গুৰু নানক ৰচনা | Guru Nanak Essay in Assamese

গুৰু নানক ৰচনা | Guru Nanak Essay in Assamese

Join Telegram channel

“গুৰু নানক ছাহ ফকিৰ।

হিন্দু কা গুৰু মুছলমান কা পীৰ।”

মহা মনীষাৰ লীলাভূমি ভাৰতৰ বুকুত নৱ অৰুণৰ নৱীন নিয়ত অনির্বচনীয় জ্যোতিৰ মালাৰে দীপ্তিমন্ত হৈ, নৱ প্রভাতৰ মঙ্গল আৰতিৰে মুখৰিত হৈ চতুর্দশ আৰু পঞ্চদশ শতিকা অৱতাৰণা হৈছিল বিশ্ব মানৱৰ অন্তৰে অন্তৰে একমেব অদ্বিতীয় পৰম পুৰুষ চিৰ সুন্দৰ মােহন মুৰুতি আঁকি দি মানৱৰ-প্ৰেমৰ এনাজৰীৰে জগতক আঁকোৱালি ল’বলৈ। ভাৰতীয় ভাষা, সংস্কৃতি, সভ্যতাৰ জগতত নতুন যুগৰ সূচনা কৰি এই দুই শতিকাই জগৎবাসীক পুনর্বাৰ হৃদয়ংগম কৰােৱালে যে ভগৱানেই চিৰন্তন সত্য আৰু মানৱ-প্রেমেই ভগৱানক আৰাধনাৰ শ্রেষ্ঠতম পন্থা। যিসকল মহা-মানৱৰ অলৌকিক জ্ঞানৰ জ্যোতিমালাই জগতত সৃষ্টি, স্থিতি, প্রলয়ৰ অধিকাৰী ভগাৱানৰ অপৰূপক জ্যোতিষ্মান কৰি জগৎ জোনালীময় কৰি তুলিছিল, জাতিভেদৰ মহা দানৱক মষিমুৰ কৰি সৰ্বৰ উপৰে মানৱ শ্রেষ্ঠ” আৰু “বসুধৈব কুটুম্বকম” -মহাবাণীৰে মানৱ সমাজ উদ্ভাসিত কৰি তুলিছিল- সেই সকলৰে অন্যতম হৈছে ও নানক।

গুৰু নানক ৰচনা

জন্ম শৈশৱকাল আৰু শিক্ষা

জৰী-মৃত্যুৰ বিভীষিকা, জাতিভেদৰ দানৱীয় গ্রাস আৰু জাজিমকতা, পূজা-পার্বণৰ অন্ত সাৰশূন্য বাহ্যিক চিকমিকনিয়ে জর্জৰিত কৰা মানব সমাপ্তক উদ্ধাৰ কৰিবলৈ ১৪৬৯ খৃষ্টাব্দত লাহােৰ নগৰৰ ষােল কিলােমিটাৰ দক্ষিণে অবস্থিত তালণ্ডীত (বর্তমান নাম নানকানা) নানকৰ আৱির্ভার হয়। তেওঁৰ পিতৃ কালু বেদী আৰু মাতৃ ত্রিপতা জাতিত ক্ষত্রিয় আছিল। কালু বেদীয়ে গাঁৱৰ জমিদাৰৰ অধীনত পাটোৱাৰীৰ বিষয়বাৰ খাইছিল। কুল পুৰােহিত জ্যোতিষ শাস্ত্রস্তষ্ট হদয়ালে শিশুৰ ভৱিষ্যত মহত্ত্ব গণনা কৰি নাম ৰাখিলে নানক।

নানকে নিচেই কম বয়সতে পণ্ডিত বৈদ্যনাথৰ ওচৰত সংস্কৃত আৰু মৌলবী কুতবুদ্দিনৰ ওচৰত পাচী আৰু উর্দু ভাষা শিকিবলৈ লয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ক-ফলাখন শিকিয়েই কৰতল কমল’ আদি মনোৰম আৰু গভৰি তত্বমূলক কবিতাটি ৰচনা কৰাৰ দৰেই নানকেও বর্ণমালাৰ প্ৰতি বর্গ আদি আখৰবােৰ লৈ এটি অতিশয় মনােৰম অথচ জ্ঞানেন্দীপ্ত কবিতা ৰচনা কৰি সকলােকে চমৎকৃত আৰু বিস্ময়-বিমুগ্ধ কৰিছিল। শৈশৱতেই তেওঁ ধর্মপথৰ প্রতি অতিশয় আকৃষ্ট হৈছিল আৰু সাধু-সন্ন্যাসী দেখিলেই তেওঁ সকলাে কাম পৰিত্যাগ কৰি তেওঁলােকৰপৰা ধৰ্মৰ বাণী শুনিছিল আৰু উপদেশ গ্রহণ কৰিছিল। ন বছৰ বয়সত তেওঁৰ উপনয়ন সম্পন্ন হয়।

Read Also: জ্যোতিপ্ৰসাদ আগৰৱালা ৰচনা | Jyoti Prasad Agarwala Essay

সংসাৰী বন্ধনৰ বাবে পিতৃৰ প্রচেষ্টা আৰু নানকৰ গৃহত্যাগ

বয়সৰ খােজত আগবাঢ়ি যােৱাৰ লগে লগে নানকৰ সংসাৰৰ প্রতি উদাসীনতাও বাঢ়ি আহে আৰু ধর্ম জগতৰ প্ৰতি তেওঁৰ মন প্রবলভাৱে আকর্ষিত হ’বলৈ ধৰে। তাকে দেখি দেউতাকে উপার্জনশীল কামত ব্যক্ত ৰাখিবৰ কাৰণে তেওঁৰ ওপৰত ব্যৱসায়ৰ প্ৰতি অর্পণ কৰে। কিন্তু সমাজৰ মহৎ কল্যাণ সাধনৰ বাবে যাৰ আবির্ভাব, তেওঁক সংসাৰী বান্ধোনে ধৰি ৰাখে কেনেকৈ। এবাৰ তেওঁ ব্যৱসায় সম্পর্কত যথেষ্ট ধন লৈ এজন বিশ্বস্তু সহকাৰীৰ লগত বাহিৰলৈ যায়। কিন্তু বাটতে কেইজনমান সন্ন্যাসীক লগ পাই তেওঁলােকৰ কথােপকথনত এনেভাৱে মুগ্ধ হৈ পৰিল যে, সকলােখিনি ধন তেওঁলােকৰ শুশ্রুষাতে ব্যয় কৰি ৰিক্ত হস্তে ঘৰলৈ ঘূৰি আহে। তাকে দেখি দেউতাকে তেওঁক ভৎসনা কৰাত তেওঁ পিতৃগৃহ ত্যাগ কৰি চুলতানপুৰৰ ভনীয়েক নানকীৰ ঘৰলৈ গুচি যায়।

পুনৰ ব্যৱসায় আৰম্ভ আৰু সম্পন্ন

চুলতানপুৰত ভনীয়েক নানকী আৰু ভনী জোঁৱায়েকৰ নানা প্রৰােচনাত পৰি তেওঁ খাদ্য সামগ্ৰীৰ এখন দোকান খােলে। তাত তেওঁৰ প্ৰচুৰ লাভ হয়। সেই সময়তে নানকীৰ প্ৰচেষ্টাত চৌনী নামৰ এগৰাকী যুৱতীৰ সৈতে তেওঁৰ বিবাহকার্য সম্পন্ন হয়। ইয়াৰ পাছত তেওঁ চুলতানপুৰতে নিজাকৈ গৃহ নির্মাণ কৰি ভার্যাসহ থাকিবলৈ লয়।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

Read Also: Class 10 Assamese Question Answer

সংসাৰ ত্যাগ আৰু ভ্ৰমণ

কালক্ৰমত নানকে শ্রীচন্দ্ৰ আৰু লক্ষ্মী দাস নামৰ দুটি পুত্ৰ সন্তান লাভ কৰে। দ্বিতীয় পুত্ৰৰ জন্মৰ পাছতে নানকৰ অন্তৰত উমি উমি জ্বলি থকা ধৰ্মৰ্ভব উদ্দীপ্ত হৈ উঠে, তেওঁ গভীৰভাৱে উপলব্ধি কৰিলে যে সংসাৰ অসাৰ; মায়া-পাশৰ জিলমিলনিত মানুহ মুগ্ধ; অথচ এই সকলােবােৰ ক্ষণভঙ্গুৰ আৰু মূল্যহীন। তেওঁৰ অন্তৰাত্মাই কৈ উঠে-

“অথৰ ধন জন                অথিৰ জীৱন

অথিৰ এহু সংসাৰ।

পুত্ৰ পৰিবাৰ                      সবহি অসাৰ

কৰিবাে কাহেৰি সাৰ।”

সেয়ে ২৭ বছৰ বয়সত তেওঁ যুৱতী পত্নী, শিশু সন্তান আৰু আত্মীয়-স্বজন সকলােকে এৰি সংসাৰী মায়া-মমতা ত্যাগ কৰি জ্যোতিৰ পথৰ সন্ধানত বাহিৰ হয়। সত্যৰ সন্ধানত তেওঁ দেশ-দেশান্তৰ ভ্ৰমণ কৰে। কিন্তু তেওঁ দেখিলে সকলােতেই ধৰ্মৰ নামত বাহ্যিক আড়ম্বৰ আৰু জাকজমকতা; ক’ততা আন্তৰিকতা নাই; অনুষ্ঠান আছে, হৃদ্যতা নাই; সমাজ আছে সেৱা নাই, বাহ্যিকতা আছে সত্যৰ অন্বেষণ নাই সত্য সন্ধানৰ পথ খুঁৱলি কুঁৱলি; গুৰু আছে, পথৰ নির্দেশ নাই। সেয়েহে তেওঁ অতিশয় ক্ষুন্ন হ’ল। সুদূৰ আৰবৰ দুৰ মৰুভূমি অতিক্ৰম কৰি, সত্যৰ সন্ধানত মক্কা নগৰীতত তেওঁ উপনীত হৈছিলগৈ। কথিত আছে- মক্কাত তেওঁ এদিন মছজিদ ফালে ভৰি দি শয়ন কৰিছিল। তাকে দেখি মৌলবীয়ে অতিশয় ক্রোধান্বিত হৈ তেওঁক তিৰস্কাৰ কৰাত তেওঁ অতি বিনয়ভাৱে ক’লে ? “মৌলবী চাহাব। খং কৰিছে কিয় ? পৰমেশ্বৰ যি ফালে নাই অনুগ্রহ কৰি মােৰ ভৰি দুখন সেই ফালেই ঘূৰাই দিয়ক।” এই কথাত মৌলবী নির্বাক হ’ল।

নানকে নানা দেশ পর্যটন কৰিও কতাে সত্যৰ সন্ধান আৰু মনৰ শান্তি বিচাৰি নাপাই ক্ষুব্ধ হৈ স্বদেশলৈ ঘূৰি আহে।

দীক্ষা লাভ

ভগৱানে স্ব-প্রেৰিত দূতক আৱশ্যকীয় সময়ত জ্ঞান-জ্যোতিৰে উদ্ভাসিত কৰি তােলে সময়ত তেওঁলােকে দিৱ-জ্যোতিৰ মংগলময় আলােকত পথৰ সন্ধান পায়। নানকেও পৰম পিতাৰ পৰা আচম্বিতে সেই অনুগ্রহ লাভ কৰিলে। এদিন তেওঁ নদীত গা ধুবলৈ গৈ অদৃশ্য হ’ল। তিনি দিনৰ পাছত তেওঁ পুনৰ ঘৰলৈ ঘূৰি আহিল। প্রবাদ আছে যে সেই কেইদিন তেওঁক বিষ্ণু দূতে বৈকুণ্ঠলৈ লৈ গৈ দীক্ষা প্রদান কৰায় আৰু পৃথিৱীত গুৰু-মহিমা প্রচাৰৰ আদেশ দিয়ে। নানকৰ জ্ঞান-দিগন্তৰ পৰিধিত এই চিৰন্তন সত্যই প্রতিভাত হ’ল-

“একওঁ সনাম কৰ্তা পুৰু নিৰ্ভয়

নিৱেৰ আকাল মূৰত অজুনি সে ভেন্দু গুৰ প্ৰসা।

জুপঃ আদ সচ্ যুগাদ সম্।

হেভী সচ্ নানক হােসী ভী সম্।”

“ঈশ্বৰ এজনেই, তেওঁৰ নাম সত্য, তেৱেঁ সৃষ্টিকর্তা আৰু কাৰণ; তেওঁ নির্ভয় আৰু নিবৈৰী; তেওঁৰ ৰূপ আৰু আকৃতি সময়ৰ পৰিস্থিতিৰ পৰিধিৰ অতীত; তেওঁ সনাতন আৰু জন্ম-মৃত্যুৰহিত। (স্ব প্রকাশ আৰু জ্ঞানৰ দীপ্তিময় স্বৰূপ)। তেওঁক পাবলৈ অকল তেওঁৰহে অনুগ্রহ দৰকাৰ। সৃষ্টিৰ আদিতে তেৱেঁ সত্য আছিল আৰু চাৰি যুগৰ আদিতেও তেওঁ সত্য ? এতিয়াও তেৱেঁই সত্য। (অর্থাৎ ঈশ্বৰ বৰ্তমান, ভূত আৰু ভৱিষৎ সকলাে কালতেই সত্য।) নানকে কয় তেওঁ ভৱিষ্যততে সত্য হৈয়ে থাকিব।”

পুনৰ সংসাৰী আৰু ধৰ্ম প্ৰচাৰ

দিৱ-জ্ঞান লাভ কৰাৰ পাছত ধৰ্মৰ কাৰণে দেশ-ভ্ৰমণ আৰু পৰিয়াল-পৰিজনক ত্যাগ কৰাৰ অসাৰতা উপলব্ধি কৰি নানকে গুদাসপুৰ জিলাৰ ইৰাৱতী নদীৰ পাৰৰ কৰতালপুৰ নামে ঠাইত পুনৰ বাসস্থানৰ দিহা কৰি পুত্ৰ-পত্নী সকলােকে আনি অনাসক্ত সংসাৰ জীৱন আৰম্ভ কৰে।এই ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱৰ জীৱন-ধাৰা আৰু গুৰু নানকৰ জীৱন-ধাৰা একেডালি সূতাৰেই গথ। নানকে জীৱনৰ বাকীছােৱা কাল দিব্য-লব্ধ ধর্ম-ভৱান প্ৰচাৰতেই অতিবাহিত কৰে। তেওঁ প্ৰচাৰ কৰা ধৰ্মই শিখ ধর্ম। তেওঁৰ বাণীবােৰ লিপিবদ্ধ থকা গ্ৰন্থখনিৰ নাম “আদি গ্রন্থ” আৰু পাছত ই“গুৰু গ্ৰন্থ চাহিব” নাম খ্যাত হয়। ধর্ম-মন্দিৰসমূহ “গুৰু দ্বাৰ” নামে অভিহিত হয়। অমৃতসৰ স্বর্ণমন্দিৰ পৃথিৱীৰ বিখ্যাত গুৰু দ্বাৰ।

ধৰ্ম্মমত

শিখ ধৰ্মৰ মতে ঈশ্বৰ এজনেই। তেৱেঁই সর্বশক্তিমান, সর্বময় কর্তা। তেওঁ দয়াৰ সাগৰ ভগৱৎ ভক্তিৰ যােগেদিহে ভগবৎ প্রাপ্তি ঘটে; ভগৱানৰ নাম, গুৰু ভকতৰ সংগৰ ওপৰত একো নাই। মানৱ সেৱা আৰু মানৱ-প্রেম এই ধৰ্মৰ মূলমন্ত্র। এক ভগৱানৰ স্ৰজিত মানৱৰ মাজত জাতিভেদ, স্পৃশ্য-অস্পৃশ্য, উচ্চ-নীচ ভেদভাব থাকিব নােৱাৰে। সকলাে ভগৱনৰে’সন্তান।ব্রাহ্মণ, শূদ্র, হিন্দু-মুছলমান তেওঁৰ মনত সকলাে সমান। অহঙ্কাৰ, অন্যায়, সম্পত্তিৰ লােভ, মােহ ত্যাগ কৰি সৎ জীৱন যাপন কৰা উচিত। সত্য নাম শ্রবণ আৰু কীর্তন-ভগৱৎ প্রাপ্তিৰ একমাত্র পথ। মূৰ্ত্তি পূজা, ধৰ্মৰ নামত জাঞ্জমকতা মূল্যহীন।

গুৰু নানক আৰু শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্মৰ মাজত এক নিবিড় সম্বন্ধ বিদ্যমান। নানকৰ মতে- …………..সুনিয়ে পােহ ন সকে কাল

নানক ভ’ত্তা সদা বিগাস।

সুনিয়ে সুখ পাপকা না।” -জিপজী সাহিব।

অর্থাৎ ঈশ্বৰৰ নাম-কীর্তনে মৃত্যু-ভয় আঁতৰ কৰে, মৃত্যুৱে আমাক তেতিয়া স্পর্শ কবি নােৱাৰে। ……..ঈশ্বৰৰ নাম কীর্তনেই তেওঁলােকৰ পাপ খণ্ডন কৰে।”

শংকৰদেৱেও কৈছে- “সি সবাে পাপত হােৱে ৰণ।”

যদি হৰিপদে লৱে শৰণ।।

নামত শৰণ লৱে বাৰেক।

নামে হবে তাৰ সৱে পাতেক।” -কীর্তন।

মাধৱদেৱেও কৈছে- 

“যিটো জনে শুদ্ধভাৱে                 হৰি শৰণ লৈয়া

হৰিক সুহৃদ বুলি আছে।

হৰিৰ প্ৰসাদে সিটো                     বিঘ্নিৰ মুণ্ডত ভৰি

দিয়া হৰি-গুণ গায়া নাচে।

”  -নামঘোষা

সেইদৰে নানকৰ মতে-

“তীৰথ তপ দয়া দত্ দান্।

যেকো পাৱে তিলকা মান্।।

সুনিয়া মনিয়া মন কীতা ভাও।

অন্তৰ গত তীৰ মন নাৱ।।

-জপজী সহিব

অর্থাৎ ঈশ্বৰৰ নাম কীর্তন কৰিয়েই মানুহে যি শূন্য অর্জন কৰিব পাৰে, তীর্থ, তপ, দান-দক্ষিণা কৰি মানুহে তিমানখিনি পূণ্য লাভ কৰিব নােৱাৰে।

শঙ্কৰদেৱৰ মতে-

“সত্য যুগে কৰি ধ্যান সমাধি।

ত্রেতাত সমস্তে যজ্ঞ আৰাধি।।

দ্বাপৰে পূজি নানা ভক্তি ভাৱে।

কলিত কীৰ্ত্তনে সি গতি পাৱে।”

-কীর্তন

নানকৰ মতেও সকলাে জীৱই ভগৱানৰ সন্তান আৰু শংকৰদেৱৰ মতেও “কুক্কুৰ, শৃগাল, গৰ্দ্দভৰ আত্মাৰাম।” নানকে “সর্বধর্ম সমন্বয় সাধন” কৰি হিন্দু-মুছলমানৰ মাজত ঐকা স্থাপনেৰে মানৱ-প্ৰেম আৰু মানৱ-সেৱাৰ জ্বলন্ত আদর্শ দাঙি ধৰি থৈ গৈছে।

শিখসকলৰ বিশেষত্ব – শিখ ধর্মী লােকসকল উদাৰ, কষ্ট-সহিষ্ণু, সেৱপৰায়ণ আৰু দৃঢ়মনা। এইবােৰ গুণৰাজি গুৰু নানক আৰু তেওঁৰ পাছৰ গুৰুসকলৰ মহৎ অৱদান। শিখসকলে জীবদ্দশাত পাঁচটি বিশেষত্ব ৰক্ষা কৰি চলে-

1. কেশ- দীর্ঘ কেশ প্রাচীনকালৰ ঋষি-মুনিসকলৰ পৱিত্ৰ

2. জীৱনধাৰাৰ প্রতীক। এতেকে জন্মাবধি চুলি ৰখা; 

3. কঙঘা- শৃঙ্খলাৰ প্রতীক। এতেকে চুলি পৰিপাটিকৈ ৰাখিবলৈ ফণিৰ ব্যৱহাৰ; 

4. কচ্ছ- কর্মশক্তি আৰু তৎপৰতাৰ প্ৰতীক, গতিকে খৰতকীয়া কামৰ বাবে উপযােগী সাজ; 

5. কড়া- দৃঢ়তাৰ প্রতীক আৰু ৰক্ষা কৱচৰূপে লােহাৰ খাৰু পৰিধান আৰু 

6. কৃপাণ- শৌর্য-বীৰ্যৰ প্ৰতীক আৰু আত্মৰক্ষাৰ সম্বল তৰােৱাল লগত ৰখা। এইকেইটা বিশেষত্ব দশম গুৰু গােৱিন্দ সিংজীৰ সংযােজনা।

সামৰণি

ভগৱৎ-ভক্তি, ঐক্য, শান্তি আৰু মানৱ-প্ৰেমৰ প্রবক্তা এই গৰাকী মহাপুৰুষে হিন্দু আৰু ইছলাম ধৰ্মৰ মহান বাণীসমূহৰপৰা “হংসৈযথাক্ষীৰ ইবাম্বু মধ্যাৎ” -সাৰ সংগ্ৰহ কৰি হিন্দু আৰু মুছলমানসকলক প্ৰেমৰ ডােলেৰে বান্ধি ভাৰতৰ পশ্চিম প্রান্তত এখনি সাম্যৰ সৰগ ৰচি থৈ গৈছে। ১৫৩৯ খৃষ্টাব্দত এইগৰাকী মহাপুৰুষে ইহলীলা সম্বৰণ কৰে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে ইহলীলা সম্বৰণ কৰােতে যিদেৰ তেওঁৰ শৱদেহৰ সলনি এপাহ পদুম ফুলহে পােৱা হৈছিল, সেইদৰে গুৰু নানকদেৱৰ শৱদেহৰ সলনিও কিছুমান সুগন্ধযুক্ত ফুলহে পােৱা হৈছিল। মহাপুৰুষসকলৰ বাণী জীৱনধাৰাৰ এনে সাদৃশ্য কেৱল আধ্যাত্মবাদী ভাৰতীয় সমাজতহে সম্ভৱ বৰ্তমানৰ সাম্প্রদায়িক বিভেদ জৰ্জৰিত ভাৰতীয় সমাজত গুৰু নানকদেৱৰ সম্প্ৰীতিৰ মহান আদৰ্শৰ পুনৰ পুষ্প বৰিষণ হওক ।

[বিঃ দ্রঃজিজী সাহিৰ উদ্ধৃতি আৰু অর্থবােৰ শ্ৰীমতী ইকাল কৌৰৰ অসমীয়া ভাঙনিৰপৰা লােৱা হৈছে।]

আমি আশা কৰিছো গুৰু নানক ৰচনাটোৱে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ গুৰু নানক ৰচনাৰ সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top