাৱৰ কুফলবোৰে ক্রীড়া সংগঠনেও দুর্নীতি আৰু স্বজন-পোষণক প্রশ্রয় দিছে। সেইদৰে প্ৰবীণ অভিজ্ঞ ক্রীড়াবিদসকলৰ পৰামৰ্শ আৰু ভূমিকা প্ৰায় গ্ৰহণ কৰা নহয়।

মন্তব্য

বিশ্বৰ বৃহত্তম গণতান্ত্রিক দেশ ভাৰতৰ কাৰণে বিশ্বৰ ক্ৰীড়া মানচিত্ৰত গৌৰোৱোজ্বল স্থান অধিকাৰ কৰা অলীক কল্পনা নহয়। সুচিন্তিত পৰিকল্পনা, চৰকাৰ কর্তৃক প্রভূত অর্থ সংৰক্ষিত কৰা হয় আৰু দক্ষ সংগঠনৰ সন্মিলনত সাফল্য ত্বৰান্বিত হ’ব পাৰে। দেশৰ বিভিন্ন প্ৰান্তত বহু তৰুণ প্রতিভা উপযুক্ত সুযোগৰ কাৰণে প্রতীক্ষা কৰি আছে। হতাশা নহৈ নিষ্ঠা আৰু সততাৰে ক্ৰীড়াসংগঠক আৰু ক্ৰীড়াবিদৰ মিলন ঘটিলে সাফল্য অনিবার্য।

আমি আশা কৰিছো ক্রীড়াক্ষেত্ৰত ভাৰতৰ অগ্ৰগতি ৰচনাটোৱে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ ক্রীড়াক্ষেত্ৰত ভাৰতৰ অগ্ৰগতি ৰচনাৰ সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top