তোমাৰ জীৱনৰ এটি স্মৰণীয় ঘটনা ৰচনা | A Memorable Event in Your Life Essay in Assamese

তোমাৰ জীৱনৰ এটি স্মৰণীয় ঘটনা ৰচনা | A Memorable Event in Your Life Essay in Assamese

Join Telegram channel

মানুহৰ জীনৱত সৰু-বৰ অনেক ঘটনা ঘটি থাকে। জীৱনৰ যাত্ৰা পথত একোজন ব্যক্তিৰ নানা অভিজ্ঞতা হয়। কবিৰ মতে, “হাঁহি আৰু কান্দোনৰ অপূৰ্ব মিলন, এয়ে হ’ল মানৱ জীৱন”। সেয়ে জীৱন সুখ-দুখৰ সমষ্টি। কিন্তু আমাৰ মনত সকলো ঘটনাই সমানে ৰেখাপাত নকৰে৷ কিছুমান ঘটনা সততে পাহৰণিৰ গৰ্ভত লীন যায়। আন কিছুমানে আকৌ সময়ে সময়ে মনৰ পৰ্দাত দোলা দিয়ে।

তোমাৰ জীৱনৰ এটি স্মৰণীয় ঘটনা ৰচনা

তোমাৰ জীৱনৰ এটি স্মৰণীয় ঘটনা ৰচনা | A Memorable Event in Your Life Essay in Assamese

মই এতিয়া কৈশোৰত ভৰি দিলো। কিন্তু ল’ৰালি কালৰ বহু ঘটনাই মোৰ মনত সজীৱ হৈ আছে। এখন ভিতৰুৱা গাঁৱত মোৰ জন্ম হৈছিল। অৱশ্যে আমাৰ পৰিয়ালটো গাঁওখনৰ ভিতৰতে সচ্ছল আছিল। তিনিজন ককাই-ভাইৰ ভিতৰত দেউতা আছিল ডাঙৰ। গাঁৱৰ পাঠশালাৰ পৰা প্ৰাইমেৰী পাছ কৰি মই দহ মাইল নিলগৰ হাইস্কুলত নাম লগোৱাৰ বছৰতে দেউতাহঁত বেলেগ হৈছিল। ডাঙৰ একেখন বাৰীতে তিনিটা পৰিয়াল বেলেগে বেলেগে থাকিবলৈ লৈছিল। মই আছিলো নুমলীয়া, মোৰ ওপৰত দুজনী বাইদেউৰ ইতিমধ্যে বিয়া হৈ গৈছিল ৷ খুৰা-খুৰীহঁতে মোক বৰ মৰম কৰিছিল, কেতিয়া কোন ঘৰত খাই-বৈ শুই আছিলো ঠিকেই নাছিল। হাবিয়ে-বননিয়ে লগৰীয়াৰ লগত ঘূৰি ফুৰাৰ বাবে অৱশ্যে সৰু খুৰাই মাজে মাজে দুচাট-এচাট দিছিল। এবাৰ গছৰপৰা পৰা, আন এবাৰ নৈত উটি যাব খোজোঁতে গৰখীয়াই বচোৱা আদি ঘটনাৰ কথা কেতিয়াবা মনত পৰে।

Read Also: তোমাৰ প্ৰিয় গ্ৰন্থ ৰচনা | Your Favorite Book Essay in Assamese

পিছে আন এটা ঘটনাইহে এতিয়ালৈকে মোৰ মনত দকৈ সাঁচ বহুৱাইছে। সেইটোৱেই মোৰ জীৱনৰ আটাইতকৈ বেছি স্মৰণীয় ঘটনা। মই অষ্টমমানত থাকোতে সেই দুর্ভাগ্যজনক ঘটনাটো ঘটিছিল। এদিন শুনিলো বোলে বাইদেউৰ বিয়া, বাইদেউ মানে মাজু খুৰাৰ ডাঙৰ ছোৱালী মামনি বাইদেউ। তিনিওটা পৰিয়ালতে উখল-মাখল লাগিল, ইপিনে মোৰ গা সাতখন আঠখন। ব’হাগ মাহত বিয়া, পৰীক্ষাৰ জেঙা নাই, মোক আৰু কোনে পায় কিন্তু মানুহে পাতে, ঈশ্বৰে ভাঙে। মোৰ আনন্দতো যতি পৰিল । বিয়াৰ এমাহমানৰ আগতে দেউতা টান নৰিয়াত পৰিল। কিছুদিন ঘৰতে চিকিৎসা কৰোৱাৰ পিছত ডাক্তৰৰ পৰামর্শক্রমে দেউতাক অসম চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হ’ল। তাত তিনিমাহ মান থকাৰ পিছত দেউতা সুস্থ হৈ ঘূৰি আহিল৷ দেউতা হস্পিতালত থকা কালছোৱাত মাৰ উপৰি দুয়োজনী বাইদেউ আৰু ভিনিহিদেউ পাল পাতি তাত আছিল। তেনেকৈ ঘৰত থকাৰ বাবেও ভিনিহিদেউহঁতে সুবিধা অনুসৰি ব্যৱস্থা কৰি লৈছিল। মামাহঁতেও সঘনে আহ-যাহ কৰি আছিল ৷ মই মাজে মাজেহে দেউতাক চাবলৈ গৈছিলো।

মামণি বাইদেউৰ বিয়া নিৰ্দিষ্ট দিনতে হৈ গৈছিল। সৰু খুৰাকে ধৰি বহুতে বোলে বিয়াখন পিছুৱাই দিবলৈ কৈছিল, নতুন মিতিৰৰ ঘৰে আপত্তি কৰাত সেই কথা নৰজিল। বিয়াৰ এসপ্তাহমান আগতে মই বিয়াঘৰত আছিলো। বিয়াৰ ৰভা পৰলা দিয়াৰ কাম আৰম্ভ হৈছিল। মই সমনীয়া দুটামানৰ লগত খেলি আছিলো, তেনেতে ভিতৰৰপৰা ওলাই আহি এজন আদহীয়া মানুহে মোক নির্দেশ দিলে, ‘ঐ ল’ৰা, তোৰ দেউতাৰৰ বেয়া বেমাৰ হৈছে, তই ইয়াত বিয়াঘৰত লেটি-পেটি কৰি নুফুৰিবি, ঘৰলৈ যা।” পিছত গম পাইছিলো মানুহজন আছিল মামণি বাইদেউৰ ভাবী শহুৰেক। 

মই নীৰৱে, গুচি আহিছিলো। ঘৰত আহি কান্দিছিলো, কথাটো গম পাই মাই খুউব কান্দিছিল। ভিনিহীদেউহঁতৰ কথা মতে মই খুৰাহঁতৰ ঘৰলৈ যোৱা বন্ধ কৰি দিছিলো। বিয়াৰ দুদিনৰ আগতে জোৰোণৰ দিনা আমি ঘৰ-দুৱাৰ তলা মাৰি ডিব্ৰুগড়লৈ গুচি গৈছিলো। মোক সেইদিনা খেদাই দিয়াৰ পাছত মাজু খুৰাহঁতৰ কোনেও খবৰ কৰা নাছিল। সৰু খুৰাই আহি খঙত গুঁজৰি-গুমৰি কিবা কিবি কৈছিল। সৰু খুৰীয়েও চকুপানী মচি ডিব্ৰুগড়লৈ যোৱাটো সমৰ্থন কৰিছিল ।

কথা সিমানতে শেষ হোৱা নাছিল। দেউতা হস্পিতালৰপৰা ঘৰলৈ অহাৰ পিছদিনাই মাজু খুৰা আহি কিবা মাটি-বাৰীৰ কথা লৈ তৰ্ক-বিতৰ্ক কৰিছিল। লগত আহিছিল সেই মানুহজন মামণি বাইদেউৰ শহুৰেক ৷ তেনেতে সৰু খুৰা আৰু গাঁৱৰ ভালেকেইজন মুখিয়াল লোক উপস্থিত হ’ল। কথা বিষম দেখি তেওঁলোক সুৰসুৰকৈ আঁতৰি গ’ল।

Read Also: Class 10 Assmese Solution

কিয় স্মৰণীয়

সৰুতেই এনেকৈ মোৰ পৰিচয় হৈছিল মানুহৰ অমানৱীয় কাম-কাজ, দুষ্ট প্ৰবৃত্তি আৰু লোভী প্ৰকৃতিৰ স’তে। যাক মই বৰ ভাল পাইছিলো আৰু যিসকলে মোক মৰম কৰিছিল, যিসকলৰ স্নেহৰ মাজত থাকি মই ৰুগ্ন দেউতাৰ কথা পাহৰি আছিলো। হঠাতে সেই খুৰা-খুৰীহঁতৰ ব্যৱহাৰ দেখি মই বোবা হৈ গৈছিলো। সেইবাবেই মোৰ কিশোৰ মনত এই ঘটনাই বাৰুকৈয়ে ৰেখাপাত কৰিছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top