লক্ষ্মীনাথ বেজবৰুৱা ৰচনা | Lakshminath Bezbaruah Essay in Assamese

লক্ষ্মীনাথ বেজবৰুৱা ৰচনা | Lakshminath Bezbaruah Essay in Assamese

Join Telegram channel

“নতুন প্রাণৰ ন-চকুযুৰি

দীপিতি ঢালি দে তাত,

পুৰণি পৃথিৱী ন-কৈ চাই লওঁ

হে বীণ এষাৰি মাত।”

লক্ষ্মীনাথ বেজবৰুৱা ৰচনা

জন্ম

নতুন পৃথিৱীৰ নতুন দিগন্তত, ন চকুযুৰিত দীপ্তি ঢালি লৈ, পুৰণি পৃথিৱীক ন-দৃষ্টিৰে চাই অসমীয়া ভাষা-সাহিত্যৰ পুৰণি ভঁৰালটোক নতুন সৃষ্টিৰে বিনন্দীয়াকৈ বেজবৰুৱাদেৱে সজাই থৈ গল, ১৮৬৪ চনৰ কাতি মাহৰ লক্ষ্মী পূর্ণিমাৰ চন্দ্ৰমাৰ স্নিগ্ধ-মধুৰ জ্যোৎস্নাভৰা শুভ পৱিত্ৰ লগ্নত “ভূমিষ্ঠ নহৈ নৌকাস্থ হােৱা” ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ পুত্র লক্ষ্মীনাথে যি জ্যোতিৰ মালাৰে পৰিবৃত হৈ জন্মগ্রহণ কৰিছিল, সেই জ্যোতিৰ মালাৰেই অসমীয়া ভাষা-সাহিত্যৰ জগৎ উদ্ভাসিত কৰি থৈ গৈছে।

শিক্ষা

পিতৃ-মাতৃৰ বৈষ্ণব্রাদর্শই শৈশৱৰেপৰা বেজবৰুৱাক প্ৰভাৱান্বিত কৰিছিল। তেওঁ তেজপুৰ, লক্ষীমপুৰ, গুৱাহাটী, শিৱসাগৰ আদি ঠাইত শিক্ষা লাভ কৰি প্ৰৱেশিকা পৰীক্ষাত কৃতিত্বেৰে উত্তীর্ণ হৈ কলিকতাত প্রথমে ৰিপন কলেজত আৰু পাছত চিটি কলেজত পঢ়ি ফাষ্ট আর্ট আৰু বি. এ. পাছ কৰে। তাৰ পাছত এম. এ. আৰু ‘আইন অধ্যয়ন কৰে যদিও ডিগ্রী নােহােৱাকৈ অধ্যয়ন সমাপ্ত কৰে। ইংৰাজ চৰকাৰে তেওঁক মুন্সি পদ যাচিছিল যদিও তেওঁ তাক প্রত্যাখ্যান কৰি স্বাধীনতা-প্ৰয়াসী উচ্চ মনৰ পৰিচয় দিছিল। কলিকতাত থকা কালতে বেজবৰুৱাদেৱে কলিকতাৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ জীয়াৰী প্ৰজ্ঞাসুন্দৰী দেৱীৰ লগত বিবাহ-পাশত আবদ্ধ হয়।

Read Also: বৰ্দ্ধিত জনসংখ্যা ৰচনা | Growing Population Essay in Assamese

জোনাকী

বেজবৰুৱাৰ কলিকতীয়া জীৱনে আনে তেওঁলৈ সাহিত্য সাধনাৰ অফুৰন্ত শক্তি আৰু অনুপ্ৰেৰণা। “ৰােমাণ্টিক কাব্যদর্শনৰ ত্রিমূর্তি”- লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্র গােস্বামীৰ কলিকতাত মিলন অসমীয়া সাহিত্য-জগতলৈ সৌভাগ্যৰ পটভূমি। তেওঁলােকৰ প্রচেষ্টাত প্রতিষ্ঠিত হয় ‘অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা আৰু উদয় হয় মুখপত্র “জোনাকী”। জোনাকীয়ে অসমলৈ কঢ়িয়াই আনে নৱজাগৰণ। কাব্য, গল্প, উপন্যাস, প্রবন্ধ, কবিতাৰে ৰৌজাল-বৌজাল হৈ জোনাকীয়ে অসমৰ বুকুত শিহৰণ তুলিছিল। বেজবৰুৱা আছিল ত্রি-মূর্তিৰ ভিতৰত সব্যসাচী। লঘু অথচ মধুৰ হাস্যৰসৰ ভঁৰাল “লিটিকাই’-ৰে সাহিত্যিক জীৱনৰ পাতনি মেলি ‘কৃপাবৰ বৰুৱাৰ কাকতৰ টোপােলা’, ‘নােমল’, ‘পাচনি’ আদিৰে অসমৰ বুকুত হাঁহিৰ সাহিত্য সাধনা (হাস্যৰসপূর্ণ সাহিত্য) – ৰোল তােলাৰ মাজেদি, কানীয়া, সােৰােপা, বােদ অসমীয়া জাতিটোৰ অন্তৰত সঞ্জীৱনী সুধা ঢালি প্ৰাণৰ সঞ্চাৰ কৰিলে। বিশেষকৈ “কৃপাবৰ বৰুৱাৰ কাকতৰ টোপােলা’টো মেলি অসমীয়া জাতিক মৰমৰ বিদ্রুপ বাণীৰে থকা-সৰকা কৰি জাতীয় চেতনা জগাই তুলিলে। হাঁহিব নজনা অসমীয়া জাতিক তেখেতেই সর্বপ্রথমে নিষ্কলুষ হাস্যৰসৰ সন্ধান দিয়ে।

কবিতা- উপন্যাস

‘কবিতা হয় যদি হওক, নহয় ॥দ নহওক’ বুলি ৰচনা কৰা কবিতাবােৰ কদম কলি’ পুথিত সন্নিবিষ্ট কৰা গৈছে। এই কবিতাবিলাকৰ কেইটিমান কবিতাই এফালে যেনেকৈ বেজবৰুৱাৰ স্বাধীনচিতীয়া, স্বদেশ-প্রেমিক অন্তৰ এখনত গুজৰি-গুমৰি উঠা জাতীয় গৌৰৱগাথাৰূপে শ্রেষ্ঠতাৰ দাবী কৰিব পাৰে, সেইদৰে কবিতা হিচাপেও শ্রেষ্ঠতাৰ দাবী কৰিব পাৰে। বীণ ব’ৰাগী, অসম সংগীত আদি এনে শ্রেষ্ঠ কবিতাৰ নিদর্শন। এই স্বদেশপ্রেমমূলক “কবিতাকেইটিত আক্ষেপ নাই, নৈশ্য নাই, অৱসাদ নাই। সিবােৰত এটি সঞ্জীৱনী শক্তি বিৰাজ কৰিছে।” “ধনবৰ আৰু ৰতনী”, “ৰতনীৰ বেজাৰ” আদি গাথা কবিতাকেইটা ৰােমান্টিক ভাবধাৰাৰ অভূতিশীলতা, ভাব-প্ৰৱণতা, প্রকাশ-ভংগিমাৰ লীলায়িত গতি আৰু সংবেদনশীলতাৰ চুড়ান্ত নিদর্শন। বেজবৰুৱাৰ সকলােবোেৰ কবিতাতে ছন্দোময় লাস্যময়ী সুৰৰ ঝংকাৰ নাথাকিব পাৰে, তথাপি তেওঁৰ কবি-হৃদয়ৰ দুৱাৰ খুলি অফুৰন্ত ভাবৰাশি চিৰ প্ৰৱাহমান বলিয়া লুইতৰ তৰংগমালাৰ দৰেই বৈ আছে।

লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্র উপন্যাস ‘পদুম কুঁৱৰীয়ে হৰদত্ত আৰু বীৰদত্তৰ স্বদেশ প্ৰেমৰ মনােৰম সাক্ষ্য বহন কৰি এখনি উপভােগ্য উপন্যাস বুলি পৰিগণিত হৈছে।

বাঁহী সম্পাদনা

লক্ষ্মীনাথ বেজবৰুৱাৰ আলােচনা “বাহী”য়ে পঞ্চমত সুৰ তুলি লুইতৰ বুকুত উখল-মাখলৰ সৃষ্টি কৰি অসমীয়া জাতিক সাহিত্যৰ সুৰেৰে বিমােহিত কৰিছিল। লগতে হাজাৰ হাজাৰ লোকৰ প্রাণও সাহিত্যৰ সৃষ্টি কৰিছিল। “বাঁহীয়ে অসমীয়া জাতিক আকৌ এবাৰ নকৈ কাহুদী আৰু ধাৰলি’ৰ সােৱাদ দি জাতীয় চেতনা জগাই তুলিছিল। “কামত কৃতিত্ব লভিবৰ সঙ্কত” অসমীয়া জাতিৰ অন্তৰত কৰ্ম-প্ৰেৰণা জগাই তুলিছিল।

সাধু কথাৰ পুথি

“সাধুকথাৰ কুকি”, “কুী আইৰ সাধু”, “ককাদেউতা আৰু নাতিল’ৰা”- তেখেতৰ মনােৰম সাধুকথাৰ পুথি। সাধুকথাবোৰ এনে শুৱলা আৰু হৃদয়স্পর্শী যে এইবােৰে ল’ৰা বুঢ়া-ডেকা সকলােকে সমানে আমােদ দিয়াৰ লগতে তাপিত হৃদয়ত দয়া, ক্ষমা, কৰুণা আৰু সহানুভূতি জগাই তুলি শান্তিৰ বাণী শুনায়।

Read Also: Class 11 Education Question Answer

স্বদেশপ্রেম

স্বদেশ আৰু স্বজাতিৰ প্ৰতি তেখেতৰ ভালপােৱা কিমান গভীৰ সেই কথা তেখেতৰ প্ৰতিখন গ্ৰন্থৰ পাতে পাতে, আখৰে আখৰে মূর্তভাবে প্রকাশ পাইছে। তেখেতে সদায় অসমীয়া জাতিক চিঞৰি চিঞৰি কৈছেঃ “স্বদেশ আৰু স্বজাতিৰ উন্নতিৰ মংগল-মন্দিৰৰ সিংহদুৱাৰ হৈছে মাতৃভাষা।” তেখেতে খাওঁতে, শােওঁতে, সুদূৰৰ সম্বলপুৰৰ হাবিত কাঠ কাটোতেও অসমীয়া জাতিৰ মংগলৰ কথাই চিন্তা কৰিছিল; প্রতি মুহূর্তে তেওঁৰ দৃষ্টিপটত এখনি সুন্দৰ, ঐশ্বর্যময় অসমৰ মানচিত্রই প্রতিভাত হৈ উঠিছিল।

নাটক

‘চক্ৰধ্বজ সিংহ”, “জয়মতী কুঁৱৰী”, “বেলিমাৰ” আদি ঐতিহাসিক নাটকৰ যােগেদি লক্ষ্মীনাথ বেজবৰুৱাই অসম বুৰঞ্জীৰ একোটা উত্থানৰ গৌৰৱােজ্জ্বল অধ্যয়ৰ কাহিনী গৌৰৱমণ্ডিতকৈ আৰু পতনৰ কাহিনী কৰুণ আৰু ব্যথা লগাকৈ দাঙি ধৰিছে। চৰিত্ৰ চিত্ৰণত বেজবৰুৱা কেনে পাৰদৰ্শিতাৰ চূড়ান্ত নিদর্শন- জয়মতী কুঁৱৰী নাটকৰ- আজলী নাচনী-নাগিনী ছােৱালী ডালিমী। ডালিমী নগাপাহাৰৰ কুলু কুলু স্বৰে বৈ থকা এটি নিজৰাৰ পাৰৰ নাচি বাগি আনন্দ, হাঁহিৰ খলকনিত পাহাৰৰ বুকুত স্নেহপাৰাবাৰ সৃষ্টি কৰা এটি উৰন্ত পখিলী।

চুটি গল্প

সুৰভী, জোনবিৰি, কেহোঁকলি আদি তেখেতৰ আধুনিক গল্পৰ পুথি। চুটিগল্প লিখাতাে বেজবৰুৱা সিদ্ধহস্ত আছিল। “ভদৰী”, “মুক্তি”, “লােভ” আদি গল্পৰ যােগেদি দৈনন্দিন জীৱনৰ সুখ-দুখ, হাঁহি কান্দোন, অনুভূতি আদি তেখেতে সুন্দৰভাৱে দাঙি ধৰিছে।

নানা প্রবন্ধ আৰু তত্ত্বমূলক ৰচনা

“কৃপাবৰ বৰুৱাৰ ওভতনি”, “ভাবৰ বুৰবুৰণি” আদি নানাবিধ প্রবন্ধৰ পুথি ভাব-গধুৰ ৰচনাৰ ভিতৰত “শঙ্কৰদেৱ”, “শ্রীশঙ্কৰদেৱ আৰু মাধৱদেৱ”, “তত্ত্বকথা”, “কৃষ্ণকথা” আদি বৈষ্ণব ভাবধাৰাৰ উচ্চ স্তৰৰ সুন্দৰ সুন্দৰ সমালােচনাৰ পুথি। এইবাৰে “কাকতৰ টোপােলাৰে”বগৰাই বগৰাই মানুহক ইহুওৱা, “অন্যায়লৈ নগা যাঠি, ন্যায়লৈ কলচি”-  যচা বেজবৰুৱাক উচ্চ দার্শনিক চিন্তাধাৰাসম্পন্ন মহা ধর্মপৰায়ণ ব্যক্তি হিচাপে পৰিগণিত কৰিছে।

“মােৰ জীৱন সোঁৱৰণ”- লক্ষ্মীনাথ বেজবৰুৱাৰ কর্মময় জীৱনৰ হাঁহি কান্দোনৰ সােণালী স্বাক্ষৰ। সুন্দৰ কথন-ভংগী, ৰসিকতাৰ মাজেদি তেওঁৰ জীৱন দাপােণত প্রতিফলিত হােৱা অসমীয়া জাতিটোৰ বিস্তাবিত সামাজিক চিত্র চিত্রায়িত হৈছে এই আত্মজীৱনীখনত।

সাহিত্য সভাৰ সভাপতি

সাহিত্য সভাৰ সভাপতিৰ আসনৰপৰা অসমীয়া জাতিলৈ যিটি ভাষণ আগবঢ়ালে- সি যুগ যুগ ধৰি অসমীয়া জাতিক প্রেৰণা জগাই, ভাষা জননীলৈ ষােড়শােপচাৰে নৈবেদ্য আগবঢ়োৱাত জ্যোতির্ময় পথ প্রদর্শন কৰি থাকিব আৰু স্বদেশপ্রেমেৰে উদ্বুদ্ধ কৰি ৰাখিব | বৰােদাৰ মহাৰাজৰ দ্বাৰা আমন্ত্রিত হৈ বেজবৰুৱাই বৈষ্ণৱ ধৰ্মৰ দর্শন সম্পর্কে যিটো অতি ভাব-গম্ভীৰ, বিস্তৃত তথ্য-সম্বলিত, উচ্চ পর্যায়ৰ আলেখ্য দাঙি ধৰিলে, সি বেজবৰুৱাক ভাৰতৰ কিয়, বিশ্বৰ শ্রেষ্ঠ সাহিত্যিক, দার্শনিক আৰু মানৱতাবাদীসকলৰ শাৰীত প্রতিষ্ঠা কৰালে।

দার্শনিক বক্তা

তেওঁৰ পিতৃ দীননাথ লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱন-চৰিত ডাঙৰীয়া দীননাথ বেজবৰুৱা গ্রন্থখনিও সােণত সুৱগা চৰােৱা এখনি মহৎ গ্রন্থ।

স্বাধীনতাপ্রিয়তা

লক্ষ্মীনাথ বেজবৰুৱাই স্বাধীন ব্যৱসায়কে জীৱনৰ সম্বল কৰি লৈ প্রথমে অসমৰ বিখ্যাত সদাগৰ ভােলানাথ বৰুৱাৰ সৈতে কাঠৰ ব্যৱসায় কৰে। তাৰ পাছত তেওঁ বার্ড কোম্পানীত যােগদান কৰে। শেষত তেওঁ নিজাকৈ সম্বলপুৰত কাঠৰ ব্যৱসায় কৰে। স্বাধীনতা আৰু আত্মনির্ভশীলতা বেজবৰুৱাৰ ব্যক্তিগত জীৱনৰ চূড়ান্ত জীৱন-দর্শন।

সুদূৰ সম্বলপুৰৰ হাবিৰ মাজত থাকিও বেজবৰুৱাই শয়নে-সপােনে মাতৃভূমিৰে মংগল কামনা কৰি দূৰৰপৰা ৰিং মাৰি অসমীয়া জাতিক সাৱধানবাণী শুনাই মাতৃভূমিৰ সেৱাত ব্ৰতত ব্ৰতী হ’বলৈ অনুপ্ৰেৰণা যােগাইছিল।

ভাষা-সাহিত্যৰ সব্যসাচী

জাতীয় গৌৰবত চিৰ গৌৰৱান্বিত বেজবৰুৱা চিৰদিন আশাবাদী আছিল আৰু সেয়েহে অসমীয়া বীৰ বীৰাংগণাসকলৰ গৌৰৱৰ জয়গান গাই, কেতিয়াবা হাঁহিৰে, কেতিয়াবা গালিৰে আৰু কেতিয়াবা ধর্মপ্রচাৰকৰ ভূমিকাৰে অসমীয়া জাতিৰ বুকুত প্রাণ সঞ্চাৰ কৰিবলৈ অমােঘ লিখনি শক্তি লৈ সব্যসাচী ৰূপে থিয় দিছিল। অসমীয়া সাহিত্যৰ যিটো অংগই অসম্পূর্ণ বা পয়ালগা অৱস্থাত দেখা পাইছিল; তাৰেই পৰিপুষ্টিৰ বাবে বেজবৰুৱাই আহােপুৰুষাৰ্থ কৰিছিল। সেয়েহে আমি বেজবৰুৱাৰ পৰা- গীত, নাটক, গল্প, কবিতা, উপন্যাস চুটিগল্প, সাধুকথা, জীৱনী, হাস্যৰসৰ টোপােলা, সমালােচনা সাহিত্য, ধৰ্ম্ম-তত্ত্বমূলক সাহিত্য, ভাবগধুৰ দার্শনিক তত্ত্বমূলক সাহিত্য আনকি কর্ম-জীৱন গঢ়ি তুলিব পৰা সংকেতমূলক সাহিত্য আদি সকলাে শ্ৰেণীৰ সাহিত্যিক অৱদান লাভ কৰি অসমীয়া ভাষা সাহিত্যক সুদৃঢ় ভেটিত গজগজীয়াকৈ প্রতিষ্ঠা কৰিবলৈ সমৰ্থ হৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পাছত একমাত্র বেজবৰুৱাইহে ভাষা সাহিত্যৰ সকলাে অংগলৈকে অনবদ্য অৱদান আগবঢ়াই কেরল ভাষা-জননীকে জীৱনৰ সকলাে শক্তি, সকলাে প্রজ্ঞা, মনীষাৰে সেৱা কৰি ষােড়শােপচাৰে মাতৃ পূজাৰ বেদী উপচাই থৈ গৈছে। সেয়েহে আমি এইজন ভাষা সাহিত্যৰ একনিষ্ঠ পূজাৰীক ৰসৰাজ, সাহিত্য-ৰথী আৰু সাহিত্য-সম্রাট উপাধিৰে বিভূষিত কৰি কৃতজ্ঞতা প্রদর্শন কৰিছে। এজন মানুহেই সমাজৰপৰা এনেভাৱে স্বীকৃতিৰে অলংকৃত হােৱা পৃথিৱীত বিৰল।

সামৰণি

জন্মভূমিৰ প্ৰতি তেওঁৰ এনে অকৃত্রিম আৰু বিমল ভালপােৱা আছিল যে জন্মভূমিৰ বুকুতহে তেওঁৰ পঞ্চভূতী দেহ পঞ্চভূতত মিলিত হৈ জন্মভূমিৰ উৎকর্ষ বৃদ্ধি কৰাটো কামনা কৰিছিল। সেয়েহে ভাটি বয়সত সম্বলপুৰৰপৰা ডিবুৰুলৈ উভতি আহিছিল আৰু ১৯৩৮ চনত ইহলীলা সম্বৰণ কৰিছিল।শেষত তেওঁৰ ভাষাতে কওঁ –

“বাজক উবা, বাজক শংখ, বাজক মৃদং খেল।

অসম আকৌ উন্নতি পথত জয় আই অসম বােল।”

আমি আশা কৰিছো লক্ষ্মীনাথ বেজবৰুৱা ৰচনাটোৱে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ লক্ষ্মীনাথ বেজবৰুৱা ৰচনাৰ সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top