জ্যোতিপ্ৰসাদ আগৰৱালা ৰচনা | Jyoti Prasad Agarwala Essay

জ্যোতিপ্ৰসাদ আগৰৱালা ৰচনা | Jyoti Prasad Agarwala Essay in Assamese

Join Telegram channel

জ্যোতিপ্ৰসাদ আগৰৱালা: কবি মানেই কৌশলী শব্দ-শিল্পী। তেওঁলােকে শব্দৰ মাধ্যমেৰে প্ৰকাশ কৰে ব্যক্তি তথা সমাজ জীৱনৰ প্রাপ্তি-অপ্রাপ্তি, ক্ষোভ বিদ্রোহ-প্রেম আজি হৃদয়ত পুঞ্জীভূত সমস্ত ভাবানুভূতি। কবি স্বদেশ স্বজাতিৰ জাগ্রত প্ৰহৰী। দেশ-জাতিৰ বিপৰ্যৰ মুহূর্তত কবিৰ কলম পৰিণত হয় একো একোপাট শব্দাস্ত্রত। এনে সময়ত ফুল-তৰা-গানৰ কবিতা লিখা কবিসত্তাও বিদ্রোহী হৈ উঠে। অস্ত্ৰতকৈ কলম শ্রেষ্ঠ এই আপ্তবাণী সাৰৰাগত কৰি লিখি যায় অগ্নিস্ফুলিংগ সম কবিতা। কবিতাত প্ৰাণ পাই উঠে শব্দ- শব্দব্রহ্ম। কবিৰ হৃদয়ৰ আকুল আহ্বান হৈ পৰে জনতাৰ আহ্বান। কবি হৈ পৰে জনতাৰ কবি, বিশ্বকবি।

জ্যোতিপ্ৰসাদ আগৰৱালা ৰচনা

পৰিচয়

এনে এক কবিসত্তাৰ গৰাকী হ’ল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। ‘জনতা তােৰ প্রাণৰাে প্ৰাণত শিল্পী যে মই লুকাই লুকাই আছাে’ বুলি উদাত্ত সুৰেৰে ঘােষণা কৰা জ্যোতিপ্রসাদ প্ৰকৃতাৰ্থত এজন কলাকাৰ। অসমীয়া সংস্কৃতিক হেঙুল-হাইল বােলাই আধুনিকতাৰ পৰশেৰে আলােকিত কৰি তােলা চিৰসুন্দৰৰ অক্লান্ত সাধক জ্যোতিপ্ৰসাদ আগৰৱালা আজিও প্রতিজন অসমীয়াৰ বাবে অতীত, বর্তমান আৰু উজ্জ্বল ভবিষ্যতৰ সংযােগ সেতু।

Read Also: লক্ষ্মীনাথ বেজবৰুৱা ৰচনা | Lakshminath Bezbaruah Essay in Assamese

কাব্য-প্রতিভা

জ্যোতিপ্ৰসাদ ৰূপৰ কোঁৱৰ, সুন্দৰ চিৰ সাধক। তেওঁ জানিছিল সুন্দৰ আৰাধনা নকৰাকৈ সৃষ্টি অসম্ভৱ। সেয়ে তেওঁৰ মুখেদি নিঃসৃত হৈছিল।

“সুন্দৰে যে ফুলাৰ মন্ত্র

অহােৰাত্ৰি মাতে,

সেইহে আজি ইমান ফুল

প্রভাতে প্রভাতে।”

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

জ্যোতিপ্ৰসাদে আস্থা ৰাখে ৰূপান্তৰত। আন্ধাৰৰ পাছতে পােহৰ আহে। এদিন কৃষ্ণকায় আন্ধাৰ বিনাশ হ’ব। স্থবিৰ পৃথিৱী, সমাজ তথা ব্যক্তিসত্তাই ৰূপান্তৰৰ চেতনাৰে উদ্বুদ্ধ হৈ গতি কৰিব সােণ পােহৰৰ পথলৈ। জ্যোতিপ্ৰসাদৰ দৃঢ় বিশ্বাস-

“ৰূপান্তৰেহে মার্থে

জগত ধুনীয়া কৰে

এয়ে মােৰ গায়ত্রী মন্ত্র।”

এনে ভাবনাৰ মাজত ৰমন্যাসিক দৃষ্টিভংগী জড়িত হৈ থাকিলেও জ্যোতিপ্ৰসাদক একাষাৰে ৰমন্যাসিক কবি বুলি ক’ব নােৱাৰি। অৱশ্যে কোনাে কবিয়েই ৰমন্যাসিক ভাবনাৰপৰা মুক্ত নহয়। সময়ৰ ক্ষুৰ সাকোত ভৰি দি কবিৰ ৰমন্যাসিক দৃষ্টিভংগী পৰিৱর্তিত হয় ৰূঢ় বাস্তৱলৈ। বাস্তৱ জীৱনৰ পৰিঘটনাই কবিক সন্মুখৰ জগত-জীৱনক নকৈ চাবলৈ শিকায়। এনে পৰিঘটনাৰ সন্মুখীন হ’ল জ্যোতিপ্ৰসাদো।

জ্যোতিপ্ৰসাদে এটা কথা নিশ্চিতভাৱে উপলব্ধি কৰিছিল যে সকলাে শ্রেষ্ঠ শিল্পকর্মৰ মূল ভিত্তি হ’ল নিজ দেশৰ মানুহ, লােক-পৰম্পৰা আৰু জাতীয় সম্পদবাজি। অসমবাসীৰ হৃদয়ত অ-মৃত হ’বলৈ হ’লে অসমৰ উৰ্বৰ ভূমিৰপৰাই লেখাৰ সমল বুটলিব লাগিব, এই কথা জ্যোতিপ্ৰসাদে হাড়ে-হিমজুৱে অনুভৱ কৰিছিল। সেয়ে তেওঁৰ কবিসত্তাই সমন্বয় আৰু ৰাপান্তৰকৰণ প্ৰক্ৰিয়াৰে সৃষ্টিকার্যত ব্ৰতী হ’ল। জ্যোতিপ্ৰসাদৰ বাবে কলা কলাৰ বাবে’ নহৈ ৰূপান্তৰিত হ’ব কলা জীৱনৰ বাবে।

সুন্দৰৰ আৰাধনা আৰু বিপ্লৱী আদৰ্শৰ যুগপৎ প্রকাশ ঘটিছে জ্যোতিপ্ৰসাদৰ কবিতাত। মহাত্মা গান্ধীৰ অহিংস আন্দোলনে পৰাধীন অসমৰ সন্তান, জ্যোতিপ্রসাদক বাৰুকৈয়ে প্রভাবান্বিত কৰিছিল। সেয়েহে ‘কুমাৰ মােহন’, ‘চিত্রলেখা’, ‘সােণ-সপােনৰ সাধু’, ‘শিল্পী মই’ আদি কবিতাৰ ৰমন্যাসিক ভাবনাৰে সুন্দৰ আৰাধনা কৰা জ্যোতিপ্ৰসাদে জয়ন্তী যুগত লিখি উলিয়ালে অনেক প্রগতিশীল কবিতা। ৰােমান্টিকতাৰ মেৰঘৰ ভাঙি-ছিঙি বিপ্লৱী মনীষাৰে শত সহস্ৰজনৰ জীৱনৰ পথ পােহৰাবলৈ তেওঁৰ কণ্ঠৰপৰা নিঃসৃত হ’ল বিপ্লৱৰ সুৰ। অসমৰ ডেকা-শক্তিক জাগ্রত কৰি স্বদেশৰ হৃত স্বাধীনতা ঘূৰাই আনিবলৈ তেওঁ লিখিলে-

“সিংহৰ পােৱালি তই।

নবীন অসমীয়া

সুঘােষিত কৰ তােৰ অধিকাৰবাদ,

বিপ্লৱী তুর্য-নিনাদ।”

পৰাধীন ভাৰতৰ এজন মুক্তিকামী সৈনিক হৈ জ্যোতিপ্ৰসাদে লিখি গ’ল অলেখ কবিতা। জাতীয়তাবাদী বিপ্লৱী চেতনাক জাগ্রত কৰিলে লাচিতৰ শৌর্য-বীর্য, কীৰ্তিৰ বৰ্ণনাৰে-

“সৌৱা শৰাইঘাট,/প্রশস্ত নিমাত

নিমাত ? নিমাত? নহয় নিমাত,

দেশ ৰাখ, দেশ ৰাখ বুলি

উঠে শুন অপুঁদ মাত।”

জ্যোতিপ্ৰসাদে পৰাধীন ভাৰতৰ বৃটিছ ঔপনিৱেশিকতাবাদী শক্তিৰ লগতে গা কৰি উঠা দেশীয় সুবিধাবাদী দলটোৰ বিৰুদ্ধে জেহাদ ঘােষণা কৰি সাৱধানবাণী শুনাইছিল এনেদৰে-

“সুবিধাবাদী দল

তােৰ মিছা হ’ব কৌশল,

ৰাইজৰ তই সেৱা চুৰ কৰি

বঢ়াব খুজিব বল।”

Read Also: Class 10 Assamese Question Answer

সাম্যবাদী দৃষ্টিভংগীৰ গৰাকী জ্যোতিপ্রসাদে মর্মে মর্মে উপলব্ধি কৰিছিল যে জনতাৰ জাগৰণ অবিহনে মুক্তি অসম্ভৱ পৰাধীনতাৰ শিকলি ছিঙি দলিয়াই পেলাবলৈ সেয়ে তেওঁ বৰ অসমৰ সকলাে জাতি-জনজাতি, ৰণুৱা, বনুৱাক উদাত্ত সুৰেৰে আহ্বান জনাইছিল। ৰাজনীতিৰ পংকিলতাই যাতে সাধাৰণ প্ৰজাক চুব নােৱাৰে তাৰ বাবে তেওঁ গঢ়িব খুজিছিল সমন্বয়ৰ সৌধ-

“ময়েই খাছিয়া, মই জয়ন্তীয়া

ডফলা আবৰু আঁকা

ময়ে চিংফৌ/ ভৈয়ামৰ মিৰি

সােৱণশিৰীয়া ডেকা,

বিজয়ী আহােম কছাৰী-কোঁচৰ

মেছৰ কুমাৰ মই /ৰাজবংশী ৰাভা,

কপালত জ্বলে শত গৌৰৱ আভা।

মই লালুং-চুটিয়া/ লুচাই-মিকিৰ-গাৰাে,

মিছিমি-খামতি /নগা-আংগামী বীৰ,

পর্বতে-পাহাৰে /জ্বলিছে উচ্চ শিৰ।”

(অসমীয়া ডেকাৰ উক্তি)

জ্যোতিপ্ৰসাদৰ কাব্য-সাধনাৰ মাজত ফক্ষুধাৰাৰ দৰে বৈ আছে স্বদেশপ্রেম আৰু ঐতিহ্য চেতনা। কাঞ্চনজংঘাৰ বুৰঞ্জী’, ‘লাচিতৰ আহ্বান’, ‘জ্যোতি-শংখ’, কনকলতা’, ‘জয়মতীৰ আত্মাৰ উক্তি’, ‘ন জোৱান ই হিন্দ’, ‘অসমীয়া ডেকাৰ উক্তি’, ‘অসমীয়া ছােৱালীৰ উক্তি’ আদি কবিতাৰ মাজেৰে প্রতিভাত হৈছে কবিৰ জাতীয় চেতনা, স্বদেশপ্রেম, অসমৰ গৰিমাময় ঐতিহ্য আৰু অসম মাতৃৰ সন্তানে স্বদেশৰ হকে দিয়া আত্মবলিদান-

“মহা মানৱৰ/ দৈৱী বিজয়ৰ

আলােক-বন্তি ময়ে/ ময়ে জয়মতী,

কালাগ্নি জিনি মই/ জ্বলো জয়সাগৰত

শকতি-যজ্ঞ সম/ কেতিয়াও নুনুমায় প্ৰেৰণাৰ বাতি

নৱলােক দূতী।”

(জয়মতী আত্মাৰ উক্তি)

পাচোটা তৰংগত বিভক্ত কাঞ্চনজংঘাৰ বুৰঞ্জী’ কবিতাটিত কবিৰ প্ৰজ্ঞা আৰু সাধনাৰ সু-সমন্বয় ঘটিছে। কাঞ্চনজংঘাৰ তুষাৰ শুভ্র শিৰ যেন মহাকালৰূপী শিৱৰ জটা- যি নিজৰি নিজৰি বৈ আছে অবিৰল। কাঞ্চনজংঘা প্রত্যক্ষ সাক্ষী ভাৰতীয় সভ্যতাৰ, ভাৰতীয় সংস্কৃতিৰ। উত্থান পতন, সৃষ্টি স্থিতিৰ সাক্ষী কাঞ্চনজংঘা-

“অতীতৰাে অতীতৰ/ যি মহাঅতীতে

বর্তমান ভেদি/ ভৱিষ্যতলৈ যায়,

মােৰে জুহালতে বহি/ বুৰঞ্জীৰ পাত লুটিয়াই

ভৱিষ্যতৰ কথা কয়/ কল্পনা-লংঘা

শুনাে বহি বহি মই কাঞ্চনজংঘা।”

কবি জ্যোতিপ্ৰসাদ মুখ্যতঃ শিল্পী। এই শিল্পীসত্তাৰ বাংময় প্রকাশ ঘটিছে ‘সুন্দৰৰ জয়-যাত্রা’, ‘শিল্পীৰ আলোেক-যাত্রা’, নৱ বিল্পবী কবি জাগে’, ‘শিল্পী মই’, ‘বিশ্বশিল্পী’, বাস্তৱৰ কেন্দ্ৰত শিল্পী’ আদি কবিতাৰ যােগেদি ! জীৱনকলাক ধুনীয়া কৰি মানুহক মানুহৰূপে গঢ় দিবলৈ বাস্তৱৰ কেন্দ্রস্থলত স্থিত হৈ কবিয়ে কৈ উঠিছে-

শিল্পীৰ মই পালোঁ যে নতুন অর্থ,

মানুহৰ মহাসত্য

মানুহ শিল্প, মানুহ কেন্দ্রী /মানুহেই নিত্যাতীত,

মানুহৰ মই ন-ৰূপ দিম,

পৃথিৱীখনকো পুনৰ গঢ়িম

মােৰ ই দৃষ্টিৰ, নতুন সৃষ্টি/ অৱশ্যে অব্যর্থ……”

জ্যোতিপ্ৰসাদে কেইটিমান প্রশস্তিমূলক কবিতাও লিখি থৈ গৈছে। গণেশ গগৈৰ কবিতা, যতীন্দ্র কবিতা’, ‘বিদ্রোহী কবি প্রসন্নলাল’, ৰবীন্দ্রনাথ’, ‘চন্দ্ৰকুমাৰলৈ’ কবিতাৰ যােগেদি কবিয়ে অগ্রজ প্রিয় কবিৰ প্রতি শ্রদ্ধার্ঘ নিবেদন কৰিছে। তেওঁৰ একমাত্র শােক কবিতাটি হ’ল ‘ফুলিবলে’ পােৱা হ’লে’ জ্যোতিপ্ৰসাদে ভাতৃ অৰুণৰ মৃত্যুত (বৰদেউতাক চন্দ্ৰকুমাৰ আগৰৱালাৰ মাজুপুত্র) এই কবিতাটি ৰচনা কৰিছিল।

কবিতা কেৱল পঠনৰ বাবেই নহয়, দৃশ্য-মাধ্যমৰ উপযােগী কৰিও যে কবিতাৰ ৰস আস্বাদন কৰিব পাৰি সেই কথা জ্যোতিপ্ৰসাদ আগৰৱালাই প্রতীয়মান কৰি থৈ গৈছে ‘খেজেনা সধাত এটা ডফলাৰ খঙ, ৰেডিঅ’ ‘এটা, মাতােৱাল বনুৱা’, ‘এটা পগলা খেতিয়ক’, ‘ভুলন্টিয়াৰৰ দুখ’ শীৰ্ষক কবিতাকেইটিৰ জৰিয়তে। দেখাত লঘু কবিতা হলেও মর্মস্পর্শী বর্ণনাই সকলাে পাঠকৰ অন্তৰ চুই যায়-

“তেওজ বলিও আ আ ৰু উ উ

বেমাৰতে পৰি ই ই তাকিলো

কেতিটো কৰিব নােৱাৰি আ

আল বােৱা মেটোন দুটা

ক্রোক কৰি লৈ গ’লি

আৰু বেলি গাঅৰি কেটাও /লৈ গলি

এই বুলি আৰু কি কি নি- বি- 

টিক টিক টিক জানিছোঁ

মাটি দোকৰ -নি-বি।”

(খেজেনা সধাত এটা ডফলাৰ খঙ)

এটা পগলা খেতিয়ক’ শীর্ষক নাটকীয় কবিতাৰ কথাংশই আকৌ পাঠকক কৰুণ ৰসৰ লগতে হাস্য ৰসৰ বাৰুকৈয়ে যােগান ধৰিবলৈ সক্ষম হৈছে। চতিয়াৰ কোনােৱা এখন গাঁৱৰপৰা অহা এজন পগলা খেতিয়কে মৌজাদাৰৰ শােষণত সর্বস্ব হেৰুৱাই আশ্ৰয় লৈছেহি তেজপুৰ মেণ্টেল হস্পিটেলত। যন্ত্রনাজৰ্জৰ দেহাত ৱাৰ্ডাৰৰ বেৰ সাঁচ। অৱতৰণিকাৰ কথাংশই অন্তৰত দুখবােধৰ সৃষ্টি কৰিলেও অপলাপৰ মাজত কৈ উঠা পৰিঘটনাই তদানীন্তন সমাজখনক সুন্দৰভাৱে প্রতিফলিত কৰিবলৈ সমর্থ হৈছে-

“ক্রোক ক্রোক ক্রোক

মৌজাদাৰৰ বৰপেটটো ঢোৰােক

সাত টকা তেৰ অনা তিনিপইচা

ইৰিকটি মিৰিকটি বাঁহৰ শলা

ধৰ ধৰ মহৰী ক’লৈ পুলা ?

খেজেনাকে খেজেনা

খেজেনাকে খােজেনা

বেজেনা বেজেনা- গিজতৌ-তিতৌ

নীলাম নীলাম নীলাম

মােৰ চকুপানী কাকনাে বিলাম?

‘ৰেডিঅ’ শীর্ষক কবিতাটি ৰচনা কৰােতে জ্যোতিপ্ৰসাদ আছিল ‘সাদিনীয়া অসমীয়া কাকতৰ সম্পাদক। ৰচনা কাল ১০ ফেব্ৰুৱাৰী, ১৯৪৪ চন। কবিতাটিত ৰেডিঅ’ যােগে প্রচাৰিত দেশ-বিদেশৰ অনুষ্ঠানক হাস্য-ৰসাত্মক আৰু ব্যংগাত্মক বর্ণনাৰে কবিয়ে উপস্থাপন কৰিছে-

“কলিকতাৰপৰা কৈছে অসমীয়া বেতাৰ অনুষ্ঠান।

অলপ পৰ পিছতে /অসমীয়াত সংবাদ শুনিবলৈ পাব

কেৰেক-

আৰু তাৰ আগতে গাব

ঘেৰেক-

এটি গান

শ্ৰীমতী মৰমলগা বৰুৱাই

গানটো হৈছে

“মােৰ চেনেহৰ অভিমান।”

ঠেৰ এৰ ৰ ৰ ৰ ঠেৰেক…………..”

(ৰেডিঅ’)

‘আজিৰ কবিতা’ আৰু ‘আধুনিকা কবিতা’ৰ জৰিয়তে কবিয়ে কবিতাই পূর্বৰ আংগিক এৰি নতুন ছন্দ-বিন্যাস, প্ৰকাশৰীতিক আঁকোৱালি লােৱাৰ কথা উল্লেখ কৰিছে। মা নিষাদ প্রতিষ্ঠাং ত্বমগম শাশ্বতী সমা’- এই বাল্মীকিৰ আদি শ্লোকৰপৰা আহি আহি কবিতাই পিন্ধান পােছাকৰ কথা কবিয়ে প্রকাশ কৰিছে এনেদৰে-

“আজিৰ কবিতা তাই

খােজ কঢ়া ছন্দেৰে যায় দিঠকলে’,

আহিলে ওলাই

খােজে খােজে নৱ লয়লাস।

অভিনয় ছন্দ বিকাশ।”

(আজিৰ কবিতা)

জ্যোতিপ্ৰসাদ আগৰৱালাৰ একমাত্র কাব্যসংকলন ‘লুইৰৰ পাৰৰ অগ্নিসুৰ। জ্যোতিপ্রসাদ ৰচনাৱলী’ত সন্নিবিষ্ট (অসম প্ৰকাশন পৰিষদৰ দ্বাৰা প্ৰকাশিত) পৃঞ্চলিশটা কবিতাৰ (শিশু কবিতাক বাদ দি) সিংহভাগ কবিতাই দীঘল কবিতা। ‘পাঠে কবিতাৰ পূর্ণতা আনে’- কথাষাৰ মানি ল’লে এষাৰ কথা নকৈ নােরাৰি যে জ্যোতিপ্রসাদে কবিতা লিখাৰ সময়ত আৱেগৰ দ্বাৰা নিয়ন্ত্রিত হােৱাৰ বাবে বােধহয় দৈর্ঘৰ কথা উলাই কৰিছিল। যাৰ বাবে আবৃত্তিৰ উপযােগী হােৱা সত্ত্বেও দৈর্ঘৰ সীমাই ছন্দপতন ঘটোৱাৰ ভয় সততে আনে বুলি ক’লেও বঢ়াই কোৱা নহয়। জ্যোতিপ্ৰসাদৰ কবিতা আবৃত্তি প্রতিযােগিতাত সেয়ে সততে সময়ৰ সীমাৰেখালৈ লক্ষ্য ৰাখি চুটি কেইটামান নির্দিষ্ট কবিতাহে ধার্য কৰা পৰিলক্ষিত হয়। ‘ইবিলাকৰ ভিতৰত ‘সাৱধান সাৱধান’, ‘বিশ্বশিল্পী’, ‘জনতাৰ আহবান’, ‘মােৰ অহংকাৰৰ সংজ্ঞা’ আদি কবিতা উল্লেখযােগ্য।

জ্যোতিপ্ৰসাদ জনতাৰ শিল্পী। জ্যোতিসন্ধানী মনৰ গৰাকী, বিশাল ব্যক্তিত্বৰ অধিকাৰী, সুন্দৰৰ উপাসক এইজনা শিল্পীয়ে আপােন-পাহৰা হৈ কৈ উঠিছিল।

‘জনতা তােৰ প্ৰাণৰাে প্ৰাণত, মনৰাে মনত

শিল্পী যে মই লুকাই লুকাই আছে।’

সামৰণি

জ্যোতিপ্ৰসাদ আগৰৱালাৰ সু-সংস্কৃত মনটোৱে সদায় বিচাৰিছিল দুষ্কৃতিক বিনাশি সংস্কৃতিক বৰপীৰাত বহুৱাবলৈ। গীতেৰে কবিতাৰে, নাটকেৰে, সমালােচনাৰে নকৈ সজাই তুলিছিল মুমূর্ষ অসমীয়া সংস্কৃতিক। ৰূপকোঁৱৰ সঁচাকৈয়ে এইজনা মহান শিল্পীৰ বাবে সুন্দৰ অভিধা। এইজনা ৰূপকোঁৱৰৰ হাতৰ মুঠিতেই আছিল জগত ধুনীয়া কৰিব পৰা ৰূপান্তৰৰ মন্ত্ৰ। আজি কোন অসমীয়াই পাহৰিব জ্যোতিপ্ৰসাদৰ এই তেজোদীপ্ত বাণী-

“কামৰূপা মােৰ /সুৱদী সুৰীয়া

অসমীয়া ভাষা /জগত সভালৈ যাব,

উজ্জ্বল/ সুজ্জ্বল/ কহিনুৰ পিন্ধি

হহি জ্যোতিৰূপা হব।”

আমি আশা কৰিছো জ্যোতিপ্ৰসাদ আগৰৱালা ৰচনাটোৱে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ জ্যোতিপ্ৰসাদ আগৰৱালা ৰচনাৰ সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top